Niketan Class 8 Social Chapter 7 অসমৰ নদনদী

Niketan Class 8 Social Chapter 7 অসমৰ নদনদী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 7 অসমৰ নদনদী and select need one.

Niketan Class 8 Social Chapter 7 অসমৰ নদনদী

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 7 অসমৰ নদনদী Solutions for All Subjects, You can practice these here…

অসমৰ নদনদী

Chapter – 7

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: চমুকৈ উত্তৰ লিখা –

( ক ) মাজুলী কোন জিলাত অবস্থিত ? 

উত্তৰঃ যােৰহাট জিলাত ।

( খ ) ডিব্ৰু – ছৈখােৱা , কাজিৰঙা আৰু লাউখােৱা কোন কোন জিলাত অৱস্থিত ? 

উত্তৰঃ ডিব্ৰু – ছৈখােৱা    –     তিনিচুকীয়া জিলাত । 

         কাজিৰঙা            –     গােলাঘাট জিলাত । 

         লাউখােৱা            –     নগাওঁ জিলাত । 

( গ ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি ? 

উত্তৰঃ চেমা – য়ং – দুং হিমবাহ । 

( ঘ ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসত কোন ৰাষ্ট্ৰ আছে ? 

উত্তৰঃ চীন । 

( ঙ ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্রৰ মাজেৰে বৈ গৈছে ? 

উত্তৰঃ চীন , ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে । 

প্রশ্ন ২: শুদ্ধ উত্তৰটো লিখা –

( ক ) গিৰিখাত নিম্নভূমি / মােহনা / উচ্চভূমি অঞ্চলৰ ভূ – প্রকৃতি । 

উত্তৰঃ উচ্চভূমি অঞ্চলৰ । 

( খ ) নৈৰ গতিৰূপে সাধাৰণতে পর্বত / সমভূমি / মালভূমিত পােৱা যায়৷ 

উত্তৰঃ সমভূমিত । 

( গ ) প্লাৱন ভূমিত থকা চৰ চাপৰি নৈৰ খনন / পৰিবহন / অৱক্ষেপনৰ ফলত সৃষ্টি হয় । 

উত্তৰঃ অৱক্ষেপণৰ ফলত । 

( ঘ ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে ।

উত্তৰঃ ( তিনিখন ) / ৩ 

( ঙ ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ ___ কিঃ মিঃ । 

উত্তৰঃ ২,৯০৬ কিঃ মিঃ । 

( চ ) অসমত মুঠতে ____ খন উপনৈ আছে । 

উত্তৰঃ ৯০ খন । 

( ছ ) ব-দ্বীপ অঞ্চলত ___ উদ্ভিদ পােৱা যায় । 

উত্তৰঃ মেংগ্রভ । 

( জ ) বৰাক নৈৰ অসম অংশত কিমানখন উপনৈ আছে ? 

উত্তৰঃ ২৭ খন । 

( ঝ ) শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্র নদীৰ ঢাল প্রতিকিলােমিটাৰত কিমান ? 

উত্তৰঃ গড়ে ১৩-১৪ ছেণ্টিমিটাৰ । 

( ঞ ) বাংলাদেশত ব্ৰহ্মপুত্ৰই কি নাম লৈ বংগােপ সাগৰত পৰিছে ? 

উত্তৰঃ পদ্ম নাম লৈ । 

( ট ) নদীৰ উচ্চগতি অঞ্চলত গতিপথ কেনেকুৱা ? 

উত্তৰঃ ইংৰাজী V আখৰটিৰ দৰে । 

( ড ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈক কিহে পৃথক কৰিছে ? 

