পুথিভঁৰাল ৰচনা | Library Essay in Assamese

পুথিভঁৰাল ৰচনা | Library Essay in Assamese

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

“A library is the granary of knowledge and wisdom clustered in a lot.”

“প্রজ্ঞাই প্রাণ পালে মনীষাই বুটলিব

মােৰ চিৰ সঞ্চিত অক্ষয় ভাণ্ডাৰৰ

হীৰা, মুক্তা, মৰকত মণি।”

পুথিভঁৰাল ৰচনা | Library Essay in Assamese

পুথিভঁৰাল ৰচনা | Library Essay in Assamese

আৱশ্যকতা

যিসকল মনীষী দীপ্তকণ্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গ’ল; যাৰ প্রত্যক্ষ সান্নিধ্য লাভ কৰি অক্ষয় জ্ঞান-ভাণ্ডাৰৰপৰা সােণৰ সঁফুৰা বুটলি ল’বলৈ আমি কোনােদিনেই আৰু সক্ষম নহওঁ, সেইসকলৰ অমৰ লেখনি নিঃসৃত মধুময় বাণী-জগতৰ লগত আমি পৰিচিত হ’ব পাৰাে গ্ৰন্থৰাজিৰ যােগেদি। এই গ্রন্থৰাজি যত সুশৃঙ্খল আৰু সুৰক্ষিতভাৱে ৰখা হয় সিয়েই পুথিভঁৰাল। পুথি ভঁৰাল অতীত, বর্তমান আৰু ভৱিষ্যতৰ যােগসূত্র। অতীতৰ মনীষীসকলৰ অফুৰন্ত জ্ঞানৰ ভাণ্ডাৰ বৰ্তমানৰ প্রতিভাৰ সংস্ৰৱলৈ আহে। পুৰণিৰ আলমত নতুনৰ সৃষ্টি হয়। পুথিভঁৰালে জ্ঞান  পিপাসুক নিত্য-নতুন জ্ঞানৰ সন্ধান দিয়ে; অনুসন্ধিৎসুক গৱেষণাৰ সমল যােগায়; চিন্তাবিদক চিন্তাৰ সমল, ভাবুকক ভাবৰ সমল যােগায়। মুঠ কথাত ল’ৰা, বুঢ়া, ডেকা, জীয়াৰী, বােৱাৰী আদি যিয়ে সাহিত্য, দর্শন, বিজ্ঞান, ধর্ম, ৰাজনীতি, অর্থনীতি, বাণিজ্য, আমােদ আদিৰ যিহকে বিচাৰে তাৰেই সন্ধান দিয়ে পুথিভঁৰালে। পুথিভঁৰাল জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। সেয়েহে পুথিভঁৰাল মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ।

ইতিহাস

পুথিভঁৰালৰ ইতিহাস অতি প্রাচীন। যিদিনাৰপৰাই মানুহে জ্ঞান-বৃক্ষৰ গুটি খাই জ্ঞান-লাভৰ, জ্ঞান বিকাশৰ প্রয়াস পাই আহিছে সেইদিন ধৰি মানৱ সমাজত পুথিভঁৰালৰ ব্যৱহাৰ চলি আহিছে। অৱশ্যে প্ৰকাৰ ভেদে। বর্ণমালা আৰু কাকত আৱিষ্কৃত হােৱাৰ আগতেই বেদৰ বাণী প্রচাৰিত আৰু সংৰক্ষিত হৈছিল; স্মৰণ শক্তিয়েই তেতিয়া জ্ঞান সংৰক্ষণৰ মাধ্যম আছিল। তেতিয়া জ্ঞান-চৰ্চাৰ কাৰণে, আহৰণৰ উদ্দেশ্য, জ্ঞান-পিপাসু পৰিব্রাজক, পর্যটকসকল দেশ-দেশান্তৰে ঘুৰি ফুৰিছিল। বর্ণমালা আৱিষ্কাৰৰ পাছত মানুহে ভূর্জপত্র, তালপাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদিত জ্ঞান-সম্ভাৰ লিপিবদ্ধ কৰিবলৈ ধৰিলে।

