Human Rights of Education Unit 4 Agencies of Human Rights Education

Human Rights of Education Unit 4 Agencies of Human Rights Education, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 4 Agencies of Human Rights Education Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 4 Agencies of Human Rights Education Question Answer can be of great value to excel in the examination.

Join Telegram channel

Human Rights of Education Unit 4 Agencies of Human Rights Education

Human Rights of Education Unit 4 Agencies of Human Rights Education Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 4 Agencies of Human Rights Education provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

9. Examine the philosophical foundation of the UN Charter: How far it is realistic?

Ans. ৰাষ্ট্ৰসংঘৰ চনদৰ দাৰ্শনিক ভেটি : কুৰি শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত প্ৰতিষ্ঠা হোৱা সৰ্বাত্মকবাদী চৰকাৰসমূহে নিজ নিজ দেশত মানৱ অধিকাৰ উলংগভাৱে ভংগ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধই মানৱ জাতিৰ মৰ্যাদা অৱনমিত কৰিছিল। জাতি, ধৰ্মৰ নামত কিছুমান মানৱ গোষ্ঠীক পৃথিৱীৰ পৰা নিঃশেষ কৰাৰ যত্ন কৰা হৈছিল। জাৰ্মানত হিটলাৰৰ নেতৃত্বত আৰু ইটালীত মুচোলিনীৰ নেতৃত্বত নাজী আৰু ফেচিষ্ট দলে মানৱ জাতিৰ ওপৰত অবর্ণনীয় অত্যাচাৰ কৰি মানৱ অধিকাৰ নিঃশেষ কৰাৰ ব্যৱস্থা হাতত লৈছিল। হিটলাৰৰ নেতৃত্বত জাৰ্মানত লাখ লাখ ইহুদীৰ নিধন যজ্ঞ সংঘটিত কৰা হৈছিল। বিশ্বৰ মানৱ অধিকাৰৰ এনে বৰ্বৰ উলংঘনে বিশ্বৰ বিবেকত আঘাত কৰিছিল। সমগ্ৰ মানৱ জাতিৰ মানৱ অধিকাৰ কেনেকৈ সুৰক্ষা দিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ, মানৱ অধিকাৰৰ আইন বিধিবদ্ধ কৰিবলৈ আৰু সুৰক্ষাৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘই প্রথম ধনাত্মক ভূমিকা গ্ৰহণ কৰে। 

ইয়াৰ বাবে ১৯৪৫ চনৰ ২৬ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ চনদ স্বাক্ষৰিত কৰা হয়। মানৱ অধিকাৰৰ চনদত সেইবাবে বিশ্বৰ সভ্য জাতিসমূহৰ মানৱ অধিকাৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান পৰিস্ফুত হৈছে। মানৱ অধিকাৰৰ চনদত মানৱ অধিকাৰ ৰক্ষাৰ বাবে থকা বিশ্বৰ সভা ৰাষ্ট্ৰসমূহৰ আগ্ৰহ প্ৰকাশ পাইছে।

ৰাষ্ট্ৰসংঘৰ চনদ বিধিবিলাকত দুখন বিশ্বযুদ্ধই মানৱ জাতিৰ ওপৰত কৰা অত্যাচাৰ আৰু শোষণৰ বিৰুদ্ধে দার্শনিক আৰু কার্যকৰী ভিত্তি সন্নিৱিষ্ট হৈছে। পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ সভ্য ৰাষ্ট্ৰসমূহে এক বিশ্ব সংগঠনৰ যোগেদি মানৱ জাতিৰ অধিকাৰ সুৰক্ষাৰ বাবে এক চনদ গ্রহণ কৰিছিল। চনদত ঘোষণা কৰা হৈছিল। যে বিশ্বজনীন সংগঠনটোৰ প্ৰধান লক্ষ্য হৈছে ভৱিষ্যতৰ প্ৰজন্মক যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰা (To save succeeding generation for the scourge of war)। চনদৰ মানুহৰ মৌলিক অধিকাৰ, মানৱীয় মর্যাদাবোধ, পুৰুষ আৰু মহিলাৰ সম অধিকাৰত আস্থা স্থাপন কৰা হৈছে।

(১) চনদ ১নং অনুচ্ছেদত কোৱা হৈছে যে জাতি, লিংগ, ভাষা, ধৰ্ম নিৰ্বিশেষে মানৱ অধিকাৰ বিকাশ আৰু উৎসাহিত কৰা আৰু আন্তৰ্জাতিক সহযোগিতা সফল কৰা ৰাষ্ট্ৰসংঘৰ এটা প্ৰধান লক্ষ্য।

এই অনুচ্ছেদত আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ লগতে মানৱ অধিকাৰ বিকাশ কৰাটো ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য বুলি ঘোষণা কৰা হৈছে। আন্তৰ্জাতিক অর্থনৈতিক, সামাজিক সাংস্কৃতিক আৰু মানৱীয় দিশত যিবিলাক সমস্যা আছে তেনে সমস্যা সমাধানৰ ক্ষেত্ৰত আন্তর্জাতিক সহযোগিতা সুনিশ্চিত কৰা ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য বুলি ঘোষণা কৰা হৈছে।

(২) চনদৰ ১৩ অনুচ্ছেদৰ দ্বাৰা জাতি-ধৰ্ম-ভাষাৰ নিৰ্বিশেষে মানৱ অধিকাৰ আৰু মৌলিক স্বতন্ত্রতা উপলব্ধিৰ বাবে অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আন্তর্জাতিক সহযোগিতা বৃদ্ধি কৰিবলৈ অধ্যয়ন, অনুসন্ধান আৰু প্ৰয়োজনীয় পৰামৰ্শ দান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক দায়িত্ব অর্পণ কৰা হৈছে।

(৩) চনদৰ ৫৫নং অনুচ্ছেদত সকলো সদস্যৰাষ্ট্ৰই যাতে মানৱ অধিকাৰৰ নীতিসমূহ মানি চলে আৰু সেইবিলাকৰ প্ৰতি মানুহৰ সন্মান বৃদ্ধিৰ কাৰণে কাম কৰে তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰসংঘক দায়িত্ব অর্পণ কৰা হৈছে।

(৪) চনদৰ ৬২ অনুচ্ছেদত মানৱ অধিকাৰৰ আৰু মৌলিক স্বতন্ত্ৰতাৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আৰু অনুমোদন দিবলৈ অর্থনৈতিক আৰু সামাজিক পৰিষদক ক্ষমতা প্ৰদান কৰা হৈছে।

(৫) চনদৰ ৬৮নং অনুচ্ছেদত অর্থনৈতিক আৰু সামাজিক ক্ষেত্রসমূহত মানৱ অধিকাৰ বিকাশৰ বাবে এক আন্তর্জাতিক আয়োগ গঠন কৰিবলৈ অৰ্থনৈতিক আৰু সামাজিক পৰিষদক ক্ষমতা প্ৰদান কৰা হৈছে।

(৬) ৰাষ্ট্ৰসংঘৰ ন্যাস পৰিষদৰ প্ৰধান উদ্দেশ্যৰ বিষয়ে ৭৬নং অনুচ্ছেদত কোৱা হৈছে। বিশ্বৰ জনগণক স্বাধীনতাৰ বাবে উৎসাহিত কৰা আৰু ভেদাভেদ নৰখাকৈ মৌলিক মানৱ অধিকাৰক সন্মান কৰিবলৈ উৎসাহিত কৰা ৰাষ্ট্ৰসংঘৰ ন্যাস পৰিষদৰ প্ৰধান উদ্দেশ্য। সমতা আৰু আত্মনিৰ্ধাৰণৰ নীতিৰ ভিত্তিত শান্তিপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পর্ক গঢ়ি তোলা এই পৰিষদৰ অন্যতম উদ্দেশ্য।

ৰাষ্ট্ৰসংঘৰ চন্দ হৈছে মানৱ অধিকাৰ দাৰ্শনিক ভেঁটি। এই ভেঁটিত মানৱ অধিকাৰৰ প্ৰতি শ্ৰদ্ধাৰ ভাব নিহিত হৈ আছে। সেই কাৰণেই ৰাষ্ট্ৰসংঘৰ চনদক ‘মানৱ অধিকাৰ মেৰিয়াই হোৱা সোণালী সূতা’ বুলি কোৱা হৈছে। মানৱ অধিকাৰৰ দৰ্শন ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰতিটো দিশতে সন্নিবিষ্ট হৈ আছে।

মানৱ অধিকাৰৰ চনদ বাস্তৱসন্মত নে?

ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা অধিকাৰবিলাক আৰু অধিকাৰ যক্ষাৰ অন্তৰালত থকা দার্শনিক উদ্দেশ্য কিমানদূৰ সফল হৈছে তাৰ উত্তৰ সহজে দিয়া কঠিন। ইয়াৰ কাৰণ হ’ল ৰাষ্ট্ৰসংঘৰ যোগেদি বিশ্বৰ মানৱৰ অধিকাৰ ৰক্ষাৰ বাবে গ্ৰহণ কৰা কিছুমান ব্যবস্থা ফলৱৰ্তী হৈছে যদিও বিভিন্ন দেশত মানৱ অধিকাৰ লংঘন কৰাৰ উদাহৰণ অলেখ আছে। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে এসময়ত মানৱ অধিকাৰ ভংগ কৰা কাৰ্য বাধা দিবলৈ বিশ্বত কোনো সংগঠন নাছিল। বৰ্তমান ৰাষ্ট্ৰসংঘৰ যোগেদি জনসাধাৰণৰ ওপৰত চলা শোষণ নির্যাতন বাধা দিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মানৱ অধিকাৰৰ প্ৰতি সন্মান বৃদ্ধি কৰিবলৈ আৰু মানৱীয় মূল্যবোধ ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ লগতে ৰাষ্ট্ৰবোৰেও প্ৰচেষ্টা হাতত ল’বলগীয়া হৈছে। বিভিন্ন ৰাষ্ট্ৰত মানৱ অধিকাৰ আয়োগ গঠন কৰি মানৱ অধিকাৰ উলংঘন কৰাত বাধা দিবলৈ প্রচেষ্টা হাতত লোৱা হৈছে।

ৰাষ্ট্ৰসংঘৰ চনদৰ ব্যৱস্থাৱলীৰ আন্তৰ্জাতিক আইনৰ দৰে বন্ধনকাৰী প্ৰভাৱ আছে। ইয়াৰ কাৰণ হ’ল এই চনদ ৰাষ্ট্ৰসমূহৰ চুক্তিৰ ফল। গতিকে চনদৰ ব্যৱস্থাৱলী আইনৰ দৰেই ৰাষ্ট্ৰসমূহৰ ওপৰত বাধ্যতামূলক। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই চনদৰ চৰ্তাৱলী বিশ্বাসেৰে সৈতে মানি চলিব লাগে। মানৱ অধিকাৰ ৰক্ষা কৰা, বিকাশ কৰা, সন্মান কৰা আৰু ৰাষ্ট্ৰসংঘৰ লগত সহযোগিতাৰে এক আদৰ্শ ৰক্ষাৰ বাবে কাম কৰাটো প্ৰত্যেক ৰাষ্ট্ৰৰে প্রধান কর্তব্য। এনে আদর্শক ৰূপ দিবৰ বাবেই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণা পত্ৰৰ খচৰা মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ইলিয়েনৰ ৰুজভেল্টৰ (Eleanor Roosevelt) তত্বাৱধানত গ্রহণ কৰা হৈছিল। ১৯৪৮ চনৰ ১০ ডিচেম্বৰত এই ঘোষণাপত্ৰ সাধাৰণ সভাই গ্ৰহণ কৰিলে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ ঘোষণাপত্ৰত দুই ভাগত ভগাব পাৰি —

(১) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ। আৰু

(২) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। ১৯৬৬ চনত এই দুই প্ৰকাৰৰ অধিকাৰক আইনগত ৰূপ দিয়া হয় ।

এই অধিকাৰবিলাকক ৰাষ্ট্ৰসমূহে স্বীকৃতি দিলেও বহু অধিকাৰ ক্ষেত্ৰত সাৰ্বজনীন নীতি গ্ৰহণ কৰিব পৰা অৱস্থা এতিয়াও অহা নাই। পশ্চিমীয়া অধিকাৰৰ ধাৰণাৰ লগত প্ৰাচ্যৰ অধিকাৰৰ ধাৰণাৰ বিসংগতি আছে। ৰাষ্ট্ৰীয় একতা, নিৰাপত্তাৰ নামত এতিয়াও বহু ৰাষ্ট্ৰই জনসাধাৰণৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি আহিছে। নৃগোষ্ঠীয় অধিকাৰবিলাকক বহু ৰাষ্ট্ৰই এতিয়াও ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰ বিৰোধী বুলি গণ্য কৰি আহিছে। গতিকে এনে অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে গঢ়ি তোলা আন্দোলনবোৰক ৰাষ্ট্ৰই কঠোৰ হাতেৰে দমন কৰি আহিছে।

ৰাষ্ট্ৰৰ সীমাৰ ভিতৰত প্ৰতিখন সাৰ্বভৌম ৰাষ্ট্ৰই নিজৰ অধীনস্থ সংগঠন, ব্যক্তিৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অখণ্ডতাৰ নামত ব্যক্তি বা গোষ্ঠীৰ মানৱ অধিকাৰ লংঘন কৰিব পাৰে। আভ্যন্তৰীণ শান্তি ৰক্ষাৰ নামত এখন ৰাষ্ট্ৰই অধিকাৰৰ দাবী নাকচ কৰিব পাৰে। ৰাষ্ট্ৰসংঘই এখন ৰাষ্ট্ৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে।