উত্তৰঃ বৰাইল পর্বতে । 

প্রশ্ন ৩: সোঁফালৰ লগত বাওঁফাল মিলােৱা- 

চাঙপোএকা বেঁকা গতিপথ
অৰুণাচল প্রদেশমাজুলী
সর্পিলচিয়াং
কলংতিব্বত
নদীদ্বীপসুঁতি

উত্তৰঃ 

চাঙপোতিব্বত
অৰুণাচল প্রদেশচিয়াং
সর্পিলএকা বেঁকা গতিপথ
কলংসুতি
নদীদ্বীপমাজুলী

প্রশ্ন ৪: চমুটোকা লিখা –

( ক ) নৈৰ উচ্চ গতি অংশৰ কাৰ্য ।

উত্তৰঃ নৈৰ উচ্চ গতি অংশত নৈয়ে থিয় ঢালেৰে বৈ আহিব লগা হােৱা হেতুকে নদীৰ তলিত খনন অধিক হয় । সেয়েহে এই অংশত নদীৰ গতিপথৰ আকৃতি ইংৰাজী V আখৰটিৰ দৰে হয় । ইয়াৰােপৰি ঠায়ে ঠায়ে নদী তলৰ গভীৰতা বহু বেছি হৈ গিৰিখাতৰো ৰূপ লয় । পার্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতি পথত থকা শিল , বালি মাটি আদি খহাই তললৈ কঢ়িয়াই আনে । 

( খ ) নৈৰ মধ্য গতি অংশৰ কাৰ্য ।

উত্তৰঃ নৈৰ মধ্যগতি অংশত নদীখনৰ ঢাল একেবাৰে কমি যায় । প্রতি কিলােমিটাৰত গড়ে মাত্র ১৩-১৪ ছেণ্টিমিটাৰ হয় । সমভূমি অংশত কম ঢালৰ বাবে নদীৰ গতিবেগ তুলনামূলক ভাবে ধীৰ । ফলস্বৰূপে নৈৰ গেদ পৰিবহণৰ ক্ষমতাও এই অংশত কমি যায় আৰু পৰ্বতীয়া উচ্চ অংশৰ পৰা কঢ়িয়াই অনা শিল , বালি , বােকা , আদি সমভূমি অঞ্চলত জমা হয় । আনহাতে নদীৰ গতিবেগ কম হােৱা বাবে খনন ক্ষমতাও কম হয় । নৈৰ তলিভাগৰ খনন কম হয় যদিও এই অংশত পার্শ্বখন অর্থাৎ পাৰ খহােৱা কাৰ্য অধিক হয় । 

( গ ) নৈৰ নিম্ন গতি অংশৰ কাৰ্য ।

উত্তৰঃ নৈৰ নিম্নাংশত ইয়াৰ গতিবেগ অতি ধীৰ । সেইবাবে এই অংশত অৱক্ষেপনৰ পৰিমাণ বৃদ্ধি পায় । সেয়েহে নৈৰ গতিপথত অসংখ্য চৰ – চাপৰিৰ সৃষ্টি হয় । নৈৰ মােহনা অংশত নৈখনে কঢ়িয়াই অনা গেদবােৰ জমা হৈ ‘ ব ’ বা ত্রিভুজ আকৃতিৰ দ্বীপৰ সৃষ্টি হয় । এই ‘ ব ‘ দ্বীপ অঞ্চলত প্ৰধানকৈ মেংগ্রেভ জাতীয় উদ্ভিদ পােৱা যায় । 

( ঘ ) বৰাক নৈৰ গতি পথ ।

উত্তৰঃ অসমৰ দুখন প্রধান নৈ — ব্ৰহ্মপুত্ৰ আৰু বৰাক । অসমৰ দক্ষিণ ভাগৰ প্রধান নৈ ৰাক নাগালেণ্ড মণিপুৰৰ সীমান্তবর্তী মৰাম নামৰ পার্বত্য অঞ্চলৰ পৰা ওলাই আহিছে । উৎপত্তি স্থলৰ পৰা মণিপুৰৰ মাজেৰে টুলুং বা ক্কাই নামেৰে দক্ষিণ পশ্চিম দিশে বৈ অহা নৈ খনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে । অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হােৱাৰ পিছতে পশ্চিমলৈ ঘূৰি অসমত প্রবেশ কৰিছে । নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশেৰে বৈ গৈছে। ভাৰত বাংলাদেশ সীমান্তত নৈখনে কুছিয়াৰা আৰু সুৰ নামেৰে দুভাগত বিভক্ত হৈছে । কিছুদূৰ বৈ যােৱাৰ পিছত দুয়ােখন নৈ পুনৰ লগ – লাগি মেঘনা নাম লৈছে আৰু শেষত পদ্মৰ লগ হৈ বংগােপ সাগৰত পৰিছে । নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ একাবেঁকা বা সর্পিল হােৱাৰ বাবে ইয়াক বৰব বা বৰাক নৈ বােলে । 

