Human Rights of Education Unit 4 Agencies of Human Rights Education

Human Rights of Education Unit 4 Agencies of Human Rights Education, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 4 Agencies of Human Rights Education Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 4 Agencies of Human Rights Education Question Answer can be of great value to excel in the examination.

Human Rights of Education Unit 4 Agencies of Human Rights Education

Join Telegram channel

Human Rights of Education Unit 4 Agencies of Human Rights Education Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 4 Agencies of Human Rights Education provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Agencies of Human Rights Education

EDUCATION

HUMAN RIGHTS OF EDUCATION

মানৱ অধিকাৰ শিক্ষা

1. How are the Chairperson and other members of the National Human Rights Commission appointed

Ans. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ অধীনত ১৯৯৩ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছে। এই আইনৰ অধীনত ৰাজ্যবিলাকত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু মানৱ অধিকাৰ আদালত গঠনৰ কথা কোৱা হৈছে। ই এক স্বাধীন অনুষ্ঠান।

গঠন : ১৯৯৩ চনৰ আইন অনুসৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ তলত উল্লেখ কৰা সদস্যসকলক লৈ গঠন কৰা হয়।

(১) আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(২) আয়োগৰ এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব।

(৩) এজন সদস্য উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(৪) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে বাস্তৱ জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিৰ মাজৰ পৰা নিৰ্বাচন কৰি লোৱা হ’ব।

(৫) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি জনজাতি আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও মানৱ অধিকাৰ আয়োগৰ সদস্য পদ লাভ কৰিব।

মানৱ অধিকাৰ আয়োগৰ এজন সচিব প্ৰধান থাকিব। তেওঁৱেই মানৱ অধিকাৰ আয়োগৰ প্ৰধান কাৰ্যবাহী বিষয়া, সভাপতি আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে ৫ বছৰ কাৰ্যকালৰ বাবে নিযুক্তি দিব।

2. Discuss the fundamental objectives of the UNO.

Ans. ১. আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ বাবে সকলো আক্ৰমণাত্মক আৰু শান্তিভংগৰ ভাবুকি দিয়াৰ কাৰ্যকলাপ শান্তিপূর্ণভাৱে ৰোধ কৰা আৰু আন্তৰ্জাতিক বিবাদসমূহ আন্তর্জাতিক আইন আৰু ন্যায়ৰ ভিত্তিত মীমাংসা কৰা।

২. মানৱ জাতিৰ সমঅধিকাৰ আৰু আত্মনিয়ন্ত্ৰণ নীতিৰ ভিত্তিত ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্ব বৃদ্ধি কৰা আৰু বিশ্ব শান্তিৰ বাবে উপযুক্ত ব্যৱস্থা অৱলম্বন কৰা।

৩. অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় সমস্যাৰ সমাধানৰ বাবে আৰু জাতি, ধৰ্ম, ভাষা, নির্বিশেষে সকলোৰে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাব গঢ়ি তোলাৰ বাবে আন্তর্জাতিক সহযোগিতা সৃষ্টি কৰা।

৪. সকলো কাৰ্যাৱলীৰ সমন্বয় সাধনৰ বাবে ৰাষ্ট্ৰসংঘক এটা কেন্দ্ৰৰূপে গঢ়ি তোলা।

3. Analyze the basic objective of Special Com mission for Weaker Sections with reference of Na tional Commission for Minorities.

Ans. ভাৰতৰ দুৰ্বল শ্ৰেণীসমূহৰ ধৰ্মীয়, ভাষিক, সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক দিশসমূহৰ বিকাশ সাধন কৰা আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষা দিয়া লক্ষ্য আগত ৰাখি কিছুমান বিশেষ আয়োগ গঠন কৰা হৈছে। এই আয়োগসমূহৰ প্ৰধান লক্ষ্য হৈছে সমাজৰ পিছপৰা, দুৰ্বল শ্ৰেণীসমূহৰ সার্বিক বিকাশ সাধন, মানৱ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকক উন্নত শ্ৰেণীৰ পৰ্যায়লৈ উন্নীত কৰা। ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতি সমূহত সমাজৰ সকলো শ্ৰেণীৰ লোকক সমান অধিকাৰ প্ৰদান কৰা হৈছে।

সংবিধান ১৫নং অনুচ্ছেদত জাতি, ধর্ম, লিংগ, বর্ণ নির্বিশেষে নাগৰিকৰ প্ৰতি বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰা হৈছে। অনুসূচিত জাতি, জনজাতিৰ অধিকাৰসমূহ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। ১৬নং অনুচ্ছেদত পিছপৰা শ্ৰেণীৰ লোকৰ বাবে নিযুক্তিত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ৰাজ্যিক বিধানমণ্ডল, কেন্দ্রীয় বিধান মণ্ডলত অনুসূচিত জাতি/জনজাতিৰ বাবে আৰু এংগো ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰা হৈছে।

সংবিধানৰ ১৭ অনুচ্ছেদ অস্পৃশ্যতা বিলোপ সাধনৰ ব্যৱস্থা কৰা হৈছে। মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিত সংখ্যালঘু সকলৰ ধৰ্ম, ভাষা সংস্কৃতি সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান ভাৰতৰ স্থানীয় স্বায়ত্ত শাসিত অনুষ্ঠানসমূহত মহিলাৰ বাবে শতকৰা ৩৩ ভাগ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

সমাজৰ দুৰ্বল শ্রেণী অর্থাৎ পিছপৰা সম্প্রদায়, অনুসূচিত জাতি জনজাতি, মহিলা আৰু শিশু, ভাষিক-ধার্মিক সংখ্যালঘু ইত্যাদি শ্ৰেণীসমূহৰ কাৰণে সংবিধানৰ প্ৰদত্ত অধিকাৰ সমূহ বাস্তৱত ৰূপ দিবৰ বাবে, তেওঁলোকৰ অধিকাৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে আনুষ্ঠানিক সংস্থা বা সংগঠন প্ৰতিষ্ঠা কৰাটো নিতান্ত প্রয়োজন। এনে সংস্থা, আয়োগ আদিৰ দ্বাৰাহে প্ৰকৃততে দুৰ্বল শ্ৰেণীৰ লোকসকলে সম্মুখীন হোৱা সমস্যা উলংঘন হোৱা মানৱ অধিকাৰ দক্ষণাবেক্ষণ দিব পৰা যায়। গতিকে ভাৰতৰ সংবিধানে প্রদান… কৰা দুৰ্বল শ্ৰেণীৰ অধিকাৰবিলাক, মানৱ অধিকাৰ ঘোষণা পত্ৰৰ অধিকাৰবিলাক বাস্তৱিক ৰক্ষণাবেক্ষণৰ উদ্দেশ্য আগত ৰাখিয়েই বিভিন্ন বিশেষ আয়োগ সমূহ গঠন কৰা হৈছে।

দুৰ্বল শ্ৰেণীৰ কাৰণে বিশেষ ৰাষ্ট্ৰীয় আয়োগ :

