Niketan Class 8 Assamese Chapter 16 জন্মভূমি

Niketan Class 8 Assamese Chapter 16 জন্মভূমি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 16 জন্মভূমি and select need one.

Join Telegram channel

Niketan Class 8 Assamese Chapter 16 জন্মভূমি

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 16 জন্মভূমি Solutions for All Subjects, You can practice these here…

জন্মভূমি

Chapter – 16

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) জন্মভূমি কাক বােলে ? 

উত্তৰঃ যি দেশত যি মানুহ ওপজে , সেই দেশক সেই মানুহৰ জন্মভূমি বােলে ।

( খ ) লেখকৰ জন্মভূমি কোনখন ? 

উত্তৰঃ লেখকৰ জন্মভূমি অসম । 

( গ ) লিখকৰ মতে তিৰােতাই কি ভাল পায় ?

উত্তৰঃ লিখকৰ মতে তিৰােতাই মুৰৰ চুলি আৰু অলংকাৰ ভাল পায় । 

( ঘ ) লিয়নিদাচ কোন আছিল ? 

উত্তৰঃ লিয়নিদাচ এগৰাকীগ্রীক সেনাপতি আছিল।

( ঙ ) পাৰস্য সেনাৰ সংখ্যা কিমান আছিল ? 

উত্তৰঃ পাৰস্য সেনাৰ সংখ্যা দুই নিযুত আছিল ।

( চ ) পাৰস্যৰ পৰা গ্ৰীচৰ ভিতৰলৈ সােমােৱা পৰ্বতীয়া বাটটোৰ নাম কি আছিল ? 

উত্তৰঃ পাৰস্যৰ পৰা গ্ৰীচৰ ভিতৰলৈ সােমােৱা পৰ্বতীয়া বাটটোৰ নাম ‘ থামপিলি ‘ আছিল ।

( ছ ) চুলতান মামুদৰ লগত হিন্দুবিলাকৰ ৰণ লাগােতে হিন্দু তিৰােতাই কিদৰে সহায় কৰিছিল ? 

উত্তৰঃ হিন্দু তিৰােতাবিলাকে নিজৰ অলংকাৰ বেছি ৰণৰ খৰচ যােগাই সহায় কৰিছিল ।

( জ ) কার্থেজৰ তিৰােতাই ধনুৰ ডােল খুৱাবলৈ কি দিছিল ? 

উত্তৰঃ কার্থেজৰ তিৰােতাসকলে নিজৰ মূৰৰ চুলি কাটি ধনুৰ ডােল খুৱাবলৈ দিছিল । 

প্রশ্ন ২: “ ইহঁত অতি অধম লোক ” —ইয়াত অধম লােক বুলি কাক কিয় কোৱা হৈছে ? 

উত্তৰঃ দেশদ্রোহী আৰু বিশ্বাসঘাতক মানুহক কোৱা হৈছে । কাৰণ এনেকুৱা মানুহ দেশ তথা জাতিৰ শত্রু । সিহঁতে নিজৰ সুখ তথা স্বার্থৰ কাৰণে দেশ আৰু জাতিৰ ক্ষতি কৰে । এনেকুৱা দেশদ্রোহী আৰু স্বার্থপৰ মানুহৰ বাবেই অসমলৈ মান আহিছিল আৰু অসমে স্বাধীনতা হেৰুৱাবলগীয়া হৈছিল । 

প্রশ্ন ৩: লেখকে দেশদ্রোহী সকলৰ পৰিণতি সম্পর্কে কি কৈছে ? 

উত্তৰঃ লৈখকে দেশদ্রোহীসকলৰ পৰিণতি সম্পর্কে কৈছে যে দেশদ্রোহীসকল স্বদেশী আৰু বিদেশী দুইৰো ওচৰত ঘৃণিত আৰু অবিশ্বাসী হয় ; আৰু অৱশেষত সিহঁতৰ একেবাৰেই সর্বনাশ ঘটে। 

প্রশ্ন ৪: থামপিলিৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? এই যুদ্ধত কোন জয়ী হৈছিল ? 

