Niketan Class 8 Social Chapter 1 প্রাকৃতিক সম্পদ

Niketan Class 8 Social Chapter 1 প্রাকৃতিক সম্পদ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 1 প্রাকৃতিক সম্পদ and select need one.

Niketan Class 8 Social Chapter 1 প্রাকৃতিক সম্পদ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 1 প্রাকৃতিক সম্পদ Solutions for All Subjects, You can practice these here…

প্রাকৃতিক সম্পদ

Chapter – 1

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্ৰশ্ন ১: প্রাকৃতিক সম্পদ বুলিলে কি বুজা ? 

উত্তৰঃ প্রাকৃতিক সম্পদ বুলিলে প্ৰকৃতিৰ পৰা পােৱা সম্পদ সমূহক বুজায় । কিছুমান প্রাকৃতিক সামগ্রী মানুহে বিজ্ঞান প্রযুক্তি বা কৌশলৰ দ্বাৰা মানুহৰ প্রয়ােজন পূৰণ কৰিবলৈ ব্যৱহাৰৰ উপযােগী কৰি তােলে । 

প্ৰশ্ন ২: সম্পদৰ প্রধান বৈশিষ্ট্য দুটা কি কি ? 

উত্তৰঃ সম্পদৰ প্রধান বৈশিষ্ট্য দুটা হ’ল— 

( ক ) ইয়াৰ উপযােগিতা থাকিব লাগিব । আৰু 

( খ ) ইয়াৰ কাৰ্যকৰণ ক্ষমতা থাকিব লাগিব । 

প্ৰশ্ন ৩: সম্পদৰ শ্রেণী বিভাজন কৰা । 

উত্তৰঃ সম্পদসমূহক প্রধানকৈ তিনিটা ভাগত ভগাব পাৰিঃ 

১। প্রাকৃতিক সম্পদ ।

২। মানৱ – সৃষ্ট সম্পদ । আৰু 

৩। মানৱ সম্পদ 

প্রশ্ন ৪: ব্যৱহাৰযােগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে ? 

উত্তৰঃ জনসংখ্যাৰ দ্রুতহাৰত বৃদ্ধি পােৱাৰ লগে লগে মাটিৰ চাহিদাও দ্রুত হাৰত বাঢ়িছে । বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কৃষিভূমি দখল কৰি ব্যৱসায় বাণিজ্য , ঘৰ – দুৱাৰ নিৰ্মাণ , উদ্যোগ আদি স্থাপন কৰিবলৈ লৈছে । আনহাতে খাদ্য শস্যৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰিবলৈ অৰণ্য ধ্বংস কৰি কৃষি ভুমিৰ প্ৰসাৰণ ঘটাইছে । এনেবােৰ কাৰণতেই ব্যৱহাৰযােগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে বাঢ়িছে ।

প্ৰশ্ন ৫: ভূমি সম্পদৰ প্রধান সমস্যাসমূহ কি কি ? 

উত্তৰঃ ভূমি সম্পদৰ প্রধান সমস্যাসমূহ হ’ল – 

১। ভূমিৰ অৱক্ষয় । 

২। ভূমি স্থখলন । 

৩। মাটিৰ ক্ষয়ীভৱন ।

৪।গৰাখহনীয়া ।

৫। মৰুকৰণ । আৰু

৬। ভূমি প্রদূষণ ।

প্রশ্ন ৬: কি কি কাৰণত ভূমিৰ অৱক্ষয় হয় ? 

উত্তৰঃ অপৰিকল্পিত কৃষিকার্য , চৰণীয়া পথাৰৰ অত্যধিক ব্যৱহাৰ , অৰণ্য ধ্বংস , নগৰীকৰণ , ঔদ্যোগীকৰণ আদিৰ ফলত মাটিৰ অৱক্ষয় হয় । কৃষিভূমিত অত্যধিক বায়াসনিক দ্রব্যৰ ব্যৱহাৰ , ইটাৰ ভাটা আদি গঢ়ি উঠাৰ ফলতাে ভুমিৰ অৱক্ষয় হয় । 

প্রশ্ন ৭: ভূমি সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা ল’ব পাৰি ? 

