Niketan Class 8 Assamese Chapter 5 মাতৃ পূজাত মােমাই বলি

Niketan Class 8 Assamese Chapter 5 মাতৃ পূজাত মােমাই বলি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 5 মাতৃ পূজাত মােমাই বলি and select need one.

Niketan Class 8 Assamese Chapter 5 মাতৃ পূজাত মােমাই বলি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 5 মাতৃ পূজাত মােমাই বলি Solutions for All Subjects, You can practice these here…

মাতৃ পূজাত মােমাই বলি

Chapter – 5

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্ৰশ্ন ১: তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া –

( ক ) লাচিত বৰফুকন কোন আছিল ? 

উত্তৰঃ লাচিত বৰফুকন প্রখ্যাত মােমাই তামুলী বৰবৰুৱাৰ পুত্র । শৰাইঘাটৰ যুদ্ধৰ সময়ত তেওঁ আহােমৰ সেনাপতি আছিল ।

( খ ) গড় নির্মাণৰ কাম চাবলৈ আহি লাচিত বৰফুকনে কৰ্মীসকলক কি অবস্থাত দেখিছিল ?

উত্তৰঃ কর্মীসকলক শুই থকা অৱস্থাত দেখিছিল ।

( গ ) গড় নির্মাণৰ দায়িত্বভাৰ লাচিত বৰফুকনে কাৰ ওপৰত দিছিল ? 

উত্তৰঃ মােমায়েকৰ ওপৰত দিছিল ।

( ঘ ) “ মােগলৰ সেনাপতি ৰাজপুত বীৰ ” —এই ৰাজপুত বীৰজন কোন আছিল ? 

উত্তৰঃ অম্বৰৰ অধিপতি ৰামসিংহ ।

( ঙ ) মােমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে কি কৰিছিল ? 

উত্তৰঃ ভয়ত বিতত হৈ পুনৰ লৰালৰিকৈ গড় নির্মাণৰ কামত লাগিছিল। 

প্রশ্ন ২: পাঠটিৰ মাজেৰে লাচিত বৰফুকনৰ দেশপ্রেম কিদৰে প্ৰকাশ পাইছে — তােমাৰ নিজৰ ভাষাত লিখা । 

উত্তৰঃ লাচিত বৰফুকনৰ দেশপ্রেম অতুলনীয় । দেশৰ প্ৰতি থকা তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা তেওঁ ভালদৰে বুজি পাইছিল । সেইবাবেই তেওঁ ৰাতি গড়ৰ কাম চাবলৈ আহিছিল । মােগলৰ হাতৰ পৰা দেশ মাতৃক ৰক্ষা কৰাৰ উদ্দেশ্যে তেওঁ ৰাতিৰ ভিতৰতে গড় এটা নির্মাণৰ দায়িত্ব দিছিল নিজৰ মােমায়েকৰ ওপৰত । মােমায়েকে কামৰ গুৰুত্ব নুবুজি কর্তব্যক অৱহেলা কৰি গড়ৰ কাম সম্পূর্ণ নকৰাকৈ বিশ্রাম লােৱা বাবে তেওঁ মােমায়েকক কাটি দুডােখৰ কৰিছে । দেশ সেৱাত স্বার্থবা আৱেগৰ স্থান নাই । মােমায়েক তেওঁৰ আপােন হ’লেও , পূজনীয় হ’লেও জন্মভূমিতকৈ আপােন বা পূজনীয় নহয় । সেয়ে দেশ জননীৰ পূজাত কর্তব্যক অৱহেলা কৰা মােমায়েকক তেওঁ বলি দিছে । দেশপ্রেমৰ এনে দৃষ্টান্ত ইতিহাসত বিৰল । 

মােমায়েকক বধ কৰি উঠি দেশৰ প্রতি কর্তব্য বিমুখ হ’লে তেওঁলােকৰ একেই শাস্তি হ’ব বুলি গড় নির্মাণত নিয়ােজিত কর্মীসকলক তেওঁ সাৱধান বাণী শুনাইছে । কর্মীবােৰে ভয়তে পুনৰ লৰালৰিকৈ কামত ধৰাত তেওঁ সুখী হৈছে । নিজ নিজ শক্তিত বিশ্বাস ৰাখি , সকলাে সামর্থ্য নিয়ােজিত কৰিলে গড় নিশ্চয় নির্মাণ হ’বই আৰু তেতিয়া জন্মভূমিকো ৰক্ষা কৰিব পৰা যাব বুলি কৈ কর্মীবােৰক তেওঁ উৎসাহ যােগাইছে । প্রয়ােজনত বুকুৰ তেজেৰে জননীৰ চৰণ ধুৱাবলৈ তেওঁ সকলােকে আহ্বান জনাইছে । 

