⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MB 1 ধান -ৰ বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ | MB 1 Rice

MB 1 ধান -ৰ বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ | MB 1 Rice, M B 1 অসমৰ ধানৰ প্ৰজাতি and some information about the MB 1 Rice. This rice can be seen in many places in Assam. This rice is very prevalent in Assam.

MB 1 ধানৰ বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ

উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্য অসম ধান খেতিৰে সমৃদ্ধ।  জলবায়ু, বৰষুণৰ তাৰতম্য, বতৰৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ কৃষক সকলে ভিন্ন মাহত ভিন্ন প্ৰকাৰৰ ধান খেতি কৰে। অসমত প্ৰতি বছৰে হোৱা ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পনীয়ে পথাৰ বোৰ সাৰুৱা কৰি  যায় আৰু পথাৰবোৰ ধান খেতিৰ বাবে উপযোগী হৈ উঠে। কৃষক সকলে  পৰম্পৰাগতৰ পদ্ধতিৰ লগতে আধুনিক পদ্ধতিও ব্যৱহাৰ কৰি  ৰাজ্যখনৰ ধানৰ উৎপাদনত অৰিহণা যোগায় আহিছে।

অসমৰ পথাৰৰ MB 1 ধানৰ খেতি চিত্ৰ

ভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা স্বত্বেও কৃষকসকলে অঞ্চলটোৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গাঁথনি গঢ়ি তুলি অসমৰ সমৃদ্ধ কৃষি পদ্ধতিত অৰিহণা যোগাই আহিছে। যি ৰাজ্যখনৰ অৰ্থনীতি আৰু খাদ্য সুৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উক্ত প্ৰবন্ধটিত আমি MB 1 ধানৰ বিষয়ে কিছু তথ্য আগবঢ়াইছো যিয়ে আপোনালোকক এইবিধ ধানৰ বিষয়ে তথ্য লাভ কৰাত সহায় কৰিব।

Read Also: কাউৰী বাদাম ধান (Kauri Badam Dhan) বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ 

MB 1 ধান

অসমৰ পথাৰত খেতি কৰা এবিধ ধান হৈছে M B 1 ধান।MB 1 ধানৰ বীজ  আহাৰ মাহত সিঁচা হয়। MB 1 ধান বহাগ মাহত খেতি কৰা হয় আৰু  আঘোণ মাহত শস্য কটা হয়। অসমৰ বহুতো অঞ্চলত MB 1 ধানৰ খেতি কৰা হয়।। দ- তলীয়া আৰু  পলসুৱা মাটিত এই বিধ ধানৰ খেতি কৰা হয়। M B 1 ধানৰ খেতিৰ বাবে  60- 80% পানীৰ প্ৰয়োজন  হয়।MB 1 ধানৰ চাউলৰে বেছিকৈ ভাত  খোৱা হয়।

আকাৰ–আকৃতি 

MB 1 ধান বিধ ২-৩ মিলি:মিটাৰ (2-3mm)  বহল আৰু ৭-৯ মিলি:মিটাৰ (7-9mm) দীঘল হয়।MB 1 ধান বিধ ৰঙা বৰণৰ আৰু আকাৰত সৰু। আকাৰ আকৃতি, বৰণৰ ওপৰত আধাৰ কৰি MB 1  ধানৰ চিনাক্তকৰণ কৰা হয়।

অসমৰ পথাৰৰ MB 1 ধান খেতি চিত্ৰ 2

অসমৰ পথাৰৰ MB 1 ধানৰ খেতি চিত্ৰ

FAQ

১) কেতিয়া MB 1 ধানৰ খেতি কৰা হয়?

উত্তৰ: বহাগ মাহত MB 1 ধানৰ খেতি কৰা হয়।

২) MB 1 ধানৰ শস্য কেতিয়া কটা হয়?

উত্তৰ: আঘোণ মাহত MB 1 ধানৰ শস্য কটা হয়।

৩) M B 1 ধান বিধ কি বৰণৰ?

উত্তৰ: M B 1 ধান বিধ ৰঙা বৰণৰ।

৪) MB 1 ধানৰ বীজ কেতিয়া সিঁচা হয়?

উত্তৰ: MB 1 ধানৰ বীজ আহাৰ মাহত সিঁচা হয়।

৫) MB 1 ধানৰ চাউল কিহৰ বাবে বেছিকৈ ব্যৱহাৰ কৰা হয়?

উত্তৰ: MB 1 ধানৰ চাউল বিধ বেছিকৈ ভাত খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।

Data Collected: Bharat & Rajib

Written By: Mahezubin

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top