Niketan Class 8 Assamese Chapter 10 জাতীয় গৌৰৱ

Niketan Class 8 Assamese Chapter 10 জাতীয় গৌৰৱ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 10 জাতীয় গৌৰৱ and select need one.

Niketan Class 8 Assamese Chapter 10 জাতীয় গৌৰৱ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 10 জাতীয় গৌৰৱ Solutions for All Subjects, You can practice these here…

জাতীয় গৌৰৱ

Chapter – 10

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্ৰশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) কমলাকান্ত ভট্টাচার্যক কি কবি বুলি জনা যায় ? 

উত্তৰঃ কমলাকান্ত ভট্টাচার্য ‘ অগ্নি কবি ’ বুলি জনা যায় । 

( খ ) ‘ জাতীয় গৌৰৱ ’ কবিতাটি কোনখন পুথিৰ পৰা লােৱা হৈছে ? 

উত্তৰঃ ‘ জাতীয় গৌৰৱ ’ কবিতাটি ‘ নিস্তানল ’ নামৰ কবিতা পুথিখনৰ পৰা লােৱা হৈছে । 

( গ ) ‘ ৰাক্ষসিনী ’ বুলি কবিয়ে কাক কৈছে ?

উত্তৰঃ ‘ পাহৰণি ’ ক কবিয়ে ‘ ৰাক্ষসিনী ’ বুলি কৈছে ।

( ঘ ) অসমখনক কবিয়ে কিহৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ অসমখনক কবিয়ে ‘ শ্মশান ‘ ৰ লগত তুলনা কৰিছে । 

( ঙ ) অসমীয়া বধকাব্যৰ জনক কোন ? 

উত্তৰঃ কবি ৰাম সৰস্বতী অসমীয়া বধকাব্যৰ জনক ।

( চ ) এগৰাকী বংগীয় কবিৰ নাম লিখা । 

উত্তৰঃ কাশীদাস । 

( ছ ) অসমীয়া ৰামায়ণ লিখা কবিজন কোন ?

উত্তৰঃ অসমীয়া ৰামায়ণ লিখা কবিজন হ’ল – মাধৱ কন্দলি ।

( জ ) ‘ বচেৰা সন্তান ’ বুলি কাৰ কথা কোৱা হৈছে ? 

উত্তৰঃ অসমৰ বুৰঞ্জী , অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিৰ জ্ঞান নথকা , অনন্তকন্দলি , ৰামসৰস্বতী , শংকৰদেৱ , মাধৱদেৱ আদি কবি সাহিত্যিকৰ বিষয়ে নজনা , পশ্চিমীয়া সংস্কৃতি আদৰি লােৱা নতুন প্রজন্মৰ অসমীয়া সকলৰ কথা কোৱা হৈছে ।

( ঝ ) ‘ কুলাচল ‘ কাব্যৰ ৰচয়িতা কোন ? 

উত্তৰঃ ‘ কুলাচল ‘ কাব্যৰ ৰচয়িতা হ’ল- ‘ ৰামসৰস্বতী ‘ । 

প্রশ্ন ২: কবিয়ে কোন বিলাকক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে ? 

উত্তৰঃ কবিয়ে বুৰঞ্জী লেখক আৰু অনন্ত কন্দলি , শ্রীধৰ কন্দলি , ৰামসৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱকে আদি কৰি অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিলৈ অৱদান আগবঢ়োৱা লােকসকলক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে ।

প্রশ্ন ৩: অসমত জন্ম লাভ কৰা কবিকুলক কবিয়ে কিয় পাপৰ ফলত জন্ম লাভ কৰা বুলি কৈছে ? 

উত্তৰঃ অসমত জন্ম লাভ কৰা কবিকুলে কাব্য ৰচনাৰে অসমীয়া ভাষা- সাহিত্য সংস্কৃতিলৈ অমূল্য অৱদান দি থৈ গৈছে । কিন্তু পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনত পৰা জাতীয় চেতনাহীন নতুন প্রজন্মই এই সকল কবিক যেন পাহৰি যাবলৈ ধৰিছে । তেওঁলােকে শ্যেলী , মিল্টন , বাইৰনৰ কবিতা পঢ়ি গর্ববােধ কৰে , অথচ নিজ মাতৃভাষাৰ কবিকুলৰ ৰচনাৰ প্রতি আগ্রহ দেখুৱাব নােখােজে । বংগত জন্ম লাভ কৰা 

কীর্তিবাস , কাশীদাস বা উৰিষ্যা জন্ম লাভ কৰা চৈতন্যৰ নাম চাৰিওফালে প্রচাৰিত । তেওঁলােকৰ নিজ দেশৰ সন্তানসকলক লৈ তেওঁলােক গর্বিত । 