ভাৰতৰ সমাজ ব্যৱস্থাত দুৰ্বল বুলি সাংবিধানিক স্বীকৃতি লাভ কৰা জনসাধাৰণৰ মানৱ অধিকাৰ বিলাক সুৰক্ষিত কৰিবৰ বাবে সংসদে আইন প্ৰণয়নৰ যোগেদি কেইখনমান ৰাষ্ট্ৰীয় আয়োগ গঠনৰ ব্যৱস্থা কৰিছে। ইবিলাক হ’ল—

(1) মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (National Commission for Women)

(2) সংখ্যালঘুসকলৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (National commission for minorities)

(3) পিছপৰা শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (National commission for Backward)

(4) অনুসূচিত জাতি জনজাতিৰ বাবে বিশেষ আয়োগ (Special commission of SC and ST) সংখ্যালঘুৰ কাৰণে ৰাষ্ট্ৰীয় আয়োগ

The National Commission for Minorities : ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে সংবিধানত কেইবাটাও অনুচ্ছেদ সন্নিৱিষ্ট আছে। সংবিধানৰ 29 আৰু 30নং অনুচ্ছেদ মতে ভাৰতৰ যিকোনো ধর্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে নিজৰ ভাষা, সাহিত্য সংৰক্ষণৰ বাবে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা আৰু পৰিচালনা কৰিব পাৰিব। চৰকাৰে সাহায্য প্রদান কৰোতে ইবিলাকৰ প্ৰতি কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কৰাতো নিষিদ্ধ।

কিন্তু সাংবিধানিক ব্যৱস্থাৱলীয়ে সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত নহয় বুলি উপলব্ধি কৰি ভাৰতৰ সংসদে 1992 চনত সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (The commission for minorities) আইন গ্ৰহণ কৰে আৰু এই আইনৰ আধাৰত সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়। 1992 চনৰ 17 মে’ৰ পৰা কাৰ্যকৰী কৰা হয়।

সংখ্যালঘু আয়োগৰ গঠন পদ্ধতি : ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগত এজন সভাপতি, উপ-সভাপতি আৰু 5 জন সদস্যলৈ গঠন কৰা হয়। আয়োগৰ সদস্যসকলক, কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰে। আয়োগৰ সভাপতি, উপ সভাপতি আৰু সদস্যসকল সংখ্যালঘু সম্প্ৰদায়ৰ হ’ব লাগিব।

কার্যকাল : সংখ্যালঘুৰ কাৰণে ৰাষ্ট্ৰীয় আয়োগৰ কাৰ্যকাল 3 বছৰ।

কাৰ্যাৱলী : ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে নিম্ন লিখিত লক্ষ্য সাধনৰ বাবে কাৰ্য সম্পাদন কৰে।

(1) কেন্দ্রীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ সংখ্যালঘু সকলৰ উন্নতিৰ মূল্যাংকন কৰা।

(2) সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লগা কাৰ্যবোৰক অনুমোদন জনোৱা।

(3) সংখ্যালঘুৰ অধিকাৰ উপভোগত প্রতিবন্ধকতা সৃষ্টি কৰা সমস্যা সমাধান কৰা।

(4) সংখ্যালঘু সম্প্রদায়ে সাংবিধানিকভাৱে লাভ কৰা অধিকাৰ উলংঘনৰ অভিযোগ পালে আয়োগে অভিযোগৰ বিচাৰ কৰিব।

(5) আয়োগে নিজৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগে।

(6) কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে আয়োগে অন্য যিকোনো বিষয়ত কার্য সম্পাদন কৰিব পাৰে।

(7) প্রতিবেদন দাখিল ।

অনুসন্ধান সম্পৰ্কীয় ক্ষমতা : ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে দেৱানী আদালতৰ ক্ষমতা উপভোগ কৰে। আয়োগে কোনো বিচাৰ কাৰ্য সম্পাদন কৰোতে—

(1) শপতনামাৰে সৈতে শপত গ্ৰহণ কৰিব।

(2) যিকোনো দলিল নথি পত্ৰৰ বাবে আদেশ, নিৰ্দেশ জাৰি কৰিব পাৰে।

(3) যিকোনো আদালত বা কাৰ্যালয়ৰ পৰা চৰকাৰী নথিপত্র আহৰণ কৰিব পাৰে। 

(4) যিকোনো ব্যক্তিক আয়োগত সাক্ষ্য দিবলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব পাৰে।

অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ National Commission for Scheduled caste Scheduled Tribes :

ভাৰতৰ সংবিধানৰ 65 তম সংশোধনী অনুসৰি জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ অধিকাৰ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠনৰ বিধান কৰে।

গঠন : অনুসূচিত জাতি আৰু জনজাতি আয়োগৰ। এজন সভাপতি, এজন উপ-সভাপতি আৰু 5 জনকৈ সদস্যলৈ গঠন কৰা হৈছে। সভাপতি আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

কার্যকাল : আয়োগৰ কাৰ্যকাল 3 বছৰ।

ক্ষমতা আৰু কাৰ্যাৱলী : আয়োগৰ প্ৰধান কাৰ্যসমূহ হ’ল—

(1) সংবিধানে অনুসূচিত জাতি আৰু জনজাতিক প্ৰদান কৰা অধিকাৰবোৰ কাৰ্যকৰীকৰণৰ বাবে পৰামৰ্শ দিয়া।

(2) অনুসূচিত জাতি জনজাতিৰ লোকৰ অধিকাৰ উলংঘন কৰাৰ অভিযোগ পালে অভিযোগ নির্মূল কৰিব।

(3) আয়োগে অনুসূচিত জাতি আৰু জনজাতি লোকৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে আঁচনি প্রস্তুত কৰাৰ লগতে এই বিষয়ে কাৰিকৰী পৰামৰ্শ চৰকাৰক দিব।

(4) আয়োগে অনুসূচিত জাতি জনজাতি লোকৰ মানব অধিকাৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বেচৰকাৰী সংগঠন বিলাকৰ কাৰ্যত উদ্‌গনি যোগাব লাগে।

(5) আয়োগে অনুসূচিত জাতি জনজাতিৰ লোকৰ মানৱ অধিকাৰ সুৰক্ষা তথা উপভোগত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা বাধাসমূহ দূৰ কৰিব লাগে।

(6) আয়োগে নিজৰ কাৰ্যকলাপৰ অগ্ৰগতি সম্পর্কে এখন বাৰ্ষিক প্ৰতিবেদন ৰাষ্ট্ৰপতিক দিয়াতো আয়োগৰ অন্যতম কাম। প্রয়োজন সাপেক্ষে এনে প্রতিবেদন একাধিকবাৰ দিব পাৰে।

অনুসন্ধানমূলক কার্য : অনুসূচিত জাতি আৰু জনজাতি আয়োগৰ অনুসন্ধানমূলক ক্ষমতা আছে—

(1) আয়োগে যিকোনো ব্যক্তিলৈ চমন জাৰি কৰিব পাৰে।

(2) শপতনামাৰে সাক্ষ্য গ্ৰহণ কৰোৱাব পাৰে।

(3) যিকোনো চৰকাৰী কাৰ্যালয় বা আদালতৰ পৰা প্রয়োজনীয় নথি-পত্র তথ্যপাতি আহৰণ কৰিব পাৰে।

