Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II

Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II Question Answer can be of great value to excel in the examination.

Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II

Join Telegram channel

Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II Notes cover all the exercise questions in UGC Syllabus. The Introduction to Comparative Government and Politics Unit 3 Historical Context of Modern Government- II provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Historical Context of Modern Government- II

POLITICAL SCIENCE

INTODUCTION TO COMPARATIVE GOVERNMENT AND POLITICS

তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয়

১। উপনিবেশ কাক বোলে? 

[What is a colony]

উত্তৰঃ যেতিয়া কোনো দেশ আন এখন দেশৰ ব্যৱসায়-বাণিজ্য কৰায়ত্ত কৰে অৰ্থাৎ সেই দেশৰ অৰ্থনৈতিক ক্ষমতা দখল কৰে তেতিয়া সেই আক্রান্ত দেশক উপনিবেশ কোৱা হয়। যেনে- ভাৰত ইংলেণ্ডৰ ই উপনিবেশ আছিল।

২। উপনিবেশ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

[Where did the word colony originated form?] 

উত্তৰঃ লেটিন শব্দ ‘কলোনিয়া’ৰ পৰা ইংৰাজী ‘কলোনি’ বা উপনিবেশ শব্দটোৰ উদ্ভৱ হৈছে।

৩। উপনিবেশ শব্দযোৰ মূল অর্থ কি? 

[What is the original meaning of the word colony]

উত্তৰঃ উপনিবেশ শব্দটোৰ মূল অৰ্থ হ’ল মানৱ সমাজৰ এটা স্থানান্তৰিত অংশ।

৪। ৰাজনৈতিক দিশৰ পৰা উপনিবেশ বুলিলে কি বুজায়? 

[What do you mean by political colony]

উত্তৰঃ ৰাজনৈতিক দিশৰ পৰা বিচাৰ কৰিলে উপনিবেশ বুলিলে বুজায়-দেশৰ সীমান্তৰ বাহিৰে কোনো ৰাষ্ট্ৰৰ বসতি স্থাপন অথবা ৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন কোনো এটা ভূখণ্ড, যি ভূখণ্ড উক্ত ৰাষ্ট্ৰৰ নিকট নির্দিষ্টভাৱে আনুগত্য প্রকাশ কৰে।

৫। ঔপনিবেশিকতাবাদ কাক বোলে? 

[What is colonialism.]

উত্তৰঃ ঔপনিবেশিকতাবাদ colonialism কথাটো আহিছে লেটিন শব্দ colonia ৰ পৰা যাৰ অৰ্থ বিশাল সম্পত্তি বা Estate সাধাৰণভাৱে কোৱা হয় কোনো দেশ যদি অন্য দেশৰ ভূখণ্ড বা অঞ্চলক নিজৰ অধীনস্থ কৰি লয় তেনেহ’লে সেই অঞ্চলটোৰ নাম হয় উপনিবেশ। Encyclopedia of social Science গ্ৰন্থত উল্লেখ কৰা হৈছে যে উপনিবেশবাদ হ’ল অন্য দেশৰ ভৌগোলিক অঞ্চলৰ ওপৰত শাসন প্রতিষ্ঠা কৰি লাহে লাহে সেইখন অঞ্চলৰ অৰ্থনীতি, ৰাজনীতি, সভ্যতা আৰু সাংস্কৃতিক নিয়ন্ত্ৰণত আনা।

৬। উপনিবেশবাদ কেইপ্ৰকাৰৰ আৰু কি কি?

[How many types of colonialism are there and what are they]

উত্তৰঃ উপনিবেশবাদ দুই প্ৰকাৰৰ, প্ৰত্যক্ষ আৰু পৰোক্ষ।

৭। উপনিবেশ বিস্তাৰৰ আঁৰত মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ উপনিবেশ বিস্তাৰৰ আঁৰত মূল উদ্দেশ্য আছিল ব্যৱসায় বাণিজ্য, ধৰ্মপ্ৰচাৰ ভূমি দখল আৰু সম্পদ লুণ্ঠন।

৮। ঔপনিবেশিক ভাৰতত ‘ক্ষমতা’ শব্দটোৱে কোন দুটা বৰ্গক বিভাজন কৰিছিল।

উত্তৰঃ ঔপনিবেশিক ভাৰতত ‘ক্ষমতা’ শব্দটো আমাৰ সমাজৰ উচ্চবৰ্গ আৰু নিম্নবৰ্গৰ বিভাজন কৰিছে।

৯। ‘এ ঔপনিবেশিকতাবাদক ‘ঔপনিবেশিক পুঁজিবাদ’ হিচাপে অভিহিত কৰিছিল।’ কোনে কৈছিল।

উত্তৰঃ হামজা আলভি।

১০। নিঃ ঔপনিবেশিকীকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ নিঃঔপনিবেশিকীকৰণে ঔপনিবেশিক শক্তিগোষ্ঠীসমূহে নিজৰ পূৰ্বৰ উপনিবেশসমূহৰ নিয়ন্তণ উঠাই লোৱা, এনে উপনিবেশসমূহে ৰাজনৈতিক আৰু অর্থনৈতিক স্বতন্ত্রতা আর্জন কৰাক সূচায়।

ৰচনাধর্মী প্রশ্নোত্তৰ :

১। ঔপনিবেশিকতাবাদৰ অৰ্থ আৰু সংজ্ঞা দিয়া। [Write the meaning and definition of Colonialism.]

উত্তৰঃ ‘উপনিবেশ’ আৰু ‘ঔপনিবেশিকতাবাদ’ এই অভিধা দুটা লেটিন ভাষাৰ “Colonial” শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ ‘property which is created in a planned way among the foreigners’ অর্থাৎ বিদেশীসকলৰ ভিতৰত এক পৰিকল্পিতভাৱে সম্পদ সৃষ্টি কৰা। এনে দৃষ্টিকোণৰ পৰা চালে ঔপনিবেশিকতাবাদে অর্থনৈতিক মুনাফা আৰ্জনৰ বাবে বিদেশক শাসন কৰাক সূচায়।

আনহাতে আন এচাম চিন্তাবিদ মতে, ‘উপনিবেশ আৰু ঔপনিবেশিকতাবাদ’ শব্দ দুটা মূলতঃ গ্ৰীক ভাষাৰ পৰা আহিছে; যাৰ, অর্থ হ’ল কোনো লোকে, নিজৰ গৃহ ৰাষ্ট্ৰ পৰা আঁতৰি আহি আন কিছুমান অঞ্চলত স্থায়ীভাবে বসবাস কৰিবলৈ আৰম্ভ কৰে, অৰ্থাৎ উপনিবেশ স্থাপন কৰে।

ঔপনিবেশিকতাবাদৰ অৰ্থ হ’ল স্থায়ীভাৱে বসতি স্থাপন কৰা বা সম্পদ লুণ্ঠনৰ উদ্দেশ্যে আনৰ ভূমিত কৰা অনুপ্ৰৱেশ। ইউৰোপৰ ঔপনিবেশকতাবাদৰ লগত গণহত্যাৰ দিশটো জড়িত হৈ আছে, যাৰ কাৰণে তেওঁলোকে জনবসতিক সম্পূৰ্ণকৈ নাশ কৰাৰ বাবে যুদ্ধ কৰা, গণহত্যা, জৈৱিক যুদ্ধ, আক্রমণকাৰী সেনাবাহিনীয়ে ব্যৱহাৰ কৰি সুবিধা ল’ব নোৱাৰিবৰ বাবে সম্পদ আদিৰ ধ্বংস কৰাৰ ৰণনীতি প্রয়োগ কৰিছিল। ইয়াৰ উপৰিও আন ধৰণৰ কিছুমান নৃশংসতা যেনে বন্দীসকলক অত্যাচাৰ কৰা, ধর্ষণ, স্থানীয় লোকসকলক দাসত্বৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা আদি পদক্ষেপো গ্ৰহণ কৰিছিল।

যেতিয়া কোনো এক অনুপ্রবেশকাৰী শক্তিয়ে ইতিমধ্যে দখল কৰি থকা অঞ্চলৰ কোনে স্থানীয় লোকৰ সৈতে মুখা-মুখি হয়, তেতিয়া উপনিবেশিকতাবাদত এই দুই বিৰোধী গোটৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সুত্রপাত হয় আৰু এটাই আনটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ প্ৰচেষ্টাৰ যোগেদি জীৱনৰ নতুন দিশসমূহ উন্মোচিত হয়। চিছিল ব’ধছ নামৰ এজন ব্ৰিটিছ ঔপনিবেশিক শাসক, যাৰ উপাধি অনুসৰিয়েই ৰধেছিয়া (বৰ্তমানৰ জিম্বাবোৱে)ৰ নামকৰণ কৰা হৈছিল, তেওঁয়েই ১৯ শ শতিকাত ইউৰোপীয় ঔপনিবেশিকতাবাদৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে স্পষ্টকৈ উল্লেখ কৰি এনেদৰে কৈছিল- We must find new lands from which we can easily obtain Raw Materials and at the same time exploit the cheep slave labour that in available from the natives of the Colonies. The Colonies would also provide a dumping ground for the surplus goods produced in our factories.”

