MCQ of Birth and Evolution of Assamese Language

MCQ of Birth and Evolution of Assamese Language – অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of Birth and Evolution of Assamese Language – অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ.

MCQ of Birth and Evolution of Assamese Language

Join Telegram channel

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given MCQ of Birth and Evolution of Assamese Language of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

MCQ of Birth and Evolution of Assamese Language

ASSAMESE LANGUAGE

প্ৰশ্ন ১। অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা ?

(ক) তিব্বত বৰ্মী।

(খ) অষ্ট্ৰিক।

(গ) আৰ্য।

(ঘ) অনাৰ্য গোষ্ঠীৰ।

উত্তৰ : (গ) আৰ্য ।

প্ৰশ্ন ২।প্ৰাকৃত-অপভ্ৰশৰপৰা পৰিৱৰ্তিত হৈ নব ভাৰতীয় আৰ্য ভাষা হিচাবে অসমীয়া ভাষাই কেতিয়া ৰূপ পায় ?

(ক) নেপালী।

(খ) তিব্বত বৰ্মী।

(গ) দ্ৰাৱিড়।

(ঘ) বড়ো।

উত্তৰ : (খ) তিব্বত বৰ্মী।

প্ৰশ্ন ৩। অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা।

(ক) নেপালী।

(খ) তিব্বত বৰ্মী।

(গ) দ্ৰাৱিড়।

(ঘ) বড়ো।

উত্তৰ : (খ) তিব্বত বৰ্মী।

প্ৰশ্ন ৪। আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন ?

(ক) নৰকাসুৰ।

(খ) বাণাসুৰ।

(গ) কিৰাত ৰজাসকল।

(ঘ) ভগদত্ত।

উত্তৰ : (ক) নৰকাসুৰ।

প্ৰশ্ন ৫। অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন ?

(ক) ভাস্কৰ বৰ্মন।

(খ) ধৰ্মপাল।

(গ) নৰকাসুৰ।

(ঘ) চক্ৰধ্বজ সিংহ।

উত্তৰ :(গ) নৰকাসুৰ।

প্ৰশ্ন ৬। ভাৰতীয় আৰ্যভাষাৰ স্তৰ কেইটা ?

(ক) দুটা।

(খ) চাৰিটা।

(গ) তিনিটা।

(ঘ) পাচটা।

উত্তৰ : (গ) তিনিটা।

প্ৰশ্ন ৭। মধ্য ভাৰতীয় আৰ্যভাষাৰ এটা উদাহৰণ হ’ল

(ক) তিব্বত বৰ্মী ভাষা।

(খ) নেপালী ভাষা।

(গ) পালি ভাষা।

(ঘ) বাংলা ভাষা।

উত্তৰ :(গ) পালি ভাষা।

প্ৰশ্ন ৮। প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ’ল-

(ক) বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

(খ) পালি আৰু প্ৰাকৃত।

(গ) মৈথেলী আৰু ব্ৰজাৱলী।

(ঘ) অপভ্ৰশ আৰু অৱহটঠ।

উত্তৰ : (ক) বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

প্ৰশ্ন ৯। প্ৰাকৃত ভাষাৰ স্তৰ কেইটা ?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) দুটা।

(ঘ) পাচটা।

উত্তৰ : (ক) তিনিটা।

প্ৰশ্ন ১০। আদি প্ৰাকৃতৰ নিদৰ্শন ক’ত পোৱা যায় ?

(ক) অশোকৰ শিলালিপিত।

(খ) মৃচ্ছকটিকা নাটকত।

(গ) অংকীয়া নাটত।

(ঘ) অবহটঠত।

উত্তৰ :(ক) অশোকৰ শিলালিপিত।

প্ৰশ্ন ১১। অপভ্ৰশৰ নমুনা পোৱা এখন গ্ৰন্থ কি ?

(ক) গীত গোবিন্দ।

(খ) সেতু বন্ধন।

(গ) গৌড়বহো।

(ঘ) কীৰ্তিলতা।

উত্তৰ : (ঘ) কীৰ্তিলতা।

প্ৰশ্ন ১২। সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায় ?

(ক) চৰ্যাপদ।

(খ) জাৰি।

(গ) দেহবিচাৰৰ গীত।

(ঘ) সুকনান্নীৰ গীত।

উত্তৰ : (ক) চৰ্যাপদ।

প্ৰশ্ন ১৩। প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা ?