উত্তৰঃ ভূমি সংৰক্ষণৰ বাবে তলত উল্লেখিত ব্যৱস্থা সমূহ অধিক ফলপ্রসু হ’ব বুলি ক’ব পাৰি । 

১। ব্যাপক হাৰত বৃক্ষৰােপণ কৰা । 

২। কৃষি কার্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ প্ৰয়ােগ কৰা । 

৩। পাহাৰীয়া অঞ্চলত ঝুমখেতিৰ পৰিৱর্তে বেদিকা কৃষি ব্যৱস্থা প্রচলন কৰা । 

৪। চৰণীয়া পথাৰৰ ওপৰ অংশৰ মাটি সুৰক্ষিত কৰা । 

৫। গছ – গছনি কটা , মাটি খন্দা আদি মানুহৰ অবাঞ্ছিত কার্য ৰােধ কৰা । আৰু

৬। কয়লা , খাৰুৱা তেল আদিৰ খনন কার্যত বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ কৰা । 

প্রশ্ন ৮: চমুটোকা লিখাঃ 

১। ভূমিস্খলন ।

উত্তৰঃ নানা প্রাকৃতিক কাৰণত পাহাৰীয়া অঞ্চলত সাধাৰণতে ভূমিস্খলন হয় । ধাৰাসাৰ বৰষুণ , ভূমিকম্প আদিৰ ফলত ভূ – খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বােলে । গছ – গছনি কাটি পাহাৰীয়া , অঞ্চলত ঘৰ – দুৱাৰ নিৰ্মাণ কৰিবলৈ লােৱাৰ ফলত ভূমিস্খলনৰ মাত্ৰা অধিক হৈছে । 

২। গৰাখহনীয়া ।

উত্তৰঃ নদীৰ পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বােলা হয় । সাধাৰণতে বানপানীৰ পাছত গৰাখহনীয়াৰ মাত্রা বৃদ্ধি পায় । গৰাখহনীয়াৰ ফলত ঘৰ – দুৱাৰ , খেতি – পথাৰ আদি নদীৰ বুকুত জাহ যায় । 

৩। মৰুকৰণ । 

উত্তৰঃ মৰুভূমি সদৃশ অৱস্থাৰ প্ৰসাৰণকেই মৰুকৰণ বুলি কোৱা হয় । সাধাৰণতে মৰুভূমিৰ কাষৰীয়া অঞ্চলত মানুহৰ ধ্বংসাত্মক কার্যকলাপ আৰু জলবায়ুৰ পৰিবৰ্তনৰ ফলতে মৰু অঞ্চলৰ প্ৰসাৰ ঘটা দেখা যায় । 

৪। ভূমি প্রদূষণ ।

উত্তৰঃ নানা ধৰণৰ মানৱ – সৃষ্ট কাৰকৰ দ্বাৰা ভূমি প্ৰদূষণ হয় । ভূমিৰ ওপৰত নিৰ্মাণ কৰা কল – কাৰখানা , বাসগৃহ , কৃত্রিম কৃষি পদ্ধতি আদি ভূমি প্ৰদূষণৰ কাৰক । আনহাতে কৃষি কার্যত অধিক ৰাসায়নিক পদার্থৰ ব্যৱহাৰৰ ফলতাে ভুমি প্ৰদূষিত হয় । 

প্রশ্ন ৯: পৃথিৱীত ব্যৱহাৰযােগ্য নির্মল পানীৰ অভাৱ হােৱাৰ কাৰণ কি ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ সৰহভাগ ঠাই পানীৰে আৱৰি আছে যদিও বেছি ভাগ পানীয়েই লুণীয়া । নির্মল পানীৰ পৰিমাণ মাত্র ২.৫ শতাংশ । ইয়াৰে ১ শতাশ পানীহে মানুহে ব্যৱহাৰ কৰিব পাৰে । আনহাতে ব্যৱহাৰ যোগ্য পানীৰো অধিকাংশই বৰফ , জলীয় বাষ্প আকাৰত থাকে । আনহাতে পানীৰ মাত্ৰাধিক ব্যৱহাৰ আৰু পানীত হােৱা প্ৰদূষণৰ ফলতাে নির্মল পানীৰ অভাৱ ঘটিছে । সেয়ে পৃথিৱীত ব্যৱহাৰযােগ্য নির্মল পানীৰ অভাৱ আছে । 

প্রশ্ন ১০: পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি কি ? 