(4) আয়োগে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰি দিয়া অন্য যিকোনো কাম সম্পাদন কৰিব পাৰে।

(5) যিকোনো ব্যক্তিক আদালত সাক্ষী হিচাপে বা প্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিব পাৰে।

4. Analyses the basic objective UNESCO. How far it is successful? 

Ans. UNESCO ৰাষ্ট্ৰসংঘৰ এক বিশেষ সংখ্যা। শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক বিকাশৰ বাবে গঠন কৰা UNESCOৰ সংবিধান ১৯৪৫ চনৰ লণ্ডন সন্মিলনত গ্ৰহণ কৰা হয়। কিন্তু ১৯৪৬ চনৰ ৪ নৱেম্বৰতহে UNESCO গঠন কৰা হয়। সংবিধানৰ প্ৰস্তাৱত মানুহৰ মনৰ পৰা যুদ্ধৰ চিন্তা আঁতৰাই শান্তিৰ চিন্তা প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত কোৱা হৈছে— “Since War begins in the minds of men, it is minds of the defense of peace must be constructed.” UNESCOৰ সংবিধানত ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য প্রতিফলিত হৈছে। সংবিধানৰ ১নং অনুচ্ছেদৰ মতে— এই সংস্থাই বিভিন্ন সদস্য ৰাষ্ট্ৰৰ সহযোগত শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ বিকাশ ঘটাই বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ৰক্ষাৰ প্ৰচেষ্টা হাতত ল’ব । সকলোৱে যাতে আইনৰ শাসন, ন্যায়, মানৱ অধিকাৰ সন্মান জনাবলৈ শিকে তাৰ প্ৰতি বিশেষ যত্ন ল’ব।

এনে ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ UNESCOএ কিছুমান ব্যৱস্থা হাতত ল’ব ।

(১) ৰাষ্ট্ৰসমূহৰ সহযোগ আৰু অনুৰোধক্ৰমে শিক্ষাৰ বিকাশৰ বাবে কাম কৰিব।

(২) জাতি, ধর্ম, লিংগ, অৰ্থনৈতিক আৰু সামাজিক বিবেচনা নির্বিশেষে সকলোৱে যাতে শিক্ষাৰ ক্ষেত্ৰত সমানে সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনাব।

(৩) বিশ্বৰ শিশুসকলৰ বাবে পৰিৱেশৰ লগত খাপ খোৱা উপযুক্ত শিক্ষা-পদ্ধতি ৰচনা কৰি মানসিক বিকাশ ঘটোৱা আৰু তেওঁলোকক ভৱিষ্যতৰ অধিকাৰৰ প্ৰতি দায়বদ্ধ কৰি তুলিবলৈ ৰাষ্ট্ৰসমূহক পৰামৰ্শ আগবঢ়ায়। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰৰ দ্বাৰা প্ৰভাৱিত হৈ UNESCOএ নিজৰ সীমাৰ ভিতৰত কিছুমান আইন বিধিবদ্ধ কৰি লৈছিল, শিক্ষা সম্প্ৰসাৰণৰ যোগেদি মানৱ অধিকাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিছিল।

UNESCOএ শিক্ষাৰ ক্ষেত্ৰত বৈষম্য বিৰোধী অধিবেশন (১৯৬২) অনুষ্ঠিত কৰিছিল। ৮০ খনতকৈ অধিক দেশে ইয়াত অংশগ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰত সকলোৰে সম অধিকাৰ নীতিত আস্থা প্ৰকাশ কৰিছিল। শিক্ষানুষ্ঠানত নামভৰ্তিৰ বিষয়ত কোনো বৈষম্য ৰখা নহ’ব বুলি অংশ গ্ৰহণকাৰী ৰাষ্ট্ৰবোৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিদেশীলোকৰ ক্ষেত্ৰতো একে নীতি গ্ৰহণ কৰাৰ কথা মানি লোৱা হৈছিল।

UNESCOএ সংস্কৃতিক বৈচিত্র্যতা ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়ত তিনিখন চুক্তি সম্পাদন কৰা হৈছিল— 

(১) সশস্ত্ৰ সংঘৰ্ষৰ সময়ত সাংস্কৃতিক সম্পদ ৰক্ষা কৰাৰ চুক্তি (হেগ চুক্তি) 

(২) সাংস্কৃতিক ঐতিহ্যৰ অবৈধ আমদানি-ৰপ্তানি আৰু হস্তান্তৰ নিষিদ্ধকৰণ চুক্তি। আৰু 

(৩) বিশ্ব সাংস্কৃতিক ঐতিহ্যৰ ক্ষোৰ চুক্তি।

সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে, সাংস্কৃতিক সম্পর্ক অধিক বিকাশৰ বাবে UNESCOএ অসংখ্য কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আন্তর্জাতিক সাংস্কৃতিক সহযোগিতা নীতিৰ ঘোষণাপত্ৰ (১৯৬৬) মতে— আন্তর্জাতিক সহযোগিতাই প্রত্যেক ব্যক্তিক জ্ঞান অৰ্জনত সুবিধা প্ৰদান কৰিব, সকলো মানুহৰ কলা সাহিত্য উপভোগ কৰাত সহায় কৰিব, বিশ্বৰ সকলো ঠাইত বিজ্ঞানে কৰা অগ্ৰগতি আৰু লাভৰ অংশ ল’ব পাৰিব আৰু সাংস্কৃতিক জীৱন চহকী কৰাত অৰিহণা যোগাব পাৰিব। এইবিলাকৰ সহযোগিতাৰ বাবে আর্থ-সামাজিক অৱস্থা সৃষ্টি কৰি ল’ব পাৰিব।

ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা হিচাপে UNESCOএ শিক্ষা বিজ্ঞান আৰু সংস্কৃতিৰ বিকাশৰ বাবে বহু অনুসন্ধান আৰু গৱেষণামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। মানৱ অধিকাৰ বিকাশ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক উপাদানবোৰ অনুসন্ধান কৰাত এই সংস্থাই বিশেষ মনোযোগ দি আহিছে। এই সংস্থাই গৱেষণা কৰা বিষয়সমূহৰ ভিতৰত এটা হ’ল বিভিন্ন সমাজৰ গোপনীয়তাৰ অধিকাৰ আৰু গোপনীয়তাৰ অৰ্থ। আন এটা অধ্যয়নৰ বিষয় হৈছে আধুনিক ৰাষ্ট্ৰৰ অধিকাৰৰ ওপৰত প্ৰযুক্তিবিজ্ঞানৰ বিকাশৰ প্রভাৱ। ১৯৮৯ চনৰ পিছৰে পৰা UNESCOএ প্ৰচাৰ মাধ্যমৰ আৰু বহুধাবিভক্ত প্ৰচাৰ অনুষ্ঠানৰ অধিকাৰৰ ওপৰত চৰকাৰে গ্ৰহণ কৰা বিধেয়কবোৰৰ অধ্যয়ন কৰি আহিছে। বিভিন্ন দেশৰ আইনৰ প্রয়োগিক দিশ অধ্যয়ন কৰিবলৈ সমাজ বিজ্ঞানৰ অধ্যয়ন অতি প্রয়োজনীয়। সেইবাবে এই সংস্থাই সমাজ বিজ্ঞানৰ অধ্যয়নৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে। এনে অধ্যয়নৰ যোগেদি মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাধাবোৰ চিনাক্ত কৰিব পাৰি।

