এৰি অহা দিনবােৰৰ স্মৃতি ৰচনা | Memories of The Days Left Behind Essay in Assamese

এৰি অহা দিনবােৰৰ স্মৃতি ৰচনা | Memories of The Days Left Behind Essay in Assamese

Join Telegram channel

সময় গতিশীল। এই গতিশীলতাৰ জগতেই আৱৰ্তিত আমাৰ জীৱনৰো গতি। সেই গতিৰ পৰিণতিতেই আমি এৰি থৈ আহিছাে – পৃথিৱীৰ পােহৰৰ মুখ দেখা প্রথম দিনটোৰেপৰা আজিৰ দিনটোলৈকে এছােৱা দীঘলীয়া সময়। পুনৰ ঘূৰি নাহিবলৈকে পাৰ হৈ যােৱা এই দিনবােৰেই আমাৰ অতীত। এই অতীতৰ সোঁৱৰণি বৰ মধুৰ।

কিন্তু অতীতৰ বুকুত ভৰি দিহে বৰ্তমানৰ স্থিতি আৰু অতীতেই যে ভৱিষ্যতৰাে ৰেঙনি। অতীতে বৰ্তমানৰ ক্রিয়া প্রক্রিয়াৰ ছত্রে ছত্রে ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ কথাকেই আমাক ৰিঙিয়াই ৰিঙিয়াই শুনায়। অতীত বর্তমানৰ সকীয়নি আৰু ভৱিষ্যতৰো জিলিঙনি। গতিকে বর্তমানৰ মাজেৰে ভৱিষ্যতৰ সম্ভাৱনাৰ স্বপ্নময় প্রতিচ্ছবিখনিক বিশ্লেষণ কৰি চাবলৈকে অতীতৰ স্মৃতি ৰােমন্থন কৰা একান্ত আৱশ্যক।

এৰি অহা দিনবােৰৰ স্মৃতি ৰচনা

পৰিয়ালৰ আৱেষ্টনীৰ মাজত

অতীতৰ বুকুত এৰি থৈ আহিছাে মােৰ সােণালী শৈশৱ। সেই শৈশৱ অপৰিসীম মৰমৰ আলফুল সযত্নভাৰ হেঙুল-হাইতালৰ বােলেৰে ৰহণীয়া। নিমাওমাও ঘৰখনলৈ মই এদিন যেন স্বৰ্গৰপৰা নামি আহিছিলাে- নিজে কান্দি কান্দি, আনক ইহুৱাই। কিছুদিনৰ পাছত আবির্ভূত হলাে কলকণ্ঠী দেৱশিশুৰূপে। মাটিত থলে পৰুৱাই পায়, মূৰত ল’লে ওকণিয়ে খায়, এনে আলৌ-লৌৱাকৈ বাই-ভনী, মাহী-পেহী, আইতাহঁতৰ কোলাই কোলাই বগাই ফুৰিছিলাে। মিচিক-মাচাক হাঁহিৰে ঘৰখনলৈ হাঁহি আৰু পােহৰৰ ঢল বােৱাই অনাৰ লগতে, পিতৃ-মাতৃৰ আশা আকাঙ্ক্ষাত জিলিকাই তুলিছিলাে ভবিষ্যত কামনা সােণালী সূৰুষ। মােক লৈ পিতৃ-মাতৃৰ কল্পনাৰ ময়ূৰপংখীয়ে সাতােৰহণীয়া ৰামধেনু হৈ দিগন্তৰ সীমাহীন কোনােবা সপােন ৰাজ্যলৈ উৰা মাৰিছিল। মৰতৰ এচুকত আমাৰ ঘৰখনলৈ নামি আহিছিল সৰগৰ একাংশ। মুখত দুটি-এটি ডালিম গুটিয়ে ভুমুকি মৰাৰ লগে লগে মাহী-পেহীহঁতৰ ভাকুট-কুটনিত মাতৃৰ কোলাতে মুখ লুকাই কত যে লুকা-ভাকু খেলিছিলাে ৰঙতে ৰং চৰাই।

