Niketan Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

Niketan Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা and select need one.

Niketan Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা Solutions for All Subjects, You can practice these here…

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

Chapter – 6

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: খনিজ সম্পদ বুলিলে কি বুজা ? খনিজ সম্পদক কি দৰে চিনাক্ত কৰিব পাৰি ? 

উত্তৰঃ ভূত্বক মণ্ডলত প্রাকৃতিকভাবে সৃষ্টি হােৱা নির্দিষ্ট ৰাসয়নিক আৰু ভৌতিক গুণ সম্পন্ন দ্রব্যকে খনিজ সম্পদ বুলি কোৱা হয় । 

খনিজ পদার্থবােৰক ৰং , ঘনত্ব , কঠিনতা আৰু দ্ৰৱণীয়তা আদি গুণৰ দ্বাৰা চিনাক্ত কৰিব পাৰি । 

প্ৰশ্ন ২: খনিজ সম্পদৰ শ্রেণী বিভাজন কৰা আৰু প্ৰতিভাগৰ তিনিটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ খনিজ সম্পদসমূহক ইয়াৰ ভৌতিক , ৰাসায়নকি গুণাগুণৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— 

১। ধাতব খনিজ সম্পদ । আৰু 

২। অধাতব খনিজ সম্পদ । 

ধাতব খনিজ সম্পদক আকৌ দুটা ভাগত ভগাব পাৰি । সেই কেইটা হ’ল—

১। লৌহজাত । আৰু 

২। অলৌহজাত । 

সেইদৰে অধাতব খনিজ সম্পদক ইন্ধন খনিজ সম্পদ আৰু অন্যান্য অধাতব খনিজ সম্পদত ভাগ কৰা হৈছে ।

উদাহৰণ তলত উল্লেখ কৰা হ’ল। 

( ক ) ধাতব খনিজ ( লৌহজাত ) —আকৰিক লাে , মেংগানিজ , নিকেল । 

( খ ) ধাতব খনিজ ( অলৌহজাত ) —তাম , বক্সাইট । 

( গ ) অধাতব খনিজ ( ইন্ধন ) কয়লা , পেট্রোলিয়াম , প্রাকৃতিক ।

( ঘ ) অধাতব খনিজ ( অন্যান্য ) —অভ্র , চুণশিল , গ্রেফাইট । 

প্রশ্ন ৩: ভাৰতক কেইটা খনি বলয়ত ভাগ কৰা হৈছে। প্ৰতিটো খনিজ বলয়ৰ অৱস্থান আৰু প্রাপ্ত খনিজ সম্পদৰ নাম লিখা । 

উত্তৰঃ ভাৰতত সঞ্চিত হৈ থকা খনিজ সম্পদসমূহৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনক ছয়টা বলয়ত ভাগ কৰা হৈছে । 

১। উত্তৰ পূব উপকুলীয় বলয় ।

২। মধ্য বলয়,দক্ষিণ বলয় ।

৪। দক্ষিণ পশ্চিম বলয় ।

৫। উত্তৰ পশ্চিম বলয় । আৰু 

৬। উত্তৰ পূৱ তৈল বলয় । 

১। উত্তৰ পূব উপকূলীয় বলয় :- উত্তৰ পূব উপকুলীয় বলয়টো অৱস্থান কৰা অঞ্চল হ’ল ছোটানাগপুৰ মালভূমি,ওড়িশা,ঝাড়খণ্ড আৰু

পশ্চিমবংগ । 

এই বলয়টোত প্রাপ্ত খনিজ সম্পদবােৰ হ’ল — 

কয়লা,আকৰিক লাে,মেংগানিজ,অভ্র,বক্সাইট । আৰু তাম কাৰােমাইট কিয়ানাইট ইত্যাদি । 

২। মধ্য বলয় :- এই বলয়টো অৱস্থিত অঞ্চল হ’ল— চত্তিশ গড়,অন্ধ্রপ্রদেশ,মধ্যপ্রদেশ । আৰু মহাৰাষ্ট্র । 

এই মধ্য বলয়টোত পােৱা খনিজ সম্পদবােৰ হ’ল- 

মেংগানিজ,বক্সাইট,ইউৰেনিয়াম,চুণশিল,মাৰ্বল ।

কয়লা,অভ্র । আৰু গ্রেফাইট ইত্যাদি । 

৩। দক্ষিণ বলয় :- দক্ষিণ বলয়ৰ অঞ্চল হ’ল— 

কর্ণাটক , আৰু তামিলনাড়ু । 

ইয়াৰ সঞ্চিত খনিজ সম্পদবােৰ হ’ল — 

আকৰিক লাে, মেংগানিজ আৰু বক্সাইট ।

৪। দক্ষিণ – পশ্চিম বলয় :- এইটো বলয়ৰ অৱস্থান হ’ল – কর্ণাটক আৰু গােৱা । 

এই অঞ্চলত পােৱা খনিজ সম্পদ হ’ল— 

আকৰিক লাে, আৰু চিনামাটি । 

৫। উত্তৰ পশ্চিমবলয় :- উত্তৰ পশ্চিম বলয়টো আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট অঞ্চলত অৱস্থিত । প্রাপ্ত খনিজ পদার্থ হ’ল— তাম , ইউৰেনিয়াম , অভ্র , বেৰিলিয়াম , একুৱামেইন , স্ট্রেলিয়াম আৰু জিপচাম । 

