Class 10 Elective Geography Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Class 10 Elective Geography Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী, Elective Geography Class 10 SEBA Question Answer in Assamese. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী and select needs one.

Class 10 Elective Geography Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী Solutions for All Subject, You can practice these here.

ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Chapter : 7

অনুশীলনী

১। মানচিত্ৰ কি? ইয়াৰ প্ৰধান উপাদানবোৰৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰত্যেকৰে চিত্ৰ আঁকি বুজাই দিয়া।

উত্তৰঃ ভূপৃষ্ঠ বা তাৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকে মানচিত্ৰ বোলা হয়।

মানচিত্ৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি কোনো এটা অঞ্চলৰ প্ৰাকৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থানৰ বিষয়ে জানিব পাৰি।

মানচিত্ৰৰ প্রধান উপাদানসমূহ হৈছে—

(ক) মানচিত্ৰৰ নাম।

(খ) মানচিত্ৰৰ সীমাৰেখা।

(গ) মানচিত্ৰৰ মাপনী।

(ঘ) সাংকেতিক চিহ্ন।

(ঙ) দূৰত্ব।

(চ) দিশ।

(ছ) মাটিকালি।

(জ) মানচিত্ৰৰ আকৃতি আৰু আকাৰ।

২। মানচিত্ৰত প্ৰাকৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো পাঁচোটা প্ৰচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।

উত্তৰঃ মানচিত্ৰত উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা পাঁচটা প্ৰাকৃতিক অৱয়ব হৈছে— বোৱতী নদী, শুকান নদী, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, সৰলবৰ্গীয় উদ্ভিদ। 

সেই অৱয়ববোৰৰ সাংকেতিক চিহ্ন হৈছে—

৩। মানচিত্ৰত সাংস্কৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো পাঁচোটা প্ৰচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।

উত্তৰঃ 

৪। আন্তৰ্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমাৰ প্ৰচলিত সাংকেতিক চিহ্ন অংকন কৰি নাম কৰণ কৰা। 

উত্তৰঃ 

৫। তলত উল্লেখ কৰা অৱয়বসমূহৰ প্ৰচলিত সাংকেতিক চিহ্ন আঁকা।

(ক) পকী নকৰা ৰাস্তা। 

(খ) নিজৰা। 

(গ) পৰ্ণপাতী উদ্ভিদ। 

(ঘ) দুৰ্গ।

(ঙ) কুঁৱা।

(চ) জুপুৰি। আৰু 

(ছ) জনবসতিপূৰ্ণ গাঁও।

উত্তৰঃ

৬। তোমাক যোগান ধৰা অসমৰ সীমাৰেখাৰ মানচিত্ৰখন জালিকা পদ্ধতিৰে বেলেগ কাগজত অংকন কৰা আৰু প্ৰধান আৱশ্যকীয় উপাদানবোৰ সন্নিবিষ্ট কৰা।

উত্তৰঃ

৭। তোমাক যোগান ধৰা তোমাৰ জিলা অথবা ৰাজ্যখনৰ মানচিত্ৰখনত প্ৰধান নদ-নদী, নগৰ, ৰাষ্ট্ৰীয় ঘাই পথ, ৰাষ্ট্ৰীয় উদ্যোগ বা অভয়াৰণ্য, জলাশয়, ৰেলপথ আদি অৱয়ববোৰ সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰিবলৈ অভ্যাস কৰা।

উত্তৰঃ তোমালোকে নিজে নিজে অসমৰ মানচিত্ৰখন অংকন কৰা। তোমালোকে সুবিধাৰ্থে তলত প্ৰচলিত সাংকেতিক চিহ্নৰ এখন তালিকা দিয়া হ’ল—

৮। তোমাৰ ৰাজ্যৰ মানচিত্ৰখনত আন্তৰ্জাতিক আৰু  ৰাজ্যিক সীমাৰেখা সাংকেতিক চিহ্নৰ দ্বাৰা শুদ্ধকৈ অংকন কৰা।