লাচিতৰ মনত জন্মভূমি স্বৰ্গতকৈও শ্রেষ্ঠ । এই দেশৰ বুকুত তেওঁ মােগলক কেতিয়াও বিজয়ৰ গৌৰৱ – ধজা উৰুৱাব নিদিয়ে । দেশৰ বাবে হেংদান ল’বলৈ পাই তেওঁ অতিশয় আনন্দিত । অসমা – নিৰুপমা জননীৰ কোলাত জন্ম ধৰি তেওঁ নিজকে ভাগ্যৱান বুলি ভাবিছে আৰু পুনৰ জনম হ’লে ইয়াতেই জন্ম লাভ কৰাৰ হাবিয়াস – কৰিছে। 

ওপৰোক্ত কথাবােৰৰ মাজেৰে লাচিত বৰফুকনৰ দেশপ্রেম সুন্দৰভাবে প্রকাশ পাইছে । 

প্রশ্ন ৩: লাচিত বৰফুকনে মােমায়েকক কিয় হত্যা কৰিছিল ? মােমায়েকক বধ কৰাৰ পিছত কর্মীসকল পুনৰ কামত উঠি – পৰি লগাত লাচিত বৰফুকনৰ মনত উদয় হােৱা ভাৱৰাশি বহলাই লিখা । 

উত্তৰঃ কর্তব্যত অৱহেলা কৰাৰ কাৰণে লাচিত বৰফুকনে মােমায়েকক হত্যা কৰিছিল । 

মােমায়েকক বধ কৰাৰ পিছত কর্মীসকল পুনৰ কামত উঠি – পৰি লগাত লাচিত বৰফুকনৰ মনত আশাৰ সঞ্চাৰ হৈছে । কর্মীসকলে নিজ নিজ শক্তি বিশ্বাস ৰাখি সকলাে সামর্থ্য নিয়ােজিত কৰি কাম কৰিলে ৰাতিৰ ভিতৰতে গড় নির্মাণ হৈ উঠিব বুলি তেওঁৰ বিশ্বাস হৈছে । আৰু সেয়া হৈ উঠিলে মােগলেও তেওঁৰ জন্মভূমিক পদানত কৰিব নােৱাৰে । জন্মভূমিৰ আহ্বান পাই দেহৰ মমতা ত্যাগ কৰি , ক্ষুদ্র স্বার্থ মলিনতা পৰিহাৰ কৰি তেওঁলােক সকলাে ৰণক্ষেত্ৰলৈ ওলাই আহিছে । ৰণক্ষেত্ৰত বিশ্ৰামৰ সময় নাই । শত্ৰুক পৰাভূত কৰি মাতৃভূমিৰ স্বাধীনতা অক্ষুন্ন ৰাখিবই লাগিব । বুকুৰ তেজেৰে জননীৰ চৰণ ধুৱাবলৈ তেওঁ প্রস্তুত। জননী পূজাৰ এনেকুৱা মাহেন্দ্র ক্ষণ সকলােৰে ভাগ্যত নিমিলে । 

কর্মীসকলে জয়ধবনি দিয়াত তেওঁৰ উচ্ছাহ আৰু বাঢ়িছে । ক্ষন্তেকতে গড় নির্মাণ হ’ব আৰু যুদ্ধত তেওঁ জয়ী হ’বই । মােগল সেনাপতি ৰামসিংহৰ তেওঁ দর্প চূর্ণ কৰিব । মাত্র তেওঁক লাগে ভগৱানৰ আশীর্বাদ।নন্দন কাননতকৈও সুন্দৰ , স্বৰ্গতকৈও শ্রেষ্ঠ তেওঁৰ জন্মভূমি।মহাভাগ্যৰ বলতহে তেওঁ জন্মভূমিৰ বাবে হেংদান তুলি ল’ব পাৰিছে । অতি আপােন অসমা নিৰূপমা জননীৰ কোলাতে যেন তেওঁৰ পুনৰ জনম কর্মীসকল পুনৰ কামত উঠি – পৰি লগাত এনেকুৱা ধৰণৰ ভাবধাৰা লাচিত বৰফুকনৰ মনত উদয় হৈছিল ।