১৯৯৩ চনত UNESCOএ ৰাষ্ট্ৰসংঘ আৰু কানাডাৰ UNESCOএ আয়োগৰ লগ লাগি মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে শিক্ষা নামৰ আন্তর্জাতিক অধিবেশন অনুষ্ঠিত কৰিছিল। অধিৱেশনত মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে শিক্ষা বিষয়ত কাৰ্য আঁচনি গ্ৰহণ কৰা হৈছিল। ইয়াত ঘোষণা কৰা হৈছিল যে মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে শিক্ষা নিজে এটা মানৱ অধিকাৰ। কাৰণ শিক্ষাৰ যোগেদিহে অধিকাৰ, গণতন্ত্ৰ আৰু ন্যায় প্ৰতিষ্ঠা কৰা সম্ভৱ। এই কাৰ্য আঁচনিৰ ভিতৰত উপযুক্ত পাঠ্যক্রম যুগুত কৰা, শিক্ষা প্ৰসাৰণৰ বাবে সম্পদ বৃদ্ধি কৰা, স্কুলীয়া পাঠ্যক্ৰম পুনৰ যুগুত কৰা, অবিৰত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা, শিক্ষাদান দিব লগা জনসাধাৰণ চিনাক্ত কৰা, মানৱ অধিকাৰ শিক্ষাৰ বাধা অতিক্ৰম কৰা ইত্যাদি প্রধান।

UNESCOএ ইয়াৰ লক্ষ্য সাধনত উপনীত হ’বলৈ প্ৰচেষ্টা অব্যাহত ৰাখিলেও সম্পূৰ্ণ সফল হ’ব পৰা নাই। সদস্য ৰাষ্ট্ৰসমূহৰ ঐকান্তিকতাৰ অভাৱ আৰু মানৱ অধিকাৰৰ বিষয়ত সামগ্রিক ঐক্যমত নথকাৰ বাবে এই সংখ্যাই আশানুৰূপ ফলাফল দেখুৱাব পৰা নাই।

5. Examine the basic elements of the Montreal Protocol.

Ans. ১৯৯৩ চনত UNO ৰ আৰ্থিক আৰু সামাজিক পৰিষদ আৰু UNO ৰ মানৱ অধিকাৰ কেন্দ্ৰই ইউনেস্কৰ কানাডাৰ আয়োগৰ সহযোগিতাত কানাডাৰ মণ্ট্ৰিল চহৰত মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত এক মহাসভা অনুষ্ঠিত কৰিছিল। এই মহাসভাতেই মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত এক মহাসভা অনুষ্ঠিত কৰিছিল। এই মহাসভাতেই মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ ববে শিক্ষাৰ ওপৰত সমগ্ৰ বিশ্বজুৰি আঁচনি যুগুত কৰা হৈছিল আৰু ইয়াকে Montreal Protocol ক মন্ত্রিয়েল আচৰণ বিধি বোলা হয়। উক্ত কার্য আঁচনিত মানৱ অধিকাৰ বিকাশৰ বাবে বিশ্বৰ জনসাধাৰণৰ মাজত গণতান্ত্ৰিক আদৰ্শ প্ৰচাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল। গণতন্ত্ৰৰ বাবে শিক্ষা অপৰিহাৰ্য অঙ্গ আৰু মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বিস্তাৰিত জ্ঞান দিবৰ গ্ৰহণ কৰিব লগা আঁচনিৰো চূড়ান্ত ৰূপ দিয়া হৈছিল। গতিকে মন্ট্রিয়েল আচৰণবিধিৰ প্ৰধান উপাদান হৈছে মানৱ অধিকাৰ শিক্ষা আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ মাজত সাদৃশ্যক স্বীকৃতি দিয়া। মানৱ অধিকাৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাশিৰ বিকাশৰ বাবে মহাসভাই সিদ্ধান্ত কৰিছিল—

(1) উপযুক্ত স্থান চিনাক্ত কৰা : বিশ্বৰ কোনবোৰ অঞ্চলত মানৱ অধিকাৰ ভালকৈ শিপাব পৰা নাই আৰু কোনবোৰ অঞ্চলত মানৱ অধিকাৰ সঘনাই ভঙ্গ কৰা হয় সিবিলাক অঞ্চল চিনাক্ত কৰা ।

(2) যথোপযুক্ত পাঠ্যক্ৰম নিৰ্দ্ধাৰণ কৰা : মানৱ অধিকাৰৰ প্রতি যথোচিত সন্মান প্ৰদৰ্শন কৰিবলৈ অঞ্চলবিলাকত মানৱ অধিকাৰ শিক্ষা বিজ্ঞানৰ বাবে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উপযুক্ত পাঠ্যক্ৰম যুগুত কৰিব লাগে।

(3) মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে শিক্ষা বিষয়ত গৱেষণা কৰা : মানৱ অধিকাৰ শিক্ষাত আহি পৰা প্রতিবন্ধকতাবিলাক চিনাক্ত কৰিবৰ বাবে গবেষণা কৰিব লাগে আৰু এই প্ৰতিবন্ধকতাবিলাক দূৰ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(4) পৰিৱৰ্তনশীল পাঠ্যক্ৰম গ্ৰহণ কৰা : গতানুগতিকতা দূৰ কৰি বিদ্যালয়ৰ পাঠ্যপুথি সংশোধন কৰা।

(5) শিক্ষাবিদসকলৰ মাজত উপযুক্ত বাতাবৰণ গঢ়ি তোলা।

(6) শিক্ষাৰ বিষয়ত অধিক ব্যয় কৰা।

(7) মানৱ অধিকাৰ শিক্ষাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত আৰ্থিক আৰু কাৰিকৰী সহযোগিতা বৃদ্ধি কৰা ।

মণ্টিয়েল প্লট’কলৰ আন এটা উপাদান বা বৈশিষ্ট্য হৈছে মানৱ অধিকাৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় ক্ষেত্ৰ উদ্ভাৱন কৰি সামগ্ৰিকভাৱে শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰি শিক্ষাৰ সম্প্ৰসাৰণ কৰা।

ভিয়েনা ঘোষণা : 1993 চনৰ জুন মাহত অনুষ্ঠিত মানৱ অধিকাৰৰ বিশ্ব সন্মিলনে (World Conference on Human Rights) মানৱ অধিকাৰৰ ভিয়েটনা ঘোষণা আৰু কাৰ্য আঁচনি (vienna declaration and programme of action 1993) গ্ৰহণ কৰিছিল। ভিয়েনা ঘোষণা আৰু কাৰ্য আঁচনিৰ প্ৰধান বিষয়সমূহ হ’ল—