( ঙ ) পৰিবেশ পর্যটন ।

উত্তৰঃ অসমৰ প্রধান নৈ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ অসমৰ কৃষি ক্ষেত্ৰ আৰু পর্যটন ক্ষেত্ৰখনত বিশেষ ভূমিকা আছে । নৈবােৰে পেলাই থৈ যােৱা পলসে প্লাৱন ভূমি আৰু চৰ – চাপৰিবােৰক কৃষি কাৰ্যৰ বাবে উপযােগী কৰি অর্থনৈতিক ভেটি টনকিয়াল কৰাৰ উপৰিও ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গােটেই উপত্যকা অঞ্চলৰ পৰিবেশ সেউজীয়া গছ – গছনিৰে ভৰা , জৈৱ – বৈচিত্র্যৰে চহকী ঠাই হিচাপেও পৰিগণিত কৰিছে । ফলস্বৰূপে এই ঠাইবােৰৰ পৰিবেশ সময়ে সময়ে পর্যটক সকলৰ বাবে আকর্ষণীয় হৈ পৰে । পৰ্যটকৰ বাবে পৰিকল্পিত ভাবে সংৰক্ষিত কোনাে বিশেষ বস্তু নাথাকিলেও ঋতুভেদে অসমৰ কিছুমান ঠাইলৈ পৰ্যটকৰ আগমন ঘটে । ইয়াকে পৰিবেশ পর্যটন বুলি কব পাৰি । 

প্রশ্ন ৫: নৈৰ সর্পিল গতি আৰু গুম্ফিত ৰূপ কি ? 

উত্তৰঃ উৎসৰ পৰা সাগৰত প্ৰৱেশলৈকে নদীৰ গতিক তিনিটা ভাগত ভগাব পাৰি । সেয়া হ’ল উচ্চ অংশ ; মধ্য অংশ আৰু নিম্ন অংশ । উচ্চ অংশত থিয় ঢালেদি বৈ অহাৰ পিচত মধ্য অংশত সমভূমিৰ মৃদু ঢালৰ সন্মুখীন হয় । কম ঢালৰ ভূমিভাগেৰে বৈ যােৱা হেতুকে নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ হয় । মৃদু ঢালত ধীৰ গতিৰে বােৱা সোঁতৰ নদী তল খনন ক্ষমতাও কম । কিন্তু ইয়াৰ বিপৰীত নৈৰ পাৰ খহােৱা অর্থাৎ পার্শ্ব খনন কার্য অধিক হয় । নৈৰ দুয়াে পাৰৰ মাটিৰ গঠন কোমল হােৱা বাবে নৈখনে দুয়ােপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে । নৈৰ যিটো পাৰত পার্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে । এই পার্শ্বখনন আৰু অৱক্ষেপনৰ ফলত নৈৰ গতিপথ একা – বেঁকা বা সর্পিল ( meandering ) হােৱা দেখা যায় । 

বাৰিষা কালত নৈৰ প্লাৱনভূমি পানীৰে উপচি পৰে। এনে সময়তে নৈ ঠায়ে ঠায়ে অতি বহল হৈ পৰে । আনহাতে খৰালি কালত নৈৰ পানী কমি যােৱাৰ ফলত ইয়াৰ বিভিন্ন অংশত গেদৰ অৱক্ষেপবােৰ ওলাই পৰে । এই অৱক্ষেপ বােৰে সৰু বৰ বিভিন্ন আকাৰৰ চৰ – চাপৰিবােৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে । ইয়াকে নৈৰ গুম্ফিত ( braided ) ৰূপ বােলে । 