(ক) চাৰিটা।

(খ) পাচটা।

(গ) দুটা।

(ঘ) সাতোটা।

উত্তৰ :(ক) চাৰিটা।

প্ৰশ্ন ১৪। প্ৰাচ্য অপভ্ৰশৰ শাখা কেইটা ?

(ক) ছয়টা।

(খ) পাচটা।

(গ) দুটা।

(ঘ) চাৰিটা।

উত্তৰ : (ঘ) চাৰিটা।

প্ৰশ্ন ১৫। প্ৰাচ্য অপভ্ৰশৰ পৰা ওলোৱা এটা ভাষা

(ক) পশ্চিম বংগৰ উপভাষা।

(খ) পাঞ্জাৱী।

(গ) ডোগ্ৰী।

(ঘ) কাশ্মীৰী।

উত্তৰ : (ক) পশ্চিম বংগৰ উপভাষা।

প্ৰশ্ন ১৬। অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ বিষয়ে উল্লেখ কৰা বিদেশী পৰিব্ৰাজক কোন ?

(ক) ফাহিয়ান।

(খ) ফিৰদৌচি।

(গ) মাৰ্কো পলো।

(ঘ) হিউৱেনচাং।

উত্তৰ : (ঘ) হিউৱেনচাং।

প্ৰশ্ন ১৭। চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে ?

(ক) ধ্বনিতত্ত্ব।

(খ) প্ৰত্যয়।

(গ) সন্ধি।

(ঘ) ধাতু।

উত্তৰ : (ক) ধ্বনিতত্ত্ব।

প্ৰশ্ন ১৮। চৰ্যাপদবোৰত ব্যৱহত হোৱা অসমীয়া শব্দ এটা হ’ল-

(ক) মোলান।

(খ) জোন।

(গ) পদুম।

(ঘ) শেৱালি।

উত্তৰ : (ক) মোলান।

প্ৰশ্ন ১৯। মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল ?

(ক) ৰামায়ণ।

(খ) নাম মালিকা।

(গ) হৰিচন্দ্ৰ উপাখ্যান।

(ঘ) প্ৰহ্লাদ চৰিত্ৰ।

উত্তৰ : (ক) ৰামায়ণ।

প্ৰশ্ন ২০। অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি ?

(ক) অনাদি পাতন।

(খ) হস্তীবিদ্যাৰ্ণৱ।

(গ) কৃষ্ণ কীৰ্ত্তন।

(ঘ) লৱ-কুশৰ যুদ্ধ।

উত্তৰ :(গ) কৃষ্ণ কীৰ্ত্তন।

প্ৰশ্ন ২১। মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন কি ?

(ক) বুৰঞ্জী সাহিত্য।

(খ) ঘোৰা নিদান।

(গ) তাম্ৰধ্বজৰ যুদ্ধ।

(ঘ) হস্তীবিদ্যাৰ্ণৱ।

উত্তৰ : (ক) বুৰঞ্জী সাহিত্য।

প্ৰশ্ন ২২। তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি দিয়া হৈছে ?

‘তাকে শুনি লক্ষ্মীনাৰায়ণে ঘিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে…. তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ।’

(ক) হস্তীবিদ্যাৰ্ণৱৰ পৰা। 

(খ) চৰিত পুথিৰ পৰা।

(গ) কথা গীতাৰ পৰা।

(ঘ) বুৰঞ্জীৰ পৰা।

উত্তৰ : (ঘ) বুৰঞ্জীৰ পৰা।

প্ৰশ্ন ২৩। তলৰ কোনটো বাক্য অশুদ্ধ ?

(ক) কামৰূপৰ তামৰ ফলি আৰু শিলালেখাবোৰত প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

(খ) গাৱঁৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়।

(গ) ৰাঢ় অপভ্ৰশৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হৈছে।

(ঘ) কামৰূপী উপভাষাৰ পৰাই উজনিৰ ভাষাটো সৃষ্টি হৈছে।

উত্তৰ :(গ) ৰাঢ় অপভ্ৰশৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হৈছে।

প্ৰশ্ন ২৪। এটাত শুদ্ধ চিন দিয়া

(ক) শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ পৰা আধুনিক অসমীয়া ভাষাৰ 

সৃষ্টি হৈছে।

(খ) এসময়ত কামৰূপী ভাষাটো আহোমসকলৰ ৰাজভাষা আছিল।

(গ) ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ত অসমীয়া ভাষাৰ কোনো নমুনা নাই।

(ঘ) চৰ্যাপদৰ এজন ৰচক ৰামাই পণ্ডিত।

উত্তৰ : (ক) শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ পৰা আধুনিক অসমীয়া ভাষাৰ সৃষ্টি হৈছে।

প্ৰশ্ন ২৫। এই ভাষাবিদ কেইজনৰ কোনজন অসমীয়া নহয় ?

