Niketan Class 8 Assamese Chapter 9 ডাংবৰলাৰ কেঁচুৱা দর্শন

Niketan Class 8 Assamese Chapter 9 ডাংবৰলাৰ কেঁচুৱা দর্শন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 9 ডাংবৰলাৰ কেঁচুৱা দর্শন and select need one.

Niketan Class 8 Assamese Chapter 9 ডাংবৰলাৰ কেঁচুৱা দর্শন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 9 ডাংবৰলাৰ কেঁচুৱা দর্শন Solutions for All Subjects, You can practice these here…

ডাংবৰলাৰ কেঁচুৱা দর্শন

Chapter – 9

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) ডাংবৰলা কাৰ পুতেক আছিল ? 

উত্তৰঃ ডাংবৰলা নুমলিৰ পুতেক আছিল ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( খ ) লেখকে কোন তিনিটা কাম বৰ টান বুলি কৈছে ? 

উত্তৰঃ ৰজাৰ আগত কথা কোৱা , মদাৰ গছত উঠি পাণ পৰা আৰু কাৱৈ মাছ বছা — এই তিনিটা কাম বৰ টান বুলি লেখকে কৈছে । 

( গ ) মােমায়েকৰ ঘৰলৈ মাকে ডাংবৰলাক কিয় যাবলৈ কৈছিল আৰু হাতত কি দি পঠাইছিল ?

উত্তৰঃ ডাংবৰলাৰ মােমায়েকৰ জীয়েক হেমীৰ এটি ল’ৰা জন্মিছিল । সেই খবৰটো লােৱাৰ বাবে মাকে ডাংবৰলাক মােমায়েকৰ ঘৰলৈ যাবলৈ কৈছিল । ডাংবৰলাই যাবলৈ ওলােৱাত মাকে তাৰ হাতত ৰূপ দুটকা দি পঠাইছিল । 

( ঘ ) ডাংবৰলাই কেচুৱাৰ নাকটোক কাৰ নাকৰ দৰে হােৱা বুলি ৰিজনি দিছিল ? 

উত্তৰঃ ডাংবৰলাই কেঁচুৱাটোৰ নাকটোক বাপেকৰ নাৰ দৰে হােৱা বুলি ৰিজনি দিছিল । 

( ঙ ) ডাংবৰলাই মােমায়েকৰ ঘৰত কিয় নাথাকিলে ? 

উত্তৰঃ ডাংবৰলাই কোলাত লওঁতে কেঁচুৱাটিয়ে কন্দাত তাত থকা তিৰােতাবিলাকে দিয়া মন্তব্যই তাৰ মনত আঘাত দিছিল । সেয়ে ডাংবৰলাই মােমায়েকৰ ঘৰত নেথাকিলে । 

( চ ) পিছৰ দিনা ডাংবৰলাৰ মাকে কিহত উঠি ককাইদেউৰ ঘৰলৈ গৈছিল ? 

উত্তৰঃ পিছৰ দিনা ডাংবৰলাৰ মাকে গৰুৰ গাড়ীত উঠি ককাইদেউৰ ঘৰলৈ গৈছিল ।

( ছ ) ‘ ডাংবৰলাৰ কেঁচুৱা দর্শন ’ পাঠটিৰ লেখক কোন ? 

উত্তৰঃ ‘ ডাংবৰলাৰ কেঁচুৱা দর্শন ’ পাঠটিৰ লেখক হ’ল ‘ বনফুল ’ ৰ কবি যতীন্দ্র নাথ দুৱৰা ।

( জ ) কোন মাহত ডাংবৰলা মােমায়েকৰ ঘৰলৈ গৈছিল আৰু কিয় ? 