উত্তৰঃ 

৯। তোমাক দিয়া মানচিত্ৰখনৰ এটি বিৱৰণ তিনিটা পৰ্যায়ত দাঙি ধৰা—

(ক) পাতনি। 

(খ) প্ৰাকৃতিক অৱস্থাৰ বিৱৰণ। 

(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণ।

উত্তৰঃ ধৰিলোৱা তোমাক অংকন কৰিবলৈ দিয়া মানচিত্ৰখন হৈছে অসম ৰাজ্যৰ মানচিত্ৰ। অসমৰ বিৱৰণ তিনিটা পৰ্যায়ত মানচিত্ৰ এখন অধ্যয়ন কৰি তাৰ বিৱৰণ লিখা হয়।

(ক) পাতনি: মানচিত্ৰখন কোন দেশ, ৰাজ্য, জিলা অথবা অঞ্চলৰ সেই কথা লিখিব লাগে। লগতে মানচিত্ৰখনৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ বিস্তৃতি, মাপনী আৰু চাৰিসীমাৰ বিষয়ে উল্লেখ কৰিব লাগে।

(খ) প্ৰাকৃতিক অৱস্থাৰ বিৱৰণ: প্ৰাকৃতিক অৱয়বসমূহ বুজাবলৈ মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নবোৰ চিনাক্ত কৰিব লাগিব। প্ৰাকৃতিক অৱয়ব, যেনে— বোৱতী নৈ, শুকান নৈ, নিজৰা, জলাশয়, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, পৰ্ণপাতী উদ্ভিদ, সৰল বৰ্গীয় উদ্ভিদ আদি চিনাক্ত কৰিব লাগে। 

(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণ: সাংস্কৃতিক পৰিৱেশৰ উপাদানবোৰ মানৱসৃষ্ট। যেনে— বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্যোগ ইত্যাদি। এই অৱয়ববোৰ মানচিত্ৰত কিছুমান সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। মানচিত্ৰত ব্যৱহাৰ কৰা আন্তৰ্জাতিক, আন্তঃৰাজ্যিক আদি সীমাৰেখাৰ চিহ্ন চাই অঞ্চলটোৰ ৰাজনৈতিক অৱস্থিতি সম্পৰ্কেও জানিব পাৰো।

১০। মানচিত্ৰ অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মানচিত্ৰ অধ্যয়নৰ অধিক গুৰুত্ব আৰু আৱশ্যকতা আছে। মানচিত্ৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি কোনো এটা অঞ্চলৰ প্ৰাকৃতিক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থানৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। মানচিত্ৰ হৈছে কোনো এক অঞ্চল বা ঠাইৰ দাপোনস্বৰূপ। মানচিত্ৰ অধ্যয়নৰ যোগেদি অতি কম সময়ত সহজভাৱে অঞ্চলটোৰ বিষয়ে জানিব পাৰি। মানচিত্র অধ্যয়নৰ জৰিয়তে কোনো এক অঞ্চলৰ ভূ-প্রকৃতি, উচ্চতা, যাতায়ত ব্যৱস্থা, বজাৰ, নগৰ, চহৰ আৰু উদ্যোগৰ অৱস্থান আৰু বিতৰণ, নদ-নদীৰ অৱস্থান, গছ-গছনিৰ প্ৰকাৰ তথা বনাঞ্চলৰ অৱস্থিতি আদি বহুতো আৱশ্যকীয় তথ্য সহজে পাব পাৰো। তাৰোপৰি মানচিত্ৰত ব্যৱহাৰ কৰা আন্তৰ্জাতিক, আন্তঃৰাজ্যিক আদি সীমাৰেখাৰ চিহ্নৰ পৰা অঞ্চলটোৰ ৰাজনৈতিক অৱস্থিতি সম্পৰ্কেও বুজ ল’ব পাৰি।

মানচিত্ৰৰ স্কে’ল

প্ৰশ্নৱালী:

১। মাপনী কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্ৰত কম বা চুটি কৰি লোৱা হয়, তাকেই মানচিত্ৰ বিদ্যাত মাপনী বোলে। মাপনী বা স্কে’ল হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱী বা ইয়াৰ যিকোনো অংশক প্ৰয়োজন অনুসৰি সৰু কৰি দেখুৱাব পাৰি।

মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী বা স্কে’ল তিনি প্ৰকাৰৰ সেইবোৰ হৈছে—

