Niketan Class 8 Social Chapter 5 সাগৰ মহাসাগৰ

Niketan Class 8 Social Chapter 5 সাগৰ মহাসাগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 5 সাগৰ মহাসাগৰ and select need one.

Niketan Class 8 Social Chapter 5 সাগৰ মহাসাগ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 5 সাগৰ মহাসাগৰ Solutions for All Subjects, You can practice these here…

সাগৰ মহাসাগৰ

Chapter – 5

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: পৃথিৱীক নীলা গ্রহ বুলি কিয় কোৱা হয় ? 

উত্তৰঃ ভূ – পৃষ্ঠৰ অধিকাংশ ঠাই বিস্তীর্ণ জলভাগে আগুৰি আছে । জল মণ্ডলৰ ৯৭ শতাংশ পানী সাগৰ মহাসাগৰতে পােৱা যায় । আকৌ সাগৰ মহাসাগৰৰ পানী লুণীয়া আৰু নীলা ধৰা পৃষ্ঠৰ ২৯ ভাগ ঠাইহে স্থলভাগ ; ৭১ শতাংশই পানী । যিহেতু পৃথিৱীৰ অধিকাংশই সাগৰৰ নীলা পানীৰে আবৃত ; সেয়ে পৃথিৱীক নীলা গ্রহ বুলি কোৱা হয় । 

প্রশ্ন ২: সাগৰ , উপসাগৰ আৰু মহাসাগৰ — এই তিনিওটাৰ মাজৰ মিল আৰু অমিল কেনেধৰণৰ লিখা । 

উত্তৰঃ পৃথিৱীৰ উপৰি ভাগৰ বিস্তীর্ণ জলভাগক পাঁচটা ভাগত ভাগ কৰা হৈছে । ইয়াৰে একোটা ভাগেই একোখন মহাসাগৰ । 

সাগৰবােৰ মহাসাগৰৰ একো একোটা অংশ । সাধাৰণতে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশকে সাগৰ বুলি কোৱা হয় । 

আনহাতে তিনিওফালে স্থলভাগে আগুৰি থকা সাগৰ – মহাসাগৰৰ একোটা অংশক উপ – সাগৰ বুলি কোৱা হয় । 

আকৃতিৰ ক্ষেত্ৰত নামবােৰ বেলেগ বেলেগ বা অমিল যদিও প্ৰকৃতিত এইবােৰ সাগৰেই । 

মহাসাগৰ , সাগৰ , উপসাগৰ সকলােৰে পানী লুণীয়া আৰু নীলা । 

সাগৰ মহাসাগৰবােৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ স্থিৰ নহয় , ইয়াৰ জলৰাশি সকলাে সময়তে উঠা নমা কৰি থাকে । ইয়াকে তৰঙ্গ বা ঢৌ বােলে । 

ঢৌৰ উপৰিও সাগৰ , মহাসাগৰ উপসাগৰ বিভিন্ন কাৰণত পানী ভাগ প্রবাহিত হয় অর্থাৎ সােত বয় । ইয়াৰ বাদেও সাগৰ মহাসাগৰ দিনটোত দুবাৰকৈ জোৱাৰ ভাটাৰ সৃষ্টি হয় । এই সকলােবােৰ কথাতে মহাসাগৰৰ অংশ সাগৰ , উপসাগৰৰ সাদৃশ্য দেখা যায় ।

প্ৰশ্ন ৩: উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা আছিল ? 

উত্তৰঃ উৎপত্তিৰ সময়ত পৃথিৱীখন এটা উত্তপ্ত বাষ্পপিণ্ড আছিল । 

প্ৰশ্ন ৪: পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণটোৰ সৃষ্টি কেনেদৰে হ’ল লিখা । 

উত্তৰঃ উৎপত্তিৰ সময়ত আৰু তাৰ বহু কাল পিছলৈকে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল । আবৰ্ত্তনৰ যােগেদি তাপ বিকিৰণ কৰি কৰি পৃথিৱীখন ক্ৰমাৎ শীতল আৰু সংকুচিত হ’বলৈ ধৰে । কালক্ৰমত বাষ্প অৱস্থাৰ পৰা কঠিন অৱস্থালৈ পৰিবৰ্ত্তন হওঁতে সংকোচনৰ ফলত ভূ – ত্বকৰ কিছু অংশ উচ্চ আৰু কিছু অংশ নিম্ন হৈ থাকিল । 

প্রশ্ন ৫: নিৰক্ষীয় অঞ্চলৰ মহাসাগৰৰ পানীভাগ কিয় সহজে গৰম হয় ? 