উত্তৰঃ থামপিলিৰ যুদ্ধ গ্ৰীচ দেশ আৰু পাৰস্য দেশৰ মাজত হৈছিল । যুদ্ধত পাৰস্য জয়ী হৈছিল। 

প্ৰশ্ন ৫: দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও আনকি প্রকাৰে দেশৰ উপকাৰ কৰিব পাৰি — পাঠৰ আধাৰত চমুকৈ লিখা । 

উত্তৰঃ দেশৰ হকে যুঁজ দিয়াটো মহান কাম । কিন্তু কেৱল যুঁজ কৰিয়েই দেশৰ উপকাৰ কৰিব পাৰি এনে নহয় ; আন অনেক প্রকাৰে দেশৰ উপকাৰ কৰিব পাৰি । বেপাৰ কৰা , বাতৰি কাকত চপােৱা , মাতৃভাষাৰ উন্নতি কৰা , দেশৰ ডাঙৰ অভাৱ গুচোৱা আদি কামৰ মাজেৰেও দেশৰ উপকাৰ কৰিব পাৰি । অৱশ্যে কিছুমান কাম অকলে বা এজন দুজন মানুহৰ দ্বাৰা কৰা সম্ভৱ নহয় । এনেকুৱা কামবােৰ বহু মানুহ গােট খাই পাৰস্পৰিক সহযােগিতাৰ দ্বাৰা কৰিব পাৰি । পৰস্পৰৰ সহায়ৰ দ্বাৰাই দেশৰ ধন বাঢ়ে আৰু উন্নতি হয় । দেশৰ উন্নতি কৰাৰ এটা ঘাই উপকৰণ হৈছে , সকলাে মানুহৰ মাজত মিল বা একতা । মানুহৰ মাজত একতা থাকিলে দেশত শান্তি – সম্প্রীতি অটুট থাকে আৰু ইয়ে দেশৰ উন্নতিত সহায় কৰে । গতিকে মানুহৰ মাজত একতা ৰক্ষা কৰি চলিও দেশৰ উপকাৰ কৰিব পাৰি । 

প্রশ্ন ৬: পাঠটিত লিয়নিদাচৰ স্বদেশ প্রেম কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। 

উত্তৰঃ পাঠটিত লিয়নিদাচৰ স্বদেশ প্রেম সুন্দৰভাৱে প্ৰকাশ পাইছে । দুই নিযুত পাৰস্য সেনাই গ্ৰীচ আক্রমণ কৰিবলৈ অহাত গ্রীকসকলে ভয়ত কম্পমান হৈছিল । তেনে অৱস্থাত অসীম সাহসী গ্রীক সেনাপতি লিয়নিদাচে স্বদেশৰ হকে নিজৰ প্রাণ দিবলৈ আগবাঢ়ি আহিছিল । লিয়নিদাচে তেওঁৰ নিজৰ নগৰ স্পৰ্টাৰৰ পৰা বাছি বাছি লােৱা তিনিশ সেনা আৰু লগৰীয়া ৰাজ্যৰ প্ৰায় চাৰি হেজাৰ সেনা লগত লৈয়ে দুই নিযুত পাৰস্য সেনাৰ লগত থামপিলিত যুদ্ধ কৰিছিল । হৃদয়ত অফুৰন্ত স্বদেশ প্রেম নাথাকিলে কোনেও এনেদৰে মৰসাহ কৰি বিশাল শত্রু সেনাৰ বিৰুদ্ধে যুঁজিবলৈ , নাযায় । পাৰস্যৰ এটা সেনাদলে বেলেগ পথেৰে আহি 