অসমীয়া মানুহৰ চৰিত্ৰ তাৰ বিপৰীত । অনন্ত কন্দলি , শ্রীধৰ কন্দলি , ৰামসৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱকে আদি কৰি কবিকুলক লৈ গৌৰৱবােধ কৰা বা তেওঁলােকৰ নাম – যশ প্রচাৰ কৰা দূৰৰ কথা , তেওঁলােকৰ ৰচনাৱলী পঢ়িবলৈও যেন অসমীয়া মানুহে কুণ্ঠাবােধ কৰে । বংগ , উৰিষ্যা বা ভাৰতৰ আন যিকোনাে ৰাজ্যত জন্মা হলে হয়তাে তেওঁলােকৰ নাম চাৰিওফালে প্রচাৰ হ’লহেঁনে । গুবৰুৱাই পদুম ফুলৰ গােন্ধ নােলােৱাৰ দৰে অসমীয়া মানুহেও অসমীয়া প্রাচীন কবিকুলৰ সৃষ্টিৰ গােন্ধ ল’ব নােখােজ । উলংগ দেশৰ লােকে ধােবাৰ মােল নুবুজাৰ দৰে জাতীয়তাবােধ নথকা সমাজখনৰ বাবেও যেন অসমীয়া ভাষা , জাতীয় কাণ্ডাৰীসকলৰ যশ কীর্তি দৃশ্যহীন । সেয়েহে কবিয়ে কিবা পাপৰ ফলতহে অসমীয়া কবিকুলে অসমত জন্ম লাভ কৰা বুলি বৰ আক্ষেপেৰে কৈছে ।

প্রশ্ন ৪: “ উহ ! পাহৰণি          যেন ৰাক্ষসিনী       

                 গিলিনে বহুত অসম গৌৰৱ ” —কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰঃ অসমৰ বুৰঞ্জী , অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিৰ এক গৌৰৱময় অতীত আছে । অতীতটো ‘ গৌৰৱময় ’ হােৱাত অৱদান আগবঢ়োৱা অনন্ত কন্দলি , শ্ৰীধৰ কলি , ৰাম সৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱকে আদি কৰি কবিসকল আমাৰ জাতীয় গৌৰৱ । কিন্তু অসমৰ নতুন প্রজন্মই তেওঁলােকৰ বিষয়ে নাজানে । পশ্চিমীয়া সংস্কৃতিৰ আগ্রাসনৰ ফলত তেওঁলােকে শ্যেলী , মিল্টন , বাইৰণ আদিৰ নামহে – লয় । বংগত যিদৰে কীর্তিবাস , কাশীদাসৰ অথবা উৰিষ্যাত চৈতন্যৰ নাম প্রচাৰিত , অসমত সেইদৰে অসমৰ জাতীয় কাণ্ডাৰী সকলৰ নাম প্ৰচাৰিত নহয় । আমাৰ জাতীয় গৌৰৱবােৰ যেন পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে । এই যে জাতীয় চেতনাহীন অসমীয়া লােৰ 

নিজৰ বুৰঞ্জী , ভাষা – সাহিত্য – সংস্কৃতি তথা নিজৰ ভাষাৰ কাণ্ডাৰী সকলক পাহৰি যােৱা স্বভাৱ , তাকেই কবিয়ে ‘ ৰাক্ষসিনী ’ বুলি কৈছে । ৰাক্ষসিনীয়ে বস্তু গিলাৰ দৰে এই পাহৰা স্বভাৱটোৱে অসমীয়াৰ জাতীয় গৌৰৱ গিলি পেলােৱা বুলি কবিয়ে আক্ষেপ কৰিছে । 

প্রশ্ন ৫: ‘ জাতীয় গৌৰৱ ’ কবিতাটিত উল্লেখ থকা অসমীয়া কবিসকলৰ নামবােৰ লিখা । 

উত্তৰঃ ‘ জাতীয় গৌৰৱ ’ কবিতাটিত নাম উল্লেখ থকা কবিসকল হৈছে অনন্ত কলি , শ্ৰীধৰ কন্দলি , ৰাম সৰস্বতী , শংকৰদেৱ আৰু মাধৱদেৱ। 