এখন ৰাষ্ট্ৰৰ সীমাৰেখাৰ ভিতৰত মানৱ অধিকাৰ উলংঘন হ’লে ৰাষ্ট্ৰসংঘই তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। সন্ত্ৰাসবাদ দমনৰ নামত বা নিৰাপত্তাৰ নামত বহু ৰাষ্ট্ৰত সঘনে মানৱ অধিকাৰ উলংঘন কৰা বাতৰি পোৱা যায়। এইবোৰ ক্ষেত্ৰত কেৱল ৰাষ্ট্ৰসংঘই অকলে ব্যৱস্থা গ্ৰহণ কৰা সম্ভৱ নহয়। ৰাষ্ট্ৰবোৰৰ মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ প্ৰতি আস্থা আৰু সন্মান থাকিলেহে মানৱ অধিকাৰৰ চনদত উল্লেখ থকা আদর্শসমূহ বাস্তৱত ৰূপায়ণ হ’ব পাৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, মানৱ অধিকাৰ ৰক্ষাৰ অন্যান্য সংগঠন, সজাগ আৰু সচেতন ব্যক্তি তথা সমাজে মানৱ অধিকাৰ ৰক্ষাৰ যাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

10. Critically examine the impact of Globalization on Human Rights.

Ans. বর্তমান বিশ্বৰ উদাৰীকৰণ বা গোলকীকৰণ নীতিয়ে যেনেকৈ ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক ইত্যাদি দিশত মানৱ অধিকাৰৰ বিকাশত অৰিহণা যোগাইছে তেনেকৈ উদাৰীকৰণ নীতিয়ে সমাজৰ এক শ্ৰেণীৰ মানুহৰ জীৱনলৈ দুর্দশা কঢ়িয়াই অনাৰ লগতে মানৱ অধিকাৰো খৰ্ব কৰিছে।

মানৱ অধিকাৰ আন্তৰ্জাতিকৰণৰ বাবে এতিয়ালৈকে কেইবাখনো আন্তর্জাতিক সন্মিলন অনুষ্ঠিত হৈছে। সেইবিলাকৰ ভিতৰত প্ৰধান সন্মিলনবোৰ হৈছে— টেহৰাণ সন্মিলন, ভিয়েনা সন্মিলন, বছনিয়া সন্মিলন, এংগোলা ঘোষণা আৰু বেইজিঙত অনুষ্ঠিত চতুর্থ বিশ্ব নাৰী সন্মিলন।

মানৱ অধিকাৰ আন্তৰ্জাতিকৰণৰ প্ৰচেষ্টাই বিশ্বৰ জনসাধাৰণৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, নাগৰিক, নাৰী আৰু শিশু অধিকাৰ, গোষ্ঠী অধিকাৰক সুৰক্ষা আৰু মৰ্যাদা প্রদান কৰিবলৈ যত্ন কৰা হৈছে। 

তেনেকৈ উদাৰীকৰণ বা গোলকীকৰণৰ ব্যৱস্থায়ো বিশ্বৰ বিশ্বৰ জনসাধাৰণৰ বাবে আর্থিক দিশত অধিক অধিকাৰ প্ৰদান কৰাত গুৰুত্ব দিছে। এইক্ষেত্ৰত মানৱ অধিকাৰৰ আন্তর্জাতিকৰণ আৰু উদাৰীকৰণৰ উদ্দেশ্য একেই। কিন্তু সাধাৰণভাৱে চালে একে যেন লাগিলেও মানৱ অধিকাৰৰ আন্তর্জাতিকৰণ আৰু গোলকীকৰণ প্ৰকৃততে একে নহয়। গোলকীকৰণত জনসাধাৰণৰ অৰ্থনৈতিক অধিকাৰৰ ওপৰত অত্যধিক গুৰুত্ব দিয়া হয়। বিশ্বৰ সকলো জনসাধাৰণৰ বা দেশ অর্থনৈতিকভাৱে স্বচ্ছল নহয়। কিছুমান দেশ জনসাধাৰণৰ অর্থনৈতিক প্রাচুর্য আছে। ইয়াৰ ফলত তেওঁলোকে বিশ্ব বাণিজ্যত মুক্তভাৱে ধন বিনিয়োগ কৰিব পাৰে, বিভিন্ন স্থানত উদ্যোগ বিশ্ব বাণিজ্যত মুক্তভাৱে ধন বিনিয়োগ কৰিব পাৰে, বিভিন্ন স্থানত উদ্যোগ প্রতিষ্ঠা কৰিব পাৰে, উন্নত প্রযুক্তিবিদ্যাৰ দ্বাৰা বৃহৎ পৰিমাণৰ উৎপাদিত সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। সেইবোৰ দেশ আৰু পুঁজিপতি শ্রেণীয়ে অবাধ অর্থনৈতিক অধিকাৰ উপভোগ কৰিব পাৰে।

আনহাতেদি বিশ্বৰ সৰহসংখ্যক দেশৰ জনসাধাৰণৰ এতিয়াও দৰিদ্ৰতাৰ কবলত আৱদ্ধ হৈ আছে। এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহু দেশ আৰু ইয়াৰ বাসিন্দাসকলৰ সৰহভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। অনাহাৰ-অনিদ্ৰাৰ পৰা, বস্ত্ৰ সংস্থাপনৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। সেইবোৰ দেশৰ জনসাধাৰণৰ গৰিষ্ঠসংখ্যক লোক এতিয়াও নিৰক্ষৰ অৱস্থাতেই আছে। কিন্তু এইসকল লোকৰ বাবে মানৱ অধিকাৰ এতিয়াও অর্থহীন শব্দ বুলিহে গণ্য কৰিব পাৰি। এনে অৱস্থাত গোলকীকৰণে এই অভাৱগ্ৰক্ত, দৰিদ্ৰ লোকসকলৰ জীৱনলৈ দুর্দশাহে নমাই আনিছে।

মানৱ অধিকাৰ আধুনিক সমাজৰ ভেঁটি স্বৰূপ। মানৱ অধিকাৰৰ অৱমাননাই ব্যক্তিৰ জীৱন দুখময় কৰি তোলাৰ লগতে সামাজিক জীৱনো দুর্বিসহ কৰি তোলে। মানৱ অধিকাৰ বুলিলে বৈষম্যৰ অভাৱক বুজায়। কিন্তু ইতিহাসত সদায় ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত বৈষম্য থকাৰ প্ৰমাণহে আছে। মানৱ অধিকাৰ সাৰ্বজনীন। এই মানৱ অধিকাৰ সকলোৰে বাবে। কিন্তু গোলকীকৰণে সকলোকে মানৱ অধিকাৰ লাভৰ সুবিধা দিয়া নাই। গোলকীকৰণে মানৱ অধিকাৰ এক পুঁজিপতি ধনী শ্রেণীকহে প্ৰদান কৰি সমগ্ৰ বিশ্বৰ সৰল সংখ্যক লোকৰ অধিকাৰৰ পৰা বঞ্চিতহে কৰিছে।

মানৱ অধিকাৰ বুলিলে কেৱল ৰাজনৈতিক অধিকাৰ উপভোগ কৰাটোকে নুবুজায়। সমাজৰ বা ৰাষ্ট্ৰৰ সৰহসংখ্যক লোকে যদি নিত্য ব্যবহার্য সামগ্ৰীখিনি পোৱাৰ অধিকাৰ নেথাকে তেন্তে কেৱল ৰাজনৈতিক অধিকাৰ পালেই মানৱ অধিকাৰ উপভোগ কৰিছে বুলি ক’ব নোৱাৰি। মানৱ অধিকাৰৰ বাবে সকলো মানুহৰ ৰাজনৈতিক অধিকাৰৰ লগতে আৰ্থ-সামাজিক উন্নয়নৰ অতি প্রয়োজন। গতিকে মানৱ অধিকাৰৰ ধাৰণাটোৰ লগত ৰাজনৈতিক নাগৰিক, আর্থিক, সামাজিক, সাংস্কৃতিক, গোষ্ঠীগত অধিকাৰ জড়িত হৈ আছে। বিশেষকৈ অর্থনৈতিক অধিকাৰ থাকিলেহে অন্যান্য অধিকাৰসমূহ অৰ্থপূৰ্ণ হৈ আছে। বিশেষকৈ অর্থনৈতিক অধিকাৰ থাকিলেহে অন্যান্য অধিকাৰসমূহ অৰ্থপূৰ্ণ হ’ব। অভাৱৰ পৰা মুক্ত হ’ব পাৰিলেহে অন্যান্য অধিকাৰসমূহক মানুহে সদ্ব্যৱহাৰ কৰিব পাৰে।

ৰাষ্ট্ৰই অন্যান্য অধিকাৰৰ লগতে অর্থনৈতিক অধিকাৰ সুৰক্ষা দিয়াত অগ্ৰাধিকাৰ দিব লাগে, কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰ ব্যৱস্থাই গোলকীকৰণৰ নামত মানৱ অধকাৰ ৰক্ষা কৰাৰ পৰিবৰ্তে এনে অধিকাৰ খৰ্ব কৰাতহে লিপ্ত হৈছে। ভাৰত চৰকাৰে ১৯৯১ চনৰে পৰা বজাৰ ভিত্তিত গোলকীকৰণ ব্যৱস্থা গ্ৰহণ কৰি অৰ্থনৈতিক সংস্কাৰৰ নামত শ্রমিক কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ অধিকাৰ খৰ্ব কৰাত আগভাগ লৈছে। ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে বিশ্ব বেংক (World Bank) আৰু আন্তৰ্জাতিক মুদ্রানিধিৰ (International Monetary Fund) পৰা বৃহৎ পৰিমাণৰ আর্থিক ঋণ গ্রহণ কৰিছে। এই ঋণ গ্ৰহণ কৰোঁতে চৰকাৰে কিছুমান চৰ্ত মানি ল’ব লাগে। এই চৰ্তসমূহে কিন্তু দৰিদ্ৰ শ্রমিক, বেতনভোগী। কৰ্মচাৰী, জনসাধাৰণ সকলোৰে সামগ্ৰিক জীৱন প্ৰভাৱিত কৰিছে। এই গোলকীকৰণ নীতিৰ ফলত এক শ্রেণী পুঁজিপতি বিত্তবান হৈছে আৰু বৃহৎ সংখ্যক লোক চৰম দৰিদ্ৰতাৰ ফালে আগবাঢ়ি গৈছে।

উদাৰীকৰণৰ ফলত সমাজৰ বৃহৎ সংখ্যক লোক অধিকাৰৰ পৰা বঞ্চিত হৈছে। আধুনিক প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ ফলত উদ্যোগবোৰত বহুসংখ্যক শ্রমিক কর্মবিহীন আৰু নিবনুৱা হৈ পৰিছে। মুদ্রাস্ফীতি প্ৰায় ১২ শতাংশ হৈছে। এনে পৰিপ্ৰেক্ষিতত বেতনভোগী কৰ্মচাৰীক দিয়া মৰগীয়া বানচ মূল্যহীন হৈ পৰিছে। মূল্যবৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। সাধাৰণ লোকে প্রয়োজনীয় সামগ্ৰী যোগাৰ কৰিব পৰা নাই। বহু চৰকাৰী বিভাগ বেচৰকাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে শ্রমিক-কৰ্মচাৰীৰ অধিকাৰ পুঁজিপতি শ্ৰেণীৰ বহতীয়া কৰি তোলা হৈছে।

বজাৰ ভিত্তিক অর্থনীতি গ্ৰহণ কৰাৰ ফলস্বৰূপে খালী পদ সমূহত নিয়োগৰ ব্যৱস্থা বন্ধ কৰা হৈছে। তাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। ঠিকা ভিত্তিক নিয়োগৰ ব্যৱস্থাক প্রাধান্য দিয়া হৈছে। চৰকাৰী বিভাগবোৰৰ কাম-কাজ Qutsouringe যোগেদি কৰাৰ বাবে পদবোৰ বিলুপ্তি হোৱাৰ পথ প্রশস্ত হৈছে।

শ্রমিক সংগঠনবোৰে ট্রেড ইউনিয়ন কৰাৰ অধিকাৰ আছে। কিন্তু গোলকীকৰণৰ নামত শ্ৰমিকসকলৰ এই অধিকাৰ সৰ্ব কৰিবলৈ লোৱা হৈছে। শ্রমিকক উপযুক্ত মজুৰি দিয়া ব্যৱস্থাৰ পৰিৱৰ্তে উদ্যেগা খণ্ড বেচৰকাৰী কৰি বেতনৰ তাৰতম্য বৃদ্ধি কৰা হৈছে। পশ্চিমীয়া দেশৰ দৰে উচ্চ বৰ্গৰ বিষয়াক অধিক বেতন দি নিম্নবৰ্গৰ শ্ৰমিকক কম বেতন ধার্যৰ ব্যৱস্থা কৰা হৈছে। বেতনৰ ক্ষেত্ৰত এনে বৃহৎ বৈষম্য মানৱ অধিকাৰৰ ধাৰণাৰ পৰিপন্থী। গতিকে প্রশ্ন হয় গোলকীকৰণ কাৰ বাবে? মানৱ অধিকাৰ কৰা বাবে?