(ক) ভাষাৰ স্কে’ল।

(খ) নিৰূপক ভগ্নাংশৰ স্কে’ল।

(গ)  ৰৈখিক মাপনী।

২। মানচিত্ৰ অংকনত মাপনীৰ ভূমিকা উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত বা আচল দূৰত্বৰ অনুপাতেই হ’ল সেই মানচিত্ৰখনৰ স্কে’ল বা মাপনী। উদাহৰণস্বৰূপে মানচিত্ৰত দেখুওৱা দুখন ঠাই ‘ক’ আৰু ‘খ’ৰ মাজৰ দূৰত্ব মানচিত্ৰত ৪ চেণ্টিমিটাৰ। কিন্তু ভূ-পৃষ্ঠত ঠাইদুখনৰ মাজৰ আচল দূৰত্ব হ’ল ৫০ কিল’মিটাৰ। গতিকে ঠাই দুখনৰ মাজত থকা মানচিত্ৰৰ দূৰত্ব আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ যি অনুপাত হ’ব সেয়েই মানচিত্ৰখনৰ স্কে’ল। অৰ্থাৎ ১ চেণ্টিমিটাৰ মানচিত্ৰ দূৰত্বই ১২.৫ কিল’মিটাৰ ভূ-পৃষ্ঠ দূৰত্ব বুজাব। গতিকে মানচিত্র অংকনত স্কে’ল অপৰিহাৰ্য।

৩। ভাষাৰ মাপনী কাক বোলে? উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাইদুখনৰ মাজৰ প্ৰকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকাশ কৰা হয় তাকে ভাষাৰ মাপনী বোলা হয়। 

উদাহৰণস্বৰূপে ১ চেণ্টিমিটাৰ = ৫ কিল’মিটাৰ; ১ ইঞ্চি = ১০ মাইল; ২ চেণ্টিমিটাৰ = ১ কিল’মিটাৰ আদি ভাষাৰ মাপনী। অৰ্থাৎ মানচিত্ৰ এখনৰ স্কে’ল ১ চেণ্টিমিটাৰ = ৫ কিল’মিটাৰ বুলিলে আমি মানচিত্ৰৰ ১ চেণ্টিমিটাৰে ভূ-পৃষ্ঠৰ ৫ কিল’মিটাৰ দূৰত্বক বুজোঁ।

৪। নিৰূপক ভগ্নাংশৰ মাপনী বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা হয় তেতিয়া সেই মাপনীক নিৰূপক ভগ্নাংশৰ মাপনী বোলে। 

যেনে নিৰূপক ভগ্নাংশক ১: ১০০০ বা ১/১০০০ হিচাপে প্ৰকাশ কৰা হয়। 

ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে— এই ভগ্নাংশৰ লবৰ মান সদায় ১ একক। গতিকে ভগ্নাংশত থকা হৰৰ মানেহে মাপনী নিৰ্ধাৰণ কৰে। হৰৰ মান যিমানেই বেছি হয়, সিমানেই মানচিত্ৰ সৰু হয়। এই মাপনীত লব আৰু হৰ উভয়তে কোনো ধৰণৰ একক ব্যৱহাৰ কৰা নহয়। সেয়ে মানচিত্ৰ অংকনকাৰী বা অধ্যয়নকাৰীয়ে নিজৰ সুবিধা অনুযায়ী ভগ্নাংশটোত একক বহুৱাই ল’লেই শুদ্ধ হৈ থাকে।

৫। ৰৈখিক মাপনীৰ বৈশিষ্ট্য আৰু প্ৰয়োজনীয়তাসমূহ লিখা।

উত্তৰঃ ৰৈখিক মাপনীৰ বৈশিষ্ট্য হৈছে এই মাপনীৰ সহায়ত ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল সৰল ৰেখাৰ জৰিয়তে প্ৰকাশ কৰা হয়। এনে ৰৈখিক মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনো দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব অতি সহজ নিৰ্ণয় কৰিব পাৰি। এনে মাপনী থকা মানচিত্ৰৰ আন এটা সুবিধা হ’ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক এটা অনুপাতত সৰু বা ডাঙৰ কৰা হয়, সেই একে অনুপাততেই ৰৈখিক মাপনীৰো দৈৰ্ঘ্য চুটি বা দীঘল হয়। অৰ্থাৎ একে কৰাৰ পিছতো মানচিত্ৰ এখনৰ মাপনী শুদ্ধ হৈয়েই থাকে। এনে ৰৈখিক মাপনীৰ গুৰুত্ব আৰু ব্যৱহাৰ বৃদ্ধি পাইছে।

