Niketan Class 7 Science Chapter 6 ৰাসায়নিক পৰিবৰ্তন আৰু ভৌতিক পৰিবৰ্তন

Niketan Class 7 Science Chapter 6 ৰাসায়নিক পৰিবৰ্তন আৰু ভৌতিক পৰিবৰ্তন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 6 ৰাসায়নিক পৰিবৰ্তন আৰু ভৌতিক পৰিবৰ্তন and select need one.

Niketan Class 7 Science Chapter 6 ৰাসায়নিক পৰিবৰ্তন আৰু ভৌতিক পৰিবৰ্তন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 6 ৰাসায়নিক পৰিবৰ্তন আৰু ভৌতিক পৰিবৰ্তন Solutions for All Subjects, You can practice these here…

ৰাসায়নিক পৰিবৰ্তন আৰু ভৌতিক পৰিবৰ্তন

Chapter – 6

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। তলত দিয়াবোৰ ভৌতিক নে  ৰাসায়নিক পৰিবৰ্তন চিনাক্ত কৰা –

(ক) মমবাতি জ্বলোৱা

(খ) কাঁহৰ বাচনত সেউজীয়া ৰং ধৰা

(গ) বৰফ গলি যোৱাটো

(ঘ) চূণ পানী ঘোলা হোৱা

(ঙ) আহাৰ হজম হোৱা।

উত্তৰঃ(ক) ৰাসায়নিক পৰিবৰ্তন

(খ) ৰাসায়নিক পৰিবৰ্তন

(গ) ভৌতিক পৰিবৰ্তন

(ঘ) ৰাসায়নিক পৰিবর্তন

(ঙ)ৰাসায়নিক পৰিবর্তন

২। সঁচানে মিছা উল্লেখ কৰা :-

(ক) মামৰ এবিধ মৌলিক পদার্থ।

(খ) তুতিয়া পানীত দ্ৰৱীভূত কৰাটো এটা   ৰাসায়নিক পৰিবৰ্তন।

(গ) গছৰ গুটিৰ পৰা পুলি  গজাটো এটা ভৌতিক পৰিবৰ্তন।

(ঘ) ব্লিচিং পাউডাৰৰ পৰা ক্লৰিণ গেছ ওলোৱাটো এটা ৰাসায়নিক পৰিবৰ্তন।

(ঙ) ফটকা ফুটুৱাটো এটা ৰাসায়নিক পৰিবৰ্তন।

উত্তৰ:(ক) মিছা।

(খ) সঁচা।

(গ) মিছা।

(ঘ) সঁচা।

(ঙ) সঁচা।

৩। ভৌতিক পৰিবৰ্তন কাক বোলে ? ভৌতিক পৰিবৰ্তনৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃযি পৰিবৰ্তনত পদাৰ্থৰ গুণ-ধৰ্ম একে থাকে, আকাৰৰ হে পৰিবৰ্তন হয় অৰ্থাৎ নতুন পদাৰ্থৰ সৃষ্টি নহয় এনে পৰিবৰ্তনক ভৌতিক পৰিবৰ্তন বোলে। 

উদাহৰণ (i) পানীঃপানী গোটা, তৰল আৰু বাষ্প এই তিনিটা অৱস্থাত থাকে। ইয়াৰে যিকোনো এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ নিবলৈ বিশেষ কঠিন নহয়।এই আটাইকেইটা অৱস্থাতে পানীৰ মূল ধৰ্ম অটুট থাকে।

(ii) ভাত-চাউলৰ পৰা ভাত ৰন্ধা হয়। চাউল হৈ থাকোতে ই কঠিন হৈ থাকে, কিন্তু ভাত ৰান্ধিলেই কোমল হয়। চাউলৰ পৰা ভাত বনাওতে অৱস্থাৰহে পৰিবৰ্তন হয়, উভয়তে মূল উপাদান একে থাকে। 

৪। ৰাসায়নিক পৰিবৰ্তন কাক বোলে ?ৰাসায়নিক পৰিবৰ্তনৰ দুটা উদাহৰণ দিয়া ৷

উত্তৰঃ যি পৰিবৰ্তনত পদাৰ্থৰ গুণ ধৰ্মৰ পৰিবৰ্তন হৈ নতুন পদাৰ্থৰ সৃষ্টি হয়। আৰু নতুন পদাৰ্থবোৰক আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, অৰ্থাৎ স্থায়ী পৰিবৰ্তন হয়, এনে পৰিবৰ্তনক ৰাসায়নিক পৰিবৰ্তন বোলে।

উদাহৰণ –(i) লোত মামৰে ধৰা।

(ii) ফটকা ফুটোৱা  অথবা ফুলজাৰী জ্বলোৱা।

৫। ৰাসায়নিক পৰিবৰ্তন চিনাক্ত কৰিব পৰা চাৰিটা লক্ষণ উল্লেখ কৰা ৷

উত্তৰঃৰাসায়নিক পৰিবৰ্তন চিনাক্ত কৰিব পৰা চাৰিটা লক্ষণ হল –

(i) তাপ, পোহৰ বা আন যিকোনো বিকিৰণ নিৰ্গত বা শোষিত হ’ব পাৰে।

(ii) শব্দ উৎপন্ন হ’ব পাৰে।

(iii) গোন্ধৰ পৰিবৰ্তন হ’ব পাৰে বা নতুন গোন্ধৰ সৃষ্টি হ’ব পাৰে ৷

(iv) ৰঙৰ পৰিবৰ্তন হ’ব পাৰে।

৬। লোত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ তিনিটা উপায় বর্ণনা কৰা।

উত্তৰ : লোত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ তিনিটা উপায় হল –

