Niketan Class 8 Social Chapter 3 বসতি

Niketan Class 8 Social Chapter 3 বসতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 3 বসতি and select need one.

Niketan Class 8 Social Chapter 3 বসতি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 3 বসতি Solutions for All Subjects, You can practice these here…

বসতি

Chapter – 3

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: মানুহে কৃষিক কেন্দ্র কৰি স্থায়ীভাবে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা লিখা । 

উত্তৰঃ আদিম অৱস্থাত মানুহে অঘৰী জীৱন যাপন কৰিছিল । খাদ্যৰ সন্ধানত তেওঁলােকে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল । জনসখ্যা বৃদ্ধি বা পৰিয়াল সম্প্ৰসাৰণ হােৱাৰ লগে লগে বিভিন্ন ঠাই ঘূৰি ফুৰি খাদ্য সংগ্রহ কৰাটো তেওঁলােকৰ পক্ষে অসুবিধাজনক হৈছিল । যাযাবৰী জীৱনত তেওঁলােকৰ নৈশযাপন বৰ অসুৰক্ষিত আছিল । তেনে সময়ত তেওঁলােকৰ সকলাে কার্যই অস্থায়ী আছিল । কালক্ৰমত তেওঁলােকে যেতিয়া গুটি গজাই শস্য উৎপাদন কৰিব পৰা অৱস্থা পালে , তেওঁলােকৰ অঘৰী জীৱনৰ অন্ত পৰিল । সুবিধাজনক ঠাইত যেতিয়া কৃষি কাৰ্য আৰম্ভ কৰিলে ; সেই ঠাইতে তেওঁলােকে স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে । কৃষিৰ প্রাসঙ্গিকতা আজিও আছে , আগেয়েও আছিল আৰু ভবিষ্যতেও থাকিব । কৃষিক বাদ দি মানুহ বৰ্ত্তি থাকিব নােৱাৰে । সেয়ে য’তেই কৃষিৰ উৎপাদন বেচি ত’তেই মানুহৰ স্থায়ী বসতি । 

প্রশ্ন ২: মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ কি ? 

উত্তৰঃ যি বিলাক ঠাইৰ মাটি সাৰুৱা , পানীৰ পর্যাপ্ত সুবিধা আছে , ঘৰ – দুৱাৰ সাজিবৰ বাবে সা – সজুলি সহজতে পােৱা যায় , পৰিবহন যাতায়ত আদি সুচল হয় ; তেনে ঠাই সাধাৰণতে মানুহে বসবাস কৰাৰ বাবে বাচি লয় । নদীৰ পাৰৰ মাটি সাৰুৱা , পানীৰ অভাৱ কেতিয়াও নহয় , নৈ পৰীয়া জলবায়ু স্বাস্থ্যকৰ , নৈত মাছ কাছ আদি ৰুচিকৰ খাদ্যও পােৱা যায় , নৈত নাৱেৰে যাতায়াতৰো সুবিধা , নৈৰ পাৰত ঘৰ দুৱাৰ সজাৰ বাবে কিছু পৰিমাণে সামগ্রীও পােৱা যায় । মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ এইবােৰেই । 

প্রশ্ন ৩: গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হােৱাৰ কাৰণ কি ? 

উত্তৰঃ গাঁৱতকৈ নগৰৰ সা – সুবিধা যথেষ্ঠ বেছি।নগৰৰ যাতায়ত ব্যৱস্থা , স্বাস্থ্য , শিক্ষা আদিৰ ব্যৱস্থা , ব্যৱসায় বাণিজ্য কৰি জীৱিকা নির্বাহৰ সুবিধা আছে । নগৰত বিভিন্ন বিভাগীয় কার্যালয় , স্কুল – কলেজ আদি আছে বাবে মানুহ নগৰমুখী হৈছে । বিভিন্ন সেৱামূলক কার্যত নিয়ােজিত লােকসকলে নগৰত বসবাস কৰিবলৈ লৈছে । বিভিন্ননজনে ব্যৱসায় – বাণিজ্যৰ বাবে নগৰৰ বাসিন্দা হৈছে । এনদৰেই নগৰৰ জনসংখ্যা দ্রুতহাৰত বৃদ্ধি পাইছে ।