৬। মানচিত্ৰ এখনৰ নিৰূপক ভগ্নাংশৰ মাপনী ১: ২৫০,০০০। ইয়াক ভাষাৰ মাপনীলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ নিৰূপক ভগ্নাংশৰ মাপনী

১:২৫০,০০০

বা ১ ছেণ্টিমিটাৰ = ২৫০,০০০ ছেণ্টিমিটাৰ

বা ১ ছেণ্টিমিটাৰ = ২৫০০ মিটাৰ [∵ ১ মিটাৰ = ১০০ ছেঃমিঃ]

বা ১ ছেণ্টিমিটাৰ = ২.৫ কিল’মিটাৰ [∵ ১ কিঃমিঃ = ১০০০ মিটাৰ]

অৰ্থাৎ ভাষাৰ মাপনী হ’ব ১ ছেণ্টিমিটাৰ = ২৫০০ মিটাৰ বা, 

এক ছেণ্টিমিটাৰ = ২.৫ কিল’মিটাৰ।

৭। মানচিত্ৰ এখনৰ ভাষাৰ মাপনী ২ চেণ্টিমিটাৰ = ৩৫ কিলোমিটাৰ। ইয়াক নিৰূপক ভগ্নাংশলৈ ৰূপান্তৰ কৰা। 

উত্তৰঃ ভাষাৰ মাপনী ২ ছেণ্টিমিটাৰ = ৩৫ কিল’মিটাৰ

বা ২ ছেণ্টিমিটাৰ = ৩৫,০০,০০০ ছেণ্টিমিটাৰ

[∵ ১ কিঃমিঃ = ১,০০,০০০ ছেঃমিঃ]

বা ১ ছেণ্টিমিটাৰ = ১৭,৫০,০০০ ছেঃমিঃ

অৰ্থাৎ নিৰূপক ভগ্নাংশ হ’ব ১ : ১৭৫০০০০

বা ১/১৭৫০০০০

৮। অতি কমেও ১ কিলোমিটাৰ পৰ্যন্ত জোখ ল’ব পৰাকৈ নিৰূপক ভগ্নাংশ ১: ৫০০,০০০ ৰ বাবে এটি ৰৈখিক মাপনী অংকন কৰা।

উত্তৰঃ মানচিত্ৰৰ নিৰূপক ভগ্নাংশ ১ : ৫০০,০০০

এতিয়া মানচিত্ৰত ১ কিল’মিটাৰ দূৰত্ব দেখুৱাব পৰাকৈ ৰৈখিক মাপনী অংকন কৰিব লাগে।

প্ৰদত্ত স্কেল অনুসৰি মানচিত্ৰৰ ১ একক = ভূ-পৃষ্ঠৰ ৫০০,০০০ একক

বা ১ ছেঃমিঃ = ৫০০,০০০ ছেঃমিঃ

বা ১ ছেঃমিঃ = ৫০০০ মিটাৰ

বা ১ ছেঃমিঃ = ৫ কিল’মিটাৰ

৯। ২ ইঞ্চি = ৫ মাইল ভাষাৰ মাপনী ব্যৱহাৰ কৰি অতি কমেও ১ মাইল পৰ্যন্ত জোখ ল’ব পৰাকৈ এটি ৰৈখিক মাপনী অংকন কৰা।

উত্তৰঃ [ ভাষাৰ মাপনী ২ ইঞ্চি = ৫ মাইল

বা ১ ইঞ্চি ৫/২ মাইল

বা ১ ইঞ্চি = ৫/২×৬৩৩৬০ ইঞ্চি

বা ১ ইঞ্চি = ৩১৬৮০০/২ ইঞ্চি

বা ১ ইঞ্চি = ১৫৮৪০০ ইঞ্চি

বা ১ : ১৫৮৪০০]

তলৰ চিত্ৰত ১ মাইল পৰ্যন্ত জোখ ল’ব পৰাকৈ ৰৈখিক মাপনী অংকন কৰা হ’ল।

১০। চমু টোকা লিখা।

(ক) লেখচিত্ৰ।

উত্তৰঃ ভূগোলত জলবায়ু, ভূমি ব্যৱহাৰ, জনসংখ্যা, উৎপাদন আদি সম্পৰ্কীয় বিভিন্ন তথ্য যেতিয়া উপযুক্তভাৱে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় তাকে লেখচিত্ৰ বোলে। বেছিভাগ লেখচিত্ৰ প্ৰস্তুত কৰোতে মাপনী ব্যৱহাৰ কৰা হয়। তথ্যৰ বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি অতি সহজ বা সাধাৰণৰ পৰা অতি জটিল বা বিশেষ বহু প্ৰকাৰৰ লেখচিত্ৰ হ’ব পাৰে। 