যদি এমুঠি মানুহৰ বাবেহে গোলকীকৰণৰ অর্থপূর্ণ তেন্তে তেনে গোলকীকৰণ মানৱ অধিকাৰৰ বাবে বিপদজনকহে।

গোলকীকৰণৰ নামত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী সাহায্য (subsidy) পর্যায়ক্রমে উঠাই লোৱা হৈছে। ফলস্বৰূপে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলে অধিক দামত সামগ্রী ক্রয় কৰিব লগা হৈছে। ইয়াৰ বাবে দৰিদ্ৰ সকলৰ অৱস্থা অৱনতি হৈছে।

গোলকীকৰণৰ নামত বিভিন্ন দেশৰ পুঁজিপতিসকলে বৃহৎ উদ্যোগ গোষ্ঠীবোৰে পৃথিৱীৰ যিকোনো ঠাইত লাভৰ আশাত বৃহৎ বৃহৎ উদ্যোগ প্রতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে। বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। নদীৰ ওপৰত ডাঙৰ ডাঙৰ বান্ধ নিৰ্মাণ কৰিছে। এনে আঁচনিবিলাকত লাভৰ আশাত চৰকাৰেও সহযোগ কৰিছে। উদ্যোগৰ নামত স্থানীয় লোকক অপসাৰণ কৰা হৈছে। অপসাৰণ কৰা লোকক উপযুক্ত পৰিৱেশত সংস্থাপন নকৰি এক শ্ৰেণী লোকৰ অধিকাৰ খৰ্ব কৰা হৈছে। নদীৰ ডাঙৰ বান্ধ ভাগি যোৱাৰ বাবে বা বান্ধৰ পানী খুলি দিয়াৰ বাবে প্রলয় সদৃশ বানপানী সৃষ্টি লৈ লাখ লাখ লোক গৃহহীন হৈছে। উপযুক্ত সাহায্য, চিকিৎসা, খোৱাপানীৰ অভাৱত জীয়াতু ভুগিব লগা হৈছে। ইয়াতকৈ ভয়ংকৰ বিপদ হৈছে লাখ লাখ বিঘা মাটিৰ শস্য বানপানীয়ে উটুৱাই নিছে, ঘৰ-দুৱাৰ উটি গৈছে। উদাৰীকৰণৰ নামত বৃহৎ সংখ্যক লোকৰ অধিকাৰৰ অৰ্থ নাইকিয়া হৈছে।

মুক্ত বাণিজ্য অঞ্চল Fez (Free Economic zone) প্রতিষ্ঠা কৰি ভাৰতৰ বিভিন্ন ঠাইত জনসাধাৰণক গৃহহীন কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনে অঞ্চলবিলাকত শ্ৰমিকৰ ট্রেড ইউনিয়ন গঠনৰ ক্ষমতা নাইকিয়া কৰা হৈছে। শ্রমিকক বন্ধ শ্ৰমিকলৈ ৰূপান্তৰ কৰা হৈছে। পশ্চিমবংগত এনে মুক্ত বাণিজ্য অঞ্চল প্রতিষ্ঠা কৰিবলৈ যাওঁতে গোষ্ঠীগত সংঘাত সংঘটিত হোৱাৰ বেছি দিন হোৱা নাই। এই সংঘর্ষত বহু লোকে প্রাণ দিব লগাও হৈছিল। এনেদৰে মুক্ত বাণিজ্য নীতিৰ ফল জনজীৱনৰ জীয়াই থকাৰ অধিকাৰ বিপদাপন্ন হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত গোলকীকৰণৰ বিৰুদ্ধে জনসাধাৰণে বিক্ষোভ প্ৰদৰ্শন কৰিব লগা হৈছে।

11. Bring out the major achievement of International Human Right covenant on civil and political Rights.

Ans. নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিপত্ৰত কিছুমান সাধাৰণ অধিকাৰ প্ৰদান কৰা হৈছে। এইবোৰৰ ভিতৰত আত্মনিৰ্ধাৰণৰ অধিকাৰ, জীৱিকাৰ অধিকাৰ, সম্পত্তি বেচা-কিনাৰ অধিকাৰ প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰই চুক্তিপত্ৰত উল্লেখিত অধিকাৰ সমূহ উপভোগত সহায় কৰিব লাগিব, অধিকাৰ ভংগ কৰিলে ৰাষ্ট্ৰই আইনৰ যোগেদি প্ৰতিবিধানৰ ব্যৱস্থা কৰিব লাগিব। নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ উপভোগ কৰোঁতে পুৰুষ-মহিলাৰ সম অধিকাৰ ৰাষ্ট্ৰই প্ৰদান কৰিব লাগিব। (১-৪ অনুচ্ছেদ) ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিপত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে এই চুক্তিপত্ৰই জনসাধাৰণক কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰিছে। চুক্তিপত্ৰত (৬ৰ পৰা ২৭নং অনুচ্ছেদলৈ) গুৰুত্বপূৰ্ণ মানৱ অধিকাৰ উল্লেখ কৰা হৈছে।

গুৰুত্বপূৰ্ণ অধিকাৰসমূহ হৈছে—

(ক) জীয়াই থকাৰ অধিকাৰ : সকলো ব্যক্তিৰ জীয়াই থকাৰ অধিকাৰ আছে। হত্যাৰ দৰে ডাঙৰ অপৰাধৰ ক্ষেত্ৰতহে ব্যক্তিক মৃত্যুদণ্ড বিধান দ্বিব পাৰে। গৰ্ভৱতী মহিলা আৰু নাবালক সন্তানক মৃত্যুদণ্ড বিহিব নোৱাৰিব। কোনো মানুহ সন্মতি নোলোৱাকৈ তেওঁৰ ওপৰত গৱেষণা কৰিব নোৱাৰিব।

(খ) দাসত্ব বিৰোধী অধিকাৰ : কোনো মানুহক বাধ্যতামূলকভাৱে কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব।

(গ) ব্যক্তিগত স্বতন্ত্রতা আৰু নিৰাপত্তাৰ অধিকাৰ : আইনৰ প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। গ্ৰেপ্তাৰ হোৱা ব্যক্তিক আদালতত হাজিৰ কৰাব লাগিব। আইন বহির্ভূতভাৱে গ্ৰেপ্তাৰ কৰা লোকক ক্ষতিপূৰণ পোৱাৰ অধিকাৰ প্ৰদান কৰিব লাগিব।

(ঘ) চলাফুৰা আৰু বাসস্থান বাছনি কৰাৰ অধিকাৰ : এজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ ভিতৰত চলাফুৰা কৰা আৰু বাসস্থান কৰাৰ অধিকাৰ উপভোগ কৰিব। প্ৰত্যেক ব্যক্তিৰ যিকোনো দেশ আনকি নিজৰ দেশ ত্যাগ কৰাৰ অধিকাৰ থাকিব।

(ঙ) আদালতত মুক্ত আৰু নিৰপেক্ষ বিচাৰ লাভৰ অধিকাৰ : সকলো মানুহে আইন আদালতত সমান ব্যৱহাৰ লাভ কৰিব । অভিযুক্ত ব্যক্তিক তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে জনাব লাগিব। তেনে ব্যক্তিক আত্মচাক্ষ সমর্থনৰ বাবে উকীলৰ সহায় ল’বৰ বাবে সময় আৰু সুবিধা প্ৰদান কৰিব লাগিব। অভিযুক্ত ব্যক্তিয়ে পুনৰ বিচাৰৰ বাবে উচ্চ আদালতত আবেদন জনাব পাৰিব।

ইয়াৰ উপৰিও নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিত উল্লেখিত অন্যান্য অধিকাৰসমূহ হৈছে—

(চ) পাৰিবাৰিক গোপনীয়তা ৰক্ষাৰ অধিকাৰ ।

(ছ) ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ।

(জ) মতামত প্রকাশৰ অধিকাৰ।

(ঝ) শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ

(ঞ)সংস্থা গঠনৰ অধিকাৰ ।

(ট) বিবাহ আৰু পৰিয়াল গঠনৰ অধিকাৰ ।

(ঠ) ৰাজহুৱা কামত অংশগ্ৰহণৰ অধিকাৰ।

(ঢ) আইনৰ চকুত সকলোৰে সমতাৰ অধিকাৰ ।

এই চুক্তিপত্ৰৰ অন্যতম বৈশিষ্ট্য হৈছে— শিশু আৰু সংখ্যালঘুৰ বাবে বিশেষ অধিকাৰ প্ৰদানৰ ব্যৱস্থা, ৰাষ্ট্ৰ সমাজ আৰু পৰিয়ালৰ অংগৰূপে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শিশুক বৈষম্য নৰখাকৈ সুৰক্ষা প্ৰদান কৰিব লাগিব। (২৪ অনুচ্ছেদ) জাতিগত, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ ভাষা, লিপি, ধৰ্ম সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰাৰ অধিকাৰ লাভ কৰিব ।

১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তিপত্ৰত উল্লেখ কৰা মানৱ অধিকাৰ সমূহকে মানৱ অধিকাৰ প্ৰথম প্ৰজন্মৰ অধিকাৰ বুলি কোৱা হয়। মানৱ অধিকাৰৰ ধাৰণাটোৱে ইংলেণ্ডৰ মেগনা কাৰ্টাৰ আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ, ফৰাচী, বিপ্লৱৰ মানৱ অধিকাৰৰ ঘোষণা আদিৰ মাজেদি দীৰ্ঘদিনীয়া পথ পৰিক্ৰমা কৰি বৰ্তমান অৱস্থা পাইছেহি। ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় চুক্তিপত্ৰৰ প্ৰধান কৃতকার্যতা হৈছে যে এই চুক্তিপত্ৰই মানুহৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰসমূহক একেলগ কৰি মানৱীয় মর্যাদা প্রদান কৰিছে। বর্তমান বিশ্বৰ আন্তৰ্জাতিক দলিল, আঞ্চলিক দলিল আৰু ৰাষ্ট্ৰৰ সংবিধানত এই অধিকাৰবিলাক সন্নিৱিষ্ট কৰা হৈছে। বিশ্বৰ সকলোবোৰ ৰাষ্ট্ৰই এই অধিকাৰসমূহক মানবীয় মর্যাদাৰ ভিত্তি কৰি গঢ়ি তুলিবলৈ যত্নপৰ হৈছে।

লুইচ বি চ’নৰ মতে “নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তিপত্ৰত উল্লেখ কৰা ব্যৱস্থাৱলীৰ ওপৰত ইমান অধিক সহমতত উপনীত হ’ব পৰা হৈছে যে এই অধিকাৰসমূহক মানৱ জাতিৰ আইনৰ এটা অংশ বুলি বিবেচনা কৰিব পাৰি” [“The consensus on virtually all provisions of the covenant on civil and political Rights is so widespread that they can be considered as part of the Law of mankind” – Louis B. Sohn ] নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কত এক আন্তর্জাতিক চুক্তিপত্র গ্রহণ কৰাটোৱেই মানৱ অধিকাৰৰ বাবে এক ডাঙৰ কৃতকার্যতা বা সফলতা। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ ঘোষণা পত্ৰত অধিকাৰ বিলাকৰ সুৰক্ষা আৰু মানৱীয় মর্যাদা ৰক্ষাৰ বাবে ব্যৱস্থাবলী উল্লেখ কৰাহে হৈছিল। কিন্তু অধিকাৰ সমূহৰ উল্লেখ থাকিলেই যথেষ্ট নহয়। অধিকাৰসমূহ মানি লোৱা আৰু কার্যক্ষেত্ৰত প্ৰয়োগ কৰাটোহে আচল কথা। ১৯৬৬ চনত গ্ৰহণ কৰা নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিপত্ৰই এই অধিকাৰবিলাকৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসমূহ দায়বদ্ধ হোৱাটোৱে আৰু এই অধিকাৰবিলাকে আইনগত মর্যাদা লাভ কৰাটোৱে এই অধিকাৰৰ প্ৰধান কৃতকার্যতা। এই চুক্তিপত্ৰত ৫৩টা অনুচ্ছেদ আৰু ইয়াক ৬টা ভাগত ভাগ কৰি আলোচনা কৰা হৈছে। ১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গ্ৰহণ কৰা নাগৰিক আৰু ৰাজনৈতিক চুক্তিপত্ৰ ১৯৭৬ চনত (২৩ মাৰ্চত) কাৰ্যকৰী কৰাৰ সিদ্ধান্ত কৰা হয়। ইয়াৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ বলবৎ কৰিবৰ বাবে থকা ব্যৱস্থাৱলীও চুক্তিপত্ৰৰ এক সফলতা।

নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিপত্র বলৱৎকাৰী অনুষ্ঠান— চুক্তিপত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে ইয়াত মানৱ অধিকাৰ কমিটী গঠনৰ ব্যৱস্থা কৰা হৈছে।

মানৱ অধিকাৰ কমিটী গঠনৰ বিষয়ত (২৮ অনু) স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ পৰা ১৮ জন সদস্য লৈ মানৱ অধিকাৰ কমিটী গঠনৰ ব্যৱস্থা কৰা হৈছে।

সমিতিৰ কার্যকাল ৪ বছৰ হ’ব। সমিতিয়ে দক্ষতাৰে কাৰ্য সম্পাদন কৰিবৰ কাৰণে সচিব প্রধানে প্রয়োজনীয় ব্যক্তি আৰু সুবিধা প্ৰদান কৰিব।

চুক্তিপত্ৰত মানৱ অধিকাৰ কমিটীৰ কাৰ্যক্ষমতাৰ বিষয়েও আলোচনা কৰা হৈছে। চুক্তি বলৱৎকাৰী ৰাষ্ট্ৰসমূহে অধিকাৰ কাৰ্যকৰী কৰিবৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাৱলী এবছৰৰ ভিতৰত দাখিল কৰিব লাগিব। কমিটীয়ে প্ৰতি বছৰে ইয়াৰ কাম-কাজৰ খতিয়ান দাঙি ধৰিব লাগিব।

ৰাষ্ট্ৰসমূহে এই চুক্তিপত্ৰ কার্যকৰী কৰাৰ ওপৰত ইয়াৰ সফলতা নিৰ্ভৰ কৰে। বৰ্তমান সময়লৈকে প্ৰায় ১৫০ খন ৰাষ্ট্ৰই এই অধিকাৰবিলাক বলৱৎ কৰিছে। গতিকে দেখা যায় যে এই অধিকাৰ বলৱৎ কৰিবলগীয়া ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি হৈছে। সেইটোৱে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ চুক্তিপত্ৰৰ সফলতাকে সূচায়।

চুক্তিপত্ৰত উল্লেখ থকা ভাষিক, ধর্মীয়, জাতিগত সংখ্যালঘুসকলে নিজৰ ভাষা, ধৰ্ম আৰু আত্মনিৰ্ধাৰণৰ অধিকাৰ লাভ কৰাৰ যি ব্যৱস্থাৱলী আছিল সেই বিষয়ত যথেষ্ট সফলতা লাভ কৰিছে বুলি ক’ব নোৱাৰি। পৃথিৱীৰ বহু জাতিয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছে। ইউৰোপৰ বহু জাতিয়ে পচন্দৰ অধিকাৰৰ যোগেদি সুকীয়া ৰাষ্ট্ৰও গঠন কৰিছে। চেকোশ্লোভেকিয়া, যুগোশ্লাভিয়া, ৰুচিয়াৰ বহু জাতিয়ে স্বাধীন ৰাজনৈতিক চিনাকি দিছে।