Read Also: মােৰ জীৱনৰ লক্ষ্য ৰচনা | Aim in my Life Essay in Assamese

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

মিচৰ দেশত ‘পেপিৰাচ’ নামৰ গছৰ পাত আৰু ছালত বাণীবােৰ লিপিবদ্ধ কৰা হৈছিল। তাৰপৰাই ইংৰাজী ‘পেপাৰ’ শব্দৰ উৎপত্তি হয়। কাকত আৰু ছপাশাল আৱিষ্কাৰ হােৱাৰ পাছত পুথিভঁৰালৰ উন্নয়ন আৰু ব্যৱহাৰ দ্রুত হৈ আহিবলৈ ধৰে। খৃষ্টীয় প্রথম শতিকাত ৰােম নগৰীত প্রথম পুথিভঁৰাল প্রতিষ্ঠিত হােৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে। তাৰ পাছত ভাৰত, চীন, মিচৰ, তিব্বত, আৰু বেবিলন নগৰত প্রাচীন পুথিভঁৰালৰ নিদর্শন পােৱা যায়। প্রাচীন কালৰেপৰাই হিন্দুৰ দেৱমন্দিবােৰ আৰু বৌদ্ধমঠবােৰ জ্ঞান-চৰ্চাৰ কেন্দ্ৰ আছিল। নালন্দা আৰু বিক্রমশীলাত পৃথিৱী বিখ্যাত পুথিভঁৰাল থকাৰ প্ৰমাণ পােৱা যায়। বাৰাণসীতাে এটি বিশাল গ্রন্থাগাৰ আছিল। শ্রীহৰ্ষৰাে তেনে এটা পুথিভঁৰাল আছিল বুলি জনা যায়।

বর্তমান জগতত পুথিভঁৰালৰ বিপুল ব্যৱহাৰ হৈছে আৰু লগে লগে তাৰ যােগেদি মানুহৰ জ্ঞানৰ পৰিসৰাে দ্রুতভাৱে বৃদ্ধি পাইছে। ভাৰতত কলিকতা, মুম্বাই, দিল্লী আদি নগৰীত জাতীয় পুথি ভঁৰাল প্রতিষ্ঠিত হৈছে আৰু ৰাজ্যসমূহতাে কেন্দ্রীয় পুথিভঁৰাল গঢ়ি উঠাৰ উপৰি জিলাই জিলাই পুথিভঁৰালসমুহ গঢ়ি উঠিছে। তদুপৰি জ্ঞান-পিপাসু ৰাইজৰ উদ্যমতাে গাঁৱে-ভূঞে অসংখ্য পুথিভঁৰাল প্রতিষ্ঠিত হৈ গাঁও-ভূঁ ইৰ ৰাইজেও জ্ঞানবৰ্ধনত মনােনিৱেশ কৰি উদাৰ ভাবধাৰাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী সমাজত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

শ্রেণী বিভাগ

পুথিভঁৰাল কেইবা শ্রেণীৰাে আছে। যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল আৰু বিদ্যালয় আদি অনুষ্ঠানসমূহৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালো আকৌ মালিকীস্বত্ব অনুযায়ী ৰজাঘৰীয়া বা  চৰকাৰৰ দ্বাৰা প্রতিষ্ঠিত আৰু ৰাইজৰ দান বৰঙণিৰ ওপৰত প্রতিষ্ঠিত- এই দুই শ্ৰেণীৰ হ’ব পাৰে। এই দুইবিধৰ পুথিভঁৰাল সকলাে শ্ৰেণীৰ লােকে ব্যৱহাৰ কৰিব।  পাৰে। বহুতাে জ্ঞান-পিপাসু, অনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষণা আদিৰ সুবিধাৰ কাৰণে নিজাকৈ পুথিভঁৰাল প্রতিষ্ঠা কৰে।

বিদ্যালয়ৰ পুথিভঁৰাল-বিদ্যালয়ৰ পুঁজিৰে প্রতিষ্ঠিত আৰু বিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়। শিক্ষক, ছাত্র-ছাত্রী উভয়ৰ উপযােগী গ্রন্থ, পাঠ্যপুথি আদি বিদ্যালয়ৰ পুথিভঁৰালৰ সম্পদ। উন্নত আৰু ধনী দেশসমূহত শ্রেণী-পুথিভঁৰালৰৰ ব্যৱস্থা আছে, এনে পুথি ভঁৰালসমূহত কেৱল একোটা শ্ৰেণীৰ বাবে উপযােগী পাঠ্যপুথিসমূহ ৰখা হয়; বিদ্যালয়- মূল পুথিভঁৰালৰ উপৰি শ্ৰেণী-পুথি ভঁৰালসমূহ থাকে।