এদিন অ’ত-ত’ত ধৰি থিয় হৈছিলাে; আইতাহঁতে চাই চাই “ভঙ ঘৰ, ভঙা ঘৰকৈ যেন বিদ্ৰপৰ ছলেৰে আশীর্বাদ দিছিল ভালকৈ থিয় হ’বলৈ আৰু খােজ কাঢ়িবলৈ সক্ষম হ’বৰ কাৰণে। দুটা-এটা কথা ফুটিছিল। থুনুক-থানককৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলাে মনৰ অলেখ কথা। অমৃত সাগৰৰ এসোতা বৈ আহিছিল ঘৰখনলৈ। সময়বােৰ মধুৰৰপৰা মধুৰতৰ হৈ পৰিছিল পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনীৰ বাবে। প্রত্যেকৰে দুচকুত ভৱিষ্যতৰ মধুময় স্বপ্ন মােক লৈ, প্রতিজনৰ নিজকে লৈও। ফৰিংফুটা জোনাক ৰাতি মই আমনি কৰিলে, বাইদেৱে কোলাত লৈ, জোনটোলৈ দেখুৱাই দেখুৱাই গাইছিল, ‘জোনবাই এ’ বেজী এটি দিয়া। বেজীনাে কেলেই?। মােনা সীবলৈ…..। নাইবা “জোনবাই ‘এ’ পিঠা এটি দিয়া” “পাত নাই, চুত নাই, কিহতকৈ দিম।” – ইত্যাদি।

Read Also: নিয়মানুবর্তিতা ৰচনা | Punctuality Essay in Assamese

ঘৰুৱা শিক্ষা

সম্পূর্ণকৈ মাত ফুটাৰ দিনাই আৰম্ভ হৈছিল মােৰ অনানুষ্ঠানিক শিক্ষালাভৰ অনুশীলনী। মা, দেউতা, দাদা, বাইদেউ আদি প্রত্যেকেই যেতিয়াই সুবিধা পাইছিল, মােক বর্ণমালাৰ বৰ্ণবােৰ শিকাইছিল; নেতা মুখস্থ কৰাইছিল। “মা, আমি শদিয়ালৈ যামে” “অ আই আমাৰ কপালতে তিলক আঁকি দিয়া”, বিশ্ববিজয়ীন জোৱান” -আদি গীত গাবলৈ শিকাইছিল বাইদেৱে। “শুৱনি আমাৰ গাঁওখনি অতি” “বছৰত বাৰ মাহ শুনা ল’ৰাহঁত” -আদি অৰু বহুতাে শিশু কবিতা, বাইদেউৰ মুখে মুখে গাইছিলাে; শিশু অনুষ্ঠান, মইনা পাৰিজাত আদিত নানা শিশু কবিতা, পদ্য আবৃত্তি কৰিছিলাে; গীতে গাইছিলাে।

আখৰ লিখিবলৈ শিকাইছিল দেউতাই; মা-ই আজৰি পালেই ওচৰতে বাই লৈ “বগলী এ সবাহলৈ নাহিলি কিয়?” “বগাকৈ বগলী বহলাই বহিছে” -ইত্যাদিবােৰ মুখস্থও কৰাইছিল আৰু লগে লগে ব, ৰ, ক, ব, ধ আদি এটা বৰ্ণৰ সহায়তে নানা বর্ণ লিখিব পৰা নিয়ম শিকাই দিছিল; সেইবােৰ বৰ্ণ জোটাই লিখিব পৰা সহজ সহজ শব্দবােৰ শিকাইছিল; মাজে মাজে মাৰমুখত শিৱাজী, ৰাণীপ্রতাপ, লাচিত বৰফুকন, পিয়লী, মণিৰামৰ কাহিনী শুনি শুনি ভােল গৈছিলাে; নানা প্রশ্ন সুধি মাক ব্যতিব্যস্ত কৰি তুলিছিলাে। প্রশ্নবােৰ আজি মনত নাই; কিন্তু মা-ই কোৱা কাহিনীবােৰ আজিও স্মৃতিপটত জীৱন্ত হৈ জিলিকি আছে। দেশপ্রেমৰ বীজ মনত অংকুৰিত হৈছিল এই বাহিনীবােৰৰ পৰাই। মােৰ শিক্ষাৰ ভেটি গঢ় লৈ উঠিছিল ঘৰতে। “ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই”কথাষাৰ আজি চিৰন্তন সত্য বুলি মর্মে মর্মে অনুভৱ কৰিছে।