পাছ ফালৰ পৰা গ্ৰীক সেনাক আক্রমণ কৰোঁতে নিশ্চিত মৃত্যুৰ উমান পাই লিয়নিদাচে লগৰ সেনাপতি সকলক হকি যাবলৈ পৰামর্শ দিছিল ৷ 

তেওঁ নিজেও হুহকি গৈ প্রাণ বচাব পাৰিলেহেঁতেন। কিন্তু তেওঁ হুহকি নগ’ল । জন্মভূমিতকৈ তেওঁৰ প্রাণ ডাঙৰ বস্তু নহয় । সেয়েহে তেওঁ প্ৰৱল পৰাক্ৰমেৰে যুদ্ধ কৰি শত্রু সেনা নিধন কৰি গৈছিল । শেষত গৈ তেওঁৰ লগত ৰৈছিল মাত্র চৈধ্যশ সেনা । স্বদেশৰ নামত জীৱন উচৰ্গা কৰা লিয়নিদাচে বুজি পাইছিল যে তেওঁলােকৰ কোনেও আৰু যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰি যাব নােৱাৰে । সেয়েহে সেনাসকলক তেওঁ জীৱনত শেষ ভােজন কৰিবলৈ কৈছিল । ভােজনৰ পাছত লিয়নিদাচে ধুমুহাৰ দৰে পাৰস্য সেনাক আক্রমণ কৰি এফালৰ পৰা নিধন কৰি গৈছিল । কিন্তু মাত্র চৈধ্যশ সেনাৰে প্রায় দুই নিযুত সেনাৰ সৈতে যুঁজিব কিমান ? তেওঁলােকৰ অস্ত্র – শস্ত্র ভাগি গৈছিল । তথাপি দেহত স্বদেশ প্রেমৰ তেজে তগবগাই থকা লিয়নিদাচে ভগা অস্ত্ৰৰে , হাতেৰে আৰু দাঁতেৰে যুঁজি খুঁজি অলেখ শত্রু বধ কৰিছিল আৰু অৱশেষত যুদ্ধক্ষেত্ৰতে প্রাণ এৰিছিল । ওপৰৰ কথাবােৰৰ মাজেৰে লিয়নিদাচৰ স্বদেশ প্রেম , সাহস আৰু ত্যাগৰ নিদর্শন সুন্দৰভাৱে প্ৰকাশ পাইছে ।

প্রশ্ন ৭: “ দেশহিতৈষিতাৰ এনেহে বল ” —তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ দেশহিতৈষিতা মানুহৰ এটা বৰ ডাঙৰ গুণ। ই মানুহক দেৱতা আৰু অমৰ কৰে । যি দেশৰ উপকাৰ কৰে , তেওঁ তাৰ অলেখ নৰ – নাৰীৰ উপকাৰ কৰে । এই উপকাৰ কৰোঁতে কেতিয়াবা নিজৰ অপকাৰ কৰিব লগাত পৰে ; কেতিয়াবা কেতিয়াবা নিজৰ দেহাকো জন্মভূমিৰ নিমিত্তে বলি দিব লগা হয় । এই কাৰণে দেশ হিতৈষীৰ মহৎ যশস্যা হয় ; লােকে তেওঁক মনেৰে সৈতে ভক্তি আৰু প্রীতি কৰে , জগতত চন্দ্র সূর্য থাকে মানে তেওঁৰ নাম প্রখ্যাত হৈ থাকিবও পাৰে । দেশ হিতৈষী বৰ মহৎ আৰু স্বার্থত্যাগী । জন্মভূমিৰ নিমিত্তে তেওঁ কৰিব নােৱাৰা কাম একো নাই । 