(ক) বেণীমাধৱ বৰুৱা।

(খ) গোলোক চন্দ্ৰ গোস্বামী।

(গ) সুনীতি কুমাৰ চট্টোপাধ্যায়।

(ঘ) সত্যনাথ বৰা।

উত্তৰ :(গ) সুনীতি কুমাৰ চট্টোপাধ্যায়।

প্ৰশ্ন ২৬। শুদ্ধটো বাছি উলিওৱা :

(ক) উত্তৰ-পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰ।

(খ) বঙ্গ অপভ্ৰশৰ পৰা উত্তৰ মধ্যবঙ্গৰ ভাষা সৃষ্টি হৈছে।

(গ) বাৰেন্দ্ৰৰ পৰা পূৰ্ব বংগৰ ভাষাৰ সৃষ্টি হৈছে।

(ঘ) চৰ্যাপদৰ ৰচকসকলৰ অসমৰ লগত সম্পৰ্ক নাছিল।

উত্তৰ : (ক) উত্তৰ-পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰ।

প্ৰশ্ন ২৭। উপভাষা কাক বোলে ?

(ক) ভাষাৰ আঞ্চলিক ৰূপক।

(খ) যি ভাষাত মানুহে কথা পাতে।

(গ) য’ৰ শব্দমালা বেলেগ ভাষাৰ পৰা অনা হয়।

(ঘ) শিক্ষাৰ মাধ্যম ৰূপে ব্যৱহাৰ হোৱা ভাষা।

উত্তৰ :(ক) ভাষাৰ আঞ্চলিক ৰূপক।

প্ৰশ্ন ২৮। তলৰ বাক্যবোৰৰ কোনটো শুদ্ধ ?

(ক) উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল যোগাযোগৰ অভাৱ।

(খ) ৰাজপৃষ্ঠপোষকতাত উপভাষাৰ জন্ম হয়।

(গ) সাধুকথাৰ পৰা উপভাষাৰ সৃষ্টি হয়।

(ঘ) উপভাষাই কেতিয়াও মান্য ৰূপ গ্ৰহণ নকৰে।

উত্তৰ : (ক) উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল যোগাযোগৰ অভাৱ।

প্ৰশ্ন ২৯। ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰধান ভূমিকা লয় ?

(ক) কলেজৰ অধ্যাপকে।

(খ) সাহিত্যিকে।

(গ) প্ৰশাসকে।

(ঘ) আইনজ্ঞই।

উত্তৰ : (খ) সাহিত্যিকে।

প্ৰশ্ন ৩০। ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এটা উপাদান হ’ল-

(ক) যাতায়তৰ সুবিধা।

(খ) তীৰ্থ ভ্ৰমণ।

(গ) লোক সাধুকথা।

(ঘ) প্ৰাচীন সাহিত্য।

উত্তৰ : (ক) যাতায়তৰ সুবিধা।

প্ৰশ্ন ৩১। মান্য ভাষাৰ সৃষ্টি হয়-

(ক) কথোপকথনৰ পৰা।

(খ) লোক সাধুকথাৰ পৰা।

(গ) সেনাবাহিনীৰ শিবিৰৰ পৰা।

(ঘ) উপভাষাৰ পৰা।

উত্তৰ :(ঘ) উপভাষাৰ পৰা।

প্ৰশ্ন ৩২। সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ’ল-

(ক) অসমীয়া।

(খ) নেপালী।

(গ) বড়ো।

(ঘ) গোৱালপৰীয়া।

উত্তৰ : (ক) অসমীয়া।

প্ৰশ্ন ৩৩। অসমীয়া ভাষাৰ এটা উপভাষা হ’ল-

(ক) চুতীয়া।

(খ) কামৰূপী।

(গ) নেপালী।

(ঘ) বড়ো।

উত্তৰ : (খ) কামৰূপী।

প্ৰশ্ন ৩৪। অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙণি যোগোৱা ভাষাটো হ’ল-