আইতাৰ স্মৃতি

এইখিনিতে আইতাৰ কথা নক’লে, নিশ্চয় মই অপৰাধী হম। আইতা আছিল মৰমৰ এক পৰিধিহীন সাগৰ। মােৰ গাত টোপ এটাকে পৰিবলৈ নিদিছিল। ক’ৰবাত কন্দা শুনিলে, দৌৰি গৈছিল ব্যাকুল হৈ- জানােচা ক’ৰবাত কেনেবাকৈ পৰি দুখ পালাে। আঘাত পালাে। গধূলি বুকুৰ মাজতে লৈ টোপনি নিয়াবলৈ চেষ্টা কৰি কিমান যে গীত নুযুৰিছিল। “সােণৰ পালেঙতে অ’ মনে তৰা” “শিয়ালী এ’ নাহিবি ৰাতি,” “টোপনি যাওৰে অৰে কানাই হুৰে কাণখােৱা আসে” -আদি অলেখ-অপাৰ নিচুকনি গীত, গােসাঁই নাম গাই টোপনি নিয়াইছিল। জহৰ দিনত চোতালত পাটী পাৰি মােক, দাদা বাইদেউহঁতক, ওচৰ-চুবুৰীয়া ল’ৰা-ছোৱালীক বহুৱাই লৈ বিচি বিচি সাধু কৈছিল -তেজীমলা, তুলা আৰু তেজা, চিলনী জীয়েকৰ সাধু, ভীম বকাসুৰৰ যুদ্ধ, আৰু যে কত কি? আকাশৰ তৰাবােৰ চাই চাই আইতাক সুধিছিলাে- “সীমাহীন নীলাৰ মাজত তিৰ্তি কৰি থকা সেইবােৰ কি?” আইতাই কৈছিল সেয়া হেনাে পুত্ৰক হেৰুৱাই শােকত আকুল হােৱা কোনােবা দুৰ্ভগীয়া মাতৃৰ চকুৰ পানী।

সৰগৰ কোনােবা অজান ঠাইত আউলি-বাউলী হৈ কান্দি থকা মাতৃৰ চকুৰপৰা সৰি পৰা সেয়া টোপা-টোপে চকুলাে। আইতাৰ কথাত বিশ্বাস-অবিশ্বাসৰ দোমােজাত পৰি নীৰৱ হৈছিলাে। আইতায়াে এদিন আমাক এৰি থৈ নীলাৰ সিপাৰৰ কোনােবা অজান ৰাজ্যলৈ গুচি গৈছিল; সেইদিনা আকাশৰ তৰাবােৰ দেখি আমিও ভাবিছিলাে, সেয়া হয়তাে আমাক এৰি থৈ যাবলৈ পাই মর্মাহত হােৱা আইতাৰ বেদনাৰ চকুলাে। ল’ৰালিৰ সেয়া কি যে কৰুণ অথচ মধুৰ স্মৃতি।

পঢ়াশালিত

পাঁচ বছৰ বয়সত এদিন ঘৰত এটা প্রায় উৎসৱৰে আয়ােজন কৰি, দেউতাই প্রাথমিক বিদ্যালয়ত মােৰ নামভৰ্তি কৰাই দিছিল। ছাত্র-ছাত্রীসকলৰ মাজত বুট, কল আৰু আপেল বিলাই দিয়া হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰপৰা প্রশান্ত প্রায় দৌৰিয়ে আহি মােৰ কাষত ৰৈছিল। তাৰ ভাগৰ এটুকুৰা আপেল মােৰ মুখত ভৰাই দি সি মােক মৰমতে সাবটি ধৰিছিল। প্রশান্ত আমাৰ চুবুৰিৰে সিটো মূৰৰ। মােতকৈ এবছৰৰ ডাঙৰ; হলেও মােৰ ধূলি-ধেমালিৰ হাঁহি-কান্দোনৰ লগৰীয়া। আমি যেন টকাটোৰ ইপিঠি আৰু সিপিঠি। মা-ই প্রশান্তকো নিজৰ ল’ৰাৰ দৰেই মৰম কৰিছিল, খুৱাইছিল। গাঁৱৰ বহুতে আমাক লব-কুশ, বলাই-কানাই বুলি কোৱা শুনিছিলাে। অর্থ তেতিয়া বুজি পােৱা নাছিলাে। আজি পাইছাে।

মােতকৈ দুদিনমানৰ আগতে প্রশান্তই বিদ্যালয় ভর্তি হৈছিল। সি মােক তেনেদৰে সাবটি ধৰা দেখি প্রধান শিক্ষয়িত্ৰী বাইদেৱে হাহিছিল ।