প্ৰশ্ন ৬: ব্ৰহ্মপুত্র অববাহিকা বুলিলে কি বুজা ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী।ই অসমৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে । ইয়াৰ অসংখ্য উপনৈ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা আহি মিলিত হৈছেহি । ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ তিব্বত , অৰুণাচল প্রদেশ , নাগালেণ্ড , অসম , মেঘালয় , ভূটান , ছিকিম , পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশৰ পৰা জল আহৰণ কৰে এই সমগ্ৰ ঠাইখিনিকে ব্ৰহ্মপুত্ৰ অৱবাহিকা বােলা হয় । 

প্রশ্ন ৭: ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমিত থকা কেইখনমান স্থায়ী চাপৰিৰ নাম লিখা। 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমিত থকা কেইখনমান স্থায়ী চাপৰি হ’ল — কান্ধুলী মাৰী ; শিয়ালমাৰী , ভাঙনমাৰী , আলােপতি আদি । 

প্রশ্ন ৮: অসমত সঘনাই বানপানী হােৱাৰ মূল কাৰণ কি ? 

উত্তৰঃ অসমত সঘনাই হৈ থকা বানপানীৰ প্ৰাকৃতিক কাৰণবােৰৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে , বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সমূহে হিমালয় পর্বতৰ পৰা অত্যাধিক গেদ কঢ়িয়াই আনি সমভূমি অঞ্চলৰ ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈ সমূহমৰাে তলি ভাগত আৰু পাৰত জমা কৰে । ফলত নদীৰ তলিভাগ বাম হৈ পৰিছে আৰু নদীবােৰৰ পানী বহন ক্ষমতা কমিছে । অলপ বৰষুণ দিলেই পাৰ ওপচি পৰি বানপানীৰ সৃষ্টি কৰে । 

অসমত বানপানী ৰােধ কৰিবলৈ নিৰ্মাণ কৰা মঠাউৰিবােৰেও প্ৰকৃতাৰ্থত বানপানী হােৱাত অৰিহণাহে যােগাইছে । অবিজ্ঞান সম্মতভাৱে নিৰ্মাণ কৰা মঠাউৰি বিলাকে নৈ খনৰ গতিপথ ঠেক কৰি পেলাইছে । ইয়াৰ ফলত বাৰিষা কালত ঠেক অংশইদি বেছি পানী বৈ যাব লগা হােৱাত মঠাউৰি ভাঙি বানপানীৰ সৃষ্টি হয় । 

ইয়াৰােপৰি মৌচুমী বতাহৰ ফলত হােৱা অতিমাত্ৰ বৰষুণেও বানপানীৰ সৃষ্টি কৰে ।

প্ৰশ্ন ৯: উৎসৰ পৰা মােহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বর্তমান কি কি নামেৰে জনা যায় লিখা। 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মােহনালৈকে দৈর্ঘ প্রায় ২,৯০৬ কিল’মিটাৰ । এই নৈখনক বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায় । ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন , নাম আছিল লৌহিত্য । পিছলৈ ইয়াক লুইত হিচাপে জনা যায় । 

উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পর্বতৰ মাজেৰে পূব দিশে প্রায় ১,৭০০ কিল’মিটাৰ দূৰত্ব বৈ আহিছে । এই অংশত নৈ খনৰ স্থানীয় নাম চাংপাে ৷ ইয়াৰ পিছত নৈখনে নামচা বাৰৱা ( Namcha Barwa ) শৃংগৰ ওচৰত দক্ষিণ পশ্চিমলৈ ঘূৰি অৰুণাচল প্রদেশত প্ৰৱেশ কৰে । অৰুণাচল প্রদেশৰ ওপৰ অংশত নৈ খনৰ স্থানীয় নাম চিয়াং । অৰুণাচল প্রদেশৰ পাছিঘাটৰ পৰা দিহিং নামেৰে এই নৈ খনে দক্ষিণলৈ কিছুদূৰ বৈ আহি শদিয়াৰ ওচৰত দিবং , আৰু লােহিত নৈৰ লগ লাগে । ইয়াৰ পৰাই এই নদীখনক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় । 

