⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

কাউৰী বাদাম ধান (Kauri Badam Dhan) বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ 

কাউৰী বাদাম ধান (Kauri Badam Dhan) বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ, | Kauri Badam Rice, কাউৰী বাদাম অসমৰ ধানৰ প্ৰজাতি and some information about the Kauri Badam Dhan. This rice can be seen in many places in Assam. This rice is very prevalent in Assam.

কাউৰী বাদাম ধানৰ বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ

কাউৰী বাদাম ধান

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসম কৃষিক্ষেত্ৰৰে  সমৃদ্ধ ৰাজ্য। অসমৰ ধান খেতিয়ে কৃষি ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা সমভূমি আৰু প্ৰচুৰ জলসম্পদে ধান খেতিৰ বাবে এক আদৰ্শ পৰিৱেশ সৃষ্টি কৰে। ধান খেতিয়ে বহুতো সম্প্ৰদায়ৰ বাবে জীৱনৰেখা হিচাপে কাম কৰে। অসমৰ গাওঁ অঞ্চলৰ অধিকাংশ লোক ধান খেতি ওপৰতে নিৰ্ভৰশীল। অসমৰ বিবিধ জলবায়ুয়ে শীত আৰু গ্ৰীষ্ম কালীন ধান খেতি ৰ বাবে উপযোগী।

কৃষকসকলে বীজ বাছনি, সংৰোপণ, আৰু পানী ব্যৱস্থাপনা, অনুকূল উৎপাদন আৰু মানদণ্ড নিশ্চিত কৰাৰ বাবে জটিল কৌশল অনুসৰণ কৰে।উক্ত প্ৰবন্ধটিত আমি কাউৰী বাদাম  ধানৰ বিষয়ে কিছু তথ্য আগবঢ়াইছো যিয়ে আপোনালোকক এইবিধ ধানৰ বিষয়ে তথ্য লাভ কৰাত সহায় কৰিব।

Read Also: MB 1 ধান -ৰ বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ | MB 1 Rice

কাউৰী বাদাম ধান

অসমৰ পথাৰত খেতি কৰা এবিধ থলুৱা ধান হৈছে কাউৰী বাদাম  ধান।কাউৰী বাদাম ধানৰ বীজ  আহাৰ মাহত সিঁচা হয়। কাউৰী বাদাম  ধান বহাগ মাহত খেতি কৰা হয় আৰু আঘোণ মাহত শস্য কটা হয়। অসমৰ বহুতো প্ৰান্তত এই ধান বিধৰ খেতি কৰা হয়।দ- তলীয়া আৰু পলসুৱা মাটিত এই বিধ ধানৰ খেতি কৰা হয়। কাউৰী বাদাম  ধানৰ খেতিৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন  হয়। এই বিধ ধানৰ চাউল  বেছিকৈ ভাত খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।

আকাৰ–আকৃতি

কাউৰী বাদাম ধান আকাৰ–আকৃতি

কাউৰী বাদাম  ধানবিধ ২-৩ মিলি:মিটাৰ (2-3mm)  বহল আৰু ৫-৮ মিলি:মিটাৰ (5-8 mm) দীঘল হয়।কাউৰী বাদাম  ধানবিধ ৰঙা বৰণৰআৰু ক’লা  দাগযুক্ত হয়। আকাৰ আকৃতি, বৰণৰ ওপৰত আধাৰ কৰি কাউৰী বাদাম ধানৰ চিনাক্তকৰণ কৰা হয়।

অসমৰ কাউৰী বাদাম ধান খেতি পথাৰৰ চিত্ৰ

অসমৰ কাউৰী বাদাম ধান খেতি পথাৰৰ চিত্ৰ

FAQ

১. কেতিয়া কাউৰী বাদাম  ধানৰ খেতি কৰা হয়?

উত্তৰ: বহাগ মাহত কাউৰী বাদাম  ধানৰ খেতি কৰা হয়।

২. কাউৰী বাদাম ধানৰ শস্য কেতিয়া কটা হয়?

উত্তৰ: আঘোণ মাহত কাউৰী বাদাম  ধানৰ শস্য কটা হয়।

৩. কাউৰী বাদাম ধানবিধ কি বৰণৰ?

উত্তৰ: কাউৰী বাদাম ধানবিধ ৰঙা বৰণৰ আৰু ক’লা দাগযুক্ত।

৪. কাউৰী বাদাম ধানৰ বীজ কেতিয়া সিঁচা হয়?

উত্তৰ: কাউৰী বাদাম ধানৰ বীজ আহাৰ মাহত সিঁচা হয়।

Data Collected: Bharat & Rajib

Written By: Mahezubin

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top