(খ) দণ্ড লেখচিত্ৰ।

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্যা বা উৎপাদনৰ এক দীঘলীয়া সময়ৰ ধাৰা বা কেইবাখনো ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ জনসংখ্যা বা উৎপাদন আয়তাকাৰ দণ্ডৰ সহায়ত দেখুওৱা হয় তাকে দণ্ড লেখচিত্ৰ বোলে।

উদাহৰণস্বৰূপে ১৯৫১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰাৰ তথ্য ল’ব পাৰি। 

লোকপিয়ল বৰ্ষজনসংখ্যা (নিযুত হিচাপে)
১৯৯৫১৮.০
১৯৬১১০.৮
১৯৭১১৪.৬
১৯৮১১৮.০
১৯৯১২২.৪
২০০১২৬.৬

উপৰোক্ত তথ্যসমূহ দণ্ডচিত্ৰৰ সহায়ত উপস্থাপন কৰিবলৈ যাওঁতে লোকপিয়ল বর্ষসমূহ x অক্ষত আৰু জনসংখ্যাৰ মান y অক্ষত ধৰা হ’ল। জনসংখ্যা উপস্থাপন কৰাৰ বাবে ১ নিযুত জনসংখ্যা বুজাবলৈ ১.৫ মিলিমিটাৰ দৈৰ্ঘ্য স্কে’ল হিচাপে লোৱা হৈছে। আনহাতে ১/২ মিলিমিটাৰ ব্যৱধানত ২ চেণ্টিমিটাৰ প্রস্থৰে দণ্ডবোৰ অঁকা হৈছে।

(গ) ৰৈখিক লেখচিত্ৰ।

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্যা, উৎপাদন আদিৰ এক দীঘলীয়া সময়ৰ ধাৰা ৰেখাৰ সহায়ত দেখুওৱা হয় তাকে ৰৈখিক লেখচিত্ৰ বোলে।

উদাহৰণস্বৰূপে ১৯৯০ ৰ পৰা ১৯৯৮ বৰ্ষলৈ অসমৰ ধান উৎপাদনৰ ধাৰা ৰৈখিক লেখচিত্ৰৰ সহায়ত দেখুৱাব পাৰি।

উৎপাদন বৰ্ষধান উৎপাদন (লাখ টন হিচাপে)
১৯৯০-৯১৩২.৭
১৯৯১-৯২৩২.০
১৯৯২-৯৩৩৩.০
১৯৯৩-৯৪৩৩.৬
১৯৯৪-৯৫৩৩.১
১৯৯৫-৯৬৩৩.৯
১৯৯৬-৯৭৩৩.৩
১৯৯৭-৯৮৩৩.৮

উৎপাদন বৰ্ষ লেখচিত্ৰৰ x অক্ষত আৰু উৎপাদন মান y অক্ষত দেখুওৱা হৈছে।

(ঘ) বৃত্ত লেখচিত্ৰ।

উত্তৰঃ যি লেখচিত্ৰত এখন ঠাইৰ যি কোনো এটা ভৌগোলিক উপাদানৰ অংশভিত্তিক মানবোৰ অনুপাতিক হিচাপে বৃত্তৰ সহায়ত দেখুওৱা হয় তাকে বৃত্ত লেখচিত্ৰ বোলা হয়। এনে বৃত্ত লেখচিত্ৰৰ দ্বাৰা এখন ঠাইৰ ভূমিৰ ব্যৱহাৰ, জনসংখ্যাৰ গাথঁনি ইত্যাদি তথ্য অতি সহজে উপস্থাপন কৰিব পাৰি।

(ঙ) ৰৈখিক মাপনী।

উত্তৰঃ মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰল ৰেখাৰ জৰিয়তে প্ৰকাশ কৰা হয়, তাকেই ৰৈখিক মাপনী বোলা হয়। এনে ৰৈখিক মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনো দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব অতি সহজ নিৰ্ণয় কৰিব পাৰি। এনে মাপনী থকা মানচিত্ৰৰ আন এটা সুবিধা হ’ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক এটা অনুপাতত সৰু বা ডাঙৰ কৰা হয়, সেই একে অনুপাততেই ৰৈখিক মাপনীৰো দৈৰ্ঘ্য চুটি বা দীঘল হয়।