উত্তৰঃ সাধাৰণতে কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক পদার্থ পানীত মিহলি হােৱাৰ ফলত পানী প্রদুষিত হয় । 

দ্বিতীয়তে কল – কাৰখানাৰ পৰা নিৰ্গত অপদ্রব্য আৰু আৱৰ্জনৰ দ্বাৰাও পানী বহু পৰিমাণে প্ৰদূষিত হয় । 

প্রশ্ন ১১: পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’ব পাৰি ? 

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’ব পাৰি তলত আলোচনা কৰা হ’ল –

১। পানীত অপ্রয়ােজনীয় জাৱৰ – জোঁথৰ পেলােৱা বন্ধ কৰা । 

২। কৃষি কার্যত ৰাসায়নিক দ্রব্য ব্যৱহাৰৰ পৰিবৰ্তে জৈৱিক পদার্থ ব্যৱহাৰ কৰা । আৰু

৩। কল – কাৰখানাৰ অপদ্রব্যবােৰ বিজ্ঞান সম্মত পদ্ধতিৰে ধ্বংস কৰা। 

প্ৰশ্ন ১২: পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত ল’ব পাৰি ? 

উত্তৰঃ পানী সংৰক্ষণৰ বাবে ল’ব পৰা কেইটামান ব্যৱস্থা তলত উল্লেখ কৰা হ’ল –

১। পানী প্রদূষণ ৰােধ কৰা । 

২। বৃক্ষৰােপণ কৰি ভূ – জলৰ পৰিমাণ বৃদ্ধি কৰা।

৩। জলসিঞ্চনত পানীৰ অপচয় ৰােধ কৰা । 

৪। পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জৰিয়তে পাহাৰৰ ঢালত পানী সংৰক্ষণৰ ব্যৱস্থা কৰা । 

৫। পানীৰ পুনৰ চক্ৰায়ন কৰা । 

৬। পানীৰ ব্যৱহাৰ সম্পর্কে জন সচেতনতা বৃদ্ধি কৰা । আৰু

৭। পানী সংৰক্ষণ বিষয়ক আইন প্রণয়ন কৰা । 

প্রশ্ন ১৩: বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল’ব পাৰি ?

উত্তৰঃ বনজ সম্পদ সংৰক্ষণৰ ব্যৱস্থা সমূহঃ 

১। বনজ সম্পদ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় উদ্যান , অভয়াৰণ্য , চিৰিয়াখনা আদি স্থাপনৰ ব্যৱস্থা কৰা। 

২। বিল , জলাহ ভূমি আদি সংৰক্ষণৰ ব্যৱস্থা কৰা। 

৩। পতিত মাটিত ব্যাপক হাৰত বৃক্ষৰােপণৰ ব্যৱস্থা কৰা । 

৪। বনজ সম্পদৰ সংৰক্ষণৰ বাবে জন সজাগতা বৃদ্ধি কৰা ।

৫। আইন প্রণয়ন কৰি বন ধ্বংস আৰু বন্য প্রাণী হত্যা বন্ধ কৰা । 

প্ৰশ্ন ১৪: বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে ? 

উত্তৰঃ বনজ সম্পদে প্রাকৃতিক পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে । তদুপৰি বন্যপ্রাণীক আশ্রয় প্রদান কৰে , মাটি সংৰক্ষণত সহায় কৰে , ভুজল বৃদ্ধিত সহায় কৰে । আনহাতে বনাঞ্চলে গােলকীয় উষ্ণতা ৰােধত বিশেষ অৰিহণা যােগায় । আনহাতে বনজ সম্পদৰ অন্তর্গত বিভিন্ন প্রাণী, কীট পতংগ আদিয়েও সুন্দৰ প্রাকৃতিক পৰিবেশ সৃষ্টিত অৰিহণা যােগায় । সেয়ে আমি বনজ সম্পদ সংৰক্ষণ কৰিব লাগে । 

প্ৰশ্ন ১৫: শক্তি সম্পদ মানে কি ? 

উত্তৰঃ যিবােৰ সম্পদে ঘৰুৱা , কৃষিক্ষেত্র , উদ্যোগিক ক্ষেত্র , যাতায়ত , যােগাযােগ , প্ৰতিৰক্ষা আদিত শক্তিৰ যােগান ধৰে , তেনেবােৰ সম্পদকে শক্তি সম্পদ বুলিব পাৰি । পৰম্পৰাগত আৰু অপৰম্পৰাগত – এই দুই ধৰণৰ শক্তি সম্পদ আছে । 

প্রশ্ন ১৬: জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমানে নথকাৰ কাৰণ কি ? 