প্ৰশ্ন ৬: কবিয়ে অসমীয়া ডেকাসকলক কিদৰে ভৎর্সনা কৰিছে – পাঠৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ ‘ জাতীয় গৌৰৱ ’ কবিতাটিত কবিয়ে অসমীয়া ডেকাসকলক ভৎর্সনা কৰিছে । কাৰণ অসমীয়া কবিসকলে অনেক সাধনাৰে কবিতাৰ যি মৌবাহ সাজিছিল , তাক বিচাৰি উলিয়াই ৰস পান কৰা অসমীয়া ডেকাৰ আজি অভাৱ হৈছে । বাপেকৰ নাম নজনা সন্তানৰ দৰে আজিৰ অসমীয়া ডেকাই আমাৰ জাতীয় গৌৰৱ কবিসকলৰ নাম নাজানে । পশ্চিমীয়া সংস্কৃতিক আকোৱালি লৈ তেওঁলােকে মিল্টন , বাইৰণ পঢ়ে , তেওঁলােকৰ শলাগ লয় । কিন্তু নিজৰ ভাষা – সাহিত্য – সংস্কৃতিৰ প্ৰতি তেওঁলােক অনীহা প্রকাশ কৰে । নিজৰ জাতিক অসভ্য বুলি ঘিণ কৰি নিজকে আনৰ আগত সভ্য বুলি দেখুৱাব খােজে । নিজৰ দেশ – জাতি , ভাষা – সংস্কৃতিৰ বিষয়ে নজনাটো পিতা – পুত্ৰৰ পৰিচয় নােহােৱাৰ লেখীয়া। যিসকল অসমীয়া ডেকাই নিজৰ জাতি মাটি , ভাষা – সংস্কৃতি, জাতীয় গৌৰৱ চিনি নাপায় , তেওঁলােকে আচলতে অসমীয়া বুলি পৰিচয় দিব নােৱাৰে । কবিৰ মতে তেওঁলােক ঠিক অসমীয়া মানুহ নহয় । কবিয়ে কবিতাটিত ওপৰোক্ত ধৰণে অসমীয়া ডেকাসকলক ভৎর্সনা কৰিছে । 

প্ৰশ্ন ৭: “ অসম শ্মশান নােহে কোনে কয় ” —কবিয়ে অসমক কিয় শ্মশান ভূমিৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ শ্মশান মৃতলােকৰ ঠাই , তাত মৃতলােক সৎকাৰ কৰা হয় । শ্মশান জীৱিত মানুহৰ বাবে নহয় , তাত কোনেও মানুহৰ গুণ – গান নাগায় । কিছুমান মানুহ জীৱিত অৱস্থাতে মৃতপ্রায় আৰু তেওঁলােকে বাস কৰা ঠাই শ্মশান সদৃশ । কবিয়ে অসমক শ্মশান ভূমিৰ লগত তুলনা কৰিছে কাৰণ জাতীয় চেহীন মৃতপ্রায় লােকেৰে অসমখন ভৰি আছে । জাতীয়তাবােধ নথকা মৃতপ্রায় অসমীয়া জাতিয়ে অসমৰ বুৰঞ্জী , অসমৰ প্ৰাচীন কবি অনন্তকন্দলি , হেম সৰস্বতী , ৰাম সৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱ আদিৰ নাম পাহৰি যােৱাৰ উপক্ৰম হৈছে । 

অসমৰ নতুন প্রজন্মই তেওঁলােকৰ নাম নাজানে , তেওঁলােকক লৈ গর্ববােধ নকৰে , তেওঁলােকৰ গুণ – গান নাগায়। নিজক চিনি পােৱা জাতিয়ে নিজৰ জাতীয় গৌৰৱক লৈ গর্ববােধ কৰে । বংগৰ কীর্তিবাস , কাশীদাস , উৰিষ্যাৰ চৈতন্য তাৰ উদাহৰণ । জাতীয় চেতনাহীন অসমীয়া জাতিৰ ক্ষেত্ৰত সেইটো হােৱা দেখা নাযায় । নিজৰ ভাষা – সাহিত্য – সংস্কৃতিৰ প্রতি আস্থাহীন নতুন প্রজন্মৰ অসমীয়া ডেকাই শ্যেলী , মিল্টন , বাইৰণ পঢ়ি গর্ববোধ কৰে । বাপেকৰ নাম নজনা সন্তানৰ দৰে তেওঁলােকে স্বজাতিক অসভ্য বুলি ঘিণ কৰে । এনেকুৱা জাতীয় চেতনাহীন মানুহবােৰ কবিৰ দৃষ্টিত মৃতপ্রায় । তেনেকুৱা মানুহৰে ভৰি থকা বাবে কবিয়ে অসমক শ্মশানৰ লগত তুলনা কৰিছে । 

প্ৰশ্ন ৮: ‘ জাতীয় গৌৰৱ ‘ কবিতাটিৰ মাজেৰে কবিৰ জাতীয় চেতনা কিদৰে প্রকাশ পাইছে ? 