মানৱ অধিকাৰ সমিতিয়ে এক গাত্মক দৃষ্টিভংগী গ্রহণ কৰিছে। কোনো ৰাষ্ট্ৰই মানৱ অধিকাৰ ভংগ কৰিলে অন্য ৰাষ্ট্ৰই সচিব প্ৰধানৰ যোগেদি মানৱ অধিকাৰ কমিটীৰ দৃষ্টিগোচৰ কৰিব পাৰে। এনেক্ষেত্ৰত অধিকাৰ ৰক্ষণৰ বাবে এনে চুক্তিপত্রই সহায় কৰিছে। এই অধিকাৰবিলাক যে মানবীয় মর্যাদা বৃদ্ধিৰ বাবে অতি প্রয়োজনীয় সেই কথা সমগ্ৰ বিশ্বৰ জনসাধাৰণে অনুধাৱন কৰিব পৰাৰ কাৰণে চুক্তিপত্ৰত উল্লেখিত অধিকাৰবিলাকেও গুৰুত্ব লাভ কৰিছে।

12. Discuss the measures taken by UN for promotion and protection of Human Rights.

Ans. দ্বিতীয় বিশ্বযুদ্ধই মানৱ জাতিৰ যি ধ্বংসলীলা সৃষ্টি কৰিলে, মানৱীয় মর্যাদা আৰু অধিকাৰক যেনেদৰে লুণ্ঠিত কৰা হ’ল সেই অৱস্থাৰ পৰা মুক্তি লাভ কৰি মানৱ সভ্যতা ৰক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰা হ’ল। মানব ইতিহাসত প্ৰথমবাৰৰ বাবে এক আন্তর্জাতিক সংগঠনে মানৱ অধিকাৰৰ এক ৩০ দফীয়া ঘোষণাপত্ৰ জাৰি কৰে (১৯৪৮ চনৰ ১০ ডিচেম্বৰত)। ঘোষণাত অন্তর্ভুক্ত প্রধান ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সমূহ হৈছে—

সমতাৰ অধিকাৰ, দাসত্বৰ পৰা মুক্তিৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, শোষণ আৰু নিষ্পেষণৰ বিৰুদ্ধে অধিকাৰ, ন্যায়িক ৰক্ষণাবেক্ষণৰ অধিকাৰ ইত্যাদি।

অর্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰসমূহ হৈছে— কাম কৰাৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ, বিশ্ৰামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সাংস্কৃতিক অধিকাৰ ইত্যাদি।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ ঘোষণা পত্ৰৰ আধাৰত মানৱ অধিকাৰ ৰক্ষাৰ বাবে কেইবাখনো দলিল ইতিমধ্যে প্ৰস্তুত কৰা হ’ল। সেইবিলাকৰ ভিতৰত—

(১) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তি পত্র (১৯৬৬)

(২) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তি পত্র (১৯৬৬) ১৯৬৬ চনৰ ইচ্ছাধীন দলিল বা আচৰণ বিধি (optional protocol)

এই দলিলসমূহৰ উপৰিও আৰু বহুতো চুক্তি আন্তর্জাতিক ক্ষেত্ৰত সম্পাদিত হৈছে।

বিভিন্ন সন্মিলনৰ যোগেদি মানৱ অধিকাৰৰ ৰক্ষা বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মানৱ অধিকাৰক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে বর্তমান আন্তর্জাতিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। প্ৰতিখন ৰাষ্ট্ৰতে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে অধিকাৰ ভংগ কৰিলে নিৰাময়ৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে।

সমাজৰ বিৱৰ্তনৰ ফলত সামাজিক, ৰাজনৈতিক, অর্থনৈতিক পৰিৱেশ সলনি হোৱাৰ দৰে মানৱ অধিকাৰৰ ধাৰণাটোৰ ক্রমবিকাশ ঘটিছে। বর্তমান নৃগোষ্ঠীয় অধিকাৰ, নাৰী অধিকাৰ, অধিকাৰ, শিশু অধিকাৰ, আশ্রয় প্ৰাৰ্থীৰ অধিকাৰ আদি বিভিন্ন অধিকাৰসমূহৰ ৰক্ষা আৰু বিকাশৰ বাবেও নতুন নতুন বিভাগ গঠন কৰা হৈছে। মানৱ অধিকাৰে আজি একৈশ শতিকাতো এক বিশ্বজনীন চৰিত্ৰ লাভ কৰিবলৈ বাকী আছে। মানৱ অধিকাৰৰ বহু বিষয়ত উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ মাজত এতিয়াও সর্বসন্মত বা ঐক্যমত পাব পৰা হোৱা নাই। উদাৰীকৰণৰ নামত বহু অধিকাৰক তৃতীয় বিশ্বৰ দেশসমূহে গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়।

শিশু শ্রমিক মানৱ অধিকাৰৰ বিকাশত বাধা স্বৰূপ। গতিকে শিশু শ্রমিক মানৱ অধিকাৰ লংঘনৰ এক উদাহৰণ।

১৯৮৯ চনৰ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শিশুসকলৰ অধিকাৰ সম্পৰ্কীয় এক চুক্তিপত্ৰ গ্ৰহণ কৰে। এই চুক্তি পত্ৰ ১৯৯০ চনৰ ২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়। ১৯৯৪ চনৰ জানুৱাৰীলৈকে বিশ্বৰ ১৫৪ খন ৰাষ্ট্ৰই এই চুক্তিপত্ৰত অনুমোদন জনাইছে।

দ্বিতীয় মহাযুদ্ধৰ পূৰ্বে খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰবোৰে সুৰক্ষিত কৰিবৰ বাবে কোনো সংগঠিত আঁচনি গ্ৰহণ কৰা নাছিল পোন প্ৰথমবাৰৰ বাবে UNOৰ সাধাৰণ সভাই 1986 চনৰ 4 ডিচেম্বৰত উন্নয়নৰ অধিকাৰ ঘোষণা পত্ৰৰ (Declaration on the rights of Development) যোগেদি স্বীকৃতি জনাইছিল।

UNOৰ সাধাৰণ সভাই ১৯৪৯ চনৰ ৩ ডিচেম্বৰত গ্ৰহণ কৰা এক প্ৰস্তাৱযোগে বিশ্বৰ শৰণাৰ্থীসকলৰ সুৰক্ষাৰ বাবে শৰণাৰ্থী উচ্চায়ুক্ত পদবীটো সৃষ্টি কৰিছিল। UNOৰ শৰণাৰ্থী উচ্চায়ুক্ত বিশ্বৰ শৰণাৰ্থী সমস্যাৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ পদবী/শৰণাৰ্থী উচ্চায়ুক্তক UNOৰ সচিব প্ৰধানৰ অনুমোদন ক্রমে সাধাৰণ সভাই নিৰ্বাচন কৰে।

ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা হিচাপে UNESCOএ শিক্ষা বিজ্ঞান আৰু সংস্কৃতিৰ বিকাশৰ বাবে বহু অনুসন্ধান আৰু গৱেষণামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। মানৱ অধিকাৰ বিকাশ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক উপাদানবোৰ অনুসন্ধান কৰাত এই সংস্থাই বিশেষ মনোযোগ দি আহিছে।

মানৱ অধিকাৰৰ লগত জড়িত এক উল্লেখযোগ্য পদবী হ’ল মানৱ অধিকাৰ উচ্চাযুক্ত মানৱ অধিকাৰ বিষয়ত বর্ধিত কাৰ্যাৱলীৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৩ চনৰ ২০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ আয়ুক্তৰ পদটো সৃষ্টি কৰে।

উচ্চায়ুক্তৰ কাৰ্যালয় জেনেভাত অৱস্থিত। ১৯৯৪ চনত ইকুৱেডৰৰ জ্যেষ্ঠ আয়ালা লাহোৱে (Jose Ayala Lasso ) প্ৰথমজন উচ্চায়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

১৯৯৩ চনত ভিয়েনাত বহা মানৱ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ বিশ্ব সন্মিলন আৰু ১৯৯৫ চনৰ বেইজিঙত অনুষ্ঠিত হোৱা মহিলাৰ বিষয়ত বিশ্ব সন্মিলনত মহিলাৰ অধিকাৰক মানৱ অধিকাৰৰূপে গণ্য কৰা হয়। প্ৰথমবাৰৰ বাবে মহিলাসকলৰ অধিকাৰ দাবীক আন্তর্জাতিক মানৱ অধিকাৰ আইনৰ দিশৰূপে গ্ৰহণ কৰা হয়। মহিলা অধিকাৰক মানৱ অধিকাৰৰ লগত সামৰি লৈ আন্তর্জাতিক আইনৰ গাঁঠনিত মহিলা অধিকাৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।

মানৱ অধিকাৰৰ গুৰুত্ব অপৰিসীম। নিষ্ঠুৰ দমননীতি, শোষণ নিষ্পেষণৰ পৰা যুগ যুগ ধৰি প্‌ট, উৎপীড়িত মানৱ জাতিয়ে মানৱ অধিকাৰৰ যোগেদি এনে শোষণ নিস্পেষণৰ পৰা মুক্তি পোৱাৰ পথ সুগম হ’ল। আত্মনিৰ্ধাৰণৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ মুক্তিকামী জনসাধাৰণে উঠিপৰি লাগিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ প্ৰদান, সুৰক্ষাৰ বাবে, মানৱ মর্যাদা ৰক্ষাৰ বাবে আদৰ্শ গ্ৰহণ কৰা হ’ল।

13. Major characteristics of Non-Govern mental Organization?

Ans. সাধাৰণতে চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকি সংঘবদ্ধ হোৱা ব্যক্তি সমষ্টি যি তেওঁলোকৰ সামূহিক স্বাৰ্থ পূৰণৰ হকে ইচ্ছাকৃতভাৱে সদস্যপদ লাভ কৰি সংঘবদ্ধ হয় তেনে ব্যক্তি সমষ্টিৰ গোটকে অনাচৰকাৰী সংস্থা বোলা হয়। উল্লেখনীয় যে এই সংস্থাসমূহৰ কাম-কাজবিলাক লাভ আহৰণৰ প্ৰকৃতিৰ লগত জড়িত নহয়। এনে ধৰণৰ বেচৰকাৰী সংস্থাসমূহৰ তলত উল্লেখ কৰাৰ দৰে কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।

NGO ৰ বৈশিষ্ট্যসমূহ :

(ক) স্বেচ্ছামূলক সংগঠন : NGOবিলাক হৈছে কেইজনমান ব্যক্তিৰ সহমতৰ ওপৰত ভিত্তি কৰি স্বেচ্ছামূলকভাৱে গঠন কৰা সংস্থা। নিৰ্ধাৰিত লক্ষ্য পূৰণৰ অৰ্থে সহমতৰ ভিত্তিত কেইটামান ব্যক্তিয়ে সেবামূলক কার্যসম্পাদন কৰিবলৈ আগবাঢ়ি আহে।

(খ) নমনীয়তা : নমনীয়তা NGO বিলাকৰ অন্যতম প্রধান বৈশিষ্ট্য। কঠোৰ নীতি-নিয়মৰ মাধ্যমেৰে পৰিচালিত হোৱাৰ পৰিবৰ্তে NGO বিলাকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন নীতি-নিয়ম কাৰ্যসূচী আদি নিৰ্ধাৰণ কৰি ল’ব পাৰে।

(গ) স্বতন্ত্রতা : স্বাধীনতা NGO বিলাকৰ অন্যতম বৈশিষ্ট্য। এই সংগঠনবিলাকে নিৰ্ধাৰণ কৰা কৰ্মক্ষেত্ৰৰ পৰিসৰৰ ভিতৰত সম্পাদন কৰিব বিচৰা কাৰ্যসমূহ নিজ ৰুচি মতে বাচি ল’ব পাৰে আৰু ইয়াৰ প্ৰক্ৰিয়াও নিজেই নির্ণয় কৰি ল’ব পাৰে।

(ঘ) ক্ষিপ্র সিদ্ধান্ত গ্রহণ : ই NGO বিলাকৰ আন এক বৈশিষ্ট্য। সমাজৰ আৰ্থ-সামাজিক স্বাৰ্থ আৰু NGO প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি NGO বিলাকে তাৎক্ষণিক সিদ্ধান্ত ল’ব পাৰে আৰু তাৰ ভিত্তিত যাৱতীয় সেৱাবিলাক সময়মতে দিব পাৰে।

(ঙ) জনসাধাৰণকেন্দ্রিক : NGO বিলাক জনসাধাৰণকেন্দ্ৰিক সংগঠন। জনসাধাৰণৰ লগত একত্ৰিত হৈ NGO বিলাকে বিভিন্ন বিকাশমুখী আঁচনি ৰূপায়ণ কৰাৰ লগতে জনগণৰ জৰিয়তে যিবোৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰে। অৰ্থাৎ ক’ব পাৰি যে NGO বিলাক হৈছে জনসাধাৰণৰ কাৰণে জনসাধাৰণে গঠন কৰা জনসাধাৰণৰ সংগঠন।

14. চৰকাৰী আৰু বে-চৰকাৰী সংস্থাৰ মাজত পাৰ্থক্য।

Ans. চৰকাৰী আৰু বে-চৰকাৰী সংস্থাবিলাকৰ মাজত কেতবোৰ দিশত পাৰ্থক্য পৰিলক্ষিত হয় আৰু সেই পার্থক্যসমূহত তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি ।

(ক) চৰকাৰী সংস্থাবিলাকে কেতবোৰ ধৰাবন্ধা নীতি-নিয়মৰ মাজেৰে কাম কৰিব লাগে; গতিকে কোনো ক্ষেত্ৰতে ক্ষিপ্ৰতাৰে কাম সম্পাদন কৰিব নোৱাৰে। আনহাতে বেচৰকাৰী সংস্থাবিলাকে তেনে কোনো কঠোৰ ধৰাবন্ধা নীতিৰে কাম সম্পাদন কৰিব নালাগে; গতিকে সহজ প্ৰক্ৰিয়াৰে সময়মতে আঁচনিসমূহ কার্যত ৰূপায়িত কৰিব পাবে।