পৰিচালনাৰ নিয়ম

পুথিভঁৰাল পৰিচালনাৰ নির্দিষ্ট নিয়ম থাকে। সেই নিয়ম মানি নচলিলে নানা আহুকালৰ সৃষ্টি হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলকহে গ্রন্থ পঢ়িবলৈ দিয়া হয়। একোখন গ্রন্থ পঢুৱৈয়ে এসপ্তাহ বা অতি বেছি পােন্ধৰ দিন ৰখাৰ নিয়ম। তাৰ পাছত ঘূৰাই দি পুনৰ নতুন গ্রন্থ নিব পাৰে। গ্রন্থ হেৰুৱালে বা নষ্ট কৰিলে মূল্য আদায় দিব লাগে। কিছুমান সুষ্প্রাপ্য আৰু বহুমূলীয়া গ্রন্থ পঢ়ুৱৈক ঘৰলৈ নিবলৈ দিয়া হয়। তেনে গ্রন্থ পুথিভঁৰালৰ পঢ়াকোঠাতে পঢ়ি বা আৱশ্যকীয় কথা টুকি লৈ ঘূৰাই দিব লাগে।

যি জাতি যিমান সভ্য আৰু উন্নত আৰু সাহিত্যও যিমানে চহকী হয়, সেই জাতিৰ পুথিভঁৰালো সিমানেই চহকী হয়। পুথিভঁৰালক সভ্যতাৰ প্ৰতীক বুলি ক’লেও বঢ়াই কোৱা হয়। কাৰণ, এটা জাতিৰ জ্ঞান-বিজ্ঞান, ভাষা-সাহিত্য, সংস্কৃতি কিমান চহকী আৰু বুৰঞ্জী কিমান গৌৰৱ-গাথাৰে ভৰপূৰ, পুথি ভঁৰালত সন্নিৱিষ্ট পুথিসমূহই তাৰ পৰিচয় দাঙি ধৰে। পুথিভঁৰালৰ দুৱাৰ জাতি, বর্ণ, ধর্ম, সম্প্রদায় নির্বিশেষে সকলাে শ্ৰেণীৰ লােকৰ বাবেই উন্মুক্ত। পুথিভঁৰাল জ্ঞান পিপাসু লােকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰণৰ এক পৱিত্ৰ মন্দিৰ। সেইবাবে ইয়াক সার্বজনীন পাঠশালা বুলি অভিহিত কৰিব পাৰি।

প্রত্যেক জ্ঞানপিপাসু লােকে বা পঢুৱৈয়ে নিজৰ ব্যক্তিগত পুঁজিৰে সকলাে প্ৰকাৰৰ গ্ৰন্থ, আলােচনী, বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়া সম্ভৱ নহয়। মাউখে উটিলে গুৰি পৰুৱাৰাে মৰণ নাই; সেইদৰে ৰাইজে নখ জোকাৰিলেই নৈ বয়। তেনেক্ষেত্ৰত ৰাইজৰ সামান্য বৰঙণি সংগ্ৰহ কৰিও প্রতি বছৰে বা মাজে-সময়ে কিছু কিছু গ্রন্থ সংগ্রহ কৰিলেও সময়ত একোটা বৃহৎ পুথি ৰাল প্রতিষ্ঠা হৈ উঠা সম্ভৱ। লাগে কেমন উদ্যম আর অনুপ্রেৰণা। উদ্যম আৰু অনুপ্ৰেৰণাৰ আগত কোনো অভাৱেই তিষ্টি থাকিব নােৱাৰে। কিন্তু সেয়ে সাময়িক নহৈ স্থায়ী হ’ব লাগে। এই ক্ষেত্ৰত একতাৰ একান্ত প্রয়োজ।