উত্তৰঃ মাঘ মাহত গৈছিল । মােমায়েকৰ ছােৱালী হেমীৰ ল’ৰা জন্মাৰ খবৰ ল’বলৈ গৈছিল । 

প্রশ্ন ২: ডাংবৰলাৰ মােমায়েকৰ ঘৰখনৰ এটি বিৱৰণ দিয়া ।

উত্তৰঃ ডাংবৰলাৰ মােমায়েকৰ ঘৰখন আটোম টোকাৰি । মাটিয়ে – বাৰীয়ে মােমায়েক গাঁৱৰ ভিতৰত এজন আঢ্যৱন্ত লােক । পুখুৰীত মাছ, গোহালিত গৰু , বাৰীত শাক – পাচলি সকলাে আছে । মাহতলী , সৰিয়হতলী নদন বদন । কাৰো ওচৰত হাত পাতিব নালাগে । তেলকণাে ঘৰতে পেৰি লয় । ঘৰত কেবাখনাে তাঁতশাল আছে । ঘৰৰ তিৰােতা আটাই কেইগৰাকীয়েই কাজী । তেওঁলােকে ঘৰৰ আন কাম কৰাৰ লগতে তাঁতশালত বােৱা কটাৰ কাম কৰে । 

প্ৰশ্ন ৩: গল্পটিৰ কোনটি চৰিত্ৰই তােমাৰ মনত হাঁহিৰ খােৰাক যােগায় বুলি ভাবা ? সেই চৰিত্ৰটিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ গল্পটিৰ ডাংবৰলা চৰিত্ৰটিয়ে মােৰ মনত হাঁহিৰ খােৰাক যােগায়।ডাংবৰলা এটি সহজ – সৰল চফল ডেকা । পিছে তাৰ কাম-বন কৰিবলৈ এলাহ । আনকি মাকে কৈ থকাৰ পিছতাে তাৰ বিয়া কৰাবলৈও এলাহ । সি বাহিৰলৈ যাবলৈ টান পায় বাবে ঘৰতে থাকে , অলপ অজলা ধৰণৰ । মানুহৰ লগত মিলা – মিছা কৰা বা কথা বতৰা পতাত তাৰ মনত এটা সংকোচ ভাৱ থাকে । কিছুমান মানুহৰ কিছুমান কথা – বতৰা তাৰ বুজি পােৱাৰ অসুবিধা হয় । কেঁচুৱা এটিৰ অকণমান মুখলৈ চাই কোনােবাই কেঁচুৱাটি ‘ মাক গঢ়ী ’ , বাপেক গঢ়ী ’ বুলি ক’লে ডাংবৰলাৰ আচৰিত লাগে । 

ইমান অকণমান মুখ এখনিৰ সৈতে ডাঙৰৰ মুখৰ ৰিজনি কিদৰে কৰে সি বুজি নাপায়। পৰিস্থিতি – পৰিৱেশৰ লগত খাপ খাব নােৱাৰি দোধােৰ – মােধােৰ পৰি সি প্রায়ে আনে হঁহা কাম কৰে । কেঁচুৱাটিৰ কাপােৰেৰে ঢাকি থােৱা হাত দুখন নেদেখি মাকে দি পঠোৱা ৰূপ দুটা সেয়ে সি কেঁচুৱাটিৰ কাপােৰৰ ওপৰতে থৈছিল ।মাহীয়েকে কেঁচুৱাটিৰ নাক , কাণ , চকু আদিৰ ৰিজনি দি হাঁহিয়াৰ পাত্ৰ হৈছিল । আনকি বহু সময় একো নােকোৱাকৈ থাকিলে বেয়া দেখি বুলি ভাবি লৈ এওঁলােকেনো ( কেঁচুৱাই ) ভাত কিহেৰে খায় ? ’ বুলি হাঁহি উঠা অদ্ভুত প্রশ্নও সুধিছিল।

প্রশ্ন ৪: ডাংবৰলাৰ মাক কেনেধৰণৰ তিৰােতা আছিল ? বিশ্লেষণ কৰা। 

উত্তৰঃ ডাংবৰলাৰ মাক পুতেক তথা আত্মীয় – স্বজনৰ প্রতি দায়িত্ববােধ থকা , কমকৈ কথা কোৱা অলপ অভিমানী ধৰণৰ তিৰােতা আছিল । পুতেকৰ প্ৰতি থকা তেওঁৰ দায়িত্বৰ কথা বুজিয়ে তেওঁ ডাংবৰলাক কোবাবাৰো বিয়া কৰাবলৈ কৈছিল । ডাংবৰলাই বিয়া কৰাবলৈ মন নেমেলা দেখি কমকৈ কথা কোৱা মাকে সেই বিষয়ে আৰু একো নােকোৱা হৈছিল । পুতেকে তেওঁৰ কথাত গুৰুত্ব নিদিয়া দেখি মাকৰ অলপ 