ঔপনিবেশিকতাবাদৰ লগত সমাজৰ উন্নত শ্ৰেণীয়ে অনুন্নত আৰু পশ্চাদগামী শ্ৰেণীটোক সামাজিক-অর্থনৈতিকভাৱে শোষণ-বঞ্চনাৰ কৰাৰ অত্যন্ত এটা ঋণাত্মক দিশ জড়িত হৈ আছে। ঔপনিবেশিকতাবাদ হৈছে সংখ্যালঘু বিদেশীয়ে বর্ণবাদ আৰু সামাজিক আধিপত্যৰ দ্বাৰা সামাজিকভাৱে তুচ্ছ স্থানীয় সংখ্যাগুৰুৰ ওপৰত নিজৰ কৰ্তৃত্ব প্রতিষ্ঠা কৰাৰ এটা প্ৰক্ৰিয়া।

Webster’s Encyclopedia Dictionaryত বর্ণিত অনুসৰি ঔপনিবেশিকতাবাদ হৈছে এখন ৰাষ্ট্ৰই আন ভূখণ্ড বা আন ৰাষ্ট্ৰৰ জনগণৰ ওপৰত নিজা কৰ্তৃত্ব বিস্তাৰ কৰা বা বৰ্তাই ৰখা এক ব্যবস্থা বা নীতি। [“Colonialism is a system or policy of nation seeking to extend or retain its authority over other people or territories]

১৪৯২ চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰাৰ পিচত তাৰ পর্তুগীজ, স্পেনিচ, ফৰাছী, ইংৰাজ আৰু অন্যান্য ইউৰোপীয়সকলে উপনিবেশ প্রতিষ্ঠা কৰিছিল। কিন্তু এছিয়াৰ ইউৰোপীয় উপনিবেশবোৰত এওঁলোকৰ স্থায়ী বসতিৰ উপস্থিতি বিশেষ গুৰুত্বপূর্ণ নাছিল। কিন্তু আফ্ৰিকাত দুই প্ৰকাৰৰ ওপনিবেশিক বসতি দেখিবলৈ পোৱা যায় ফৰাছীসকলে কেনিয়া আৰু ৰ’ধেছিয়াত, ডাচ্চসকল আৰু তেওঁলোকৰ পিচত ইংৰাজসকলে দক্ষিণ আফ্রিকাত বসতি প্রতিষ্ঠা কৰিছিল যদিও তেওঁলোকৰ প্ৰায়সকলেই ৰাজনৈতিক শাসনৰ প্ৰতিনিধি হিচাপে আৰু অর্থনৈতিক কাম-কাজৰ লগত জড়িত ব্যক্তি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সম্ভৱতঃ মার্ক্সবাদীসকলহে একমাত্র চিন্তাবিদ, যিয়েই বিভিন্ন বিষয়ক সামৰি ঔপনিবেশিকতাবাদৰ তত্নক অত্যন্ত প্রণালীবদ্ধভাৱে উত্থাপন কৰিছিল। প্ৰথমতে, তেওঁলোকে অনা-পুঁজিবাদী সমাজবোৰৰ ৰাজনৈতিক নিয়ন্ত্ৰণক ইউৰোপ আৰু আমেৰিকাৰ ঊনবিংশ শতিকাৰ ঔদ্যোগিক পুঁজিবাদী অর্থনীতিৰ উৎপাদনশীলতাৰ প্ৰয়োজনীয়তাসমূহৰ লগত যোগসূত্র প্রতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল।

দ্বিতীয়তে, অনা-পুঁজিবাদী সমাজসমূহত ওঁদোগিক পুজিবাদৰ প্ৰবেশে ৰাজনৈতিক, অর্থনৈতিক আৰু আদৰ্শগত ক্ষেত্ৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল। তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল যাৰ জৰিয়তে ওদ্যোগিক পুঁজিবাদী আৰু উপনিবেশিক সমাজসমূহত সমাজবাদৰ বিকাশৰ ধাৰাটোক বুজাবলৈ চেষ্টা কৰা হৈছিল। তেওঁলোকৰ কাৰণে এইটো প্ৰয়োজনীয় আছিল কাৰণ মার্ক্সবাদীসকলৰ মতে, পুঁজিবাদ হৈছে সমাজবাদৰ পূৰ্বচৰ্ত। শেষত ঔপনিবেশিক ৰাষ্ট্ৰসমূহত সমাজবাদী ৰূপান্তৰৰ কাৰণে ঔপনিবেশিক সমাজবোৰত সমাজবাদী বিকাশৰ সম্ভাব্য ফলাফলসমূহ পর্যালোচনা কৰিছিল।

২। ঔপনিবেশিকতাবাদৰ চাৰিটা মৌলিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। [Discuss the four basic features of Colonialism.]

উত্তৰঃ ঔপনিবেশিকতাবাদৰ চাৰিটা মৌলিক বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল―

(ক) বিশ্বৰ পুঁজিবাদী ব্যৱস্থাৰ গুৰুত্ব হাস কৰি বা আনৰ ইচ্ছাধীন কৰি তুলি উপনিবেশবোৰক সংযোগ কৰি তোলা। নগৰীয়া অর্থনীতি আৰু ইয়াৰ পুঁজিবাদী শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ দ্বাৰা উপনিবেশসমূহৰ অর্থনীতি আৰু সমাজৰ বিষয়সমূহক নিৰ্ধাৰণ কৰি তুলিছিল। পুঁজিবাদী অর্থনীতিক এনেদৰে আনৰ ইচ্ছাধীন কৰি তোলাটো বিশ্বৰ বজাৰসমূহৰ সৈতে যোগসূত্র স্থাপন কৰাৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ আছিল।

(খ) আৰমধিৰি ইমানুৱেল [Arghiri Emmanuel] আৰু সমীৰ আমীন [Samir Amin] ঔপনিবেশিকতাবাদক বৈষম্যমূলক বিতৰণ আৰু উপনিবেশিক অর্থনীতিৰ আভ্যন্তৰীণ অস্পষ্টতা আৰু উপনিবেশিকতাবাদে বিশ্বৰ বজাৰৰ জড়িয়তে এনে অৰ্থনীতিৰ বিভিন্ন অস্পষ্ট অংশবোৰক স্পষ্টকৈ প্ৰতিষ্ঠা আৰু নগৰীয়া অৰ্থনীতিত সাম্রাজ্যবাদী আধিপত্য— এই দুটা ধাৰণাক সামৰি লৈছিল। উপনিবেশসমূহৰ কৃষি খণ্ডৰ লগত ইয়াৰ ওদ্যোগিক খণ্ডৰ কোনো সম্পৰ্ক নাছিল আৰু লগতে বিশ্বৰ পুঁজিবাদী বজাৰ আৰু নগৰাঞ্চলৰ বজাৰৰ লগতো জড়িত নাছিল। মার্ক্স আৰু এঞ্জেলছেও শ্ৰমৰ বঞ্চনামূলক আন্তৰাষ্ট্ৰীয় বিভাজনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে ধৰণৰ মতামত ব্যক্ত কৰিছিল। নগৰাঞ্চলত উচ্চ প্রযুক্তি, উচ্চ উৎপাদনশীলতা আৰু উচ্চ বেতনৰ সামগ্ৰী উৎপাদন হৈছিল। কিন্তু উপনিবেশসমূহত নিম্ন প্রযুক্তি নিম্ন উৎপাদনশীলতা আৰু নিম্ন মজুৰিৰ সামগ্রী উৎপাদন কৰা হৈছিল।

(গ) ঔপনিবেশিকতাবাদৰ তৃতীয় বৈশিষ্ট্যটো হ’ল সম্পদৰ বৰ্হিগমণ বা নিয়ন্ত্রনহীন ৰপ্তানিৰ যোগেদি নগৰাঞ্চলসমূহলৈ উদ্ধৃত সামগ্ৰীৰ একপক্ষীয় হস্তান্তৰ উপনিবেশিক ৰাষ্ট্ৰসমূহৰ এটা বৃহৎ অংশ সেন। বাহিনী আৰু অ-সামৰিক সেৱাত ব্যয় কৰা হয়, যিটোৱে উদ্ধৃত সামগ্ৰীৰ বাহ্যিক বহিগমণত উদগণি যোগীয়। এইদৰেই উপনিবেশসমূহত সামগ্রী অতিৰিক্তভাৱে উৎপাদ কৰা হয়, কিন্তু এইবোৰ বিদেশত সংগৃহীত কৰা হয়। হমজা আলভিএ এই সামগ্রিক প্রক্রিয়াটেক উৎপাদনৰ প্ৰসাৰিত বিকৃত ৰূপ বুলি আখ্যা দিছিল।

(ঘ) ঔপনিবেশিকতাবাদৰ চতুৰ্থ বৈশিষ্ট্যটো হ’ল বিদেশী ৰাজনৈতিক প্ৰভাৱৰ অৱস্থিতি আৰু উপনিবেশিক ৰাষ্ট্ৰ ভূমিকা।

৩। ঔপনিবেশিকতাবাদৰ বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ঔপনিবেশিকতাবাদৰ বিকাশ এটা নিৰবিছিন্নভাৱে চলি থকা প্ৰক্ৰিয়া নহয়। ঔপনিবেশিকতাবাদে বিকাশৰ বিভিন্ন স্তৰৰ মাজেৰে অগ্ৰসৰ হোৱা পৰিলক্ষিত হয়। মার্ক্সে তেওঁৰ লিখনিত ঔপনিবেশিকতাবাদৰ দুটা স্তৰৰ কথা উল্লেখ কৰিছে একচ্ছত্ৰী বাণিজ্য আৰু মুক্ত বাণিজ্য। আৰ. পি. দত্তই পুঁজিবাদৰ ঐতিহাসিক বিকাশ, উপনিবেশ আর্থ সামাজিক আৰু ৰাজনৈতিক বিকাশৰ পৰিৱৰ্তনশীল স্থিতি আৰু উপনিবেশৰ নিজস্ব ঐতিহাসিক বিকাশ আদিয়ে এই স্তৰসমূহৰ বিকাশত বিশেষভাৱে অৰিহণা যোগায়। উপনিবেশৰ দমন আৰু শোষণ তিনিওটা পৰ্যায়ৰে সাধাৰণ বৈশিষ্ট্য যদিওবা এই দমন আৰু শোষণৰ প্রকৃতি পর্যায় অনুসৰি সলনি হয়। অর্থাৎ উপনিবেশিকতাবাদৰ তিনিটা পৃথক পৰ্যায়ভিন্ন ৰূপৰ শোষণ আৰু ৰাহি হস্তগতকৰণৰ সৈতে জড়িত।

ফলস্বৰূপে প্ৰতিটো পর্যায় উপনিবেশসমূহৰ সমাজ, অর্থনীতি আৰু ৰাজনীতিৰ পৃথক ধৰণৰ দমন আৰু শোষণক উপনিবেশ ভেদে পৰ্যায়সমূহৰ সময়সীমা ভিন্ন হ’ব পাবে। তাৰোপৰি পৰ্যায়সমূহৰ মাজত কেনো এক স্পষ্ট সীমাৰেখা নাই। এটা পৰ্যায়ত চলা শোষণ আৰু দমনৰ ৰূপ আন এটা পৰ্যয়তো অব্যাহত থাকিব পাৰে। সেয়ে হলেও অৱশ্যে প্ৰতিটো পর্যায়ৰ এটা প্রধান বৈশিষ্ট আছে আৰু পৰ্যায়সমূহৰ মাজত যথেষ্ট গুণগত পার্থক্য আহে।।