(1) সদস্য ৰাষ্ট্ৰবোৰৰ মাজত মানৱ অধিকাৰ সম্পৰ্কীয় কাৰ্যাৱলীৰ সমন্বয় ৰক্ষা কৰা।

(2) মানুহৰ মাজত ক্ষমতা, মানবীয় মর্যাদা আৰু সহনশীল ভাবৰ বিকাশৰ বাবে কাৰ্য সম্পাদন কৰা ।

(3) মানৱ অধিকাৰ শিক্ষাৰ যোগেদি মানৱ অধিকাৰক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা।

ইয়াৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে ভিয়েনা ঘোষণাত গণতন্ত্র, শিক্ষা আৰু মানৱ অধিকাৰ এই তিনিটা ইটো সিটোৰ ওপৰত পাৰস্পৰিকভাৱে নিৰ্ভৰশীল বুলি ঘোষণা কৰা হয়।

মানৱ অধিকাৰ আয়োগৰ পৰামৰ্শ ক্রমে সাধাৰণ সভাই 1995 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ UNOৰ মানৱ অধিকাৰ শিক্ষা দশক (UN decade for Human Rights education) ঘোষণা কৰিছিল। UNOই ঘোষণা কৰা মানৱ অধিকাৰ শিক্ষাৰ উদ্দেশ্যসমূহ মণ্টিয়েল প্ৰট’কলৰ প্ৰধান বৈশিষ্ট্য।

(1) মানৱ অধিকাৰ বিকাশৰ বাবে সকলো স্কুল, কলেজ শিক্ষানুষ্ঠানত মানৱ অধিকাৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় কৌশল ৰচনা কৰা।

(2) মানৱ অধিকাৰ শিক্ষা সঁজুলি বিকাশৰ মাজত সমন্বয় ৰক্ষা কৰা। 

(3) মানৱ অধিকাৰৰ শিক্ষাৰ উন্নতিৰ বাবে জনমত প্ৰচাৰৰ মাধ্যমসমূহৰ শক্তি সামর্থ্য বৃদ্ধি কৰা।

(4) আঞ্চলিক ভাষাৰ মাধ্যমত মানৱ অধিকাৰৰ আদৰ্শ প্ৰচাৰ ‘কৰা ।

UNO সাধাৰণ সভাই উক্ত কার্য আঁচনি বাস্তৱায়িত কৰিবৰ বাবে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ চৰকাৰলৈ আহ্বান জনাইছিল। UNOৰ মানৱ অধিকাৰ উচ্চায়ুক্তক বিশ্বৰ ৰাষ্ট্ৰবোৰে মানৱ অধিকাৰ শিক্ষা আঁচনিসমূহৰ মাজত সমন্বয় ৰক্ষা কৰাৰ দায়িত্ব অর্পণ কৰা হৈছিল।

6. Carefully elucidate the role of National Hu man Rights Commission for protecting Human Rights in India. How far it is successful?

Ans. ৰাষ্ট্ৰীয় মানৱ আয়োগৰ ভূমিকা, ক্ষমতা আৰু কাৰ্যাৱলী : ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ ১২, ১৩, ১৪নং ধাৰাত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিম্নলিখিত কাৰ্যসমূহ সম্পাদন কৰিব লাগে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধিকাৰ সংৰক্ষণৰ কাম :

(১) অনুসন্ধানমূলক কাম : কোনো ব্যক্তিৰ অধিকাৰ ভংগ কৰা হৈছে বুলি আয়োগলৈ আবেদন জনালে আয়োগে এনে অভিযোগৰ অনুসন্ধান কৰিব।

(২) মানৱ অধিকাৰ সুৰক্ষাৰ বাবে আয়োগে সংবিধান আৰু আইনত থকা ব্যৱস্থাসমূহ পুনৰ বিচাৰ কৰিব আৰু এই ব্যৱস্থাবোৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ দান কৰিব।

(৩) মানৱ অধিকাৰৰ উপভোগৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা ৰূপে দেখা দিয়া সন্ত্ৰাসবাদৰ দৰে সমস্যাবোৰ বিশ্লেষণ কৰিব আৰু ইবিলাক কেনেকৈ আঁতৰ কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ দিব।

(৪) মানৱ অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহ কেনেকৈ কাৰ্যকৰী কৰা হ’ব সেই সম্পৰ্কে পৰামৰ্শ দান কৰিব।

(৫) মানৱ অধিকাৰ সম্পৰ্কে গৱেষণা কৰিব পাৰে আৰু এই সম্পর্কীয় গৱেষণা কার্যত সহায় কৰিব।

(৬) আয়োগে জনমত প্ৰচাৰৰ বিভিন্ন মাধ্যমৰ যোগেদি জনসাধাৰণক মানৱ অধিকাৰ সম্পৰ্কে শিক্ষাদান কৰিব লাগে।

(৭) মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে কাম কৰা বেচৰকাৰী অনুষ্ঠানক তেওঁলোকৰ কাৰ্যৰ বাবে উদ্‌গনি দিব পাৰে।

(৮) প্রতিবেদন দাখিল কৰিব বা মানুহক বন্দী কৰি ৰখা স্থান পৰিদৰ্শন কৰি উন্নত ব্যৱস্থাৰ পৰামৰ্শ দিব।

বিচাৰ সম্পৰ্কীয় ক্ষমতা : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিচাৰ সম্বন্ধীয় ক্ষমতা আছে।

(১) আদালতত হাজিৰ হ’বৰ বাবে প্ৰাৰ্থীলৈ চমন জাৰি কৰিব পাৰে।

(২) যিকোনো দলিল, নথিপত্র দাখিল কৰিবৰ বাবে নির্দেশ দিব পাৰে।

(৩) কোনো আদালত বা কাৰ্যালয়ৰ পৰা চৰকাৰী তথ্য বা নথিপত্ৰ দাখিলৰ বাবে নিৰ্দেশ দিব পাৰে।

(৪) শপতনামাৰে সাক্ষ্য গ্রহণ কৰিব পাৰে।

(৫) কোনো সাক্ষী বা নথিপত্ৰ পৰীক্ষাৰ বাবে আদেশ বা পৰোৱানা জাৰি কৰিব পাৰে।

অভিযোগ বিচাৰৰ কাৰ্যপদ্ধতি : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে লাভ কৰা অভিযোগ নিষ্পত্তি কৰিবৰ বাবে তলত দিয়া কার্যপদ্ধতি গ্রহণ কৰিব লাগে।

(১) আয়োগে লাভ কৰা অভিযোগসমূহ পঞ্জীয়ন কৰিব লাগে ৷

(২) অভিযোগ পঞ্জীয়ন কৰোতে মাচুল দিব নেলাগে।

(৩) মানৱ অধিকাৰৰ আয়োগে লাভ কৰা অভিযোগ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বা ইয়াৰ অধীনস্থ সংস্থাৰ পৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিবেদন বা তথ্যপাতি বিচাৰিব পাৰে।

(৪) যদি আয়োগে নিৰ্ধাৰিত সময়ৰ ভিতৰত সংশ্লিষ্ট পক্ষৰ পৰা প্ৰতিবেদন নাপায় তেন্তে আয়োগে নিজাববীয়াকৈ তদন্ত কামত আগবাঢ়িব পাৰে।