১১। তলত দিয়া ভৌগোলিক তথ্যসমূহ উপযুক্ত লেখচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা।

(ক) নিবনুৱাৰ সংখ্যা।

জৰীপ বৰ্ষনিবনুৱাৰ সংখ্যা
১৯৯২৩,৫১২
১৯৯৩৩,৯০৫
১৯৯৪৪,২৩৫
১৯৯৫৪,৯৫০
১৯৯৬৫,০৬৪
১৯৯৭৫,১১২
১৯৯৮৫,৭৩০
১৯৯৯৫,৯৩১
২০০০৬,৫৭৩
২০০১৬,৮৮২

উত্তৰঃ উপৰোক্ত তথ্যসমূহ দণ্ডচিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰি। তথ্যসমূহ উপস্থাপন কৰোতে জৰীপ বর্ষসমূহক ‘X’ অক্ষত আৰু নিবনুৱাৰ সংখ্যাক ‘Y’ অক্ষত ধৰা হ’ল। নিবনুৱাৰ সংখ্যা উপস্থাপন কৰিবলৈকে ১ হাজাৰ বুজাবলৈকে ২ মিলিমিটাৰ দৈৰ্ঘ্য স্কেল হিচাপে লোৱা হ’ল। আকৌ ২ ছেঃমিঃ প্ৰস্থৰে দণ্ডবোৰ অঁকা হ’ল।

(খ) মৰাপাট উৎপাদন।

উৎপাদন বৰ্ষউৎপাদনৰ পৰিমাণ ( টন হিচাপত) 
১৯৯৫-১৯৯৬২,০৯২
১৯৯৬-১৯৯৭২,১৩৫
১৯৯৭-১৯৯৮২,৮৩০
১৯৯৮-১৯৯৯২,৬৫৭
১৯৯৯-২০০০২,৯৪১
২০০০-২০০১৩,২৪৮
২০০১-২০০২৩,৮৯৩
২০০২-২০০৩৪,২০৫

উত্তৰঃ উৎপাদন বর্ষক X অক্ষত আৰু উৎপাদনৰ পৰিমাণক Y অক্ষত দেখুৱাই তলত ৰৈখিক লেখচিত্ৰ অংকন কৰা হ’ল—

(গ) আঞ্চলিক পৰ্যায়ত জনসংখ্যা।

অঞ্চলজনসংখ্যা (লাখ হিচাপত)
১। উত্তৰ অঞ্চল৩২.৯
২। দক্ষিণ অঞ্চল১৩০.০
৩। পূব অঞ্চল২৯৫.১
৪। পশ্চিম অঞ্চল৫৫.৪

উত্তৰঃ ওপৰত উল্লেখ কৰা অঞ্চলকেইটাৰ মুঠ জনসংখ্যা হৈছে

= ৩২.৯ + ১৩০.০ + ২৯৫.১ + ৫৫.৪

= ৫১৩.৪

গতিকে উত্তৰ অঞ্চল বুজাবলৈকে কোণৰ পৰিমাণ হ’ব = ৩২.৯/৫১৩.৪×৩৬০°

= ২৩.০৬°

দক্ষিণ অঞ্চল বুজিবলৈকে কোণৰ পৰিমাণ হ’ব 

= ১৩০.০/৫১৩.৪×৩৬০°

= ৯১.১৫°

পূব অঞ্চল বুজিবলৈকে কোণৰ পৰিমাণ হ’ব

 = ২৯৫.১/৫১৩.৪×৩৬০°

= ২০৬.৯২°

আৰু পশ্চিম অঞ্চল বুজিবলৈকে কোণৰ পৰিমাণ হ’ব 

= ৫৫.৪/৫১৩.৪×৩৬০°

= ৩৮.৮৪°

এতিয়া তালিকা আকাৰে প্ৰকাশ কৰিলে, আমি পাওঁ—

অঞ্চলকোণৰ মান
১। উত্তৰ অঞ্চল২৩.০৬°
২। দক্ষিণ অঞ্চল৯১.১৫°
৩। পূব অঞ্চল২০৬.৯২°
৪। পশ্চিম অঞ্চল৩৮.৮