প্রথম পর্যায় : প্রথম পৰ্যায়ত ওপনিবেশিকতাবাদৰ ৰ উদ্দেশ্য হৈছে দুটা। প্ৰথমটো হৈছে একচ্ছত্রী বাণিজ্য স্থাপন কৰা। বাণিজ্যৰ একছত্রীকৰণ অর্থনৈতিক মুনাফা লাভৰ বাবে নিতান্তই প্রয়োজন। একছত্ৰী বাণিজ্যৰ দ্বাৰা উপনিবেশৰ পৰা ন্যূনতম দৰত সামগ্রী ক্রয় কৰি অধিক দামত তাত সামগ্রী বিক্ৰী কৰা হয়। উদাহৰণস্বৰূপে ঔপনিবেশিকতাবাদৰ প্রথমছোৱা সময়ত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইউৰোপীয়ান আৰু ভাৰতীয় প্ৰতিদন্দ্বীসকলক আঁতৰাই একছত্ৰী বাণিজ্য প্রতিষ্ঠা কৰে। প্রথম পৰ্যায়ৰ দ্বিতীয়টো উদ্দেশ্য হৈছে ৰাষ্ট্ৰ, শক্তিৰ ব্যৱহাৰৰ দ্বাৰা উপার্জন বা বাহি হস্তগত কৰা। ইউৰোপীয়ান প্রতিদ্বন্দ্বী বা স্থানীয় শাসকসকলৰ বিৰূদ্ধে যুদ্ধ কৰিবলৈ উপনিবেশত উৎপাদিত সামগ্রী ক্ৰয় কৰিবলৈ বা ঔপনিবেশিক শাসন চলাবলৈ প্ৰয়োজন হোৱা অনন্য ব্যয় বহন কৰিবলৈ প্ৰচুৰ অৰ্থৰ প্ৰয়োজন হয়। উপনিবেশসমূহৰ ৰাজনৈতিক দখলৰ ক্ষমতাৰ জৰিয়তে অর্থনৈতিক লুঠন চলাবলৈ সুবিধা হয়। এই পর্যায়ত প্রশীসন, ন্যায় ব্যবস্থা, পৰিবহণ আৰু যোগযোগ ব্যৱস্থা, কৃষি বা উদ্যোগিক উৎপাদন পদ্ধতি, ব্যৱসায় বা অর্থনৈতিক সংগঠন, শিক্ষা আৰু বৌদ্ধিক খণ্ড আদি বিভিন্ন ক্ষেত্র সমূহৰ বেলিকা বিশেষ একো পৰিৱৰ্তনৰ সূচনা কৰা নহয়। অকল সামৰিক সংগঠন বা প্রযুক্তি আৰু কৰ প্ৰশাসনত কেৱল পৰিৱৰ্তন অনা হয়। ইয়াৰ মূল কাৰণ হৈছে এই পর্যায়ত ঔপনিবেশিক শোষণ আগৰ প্ৰচলিত ব্যৱস্থাৰ দ্বাৰাই সম্ভৱ হৈ থাকে।

দ্বিতীয় পর্যায় : উপনিবেশিকতাবাদৰ দ্বিতীয় পর্যায়ক মুক্ত বাণিজ্য ৰূপে জনা যায়। এই পর্যায়ত ঔদ্যোগিক পুঁজিবাদীসকল ব্যৱসায়ী প্রতিষ্ঠাসমূহতকৈ বেছি গুৰুত্বপূর্ণ শ্রেণী হিচাপে উত্থান ঘটিছিল। উদ্যোগিক পুঁজিবাদীসকলে অর্থনৈতিক মুনাফা অর্জন কৰাৰ মাধ্যম হিচাপে লুণ্ঠনৰ বিৰোধিতা কৰিছিল এই ভিত্তিত যে ইয়ে এদিন সোণৰ কণী দিয়া হাঁহস্বৰূপ উপনিবেশসমূহক গঢ় দিয়া একে সময়তে তেওঁলোকে উপনিবেশৰৰ ৰপ্তানি বৃদ্ধি কৰাৰ ওপৰতো আগ্রহী আছিল যাতে উপনিবেশসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহক ক্ৰয় কৰিব পাৰে। তদুপৰি সাম্ৰাজ্যৰ বাহিৰৰ নিৰ্ভৰশীলতা সংকুচিত কৰাৰ বাবে ওঁদ্যোগিক পুঁজিপতিসকলে উপনিবেশসমূহক কেঁচা সামগ্ৰীৰ যোগান ধৰাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত আগ্রহী আছিল। অর্থাৎ অর্থনৈতিক মুনাফা আহৰণৰ বাবে এই পর্যায়ত তেওঁলোকে ‘মুক্ত বাণিজ্য’ৰ পোষকতা কৰিছিল।

এই নতুন পদ্ধতিত অর্থনৈতিক শোষণৰ ধাৰা সুনিশ্চিত কৰিবলৈ, উপনিবেশ সমাজৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, প্রশাসনিক, সাংস্কৃতিক গাঁথনিৰাজিৰ বিস্তৰ পৰিৱৰ্তন সাধন কৰা হয়। সেয়েহে এই পর্যায়ত ঔপনিবেশিকতাবাদৰ উদ্দেশ্য সাধন হ’ল উপনিবেশৰ উন্নয়ন আৰু আধুনিকীকৰণ। ইয়াৰ বাবে ওপনিবেশসমূহক বিশ্বৰ পুঁজিবাদী বজাৰৰ সৈতে একত্ৰীকৰণ কৰা হয়। বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ বাধা নিৰ্মূলকৰাৰ লগতে। সামগ্ৰীসমূহ যাতে একোটা অঞ্চলৰ পৰা আন আন এটা অঞ্চললৈ সহজতে নিব পাৰি তাৰ বাবে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰা হয়। এই পর্যায়ত নতুন প্রশাসনিক ব্যবস্থা পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা মানুহৰ চাহিদা পুৰণ কৰিবলৈ আধুনিক শিক্ষাৰো সূচনা কৰা হয় আৰু উদাৰ, সাম্রাজ্যবাদক ৰাজনৈতিক মতাদর্শ হিচাপে গ্ৰহণ কৰা হয়। উদাৰ সাম্ৰাজ্যবাদী আদৰ্শৰ অধীনত উপনিবেশৰ জনসাধাৰণক স্বশাসনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হয় এই প্রত্যয়ত যে আনুষ্ঠানিক ৰাজনৈতিক নিয়ন্ত্ৰণৰ অন্ত পৰিলেও অর্থনৈতিক সম্পর্ক সদায় অক্ষুণ্ণ থাকিব।

৪। পুঁজিবাদ আৰু ঔপনিবেশিকতাবাদ সম্পর্কে বিভিন্ন চিন্তাবিদসকলে আগবঢ়োৱা মতামতসমূহ আলোচনা কৰা।

উত্তৰঃ পুঁজিবাদ আৰু ওপনিবেশিকতাবাদ সম্পর্কে বিভিন্ন চিন্তাবিদসকলে আগবঢ়োৱা মতামতসমূহ তলত আলোচনা কৰা হ’ল—

(ক) লেনিনৰ অভিমত : মার্ক্সবাদী দার্শনিক ব্লাডিমিৰ লেনিনে তেওঁৰ ১৯১৭ চনত প্ৰকাশিত ‘Imperialism: The Highest Stage of Capitalism’ গ্ৰন্থখনত ঔপনিবেশিকতাবাদ আৰু, পুঁজিবাদৰ সম্পৰ্কৰ প্ৰসংগটো আলোচনা কৰিছিল। মার্ক্সবাদীসকলৰ মতে, পুঁজিবাদী শোষণ ব্যৱস্থাৰ অৱর্ণনীয় শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে শ্রমিক তথা সৰ্বহাৰাসকল ঐক্যবদ্ধ হৈ পুঁজিপতিসকলৰ বিৰুদ্ধে এক শ্রেণী সংগ্ৰামত অৱতীৰ্ণ হ’ব। কিন্তু বাস্তৱত শ্রমিকসকলে একত্ৰিত হৈ পুঁজিপতিসকলৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ ৰ হোৱা পৰিলক্ষিত নহ’ল যাৰ ফলত পুঁজিবাদী ব্যৱস্থা সমগ্র বিশ্বব্যাপী প্ৰসাৰিত হৈছিল। শ্ৰমিকসকলে পুঁজিপতিসকলৰ বিৰুদ্ধে গঢ়ি তোলা সংগ্ৰামত প্রতিবন্ধকতা আৰোপ কৰি নিজ দেশৰ অর্থনৈতিক মন্দাৱস্থা অনুন্নত ৰাষ্ট্ৰসমূহলৈ স্থানান্তৰিত কৰিছিল, যাৰ ফলস্বৰূপে সাম্রাজ্যবাদ আৰু ঔপনিবেশিকতাবাদৰ প্ৰসাৰ সাধনৰ লগতে পুঁজিবাদী ব্যৱস্থা শক্তিশালী ৰূপত গা কৰি উঠিছিল।

উল্লেখ্য যে ঊনবিংশ শতিকাৰ শেষৰ দশকৰ সময়ছোৱাত প্ৰচলিত পুঁজিবাদী ব্যৱস্থাক লেনিনে বিলম্ব পুঁজিবাদ [Late Capitalism ] হিচাপে আখ্যা দিছিল। এই সময়ছোৱাত লাভৰ পৰিমাণ হ্রাস হোৱাৰ পৰিপ্ৰেক্ষিতত ইউৰোপীয় বণিক গোছীয়ে অধিক মুনাফা আহৰণৰ বাত অন্য ইউৰোপীয় ৰাষ্ট্ৰসমূহক উপনিবেশিকতাবাদ আৰু সামাজ্যবাদৰ গইনা লৈ শোষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