(৫) কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা আন কোনো কর্তৃপক্ষই যদি অভিযোগটোৰ সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে তেন্তে আয়োগে তদন্ত নকৰিব পাৰে।

(৬) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে একপক্ষীয়ভাৱে যিকোনো অভিযোগ নাকচ কৰিব পাৰে।

আয়োগৰ কাৰ্যব্যৱস্থা : আয়োগে কোনো অভিযোগ অনুসন্ধান কৰাৰ পাছত তলত দিয়া যিকোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(১) আয়োগে তদন্ত কৰাৰ পাছত উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ অনুমোদন অনুসৰি যিকোনো নির্দেশ লেখ জাৰি কৰিব পাৰে।

(২) আয়োগে মানৱ অধিকাৰ উলংঘন হোৱা ব্যক্তিসকলক তেওঁৰ পৰিয়ালক আৱশ্যকীয় তৎকালীন সাহায্য দিবৰ বাবে সংশ্লিষ্ট চৰকাৰ বা কৰ্তৃপক্ষক পৰামৰ্শ দিব পাৰে।

(৩) আয়োগে তদন্তৰ এটা প্ৰতিলিপি সংশ্লিষ্ট চৰকাৰ বা কর্তৃপক্ষলৈ নিজা অনুমোদনসহ পঠিয়াব লাগে।

মানৱ অধিকাৰ সুৰক্ষা আইনৰ ১৯নং ধাৰা মতে সামৰিক বাহিনীৰ লোকে মানৱ অধিকাৰ উলংঘন কৰিলে কি ব্যৱস্থা লোৱা হ’ব সেই সম্পর্কে মানৱ অধিকাৰ আয়োগত বিধান আছে।

(১) সশস্ত্র বাহিনীৰ লোকে মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ পালে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিব পাৰে।

(২) প্রতিবেদন পোৱাৰ পাছত আয়োগে নিজে অভিযোগৰ বিচাৰ নকৰি প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লগা কাৰ্যব্যৱস্থা অনুমোদন জনাব পাৰে।

(৩) কেন্দ্ৰীয় চৰকাৰে আয়োগৰ অনুমোদনৰ ভিত্তিত তিনি মাহৰ ভিতৰত বা আয়োগে নির্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত প্রয়োজনীয় কার্যব্যৱস্থা সম্পূৰ্ণ কৰি এই বিষয়ে আয়োগক জনাব লাগে।

(৪) মানৱ অধিকাৰ আয়োগে ইয়াৰ অনুমোদনাৱলী আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে প্রতিবেদন প্রকাশ কৰিব লাগে আৰু প্ৰতিবেদনৰ এক প্ৰতিলিপি আবেদনকাৰীক দিব লাগে।

১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ ২০নং ধাৰা মতে NHRCয়ে প্ৰতিবছৰে এখন বাৰ্ষিক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰকো দাখিল কৰিব পাৰে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সহায়কাৰী বিষয়া-কৰ্মচাৰী : ৰাষ্ট্ৰীয় অধিকাৰ সুৰক্ষা আইনৰ ১১নং ধাৰা মতে আয়োগৰ কাম-কাজত সহায় কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এজন সচিব প্রধান নিযুক্তি দিব। সচিব প্রধানে আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে আয়োগৰ প্ৰশাসন পৰিচালনা কৰিব আৰু অধীনস্থ বিষয়াসকলৰ বাবে পৰিদৰ্শ ন আৰু নিয়ন্ত্ৰণ কৰিব।

সচিব প্ৰধানৰ উপৰিও আয়োগৰ এক নিজা অনুসন্ধান বিভাগ আছে। কেন্দ্ৰীয় চৰকাৰে আয়োগৰ অনুসন্ধান কার্যত সহায় কৰিবৰ বাবে এজন আৰক্ষী সঞ্চালক প্ৰধান আৰু প্ৰয়োজনীয় সংসদে অনুসন্ধানকাৰী বিষয়া-কৰ্মচাৰী নিযুক্তি দিব লাগে।

উল্লিখিত বিষয়া-কৰ্মচাৰীৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে আয়োগৰ কামত সহায় কৰিবৰ বাবে প্ৰশাসনিক কাৰিকৰী আৰু বৈজ্ঞানিক জ্ঞান থকা কৰ্মচাৰী নিযুক্তি দিব লাগে।

সফলতা : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণত যেনেকৈ কিছুদূৰ সফলতা লাভ কৰিছে তেনেকৈ বিফলতাৰ সন্মুখীন হৈছে। মানৱ অধিকাৰ উলংঘনৰ বহুতো অভিযোগ অনুসন্ধান কৰি এই আয়োগে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দি আহিছে আৰু সফলো হৈছে। সমালোচকসকলৰ মতে আয়োগে মানৱ অধিকাৰক সুৰক্ষা দিয়াত বিফল হৈছে। সফলতাতকৈ বিফলতাসমূহ লোকচক্ষুত অধিক হৰা পৰে।

মানৱ অধিকাৰ উলংঘনকাৰীৰ বিৰুদ্ধে চৰকাৰেহে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ উলংঘনৰ বিষয়ে অনুসন্ধান কৰি গ্ৰহণ কৰিব লগা ব্যৱস্থাৰ পৰামৰ্শহে দিব পাৰে। চৰকাৰে আয়োগৰ অনুমোদন গ্ৰহণ নকৰিব পাৰে।

বহু মানৱ অধিকাৰ উলংঘনৰ বিষয়ত ৰাজনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰা হয়। বিভিন্ন আন্দোলনত মানৱ অধিকাৰ আন্দোলনকাৰীসকলে যেনেকৈ ভংগ কৰে, চৰকাৰী বিভাগেও আন্দোলন দমনৰ নামত মানৱ অধিকাৰ উলংঘন কৰে। দুয়োক্ষেত্ৰতে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অভিযোগ নিষ্পত্তি কৰোঁতে বহু পলম হয়। ইয়াৰ ফলত বহুতো ন্যায় পোৱাত পলম হয়। ইয়াৰ উপৰিও আয়োগৰ কাম-কাজ নিৰপেক্ষ নহয় বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

ভাৰতবৰ্ষৰ সমাজত প্ৰচলিত কিছুমান কুসংস্কাৰ, অন্ধবিশ্বাসৰ বাবেও মানৱ অধিকাৰে উৎকৰ্ষ সাধন কৰিব পৰা নাই। ভাৰতৰ বহুত্ববাদী সমাজ ব্যৱস্থা, জটিল ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিয়েও মানৱ অধিকাৰ লংঘন কৰাত অৰিহণা যোগাই আহিছে।

ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত মানৱ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিব নোৱাৰিলে মানৱ অধিকাৰ সুৰক্ষিত হোৱাত বাধা থাকিবই। মানৱ অধিকাৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা নথকাৰ বাবেই মানৱ অধিকাৰত অধিক উলংঘন হয় বুলি ধাৰণা কৰিব পাৰি। সেইবাবেই মানৱ অধিকাৰৰ বিষয়ে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটো মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে এটা আৱশ্যকীয় চৰ্ত হৈ পৰিছে। সেইবাবেই ১৯৯৩ চনৰ মানৱ অধিকাৰ ৰক্ষা আইনৰ ১২ নং ধাৰাত সমাজৰ সকলো শ্ৰেণীৰ মাজত মানৱ অধিকাৰৰ বিষয়ে শিক্ষাদান কৰাটোত গুৰুত্ব প্ৰদান কৰা হৈছে। সেইবাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ সৈতে লগ লাগি এই বিষয়ৰ শিক্ষাৰ প্ৰসাৰণত ব্যৱস্থা গ্ৰহণ কৰিছে। 

বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে পাঠ্যক্ৰমত মানৱ অধিকাৰৰ শিক্ষা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। এই বিষয়ত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পোষকতা কৰা হৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোকক চৰকাৰী, অৰ্ধ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ মাজত মানৱ অধিকাৰৰ শিক্ষা সম্প্ৰসাৰণ কৰিব পাৰিলেহে মানৱ অধিকাৰ সুৰক্ষিত হ’ব পাৰে।

7. Bring out the various provisions of the Universal Declaration of Human Rights as inserted in the UN charter:

Ans. ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সার্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰি মানৱ অধিকাৰৰ বিষয়ত এক আন্তর্জাতিক পদক্ষেপ গ্রহণ কৰিলে । ইয়াত এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ আছিল। এই ঘোষণাত থকা মানৱ অধিকাৰসমূহক ১৯৬৬ (১৬ ডিচেম্বৰত) চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই দুটা ভাগত বিভক্ত কৰিছিল। এটা ভাগক কোৱা হয় পৌৰ আৰু ৰাজনৈতিক অধিকাৰৰ আন্তৰ্জাতিক চনদ (International Covenant on Civil and Political Rights or ICCPR) আৰু আনটো ভাগক কোৱা যায় অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তৰ্জাতিক চনদ (International Covenant on Economic, Social and Cultural Right or ICESCR)

মানৱ অধিকাৰৰ ঘোষণাৰ ১নং অনুচ্ছেদত মানৱ জাতিৰ সকলোৰে সম-মর্যাদা আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত জন্মগতভাৱে মুক্ত আৰু সমান বুলি ঘোষণা কৰা হৈছে।

২নং অনুচ্ছেদত জাতি, ধৰ্ম, ৰাজনীতি, স্বাধীন-পৰাধীন ৰাষ্ট্ৰ নির্বিশেষে সকলোৱে অধিকাৰ আৰু স্বতন্ত্ৰতা ভোগ কৰিব পাৰিব বুলি উল্লেখ কৰা আছে।

৩নং অনুচ্ছেদত জীৱন, স্বতন্ত্ৰতা আৰু নিৰাপত্তাৰ অধিকাৰৰ কথা উল্লেখ আছে।

৪নং অনুচ্ছেদত দাস প্ৰথা আৰু দাস ব্যৱসায় নিষিদ্ধ কৰা হৈছে।

৫নং অনুচ্ছেদৰ মতে কোনো ব্যক্তি নৃশংস অমানবীয় আচৰণ বা অত্যাচাৰৰ বলি হ’ব নোৱাৰিব।

৬নং অনুচ্ছেদৰ মতে সকলো মানুহক আইনৰ আগত ব্যক্তি হিচাপে স্বীকৃতি দিয়াৰ অধিকাৰ দিয়া হৈছে।

অনুচ্ছেদ ৭ৰ পৰা ১১ লৈ ব্যক্তিৰ আইনগত অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। বৈষম্যৰ বিৰুদ্ধে আইনে সমানভাৱে সকলোকে সুৰক্ষা দিয়া, কৰ্তৃত্বশীল জাতীয় বিচাৰালয়ৰ দ্বাৰা অধিকাৰ ভংগৰ বিৰুদ্ধে আবেদন শুনিব পৰা আধিকাৰ, চৰকাৰৰ স্বেচ্ছাচাৰী বন্দী, কাৰাবাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ স্বাধীনতা, ফৌজদাৰী অপৰাধত অভিযুক্ত লোকে স্বতন্ত্ৰ আৰু নিৰপেক্ষ বিচাৰালয়ৰ দ্বাৰা বিচাৰৰ ৰায়দান বিচাৰৰ অধিকাৰ, আইনৰ দ্বাৰা আত্মৰক্ষাৰ সুবিধা পোৱা অধিকাৰ, অধিক শাস্তি প্ৰদানৰ বিৰুদ্ধে অধিকাৰ আদি অধিকাৰবোৰ এই বিষয়ত উল্লেখযোগ্য।

অনুচ্ছেদ ১২ৰ মতে কাৰোবাৰ ব্যক্তিগত সাংসাৰিক জীৱনত হস্তক্ষেপ কৰা বা সন্মান আৰু মৰ্যাদাত আঘাত কৰা নহ’ব।

অনুচ্ছেদ ১৩ আৰু ১৪ত বাসস্থানৰ অধিকাৰ, দেশ ত্যাগ কৰাৰ অধিকাৰ, প্ৰত্যাৱৰ্তনৰ অধিকাৰ, অন্য দেশত ৰাজনৈতিক বিচৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

১৫ অনুচ্ছেদত জাতীয়তা লাভৰ অধিকাৰ, পৰিৱৰ্তনৰ অধিকাৰ দিয়া হৈছে।

১৬ অনুচ্ছেদত বিবাহৰ অধিকাৰ, পৰিয়ালৰ নিৰাপত্তাৰ অধিকাৰ দিয়া হৈছে।

অনুচ্ছেদ ১৭ৰ পৰা ২১ লৈ বিভিন্ন নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত সম্পত্তি আহৰণৰ অধিকাৰ, চিন্তাৰ আৰু বিবেকৰ অধিকাৰ, ধৰ্মৰ অধিকাৰ, ভাব প্ৰকাশ আৰু চিন্তাৰ স্বাধীনতাৰ অধিকাৰ, শান্তিপূর্ণভাবে সমবেত হোৱাৰ স্বাধীনতা, সন্থা গঠনৰ স্বাধীনতা, বাধ্যতামূলকভাৱে সন্থাৰ সদস্য অন্তর্ভুক্ত কৰাৰ বিৰুদ্ধে স্বাধীনতা, প্রত্যক্ষভাৱে বা পৰোক্ষভাৱে চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ, চৰকাৰী চাকৰি কৰাৰ সমান অধিকাৰ, সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ যোগেদি জনসাধাৰণে চৰকাৰ গঠন কৰাৰ অধিকাৰ আদি উল্লেখযোগ্য।

২২নং অনুচ্ছেদৰ পৰা সামাজিক, অর্থনৈতিক নিৰাপত্তা আৰু সাংস্কৃতিক অধিকাৰৰ কথা উল্লেখ আছে। সমাজৰ সদস্যৰূপে প্রত্যেকেই সামাজিক নিৰাপত্তাৰ অধিকাৰ পাব লাগে। জাতীয় প্ৰচেষ্টা আৰু আন্তৰ্জাতিক সহযোগিতাৰ জৰিয়তে ব্যক্তিৰ মৰ্যাদা আৰু ব্যক্তিত্ব বিকাশৰ বাবে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ আছে।