উত্তৰঃ ‘ অগ্নিকবি ’ কমলাকান্ত ভট্টাচাৰ্যৰ ‘ জাতীয় গৌৰৱ ’ কবিতাটিত কবিগৰাকীৰ জাতীয় চেতনা তীব্রভাৱে প্ৰকাশ পাইছে । কবিতাটিত অসমীয়া ভাষা , জাতি , সংস্কৃতিৰ প্রতি মােহ নথকা সকলক কবিয়ে তীব্রভাবে ভৎর্সনা কৰিছে । আজি অসমীয়া জাতিয়ে অসমৰ বুৰঞ্জী , 

অসমীয়া প্রাচীন কবি অনন্ত কন্দলি , শ্ৰীধৰ কন্দলি , ৰাম সৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱ আদিৰ নাম পাহৰি যােৱা যেন উপলব্ধি কৰি কবিয়ে আক্ষেপ প্রকাশ কৰিছে । 

অসমীয়া প্রাচীন কবিসকলক কবিয়ে পদুম ফুলৰ লগত তুলনা কৰি সেই কবিসকলৰ মােল নুবুজা অসমীয়া জাতিক পদুম ফুলৰ গােন্ধ ল’ব নজনা গুৱৰুৱা পােক বুলি ক’বলৈও কবিয়ে কুণ্ঠাবােধ কৰা নাই । নিজৰ জাতি- মাটি , ভাষা – সংস্কৃতিক হেয়জ্ঞান কৰি পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত পৰি মিল্টন , বাইৰণক আদৰি লােৱা নতুন প্রজন্মৰ ডেকা সকলক কবিয়ে তীব্র ভাবে ভৎর্সনা কৰিছে । স্ব – জাতিক অসভ্য বুলি ঘিণ কৰি নিজকে সভ্য বুলি দেখুৱাব খােজা অসমীয়া ডেকাক কবিয়ে পিতৃৰ সৈতে পৰিচয় নােহােৱা বচেৰা ( ব – ছে ) সন্তান বুলি কৈছে । 

হাবিত জন্মা ফুলৰ সুঘ্রাণ হাবিতে নােহােৱা হােৱাৰ দৰে শংকৰদেৱ , মাধৱদেৱৰ নিচিনা সুকবিৰ যশ কীর্তি অসমতে সীমাবদ্ধ হােৱাত কবিয়ে দুখ প্রকাশ কৰিছে । অন্য সভ্য প্রদেশত জন্ম হলে তেওঁলােকৰ নাম চাৰিওফালে প্রচাৰ হ’লহেঁতেন । উলংগ দেশৰ লােকে থােবাৰ মােল নুবুজাৰ দৰে জাতীয়তাবােধ নথকা অসমীয়া জাতিয়ে অসমীয়া ভাষা আৰু জাতীয় কাণ্ডাৰীসকলৰ যশ কীৰ্তিৰ মােল বুজি নাপায় । বুলি কৈ কবিয়ে অসমীয়া জাতিক তীব্রভাবে ব্যংগ কৰিছে । শেষত কবিয়ে অসমীয়া জাতিৰ জাতীয় চেতনাৰ স্বৰূপ দেখি চকুৰ পানীৰে কবিতা লিখি জাতীয় গৌৰৱ অক্ষুন্ন ৰাখিবলৈ বিচাৰিছে । 

‘ জাতীয় গৌৰৱ ’ কবিতাটিত কবিৰ জাতীয় চেতনা কিদৰে প্ৰকাশ পাইছে , সেই কথাটো ওপৰৰ আলােচনাত স্পষ্ট হৈ পৰিছে । 

প্রশ্ন ৯: প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা — 

( ক ) “ পদুমৰ গোন্ধ গুবৰুৱালয় , 

            ভােমােৰাৰ দৰে ফুল কিবময় । ” 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ অগ্নিকবি ’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা ‘ জাতীয় গৌৰৱ ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে অসমীয়া প্রাচীন কবিকুলৰ সন্মান কৰিব নজনা নতুন প্রজন্মক তীব্র কটাক্ষ কৰিছে । 

শুবৰুৱা পােক গােবৰত থাকে ” ই পদুম ফুলৰ গােন্ধৰ মােল বুজি নাপায়।ই ফুলে ফুলে উৰি ফুৰে , ফুলৰ লগত খেলে । অনন্ত কন্দলিকে ধৰি অসমীয়া প্রাচীন কবিসকল আছিল পদুম ফুল সদৃশ । কিবা পাপৰ ফলতহে’যেন তেওঁলােকে 

