Niketan Class 8 Social Chapter 4 বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন

Niketan Class 8 Social Chapter 4 বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 4 বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন and select need one.

Niketan Class 8 Social Chapter 4 বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 4 বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন Solutions for All Subjects, You can practice these here…

বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন

Chapter – 4

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: গ্রামাঞ্চলৰ মানুহে কি কি কাৰ্যৰ দ্বাৰা জীৱন নির্বাহ কৰে । 

উত্তৰঃ অসমৰ গ্রামাঞ্চলত ৭০ শতাংশতকৈ অধিক লােকে কৃষিকার্য কৰি জীৱন নির্বাহ কৰে ।ইয়াত ধান , মাহ , সৰিয়হ , তিল , মৰাপাট , কুঁহিয়াৰ , চাহপাত , শাক – পাচলি আদিৰ খেতি কৰে । খেতিবাতিৰ উপৰিও গাঁৱৰ মানুহে মাছ ধৰা , মাটিৰ বাচন আৰু বাঁহ – বেতৰ বস্তু তৈয়াৰ কৰা , জীৱ – জন্তু পােহা আদি কৰিও জীৱিকা নির্বাহ কৰে । খুব কম সংখ্যকে ব্যৱসায় বাণিজ্য আৰু চাকৰি আদি কৰে । 

প্রশ্ন ২: গ্রামাঞ্চলৰ মানুহৰ জীৱন নির্বাহ প্রণালীৰ কেইটামান বৈশিষ্ট্য লিখা। 

উত্তৰঃ গ্রামাঞ্চলৰ মানুহৰ জীৱন নির্বাহ প্রণালীৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল-

১। গ্রামাঞ্চলৰ ৭০ শতাংশতকৈও অধিক লােক কৃষি কাৰ্য বা অন্যান্য প্রাথমিক বৃত্তিত নিয়ােজিত । 

২। গ্রামাঞ্চলৰ গৃহনির্মাণৰ আৰ্হি আৰু গঠনে গাঁৱৰ নিজস্ব বৈশিষ্ট্য বহন কৰে । 

৩। গাঁৱত জনসংখ্যা ঘনত্ব কম । 

৪। গ্রামাঞ্চলৰ মানুহে সামাজিক ৰীতি – নীতি আৰু পৰম্পৰা আদি মানি চলে । 

৫। অসমৰ গ্রামাঞ্চলৰ মানুহে কৃষি-কৰ্মৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ ধর্মীয় অনুষ্ঠান উৎসৱ – পাৰ্বন আদি অনুষ্ঠিত কৰে । 

৬। গাঁৱৰ মানুহৰ মাজত আত্মীয়তা মৰম চেনেহ , ভাতৃত্ববােধ , সহযােগিতাৰ মনােভাৱ যথেষ্ঠ পৰিমাণে বেছি । 

৭। গাঁৱৰ মানুহে কৃষিৰ সা – সজুলিৰ লগতে দৈনন্দিন ব্যৱহৃত বহুতাে বস্তু-বাহানি নিজৰ মাজত আদান – প্রদান কৰে । আৰু

৮। গাঁৱৰ মানুহে তেওঁলােকৰ মাজত সৃষ্টি হােৱা হাই – কাজিয়া আদি সমস্যাবােৰ ৰাজহুৱা আলােচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰে । 

প্রশ্ন ৩: গাঁৱৰ অধিক সংখ্যক লােকো কৃষি-কাৰ্যৰ লগত জড়িত হােৱাৰ কাৰণ কি ? 