উত্তৰঃ নিৰক্ষীয় অঞ্চলত বৰষুণ বেছি হােৱাৰ বাবে সমুদ্ৰৰ পানীৰ ঘনত্ব আৰু লৱণতা দুয়ােটাই কম । এই অঞ্চলত সূৰ্যৰ তাপ লম্বভাবে পৰাৰ বাবে মহাসাগৰৰ পানীভাগ সহজে গৰম হয় । 

প্রশ্ন ৬: বেলেগ বেলেগ উষ্ণতাৰ দুটা মহাসাগৰীয় সোঁত লগ লগা ঠাইবােৰ লাহে লাহে বাম হৈ পৰা দেখা যায় কিয় ? 

উত্তৰঃ মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁত যিমানে ক্রান্তীয় অঞ্চলৰ ফালে আগবাঢ়ে সিমানে উষ্ণ হ’বলৈ ধৰে । গৰম পানীৰ সোঁতৰ সংস্পৰ্শলৈ অহাৰ লগে লগে শীতল পানীৰ সোঁতৰ লগত উটি অহা তুষাৰখণ্ডবােৰ গলিবলৈ ধৰে । তেতিয়া সেই তুষাৰ খণ্ডবােৰৰ মাজত সােমাই থকা শিল , মাটি আৰু গেদবােৰ সমুদ্রতলিত জমা হ’বলৈ ধৰে । এই প্রক্রিয়াৰ ফলতে – সেইঠাইবােৰ লাহে লাহে বাম হৈ পৰা দেখা যায় । 

প্রশ্ন ৭: গৰম সাগৰীয় সোঁত আৰু চেঁচা সাগৰীয় সোঁতৰ দুটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ গৰম সাগৰীয় সোঁত –

( ক ) কিউৰ ‘ ছিঅ ’ সোঁত । 

( খ ) আলাস্কা সোঁত । 

চেচা সাগৰীয় সোঁত –

( ক ) অয়াচিত ’ সোঁত ।

( খ ) লাব্রাড’ৰ সোঁত ।

প্ৰশ্ন ৮: সাগৰত কি কি কাৰণত ঢৌৰ সৃষ্টি হয় ? 

উত্তৰঃ সাগৰ – মহাসাগৰৰ জলৰাশি সকলাে সময়তে ই উঠা – নমা কৰি থাকে । জলৰাশিৰ এই উঠা নমা অৱস্থাকে তৰংগ বা ঢৌ বােলে । 

সাগৰত কেইবা প্ৰকাৰে ঢৌৰ সৃষ্টি হ’ব পাৰে । 

( ক ) সাধাৰণতে সমুদ্র পৃষ্ঠৰ ওপৰেদি সদায় বতাহ প্রবাহিত হয় । এই বতাহৰ কাৰণেই সাগৰত ঢৌৰ সৃষ্টি হয় । 

( খ ) সাগৰ তলিত ভূমিকম্প জ্বলামুখী উদ্গীৰণ হ’লে সাগৰত প্রচণ্ড ঢৌৰ সৃষ্টি হয় ।

( গ ) চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ ফলত পৃথিৱীৰ কঠিন অংশ ঠিৰে থাকিলেও সমুদ্ৰৰ জলৰাশিত ইয়াৰ প্ৰভাৱ পৰি জোৱাৰ ভাটাৰ সৃষ্টি হয়।জোৱাৰ ভাটাৰ ফলত সাগৰত সুউচ্চ ঢৌৰ সৃষ্টি হয় । 

প্রশ্ন ৯: আগ্নেয় বলয় বুলি ক’লে কি বুজা ? 

উত্তৰঃ যিবােৰ অঞ্চলত ভূমিকম্প আৰু আগ্নেয়গিৰি উৰ্গীৰণৰ সম্ভাৱনা প্ৰৱল তাকে আগ্নেয় বলয় বুলি কোৱা হয় । যেনেঃ জাপান দেশখন প্রশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত । এই বলয়টো পৃথিৱীৰ ভিতৰত ভূমিকম্প প্রৱণ অঞ্চল । 

প্রশ্ন ১০: চুনামিৰ উচ্চতা আৰু গতিবেগ সাধাৰণতে কিমান ? 

উত্তৰঃ চুনামিৰ উচ্চতা ১৫ মিটাৰ মান হােৱা দেখা যায় আৰু ইয়াৰ গতিবেগ ঘণ্টাত ৭০০ কিঃ মিঃৰৰাে বেছি হয় । 

প্ৰশ্ন ১১: জোৱাৰ ভাটা বুলিলে কি বুজা ? 