উত্তৰঃ জীৱাশ্ম ইন্ধনসমূহ পৃথিৱীৰ অন্তৰ্ভাগত সীমিত পৰিমানতহে মজুত থাকে । এনে ইন্ধন বেছিকৈ ব্যৱহাৰ কৰি থাকিলে নিঃশেষ হৈ যাব পাৰে । সেয়ে জীৱাশ্ম ইন্ধন চিৰদিনৰ বাবে একে পৰিমাণে নাথাকে ।

প্রশ্ন ১৭: পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি সম্পদ বুলিলে কি বুজা ? 

উত্তৰঃ যিবােৰ শক্তি সম্পদ অতীজৰে পৰা পৰম্পৰাগত ভাৱে ব্যৱহাৰ কৰি অহা হৈছে তাক পৰম্পৰাগত শক্তি সম্পদ বুলি কোৱা হয় । আনহাতে যিবােৰ শক্তি সম্পদ পৰম্পৰাগতভাৱে ব্যৱহৃত হােৱা নাই কিন্তু নতুন উৎসৰ পৰা আহৰণ কৰা হৈছে তেনে শক্তিক অপৰম্পৰাগত শক্তি সম্পদ বােলে । যেনে জীৱষ্ম ইন্ধন হ’ল পৰম্পৰাগত শক্তি সম্পদ। আনহাতে সৌৰশক্তি , বতাহ শক্তি আদি অপৰম্পৰাগত শক্তিসম্পদ । 

প্রশ্ন ১৮: শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূর্ণ ? 

উত্তৰঃ পৰম্পৰাগত শক্তি ভাণ্ডাৰ সীমিত । ই এটা সময়ত নিঃশেষ হৈ যাব । কিন্তু অপৰম্পৰাগত শক্তিৰ উৎস এতিয়াও ব্যাপক । 

দ্বিতীয়তে অপৰম্পৰাগত শক্তি সম্পদসমূহ বহু ক্ষেত্ৰত নবীকৰণযােগ্য । এনেবােৰ কাৰণতে শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি সম্পদসমূহ বহু ক্ষেত্ৰত নবীকৰণযােগ্য । এনেবােৰ কাৰণতে শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি অধিক গুৰুত্বপূর্ণ । 

প্ৰশ্ন ১৯: শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে ? 

উত্তৰঃ প্রথম কথা শক্তি সম্পদ আহৰণত খৰচ , সময় , শ্রম , প্রযুক্তি আদি কাৰকবােৰ জড়িত হৈ থাকে । শক্তি সম্পদ অপচয় নকৰাকৈ ব্যৱহাৰ কৰিলেহে ভৱিষ্যতলৈ সম্পদ ৰাহি হ’ব । আনহাতে প্রয়ােজনতকৈ অধিক সম্পদ ভােগ কৰিলে উৎপাদনে বেছিকৈ কৰিব লগা হয় । সেই অনুপাতে শক্তিৰ প্রয়ােজন বেছি হয় আৰু প্ৰদূষণৰ মাত্রা বেছি হয় । সেয়ে শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী আৰু সংৰক্ষণৰ প্রতি সচেতন হােৱা দৰকাৰ । 

প্রশ্ন ২০: পার্থক্য লিখা –

( ক ) নবীকৰণ যােগ্য সম্পদ আৰু অনবীকৰণযােগ্য সম্পদ । 

উত্তৰঃ নবীণযােগ্য সম্পদ পুনৰ ব্যৱহাৰ কৰিব পাৰি । কিন্তু অনৱীৰণযােগ্য সম্পদৰ পুনৰ ব্যৱহাৰৰ সুবিধা নাথাকে। অনবীণযােগ্য সম্পদতকৈ নবীকৰণযােগ্য সম্পদ ব্যৱহাৰত প্ৰদূষণ কম হয় । 

