Niketan Class 8 Science Chapter 2 অণুজীৱ: মিত্ৰ আৰু শত্ৰু

Niketan Class 8 Science Chapter 2 অণুজীৱ: মিত্ৰ আৰু শত্ৰু is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 2 অণুজীৱ: মিত্ৰ আৰু শত্ৰু and select need one.

Niketan Class 8 Science Chapter 2 অণুজীৱ: মিত্ৰ আৰু শত্ৰু

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 2 অণুজীৱ: মিত্ৰ আৰু শত্ৰু Solutions for All Subjects, You can practice these here…

অণুজীৱ: মিত্ৰ আৰু শত্ৰু

Chapter – 2

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। বসন্ত প্রতিষেধক ছিটা দিওঁতে কোন বিধ দ্রব্য শৰীৰত সুমুৱাই দিয়া হয় ?

উত্তৰ: বসন্ত প্রতিষেধক ছিটা দিওঁতে গো-বসন্তৰ ভাইৰাছ ভেকচিনিয়া মানুহৰ শৰীৰত সুমুৱাই দি বসন্তৰ পৰা আজীৱন সুৰক্ষিত কৰে।

২। তলত দিয়া ৰোগবোৰ কি কি ধৰণৰ অণুজীৱৰ দ্বাৰা সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা।

বসন্ত, যক্ষ্মা, জলাতংক, গ্রহণী, হাইজা আৰু মেলেৰিয়া।

উত্তৰ:

ৰোগৰোগ সৃষ্টি কাৰী অণুজীৱ
(ক) বসন্ত(ক) ভাইৰাছ
(খ) যক্ষ্মা(খ) বেক্টেৰিয়া
(গ) জলাতংক(গ) ভাইৰাছ
(ঘ) গ্রহণী(ঘ)প্ৰট’য’ৱা
(ঙ) হাইজা(ঙ) বেক্টেৰিয়া
(চ) মেলেৰিয়া(চ) প্ৰট’য’ৱা

৩। পোন প্রথমে কোনে প্রতি জৈৱিক আৱিষ্কাৰ কৰে ৷  প্রতি জৈৱিকৰ নাম লিখা।

উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ এজন ইংৰাজ চিকিৎসকে 1929 চনত পোন প্রথমে প্রতিজৈৱিক আৱিষ্কাৰ কৰে। 

দুটা প্ৰতিজৈৱিকৰ নাম হ’ল –

(ক) এৰিট্ৰ’মাইচিন আৰু 

(খ) টেট্রা চাইক্লিনচ,

৪। গাখীৰ পেষ্টুৰাইজ কৰা পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰ: গাখীৰ পেষ্টিউৰাইজড কৰা পদ্ধতিটো হ’ল – প্ৰথমে গাখীৰ খিনি 90°চেলচিয়াচ উষ্ণতাত 15 ৰ পৰা 30 ছেকেণ্ড সময় গৰম কৰি তৎক্ষণাৎ পেকেটত ভৰাই বন্ধ কৰি দিয়া হয়। এই পদ্ধতিটোক পেষ্টিউৰাইজেচন বুলি কোৱা হয়।এনে কৰাৰ ফলত অণুজীৱৰ বৃদ্ধি ৰোধ হয় আৰু পেকেট নোখোলা পর্যন্ত গাখীৰ খিনি বহুদিনলৈ বেয়া নোহোৱাকৈ থাকে। লুইপেষ্টিউ ৰে1857 চনত এই পদ্ধতিটো আৱিষ্কাৰ কৰে।

৫। ৰাইজবিয়াম নামৰ বেক্টেৰিয়া আৰু নষ্টক এনা বিনা নামৰ নীল হৰিৎ শেলায়ে মাটিত কিদৰে  নাইট্ৰ’জেন সংস্থাপন কৰে ব্যাখ্যা কৰা।