উত্তৰঃ সাগৰ – মহাসাগৰৰ বুকুত সাধাৰণ ঢৌ আৰু সোঁতৰ বাহিৰেওঁ আন এবিধ গতি দেখা যায়। সমুদ্ৰৰ পানী দৈনিক দুবাৰকৈ নিয়মিত ব্যৱধানত ওফন্দি ওপৰলৈ উঠে আৰু তাৰ পাছত তললৈ নামি যায় । এইদৰে সমুদ্রৰ জলৰাশি ওফন্দি উঠাকে জোৱাৰ আৰু নামি যােৱাক ভাটা বােলা হয় । জোৱাৰ ভাটা সৃষ্টিৰ প্ৰধান কাৰণ হৈছে মুখ্যভাৱে চন্দ্ৰ আৰু গৌণভাবে সূৰ্যৰ আকৰ্ষণৰ ফল । 

প্ৰশ্ন ১২: পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি হােৱাৰ কাৰণ কি ?

উত্তৰঃ পৃথিৱীৰ তুলনাত চন্দ্র যদিও যথেষ্ট সৰু পৃথিৱীৰ নিচেই ওচৰতে থকা বাবে পৃথিৱীৰ ওপৰত ইয়াৰ আকৰ্ষণৰ প্ৰভাৱ বেছি । 

প্রশ্ন ১৩: মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ কি ? 

উত্তৰঃ সমুদ্রৰ জলৰাশিত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ বাবেই জোৱাৰ উঠে।চন্দ্র পৃথিৱীৰ তুলনাত যথেষ্ঠ সৰু যদিও পৃথিৱীৰ ওচৰতে থকা বাবে ইয়াৰ আকৰ্ষণৰ প্রভাৱ পৃথিৱীৰ ওপৰত যথেষ্ঠ বেছি । পৃথিৱীৰ স্থলভাগ কঠিন হােৱাৰ কাৰণে চন্দ্র সূৰ্যৰ আকৰ্ষণৰ প্ৰভাৱ ভূ – পৃষ্ঠত অনুভূত নহয় । সাগৰ – মহাসাগৰৰ জলৰাশি যেতিয়া চন্দ্ৰৰ মুখামুখি হয় তেতিয়া তাত আৰ্ষণৰ প্ৰভাৱ বেছিকৈ পৰে আৰু জোৱাৰৰ সৃষ্টি হয়।ইয়াকে মুখ্য জোৱাৰ বুলি কোৱা হয় । 

প্ৰশ্ন ১৪: বাসন্তী জোৱাৰ আৰু নাটনি জোৱাৰ কাক বােলে ? চিত্র আঁকি বুজাই লিখা । 

উত্তৰঃ পূর্ণিমা আৰু অমাবস্যাৰ দিনা চন্দ্র , পৃথিৱী আৰু সূর্য প্রায় একেডাল ৰেখাত পৰে । এই দুদিনত চন্দ্ৰ আৰু সূর্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে । ইয়াক বাসন্তী জোৱাৰ ( Spring Tide ) বােলে । 

নাটনি জোৱাৰঃ সপ্তমী আৰু অষ্টমী তিথিত পৃথিবী , চন্দ্ৰ আৰু সূর্যই সমকোণত অৱস্থান কৰে। গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হােৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হােৱা ঠাইতাে জোৱাৰ হয় । ফলত কোনাে এটা জোৱাৰেই শক্তিশালী নহয় । এই জোৱাৰক নাটনি জোৱাৰ ( Neap tide ) বােলে । 

প্রশ্ন ১৫: নদীৰ মােহনা আৰু জোৱাৰ ভাটাৰ মাজৰ সম্পর্ক বিচাৰ কৰা।

উত্তৰঃ নদীৰ মােহনা অঞ্চলত জোৱাৰ ভাটাৰ প্ৰভাৱ বিশেষ ভাবে লক্ষ্য কৰা যায় । জোৱাৰৰ ঢৌৱে নদীৰ মােহনাত জমা হােৱা গেদ উটুৱাই নিয়াৰ ফলত নাও জাহাজ চলাচলৰ বাবে সুবিধা হয় । জোৱাৰৰ সময়ত পানী ওফন্দি উঠাৰ কাৰণে অগভীৰ নদীৰ মােহনা অঞ্চলত অৱস্থিত বন্দৰলৈ সহজতে জাহাজ চলাচল কৰিব পাৰে । জোৱাৰৰ প্ৰভাৱ পৰা নদীৰ মােহনাত প্ৰচুৰ মাছ পােৱা যায় । 