( খ ) পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদ ।

উত্তৰঃ পৰম্পৰাগত শক্তি সম্পদ হ’ল অতীজৰে পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা শক্তি সম্পদ । আনহাতে অপৰম্পৰাগত শক্তি সম্পদবােৰ পৰম্পৰাগত ভাৱে ব্যৱহাৰ নকৰা অথচ নতুন নতুন উৎসৰ পৰা আহৰণ কৰা শক্তি সম্পদ । পৰম্পৰাগত শক্তি সম্পদ নবীকৰণযােগ্য নহয় । কিন্তু অপৰম্পৰাগত শক্তি সম্পদ বহু ক্ষেত্ৰত নবীকৰণযােগ্য । 

প্ৰশ্ন ২১: চমুটোকা লিখাঃ 

১। জীৱাশ্ম ইন্ধন ।

উত্তৰঃ জীৱাশ্ম ইন্ধনবােৰ হ’ল কয়লা , পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ। এনে ইন্ধনবােৰ পৃথিৱীৰ অন্তভাগত সীমিত পৰিমাণেহে জমা থাকে । 

২। সৌৰশক্তি ।

উত্তৰঃ সৌৰশক্তি হ’ল এবিধ অক্ষয় সম্পদ । সূৰ্যৰ শক্তিক সৌৰ কোষত ধৰি ৰাখি বিদ্যুৎ শক্তি উৎপাদন কৰা হয় । সৌৰশক্তি ব্যৱহাৰৰ প্ৰধান সুবিধা হৈছে ই নবীকৰণযােগ্য । ই প্ৰদূষণ সৃষ্টি নকৰে । 

৩। পাৰমাণবিক শক্তি ।

উত্তৰঃ পাৰমাণবিক শক্তি তেজস্ক্রিয় পদাৰ্থৰ অণু পৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা আহৰণ কৰা হয় । পৃথিৱীৰ মুঠ উৎপাদিত শক্তিৰ ১৭% পাৰমাণবিক শক্তিৰ পৰা আহৰণ কৰা হয় । উল্লেখযােগ্য যে তেজস্ক্রিয় পদাৰ্থৰ পৰা বৃহৎ পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰি ৷ পাৰমাণবিক শক্তি উৎপাদন কার্য অধিক খৰচী । 

৪। জোৱাৰ শক্তি ।

উত্তৰঃ জোৱাৰ শক্তি হ’ল সাগৰ , মহাসাগৰত নিয়মিতভাৱে হৈ থকা জোৱাৰ ভাটাৰ পৰা আহৰণ কৰা শক্তি । সাধাৰণতে জোৱাৰ ভাটাৰ পৰা আহৰণ কৰা শক্তি । সাধাৰণতে জোৱাৰ ভাটাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। ভাৰতৰ কচ্ছ উপসাগৰত এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় । জোৱাৰ শক্তি ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয় । এনে শক্তি উৎপাদন কার্য অধিক খৰচী । 

৫। জৈৱ গেছ ।

উত্তৰঃ এই গেছ এক বিশেষ প্রক্রিয়াৰে মৃত উদ্ভিদ আৰু মৃত জীৱ – জন্তুৰ অৱশিষ্টৰ পৰা প্ৰস্তুত কৰা হয় । এই গেছ এবিধ উৎকৃষ্ট ইন্ধন । জৈৱ গেছৰ পৰা প্রদূষণ হয় । 

প্রশ্ন ২২: কোনাে এখন ঠাইত জনবসতি ঘন হােৱাৰ কাৰণ কি বুলি ভাবা ? 

উত্তৰঃ যিবােৰ ঠাইৰ জলবায়ু মানুহৰ বসবাসৰ উপযােগী আৰু মাটি কৃষিকাৰ্যৰ বাবে উপযােগী তেনে ঠাইত মানুহৰ বসতি সাধাৰণতে ঘন হয় । আনহাতে বাণিজ্যিক অঞ্চলতাে ঘন হ’ব পাৰে ।

প্রশ্ন ২৩: বিভিন্ন ঠাইত পানীৰ সংকটে দেখা দিয়াৰ কাৰণ লিখা । 

উত্তৰঃ বিভিন্ন ঠাইত পানীৰ সংকটে দেখা দিয়াৰ কাৰণ তলত আলোচনা কৰা হ’ল –

১। পর্যাপ্ত বৰষুণৰ অভাৱ । 

২। পানীৰ মাত্ৰাধিক ব্যৱহাৰ । আৰু

৩। ভূ – তল জলৰ স্তৰ বহু তললৈ নামি যােবা । 

প্রশ্ন ২৪: কি কি প্রক্রিয়াৰে পানী উৎসসমূহত জমা হয় ? 