উত্তৰঃ ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়া বিধে মাহজাতীয় উদ্ভিদ জোপাৰ শিপাত সোমাই টেমুনাৰ সৃষ্টি কৰে। এই বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন সংগ্ৰহ কৰি নিজে ব্যৱহাৰ কৰাৰ উপৰিও মহাজাতীয় উদ্ভিদজোপাক নাইট্ৰজেন জাতীয় খাদ্যৰ যোগান ধৰে। এইদৰে দুয়ো সহজীৱী হিচাপে বাস কৰে। শস্য চপোৱাৰ সময়ত মাটিমাহৰ শিপাৰ টেমুনাত থকা নাইট্ৰজেন যৌগ মাটিত মিহলি হোৱাত খেতি পথাৰত নাইটজেন জাতীয় সাৰৰ পৰিমাণ বৃদ্ধি হয়। ঠিক সেইদৰে নটক আৰু এনাবিনানামৰ নীল-হৰিৎ শেলায়েও বায়ুৰ পৰা নাইট্ৰ’জেন শোষণ কৰি খেতি পথাৰত নাইট্ৰজেন জাতীয় সাৰ যোগান ধৰে।

৬। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ৷

উত্তৰঃ মানৱ জীৱনত অণুজীৱই কৰা উপকাৰিতা সমূহ হ’ল –

(ক) অণুজীৱৰ দ্বাৰা সুৰা, নানা পানীয়, মাখন, দৈ, আদি প্ৰস্তুত কৰা হয় ৷

(খ) পাউৰুটি, কেক আদি প্ৰস্তুতকৰণত অণুজীৱ ব্যৱহাৰ কৰা হয়।

(গ) অণুজীৱই জৈৱিক আবৰ্জনা পঁচাই পৰিবেশ পৰিষ্কাৰ কৰে ৷

(চ) নানা ধৰণৰ খাদ্যবস্তু প্রস্তুত কৰোঁতে অণুজীৱৰ ব্যৱহাৰ কৰা হয়।

(ঘ) ঔষধ প্ৰস্তুত কৰাত অণুজীৱৰ ব্যৱহাৰ হয়।

(ঙ) মাটি সাৰুৱাকৰণত অণুজীৱৰ ভূমিকা গুৰুত্বপূৰ্ণ।

(ছ) ডায়েটন নামৰ অণুজীৱই অগ্নিৰোধক, ধাতু মসৃন কৰা আৰু দস্ত মাজকত ব্যৱহাৰ হয়।

৭। অণুজীৱ বুলিলে কি বুজা ? অণুজীৱ সমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি ?

উত্তৰঃ অণুজীৱ হ’ল অতি ক্ষুদ্ৰ আৰু ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়।ইহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত হেচাব পাৰি। ইহঁত এককোষী বা বহুকোষী জীৱ। 

অণুজীৱ সমূহক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে, ভাগবোৰ হ’ল –

(i) বেক্টেৰিয়া

(ii) ভেঁকুৰ

(iii) প্ৰ’টজ’ৱা আৰু

(iv) কিছুমান শেলাই।

৮। শুদ্ধ উত্তৰত (√) চিন দিয়া :

(ক) চেনি/ সুৰা / হাইড্ৰ’ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

(খ) আলেকজেণ্ডাৰ ফ্লেমিঙ / এডৱাৰ্ড জেনাৰ / লুই পেষ্টিউৰে পেনিচিলিন প্রস্তুত কৰিছিল।

(গ) মাইকী এন’ফিলিচ মহ / পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটয’ৱাৰ বাহক।

(ঘ) তাপ / গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটিৰ লডা ফুলি উঠে।

উত্তৰ : (ক) চেনি / সুৰা√/ হাইড্ৰ’ক্লবিক এছিড / অক্সিজেন।

(খ) আলেকজেণ্ডাৰ ফ্ৰেমিত্ত √/ এডৱার্ড জেনাৰ /লুইপেষ্টিউৰ।

(গ) মাইকী এন’ফিলিচ মহ √/ পঁইতা চোরা/ মাখি/ পখিলা।

(ঘ) তাপ/ গুড়ি কৰা / ইষ্ট কোষ √।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পোৱা যায়।

উত্তৰঃ অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়।সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়।

২। প্রতিজৈৱিক কি ?প্রতিজৈৱিক ব্যৱহাৰ কৰোতে কি কি সাবধানতা অৱলম্বন কৰিব লাগে  ?