(খ) বে-চৰকাৰী সংস্থাবিলাকে স্বতভাবে বিভিন্ন আঁচনি ৰূপায়ন কৰিব পাবে। কিন্তু চৰকাৰী সংস্থাবিলাকে বিভিন্ন পক্ষৰ লগত বহু আলোচনা বিলোচনাৰ পিছতহে কাম সম্পাদন কৰিব পাৰে।

(গ) বেচৰকাৰী সংস্থা বিলাকে ইয়াৰ আঁচনি ৰূপায়ণ কৰোতে চৰকাৰী সংস্থাৰ লগত সম্পৰ্ক ৰখিহে সম্পাদন করে। কিন্তু চৰকাৰী বেচৰকাৰী সংস্থাৰ লগত কোনো সম্পর্ক ব নকৰাকৈয়ো নিজ কার্য সম্পান কৰিব পাৰে।

(ঘ) বে-চৰকাৰী সংস্থাবিলাকে সমাজৰ সমস্যাবিলাক সমাধানত অধিক কৃতকার্যতা লাভ কৰে। কিন্তু চৰকাৰী সংস্থাবিলাকে ইয়ার লক্ষ্য সঠিকভাবে নির্ধাৰণ নকৰাৰ কাৰণে সময়মতে আঁচনি ৰূপায়ণ কৰিব নোৱাৰে। 

(ঙ) আন এটা পার্থক্য হ’ল যে বে চৰকাী সংস্থাবিলাকে অতি কম খৰচতে কামবিলাক সম্পাদন কৰিব পাৰে। কিন্তু চৰকাৰী সংস্থাৰ কম-কাজবিলাক অধিক বায়বহুল।

(চ) দুয়োটা সংগঠনৰ নিজ নিজ মূলধনৰ উৎসৰ ক্ষেত্ৰতো পার্থক্য পৰিলক্ষিত হয়। চৰকাৰী সংস্থাই ইয়াৰ প্ৰাকৃতিক সম্পদ, বিভিন্ন বয়-বস্তুৰ ওপৰত আৰোপ কৰা কৰ বা অনুদানৰ দ্বাৰা মূলধন সংগ্ৰহ কৰে। আনহাতে, বেচৰকাৰী সংগঠনে জনসাধাৰণৰ পৰা লাভ কৰা দান-বৰঙণিৰে ইয়াৰ পুঁজি গঠন কৰে।

(ছ) চৰকাৰী সংগঠনবিলাক আমোলাৰ দ্বাৰা পৰিচালিত হয়। এইক্ষেত্ৰত অধিক্রম নীতি মানি চলা হয়। কিন্তু, বে-চৰকাৰী সংগঠনবিলাক আমোলাৰ দ্বাৰা পৰিচালিত নহয়। ইয়াত অধিক্রম নীতি মানি চলা নহয়। বে-চৰকাৰী সংগঠনবিলাকৰ ক্ষেত্ৰত নিম্নস্তৰৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মচাৰীয়ে অতি সহজভাৱে কামবিলাক সম্পাদন কৰিব পাৰে।

(জ) চৰকাৰী সংগঠনবিলাকে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সমস্যাবিলাক সমাধানৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু, বে-চৰকাৰী সংস্থাবিলাকে নিৰ্দিষ্ট বিষয় লৈ ইয়াৰ সমাধানৰ চেষ্টা কৰে ।

(ঝ) চৰকাৰী সংস্থাবিলাকে প্রয়োজন ভিত্তিত সমস্যা সমাধানৰ পোষকতা কৰে। কিন্তু, বে-চৰকাৰী, সংস্থাবিলাকে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক যেনে— মহিলা, পিছপৰা সম্প্রদায়, আদিবাসী, দলিত শ্ৰেণীৰ লোকৰ কল্যাণৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

(ঞ)চৰকাৰী পৃষ্ঠপোষকতাত ৰূপায়ণ কৰা বিভিন্ন আঁচনি বা প্ৰকল্পৰ কোনো সুনির্দিষ্ট লক্ষ্য নাই। আনহাতে বে-চৰকাৰী সংস্থাই। কোনো নিৰ্দিষ্ট এলেকাৰ সম্প্ৰদায়ক লৈ লক্ষ্য হিচাপে ধৰি অধিক উন্নয়নৰ কামত গুৰুত্ব দিয়ে।

এইদৰে বিভিন্ন ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী সংস্থাবিলাকৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়।

15. সামাজিক খণ্ডত বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা ।

Ans. মহিলা আৰু শিশুসকলে কৈশোৰ অৱস্থা লাভ কৰালৈকে সকলো স্তৰ সামৰি উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণৰ বাবে এক জীৱনজোৰা দৃষ্টিভংগীৰ দ্বাৰা মহিলাসকলৰ অৰ্থনৈতিক আৰু সামাজিক সৱলীকৰণ, খাদ্য আৰু পুষ্টিৰ সুৰক্ষা প্ৰদান, জীৱন ধাৰণা, শিশু, বিশেষকৈ কন্যা শিশুৰ সুৰক্ষা আৰু উন্নয়ন আদি বিষয়সমূহ সামৰি ল’বলৈ বিচৰা হয়। ইয়াক প্ৰাকৃততে পৰিয়াল কেন্দ্রিক বা সামূহিক ভিত্তিক কাৰ্যসূচী বুলি কোৱা হয়, যিবোৰৰ বাবে বে-চৰকাৰী সংগঠনসমূহক অধিক অপযোগী বুলি ভবা হয়, সেইদৰে, এইক্ষেত্ৰত থকা সকলো প্ৰধান কাৰ্যসূচী, যেনে— ৰাষ্ট্ৰীয় মহিলা কোষ গ্রামাঞ্চলৰ মহিলা আৰু শিশু উন্নয়ন সেৱা, মহিলা সমকক্ষ মহিলাসকলৰ সজাগতা বৃদ্ধি আঁচনি আদি ক্ষেত্ৰত ব্যৱহাৰিকভাৱে বে-চৰকাৰী সংগঠনসমূহে ৰাষ্ট্ৰৰ প্ৰধান অংশীদাৰ হিচাপে গঠন হৈছে।

ৰাষ্ট্ৰীয় সংযোগী, নীতিসমূহে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ক স্বাস্থ্য আঁচনিসমূহ, যেনে— কুষ্ঠ দূৰীকৰণ, অন্ধতা নিয়ন্ত্রণ, নিয়ন্ত্রণ আদি ক্ষেত্ৰত সমূহ 900 তকৈ অধিক বেচৰকাৰী সংগঠনক নিয়োজিত কৰাবৰ বাবে সুবিধা প্ৰদান কৰে। পৰিয়াল কল্যাণ বিভাগে 812 খন জিলাক সামৰি 97 টা মাতৃ NGOs আৰু 800 তকৈ অধিক NGO ক অনুদান আগবঢ়ায়। ৰাজ্যিক চৰকাৰসমূহেও প্রাথমিক স্বাস্থ্য কেন্দ্রসমূহক গ্ৰহণ কৰাৰ বাবে স্বাস্থ্য সেৱাসমূহ যোগান ধৰাৰ অৰ্থে বেচৰকাৰী সংগঠনসমূহক জড়িত কৰিবলৈ চেষ্টা কৰে। সেয়েহে, স্বাস্থ্য খণ্ডৰ বেচৰকাৰী সংগঠনসমূহ বিস্তৃত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি প্রত্যক্ষভাৱে জড়িত হৈ আছে, যিয়ে বিভিন্ন সমর্থনমূলক আঁচনি আৰু বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বাবে থকা কাৰ্যসূচীসমূহ অনুসৰণ কৰে।

বে-চৰকাৰী সংগঠনসমূহ মহিলাসকলৰ ৰাষ্ট্ৰীয় পৰিষদ আৰু মহিলা আৰু শিশুসকলৰ অধিকাৰসমূহৰ নিৰাপত্তা প্ৰদান কৰা কাৰ্যাৱলীসমূহত অতি সক্রিয়ভাৱে জড়িত হৈ থাকে। কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদে দেশখনত বিস্তৃত এই খণ্ডত কৰ্মৰত তৃণমূল পৰ্যায়ৰ স্বেচ্ছামূলক অনুষ্ঠানসমূহক সমর্থন আগবঢ়ায়।

16. ভাৰতবৰ্ষৰ বেচৰকাৰী সংগঠনসমূহৰ ক্ৰমবিকাশ আৰু গ্ৰামোন্নয়নৰ বিষয়ে চমুকৈ আলোচনা কৰা। গ্রামোন্নয়নৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠসমূহৰ সমস্যাবোৰ কি কি?

Ans. প্রাচীন কালৰে পৰা সামাজিক সেৱা ভাৰতীয় সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভ কৰাৰ ঠিক পিছৰে পৰা ভাৰতবৰ্ষত বহুসংখ্যক বেচৰকাৰী সংগঠন অবিৰ্ভাৱ হৈছে। আনকি মহাত্মা গান্ধীয়েও ভাৰতীয় জাতীয় কংগ্ৰেছ ভংগ কৰি তাৰ ঠাইত লোক সেবা সংঘ গঠন কৰাৰ বাবে পোষকতা কৰিছিল। যদিও এই আগ্রহ নাকচ কৰা হ’ল, মহাত্মা গান্ধীৰ অনুগামীসকলে দেশৰ বিভিন্ন সামাজিক আৰু লগতে অর্থনৈতিক বিষয়বিলাকৰ ওপৰত কাম কৰিব অর্থে বহু স্বেচ্ছামূলক সংগঠনৰ জন্ম দিছিল ইয়েই আছিল ভাৰতত বেচৰকাৰী সংগঠনৰ প্ৰথম স্তৰ।

বেচৰকাৰী সংগঠনসমূহৰ বিকাশৰ দ্বিতীয় স্তৰ আৰম্ভ হৈছিল ১৯৬০ চনত, যেতিয়া এইটো অনুভৱ কৰা হৈছিল যে গ্ৰামোন্নয়নৰ কামসমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কেৱল চৰকাৰী কাৰ্যসূচীসমূহেই যথেষ্ট নহয়। 

বহুতো গোট গঠন কৰা হৈছিল যিবোৰৰ ভূমিকা আছিল তৃণমূল পৰ্যায়ত কাম কৰা। আকৌ, উপযুক্ত ৰাষ্ট্ৰীয় নীতিসমূহেও সেই সময়ত NGO সমূহৰ গঠন আৰু সেইবোৰৰ ভূমিকাৰ ক্ষেত্ৰত যথেষ্ট প্রভাৱিত কৰিছিল। বছৰ বাগৰি যোৱাৰ লগে লগে ভাৰতৰ গ্ৰাম্য উন্নয়নত বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা বৃদ্ধি পাই আহিছে। বৰ্তমানেও চৰকাৰৰ নীতিসমূহৰ পৰিৱৰ্তনৰ লগে লগে এইবোৰৰ ভূমিকাসমূহৰো উল্লেখনীয়ভাৱে পৰিৱৰ্তিত হয়।

ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনাত ১৯৮০-১৯৮৫ চৰকাৰে NGO সমূহৰ বাবে গ্ৰামোন্নয়নৰ ক্ষেত্ৰত এক নতুন ভূমিকা চিনাক্তকৰণ কৰে। সপ্তম পঞ্চবার্ষিক পৰিকল্পনাত চৰকাৰে আত্মনিৰ্ভৰশীল সমূহবোৰৰ উন্নয়নৰ অৰ্থে বেচৰকাৰী সংগঠনসমূহৰ সক্ৰিয় ভূমিকাৰ কথা বিবেচনা কৰে। এইটো আশা কাৰ হৈছিল যে, কেনেকৈ গাঁৱৰ সম্পদসমূহৰ লগতে মানৱ সম্পদ, দক্ষতা, স্থানীয় জ্ঞান আদি যিবোৰ যথেষ্টভাৱে সদব্যৱহাৰ কৰিব পাৰি, কেনেকৈ তেওঁলাকৰ নিজৰ উন্নয়নৰ হকে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে এই সমূহবোৰক জ্ঞান দিয়া। যিহেতু NGO সমূহে স্থানীয় জনসাধাৰণৰ লগত অতি ঘনিষ্ঠভাবে কাম কৰে, সেয়েহে এনে ধৰণৰ পৰিৱৰ্তন অনাটো তেওঁলোকৰ বাবে বৰ বেছি কঠিন নহ’ব।

এই লক্ষ্য আগত ৰাখিয়েই অষ্টম পঞ্চবার্ষিক পৰিকল্পনাত ভাৰতৰ গ্ৰামোন্নয়নৰ বাবে বেচৰকাৰী সংগঠনসমূহক অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। এই আঁচনিৰ অধীনত গোটেই দেশজুৰি NGO সমূহৰ এক নেটৱৰ্ক স্থাপন কৰা হৈছিল। এই এজেন্সিসমূহৰ কাম আছিল কম মূল্যত গ্রামোন্নয়ন।

নৱম পঞ্চবার্ষিক অংশীদাৰিত্ব আৰ্হিৰ ক্ষেত্ৰত এক তাৎপর্যপূর্ণ ভূমিকা পালন কৰিব। কৃষিমূলক উন্নয়ন নীতিসমূহৰ লগতে এইবোৰৰ ৰূপায়ণ আৰু কৌশলৰ দ্বাৰা গ্ৰামোন্নয়ন কৰাৰ অৰ্থে চৰকাৰৰ দ্বাৰা NGO সমূহক অধিক কার্যক্ষেত্ৰ প্ৰদান কৰা হয়।

এইদৰে, প্ৰত্যেক পঞ্চবার্ষিক পৰিকল্পনাৰ লগে লগে ভাতৰত গ্রাম উন্নয়নত NGO ৰ ভূমিকা বৃদ্ধি পাই আহিছে। সেয়েহে সম্প্রতি NGO সমূহে বিভিন্ন ক্ষেত্ৰৰ বৃত্তিধাৰী লোকসকলক আকৰ্ষিত কৰিছে। NGOসমূহে উন্নয়নমূলক আঁচনি বা পৰিকল্পনাকাৰী আৰু ৰূপায়ণকাৰী হিচাপে কাৰ্যকৰী সেইবোৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰাত সহায় কৰে। এখন আত্মনিৰ্ভৰশীল আৰু নিৰন্তৰ সমাজ গঠনৰ ক্ষেত্ৰত NGO সমূহে সহায় কৰে। এই এজেন্সীসমূহে জনসাধাৰণ আৰু চৰকাৰৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা পালন কৰে। প্ৰকৃততে NGO সমূহ হৈছে উন্নয়ন, শিক্ষা আৰু বৃত্তিগতকৰণৰ সুবিধা সৃষ্টিকাৰী।

গ্ৰামোন্নয়নৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠনসমূহৰ সমস্যাসমূহ ভাৰতত NGO সমূহে সন্মুখীন হোৱা এটা ডাঙৰ বা প্ৰধান সমস্যা হৈছে চৰকাৰী পুঁজিৰ ওপৰত নাইবা ৰাইজৰ দান-বৰঙণিৰ ওপৰত থকা তেওঁলোকৰ নিৰ্ভৰশীলতা। এই নিৰ্ভৰশীলতাৰ সৈতে NGO সমূহে তেওঁলোকৰ কাৰ্যসমূহ সম্পাদন কৰাত বেছি নমনীয়া হ’ব নোৱাৰে কাৰণ অধিক সংখ্যক কামেই পুঁজিৰ ওপৰত নির্ভৰশীল হয় আকৌ NGO সমূহ লাহে লাহে আমোলাতান্ত্রিক প্ৰকৃতিৰ হৈ গৈ আছে যাৰ ফলত সম্পূর্ণ উন্নয়ন অনাৰ ক্ষেত্ৰত ইয়াৰ ফলপ্ৰসূতা কমি আহিছে।

NGO সমূহে সন্মুখীন হ’বলগীয়া আন এটা প্ৰধান সমস্যা হৈছে গ্রাম্য লোকসকলৰ পৰম্পৰাগত চিন্তাধাৰা, অজ্ঞতা আৰু নতুন নতুন কৌশল অৱলম্বনৰ ক্ষেত্ৰত উপযুক্ত শিক্ষাৰ অভাৱ, সজাগতাৰ অভাৱ আদি মানৱ সম্পৰ্কীয় সমস্যা। গাঁও অঞ্চলত পানী, বিদ্যুৎ, শৈক্ষিক অনুষ্ঠানসমূহ, যোগাযোগৰ সুবিধা আদি আন্তঃগাঁথনিৰ অভাৱ যিবোৰে তেওঁলোকৰ উন্নয়ন লেহেমীয়া কৰিছে। ইয়াৰ উপৰি, এইক্ষেত্ৰত আৰু কিছুমান সমস্যা আছে যেনে— অর্থনৈতিক উচ্চমূল্যৰ প্ৰযুক্তি, অতি পিছপৰা গ্ৰাম্য উদ্যোগ, সামাজিক আৰু সাংস্কৃতিক বৈষম্য, বিভিন্ন গোটসমূহৰ মাজত সংঘর্ষ, প্রশাসনীয় সমস্যাসমূহ যেনে— ৰাজনৈতিক হস্তক্ষেপ, উদ্দেশ্যৰে আৰু আগ্ৰহৰ অভাৱ আদিয়ে ভাৰতৰ গ্ৰামোন্নয়নৰ ক্ষেত্ৰত বাধাস্বৰূপে থিয় দিচ্ছে।

কিন্তু ইমানবোৰ বাধা আৰু সমস্যা থকা স্বত্ত্বেও NGO সমূহে ভাৰতৰ গ্ৰামোন্নয়নৰ অৰ্থে কাৰ্য কৰি থাকিব । NGO সমূহে বাছনিসমূলকভাবে স্থানীয় দক্ষতাসমূহৰ সদব্যৱহাৰ কৰে, ব্যক্তিসমূহক প্রশিক্ষণ প্ৰদান কৰে আৰু এইবোৰ গ্ৰামোন্নয়নৰ ক্ষেত্ৰত কৰে। কিন্তু আমাৰ দেশৰ গ্ৰামোন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা প্রকৃততে নিৰ্ভৰ কৰিব উন্নয়ন প্ৰক্ৰিয়া আৰু প্ৰচেষ্টাৰ বাবে গ্রাম্য লোকসকলৰ আগ্ৰহ আৰু সক্রিয়া অংশগ্রহণ।

17. কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ আৰু NGO

Ans. কেন্দ্রীয় সমাজকল্যাণ পৰিষদ স্থাপন কৰা হয় প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আয়োগৰ পৰামৰ্শ অনুসৰি। এই পৰিষদে গ্রাম্য অঞ্চলসমূহত উন্নয়নমূলক কার্যসমূহ চলাই নিবৰ বাবে NGO সমূহক সহায় কৰে। ই হৈছে এক প্ৰধান ৰাষ্ট্ৰৰ দ্বাৰা পুঁজি প্ৰদান কৰা অনুষ্ঠান যাক স্থান কৰা হৈছে মহিলা আৰু শিশুসকলৰ বাবে কল্যাণমূলক আৰু উন্নয়নমূলক কার্যত জড়িত থকা পঞ্জীভূক্ত স্বেচ্ছামূলক সাহায্য আগবঢ়ায়। মহিলা আৰু শিশু উন্নয়নৰ কেন্দ্ৰীয় বিভাগৰ প্ৰশাসনীয় নিয়ন্ত্ৰণৰ অধীনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদে কাৰ্য কৰে।

CSWB য়ে স্থাপন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰামৰ্শ কমিটিয়ে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূত এক এৰাব নোৱাৰা অংগ হিচাপে সেৱা আগবঢ়ায়। এই পৰিষদৰ বিভিন্ন ক্ষেত্ৰত যেনে— নাৰী সাক্ষৰতা, দৰিদ্ৰ মহিলাসকলক Micro-credit যোগান ধৰাৰ বাবে সৰ্থন সেৱাসমু, আত্মসহায়ক গোঠন; জীৱিকা আৰু উপাৰ্জন সৃষ্টিকাৰী কাৰ্যসমূহ; মহিলা আৰু কন্যা শিশুৰ বিৰুদ্ধে হোৱ নৃশংসতাৰ বিৰুদ্ধে প্রতিবাদ; লিংগৰ সমতা স্থাপনৰ বাবে প্রচেষ্টা আদি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবৰ যাবে দেশজুৰি ১২,০০০ বে-চৰকাৰী সংগঠনৰ নেটৱৰ্ক আছে। দশম পঞ্চবার্ষিক পৰিকল্পনাত CSWB ৰ প্ৰধানআশা আছে— ব্যৱসায়মূলক প্রশিক্ষণ কাৰ্যসূচী, পৰিয়াল পৰামৰ্শ, শিশু নিবাসমূহৰ লগত বৃদ্ধ আৱাসগৃহসমূহৰ একত্ৰকৰণ, সজাগতা লাভ কৰাৰ যোগতো পাবলৈ হ’লে এটা বেচৰকাৰী সংগঠনে পঞ্জীকৰণ কৰাৰ পিছত কমেও দুবছৰ সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ সঠিকভাৱে গঠন কৰা এখন পৰিচালনা সমিতি থাকিব লাগিব আৰু প্ৰস্তাৱিত 

উন্নয়ন প্ৰকল্পৰ লগত সংগতি থকা কল্যাণমূলক কাৰ্যসমূহৰ ওপৰত অভিজ্ঞতা থাকিব লাগিব। এইটো গুৰুত্বপূর্ণ যে, CSWB য়ে কোনে প্রকল্প প্রত্যক্ষভাৱে কৰ্মক্ষেত্ৰত ৰূপায়ণ নকৰে, ই কেৱল ইয়াৰ অংশীদাৰ বেচৰকাৰী সংগঠনৰ যোগেদিহে কাৰ্য কৰে।

যিকোনো প্রকল্পত বিত্তীয় অনুদান আগবঢ়োৱাৰ আগেয়ে CSWB য়ে বেচৰকাৰী সংগঠনটো আৰু ইয়াৰ প্ৰকল্প প্ৰস্তাৱৰ মূল্যাংকণ উলিয়ায়। এটা প্ৰকল্পক মঞ্জুৰীকৃত কৰাৰ পিছত, CSWB য়ে হয় প্রত্যক্ষভাৱে নাইবা ৰাষ্ট্ৰীয় পৰামৰ্শ কমিটিৰ দ্বাৰা তদাৰকীকৰণ কৰা হয়। কেতিয়াবা ‘Schools of Social Work’ ৰ দৰে ব্যৱসায়িক সংস্থাসমূহেও তদাৰীকৰণ কাৰ্যত লিপ্ত হয়।

CSWB হৈছে NGO সমূহক সমর্থন আগবঢ়োৱা অতি পুৰণি সংস্থা। মহিলাসকলৰ অৰ্থনৈতিক আৰু সামাজিক সৱলীকৰণ আৰু শিশু বিকাশৰ ক্ষেত্ৰত ইয়াৰ কাৰ্যসমূহ বিস্তৃত কৰাৰ বাবে ইয়াৰ যথেষ্ট কার্যক্ষেত্র আছে।

চমু টোকা লিখা :

(ক) গণমাধ্যম হিচাপে দূৰদর্শন (Television)

Ans. আধুনিক জগতত আটাইতকৈ উল্লেখযোগ্য গণমাধ্যম হ’ল দূৰদৰ্শন। দূৰদৰ্শনে আন সকলো ধৰণৰ মাধ্যমক চেৰ পেলাই। শ্রেষ্ঠ মাধ্যম হিচাপে পৰিগণিত হৈছে। ৰেডিঅ’, বাতৰি কাকত, আদিয়ে মাত্র এটি দিশৰহে খোৰাক যোগায়। ৰেডিঅ’ৰ দ্বাৰা শ্রবণেন্দ্রিয় শক্তি সক্ৰিয় হৈ উঠে বা বাতৰি কাকতৰ দ্বাৰা দৰ্শনেন্দ্রিয় সক্ৰিয় হৈ উঠে। কিন্তু দূৰদৰ্শন এনে এবিধ আহিলা যিটোৱে শ্ৰৱণ দর্শন দুয়োটা দিশকে সামৰি লয়। শুনা আৰু দেখা পৃথক পৃথককৈ হ’লে পূর্ণ শিক্ষা পোৱা নাযায়। দুয়োবিধ একেলগে হ’লে শিক্ষা আহৰণৰ সুবিধা বেছি হয়। অনাতাঁৰ আৰু চলচিত্ৰৰ আঁচৰিত সংযোগ স্থাপন হৈছে দূৰদৰ্শনত। ঘৰতে বহি পৃথিৱীৰ য’তে ত’তে সংঘটিত হোৱা ঘটনাসমূহক স্ব-চক্ষুৰে দেখা আৰু শুনাৰ সুবিধা’ পোৱা এবিধ অনুষ্ঠান হিচাপে আধুনিক যুগত ইয়াৰ গুৰুত্ব অপৰিসীম। শুনা দেখা দুয়োটা কৰ্মই একেলগে হোৱাৰ ফলত মানুহৰ মনত দূৰদৰ্শনে গভীৰ সাঁচ বহুৱাই। তাৰ ফলত দূৰদৰ্শনৰ প্ৰতি মানুহৰ আকর্ষণ অতি বেছি হৈ পৰিছে। দূৰদৰ্শনৰ কল্পনা ভাৰতবৰ্ষৰ পূৰ্বপুৰুষসকলৰ বুলিয়েই ক’ব খোজা দেখা যায়। মহাকাব্য মহাভাৰতৰ ‘সঞ্জয়ৰ দূৰদৃষ্টি’ বৰ্তমানৰ দূৰদৰ্শনৰে নামান্তৰ বুলি ক’ব পাৰি। কিন্তু পৃথিৱীৰ উন্নত দেশসমূহত দূৰদৰ্শনৰ ব্যৱহাৰ আমাৰ দেশতকৈ বহুত বেছি ব্যাপক। ইয়াক সেই দেশসমূহে সহজলভ্য সঁজুলি হিচাপে প্ৰস্তুত কৰি তুলিছে।