উত্তৰঃ গ্রামাঞ্চল চহৰৰ পৰা নিলগত নৈ , জান – জুৰি , খাল – বিল , আদিৰে পৰিবেষ্টিত বাঁহ – বেত , ইকৰা , নল – খাগৰিৰে পৰিশােভিত বিশাল পথাৰ , গৰু – ম’হ আদিৰে সমৃদ্ধ একোটা অঞ্চল বা এলেকা । শ্রম, গ্রামাঞ্চলত এটা চিনাকি শব্দ । জীৱন নিৰ্বাহ কঠিন যদিও আনন্দকৰ । চালত কোমােৰা , লাউ , জিকা , ভােল , ভৰালৰ ধানে আনি দিয়ে কিছু মর্যাদা । কৃষক হয় আপােন পাহৰা । খাল – বিলৰ কাৱৈ , মাগুৰ , নৈৰ চিতল , কুঢ়ি এই সকলােবােৰেই কৃষকক দি থাকে হাত বাউলি । সেয়ে সাধাৰণতে কৃষক সন্তান হৈ থাকে কৃষিৰ প্রতি আকৃষ্ট । কৃষি-কাৰ্যৰ বাবে অধিক শ্রমিক প্রয়ােজন । সেইবাবে বহুত কৃষকে সন্তানক গাৱতে উপলব্ধ শিক্ষা খিনি দি কৃষি-কার্যত নিয়ােগ কৰায় । গ্রাম্যঞ্চলত নিয়ােগৰ সুবিধা কম , কাৰণ এই অঞ্চলত সাধাৰণতে শিল্প উদ্যোগ গঢ়ি নুঠো অর্থনৈতিক ভাবে গ্রামাঞ্চল পিছপৰা ; তেওঁলােকে সন্তানক উচ্চ শিক্ষা দিয়াৰ বাবে সুযােগ নাপায়।ফলস্বৰূপে তেওঁলােকৰ সন্তান আধুনিক কোনাে উদ্যোগত কাম কৰাৰ সুবিধা নাপাই পৈত্রিক সূত্রে পােৱা কৃষি কার্যতে মনােনিবেশ কৰে । কৃষিকো আজিকালি উদ্যোগ হিচাপে ব্যৱহাৰ কৰি অর্থ উপার্জনৰ সুবিধা ওলাইছে সেয়ে বহুতাে শিক্ষিত কৃষক সন্তানে সৰু – সুৰা চাকৰিৰ প্রতি আকৃষ্ট নহৈ কৃষিতে মনােনিবেশ কৰিছে । সেইকাৰণে গাঁৱত অধিক সংখ্যকলােক কৃষিকাৰ্যৰ লগত জড়িত হােৱা দেখা যায় । 

প্রশ্ন ৪: নগৰীয়া জীৱন – ধাৰণৰ কেইটামান বৈশিষ্ট্য লিখা । 

উত্তৰঃ নগৰীয়া জীৱন – ধাৰণৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল-

১। নগৰত ৭৫ শতাংশতকৈও অধিক লােকে ব্যৱসায় বাণিজ্য , উদ্যোগ প্রশাসন , যাতায়ত , প্ৰতিৰক্ষা আৰু অন্যান্য সেৱা মূলক কার্যত নিয়ােজিত হৈ জীৱিকা নির্বাহ কৰে । 

২। ইয়াত বেংক , খুচুৰা বিক্রীকেন্দ্র , চিকিৎসালয় , শিক্ষানুষ্ঠান , কার্যালয় আদি গঢ় লৈ উঠে । এই অনুষ্ঠানবােৰৰ লগত মানুহৰ জীৱিকা আৰু কাম কাজ জড়িত হৈ থাকে।

৩। নগৰত জন সংখ্যা ঘনত্ব অধিক । জনসংখ্যা বেচি হােৱাৰ বাবে সকলােধৰণৰ প্রয়ােজনীয় সামগ্ৰীৰ চাহিদাও বেছি । 

৪। নগৰীয়া মানুহৰ ব্যয়ৰ পৰিমাণাে বেছি । অধিক উপার্জনৰ স্বাৰ্থত নগৰীয়া মানুহে বিভিন্ন কাম – কাজত ব্যস্ত থাকিবলগীয়া হয় । 

৫। নগৰ অঞ্চলৰ মানুহৰ মাজত আত্মীয়তা , সামাজিক বান্ধোন , আদান – প্রদান , সহযােগিতাৰ মনােভাব কম । 