৬। উত্তৰ পূৱ উপকুলীয় বলয় :- এই বলয়টো অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত । প্রাপ্ত খনিজ পদার্থ হ’ল পেট্রোলিয়াম আৰু কয়লা। 

প্রশ্ন ৪: ভাৰতৰ লাে – তীখা উদ্যোগৰ বিকাশ আৰু বিতৰণ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ দেশ এখনৰ অর্থনৈতিক সুস্থিৰতা আৰু উন্নয়নৰ বাবে লাে – তীখা উদ্যোগৰ বিকাশ অতি প্রয়ােজনীয় । লাে – তীখা উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত পঞ্চম স্থান দখল কৰিছে । 

লাে – তীখা উদ্যোগৰ বিকাশৰ বাবে প্রয়ােজনীয় কেঁচামালসমূহ হ’ল — কয়লা , আকৰিক লাে , চুণশিল , ড’লমাইট , মেংগানিজ আৰু পােৰামাটি। লাে – তীখা উদ্যোগ সাধাৰণতে কেঁচামাল পােৱা অঞ্চলত , বিশেষকৈ কয়লা পােৱা অঞ্চলৰ ওচৰে পাজৰে স্থাপন কৰা হয় । 

বর্তমান ভাৰতত দহটা প্রধান লাে – তীখা উদ্যোগ আছে । টাটা লাে – তীখা উদ্যোগ ( জামছেপুৰ ) , ভদ্ৰাৱতী বিশ্বেশ্বৰায় লাে – তীখা উদ্যোগ , ভিলাই তীখা উদ্যোগ , দুর্গাপুৰ তীখা উদ্যোগ , ৰুৰকেল্লা তীখা উদ্যোগ , বােকাৰো তীখা উদ্যোগ , ছাঁলেম তীখা উদ্যোগ , বিজয় নগৰ তীখা উদ্যোগ , বিশাখাপট্টনম তীখা উদ্যোগ ইত্যাদি । ইয়াৰােপৰি ভাৰতত কিছুমান ক্ষুদ্র তীখা উদ্যোগো আছে । লাে – তীখা উৎপাদনত ভাৰতে পৃথিবীৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে । 

প্রশ্ন ৫: ভাৰতৰ মুম্বাই , আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ কাৰণ কি লিখা । 

উত্তৰঃ ভাৰতৰ বয়ন উদ্যোগৰ বাবে প্রয়ােজনীয় সুতা প্রধানকৈ মহাৰাষ্ট্র , গুজৰাট , আৰু তামিলনাড়ু ৰাজ্যৰ পৰা পােৱা যায় । কপাহী বস্ত্ৰ উদ্যোগৰ বাবে প্রয়ােজনীয় যন্ত্রপাতি , ৰং , ৰাসয়নিক দ্রব্য , কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্রীবােৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই , আহমদাবাদ অঞ্চলত উদ্যোগসমূহ গঢ় লৈ উঠিছে ।

প্রশ্ন ৬: অতীজৰ পৰা বৰ্তমানলৈ পৰিবহন ব্যৱস্থাৰ কি কি পৰিবৰ্তন হৈছে আৰু কিয় হৈছে লিখা । 

উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খােজকাঢ়ি অহা – যােৱা কৰিছিল । বুদ্ধি বৃত্তিৰ বিকাশ হােৱাত তেওঁলােকে পােহনীয়া জন্তু, যেনে — হাতী , ঘোঁৰা , গাধ , ম’হ আদিক বাহন হিচাপে ব্যৱহাৰ কৰিলে । জলপথত কল গছৰ ভেল বা ভুৰৰ ব্যৱস্থা কৰিলে । লাহে লাহে কল গছৰ ভুৰৰ সলনি কাঠৰ নাওঁ ব্যৱহাৰ কৰি মানুহ আৰু সামগ্রী কঢ়িওৱাৰ ব্যৱস্থা কৰিলে । 