প্রশ্ন ১৬: সাগৰ মহাসাগৰৰ উদ্ভিদ আৰু প্রাণীবােৰক কেইভাগত ভাগকৰা হৈছে আৰু কি কি ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ নিচিনা সাগৰ মহাসাগৰৰ তলিভাগ চকুৰে মনিব নােৱাৰা ক্ষুদ্র জীৱৰ পৰা বৃহৎ আকাৰৰ স্তন্যপায়ী প্রাণীলৈকে বিচিত্র ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান । লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় উদ্ভিদ আৰু প্রাণীবােৰক তিনিভাগত ভাগ কৰিব পাৰি । 

( ক ) প্লেংকটন বা প্লৱক ।

( খ ) বেনথ’জ ।

( গ ) নেক্টন । 

প্রশ্ন ১৭: বেনথ’জৈ শ্ৰেণীৰ সাগৰীয় জীৱৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ বেনথ’জ শ্ৰেণীৰ জীৱবােৰে সূৰ্যৰ ৰশ্মি সহজে সােমাব পৰা অগভীৰ পানীত বাস কৰে । 

প্ৰশ্ন ১৮: প্লৱক আৰু মৎস্যক্ষেত্ৰৰ মাজৰ সম্পর্ক কেনেধৰণৰ লিখা । 

উত্তৰঃ প্লৱক সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ এবিধ প্রজাতি । প্লৱকবােৰে নিজে লৰচৰ কৰিব নােৱাৰে। পানীৰ সোঁতৰ লগে লগে ইহঁতে উটি ভাহি ফুৰে । প্লৱকবােৰৰ বেছি ভাগেই একেকোষী আৰু চকুৰে মণিব নােৱাৰা বিধৰ । উদ্ভিদ প্লৱৰ বেছিভাগেই ডায়েটম প্রজাতিৰ শেলুৱৈ জাতীয় উদ্ভিদ । এই ডায়েটম মাছৰ প্ৰধান আহাৰ । গতিকে সূৰ্যৰ ৰশ্মিয়ে ঢুকি পােৱা সমুদ্ৰৰ অগভীৰ অংশ প্লৱকৰ বাসস্থান হােৱাৰ লগে লগে ডায়েটমৰ সন্ধানত এই অঞ্চল মৎস কুলৰাে ক্ষেত্র হৈ পৰে । 

প্রশ্ন ১৯: কেইবিধ মান সাগৰীয় মাছৰ নাম লিখা । 

উত্তৰঃ কড , হাংগৰ , হেৰিং , চাৰডিন , টুণা , ছামন , মেকেৰেল , হেদক ইত্যাদি ।

প্রশ্ন ২০: সাগৰ-মহাসাগৰত কি কি খনিজ সম্পদ পােবা যায় আৰু ইয়াৰ গুৰুত্ব কেনে ধৰণৰ

উত্তৰঃ বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু প্রাণীৰে ভৰি থকা সাগৰ – মহাসাগৰবােৰ নানা প্রকাৰৰ মূল্যবান খনিজ সম্পদৰৰ ভঁৰাল । সাগৰ – মহাসাগৰৰ পৰা সাধাৰণতে নিমখ , মেগনেছিয়াম , ব্ৰ’মিন , আয়’ডিন , পটাচিয়াম আদি পাব পাৰি । সাগৰ – মহাসাগৰৰ বুকুত থকা আন আন খনিজ সম্পদসমূহ হ’ল— মেংগানিজ , ছালফাৰ , টাইটেনিয়াম , ম’নাজাইট , সােণ , প্লেটিনাম , হীৰা , তাম , টিন , লােই ইত্যাদি । 

মহাসাগৰৰ বুকুৰ খনিজ দ্রব্যবােৰৰ ভিতৰত খাৰুৱা তেল আৰু প্রাকৃতিক গেছ আটাইতকৈ মূল্যবান । ইয়াৰ বাহিৰেও সাগৰ – মহাসাগৰৰ পানীত নদী , বতাহ আদিয়ে কঢ়িয়াই অনা বহুতাে খনিজ দ্রব্য মিহলি হৈ থাকে । এই সম্পদসমূহ অত্যন্ত গুৰুত্বপূর্ণ কিন্তু এই দ্রব্যসমূহ আহৰণ কৰাটো যথেষ্ট ব্যয়বহুল আৰু কঠিন । 