দেশহিতৈষিতাৰ বলতে গ্রীক সেনাপতি লিয়নিদাচে দুই নিযুত পাৰস্য সেনাৰ বিৰুদ্ধে মাত্র এমুঠিমান সৈন্য লগত লৈ পৰম বিক্ৰমেৰে যুদ্ধ কৰি মৃত্যু বৰণ কৰিছিল । থামপিলিত হােৱা এই যুদ্ধত গ্রীকসকল হাৰিছিল । কিন্তু লিয়নিদাচে দেশহিতৈষিতাৰ যি নিদর্শন দেখুৱাই থৈ গৈছিল , সিয়ে গ্রীকসকলক উদ্বুদ্ধ কৰিছিল । সেয়ে দেশহিতৈষী গ্রীকসকলে লিয়নিদাচৰ মৃত্যুৰ পাছত তেওঁৰ আৰু তেওঁৰ তিনিশ সেনাৰ দৃষ্টান্ত গৈ প্রাণপনে যুঁজ কৰি মহা প্রতাপী পাৰস্যধিপতিক পৰাজিত কৰিছিল আৰু গ্ৰীচৰ পৰা বাহিৰ কৰি দিছিল । সেয়েহে লিখকে দেশহিতৈষিতাৰ এনেহে বল বুলি কৈছে । 

প্ৰশ্ন ৮: লেখকে এই দেশৰ উন্নতিৰ হকে অসমীয়া জাতিক দিয়া উপদেশখিনি পাঠৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ লেখকে দেশৰ উন্নতিৰ হকে অসমীয়া জাতিক কিছুমান উপদেশ দিছে । তেওঁ কৈছে যে অসম যিহেতু আমাৰ জন্মভূমি , আমি এই দেশখনক ভালপােৱা উচিত । আমাৰ নিজৰ আইৰ সুখ – দুখ , মান – অপমানক আমি যিদৰে আমাৰ নিজৰ সুখ – দুখ , মান – অপমান বুলি ভাবাে , সেইদৰে এই দেশৰ সুখ – দুখ মান – অপমানকো আমি নিজৰ বুলি ভবাটো উচিত । প্রত্যেক অসমীয়াই জন্মভুমিক সেৱা কৰিবলৈ শিকা কর্তব্য । তেওঁ ইয়াকো কৈছে যে দেশৰ উন্নতি হ’বলৈ হ’লে আমাৰ মনত দেশানুৰাগ সােমাব লাগিব , দেশৰ দুৰ্দশাত আমাৰ চকুপানী ওলাব লাগিব আৰু দেশৰ মানুহক আমি ভাই – ককাই বুলি জ্ঞান কৰিব লাগিব ।

প্রশ্ন ৯: লেখকে অসম দেশৰ দুৰৱস্থাৰ হেতু কি বুলি কৈছে ? 

উত্তৰঃ লেখকে অসমীয়া জাতিৰ দুৰৱস্থাৰ হেতু বা কাৰণ কোটাও দেখুৱাইছে । 

প্রথম কথা অসমীয়া জাতিৰ মানুহৰ ভিতৰত একতা আৰু দেশানুৰাগ নাই । সকলােৱে মিলি দেশৰ উপকাৰ কৰিব লাগে , নাইবা কোনােৱে 

এই দেশৰ মানুহৰ প্ৰতি কিবা বেয়া আচৰণ কৰিলে তাক নিৰাকৰণ কৰা উচিত — এনেকুৱা ডাঙৰ ভাব এতিয়াও আমাৰ মানুহৰ হােৱা নাই । 

দ্বিতীয়তে , জন্মভূমি যে এটা কি বস্তু , সি যে স্বৰ্গতকৈয়াে ডাঙৰ এই কথা আমি সমুলি অনুভৱ কৰিব পৰা নাই । নিজ স্বাৰ্থত দেশক বিশ্বাস ঘাতকতা কৰা মানুহ আমাৰ মাজত আছে । 

তৃতীয়তে , অসমীয়া মানুহ আত্মকেন্দ্রিক আৰু স্বার্থপৰ । নিজৰ উন্নতিক লৈ , নিজৰ ল’ৰা – তিৰােতাক লৈয়ে ব্যস্ত থাকিব বিচাৰে । দেশৰ বা সমাজৰ উন্নতি নহ’লে মানুহৰ ব্যক্তিগত উন্নতিও যে ভালকৈ হ’ব নােৱাৰে , এই বােধটো অসমীয়া মানুহৰ নাই । 