অভিমানো হৈছিল । আত্মীয় – স্বজনৰ প্ৰতি থকা ডাংবৰলাৰ মাকৰ দায়িত্ববােধৰ কথাৰ প্রমাণ পােৱা যায় মাকে ডাংবলাক মােমায়েকৰ ঘৰলৈ পঠোৱা কথাটোত। 

আত্মীয় – স্বজনৰ ঘৰত ভাল – বেয়া কিবা এটা ঘটিলে খবৰ লােৱাটো সকলে মানুহৰ কৰ্তব্য । ককায়েকৰ জীয়েক হেমীৰ ল’ৰা হােৱা শুনি সেয়ে মাকে ডাংবৰলাক খবৰ এটি লােৱাৰ বাবে মােমায়েকৰ ঘৰলৈ পঠাইছিল । আনকি ডাংবৰলাই মােমায়েকৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত তাৰ মুখে ককায়েক হঁতৰ ঘৰৰ বিশেষ খবৰ নাপায় মাকে নিজে গৰু গাড়ীত উঠি খবৰ ল’বলৈ গৈছিল । এইদৰে ডাংবৰলাৰ মাকক আমি এগৰাকী দায়িত্ববােধ তথা কর্তব্যবােধ থকা তিৰােতা হিচাপে দেখিবলৈ পাওঁ । 

প্রশ্ন ৫: পাঠটিত উল্লেখিত অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা দুটা ৰীতি – নীতি উল্লেখ কৰা আৰু এনেবােৰ ৰীতিনীতি পালনৰ প্ৰয়ােজনীয়তা বর্তমান সমাজতাে আছে বুলি তুমি ভাবানে ? তােমাৰ মতৰ সপক্ষে যুক্তিসহ বহলাই লিখা । 

উত্তৰঃ পাঠটিত উল্লেখিত অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা দুটা ৰীতি – নীতি হৈছে — অশৌচৰ ৰীতি – নীতি আৰু নৱজাতকৰ মুখচোৱা ৰীতি – নীতি । 

এইবােৰ ৰীতি – নীতিৰ প্রয়ােজনীয়তা বর্তমান সমাজতো থকা বুলিয়েই আমি ভাবাে । এই ক্ষেত্ৰত সন্তান জন্মিলে পালন কৰা অশৌচৰ কথাই ক’ব পৰা যায় । তিৰােতা এজনীৰ সন্তান জন্মাৰ পিছত এটা নির্দিষ্ট সময়লৈ ( অশৌচৰ সময়লৈ ) অতি নিকট আত্মীয়ৰ বাদে আন মানুহক মাক বা সন্তানৰ ওচৰলৈ যাবলৈ দিয়া নহব । ইয়াৰ লগত স্বাস্থ্য সম্পর্কিত আৰু মনােবৈজ্ঞানিক কাৰণ নিহিত থকা বুলি ভবাৰ থল আছে।সন্তান জন্ম হােৱাৰ পিছত মাকজনী সাধাৰণতে শাৰীৰিকভাৱে দুৰ্বল হৈ থাকে । তেনে অৱস্থাত যিকোনাে মানুহ বাহিৰৰ পৰা গৈ ওচৰ চাপিলে মাকৰ লগতে সন্তানকে বেমাৰৰ বীজাণুৱে আক্রমণ কৰাৰ 

আশংকা থাকে । আনহাতে , কিছুমান মানুহে নভবা নিচিনাকৈ মাক বা সন্তান সম্পর্কে দিয়া অনাহুত মন্তব্যই মাকৰ মনত আঘাত দিব পাৰে যিয়ে সন্তানৰাে ক্ষতি কৰিব । সেইদৰে , নৱজাতকৰ মুখচোৱা ৰীতি – নীতিটোৰ ক্ষেত্ৰতাে মনােবৈজ্ঞানিক কাৰণ নিহিত থকাৰ সম্ভাৱনা দেখা যায় । মাকৰ গৰ্ভত থাকোঁতেই মাকৰ চিন্তা – চৰ্চা তথা পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰে বুলি জনা যায় । মহাভাৰতৰ অভিমন্যুৰ ক্ষেত্ৰত আমি ইয়াৰ উদাহৰণ পাওঁ।নৱজাতকক প্রথম কিবা এটি দিয়ে । এই কথাটোৱে নৱজাতকৰ মনত হয়তাে কিবা ভাল প্রভাৱ পেলায় । আনহাতে , নৱজাতকৰ হাতত মৰমতে কিবা এটি দিলে স্বাভাৱিকভাৱে মাকজনীয়ে সন্তোষ পায় । এইবােৰ কথাই মানুহৰ মাজত আত্মীয়তা বঢ়াই । 