প্ৰশ্ন ৪: গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ পার্থক্য লিখা ।

উত্তৰঃ কোনাে এখন সুচল ঠাইত মানুহে গাঁও পাতি বসবাস কৰাকে গ্রাম্য বসতি বুলি কোৱা হয়। আনহাতে নগৰ – চহৰ পৰিবেশত যি বসতি গঢ় লৈ উঠে সেই বসতিয়ে হ’ল নগৰীয়া বসতি । 

গ্রাম্য বসতিৰ লােকসকল সাধাৰণতে প্রাথমিক বৃত্তিত জড়িত । সচৰাচৰ পানীৰ উৎসক কেন্দ্ৰ কৰি গ্ৰাম্য বসতি গঢ়ি উঠে । কাৰণ এই সকল লোক সাধাৰণতে কৃষিজীৱি । 

নগৰীয়া বসতিৰ লােকসকলে সাধাৰণতে দ্বিতীয়ক আৰু তৃতীয়ক শ্রেণীৰ বৃত্তিৰে জীৱিকা নির্বাহ কৰে। দ্বিতীয়ক শ্ৰেণীয়ে শিল্প উদ্যোগৰ লগত জড়িত কৰ্মক আৰু তৃতীয়ক শ্ৰেণীৰ বৃত্তিয়ে সেৱা মূলক কাম কাজক সামৰি লয় । 

গাঁৱত বসতি পাতল আৰু বৃত্তিত । নগৰৰ বসতি ঘন আৰু স্তুপীকৃত । গ্রামাঞ্চলৰ যাতায়ত ব্যৱস্থা অনুন্নত আনহাতে নগৰৰ যাতায়ত ব্যৱস্থা উন্নত আৰু সুচল । 

গাঁৱৰ মানুহে ঘৰ-বাৰী সাধাৰণতে পৰম্পৰাগত আৰু থলুৱা সামগ্ৰীৰে নির্মাণ কৰে । ইটা , শিল , বালি , চিমেণ্ট আৰু লােৰ ব্যৱহাৰ কম । নগৰৰ ঘৰ – বাৰীৰ আৰ্হি আধুনিক । ওখ অট্টালিকা বেছি। অধিকাংশ ঘৰ শিল , ইটা , বালি , চিমেন্ট লাে চিমেন্ট আদিৰে নির্মিত ।

প্রশ্ন ৫: গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলােচনা কৰা ৷ 

উত্তৰঃ সকলাে জনবসতিৰ কিছুমান সুকীয়া বৈশিষ্ট্য থাকে । সেইবােৰৰ ভিতৰত বাসিন্দা সকলৰ বৃত্তি , ঘৰ – বাৰীৰ আকাৰ প্ৰকাৰ , ভূমিৰ ব্যৱহাৰ , বাট – পথ , অনুষ্ঠান প্রতিষ্ঠান , শিক্ষা – উদ্যোগ , যােগাযােগ ব্যৱস্থা , ব্যৱসায় – বাণিজ্য আদিয়ে প্রধান । স্থান আৰু সময়ৰ পৰিবৰ্ত্তন অনুসৰি বসতিৰ এনেবােৰ বৈশিষ্ট্যৰাে পৰিবৰ্ত্তন ঘটে । 

গাঁৱৰ বাসিন্দা সকলৰ মূল বৃত্তি হ’ল কৃষি । ঘৰ – বাৰীবােৰ সাধাৰণতে পৰম্পৰাগত আৰু থলুৱা সামগ্ৰীৰে নির্মিত । কৃষিভূমিত তেওঁলােকে বিভিন্ন শস্য উৎপাদন কৰে । গাঁৱলীয়া বাট পথবােৰ সুচল নহয় । যােগাযােগ ব্যৱস্থাও ভাল নহয় । ব্যৱসায় বাণিজ্যৰ সুবিধাও নাই । 

প্রশ্ন ৬: কেন্দ্রীভূত বসতি কেনেদৰে সৃষ্টি হয় ? 