সময়ৰ সোঁতত মানুহৰ চিন্তা শক্তিৰ বিকাশ ঘটিল। চকাৰ আবিষ্কাৰ হ’ল । লগে লগে গৰু – গাড়ী , ঘোঁৰা – গাড়ী , চাইকেল , ৰিক্সা আদিৰ আবির্ভাব ঘটিল । যাতায়ত ব্যৱস্থা উন্নত হ’ল । বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সাফল্যৰ লগে লগে জল – স্থল আৰু আকাশ মার্গত মানুহৰ বাবে উন্নত পৰিবহন ব্যৱস্থা সম্ভৱ হ’ল । স্থলপথত অত্যাধুনিক সুবিধাযুক্ত গাড়ী – মটৰ , ৰেলগাড়ী , জলপথত ভিন্ন সুবিধাযুক্ত যন্ত্রচালিত নাওঁ , ফেৰী , জাহাজ আৰু বায়ুপথ বা আকাশীপথত দ্রুতগতিৰ আৰামপূর্ণ উৰাজাহাজৰ প্ৰচলনে পৰিবহন ব্যৱস্থাত অকল্পনীয় পৰিবৰ্ত্তন সাধিছে । এই সকলােবােৰ সম্ভৱ হৈছে একমাত্র আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱনৰ বাবে । 

প্রশ্ন ৭: ভাৰতৰ পৰিবহন ব্যৱস্থাত ৰেল পৰিবহনৰ গুৰুত্ব সম্পর্কে লিখা। 

উত্তৰঃ ভাৰতৰ অতি গুৰত্বপূর্ণ আৰু বৃহৎ পৰিবহন ব্যৱস্থাটো হৈছে ৰেল পৰিবহন । ই এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু পৃথিৱীৰ ভিতৰত চতুর্থ বৃহৎ পৰিবহন ব্যৱস্থা । ভাৰতত প্রথমে ৰে’ল চলিছিল ১৮৫৩ চনৰ ১৬ এপ্রিল তাৰিখে । 

বাণিজ্যিক ভাবে সামগ্ৰী আৰু যাত্রী কঢ়িয়াবলৈ আৰু আমােদ প্রমােদ মুলক ভ্ৰমণৰ বাবে ৰে’ল পৰিবহণ হৈছে কম খৰচী আৰু উত্তম ব্যৱস্থা । ভাৰতত থকা ৰে’লপথৰ মুঠ দৈর্ঘ ৬৪,০১৫ কিল’মিটাৰ । ৰে’ল – সেৱাৰ সু – পৰিচালনাৰ বাবে দেশৰ ৰে’ল পৰিবহন ব্যৱস্থাক ১৬ টা মণ্ডলত ভাগ কৰা হৈছে । আমাৰ অসমৰ ৰে’ল পৰিবহন পৰিচালনা উত্তৰ – পূব সীমান্ত ৰে’ল সংমণ্ডলৰ অন্তৰ্গত । ইয়াৰ মুখ্য কার্যালয় মালিগাঁৱত আছে ।

ভাৰতৰভূ – ভাগ পাহাৰ – পর্বত , মালভূমি , সমভূমি নদী উপত্যকা আদিৰে গঠিত । ইয়াৰে নদী উপত্যকা আৰু দাক্ষিণাত্য মালভূমি অঞ্চলৰ সমতলত ৰে’লপথ অধিক পৰিমাণে দেখা যায় । হিমালয় পার্বত্য অঞ্চলত ৰেল সেৱাৰ সুবিধা অতি কম । 

ভাৰতীয় উপ-মহাদেশত ৰেল পৰিবহণ অতি গুৰুত্বপূর্ণ ব্যৱস্থা । সমগ্ৰ ভাৰতবাসী যাতায়তৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে । ভাৰতৰ ৰে’ল সেৱাৰ জৰিয়তে যথেষ্ট ৰাজহ সংগ্রহ হয় আৰু ইয়ে দেশৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ সহায় কৰিছে । ভাৰতীয় ৰেল সেৱাত ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে । প্রতিদিনে ৰে’ল পৰিবহণ যােগে ৩১ নিযুত যাত্রী আৰু ২.৮ নিযুত বস্তু সামগ্রী কঢ়িওৱা হয় । প্রতি বছৰত ৰেল পৰিবহনৰ পৰা বহু হেজাৰ কোটি টকা দেশে আয় কৰে । ভাৰতৰ পৰিবহন ব্যৱস্থাত ৰে’ল পৰিবহনৰ গুৰুত্ব অপৰিসীম । 

প্রশ্ন ৮: ভাৰতৰ পাঁচটা প্রধান লাে – তীখাৰ উদ্যোগৰ নাম লিখা ।

উত্তৰঃ বর্তমান ভাৰতত দহটা প্রধান লাে – তীখা উদ্যোগ আছে । তাৰ ভিতৰৰ পাঁচটা হল— 

( ক ) টাটা লাে – তীখা উদ্যোগ — জামছেদপূৰ । 

( খ ) ভিলাই তীখা উদ্যোগ — দুর্গাপুৰ ।

( গ ) ৰুৰকেলা তীখা উদ্যোগ । 

( ঘ ) বােকাৰো তীখা উদ্যোগ । আৰু

( ঙ ) বিশাখাপট্টনম তীখা উদ্যোগ । 

প্ৰশ্ন ৯: বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়ােগে স্থল , জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত কেনেকুৱা পৰিবৰ্ত্তন আনিছে লিখা । 