চতুর্থত , অসমীয়া মানুহ পৰমুখাপেক্ষী আৰু চকুচৰহা । অসমীয়া মানুহ প্রায় সকলাে বিষয়তে পৰৰ মুখলৈ চোৱা স্বভাৱৰ । নিজে একো নকৰি আনে কৰি দিয়াৰ আশা কৰি থাকে । আনহাতে , আন কোনাে অসমীয়াৰ উন্নতি দেখিলে আমাৰ চকু পােৰে , কিন্তু বিপদ হলে আমাৰ আনন্দ লাগে। লেখকে অসম দেশৰ দুৰৱস্থাৰ হেতু হিচাপে ওপৰৰ কথাবােৰকেই দেখুৱাইছে । 

প্রশ্ন ১০: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা –

( ক ) “ জননী জন্মভূমিশ্চ স্বর্গাদপি গৰিয়সী। ” 

উত্তৰঃ বাক্যটি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , লম্বােদৰ বৰদেৱে লিখা জন্মভূমি নামৰ পাঠটিৰ পৰা লােৱা হৈছে । 

নিজৰ মাতৃ আৰু নিজে ওপজা ঠাইখন বা দেশখন মানুহৰ মনত কেনে হােৱা উচিত বাক্যটি পাঠটিত উল্লেখৰ মাজেৰে তাকেই লেখকে ক’বলৈ বিচাৰিছে । 

জননীয়ে আমাক জন্ম দিছে । তেওঁৰ বাবেই আমি পৃথিৱীৰ পােহৰ দেখিবলৈ পাইছোঁ ” তেৱেই আমাক তুলি – তালি ডাঙৰ – দীঘল কৰিছে ” তেওঁ আমাৰ সুখত সুখী আমাৰ দুখত দুখী হয় । সেইদৰে আমি জন্ম লাভ কৰা এই দেশখন হৈছে আমাৰ জন্মভূমি । এই দেশৰ বায়ু – পানী গ্ৰহণ কৰি ; এই মাটিতে বাগৰি আমি ডাঙৰ – দীঘল হৈছে । জন্মবিধি এই দেশৰ সৈতে আমাৰ এক আন্তৰিক সম্পর্ক আছে । সেয়েহে সুখ – সম্ভোগেৰে ভৰা কল্পনাৰে কোনাে স্বৰ্গতকৈ বাস্তৱত আমাক জন্ম দিয়া মাতৃগৰাকী আৰু ওপজা দেশখন শ্রেষ্ঠ । এনেকুৱা জননী আৰু জন্মভূমিৰ সুখ – দুখ , হাঁহি কান্দোনবােৰ আমি নিজৰ বুলি অনুভৱ কৰিব লাগে আৰু জীৱন থকালৈকে দুয়ােৰে প্রতি আন্তৰিকভাৱে , শ্রদ্ধাসহকাৰে সেৱা আগবঢ়াব লাগে । 

( খ ) “ জন্মভূমিৰ হিত চিন্তা — এটা মহাধর্ম । 

উত্তৰঃ কথাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , লম্বােদৰ বৰাদেৱে ৰচনা কৰা ‘ জন্মভূমি ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 

জন্মভূমিৰ মংগলৰ বাবে কাম কৰিলে মানুহে কি ফল পায় , তাকে লেখকে উক্ত বাক্যটিৰ মাজেৰে প্ৰকাশ কৰিছে । 