অসমত জন্ম লাভ কৰিছিল । কিয়নাে নতুন প্রজন্মই তেওঁলােকৰ নাম নাজানে , তেওঁলােকৰ ৰচনাসমূহ নপঢ়ে , তেওঁলােকক লৈ গর্ববােধ নকৰে । গুবৰুৱাই পদুম ফুলৰ মােল বুজি নােপােৱাৰ দৰে ‘ জাতীয় গৌৰৱ ’ প্রাচীন কবিসকলৰ মােল নতুন প্রজন্মৰ অসমীয়া লােকে একো বুজি নাপায় । এনেকুৱা লােক প্রকৃততে গুবৰুৱা সদৃশ । 

( খ ) “ হায় ! হায় ! হায় !              বুকু ফাটি যায়  

                  যি জুয়ে পুৰিছে হৃদয় সদায় । ” 

উত্তৰঃ কবিতাফাঁকি ‘ অগ্নিকবি ’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ জাতীয় গৌৰৱ ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

আজি অসমীয়া জাতিয়ে অসমীয়া ভাষা , অসমীয়া জাতিলৈ অমূল্য অৱদান দি যােৱা লােকসকলক পাহৰি যাবলৈ ধৰা দেখি মনত উদয় হােৱা সংশয় আৰু ক্ষোভ কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে । 

অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিলৈ অসমীয়া প্রাচীন কবিসকলে বহুতাে অৰিহণা যােগাই থৈ গৈছে । কিন্তু আমাৰ ‘ জাতীয় গৌৰৱ ’ , পদুম ফুল সদৃশ এই কবিকুলে কিবা পাপৰ ফলতহে যেন অসমত জন্ম লাভ কৰিছিল । কিয়নাে আজি অসমীয়া জাতিয়ে অসম বুৰঞ্জী , অসমীয়া প্রাচীন কবি অনন্ত কন্দলি , ৰাম সৰস্বতী , মাধৱ কলি , শংকৰদেৱ , মাধৱদেৱ আদিৰ নাম পাহৰি যােৱাৰ উপক্ৰম হৈছে । নতুন প্ৰজন্মই তেওঁলোকৰ নাম নাজানে । হয়তো পাহৰণিৰ গৰ্ভত এদিন অসমৰ জাতীয় গৌৰৱবোৰ লয় হৈ যায় । সেই বাবেই কবিৰ মনত সংশয় আৰু ক্ষোভৰ উদয় হৈছে । 

( গ ) “ যেন ফুল ঘ্রাণহাবিত – জনম 

                  হাবিৰ বতাহেইবিতে নাশে । ”

উত্তৰঃ কবিতাফাঁকি ‘ অগ্নিকবি ’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ জাতীয় গৌৰৱ ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

অসমৰ প্ৰাচীন কবিকুলৰ নাম অসমতে সীমাবদ্ধ হৈ থকা বাবে কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে মনৰ খেদ প্ৰকাশ কৰিছে ।

হাবিত জন্ম ফুলৰ সুঘ্ৰাণ হাবিতে নাশ হয় । বাহিৰৰ মানুহে তাৰ সুগন্ধ নাপায় । কবিয়ে শংকৰদেৱ, মাধৱদেৱৰ নিচিনা অসমৰ সুকবি সকলৰ অৱস্থা হাবিত জন্ম ফুলৰ সুঘ্ৰাণ নিচিনা হোৱা বুলি খেদ প্ৰকাশ কৰিছে । কাৰণ এই কবিসকলৰ যশ-কীৰ্তনৰ কথা অসমতে সীমাবদ্ধ হৈ আছে, বাহিৰৰ মানুহে একো নাজানে । উত্তৰ পুৰুষে এই ক্ষেত্ৰত কোনো দায়িত্ব পালন কৰা নাই । বংগত জন্ম লাভ কৰা কীৰ্তিবাস, কাশীদাস অথবা উৰিষ্যাত জন্ম লাভ কৰা চৈতন্যৰ নাম ভাৰতবৰ্ষৰ চাৰিওফালে প্ৰচাৰ হৈছে । তেওঁলোকৰ নিজ নিজ ৰাজ্যত উত্তৰ পুৰুষে এই ক্ষেত্ৰত আগভাগ লৈছে । অন্য কোনো সভ্য প্ৰদেশত জন্ম হ’লে হয়তো শংকৰদেৱ, মাধৱদেৱৰ নিচিনা কবিসকলৰ নাম চাৰিওফালে প্ৰচাৰ হ’লহেঁতেন । 

কিন্তু জাতীয় চেতনাহীন অসমীয়া সমাজত জন্ম বাবেই তেওঁলোকৰ যশ- কীৰ্তিৰ কথা শিষ্য-ভকতৰ মাজত সীমাবদ্ধ হৈ আছে ।

( ঘ ) ‘ উলঙ্গ দেশৰ              কাম কি খােবাৰ ? 