উত্তৰঃ পানীৰ উৎসসমুহত জমা হােৱা পানী সাধাৰণতে বৰষুণৰ পৰা আহৰণ কৰা হয় । বৰফ গলিত পানী বিভিন্ন উৎসত জমা হয় । আনহাতে পাহাৰৰ জান – জুৰি আদিৰ পৰা পানী বৈ আহি নৈ , বিল আদিত পৰে । 

প্ৰশ্ন ২৫: বনজ সম্পদক কি কি কাৰকে ক্ষতি কৰে ? 

উত্তৰঃ বনজ-সম্পদৰ সংকট নামি অহাৰ মূল কাৰণ হৈছে প্রাকৃতিক দুর্যোগ আৰু মানুহৰ বিভিন্ন বিবেচনাহীন কার্যকলাপ । বিশেষকৈ ভূমিস্থলন , বানপানী , গৰাখহনীয়া , ছুনামি , বনজুই আদিয়ে বনাঞ্চল ধ্বংসত অৰিহণা যােগায় । মানুহেও অৰণ্য ধ্বংস , বন্যপ্রাণীৰ চিকাৰ আদিৰ জৰিয়তে বনজ সম্পদ ধ্বংস কৰিছে । 

প্রশ্নঃ বতাহ শক্তি কি ? 

উত্তৰঃ বতাহ এবিধ অক্ষয় শক্তি সম্পদ । বতাহ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি । ইয়াৰ উৎপাদন খৰচ কম আৰু ই প্ৰদূষণমুক্ত । অৱশ্যে বেছি বতাহ থকা অঞ্চলতহে বতাহ – শক্তি উৎপাদন কৰিব পাৰি। 

প্রশ্ন ২৬: সৌৰশক্তি ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাবােৰ কি কি

উত্তৰঃ সৌৰশক্তি ব্যৱহাৰৰ প্ৰধান সুবিধা হৈছে ই নৰীকৰণ যােগ্য সম্পদ আৰু ই কোনাে ধৰণৰ প্ৰদূষণ সৃষ্টি নকৰে । ইয়াৰ অসুবিধাবােৰ হ’ল — ই বৰ খৰচী আৰু সূৰ্যৰ তাপ ভালকৈ নপৰিলে ইয়াক বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব নােৱাৰি । 

প্রশ্ন ২৭: পেট্ৰলিয়াম কি ? ইয়াক কিয় ‘ পনীয়া সােণ ’ বুলি কোৱা হয় ? 

উত্তৰঃ পেট্রলিয়াম হ’ল ভূ – ত্বকৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱষ্ম ইন্ধন । পেট্রলিয়াম অতি মূল্যবান সম্পদ হােৱাৰ বাবে ইয়াক ‘ পনীয়া সােণ ’ বুলিও কয় ।

প্রশ্ন ২৮: জোৱাৰ শক্তিৰ পৰা কেনেদৰে বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি ? 

উত্তৰঃ সাগৰ , মহাসাগৰত নিয়মিতভাৱে হৈ থকা জোৱাৰ ভাটাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয় । জোৱাৰৰ সময়ত উঠি অহা পানী বান্ধ দি আবদ্ধ কৰি ৰাখি সৰু বাটেৰে এৰি দি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় । 

প্রশ্ন ২৯: খালী ঠাই পূৰ কৰা –

( ক ) মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবােৰ উপাদনকেই ____ সম্পদ বােলে । 

উত্তৰঃ প্রাকৃতিক ।

( খ ) পৃথিৱীৰ উপৰিভাগৰ ___ হৈছে ভূমি। 

উত্তৰঃ ২৯ শতাংশ ।

( গ ) নদীৰ ক্ৰিয়াৰ বাবে পাৰৰ মাটি খহি পৰাকে ____ বােলে । 

উত্তৰঃ গৰাখহনীয়া ।

( ঘ ) পানী এবিধ ___ সম্পদ । 

উত্তৰঃ নবীকৰণযােগ্য ।

( ঙ ) আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ ___ । 

উত্তৰঃ এক শতাংশ ।

( চ ) চিৰসেউজীয়া ক্রান্তীয় অৰণ্যসমূহক ____ বুলিও কোৱা হয় । 

উত্তৰঃ বৰ্ষাৰণ্য ।

( ছ ) সৌৰকোষৰ জৰিয়তে ___ উৎপন্ন কৰা হয় । 

উত্তৰঃ বিদ্যুৎ শক্তি ।

প্ৰশ্ন ৩০: আমি কি কি উপায়েৰে পানী সংৰক্ষণ কৰিব পাৰো ? 

