Niketan Class 4 Social Chapter 10 আমাৰ দেশৰ সংস্কৃতি

Niketan Class 4 Social Chapter 10 আমাৰ দেশৰ সংস্কৃতি, Sankardev Sishu Niketan Chapter 10 আমাৰ দেশৰ সংস্কৃতি Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ দেশৰ সংস্কৃতি

Chapter – 10

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : সংস্কৃতি কাক বোলে ?

উত্তৰ : মানুহৰ সমগ্ৰ জীৱনধাৰাকে সংস্কৃতি বোলা হয়। একোখন সমাজৰ ভাষা, ধর্ম, কলা, সাহিত্য, নৃত্য, নাটক, চলচ্চিত্র আদি সকলোবোৰেই সংস্কৃতির অন্তর্ভুক্ত।

প্রশ্ন ২ : প্রাচীন ভাৰতত গঢ় লৈ উঠা এটা সভ্যতার নাম লিখা।

উত্তৰ : সিন্ধু সভ্যতা।

প্রশ্ন ৩ : ভাৰতত বর্তমান কিমানটা ভাষা আৰু উপভাষার প্রচলন আছে ?

উত্তৰ : ভাৰতত বৰ্তমান মুঠ ১৬৫২ টা ভাষা আৰু উপ-ভাষাৰ প্রচলন আছে।

প্রশ্ন ৪ : ভাৰতৰ আটাইতকৈ প্রাচীন ভাষা কি ?

উত্তৰ : সংস্কৃত।

প্রশ্ন ৫ : দ্ৰাবিড় গোষ্ঠীৰ পৰা উদ্ভৱ হোৱা তিনিটা ভাষাৰ নাম লিখা।

উত্তৰ : তামিল, তেলেগু আৰু মালায়ালম।

প্রশ্ন ৬ : ভাৰতৰ প্ৰাচীনতম ধর্ম কি ?

উত্তৰ : হিন্দু ধর্ম।

প্রশ্ন ৭ : বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তকৰ নাম লিখা। 

উত্তৰ : বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱ আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ জৈন।

প্রশ্ন ৮ : ‘অর্থশাস্ত্ৰ’ৰ ৰচক কোন ?

উত্তৰ : কৌটিল্য।

প্রশ্ন ৯ : মহাকবি কালিদাসৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা।

উত্তৰ : ‘কুমাৰসম্ভৱ’ আৰু ‘মেঘদূত’।

প্রশ্ন ১০ : ভাৰতৰ প্ৰাচীনতম কলা কি ?

উত্তৰ : চিত্রকলা।

প্রশ্ন ১১ : ভাৰতৰ কোনটো প্রাদেশিক ভাষালৈ প্ৰথম ‘ৰামায়ণ’ অনুবাদ হৈছিল ?

উত্তৰ : অসমীয়া ভাষালৈ। 

প্রশ্ন ১২ : ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোনটো যুগক কোৱা হয় ?

উত্তৰ : গুপ্ত যুগক ৷

প্রশ্ন ১৩ : ভাৰতীয় সংগীতৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰ : ভাৰতীয় সংগীতৰ ভাগ দুটা লোকসংগীত আৰু শাস্ত্রীয় সংগীত।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : প্রাচীন ভাৰতত নগৰ সভ্যতা কোন দুখন নগৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল ?

উত্তৰ : হৰপ্পা আৰু মহেঞ্জাদাৰো নগৰক কেন্দ্ৰ কৰি। 

প্রশ্ন ২ : আৰ্য গোষ্ঠীৰ পৰা উদ্ভৱ হোৱা চাৰিটা ভাষাৰ নাম লিখা।

উত্তৰ : অসমীয়া, বাংলা, হিন্দী আৰু গুজৰাটী। 

প্রশ্ন ৩ : জৈন ধৰ্মৰ মহাপুৰুষ বা পথ প্রদর্শকসকলক কি বোলা হয় ?

উত্তৰ : ‘তীর্থংকৰ’ বোলা হয়। 

প্রশ্ন ৪ : ‘ত্রিপিটক’ কি ?