               নােশোভে লােকক কাপােৰ সাজে “

উত্তৰঃ কবিতাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ অগ্নিকবি ’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা ‘ জাতীয় গৌৰৱ ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে জাতীয়তাবােধ নথকা অসমীয়া সমাজখনক তীব্রভাৱে ব্যংগ কৰিছে । 

উলংগ দেশ , —যি দেশৰ মানুহে কাপােৰেই নিপিন্ধে , সেই দেশৰ মানুহে ধােবাৰ মােল বুজি নাপায় । কবিয়ে ব্যংগাত্মকভাৱে অসমক উলংগ মানুহৰ দেশ বুলি কৈছে । কাৰণ উলংগ দেশৰ মানুহে ধোবাৰ মােল বুজি নােপােৱাৰ দৰে জাতীয়তাবােধ নথকা অসমীয়া সমাজখনৰ বাবেও অসমীয়া ভাষা – সাহিত্য – সংস্কৃতি আৰু জাতীয় কাণ্ডাৰীসকলৰ যশ কীর্তি মূল্যহীন । আজিৰ অসমীয়া সমাজখনে অসমৰ বুৰঞ্জী নাজানে , অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিৰ কাণ্ডাৰীসকলক সন্মান নজনায় আৰু তেওঁলােকক লৈ গর্ববোধ নকৰে । উলংগ দেশত ধোবাৰ কাম কৰিবলৈ গ’লে মানুহৰ যি অৱস্থা হয় , অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিৰ হকে কাম কৰা সকলৰ অৱস্থা তেনেকুৱাই বুলি কবিয়ে অসমীয়া সমাজখনক কটাক্ষ কৰিছে ।

( ঙ ) “ ঠিক অসমীয়া মানুহ নােহে । 

           অসম শ্মশান নােহে কোনে কয় । ” 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ অগ্নিকবি ’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা ‘ জাতীয় গৌৰৱ ‘ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

অসমীয়া ভাষা – সাহিত্য – সংস্কৃতিৰ প্রতি আস্থা নােহােৱা জাতীয় চেতনাহীন মানুহক কটাক্ষ কৰি কবিয়ে উক্ত কথাখিনি কৈছে । 

ভাষা – সাহিত্য সংস্কৃতিৰ মাজেৰে এটা জাতিৰ জাতীয় পৰিচয় ফুটি উঠে । সেয়েহে এনেবােৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা এটা জাতিৰ পূৰ্বপুৰুষৰ প্রতি জাতীয় চেতনা থকা উত্তৰ পুৰুষ শ্রদ্ধাশীল আৰু দায়বদ্ধ হ’ব । কিন্তু অসমীয়া জাতিৰ ক্ষেত্ৰত কবিয়ে ইয়াৰ ব্যতিক্রম দেখা পাইছে । আজিৰ অসমীয়া সমাজ , অসমীয়া – ভাষা সাহিত্য সংস্কৃতিৰ প্রতি আৰু জাতীয় কাণ্ডাৰীসকলৰ প্রতি শ্রদ্ধাশীল আৰু দায়বদ্ধ নহয়। আজিৰ অসমীয়া ডেকাই শ্যেলী , মিল্টন , বাইৰণ পঢ়ে , কিন্তু অসমীয়া প্রাচীন কবি অনন্ত কন্দলি , ৰাম সৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ মাধৱদেৱ আদিক চিনি নাপায় । 

তেওঁলােকে স্বজাতিক অসভ্য বুলি ঘিণ কৰে । এনেকুৱা লােক আচলতে পিতৃৰ সৈতে পৰিচয় নােহােৱা ব – ছে সন্তানৰ দৰে । তেওঁলােকে অসমত জন্ম লাভ কৰি অসমীয়া ভাষা ক’লেও প্রকৃতাৰ্থত যেন অসমীয়া মানুহ নহয় । যাৰ গাত অসমীয়া জাতীয়তাবাদী চেতনা নাই তেওঁ অসমীয়া হলেও প্রকৃত অর্থত অসমীয়া নহয় । কবিৰ দৃষ্টিত জাতীয় চেতনাহীন এনেবােৰ মানুহৰ বাবেই অসমখন যেন আজি শ্মশান ভূমিত পৰিণত হৈছে । 

প্রশ্ন ১০: অসমৰ এগৰাকী বুৰঞ্জী লিখকৰ নাম লিখা । বুৰঞ্জী অধ্যয়নে ছাত্র- ছাত্রীক কিদৰে সহায় কৰে ? 

