Niketan Class 8 Social Chapter 8 ভূগােল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ

Niketan Class 8 Social Chapter 8 ভূগােল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 8 ভূগােল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ and select need one.

Niketan Class 8 Social Chapter 8 ভূগােল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 8 ভূগােল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ Solutions for All Subjects, You can practice these here…

ভূগােল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ

Chapter – 8

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্ৰশ্ন ১: স্কেল বা মাপনী বুলিলে কি বুজা ? ই কেই প্ৰকাৰৰ আৰু কি কি ? প্রতি ভাগৰ বিষয়ে বুজাই লিখা ।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত একে ঠাই দুখনৰ মাজৰ প্রকৃত দূৰত্বৰ অনুপাতেই হ’ল সেই মানচিত্র খনৰ স্কেল বা মাপনী । উদাহৰণ স্বৰূপে , ভূপৃষ্ঠৰ ১০০ কিল’মিটাৰ দূৰত্বক যদি মানচিত্ৰত ১ ছে , মি.ৰ দূৰত্বৰে দেখুওৱা হয় , তেতিয়া মানচিত্ৰত দূৰত্ব আৰু ভূপৃষ্ঠৰ দূৰত্বৰ মাজত যি অনুপাত হ’ব , সেয়াই মানচিত্ৰৰ স্কেল। 

মানচিত্র অংকনত ব্যৱহাৰ হােৱা স্কেল তিনি প্রকাৰৰ । 

১। ভাষা বা উক্তিৰ স্কেল ।

২। নিৰূপক ভগ্নাংশৰ স্কেল । আৰু

৩। ৰৈখিক স্কেল ।

১। ভাষা বা উক্তিৰ স্কেল :- এইবিধ স্কেল ভাষা বা উক্তিৰে প্ৰকাশ কৰা হয় । যেনে ১ ছেঃমিঃ = ১০ কি.মি .। অর্থাৎ মান চিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব ১ ছেণ্টিমিটাৰ , ভূপৃষ্ঠত সেই ঠাই দুখনৰ দূৰত্ব ১০ কিল’মিটাৰ । 

২। নিৰূপক ভগ্নাংশৰ স্কেল :- এইবিধ স্কেল এবিধ বিশেষ ভগ্নাংশত প্রকাশ হয় । যেনে -১: ২৫০০০ বা ১/২৫০০০ । ইয়াত ভগ্নাংশটোৰ লব ১ – এ মানচিত্র এক একক দূৰত্ব বুজাইছে আৰু হৰ ২৫০০০ এ ভূ – পৃৰপ্ৰকৃত দূৰত্ব ২৫০০০ একক বুজাইছে । এইবিধ স্কেলত কোনাে দূৰত্বৰ একক ব্যৱহাৰ কৰা নহয় । পৃথিৱীৰ বিভিন্ন ঠাইত দূৰত্বৰ একক বেলেগ বেলেগ হােৱা বাবে একক নােহােৱা অনুপাত বা ভগ্নাংশত এই স্কেল প্রকাশ কৰা হয় । 

৩। ৰৈখিক স্কেল :- কেতিয়াবা এডাল ৰেখাৰ সহায়ত দুটা দূৰত্বৰ অনুপাত প্রকাশ কৰা হয় । এই ৰেখাডালত মানচিত্র দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ – পৃষ্ঠত সেই ঠাই দুখনৰ মাজৰ দূৰত্বৰ জোখ দেখুৱাই দিয়া হয় । দুডাল সমান্তৰাল অনুভূতিক সৰল ৰেখাক ছেণ্টিমিটাৰত ভাগ কৰি ডাগ কাটি দিয়া হয় । প্রতিটো ভাগৰ মুৰে মূৰে ধৰাতলত ভাগ কেইটাই যি দূৰত্ব বুজায় সেইটো জোখ লিখি দি মেপ স্কেল প্রকাশ কৰা হয় । এই স্কেলক ৰৈখিক স্কেল বােলা হয় । 

প্রশ্ন ২: ভৌগলিক তথ্য ব্যবস্থা বুলিলে কি বুজা ? 