উত্তৰঃ যিবিলাক ঠাইৰ মাটি সাৰুৱা , পানীৰ সুবিধা আছে , ঘৰ – দুৱাৰ সাজিবৰ বাবে সা – সঁজুলি সহজতে পােৱা যায় , পৰিবহন যাতায়ত ব্যৱস্থা আদি সুচল হয় , তেনে ঠাইত মানুহে বেছিকৈ বাস কৰিবলৈ লয়। এনেকুৱা অঞ্চললৈ মানুহ বেছিকৈ আকর্ষিত হােৱাৰ বাবে মানুহৰ বসতি থুপখাই থাকে । এনেদৰেই কেন্দ্রীভূত বসতিৰ সৃষ্টি হয় । 

প্রশ্ন ৭: পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনে ধৰণৰ ? 

উত্তৰঃ নগৰীয়া বসতিকে পৌৰ বসতি বুলিও কোৱা হয় । নগৰ – চহৰৰ পৰিবেশত যি বসতি গঢ় লৈ উঠে সেই বসতিয়েই হ’ল নগৰীয়া বসতি । নগৰীয়া বসতিৰ লােকসকলে ব্যৱসায় – বাণিজ্য , শিল্প উদ্যোগ , শিক্ষানুষ্ঠান , অফিচ – কাছাৰীৰ চাকৰি আদিক জীৱিকাৰ উপায় হিচাপে লয় । 

প্রশ্ন ৮: গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলােচনা কৰা । 

উত্তৰঃ গাঁও আৰু নগৰৰ জীৱন – জীৱিকাৰ মাজত বিশাল পার্থক্য আছে যদিও সম্পর্ক কিন্তু অবিচ্ছেদ্য । গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয় । নগৰৰ মানুহবােৰৰ উহললে গম পােৱা যায় — তেওঁলােক মুলতঃ কোনােবা এখন গাৱৰেই আছিল । কর্মক্ষেত্র সুত্রে বা শিক্ষা – দীক্ষাৰ সুবিধা বিচাৰি আহিহে ইয়াত স্থায়ী হ’ল । গতিকে মূল শিপা গাঁৱত । 

সাধাৰণতে গাঁৱৰ মানুহে কৃষিজাত সামগ্রী নগৰলৈ যােগান ধৰে আৰু নগৰৰ মানুহে উদ্যোগ উৎপাদিত দ্রব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায় । বেংক , ডাক , বীমা , শিক্ষা – দীক্ষা আদি সেৱাৰ যােগেদি গাঁও আৰু নগৰৰ মাজত সম্পর্ক গঢ় লৈ উঠে।গাঁৱৰ মানুহে জীৱিকাৰ সন্ধানত দৈনিক নগৰলৈ আহে আৰু নগৰত পােৱা বিভিন্ন প্রয়ােজনীয় বস্তু ক্ৰয় কৰি উভতি যায় । 

প্ৰশ্ন ৯: চমুটোকা লিখাঃ 

১। ৰৈখিক বসতি ।

উত্তৰঃ ৰেখাৰ পৰা ৰৈখিক শব্দৰ আগমন ঘটিছে। গাওঁ অঞ্চলত সাধাৰণতে দীঘলীয়া শাৰী শাৰীকৈ কিছুমান বসতি গঢ় লৈ উঠা দেখা যায় । ওখ ৰাষ্টাৰ কাষে কাষে নদীৰ পাৰে পাৰে , ওখকৈ বন্ধা মঠাউৰি অথবা সাগৰীয় উপকুলৰ কাষে কাষে ৰেখা সাদৃশ্যত শাৰী শাৰী গঢ় লৈ উঠা জনবসতিক ৰৈখিক বসতি বুলি কোৱা হয় । ৰৈখিক বসতি কেন্দ্রীভুত বসতিৰে এটা অংগ । 

২। বর্গক্ষেত্রিক বসতি ।

উত্তৰঃ কেন্দ্রীভূত বসতিৰে অইন এক বৈশিষ্ট্য হৈছে বর্গক্ষেত্রিক বসতি । কোনাে কোনাে অঞ্চলত ৰাস্তা ঘাত বিলাক পৰিকল্পিত ভাবে আয়াতাকৃতিত নির্মাণ কৰা হয় । ৰাষ্টাবােৰৰ পৰিপ্ৰেক্ষিতত যিবােৰ আযয়াতাকৃতিৰ আহিত বসতি গঢ় লৈ উঠে তাক বর্গক্ষেত্রিক বা আয়াতাকৃতি বসতি বােলা হয় । 