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়ােগৰ লগে লগে পৰিবহন ব্যৱস্থাত দ্রুত পৰিবৰ্ত্তন আহি পৰিছে । স্থল , জল আৰু বায়ু পৰিবহনে এক নতুন মাত্রা লাভ কৰিছে । তলত সংক্ষেপ বিৱৰণী দিয়া হ’ল— 

স্থল পৰিবহণ :- স্থল পৰিবহণ তিনি প্রকাৰৰ । মটৰ পথ , ৰেলপথ , আৰু পাইপ লাইন । 

মটৰ পৰিবহণ হৈছে এখন দেশৰ উন্নতিৰ চাবিকাঠি । ৭০ শতাংশ ভাৰতীয় লােকে গাঁৱত বাস কৰে । গতিকে দেশৰ সর্বাধিক জনসংখ্যাৰ যাতায়তৰ মুল ব্যৱস্থা মটৰ পৰিবহণ । বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ফলত আজি গাৱে – ভূঞে , নগৰে – চহৰে বিভিন্ন মডেলৰ মটৰ গাড়ী যাতায়াত আৰু মালবস্তু পৰিবহণৰ বাবে উপলব্ধ হৈছে ।ৰে’ল পৰিবহণে দেশবাসীক সুচল , দ্রুতগামী আৰু কম খৰছী যাতায়াত ব্যৱস্থা আগবঢ়াইছে । পাইপ লাইনেৰে পূৰ্বতে কেৱল পানীহে অনা নিয়া কৰা হৈছিল যদিও বর্তমানে এই নলী পৰিবহন ব্যৱস্থাৰে খনিজ তেল , পেট্রোলিয়ামজাত সামগ্ৰী আৰু প্রাকৃতিক গেছ তৈলক্ষেত্ৰসমূহৰ পৰা শোধনাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু শােধনাগাৰৰ পৰা বিভিন্ন ঠাইলৈ পঠোৱা হয় । বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্ৰয়ােগেৰে আমাৰ দেশত উপৰিউক্ত পৰিবহন ব্যৱস্থা কেইটাৰ যথেষ্ট উন্নতি সাধন হৈছে । 

জল পৰিবহণ :- বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ফলত জল পৰিবহণতো পৰিবৰ্ত্তন সাধিত হৈছে । জলপথ পৰিবহণত কোনাে ৰাষ্টাঘাট নির্মাণ প্রশ্ন নাহে , মাথাে বাহনবােৰৰ উন্নয়নৰ কথাহে আহে । জল পৰিবহণ দুই ধৰণৰ । আভ্যন্তৰিণ জল পৰিবহণ আৰু আন্তর্জাতিক বা সামুদ্রিক জল পৰিবহণ । আজি-কালি বিজ্ঞানৰ বলেৰে নাও বােৰতাে যন্ত্ৰৰ ব্যৱহাৰ কৰি দ্রুতগামী আৰু সুচল কৰি জনসাধাৰণৰ সেৱাত নিয়ােজিত কৰা হৈছে । ডাঙৰ ডাঙৰ নৈবোৰত যেনে গংগা , ব্রহ্মপুত্র ভাগীৰথী , হুগলী আৰু বৰাককে ধৰি কেইবাখনাে নদীত ফেৰী , ভদ্ভটী নাও জাহাজ আদিৰ জৰিয়তে পৰিবহন সুচল কৰি তােলা হৈছে । সামুদ্রিক পৰিবহণত ডাঙৰ ডাঙৰ জাহাজ বিজ্ঞান প্রযুক্তিৰ জৰিয়তে সুন্দৰকৈ সজাইলৈ মানুহ আৰু বয় – বস্তু , গধুৰ সামগ্রী কম খৰচত পৃথিবীৰ বিভিন্ন ঠাইলৈ নিব পৰা হৈছে । 

বায়ু পৰিবহন বা আকাশী পথ :- বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ মানৱ সমাজলৈ অভিনৱ দান হ’ল – আকাশীযান বা বায়ু পৰিবহণ । আকাশী পথেৰে বিমানেৰে মালবস্তু , ডাক , যাত্রী কঢ়িওৱা হয় ।সকলাে প্রকাৰৰ পৰিবহণৰ ভিতৰত বায়ু পৰিবহণ হৈছে আটাইতকৈ দ্রুতগামী । ভাৰতত বর্তমানে বায়ু পৰিবহণ ব্যৱস্থাৰ দ্রুত প্রসাৰ আৰু উন্নতি হৈছে। বিভিন্ন ঠাইত বিমান বন্দৰবােৰ স্থাপন কৰা বাবে বায়ু পৰিবহনৰ যােগেদি অতি দুর্গম অঞ্চলৰ লগতে যাতায়ত আৰু যােগাযােগ সম্ভৱ হৈছে ।