প্রশ্ন ১০: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ উপনৈ সমূহৰ নাম লিখা। 

উত্তৰঃ ( ক ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সমূহ দিবং , ছিয়াং , জীয়াটল , সােৱণশিৰি , ৰঙানদী , দিক্ৰং , ভৰলী , ধনশিৰি , পুঠিমাৰি, পাগলাদিয়া , বেঁকী , মানাহ , সােণকোষ , গংগাধৰ । 

( খ ) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্রধান উপনৈ সমূহ লােহিত , দিহিং , বুঢ়ীদিহিং , দৰিকা , দিখৌ , ভােগদৈ , ধনশিৰি , কলংসুতি , যমুনা , কপিলি , দিয়ুং , ভৰলু , কুলসী , কৃষ্ণাই জিঞ্জিৰাম । 

প্রশ্ন ১১: বৰাক নৈৰ প্ৰধান উপনৈ সমূহৰ নাম লিখা । 

উত্তৰঃ জিৰি , মধুৰা , লাৰাং , সােণাই , কাটাখাল , ধলেশ্বৰী , ছিংল , লংগাই আদি ।

প্রশ্ন ১২: নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লােকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখা । 

উত্তৰঃ নৈ আৰু মানুহৰ সম্বন্ধ যুগ – যুগৰ সম্বন্ধ । মানুহে সভ্যতাৰ জখলাত ভৰি দি কৃষি-কার্য কৰিব জনা হােৱাৰ দিনাৰে পৰা নৈৰ লগত সম্পর্ক গঢ়িছিল । পানী । জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য । খাবলৈ পানী লাগে , গা ধুৱলৈ , বাচন – বৰ্তন ধুবলৈ পানী লাগে , পানী লাগে কৃষি কার্য কৰিবলৈ। সেয়ে কৃষি জীৱি লােকৰ বাসস্থান নদীৰ পাৰত । নৈৰ দুপাৰৰ পলসুৱা মাটিত তেওঁলােকে শস্য উৎপাদন কৰে , নৈৰ পানীত নাদুৰি – সাতুৰি আনন্দত আত্মহাৰা হয় , নৈত পােৱা মাছ কাছৰে তৃপ্তিৰে এসাজ খায় , নৈত নৌকা চলাই বেহা – বেপাৰৰ পাতনি মেলে । নৈৰ দুপাৰৰ প্ৰাকৃতিক শােভাই মন মতলীয়া কৰে । নৈৰ বিভিন্ন উপকাৰিতাৰ বাবেই হয়তাে পৃথিৱীৰ ডাঙৰ চহৰ নগৰবােৰো নৈৰ পাৰতে অৱস্থিত । 

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতাে নৈৰ প্ৰভাৱ অপৰিসীম । ইয়াৰ বাসিন্দা সকলৰ কৃষ্টি – সংস্কৃতিৰ উৎস হিচাপে এই নদনদীসমূহে বিশেষ স্থান অধিকাৰ কৰিছে । তদুপৰি নৈপৰীয়া মানুহৰ সুখ – দুখৰ ক্ষেত্ৰতাে বিশেষ ভূমিকা লৈ আহিছে এই নৈ উপনৈ সমূহে । সেয়েহে থলুৱা গীত – মাত , নাট আদিতাে নৈৰ উল্লেখ পােৱা যায় । অসমৰ নৈ পৰীয়া কিছুসংখ্যক লােকে জীৱন নির্বাহৰ উপায় হিচাপেও নৈ বােৰক ব্যৱহাৰ কৰে । 

প্রশ্ন ১৩: গৰাখহনীয়াৰ মূল কাৰণ কি কি ? অসমৰ কোন ঠাইত গৰাখহনীয়া অধিক পৰিমানে হয় ? 