উত্তৰঃ যিটো ব্যৱস্থাই তথ্য , সংগ্রহ , পৰীক্ষণ , বিশ্লেষণ , প্রদর্শন আদি কার্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগলিক তথ্য ব্যবস্থা বুলি কোৱা হয় । ভূ – পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযােগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা । 

প্রশ্ন ৩: মানচিত্র অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা । 

উত্তৰঃ এখন সঠিক অর্থপূর্ণ মানচিত্র প্রস্তুত কৰি উলিওৱাটো সহজ কাম নহয় । এই ক্ষেত্ৰত প্রয়ােজন হােৱা পদ্ধতি আৰু সামগ্রী সম্পর্কে উপযুক্ত জ্ঞানৰ প্রয়ােজন হয় । সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে মানচিত্র প্রস্তুতিৰ বাবে চেষ্টা চলাই আহিছে । আটাইতকৈ প্রাচীন মানচিত্র উদ্ধাৰ হৈছে মেছ’পটেমিয়াত অর্থাৎ বর্তমান ইৰাকত । এই মানচিত্র টেৰাকোটা ফলকত অংকিত কৰা হৈছিল । মিছৰতো এনে ধৰণৰ মানচিত্র প্রস্তুত কৰা হৈছিল । তেওঁলােকে নীল নদীৰ বানাক্রান্ত অঞ্চলৰ মানচিত্র অংকন কৰিছিল । খ্রীষ্টপূর্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্র অংকন কৰাৰ প্রমাণ পােৱা গৈছে । তেওঁলােকে পাটৰ কাপোৰত পর্বত – পাহাৰ , নদ-নদী , ৰাষ্টা – ঘাট আদি দেখুৱাই মানচিত্র অংকণ কৰিছিল । প্রাচীন যুগৰ পণ্ডিত সকলৰ ভিতৰত ট’নেমিয়ে ( খ্রীষ্টপূর্ব ৯০-১৬৮ ) মানচিত্র অংকণৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল । অক্ষাংশ আৰু দ্রাঘিমাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নির্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাছ , ভাস্কো ডা গামা আদি অভিযাত্রীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আবিস্কাৰ কৰি পৃথিৱী সম্পর্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰােপত ছপাযন্ত্র আৱিষ্কাৰে মানচিত্র প্রস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন আনিলে । 

ভাৰতত খ্রীষ্টপূর্ব ২৫০০ চনৰ পৰাই মানচিত্র অঙ্কণ কৰাৰ প্রমাণ পােৱা যায় । ভাৰতৰ ৰজা মহাৰাজাসকলে তেওঁলােকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্র তৈয়াৰ কৰিছিল । আমাৰ দেশত ইংৰাজ সকলে প্রথমে বিজ্ঞান সম্মত কৌশলেৰে মানচিত্র প্রস্তুত কৰিছিল । তেওঁলােকেই ১৭৬৭ চনত চার্ভে অৱ ইণ্ডিয়া নামৰ প্রতিষ্ঠানটো প্রতিষ্ঠা কৰিছিল । ১৯ শতিকাৰ আৰম্ভণিতে চার্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্র অংকণত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল । সম্প্রতি দূৰ সংবেদন প্রযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুত মানচিত্র তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে । 

প্রশ্ন ৪: ভৌগলিক তথ্য কি ? 

উত্তৰঃ ভূ পৃষ্ঠৰ প্রাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পর্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগলিক তথ্য-ব্যৱস্থা এটা অতি নিৰ্ভৰ যােগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা । ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক’ব পাৰি । মুঠতে যিটো ব্যৱস্থাই তথ্য সংগ্রহ পৰীক্ষণ , বিশ্লেষণ, প্রদর্শন আদি কার্য পৃথিবীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগলিক তথ্য ব্যৱস্থা বুলি কোৱা হয় । 

প্রশ্ন ৫: মানচিত্র অধ্যয়নৰ উপকাৰিতা কি কি ? 

উত্তৰঃ মানচিত্ৰত একোখন ঠাইৰ বিভিন্ন তথ্যবােৰ সাংকেতিক চিহ্ন কিছুমানৰ জৰিয়তে উপস্থাপন কৰা হয় । এই সাংকেতিক চিহ্নবােৰৰ সহায়ত কোনাে এখন ঠাইৰ মানচিত্র অধ্যয়ন কৰিলে ঠাইখনৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবােৰৰ বিষয়ে বহু কথা জানিব পাৰি । আজি-কালি মানুহে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায় । এনেলােকে মানচিত্রৰ জৰিয়তে ঠাইখনৰ বাট – পথ চিনাৰ লগতে দর্শনীয় ঠাইবােৰৰৰ আভাস পায় । 

প্রশ্ন ৬: দূৰ সংবেদন পদ্ধতি বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে এটা বস্তু , পদার্থ বা ক্ষেত্ৰৰ ওচৰ চপাকৈ বা স্পর্শ নকৰাকৈ সেই পদার্থ , বস্তু বা ক্ষেত্ৰৰ বিষয়ে বিতং তথ্যপাতি সংগ্রহ কৰিব পৰা কৌশলক দূৰ সংবেদন বােলা হয় । দূৰ সংবেদন প্রক্রিয়াত ভূ – পৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্রকাৰৰ সংবেদক ( Senzor ) ব্যৱহাৰ কৰা হয় । এই সংবেদক ভূ – পৃষ্ঠৰ পৰা বহুত উচ্চতাত আকাশীযান বা কৃত্রিম উপগ্রহত সংস্থাপন কৰা হয় । এই সংবেদকবােৰে ভু – পৃষ্ঠৰ বিভিন্ন অৱয়বৰ বিষয়ে ফটো আৰু তথ্যপাতি যােগান ধৰে । 