প্রশ্ন ১০: পৰিবহন ব্যবস্থা দেশ এখনৰ শিৰা – উপশিৰা স্বৰূপ । 

উত্তৰঃ পৰিবহণ ব্যৱস্থা দেশৰ জীৱনী শক্তি । পৰিবহণ অচল হলেই দেশ বিকল হয় । বর্তমান যুগত মানুহে আলেকজেণ্ডাৰ ছেলকাৰ্কৰ দৰে নিঃসংগ দ্বীপত অকলশৰে বাস কৰিব নােৱাৰে । যােগাযােগ বা পৰিবহন ব্যৱস্থাই মানুহক সকলো দিশতে বহুদূৰ আগুৱাই নিছে । আজি সমগ্র পৃথিৱী গােলকীয় গাৱত পৰিণত হৈছে । ইয়াৰ মুখ্য কাৰণ বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উত্তৰণ । বর্তমানে শিক্ষা আৰু প্রযুক্তি বিদ্যাৰ জৰিয়তে পৃথিৱী তথা দেশ – সমূহৰ পৰিবহন ব্যৱস্থা মকৰাৰ জালৰ দৰে গুঠি পেলােৱা হৈছে । ৰাষ্টা – ঘাট , আলি – পদুলিৰ উন্নতি সাধি মটৰ গাড়ী , ৰেলগাড়ীৰ প্ৰচলন কৰি গাৱে – ভূঞে ইয়াৰ প্ৰসাৰ ঘটোৱা হৈছে । জল – পৰিবহনৰ ক্ষেত্ৰত নদ-নদী বােৰত নাও , ফেৰী আদি চলাই , সাগৰ – মহাসাগৰত ডাঙৰ ডাঙৰ পানী জাহাজ চলাই জনগণক অতি কম খৰচত দূৰ – দূৰণিলৈ যাব পৰা কৰিছে । 

গধুৰ সামগ্ৰী কঢ়িয়াই আন্তর্জাতিক বেহা – বেপাৰত সুবিধা লাভ কৰিছে। বায়ু পৰিবহণৰ জৰিয়তে আকাশী যানেৰে মানুহে অতি কম সময়তে এঠাইৰ পৰা আন ঠাইলৈ উৰা মাৰিব পৰা হৈছে । দুর্গম ঠাইতাে ইয়াৰ জৰিয়তে পদার্পন কৰিব পৰা হৈছে । অর্থাৎ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জৰিয়তে সমগ্ৰ দেশত উপৰি উক্ত তিনিটা পৰিবহণ ব্যৱস্থাৰ দ্বাৰা সমগ্র দেশৰ বিভিন্ন ঠাইলৈ মানুহে কিছুমান পথৰ সৃষ্টি কৰিছে । পৰিবহণ ব্যৱস্থাৰ এই পথবােৰে দেশখন শিৰা উপশিৰাৰ দৰে চানি ধৰি আছে । মানুহ বা জীৱ – জন্তুৰ দেহত যিদৰে শিৰা – উপশিৰা থাকে , আৰু সেই শিৰা উপশিৰাৰে তেজ প্রবাহিত নহ’লে মানুহ বা জীৱ – জন্তু মৃত্যু মুখত পৰে , সেইদৰে দেশ এখনৰ এই পৰিবহণ ব্যৱস্থাটো অচল হৈ গলে দেশখনো বিকল বা অচল হৈ পৰে । সেয়ে পৰিবহণ ব্যৱস্থাক দেশৰ শিৰা – উপশিৰা বুলি কোৱা হয় । 

প্ৰশ্ন ১১: চমুটোকা লিখাঃ 

( ক ) জলপৰিবহণ ।

উত্তৰঃ জলপৰিবহণ ব্যৱস্থা দেশৰ আটাইতকৈ কম খৰচী পৰিবহণ ব্যৱস্থা । ইয়াৰ বাবে কোনাে বাট – পথ নির্মাণৰ খৰচ নহয় । জল পৰিবহণক দুটা ভাগত ভগাব পাৰি । আভ্যন্তৰিণ জল পৰিবহণ আৰু আন্তর্জাতিক জল পৰিবহণ । আভ্যন্তৰিণ জল পৰিবহনত দেশৰ নদ-নদী সমূহত নাও , ফেৰী আৰু সৰু জাহাজ ব্যৱহাৰ কৰি জন সাধাৰণক সুবিধা প্রদান কৰা হয় । আন্তর্জাতিক জল পৰিবহণত সাগৰ – মহাসাগৰত ডাঙৰ ডাঙৰ জাহাজ ব্যৱহাৰ কৰি পৃথিৱীৰ বিভিন্ন দেশলৈ গধুৰ সামগ্ৰী কঢ়িয়াই আন্তর্জাতিক বাণিজ্যত অংশ গ্রহণ কৰা হয় । 