উত্তৰঃ খনন আৰু অৱক্ষেপন নৈৰ স্বাভাৱিক কার্য। অসমৰ নদ-নদী সমূহৰ পার্শ্বখনন অর্থাৎ গৰাখহনীয়া বেছিকৈ হােৱা দেখা যায় । অসমৰ সমতল অংশত গৰাখহনীয়া হােৱাৰ প্রাকৃতিক কাৰণবােৰ হৈছে নদীৰ মৃদু ঢাল , পাৰৰ কোমল মাটি , নদীৰ বাম তলিভাগ । অসমৰ ডিব্ৰুগড় চহৰ দিচাংমুখ , দিখৌমুখ , মৰিয়া হােলা , নিমাতী , মাজুলী , নগাঁৱৰ লাহৰীঘাট , ঢিং , কামৰূপৰ পলাশবাৰী আদিত গৰাখহনীয়া তীব্র হােৱা দেখা যায় । 

অসমত গৰাখহনীয়াৰ প্রকোপ বৃদ্ধি হােৱাৰ অন্যতম প্রধান কাৰণ হৈছে মানুহৰ ধ্বংসাত্মক কার্যকলাপ । নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ তৃণ ভূমিসমূহ , প্লাৱনভূমিত মানুহৰ ঘৰ – দুৱাৰ , ৰাস্তা – ঘাট , দলং , মথাউৰি , নির্মাণ আদি কার্যকলাপে নদীখনৰ স্বাভাৱিক গতি বাধাগ্রস্ত কৰিছে ।ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত গৰাখহনীয়া আৰু বানপানীৰ প্রকোপ বৃদ্ধি পাইছে । 

প্রশ্ন ১৪: জল পৰিবহনৰ অর্থনৈতিক গুৰুত্ব কেনেধৰণৰ ? 

উত্তৰঃ অসমৰ অৰ্থনীতিত জল পৰিবহণৰ এক গুৰত্বপূর্ণ ভূমিকা আছে । যাতায়াতৰ বাবে জলপথ , খেতি – বাতিৰ বাবে পানী আৰু পলস পেলােৱা মাটি , নৈত পােৱা মাছ – কাছ আদি , নৈৰ দুয়ােপাৰে থকা খেৰ, উলু , খাগৰি , ইকৰা আদি , নদীয়ে যােগান ধৰি আহিছে । আহােম ৰাজত্ব কালত যাতায়ত পৰিবহনৰ লগতে যুদ্ধ বিগ্রহৰ বাবেও ব্রহ্মপুত্র নদীৰ জলপথ ব্যৱহাৰ হােৱাৰ অনেক তথ্য পােৱা যায় । ইংৰাজ শাসক সকলৰ শাসন কালত কলকাতাৰ পৰা শদিয়ালৈকে ব্রহ্মপুত্র নদীৰ বুকুৱেদি জাহাজ চলিছিল । জল পৰিবহণৰ ক্ষেত্ৰত খৰছ বৰ কম । জল পৰিবহণত ৰাষ্টা ঘাট বনােৱাৰ প্রশ্ন নাহে গতিকে খৰছাে নাই । খুব কম খৰছতে বিভিন্ন সামগ্রী জল – পৰিবহনৰ যােগেদি এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি । 

প্রশ্ন ১৫: বৰাক নৈখন ক’ৰ পৰা ওলাই ক’ত পৰিছেগৈ ? 

উত্তৰঃ অসমৰ ডাঙৰ নদী ব্ৰহ্মপুত্ৰৰ পিচতে বৰাক নদী উল্লেখযােগ্য । অসমৰ দক্ষিণ ভাগৰ প্রধান নৈ বৰাক নাগালেণ্ড মণিপুৰৰ সীমান্তবর্তী মৰাম নামৰ পার্বত্য অঞ্চলৰ পৰা ওলাই বিভিন্ন ঠাইৰ মাজেৰে বৈ অসমৰ কাছাৰ জিলাৰ মাজেদি গৈ বঙ্গোপ সাগৰত পৰিছে । 