প্রশ্ন ৭: চার্ভে – অৱ ইণ্ডিয়া নামৰ প্রতিষ্ঠানটো কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ইংৰাজ বিলাকে ১৭৬৭ চনত চার্ভে – অৱ ইণ্ডিয়া নামৰ প্রতিষ্ঠানটো প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ৮: গােলকীয় স্থান নির্ণয় ব্যৱস্থা কত ব্যৱহাৰ হয় ? 

উত্তৰঃ পৃথিৱীৰ যিকোনাে অৱস্থান , দিশ , উচ্চতা আদি নিৰূপন কৰিব পৰাকৈ উপগ্রহবোৰে প্রেৰণ কৰা সংকেতবােৰ গােলকীয় স্থান নির্ণায়ক যন্ত্রৰ যােগেদি পাব পাৰি । সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলােৱা , জৰীপ কার্য আদিত কোনাে ঠাইৰ সঠিক অৱস্থান নির্ণয় কৰিবলৈ এই ব্যৱস্থাৰ প্ৰয়ােগ কৰা হয় ।

প্রশ্ন ৯: আৰ্হি চিত্র কাক বােলে ? 

উত্তৰঃ মানচিত্র অংকণত মাপনী বা স্কেল অপৰিহাৰ্য । স্কেল বা মাপনী নথকা চিত্ৰক আৰ্হি চিত্ৰ বুলি কোৱা হয় । 

প্রশ্ন ১০: চমুটোকা লিখা — 

( ক ) ভৌগলিক তথ্য ব্যৱস্থা ।

উত্তৰঃ ভূ পৃষ্ঠৰ প্রাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পর্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগলিক তথ্য-ব্যৱস্থা এটা অতি নিৰ্ভৰ যােগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা । ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক’ব পাৰি । মুঠতে যিটো ব্যৱস্থাই তথ্য সংগ্রহ পৰীক্ষণ , বিশ্লেষণ, প্রদর্শন আদি কার্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগলিক তথ্য ব্যৱস্থা বুলি কোৱা হয় । 

( খ ) ভৌগলিক স্থান নির্ণায়ক ব্যৱস্থা ।

উত্তৰঃ ভৌগলিক স্থান নির্ণায়ক ব্যৱস্থা হ’ল এটা উপগ্রহ নিয়ন্ত্রিত ব্যৱস্থা । ভূ পৃষ্ঠত ঠাইৰ অৱস্থান অর্থাৎ দ্রাঘিমাংশ , অক্ষাংশ , উচ্চতা আদি আহৰণ কৰিবলৈ এই ব্যৱস্থা প্রয়ােগ কৰা হয় । মহাকাশত স্থাপন কৰা কৃত্রিম উপগ্রহই নির্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি প্ৰয়ােজনীয় তথ্য পঠিয়াই থাকে । পৃথিৱীৰ যিকোনাে ঠাইৰ অৱস্থান , দিশ , উচ্চতা আদি নিৰূপণ কৰিব পৰাকৈ উপগ্রহবোৰে প্রেৰণ কৰা সংকেতবােৰ গােলকীয় স্থান নির্ণায়ক যন্ত্রৰ যােগেদি পাব পাৰি। সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলােৱা , জৰীপকার্য আদিত কোনাে ঠাইৰ সঠিক অৱস্থান নির্ণয় কৰিবলৈ এই ব্যৱস্থাৰ প্ৰয়ােগ কৰা হয় । 

( গ ) দূৰ সংবেদন ।

উত্তৰঃ কোনাে এটা বস্তু , পদার্থ বা ক্ষেত্ৰৰ ওচৰ চপাকৈ বা স্পর্শ নকৰাকৈ সেই পদার্থ , বস্তু বা ক্ষেত্ৰৰ বিষয়ে বিতং তথ্যপাতি সংগ্রহ কৰিব পৰা কৌশলক দূৰ সংবেদন বােলা হয় । দূৰ সংবেদন প্রক্রিয়াত ভূ – পৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্রকাৰৰ সংবেদক ( Senzor ) ব্যৱহাৰ কৰা হয় । এই সংবেদক ভূ – পৃষ্ঠৰ পৰা বহুত উচ্চতাত আকাশীযান বা কৃত্রিম উপগ্ৰহত সংস্থাপন কৰা হয় । এই সংবেদকবােৰে ভূ – পৃষ্ঠৰ বিভিন্ন অৱয়বৰ বিষয়ে ফটো আৰু তথ্যপাতি যােগান ধৰে ।