প্রশ্ন ২১: জল পৰিবহনৰ ক্ষেত্ৰত সাগৰ-মহাসাগৰৰ ভূমিকা সম্পর্কে লিখা। 

উত্তৰঃ অতীজৰে পৰা সাগৰ – মহাসাগৰবােৰ যাতায়ত পৰিবহনৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । জল পৰিবহন হৈছে আটাইতকৈ কম খৰছী আৰু আটাইতকৈ সহজ । জল পৰিবহনত পথ নির্মাণৰ খৰছ নাই । পানীৰ ওপৰেৰে চলা জাহাজবােৰতো ইন্ধনৰ খৰছ তুলনামূলকভাবে কম । জলপথত স্থলপথৰ দৰে বাধা নাথাকে । অৱশ্যে কিছুমান বিশেষ বিশেষ স্থানত জাহাজবােৰে কুৱঁলী , ধুমুহা , ওপঙি থকা বৰফখণ্ড , শৈলশিৰা আদিৰ সন্মুখীন হােৱাৰ ভয় থাকে । সেয়েহে জাহাজবোৰে সদায় নির্দিষ্ট পথেৰেহে গতি কৰে । গধুৰ ডাঙৰ আকাৰৰ বস্তুবােৰ কঢ়িওৱাত জল পৰিবহন উৎকৃষ্ট ব্যৱস্থা। আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ ক্ষেত্ৰত সাগৰ মহাসাগৰৰ পৰিবহন ব্যৱস্থাই অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । 

প্ৰশ্ন ২২: মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ মহাসাগৰবােৰ বিশাল আৰু গভীৰ যদিও ইয়াৰ জলৰাশি স্থিৰ নহয় । বিভিন্ন কাৰণত মহাসাগৰৰ পানীভাগ এঠাইৰ পৰা আনঠাইলৈ গতি কৰে । ইয়াকে মহাসাগৰীয় সেত বুলি কোৱা হয় । পৃথিৱীৰ আৱৰ্তন আৰু মাধ্যাকর্ষণ শক্তি , বায়ুমণ্ডলৰ চাপ , নিয়ত বতাহ , বৰষুণ পানীৰ তাপ , চাপ , ঘনত্ব আৰু লৱণতা আদিৰ পাৰ্থক্যৰ বাবেই মহাসাগৰীয় সােতৰ উৎপত্তি হয় ।

প্রশ্ন ২৩: গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁতৰ বৈশিষ্ট্য সম্পর্কে লিখা। 

উত্তৰঃ সাগৰ – মহাসাগৰৰ উষ্ণ বা গৰম পানীৰ সোঁতৰ প্ৰভাৱত বায়ুমণ্ডল কিছু উষ্ণ বা গৰম হয় আৰু শীতল সোতৰ প্ৰভাৱত শীতল হয় । এইদৰে সাগৰ – মহাসাগৰৰ জলবায়ুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। উষ্ণ বা গৰম সোঁতৰ ওপৰেদি প্রবাহিত বতাহে অধিক জলীয় বাষ্প ধাৰণ কৰে বাবে স্থলভাগত এই বতাহৰ প্ৰভাৱত বৰষুণ হয় । আনহাতে শীতল বা ঠাণ্ডা পানীৰ সোঁতৰ ওপৰেদি প্রবাহিত বতাহে জলীয় বাষ্প ধাৰণ কৰিব নােৱাৰে। উষ্ণ উপসাগৰীয় সোঁতৰ কাৰণে নৰৱে দেশৰ উত্তৰ উপকূলীয় অঞ্চলত বৰফ নপৰে । আনহাতে উত্তৰ আমেৰিকাৰ লাব্রাড’ৰ চেচা সোঁতৰ প্ৰভাৱত বছৰত  ন – মাহকাল বৰফৰ দ্বাৰা আবৃত হৈ থাকে । কিন্তু একে অক্ষাংশত অৱস্থিত বৃটিছ দ্বীপপুঞ্জ উষ্ণ সেতৰ প্ৰভাৱৰ ফলত লাব্রাড’ৰ দৰে অসুবিধা নহয় । 

প্ৰশ্ন ২৪: সাগৰৰ কেনেকুৱা অঞ্চলত মৎস্যক্ষেত্র গঢ়ি উঠে ? 

উত্তৰঃ সাগৰীয় শীতল সোঁত উষ্ণ – সাগৰীয় সোঁতৰ সংস্পৰ্শলৈ আহিলে শীতল সোঁতৰ লগত উটি অহা তুষাৰ খণ্ডবােৰ গলিবলৈ ধৰে । তেতিয়া এই তুষাৰ খণ্ডৰ মাজত সােমাই থকা শিল , মাটি আৰু গেদবােৰ সমুদ্র তলিত জমা হােৱাৰ ফলত সমুদ্ৰৰ গভীৰতা কমি যায় । সাগৰৰ বুকুৰ এনে বাম ঠাইবােৰত মাছৰ খাদ্য প্লেংকটন বা প্লৱক যথেষ্ট পােৱা যায় । প্লেংকটন বা প্লৱক মাছৰ বাবে উপাদেয় খাদ্য । সেয়ে এনে অঞ্চলবােৰ মৎস্যক্ষেত্র হৈ পৰে । 

প্রশ্ন ২৫: আমি কিয় নির্মল পানীৰ অভাৱ অনুভৱ কৰাে ? 