(খ) হামজা আলভিৰ অভিমত : মার্ক্সীয় চিন্তাবিদ হামজা আলভিয়ে তেওঁৰ ১৯৮২ চনত প্ৰকাশিত ‘Capitalism and Colonial Production শীর্ষক গ্ৰন্থখনত পুঁজিবাদ আৰু ঔপনিবেশিকতাবাদৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে ঔপনিবেশিকতাবাদক ওপনি অর্থাৎ তেওঁৰ মতে ঔপনিবেশিকতাবাদৰ সৈতে পুঁজিবাদৰ সম্পৰ্ক বিদ্যমান।

(গ) এলেন মেইকিনচ উদৰ অভিমত : মার্ক্সীয় চিন্তাবিদ এলেন মেইকিনচ উদে তেওঁৰ ‘A Origin of Capitalism: A Longer View? (১৯৯৯) শীর্ষক গ্ৰন্থখনত ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ মাজৰ সম্পৰ্কক সৰল আৰু প্ৰত্যক্ষ হিচাপে অভিহিত কৰি ব্যাখ্যা আগবঢ়াইছে এনেদৰে ষষ্ঠদশ আৰু সপ্তদশ শতিকাৰ সময়ছোৱাত ইউৰোপৰ বণিক গোষ্ঠী তথা ৰাষ্ট্ৰসমূহে অনা ইউৰোপীয় ৰাষ্ট্ৰসমূহত উপনিবেশ স্থাপন কৰি ইবিলাকক নিজৰ অধীনলৈ আনিবলৈ বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছিল আৰু ইয়াৰ মূল কাৰণ হিচাপে তেওঁ ‘পুঁজিবাদ’ক অভিহিত কৰিছিল। তেওঁ কার্লমার্ক্সৰ দ্বন্দ্বাত্মক পদ্ধতিৰ ঐতিহাসিক বস্তুবাদৰ আধাৰত পুঁজিবাদী ব্যৱস্থাৰ ক্ৰমবিকাশৰ ইতিহাস সম্পর্কে ব্যাখ্যা আগবঢ়াইছিল। ঔপনিবেশিকতাবাদৰ বিকাশৰ পুঁজিবাদী ব্যৱস্থাই এক নিৰ্ধাৰক ভূমিকা পালন কৰা বুলি উদে তেওঁৰ উপৰোক্ত, গ্ৰন্থখনত উল্লেখ কৰিছে।

(ঘ) সমীৰ আমিনৰ মতামত : ইজিপ্তৰ প্ৰসিদ্ধ অর্থনীতিবিদ সমীৰ আমিনে ঔপনিবেশিকতাবাদ আৰু পুঁজিবাদৰ মাজৰ সম্পৰ্কক অবিচ্ছিন্ন বুলি মত পোষণ কৰিছে। তেওঁৰ মতে ‘পুঁজিবাদৰ বাবে ঔপনিবেশিকতাবাদ অবিচ্ছিন্ন (Colonialism is Inseparable for Capitalism) অর্থাৎ তেওঁ ঔপনিবেশিকতাবাদক পুঁজিবাদৰেই সৃষ্টি বুলি অভিহিত কৰাৰ লগতে ইউৰোপীয় শক্তিগোষ্ঠীয়ে মুনাফা আহৰণৰ স্বাৰ্থতে বিভিন্ন অনা ইউৰোপীয় ৰাষ্ট্ৰত উপনিবেশ স্থাপন কৰিছিল বুলি ব্যাখ্যা আগবঢ়াইছিল।

৫। ঔপনিবেশিক শক্তি আৰু উপনিবেশসমূহৰ উত্থান সম্পর্কে লিখা। [Write the context of emergence of colonial power and colonialism.]

উত্তৰঃ ঔপনিবেশিকতাবাদৰ অবধাৰণাটোক উপনিবেশিক শক্তি আৰু উপনিবেশসমূহৰ প্ৰসংগৰে আলোচনা কৰিব পাৰি। ইতিপূর্বে উল্লেখ কৰি অহা অনুসৰিপঞ্চদশ শতিকাত আধুনিক ঔপনিবেশিকতাবাদৰ সূত্ৰপাত হোৱাৰ সময়ছোৱাত দুই ইউৰোপীয় ৰাষ্ট্ৰ ক্ৰমে পর্তুগাল আৰু স্পেইন প্রধান উপনিবেশিক শক্তি আছিল। পর্তুগালে প্রথমে চিউতা আৰু পৰৱৰ্তী সময়ত মাদাইৰা আৰু এজোৰেচ দ্বীপপূঞ্জত উপনিবেশ স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত আফ্রিকান মহাদেশৰ বিভিন্ন অঞ্চললৈ পৰ্তুগীজসকলে তেওঁলোকৰ উপনিবেশৰ সম্প্ৰসাৰণ ঘটাইছিল ইয়াৰ বিপৰীতে স্পেইনে এল্লানোল, বাথমা, কস্তুৰীকা আদি অঞ্চলসমূহ আৱিষ্কাৰ কৰি সিবিলাকত উপনিবেশ স্থাপন, কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত গ্রেটব্রিটেইনে পশ্চিম অঞ্চলত উপনিবেশ স্থাপন কৰি তৃতীয় ইউৰোপীয় উপনিবেশ শক্তি হিচাপে তেৰ অ বিস্তাৰ কৰ। পৰিলক্ষিত হৈছিল। কিছুমান ৰাষ্ট্ৰ ঔপনিবেশিক শক্তি হিচাপে আৰু আন একাংশই তেওঁলোকক ৰাষ্ট্ৰৰ ঔপনিবেশ স্থাপিত হোৱাৰ আলমতে ৰাষ্ট্ৰখন ঔপনিবেশিকতাবাদৰ লগত জড়িত হোৱাৰ উপক্ৰম হৈছে। আন একাংশ ৰাষ্ট্ৰ হৈছে এনেধৰণৰ যিসমূহ উপৰোক্ত দুইধৰণেৰেই ওপনিবেশিকতাবাদৰ সৈতে সংপৃক্ত৷ উদাহৰণস্বৰূপে, আমেৰিকা আৰু চীনৰ প্ৰসংগ উল্লেখ কৰিব পাৰি। এই ৰাষ্ট্ৰ দুখনত প্ৰথম অৱস্থাত ঔপনিবেশিক শক্তিয়ে উপনিবেশ স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰ দুখনে আন ৰাষ্ট্ৰৰ ওপৰত নিয়ন্ত্ৰণমূলক আধিপত্য বিস্তাৰ কৰিছিল।

ৰাষ্ট্ৰ গঠন প্রক্রিয়া : ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াৰ সৈতেও ঔপনিবেশিকতাবাদৰ এক নিবিড় সম্পর্ক পৰিলক্ষিত হৈছিল। ১৬৪৮ চনত সম্পাদিত ৱেষ্ট পেনলিয়া শক্তি চুক্তিৰ ভিত্তিত আধুনিক জাতি গঠনৰ প্ৰক্ৰিয়াৰ সূত্ৰপাত ঘটিছিল যদিও বেষ্ট ফেলিয়া শান্তি চুক্তিত নিৰ্ধাৰিত সংজ্ঞা অনুসৰি ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াটোৱে বিশেষ অগ্রগতি লাভ কৰা নাছিল। ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ আৰু বাহ্যিক উভয় দিশৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছিল ইউৰোপৰ বণিক গোষ্ঠীসমূহে। তেওঁলোকে কেঁচামালৰ প্ৰাচুৰ্যতাৰে পৰিপূৰ্ণ এই দুর্বল ৰাষ্ট্ৰসমূহত উপনিবেশ স্থাপন কৰি ৰাষ্ট্ৰসমূহৰ পৰা ন্যূনতম দৰত কেঁচা মালসমূহ আমদানি কৰিছিল। আৰু নিজ দেশত উন্নত প্রযুক্তিৰ প্ৰয়োগেৰে উৎপাদিত দ্রব্য সামগ্ৰীসমূহ এই উপনিবেশসমূহত অধিক দৰত বিক্ৰী কৰিছিল। কেৱল এয়েই নহয় ঔপনিবেশিক শক্তিসমূহে কোনো প্রতিদ্বন্দ্বী শক্তিগোষ্ঠীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ’ব লগা হ’লে তেওঁলোকৰ উপনিবেশসমূহৰ জনগণক যুদ্ধ ক্ষেত্ৰত সেনানী হিচাপে নিয়োজিত কৰিছিল আৰু এনেদৰে ঔপনিবেশিক শক্তিসমূহে নিজ দেশৰ মানৱ সম্পদৰ অপচয় ৰোধ কৰাত সহায় কৰিছিল।

ঔপনিবেশিকতাবাদে উপনিবেশিক ৰাষ্ট্ৰৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি উপনিবেশসমূহত প্ৰসাৰৰ জৰিয়তে বিকাশ সাধনৰ প্ৰয়াস কৰিছিল। ব্ৰিটিছ ভাৰতৰ আম ক’ব পাৰি যে ভাৰতবৰ্ষত ব্ৰিটিছসকল উপনিবেশ স্থাপন কৰাৰ পিছত পাশ্চাত্য শিক্ষা প্ৰচলনৰ লগতে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। সমান্তৰালভাৱে, উপনিবেশিক শক্তিসমূহৰ এনে কাৰ্যই ঔপনিবেশিসমূহৰ ওপৰতো বিশেষ প্ৰভাৱ পেলাইছিল পশ্চিমীয়া শিক্ষাই ক্ষুদ্র ক্ষুদ্র গোটত বিভাজিত উপনিবেশসমূহৰ জনগণক ৰাজনৈতিকভাৱে সজাগ সচেতন কৰি জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষণত অনবদ্য অৱদান যোগাইছিল। ব্ৰিটিছসকলে ভাৰতবৰ্ষত উপনিবেশ স্থাপন কৰাৰ পূৰ্বে ভাৰতবৰ্ষত কেতবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হৈ আছিল ব্ৰিটিছসকলে এই সকলোবিলাককে একত্ৰিত কৰি এক ভাৰত হিচাপে শাসন চলাইছিল। এক কথাত ক’বলৈ গ’লে, ক্ষুদ্র ক্ষুদ্ৰ গোটত বিভাজিত ভাৰতীয় জনগণৰ মনত জাতীয়তাবাদী মনোভাৱ উন্মেষ ঘটাৰ ক্ষেত্ৰত ঔপনিবেশিকতাবাদে বিশেষভাৱে উৎসাহ উদ্দীপনা যোগাইছিল। ইয়াৰ আলমতেই ভাৰতীয়সকলে ঔপনিবেশিক শক্তিৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত জাতীয় আন্দোলন গঢ়ি তুলি দেশৰ স্বাধীনতা আহৰণ কৰিবলৈ সক্ষম হৈছিল।

৬। ঔপনিবেশিকতাবাদৰ প্ৰকাৰসমূহৰ বিষয়ে বহলাই আলোচনা কৰা ? [Discuss in detail the types of colonialism.]