প্রশ্ন ১৬: বৰাক নৈৰ অর্থনৈতিক গুৰুত্ব সম্পর্কে লিখা। 

উত্তৰঃ অসমৰ বৃহৎ নদী ব্ৰহ্মপুত্ৰৰ দৰেই অর্থনৈতিক ক্ষেত্ৰত বৰাক নৈৰ ভূমিকা আছে । বৰাক নৈৰ মধ্য আৰু নামনি অংশ যাতায়তৰ বাবে উপযােগী । বৰাক নৈৰ দাঁতিকাষৰীয়া লােকসকলে নাৱেৰে যাতায়াত কৰাৰ উপৰি কৃষিজাত সামগ্রী সৰবৰাহ কৰে । বৰাক উপত্যকা অঞ্চল কৃষিৰ বাবে বৰ উপযােগী । বৰাক নৈ ইয়াৰ উপ নৈসমূহ আৰু ইয়াৰ জলাশয় সমূহত মাছৰ উৎপাদন যথেষ্ট পৰিমাণে হয় । চৰকাৰে কোনাে কোনাে অংশত নিলাম যােগে মাছ ধৰিবলৈ অনুমতি দি কিছু পৰিমাণে ৰাজহাে সংগ্রহ কৰে । গতিকে বৰাক নৈৰ অর্থনৈতিক গুৰুত্ব আছে । 

প্রশ্ন ১৭: ব্ৰহ্মপুত্ৰ নৈৰ অর্থনৈতিক গুৰুত্ব সম্পর্কে লিখা ।

উত্তৰঃ অসমৰ অৰ্থনীতিত ব্ৰহ্মপুত্ৰ নদীৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে । যাতায়তৰ বাবে জলপথ , খেতি – বাতিৰ বাবে পানী আৰু পলস পেলােৱা মাটি , নৈত পােৱা মাছ কাছ আদি , নৈৰ দুয়ােপাৰে থকা খেৰ , উলু , খাগৰি , ইকৰা আদি ব্রহ্মপুত্র নদীয়ে যােগান ধৰি আহিছে । আহােম ৰাজত্ব কালত যাতায়ত পৰিবহনৰ লগতে যুদ্ধ বিগ্রহৰ বাবেও ব্রহ্মপুত্র নদী ব্যৱহাৰ হােৱাৰ অনেক তথ্য পােৱা যায় । ইংৰাজসকলৰ শাসন কালত কলকাতাৰ পৰাশদিয়ালৈকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজ চলিছিল । তেওঁলােকে সম্পদ পৰিবহণৰ বাবে ৰেলপথৰ লগতে নদী পথে ব্যৱহাৰ কৰিছিল । তেতিয়াৰ পৰাই অসমৰ বহুকেইখন নগৰ – চহৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ হিচাপে ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লৈ উঠিছিল । উদাহৰণ স্বৰূপে ডিব্ৰুগড় , তেজপুৰ , গুৱাহাটী , ধুবুৰী আদি । 

বর্তমান ব্ৰহ্মপুত্ৰৰ পাৰঘাট সমূহত বিশেষকৈ যােৰহাট , নিমাতীঘাট , মাজুলী , লক্ষীমপুৰ , গুৱাহাটী – উত্তৰ গুৱাহাটী , গুৱাহাটী উমানন্দ , গােৱালপাৰা ধুবুৰীৰ চৰসমূহলৈ যন্ত্রচালিত নাৱেৰে আৰু ফেৰী জাহাজেৰে যাতায়তৰ সুবিধা আছে । 

অসমৰ কৃষিৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বিশেষ ভূমিকা আছে । বানপানীৰ সময়ত নদীয়ে পেলাই থৈ যােৱা পলসে প্লাৱন ভূমিক আৰু চৰ চাপৰিবােৰক কৃষিকাৰ্যৰ বাবে উপযােগী কৰি তােলে । যাৰ ফলস্বৰূপে অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰি অর্থনৈতিক ভেটি টনকিয়াল কৰি তােলে । অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গােটেই উপত্যকা অঞ্চলৰ পৰিবেশ সেউজীয়া গছ – গছনিৰে ভৰা , জৈৱ – বৈচিত্ৰৰে চহকী ঠাই হিচাপেও পৰিগণিত কৰিছে । ইয়েই অসমত পর্যটন উদ্যোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিছে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে জলসিঞ্চন আৰু জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাও বৃদ্ধি কৰিছে । সৰু সৰু নদী বান্ধৰ যােগেদি জলসিঞ্চন , জলবিদ্যুৎ উৎপাদন , বান নিয়ন্ত্রণ আৰু মৎস্য পালন কৰি অসমত বহনক্ষম উন্নয়ন কৰিব পৰা যায় । 