(ক) আৰবী।

(খ) নেপালী।

(গ) কাৰ্বি।

(ঘ) বড়ো।

উত্তৰ :(ঘ) বড়ো।

প্ৰশ্ন ৩৫। আহোম ৰজাসকলৰ তত্ত্বাৱধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-

(ক) ৰংপুৰ।

(খ) গড়গাঁও।

(গ) মধুপুৰ।

(ঘ) শিৱসাগৰ।

উত্তৰ : (ঘ) শিৱসাগৰ।

প্ৰশ্ন ৩৬। দক্ষিণপাৰত চলা উপভাষাটো ব্যৱহাৰ হয়-

(ক) নগাঁও।

(খ) নাজিৰা।

(গ) গড়গাঁও।

(ঘ) ছয়গাও।

উত্তৰ : (ঘ) ছয়গাও।

প্ৰশ্ন ৩৭। অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলীটো হ’ল-

(ক) কমতাপুৰ।

(খ) নলবাৰী।

(গ) ছয়গাও।

(ঘ) ৰংপুৰ।

উত্তৰ : (ক) কমতাপুৰ।

প্ৰশ্ন ৩৮। কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

(ক) সোতৰ শতিকাৰ পিছত।

(খ) ওঠৰ শতিকাৰ পিছত।

(গ) উনৈশ শতিকাৰ পিছত।

(ঘ) সপ্তম শতিকাৰ পিছত।

উত্তৰ : (ক) সোতৰ শতিকাৰ পিছত।

প্ৰশ্ন ৩৯। অসমীয়া ভাষা নি:সৃত হৈছে-

(ক) শৌৰসেনী প্ৰাকৃতৰ পৰা। 

(খ) মাগধী প্ৰাকৃতৰ পৰা।

(গ) মহাৰাষ্ট্ৰী প্ৰাকৃতৰ পৰা।

(ঘ) পৈশাচী প্ৰাকৃতৰ পৰা।

উত্তৰ : (খ) মাগধী প্ৰাকৃতৰ পৰা।

প্ৰশ্ন ৪০। তলৰ কোনখন ৰচনাত মধ্যপ্ৰাকৃত ব্যৱহৃত হৈছে ?

(ক) প্ৰবৰসেনৰ সেতুবন্ধন।

(খ) বিদ্যাপতিৰ কীৰ্তিলতা।

(গ) অশোকৰ শিলালিপি।

(ঘ) বিদ্যাপতিৰ কীৰ্তিপতাকা।

উত্তৰ : (ক) প্ৰবৰসেনৰ সেতুবন্ধন।

প্ৰশ্ন ৪১। তলৰ কোনগৰাকী পণ্ডিতৰ মতে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে ?

(ক) বেণীমাধৱ বৰুৱা।

(খ) ড° বাণীকান্ত কাকতি।

(গ) কনকলাল বৰুৱা।

(ঘ) ডিম্বেশ্বৰ নেওগ।

উত্তৰ : (খ) ড° বাণীকান্ত কাকতি।

প্ৰশ্ন ৪২। ‘এহেজাৰ বছৰ আগৰ বাংলা ভাষাৰ নমুনা’ শীৰ্ষক গ্ৰন্থ প্ৰকাশ কৰোতা ব্যক্তিজন হ’ল-

(ক) সুনীতি কুমাৰ চেটাৰ্জী।

(খ) ড° সুকুমাৰ সেন।

(গ) হৰপ্ৰসাদ শাস্ত্ৰী।

(ঘ) গ্ৰীয়াৰ্চন।

উত্তৰ : (গ) হৰপ্ৰসাদ শাস্ত্ৰী।

প্ৰশ্ন ৪৩। ‘গিলা’, ‘গিলাক’, ‘হানা’ আদি বহুবচনাত্মক প্ৰত্যয় ব্যৱহত হয়-

(ক) মান্যভাষাত।

(খ) গোৱালপৰীয়া উপভাষাত।

(গ) কামৰূপী উপভাষাত।

(ঘ) বড়ো ভাষাত।

উত্তৰ : (গ) কামৰূপী উপভাষাত।

প্ৰশ্ন ৪৪। অসমীয়া ভাষাত প্ৰৱেশ কৰা ৰুমাল, কাগজ, খিছমিছ আদি শব্দবোৰ মূলতঃ-

(ক) আৰবী শব্দ।

(খ) তুৰ্কী শব্দ।

(গ) দেশী শব্দ।

(ঘ) পাৰ্চী শব্দ।

উত্তৰ :(ঘ) পাৰ্চী শব্দ।

প্ৰশ্ন ৪৫। অসমীয়া ভাষাত কৰা ‘কাজিয়া’, ‘কলম’, ‘দোৱাত’, ‘হজম’ আদিবোৰ শব্দ হৈছে মূলতঃ-