আমি ওপজা দেশখন হৈছে আমাৰ জন্মভূমি । জন্মভূমিৰ বায়ু – পানী গ্ৰহণ কৰি , ইয়াৰ মাটিতে ডাঙৰ – দীঘল হৈ আমি আমাৰ জীৱন ৰথ চলাই নিওঁ । সেয়েহে আমি সদায় জন্মভূমিৰ হিত চিন্তা কৰা উচিত । আমাৰ শাস্ত্রয়াে কয় যে যি যুঁজত মৰে , তেওঁ সৰগলৈ যায় । যি দেশ ৰক্ষা কৰে , স্বদেশৰ অসংখ্য নৰ-নাৰীক মৃত্যু আৰু উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ নিমিত্তে নিজৰ জীৱন বলি দিয়ে , তেওঁ মহাধর্মৰ কাম কৰে । তেওঁৰ জীৱনই সার্থক জীৱন । গতিকে আমি জন্মভূমিৰ সুখ – দুখ , হাঁহি- কান্দোন উপলব্ধি কৰি জন্মভূমিৰ সর্বতােপ্রকাৰ মংগলৰ হকে কাম কৰা উচিত । 

( গ ) জন্মভূমিৰ ঘােৰ দুৰৱস্থা অসমীয়াৰ ঘােৰ টোপনি । 

উত্তৰঃ কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লম্বােদৰ বৰাদেৱে ৰচনা কৰা ‘ জন্মভূমি ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।  

এই কথাফাকিৰ জৰিয়তে জন্মভূমিৰ প্রতি উদাসীন অসমীয়া জাতিটোক ধিক্কাৰ দিয়াৰ লগতে জাতিটোৰ চেতনা জগাই তুলিবলৈ লেখকে প্রয়াস কৰিছে । 

স্বদেশানুৰাগী লেখক গৰাকী জন্মভূমিক লৈ বৰ চিন্তিত । তেওঁ দেখিছে যে অসমৰ খেতিবাতি , বেপাৰ বাণিজ্যৰ সাৰভাগ বাহিৰৰ মানুহে ভােগ কৰি আছে , কিন্তু অসমীয়া মানুহৰ ভাত কাপােৰৰ অভাৱ । অসমীয়া মানুহৰ একতা আৰু দেশানুৰাগ নাই । সকলােৱে মিলি দেশৰ উন্নতিৰ হকে যে কিবা কৰা উচিত , এনেকুৱা মনােভাৱ কাৰো নাই । মানুহবােৰ নিজৰ ভিতৰতে হিংসা – হিংসি , খিয়লা – খিয়লিত ব্যস্ত । নিজা স্বার্থত দেশক বিশ্বাসঘাতকতা কৰে , দেশৰ প্ৰতি দ্রোহ আচৰে । জন্মভূমি যে কি বস্তু , ই যে স্বৰ্গতকৈও শ্রেষ্ঠ এই কথা অসমীয়া মানুহে অনুভৱেই কৰিব নােৱাৰে । মানুহবোৰ , নিজৰ উন্নতিক লৈহে চিন্তিত । দেশৰ উন্নতি হ’লেহে যে নিজৰ উন্নতি সম্ভৱ হয় , এই কথাটো অসমীয়া মানুহে উপলব্ধি কৰিব নােৱাৰে । অসমীয়া মানুহ স্বভাৱতেই পৰমুখাপেখী আৰু চকু চৰহা । এইবােৰ কাৰণতে আমাৰ জন্মভূমি অসমখন উন্নতিৰ জখলাৰ তলৰ খাপত পৰি আছে । ইয়াকে লেখকে জন্মভূমিৰ ঘােৰ দুৰৱস্থা বুলি আৰু দেশৰ এই দুৰৱস্থা দেখিও তাৰ প্রতি অসমীয়া মানুহ উদাসীন হােৱাটোক অসমীয়াৰ ঘােৰ টোপনি বুলি কৈছে। 