উত্তৰঃ ঔপনিবেশকতাবাদৰ প্ৰকাৰসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল—

(ক) প্ৰব্ৰজনকাৰী বা পমুৱা ঔপনিবেশিকতাবাদ : এনে উপনিবেশসমূহত এক বৃহৎ সংখ্যক প্রবজনকাৰী বা পমুৱা লোকে ভূমি নিজৰ অধান কৰিলয় আৰু পৰবৰ্তী সময়ত এই লোকসকল সংখ্যাগুৰু হৈ পৰে। পেট্ৰক বলফে তেওঁৰ “American Historical Review “ প্রকাশিত এক লিখনিত এক ‘বিতাড়নৰ যুক্তি’ক প্ৰয়োগ কৰি কৈছিল যে এনে পৰিবেশ সৃষ্টি হোৱাৰ পিছত দেশীয় লোকসকল ক্রমান্বয়ে হেৰাই যায় আৰু কেৱল তেওঁলাকেৰ স্মৃতিহে ৰৈ যায়।

(খ) মালিকানাধীন ঔপনিবেশিকতাবাদ : ঔপনিবেশিক শাসকসকলে ঠাই ভেদে কোনো এটা বিশেষ শস্য যেনে- চেনী, কফি, কপাহ, ৰবৰ, চাহপাত আদি উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যদিও এইশাসকসকল কোনো সাম্রাজ্যবাদী শাসক শ্ৰেণীৰ সদস্য আছিল আৰু সংখ্যাগত দিশৰ পৰা ক্ষুদ্ৰ আছিল তথাপিও তেওঁলোকে ইয়াৰ  যোগেদিয়েই উপনিবেশসমূহৰ ৰাজনৈতিক, ন্যায়িক আৰু প্ৰশাসনীয়  ক্ষেত্ৰত নিয়ন্ত্রণ সাব্যস্ত কৰিছিল। এই কামসমূহ কৰিবৰ বাবে এই ঔপনিবেশিক শাসকসকলৰ শ্ৰমিকৰ নাটনি হোৱাত তেওঁলোকে আফ্রিকা আদি অঞ্চলৰ পৰা একবৃহৎ সংখ্যক শ্ৰমিকৰ আমদানি কৰিছিল।

(গ) নিষ্কাষণমূলক ঔপনিবেশিকতাবাদ : সকলো ঔপনিবেশিকভাবাদী শাসকে তেওঁলোকৰ উপনিবেশসমূহত পোৱা কেঁচা সামগ্ৰী সৰ্বোচ্চ পৰিমাণত আহৰণ কৰিবলৈ বিচাৰিছিল৷ এনে প্রাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সামাজিক নৃগোষ্ঠীয় সম্পদসমূহ লাভৰ বাবে ঔপনিবেশিকতাবাদী শাসকসকলৰ যি আকাংক্ষা তাকে নিষ্কাষণমূলক ঔপনিবেশিকতাবাদ বুলি গণ্য কৰা হয়। নিষ্কাষণমূলক উপনিবেশিকতাবাদৰ অর্থ স্থায়ী দখলীস্বত্ব নহয়, কিন্তু বহু ক্ষেত্ৰত এই ধাৰাই অনুসৰণ কৰা দেখা যায়। সম্পদৰ কাৰণে এই উপনিবেশিকতাবাদী শাসকসকলে পদ্ধতিগতভাবে স্বদেশী লোকসকলক ধ্বং কৰি পেলায়। অৱশ্যে এই শাসকসকলে সেই অঞ্চলৰ পাৰম্পৰিক জ্ঞান, শ্রমিক আৰু স্বদেশী লোকসকলৰ মাজত কুটনৈতিক হস্তক্ষেপৰ বাবে এই অঞ্চলসমূহৰ কিছুমান লোকৰ ওপৰত নিৰ্ভৰশীল হ’ব লগাও হয়।

(ঘ) বাণিজ্যিক ঔপনিবেশিকতাবাদ : গ্রেট বিটেইনৰ দক্ষিণ আমেৰিকাৰ উপনিবেশৰ পৰম্পৰাগত ইতিহাসে বাণিজ্যিক সম্পর্ক ক্ষেত্ৰত থকা পুঁজিবাদৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ঔপনিবেশিক প্রান্তীয় অঞ্চলসমূহে ঔপনিবেশিক শাসকবর্গক কেঁচা সামগ্ৰীৰ যোগান ধৰিছিল আৰু ইয়াৰ বিনিময়ত ঔপনিবেশিক শক্তিসমূহ বস্তুকে ধৰি অন্যান্য সামগ্রীসমূহ উৎপাদন কৰি তেওঁলোকৰ উপনিবেশসমূহত বিক্ৰী কৰিছিল। অৱশ্যে সাম্রাজ্যবাদী স্থানসমূহৰ বাহিৰতো বাণিজ্যিক শোষণৰ পৰিবেশ বৰ্তি আছিল।

(ঙ) যোগাযোগৰ ঔপনিবেশিকতাবাদ : ১৯৮৫ চনত আমেৰিকাই বিদেশীলোকসকলৰ বাবে বন্দৰ মুকলি কৰি দিয়াৰ বাবে জাপানৰ ওপৰত যি হেচা প্ৰয়োগ কৰিছিল সেয়া বাণিজ্যৰ পৰিবৰ্তে যোগাযোগ সুচল কৰিবলৈহে কৰা হৈছিল। ইয়াৰ যোগেদি আমেৰিকাই নিজৰ যুদ্ধ জাহাজবোৰক সুৰক্ষিত পথ প্ৰদান কৰিব বিচাৰিছিল। যোগাযোগৰ অর্থনীতি আৰু সংস্কৃতিত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়।

(চ) সাম্রাজ্যবাদী শক্তিৰ ঔপনিবেশিকতাবাদ : কেতিয়াবা ঔপনিবেশিকতাবাদ কেৱল নিজৰ স্বাৰ্থৰ উদ্দেশ্যে বিস্তাৰ হোৱা দেখিবলৈ পোৱা যায়। ১৮ শতিকাত দক্ষিণ আমেৰিকাত ফ্ৰান্স আৰু বিটেইনৰ সাম্রাজ্যবাদী প্রতিদ্বন্দ্বিতা আৰু ১৯শ শতিকাত প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহতকৈ প্ৰব্ৰজনকাৰী, মালিকানাধীন আৰু নিষ্কাষণমূলক ঔপনিবেশিকতাবাদৰ উপৰিও অন্যান্য সাম্রাজ্যসমূহতকৈ আগত ভূমি দখলৰ কাৰণে এই ঔপনিবেশিক শক্তিসমূহ প্রতিযোগিতাত নামি পৰিছিল। অৱশ্যে সাম্রাজ্যবাদী শক্তিৰ ঔপনিবেশিকতাবাদৰ ওপৰত ইউৰোপিয়ানসকলৰ একাধিপত্য নাছিল।

(ছ) পিছ দুৱাৰেদি প্রতিষ্ঠা কৰা সাম্রাজ্যবাদ : ঔপনিবেশিকতাবাদী শাসকসকলে কেতিয়াবা কিছুমান মাৰাত্মক পৰীক্ষা সম্পাদন কৰিবৰ বাবে কিছুমান পৰিত্যন্ত অঞ্চল বাছি লয়। ব্ৰিটিছসকলে অষ্ট্ৰেলিয়াৰ পৰিত্যক্ত অঞ্চল বাছি লৈছিল মূলত ইয়াক বন্দীশালৰ উপনিবেশ হিচাপে গঢ়ি তুলিবৰ কাৰণে । ইয়াৰ উপৰিও ফ্ৰান্স আৰু চিলিয়েও প্রশান্ত মহাসাগৰীয় দ্বীপসমূহত দণ্ড সম্বন্ধীয় উপনিবেশ প্রতিষ্ঠা কৰিছিল। বিংশ শতিকাত আমেৰিকাই তেওঁলোকৰ আণবিক শক্তিৰ পৰীক্ষা প্রতিষ্ঠা কৰিব বাবে প্ৰবজনকাৰী উপনিবেশত কৰাৰ দৰে, মাশ্বাল দ্বীপ লোকসকলক স্থানান্তৰিত কৰিছিল।

(জ) ন্যায়িক ঔপনিবেশিকতাবাদ : কূটনৈতিক বা শক্তি প্রয়োগ যোগেদি কোনোৱে স্বতন্ত্রতা লাভ কৰিব পাৰে বা আন অঞ্চলতকৈ উচ্চ পৰ্যায়ৰ কৰ্তৃত্ব প্রতিষ্ঠা কৰিব পাৰে। ১৯শ শতিকাত যিবোৰ মানুহে আদিম যুগত বসবাস কৰাৰ দৰে পৰিবেশত আছিল, তেতিয়া সেইবোৰ অঞ্চলত আমেৰিকাই ন্যায়িক পৰিক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল।

(ঝ) কঠোৰ ঔপনিবেশিকতাবাদ : ঔপনিবেশিকতাবাদ সদায় ৰাষ্ট্ৰ পৃষ্ঠপোষকতাৰ দ্বাৰাই প্ৰতিষ্ঠা নহয়। বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানেও বহিঃৰাষ্ট্ৰত শাসন প্রতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰই এনেদৰে বহিঃৰাষ্ট্ৰত শাসন প্রতিষ্ঠা কৰা প্ৰতিষ্ঠানবোৰৰ দাবীসমূহক সুৰক্ষা প্ৰদান কৰিছিল।

(ঞ) মিছনেৰী ঔপনিবেশিকতাবাদ : ব্যক্তিগত প্রতিনিধি হিচাপে। মিছনেৰীসকলকো কঠোৰ ঔপনিবেশিকতাবাদী হিচাপে গণ্য কৰা হয়। কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ মাজত কিছুমান বিশেষ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।

(ট) ঔপনিবেশিকোত্তৰ ঔপনিবেশিকতাবাদ : পূৰ্বৰ ঔপনিবেশসমূহে অতি শীঘ্রেই ওপনিবেশিকতাবাদী পৰম্পৰাক পৰিত্যাগ কৰিব পৰা নাছিল। এই উপনিবেশবোৰে স্বাধীনতা লাভ কৰাৰ পিছতো অন্যান্য সম্পর্কবোৰৰ উপৰিও ‘অর্থনৈতিকভাবেও ঔপনিবেশিকতাবাদী শক্তিবোৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকা দেখা পোৱা যায়।

৭। ঔপনিবেশিকতাবাদৰ প্রভাব সম্পর্কে আলোচনা কৰা। [Discuss about the Impact of Colonialism]

উত্তৰঃ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰ তথা ৰাজনৈতিক ব্যৱস্থাত ঔপনিবেশিকতাবাদৰ প্ৰভাৱ সম্পর্কে নিম্নোক্তধৰণে আলোচনা কৰিব পাৰি—

(ক) ঔপনিবেশিকতাবাদৰ ফলত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক অৱস্থাৰ ব্যাপকভাবে ক্ষতিগ্রস্ততাৰ সন্মুখীন হৈছিল। উপনিবেশসমূহৰ অর্থনৈতিক শোষণেই আছিল ঔপনিবেশিকতাবাদৰ প্রধান সমস্যা। এই উদ্দেশ্য আগত ৰাখিয়েই ওপনিবৈশিক শক্তিসমূহে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক ঔপনিবেশিক অর্থনীতিলৈ ৰূপান্তৰিত কৰিছিল। উল্লেখ্য ওপনিবেশিক অর্থনীতিৰ কোনো স্বতন্ত্রতা নাথাকে, বৰঞ্চ ওপনিবেশিক ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক স্বাৰ্থহে পূৰণ কৰে। ঔপনিবেশিক শক্তি বিলাকে অতি সুলভ মূল্যত উপনিবেশসমূহৰ পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰি নিজ দেশত উৎপাদিত সামগ্ৰীসমূহ উপনিবেশবিলাকত অধিক দৰত বিক্ৰী কৰিছিল। ফলত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ, অর্থনৈতিক অৱস্থা ঔপনিবেশিক শাসনৰ সময়ছোৱাত সম্পূৰ্ণৰূপে ৰূগ্ন হৈ পৰিছিল। কেৱল এয়ে নহয় তৃতীয় বিশ্বৰ বহুবিলাক ৰাষ্ট্ৰই স্বাধীনতা লাভৰ বহুদশক অতিক্রম কৰা স্বত্বেও অর্থনৈতিক অনগ্ৰসৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ’ব পৰা নাই। গতিকে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে ওপনিবেশিক শোষণক বহু পৰিমাণে দায়ী বুলি ক’ব পাৰি।

(খ) ঔপনিবেশকতাবাদৰ ফলত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক দশ্যপটৰো যথেষ্ট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছিল। ঔপনিবেশিক শক্তিসমূহে নিজা অর্থনৈতিক মুনাফা আহৰণৰ স্বাৰ্থতেইপূৰ্বে খণ্ডিত ৰূপত বিভিন্ন ৰাজনৈতিক গোটত বিভক্ত ৰাজনৈতিক গোটসমূহক একে শাসন ব্যৱস্থাৰ অধীনত আনি এক ৰাজনৈতিক গোটত পৰিণত কৰিছিল। এনে কৰিবলৈ যাওঁতে ঔপনিবেশিক শক্তিসমূহে জনগণৰ সাংস্কৃতিক বৈচিত্র্যতাৰ পৰিৱৰ্তে প্ৰশাসনীয় সুচলতাৰ প্ৰতিহে বেছিগুৰুত্ব আৰোপ কৰিছিল। যাৰ ফলত ঔপনিবেশিক শক্তি গোষ্ঠীয়ে সৃষ্টি কৰা এই ৰাজনৈতিক গোটসমূহত বিভিন্ন আৰু সুকীয়া সাংস্কৃতিক গোট সোমাই পৰে। স্বাধীনতা লাভৰ পৰৱর্তী ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যবস্থাক পশ্চিমীয়াকৰণৰ প্ৰক্ৰিয়া সম্পূর্ণ হৈ উঠে। প্রসংগক্রমে উল্লেখ কৰি থোৱাটো সমুচিত হ’ব যে ঔপনিবেশিক শাসনৰ সময়ছোৱাত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে সমতা, স্বতন্ত্রতা, ন্যায়, আধিকাৰ, ভাতৃত্ববোধ আদিৰ দৰে পশ্চিমীয়া অৱধাৰণাসমূহৰ সৈতে অৱগত হৈ পৰৱৰ্তী সময়ত এই ধ্যান ধাৰণাসমূহৰ দ্বাৰা, অনুপ্রাণিত হৈছে উপনিবেশসমূহে তেওঁলোকৰ ঔপনিবেশিক শক্তিসমূহৰ বিৰুদ্ধে স্বাধীনতাৰ হ’কে আন্দোলন গঢ়ি তুলিছিল।

(গ) তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ সামাজিক জীৱনতো ঔপনিবেশিকতাবাদে প্রভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। ঔপনিবেশিক শক্তিগোষ্ঠীসমূহে উপনিবেশসমূহত, তেওঁলোকৰ নিজস্ব ভাষা, সাহিত্য, সংস্কৃতি প্ৰৱৰ্তন কৰিছিল। সমান্তৰালভাৱে উপনিৱেশসমূহেও নিজস্ব সভ্যতা সংস্কৃতিৰ তুলনাত পশ্চিমীয়া সংস্কৃতিক উৎকৃষ্ট বিবেচনা কৰি পশ্চিমীয়া সভ্যতা সংস্কৃতিক আকৌৱালি ল’বলৈ কুণ্ঠাবোধ কৰা নাছিল। এনে দৃষ্টিকোণৰ পৰা স্বালে ক’ব পাৰি যে ঔপনিবেশিক কর্তৃপক্ষই আর্থ সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত শাসন প্রতিষ্ঠা কৰাৰ উপৰিও তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ জনগণৰ মনতো প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই প্রক্রিয়াটোকে মনৰ ঔপনিবেশিকীকৰণ বুলি অভিহিত কৰা হয়।

৮। ঔপনিবেশিকতাবাদৰ বিৰোধী সংগ্রাম সম্পর্কে লিখা। [Write about Anti Colonial Struggles]

উত্তৰঃ কুৰি শতিকাত সমগ্রবিশ্বতে ব্যাপক গণতান্ত্রিক উত্থানৰ পৰিবেশ সৃষ্টি হোৱা দেখা পোৱা গৈছিল। এই শতিকাৰ প্ৰথমার্ধত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত এই দুই মহাদেশত ঔপনিবেশিকতাবাদ দূৰ্বল হৈ পৰিছিল। ঔপনিবেশিকতাবাদ বিৰোধী সংগ্রামসমূহে উপনিবেশ বা অর্ধ উপনিবেশবোৰত যি গতি লাভ কৰিছিল, ঊনবিংশ শতিকাত ৰাষ্ট্ৰবাদৰ উত্তৰণৰ পৰিপ্ৰেক্ষিতত সেই গতি ক্ৰমাৎ শক্তিশালী হৈ উঠিছিল। ঔপনিবেশিক শাসনৰ ফলত সৃষ্ট ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক পৰাধীনতা আৰু বৰ্ণবাদী অত্যাচাৰৰ প্ৰত্যুত্তৰ হিচাপে এই সংগ্রামসমূহ গঢ়ি উঠিছিল। এচিয়া, আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত পাশ্চাত্যৰ ওপনিবেশিক সাম্রাজ্য ধ্বংস হৈ যোৱাৰ মূলতে আছিল বর্ধিত জাতিয়তাবাদী মনোভাৱ আৰু পাশ্চাত্য আধিপত্যৰ বিৰুদ্ধে সূচনা হোৱা বিদ্রোহ।

ঔপনিবেশিকতাবাদ বিৰোধী সংগ্ৰামসমূহে সফলতা অর্জন কৰিবৰ বাবে দুটা পৃথক পদ্ধতি ব্যৱহাৰ কৰিছিল। এইবোৰ হ’ল- প্ৰথমতে, মহাত্মা গান্ধীয়ে সত্যাগ্রহ বৰ্জন, শাসক বৰ্গৰ সৈতে অসহযোগ আদিৰ জৰিয়তে সূচনা কৰা শান্তিপূর্ণ অহিংস আন্দোলন আৰু দ্বিতীয়তে, সশস্ত্র সংগ্ৰামৰ দ্বাৰা বিদেশী শাসকবর্গক উপনিবেশ ত্যাগ কৰিবলৈ শোষণ বঞ্চনাৰ পৰিসমাপ্তি কৰিবলৈ আৰু উপনিবেশসমূহৰ পৰা নিজকে আঁতৰাই নিবলৈ বাধ্য কৰা হৈছিল।