(ক) তুৰ্কী।

(খ) পাৰ্চী।

(গ) বাংলা।

(ঘ) আৰবী।

উত্তৰ :(ঘ) আৰবী।

প্ৰশ্ন ৪৬। ‘প্ৰহ্লাদ চৰিত’ৰ ৰচক হ’ল-

(ক) মাধৱ কন্দলি।

(খ) হেম সৰস্বতী।

(গ) ৰাম সৰস্বতী।

(ঘ) কবিৰত্ন সৰস্বতী।

উত্তৰ : (খ) হেম সৰস্বতী।

প্ৰশ্ন ৪৭। A study on Kamrupi: ‘A Dialect of Assamese’ গ্ৰন্থৰ প্ৰণেতা হ’ল-

(ক) ড° উপেন্দ্ৰনাথ গোস্বামী।

(খ) ড° বাণীকান্ত কাকতি।

(গ) বেণীমাধৱ বৰুৱা।

(ঘ) ড° নগেন ঠাকুৰ।

উত্তৰ :(ক) ড° উপেন্দ্ৰনাথ গোস্বামী।

প্ৰশ্ন ৪৮। প্ৰশ্ন : তলৰ কোনটো নব্য ভাৰতীয় আৰ্যভাষা ভাৰতৰ পূৰ্বী শাখাৰ অন্তৰ্গত ?

(ক) মাৰাঠী।

(খ) পাঞ্জাৱী।

(গ) নেপালী।

(ঘ) মৈথিলী।

উত্তৰ :(ঘ) মৈথিলী।

প্ৰশ্ন ৪৯। ‘Assamese: Its Formation and Development’ কাৰ গ্ৰন্থ ?

(ক) ডিম্বেশ্বৰ নেওগ।

(খ) কনকলাল বৰুৱা।

(গ) ড° বাণীকান্ত কাকতি।

(ঘ) ড° উপেন্দ্ৰনাথ গোস্বামী।

উত্তৰ :(গ) ড° বাণীকান্ত কাকতি।

প্ৰশ্ন ৫০। পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীটো হ’ল-

(ক) ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী।

(খ) চীন তিব্বতীয় ভাষাগোষ্ঠী।

(গ) দ্ৰাৱিড় ভাষাগোষ্ঠী।

(ঘ) অষ্ট্ৰিক ভাষাগোষ্ঠী।

উত্তৰ :(ক) ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী।

প্ৰশ্ন ৫১। তলত উল্লেখিত কোনটো ভাষা দ্ৰাৱিড় ভাষাবৰ্গৰ ?

(ক) গাৰো।

(খ) ডিমাছা।

(গ) মগহী।

(ঘ) তেলেগু।

উত্তৰ :(গ) মগহী।

প্ৰশ্ন ৫২। মধ্য ভাৰতীয় আৰ্যভাষাৰ প্ৰধান স্তৰ কেইটা ?

(ক) পাচটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰ : (গ) তিনিটা।

প্ৰশ্ন ৫৩। চৰ্যাগীতসমূহ কোন সময়ৰ ৰচনা ?

(ক) পঞ্চমৰ পৰা অষ্টম শতিকাৰ ভিতৰত।

(খ) অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত।

(গ) চতুৰ্থৰ পৰা অষ্টম শতিকাৰ ভিতৰত।

(ঘ) চতুৰ্থৰ পৰা সপ্তম শতিকাৰ ভিতৰত।

উত্তৰ :(খ) অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত।

প্ৰশ্ন ৫৪। অসমীয়া ভাষাৰ ব্যঞ্জনধ্বনি কেইটা ?

(ক) ২৫ টা। 

(খ) ২২ টা।

(গ) ২৩ টা।

(ঘ) ২১ টা।

উত্তৰ :(ঘ) ২১ টা।

প্ৰশ্ন ৫৫। তলত উল্লেখিত কোনটো উপভাষাত মহাপ্ৰাণধ্বনিৰ প্ৰবণতা বেছি ?