৬। নগৰ অঞ্চলত শিক্ষা , চিকিৎসা , যাতায়ত আদিৰ সা – সুবিধা বেছি । আৰু

৭। নগৰত অৱসৰ বিনােদনৰ বাবেও বিভিন্ন ব্যৱস্থা আছে । 

প্রশ্ন ৫: নগৰীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ নগৰীকৰণ হৈছে নগৰ সৃষ্টি হােৱা এটা প্রক্রিয়া । কোনাে এটা অঞ্চলৰ জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব যেতিয়া বেছি হয় , তাত বসবাস কৰা লােকসকলে প্রধানকৈ বেপাৰ বাণিজ্য , শিল্প উদ্যোগ নানান সেৱামূলক বৃত্তিৰে জীৱিকা নির্বাহ কৰে , তেতিয়া অঞ্চলটো নগৰলৈ উন্নীত হােৱা বুলি কোৱা হয় । 

নগৰ এখন গঢ় লৈ উঠিবলৈ হ’লে উপযুক্ত স্থান , যাতায়ত আৰু যােগাযােগ ব্যৱস্থাৰ সুচলতা অত্যন্ত দৰকাৰ । নগৰী কৰণৰ বাবে বেপাৰ বাণিজ্য আৰু শিল্প উদ্যোগৰ প্ৰতিষ্ঠাপন , সম্প্রসাৰণ আৰু চাৰিওফালে ঘন জনবসতিপূর্ণ হােৱাটো অতি প্রয়ােজন । নগৰী কৰণৰ ক্ষেত্ৰত জনসংখ্যাক ভিত্তি হিচাপে ধৰা হয় । লােকপিয়ল  বিভাগে নিৰ্দ্ধাৰণ কৰি দিয়া মতে পৃথিৱীৰ বেলেগ বেলেগ দেশৰ নগৰ , মহানগৰৰ জনসংখ্যা বেলেগ বেলেগ হােৱা দেখা যায় । আমাৰ দেশত নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫,০০০ জন । 

প্রশ্ন ৬: নগৰ এখন নদীৰ পাৰত অৱস্থিত হলে কেনে ধৰণৰ সুবিধা হয় আলােচনা কৰা । 

উত্তৰঃ নগৰ – চহৰ গঢ়ি উঠিবলৈ হ’লে উপযুক্ত স্থান , যাতায়ত আৰু যােগাযােগ ব্যৱস্থা অতী দৰকাৰী । অতীজত যাতায়ত বা পৰিবহন ব্যৱস্থাটো আজিৰ দৰে উন্নত নাছিল বাবে জলপথে সেই সময়ত মুখ্য বা প্রধান ভূমিকা লৈছিল । সেয়ে অতীজৰ নগৰ চহৰবােৰ নৈৰ পাৰতে গঢ়ি উঠিছিল । উদাহৰণ স্বৰূপে আমাৰ অসমৰ পুৰণিনগৰ চহৰ খিনি ( ডিব্ৰুগড় , যােৰহাট , তেজপুৰ , গুৱাহাটী , গােৱালপাৰা , ধুবুৰী ) ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে অৱস্থিত । এতিয়াও পৰিবহণৰ ক্ষেত্ৰত জল – পৰিবহনৰ গুৰুত্ব অসীম। জল পৰিবহন খুব কম খৰচী । 

স্থলপথৰ দৰে ইয়াত জান – জট বা পথৰ বেয়া অৱস্থাৰ কথা আহি নপৰে । নৈৰ পাৰত থকা নগৰ চহৰবােৰলৈ জনগনৰ বাবে , লাগতিয়াল সামগ্রী কম খৰচতে নাও – জাহাজ আদিৰে আমদানি কৰিব পাৰি । ইয়াৰােপৰি নগৰ এখনৰ জনসংখ্যাৰ বাবে লাগতিয়াল পানী নৈৰ পৰা উঠাই সংৰক্ষণ তথা পৰিশােধন কৰি নগৰবাসীক যােগান ধৰিব পাৰে । ইয়াৰােপৰি কৃত্রিম বানপানী হলে নলা আদি খান্দি নৈত পেলাব পাৰি । নৈ এখনে নগৰৰ সৌন্দর্য বর্ধনতাে অৰিহণা যােগায় । 