ঔপনিবেশিকতাবাদ বিৰোধী সংগ্রামসমূহ মূলত দুই ধৰণৰ—

(ক) ৰাষ্ট্ৰীয় স্বাধীনতা সংগ্ৰাম আৰু (খ) জাতীয় মুক্তি সংগ্রাম। প্ৰথমটো সংগ্ৰামৰ মূল লক্ষ্য হ’ল বিদেশী শাসনক ওফৰাই স্বদেশী শাসন প্রতিষ্ঠা কৰা, যাৰ উদ্দেশ্য হ’ল পৰৱৰ্তী সময়ত এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলা। দ্বিতীয় ধৰণৰ সংগ্ৰাম তুলনামূলকভাৱে কিছু পলমকৈ গঢ়ি উঠিছিল, যাৰ মূল লক্ষ্য আছিল বিদেশী শাসনৰ অন্ত পেলাই সমাজখনক আমূল পৰিৱৰ্তনৰে পুনঃগঠন কৰা। বাওঁপন্থী গৱেষকসকলে এই সংগ্ৰামসমূহক ৰাজনৈতিক পৰিবৰ্তনৰ কাৰণে বুজোঁৱা, বৃত্তিধাৰী আৰু আমোলাতান্ত্রিক সংগ্রাম হিচাপে আখ্যা দিছিল। ৰাষ্ট্ৰীয় স্বাধীনতা। সংগ্রামসমূহ প্রায়সমূহ উপনিবেশতে সূচনা হৈছিল। একেদৰে ঔপনিবেশিকতাবাদ বিৰোধী সংগ্ৰামসমূহে বিভিন্ন অঞ্চল যেনে- ভাৰত, চীন, দক্ষিণ আমেৰিকা আৰু আফিকাৰ পৰ্টুগীজ অধীনস্থ উপনিবেশসমূহত জাতীয় স্বাধীনতাৰ সংগ্ৰামৰ ৰূপ ধাৰণ কৰিছিল।

ভাৰতবৰ্ষকে ধৰি এক বৃহৎ সংখ্যক দেশত উপনিবেশিকতাবাদ বিৰোধী আন্দোলনসমূহে যি ৰূপ ধাৰণ কৰিছিল তাক ৰাষ্ট্ৰীয় স্বাধীনতা আন্দোলন হিচাপে অভিহিত কৰা হৈছিল। এই আন্দোলনসমূহৰ মূল লক্ষ্য আছিল বিদেশী শাসনৰ অৱসান ঘটাই ৰাজনৈতিক স্বতন্ত্ৰতা অৰ্জন কৰা। এই স্বাধীনতা সংগ্রামসমূহৰ নেতৃবৃন্দৰ মূল লক্ষ্য আছিল বিদেশী শাসকবর্গৰ পৰা নিজৰ লোকসকলৰ হাতলৈ শাসনৰ ক্ষমতা হস্তগত কৰা ইয়াৰ উপৰিও এই সংগ্ৰামসমূহৰ আন এক লক্ষ্য হ’ল বিদেশী শাসনে ক্ষমতাচ্যুত কৰি স্বদেশীৰ শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলা।

সমালোচকসকলৰ মতে, এই সংগ্রামসমূহৰ প্ৰধান ক্ষমতাৰ পৰিৱৰ্তনৰ বাবেহে গঢ়ি উঠিছিল। কিছুমান উপনিবেশত স্বাধীনতা সংগ্ৰামসমূহৰ সূচনা হৈছিল প্রধানত দুটা উদ্দেশ্যত। এই ঔপনিবেশিকতাবাদ বিৰোধী সংগ্ৰামসমূহে শোষণ-বঞ্চনা আৰু অন্যায়ৰ পৰা জনসাধাৰণক মুক্তি দি স্বতন্ত্রতা প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছিল। একে সময়তে তেওঁলোকে বিদেশী শাসকসকলক পৰাভূত কৰি অভিজাত শ্ৰেণীৰ পৰিৱর্তে সাধাৰণ, জনসাধাৰণৰ বাবে ক্ষমতা অৰ্জন কৰিব বিচাৰিছিল। অৱশ্যে সেই ক্ষমতা প্ৰকৃতাৰ্থত সাধাৰণ জনতাৰ হাতলৈ গ’ল নে ক্ষমতা সাধাৰণতে নেতৃত্বৰ হাতলৈকে যায়।

৯। ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলনৰ কাৰকসমূহ আলোচনা কৰা।

উত্তৰঃ ঔপনিবেশিক শক্তিসমূহে বিশ্বৰ বিভিন্ন ৰাষ্ট্রসমূহ নিজস্ব মুনাফা আহৰণৰ লক্ষ্য আগত ৰাখি উপনিবেশসমূহত চলাই অহা অর্থনৈতিক, ৰাজনৈতিক শোষণ বঞ্চনাৰ বিৰুদ্ধে প্রতিবাদ জনাই উপনিবেশসমূহে বিভিন্ন সময়ত ঔপনিবেশ শক্তিৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল। অৱশ্যে ঔপনিবেশিকতাবাদ বিৰোধী এই আন্দোলনটোৰ পটভূমি একেদিনাই গঢ় লৈ উঠা নাছিল। বিভিন্ন কাৰকে এই আন্দোলনটো গঢ় লৈ উঠাত অৰিহণা যোগাইছিল। এনে এক প্রেক্ষাপটতে ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলনটো গঢ় লৈ উঠাত অৱদান যোগোৱা কেইটামান গুৰুত্বপূৰ্ণ কাৰকৰ বিষয়ে তলত আলোচনা কৰা হ’ল―

(ক) অর্থনৈতিক শোষণ : ঔপনিবেশিক শক্তিসমূহে উপনিবেশসমূহত চলোৱা অৰ্থনৈতিক শোষণ ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন গঢ় লৈ উঠাৰ অন্যতম প্রধান কাৰক। ঔদ্যোগিক ক্ষেত্ৰত উন্নত ইউৰোপীয় ৰাষ্ট্ৰসমূহে কেচামালৰ প্ৰাচুৰ্যতাৰে পূৰ্ণ অনা ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ পৰা ন্যূনতম দৰত কেঁচা সামগ্ৰী ক্ৰয় কৰি নি নিজ দেশত উৎপাদিত সামগ্ৰীসমূহ অধিক দৰত বিক্ৰী কৰাৰ অৰ্থে, বজাৰ দখল কৰাৰ লক্ষ্যৰে এই ৰাষ্ট্ৰসমূহত উপনিবেশ স্থাপন কৰিছিল। ঔপনিবেশিক শক্তিগোষ্ঠীয়ে উপনিবেশসমূহৰ ওচৰত চলোৱা অৰ্থনৈতিক শোষণৰ ফলত উপনিবেশ সমূহত অর্থনৈতিক সংকটৰ সৃষ্টি হৈছিল। গতিকে ঔপনিৱেশিক শক্তিৰ এনে অর্থনৈতিক বঞ্চনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই উপনিবেশসমূহত ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল।

(খ) পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ : ঔপনিবেশিক শক্তিবিলাকে তেওঁলোকৰ উপনিবেশসমূহত অর্থনৈতিক আৰু ৰাজনৈতিক সুচলতাৰ, অর্থে পাশ্চাত্য শিক্ষাৰ প্রৱৰ্তন কৰিছিল। এই পাশ্চাত্য শিক্ষাৰ প্ৰসাৰে উপনিবেশসমূহৰ জনসাধাৰণৰ মনত পশ্চিমীয়া ৰাজনৈতিক ধ্যান-ধাৰণা আৰু প্ৰমূল্যৰাজিৰ বিষয়ে অবগত কৰি তোলে আৰু এনে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈ উপনিবেশসমূহৰ জনসাধাৰণে স্বাধীনতাৰ দাবীৰে উপনিবেশিকতাবাদ বিৰোধী আন্দোলনৰ ভেঁটি গঢ়ি তুলিছিল।

(গ) সংবাদমাধ্যমৰ ভূমিকা : ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলনসমূহ গঢ়ি উঠাৰ ক্ষেত্ৰত সংবাদ মাধ্যম বিলাকেও এক অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল। ঔপনিবেশিক শাসনৰ সময়ছোৱাত শিল্প বিপ্লৱৰ সমান্তৰালভাৱে গণ মাধ্যম বিলাকেও প্ৰসাৰ লাভ কৰিছিল। এই সংবাদ মাধ্যম বিলাকৰ জৰিয়তে উপনিবেশিক সমূহত ঔপনিবেশিক শক্তিসমূহে চলোৱা শোষণ নিষ্পেষণৰ বা-বাতৰি সমূহ প্রকাশিত হৈছিল। তদুপৰি সংবাদ মাধ্যম বিলাকৰ জৰিয়তে পশ্চিমীয়া সমাজ সভ্যতা আৰু ৰাজনৈতিক ব্যবস্থাৰ বিষয়ে অৱগত হৈ তেওলোকৰ মাজত সজাগ সচেতনতাৰ উদ্বেগ হৈছিল। ইয়েই পৰৱৰ্তী সময় ওপনিবেশিকতাবাদ বিৰোধী আন্দোলনৰ উত্থানত অৰিহণা যোগাইছিল।

(ঘ) সাংস্কৃতিক আগ্রাসন : ঔপনিবেশিক শক্তিসমূহে উপনিবেশসমূহৰ কেৱল অর্থনৈতিক ব্যৱস্থাতে যে মোক্ষম আঘাত হানিছিল এনে নহয়, উপনিবেশসমূহৰ থলুৱা ভাষা-সাহিত্য, সংস্কৃতিৰ ওপৰতে বিৰূপ প্রভাৱ পেলাইছিল। ঔপনিবেশিক শক্তি বিলাক উপনিবেশসমূহত তেওঁলোকৰ দেশীয় সভ্যতা সংস্কৃতি বলপূর্বকভাৱে আৰোপ কৰাৰ ফলত উপনিবেশ সমূহৰ থলুৱা সভ্যতা-সংস্কৃতি বিলুপ্ত হোৱাৰ উপক্ৰম হৈছিল। গতিকে উপনিবেশসমূহে থলুৱা কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ স্বাৰ্থত উপনবেশিক শক্তিৰ এনে সাংস্কৃতিক আগ্রাসানৰ প্রতিবাদ জনাই ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন গঢ়ি উঠিছিল।

(ঙ) ঊনবিংশ শতিকাৰ সামাজিক-সংস্কাৰ মূলক আন্দোলনসমূহ : ঊনবিংশ শতিকাৰ সময়ছোৱাত প্রায়বিলাক উপনিবেশতে কেতবোৰ ধর্মীয়, সামাজিক সংস্কাৰমূলক আন্দোলন গঢ় লৈ উঠিছিল। এই আন্দোলন সমূহে উপনিবেশসমূহত পৰম্পৰাগতভাবে প্রচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ ইত্যাদিৰ দৰে কেতবোৰ সামাজিক ব্যাধিৰ বিৰুদ্ধে জনগণক সজাক সচেতন কৰি তেওঁলোকৰ মাজত এক প্রগতিশীল চিন্তাধাৰাৰ জাগ্রত কৰি তুলিছিল। এনে প্রগতিশীল চিন্তাধাৰাই পৰৱৰ্তী সময়ত ঔপনিবেশসমূহত ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলনৰ ভেটি গঢ় লৈ উঠাত উৎসাহ উদ্দীপনা জগাইছিল।