বাইদেউসকল আৰু শিক্ষকৰ মৰমৰ শাসন, সহানুভূতি, সহায় আৰু অনুপ্ৰেৰণাই আমাক বাৰুকৈয়ে উদ্বুদ্ধ কৰিছিল। শ্রেণীত মই সদায় প্রথম হৈছিলাে, প্রশান্ত দ্বিতীয় হৈছিল। প্রথমিক বৃত্তি পৰীক্ষাতে আমি দুয়ােটাই জিলাৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় হৈ প্রতিযােগিতামূলক বৃত্তি লাভ কৰিছিলাে। ফলাফল প্রকাশ হােৱাৰ দিনা আমি বাইদেউসকলক সেৱা জনাইছিলাে। বাইদেউসকলে, আমাক লৈ গৌৰৱ কৰিছিল; আৰ্শীবাদ দিছিল। পিতৃ-মাতৃৰ সেই দিনাৰ বিশেষ আশীর্বাদ আৰু মৰম, আমাৰ জীৱনৰ অমৃতকুম্ভ। অতীতৰ এই গৌৰৱময় স্মৃতি আমাৰ ভৱিষ্যতৰ প্ৰেৰণাৰ উৎস; পথিকৃৎ।

হাইস্কুলত

প্রাথমিক বিদ্যালয়ত গঢ় লৈ উঠা জ্ঞানৰ ভেটি হাইস্কুলত আহি আৰু দৃঢ় আৰু বিশাল হ’ল। ইয়াতে শিক্ষকসকলৰপৰা অশেষ উৎসাহ আৰু অনুপ্ৰেৰণা, তদুপৰি স্নেহ পাইছে; দক্ষ শিক্ষকসকলে আমাৰ অন্তৰৰ সুপ্ত প্রতিভা জগাই তুলিবলৈ, বিকশাই তুলিবলৈ সদায় কৰি আহিছে নিৰলস আৰু অক্লান্ত প্রচেষ্টা, যাৰ ফলত আমাৰ প্ৰতিভাই ৰামধেনুৰ দৰে ৰহণীয়া হৈ, গৌৰৱময় ভৱিষ্যতৰ সােণালী কাৰেং ৰচনাত প্রভূত ইন্ধন লাভ কৰিছে।

হাইস্কুলীয়া কালছােৱা মােৰ বাবে গৌৰৱ বুটলাৰ এক জোনালী সময়। গল্প, কবিতা, ৰচনা প্রতিযােগিতাত প্রথম স্থান লাভ কৰি পদক আৰু প্রশংসা লাভ কৰিছিলাে। অন্য নানা প্রতিযােগিতাত অংশগ্রহণ কৰিও বহুতাে বঁটা পাইছিলাে। বিদ্যালয়ৰ বার্ষিক বঁটা বিতৰণী অনুষ্ঠানত শ্রেষ্ঠতাৰ বহুতাে বঁটা পাইছিলাে। এইবােৰক লৈ মই কোনােদিনেই গৌৰৱ কৰা নাই; বৰঞ্চ মােৰ যাত্ৰাৰ পথ সীমাহীন জ্যোতি প্রপাতেৰে জ্যোতির্ময় কৰি তােলাৰ বাবে অনন্তজনলৈ অহর্নিশে জনাই আহিছাে অজস্র প্রণিপাত।

Read Also: Class 11 Assamese Question Answer

সামৰণি

আজি মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দুৱাৰ্ডলিত থিয় হৈ স্মৃতিফলক মেলি, অতীতত এৰি থৈ অহা দিনবােৰলৈ এবাৰ চকু ফুৰাই চাইছাে। দেখিছে -সকলােবােৰ স্মৃতিয়েই বৰ মধুৰ আৰু প্ৰেৰণাদায়ক; বেদনাৰ ছাঁ তাত নাই। জীৱন সংগ্ৰামত দুবাৰ সাহসেৰে অৱতীৰ্ণ হৈ সফলতাৰ মুকুতা বুটলিবলৈ, সেই প্রেৰণাই মােক যােগাৰ অফুৰন্ত উদ্যম। সেয়েহে আশা কৰিছাে, অতীতৰ সোঁৱৰণিয়েই হওক মােৰ জীৱন বৃত্তৰ চলৎশক্তি।

আমি আশা কৰিছো এৰি অহা দিনবােৰৰ স্মৃতি ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ এৰি অহা দিনবােৰৰ স্মৃতি ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top