প্রশ্ন ৭: নগৰ অঞ্চলত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হয় আলােচনা কৰা । 

উত্তৰঃ নগৰ অঞ্চলত দ্রুতগতিত বাঢ়ি অহা জনসংখ্যাই অঞ্চলবােৰত নানা প্রকাৰৰ সমস্যা সৃষ্টি কৰিছে । জনসংখ্যা বৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ চাহিদা বাঢ়িছে কিন্তু চাহিদা পুৰণৰ ক্ষেত্ৰত ব্যাঘাত ঘটিছে । নগৰলৈ মানুহৰ প্ৰৱজন বেছিকৈ হােৱাৰ বাবে সীমিত ভূমি – ভাগত অধিক লােক বসবাস কৰিবলগীয়া হৈছে। বিভিন্ন কাৰণত নগৰলৈ প্ৰৱজন কৰা অর্থনৈতিকভাবে দুর্বল লােকসকলে চহৰৰ প্রান্তীয় অঞ্চলবােৰত বসবাস কৰিবলৈ লয় । এনেদৰে প্রান্তীয় অঞ্চলবােৰত অপৰিকল্পিতভাৱে ঘৰ – দুৱাৰ বান্ধি থাকিবলৈ লােৱাৰ ফলত ঠাইবােৰ প্ৰদূষিত আৰু অস্বাস্থ্যকৰ পৰিবেশৰ হয় । 

নগৰত জনসংখ্যা বৃদ্ধিৰ লগে লগে যান – বাহনৰ সংখ্যাও বৃদ্ধি হয় । ফলত যান জট আৰু প্ৰদূষণ বাঢ়ে । চহৰত থকা কলকাৰখানাবােৰেও প্ৰদূষণ বৃদ্ধি কৰে । 

নগৰ অঞ্চলৰ পানী নির্গমণৰ নলা – নর্দমাও দাঁতি কাষৰীয়া জলাহ বা পিতনি অঞ্চলত , পাহাৰ পৰ্বতত ঘৰ দুৱাৰ সাজি বসবাস কৰিবলৈ লােৱাৰ ফলত কৃত্রিম বানপানী আৰু ভূমিস্খলন হােৱা দেখা যায় । 

প্রশ্ন ৮: নগৰ অঞ্চলত বাস কৰা লােকে কেনেধৰণৰ সুবিধা লাভ কৰে । আলােচনা কৰা –

উত্তৰঃ নগৰ অঞ্চলত বাস কৰা লােকে কেনেধৰণৰ সুবিধা লাভ কৰে তলত আলোচনা কৰা হ’ল –

১। বিভিন্ন সা – সুবিধাক লৈয়ে যে নগৰ – গঢ়ি উঠে। বিভিন্ন ধৰণৰ সা- সুবিধাৰ পােৱা যায় বাবেই মানুহে নগৰলৈ প্ৰব্ৰজন কৰে । নগৰত নিয়ােগৰ যথেষ্ট সুবিধা আছে । বেংক , খুচুৰা বিক্রী কেন্দ্র , চিকিৎসালয় , শিক্ষানুষ্ঠান , বিভিন্ন বিভাগৰ কার্যালয় আদি নগৰতে স্থাপিত হয় । ৭৫ শতাংশতকৈও অধিক লােকে নগৰত বিভিন্ন ক্ষেত্ৰত নিয়ােজিত হৈ জীৱিকা নির্বাহ কৰিব পাৰে। 

