কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনা | College Life Experiences Essay in Assamese

কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনা | College Life Experiences Essay in Assamese

Join Telegram channel

অনন্ত অপাৰ মহা শব্দ শাস্ত্ৰৰ

মহাসিন্ধু মথি

আমি আহৰণ কৰাে জ্ঞানৰ অমৃত।

মহা মহা জীৱনৰ গৰিমাৰ সৌধ ৰচো।

ৰামধেনুৰ ৰহণেৰে জীৱন বােলাই।

কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনা | College Life Experiences Essay in Assamese

কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনা | College Life Experiences Essay in Assamese

ছাত্র-জীৱনৰ আটাইতকৈ মনােমােহা, ৰঙে ৰসে উপচি পৰা, মধুৰ স্বপ্নলিৰ আৱেশেৰে ভৰপূৰ বৈচিত্র্যময় সময়ছােৱাই হৈছে কলেজীয়া জীৱন। কলেজীয়া জীৱন আনন্দোচ্ছল , মাধুৰ্যপূর্ণ আশা-আকাঙক্ষাৰ সােণালী ৰঙেৰে ৰঙীন, ৰামধেনুৰ বিচিত্ৰতাৰে বৰ্ণালিময়। এইছােৱা কালত স্বত্ৰ ছাত্ৰীৰ মন হয় দিগন্ত প্ৰসাৰী, ভাব হয় পৰ্বতীয়া জুৰিৰ দৰে লয়লাস। এই বিচিত্র সময়ছােৱা দেখাক নতুনকৈ চোৱাৰ, নেদেখাক সম্পূর্ণকৈ দেখাব কামনা ৰঞ্জিত,নতুনকৈ গঢ়াৰ নতুন নতুন সপােন ৰচনাৰ, নতুন মধুময় কল্পনা কৰাৰ সময়। এনে এছােৱা সময়ৰ মধুৰ অবিস্মৰণীয় স্মৃতি, মানব-জীৱনৰ সমগ্ৰ কালছােৱাত হৈ ৰয় চিৰ সেউজীয়া, বর্ণালিৰ সাতাে ৰঙৰ দৰেই সৌন্দর্যময়।

কলেজৰ পৰিৱেশ

মুক্ত আকাশৰ তলত, মুক্ত মন আৰু মুক্ত চিন্তা লৈ জীৱনৰ জ্যোতিৰ বাট গেহৰাই তােলাৰ প্রচেষ্টাত আগ বঢ়াৰ সুন্দৰ পৰিৱেশ কলেজত বিৰাজমান। নিজৰ প্ৰতিভা মুক্তভাৱে প্ৰকাশ কৰিবলৈ আৰু সেই প্রতিভাৰ বিকাশৰ বাবে অপাব সুযােগ পােৱা যায় কলেজত। স্কুলীয়া জীৱনৰ ৰাধ্য বাধকতা, কঠোৰ শাৰ বাঘজৰী, ৰঙা চকুৰ ভীতি-গ্রস্ততা আদিৰপৰা কলেজৰ পৰিৱেশ মুক্ত। অৱশ্যে দায়িত্বশীলতা প্রয়ােজন হৈ পৰে বেছিকৈ। হলেও ভৱিষ্যত জীৱনৰ আশা-আকাংক্ষা, কামনাৰ সােণালী পথ সন্মুখত থকাত আৰু তাৰ সাধনাই জীৱনৰ লক্ষ্য হােৱা বাবে স্বাভাৱিকতেই দায়িত্বশীলতা আহি পৰে। অৱশ্যে এইটোও নুই কৰিব নােৱাৰি যে প্রকৃত দায়িত্ব নুবুজি, যিসকলে বিদ্যালয়ৰ কঠোৰ শাসনৰপৰা মুক্ত হৈ নিজকে সম্পূর্ণ মুক্তভাৱে এৰি দিয়ে, সেইসকলৰ জীৱন শেষত বিফলতাৰ ভাণ্ডাৰ হৈ পৰে। গতিকে, কেতিয়াবা মুক্ত পৰিৱেশ আশীর্বাদ নহৈ অভিশাপতহে পৰিণত হােৱা দেখা যায়। সেই দিশলৈ বিদ্যার্থীসকলে লক্ষ্য কৰা উচিত।

Read Also: পুথিভঁৰাল ৰচনা | Library Essay in Assamese

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

কলেজত প্ৰৱেশ কৰিয়ে পােৱা অভিজ্ঞতা

ভৱিষ্যতৰ কৃতকার্যতা পূর্ণ, সুন্দৰ জীৱন গঢ়াৰ কৰ্মশালা কলেজসমূহ, বিদ্যার্থীসকলৰ সাধনাৰ একোখন মহা আশ্রম। এই মহা আশ্ৰমৰ নিয়াৰিত গঢ়ি উঠে ভৱিষ্যতৰ সম্ভাৱনাময় একোটা মহান জীৱন। কলেজৰ জ্ঞান সাগৰত অৱগাহি পূত মন্ত্ৰত দীক্ষিত হােৱা বাবেই সফলতাৰে কলেজীয়া শিক্ষা সাং কৰি ওলাই অহা সকলক স্নাতক বুলি কোৱা হয়। এনে পৱিত্ৰ, মহান অনুষ্ঠানটিত প্ৰৱেশ কৰিয়েই কেতিয়াবা বহুতাে বিদ্যার্থীয়ে বিপর্যয়ৰ সম্মুখীন হয়, ৰেগিং নামৰ মহামাৰীটোৰ কবলত পৰি। বহুতৰ বাবে ৰেগিং এক বিভীষিকা। এই বিভীষিকাৰ মাজত মানসিক ভাৰসাম্য হেৰুৱাই দুই এক বিদ্যার্থীয়ে শিক্ষা-জীৱনৰ ইমানতে সমাপ্তি ঘটোৱাৰ উদাহৰণাে বিৰল নহয়। প্রকৃতপক্ষে ৰেগিং এক নির্দোষ ধেমালিহে হােৱা উচিত। ধেমালিৰ সীমা অতিক্ৰম কৰি গ’লেই সি বিভীষিকাত পৰিণত হয়; তেতিয়া সি হৈ উঠে ক্ৰুৰ ধেমালি৷ সেইটো কিন্তু অবাঞ্ছনীয়।

ইয়াৰ পাছৰ পৰ্যায়টো কিন্তু আদৰণীয় আৰু অতিশয় সৌহার্দ্যপূর্ণ। কলেজৰ পুৰণি বিদ্যার্থীসকলে নৱাগতসকলক দৰা অদিদি আৱেগ আৰু অনুভূতিৰে আগবঢ়াই নি আদৰণি জনােৱা অনুষ্ঠানটি মহামানৱৰ মহাসাগৰত মহা মিলনৰ মনােৰম নিদর্শন। ভারৰ বিনিময়, মৰম-স্নেহৰ বিনিময়ৰ যােগেদি অচিনাকিৰ লগত চিনাকি হৈ, আপােন জন বুলি চেনেহেৰে বুকুত সাবটি লৈ, পােহৰৰ বাটত প্রথম খােজ পেলোৱাৰ বীজ-মন্ত্ৰত নৱাগতসকলক দীক্ষিত কৰা এই অনুষ্ঠানটিক আমি দীক্ষাৰম্ভ অনুষ্ঠান বুলি অভিহিত কৰিব পাৰাে। এই অনুষ্ঠানটিৰ যােগেদি আমি শিকিবলৈ সমৰ্থ হওঁ “বসুধৈব কুটুম্বকম্”।

অধ্যয়নৰ সময়ছােৱাৰ মাধুৰ্য্য

কলেজসমূহ উচ্চ জ্ঞানৰ মন্দিৰ। উচ্চ শিক্ষাৰে শিক্ষিত, উচ্চ অৰ্হতাসম্পন্ন অধ্যাপকসকলৰ উচ্চ মানৰ শিক্ষাদান কার্যই এই জ্ঞান মন্দিৰ জ্যোতির্ময় কৰি তােলে। সেই জ্যোতিৰ আলােকে বিদ্যার্থীসকলক বিমােহিত কৰে। তেখেতসকলৰ উচ্চ জ্ঞান-জ্যোতি বিকিৰিত হয় বিদ্যার্থীসকলৰ জীৱনত। বিদ্যার্থীৰ হৃদয়-ফুলনিৰ টেপাকুলিটো সেই জ্যোতিৰ পৰশত মুকুলিত হয়; এদিন ৰূপে ৰসে, গন্ধে-স্পর্শে জাতিষ্কাৰ হৈ সৌন্দর্য-মাধুৰীৰে সুশােভিত হয়। তাৰ সৌৰভ বিয়পি পৰে মানৱসাগৰত। সেই মানৱসাগৰ জমকীয়া হৈ উঠে হাজাৰ হাজাৰ গােলাপ-তগৰ কমলৰ মহা সমাৱেশত।

সােণত-সুৱগা চৰায়

কলেজ সপ্তাহ, বাণী-বন্দনা, সাংস্কৃতিক-সমাৰােহ আদি বাৰেৰহণীয়া অনুষ্ঠানসমূহে। সেইবাবে, অধ্যয়নৰ এই সময়ছােৱা কেৱল জ্ঞান আহৰণৰ বিস্তীর্ণ কলা-ক্ষেত্ৰই নহয়, ই হৈ পৰে নিজকে স্বকীয় প্রতিভা আৰু গুণৰাজিৰে জৰ্মকীয়াকৈ সজোৱাৰ, বিশাল, সুন্দৰ পৃথিৱীক সৌন্দৰ্যৰ আধাৰ হিচাপে নতুন প্রাণৰ ন চকুযুৰিত দীপিতি ঢালি” নতুনকৈ চোৱাৰ, উপভােগ কৰাৰ আৰু জীৱনৰ মােহনীয়তা আৰু অধিক মােহনীয়কৈ গঢ়ি তােলাৰ এক মহান ক্ষেত্র।

কলেজত অধ্যয়নৰ কালছােৱা প্ৰতিজন বিদ্যার্থীৰ বাবে হৈ পৰে বৰ মােহনীয়, অতি অপুৰুগীয়া আৱেগ-বিজড়িত। কলেজসমূহ বিদ্যার্থীৰ তীর্থক্ষেত্র।

Read Also: Class 12 Education Solution

হােষ্টেলৰ আকর্ষণ

হােষ্টেলৰ আকৰ্ষণ আৰু অধিক মােহনীয়। বিভিন্ন অঞ্চলৰ, বিভিন্ন জাতি, ধর্ম, সম্প্রদায়ৰ বিদ্যার্থীৰ মিলনৰ ই এক মনােৰম ক্ষেত্র। ভ্রাতৃত্বৰ এনাজৰীৰে বান্ধ খাই হােষ্টেল-নিবাসী বিদ্যার্থীসকলে মচি তােলে এখন সুন্দৰ সমাজ। এইখন সাম্যৰ সৰগ। ইয়াত ধনী-দুখীয়া, উচ্চ-নীচ, ধর্ম সম্প্রদায়ৰ সংকীর্ণ বিচাৰ-বিবেচনাৰ ঠাই নাই। ইয়াত ঠাই পায় উচ্চ-ভাব-চিন্তা, উচ্চ আদৰ্শ আৰু মহান মানৱতাই। হােষ্টেলৰ প্ৰতিটো কোঠা, প্ৰতিটো চুক-কোণৰ লগত বিদ্যার্থীসকল জড়িত হৈ পৰে অতি নিবিড়ভাৱে, পৰিণত হয় এখন মৰম সর্বস্ব ঘৰত।

এইখন ঘৰৰ খ্যাতি বৃদ্ধিৰ কাৰণে বিদ্যার্থীসকল উঠি-পৰি লাগে বাণী-বন্দনা আৰু অন্যান্য সমাৰােহৰ যােগেদি। হােষ্টেল মিলনৰ স্বৰ্গ। ইয়াত ৰচা হয় ভৱিষ্যত জীৱনৰ সুন্দৰ নন্দন-বন। ইয়াত গঢ়ি উঠে উদাৰতা, কৰুণা, সহানুভূতি সংমিশ্রিত এক বিশাল হৃদয়-সাগৰ। ইয়াৰপৰা আঁতৰি পৰিবলগাটো বা বিচ্ছেদ হােৱাটোক বর্ণাব পাৰি কেৱল কালিদাসৰ “অভিজ্ঞা শকুন্তলম”ৰ চতুর্থ অংকৰ, চতুর্থ দৃশ্যৰ, চতুর্থ শ্লোকটোৰে, যিটোত কৰুণত আৱেগত বর্ণিত হৈছে- শকুন্তলাই আশ্রমপৰা বিদায় লৈ পতি-গৃহলৈ যাত্ৰা কৰাৰ অতিশয় কৰুণ, আৱেগময়, অশ্রুময় মুহূর্তটো।

শিক্ষাজীৱনৰ আটাইতকৈ মনােৰম আৰু কল্পনাৰ দিগন্ত প্ৰসাৰী ভাবধাৰাৰে সমৃদ্ধ এই সময়ছােৱাৰ সদব্যৱহাৰ আৰু জীৱনটোক সঠিক আৰু সত্য-সুন্দৰ পথত পৰিচালনাৰ ওপৰতে আমাৰ সুন্দৰ, মহীয়ান জীৱন নিৰ্ভৰশীল। কল্পনাৰ সােণৰ প্রতিমা গঢ়ি, তাৰ সৌন্দর্য মুগ্ধ হৈ আমি জীৱনৰ জয়গান গাওঁ এই সময়ছােৱাতে। সত্যম-শিৱম-সুন্দৰম- এই সনাতন সত্যক উপলব্ধি কৰা যায় এই সময়ছােৱাতে।

গতিকে এই সময়ছােৱাই আমাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল আনন্দৰ মধুৰ প্রশান্তি।

আমি আশা কৰিছো কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top