প্রশ্ন ৪: শৰাইঘাটৰ ৰণ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ ১৬৭১ খ্রীষ্টাব্দত আহােম আৰু মােগলৰ মাজত শৰাইঘাটৰ ৰণ হৈছিল । 

প্ৰশ্ন ৫: ব্যাখ্যা কৰা –

( ক ) বিজাতীয় মােগলৰ গর্বিত নিচান — দিবা নেকি উৰুৱাব জননীৰ স্বাধীন শিৰত ? 

উত্তৰঃ বিজাতীয় মােগলৰ  __স্বাধীন শিৰত । বাক্যটি সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা আৰু আমাৰ পাঠ্যপুথিত অন্তর্ভুক্ত “ মাতৃপুজাত মােমাই বলি ” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

এই বাক্যটিৰ জৰিয়তে লাচিত বৰফুকনে কর্তব্যক অৱহেলা কৰি বিশ্রাম লােৱা মােমায়েকক দেশ মাতৃৰ সম্ভাব্য বিপদ সম্পর্কে সকিয়াই দিছে । 

ৰাতিৰ ভিতৰতে গড় এটি নির্মাণ কৰাৰ বাবে লাচিত বৰফুকনে মােমায়েকক যি দায়িত্ব দিছিল , মােমায়েকে তাৰ গুৰুত্ব বুজি পােৱা নাছিল । সেয়ে গড়ৰ কাম আধা নৌহওঁতেই তেওঁ বিশ্রাম লৈছিল । কর্মীবােৰেও শুই পৰিছিল । ৰাতি গড়ৰ কাম চাবলৈ আহি গােটেই পৰিস্থিতিটো দেখি গড়ৰ কামৰ বিষয়ে লাচিতে মােমায়েকক প্রশ্ন কৰাত মােমায়েকে কর্মীবােৰে কাম কৰি ভাগৰি পৰি বিশ্রাম লােৱা বুলি কৈছিল।মােমায়েকৰ কথাত লাচিতৰ ভীষণ খং উঠিছিল । যুঁজাৰুৰ আৰু কিহৰ বিশ্রাম ? ৰাতিৰ ভিতৰত গড় নির্মাণ নহ’লে পৰিণাম ভয়াবহ হ’ব । মােগালক ভেটিব পৰা নাযাব আৰু দেশৰ স্বাধীনতা ৰক্ষা কৰা টান হ’ব । শিৰাই শিৰাই দেশপ্ৰেমৰ তেজ বৈ থকা লাচিত বৰফুকনে সেইটো কেতিয়াও হ’ব নিদিয়ে । সেয়েহে খং আৰু বিদ্রুপেৰে মােমায়েকক লাচিতে প্রশ্ন কৰিছিল ‘ বিজাতীয় মােগলৰ গর্বিত নিচান দিবা জানাে উৰুৱাব জননীৰ স্বাধীন শিৰত ? ’ বুলি ।

( খ ) পূজনীয় তুমি , কিন্তু তাতো কৰি শতগুণে পূজনীয় মাতৃভূমি চেনেহী আই । 

উত্তৰঃ পূজনীয় তুমি , কিন্তু ____ মাতৃভূমি চেনেহী আই । 

বাক্যটি সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত “ মাতৃপূজাত মােমাই বলি ” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

বাক্যটিৰ মাজেৰে লাচিত বৰফুকনৰ দেশ মাতৃৰ প্ৰতি থকা শ্রদ্ধা – ভক্তি সুন্দৰভাবে প্রকাশ পাইছে । 

জন্মভূমিক মােগলৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য লাচিত বৰফুকনে মােমায়েক গড় নির্মাণৰ যি গুৰু দায়িত্ব দিছিল , সেই দায়িত্ব আৰু কৰ্তব্যক অৱহেলা কৰি তেওঁ মহাপাপ কৰিছে । এই পাপৰ কোনাে ক্ষমা নাই । মােমায়েক হিচাপে তেওঁ লাচিতৰ পূজনীয় , শ্রদ্ধাৰ পাত্র । কিন্তু মােমায়েতকৈ মাতৃভূমি চেনেহী অসম লাচিতৰ শতগুণে পূজনীয় । মােমায়েকে যিহেতু তেনেকুৱা পূজনীয় জন্মভূমিৰ কৰ্তবক অৱহেলা কৰি মহাপাপ কৰিছে , সেই মহাপাপৰ শাস্তি তেওঁ ভূগিবই লাগিব । 