(i) লোৰ সঁজুলিৰ ওপৰত জিংকৰ প্ৰলেপ অর্থাৎ দস্তালেপন কৰা ৷

(ii) লোৰ সঁজুলিৰ ওপৰত এক তৰপ ৰং বা পিচ্ছিলক ( গ্ৰীজ ) সানি লোৱা।

(iii) কাৰ্বন আৰু ক্ৰমিয়াম, নিকেল আৰু মেংগানিজ ধাতু মিহলাই মামৰে নধৰা তীখা প্ৰস্তুত কৰা।

৭। স্ফটিকীকৰণ কি ? কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰ ছালফেটৰ স্ফটিক কেনেদৰে প্ৰস্তুত কৰিবা বৰ্ণনা কৰা।

উত্তৰঃ অতি সংপৃক্ত দ্ৰৱ এটা চেঁচা কৰিলে অতিৰিক্ত ভাৱে দ্ৰৱীভূত হোৱা দ্ৰৱখিনি দানাৰ আকাৰত পাত্ৰৰ তলিত জমা হয়। এইদৰে দ্ৰাৱক পুনৰ উদ্ধাৰ কৰা কাৰ্যক স্ফটিকীকৰণ বুলি কোৱা হয়। সংপৃক্ত দ্ৰৱক তপতাই দ্ৰাৱকৰ পৰিমাণ কমাই চেঁচা হ’বলৈ দিলেও স্ফটিকীকৰণ ঘটে।

এটা বিকাৰত একাপ পানী লৈ তাত কেইটোপালমান পনীয়া ছালফিউৰিক এছিড ঢালি পানীখিনি গৰম কৰা হ’ল। পানীখিনি উতলিবলৈ আৰম্ভ কৰোঁতেই কপাৰ ছালফেটৰ গুড়ি দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থানলৈকে এই গুড়ি মিহলাই থকা হ’ল। দ্ৰৱটো পৰিস্ৰাৱণ ( ফিল্টাৰ ) কৰি এনেদৰে চেঁচা হ’বলৈ দিয়া হ’ল যাতে চেঁচা হোৱাৰ সময়ত দ্ৰৱ খিনি লৰচৰ কৰা নহয়। কিছু সময়ৰ পিছত দেখা গ’ল যে দ্ৰৱখিনিত কপাৰ ছালফেটৰ স্ফটিকৰ দানা প্রস্তুত হৈ উঠিল।

৮। দস্তালেপন কাক বোলে ? ইয়াৰ ব্যৱহাৰ কি ?

উত্তৰ:লোৰ সঁজুলিৰ ওপৰত দস্তাৰ ( যিংক ) প্রলেপ দিয়া প্রক্রিয়াটোক দস্তালেপ বোলে।

লোক মামৰৰ পৰা ৰক্ষা কৰিবৰ বাবে দস্তালেপন কৰা হয়। টিনপতিসমূহ লোৰে। তৈয়াৰী আৰু ইয়াৰ ওপৰত দস্তাৰ পাতল প্রলেপ দিহে ব্যৱহাৰৰ উপযোগী কৰ হয় ৷ আমাৰ ঘৰত পানী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা লোৰ নলীবোৰত মামৰে ধৰা ৰোধ কৰিবলৈ দস্তালেপন দিয়া হয়।

৯। মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা।

উত্তৰঃ সাগৰৰ উপকূলীয় অঞ্চলৰ বায়ুত যথেষ্ট পৰিমাণে জলীয় বাষ্প থাকে। ফলত এই জলীয় বাষ্পৰ উপস্থিতিত লোৰ সামগ্ৰীসমূহ বায়ুৰ অক্সিজেনৰ লগত ৰাসায়নিকভাৱে যোজিত হৈ মামৰে ধৰে। 

আনহাতে মৰুভূমিৰ বায়ুত জলীয় বাষ্প নাথাকে ৷ সেইবাবে লোৰ সামগ্ৰীসমূহ জলীয় বাষ্পৰ অনুপস্থিতিত অক্সিজেনৰ লগত বিশেষভাৱে ৰাসায়নিক বিক্রিয়া নঘটে। ফলত মৰুভূমি অঞ্চলৰ লোৰ সামগ্ৰীত কম পৰিমাণে মামৰে ধৰে ৷

১০। একে সময়তে ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন ঘটা পৰিঘটনা এটাৰ উদাহৰণ দিয়া ৷

উত্তৰ: আহাৰ খাওঁতে আমি আমাৰ দাঁতেৰে আহাৰ চোবাই গুড়ি কৰাটো ভৌতিক পৰিবৰ্তন ৷ কাৰণ আমি আহাৰ চোবাওঁতে আহাৰখিনি গুড়িহে হয় অর্থাৎ অৱস্থাৰহে পৰিবৰ্তন হয়, মূল উপাদান একেই থাকে। 

আনহাতে, আমি খাদ্য চোবাওঁতে মুখৰ পৰা ওলোৱা লেলাওটিৰে খাদ্যৰ ওপৰত পাচন ক্ৰিয়া কৰে। ই হ’ল ৰাসায়নিক পৰিবৰ্তন কাৰণ পাচিত খাদ্য আকৌ আগৰ অৱস্থালৈ ঘূৰাই পাব নোৱাৰি ৷ গতিকে, খাদ্য গ্ৰহণৰ সময়ত ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন একে সময়তে ঘটে। 

১১। কেঁচা আম টেঙা কিন্তু পকিলে মিঠা হয়। এয়া ভৌতিক পৰিবৰ্তন নে ৰাসায়নিক পৰিবৰ্তন।

উত্তৰঃকেঁচা আম পকিলে মিঠা হোৱাটো ৰাসায়নিক পৰিবৰ্তন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top