উত্তৰঃ অসমৰ এগৰাকী বুৰঞ্জী লেখক হৈছে কনকলাল বৰুৱা । বুৰঞ্জী অধ্যয়নে ছাত্র – ছাত্ৰীক কিদৰে সহায় কৰে তলত চমুকৈ উল্লেখ কৰা হ’ল— 

বুৰঞ্জী অধ্যয়ন কৰিলে ছাত্র – ছাত্রীয়ে মানৱ সভ্যতাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে । বুৰঞ্জীত কোনাে দেশ বা ঠাইৰ মানৱ সমাজৰ কলা – সংস্কৃতি , ৰীতি – নীতি , আদিৰ বিৱৰণ পােৱা যায়। গতিকে বুৰঞ্জী 

অধ্যয়ণৰ জৰিয়তে ছাত্র – ছাত্রীয়ে সেই মানৱ সমাজৰ বিষয়ে জানিব পাৰে । পুৰণি কালৰ শাসন ব্যৱস্থা , যুদ্ধ বিগ্রহ , অস্ত্র শস্ত্রাদিৰ বিষয়েও বুৰঞ্জী অধ্যয়নৰ জৰিয়তে ছাত্র – ছাত্রীয়ে জানিব পাৰে । নিজ দেশৰ 

বুৰঞ্জী অধ্যয়নৰ ফলত ছাত্র – ছাত্রীৰ মনত দেশৰ প্রতি ভালপােৱাৰ মনােভাৱ গঢ়ি উঠে । বুৰঞ্জী অধ্যয়নে ছাত্র – ছাত্ৰীক নিজৰ অতীতটো জনাত সহায় কৰে । 

প্রশ্ন ১১: ৰাম সৰস্বতীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ৰাম সৰস্বতী ষােড়শ শতিকাৰ এগৰাকী জনপ্রিয় কবি । তেওঁ ভীমসেন কবি চুড়ামণিৰ পুত্ৰ। ৰামসৰস্বতীয়ে প্রাচীন অসমীয়া কবিসকলৰ ভিতৰত সকলােতকৈ সৰহ সংখ্যক পদ ৰচনা কৰি গৈছে । তেওঁ ৰচনা কৰা পদৰ সংখ্যা মহাপুৰুষ শংকৰদেৱতকৈও অধিক । ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথা বস্তুলৈ দৃষ্টি ৰাখি ৰামসৰস্বতীক অসমীয়া ব্যাস আখ্যা দিব পাৰি । তেওঁ আগৰছােৱা জীৱন মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত আৰু পাছৰছােৱা জীৱন দৰঙী ৰজাৰ ৰাজসভাত কটাইছিল । মহাৰাজ নৰনাৰায়ণৰ অনুপ্ৰেৰণাত তেওঁ মহাভাৰতৰ বেছিভাগ শ্লোকেই অসমীয়ালৈ অনুবাদ কৰে । ৰামসৰস্বতী অসমীয়া বধকাব্যৰ জনকৰূপে খ্যাত । ভীমচৰিত ,              ‘ জঙঘাসুৰ বধ ’ , বকাসুৰ বধ ’ , ‘ কালকুজ বধ ’ আদি এওঁৰ উল্লেখযোগ্য বধকাব্য । 

প্রশ্ন ১২: তলত উল্লেখ কৰা কোনজন লিখকে কোনখন পুথি লিখিছিল মিলাই লিখা— 

লেখকৰ নামপুথিৰ নাম
সাগৰ খৰি দৈৱজ্ঞসপ্তকাণ্ড ৰামায়ণ ।
মাধৱ কন্দলিশেষ দশম । 
ৰাম সৰস্বতীকাণখােৱা ।
অনন্ত কন্দলিচিন্তাতৰঙ্গ ।
শ্রীধৰ কন্দলিকুলাচল বধ ।
কমলাকান্ত ভট্টাচার্যকুর্মৱলী  ।

উত্তৰঃ 

লেখকৰ নামপুথিৰ নাম
সাগৰ খৰি দৈৱজ্ঞকুর্মৱলী ।
মাধৱ কন্দলিসপ্তকাণ্ড ৰামায়ণ । 
ৰাম সৰস্বতীকুলাচল বধ । 
অনন্ত কন্দলিশেষ দশম ।
শ্রীধৰ কন্দলিকাণখােৱা । 
কমলাকান্ত ভট্টাচার্যচিন্তাতৰঙ্গ । 

ভাষা-বিচাৰ

প্ৰশ্ন ১: বিপৰীত শব্দ লিখা –

        জনম , পাপ , জুই , ৰাক্ষসিনী , সভ্য , যশ , উন্নতি 

উত্তৰঃ জনম          –        মৰণ । 

         পাপ            –        পূণ্য । 

         জুই             –        পানী । 

         ৰাক্ষসিনী     –         ৰাক্ষস ।

         সভ্য           –         অসভ্য । 

         যশ             –         অপযশ ।

         উন্নতি         –         অৱনতি,অধােন্নতি ।

প্ৰশ্ন ২: সমার্থক শব্দ লিখা –

        বুৰঞ্জী , বুকু , শ্মশান , বতাহ , পুথি , সৰস্বতী , কাপােৰ , চকুপানী , জগত , হাবি ফুল 