দূৰদৰ্শন আধুনিক যুগৰ অত্যাধুনিক অনৌপচাৰিক শিক্ষাৰ আহিলা। অতিশয় উচ্চ শক্তিসম্পন্ন ট্ৰেন্সমিটাৰৰ সহায়ত পৃথিৱীৰ কোনো শব্দ মহাশূন্যৰ বুকুৰ গভীৰ দিশলৈ প্ৰেৰণ কৰা হয়। লগে লগে শক্তিশালী কেমেৰে ব্যৱহাৰ কৰি অসংখ্য আলোকচিত্রও ইয়াৰ সমুদ্ৰলৈ প্ৰেৰণ কৰা হয়। আলোকচিত্ৰবোৰ বিশেষ এক প্ৰকাৰ গ্ৰাহক যন্ত্ৰৰ দাপোনত প্ৰতিফলিত হয় তাৰ লগতে গ্রহণ কৰা শব্দ সম্ভাৰো সম্প্ৰসাৰিত হয়। দূৰ-দূৰণিত গৃহীত আৰু প্ৰচাৰিত চিত্ৰ আৰু শব্দ সম্ভাৰ মুহূৰ্ততে গ্রাহক যন্ত্ৰত দৃশ্যমান হয় আৰু সৰৱ হৈ উঠে। ইয়াকে দূৰদৰ্শন বোলে। দূৰদৰ্শনে বিশ্বৰ সুদূৰ প্ৰান্তৰৰ বা বাতৰি, ঘটনা প্রবাহ আদি নিমিষতে অন্য প্রান্তত আৰু জীৱন্তৰূপে পৰিৱেশন কৰিব পাৰে। দূৰদৰ্শনে মহাকাশ অভিযানত মহাকাশাচাৰীসকলৰ কাৰ্যক্ৰমণিকাৰে চিত্ৰ আৰু বাণীবোৰ প্রতিমুহূৰ্ততে পৃথিৱীলৈ প্ৰেৰণ কৰি উদ্দেগ উপশমত ই যথেষ্ট সহায় কৰিছে। অভিযাত্ৰীসকলৰ সাফল্যৰ প্ৰতিটো মুহূৰ্ত বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হৈছে। ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰতবৰ্ষত দূৰদৰ্শনৰ প্ৰথম কেন্দ্ৰ ৰাজধানী দিল্লীত মুকলি কৰা হয়। লাহে লাহে সমগ্র দেশতে ইয়াৰ কেন্দ্ৰ স্থাপন কৰা হয়। বৰ্তমান ভাৰতবৰ্ষত ১৮৮ টা কেন্দ্র ইতিমধ্যে গঢ়ি উঠিছে । দূৰদৰ্শনৰ শৈক্ষিক মূল্য বহুত বেছি। নানা ধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ মাধ্যমত সকলো শ্ৰেণীৰ নাগৰিকৰ মনত খোৰাক যোগোৱাত দূৰদৰ্শন সাফল্যমণ্ডিত হৈছে। নানা ধৰমৰ আমোদ প্ৰমোদৰ কাৰ্যসূচী জাতীয় সংহতিৰ কাৰ্যসূচী, উচ্চ শিক্ষাৰ কাৰ্যসূচী, আলোচনাচক্র, সাক্ষাৎকাৰ আদৰ্শমূলক তথ্যচিত্ৰ আদি দূৰদৰ্শনৰ মাধ্যমত প্ৰচাৰ কৰা হয়। ই এবিধ শ্রেষ্ঠ গণন্থাধ্যম। 

দূৰদৰ্শন এবিধ বৈশিষ্টপূর্ণ আহিলা হিচাপে পৰিগণিত হোৱাৰ মূলত কেইটিমান দিশ বিশেষভাৱে উল্লেখযোগ্য।

১। শ্ৰৱণ-দৰ্শনৰ আহিলা হিচাপে দূৰদৰ্শনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ ফলত অভিজ্ঞতা বেছি স্পষ্ট গভীৰ আৰু দীর্ঘস্থায়ী হয়।

২। আগতে আৱিষ্কাৰ হোৱা জনসংযোগৰ আহিলাসমূহতকৈ উপযুক্তভাৱে দূৰদৰ্শনে নিজৰ কাৰ্যসূচী প্ৰচাৰ কৰিছে। বিশিষ্ট ব্যক্তিসকলক চকুৰ ওচৰতে দেখা আৰু তেওঁলোকৰ বাণী শুনাৰ সহজ উপায় হিচাপে দূৰদৰ্শনৰ গুৰুত্ব অধিক। মানুহৰ মনত আনন্দ দিব পৰা গুণটো জনসংযোগৰ আন মাধ্যমতকৈ দূৰদৰ্শনৰ বহুত বেছি।

৩। গণমাধ্যম হিচাপে দূৰদৰ্শনৰ জৰিয়তে নতুন নতুন দিশত মানৱ মনত জ্ঞান, কলা-কৌশলৰ ধাৰণা আৰু ৰুচিবোধ গঢ়ি উঠাত সহজ হৈছে।

৪। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰি উপযুক্ত কলা কৌশল আৰু বিজ্ঞানসন্মতভাৱে পাঠদান আৰু আহৰণৰ ধাৰণা জগাই তোলাত সুবিধা হৈছে। সকলো দিশৰ পৰা লক্ষ্য কৰি বুজা যায় আধুনিক যুগৰ দূৰদৰ্শন অন্যতম অবদান।

(খ) গণমাধ্যম হিচাপে কথাছবি বা চলচ্চিত্র (Cinema)

Ans. গণমাধ্যম হিচাপে কথাছবিয়েও এটি উল্লেখযোগ্য স্থান দখল কৰি আছে। কথাছবি হৈছে এবিধ সৃজনীমূলক শিল্পকর্ম। ইয়াক সামাজিকৰণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ধৰা হয়। কথাছবিৰ মূল উদ্দেশ্য হ’ল মানুহৰ মনত নানা ধৰণৰ কাহিনীৰ মাধ্যমেৰে আনন্দ যোগান ধৰা হয়। সেই আনন্দৰ যোগানৰ লগে লগে মানুহৰ মনত যেন নানা ধৰণৰ আদৰ্শমূলক চিন্তাধাৰাই স্থান পায় তাৰ বাবেও কথাছবিৰ মাধ্যমত চেষ্টা কৰা হয়। সামাজিক জীৱনত নানা ধৰণৰ বিষয়বস্তুৰ অৰ্থ বিশদভাৱে বুজাবৰ কাৰণে সমাজৰ আৱশ্যকীয় কিছুমান দিশৰ কথা প্ৰচাৰ কৰিবৰ কাৰণে আৰু সকলো শ্ৰেণীৰ মানুহক শিক্ষিত কৰি তুলিবৰ কাৰণে কিছুমান বিশেষ ধৰণৰ কথাছবি প্ৰস্তুত কৰি তোলা হয়। এই কথাছবিসমূহক তথ্যচিত্ৰ আখ্যা দিয়া হৈছে। কথাছবিৰ মাধ্যমত কোনো এটা বিষয়ৰ জ্ঞান যিমান সোনকালে দিব পৰা যায় আন কোনো দিশৰ সহায়ত ইমান পৰিপাৰ্টীকৈ দিব নোৱাৰি। মানৱ সমাজ সমস্যাবহুল সমাজ। সমস্যাসমূহৰ মানুহৰ মাজত ফঁহিয়াই তথা বিশ্লেষণ কৰি কথাছবিৰ সহায়ত দেখুৱাব পাৰি।

আধুনিক শিক্ষা ব্যৱস্থাত কথাছবিৰ প্ৰভাৱ বিশেষভাৱে পৰিছে যদিও সামাজিকভাৱেহে ইয়াৰ প্ৰভাৱ বেছি। এই প্রভাৱসমূহ ভাল আৰু বেয়া দুয়োটা ক্ষেত্ৰতে পৰিলক্ষিত হৈছে। একোখন ছবি আদৰ্শমূলক কৰি গঢ়ি তোলা হয়, আনহাতে ২/১ খন ছবি বজৰুৱা ধৰণৰ বুলিও কোৱা হয়। প্রত্যেকখন কথাছবিৰ কিছুমান বিশেষ বিশেষত্ব থাকে। ই জনসমাজত স্থায়ীভাৱে গভীৰ প্ৰভাৱ পেলায়। কোনো কোনো বিখ্যাত কাহিনী অথবা উপন্যাসৰ হুবহু ঘটনাৰাজি কথাছবিৰ মাজেৰে উপস্থাপন কৰা হয়। এনে ধৰণৰ কথাছবিয়ে দৰ্শকসকলৰ মনত প্ৰকৃত ঘটনাৰ দকৈ প্ৰভাৱ বিস্তাৰ কৰে। ই কম খৰচতে কম সময়তে অধিক আনন্দ দিবলৈ সক্ষম হয়। ই মানৱ মনত চিত্ত বিনোদন আদি দিয়ে। নানা ধৰণৰ ধেমেলীয়া কথা, সুৰুচিপূৰ্ণ সংলাপ, কার্টুন জাতীয় ছবি আৰু দুঃসাহসিক ঘটনা আদিয়ে সৰু ল’ৰা-ছোৱালীৰ লগতে যুৱকসকলক মোহিত কৰে।

কথাছবিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল অভিজ্ঞতা অৰ্জনত সহায় কৰা। কথাছবিৰ কাহিনীৰ আধাৰ বিভিন্ন গল্পৰ পৰাই লোৱা হয় আৰু তাৰ মাজেৰে জীৱনৰ বেলেগ বেলেগ অৱস্থা দৰ্শকৰ চকুত ধৰা দিয়ে। এই অৱস্থাসমূহৰ পৰা দৰ্শকসকলৰ বিভিন্ন দৰ্শন আৰু বৈচিত্ৰৰ লগত পৰিচয় হয়। ইয়াৰ কেতিয়াবা বেয়া দিশো পৰিলক্ষিত হয়, তাৰ পৰা কোমল মনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনিষ্ট সাধন হয়। বর্তমান সময়ত কথাছবিসমূহে বিজ্ঞাপনৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়ে। নানা ধৰণৰ উৎপাদক সামগ্ৰীৰ বিষয়ে কথাছবিৰ মাজেৰে মানুহৰ মাজত প্ৰচাৰ কৰাৰ চেষ্টা কৰা দেখা যায়। নানা ধৰণৰ উৎপাদন সামগ্ৰীসমূহ বিজ্ঞাপনৰ মাজেৰে মানুহৰ মনত সোমাই পৰে আৰু চাহিদাও বৃদ্ধি হয়। সৰু সৰু ল’ৰা-ছোৱালীয়ে অনুসৰণ কৰি ঘৰুৱা পৰিৱেশত তাক প্ৰতিফলিত কৰিবলৈ বিচাৰে। মানুহৰ চিন্তা, মূল্যবোধ, ৰুচিবোধ, পছন্দ আদি অনেক গভীৰ কথা বৰ্তমান সময়ত বিজ্ঞাপনৰ দ্বাৰাই নিয়ন্ত্ৰিত হ’বলৈ ধৰিছে। বিজ্ঞাপনসমূহে নানা ধৰণে সহায় যেনেকৈ কৰে বেয়া পথৰ সন্ধানো তেনেকৈ দিয়ে। সেয়েহে এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ হোৱা উচিত।

কথাছবিৰ শৈক্ষিক মূল্য বেছি। বর্তমান সময়ত এনেকুৱা কিছুমান কথাছবি প্ৰস্তুত কৰা হৈছে যিবিলাকৰ মাধ্যমেৰে বিজ্ঞান প্ৰযুক্তিবিদ্যা গণিত, ভূগোল, জ্যোতিবিজ্ঞান আদি বিষয়ৰ তথ্যপাতি আৰু সঁজুলি সহজ-সৰল ভাষাত জনসমাজত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ অন্তৰ্গত বিভিন্ন বিষয়ো ইয়াত অন্তর্ভুক্ত কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে। উদ্দেশ্যপূর্ণ শিক্ষা বিষয়ক কথাছবি প্রস্তুত কৰিলে ই শিশুৰ কল্পনাশক্তি বঢ়োৱাত সিহঁতৰ মনোভাৱ অভ্যাস আৰু অভিৰুচি সৃষ্টি হোৱাত সহায় কৰে। নায়ক-নায়িকাৰ মাধ্যমেৰে নিজৰ কল্পনাৰাজিক সক্ৰিয় কৰি তোলে। অভিনয়ৰ মাজেৰে দেখুওৱা আচৰণখিনি ছাত্ৰ-ছাত্ৰীসকলে অনুসৰণ কৰি লয়। আধুনিক সমাজৰ ব্যক্তিসকলে স্বীকাৰ কৰিছে যে কথাছবিৰ মাধ্যমত জনসমাজৰ জ্ঞানৰ প্ৰসাৰতা আনিব পাৰি। পশ্চিমীয়া

দেশবোৰে বিদ্যালয়ৰ চাৰিবেৰৰ ভিতৰত উপযোগীকৈ কথাছবি। প্ৰস্তুত কৰিবলৈ লৈছে আৰু তাৰ সফল প্ৰয়োগ কৰিছে। সকলো বিশৰ পৰা লক্ষ্য ৰাখি কথাছবিৰ শিক্ষামূলক গুৰুত্ব আছে বুলি ক’ব পাৰি।

(গ) বাতৰি কাকত (News Paper)

Ans. আধুনিক বিজ্ঞানসন্মত সমাজৰ এটি অবিচ্ছেদ্য অংগ হিচাপে বাতৰি কাকতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বাতৰি কাকতেই হৈছে জাতিসমূহৰ মাজত যোগসূত্ৰ ৰক্ষা কৰা আৰু ইখন দেশ আৰু সিখন দেশৰ মাজত সম্বন্ধ স্থাপন কৰা এটি মাধ্যম। ইয়াৰ মাজেৰে পৃথিৱীৰ বিভিন্ন ঠাইত হোৱা উল্লেখযোগ্য ৰাজনৈতিক পৰিৱৰ্তন, যুদ্ধবিগ্রহ, অর্থনৈতিক, সালসলনি, নানা ধৰণৰ দুৰ্ঘটনা, বেহা-বেপাৰৰ সমস্যা, খেল-ধেমালিৰ বাতৰি, উৎপাদিত সামগ্ৰীৰ বিজ্ঞাপন আদি খুব কম খৰছতে সবিশেষ জনাৰ সুবিধা দিয়া হয়। বিজ্ঞানৰ প্ৰগতিয়ে বিশ্বক আমাৰ নিচেই ওচৰ চপাই আনিছে নানা ধৰণৰ গণমাধ্যমৰ মাজেদি। ইয়াৰ লগত সাংবাদিকতা নিবিড়ভাৱে জড়িত হৈ থাকে। শক্তিশালী সম্পাদকীয়ই মানুহৰ মনত সাহসিকতাৰ বীজ ছটিয়াই দিব পাৰে। নাগৰিকসকলে তেওঁলোকৰ নিজৰ মতামত ৰুচি-অভিৰুচিৰ কথাও ইয়াৰ মাধ্যমেৰে প্ৰচাৰ কৰিব পাৰে। বৰ্তমান শিক্ষা ব্যৱস্থাত সাংবাদিকতা এক প্রয়োজনীয় বিষয় হিচাপে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। বাতৰি কাকতৰ মাধ্যমত এজন ব্যক্তিয়ে সমগ্ৰ বিশ্বৰে বতৰা পাবলৈ সক্ষম হয়।