উত্তৰঃ পানী সংৰক্ষণৰ বাবে ল’ব পৰা কেইটামান ব্যৱস্থা তলত উল্লেখ কৰা হ’ল –

১। পানী প্ৰদূষণ ৰােধ কৰা । 

২। বৃক্ষৰােপণ কৰি ভু – জলৰ পৰিমাণ বৃদ্ধি কৰা। 

৩। জলসিঞ্চনত পানীৰ অপচয় ৰােধ কৰা । 

৪। পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জৰিয়তে পাহাৰৰ ঢালত পানী সংৰক্ষণৰ ব্যৱস্থা কৰা । 

৫। পানীৰ পুনৰ চক্ৰায়ন কৰা । 

৬। পানীৰ ব্যৱহাৰ সম্পর্কে জন সচেতনতা বৃদ্ধি কৰা । আৰু

৭। পানী সংৰক্ষণ বিষয়ক আইন প্রণয়ন কৰা ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: এবিধ জৈৱিক সম্পদৰ উদাহৰণ দিয়া । 

উত্তৰঃ উদ্ভিদ । 

প্রশ্ন ২: এবিধ অজৈৱিক সম্পদৰ উদাহৰণ দিয়া । 

উত্তৰঃ পানী । 

প্রশ্ন ৩: এবিধ নবীকৰণযােগ্য সম্পদৰ উদাহৰণ দিয়া । 

উত্তৰঃ ৰূপ । 

প্রশ্ন ৪: এবিধ অনবীকৰণযােগ্য সম্পদৰ উদাহৰণ দিয়া ।

উত্তৰঃ জীৱাশ্ম ইন্ধন । 

প্ৰশ্ন ৫: ভাৰতীয় মানুহে দৈনিক গড়ে কিমান পানী ব্যৱহাৰ কৰে ? 

উত্তৰঃ ২৫ লিটাৰ । 

প্ৰশ্ন ৬: পৃথিৱীৰ মুঠ মাটিকালিৰ ব্যয় কিমান শতাংশ বননিয়ে আগুৰি আছে ? 

উত্তৰঃ ২৭ শতাংশ । 

প্রশ্ন ৭: আমাৰ এখন বর্ষাৰণ্যৰ নাম লিখা । 

উত্তৰঃ দিহিং পাটকাই । 

প্রশ্ন ৮: পৃথিৱীৰ কেইখনমান প্রধান কয়লা উৎপাদনকাৰী দেশৰ নাম লিখা । 

উত্তৰঃ চীন , আমেৰিকা যুক্তৰাষ্ট্ৰ , ৰাছিয়া , ভাৰতবৰ্ষ , জার্মানী , ফ্রান্স , দক্ষিণ আফ্রিকা আদি। 

প্রশ্ন ৯: কেইবিধমান অপৰম্পৰাগত শক্তিৰ উদাহৰণ দিয়া ? 

উত্তৰঃ সৌৰশক্তি , বতাহ শক্তি , জোৱাৰ শক্তি , জৈৱ শক্তি , পৰমাণু শক্তি , ভূ – তাপীয় শক্তি আদি। 

প্রশ্ন ১০: পৃথিৱীৰ মুঠ উৎপাদিত শক্তিৰ কিমান শতাংশ পাৰমাণৱিক শক্তিৰ পৰা আহৰণ কৰা হয় ? 

উত্তৰঃ ১৭ শতাংশ । 

প্রশ্ন ১১: ভূ – তাপীয় শক্তি বুলিলে কি বুজা ? 

উত্তৰঃ ভূ – পৃষ্ঠৰ অন্তৰ্ভাগৰ তাপৰ পৰা আহৰণ কৰা শক্তিক ভূ – তাপীয় শক্তি বােলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top