( গ ) চোৱা সৌ মানসৰ পবিত্ৰ বেদত ঢিমিক ঢামক জ্বলে আশাৰ প্রদীপ। 

উত্তৰঃ চোৱা সৌ মানসৰ ____ জ্বলে আশাৰ প্রদীপ । 

বাক্যটি সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা আৰু আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট “ মাতৃপূজাত মােমাই বলি ” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

কর্মীসকলে পুনৰ গড় নির্মাণ কৰিবলৈ ধৰাত লাচিত বৰফুকনৰ মনত যি আশাৰ সঞ্চাৰ হৈছিল , তাকে উক্ত কথাফাকিৰ মাজেৰে প্ৰকাশ পাইছে। 

লাচিত বৰফুকনে মােমায়েকক বধ কৰাৰ পিছত কর্মীবােৰে নতুন উদ্যমেৰে গড় নির্মাণৰ কামত লাগিছিল । গড়ৰ কাম তেতিয়ালৈ বহুখিনি বাকী থাকিলেও কর্মীবােৰৰ উৎসাহ দেখি লাচিত বৰফুকনৰ 

মনত আশাৰ সঞ্চাৰ হৈছিল । তেওঁ বুজি পাইছিল , কর্মীসকলে নিজ নিজ শক্তি বিশ্বাস ৰাখি সকলাে সামর্থ্য নিয়ােজিত কৰি কাম কৰিলে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ হ’বই । গড় সম্পূর্ণ নির্মাণ হলে মােগলক ভেটিব পৰা যাব আৰু মােগলে সহজে সােণৰ অসম ৰাজ্য পদানত কৰিব নােৱাৰিব । গতিকে কর্মীসকলে নিশাত ভােগাৰ প্ৰয়ােজন নাই । মনৰ মাজত এতিয়াও ঢিমিক ঢামাক আশাৰ প্রদীপ জ্বলি আছে । অলপ কষ্ট কৰি , অলপ ত্যাগ স্বীকাৰ কৰি তাত তেল – শলিতা দিলে সি দপকৈ জ্বলি উঠি দেশ মাতৃৰ মুখ উজ্বলাই তুলিব । 

প্রশ্ন ৬: পাঠটিৰ কথাখিনি সহজ ভাষাত চমুকৈ লিখা। 

উত্তৰঃ ১৬৭১ খ্রীষ্টাব্দত আহােম ৰজা চক্ৰধ্বজ সিংহৰ দিনত ৰাজপুত বীৰ ৰামসিংহৰ নেতৃত্বত মােগলে অসম আক্ৰমণ কৰিবলৈ আহিছিল । মােগলক ভেটিবলৈ আহােম সেনাপতি লাচিত বৰফুকনে আমিন গাঁৱৰ ওচৰত ৰাতিৰ ভিতৰত এটি গড় নির্মাণ কৰিবলৈ নিজৰ মােমায়েকৰ ওপৰত দায়িত্ব দিছিল । মােমায়েকে কামটোৰ গুৰুত্ব আৰু নিজৰ দায়িত্বৰ কথা নুবুজি গড় নির্মাণৰ আধা নৌহওঁতেই বিশ্রাম লৈছিল । কর্মীবােৰেও শুই পৰিছিল । ৰাতি গড়ৰ কাম চাবলৈ আহি গােটেই পৰিস্থিতিটো দেখা পাই লাচিত বৰফুকনে খঙত জ্বলি – পকি উঠে আৰু কৰ্তবক অৱহেলা কৰা বাবে ‘ দেশতকৈ মােমাই ডাঙৰ নহয় বুলি মােমায়েকক কাটি দুডােখৰ কৰে। লাচিতৰ এই ৰূপ দেখি কৰ্মীসকলে ভয়ত দুগুণ উৎসাহেৰে কামত লাগিল । কৰ্মীসকলৰ কাম কৰাৰ উদ্যম দেখি তেওঁ আনন্দিত হল । 