মানৱ সমাজত অভাৱ চিৰ বিদ্যমান হৈ থাকে। সেই অভাৱৰ বাবে প্ৰয়োজন হৈ পৰিছে আৱিষ্কাৰৰ। অভাৱক আৱিষ্কাৰ মূল বুলি ধৰা হয়। অভাৱৰ তাড়ণাই মানুহক বিভিন্ন সম্পদ আৱিষ্কাৰৰ প্ৰেৰণা যোগাইছে। মানব সমাজ সেই আবিষ্কাৰসমূহৰ ফলত সমৃদ্ধিশালী হৈছে। বাতৰি কাকতত সেই আবিষ্কাৰসমূহৰ তথ্যপাতিৰ বিৱৰণ মানুহৰ মাজত প্ৰচাৰ কৰাৰ সুবিধা হৈছে। অতীত সমাজত বাতৰি কাকতৰ প্ৰচলন নাছিল যদিও কটকীৰ যোগেদি ইখন দেশৰ বতৰা সিখন দেশক দিয়াৰ ব্যৱস্থা আছিল। ভ্ৰমণকাৰী, পৰিব্ৰাজক, ৰাজকটকী, ৰাজদূত আদিক পঠাই যুদ্ধৰ বাতৰি আদি প্ৰেৰণ কৰাৰ লগতে নিজৰ দেশলৈ কঢ়িয়াই অনা হৈছিল। কিন্তু বর্তমান যুগত বাতৰি কাকতৰ প্ৰচলন হোৱাত সকলোখিনি তাৰ মাজেৰে প্ৰকাশ কৰা হয়। তদুপৰি যোগাযোগ কৰাৰ বাবে আবিষ্কৃত হোৱা নানা তৰহৰ অনাৰ্তাৰ যন্ত্ৰসমূহে পৃথিৱীৰ আয়তনকে ক্ষুদ্ৰ কৰি পেলাইছে।

বাতৰি কাকতৰ প্ৰথম আৰম্ভণি হৈছিল চীন দেশত । কাকজ আৰু ছপাকল আবিষ্কাৰ কৰি চীন দেশে গৌৰৱোজ্জল ইতিহাস ৰচনা কৰিছিল। ইউৰোপৰ ভেনিচ নগৰত এখন বাতৰি কাকত প্ৰকাশ হৈছিল তাৰ নাম আছিল ‘গেজেটা’। এই শব্দৰ পৰা গেজেট শব্দৰ আবিৰ্ভাৱ হয়। ৰাণী এলিজাবেথৰ দিনত বাতৰি কাকতৰ প্রচলন হয়। সেইদৰে অসমত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিমতে ইংৰাজ আগমনৰ পাছত ১৮৪৬ চনত ‘অৰুণোদই’ নামেৰে এখন কাকত প্ৰকাশ পাইছিল। বাতৰি কাকতৰ কেইবাটাও শ্রেণী আছে। তাৰ ভিতৰত প্ৰধান বাতৰি কাকত, বাৰ্তা আৰু প্ৰবন্ধ মিশ্রিত কাকত আৰু আলোচনী আদিয়েই প্রধান।

আধুনিক জগতত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্রতিদিনে পৃথিৱীৰ বিভিন্ন স্থানত ঘটি যোৱা আৰু ঘটি থকা ঘটনা প্ৰৱাহ, ৰাজনীতি, অর্থনীতি, সমাজনীতি, বিজ্ঞান, বেহা-বেপাৰ, শিক্ষা-সংস্কৃতি, খেলা-ধূলা, আমোদ-প্রমোদ, খেল-ধেমালিৰ বাতৰি, যুদ্ধ-বিগ্রহ, ঘটনাৱলীৰ শুদ্ধ আৰু তথ্যভিত্তিকভাৱে সুন্দৰকৈ সজাই সমাজৰ উপযোগীকৈ প্ৰকাশ কৰে। বাতৰি কাকত হৈছে জনমত সংগঠনৰ মূল আহিলা। ইয়াৰ মাজেৰে মানুহে সকলো ধৰণৰ লাগতিয়াল বা-বাতৰি বিভিন্ন বিষয়ৰ পাঠদানৰ লগত সামঞ্জস্য দেখুৱায় । আৰু তাৰ জৰিয়তে পাঠদান মনোগ্ৰাহী কৰি তুলিব পাৰে। বাতৰি কাকতত ল’ৰা-ছোৱালীৰ উপযোগী নানা ধৰণৰ শিতান থাকে। সেই শিতানবোৰৰ মাধ্যমত জ্ঞানলাভ কৰিবলৈ সক্ষম হয়। বাতৰি কাকতৰ মাধ্যমেৰে গল্প-কবিতা আদি লিখি লিখনী প্ৰতিভাৰ বিকাশ সাধন কৰিব পাৰি। বাতৰি কাকতৰ মাধ্যমত সামাজিক পৰিৱৰ্তনো সম্ভৱপৰ হয়। পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ জীৱনযাত্ৰা আৰু সমস্যাৱলীৰ বিষয়ে বাতৰি পৰিৱেশন কৰি আন্তৰ্জাতিক বিদেশ সম্বন্ধ স্থাপন কৰিব পাৰি। সুন্দৰ আৰু শক্তিশালী সাংবাদিকতাই বাতৰিৰ মান উন্নত কৰে। সত্য আৰু তথ্যপূৰ্ণ বাতৰি পৰিৱেশনৰ ফলত মানৱ জীৱনত জ্ঞানৰ পৰিসীমা বৃদ্ধি পায়, ভাষা শিকিবলৈ সহজ হয় আৰু সমস্যাসমূহ জনাৰ সুবিধা হয়। বাতৰি কাকতে শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

(ঘ) পুথিভঁড়াল (Library)

Ans. গণমাধ্যম হিচাপে পুথিভঁড়ালৰ ভূমিকা উল্লেখযোগ্য। শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত থকা কথাখিনিয়েই ল’ৰা-ছোৱালীৰ বাবে যথেষ্ট নহয়। তেওঁলোকৰ মানসিক দিগন্ত তেওঁলোকৰ ডাঙৰ হৈ অহাৰ লগে লগে বহল হৈ পৰে। সেয়েহে শিক্ষার্থীসকলে নানা তৰহৰ কথা জানিবলৈ বিচাৰি। সেই সমলসমূহ যোগান ধৰাৰ ক্ষেত্ৰত পুথিভঁড়ালৰ ভূমিকা অতি তাৎপর্যপূর্ণ। আধুনিক জগতত বিভিন্ন জ্ঞান এনেদৰে বাঢ়িছে যে আজি শিকা কথাটো কেইদিনমান পাছত পুৰণি হৈ যাব পাৰে। স্কুল কলেজৰ পাঠ্যক্ৰমত সদায় নতুন কথা অন্তৰ্ভুক্ত কৰা সম্ভৱপৰ নহয়। গতিকে ল’ৰা-ছোৱালীয়ে বিভিন্ন বিষয়তে নতুন জ্ঞান আহৰণ কৰাৰ বাবে পুথিভঁড়ালৰ অতি প্রয়োজন। ইয়াক গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি ধৰা হয়।

শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ অভ্যাস গঠন কৰাত পুথিভঁড়ালৰ প্রভাৱ অপৰিসীম। ‘বেকন’ নামৰ এগৰাকী মনিষীয়ে কৈছিল— ‘অধ্যয়নে মানুহৰ ব্যক্তিত্ব গঢ়ি তোলে।’ পুথিভঁড়ালৰ এটা প্ৰধান কাম হ’ল সংৰক্ষণ কৰা। নতুন, পুৰণি কিতাপ সংগ্ৰহ কৰাৰ লগতে সুন্দৰৰূপে সংৰক্ষণ কৰি পুথিভঁড়ালে সমাজৰ উন্নতি সাধন কৰে। চৰকাৰ আৰু জনসাধাৰণৰ মাজত বাতৰি কাকতে যোগসূত্র স্থাপন কৰে। লগতে ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক সমস্যাৰ স্বৰূপ দাঙি ধৰে। ইয়াৰ মাধ্যমত জনমত গঢ়ি তোলা হয়। শিক্ষানুষ্ঠানৰ পুথিভঁড়ালৰ বিভিন্ন ধৰণৰ সাপ্তাহিক, বাতৰি কাকত, কিতাপ-পত্ৰ, প্ৰচাৰ পত্ৰ, আলোচনী আদি ৰখা হয়। শিক্ষার্থীসকলে প্রয়োজন অনুসাৰে যিকোনো বিষয়ৰ কিতাপ পত্র পঢ়ি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ উপৰি সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে পুথিভঁড়ালৰ যোগেদি উপকৃত হয়। নিজৰ কৰ্মজীৱনৰ শ্ৰীবৃদ্ধি কৰিবলৈ আৰু অৱসৰ বিনোদনৰ উপায় হিচাপে ব্যৱহাৰ কৰিবলৈ পুথিভঁড়ালৰ প্ৰয়োজন। পুথিভঁড়াল কেইবা প্ৰকাৰৰো আছে। তাৰ ভিতৰত –

(ক) স্কুলীয়া পুথিভঁড়াল।

(খ) শ্ৰেণী পুথিভঁড়াল। 

(গ) ৰাজহুৱা পুথিভঁড়াল।

(ঘ) চলন্ত পুথিভঁড়াল।

(ঙ) ঘৰুৱা পুথিভঁড়াল আদিয়েই প্রধান।

(ঙ) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ

Ans : ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ অধীনত ১৯৯৩ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছে। এই আইনৰ অধীনত ৰাজ্যবিলাকত নাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু মানৱ অধিকাৰ আদালত গঠনৰ কথা কোৱা হৈছে। ই এক স্বাধীন অনুষ্ঠান।

গঠন : ১৯৯৩ চনৰ আইন অনুসৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ তলত উল্লেখ কৰা সদস্যসকলক লৈ গঠন কৰা হয়।

(১) আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য‌ ন্যায়াধীশ হ’ব লাগিব,

(২) আয়োগৰ এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব, 

(৩) এজন সদস্য উচ্চ নায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(৪) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে বাস্তৱ জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিৰ মাজৰ পৰা নিৰ্বাচন কৰি লোৱা হ’ব,

(৫) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি জনজাতি আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও মানৱ অধিকাৰ আয়োগৰ সদস্য পদ লাভ কৰিব।

মানৱ অধিকাৰ আয়োগৰ এজন সচিব প্ৰধান থাকিব। তেওঁৱেই মানৱ অধিকাৰ আয়োগৰ প্ৰধান কাৰ্যবাহী বিষয়া, সভাপতি আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে ৫ বছৰ কাৰ্যকালৰ বাবে নিযুক্তি দিব।

(চ) সংখ্যালঘুৰ কাৰণে ৰাষ্ট্ৰীয় আয়োগ (The National Commission for Minorities)

Ans. ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে সংবিধানত কেইবাটাও অনুচ্ছেদ সন্নিবিষ্ট আছে। সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদ মতে ভাৰতৰ যিকোনো ধর্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে নিজৰ ভাষা, সাহিত্য সংৰক্ষণৰ বাবে শিক্ষানুষ্ঠান প্রতিষ্ঠা আৰু পৰিচালনা কৰিব পাৰিব। চৰকাৰে সাহায্য প্রদান কৰোতে ইবিলাকৰ প্ৰতি কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কৰাতো নিষিদ্ধ।

কিন্তু সাংবিধানিক ব্যৱস্থাৱলীয়ে সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত নহয় বুলি উপলব্ধি কৰি ভাৰতৰ সংসদে 1992 চনত সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (The commission for minorities) আইন গ্ৰহণ কৰে আৰু এই আইনৰ আধাৰত সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়। 1992 চনৰ 17 মে’ৰ পৰা কাৰ্যকৰী কৰা হয়।

সংখ্যালঘু আয়োগৰ গঠন পদ্ধতি : ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগত এজন সভাপতি, উপ-সভাপতি আৰু 5 জন সদস্যলৈ গঠন কৰা হয়। আয়োগৰ সদস্যসকলক কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰে৷ আয়োগৰ সভাপতি, উপ সভাপতি আৰু সদস্যসকল সংখ্যালঘু সম্প্ৰদায়ৰ হ’ব লাগিব।

কার্যকাল : সংখ্যালঘুৰ কাৰণে ৰাষ্ট্ৰীয় আয়োগৰ কাৰ্যকাল 3 বছৰ।

কাৰ্যাৱলী : ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে নিম্ন লিখিত লক্ষ্য সাধনৰ বাবে কাৰ্য সম্পাদন কৰে।

(1) কেন্দ্রীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ সংখ্যালঘু সকলৰ উন্নতিৰ মূল্যাংকন কৰা।

(2) সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লগা কাৰ্যবোৰক অনুমোদন জনোৱা ।

(3) সংখ্যালঘুৰ অধিকাৰ উপভোগত প্রতিবন্ধকতা সৃষ্টি কৰা সমস্যা সমাধান কৰা।

(4) সংখ্যালঘু সম্প্রদায়ে সাংবিধানিকভাৱে লাভ কৰা অধিকাৰ উলংঘনৰ অভিযোগ পালে আয়োগে অভিযোগৰ বিচাৰ কৰিব।

(5) আয়োগে নিজৰ কাম-কাজৰ অগ্ৰগতি সম্পর্কে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগে।

(6) কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে আয়োগে অন্য যিকোনো বিষয়ত কার্য সম্পাদন কৰিব পাৰে।

(7) প্রতিবেদন দাখিল।

অনুসন্ধান সম্পৰ্কীয় ক্ষমতা : ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে দেৱানী আদালতৰ ক্ষমতা উপভোগ কৰে। আয়োগে কোনো বিচাৰ কাৰ্য সম্পাদন কৰোতে-

(1) শপতনামাৰে সৈতে শপত গ্ৰহণ কৰিব।

(2) যিকোনো দলিল নথি পত্ৰৰ বাবে আদেশ, নির্দেশ জাৰি কৰিব পাৰে।

(3) যিকোনো আদালত বা কাৰ্যালয়ৰ পৰা চৰকাৰী নথিপত্র আহৰণ কৰিব পাৰে।

(4) যিকোনো ব্যক্তিক আয়োগত সাক্ষ্য দিবলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top