(ক) কামৰূপী।

(খ)‌ গোৱালপৰীয়া।

(গ) উজনিৰ উপভাষা।

(ঘ) ৰাজবংশী ভাষা।

উত্তৰ :(ক) কামৰূপী।

প্ৰশ্ন ৫৬। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা ?

(ক) আঠটা।

(খ) ছয়টা।

(গ) চাৰিটা।

(ঘ) তিনিটা।

উত্তৰ :(ক) আঠটা।

প্ৰশ্ন ৫৭। ‘ব্ৰাহুই’ ভাষা কোনটো পৰিয়ালৰ ?

(ক) অষ্ট্ৰিক।

(খ) দ্ৰাৱিড়।

(গ) ইণ্ডো ইউৰোপীয়।

(ঘ) ছেমীয় হেমীয়।

উত্তৰ : (খ) দ্ৰাৱিড়।

প্ৰশ্ন ৫৮। ‘ৰসগোল্লা’ আৰু ‘ভেজাল’- এই দুটা শব্দ কি ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে ?

(ক) তামিল।

(খ) বাংলা।

(গ) হিন্দী।

(ঘ) তুৰ্কী।

উত্তৰ : (খ) বাংলা।

প্ৰশ্ন ৫৯। অন্ত প্ৰাকৃতৰ নিদৰ্শন হৈছে-

(ক) সন্দেশৰাসক।

(খ) গাহাসত্তসই।

(গ) সেতুবন্ধ।

(ঘ) মৃচ্ছকটিক।

উত্তৰ : (ক) সন্দেশৰাসক।

প্ৰশ্ন ৬০। ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম স্তৰৰ ভাষাৰ নিদৰ্শন হৈছে-

(ক) অশোকৰ শিলালিপিৰ ভাষা।

(খ) ত্ৰিপিটকৰ ভাষা।

(গ) গৌৰবহোৰ ভাষা।

(ঘ) বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

উত্তৰ :(ঘ) বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

প্ৰশ্ন ৬১। ‘কীৰ্তিলতা’ গ্ৰন্থৰ ৰচক-

(ক) প্ৰৱৰসেন।

(খ) চণ্ডীদাস।

(গ) বিদ্যাপতি।

(ঘ) কালিদাস।

উত্তৰ : (গ) বিদ্যাপতি।

প্ৰশ্ন ৬২। মধ্য ভাৰতীয় আৰ্য ভাষাৰ নিদৰ্শন হৈছে-

(ক) পালি-প্ৰাকৃত আৰু অপভ্ৰশৰ ভাষা।

(খ) বৈদিক ভাষা।

(গ) চৰ্যাপদৰ ভাষা।

(ঘ) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা।

উত্তৰ :(ক) পালি-প্ৰাকৃত আৰু অপভ্ৰশৰ ভাষা।

প্ৰশ্ন ৬৩। পূৰ্ব-বঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে-

(ক) ৰাঢ় অপভ্ৰশৰপৰা।

(খ) বাৰেন্দ্ৰ অপভ্ৰশৰপৰা। 

(গ) বঙ্গ অপভ্ৰশৰপৰা।

(ঘ) কামৰূপী অপভ্ৰশৰপৰা।

উত্তৰ : (গ) বঙ্গ অপভ্ৰশৰপৰা।

প্ৰশ্ন ৬৪। অসমীয়া ভাষাৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়-

(ক) চৰ্যাপদৰ ভাষাত।

(খ) শ্ৰীকৃষ্ণকীৰ্ত্তন গ্ৰন্থৰ ভাষাত।

(গ) প্ৰাক্-শংকৰী সাহিত্যৰ ভাষাত।

(ঘ) তাম্ৰশাসনৰ ভাষাত।

উত্তৰ : (ঘ) তাম্ৰশাসনৰ ভাষাত।

প্ৰশ্ন ৬৫। অসমীয়াত সচৰাচৰ ব্যৱহৃত হোৱা মোলান, পানী, দাপোন, ভাল, গোহালি, আজি, উজুবাট আদি শব্দবোৰ হুবহু ৰূপত পোৱা যায়-