প্ৰশ্ন ৬:  “ আও ! বৰ ডাঙৰ কথা হ’ল , হাইঠা মাটিত পৰিল । আজি নহা মানুহ আহিল ? বােলাে দুৱাৰ মুখৰ বগৰী জেং কোনে গুচালে ? ” — কোনে কাক কিয় এনেদৰে কৈছে বুজাই লিখা । 

উত্তৰঃ কথাষাৰ সুমী অর্থাৎ সুমলাই ডাংবৰলাক কৈছে । ডাংবৰলাই বহুদিন সুমীহঁতৰ অর্থাৎ মােমায়েকহঁতৰ ঘৰলৈ যােৱা নাছিল । কিন্তু মােমায়েকৰ ছােৱালী হেমীৰ ল’ৰা হােৱা খবৰ ল’বলৈ মাকে তাক যাবলৈ কোৱা বাবে সেইদিনা আবেলি সি মােমায়েকৰ ঘৰলৈ গৈছিল । বহুত দিনৰ মুৰত যােৱা বাবেই চুমীয়ে তাক দেখাৰ লগে লগে হাইঠা মাটিত পৰা বুলি কৈছিল । কাৰণ হাইঠা চৰাই সাধাৰণতে মাটিত নপৰে । হাইঠা চৰাই কেতিয়াবা মাটিত পৰাটো এক ব্যতিক্রম । তেনেদৰে , মােমায়েকৰ ঘৰলৈ বহুদিন ধৰি নােযােৱা ডাংবৰলাই সেইদিনা হঠাতে গৈ ওলােৱাটো সুমীৰ মনত এক ব্যতিক্রম আছিল । 

প্রশ্ন ৭: “এওঁলোক অবাল ব্ৰহ্ম । এওঁলােকৰ লগে লগে গোঁসাই ফুৰে । এওঁলােকে সকলাে জানে , সকলাে বুজে মাথােন ক’বহে নােৱাৰে । ” — কথাষাৰ কোনে কি প্রসঙ্গত কৈছিল বুজাই লিখা । 

উত্তৰঃ কথাষাৰ ডাংবৰলাৰ মােমায়েকৰ ঘৰত হােৱা গােপিনী সবাহলৈ যােৱা তিৰােতা এগৰাকীয়ে কৈছিল । ডাংবৰলাৰ কোলাৰ কেঁচুৱাটোৱে কান্দিব ধৰা প্রসঙ্গত তেওঁ উক্ত কথাষাৰ কৈছিল । 

ডাংবৰলাই কেঁচুৱাটো কোলাত লওঁতে কেঁচুৱাটোৱে তাৰ মুখলৈ চাই চেৰেউ চেৰেউকৈ কান্দিব ধৰাত হেমীয়ে কেঁচুৱাটো নিজৰ কোলালৈ নিছিল । তাৰ অলপ পিছতে এগৰাকী তিৰােতাই কেঁচুৱাটোৱে মানুহ চিনে বুলি মন্তব্য দিছিল। আন এগৰাকীয়ে তেওঁলােকৰ অর্থাৎ কেঁচুৱাৰ গাত গোঁসাই থকা বাবে মানুহ চিনি পায় বুলি কৈ আগৰজনী তিৰােতাৰ কথাত সমর্থন জনাইছিল । তেতিয়া আন এগৰাকী তিৰােতাই উক্ত কথাষাৰেৰে আগৰ দুয়ােজনী তিৰােতাৰ কথাক সমর্থন জনাইছিল । 

প্রশ্ন ৮: পাঠটিৰ মাজেৰে অসমীয়া সমাজ – জীৱনৰ চিত্ৰ কিদৰে প্রতিফলিত হৈছে ? 