উত্তৰঃ বুৰঞ্জী        –       ইতিহাস । 

          বুকু          –       বক্ষ, হৃদয় । 

          শ্মশান       –       মৰিশালি ।

           বতাহ       –       বায়ু, পৱন । 

           পুথি          –       গ্রন্থ, কিতাপ ।

           সৰস্বতী     –       বীণাপাণী , বাগদেৱী ।

           কাপােৰ     –       বস্ত্র , বসন , সাজ , অঙ্গ । 

           চকুপানী    –       চকুলাে, অশ্রু । 

           জগত       –       পৃথিৱী, ধৰণী, ধৰা । 

           হাবি          –      বননি, জংঘল, অৰণ্য । 

           ফুল          –       পুষ্প, কুসুম । 

প্রশ্ন ৩: তলৰ শব্দসমূহৰ প্ৰত্যয় ভাঙি দেখুওৱা – 

        লিখক , জাতীয় , অসমীয়া , মাছুৱৈ , পলৰীয়া । 

উত্তৰঃ লিখক        –       লিখ + অক । 

         জাতীয়       –       জাতি + ষ্ণীয় । 

         অসমীয়া     –       অসম + ঈয়া । 

         মাছুৱৈ        –       মাছ + উৱৈ । 

         পলৰীয়া      –       পলা + অৰীয়া । 

প্রশ্ন ৪: কি কাৰণে মুর্ধন্য ণ / ষ হৈছে লিখা – 

      পাহৰণি , পুৰণি , ঘােষণা , ঘ্রাণ , ঘৃণা , ভূষণ , চণ্ডী 

উত্তৰঃ পাহৰণি – ‘ ৰ ‘ আৰু দন্ত্য ‘ ন ’ ৰ মাজত স্বৰবৰ্ণ আছে কাৰণে মুর্ধন্য ‘ ণ ’ হৈছে । 

পুৰণি – ‘ ৰ ‘  আৰু দন্ত্য ‘ ন ’ ৰ মাজত স্বৰবৰ্ণ আছে কাৰণে মুর্ধন্য ‘ ণ’ হৈছে । 

ঘোষণা –‘ও’ স্বৰবৰ্ণৰ পাছত থকা দন্ত্য ‘ স ’ মুর্ধন্য ‘ ষ ’ হৈছে । 

ঘ্রাণ —’ ৰ ‘  আৰু দন্ত্য ‘ ন ’ ৰ মাজত আ স্বৰবৰ্ণ থকা বাবে মুর্ধন্য ‘ ণ ’ হৈছে । 

ঘৃণা –’ ঋ ’ ৰ পাছত থকা দন্ত্য ‘ ন ’ মুর্ধন্য – ‘ ণ ’ হৈছে । 

ভূষণ — স্বভাৱতে মুর্ধন্য ‘ ষ ’ হৈছে । 

চণ্ডী – ‘ ট ’ বৰ্গৰ লগত যুক্ত দন্ত ‘ ন ’ মুর্ধন্য ‘ ণ ’ হৈছে । 

প্ৰশ্ন ৫: বাক্য সাজাঃ 

        কবিকুল , পদ্মফুল , অসম সন্তান ।

উত্তৰঃ কবিকুল – বৈষ্ণৱ কবিকুলে অসমীয়া সাহিত্যলৈ অতুলনীয় অৱদান দি থৈ গৈছে । 

পদ্মফুল – পদ্মফুল দেখিবলৈ বৰ ধুনীয়া । 

অসম-সন্তান — ড° ভূপেন হাজৰিকাৰ দৰে অসম – সন্তান অসমীয়া জাতিৰ গৌৰৱ । 

অনন্ত -খালত — আমি আমাৰ প্রাচীন সাহিত্য-কৃতিবােৰ অনন্ত – খালত পৰিবলৈ দিয়া উচিত নহয় । 

জগত-ঘােষণ – আমাৰ মহাপুৰুষ সকলৰ যশ কীর্তি জগত-ঘােষণ কৰিব নােৱাৰাটো অসমীয়া জাতিৰ দুর্ভাগ্য । 

যশ-ভূষণ — আন প্ৰদেশত জন্ম হ’লে শংকৰদেৱ – মাধৱদেৱ যশ-ভূষণ হ’লহেঁতেনে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top