উত্তৰ: এটা জীৱৰ দেহজাত যি পদার্থই আন এটা বা বহুতোজীৱৰ বৃদ্ধি ৰোধ কৰিব তথা ধ্বংস কৰিব পাৰে তাকেই প্রতিজৈৱিক বুলি নামকৰণ কৰা হৈছে। 

প্ৰতিজৈৱিক ব্যৱহাৰ কৰোতে লব লগা সাৱধানতা সমূহ হ’ল – বেমাৰৰ লক্ষণ চাই, কি ধৰণৰ জীৱাণু (অণুজীৱই) ৰোগীক আক্ৰমণ কৰিছে আৰু তাক প্রতিহত কৰিবলৈ সঠিক প্রতিজৈৱিক প্রয়োগ এজন বিজ্ঞ চিকিৎসকৰ দ্বাৰাহে পৰামৰ্শ ল’ব লাগে। অদৰকাৰী প্ৰতিজৈৱিক শৰীৰৰ বাবে অপকাৰী। সেইবাবে অপ্রয়োজনীয় প্রতিজৈৱিক ব্যৱহাৰ কৰিবনা লাগে।

৩। ডাঙৰ আইৰ টিকা কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ এডৱাৰ্ড জেনাৰে 1798 চনত পোন প্ৰথমে ডাঙৰ আইৰ টিকা আৱিষ্কাৰ

৪। নাইট ‘জেন স্থিৰকৰণ কি বুজাই লিখা।

উত্তৰ: জীৱৰ বাবে নাইট্ৰজেন অপৰিহার্য। নাইট’জেনৰ দ্বাৰা জীৱদেহত প্ৰ’টিন, নিউক্লিক এছিড, উৎসেচক আৰু উদ্ভিদৰ পত্ৰহৰিৎ গঠিত হয়। বায়ুমণ্ডলত নাইট্ৰ’জেনৰ পৰিমাণ শতকৰা 78 ভাগ। ইমান বেছি পৰিমাণৰ নাইট’জেন বায়ুমণ্ডলত আছে যদিও জীৱই ইয়াক প্ৰত্যক্ষ ভাবে গ্রহণ কৰিব নোৱাৰে। ই বিভিন্ন উপায়েৰে নাইটজেন যৌগলৈ পৰিণত হৈ মাটিত মিহলি হয়। ইয়েই হৈছে নাইট্ৰজেন স্থিৰকৰণ।

৫। নাইটজেন চক্ৰৰ চিত্ৰটো অঙ্কন কৰা।

উত্তৰ:

চিত্ৰ : নাইটজেন চক্ৰ 

৬। ভাইৰাছ কি ? ভাইৰাছৰ দ্বাৰা হোৱা তিনিবিধ মানুহৰ ৰোগৰ আৰু তিনিবিধ উদ্ভিদৰ ৰোগৰ নাম  লিখা।

উত্তৰ :ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা। ই পোষক দ্ৰব্যৰ ভিতৰত জীৱৰ লক্ষণ দেখুৱায় আৰু বাহিৰত ইয়াৰ প্ৰকৃতি জড় পদাৰ্থৰ দৰে। ভাইৰাছৰ কোষবোৰ নাই। 

ভাইৰাছে সৃষ্টি কৰা মানুহৰ তিনি বিধ ৰোগ হ’ল –

(ক) প্লেগ, (খ) বসন্ত, (গ) হেপাটাইটিছ ‘এ’

ভাইৰাছে সৃষ্টি কৰা তিনিবিধ উদ্ভিদৰ ৰোগ হ’ল

(ক) মটৰৰ ম’জেইক ৰোগ

(খ) বিলাহীৰ পাতৰ কুঞ্চন ৰোগ

(গ) ধপাতৰ

৭। পচন সাৰ কি দৰে প্ৰস্তুত কৰা হয় ?