২। নগৰৰ বাট – পথ পকী , যাতায়ত ব্যৱস্থা উন্নত।নগৰত শিক্ষা , স্বাস্থ্য আদিৰ ক্ষেত্ৰত উন্নত ব্যৱস্থা থকা বাবে নাগৰিকসকলে এইবােৰ উপভােগ কৰিব পাৰে । নগৰত নাগৰিকৰ সু – স্বাস্থ্যৰ বাবে বিশুদ্ধ পানী যােগান ব্যৱস্থা আছে । 

৩। নগৰত নাগৰিকৰ বাবে অৱসৰ বিনােদনৰ ব্যৱস্থাও আছে । 

৪। নগৰবিলাক পৰিস্কাৰ পৰিচ্ছন্ন কৰা , যাতায়ত ব্যৱস্থা – সুচল কৰা, নগৰ এলেকা প্ৰদুষণ মুক্ত কৰা ইত্যাদি কাম সুচাৰুৰূপে কৰাৰ বাবে চৰকাৰে জনসংখ্যাৰ ভিত্তিত পৌৰ নিগম , পৌৰ সভানগৰ সমিতি ইত্যাদি স্থানীয় প্রশাসনৰ ব্যৱস্থা কৰাই দিয়ে । সেয়ে নগৰ বা চহৰত বাস কৰা নাগৰিক সকলে যথেষ্ট সুবিধা লাভ কৰে । 

প্রশ্ন ৯: অসমৰ এখন মানচিত্র আঁকি অসমৰ দহখন প্রধান নগৰৰ অৱস্থান নিৰূপন কৰা আৰু নগৰ কেইখন কোন জিলাত অৱস্থিত লিখা। 

উত্তৰঃ তােমাৰ সমাজ বিজ্ঞানৰ ৩৫ নং পৃষ্ঠাত থকা অসমৰ মেপৰ আৰ্হি লৈ তাতকৈ ডাঙৰকৈ অঙ্কন কৰা আৰু নগৰ কেইখন মেপত থকামতে বহোৱাই জিলা কেইখন লিখা । 

প্ৰশ্ন ১০: উৎপত্তিৰ কাৰণ আৰু নগৰীয়া কাৰ্যৰ ওপৰত ভিত্তি কৰি নগৰ সমূহক কি কি ভাগত ভগাব পাৰি । 

উত্তৰঃ উৎপত্তিৰ কাৰণ আৰু নগৰীয়া কার্যাৱলীৰ ওপৰত ভিত্তি কৰি নগৰ চহৰবােৰক তলত দিয়া ধৰণে শ্রেণীবিভাজন কৰিব পাৰি । 

( ক ) প্রশাসনিক নগৰ ।

( খ ) বাণিজিক নগৰ ।

( গ ) ঔদ্যোগিক নগৰ ।

( ঘ ) পর্যটন নগৰ ।

( ঙ ) পৰিবহন কেন্দ্রীক নগৰ ।

( চ ) সাংস্কৃতিক নগৰ ।

( ছ ) খনিজ নগৰ ।

( জ ) বুৰঞ্জী প্রসিদ্ধ নগৰ । আৰু

( ঝ ) সেনা চাউনী নগৰ । 

প্ৰশ্ন ১১: চমুকৈ উত্তৰ দিয়াঃ 

( ক ) বসতিক কেইভাগত ভাগ কৰা হয় ? 

উত্তৰঃ দুটা ভাগত ।

( খ ) গ্রামাঞ্চলৰ কিমানশতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত ? 

উত্তৰঃ ৭৫ শতাংশ ।

( গ ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ? 

উত্তৰঃ তিনিটা ।

( ঘ ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰ খনৰ নাম কি ? 

উত্তৰঃ গুৱাহাটী । 

( ঙ ) নগৰত বসতি ঘন হােৱাৰ কাৰণ কি ? 

উত্তৰঃ নগৰত পােৱা বিভিন্ন সা – সুবিধাৰ বাবে । 

( চ ) ‘ মেগাল ’ পলিছ কাক বােলে ? 

উত্তৰঃ মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি নগৰ পুঞ্জৰ সৃষ্টি কৰে তাক ‘মেগাল ’ পলিছ বােলা হয় । 

( ছ ) লােকপিয়ল বিভাগে নির্দিষ্ট কৰি দিয়া মতে — ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে ? 

উত্তৰঃ ভাৰতত ৫৫,০০০ জন , আমেৰিকা যুক্তৰাষ্ট্ৰত ২৫০০ জন আৰু জাপানত ৩০,০০০ জন । 

( জ ) নগৰ , মহানগৰ আৰু অতি মহানগৰ কাক বােলে ? 

উত্তৰঃ ১। কম জনসংখ্যা আৰু সীমিত কার্যৰ পৌৰ প্রশাসিত এলেকা একোটাক সাধাৰণতে নগৰ বােলা হয় । 

২। এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্রশাসিত এলেকাক মহানগৰ বােলা হয় । 

৩। এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰ বসতিক অতি মহানগৰ ( Metro polis ) বােলা হয় । 

প্রশ্ন ১২: চমুটোকা লিখা –

( ক ) ‘ মেগাল ’ পলিছ ।

উত্তৰঃ এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্রশাসিত , এলেকাক মহানগৰ বােলা হয় । আনহাতে একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি নগৰ পুঞ্জৰ সৃষ্টি কৰে তাক ‘ মেগাল ’ পলিছ বােলা হয় । 

( খ ) নগৰীকৰণ ।

উত্তৰঃ নগৰীকৰণ হৈছে নগৰ সৃষ্টি হােৱা এটা প্রক্রিয়া । কোনাে এটা অঞ্চলৰ জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব যেতিয়া বেছি হয় আৰু তাত বাস কৰা লােকসকলে প্রধানকৈ বেপাৰ বাণিজ্য , শিল্প উদ্যোগ , নানান সেৱামূলক বৃত্তিৰে যেতিয়া জীৱন নির্বাহ কৰিবলৈ লয় , তেতিয়াই সেই অঞ্চলটো নগৰলৈ উন্নীত হােৱা বুলি ক’ব পাৰি । একো একোটা অঞ্চল নগৰলৈ উন্নীত হােৱা প্ৰক্ৰিয়াটোকে নগৰীকৰণ বুলি কোৱা হয় । 

নগৰীকৰণৰ ক্ষেত্ৰত জনসংখ্যাক ভিত্তি হিচাপে ধৰা হয় । লোক পিয়ল বিভাগে নির্ধাৰণ কৰি দিয়া মতে পৃথিৱীৰ বেলেগ বেলেগ দেশৰ নগৰ মহানগৰৰ জনসংখ্যা বেলেগ বেলেগ হােৱা দেখা যায় । আমাৰ দেশত নগৰ এখনৰ প্ৰাৰম্ভিক- জনসংখ্যা ৫৫,০০০ জন । 

( গ ) প্রশাসনিক নগৰ ।

উত্তৰঃ কোনাে এখন দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী , ৰাজ্যিক ৰাজধানী , জিলা সদৰ , মহকুমা সদৰ আৰু অন্যান্য প্রশাসনীয় কেন্দ্ৰবােৰক ভিত্তি কৰি মানুহৰ জনবসতি দ্রুত হাৰত গঢ়ি উঠে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰ গঢ় লৈ উঠে । তেনেবােৰ নগৰ চহৰক প্রশাসনিক নগৰ বুলি জনা যায় । উদাহৰণ স্বৰূপে নতুন দিল্লী , গুৱাহাটী , নগাওঁ , তেজপুৰ আদি প্রশাসনিক নগৰ । 

( ঘ ) ঔদ্যোগিক নগৰ ।

উত্তৰঃ কেতিয়াবা কেতিয়াবা একো একোটা বৃহৎ উদ্যোগৰ ছত্রছায়াত নানা ধৰণৰ সৰু বৰ উদ্যোগ গঢ় লৈ উঠা দেখা যায় । বৃহৎ উদ্যোগবােৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সেইবােৰ ঠাইত বৃহৎ নগৰ গঢ় লৈ উঠিব পাৰে বা উঠা দেখা যায় । এনেদৰে গঢ়ি উঠা নগৰবােৰকে ঔদ্যোগিক নগৰ ৰূপে অভিহিত কৰা হয় । দাহৰণ স্বৰূপে জামছেদপুৰ , দুলীয়াজান , ডিগবৈ আদি একো একোখন ঔদ্যোগিক নগৰ । 