উত্তৰঃ ছাৰ জন মুৰে ( Sir John Murray ) নামৰ বিজ্ঞানী এজনৰ মতে সাগৰ মহাসাগৰসমূহে ধৰাপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আৰু ২৯ শতাংশ স্থলভাগে আবৰি আছে । অর্থাৎ পৃথিৱীত পানীৰ পৰিমাণ বেছি । পানীৰে উভৈনদী হৈয়াে পৃথিবীত পানীৰ অভাৱ ; অর্থাৎ নির্মল পানীৰ অভাৱ । ভূ – পৃষ্ঠৰ জলমণ্ডলৰ ৯৭ শতাংশ পানী সাগৰ মহাসাগৰতে পােৱা যায় । সাগৰ – মহাসাগৰৰ পানী লুণীয়া , খােৱাৰ অনুপযােগী । সেয়ে আমি নির্মল পানীৰ অভাৱ অনুভৱ কৰাে । 

প্রশ্ন ২৬: পৃথিৱীৰ মুঠ মহাসাগৰ কেইখন আৰু কি কি ? 

উত্তৰঃ পৃথিৱীখনক মুঠ পাঁচখন মহাসাগৰে আবৰি আছে । সেই কেইখন হ’ল—

১। প্রশান্ত মহাসাগৰ ।

২। আটলান্টিক মহাসাগৰ ।

৩। ভাৰত মহাসাগৰ ।

৪। উত্তৰ মহাসাগৰ । আৰু 

৫। দক্ষিশ মহাসাগৰ । 

প্রশ্ন ২৭: ছুনামি বুলিলে কি বুজা ? 

উত্তৰঃ ভূমিকম্প বা আগ্নেয়গিৰিৰ ফলত সৃষ্টি হােৱা সাগৰীয় ঢৌক ছুনামি বােলে । ‘ ছুনামি ’ হ’ল জাপানী শব্দ । ‘ ছু ’ ( Tsu ) মানে পােতাশ্রয় নামি ( Nami ) মানে ঢৌ । 

প্রশ্ন ২৮: মহাসাগৰীয় সোঁত কাক বােলে আৰু ই কেনে ধৰণে সৃষ্টি হয় ? 

উত্তৰঃ মহাসাগৰবােৰ বিশাল আৰু গভীৰ যদিও ইয়াৰ জলৰাশি স্থিৰ নহয় । বিভিন্ন কাৰণত সাগৰৰ পানীভাগ এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে । ইয়াকে মহাসাগৰীয় সেঁত বুলি কোৱা হয় । 

পৃথিৱীৰ ওপৰি ভাগত সুমেৰুৰ পৰা কুমেৰুলৈকে কিছুমান উচ্চ চাপ আৰু নিম্নচাপ বলয় আছে আৰু উচ্চ চাপ বলয়ৰ পৰা নিম্নচাপ বলয়লৈ সদায় বতাহ প্রবাহিত হৈ থাকে যাক নিয়ত বতাহ বুলি কোৱা হয় । নিয়ত বতাহে সাগৰ – মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি হােৱাত সহায় কৰে । 

আনহাতে নিৰক্ষীয় অঞ্চলত বৰষুণ বেছি হােৱাৰ বাবে সমুদ্ৰৰ পানীৰ ঘনত্ব আৰু লৱনতা দুয়ােটাই কম । তাৰােপৰি নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ লম্বভাবে পৰাৰ বাবে মহাসাগৰৰ পানীভাগ বেছিকৈ গৰম হয় যাৰ ফলত ইয়াৰ আয়তন বাঢ়ে। ইয়াৰ ফলত নিৰক্ষীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ বা উচ্চ অক্ষাংশ অঞ্চললৈ সমুদ্রৰ ওপৰ ভাগেদি অর্থাৎ পৃষ্ঠ প্রবাহৰূপে সোঁত প্রবাহিত হয় আৰু মেৰু অঞ্চলৰ পৰা শীতল , ঘন আৰু গধুৰ সমুদ্রসোত সমুদ্ৰৰ তলেদি নিৰক্ষীয় অঞ্চলৰ ফাললৈ প্রবাহিত হয় । তদুপৰি মহাসাগৰ কেইখনৰ লৱণতা আৰু বাষ্পীভৱনৰ তাৰতম্যৰ বাবে পানীৰ ঘনত্বৰ তাৰতম্য হয় । এনেবােৰ তাৰতম্য আৰু অসমতাৰ কাৰণেই সাগৰ মহাসাগৰৰ পানীত সোতৰ সৃষ্টি হয় । 

প্রশ্ন ২৯: জোৱাৰ ভাটাৰ প্ৰভাবত কি কি সুবিধা হয় ? 