(ক) শ্ৰীকৃষ্ণ কীৰ্ত্তন পুথিৰ ভাষাত।

(খ) চৰ্যাপদৰ ভাষাত।

(গ) তামৰ ফলিৰ ভাষাত।

(ঘ) মালতী মাধৱৰ ভাষাত।

উত্তৰ : (খ) চৰ্যাপদৰ ভাষাত।

প্ৰশ্ন ৬৬। বেণী মাধৱ বৰুৱা এগৰাকী-

(ক) ভাষা-সংস্কৃতিবিদ্।

(খ) ৰাজনৈতিক নেতা।

(গ) স্থপতিবিদ্।

(ঘ) নাট্যকাৰ।

উত্তৰ :(ক) ভাষা-সংস্কৃতিবিদ্।

প্ৰশ্ন ৬৭। চৰ্যাপদৰ পাছত কামৰূপী-অসমীয়া ভাষাৰ নিদৰ্শন পোনতে পোৱা যায়-

(ক) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত।

(খ) প্ৰাক্ শংকৰী যুগৰ অসমীয়া সাহিত্যৰ ভাষাত।

(গ) ৰাম সৰস্বতীৰ কাব্যৰ ভাষাত।

(ঘ) ভট্টদেৱৰ গদ্যৰ ভাষাত।

উত্তৰ : (খ) প্ৰাক্ শংকৰী যুগৰ অসমীয়া সাহিত্যৰ ভাষাত।

প্ৰশ্ন ৬৮। চীনা পৰিব্ৰাজক হিউৱেনচাং কেতিয়া প্ৰাচীন অসমলৈ আহিছিল ?