( ঙ ) পর্যটন নগৰ ।

উত্তৰঃ জনবহুল মহানগৰবােৰৰ অতি ব্যস্ত জীৱন যাত্ৰাৰ পৰা সাময়িকভাবে সকাহ লৈ মনােৰঞ্জনৰ বাবে স্বাস্থ্যকৰ আৰু প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ অঞ্চললৈ মানুহে গৈ সময় উপভােগ কৰে । এইদৰে বিভিন্ন অঞ্চলৰ পৰা অহা মানুহৰ সমাগমে একো একোটা অঞ্চলত নগৰ সৃষ্টি কৰাত অৰিহণা যােগায় । উদাহৰণ হিচাপে নাম উল্লেখ কৰিব পৰা এনে নগৰবােৰ হ’ল — মানালী , মুচৌৰী , শ্রীনগৰ , তেজপুৰ , টাৱাং , ছিলং ইত্যাদি।

( চ ) বুৰঞ্জী প্রসিদ্ধ নগৰ ।

উত্তৰঃ অতীজৰ কিছুমান ঐতিহাসিক সমল বা বুৰঞ্জী প্রসিদ্ধ চিন স্মৃতি থকা ঠাইক কেন্দ্ৰ কৰিও একো একোখন নগৰ গঢ় লৈ উঠিব পাৰে । কাৰণ এনে ঠাইবােৰ দৰ্শনৰ বাবেও মানুহৰ সোঁত বয় । উদাহৰণ হিচাপে জয়পুৰ , আগ্রা , তেজপুৰ , শিৱসাগৰৰ নাম উনুকিয়াব পাৰি । 

প্রশ্ন ১৩: খালী ঠাই পূৰ কৰা – 

( ক ) একমাত্র গুৱাহাটীতেই মহানগৰীয়ে পৌৰ প্রশাসন ব্যৱস্থা ___ গঠন হৈছে । 

উত্তৰঃ পৌৰ নিগম ।

( খ ) অসমৰ কৃষিকার্য ___ ৰ ওপৰত নিৰ্ভৰশীল । 

উত্তৰঃ প্রকৃতি।

( গ ) সিন্ধুনদীৰ উপত্যকাত ___ আৰু ____ নামৰ প্ৰাচীন নগৰ দুখন আছে । 

উত্তৰঃ হৰপ্পা , মহেঞ্জদাৰাে । 

( ঘ ) প্রাচীন আৰু মধ্যযুগীয় নগৰ সমূহ মূলত __ আৰু ___ পটভূমিত গঢ়ি উঠিছিল । 

উত্তৰঃ সভ্যতা , শিল্পকলাৰ । 

( ঙ ) অসমৰ অধিকাংশ নগৰ ___ নদীৰ আশে – পাশে অবস্থিত । 

উত্তৰঃ ব্রহ্মপুত্র । 

( চ ) এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰ বসতিক ____ বােলা হয় । 

উত্তৰঃ অতি মহানগৰ । 

( ছ ) নতুন দিল্লী এখন ____ নগৰ । 

উত্তৰঃ প্ৰশাসনীয় । 

( জ ) ভেলােৰ ___ হিচাপে পৰিচিত । 

উত্তৰঃ চিকিৎসা নগৰ । 

( ঝ ) নগৰৰ কেন্দ্রীয় অঞ্চলটো ____ ৰ কেন্দ্রবিন্দু । 

উত্তৰঃ ব্যৱসায়ৰ ।

1 thought on “Niketan Class 8 Social Chapter 4 বসতি: গ্রাম্য আৰু নগৰীয়া জীৱন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top