উত্তৰঃ ডাংবৰলাৰ কেঁচুৱা দর্শন পাঠটিত অসমীয়া সমাজ – জীৱনৰ কিছুমান চিত্র প্রতিফলিত হৈছে । অসমীয়া সমাজ- জীৱনত মানুহে ইজনে- সিজনৰ সুখ – দুখৰ খবৰ লয় , বিপদে – আপদে সহায় – সহযােগ কৰে। মাকে হেমীৰ লৰা হােৱাৰ খবৰ ল’বৰ বাবে ডাংবৰলাক মােমায়েকৰ ঘৰলৈ পঠোৱা কথাটোত পাৰস্পৰিক বুজা বুজি তথা সহযােগিতাৰ এই ছবিখনৰ আভাস পােৱা যায় । অসমীয়া সমাজ – জীৱন গাঁও কেন্দ্রিক । গাঁৱত মানুহে পাে – নাতি , ককাই – ভাই , পেহী – খুৰী জেঠাই আদি সমন্বিতে একেলগে বাস কৰে । ঘৰত পােহনীয়া জীৱ – জন্তু , পুখুৰী , শাক – পাচলিৰ বাৰী , তামােল – পাণৰ বাৰী , তাঁতশাল, টেকী আদি থাকে । ডাংবৰলাৰ মােমায়ে ঘৰখনৰ মাজেদি অসমীয়া সমাজ – জীৱনৰ এই ছৱিখন ফুটাই তােলা হৈছে । অসমীয়া সমাজ – জীৱনত বিভিন্ন ৰীতি – নীতি , বিশ্বাস , লােকাচাৰ আদিৰ প্ৰভাৱ আছে।ডাংবৰলাৰ মােমায়েকৰ ঘৰত হােৱা গােপিনী সবাহ , হেমীৰ অশৌচ লগা আদি কথাবোৰ সেইবােৰ চিত্র প্রতিফলিত কৰিছে । 

ভাষা-বিচাৰ

প্রশ্ন ১: যতি চিহ্ন ব্যৱহাৰ কৰা –

( ক ) মাইদেৱে মাহীদেউক ক’লে ই ল’ৰা মানুহ ইয়াকনাে কেলেই সুধিছিল সি কি বুজে । 

উত্তৰঃ মাইদেৱে মাহীদেউক ক’লে— “ ই ল’ৰা মানুহ , ইয়াকনাে কেলেই সুধিছিল ? সি কি বুজে ।”

( খ ) তেওঁ ভিতৰলৈ মাত লগালে — অ ’ সুমি সুমি চাও ককায়েৰ আহিছে ওলাই আহ । 

উত্তৰঃ তেওঁ ভিতৰলৈ মাত লগালে— “ অ ’ সুমি ! সুমি ! চাও ককায়েৰ আহিছে ওলাই আহ । ” 

প্রশ্ন ২: ডাব বহলাই লিখা – 

( ক ) হাইঠা মাটিত পৰিল । 

উত্তৰঃ হাইঠা চৰাই সাধাৰণতে মাটিত নপৰে । কেতিয়াবা পৰাটো এক ব্যতিক্রম । তেনেকুৱা হ’লে কথাটো কোনেও আশা নকৰা , নােহােৱা – নােপােজা এক আচৰিত ঘটনা বুলি বিবেচিত হয় । মানুহৰ ক্ষেত্ৰত এই বাক্যটি সাধাৰণতে কোনাে মানুহৰ আকস্মিক বা আশা নকৰা উপস্থিতিত ব্যৱহাৰ কৰা হয় । কোনাে মানুহ প্রথমবাৰৰ বাবে বা বহুত দিনৰ মূৰত কোনাে ঠাইত বা কাৰােবাৰ ঘৰত আকস্মিকভাবে উপস্থিত হলে মানুহে হাইঠা মাটিত পৰা বুলি কয় । অর্থাৎ , কেতিয়াও মাটিত নপৰা হাইঠা চৰাই মাটিত পৰাটো যেনে এক আচৰিত ঘটনা , কোনাে মানুহ কোনাে ঠাই তথা কাৰােবাৰ ঘৰত প্ৰথমবাৰৰ বাবে বা বহুত দিনৰ মূৰত আকস্মিকভাৱে উপস্থিত হােৱাটোও তেনে এক আচৰিত 