( ঘ ) নিৰূপক ভগ্নাংশ স্কেল ।

উত্তৰঃ এইবিধ স্কেল এবিধ বিশেষ ভগ্নাংশত প্রকাশ হয় । যেনে -১: ২৫০০০ বা ১/২৫০০০ । ইয়াত ভগ্নাংশটোৰ লব ১ – এ মানচিত্র এক একক দূৰত্ব বুজাইছে আৰু হৰ ২৫০০০ এ ভূ – পৃৰপ্ৰকৃত দূৰত্ব ২৫০০০ একক বুজাইছে । এইবিধ স্কেলত কোনাে দূৰত্বৰ একক ব্যৱহাৰ কৰা নহয় । পৃথিৱীৰ বিভিন্ন ঠাইত দূৰত্বৰ একক বেলেগ বেলেগ হােৱা বাবে একক নােহােৱা অনুপাত বা ভগ্নাংশত এই স্কেল প্রকাশ কৰা হয় । 

প্রশ্ন ১১: চীন দেশৰ লােকসকলে অতীজতে কি দেখুৱাই মানচিত্র অংকন কৰিছিল ? 

উত্তৰঃ খ্রীষ্টপূর্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে পাটৰ কাপােত পর্বত – পাহাৰ , নদ – নদী ৰাস্তা – ঘাট আদি দেখুৱাই মানচিত্র অংকণ কৰিছিল । 

প্রশ্ন ১২: মিছৰীয় সকলে কি মানচিত্র অংকণ কৰিছিল ? 

উত্তৰঃ মেছ’পটেমিয়াৰ দৰে মিছৰতো টেৰাকোটা ফলকত মানচিত্র অংকণ কৰা হৈছিল । তেওঁলােকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্র অংকণ কৰিছিল । 

প্রশ্ন ১৩: শুদ্ধ উত্তৰটোত বাছি উলিওৱা- 

( ক ) দ্রাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্র অংকণ কৰিছিল— 

১। হৰাট’স্থেনিছে ।

২। ট’লেমিয়ে ।

৩। কাৰ্লৰিটাৰে ।

উত্তৰঃ ২। ট’লেমিয়ে ।

( খ ) ১ / ১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল— 

১। নিৰূপক ভগ্নাংশ ।

২। ৰৈখিক স্কেল ।

৩। ভাষাৰ স্কেল ।

উত্তৰঃ ১। নিৰূপক ভগ্নাংশ ।

( গ ) আটাইতকৈ প্রাচীন মানচিত্র উদ্ধাৰ হৈছে –

১। মিছৰত ।

২। মেছ’পটেমিয়াত ।

৩। চীনত ।

উত্তৰঃ ২। মেছ’পটেমিয়াত ।

প্রশ্ন ১৪ : খালী ঠাই পূৰ কৰা –

( ক ) স্কেল নথকা চিত্রক ___ বােলে । 

উত্তৰঃ আৰ্হিচিত্র ।

( খ ) মানচিত্র অংকনত ____ অপৰিহার্য । 

উত্তৰঃ মাপনী বা স্কেল ।

( গ ) ___ ত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্রকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয় । 

উত্তৰঃ দূৰ সংবেদন প্রক্রিয়া ।

( ঘ ) প্রাচীন মানচিত্র ___ অংকণ কৰা হৈছিল । 

উত্তৰঃ মেছ’পটেমিয়াত ।

( ঙ ) ইউৰােপত ____ আবিষ্কাৰে মানচিত্র প্রস্তৰিত ব্যাপক পৰিবৰ্ত্তন আনে । 

উত্তৰঃ ছপা যন্ত্র । 

( চ ) ____ ভাৰতত বিজ্ঞান সম্মত মানচিত্র প্রস্তুতিৰ সূচনা কৰে । 

উত্তৰঃ ইংৰাজসকলে ।

( ছ ) ভৌগলিক তথ্যসমূহ ___ ___ ___ আদিৰে প্ৰকাশ কৰা হয়। 

উত্তৰঃ বিভিন্ন ,চিত্র ,মানচিত্র ।

( ছ ) স্থানিং তথ্য প্রযুক্তিয়ে প্ৰধানকৈ ____ আৰু ____ ক সামৰি লয়। 

উত্তৰঃ দ্রাঘিমাংশ আৰু অক্ষাংশ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top