ভাষা-বিচাৰ

প্রশ্ন ১: ভাৱ সম্প্রসাৰণ কৰা –

( ক ) ৰাইজে নখ জোকাৰিলে নৈ বয় । 

উত্তৰঃ এটোপ এটোপ পানী লগ হৈয়ে নদীৰ সৃষ্টি হয় । সেইদৰে একত্রিত হােৱা অজস্র মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ’ব পাৰে ; অৱশ্যক মাত্র একত্রিত কৰা । কথাষাৰৰ অন্তনিহিত অর্থ এই যে বহুত মানুহ এক হৈ প্রত্যেকেই অলপ প্রচেষ্টা আগবঢ়াইও একোটা মহৎ কার্য সম্পাদন কৰিব পাৰে । এপইচা , দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বর্তমান শিক্ষানুষ্ঠানকে ধৰি বহুতাে মহৎ অনুষ্ঠান গঢ়ি উঠিছে । সেয়েহে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰে । 

( খ ) এশ গৰু খালে বাঘৰো মৰণ । 

উত্তৰঃ বাঘ অতিশয় হিংস্র জন্তু ; বাঘে গৰু খায় , কিন্তু গাে-বধ মহাপাপ । অধিক গৰু বধ কৰি খালে , বাঘৰো মহাপাপ হয় ; তাৰ ফলত বাঘৰ মৃত্যু হয় । কথাটো এনেকুৱা এটা , দুটা গৰু বাঘে খােৱাটোক হয়তাে মানুহে বেছি গুৰুত্ব নিদিয়ে । কিন্তু বাঘৰ অত্যাচাৰ বাঢ়ি গৈ ই যেতিয়া এশ গৰু অর্থাৎ বহু গৰু খায় , তেতিয়া মানুহৰ মাজত কথাটোৱে গুৰুত্ব পায় আৰু যিকোনাে উপায়ে মানুহে বাঘ বধ কৰে । কথাষাৰ মানুহক উদ্দেশ্য কৰি কোৱা হয় । কিছুমান মানুহে পাপ- পূণ্য , ধর্ম- – অধর্ম নীতি – নিয়মলৈ কেৰেপ নকৰি অসৎকার্য কৰে , আনৰ অন্যায় কৰে । কিন্তু তাৰো এটা সীমা আছে । সীমা অতিক্রম কৰিলে তেনেকুৱা অসৎ চৰিত্ৰৰ মানুহে নিশ্চিতভাৱে শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ; কেতিয়াবা মৃত্যু পর্যন্ত হয় । 

( গ ) একতাৰ অসাধ্য একো নাই । 

উত্তৰঃ গাই – গুটীয়াকে বা অকলে কিছুমান কৰিব পাৰি ; কিন্তু কিছুমান কাম অকলে কৰা অসম্ভৱ । তেনেকুৱা কাম কৰিবৰ বাবে মানুহৰ একতাৰ , একত্রিত প্রচেষ্টাৰ দৰকাৰ । খেতি পথাৰৰ মাজৰ সৰু আলি এটা অকলে দিব পাৰি , কিন্তু বৃহৎ ৰাজ আলি এটা বা বানপানী ভেটিবলৈ মথাউৰি এটা অকলে সাজিব নােৱাৰি । এনেবােৰে কাম একত্রিত প্রচেষ্টাৰেহে কৰা যায় । এটা পােৱালপােক একো বস্তুৱেই নহয় ; 

অথচ কৌটি কৌটি অবুদ অবুদ পােৱাল পােক গােট খাই একোটা পােৱাল দ্বীপ বা একোখন পােৱাল পর্বত নিৰ্মাণ কৰে । একতাৰ বলতে ভাৰতবাসীয়ে প্ৰৱল প্ৰতাপী 

ইংৰাজক খেদি ভাৰত মাতাৰ শিৰত স্বাধীনতাৰ গৌৰৱ – মুকুট পিন্ধাইছিল ; ছােভিয়েট ৰাচিয়াৰ জনগণে অত্যাচাৰী জাৰৰ শাসন ওফৰাই পেলাইছিল । এনেকুৱা উদাৰহণবােৰৰ পৰাই বুজি পােৱা যায় যে একতাৰ অসাধ্য একো নাই । 

