Introduction to Comparative Government and Politics Unit 2 Historical Context of Modern Government- I, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Comparative Government and Politics Unit 2 Historical Context of Modern Government- I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Comparative Government and Politics Unit 2 Historical Context of Modern Government- I Question Answer can be of great value to excel in the examination.
Introduction to Comparative Government and Politics Unit 2 Historical Context of Modern Government- I
Introduction to Comparative Government and Politics Unit 2 Historical Context of Modern Government- I Notes cover all the exercise questions in UGC Syllabus. The Introduction to Comparative Government and Politics Unit 2 Historical Context of Modern Government- I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Historical Context of Modern Government– I
POLITICAL SCIENCE
INTODUCTION TO COMPARATIVE GOVERNMENT AND POLITICS
তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয়
Q1. What do you mean by Globalization.
Ans:- বিশ্বায়ন এক প্রক্রিয়া। সমগ্র বিশ্বক একাকীকৰণেই হৈছে বিশ্বায়ন। প্ৰকৃততে সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ সংহতিকৰণেই বিশ্বায়ন প্রক্রিয়া যদিও অর্থনীতিৰ লগতে ৰাজনীতি, সাংস্কৃতি, সমাজনীতি আদি দিশবোৰেও সমগ্র বিশ্বক এটা বিশ্ব ব্যৱস্থালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোকে বিশ্বায়ন বুজা যায়। এই প্ৰক্ৰিয়াৰ জৰিয়তে এই বৃহৎ বিশ্ব এক সৰু সমাজলৈ সলনি হৈ পৰিছে। ই বহুমুখী অৱধাৰণা।
অধ্যাপক Gala Amin ৰ মতে, ‘বিশ্বায়ন হৈছে এক বহুমুখী পৰিঘটনা য’ত অন্তৰ্ভুক্ত হৈ আছে আন্তর্জাতিক বাণিজ্য, শ্রম, পুঁজি আৰু প্ৰযুক্তিবিদ্যাৰ গতি ক্ষীপ্ৰকৰণ তথা আদৰ্শ আৰু জীৱনশৈলীৰ ৰূপান্তৰকৰণ।’ “Globalization is multifaceted phenomenon, which includes the acceleration of International trade of the flows of labour capital and technology as well as transfer of ideas pattern of living.”
D. Held ৰ মতে, ‘বিশ্বায়ন হৈছে বিশ্বজুৰি দ্ৰুত অর্থনৈতিক সংহতিকৰণৰ এক প্ৰক্ৰিয়া যাক বাণিজ্যৰ উদাৰীকৰণ পুঁজি আৰু বিনিয়োগৰ প্ৰবাহ তথা দ্রুত প্রযুক্তিবিদ্যাগত পৰিৱৰ্তনে আগবঢ়াই নিয়ে।’
Globalization has defined as a person of rapid economic integration among countries drives by the liberalization of trade, Investment and capital blows as well as rapid technological change Cochrane and Pain ৰ মতে, ‘বিশ্বায়নে এনে এক সম্পৰ্কৰ প্ৰক্ৰিয়াক সূচায়, যি সমগ্র পৃথিৱীৰ সাংস্কৃতিক অর্থনৈতিক আৰু ৰাজনৈতিক অস্তিত্বৰ পাৰস্পৰিক সংযোগ ঘটায়।’
‘Globalization curtails relationship that involve the existence of cultural economic and political network of connection across the world.’
Friedman and Kaplan এ কৈছে, ‘বিশ্বায়ন বজাৰ ব্যৱস্থা বিত্ত আৰু প্ৰযুক্তিবিদ্যাৰ সংহতিকৰণ এক প্রক্রিয়া, যি বিশেষকৈ তথ্য প্রযুক্তি বিদ্যাৰে এনে এক পথৰ সৃষ্টি কৰিছে, য’ত বিশ্বখন সংকুচিত হৈ ক্ষুদ্ৰ আকৃতি হৈছে, যাৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ ব্যক্তিয়ে সহযোগেই গভীৰ ক্ষিপ্ৰতাৰে গোলকৰ চৌদিশে ঘূৰিব পাৰিছে।
‘Globalizations of markets finance and technology specially information technology in way that shrinks the world to a miniature in size and enable people from different parts of the globe to reach around the world foster, deeps and cheapest.’
মুঠতে খেতি সার্বভৌমত্ব থকা ৰাষ্ট্ৰসমূহৰ নিজস্ব সার্বভৌমত্ব থকা ৰাষ্ট্ৰসমূহৰ নিজস্ব সার্বভৌমত্ব ধ্বংস হৈ সমগ্র বিশ্বকে এক সৰু সমাজ তথা ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি প্রচেষ্টা সেই প্রক্রিয়াকে বিশ্বায়ন বুলি সমাজদার্শনিকসকলে মন্তব্য কৰিছে।
পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন সমাজ সংৰচনাক একত্ৰিত কৰি এক দেশ তথা সমাজ হিচাপে চিহ্নিত কৰাই হ’ল বিশ্বায়ন প্রক্রিয়া। সমগ্ৰ পৃথিৱীত হোৱা ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰভাৱেই হ’ল বিশ্বায়ন। এই প্ৰক্ৰিয়াই মানুহৰ জীৱন উন্নতিকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এক নতুন শক্তিশালীৰূপত বিশ্বক গঢ় দিয়াই হ’ল বিশ্বায়ন।
Q 2 . Mention the Characteristics of Globalization.
Ans:- বিশ্বায়নৰ কিছুমান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইসমূহ তলত উল্লেখ কৰা হৈছে—
(১) সমগ্ৰ বিশ্বৰ ভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত থকা পৰিধি অতিক্ৰম কৰি এখন ৰাষ্ট্ৰ হিচাপে বিশ্বক গঢ়ি তোলা প্রক্রিয়াই হ’ল বিশ্বায়ন।
(২) সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ অর্থনীতি, ৰাজনীতি, সামাজিক, সাংস্কৃতিক আদি দিশসমূহত আত্মনির্ভৰশীলতা বৃদ্ধি কৰোৱাটোৱেই হ’ল বিশ্বায়ন।
(৩) এই প্রক্রিয়াই ভিন্ন ৰাষ্ট্ৰৰ পৰিধি বিলীন কৰি পেলায়।
(৪) বিশ্বায়ন হঠাৎ হোৱা প্ৰক্ৰিয়া নহয়। ই এক দীর্ঘকালীন প্ৰক্ৰিয়া।
(৫) সমাজৰ ভিন্ন দিশ যেনে— অর্থনীতি, ৰাজনৈতিক, প্রযুক্তিবিদ্যা, বৈজ্ঞানিক আদিবোৰে এই বিশ্বায়ন প্রক্রিয়াক বিকাশ আৰু গতিশীল হোৱাত সহায় কৰিছে।
(৬) বিশ্বায়ন কেৱল এটা দিশত নহয়। যদিও অর্থনীতি ইয়াৰ প্রধান দিশ তথাপি সমাজৰ অন্যা দিশবোৰ যেনে— ৰাজনীতি, সমাজ, সংস্কৃতি আদি সকলো দিশকে ই সামৰি লয়।
(৭) বিশ্বায়নে সমাজৰ বাহ্যিক দিশটোৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে ব্যক্তিগত প্ৰভাৱো পেলায়। ই ব্যক্তিৰ আচাৰ-ব্যৱহাৰ, সংস্কৃতি, মানসিক দিশ আদিকো প্ৰভাৱান্বিত কৰে।
(৮) এই প্রক্রিয়াই বিশ্ব বাণিজ্য মুকলি কৰি দেশক সম্পদশালী কৰাৰ লগতে দৰিদ্ৰতাৰ পথো মুকলি কৰিছে।
(৯) বিশ্বায়ন আৰু আধুনিকীকৰণ দুয়োটা প্রক্রিয়া প্রায় সম সাময়িকভাৱে আগবাঢ়ে।
(১০) বিশ্বায়ন পৰিৱৰ্তনৰ এক প্ৰক্ৰিয়া বুলিব পাৰি। সমগ্ৰ বিশ্বৰ ৰূপ সলনি কৰি এক ৰাষ্ট্ৰ বা সমাজ হিচাপে ই প্ৰতিষ্ঠা কৰে।
Q 3. Discuss the advantages and disadvantages of Globalization.
Ans:- বিশ্বায়নে সমগ্র বিশ্বতে এক নতুন বজাৰ নীতি প্রবর্তন কৰিছে। আধুনিক নতুন জনসংযোগ ব্যৱস্থাৰ সহায়ত বিশ্বৰ সকলো স্থানৰ মানুহৰ মাজত সংযোগ সহজ হৈ পৰাৰ লগে লগে মানুহৰ জীৱনলৈ এক নতুনত্ব আহি মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন আনিলে। সমাজৰ ৰাজনীতি, অর্থনীতি, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে পৰিৱৰ্তন সাধন কৰিছে এই বিশ্বায়নে। বিশ্বত এই বিশ্বায়নৰ প্ৰভাৱ কেনে সেইটো আলোচনাৰ বিষয়। প্রত্যেক অৱধাৰণাৰে ভাল বেয়া, সুবিধা-অসুবিধা থকাৰ দৰে বিশ্বায়নৰো কিছুমান সুবিধা-অসুবিধা আছে। তলত এইবোৰ আলোচনা কৰা হ’ল—
বিশ্বায়নৰ সুবিধা :—
(১) বিশ্বায়ন প্রক্রিয়াই বিভিন্ন ৰাষ্ট্ৰৰ মাজত এক সম্পর্ক স্থাপন কৰে। ৰাষ্ট্ৰই ভিন্ন ক্ষেত্ৰত যেনে— অর্থনীতি, ৰাজনীতি, সমাজনীতি, সংস্কৃতি আদিত যথেষ্ট পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনে দেশসমূহৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে। এনে আত্মনির্ভশীলতাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বাট মুকলি কৰিছে। এনে সম্পর্কই শান্তি প্রতিষ্ঠা ক্ষেত্রতো সহায় কৰে।
(২) বিশ্বায়ন হ’ল সমগ্ৰ বিশ্বজুৰি প্ৰক্ৰিয়া। ই সমগ্র বিশ্বকে এক সমাজ তথা ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা সহজ হৈ পৰিছে। আজি বিশ্বৰ প্ৰত্যেক প্ৰান্তৰ মানুহে অতি সহজেই পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিছে।
(৩) মানৱ সমাজ এখন বিকাশত অর্থনীতিয়ে মুখ্য ভূমিকা গ্রহণ কৰি আহিছে। বিশ্বায়ন প্রক্রিয়াই অর্থনৈতিক গতিশীলতাৰ সৃষ্টি কৰি সমগ্র বিশ্বতে এক নতুন বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰিছে। অৰ্থনীতিত হোৱা এই পৰিৱৰ্তনে সমাজৰ বিকাশৰ পথ মুকলি কৰি দিছে। গতিকে ক’ব পাৰি বিশ্বায়নে সমাজক গতিশীল কৰি তুলিছে।
(৪) বিশ্বায়নে সমগ্র বিশ্বক এক সমাজ হিচাপে প্ৰতিষ্ঠা কৰাৰ ফলত অনুন্নত দেশসমূহে উন্নত দেশসমূহৰ পৰা নতুন তথ্য-প্ৰযুক্তিৰ কৌশল, আৰ্হি আদি আয়ত্ব কৰাৰ সুযোগ পাইছে। এইবোৰ আহৰণৰ যোগেদি অনুন্নত দেশসমূহে নিজকে সমৃদ্ধশালী কৰি তুলিব পাৰিছে।
(৫) শৈক্ষিক বিকাশৰ ক্ষেত্রতো বিশ্বায়নে সহযোগিতা আগবঢ়াইছে। বিশ্বায়নে সমগ্র বিশ্বখন সংকুচিত কৰি পেলোৱাৰ ফলত বিশ্বৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজন অনুসৰি ৰাষ্ট্ৰৰ বাহিৰলৈ সহজে ওলাই গৈ শিক্ষা গ্ৰহণৰ সুবিধা পাইছে। উন্নত আধুনিক শিক্ষাৰ সম্প্ৰসাৰণ কৰি সামাজিক উন্নতিৰ পথ সুগম কৰি তুলিছে।
(৬) বিশ্বায়ন প্রক্রিয়াই মানৱ সমাজৰ পৰা কু-প্রথা, অন্ধবিশ্বাস আদি আঁতৰাই এখন মুক্ত সমাজ গঢ়ি তুলিছে। সংস্কৃতি, ৰাজনীতি, সমাজনীতি আদি সকলো দিশতে এক আধুনিকতাৰ প্রভাব আজি বিৰাজমান। ই মানৱ সমাজক সংকীর্ণতাৰ পৰা মুক্ত কৰাত সহায়
(৭) অর্থনৈতিক উন্নয়নতো বিশ্বায়নৰ প্ৰভাৱ আছে। প্রকৃততে আৰ্থিক উন্নয়ন আৰু এক বজাৰ ব্যৱস্থাই হৈছে বিশ্বায়ন। সমগ্র বিশ্বতে আজি আমদানি-ৰপ্তানি বৃদ্ধি, পুঁজিবাদী সমাজ সৃষ্টি, ঔদ্যোগিক বিকাশ আদিবোৰ সম্ভৱ হৈ পৰিছে।
বিশ্বায়নৰ অসুবিধা :―
(১) সমগ্র বিশ্বতে এক নতুন বজাৰ নীতিৰ যোগেদি মানৱ জাতিৰ সম উন্নয়নৰ বাবেই বিশ্বায়ন প্ৰক্ৰিয়াৰ সৃষ্টি হৈছিল। তথাপি ই সম্পূর্ণভাৱে নিজ লক্ষ্যত উপনীত হ’ব পৰা নাই। উন্নত প্রযুক্তিৰ সহায়ত পুঁজিবাদী দেশসমূহে কম সময়ত অধিক উৎপাদন কৰি অনুন্নত দেশসমূহৰ সমগ্ৰ বজাৰ ব্যৱস্থা দখল কৰি পেলালে। পৰিণতিত অনুন্নত দেশসমূহে উদ্যোগিক ক্ষেত্ৰত পিছ পৰিয়েই ৰ’ল আৰু আৰ্থিক উন্নয়নৰ আশা পূৰণ নহ’ল।
(২) উন্নত প্রযুক্তিবিদ্যাৰ সহায়ত পুঁজিবাদী দেশবোৰে অনুন্নত দেশ, দেশৰ প্ৰাকৃতিক সম্পদৰাজি হস্তগত কৰি অধিক মুনাফা আৰ্জনৰ উদ্দেশ্যৰে বহুজাতিক কোম্পানীসমূহ ধ্বংস হৈ পৰিছে আৰু শ্ৰমিক শ্ৰেণীটোকো সৰ্বহাৰা কৰি উপনিৱেশিকতাবাদৰ সৃষ্টি কৰিছে।
(৩) বিশ্বযুদ্ধই সমগ্র বিশ্বত এক অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছিল। এই অস্থিৰতা আঁতৰাই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ উদ্দেশ্যে World Bank, IMF আদিৰ দৰে বৃহৎ বিত্তীয় সংগঠনৰ প্ৰতিষ্ঠা হ’ল। লাহে লাহে এই প্রতিষ্ঠানসমূহে সমগ্র বিশ্বৰ বজাৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও গ্ৰহণ কৰিলে। বিশ্বায়নৰ প্ৰভাৱত তৃতীয় বিশ্বৰ দেশসমূহে বিশ্ববেংকৰ চৰ্ত অনুসৰি ঋণ গ্ৰহণ কৰোতে উন্নত দেশৰ ওচৰত তল পৰি থাকিব লগা হয়।
(৪) বিশ্বায়নে সমগ্র বিশ্বতে এক নতুন বজাৰ নীতি গ্ৰহণ কৰে। উন্নত দেশৰ পুঁজিপতিসকলে অনুন্নত দেশৰ বজাৰ দখল কৰি পেলাইছে। ইয়াৰ ফলস্বৰূপে অনুন্নত দেশৰ যি কুটীৰ আৰু ক্ষুদ্র উদ্যোগ আছিল, সেইবোৰ বিকাশ হোৱাৰ পৰিৱর্তে ধ্বংসহে হোৱা দেখা গ’ল। গতিকে ক’ব পাৰি বিশ্বায়নে অনুন্নত দেশৰ ঔদ্যোগিক ক্ষেত্ৰখন ধ্বংস কৰি পেলালে।
(৫) বিশ্বায়ন প্রক্রিয়াই কেৱল অৰ্থনীতিৰ ওপৰতে প্ৰভাৱ নেপেলায় ই সমাজৰ ৰাজনীতি, সাংস্কৃতি আদি সকলো ক্ষেত্ৰৰ ওপৰতো প্রভাৱ পেলায়। সমগ্র বিশ্বখনকে বিশ্বায়নে এখন সৰু সমাজলৈ ৰূপান্তৰ কৰে। ফলত এক মিশ্র সংস্কৃতিৰ সৃষ্টি হয়। সাংস্কৃতিক বিকিৰণ আৰু বিনিময় এক সহজ প্রক্রিয়া হৈ পৰিল। কিছু ক্ষেত্ৰত ই সহায়ক হৈছে যদিও পৰম্পৰাগত সংস্কৃতিসমূহ ক্রমান্বয়ে মানৱ সমাজৰ পৰা নোহোৱা হৈ পৰিছে। ফলত সৰু সৰু সমাজবোৰ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈ পৰিছে।
বর্তমান সমাজত দেখা দিয়া উগ্র জাতীয়তাবাদ, সাম্প্রদায়িকতাবাদ, সন্ত্রাসবাদ, সামাজিক বিঘটন, যুৱ বিশৃংখলতা, আবেগিক আৰু আত্মিক সম্বন্ধৰ অৱক্ষয়, শিক্ষাৰ অৱনতি, শ্ৰমিকৰ শোষণ, ভাষা আদিৰ ক্ষেত্ৰত বিশ্বায়নে প্রভাৱ পেলাইছে।
Q 4. গোলকীয়কৰণ বুলিলে কি বুজা? ভাৰতত গোলকীয়কৰণৰ ইতিবাচক আৰু নেতিবাচক প্রভাৱবোৰৰ সম্পৰ্কে আলোচনা কৰা। What do you mean by Globalization? Discuss about the positive and Negative affects of Globalization in India.
Ans: অর্থনৈতিক মুক্ততাৰ শেহতীয়া স্বৰূপ হ’ল বিশ্বায়ন বা গোলকীয়কৰণ। ই হ’ল উদাৰকৰণ তথা বেচৰকাৰীকৰণৰ নীতিসমূহৰ যুক্তিগত পৰিণিতি। বিশ্ব অর্থনীতিৰ লগত এখন দেশৰ অৰ্থনৈতিক সংহতপূর্ণ অৱস্থান প্রক্রিয়ায়েই হৈছে বিশ্ববিমুখীকৰণ৷ ভাৰতত বিশ্বমুখীকৰণ প্ৰক্ৰিয়া 1991 চনৰ অৰ্থনৈতিক পুনর্গঠন নীতিৰ ৰূপায়ণৰ সময়তেই আৰম্ভ হৈছিল। গভীৰ অৰ্থত, বিশ্বায়নে অর্থনৈতিক সমন্বয়ন বৃদ্ধি, অর্থনৈতিক ক্রিয়াকলাপৰ মুক্ততা বৃদ্ধি আৰু বিশ্ব অর্থনীতিত অর্থনৈতিক প্রেক্ষাপটত বিশ্বৰ দেশবিলাকৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা বৃদ্ধিক বুজায়। ই কেৱল দেশৰ চাৰিসীমা অতিক্ৰমী হোৱা অৰ্থনৈতিক লেন-দেনক নুবুজায়, লগতে ই দেশৰ ভিতৰৰ অর্থনৈতিক কার্যকলাপক অধিক মুক্ত কৰি তোলাকো বুজায়।
গোলকীকৰণৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল—
(a) বিভিন্ন দেশৰ মাজত সামগ্ৰী সেৱাৰ মুক্ত আদান প্রদানত থকা বাধা-নিষেধসমূহ হ্রাস কৰা।
(b) বিভিন্ন দেশৰ মাজত মূলধনৰ মুক্ত প্ৰৱাহৰ বাবে অনুমতি প্রদান।
(c) বিভিন্ন দেশৰ মাজত উৎপাদন প্রযুক্তি মুক্ত প্ৰৱাহৰ বাবে অনুমতি প্রদান।
(d) বিশ্বজুৰি ব্যৱসায়ৰ সম্প্ৰসাৰণ।
(ক) গোলকীয়ৰণৰ ইতিবাচক প্রভাৱ :―
(Positive impact of Globalization)
1. 1991 চনত নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতীয় অর্থনীতি বিশ্ব অর্থনীতিৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ আছিল। দ্ৰব্যৰ আমদানি, ৰপ্তানি আৰু মূলধনৰ আদান প্রদানৰ ক্ষেত্ৰত সততে সীমাবদ্ধতা আৰোপ কৰা হৈছিল। সেয়ে বৰ্হি বাণিজ্যতে ভাৰতৰ স্থান আছিল অতি দুখ লগা। সেয়েহে বিশ্বৰ বৰ্হি বাণিজ্যত ভাৰতৰ স্থান আছিল অতি দুখ লগা। 1991 চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰি বৰ্হিবাণিজ্য আৰু বিদেশী মূলধনৰ আগমনত সীমাবদ্ধতা শিথিল কৰি দিয়া বাবে দেশখনৰ বৰ্হিবাণিজ্য দোপত দোপে বৃদ্ধি পাবলৈ ধৰে আৰু ইয়াৰ পৰিণামস্বৰূপে বিশ্ব বহির্বাণিজ্যত ভাৰতৰ স্থান সলনি হবলৈ ধৰে। বিশ্ব বাণিজ্য সংস্থা [WTO] হিচাপ অনুসৰি 2006 চনত বিশ্ব বহিবাণিজ্যত ভাৰতৰ শতকৰা অংশ হ’ল 1.2 শতাংশ।
2. মূলধনৰ সৰবৰাহত সীমাবদ্ধতা আৰোপ কৰা গোলকীয়কৰণ নীতি আৰোপ কৰাৰ পূৰ্বে ভাৰতত প্ৰত্যক্ষ বিনিয়োগৰ আকাৰ আছিল তেনেই সীমিত। উদাহৰণস্বৰূপে, 1985 চনৰ পৰা 1991 চনলৈ এই 6 টা বছৰত ভাৰতলৈ প্ৰৱাহিত হোৱা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আছিল মাথো 200 নিযুত ডলাৰ। 1911 চনৰ পৰৱৰ্তী কালছোৱা ভাৰতলৈ ব্যাপক ৰূপত প্ৰত্যক্ষ বৈদেশিক পূজি প্ৰৱাহিত হৈছে। 2006 চনত ভাৰতত প্রত্যক্ষভাৱে বিনিয়োগ হোৱা পুঁজি আছিল জাতীয় আয়ৰ 2 শতাংশ।
3. গোলকীয়কৰণ নীতি গ্ৰহণ কৰাৰ পাছত ভাৰতৰ পৰা প্ৰজ্ঞাধাৰী শ্ৰমৰ বৰ্হিপ্ৰৱাহ ঘটিছে আৰু ইয়াৰ যোগেদি প্ৰৱাসী ভাৰতীয়ৰ বিনিয়োগ দেশখনৰ বৃদ্ধি পাইছে। অতি সম্প্রতি উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ অর্থনৈতিক উন্নতি বহুপৰিমাণে প্রৱাসী বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।
4. স্বাধীনোত্তৰ পৰৱৰ্তী কালত বৈদেশিক লেন-দেন পৰিশোধত ভাৰতে সদায় ঘাটিৰ সন্মুখীন হৈ আহিছিল। গোলকীয়কৰণৰ আশ্রয় লোৱাৰ পাছত বৈদেশিক লেন-দেন পৰিশোধত ভাৰতৰ অৱস্থা ক্রমশ উন্নত হ’বলৈ ধৰে। ইয়াত সহায় কৰে ভাৰতৰ ৰপ্তানি বৃদ্ধিয়ে। 1990-91 চনত ভাৰতৰ ৰপ্তানি আয়ৰ জৰিয়তে আমদানি ব্যয়ৰ মাথো 66 শতাংশ পুৰণ কৰিব পৰা হৈছিল। 2002-03 চনত ৰপ্তানি আয়ৰ যোগেদি আমদানি ব্যয়ৰ 80.3 শতাংশ পুৰণ কৰিব পৰাটো সম্ভৱ হ’ল। আনহাতে ভাৰতলৈ প্ৰত্যক্ষ বিনিয়োগৰ প্ৰৱাহ বৃদ্ধি পোৱা বাবে আৰু প্ৰৱাসী বিনিয়োগৰ আগমণ ঘটা বাবে আমদানি ব্যয়ত থকা ঘাটি পুৰণ কৰাটো সম্ভৱ হ’ল আৰু সেয়ে সামগ্রিকভাৱে বৈদেশিক লেন দেন পৰিশোধত ঘাটি উদ্ভৱ হোৱাৰ সঘনতাও কমিল।
5. গোলকীয়কৰণৰ পৰিণামস্বৰূপে উদ্যোগখণ্ডত নিয়োজিত শ্ৰমিকৰ মজুৰি বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি।
6. ভাৰতৰ কৃষিখণ্ডক গোলকীয়কৰণৰ পৰা প্ৰায় নিলগত ৰখা হৈছে যদিও কৃষিখণ্ডয়ো গোলকীকৰণৰ ইতিবাচক পৰিণাম ভোগ কৰিবলৈ সমৰ্থ হৈছে। এতিয়া ভাৰতীয় কৃষকে উৎপাদিত সামগ্রী বিদেশৰ বজাৰলৈ পঠিয়াব পৰা হ’ল আৰু বিদেশৰ পৰা উন্নত তথা অধিক উৎপাদনক্ষম বীজ আৰু সজুলি কিনি আনিব পৰা হল। উদ্যোগ গোষ্ঠীৰ লগত হোৱা কৃষক বন্ধনে কৃষিখণ্ডৰ উন্নয়নত এক নতুন পথ প্ৰশস্ত কৰিলে। তদুপৰি গোলকীয়কৰণৰ পৰিণামস্বৰূপে সম্প্ৰাসৰিত হোৱা তথ্য প্ৰযুক্তিৰ সুফলসমূহ কৃষকসকলেও ভোগ কৰিব পৰা হল। বজাৰ দৰ, বতৰ ইত্যাদি কথাবোৰ কৃষকে এতিয়া দুৰভাষ দূৰদৰ্শন, ইত্যাদি যোগে সহজে পাব পৰা হল। কৃষি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰৰ লগত প্রত্যক্ষভাৱে যোগাযোগ কৰিব পৰা হ’ল।
7. পূৰ্বতে বিদেশৰ লগত কৰা বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত অর্থনৈতিক কার্যকলাপহে প্রাধান্য লাভ কৰিছিল। কিন্তু বর্তমান গোলকীয়কৰণৰ আওহাত বাণিজ্যিক চুক্তি সম্পদান কৰিবলৈ যাওঁতে সামাজিক আৰু পৰিৱেশীয় কথাবিলাকেও প্রাধান্য লাভ কৰিছিল।
8. পূৰ্বৰ তুলনাত এতিয়া ভাৰত চৰকাৰে গোলকীয়কৰণৰ আওতাত সেৱা, বৌদ্ধিক, সম্পত্তি আৰু যোগাযোগৰ সম্পৰ্কত অধিক দায়িত্ব ল’বলগা হ’ল।
9. ভাৰত চৰকাৰে এতিয়া বিশ্বৰ বজাৰ পৰিস্থিতি চকুৰ আগত ৰাখি অর্থনৈতিক নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন আহি পৰিল। পূৰ্বতে মূলত দেশীয় অৱস্থাৰ লগত সংগতি ৰাখি অৰ্থনৈতিক নীতি প্রস্তুত কৰিবলগীয়া হৈছিল।
10. ভাৰতে প্রজ্ঞা অৰ্থনীতিৰ পথত ভৰি দিব পৰা হ’ল আৰু সেয়ে বিশ্ব জুৰি ভাৰতীয় কলা-কুশলী লোকৰ যোগান ধৰাটো সম্ভৱ হৈ পৰিল।
11. গোলকীয়কৰণে ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰিছে। গোলকীয়কৰণ পূৰ্বৰ দশকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল বছৰি 3 শতাংশ। যোৱা দশকত দেশখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ বছৰি 6 শতাংশলৈ বৃদ্ধি হয়।
12. 90 ৰ দশকত উদ্যোগখণ্ডৰ পৰা হোৱা আয় আছিল 103 বিলিয়ন ডলাৰ। যোৱা দশকত ই 287 বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।
13. দেশখনৰ ৰপ্তানি বৃদ্ধি হৈ বৈদেশিক লেন পৰিশোধৰ ঘাটি কমে। 2004-05 চনত 83.5 বিলিয়ন ডলাৰ। 2004-05 চনত ই 200 বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।
14. গোলকীয়কৰণৰ পৰিণামস্বৰূপে যোৱা দুটা দশকত দেশখনলৈ বৃহৎ আকাৰত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ আগমণ ঘটিছে। উদাহৰণস্বৰূপে 2003-04 চনত ভাৰতলৈ আগমণ ঘটা প্রত্যক্ষ বৈদেশিক বিনিয়োগ আছিল 4.3 বিলিয়ন ডলাৰ। 2003-04 চনত ই 30 বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।
15. দূৰ সংযোগ ব্যৱসায়ত ভাৰতে বিশ্বৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। 1966 চনত মোবাইল ফোনৰ গ্ৰাহক আছিল 0.3 নিযুত আৰু বৰ্তমান 250 নিযুত।
16. গোলকীয়কৰণৰ পৰিণামস্বৰূপে দেশখনত খুচুৰা ব্যৱসায়ৰ দ্রুত সম্প্ৰাসৰণ ঘটিছে। উদাহৰণস্বৰূপে 2010 চনত দেশ খনত বহুজাতিক Shopping Mall আছিল 200। 2015 চনত ইয়াৰ সংখ্যা 715 লৈ বৃদ্ধি হোৱাৰ কথা।
17. দুচকীয়া বাহনৰ বজাৰত বিশ্বৰ ভিতৰতে ভাৰতে দ্বিতীয়, যান বাহনৰ বজাৰত চতুৰ্থ আৰু যাত্রীবাহী যানৰ বজাৰত একাদশ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।
18. টিভি বজাৰ গ্ৰাহকৰ প্ৰৱেশ বৃদ্ধিৰ হাৰ আছিল 1991 চনত 204 শতাংশ 2009 চনত ই 90 শতাংশলৈ বৃদ্ধি পায়। সকলোবোৰ চহৰত আৰু প্ৰায়বোৰ গাঁৱত Internet সেৱা উপলব্ধ হৈছে।
19. দূৰ সংযোগ আৰু Software উদ্যোগ দ্রুত বিকাশ লাভ কৰিছে। ভাৰতীয় কথাছবিয়ে বিশ্ব জুৰি প্ৰসাৰতা লাভ কৰিছে।
20. গোলকীয়কৰণ শিক্ষা খণ্ডত যথেষ্ট প্রভাৱ পেলাইছে। এটা দশকৰ পূৰ্বে উচ্চ শিক্ষাত প্ৰৱেশৰ হাৰ আছিল মুঠ শিক্ষাৰ্থীৰ 10 শতাংশৰো কম। সম্প্ৰতি ই 20 শতাংশৰ কাষ চাপিছে।
(খ) গোলকীয়ৰণৰ নেতিবাচক প্রভাব :―
(Negative impact of Globalization)
1. অর্থনৈতিক বৈষম্য বৃদ্ধি পাইছে। বজাৰ অর্থনীতিৰ উত্থানৰ জৰিয়তে মধ্যবিত্ত শ্রেণী এটাৰ জন্ম হোৱা বাবে আয় বিতৰণৰ অসমতা বৃদ্ধি পাইছিল। 15 বছৰৰ পূৰ্বে মুঠ পৰিয়ালৰ 5 শতাংশ আছিল মধ্যবিত্ত আৰু বৰ্তমান 30 শতাংশ
2. দৰিদ্ৰতা নিবাৰণত বিশেষ প্রভাৱ পেলাব পৰা নাই। কাৰণ দেশ খনত স্বাধীনতাৰ সময়ত 50 শতাংশ লোক দৰিদ্র সীমাৰেখাৰ তলত আছিল আৰু এতিয়াও টেণ্ডুলকাৰ কমিটিৰ প্রতিবেদন অনুসৰি 30 শতাংশ লোক দৰিদ্ৰতা সীমাৰেখাৰ তলত যোৱা 20 বছৰে এই সংখ্যাটোৰ বিশেষ হীন দেৰি হোৱা নাই।
3. গোলকীয়কৰণ নিয়োগ বৃদ্ধিৰ সহায় কৰিব পৰা নাই। এতিয়াও এক বৃহৎ সংখ্যক লোক নিবনুৱা হৈ আছে। আৰু আন বৃহৎ সংখ্যকে অসংগঠিত খণ্ডত অর্ধনিৱনুৱা আৰু ছদ্মবেশী নিৱনুৱা হিচাপে নিযুক্তি লাভ কৰিছে। উদ্যোগখণ্ডৰ বিকাশে নিয়োগ সুবিধা বৃদ্ধি কৰিব পৰা নাই।
4. গোলকীয়কৰণে উদ্যোগখণ্ডৰ বিকাশ দ্রুততৰ কৰি তুলিব পৰা নাই। দেশখনৰ জাতীয় আয়লৈ থকা বৰঙনিৰ ক্ষেত্ৰত উদ্যোগখণ্ডৰ অগ্রগতি মাথো 27 শতাংশ। বিগত 50 বছৰৰ প্ৰচেষ্টাৰ অন্তত ইয়াক মাথো 15 শতাংশৰ পৰা 27 শতাংশলৈ বৃদ্ধি কৰাটো সম্ভৱ হ’ল।
5. কৃষিখণ্ডৰ ওপৰতো গোলকীয়কৰণৰ প্ৰভাৱ আশাপ্ৰদ বুলি কব নোৱাৰি। কিয়নো স্বাধীনতাৰ সময়ত দেশখনৰ জাতীয় আয়লৈ কৃষিখণ্ডৰ বৰঙণি আছিল 50 শতাংশ আৰু ইয়াত 70 শতাংশ মানুহে নিৰ্ভৰ কৰিছিল। বৰ্তমানত জাতীয় আয়লৈ কৃষি খণ্ডৰ বৰঙণি 15 শতাংশ বৰঞ্চ এতিয়াও 67 শতাংশ লোক এই কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। গতিকে গোলকীয়কৰণে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা নাই। গতিকে গোলকীয়কৰণে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা নাই। ই কৃষি উৎপাদিকা শক্তি নিম্ন হৈ থকা আৰু কৃষিখণ্ডত ব্যাপক ৰূপত ছদ্মবেশী নিৱনুৱা থকাটো প্রমাণ কৰে।
6. গোলকীয়কৰণে ভাৰতীয় অর্থনীতিক পৰমুখাপেখী কৰি তুলিলে। এহাতে এক বৃহৎ সংখ্যক ভাৰতীয় লোকৰ কর্মসংস্থাপন হ’ল উন্নত দেশৰ Outsourcing আৰু এক বৃহৎ অংকৰ মূলধন আহে বিদেশৰ পৰা । সংকট কালত এনে নিৰ্ভৰশীলতা বিপদৰ কাৰণ হৈ পৰে।
7. বহুজাতিক সংস্থাৰ আগমণে খুচুৰা ব্যৱসায় আৰু কৃষিখণ্ডৰ উন্নতি ভীতিগ্ৰস্ত কৰি তুলিছে। এই দুটা খণ্ডত বহুজাতিক প্ৰতিষ্ঠানৰ প্রৱেশে এহাতে নিবনুৱা আৰু আনহাতে বৈষম্য বৃদ্ধি কৰিব।
8. গোলকীয়কৰণৰ এটা প্রধান বৈশিষ্ট্য হল যে Special Economic Zoneৰ উপস্থিতি। এনে অঞ্চলত উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত থকা দেশীয় নীতি-নিয়ম শিথিল কৰি দিয়া হয়। পৰিণামস্বৰূপে এহাতে ই প্রাকৃতিক সম্পদসমূহৰ অবহনক্ষম মাত্ৰাত ব্যৱহাৰ হোৱাত আৰু শ্ৰমিকৰ শোষণ কৰাত সহায় কৰে। ই ভাৰতৰ সাৰ্বভৌমত্বক আঘাত কৰি নিজা এক সার্বভৌম স্থিতি গঢ়ি তোলে।
9. গোলকীয়কৰণৰ জৰিয়তে ভাৰতীয় অর্থনীতিৰ অৰিহণা বৃদ্ধি পাইছে। বজাৰ অৰ্থনীতৰ সূত্ৰৰে পৰিচালিত হোৱা বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ভৱ হোৱা মন্দাৱস্থাই ভাৰতীয় অর্থনীতিকো জোকাৰি গৈছে। বৰঞ্চ ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ চৰকাৰৰ হাতত পূৰ্বৰ দৰে ৰাজকোষীয় আৰু মৌদ্রিক ঢাল তৰোৱাল নিচেই কম। কাৰণ ভাৰতে এতিয়া গোলকীয়কৰণৰ আওটাত মুক্ত বজাৰ নীতি গ্ৰহণ কৰিছে।
10. গোলকীয়কৰণৰ পৰিণামস্বৰূপে ঔদ্যোগিক মূলধনৰ কেন্দ্ৰীয়কৰণ হৈছে। অর্থাৎ উৎপাদনৰ আহিলা আৰু মূলধনসমূহ গোষ্ঠী বিশেষৰ হাতত কেন্দ্রীভূত হৈছে। পূৰ্বতে পুঁজিপতিৰ হাতত উৎপাদনী আহিলাসমূহ থুপ খাইছিল আৰু সম্প্রতি সেয়া হৈছে বহুজাতিক কোম্পানীৰ হাতত। উন্নয়নশীল দেশত কৰ্মৰত অৱস্থাত থকা এনে বহুজাতিক কোম্পানী আছে যাৰ বাৰ্ষিক আয় সংশ্লিষ্ট উন্নয়নশীল দেশৰ জাতীয় আয়তকৈয়ো বেছি। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে এনে ২০০ বহুজাতিক কোম্পানী আছে যাৰ মুঠ আয়ৰ এক তৃতীয়াংশৰ সমান।
11. গোলকীয়কৰণে অসংগঠিত খণ্ডত নিয়োগ বৃদ্ধি কৰিছে। যদিও সেই অনুপাতে শ্রমিকৰ সা-সুবিধা বৃদ্ধি কৰিব পৰা নাই। বৰঞ্চ নিয়োগকাৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পৰাকৈ নিয়োজনৰ পৰিৱেশহে চহকী কৰিছে। আনহাতে এই অনানুষ্ঠানিক খণ্ডটো শ্রমিক আইনৰ অধীন নহয়। সেয়ে এই খণ্ডৰ শ্ৰমিকে বছেৰেকেত কিমান দিন কাম কৰিব, দিনে কেই ঘণ্টা কাম কৰিব সেয়া নিয়োগকাৰীৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে গোলকীয়কৰণে অসংগঠিত খণ্ডত নিয়োজিত শ্ৰমিকৰ দুখ-দুর্দশা আৰু ক্ষতিৰ আশংকা বৃদ্ধি কৰিছে।
12. গোলকীয়কৰণৰ অশুভ পৰিণাম কৃষি শ্রমিকৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। কাৰণ গোলকীয়কৰণৰ আওটাত কৃষিজাত দ্ৰৱ্যৰ চাহিদা বৃদ্ধি পাইছে। বর্ধিত চাহিদা পূৰণ কৰিবলৈ যাওঁতে কৃষি শ্রমিকৰ ওপৰত কামৰ বোজা বাঢ়িছে। কিন্তু সেই অনুপাতে শ্ৰমিকৰ মজুৰি আৰু আনুষাংগিক সা-সুবিধা বৃদ্ধি পোৱা নাই।
13. গোলকীয়কৰণৰ লগে লগে বিদেশী দ্রব্যই ভাৰতীয় বজাৰ দখল কৰিছে। অধিক বস্তু আৰু সা-সুবিধাৰ উপস্থিতিত অভাৱো বাঢ়ে, লগতে বাঢ়ে পছন্দ পৰিসৰ। এই সকলোবোৰ মিলি এক ভোগবহুল সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। ইয়াৰ পৰিণামস্বৰূপে অৱনতিৰ মাত্ৰা বৃদ্ধি পাইছে।
Q 5 . Discuss the merits and demerits of Globalization in India.
Ans:- বিশ্বায়ন এক অবিৰত প্ৰক্ৰিয়া । উচিত দিশত ইয়াক গ্ৰহণ কৰিব পাৰিলে বিশ্বৰ সকলোৰে উন্নয়ন সম্ভৱ। ভাৰতবৰ্ষৰ বাবে বিশ্বায়নৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূর্ণ। তলত বিশ্বায়নৰ সুবিধাবোৰ আলোচনা কৰা হ’ল―
(i) বিশ্বায়ন অপৰিহাৰ্য :
অনুন্নত অথবা উন্নয়নশীল দেশবোৰৰ বাবে বিশ্বায়ন অতি প্রয়োজনীয়। পৰম্পৰাগত ভাৰতীয় সমাজক ৰক্ষণশীলতাই গৰিমাহীন কৰি তুলিছিল। বিংশ শতিকাৰ পৰা আৰম্ভ হোৱা বিশ্বায়ন প্রক্রিয়াই ভাৰতীয় সমাজক সলনি কৰি পেলালে। মুক্ত বজাৰ ব্যৱস্থাই ভাৰতৰ অর্থনীতিক সৱল কৰি তুলিলে। ভাৰততো বিদেশী কোম্পানীসমূহে বিনিয়োগ কৰিবলৈ সুবিধা পালে এই বিশ্বায়নৰ বাবেই।
(ii) সন্ত্ৰাবাদৰ পৰা সুৰক্ষা :
ভাৰতবৰ্ষৰ বিভিন্ন জাতি উপজাতিৰে সংগমস্থল। নিজৰ নিজৰ পৰম্পৰা সংস্কৃতি আদি ভিন্ন হোৱা দেখা যায়। বিভিন্ন কাৰণবশত ভাৰতত পূৰ্বৰে পৰা সন্ত্রাসবাদ চলি আহিছে। বিশ্বায়নৰ প্ৰভাৱত বৰ্তমান ভাৰতীয় চৰকাৰক এই সন্ত্রাসবাদ নির্মূলৰ বাবে সহায় কৰি আহিছে
বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই।
(iii) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণ :
ভাৰত কৃষিপ্রধান দেশ। কৃষিপ্রধান দেশ হ’লেও পৰম্পৰাগতভাৱে কৃষি কাৰ্য চলাই আহিছে বাবে উৎপাদন অতি সীমিত হোৱা দেখা যায়। বৃত্তি অৱলম্বনৰ ক্ষেত্ৰতো জাতিয়ে বাধা-নিষেধ আৰোপ কৰিব আহিছে। সেয়ে ভাৰতীয় অর্থনীতি পিছপৰা। বিশ্বায়নে এই অর্থনীতিত পৰিৱৰ্তন আনিলে। মুক্ত বজাৰ ব্যৱস্থাৰ বাবেই ভাৰতে উৎপাদিত সামগ্ৰীৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় বজাৰ লাভ কৰিলে।
(iv) শান্তিপূর্ণ সামাজিক পৰিৱেশ :
বৈদেশিক ৰাষ্ট্ৰৰ লগত সঘনে ভাৰতৰ সংঘর্ষ চলি থাকে। বিশেষকৈ চীন পাকিস্তান আদিৰ লগত বিবাদ চলি থাকে। ইয়াৰ উপৰিও আভ্যন্তৰীণ কাৰণতো ভাৰতৰ সামাজিক পৰিৱেশ বিনষ্ট হোৱা দেখা যায়। বিশ্বায়ন প্রক্রিয়াই ৰাষ্ট্ৰসমূহৰ মাজত আন্তনিৰ্ভৰশীলতা বৃদ্ধি কৰে। যাৰ ফলত শান্তিপূর্ণ সামাজিক পৰিৱেশ ঘুৰি আহে।
(v) শৈক্ষিক বিকাশ :
শিক্ষাৰ দিশত ভাৰত যথেষ্ট পিছপৰা। আধুনিক শিক্ষাৰ সম্প্ৰসাৰণ ভাৰতে স্বাধীনতাৰ পিছৰ পৰাহে লাভ কৰিলে। শৈক্ষিক বিশ্বায়নে ভাৰতীয় সমাজৰ শিক্ষা ব্যৱস্থাত বিপ্লৱ আনিলে। ভাৰতীয় শিক্ষার্থীয়ে আজি সহজে বিশ্বৰ ভিন্ন প্ৰান্তত গৈ শিক্ষা লাভ কৰিব পাৰিছে। বিদেশী শিক্ষানুষ্ঠানেও ভাৰতত শিক্ষানুষ্ঠান আৰম্ভ কৰিব পাৰিলে। শৈক্ষিক আদান-প্রদানে ভাৰতক উন্নতিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিলে।
(vi) সংস্কৃতিৰ বিকাশ :
সাম্প্ৰতিক আমাৰ আজি এক মিশ্র সংস্কৃতি আছে। বিশ্বায়নৰ বাবেই আজি ভাৰতে সংস্কৃতিৰ আদান-প্রদানৰ মাজেদি সমৃদ্ধিশালী হ’ব পাৰিছে।
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে বিশ্বায়নৰ প্রক্রিয়াই ভাৰতবৰ্ষৰ আর্থিক, সামাজিক, শৈক্ষিক, ৰাজনৈতিক আদি সকলো দিশতে উন্নয়ন সাধন কৰিব পাৰিলে। বিশ্বায়নৰ বাবে আজি ভাৰতে বিশ্বৰ অন্যান্য দেশৰ লগত সমানে আগবাঢ়িব পাৰিছে। বিশ্বায়নৰ এই সুবিধাবোৰ আছে যদিও ইয়াৰ কিছুমান অসুবিধাও পৰিলক্ষিত হয়। তলত এইবোৰ আলোচনা কৰা হ’ল—
(i) সমাজবাদী আদৰ্শৰ পতন :
স্বাধীনতাৰ পিছত ৰচনা হোৱা সংবিধানে ভাৰতক সমাজবাদী ৰাষ্ট্ৰ হিচাপে অভিহিত কৰিছিল। কিন্তু লাহে লাহে বিশ্বায়নৰ প্ৰভাৱ বাঢ়ি দেশখনক সাম্রাজ্যবাদী দেশ হিচাপে প্রতিষ্ঠা কৰিলে।
(ii) ব্যক্তিগত খণ্ডৰ উত্থান :
বিশ্বায়নে প্রসাৰণ ঘটোৱা মুক্ত বজাৰৰ প্ৰভাৱ ভাৰততো পৰিল। অর্থনৈতিক বিশ্বায়নে ব্যক্তিগত খণ্ডক অগ্ৰাধিকাৰ দিলে। যাৰ ফলত পূৰ্বতে ভাৰতত শৈক্ষিক, স্বাস্থ্য, পৰিবহণ আদিত থকা ৰাজহুৱা খণ্ডৰ অৱসান ঘটাই ব্যক্তিগত খণ্ডই পৰিচালনা কৰিবলৈ ল’লে। এই ব্যবস্থাই ভাৰতীয় সমাজত ধনী-দুখীয়া শ্ৰেণীৰ সৃষ্টি কৰিলে।
(iii) মূল্যবৃদ্ধি :
ভাৰতলৈ বিদেশৰ পৰা আমদানি কৰি অনা কেঁচামালৰ ওপৰত বহিঃৰাষ্ট্ৰই উচ্চ হাৰত শুল্ক লগোৱাৰ বাবে আৰু ভাৰতৰ বজাৰত মধ্যভোগীৰ উত্থান হোৱাৰ ফলত দ্রব্য সামগ্ৰীৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পাইছে। যাৰ ফলত দৰিদ্ৰ ভাৰতে বহু কষ্ট ভুগিবলগা হৈছে।
(iv) ৰপ্তানি হ্রাস :
ভাৰতত উৎপাদিত সামগ্ৰীৰ নাম উন্নত ৰাষ্ট্ৰসমূহৰ উৎপাদিত সামগ্ৰীসমূহৰ লগত ফেৰ মাৰিব নোৱাৰা অৱস্থা, বর্ধিত বাণিজ্যিক শুল্ক আদিৰ বাবে ভাৰতৰ ৰপ্তানিকৃত দ্ৰব্যৰ পৰিমাণ হ্রাস পাইছে।
(v) স্থানীয় সংস্কৃতিৰ অৱমূল্যান :
পূৰ্বৰে পৰা ভাৰত সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট চহকী। ভাৰতৰ সংস্কৃতি বাৰেবৰণীয়া কিয়নো ইয়াত বহুতো জাতি উপজাতিৰ সংমিশ্রণ ঘটিছে। কিন্তু বিশ্বায়নৰ প্ৰভাৱত ভাৰতৰ পৰম্পৰাগত সংস্কৃতিৰ অৱমূল্যায়ন ঘটিছে। বর্তমান ব্যক্তিবাদ, ভোগবাদ আদিয়ে পূর্বৰ সাংস্কৃতিক মূল্যবোধ নোহোৱা কৰিছে।
(vi) নিবনুৱা সমস্যা বৃদ্ধি :
অর্থনৈতিক বিশ্বায়নে ভাৰতৰ বাণিজ্য গ্ৰাস কৰি লৈছে। ভাৰতত উৎপাদিত সামগ্ৰীৰ পৰিমাণ কমি আহিছে। স্থানীয় উদ্যোগসমূহ লাহে লাহে বন্ধ হৈ আহিছে। ফলত ভাৰতত নিবনুৱাৰ সংখ্যা বাঢ়ি আহিছে।
Q 6. Discuss the Role of information and Communication Technology in Globalization.
Ans: বিশ্বায়নৰ সাধাৰণ অৰ্থ হ’ল সমগ্র বিশ্বকে এক উন্নত আৰু সৰু সমাজ হিচাপে প্ৰতিষ্ঠা কৰা প্ৰক্ৰিয়া। এই সৰু বা সৰু ৰাষ্ট্ৰখন সকলো ফালৰ পৰাই উন্নত হোৱা বাঞ্ছনীয়। বর্তমান সময়ত একোখন সমাজৰ উন্নতিৰ দিশটোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া দেখা যায়। এই উন্নয়নৰ লগত সামাজিক আৰু অর্থনৈতিক এই দুয়োটা দিশেই জড়িত হৈ আছে। সেয়ে আধুনিক সমাজ চিন্তাবিদসকলে উন্নয়নৰ কথা চিন্তা কৰোতে এই দুয়োটা দিশৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়।
এই উন্নয়ন অৱধাৰণাটোৰ লগত ওতঃপ্রোতভাবে জড়িত হৈ আছে যোগাযোগ আৰু প্ৰযুক্তিবিদ্যা। এই দুই ব্যবস্থাই এখন সমাজৰ উন্নয়নৰ জোৰ দিব পাৰে।
যোগাযোগ হ’ল এক যান্ত্রিক পদ্ধতি যিটোৰ জৰিয়তে এখন পৰম্পৰাগত সমাজে উন্নয়নৰ বিভিন্ন স্তৰলৈ যাব পাৰে। এই ব্যৱস্থাৰ জৰিয়তেই এখন সমাজে উন্নয়নৰ বিভিন্ন স্তৰলৈ যাব পাৰে। এই ব্যৱস্থাৰ জৰিয়তেই এখন সমাজৰ বিকাশৰ মাপ নির্ণয় কৰিব পাৰে। বিশ্বায়ন প্ৰক্ৰিয়াত ইয়াৰ ভূমিকা মন কৰিবলগীয়া। বিশ্বায়ন আৰু যোগাযোগ আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰিবলৈ যোৱাৰ আগতে আমি এই দুয়োটা ধাৰণাৰ বিষয়ে অৱগত হ’ব লাগিব।
বিশ্বায়নৰ জৰিয়তেই এখন সমাজৰ বিকাশৰ মাপ নির্ণয় কৰিব পাবে। বিশ্বায়ন প্রক্রিয়াত ইয়াৰ ভূমিকা মন কৰিবলগীয়া। বিশ্বায়ন আৰু যোগাযোগ আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাজত সম্পর্ক ব্যাখ্যা কৰিবলৈ যোৱাৰ আগতে আমি এই দুয়োটা ধাৰণাৰ বিষয়ে অৱগত হ’ব লাগিব।
যোগাযোগৰ ধাৰণা বৰ্তমান সকলোৰে চিনাকি। সাধাৰণ অৰ্থত যোগাযোগ বুলিলে দুজন ব্যক্তিৰ মাজত বিনিময় হোৱা ধাৰণা, দৃষ্টিভংগী আদিক বুজোৱা হয়।
গোল্ড আৰু ক’বৰ মতে, যোগাযোগ এক প্ৰক্ৰিয়াৰ কথা সূচায় য’ত এজন বার্তাবাহকে এই বার্তা কোনো ব্যৱস্থা বা বাহনৰ যোগেদি কোনো প্ৰহীতালৈ প্ৰেৰণ কৰে আৰু যি পৰিমাণ বা ফলাফল উদ্ভৱ কৰে।
“Communication denotes a process in which an initiator emits or sends a massage via some vehicle to some recipient and produces an effect.”- Gould and Kolb.
কুপুস্বামীৰ মতে, যোগাযোগ হ’ল মানৱ আন্তঃক্রিয়াৰ প্ৰাচীৰ ভংগ কৰা এক আহিলা। ই এক পাৰস্পৰিক বুজাবুজিত উপনীত হোৱাৰ এক আহিলা।’
Communication is a means for breaking down the barriers to human interaction. It is a means for achieving mutual understanding বাবে যোগাযোগক এক সামাজিক প্রক্রিয়া বুলি অভিহিত কৰিছে, যি মানৱ সমাজত তথ্যৰ সম্প্ৰসাৰণ, জ্ঞান আৰু ধাৰণাৰ বিস্তাৰ কৰে আৰু স্ব-আত্মাক চিন্তনৰ বৃদ্ধি আৰু হৃদয়ংগম কৰোৱায়।
“Communication refers to a social process the flow of information, the circulation of knowledge and ideas in human society, the propagation and internalization of thought”- Rao
ওপৰৰ সংজ্ঞাৰ পৰা যোগাযোগ সম্পর্কে জানিব পৰা হ’ল। ইয়াৰ লগতে থকা প্ৰযুক্তিবিদ্যাৰ অৰ্থ সম্পৰ্কে তলত আলোচনা কৰা হ’ল।
বৰ্তমানৰ সময় হ’ল প্রযুক্তিৰ সময়। বৰ্তমান মানুহৰ প্ৰতি খোজতে প্ৰযুক্তিৰ সহযোগৰ প্ৰয়োজন। প্রযুক্তিবিদ্যা মানে কৌশলগত অধ্যয়ন। চমু অৰ্থত বস্তুবাদী সংস্কৃতির অন্তর্ভুক্ত সকলোবোৰ দিশক অধ্যয়ন কৰাকে বুজায়। বিজ্ঞানৰ ফলাফলেই হ’ল প্ৰযুক্তিবিদ্যা। মানুহে নিজৰ সমস্যা সমাধান কৰিবলৈ আৰু প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্যৰে সম্পদসমূহ সামৰি প্ৰয়োজনীয় দ্রব্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা জ্ঞানকেই প্রযুক্তিবিদ্যা বোলা হয়।
সমাজতত্ববিদ বিড় বেহনৰ মতে, প্রযুক্তিবিদ্যাই যন্ত্ৰ-পাতি, অস্ত্র, বাদ্যযন্ত্ৰ, ঘৰ-দুৱাৰ, সাজ-পাৰ, যোগাযোগ আৰু যাতায়াতৰ সঁজুলি ইত্যাদি। যিবোৰ আমি নিৰ্মাণ আৰু ব্যৱহাৰ কৰো, সেই সকলোবোৰ সামৰি লয়।
Technology includes all tools, machines, utensils, weapons, instruments, housing, clothing, communicating and transporting devices and the skills by which we produce and use them.”- Read Bain.
The Merriam Webster Dictionary ত প্রযুক্তিবিদ্যাৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে— প্রযুক্তিবিদ্যা হৈছে ব্যৱহাৰিক প্ৰয়োগৰ জ্ঞান বিশেষকৈ কিছুমান বিশেষ ঠাইত ইয়াক প্ৰয়োগ কৰা হয়।
Technology is the practical application of knowledge especially in a particular area and a capability given by the practical application of knowledge.
প্রযুক্তিবিদ্যা হৈছে এক কৌশল। সাম্প্রতিক সময়ত যোগাযোগ মাধ্যম হিচাপে প্রযুক্তিবিদ্যাৰ উন্নতিয়ে সমগ্ৰ বিশ্বৰ মাজত সংযোগ ব্যৱস্থা সহজ মনত সচেতনতা বৃদ্ধি কৰা, ৰাজনৈতিক অংশগ্রহণ বৃদ্ধি আৰু কৃষি ক্ষেত্ৰত নতুন কৌশল প্রয়োগত মানুহক অগ্রাহান্বিত কৰি তোলে। ই মানুহৰ ব্যক্তিগত আয় বৃদ্ধি কৰি জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ প্ৰচেষ্টা কৰে। যোগাযোগ আৰু প্ৰযুক্তিবিদ্যাই সমাজলৈ নতুন ধাৰণা, ফেশ্বন, পোছাক, গৃহসজ্জা, আমোদ-প্রমোদৰ সুবিধা ৰাজৈনতিক বিশ্বাস আদি কঢ়িয়াই আনে। মুঠৰ ওপৰত এখন সমাজক আধুনিক কৰি তোলাত ইয়াৰ প্ৰভাৱ অপৰিসীম। গতিকে আমি ক’ব পাৰো যোগাযোগ আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা বিশ্বায়নৰ ওপৰত যথেষ্ট গুৰুত্বপূর্ণ।
Q 7. Discuss the impact of Globalization on sociocultural aspects of India.
Ans: ভাৰতবৰ্ষ এখন পৰম্পৰাগতভাৱে ধৰ্ম-জাতি আদিৰ ভেটিত নির্ভৰশীল দেশ। ভাৰতবৰ্ষৰ বিভিন্ন জাতি-ধর্ম, জনজাতি, বর্ণ, সম্প্ৰদায় আদিয়ে বাস কৰি আহিছে। এই সকলোবোৰ সমাজ-সংস্কৃতি, জীৱনশৈলী পৃথক ধৰণৰ। ভাষা-সংস্কৃতি-ধর্ম-প্রতিমান এই সকলো ফালৰ পৰা ভাৰত এখন বৈচিত্রপূর্ণ দেশ। এনে বৈশাদৃশ্য তথা পার্থক্য থাকিলেও ভাৰতবৰ্ষ এখন দেশ হিচাপে এই সকলোবোৰ সামৰি থিয় হৈ আছে। সেয়ে বিচিত্ৰতাৰ মাজত একতা ভাৰতীয় সমাজৰ প্ৰধান বৈশিষ্ট্য। ইয়াৰ বিশ্বায়নৰ প্ৰভাৱ মন কৰিবলগীয়া। এই প্ৰভাৱৰ বাবেই ইমান ভিন্নতা থকা স্বত্ত্বেও ‘আমি’ ভাবেৰে ভাৰতীয় সমাজে নিজৰ বৈচিত্ৰতা অক্ষুন্ন ৰাখিছে।
জাতি-ব্যৱস্থা ভাৰতীয় সমাজৰ এক পৰম্পৰাগত সংগঠন। ভাৰতবৰ্ষখন জাতিৰ ওপৰত নিৰ্ধাৰিত। ৰক্ষণশীল সংস্তৰণৰ ওপৰত ভিত্তি কৰি ভাৰতীয় লোকে জীৱন নিৰ্বাহ কৰি আহিছে। জন্মৰ জৰিয়তে এই জাতি লাভ হয়। অর্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে এই জাতিৰ প্ৰভাৱ দেখা যায়। অর্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে এই জাতিৰ প্ৰভাৱ দেখা যায়। লাহে লাহে অৱশ্যে বিশ্বায়নৰ প্ৰভাৱে জাতি ৰক্ষণশীলতা আৰু জটিলতা কমাই আনিলে। অর্থনৈতিক বিশ্বায়নেও ভাৰতীয় সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন আনিলে। কৃষিভিত্তিক ভাৰতীয় সমাজত পৰম্পৰাগত পদ্ধতিৰেই কৃষি কাৰ্য কৰি চলিছিল। লগতে বিভিন্ন প্রতিমান আৰু জাতি ব্যৱস্থাই ভাৰতীয় অর্থনীতিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল। যাৰ বাবে অর্থনীতিয়ে উন্নতি লাভ কৰিব পৰা নাছিল। কিন্তু বিশ্বায়নে উদ্যোগীকৰণৰ প্ৰসাৰ আৰু মুক্ত বজাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰাৰ লগে লগে ভাৰতীয় অর্থনীতিত পৰিৱর্তন আহিল। মানুহেও নিজৰ ইচ্ছা অনুসৰি পৰম্পৰাগত বৃত্তি ত্যাগ কৰি গ্ৰহণ কৰিব পৰা হ’ল। কৃষি অর্থনীতিতো নতুন প্রযুক্তিবিদ্যাৰ প্ৰয়োগেৰে উন্নত মানৰ আৰু অধিক উৎপাদন সম্ভৱ হ’ল। বিশ্বায়নৰ প্ৰভাৱৰ বাবেই ভাৰতীয় সমাজলৈ বিদেশৰ কোম্পানীবোৰ অহাৰ সুযোগ পালে। বৈদেশিক মুদ্রা বিনিময়ৰ ই এক প্রধান সুযোগ উদ্যোগীকৰণৰ লগে লগে নগৰীকৰণ প্ৰক্ৰিয়াও বিকাশ লাভ কৰিলে। নগৰীকৰণৰ ফলস্বৰূপে সমাজত মানুহৰ মাজত চাল-চলন, খোৱা-বোৱা, আহ-যাহ আদিত সকলোৰে সঘন যোগাযোগ হ’ল। এই প্রক্রিয়া সমগ্ৰ ভাৰতবৰ্ষৰ সমাজ সংস্কৃতিৰ পৰিৱৰ্তন ঘটালে। পৰম্পৰাগত ভাৰতীয় সমাজৰ যুটীয়া পৰিয়াল পদ্ধতিৰ সলনি আনৱিক পৰিয়ালৰ সৃষ্টি হ’ল। বাসস্থানৰ অভাৱ ব্যক্তিবাদ, আত্মপৰিচয়, প্ৰস্থিতিৰ সচেতনতা এইবোৰৰ বাবেই সমাজত আনকি পৰিয়ালৰ সৃষ্টি হ’ল।
যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ লাহে লাহে উন্নত হ’ব ধৰিলে। ইয়াৰ ফলত ভাৰতবৰ্ষৰ লগত বাহিৰৰ পৃথিৱীখনৰ সঘন যোগাযোগ সম্ভৱ হৈ পৰিল। যাৰ পৰিণতিত ৰক্ষণশীল ভাৰতীয় সমাজৰ পূৰ্বৰ কু-সংস্কাৰবোৰ নোহোৱা হৈ পৰিল। ভিন্ন সমাজৰ লগত সংযোগ স্থাপনে এক সংমিশ্ৰণ সংস্কৃতিৰ সৃষ্টি হ’ল। ভাৰতীয় মানুহৰ সমগ্ৰ জীৱনশৈলীতে এক আমূল পৰিৱৰ্তন ঘটিল।
পূৰ্বৰ তুলনাত নাৰী প্ৰস্থিতিৰ উন্নতিকৰণত বিশ্বায়নৰ প্ৰভাৱ মন কৰিবলগীয়া। আধুনিক শিক্ষাৰে শিক্ষিত আজিৰ নাৰীয়ে পুৰুষৰ সমানে সমাজৰ সকলো দিশতে আগবাঢ়িব পৰা হ’ল।
ভাৰতীয় সমাজ দৰ্শন আজি সমগ্র পৃথিৱীয়ে আঁকোৱালি ল’ব পৰা হৈছে। ইয়াৰ কাৰণ এই বিশ্বায়ন প্রক্রিয়া। বিশ্বায়নৰ বাবেই ভাৰতীয় সভ্যতা সংস্কৃতি আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ’ব পাৰিছে। ভাৰতীয় সাহিত্য আজি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। এইবোৰৰ লগে লগে কিছুমান অ-সংস্কৃতিও আমাৰ সমাজলৈ আহিছে। বিভিন্ন অপবাধ বৃদ্ধি পাইছে আমাৰ সমাজত পৰম্পৰাগত সংস্কৃতি বৃহত্তৰ সমাজৰ সংস্কৃতিৰ বুকুত হেৰাই গৈছে আৰু ফলত সৰু সৰু জনজাতি গোষ্ঠীৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উঠিছে আৰু ইয়াৰ পৰিণতিত বিভিন্ন আন্দোলনৰ সূত্ৰপাত হৈ সমাজৰ বিশৃংখল হৈ পৰিছে। পূৰ্বৰ পৰিয়াল, স্বজন সমূহ আদিত থকা নিয়ন্ত্ৰবোৰ লাহে লাহে ব্যক্তিবাদী ভাৱবাদীৰ মাজত হেৰাই উচ্ছৃংখলতা বৃদ্ধি পাইছে।
ভাৰতীয় সমাজত থকা বিভিন্ন কু-সংস্কাৰ যেনে পর্দা প্রথা, বাল্য বিবাহ, বিধবাৰ পুনৰ বিবাহত বাধা, সতীদাহ প্রথা, এইবোৰত বাধা আহিল আৰু সমাজৰ পৰা লাহে লাহে আঁতৰি গ’ল৷ এইদৰে ভাৰতীয় সমাজ-সংস্কৃতিৰ দিশত বিশ্বায়নৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱেই পৰা দেখা যায়। নেতিবাচক প্রভাৱবোৰ থাকিলে সাম্প্রতিক সমগ্ৰ বিশ্বৰ লগত সমানে খোজ মিলাই আগবাঢ়িবলৈ হ’লে বিশ্বায়ন প্রদান আহিলা। বিশ্বায়নে ভাৰতীয় সমাজৰ আর্থিক, সামাজিক, ৰাজনৈতিক আদি সকলো দিশতে উন্নয়ন সম্ভৱ কৰিছে। নিজস্বতা ৰক্ষা কৰি বিশ্বায়নৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিলে অচিৰেই ভাৰতবৰ্ষই উন্নত দেশৰ নামেৰে পৰিচিত হ’ব পাৰিব।
Q 8 . When do you mean by capitalism?
Ans:- পুঁজিবাদৰ শব্দগত অর্থ যদি চোৱা হয়, তেন্তে ই হৈ পৰিব এটা অর্থনৈতিক ব্যৱস্থা। কিন্তু পুঁজিবাদ বুলিলে এক ধৰণৰ সমাজ ব্যৱস্থাকো বুজায়। ৱেবাৰে মন্তব্য কৰিছে যে য’তেই মানৱ গোষ্ঠীৰ প্ৰয়োজন পূৰণৰ অৰ্থে উদ্যোগৰ জৰিয়তে শিল্প কার্য সম্পন্ন হয়, তাকেই পুঁজিবাদ বর্তমান।
অধ্যাপক পিগুৰ মতে, ‘পুঁজিবাদ হৈছে এনে এক ব্যৱস্থা য’ত উৎপাদনক্ষম সম্পদসমূহ পুঁজিবাদী উদ্যোগত খটুওৱা হয় অর্থাৎ ব্যক্তিগত লোকৰ হাতত ন্যস্ত কৰা হয় আৰু এইবিলাকৰ ব্যৱহাৰ তেওঁলোকৰ ইচ্ছামতে কৰা হয়। ইয়াত ব্যৱহাৰৰ লক্ষ্য হৈছে উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহ লাভত বিক্ৰী কৰা।
“A capitalist of capitalism in one, in which the material instrument of production are owned or hired by private persons and are operated at their order with a view to selling at a profit the goods and services, that they happen to produce”- Prof. Pigou.
মেক্সৱেবাৰৰ মতে, পুঁজিবাদ হৈছে উদ্যোগ আৰু আইনৰ প্রতিষ্ঠানসমূহৰ বিকাশৰ এটা স্তৰ য’ত সহৰসংখ্যক শ্রমিকেই উৎপাদনৰ আহিলাসমূহৰ মালিকীস্বত্ত্বৰ পৰা এনেদৰে বিচ্ছিন্ন হৈ পৰে যে তেওঁলোকে মজুৰিৰ বিনিময়ত কাম কৰিবলগা হয়। জীৱন নিৰ্বাহৰ আহিলা, নিৰাপত্তা আৰু ব্যক্তি স্বাধীনতা জাতিটোৰ তুলনামূলকভাৱে এটা সামান্য অংশ মানুহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।
According to Max Weber by the term capitalism or capitalist system, or as we prefer the capitalist civilization, we mean the particular stage in the development of industry and legal institutions in which the bulk of the workers find themselves divorced from the ownership of the instruments of production in such a way as to pass into the position of wage earners, whose subsistence security and personal freedom seem dependent on the will of a relatively small proposition of the nation, namely those, who own and through their legal ownership control the organization of the land the machinery and the labour force of the community and do so with the object of making for themselves individuals and private gain.
ওপৰৰ সংজ্ঞাৰ পৰা এইটো ক’ব পাৰি যে পুঁজিবাদ হ’ল এনে এক অর্থনৈতিক ব্যৱস্থা য’ত উৎপাদনৰ আহিলাসমূহ ব্যক্তি বা ব্যক্তিৰ গোটৰ হাতত ন্যস্ত থাকে আৰু নিয়ন্ত্রণ কৰে। এনে উৎপাদন ব্যৱস্থাত উৎপাদনকাৰীসকল লাভৰ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয় আৰু সেইবাবে চাহিদা অনুযায়ী মূলধনৰ ব্যৱহাৰ হয় গতিকে পুঁজিবাদ বুলি কওঁতে ব্যক্তিগত মালিকীস্বত্বৰ দ্বাৰা পৰিচালিত উদ্যোগ বিতৰণ আৰু বিনিময় থকা অর্থনৈতিক ব্যৱস্থাক বুজা যায়। শিল্প বিপ্লৱৰ পিছৰ পৰাই পুঁজিবাদে প্ৰসাৰ লাভ কৰিলে। এই পুঁজিবাদৰ জন্ম ইংলেণ্ডত।
Q 9. Write the characteristics of capitalism.
Ans:- (১) ব্যক্তিগত সম্পত্তি (Private Property) :
পুঁজিবাদী ব্যৱস্থাত ব্যক্তিগত মালিকীস্বত্ব থাকে। এনে সমাজৰ প্রত্যেক ব্যক্তিয়ে নিজস্বভাৱেই উপার্জন, ব্যয়, সঞ্চয় কৰাৰ অধিকাৰ আছে।
(২) বৃহৎ মাত্ৰাৰ উৎপাদন (Large scale Production) :
বৃহৎ পৰিমাণৰ উৎপাদন ব্যৱস্থা পুঁজিবাদৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ অৰ্থে এই ব্যৱস্থাত শ্রম বিভাজন, শ্ৰমৰ বিশেষীকৰণ আদিৰ ওপৰত গুৰুত্ব দিয়া হয়। বেছি মূলধন প্ৰয়োগ কৰি সৰ্বোচ্চ লাভ অৰ্জন কৰিবলৈ পুঁজিবাদী ব্যৱস্থাত যত্ন কৰা হয়।
(৩) লাভ অর্জনৰ সংস্থা ( Profit Institution) :
সর্বোচ্চ লাভ অৰ্জন কৰাই পুঁজিবাদৰ প্ৰধান লক্ষ্য। বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰি অধিক উৎপাদন ঘটাই তাৰ পৰা লাভ অৰ্জন কৰিবলৈ পুঁজিবাদত চেষ্টা কৰা হয়। সেয়ে ইয়াক লাভ অর্জনমূলক সংস্থা বুলিও কোৱা হয়।
(৪) প্রতিযোগিতা (Competition) :
পুঁজিবাদত পুঁজিপতিসকলৰ মাজত যথেষ্ট প্রতিযোগিতা পৰিলক্ষিত হয়। লাভ অৰ্জনৰ ফলস্বৰূপেই এই প্রতিযোগিতা হোৱা দেখা যায়। পুঁজিবাদত ক্রেতা-বিক্রেতাও প্রতিযোগিতাত নামি পৰা দেখা যায়।
(৫) দৰ কৌশল (Price Methodism) :
পুঁজিবাদী ব্যৱস্থাত নিয়ন্ত্রণ মুক্ত দৰ দেখা যায়। উৎপাদন, উপভোক্তা, বিনিময় আদি অর্থনৈতিক কার্যাৱলী উৎপাদন ব্যয়ৰ দ্বাৰা নিৰ্ধাৰিত নহয়। ইয়াত দৰ নিয়ন্ত্ৰণৰ কোনো কেন্দ্ৰীয় সংগঠন নাথাকে।
(৬) উপভোক্তাৰ স্বতন্ত্রতা (Consumers Sovereignty) :
এই ব্যৱস্থাত গ্ৰাহক বা উপভোক্তাই মুক্তভাৱে নিজস্ব পছন্দ অনুসৰি যিকোনো বস্তু ক্ৰয় কৰিব পাৰে। উপভোক্তাৰ চাহিদাৰ ওপৰতেই বস্তুৰ উৎপাদন নিৰ্ভৰ কৰে।
(৭) শ্রেণী সংঘর্ষ (Class Struggle) :
পুঁজিবাদী ব্যৱস্থাই মালিক আৰু শ্রমিক এই দুটা শ্ৰেণীৰ সৃষ্টি কৰে। ইয়াত মালিক শ্ৰেণীৰ হাতত সমস্ত কৰ্তৃত্ব কেন্দ্রীভূত হৈ থাকে আৰু শ্রমিক শ্ৰেণীটো শোষিত হৈ থাকে। এটা সময়ত শোষিত শ্ৰেণীটোৱে শোষণৰ পৰা মুক্ত হ’বলৈ মালিক শ্ৰেণীৰ বিপক্ষে সংগ্রাম সৃষ্টি কৰে।
(৮) ব্যৱসায়িক সংগঠন (Business Organization) :
পুঁজিবাদ বৃহৎ ব্যৱসায়িক গাঁঠনিৰ দ্বাৰা নিৰ্ণীত হয়। এনে আর্থিক ব্যৱস্থাত বৃহৎ আয়তনৰ উৎপাদনৰ বাবে সামূহিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৃষ্টি হয়।
Q 10. Analysis the merits and demerits of capitalist system of economy.
Ans:- পুঁজিবাদৰ গুণ (Merits of Capitalism) :
(১) মানুহৰ ৰুচি আৰু প্ৰয়োজনীয়তা ভিন্ন প্ৰকৃতিৰ। এই ভিন্ন প্ৰকৃতিৰ ৰুচি আৰু প্ৰয়োজনীয়তা অনুসৰি দ্ৰব্য উৎপাদন কৰি মানুহৰ অভাৱ পূৰণ কৰাত পুঁজিবাদে সহায় কৰে।
(২) পুঁজিবাদত কোনো ধৰণৰ দৰ নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় সংগঠন আৰু আমোলাতান্ত্রিক প্রশাসন ব্যৱস্থা নাথাকে। এনে ধৰণৰ খৰচী ব্যৱস্থা নথকা বাবে অপব্যয়ৰ পৰিমাণ কম হয়।
(৩) প্রতিযোগিতা পুঁজিবাদৰ প্ৰধান বৈশিষ্ট্য। প্ৰতিযোগিতাৰ বাবে সমাজত উৎপাদনৰ পৰিমাণ বৃদ্ধি হোৱা লগতে নতুন দ্রব্য উৎপাদনৰ আশা কৰিব পাৰি। এনে কাৰ্যই মানুহৰ দক্ষতা বৃদ্ধি আৰু আৰ্থিক উন্নতিত সহায় কৰে।
(৪) পুঁজিবাদত উপভোক্তাই নিজৰ ৰুচি অনুযায়ী বস্তু উপভোগৰ সুবিধা পায়। এনে অর্থ ব্যৱস্থাত উপভোক্তাৰ চাহিদা অনুযায়ী বস্তু উৎপাদন কৰা হয়।
(৫) পুঁজিবাদত উপভোক্তাৰ যোগ্যতা অনুসৰি ভোগ কৰাৰ সুবিধা থাকে। একোটা বস্তুৰ দৰ ইয়াৰ গুণ অনুযায়ী ভিন্ন কৰি উপভোক্তাৰ মাজলৈ প্ৰদান কৰা হয়।
পুঁজিবাদৰ দোষ (Demerits of Capitalism) :
(১) পুঁজিবাদত এক শ্রেণী মানুহৰ হাতত, সম্পদৰ সমস্ত কর্তৃত্ব থাকে। অধিক লাভ অর্জনৰ বাবে এই শ্রেণীটোৱে শ্রমিক শ্রেণীটোক শোষণ কৰা দেখা যায়। ইয়াৰ ফলস্বৰূপে এটা সময়ত দুয়োটা শ্ৰেণীৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰে।
(২) পুঁজিবাদী আর্থিক ব্যৱস্থাত সকলোবিলাক কথা সম্পদৰ জৰিয়তে জোখা হয় বাবে এনে সমাজৰ মানুহৰ মাজত মানৱীয় মূল্যবোধৰ অৱক্ষয় হোৱা দেখা যায়।
(৩) প্রতিযোগিতা পুঁজিবাদী ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য অধিক লাভৰ আশাত পুঁজিবাদীসকলৰ মাজত হোৱা মুক্ত প্রতিযোগিতাই বহুতো সমস্যাৰ সৃষ্টি কৰে।
(৪) পুঁজিবাদে সমাজত কৃত্রিমতাৰ সৃষ্টি কৰে। ফলত সমাজত অধিক বিলাসৰ উৎপাদন হয় আৰু এইবোৰ হৈ পৰে এনে সমাজৰ মৰ্যাদাৰ প্ৰতীক।
(৫) এই ব্যৱস্থাত উৎপাদনৰ নিয়ন্ত্ৰণ ক্ষমতা নথকাৰ বাবে অত্যধিক মূলধন বিনিয়োগৰ ফলত উৎপাদন আৰু চাহিদাৰ মাজত ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ ফলত বাণিজ্যিক অস্থিৰ অৱস্থা আহি পৰে। এই ব্যৱস্থাই নিবনুৱা সমস্যা বৃদ্ধিতো অৰিহণা যোগায়।
(৬) পুঁজিবাদী ব্যৱস্থাত আয় আৰু সম্পদৰ বিতৰণৰ অসমতা বৃদ্ধি পায়। এনে ব্যৱস্থাত সকলো ধৰণৰ উৎপাদনৰ উপাদান মুষ্টিমেয় পুঁজিপতি লোকৰ হাতত ন্যস্ত থাকে। এই ব্যৱস্থাত এক শ্রেণী অধিক ধনী আৰু এক শ্রেণী শোষণৰ বলি হ’ব লগা হয়।
Q 11. Discuss the social consequences of capitalism.
Ans:- পুঁজিবাদে সমাজত ইতিবাচক আৰু নেচিবাচক এই দুই ধৰণে প্ৰভাৱ পেলাব পাৰে।
(১) পুঁজিবাদী ব্যৱস্থাত উদ্যোগীকৰণৰ প্ৰভাৱ যথেষ্ট উদ্যোগীকৰণে এহাতে উৎপাদন বৃদ্ধি কৰি ব্যক্তিৰ আয় বৃদ্ধিত সহায় কৰিছে আৰু আনহাতে বহুতো লোকক নিয়োগৰ সুবিধা প্ৰদান কৰিছে। ফলত মানুহৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হোৱাত সহায় কৰিছে।
(২) সমাজৰ আৰ্থিক উন্নয়নত পুঁজিবাদে যথেষ্ট সহায় কৰিছে। কাৰণ সর্বোচ্চ লাভ অৰ্জন কৰাতো এনে ব্যৱস্থাৰ প্রধান লক্ষ্য। অধিক লাভৰ উদগনিয়ে দক্ষতা আৰু উৎপাদন বৃদ্ধিত সহায় কৰে।
(৩) বৃহৎ মাত্ৰাৰ উৎপাদন ব্যৱস্থাৰ বিভিন্ন দেশৰ মাজত ব্যৱসায় বাণিজ্যৰ সৰবৰাহ হয়। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই মানুহক ব্যৱসায়িক সৰবৰাহ কৰাৰ লগতে সংস্কৃতিগতভাৱে বিভিন্ন দেশৰ মাজত আদান-প্রদান হয়। ফলত ভিন্ন দেশৰ মাজত সংস্কৃতি আৰু ধাৰণাসমূহৰ বিনিময় সংঘটিত হৈছে।
(৪) পুঁজিবাদে নতুন নতুন যন্ত্রপাতি, কৌশল উদ্ভাৱন কৰিছে। নতুন উৎপাদনী কৌশল, ভিন্ন ৰুচিসম্পন্ন দ্রব্যৰ উৎপাদন আদিয়ে সভ্যতাৰ প্ৰগতিকে সূচায়।
(৫) উদ্যোগসমূহত জাতি, ধর্ম, বর্ণ, নির্বিশেষে সকলোৱে একেলগে শ্ৰম কৰে। তেওঁলোকৰ মাজত কোনো ধৰণৰ বৈষম্য নাথাকে। এই ব্যৱস্থাত বিভিন্ন লোকৰ সংমিশ্রণ দেখা যায়। ফলত সামাজিক বৈষম্যৰ হ্রাস দেখা যায়।
(৬) পুঁজিবাদে সমাজত মানুহক সম্পদৰ প্ৰতি লালায়িত কৰে। বহু ক্ষেত্ৰত মানুহৰ নৈতিক মূল্যৰো অৱক্ষয় হোৱা দেখা যায়।
(৭) পুঁজিবাদী সমাজত বস্তুবাদে গাঢ় ৰূপ লয়। এনে সমাজত টকাই সকলো ফলত ধৰ্ম আৰু আধ্যাত্মিক দিশসমূহ দুৰ্বল হৈ পৰে।
(৮) এনে আর্থিক ব্যৱস্থাত সকলোবোৰ সম্পদৰ জৰিয়তে পৰিমাণ কৰা হয়। মানুহৰ মনৰ পৰা মানৱীয় অনুভূতি হেৰাই যায়। ফলত এনে মানৱীয় মূল্যবোধৰ অৱক্ষয়েই নহয়, ইয়াৰ বিনাশো হয়।
(৯) কৃত্রিমতাই পুঁজিবাদী সমাজখনক আগুৰি থকা দেখা যায়। সমাজৰ ভাষা, সংস্কৃতি, অভিৰুচি, কথন ভংগী সকলোতে কৃত্রিমতা আহি পাৰে। বিলাসৰ সামগ্ৰীৰ পূৰ্ণ পয়োভৰ এনে কৃত্রিমতা আনে।
(১০) পুঁজিবাদী ব্যৱস্থাই সমাজ পদ্ধতিৰ ক্ষেত্ৰত ভাৰসাম্যহীন অৱস্থাৰ সূচনা কৰে। সমাজত ধনী আৰু দুখীয়া শ্ৰেণীটোৰ মাজত এক বিৰাট পার্থক্য আহি পৰে।
(১১) সামাজিক কল্যাণৰ লগত পুঁজিবাদী জড়িত নহয়। ইয়াত চহকী শ্ৰেণীটোৰ কল্যাণ সাধন হ’লেও দৰিদ্ৰ শ্ৰেণীটোৰ কোনো কল্যাণ নহয়।
Q 12 . Discuss the History of Globalization.
Ans:- বিশ্বায়ন বর্তমান সকলোতে চৰ্চিত এটা বিষয় হৈ পৰিছে। বিশ্বৰ ভিন্ন ৰাষ্ট্ৰবোৰ ভৌগলিক ৰাজনৈতিক, সামাজিক, আর্থিক, সাংস্কৃতিক আদি সকলো দিশতে পার্থক্য পলিক্ষিত হয়। এই পাৰ্থক্যবোৰ থকা স্বত্ত্বেও ভিন্ন ৰাষ্ট্ৰৰ মাজত সীমা নাইকিয়া হৈ এক সৰু সমাজ তথা ৰাষ্ট্ৰ হৈ পৰিছে। ইয়াকে বিশ্বায়ন বোলা হয়। এই বিশ্বায়ন এক নতুন ঘটনা নহয়। যদিও এই বিষয়ে কেইবছৰমানৰ আগলৈকে বিশ্ববাসী অজ্ঞ আছিল।
আদিম কালৰ পৰা এক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে আহি মানৱ সমাজে বর্তমান অবস্থা পাইছেহি। প্রকৃতিৰ ওপৰত বিশ্বাস ৰাখি এক কল্পনাৰ পৃথিৱীত বাস কৰা আদিম সভ্যতা আজি যি অৱস্থা পাইছেহি এইয়া মানৱ সমাজৰ চিন্তাৰ উন্নতিকৰণৰেই ফল। সমাজ সদায়েই পৰিৱৰ্তনশীল৷ এই পৰিৱৰ্তন এটা ফলাফলেই হৈছে বিশ্বায়ন প্রক্রিয়া। মানুহৰ চিন্তাধাৰাৰ ক্ৰমান্বয়ে হোৱা উন্নতিৰ ফলতেই আজি সমগ্ৰ বিশ্ববাসী এটা পৰিয়াল হৈ পৰিছে। এই বিশ্বায়ন প্রক্রিয়াই সমগ্ৰ বিশ্বৰ ৰাজনৈতিক অর্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে পৰিৱৰ্তন সাধন কৰিছে।
প্ৰকৃততে বিশ্বায়নৰ লগত অর্থনীতি জড়িত প্রায় দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰাই বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিব পাৰি। আর্থিক অৱস্থাই বিশ্বক প্রথম দ্বিতীয় বিশ্ব হিচাপে বিভাজন কৰি পেলালে। ইয়াৰে প্রথম বিশ্বমানে উন্নত আর্থিক অৱস্থা প্রাপ্ত দেশসমূহক বুজায় আৰু অনুন্নত দেশ মানে আর্থিকভাৱে পিছপৰা দেশ। এই সময়ত সমগ্ৰ বিশ্বৰ অর্থনৈতিক অৱস্থাৰ আন্তঃগাঁথনি সুস্থিৰ কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বেংক আদি সংগঠনৰ সৃষ্টি হ’ল। এই সংগঠনে একে নতুন অর্থনীতিৰ সৃষ্টিত অৰিহণা যোগালে, ইয়াৰ পৰিণতিত বিশ্বত এক নতুন অর্থনীতিৰ সৃষ্টি কৰিলে। ইয়াৰ ‘মুক্ত বজাৰ’ বুলি অভিহিত কৰা হ’ল।
এই নতুন বজাৰ অর্থনীতি প্রচলন হোৱাৰ লগে লগে আমদানি ৰপ্তানি সহজ হৈ পৰিল। পুঁজিবাদী অর্থনীতিৰ প্ৰসাৰ বৃদ্ধি পালে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলস্বৰূপে ৰাষ্ট্ৰসমূহত উদ্যোগীকৰণ প্ৰক্ৰিয়াই অগ্ৰাধিকাৰ পালে। লগে লগে আৰম্ভ হ’ল আধুনিকীকৰণ প্রক্রিয়াও। মুক্ত অর্থনীতিয়ে বিশ্বৰ সমগ্ৰ ৰাষ্ট্ৰবোৰৰ মাজত সংযোগ স্থাপন কৰে। ফলস্বৰূপে বিশ্বায়ন প্রক্রিয়া আগবাঢ়ি যায়। বিশ্ব বাণিজ্য সংস্থাবোৰ বিশ্বায়ন প্রক্রিয়াতো বিস্তাৰিত হোৱাত সহায় কৰে। ঋণগ্রস্ত দেশসমূহক ঋণমুক্ত কৰাৰ বাবে অর্থনৈতিক সংস্থাবোৰে বিভিন্ন আঁচনিৰ জৰিয়তে সহায় কৰে।
বিশ্বায়ন প্রক্রিয়া বর্তমান বহুলভাৱে চৰ্চিত এক বিষয় হৈ পৰিছে।
বিশ্বযুদ্ধই সমগ্র বিশ্বতে এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছিল। এই দুর্ভোগৰ ফলস্বৰূপেই বিংশ শতিকাৰ মাজভাগৰ পৰা বিশ্বায়ন প্রক্রিয়াই এক বিশেষ ৰূপত মূৰ দাঙি উঠিল।
Q 13. Discuss the population impact of globalization.
Ans:- সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনত জনসংখ্যাৰ আকাৰ আৰু হ্রাস বা বৃদ্ধিয়ে সমাজত নানা ধৰণৰ প্ৰতিক্রিয়া সৃষ্টি কৰাৰ লগতে বিভিন্ন দিশত নতুন পৰিৱৰ্তন সৃষ্টি কৰে। এখন সমাজত মানুহৰ জন্মহাৰ অনুপাতে মৃত্যু সংখ্যা বহুগুণে কমি যায়। তেতিয়াই সমাজত জনসংখ্যাৰ হাৰ উৰ্ধগামী হ’বলৈ ধৰে। ইয়াৰ ফলত সমাজত বাসগৃহৰ অভাৱ, স্বাস্থ্য সেৱাৰ অভাৱ, শিক্ষাদানৰ সমস্যা, সাংস্কৃতিক সংঘর্ষ, ধর্মীয়, আৰ্থিক, ৰাজনৈতিক আৰু অন্যান্য নতুন সামাজিক সমস্যা সৃষ্টি কৰাৰ লগতে সমাজত বহুতো নতুন পৰিৱৰ্তনৰ সূচনা হয়। বিশ্বায়নৰ বিভিন্ন দিশবোৰ বিভিন্ন ধৰণেৰে প্ৰভাৱান্বিত কৰাৰ ফলত সমাজত জনসংখ্যাৰ হ্রাস-বৃদ্ধি হয়। ইয়াৰ পৰিণতিত বিভিন্ন পৰিৱৰ্তন আহি পৰে। এই পৰিৱৰ্তনবোৰ ইতিবাচক বা নেতিবাচক দুই ধৰণৰ হ’ব পাৰে। এই প্ৰভাৱবোৰ তলত আলোচনা কৰা হ’ল—
অত্যধিক জনসংখ্যা বৃদ্ধি ইয়াৰ আকাৰ হ্ৰাস বা বৃদ্ধিয়ে সমাজৰ অর্থনৈতিক দিশত নতুন সমস্যা সৃষ্টি কৰাৰ লগতে সমস্যাৰ বিভিন্ন দিশত পৰিৱৰ্তন অনাত সহায় কৰে। যেনে— জনসংখ্যা বৃদ্ধিয়ে সমাজত সুখাদ্যৰ অভাৱ, উন্নত মানদণ্ডৰে জীৱন নিৰ্বাহ কৰাত বাধা, নিবনুৱা সমস্যা সৃষ্টি, বিভিন্ন সাম্প্রদায়িক সংঘর্ষ, খাদ্য সমস্যা, গৃহবাসৰ অভাৱ আৰু অন্যান্য ধৰণৰ নতুন সমস্যা সৃষ্টি কৰে। আধুনিক অর্থনীতিবিদ আৰু সমাজ দার্শনিকৰ মতে সমাজত সৃষ্টি হোৱা এই নতুন অর্থনৈতিক সমস্যাবোৰ নিৰ্মূল কৰিবলৈ হ’লে সমাজত জনসংখ্যা নিয়ন্ত্রণ আৰু পদ্ধতিৰে কৃষিজাত সামগ্রী উৎপাদন কৰিবই লাগিব। ইয়াৰ বাবে প্ৰযুক্তিবিদ্যাৰ সহায় ল’ব লাগিব। তদুপৰি সাংবিধানিক আইনৰ সহায়ত ভূমি-মাটি পৰিমাণ সংশোধন কৰি ভূমিহীনৰ মাজত বিতৰণ, নতুন শস্যৰ মাটি সম্প্ৰসাৰণ কৰি অধিক উৎপাদন, মাটিৰ মালিকীস্বত্বকৰণ, মাটিৰ মালিক আৰু বনুৱাৰ মাজত যি সম্পর্ক তাক পৰিৱর্তন ঘটোৱা হয়। এইবিলাকৰ উপৰিও অন্য দেশৰ পৰা খাদ্য শস্য আমদানি কৰি প্ৰয়োজনীয় খাদ্য সামগ্রী সংগ্ৰহ কৰি দেশৰ আর্থিক সমস্যা দূৰ কৰা হয়। ভাৰতবৰ্ষত পৰিকল্পনাৰ আঁচনিৰ সহায় কৃত্রিম উপায় জন্মহাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জনসংখ্যাৰ আকাৰ হ্ৰাস আৰু বৃদ্ধিয়ে সমাজ বা দেশৰ ৰাজনৈতিক দিশত বিভিন্ন ধৰণৰ প্ৰতিক্রিয়া সৃষ্টি কৰে আৰু সমাজ পৰিৱৰ্তনত ইন্ধন যোগায়। সমাজত যেতিয়া জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যধিক হয়, তেতিয়া দেশৰ জনসাধাৰণৰ মাজত খাদ্য দ্ৰব্যৰ নাটনি হয়। নিবনুৱা সমস্যা সৃষ্টি আৰু অন্যান্য বহুতো নতুন সমস্যা উদ্ভৱ হয়। ফলত সমাজত বিভিন্ন নেতা উপনেতাৰ আবির্ভাৱ হয় আৰু এওঁলোকক কেন্দ্ৰ কৰি দেশত বিভিন্ন ধৰণৰ নতুন সংগঠনৰ সৃষ্টি হয়। এই সংগঠনবোৰক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ নতুন আন্দোলনে গঢ় লৈ উঠে আৰু এই আন্দোলনৰ সহায়ত বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাৰ লগতে সমাজ ব্যৱস্থা পৰিৱৰ্তনত ইন্ধন যোগায়। ইয়াৰ উপৰিও এনেধৰণৰ বিভিন্ন সংগঠন আৰু নেতাক কেন্দ্ৰ কৰি সমাজত ৰাজতন্ত্ৰৰ পৰিৱর্তে গণতন্ত্র, সমাজবাদৰ পৰিৱর্তে সাম্যবাদ তথা এখন দেশে অন্য এখন দেশ জয় কৰি নিজৰ সমস্যা সমাধান উপনিৱেশ ইত্যাদিৰ দ্বাৰা সমস্যা সমাধান কৰাৰ ঐতিহাসিক দৃষ্টান্তৰ অভাৱ নহয়।
জনসংখ্যাৰ বৃদ্ধিৰ ফলত সমাজত মানুহৰ বৃত্তি অৱলম্বনৰ দিশত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে আৰু সমাজ পৰিৱৰ্তনত ইন্ধন যোগায়। প্ৰয়োজনতকৈ অধিক জনসংখ্যা বৃদ্ধি হলে দেশত খাদ্য সমস্যা, নিবনুৱা সমস্যা, কৰ্ম সংস্থানৰ পথ কমি আহে। পৰিণতিত ব্যক্তিয়ে জীৱিকাৰ সন্ধানত আন ঠাইলৈ যাবলগীয়া হয়। ইয়াৰ ফলত চহৰীয়া সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু অন্যান্য নতুন সংস্কৃতিৰ উপাদানে গ্ৰাম্য সমাজৰ লগত সংমিশ্রণ হৈছে। ফলত গ্ৰাম্য আৰু নগৰীয়া এক সংমিশ্ৰণ সংস্কৃতিৰ সৃষ্টি হয়। ব্যক্তিয়েও উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিবলৈ সামৰ্থ হৈছে।
জনসংখ্যা বৃদ্ধিৰ লগে লগে সমাজত মানৱ শক্তিৰো বৃদ্ধি হ’ব পাৰিছে। ফলস্বৰূপে সমাজত এই মানৱ শক্তিৰ উচিত ব্যৱহাৰ কৰি সমাজৰ উন্নয়নৰ কামত নিয়োগ কৰিব পৰা হৈছে। আর্থিক, সাংস্কৃতিক, সামাজিক আদি সকলো দিশতে এই জনসংখ্যাৰ ব্যৱহাৰ কৰি সফলতা লাভ কৰিব পৰা হৈছে।
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে জনসংখ্যাৰ আকাৰ হ্ৰাস বৃদ্ধিয়ে সমগ্র মানৱ সমাজকে পৰিৱৰ্তন কৰিব পাৰে৷ কেতিয়াবা আকৌ এইটোও দেখা যায় যে সমাজৰ অন্যান্য দিশত হোৱা পৰিৱৰ্তনে জনসংখ্যাৰ হাৰ পৰিৱৰ্তন হোৱাতো সম্ভৱ। প্রযুক্তিবিদ্যাৰ উন্নতি আৰু সম্প্ৰসাৰণ তথা দেশৰ ৰীতি-নীতি পৰিৱৰ্তনৰ ফলত সমাজত অর্থনৈতিক দিশত উন্নতি লাভ কৰিব পাৰে। এই অর্থনৈতিক পদ্ধতিৰ উন্নতিৰ ফলস্বৰূপে সমাজত নগৰীকৰণৰ মাত্রা বৃদ্ধি পায় আৰু মানৱ সমাজৰ বিভিন্ন দিশত পৰিৱৰ্তন সূচনা হয়।
Q 14. Discuss the Economic impact of globalization.
Ans:- বিশ্বায়ন হৈছে বহুমুখী প্রক্রিয়া। ই সকলো দিশৰে পৰিৱৰ্তন সাধন কৰে। সমাজৰ সকলো দিশতে পৰিৱৰ্তন আনে যদিও বিশ্বায়ন বুলি ক’লেও প্ৰধানকৈ অর্থনৈতিক বিশ্বায়নৰ কথাই মনলৈ আছে। অর্থনৈতিক বিশ্বায়নৰ প্ৰধানকৈ চাৰিটা উপাদান আছে। এই চাৰিটা উপাদানে বিশ্বৰ সকলো ৰাষ্ট্ৰকে প্ৰভাৱান্বিত কৰি আহিছে।
(i) উৎপাদন :
বিংশ শতিকাৰ পৰা বিশ্বায়নৰ প্ৰভাৱ উৎপাদিত বস্তুৰ ওপৰত পৰা দেখা যায়। আধুনিক প্রযুক্তিবিদ্যাৰ সহায় লৈ মানুহৰ নিত্য প্রয়োজনীয় সামগ্রীসমূহক নতুন নতুন ভিন্ন ৰূপত আকর্ষণীয়কৈ উৎপাদন কৰি উৎপাদকে মুক্ত বজাৰত মুকলি কৰি এক বৃহৎ বজাৰ দখল কৰি ল’লে। এই সামগ্ৰীবোৰৰ চাহিদাই সমাজত নতুন বহুজাতিক সংস্থাৰ সৃষ্টি কৰিলে। এই সংস্থাবোৰে বিশ্বৰ বিভিন্ন ঠাইৰ উৎপাদন প্রক্রিয়াটোক এটা সংযুক্ত পদ্ধতিলৈ পৰিৱৰ্তন কৰিলে। ইয়াৰ উদ্দেশ্য উৎপাদন আৰু বিৱৰণ ব্যয় হ্রাস কৰি দ্রব্যমূল্য হ্রাস কৰা আৰু বজাৰ দখলৰ মাজেদি লাভ অর্জন। অনুন্নত ৰাষ্ট্ৰসমূহত জনমূৰি আয়ৰ পৰিমাণ ই বৃদ্ধি কৰে।
(ii) উৎপাদিত সামগ্রী :
অর্থনৈতিক বিশ্বায়নৰ আন এক উপাদান হৈছে উৎপাদিত সামগ্রী। এই উপাদানে উৎপাদনৰ বিশ্বায়নক সহায় কৰে। বিশ্বায়ন হৈছে এনে এক প্রক্রিয়া যি সমগ্র বিশ্বক এক সৰু ৰাষ্ট্ৰ কৰি পেলাইছে যাৰ ফলত বিশ্বৰ ভিন্ন প্ৰান্তত উৎপাদিত সামগ্ৰীৰ সম্ভেদ লাভ কৰিছে। এই সামগ্ৰীসমূহ যোগাযোগৰ উন্নত মাধ্যমসমূহৰ জৰিয়তে বিশ্বৰ জনসমাজত আকর্ষণীয় ৰূপত প্ৰচাৰ কৰি ইয়াৰ চাহিদা বৃদ্ধি কৰিছে। ইয়াৰ ফলত স্থানীয় সামগ্ৰীৰ সলনি মানুহে এই বিশ্বায়ন বজাৰৰ সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। এনে বজাৰ নীতিয়ে অনুন্নত বা উন্নয়নশীল দেশসমূহৰ উৎপাদন খণ্ডক নস্যাৎ কৰি পেলাইছে।
(iii) নতুন আন্তঃৰাষ্ট্ৰীয় শ্রমবিভাজন :
অর্থনৈতিক বিশ্বায়নে সমাজত নতুন আন্তঃৰাষ্ট্ৰীয় শ্রমবিভাজন প্ৰক্ৰিয়াৰ আৰম্ভ কৰিলে। এই শ্রমবিভাজন অনুসৰি দ্ৰব্য মূল্যৰ হ্ৰাস কৰিবলৈ যিবোৰ অঞ্চলত শ্রম মূল্য কম হয়, তেনে ঠাইলৈ উৎপাদন প্রক্রিয়া হস্তান্তৰ কৰা। ই উৎপাদন প্ৰক্ৰিয়াৰ বাবে যোগাত্মক কিন্তু শ্রমিকৰ বাবে ই হানিকাৰক।
(iv) বৈদ্যুতিক অর্থনীতি :
বিশ্বায়ন অর্থনীতিত বিশ্বৰ যিকোনো প্রান্তৰ ব্যক্তি, কোম্পানী আৰু বেংকসমূহে বৈদ্যুতিক মাধ্যমসমূহৰ মাজেদি মুদ্ৰাৰ লেনদেন কৰিব পাৰে। এই ক্ষেত্ৰত ইণ্টাৰনেটৰ সহায় অতুলনীয়। সমগ্ৰ বিশ্বৰ অর্থনীতিক ইণ্টাৰনেটে সংযোজিত কৰি পেলাইছে।
বিশ্বায়নে সমাজত বিভিন্ন দিশৰ লগতে অর্থনীতিত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে। পর্যালোচনা কৰি চালে দেখা যায় যে এই পৰিৱৰ্তন ইতিবাচক আৰু নেতিবাচক দুয়ো ধৰণৰ। তলত ইতিবাচক দিশসমূহ আলোচনা কৰা হ’ল―
(i) বিশ্বায়নৰ বাবেই মুক্ত বজাৰ আজি সম্ভৱ হ’ব পাৰিছে। বিশ্বৰ যিকোনো প্রান্তৰ উৎপাদিত সামগ্রী আজি বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহেই ব্যৱহাৰ কৰিব পাৰিছে। এই ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰ লাভৱান হ’ব পাৰিছো পূৰ্বতে যিবোৰ ৰাষ্ট্ৰৰ সামগ্ৰীয়ে বজাৰৰ অভাৱত লোকচান কৰিবলগা হৈছে বৰ্তমান এইবোৰে বৃহৎ বজাৰ লাভ কৰিলে। ফলত অর্থনীতিৰ যথেষ্ট উন্নতি হ’ল।
(ii) বিশ্বায়ন প্রক্রিয়াই বৈদেশিক লেনদেন সম্ভৱ কৰি তুলিলে। বিশ্বৰ বজাৰত নিজৰ নিজৰ দ্ৰব্য সামগ্রী বিক্ৰী কৰিবলৈ সুবিধা পোৱাৰ ফলত বৈদেশিক বিনিয়োগৰ মাজেদি অধিক মূলধন সংগ্রহ কৰিব পাৰিলে।
(iii) পূৰ্বতে ব্যক্তিয়ে নিজৰ দেশৰ মাজতে থাকি আর্থিক কার্যত লিপ্ত আছিল। বিশ্বায়নে সৃষ্টি কৰা উদ্যোগীকৰণৰ বাবে বিশ্বৰ ভিন্ন প্রান্তত আজি শ্রমিকে ইচ্ছানুসৰি শ্ৰম কৰিবপৰা হৈছে। শ্রমিক গতিশীলতা বিশ্বয়ানৰেই ফলাফল।
(iv) উন্নত আৰু অনুন্নত দেশৰ আৰ্থিক অসমতা পূৰ্বৰ পৰাই আছিল। কিন্তু বর্তমান বিশ্বায়নে এই অসমতা দূৰ কৰাত সহায় কৰিছে অনুন্নত আৰু উন্নয়নশীল দেশবোৰেও বর্তমান বিশ্বৰ বজাৰত অংশগ্ৰহণৰ যোগেদি লাভৱান হ’ব পাৰিছে।
(v) অনুন্নত আৰু উন্নয়নশীল দেশসমূহত দৰিদ্ৰতা এক প্রধান সমস্যা। বিশ্বায়নে বিভিন্ন ধৰণেৰে বৃদ্ধি কৰি আৰু জনসাধাৰণক কর্মমুখী হোৱাত সহায় কৰে। তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থা, বিশ্ব বেংক আদি সংগঠনবোৰে দৰিদ্ৰতা নিৰ্মূলৰ বাবে যথেষ্ট পদক্ষেপ গ্রহণ কৰিছে।
বিশ্বায়ন অর্থনীতিৰ এই যোগাত্মক দিশবোৰৰ উপৰিও কিছুমান নেতিবাচক দিশো আছে―
(i) আর্থিক ক্ষেত্ৰত কিছুদূৰ সহায় কৰিলেও বিশ্বায়নে সমাজত ধনী-দুখীয়া এই দুই শ্ৰেণীৰো সৃষ্টি কৰিছে। উন্নত দেশবোৰে উন্নয়নশীল দেশবোৰক আর্থিক উন্নয়নৰ নামত অৰ্থসাহায্য আগবঢ়াই ঋণগ্রস্ত কৰি তুলিছে।
(ii) বহুজাতিক সংস্থাবোৰে উন্নয়নশীল দেশসমূহৰ সম্পদৰ ওপৰত এক প্ৰকাৰ লুণ্ঠন চলোৱা দেখা গৈছে। ফলত সম্পদ থাকিও এই দেশবোৰ সম্পদহীন হ’বলগা হৈছে। ই উপনিৱেশিকতাবাদৰ সৃষ্টি কৰিছে।
(iii) বিশ্বায়নৰ গইনাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা আদি সংগঠনৰ মাজেদি উন্নত ৰাষ্ট্ৰবোৰে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক তেওঁলোকৰ লগত আর্থিক যোগাযোগ কৰিবলৈ হেঁচা দিলে। ফলত দুৰ্বল ৰাষ্ট্ৰবোৰ আর্থিকভাৱে আৰু দুৰ্বল হৈ পৰিল।
(iv) বিশ্বায়নে সৃষ্টি কৰা বিশ্ব বজাৰত নিত্য নতুন সামগ্রীৰ পয়োভৰ হ’বলৈ ধৰিলে। কম দৰত উন্নত মানৰ আকর্ষণীয় সামগ্রীয়ে বিশ্বৰ জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হ’ল। পূৰ্বৰ স্থানীয়ভাৱে উৎপাদন হোৱা সামগ্ৰীবোৰৰ চাহিদা কমি গ’ল। ইয়াৰ লগতে থলুৱা উদ্যোগবোৰো প্ৰায় ধ্বংস হৈ পৰিল আধুনিক উদ্যোগৰ কবলত।
(v) অনুন্নত আৰু উন্নয়নশীল দেশবোৰ বিশ্বায়নৰ পৰিণতিত দ্রুত গতিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ল। উৎপাদন ব্যৱস্থাত ব্যয় কমাবলৈ চুক্তিবদ্ধ শ্রমিক ধাৰণাৰ সূচনা হ’ল। এনে দেশবোৰত ছদ্মৱেশী নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে।
এইদৰে দেখা গ’ল যে বিশ্বায়ন প্রক্রিয়াই অর্থনীতিত ইতিবাচক আৰু নেতিবাচক দুয়ো প্ৰকাৰৰ প্ৰভাৱ পেলাইছে। নেতিবাচক দিশবোৰ থাকিলেও বিশ্বায়নে সমাজৰ চৌদিশে পৰিৱৰ্তন আৰু উন্নয়নত যথেষ্ট প্ৰভাৱ পেলালে। ব্যক্তিগত সুখ-শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ মানুহক বহুতো সামগ্ৰীৰ প্ৰয়োজন হয় আৰু এইবিলাক সম্পূৰ্ণ কৰিবলৈ মানুহে অবিৰতভাৱে আজীৱন চেষ্টা চলাই আহিছে। ইয়াকে বাস্তৱত ৰূপ দিবৰ বাবে মানুহৰ নতুন সৃজনীশক্তি আৰু অভিজ্ঞতাৰ সহায়ত নতুন
ধৰণৰ উৎপাদনী কৌশল উদ্ঘাটন হৈছে।
Q 15. সমাজবাদৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [Mention about the basic features of socialism.]
Ans:- সমাজবাদৰ উল্লেখযোগ্য বৈশিষ্ট্যবোৰ হ’ল―
(ক) উৎপাদনৰ আহিলাৰ সামূহিক মালিকীস্বত্ব : সমাজবাদত উৎপাদনৰ আহিলাসমূহৰ কোনো ব্যক্তিগত মালিকীস্বত্ব নাথাকে,বৰং সামূহিক মালিকীস্বত্ব বিদ্যামান। অর্থাৎ সমাজবাদত কল-কাৰখানা, খনি, ভূমি আৰু সকলো প্ৰকাৰৰ মূলধন আৰু প্ৰাকৃতিক সম্পদ সামূহিক মালিকীস্বত্বৰ অধীন কৰা হয়। সামূহিক মালিকীস্বত্বই ৰাষ্ট্ৰীয়কৰণক নুবুজায়। কিছুমান মূল উৎপাদনী ক্ষেত্ৰ ৰাষ্ট্ৰীয়কৰণ কৰি বাকীবোৰ ব্যক্তিৰ সমবায় সংগঠনৰ দ্বাৰা পৰিচালিত হ’ব পাৰে। ব্যক্তিৰ দ্বাৰা পৰিচালিত হ’লেও ইয়াৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্রণ থাকে। সেয়েহে সমাজবাদত ব্যক্তিগত মালিকীস্বত্বৰ অৱসান ঘটে।
(খ) আয় বিতৰণৰ সমতা [Equality in Distribution of Income] : সমাজবাদৰ মূল মন্ত্ৰ হ’ল আয়ৰ সমতা। আয় বিতৰণৰ অসমতাক সামাজিকভাৱে ন্যায়বিহীন, ৰাজনৈতিকভাৱে অনাকাংক্ষিত আৰু অৰ্থনৈতিকভাৱে অশুভ বুলি বিবেচনা কৰা হয়। আয় বিতৰণৰ অসমতা দূৰীকৰণক মূলমন্ত্ৰ হিচাপে লৈ অৰ্থনৈতিক পৰিকল্পনাৰ সহায়ত অর্থনৈতিক কার্যাৱলী পৰিচালনা কৰা হয়। অৱশ্যে আয় বিতৰণৰ সমতাই পৰম সমতাক নুবুজায়। বৰং সামর্থ্য অনুযায়ী লাভ কৰা সমতাকহে বুজায়। সমান সামৰ্থ থকা ব্যক্তিৰ মাজত যাতে আয় বিতৰণৰ অসমতা নাথাকে তাৰ চেষ্টা চলোৱা হয়।
(গ) সুযোগৰ সমতা : সমাজবাদত প্রতিজন ব্যক্তিকে কৃতিত্ব লাভব বাবে সমান সুযোগ প্রদান কৰা হয়। ধনীয়েও হওক বা দুখীয়াই হওক প্রতিজন ব্যক্তিয়েই যাতে উন্নতি লাভ কৰিব পাৰে তাৰ সু-শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। সুযোগ প্রদানৰ ক্ষেত্ৰত কোনো বিভেদমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়।
(ঘ) অর্থনৈতিক পৰিকল্পনা : সমাজবাদত সামাজিকভাৱে অর্থনৈতিক কার্যকলাপ ৰূপায়ণ কৰিবলৈ কেন্দ্রীয় অর্থনৈতিক পৰিকল্পনাৰ সহায় লোৱা হয়। পুঁজিবাদত অর্থনৈতিক সিদ্ধান্ত গ্রহণত মূল্য ব্যৱস্থাপনা বিশেষ ভূমিকা গ্ৰহণ কৰে। কিন্তু সমাজবাদত মূল্য ব্যৱস্থাক অৱদমিত কৰি ৰখা হয়। সেয়েহে উৎপাদন বিতৰণ আৰু ভোগৰ সামূহিক সিদ্ধান্তবোৰ পৰিকল্পনাৰ সহায়ত গ্ৰহণ কৰা হয়। পৰিকল্পনা প্রস্তুত কৰিবলৈ পৰিকল্পনা আয়োগ থাকে।
(ঙ) সামাজিক কল্যাণ অভিপ্রায় : সমাজবাদত অর্থনৈতিক পৰিকল্পনাৰ মূল লক্ষ্য হ’ল সর্বাধিক সামাজিক কল্যাণ সাধন কৰা। পুঁজিবাদী ব্যৱস্থাৰ ব্যক্তি স্বাৰ্থৰ পৰিবৰ্তে সমাজবাদত সামূহিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। অর্থনৈতিক সম্পদসমূহৰ এনেদৰে বণ্টন কৰা হয় যাতে সমাজৰ কল্যাণ বৃদ্ধ পায়। অর্থনৈতিক উন্নয়নৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিলেও সমসাময়িকভাৱে অর্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ ওপৰতো লক্ষ্য ৰখা হয়।
(চ) শ্রেণীবিহীন সমাজ : সমাজবাদী ব্যৱস্থাত সমাজৰ শ্ৰেণী বিভাজন নাথাকে। ধর্ম, সম্প্রদায় জাতি নির্বিশেষে ইয়াত সকলোৱে সমানে সুবিধা লাভ কৰে। সেয়েহে এই ব্যৱস্থাত ধনী আৰু দুখীয়াৰ মাজত শ্রেণী সংঘৰ্ষৰ উদ্ভৱ নহয়।
Q 16. সমাজবাদৰ গুণসমূহ উল্লেল্লখ কৰা। [Mention the merits of socialism.]
Ans:- সমাজবাদৰ গুণ বা সুবিধাসমূহ হ’ল―
(ক) সামাজিক নিৰাপত্তাৰ নিশ্চয়তা প্রদান : সমাজবাদে সামাজিক ন্যায়ৰ নিশ্চয়তা প্রদান কৰে। কাৰণ এই ব্যৱস্থাত আয় বিতৰণৰ অসমতা নিম্নতম কৰাৰ প্ৰচেষ্টা হাতত লোৱা হয়। অর্থনৈতিক সম্পদসমূহ মুষ্টিমেয় অসমতা নিম্নতম কৰাৰ প্ৰচেষ্টা হাতত লোৱা হয়। অর্থনৈতিক সম্পদসমূহ মুষ্টিমেয় ব্যক্তিৰ হাতত কেন্দ্রীভূত নহয়। সকলো ব্যক্তিক নিজৰ ভাগ্য গঢ়াৰ সমান সুযোগ দিয়া হয়।
(খ) সম্পদৰ বিতৰণ : সমাজবাদত অধিক দক্ষভাবে সম্পদসমূহৰ বিতৰণ কৰা হয়। পুঁজিবাদত আয় বিতৰণৰ অসমতাৰ বাবে সম্পদৰ সঞ্চালন কাম্য হোৱাটো বাদেই অত্যুৎপাদনৰ উদ্ভৱ হৈ একাংশ সম্পদ অব্যৱহৃত হৈ ৰয়। কিন্তু সমাজবাদত কেন্দ্রীয় পৰিকল্পনাৰ সহায়ত অধিক দক্ষতাপূর্ণভাৱে সামূহিক মংগল সাধন হোৱাকৈ সম্পদ বণ্টন কৰা হয়।
(গ) অর্থনৈতিক স্থিবতা : সমাজবাদৰ আন এটা গুণ হ’ল অর্থনৈতিক স্থিৰতা ৰক্ষা কৰাটো। ইয়াত পুজিবাদৰ চক্ৰীয় উত্থান-পতন নাথাকে। কাৰণ দৰ-কৌশলক মুক্তভাৱে পৰিচালিত হ’বলৈ নিদি ইয়াক নিয়ন্ত্রণ কৰা হয়। সেয়েহে পুঁজিবাদত স্বয়ংক্রিয় ব্যৱস্থাই অন্য অনিশ্চয়তাৰ পৰা সমাজবাদ সদায় মুক্ত। ফলস্বৰূপে অর্থনৈতিক কার্যকলাপ নিয়াৰিকৈ পালন হোৱাটো অসুবিধাজনক হৈ পৰে।
(ঘ) অর্থনৈতিক নিৰাপত্তা : সমাজবাদত আর্থিক নিৰাপত্তা সুৰক্ষিত হয়। ইয়াত দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাদেও দুর্যোগ আৰু আপদ-বিপদৰ সময়ত ব্যক্তিয়ে আর্থিক অনাটনৰ সম্মুখীন নহয় তাৰ বাবেও বিভিন্ন আঁচনি গ্রহণ কৰা হয়।
(ঙ) দ্রুত অর্থনৈতিক উন্নয়ন : সমাজবাদত দ্রুত অর্থনৈতিক উন্নয়ন সম্ভৱ। কাৰণ ইয়াত কেন্দ্ৰীয় পৰিকল্পনাৰ সহায়ত অর্থনৈতিক সম্পদসমূহ উপযুক্ত দিশত সঞ্চালন কৰি উৎপাদন সর্বাধিক কৰি তোলাৰ ব্যৱস্থা কৰিব পাৰি। ব্যক্তিগত স্বাৰ্থত সম্পদ ব্যৱহাৰ হোৱাৰ পৰিৱৰ্তে অর্থনৈতিক উন্নয়নত সম্পদ ব্যৱহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।
(চ) উৎপাদনী দক্ষতা বৃদ্ধি : সমাজবাদত উৎপাদনী দক্ষতা বৃদ্ধি পায়। কাৰণ এই ব্যৱস্থাত সম্পদ বৃদ্ধিৰ বাবেই সম্পদ বৃদ্ধি নকৰি সামাজিক কল্যাণ বৃদ্ধিত যাতে সম্পদৰ ব্যৱহাৰ হয় তাৰ ওপৰত লক্ষ্য ৰখা হয়। জনকল্যাণ বৃদ্ধিয়ে ব্যক্তিৰ শাৰীৰিক আৰু বৌদ্ধিক উৎকর্ষ সাধন কৰি উৎপাদনী দক্ষতা বৃদ্ধি পায়।
Q 17. সমাজবাদৰ দোষসমূহ উল্লেখ কৰা। [Mention the demerits of socialism.]
Ans:- সমাজবাদৰ দোষসমূহ তলত উল্লেখ কৰা হ’ল―
(ক) সমাজবাদত অর্থনৈতিক ক্ষমতা ৰাষ্ট্ৰৰ হাতত কেন্দ্রীভূত হয়। ভোগ, উৎপাদন আৰু বিতৰণ সম্পৰ্কীয় সকলো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে। চৰকাৰ হ’ল নিযুত নিযুত জনসাধাৰণৰ মুষ্টিমেয় প্রতিনিধি। গতিকে ৷ চৰকাৰৰ সিদ্ধান্তই ব্যক্তিৰ পছন্দ বা আশা আকাংক্ষা সম্পূৰ্ণকৈ পূৰণ কৰিব পৰাটো নিশ্চিত নহয়।
(খ) সমাজবাদৰ কটকটীয়া নিয়ম-কানুনে কর্মস্পৃহা আৰু সৃজনীশীল ৷ প্ৰতিভাক অৱদমিত কৰে। ইয়াৰ ফলত উৎপাদনী ক্ষমতা লাঘৱ হয়। গতানুগতিক ব্যৱস্থা আৰু সুবিধাই ব্যক্তিক নতুনকৈ চিন্তা কৰিবলৈ বা নতুন কিবা এটা কৰি দেখুওৱাৰ আগ্ৰহ নাইকিয়া কৰে। কাৰণ এনে কৃতিত্বৰ বাবে বিশেষ আছুতীয়া সুবিধা দিয়া নহয়। সমাজবাদত নিজে আহৰণ কৰা সফলতাৰ আনন্দ লাভৰ পৰা বঞ্চিত হ’বলগীয়া হয়। উৎপাদন আৰু বাণিজ্যৰ দিশত ব্যক্তিয়ে নিজ চিন্তা-চৰ্চাৰ কৰিবলগীয়া একো নাথাকে।
(গ) সমাজবাদ ব্যৱস্থাত স্বল্পতন্ত্ৰৰ উদ্ভৱ হয়। মুষ্টিমেয় কেইজনমান ব্যক্তিৰ হাতত ক্ষমতা কেন্দ্রীভূত হোৱা বাবে তেওঁলোকে বেতনভোগী কৰ্মচাৰীৰ দ্বাৰা সকলো কার্য সম্পাদন কৰাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পায়। আনহাতে ক্ষমতাৰ কেন্দ্ৰীভূতকৰণে সম্পদৰ অপব্যৱহাৰ বঢ়াত সহায় কৰে। উৎপাদনৰ ক্ষেত্ৰত প্ৰতিজন কৰ্মচাৰীয়ে স্থিৰ মজুৰিৰ বিপৰীতে কাম কৰাৰ বাবে কোনো উৎসাহ-উদ্দীপনা নাথাকে।
আনহাতে এনে ব্যৱস্থাত everybody’s risk is nobody’s risk ৰ এক মনোবৃত্তিয়ে গা কৰি উঠে। কোনো এক বিফলতাৰ বাবে এই ব্যৱস্থাত কোনো এজন নির্দিষ্টকৈ জগৰীয়া কৰাৰ সুবিধা নাথাকে।
(ঘ) স্বল্পতান্ত্রিক প্রক্রিয়াত সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া অতি মন্থৰ হৈ পৰে। ৰঙা ফিটাৰ মেৰপাকত কেতিয়াবা কোনো বিষয়ত এক মতত উপনীত নোহোৱাকৈয়ে থাকি যায়। আনহাতে কোনো প্রস্তাৱ ফাইলে-ফাইলে, টেবুলে-টেবুলে ঘূৰি সিদ্ধান্ত গ্রহণ হওঁতে হওঁতে সংশ্লিষ্ট সমস্যায় গভীৰ ৰূপ ধাৰণ কৰে। সমাজবাদত ভোক্তাৰ বহুআশা-আকাংক্ষ অপূৰণীয় হৈ ৰয়। কাৰণ ভোক্তাই ব্যক্তি স্বতন্ত্রতা ভোগ কৰিব নোৱাৰে।
(ঙ) ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি জীৱিকা নির্বাহ কৰিব নোৱাৰে, ৰাষ্ট্ৰৰ ইচ্ছাতহে জীৱিকা নিৰ্বাহ কৰিবলগীয়া হয়। সমাজবাদত কোনেও দক্ষতা প্ৰদৰ্শন কৰি জীৱিকা নির্বাহ কৰাৰ স্বাধীনতা লাভ নকৰে।
(চ) সমাজবাদতো চূড়ান্ত অর্থনৈতিক সমতা সম্ভৱ নহয়। কাৰণ ব্যক্তিয়ে জন্মগতভাৱে পৃথক পৃথক প্রতিভা লৈ জন্ম গ্ৰহণ কৰে৷ ফলস্বৰূপে ব্যৱহাৰিক জীৱনত ব্যক্তিৰ জীৱিকা বিভিন্ন হৈ পৰে। চৰকাৰে সম্পূৰ্ণৰূপে এই ভিন্নতা দূৰ কৰিব নোৱাৰে। আনহাতে সমাজবাদে সৃষ্টি কৰা স্বল্পতান্ত্রিক প্রশাসনিক গাঁঠনিয়ে দুর্নীতি, স্বজন-তোষণ ইত্যাদি বৃদ্ধি কৰি আয় বিতৰণৰ অসমতা বৃদ্ধি কৰে।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.