( খ ) বায়ু পৰিবহণ ।

উত্তৰঃ মানৱ সমাজলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ আশীর্বাদ স্বৰূপ বায়ু পৰিবহণ ব্যৱস্থা । বায়ু পৰিবহণ বা উৰা জাহাজেৰে মানুহে খুব কম সময়তে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে । সামগ্রীও কঢ়িয়াব পাৰে । দুর্গম ঠাইলৈও বায়ু পৰিবহণ ব্যৱস্থাৰে যােৱাটো সহজ সাধ্য । অৱশ্যে জলবায়ুৰ অৱস্থা বতৰে মাজে মাজে এইবিধ পৰিবহণত বাধাৰ সৃষ্টি কৰে । বিমানেৰে গধুৰ বােজা কঢ়িওৱাত অসুবিধা হয় । 

( গ ) মটৰ পথ ।

উত্তৰঃ মটৰ পথ স্থল পৰিবহণনৰ এটা অংশ । মটৰ পথ হৈছে এখন দেশৰ উন্নতিৰ চাবিকাঠি । আমাৰ ভাৰতবৰ্ষত য’ত ৭০ শতাংশ লােকে গ্রামাঞ্চলত বাস কৰে তেনে । এখন দেশৰ বাবে মটৰ পৰিবহণ অতি প্রয়ােজনীয় । জনসংখ্যাৰ অর্ধেকতকৈ বেছি লােক বাস কৰা অঞ্চলত মটৰ পথ বা বাট পথৰ উন্নতি কৰি মটৰ গাড়ী চলােৱাৰ ফলত মানুহৰ চলাচল আৰু বেপাৰ বাণিজ্যত যথেষ্ট সুবিধা হৈছে , ফলস্বৰূপে অর্থনৈতিক দিশত জনসাধাৰণ লাভবান হৈছে । 

( ঘ ) পাইপলাইন পৰিবহণ ।

উত্তৰঃ পাইপলাইন পৰিবহণেও দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে । ই স্থল পৰিবহণৰে এটা ব্যৱস্থা । বিংশ শতিকাৰ আগলৈকে পাইপ লাইনেৰে মাত্র পানীহে কঢ়িওৱা হৈছিল । কিন্তু বর্তমানে পাইপেৰে তৈলক্ষেত্র সমূহৰ পৰা খনিজ তেল , পেট্রালিয়াম সামগ্ৰী আৰু প্রাকৃতিক গেছ শােধানাগাৰ সমূহলৈ নিয়া হয় আৰু শােধনৰ পিচত বিভিন্ন ঠাইলৈ পাইপেৰেই নিয়া হয় । বিজ্ঞান প্রযুক্তিৰ অগ্রগতিয়ে পাইপ লাইন পৰিবহণৰ প্রয়োগত যথেষ্ট অৰিহণা যােগাইছে । 

প্ৰশ্ন ১২: চিত্ৰাৱলীৰ সহায়ত লিখা-

( ক ) অসমত ৰাষ্ট্ৰীয় ঘাই পথ সমূহ চুই যােৱা জিলাৰ সদৰসমূহৰ নাম লিখা । 

উত্তৰঃ গুৱাহাটী , আমিনগাঁও , নলবাৰী , মঙ্গলদৈ , নগাঁও । 

( খ ) ৰেল পথেৰে সংযােগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্য কেইখনৰ নাম লিখা ।

উত্তৰঃ দৰং । 

( গ ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম লিখা । 

উত্তৰঃ মুর্কংচেলেক । 

প্রশ্ন ১৩: চমুকৈ উত্তৰ লিখা –

( ক ) লাে – তীখা উদ্যোগৰ বাবে প্রয়ােজনীয় কেচামাল সমূহ কি কি ? 

উত্তৰঃ লাে – তীখা উদ্যোগৰ বাবে প্রয়ােজনীয় কেচামাল , সমূহ হ’ল — কয়লা , ‘ আকৰিক লাে , চুণশিল , ড’লমাইট , মেংগানিজ আৰু পােৰামাটি। 

( খ ) খনিজ উদ্যোগ কাক বােলে ? 

উত্তৰঃ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগ সমুহকে খনিজ উদ্যোগ বুলি কোৱা হয় । 

( গ ) ভাৰতৰ লাে – তীখা উদ্যোগসমূহে আশা কৰামত সফলতা লাভ কৰিব নােৱাৰাৰ কাৰণ কি ? 