(চ) জাতীয়তাবাদৰ উত্থান : ঔপনিবেশিক শাসনৰ প্ৰাৰম্ভিক অৱস্থাত উপনিবেশ সমূহৰ জনসাধাৰণৰ জাতীয়তাবাদী ভাৱধাৰা উন্মেষণ হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ, পশ্চিমীয়া প্ৰমূল্যবোধৰ প্ৰচলন, সংবাদ মাধ্যমৰ প্ৰসাৰতা ইত্যাদিয়ে উপনিবেশসমূহৰ জনগণৰ মাজত জাতীয়তাবাদী মনোভাৱৰ উল্লেষণ ঘটাইছিল। যিয়েই নেকি পৰৱৰ্তী সময়ত উপনিবেশসমূহত স্বাধীনতা আন্দোলনৰ পটভূমি ৰচনা কৰাত অৰিহণা যোগাইছিল।

(ছ) মধ্যবিত্ত শ্ৰেণীৰ ভূমিকা : উপনিবেশসমূহ ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত উপনিবেশ সমূহৰ মধ্যবিত্ত শ্রেণীটোৱেও এক নিৰ্ধাৰক ভূমিকা পালন কৰিছিল। উপনিবেশসমূহত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ সাধনৰ ফলত উপনিবেশসমূহত শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৱে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল। ঔপনিবেশিক শক্তিয়ে উপনিবেশ সমূহত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ সাধন কৰাৰ লগে লগে উপনিবেশ সমূহত পাশ্চাত্য শিক্ষাৰে শিক্ষিত এচাম মধ্যবিত্ত শ্ৰেণীৰ আবিৰ্ভাৱ হৈছিল। এই মধ্যবিত্ত শ্রেণীটোৱে ঔপনিবেশিক শক্তিৰপৰা নানা সুযোগ সুবিধা আহৰণ কৰিলেও বিভিন্ন কাৰণত ঔপনিবেশিক শক্তি গোষ্ঠীৰ বিৰোধীতা কৰিছিল। ভাৰতবৰ্ষৰ বেলিকা বৃটিছৰ অপশাসনৰ বিৰুদ্ধে জাতীয়তাবাদী আন্দোলনটি গঢ়ি তোলাৰ ক্ষেত্ৰত এই উচ্চ শিক্ষিত মধ্যবিত্ত শ্রেণীটোৱে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। এনে এক প্রেক্ষাপটত মধ্যবিত্ত শ্রেণীটোক ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন গঢ়ি লৈ উঠাৰ অন্যতম প্রধান কাৰক হিচাপে অভিহিত কৰিব পাৰি।

(জ) ৰাজনৈতিক সজাগ সচেতনতা : ঔপনিবেশিক শাসনৰ ধ্যান ধাৰণাৰ সৈতে একাত্মবোধ আদি বিভিন্ন কাৰকে উপনিবেশ সমূহৰ জনগণৰ মাজত  ৰাজনৈতিক সজাগ সচেতনতা জাগ্ৰত কৰি তুলিছিল। জনগণে তেওঁলোক আর্থ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ আৰু দায়িত্ববোধৰ বিষয়ে সজাগ হৈছিল। ফলস্বৰূপে জনগণে তেওঁলোকৰ প্রাপ্য অধিকাৰৰ দাবী তুলি ঔপনিবেশিক শক্তিৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল। এনেদৰে ঔপনিবেশিক শাসনৰ সময়ছোৱাত বিভিন্ন কাৰকে ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল।

১০। নিঃঔপনিবেশিকীকৰণৰ প্ৰক্ৰিয়া বুলিলে কি বুজা? এই প্ৰক্ৰিয়াত অহিৰণা যোগোৱা [What do you mean by the process of Neo-colonization. Discuss the factors that contributed to this process.]

উত্তৰঃ নিঃঔপনিবেশিকীকৰণৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰা কাৰকসমূহৰ বিষয়ে তলত বহুলভাৱে আলোচনা কৰা হ’ল:―

(ক) ঔপনিবেশিক শক্তিসমূহৰ মাজৰ প্ৰধান দ্বন্দ্ব : ঔপনিবেশিক শক্তিবিলাকৰ মাজৰ তুমুল প্রতিদ্বন্দ্বিতাৰ বাবে তেওঁলোকে পৰস্পৰে পৰস্পৰক দুৰ্বল কৰি তোলাৰ প্ৰয়াস কৰিছিল। তেওঁলোকে প্রত্যেকেই অনান্য উপনিবেশসমূহৰ জাতীয়তাবাদী আন্দোলনসমূহক অনুপ্রাণিত কৰি তোলাৰ লগতে আন্দোলনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল। উদাহৰণস্বৰূপে ১৮৭১ চনৰ জাৰ্মানৰ দ্বাৰা ফ্ৰান্সৰ ভূখণ্ড অধিগ্রহণে ফ্রান্স-জার্মান পাৰস্পৰিক শত্রুতাক এনেদৰে জাগ্ৰত কৰি তুলিছিল ইউৰোপীয় শক্তিৰ মাজৰ সম্পৰ্ক স্বাভাৱিকীকৰণব ক্ষেত্ৰত প্ৰধান প্রতিবন্ধক সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰাই ১৯১৪ চনত প্ৰথম মহাসমৰৰ সূত্রপাত ঘটিছিল।

(খ) পশ্চিমীয়া প্ৰমূল্যৰাজিৰ প্ৰভাৱ : পশ্চিমীয়া দর্শন, সংস্কৃতি, সভ্যতা, সাহিত্য আৰু শিক্ষাৰ প্ৰসাৰে এই উপনিবেশসমূহৰ জনগণক স্বতন্ত্রতা, সমতা, ভাতৃত্ববোধ আৰু গণতন্ত্ৰৰ দৰে প্ৰমূল্যৰাজি অনুধাৱন কৰিবলৈ উৎসাহিত কৰি তুলিছিল। পশ্চিমীয়া শিক্ষাই ঔপনিবেশিক জনগণক মনঃস্তাত্ত্বিকভাৱে প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিছিল। পাশ্চাত্য শিক্ষাৰে শিক্ষিত চামে এই উপনিবেশসমূহৰ জনগণক যাৱতীয় নেতৃত্ব প্ৰদান কৰিছিল। এনেদৰে সৰ্বসাধাৰণ শ্ৰেণীৰ লোকো এই আদৰ্শ আৰু প্ৰমূল্যৰাজিৰ প্ৰতি সচেতন আৰু আকৰ্ষিত হৈ পৰিছিল।

(গ) জাতীয় সচেতনতা বৃদ্ধি : ঊনবিংশ শতিকাৰ শেষৰ ফালে জাতীয়তাবাদৰ উত্থানৰ লগে লগে উপনিৱেশ আৰু অৰ্দ্ধ উপনিবেশ সক্রিয় সমূহত ঔপনিবেশিকতাবাদ বিৰোধী আন্দোলন সমূহে গঢ় লৈ উঠিছিল। এছিয়া আফ্রিকান অঞ্চসমূহত পশ্চিমীয়া ঔপনিবেশিক সাম্ৰাজ্যৰ অৱসান, বর্ধিত জাতীয়তাবাদ আৰু পশ্চিমীয়া আধিপত্যব বিৰুদ্ধে গঢ় লৈ উঠা বিদ্ৰোহৰ ফলশ্ৰুতিস্বৰূপে অভিহিত কৰা হয়। সাম্রাজ্যবাদ বিৰোধী আন্দোলনসমূহ মূলতঃ দুই ধৰণৰ আছিল– স্বাধীনতা আন্দোলন আৰু মুক্তি আন্দোলন। স্বাধীনতা আন্দোলনৰ জৰিয়তে এক শক্তিশালী ৰাষ্ট্ৰ গঠনৰ বাবে জাতীয় চৰকাৰৰ দ্বাৰা বিদেশী চৰকাৰৰ উৎখাত কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা হৈছিল। দ্বিতীয়টো অর্থাৎ জাতীয় মুক্তি আন্দোলন আপেক্ষিকভাৱে পৰৱর্তী সৃষ্টি জৰিয়তে শোষণমূলক বৈদেশিক শাসনৰ অৱসান ঘটাই সমাজৰ এক চৰম যাৰ পুনঃগঠনক উদ্দেশ্য হিচাপে গণ্য কৰা হৈছিল।

(ঘ) আঘাতমূলক দ্বিতীয় বিশ্বযুদ্ধ : উপনিবেশ সমূহৰ স্বাধীনতা প্ৰাপ্তিৰ ক্ষেত্ৰত দ্বিতীয় বিশ্বযুদ্ধ ভগৱানৰ প্ৰেৰিত এক আশীর্বাদস্বৰূপে প্রমাণিত হৈছিল। এই বিশ্বযুদ্ধই উপনিবেশসমূহক তেওঁলোকৰ ঔপনেবিশিকতা বিৰোধী প্ৰৱণতাক সৱলীকৰণক উৎসাহিত কৰণৰ জৰিয়তে উপনিৱেশবিলাকৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। ইউৰোপৰ তিনিটা সাম্রাজ্যবাদী শক্তি জাৰ্মানৰ দখলত আছিল। যুদ্ধৰ সময়ছোৱাত তেওঁলোকৰ সামাজিক শক্তি আৰু অৰ্থনীতি একেবাৰে ৰণ হৈ পৰিছিল। বৃহত্তম সাম্রাজ্যবাদী শক্তি হিচাপে বিটেইনে এক অৰ্থনীতিৰে সৈতে যুদ্ধৰ পৰাই উত্থান ঘটিছিল। দ্বিতীয় বিশ্বযুদ্ধই ইউৰোপৰ সাম্রাজ্যবাদী দেশসমূহক দুৰ্বল কৰি তোলাৰ লগতে নিঃ ঔপনিবেশিকীকৰণৰ প্ৰক্ৰিয়াত অৱদান যোগাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top