প্রশ্ন ৭: অতুল চন্দ্ৰ হাজৰিকাৰ দুখন নাটকৰ নাম লিখা । 

উত্তৰঃ টিকেন্দ্রজিত আৰু কুৰুক্ষেত্র । 

প্রশ্ন ৮: চমুটোকা লিখা — 

( ক ) লাচিত বৰফুকন ।

উত্তৰঃ লাচিত বৰফুকন উজনি অসমৰ প্ৰথম বৰবৰুৱা আৰু প্রতাপ সিংহৰ ৰাজত্ব কালৰ আহােমৰ মুখ্য সেনাপতি মােমাই তামুলী বৰবৰুৱাৰ পুত্র । ১৬১২ খৃষ্টাব্দত লাচিত বৰফুকনৰ জন্ম হৈছিল । ৰাজনীতিৰ পথাৰত তেওঁৰ প্রথম প্রৱেশ ঘটে আহােম স্বৰ্গদেৱৰ ‘ চোলাধৰা বৰুৱা ’ হিচাপে । এই পদবীটো আছিল ব্যক্তিগত সচিবৰ সমকক্ষ । ইয়াৰ পাছত তেওঁ ‘ ঘোঁৰা বৰুৱা আৰু ‘ দোলাকাষৰীয়া বৰুৱাৰ দায়িত্ব পালন কৰে । লাচিতক আহােম সৈন্যৰ সেনাপতি পাতে স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই । মােগলৰ অধীনৰ পৰা গুৱাহাটীক মুক্ত কৰাৰ বাবে স্বৰ্গদেৱে লাচিত বৰফুকনৰ ওপৰত দায়িত্ব অর্পণ কৰিছিল । সেনাপতিৰ দায়িত্ব লৈ তেওঁ ১৬৬৭ চনৰ গ্ৰীষ্ম কালৰ ভিত্ৰত আহােম সৈন্যদল মােগলৰ বিৰুদ্ধে যুঁজাৰ বাবে সাজু কৰি তােলে । 

অম্বৰৰ অধিপতি ৰাজপুত বীৰ ৰামসিংহৰ নেতৃত্বত অহা মােগল সৈন্যদল আহােম সৈন্যদলতকৈ যথেষ্ট শক্তিশালী আছিল । তথাপি ১৬৭১ চনত হােৱা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৰীয়া গাৰেই আহােম সৈন্যদলক নেতৃত্ব দি মােগালক শোচনীয়ভাবে পৰাস্ত কৰি মােগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে । শৰাইঘাটৰ যুদ্ধৰ প্ৰায় এবছৰ পিছত লাচিত বৰফুকনৰ মৃত্যু হয় । ১৬৭২ খ্রীঃত স্বৰ্গদেও উদয়াদিত্য সিংহই যােৰহাটৰ পৰা ১৬ কিলােমিটাৰ আতৰৰ হােলােঙাপাৰত লাচিত ময়দান ’ নির্মাণ কৰে । শৰাইঘাটৰ যুদ্ধৰ সময়তে নির্দিষ্ট সময়ত গড়ৰ কাম সম্পূর্ণ কৰিব নােৱাৰা বাবে লাচিত বৰফুকনে নিজৰ মােমায়েকক‘ দেশতকৈ মােমাই ডাঙৰ নহয় বুলি কাটি দুছােৱা কৰা বুলি বুৰঞ্জীত উল্লেখ আছে । সেই গড়টোক আজিও মােমাই কটা গড় বুলি জনা যায় । 

( খ ) ৰামসিংহ ।

উত্তৰঃ ৰামসিংহ মির্জা ৰাজা জয় সিংহৰ জ্যেষ্ঠ পুত্র আৰু অম্বৰৰ ( বর্তমান জয়পুৰ পৌৰনিগমৰ অংশ ) শাসন কর্তা আছিল । ১৬৬৭ খ্রীঃত সম্রাট ঔৰংগজেৱে ৰাম সিংহক সেনাপতি পাতি অসম আক্ৰমণ কৰিবলৈ পঠায় । আহােমৰ তুলনাত ৰাম সিংহৰ সেনা বাহিনী আছিল অতি বিশাল । প্রথম অৱস্থাত ৰাম সিংহই মানাহ নদীৰ পশ্চিমৰ পৰা 