উত্তৰঃ জোৱাৰৰ সময়ত নদীৰ মােহনা অঞ্চল পানীৰে উপচি পৰে আৰু ইয়াৰ ফলত ডাঙৰ জাহাজবােৰ নদীয়েদি দেশৰ ভিতৰলৈ প্রবেশ কৰিবলৈ সুবিধা পায় । আকৌ ভাটাৰ সময়ত জাহাজ সহজে মােহনাত নামি যাবলৈ সুবিধা পায়। এনেধৰণৰ সুবিধা পােৱাৰ বাবেই কলকতাৰ হুগলী নদী আৰু লণ্ডনৰ টেমছ নদীৰ মােহনাত বিখ্যাত বন্দৰ গঢ়ি উঠিছে । প্র

প্রশ্ন ৩০: কাৰণ দশোৱা –

( ক ) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় । 

উত্তৰঃ বাসন্তী জোৱাৰত চন্দ্ৰ আৰু সুৰ্যৰ মিলিত আকৰ্ষণৰ ফলত সমুদ্ৰত প্ৰৱল জোৱাৰৰ সৃষ্টি হয়। আনহাতে শুক্লপক্ষ আৰু কৃষ্ণপক্ষৰ সপ্তমী , অষ্টমী তিথিত সুর্য , চন্দ্ৰ আৰু পৃথিৱীয়ে পৰস্পৰ সমকোণীয় ভাবে অৱস্থান কৰে । সেই বাবে এই দুটা দিনত চন্দ্ৰৰ মুখামুখি হােৱা জলভাগৰ লগতে সূৰ্যৰ মুখামুখি হােৱা জলভাগতাে জোৱাৰৰ সৃষ্টি হয় । দুয়ােস্থানত জোৱাৰৰ সৃষ্টি হয় যদিও আনদিনাৰ জোৱাৰৰ সমান শক্তিশালী নহয় আৰু সেয়ে বেছি উচ্চতা লাভ কৰিব নােৱাৰে । এয়ে নাটনি জোৱাৰ যি বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় । 

( খ ) আজিকালি পৃথিৱীৰ সকলাে ঠাইতে সাগৰীয় মাছ কিনিবলৈ পােৱা যায় । 

উত্তৰঃ বর্তমান পৃথিৱীৰ সকলােবােৰ সাগৰ – মহাসাগৰৰ নিকটবর্তী দেশবিলাকত সাগৰীয় মাছ উদ্যোগত পৰিণত হৈছে আৰু এই ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিছে । আজিকালি মৎস্য ক্ষেত্ৰবােৰৰ অৱস্থান নির্ণয় কৰিবলৈ মাছ ধৰা জাহাজবােৰত কম্পিউটাৰ নিয়ন্ত্রিত প্রযুক্তিৰ সহায়ত মাছধৰা আৰু শীতলীকৰণ ব্যৱস্থাৰ সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্রান্তলৈ পঠোৱা হয় । জাপানত পৃথিৱীৰ ভিতৰতে ডাঙৰ মাছধৰা উদ্যোগ আছে । এই ব্যৱস্থাবোৰৰ বাবেই আজিকালি পৃথিৱীৰ সকলাে ঠাইতে সাগৰীয় মাছ কিনিবলৈ পােৱা যায় ।

( গ ) জাপানত সঘনাই ছুনামি হয় । 

উত্তৰঃ জাপান দেশখন প্রশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত । এই বলয়টো পৃথিৱীৰ ভিতৰতে ভূমিকম্প প্রৱণ অঞ্চল । গতিকে জাপানত সঘনাই ভূমিকম্প হৈ ছুনামিৰ সৃষ্টি হয় । 

( ঘ ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট । 

উত্তৰঃ জল পৰিবহণ হৈছে আটাইতকৈ কম খৰছী আৰু আটাইতকৈ সহজ।জল পৰিবহণত পথ নির্মানৰ খৰছ নাই । পানীৰ ওপৰেৰে চলা – জাহাজবােৰত ইন্ধনৰ খৰছ তুলনামুলক ভাবে কম । জল পথত স্থলপথৰ দৰে বাধাও নাথাকে । গধুৰ , ডাঙৰ আকাৰৰ বস্তুবােৰ কঢ়িওৱাত জল পৰিবহণ হৈছে উৎকৃষ্ট ব্যৱস্থা । আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বা বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত সাগৰ মহাসাগৰৰ পৰিবহন ব্যৱস্থাই উৎকৃষ্ট বুলি বিবেচিত হৈছে । 