৩। তৰাৰূপী বসতি ।

উত্তৰঃ সাধাৰণতে গাঁৱৰ যিবােৰ ঠাইত দুটা বা ততােধিক ৰাস্তা লগ লাগে সেইবােৰ ঠাইত ঘনবসতি গঢ় লৈ উঠা দেখা যায় । ৰাস্তাৰ কাষে কাষে মানুহে বসতি কৰিবলৈ লােৱাৰ ফলতে তিনি আলি , চাৰি আলি বা পাঁচ আলিক কেন্দ্ৰ কৰি বসতি বাঢ়ি গৈ তৰাৰ দৰে হয় । তাক তৰাৰূপী বসতি বুলি কোৱা হয় । 

৪। পাতল বসতি ।

উত্তৰঃ পৃথিৱীৰ যিবােৰ ঠাই অতিপাত গৰম বা অতিমাত্রা ঠাণ্ডা , ভূ প্রকৃতি য’ত অসমান , মানুহৰ বসতি সেৰেঙা বাবেই তেনে ঠাইবােৰক বিৰল বা পাতল বসতি অঞ্চল বােলে ৷ এনে ঠাইবিলাকত মানুহে খেতি – বাতি কৰিব নােৱাৰে আৰু তেওলােকৰ জীৱন – নির্বাহাে কঠিন হৈ পৰে। বিষুবীয় অঞ্চল , মেৰু অঞ্চল , মৰুভূমি অঞ্চল , পর্বত পাহাৰৰ ঢালত – বিৰল বা পাতল বসতি হয়। তদুপৰি কিছুমান সমতল ঠাইতাে য’ত সঘনাই বানপানী হয় জলবিদ্যুৎ প্রকল্পৰ নামনি অংশ নদী বান্ধৰ আশে – পাশে বসতি পাতল । 

প্রশ্ন ১০: নদীৰ পাৰত অৱস্থিত পৃথিবীৰ কেইখনমান নগৰ চহৰৰ নাম লিখা। 

উত্তৰঃ পৃথিৱীৰ বহুতাে নগৰ – চহৰ নদীৰ পাৰতে অৱস্থিত । অসমৰ ব্ৰহ্মপুত্র নদীৰ পাৰত ডিব্ৰুগড় , তেজপুৰ , গুৱাহাটী আৰু ধুবুৰী ; গংগাৰ পাৰত পাটনা , বেনাৰস আদি চহৰসমূহ অৱস্থিত । সিন্ধু নদীৰ পাৰত কৰাচী , হায়দৰাবাদ ; নীলনদীৰ পাৰত কাইৰো , হােৱাংহাে নদীৰ পাৰত বেইজিং , মিচিছিপিৰ পাৰত চেইন্ট লুইচ , টেমচ নদীৰ পাৰত লণ্ডন , টাইগ্রীচ নদীৰ পাৰত বাগদাদ আদি নগৰ অৱস্থিত । 

প্রশ্ন ১১: প্রাথমিক , দ্বিতীয় , তৃতীয়ক আৰু চতুর্থক বৃত্তিৰ অন্তৰ্গত বিভিন্ন কার্য কি কি ?

উত্তৰঃ প্রাথমিক বৃত্তিৰ লােকৰ প্ৰধান কার্য হ’ল কৃষি কর্ম । 

দ্বিতীয় বৃত্তিৰ লােক শিল্প উদ্যোগৰ লগত বিশেষভাবে জড়িত । 

তৃতীয়ক শ্ৰেণীৰ বৃত্তিৰ লােক সেৱামূলক কাম কাজক সামৰি লয় । 

চতুর্থ শ্রেণীৰ বৃত্তিৰ লােকে বেপাৰ বাণিজ্য আদি কৰে । 

প্রশ্ন ১২: উচ্চভূমি অঞ্চলত কেনেধৰণৰ খেতি কৰা হয় ? 