বর্তমান সুনয়ত মানুহৰ মাজত পুথি অধ্যয়নৰ স্পৃহা জগাই তুলি, মানুহৰ জ্ঞানৰ পৰিস বৃদ্ধি কৰি, ৰাইজক সমাজ-সচেতন, আত্ম-সচেতন কৰি তুলিবৰ কাৰণে আৰু বিশ্বৰ ক্রমবৰ্দ্ধমান মৈত্রী আৰু ভ্রাতৃত্বৰ দৃষ্টিভংগী গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰপৰাও ভ্রাম্যমাণ বা চলন্ত পুথি ভঁৰালৰ ব্যৱস্থা কৰা হৈছে। এনে পুথিভঁৰাল একোখন ঠাইত কিছুদিন ৰাখি পুনৰ অন্য ঠাইলৈ স্থানান্তৰিত ৰা হয়। এনে পুথিভঁৰালৰ যােগেদিও অনেক পঢ়ুৱৈয়ে নানা মূল্যবান আৰু আপুৰুগীয়া গ্রন্থ অধ্যয়নৰ সুযােগ-সুবিধা কৰে।

পৰিচালকৰ দায়িত্ব

পুথিভঁৰালসমূহ সুস্থভাৱে পৰিচলনা কৰাও এটা দায়িত্বপূর্ণ কাম। এজন পুথিভঁৰালীয়ে হাজাৰ-বিজাৰ পঢ়ুৱৈৰ উপযােগী, মনােৰঞ্জক আৰু ৰুচিপূর্ণ গ্রন্থ অপ্রয়াসে পঢ়ুৱৈ সন্মুখত দাঙি ধৰিব পৰাতেই তেওঁৰ দক্ষতাৰ পৰিচয়। পুথিৰােৰ শ্রেণীবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে সজাই থ’ব পৰাটোও এক বিৰাট নৈপুণ্যৰ পৰিচায়ক। পঢ়ুৱৈৰ অভিৰুচি অধ্যয়ন কৰিব পৰাটোও একপ্ৰকাৰ কলা (Art)। অভিৰুচি মতে পুথি আগবঢ়াব পৰাটো তাতােকৈ ডাঙৰ কলা। তাৰ বাবে পৰিচালকজনে অধ্যয়নানুৰাগী আৰু অধ্যয়নপুষ্ট হ’ব লাগিব। বর্তমান সময়ত পুথিভঁৰাল পৰিচালনাকে বিজ্ঞানৰ এক অংগ বুলি গণ্য কৰা হৈছে আৰু সেই অনুক্রমে পৰিচালকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা বিশ্বৰ প্রায় সকলাে দেশতে হৈছে।

সি যি নহওক, পৰিচালকৰ দক্ষতা, পটুৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুবর্তিতাৰ ওপৰতে পুথিভঁৰালৰ সফলতা নিৰ্ভৰ কৰে। অসম আর্থিকভাৱে যিদৰে পিছপৰা, শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতাে সেইদৰে পিছপৰা। তাতােকৈ বেছি পিছপৰা পুথিভঁৰালত অধ্যয়নৰ ক্ষেত্ৰত। সমীক্ষাৰ যােগেদি পৰিসংখ্যা সংগ্রহ ব্যৱস্থা কৰিলে আমি এই তথ্য পাইও মুঠেই আচৰিত নহ’ম যে বহুতাে শিক্ষিত লােকে বিদ্যালয় বা মহাবিদ্যালয়সমূহত পাঠ্য হিচাপে অধ্যয়ন কৰা গ্ৰন্থৰ বাহিৰে এখনাে বাহিৰা গ্ৰন্থৰ মুখ জীৱনত দেখা নাই। অসমত পঢ়ুৱৈৰ সংখ্যা ইমানেই কম যে একোখন গ্ৰন্থৰ ছপা হােৱা এহাজাৰকপি গ্রন্থ বিক্রী নােহােৱাকৈ বছৰৰ পাছত বছৰ ধৰি পুথি বিক্রেতাৰ দোকানত পৰি থাকে।

Read Also: Class 9 Assamese Solution

মন্তব্য

গতিকে ছাত্র-ছাত্রীসকলে এই ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা উচিত। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব, সিমানেই ভাষা, সাহিত্য, সংস্কৃতিৰ পৰিসৰ বৃদ্ধি হ’ব আৰু সাহিত্যৰ ভঁৰালাে সিমানেই চহকী হ’ব; জাতিটোও সিমানেই সভ্য, জ্ঞানী, মানী বুলি জগতত পৰিচিত হব।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top