উত্তৰ : বৌদ্ধধৰ্মৰ ধৰ্মপুথি।

প্রশ্ন ৫ : শিখ ধৰ্মৰ প্ৰৱৰ্তকজনৰ নামৰ লগতে এই ধৰ্মৰ ধৰ্মপুথিখনৰ নাম লিখা।

উত্তৰ : শিখ ধৰ্মৰ প্ৰৱৰ্তক হৈছে গুৰু নানক আৰু এই ধর্মব ধর্মপুথিখন হৈছে ‘গুৰুগ্ৰন্থচাহিব’। 

প্রশ্ন ৬ : ভাৰতত খ্ৰীষ্টান ধৰ্মৰ প্ৰচলনৰ সূচনা কেতিয়াৰপৰা হয় ?

উত্তৰ : পঞ্চদশ শতাব্দীত পৰ্টুগীজসকলৰ ভাৰত আগমনৰ সময়ৰপৰা।

প্রশ্ন ৭ : ইছলাম আৰু খ্ৰীষ্টানসকলৰ ধৰ্মপুথিৰ নাম লিখা।

উত্তৰ : ইছলামৰ ধৰ্মপুথি হৈছে ‘কোৰাণ শ্বৰিফ’ আৰু খ্ৰীষ্টানসকলৰ ধৰ্মপুথি হৈছে ‘বাইবেল’।

প্রশ্ন ৮ : মানুহে যেতিয়া ভাষাৰ ব্যৱহাৰ নাজানিছিল তেতিয়া মনৰ ভাৱ কেনেকৈ প্ৰকাশ কৰিছিল ?

উত্তৰ : চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিছিল।

প্রশ্ন ৯ : ‘অনুচিত্র’ কি ?

উত্তৰ : মোগল যুগত কিছুমান ক্ষুদ্ৰাকাৰৰ চিত্ৰ অংকন কৰা হৈছিল। এই ক্ষুদ্র চিত্ৰবোৰকে ‘অনুচিত্ৰ’ বা ইংৰাজীত মিনিয়েচাৰ পেইণ্টিং বোলা হয়।

প্রশ্ন ১০ : প্রাচীন ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ত চিত্ৰকলাৰ শিক্ষা দিয়াৰ ব্যৱস্থা থকা বুলি জনা যায় ? 

উত্তৰ : তক্ষশীলা বিশ্ববিদ্যালয়ত ।

প্রশ্ন ১১ : ভাৰতীয় চিত্ৰকলালৈ নতুন ধাৰা অনা দুগৰাকী শিল্পীৰ নাম লিখা।

উত্তৰ : ৰাজা ৰবি বাৰ্মা আৰু অৱনীন্দ্ৰ নাথ ঠাকুৰ।

প্রশ্ন ১২ : ‘গান্ধাৰ শিল্প’ কি ?

উত্তৰ : ভাৰতীয় আৰু গ্ৰীক শিল্পৰ মিশ্ৰণত ভাৰতত শিল্পৰ এক নতুন ধাৰাৰ সূচনা হৈছিল। এই ধাৰাটোকে ‘গান্ধাৰ শিল্প’ বুলি কোৱা হয়। 

প্রশ্ন ১৩ : ভাৰতীয় সংগীতত ব্যৱহাৰ কৰা পাঁচবিধ বাদ্যযন্ত্ৰৰ নাম লিখা ৷

উত্তৰ : তবলা, হাৰমণিয়াম, তানপুৰা, বীণা আৰু চেতাৰ।

প্রশ্ন ১৪ : তলত উল্লেখ কৰা শাস্ত্রীয় নৃত্যসমূহ কোন প্ৰদেশৰ লিখা— কথাকলি, কুচিপুৰি, সত্ৰীয়া, ওড়িলি

উত্তৰ : 

কথা কলিকেৰেলা৷
কুচিপুড়িঅন্ধ্রপ্রদেশ।
সত্ৰীয়াঅসম।
ওড়িলিউৰিষ্যা।

প্রশ্ন ১৫ : ‘হেমকোষ’ অভিধান কোনে প্রণয়ন কৰিছিল ? 

উত্তৰ : হেমচন্দ্ৰ বৰুৱাই।

প্রশ্ন ১৬: প্রথম অসমীয়া বাৰ্তালোচনীখনৰ নাম লিখা।

উত্তৰ : অৰুণোদয়।

প্রশ্ন ১৭ : অসমৰ মঠ-মন্দিৰবোৰত কি নৃত্যৰ প্ৰচলন আছিল ?

উত্তৰ : দেৱদাসী নৃত্যৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top