ঘটনা । কাৰণ , তেওঁ যি ঠাইত গৈছে তাৰ কোনেও ভবা নাছিল তেওঁ যে যাব । বাক্যটো ইতিবাচক । কাৰণ মানুহজনৰ উপস্থিতিক ভালভাৱে গ্ৰহণ কৰিয়েই হাইঠা মাটিত পৰা বুলি কোৱা হয় । 

( খ ) মাকতকৈ জীয়েক কাজি ঢেঁকী থােৰাৰে বটে পাঁজি । 

উত্তৰঃ বােৱা – কটাৰ কামত পাকৈত তিৰােতাক কাজি বুলি কোৱা হয়। তিৰােবিলাকে সাধাৰণতে নিজৰ জীয়েকক বােৱা কটাৰ কাম শিকায় । কিন্তু কেতিয়াবা হয় কি , কামটো ভালকৈ নিশিকাকৈয়ে জীয়েকে মাকতকৈ বেছি ওস্তাদ দেখুৱাব যায় , যাৰ ফলত কামটো বেয়া হয় আৰু নিজেও হাঁহিয়াৰ পাত্র হয় । শিপিনীয়ে শলা কাঠিতহে পাঁজি বটে । কিন্তু কোনােবাই যদি নিজৰ পাৰ্গতালি দেখুৱাব গৈ পাঁজি বটোতে শলাকাঠিৰ ঠাইত টেকীথােৰা ব্যৱহাৰ কৰিব যায় , ই স্বাভাৱিকতে হাঁহি উঠা কথা হ’ব আৰু সেইজনী শিপিনীৰ জ্ঞানৰ নমুনাও মানুহে দেখিব । আচলতে বাক্যটোৰ দ্বাৰা কোনাে কাম ভালকৈ নিশিকাকৈ কামটোত পাৰ্গতালি দেখুৱাব যােৱা মানুহৰ কথা বুজাইছে । তেনে মানুহৰ ক্ষেত্ৰত ব্যঙ্গাত্মক ৰূপত বাক্যটি ব্যৱহাৰ কৰা হয় ।

প্রশ্ন ৩: বাক্য ৰচনা কৰা –

        নদন-বদন , সাতে – সোঁতৰে , আটোম-টোকাৰি , ডাংবৰলা , শামকটা । 

উত্তৰঃ নদন-বদন — এতিয়া তাৰ অভাৱ বুলিবলৈ একো নাই , চাৰিওফালে নদন-বদন । 

সাতে – সোঁতৰে – কৈ থাকি একো লাভ নাই , সাতে – সোঁতৰে মুঠতে সি আমাৰ টিমৰ হৈ নেখেলে । 

আটোম-টোকাৰি — মানুহজনে ঘৰখন বেছ আটোম টোকাৰি কৈ ৰাখিছে । 

ডাংবৰলা — সি গােটেই জীৱন বৰলা হৈয়েই কটালে । 

শামকটা — ৰাতিপুৱাৰে পৰা চলি থকা শাহু – বােৱাৰীৰ কাজিয়াখনৰ এতিয়াহে শাম কাটিছে । 

প্রশ্ন ৪: শব্দার্থ লিখা – 

      দর্শন , আটোম-টোকাৰি , আঢ্যবন্ত , ৰােষ , বিপাং , কাজী , লেঠা। 

উত্তৰঃ দর্শন                    –        দৃষ্টি , দেখা , জ্ঞান । 

         আটোম-টোকাৰি।    –       পৰিপাটি , নিয়াৰি ,জঞ্জাল নথকা। 

         আঢ্যবন্ত                 –       ধনী, চহকী ।

         ৰােষ                     –       ক্রোধ, খং, ৰাগ । 

         বিপাং                    –       নিৰুপায় অৱস্থা । 

         কাজী                     –       বােৱা-কটাত নিপুণ তিৰােতা । 

         লেঠা                      –       জঞ্জাল , সমস্যা , আসোঁৱাহ ।

2 thoughts on “Niketan Class 8 Assamese Chapter 9 ডাংবৰলাৰ কেঁচুৱা দর্শন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top