প্ৰশ্ন ১৮: ব্ৰহ্মপুত্ৰ নৈক কি কি স্থানীয় নামেৰে জনা যায় ? 

উত্তৰঃ তিব্বত মালভূমিত      –          চাংপাে ।

         অৰুণাচলত               –           চিয়াং ।

         পাছিঘাটত                –           দিহং ।  

         শদিয়াত                   –           দিবং ।

         অসমৰ সমতলত        –           ব্রহ্মপুত্র ।

প্রশ্ন ১৯: ব্রহ্মপুত্র নদীৰ জল পৰিবহণ ব্যৱস্থাৰ বিষয়ে লিখা । 

উত্তৰঃ দেশৰ পৰিবহণ ব্যৱস্থা সমূহৰ ভিতৰত জলপৰিবহণ ব্যৱস্থা আটাইতকৈ কম খৰচী । কম খৰচী হােৱা বাবে কম ব্যয়তে গধুৰ বস্তু কঢ়িয়াব পৰা যায় । সাগৰ মহাসাগৰত জলপৰিবহন সুচল হােৱাৰ দৰে ডাঙৰ ডাঙৰ নৈবোৰতো এই ব্যৱস্থাৰ প্ৰৱৰ্তন আছে । 

ব্রহ্মপুত্র নদী দেশখনৰ এটি প্রধান জলপথ।ব্রহ্মপুত্র নদীৰ ১,৩৮৪ কিল’মিটাৰ সুচল জলপথ আছে । শদিয়াৰ পৰা ধুবুৰীলৈ জলপথ ছােৱা ( ৮৯১ কিল’মিটাৰ ) আভ্যন্তৰীণ ৰাষ্ট্ৰীয় জলপথ।ব্রহ্মপুত্ৰৰ বুকুত জাহাজ, যন্ত্রচালিত নাও , ফেৰী আদি চলাচল কৰে । ব্রহ্মপুত্রৰ ওপৰত সীমিত দলং থকা বাবে ইপাৰৰ মানুহ সিপাৰলৈ যাবৰ বাবে বা সিপাৰৰ মানুহ ইপাৰ পাবৰ বাবে সততে যন্ত্রচালিত নাও , ফেৰী সেৱা বা জাহাজ চলােৱা হয় । বর্তমান ব্ৰহ্মপুত্ৰৰ পাৰঘাট সমূহত বিশেষকৈ যােৰহাট মাজুলী , শিৱসাগৰ নিমাতী ঘাট – লক্ষীমপুৰ , গুৱাহাটী – উত্তৰ গুৱাহাটী উমানন্দ , গােৱালপাৰা ধুবুৰীৰ চৰ সমূহলৈ যন্ত্রচালিত নাৱেৰে আৰু ফেৰী জাহাজেৰে যাতায়তৰ সুবিধা আছে । 

অতীজৰে পৰা ব্ৰহ্মপুত্ৰক জলপথ হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পােৱা যায় । আহােম ৰাজত্ব কালত যাতায়ত পৰিবহণৰ লগতে যুদ্ধ বিগ্রহৰ বাবেও ব্রহ্মপুত্র নদী ব্যৱহাৰ হােৱাৰ অনেক তথ্য পােৱা যায় । ইংৰাজ সকলৰ শাসন কালত কলকাতাৰ পৰা শদিয়ালৈকে ব্রহ্মপুত্র নদীৰ বুকুৱেদি জাহাজ চলিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top