উত্তৰঃ আমাৰ অসমখন প্রাকৃতিক অবয়বৰ ফালৰ পৰা অতি বৈচিত্রপূর্ণ এখন ৰাজ্য । পর্বত – পাহাৰ , মালভূমি , সমভূমি , নদী – উপত্যকা , চৰ – চাপৰি আদি বিভিন্ন ধৰণৰ ভূ – অবয়ৱৰে অসম গঠিত । ইয়াত উচ্চভূমি , নিম্নভূমি সকলোবােৰ বিৰাজমান । উচ্চভূমি বা পাহাৰীয়া অঞ্চল থিয় গৰা হােৱাৰ বাবে খেতি বাতিৰ বাবে উপযােগী 

নহয় । উচ্চভূমি অঞ্চলত বাস কৰা লােক সকলে ঝুম আৰু বেদিকা পদ্ধতিৰে খেতি কৰে । এনে অঞ্চলত ধান , মাকৈ , তিল , আলু , কচু , শাক – পাচলি , কমলা , মাটি কঠাল আদিৰ খেতি কৰা হয় । 

প্রশ্ন ১৩: খালী ঠাই পূৰ কৰা –

( ক ) ___ কার্য আৰম্ভ হােৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাবে বসবাস কৰিবলৈ আৰম্ভ কৰিলে । 

উত্তৰঃ কৃষি । 

( খ ) ____ উৎসক ভিত্তি কৰি গাওঁবাসীয়ে ভালেমান সা – সুবিধা ভােগ কৰে । 

উত্তৰঃ পানীৰ । 

( গ ) আলিবাট , ৰেলপথ , নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ____ বসতি বােলে । 

উত্তৰঃ ৰৈখিক । 

( ঘ ) বর্তমান অসমত গাৱৰ সংখ্যা ___ খন । 

উত্তৰঃ ২৫,৫৯০ খন । 

( ঙ ) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্রধান উপায় হৈছে ___ ।

উত্তৰঃ কৃষি । 

( চ ) উন্নত দেশবােৰত শতকৰা ____ জন লােক নগৰ অঞ্চলত বাস কৰে । 

উত্তৰঃ ৭০ ।

( ছ ) কৃষিয়েই ____ মূল্য ভিত্তি । 

উত্তৰঃ গ্রাম্য বসতিৰ ।

( জ ) আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নথকাত মানুহে ____ জীৱন – যাপন কৰিছিল । 

উত্তৰঃ অঘৰী । 

( ঝ ) বসতিয়ে সাধাৰণতে মানুহৰ ___ কার্যকে বুজায় । 

উত্তৰঃ স্থায়ী ভাবে বসবাস কৰা ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্ৰশ্ন ১: নগৰীয়া বসতিৰ মূল বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ নগৰীয়া বসতিৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল— 

১। নগৰত বাস কৰা লােক প্রধান বৃত্তি প্রধানকৈ ব্যৱসায় – বাণিজ্য , উদ্যোগ আৰু সেৱামূলক কার্য। 

২। নগৰত বসতি ঘন আৰু স্তুপীকৃত । 

৩। ঘৰ বাৰীৰ আৰ্হি আধুনিক , ওখ ওখ অট্টালিকা বেছি । ঘৰবােৰ শিল , ইটা , বালি , লো , চিমেন্ট আদিৰে নির্মিত । 

৪। যাতায়ত ব্যৱস্থা উন্নত আৰু সুচল । 

৫। যান-বাহনৰ সংখ্যা বেছি । আৰু

৬। ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি । 

প্ৰশ্ন ২: চমু উত্তৰ দিয়াঃ 

( ক ) অসমত বৰ্তমান কিমান গাঁও আছে ? 

উত্তৰঃ ২৫,৫৯০ খন । 

( খ ) অসমৰ কোনকেইখন জিলাত ডাঙৰ ডাঙৰ চাহ বাগিছা আছে ? 

উত্তৰঃ ডিব্ৰুগড় , তিনিচুকীয়া , শিৱসাগৰ , লক্ষ্মীমপুৰ , তেজপুৰ , যােৰহাট , গােলাঘাট জিলাত । 

( গ ) বৰােধান , ইৰিধানৰ খেতি কোন সময়ত কৰে ? 

উত্তৰঃ খৰালি কালত । 

( ঘ ) পাহাৰীয়া অঞ্চলত বাস কৰা লােকসকলে কি পদ্ধতিৰে খেতি কৰে ?

উত্তৰঃ ঝুম আৰু বেদিকা পদ্ধতিৰে । 

( ঙ ) পাহাৰীয়া অঞ্চলৰ মানুহে পাহাৰৰ ঢালত কেনেদৰে বাস কৰে ? 

উত্তৰঃ চাংঘৰ সাজি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top