(ক) ভাস্কৰবৰ্মাৰ ৰাজত্বৰ সময়ত।

(খ) নৰকাসুৰৰ ৰাজত্বৰ সময়ত।

(গ) চুকাফাৰ ৰাজত্ব কালত।

(ঘ) শালস্তম্ভৰ ৰাজত্ব কালত।

উত্তৰ :(ক) ভাস্কৰবৰ্মাৰ ৰাজত্বৰ সময়ত।

প্ৰশ্ন ৬৯। অসমৰ উজনি অঞ্চলৰ অসমীয়া ভাষাই কেতিয়াৰপৰা সাহিত্যিক মৰ্যাদা লাভ কৰে-

(ক) সোতৰ শতিকাৰ দ্বিতীয়াৰ্দৰপৰা।

(খ) ষোড়শ শতিকাৰপৰা।

(গ) ঊনবিংশ শতিকাৰ প্ৰথমাৰ্দৰ পৰা।

(ঘ) পঞ্চদশ শতিকাৰ পৰা।

উত্তৰ :(ক) সোতৰ শতিকাৰ দ্বিতীয়াৰ্দৰপৰা।

প্ৰশ্ন ৭০। কোচ ৰাজত্ব ধ্বংস হৈছিল-

(ক) পঞ্চদশ শতিকাত।

(খ) ষোড়শ শতিকাত।

(গ) সপ্তদশ শতিকাত।

(ঘ) অষ্টাদশ শতিকাত।

উত্তৰ : (গ) সপ্তদশ শতিকাত।

প্ৰশ্ন ৭১। অসমীয়া বুৰঞ্জী সাহিত্যবোৰৰ ৰচনাৰ স্থান আছিল-

(ক) সত্ৰসমূহ।

(খ) সংস্কৃত টোলসমূহ।

(গ) প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজসভা।

(ঘ) আহোম ৰাজসভা।

উত্তৰ : (ঘ) আহোম ৰাজসভা।

প্ৰশ্ন ৭২। গুৰুচৰিতসমূহৰ ৰচনাৰ স্থান আছিল-

(ক) সংস্কৃত টোলসমূহ।

(খ) মধ্যযুগৰ অসমৰ সত্ৰসমূহ।

(গ) আহোম ৰাজসভা।

(ঘ) পাল বংশৰ ৰজাৰ ৰাজসভা।

উত্তৰ :(খ) মধ্যযুগৰ অসমৰ সত্ৰসমূহ।

প্ৰশ্ন ৭৩। অসমীয়া মান্য ভাষাটো মূলতঃ গঢ় লৈ উঠিছিল-

(ক) শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত। 

(খ) কামৰূপ অঞ্চলৰ উপভাষাৰ ভিত্তিত।

(গ) গোৱালপাৰা অঞ্চলৰ উপভাষাৰ ভিত্তিত।

(ঘ) নগাঁও অঞ্চলৰ কথিত ভাষাৰ ভিত্তিত।

উত্তৰ :(ক) শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত। 

প্ৰশ্ন ৭৪। আৰ্য-অসমীয়া ভাষাটো অসমত পোনতে কোন দিশেৰে প্ৰৱেশ কৰে-

(ক) পশ্চিম অসমেৰে।

(খ) উত্তৰ অসমেৰে।

(গ) দক্ষিণ অসমেৰে।

(ঘ) পূব অসমেৰে।

উত্তৰ :(ক) পশ্চিম অসমেৰে।

প্ৰশ্ন ৭৫। ঊনবিংশ শতিকাৰ সময়ত অসমলৈ অহা মিছনাৰীসকল আছিল-

(ক) হিন্দু ধৰ্মৰ প্ৰচাৰক।

(খ) খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক।

(গ) ইছলাম ধৰ্মৰ প্ৰচাৰক।

(ঘ) বৌদ্ধ ধৰ্মৰ প্ৰচাৰক।

উত্তৰ : (খ) খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক।

প্ৰশ্ন ৭৬। অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল ? 

(ক) শংকৰদেৱে।

(খ) মাধৱদেৱে।

(গ) ৰাম সৰস্বতীয়ে।

(ঘ) মাধৱ কন্দলিয়ে।

উত্তৰ :(ঘ) মাধৱ কন্দলিয়ে।

প্ৰশ্ন ৭৭। ৰামায়ণ ৰচক মাধৱ কন্দলিৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল-

(ক) ভগদত্ত।

(খ) ভাস্কৰবৰ্মা।

(গ) বৰাহী ৰজা মহামাণিক্য। 

(ঘ) তাম্ৰধ্বজ।

উত্তৰ :(গ) বৰাহী ৰজা মহামাণিক্য।

প্ৰশ্ন ৭৮। খ্ৰীষ্টান মিছনেৰীসকলে পোনতেই কেন্দ্ৰস্থল পাতিছিল-

(ক) নগাঁও জিলাত।

(খ) শিৱসাগৰ জিলাত।

(গ) গোৱালপাৰা জিলাত।

(ঘ) কামৰূপ জিলাত।

উত্তৰ : (খ) শিৱসাগৰ জিলাত।

প্ৰশ্ন ৭৯। তলৰ কবিসকলৰ কোনগৰাকী পাচালী কবিৰূপে জনাজাত-

(ক) হৰিবৰ বিপ্ৰ।

(খ) পীতাম্বৰ দ্বিজ।

(গ) হেম সৰস্বতী।

(ঘ) শ্ৰীধৰ কন্দলি।

উত্তৰ : (খ) পীতাম্বৰ দ্বিজ।

প্ৰশ্ন ৮০। ‘পদ্মাপুৰাণ’ গ্ৰন্থৰ ৰচক-

(ক) হেম সৰস্বতী।

(খ) অনন্ত কন্দলি।

(গ) সুকবি নাৰায়ণদেৱ।

(ঘ) মনকৰ।

উত্তৰ : (গ) সুকবি নাৰায়ণদেৱ।

প্ৰশ্ন ৮১। ‘কালিকাপুৰাণ’ গ্ৰন্থখন কি ভাষাত ৰচিত-

(ক) সংস্কৃত ভাষাত।

(খ) প্ৰাকৃত ভাষাত।

(গ) পুৰণি অসমীয়া ভাষাত।

(ঘ) বাংলা ভাষাত।

উত্তৰ :(ক) সংস্কৃত ভাষাত।

প্ৰশ্ন ৮২। সংস্কৃত নাটকত সংস্কৃতৰ উপৰি ব্যৱহৃত হৈছিল-

(ক) হিন্দী ভাষা।

(খ) গুজৰাটী ভাষা।

(গ) প্ৰাকৃত ভাষা।

(ঘ) বাংলা ভাষা।

উত্তৰ :(গ) প্ৰাকৃত ভাষা।

প্ৰশ্ন ৮৩। মাধৱ কন্দলিৰ ৰামায়ণখনৰ কেইটা কাণ্ড মাধৱ কন্দলি ৰচিত হিচাপে পোৱা যায় ?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাচটা।

(ঘ) ছয়টা।

উত্তৰ : (গ) পাচটা।

প্ৰশ্ন ৮৪। খ্ৰীষ্টান মিছনেৰীসকলে উলিওৱা অসমীয়া আলোচনীখনৰ নাম কি আছিল ?

(ক) জোনাকী।

(খ) অৰুনোদই।

(গ) বিজুলী।

(ঘ) ঊষা।

উত্তৰ : (খ) অৰুনোদই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top