উত্তৰঃ ভাৰতৰ লাে – তীখা উদ্যোগসমুহে আশা কৰা মতে সফলতা লাভ কৰিব নােৱাৰাৰ কাৰণ হ’ল — উৎপাদনত হােৱা অধিক ব্যয় , কয়লা আৰু শক্তি সম্পদৰ নাটনি , দক্ষ শ্রমিক আৰু অন্যান্য সা – সুবিধাৰ অভাৱ । 

( ঘ ) ভাৰতত প্রথমে কেতিয়া ৰেল চলিছিল ? 

উত্তৰঃ ভাৰতত প্রথম ৰেল চলিছিল ১৮৫৩ চনৰ ১৬ এপ্রিল তাৰিখত মুম্বাইৰ পৰা থানেলৈ । 

( ঙ ) ভাৰতৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ? ইয়াৰ দৈৰ্ঘ কিমান ? 

উত্তৰঃ ৭নং ৰাষ্ট্ৰীয় ঘাইপথটো । দৈর্ঘ্য ২,৩৬৯ কিঃমিঃ । 

( চ ) বায়ু পৰিবহণ ভাৰতত কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পিচৰ পৰা । 

( ছ ) অসমৰ পৰা সংযােজিত পাইপ লাইনটোৰ নাম কি ? 

উত্তৰঃ কানপুৰ গুৱাহাটী বাৰাউনী আৰু এলাহাবাদ পাইপ লাইন । 

( জ ) অসমৰ ৰেল মণ্ডলটোৰ নাম কি আৰু ইয়াৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?

উত্তৰঃ উত্তৰ – পূব সীমান্ত ৰেল সংমণ্ডল । মুখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত । 

( ঝ ) অভ্র আৰু আকৰিক লাে উৎপাদনত ভাৰতৰ স্থান কি কি ? 

উত্তৰঃ অভ্র – প্রথম , আকৰিক লাে – চতুর্থ ।

( ঞ ) ৰেল – সেৱা সু পৰিচালনাৰ বাবে ভাৰতবৰ্ষক কেইটা মণ্ডলত ভাগ কৰা হৈছে ?

উত্তৰঃ ১৬ টা মণ্ডলত । 

প্রশ্ন ১৪: পথ পৰিবহনৰ সুবিধা সমূহ কি কি ? 

উত্তৰঃ আজি-কালি বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্রয়ােগে পৰিবহন ব্যৱস্থাত বৃহৎ পৰিবর্তন সাধিছে। পথ পৰিবহনক তিনিটা ভাগত ভাগ কৰা হৈছে — স্থলপথ , জলপথ আৰু আকাশী পথ । স্থল পথত বিভিন্ন যানবাহন চলে , জলপথত মেচিন নাও , ফেৰী , বৃহৎ জাহাজ চলে , আৰু আকাশী পথত দেশ – বিদেশলৈ বিভিন্ন উৰা জাহাজ চলে । আজি-কালি মানুহে এই তিনি পথ পৰিবহনৰ যােগেদি আৰামদায়ক , কম খৰচী , দ্রুতবেগী ভ্রমণ তথা মালবস্তু কঢ়িওৱা কাম অনায়াসে কৰিব পাৰে । 

প্রশ্ন ১৫: ভাৰতত পৰিবহন ব্যৱস্থাক কি ধৰণে ভাগ কৰিব পাৰি ? 

উত্তৰঃ ভাৰতত পৰিবহণ ব্যৱস্থাক তিনিটা ভাগত ভাগ কৰিব পাৰি । স্থলপথ , জলপথ , আৰু আকাশীপথ । 

প্রশ্ন ১৬: ভাৰতীয় অর্থনীতিত ৰেল পৰিবহনৰ গুৰুত্ব বিশ্লেষণ কৰা । 

উত্তৰঃ ভাৰতৰ ৰেল পৰিবহন ব্যৱস্থা এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু পৃথিৱীৰ ভিতৰত চতুর্থ বৃহৎ পৰিবহন ব্যৱস্থা । ভাৰতৰ বৰ্ত্তমান ৰেলপথ সমূহৰ দৈর্ঘ ৬৪,০১৫ কিঃ মিটাৰ । এই বিশাল ৰেল পৰিবহণ ব্যৱস্থাৰে ভাৰতৰ এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ হয়। ২০১১-১২ বৰ্ষত ৰেলৰ পৰা হােৱা আয়ৰ পৰিমাণ আছিল ১০৪,২৭,৮৯ কোটি টকা । এতিয়া সেই পৰিমাণ বৃদ্ধি হৈছে । গতিকে ভাৰতীয় অর্থনীতিত ৰেল পৰিবহণে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । 

প্রশ্ন ১৭: ভাৰতৰ প্ৰধান সামুদ্রিক বন্দৰ সমূহ কি কি ? 