গুৱাহাটীলৈকে আহােমক খেদি গুৱাহাটী দখল কৰে । স্থলযুদ্ধত ৰাম সিংহৰ বিশাল সেনা বাহিনীৰ ওচৰত আহােম সৈন্য তিষ্ঠিব পৰা নাছিল। কিন্তু শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত হােৱা নৌযুদ্ধত ৰাম সিংহই শােচনীয়ভাৱে পৰাজিত হৈ ঘূৰি যাব লগা হয় । আহােম সৈন্যই ৰামসিংহক মানাহ নদীৰ পশ্চিম সীমালৈকে খেদি যায় । 

( গ ) শৰাইঘাটৰ যুদ্ধ ।

উত্তৰঃ ১৬৭১ খ্রীঃত মােগল আৰু আহােমৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল । মােগল সেনাপতি আছিল ৰাজপুত বীৰ ৰামসিংহ আৰু আহােমৰ সেনাপতি আছিল লাচিত বৰফুকন । শৰাইঘাটৰ মুল যুদ্ধখনৰ আগে আগে আৰু দুখনমান যুদ্ধ হৈছিল । ইতিমধ্যে আলাবৈৰ যুদ্ধত যথেষ্ট ক্ষতিগ্রস্থ হােৱা আহােম সৈন্যদল হতাশাত ভুগিছিল । লাচিতকে ধৰি উচ্চ পদস্থ বিষয়া অসুখত পৰিছিল । মিৰি সন্দিকৈৰ পুত্ৰ নৰা ৰজাই সৈন্য বাহিনী চোৱা – চিতা কৰিছিল । এই সৰু সৰু যুদ্ধবােৰত মােগলৰ বহু ক্ষতি হলেও সিহঁতে নাৱেৰে আগবাঢ়ি গৈ আন্ধাৰুবালিৰ ওচৰ পাইছিল । নৰীয়া – পাটীৰ পৰাই লাচিতে আৰু লগতে ল’ৰা ৰজাই সৈন্যসকলক উৎসাহিত কৰাৰ কাৰণে বাতৰি পঠিয়াইছিল যদিও ই বিশেষ কাম দিয়া নাছিল । অৱশেষত মােগল সৈন্যই আন্ধাৰুবালিত নামিবৰ উপক্ৰম হােৱা দেখি লাচিতে আৰু চাই থাকিব নোৱাৰিলে । তেওঁ সাতখন যুদ্ধ – নাওঁ তেওঁৰ বাবে আনিবলৈ আদেশ দি খৰঙীৰ নদাইৰ সহায়ত নৰীয়া গাৰেই তাৰে এখনত উঠি মােগল সৈন্যক খেদি গ’ল । সেনাপতি লাচিত বৰফুকনক নৰীয়া শৰীৰেৰে যুদ্ধক্ষেত্ৰত নমা দেখি আহােম সৈন্যদল উৎসাহিত হ’ল আৰু প্রাণপণে যুদ্ধ ৰাত লাগিল । শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত হােৱা এই নৌকা – যুদ্ধত মােগলে কেবাজনাে উচ্চ – পদস্থ – আমিৰ আৰু কেবা হাজাৰৰ সৈন্য হেৰুৱাই 

আহােমৰ হাতত শােচনীয় পৰাজয় বৰণ কৰে । শৰাইঘাটৰ যুদ্ধ হােৱাৰ তাৰিখ গম পােৱা নাযায় যদিও যুদ্ধখন ১৬৭১ খ্রীঃত মার্চ মাহৰ মাজভাগত হােৱা বুলি জনা যায় । 

প্রশ্ন৯: শব্দার্থ লিখা – 

        চিন্তামগন , কদাপি , পৰাণ , বিজাতীয় , যদিষ্যাতো , লায়ক , কুলাঙ্গাৰ , আমাত 

উত্তৰঃ চিন্তামগন     –       চিন্তামগ্ন , চিন্তাত বিভােৰ । 

         কদাপি         –       কেতিয়াও ।

         পৰাণ          –       প্রাণ । 

         বিজাতীয়     –       বিদেশী । 

         যদিষ্যাতাে    –       যদিও । 

         লায়ক          –       উপযুক্ত । 

         কুলাঙ্গাৰ       –       বংশৰ কলংক , জাতিদ্রোহী । 

         আমাত         –       আমাক ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top