বৃত্ত লেখচিত্ৰৰ সহায়ত উক্ত তথ্যখিনি উপস্থাপন কৰা হ’ল—

(ঘ) গাঁও আৰু নগৰৰ জনসংখ্যা।

অঞ্চলজনসংখ্যা
১। গ্ৰাম্যাঞ্চল৩,৪৯,৭৪২
২। নগৰাঞ্চল১,২৭,৯৭৩

উত্তৰঃ বৃত্ত লেখচিত্ৰৰ সহায়ত গাঁও আৰু নগৰৰ জনসংখ্যাক উপস্থাপন কৰিব পাৰি।

গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চল মিলি মুঠ জনসংখ্যা হৈছে-

= ৩৪৯৭৪২ + ১২৭৯৭৩

= ৪৭৭৭১৫

∴ গ্ৰাম্যাঞ্চলত জনসংখ্যা দেখুৱাবলৈ কোণৰ পৰিমাণ হ’ব 

= ৩৪৯৭৪২/৪৭৭৭১৫×৩৬০°

= ২৬৩.৫৬°

নগৰাঞ্চলত জনসংখ্যা দেখুৱাবলৈ কোণৰ পৰিমাণ হ’ব –

= ১২৭৯৭৩/৪৭৭৭১৫×৩৬০°

= ৯৬.৪৪°

তলত বৃত্তচিত্ৰৰ সহায়ত গাঁও আৰু নগৰৰ জনসংখ্যা দেখুওৱা হ’ল—

অঞ্চলজনসংখ্যাকোণৰ পৰিমাণ
১। গ্ৰাম্যাঞ্চল৩,৪৯,৭৪২২৬৩.৫৬°
২। নগৰাঞ্চল১,২৭,৯৭৩৯৬.৪৪

(ঙ) কৃষিভূমিৰ বিতৰণ।

কৃষিভূমিৰ ব্যৱহাৰকৃষিভূমিৰ পৰিমাণ (হেজাৰ হেক্টৰ হিচাপে)
ধান৯২,৫৬৩
মৰাপাট১৯,৩৯৭
কুঁহিয়াৰ১৭,২১৮
আলু৩,৮৮৪
অন্যান্য২৩,০৭৩

উত্তৰঃ কৃষিভূমিৰ বিতৰণৰ তথ্যসমূহ বৃত্ত লেখচিত্ৰৰ সহায়ত উপস্থাপন কৰা হ’ল।

তথ্যমতে মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে-

= ( ৯২,৫৬৩ + ১৯,৩৯৭ + ১৭,২১৮ + ৩৮৮৪ + ২৩০৭৩)

= ১,৫৬,১৩৫ হাজাৰ হেক্টৰ

ধানৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ৯২৫৬৩/১৫৬১৩৫×৩৬০°

= ২১৩.৩৫°

মৰাপাটৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ১৯৩৯৭/১৫৬১৩৫×৩৬০°

= ৪৪.৭২°

কুঁহিয়াৰৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ১৭২১৮/১৫৬১৩৫×৩৬০°

= ৩৯.৬৯°

আলুৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ৩৮৮৪/১৫৬১৩৫×৩৬০°

= ৮.৯৫°

অন্যান্যৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ২৩০৭৩/১৫৬১৩৫×৩৬০°

= ৫৩.১৯°

যেতিয়া, কৃষিভূমিৰ বিতৰণ বৃত্তৰ কোণৰ মানৰ বিতৰণ তলৰ তালিকাত দেখুওৱা হ’ল—

কৃষিভূমিৰ ব্যৱহাৰকৃষিভূমিৰ পৰিমাণ(হেজাৰ হেক্টৰ)কোণৰ পৰিমাণ
ধান৯২,৫৬৩২১৩.৩৫°
মৰাপাট১৯,৩৯৭৪৪.৭২°
কুঁহিয়াৰ১৭,২১৮৩৯.৬৯°
আলু৩৮৮৪৮.৯৫°
অন্যান্য২৩,০৭৩৫৩.১৯°

তলৰ বৃত্ত লেখচিত্ৰত কৃষিভূমিৰ বিতৰণৰ তথ্যসমূহ উপস্থাপন কৰা হ’ল—

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top