( ঘ ) চেষ্টাৰ অসাধ্য একো নাই । 

উত্তৰঃ কাম কৰিবলৈ চেষ্টা লাগে । কিছুমান কাম কম চেষ্টাৰে সম্পন্ন কৰিব ; পাৰি কিছুমান কাম কম চেষ্টাৰে বা এবাৰ দুবাৰ চেষ্টা কৰি সম্পন্ন কৰিব নােৱাৰি । যিবিলাক কাম কষ্টকৰ , সেইবিলাক কাম দুৰূহ বুলি বা অসাধ্য বুলি বহু মানুহে এৰি পেলায় । কিন্তু যি মানুহৰ মনৰ দৃঢ়তা থাকে , সেই মানুহে বাৰে বাৰে বিফল হােৱাৰ পাছতাে চেষ্টা এৰি নিদিয়ে আৰু দুৰূহ বুলি , অসাধ্য বুলি মানুহে ভবা কামকো কৰি দেখুৱাই। বহুবাৰ বিফল হােৱাৰ পাছতো নিজৰ জীৱনকো তুচ্ছ কৰি বাৰে বাৰে চেষ্টা কৰি টেনজিং নৰ্কে এদিন পৃথিৱীৰ সর্বোচ্চ শৃঙ্গ এভাৰেষ্টত আৰহণ কৰি পৃথিৱীৰ মানুহক চমক খুৱাইছিল । বিজ্ঞানী আৰু প্রযুক্তিবিদ সকলৰ অবিৰত চেষ্টাৰ ফলতে আমি ন ন আবিষ্কাৰ বিলাক দেখিবলৈ পাইছোঁ , মানুহে চন্দ্ৰৰ বুকুত খােজ কাঢ়িছে , মহাকাশলৈ গৈছে । সেয়েহে চেষ্টাৰ অসাধ্য একো নাই বুলি কোৱা হয় । 

প্রশ্ন ২: সন্ধি ভাঙা – 

        কর্তব্য , দেশাধিপতি , যাবজ্জীৱন , দুৰৱস্থা , দুর্দশা , উন্নতি । 

উত্তৰঃ  কর্তব্য          –      কৃ + তব্য । 

          দেশাধিপতি    –      দেশ + অধিপতি । 

          যাৱজ্জীৱন      –     যাবৎ + জীৱন । 

          দুৰৱস্থা         –      দুঃ + অৱস্থা । 

          দুর্দশা            –      দুঃ + দশা । 

          উন্নতি           –      উৎ + নতি । 

প্রশ্ন ৩: তলৰ সমস্ত পদবােৰৰ ব্যাসবাক্য লিখি সমাসৰ নাম লিখাঃ 

       জন্মভূমি , দেশদ্রোহী , দেশহিতৈষী , অকাল , মাতৃভাষা , চিন্তানল মহাত্মা , মহাধর্ম 

উত্তৰঃ জন্মভূমি       –      জন্মৰ ভূমি ( ষষ্ঠী তৎপুৰুষ ) ।

         দেশদ্রোহী      –       দেশৰ দ্রোহী ( ষষ্ঠী তৎপুৰুষ ) ।

         দেশহিতৈষী   –       দেশৰ হিতৈষী ( ষষ্ঠী তৎপুৰুষ ) ।

         অকাল         –      ন কাল ( নঞ তৎপুৰুষ ) ।

         মাতৃভাষা     –       মাতৃৰ ভাষা ( ষষ্ঠী তৎপুৰুষ ) ।

         চিন্তানল       –       চিন্তা অনলৰ নিচিনা ( কর্মধাৰয় ) ।

         মহাত্মা         –      মহান যি আত্মা ( কর্মধাৰয় ) ।

         মহাধর্ম         –      মহান যি ধর্ম ( কর্ম ধাৰয় ) ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising