Niketan Class 5 Social Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Niketan Class 5 Social Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ, Sankardev Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Chapter – 17

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। মহাসাগৰ কেইখন আৰু কি কি ? 

উত্তৰঃ মহাসাগৰ পাঁচখন । সেইবোৰ হ’ল ―

১। প্রশান্ত মহাসাগৰ ( Pacific Ocean ) । 

২। আটলান্টিক মহাসাগৰ Atlantic Ocean ) । 

৩। ভাৰত মহাসাগৰ ( Indian Ocean ) ।

৪। উত্তৰ মহাসাগৰ ( Arctic Ocean ) । আৰু 

৫। দক্ষিণ মহাসাগৰ ( South Ocean ) । 

প্রশ্ন ২। কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ দ ? মহাসাগৰখনৰ গড় গভীৰতা কিমান ? 

উত্তৰঃ প্রশান্তমহাসাগৰ।ইয়াৰ গভীৰতা ৪,০২৮ মিটাৰ । 

প্রশ্ন ৩। পৃথিৱীৰ ভিতৰত মহাসাগৰৰ কোনটো অঞ্চল আটাইতকৈ দ ? ইয়াৰ গভীৰতা কিমান ? 

উত্তৰঃ প্রশান্ত মহাসাগৰৰ ‘ মেৰিয়ান ট্রেন্স ’ অঞ্চল। ইয়াৰ গভীৰতা ১১,৭৬৬ । মিটাৰ ।

প্রশ্ন ৪। খালী ঠাই পূৰণ কৰা –

( ক ) জাপান আৰু নিউজিলেণ্ড হ’ল …………….. মহাসাগৰৰ দ্বীপ । 

উত্তৰঃ জাপান আৰু নিউজিলেণ্ড হ’ল প্রশান্ত মহাসাগৰৰ দ্বীপ ।

( খ ) সাগৰৰ জাহাজ চলা নির্দিষ্ট পথবােক ………….. বোলে ।

উত্তৰঃ সাগৰৰ জাহাজ চলা নির্দিষ্ট পথবােৰক সাগৰীয় পথ বােলে । 

( গ ) চেন্নাইত থকা প্রসিদ্ধ সমুদ্র তীৰটোৰ নাম …………..।

উত্তৰঃ চেন্নাইত থকা প্রসিদ্ধ সমুদ্র তীৰটোৰ নাম মেৰিনা । 

( ঘ ) দক্ষিণ মহাসাগৰখন ডাঠ ………………..ৰে ঢাক খাই থাকে । 

উত্তৰঃ দক্ষিণ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে ।

( ঙ ) ……………….. মহাসাগৰত দ্বীপৰ সংখ্যা বেছি । 

উত্তৰঃ প্রশান্ত মহাসাগৰত দ্বীপৰ সংখ্যা বেছি । 

প্রশ্ন ৫। কোনবােৰ সাগৰৰ পানী বেছি লুণীয়া হয় ? 

উত্তৰঃ যিবােৰ সাগৰত বৰষুণ কম হয় বা বােৱতী নৈ লগ নালাগে , সেইৰে সাগৰৰ পানী বেছিলুণীয়া হয় । আনহাতে বাষ্পীভবন বেছি হােৱাৰ ফলতাে সাগৰৰ পানী বেছিলুণীয়া হয় । 

প্রশ্ন ৬। মহাসাগৰীয় সোঁতৰ দুটা কাৰণ লিখা । 

উত্তৰঃ মহাসাগৰীয় সোঁতৰ দুটা কাৰণ হ’ল— 

( ক ) জলপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য । জলপৃষ্ঠত উষ্ণতাৰ তাৰতম্য ঘটিলে গৰম অংশৰ পৰা চেঁচা অংশলৈ সাগৰীয় সোঁত বয় । আৰু

( খ ) বতাহৰ বাবেও মহাসাগৰীয় সোঁত বৈ থকা দেখা যায় । 

প্রশ্ন ৭। মহাদেশ কেইখন আৰু কি কি ? কোনখন মহাদেশত মানুহৰ বসতি নাই ? 

উত্তৰঃ মহাদেশ সাতখন । সেইবােৰ হৈছে — এছিয়া মহাদেশ , আফ্রিকা, উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , এন্টার্কটিকা , ওচেনিয়া আৰু ইউৰােপ । এন্টার্কটিকাত মানুহৰ বসতি নাই । 

প্রশ্ন ৮। উত্তৰ লিখা – 

( ক ) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি ? 

উত্তৰঃ এছিয়া মহাদেশ ।

( খ ) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম ? 

উত্তৰঃ ওচেনিয়াৰ ।

( গ ) কোখন মহাদেশত জনসংখ্যা প্রতি বছৰে কমি আছে ? 

উত্তৰঃ ইউৰােপত ।

( ঘ ) ইউৰেছি বুলিলে কি বুজা ? 

উত্তৰঃ ইউৰােপ আৰু এহিয়া মহাদেশক একেলগে ইউৰেছিয়া বােলে ।

( ঙ ) তলত দিয়া দেশবােৰ কোন মহাদেশত অৱস্থিত লিখা — 

         অষ্ট্রেলিয়া , ভূটান , নেপাল , কোৰিয়া , কংগাে , ইণ্ডোনেছিয়া , ছুইডেন , তুৰস্কা , কানাডা , নিউজিলেণ্ড , ব্রাজিল । 

উত্তৰঃ 

অষ্ট্রেলিয়াওচেনিয়া মহাদেশত
ভূটানএছিয়া মহাদেশত
নেপালএছিয়া মহাদেশত
কোৰিয়া এছিয়া মহাদেশত
কংগোআফ্রিকা মহাদেশত
ইণ্ডোনেছিয়াএহিয়া মহাদেশত
ছুইডেনইউৰােপ মহাদেশত
তুৰস্কা এছিয়া মহাদেশত
কানাডাউত্তৰ আমেৰিকা মহাদেশত
নিউজিলেণ্ডওচেনিয়া মহাদেশত
ব্রাজিলদক্ষিণ আমেৰিকা মহাদেশত
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top