উত্তৰঃ ভাৰতৰ প্ৰধান সামুদ্রিক বন্দৰসমুহ হ’ল — মুম্বাই , জৱাহৰলাল নেহৰু বন্দৰ , মর্মগােৱা , নিউ মাঙ্গালােৰ , কোশী , কলকাতা , হালদিয়া, পাৰাদ্বীপ , বিশাখাপট্টনম , চেন্নাই , ইন্দোৰ , টুটিকোৰিণ আদি ।

প্রশ্ন ১৮: ভাৰতৰ তিনিটা প্রধান পাইপ লাইন পৰিবহন কি কি ? 

উত্তৰঃ ভাৰতৰ প্ৰধান পাইপ লাইন তিনিটা হল— 

( ক ) কানপুৰ , গুৱাহাটী , বাউনী , এলাহাবাদ পাইপ লাইন । 

( খ ) গুজৰাট , চালৱাৰ , বিৰামগ্রাম , জলন্ধৰ । 

( গ ) গুজৰাট , মধ্য প্রদেশৰ বিজয়পুৰ হৈ উত্তৰ প্ৰদেশৰ জগদীশ পুৰলৈ। 

প্রশ্ন ১৯: জল পৰিবহনক কি কি ভাগত ভাগ কৰিব পাৰি ? 

উত্তৰঃ জল পৰিবহণক দুটা ভাগত ভাগ কৰিব পাৰি ।

( ক ) আভ্যন্তৰিণ জল পৰিবহণ । আৰু

( খ ) আন্তর্জাতিক জল পৰিবহণ বা সমুদ্র পথ । 

প্ৰশ্ন ২০: খালী ঠাই পূৰ কৰা –

( ক ) ___ ৰাজ্যত পথৰ ঘনত্ব সকলাে ৰাজ্যতকৈ কম । 

উত্তৰঃ কাশ্মীৰ । 

( খ ) পৰিবহন ব্যৱস্থাসমূহৰ ভিতৰত ___ হৈছে দ্রুত সেৱা । 

উত্তৰঃ বায়ু পৰিবহণ । 

( গ ) ভাৰতত থকা ৰেলপথ সমূহৰ মুঠ দৈর্ঘ ___ কিঃ মিঃ । 

উত্তৰঃ ৬৪,০১৫ কিল’মিটাৰ । 

( ঘ ) ভাৰতবৰ্ষ কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত ___ পাট – সুতা উৎপাদনত ____ স্থান কৰি আছে । 

উত্তৰঃ তৃতীয় , পঞ্চম । 

( ঙ ) কপাহী বস্ত্র শিল্প মূলতঃ ____ উদ্যোগ । 

উত্তৰঃ কৃষি ভিত্তিক । 

( চ ) উত্তৰ পূৱ – তৈল বলয় ____ ত অৱস্থিত। 

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্র উপত্যকাত । 

( ছ ) ভাৰতবৰ্ষত প্রথম কপাহী কাপােৰ বয়ন কল স্থাপন কৰা হৈছিল____ ।

উত্তৰঃ ১৮১৮ চনত , ফোর্ট গ্লষ্টাৰত । 

( জ ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল ____।

উত্তৰঃ কেৰেলা । 

( ঝ ) ভাৰতৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল ____ নং ৰাষ্ট্ৰীয় ঘাইপথ। 

উত্তৰঃ ৭ নং ।

( ঞ ) ব্ৰহ্মপুত্ৰ আৰু গংগানদী আমাৰ দেশৰ দুটা ____ । 

উত্তৰঃ প্রধান জলপথ । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্ৰশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) ২০১১-১২ বৰ্ষত ৰেল পৰিবহণৰ পৰা হােৱা আয়ৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ ১০৪,২৭,৮৭৯ কোটি টকা । 

( খ ) ভাৰতৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰ পৰা কলৈ বিস্তৃত হৈ আছে ? 

উত্তৰঃ বাৰানসীৰ পৰা কন্যাকুমাৰীলৈ । 

( গ ) ভাৰতৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ কিমান ? 

উত্তৰঃ ২,৩৬৯ কিলমিটাৰ ।

( ঘ ) ভাৰতবৰ্ষত প্রথম বায়ুসেৱা পৰিবহন কিমান চনত আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯১১ চনত । 

( ঙ ) প্রাকৃতিক গেছ কোনবিধ খনিজ সম্পদৰ ভিতৰত পৰে ? 

উত্তৰঃ ইন্ধন খনিজ । 

( চ ) ব্রহ্মপুত্র নদীত কিমান কিল’মিটাৰ সুচল জলপথ আছে ? 

উত্তৰঃ ১,৩৮৪ কিল’মিটাৰ । 

( ছ ) ভাৰতত কিমানটা প্রধান বন্দৰ আছে ? 

উত্তৰঃ ১২ টা । 

( জ ) ভাৰতত কিমানটা বিমান বন্দৰ আছে ? 

উত্তৰঃ প্রায় ৪৪৯ টা । 

( ঞ ) পাটসুতা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ? 

উত্তৰঃ দ্বিতীয় স্থান ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top