প্রশ্ন ৩১: শুদ্ধ উত্তৰটোত চিন দিয়া –

( ক ) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় । 

( ১ ) মেৰু অঞ্চল ।

( ২ ) নিৰক্ষীয় অঞ্চলত ।

( ৩ ) এটাও নহয় । 

উত্তৰঃ ( ১ ) মেৰু অঞ্চল ।

( খ ) দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা কৰাকে –

( ১ ) সাগৰীয় সোঁত ।

( ২ ) জোৱাৰ ভাটা ।

( ৩ ) ঢৌ বােলে । 

উত্তৰঃ ( ২ ) জোৱাৰ ভাটা ।

( গ ) ছুনামি শব্দৰ অৰ্থ হ’ল— 

( ১ ) ভূমিকম্প ।

( ২ ) সাগৰৰ ঢৌ ।

( ৩ ) পােতাশ্ৰয়ৰ ঢৌ ।

উত্তৰঃ ( ৩ ) পােতাশ্ৰয়ৰ ঢৌ ।

( ঘ ) সাঁতুৰিব পৰা সাগৰীয় প্রাণীবােৰ – 

( ১ ) নেকটন ।

( ২ ) বেনথ’জ ।

( ৩ ) প্লেংকটন শ্রেণীৰ ।

উত্তৰঃ ( ১ ) নেকটন ।

প্রশ্ন ৩২: সোঁফালৰ লগত বাঁওফাল মিলােৱা – 

( ক ) ডায়েটম( ক ) উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠে।
( খ ) নিৰক্ষীয় অঞ্চলত( খ ) নাটনি জোৱাৰ হয়।
( গ ) সাধাৰণ নিমখ( গ ) এবিধ উদ্ভিদ প্লেংকটন।
( ঘ ) সপ্তমী আৰু অষ্টমী তিথিত( ঘ ) মহাসাগৰৰ পানীত দ্রবীভূত হৈ থাকে।
( ঙ ) মৎস্য ক্ষেত্ৰবােৰ( ঙ ) পানীৰ ঘনত্ব কম হয়।

উত্তৰঃ 

( ক ) ডায়েটম( ক ) এবিধ উদ্ভিদ প্লেংকটন । 
( খ ) নিৰক্ষীয় অঞ্চলত( খ ) পানীৰ ঘনত্ব কম হয় ।
( গ ) সাধাৰণ নিমখ( গ ) মহাসাগৰৰ পানীত দ্রবীভূত হৈ থাকে ।
( ঘ ) সপ্তমী আৰু অষ্টমী তিথিত( ঘ ) নাটনি জোৱাৰ হয় । 
( ঙ ) মৎস্য ক্ষেত্ৰবােৰ( ঙ ) উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠে ।

প্রশ্ন ৩৩: খালী ঠাই পূৰণ কৰা — 

( ক ) মহানগৰত চলাচল কৰা পৰিবহন ব্যৱস্থাক __ বুলি কোৱা হয় । 

উত্তৰঃ জলপৰিবহণ ।

( খ ) ____ ফলত সাগৰৰ বুকুত সৃষ্টি হােৱাটোক ছুনামী বােলে ।

উত্তৰঃ ভূমিকম্পৰ । 

( গ ) জলপথবােৰ ____ ঘাইপথ ।

উত্তৰঃ প্ৰাকৃতিক ।

( ঘ ) মহাসাগৰত চলা জাহাজবােৰ কেতিয়াবা __ ওপঙি থকা বৰফ খণ্ড শৈলশিৰা সমস্যাৰ সন্মুখীন হয় । 

উত্তৰঃ কুঁৱলী ধুমুহা ।

( ঙ ) মহাসাগৰৰ বুকুৰ খনিজ দ্রব্যবােৰৰ ভিতৰত  ___ আৰু ___ আটাইতকৈ গুৰুত্বপূর্ণ । 

উত্তৰঃ খাৰুৱা তেল,প্রাকৃতিক গেছ ।

( চ ) উৎপত্তিৰ পৰা বৰ্তমানলৈকে পৃথিৱীয়ে প্রায় ____ বছৰ অতিক্রম কৰিছে । 

উত্তৰঃ ৪৫০০ নিযুত ।

( ছ ) ___ আৰু ___ সাগৰত জাহাজ চলাচলত ___ কৰে ।

উত্তৰঃ ঘনকুঁৱলী,ধুমুহাই,সমস্যাৰ সৃষ্টি ।

3 thoughts on “Niketan Class 8 Social Chapter 5 সাগৰ মহাসাগৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top