উত্তৰ: পচন সাৰ প্ৰস্তুত কৰিবলৈ ঘৰৰ চৌহদৰ পিছফালে নাই বা বিদ্যালয়ৰ ( নিকেতনৰ ) বাগিচাৰ চুকত এটা গাঁত খান্দিব লাগে। ইয়াত ৰৈ যোৱা খাদ্য, পাক ঘৰৰ পেলনীয়া কেঁচা সামগ্ৰী, তল সৰা পাত, কটা ঘাঁহ বন, পাৰিলে গৰু-ছাগলীৰ গোবৰ আদিবোৰ জমা কৰি দুই তিনি মাহ মানৰ মূৰত গীতটোৰ জাবৰবোৰ তল-ওপৰ কৰি পানী ছটিয়াই এমাহৰ বাবে আগৰ দৰে মাটিৰে ঢাকি দিব লাগে। গাঁতটোত থকা জৈৱিক আৱৰ্জনাবোৰৰ ওপৰত অণুজীৱ সমুহে ক্ৰিয়া কৰি উত্তম পচন সাৰ তৈয়াৰ কৰে ৷ গাঁত খান্দিবলৈ মাটি নাথাকিলে, ডাঙৰ মাটিৰ পাত্ৰতো পচন সাৰ তৈয়াৰ কৰিব পাৰি।

৮। ‘ক’ অংশত থকা অণুজীৱবোৰক ‘খ’অংশৰ ক্ৰিয়াৰ লগত মিলোৱা :

(ক) বেক্টেৰিয়া(ক) নাইট্ৰজেন স্থিৰকৰণ।
(খ) ৰাইজবিয়াম(খ) দৈ প্ৰস্তুত কৰাত
(গ) লেক্টবেছিলাছ(গ) পাউৰুটি প্রস্তুতকৰণত
(ঘ) ইষ্ট(ঘ) মেলেৰিয়া ৰোগ সৃষ্টিত
(ঙ) প্ৰট’জ’ৱা(ঙ) এইডছ ৰোগ সৃষ্টিত
(চ) ভাইৰাছক(চ) কলেৰা ৰোগ সৃষ্টিত

উত্তৰ:

(ক) বেক্টেৰিয়া(চ) কলেৰা ৰোগ সৃষ্টিত
(খ) ৰাইজবিয়াম(ক) নাইট্ৰজেন স্থিৰকৰণ।
(গ) লেক্টবেছিলাছ(খ) দৈ প্ৰস্তুত কৰাত
(ঘ) ইষ্ট(গ) পাউৰুটি প্রস্তুতকৰণত
(ঙ) প্ৰট’জ’ৱা(ঘ) মেলেৰিয়া ৰোগ সৃষ্টিত
(চ) ভাইৰাছক(ঙ) এইডছ ৰোগ সৃষ্টিত

৯। খালী ঠাঁই পূৰ কৰা

(ক) অণুজীৱবোৰ —— যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।

উত্তৰ: অণুবীক্ষণ ।

(খ) নীলসেউজ শেলায়ে বায়ুৰ পৰা পোন পটীয়াকৈ —– গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

উত্তৰ: নাইট্ৰজেন ।

(গ) —– সহায়ত সুৰা প্ৰস্তুত হয়।

উত্তৰ: ইষ্টৰ ।

(ঘ) —–  ৰ দ্বাৰা কলেৰা হয়।

উত্তৰ: বেক্টেৰিয়া  ।

(ঙ) —— আলেকজেণ্ডাৰ ফ্লেমিং নামৰ এজন ইংৰাজ চিকিৎসকে আৱিষ্কাৰ কৰিছিল।

উত্তৰ: পেনিচিলিন ।

চ) শৰ্কৰা জাতীয় খাদ্যক —– প্ৰক্ৰিয়াৰে সুৰা আৰু এঙাৰ গেছলৈ ৰূপান্তৰ কৰিছিল।

উত্তৰ: কিন্বণ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top