২৩নং অনুচ্ছেদ অনুসৰি প্ৰতিজন ব্যক্তিৰ কাম কৰাৰ, নিযুক্তি বাছনি কৰাৰ, কাম কৰাৰ অনুকুল পৰিৱেশ পোৱাৰ অধিকাৰ স্বীকৃতি দিয়া হৈছে। সমান কামৰ সমান দৰমহা, সামাজিক নিৰাপত্তাৰ অধিকাৰ, নিজৰ স্বাৰ্থৰ বাবে শ্রমিক সংগঠন গঢ়ি তোলাৰ অধিকাৰ সকলোৰে আছে।

২৪ নং অনুচ্ছেদত বিশ্ৰামৰ অধিকাৰ, কাম কৰা সময়ৰ যুক্তিসংগত সীমা আৰু সাময়িক বন্ধৰ দিন লাভ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

২৫নং অনুচ্ছেদত অন্ন, বস্ত্র, গৃহ, স্বাস্থ্য বিষয়ত ব্যক্তিৰ আৰু পৰিয়ালৰ কল্যাণৰ বাবে যথাযোগ্য জীৱন ধাৰণৰ মান লাভৰ অধিকাৰ, অক্ষম, ৰুগীয়া, বিধবা, বৃদ্ধ, নিবনুৱা আদি লোকসকললৈ নিৰাপত্তা লাভৰ অধিকাৰ প্ৰদান কৰা হৈছে। মাতৃ আৰু শিশুসকলে বিশেষ সুবিধা পোৱাৰ অধিকাৰ দিয়া হৈছে।

২৬নং অনুচ্ছেদত শিক্ষাৰ অধিকাৰ, ২৭নং অনুচ্ছেদত সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা হৈছে।

২৮নং অনুচ্ছেদত ঘোষণা-পত্ৰত জাৰি কৰা অধিকাৰ ৰক্ষাৰ বাবে সামাজিক আৰু আন্তৰ্জাতিক ৰক্ষণাবেক্ষণৰ অধিকাৰ জনসাধাৰণক প্ৰদান কৰা হৈছে।

অনুচ্ছেদ ২৯ আৰু ৩০ অনুসৰি মানৱ অধিকাৰ ৰক্ষা কৰাত জনসাধাৰণৰ দায়বদ্ধতা, আনৰ স্বাধীনতা আৰু অধিকাৰ ৰক্ষা কৰাৰ দায়িত্ব, ৰাষ্ট্ৰসংঘৰ মূল নীতি ভংগ নকৰাৰ কৰ্তব্য আৰু মানৱ অধিকাৰ ভংগ নকৰাৰ বাবে জনসাধাৰণ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰা হৈছে।

ওপৰত উল্লেখ কৰা হৈছে যে এই মানৱ অধিকাৰবোৰক ১৯৬৬ চনত দুটা ভাগ কৰা হৈছে।

প্ৰথম ভাগৰ অধিকাৰবোৰক প্ৰথম প্ৰজন্মৰ অধিকাৰ (First Generation Rights) বোলা হয়। ৩০টা মানৱ অধিকাৰৰ প্ৰথম ২১টা অনুচ্ছেদৰ সৰহ ভাগতেই পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আৰু ব্যক্তিৰ স্বাধীনতাৰ লগতে নিৰাপত্তাৰ বিষয়ে আলোচনা কৰিছে। এই অধিকাৰবোৰত পশ্চিমীয়া উদাৰ গণতন্ত্ৰৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই অধিকাৰবোৰ হ’ল জীৱন আৰু স্বাধীনতাৰ অধিকাৰ, ব্যক্তিৰ নিৰাপত্তাৰ অধিকাৰ, দাসত্বৰ পৰা মুক্ত হোৱাৰ অধিকাৰ, ব্যক্তিৰ নিৰাপত্তাৰ অধিকাৰ, আইনৰ চকুত সমান হোৱাৰ অধিকাৰ, বৈষম্যৰ বিৰুদ্ধে সুৰক্ষাৰ অধিকাৰ, স্বেচ্ছাচাৰীভাৱে আটক কৰাৰ বিৰুদ্ধে অধিকাৰ, সম্পত্তিৰ অধিকাৰ, বিবাহৰ অধিকাৰ, চিন্তা আৰু মতামত প্ৰকাশৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, ৰাজনৈতিক অংশ গ্ৰহণৰ অধিকাৰ, সংস্থা গঠনৰ অধিকাৰ, পুৰুষ আৰু মহিলাৰ সম অধিকাৰ, চৰকাৰ গঠনৰ আৰু নিৰ্বাচনৰ অধিকাৰ ইত্যাদি।

দ্বিতীয় ভাগ অধিকাৰক দ্বিতীয় প্ৰজন্মৰ অধিকাৰ (Second Generation Rights) বোলা হয়। এই আৰু অধিকাৰবোৰ ২২নং অনুচ্ছেদৰ পৰা উল্লেখ কৰা হৈছে। এই অধিকাৰবোৰ অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। এই অধিকাৰবোৰৰ লগত জড়িত অধিকাৰবোৰ হ’ল কাম কৰাৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ, সমান কাম কৰাৰ বাবে সমান মজুৰিৰ অধিকাৰ, মানৱীয় মর্যাদা ৰক্ষা কৰিব পৰা ন্যায়সংগত মজুৰি পোৱাৰ অধিকাৰ, শ্রমিক সংঘ গঠনৰ অধিকাৰ, জীৱন ধাৰণৰ মান উন্নত কৰাৰ অধিকাৰ, মাতৃ আৰু শিশুৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সাংস্কৃতিক জীৱনত অংশগ্ৰহণৰ অধিকাৰ ইত্যাদি। এই অধিকাৰবোৰ ৰাজনৈতিক আৰু পৌৰ অধিকাৰৰ লগত সম্পর্কযুক্ত। এই অধিকাৰবিলাকত সাম্যবাদী ভাবধাৰাৰ প্ৰকাশ ঘটিছে।

তৃতীয় প্ৰজন্মৰ অধিকাৰ হ’ল দলীয় বা গোষ্ঠীগত অধিকাৰবোৰ। সেইবিলাক হ’ল মহিলাৰ অধিকাৰ, জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, জাতি-গোষ্ঠীৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ, শৰণাৰ্থীসকলৰ অধিকাৰ, শিশুৰ অধিকাৰ, খিলঞ্জীয়া লোকৰ অধিকাৰ, সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে অধিকাৰ ইত্যাদি। এই তৃতীয় প্ৰজন্মৰ অধিকাৰবিলাক বিশ্বৰ জনসাধাৰণৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা বৃদ্ধিৰ প্ৰত্যুত্তৰূপে বিকশিত হৈছে। এনে অধিকাৰবিলাক ৰাষ্ট্ৰ এখনে অকলে পৰিপূৰ্ণ কৰিব নোৱাৰে। তৃতীয় প্ৰজন্মৰ অধিকাৰবিলাকৰ সমস্যা সমাধান কৰিবলৈ আন্তর্জাতিক সহযোগিতা বা সমন্বয়ৰ প্ৰয়োজন হ’ব। ইয়াৰ বাবে প্ৰগতিৰ প্ৰতি উৎসাহ যোগান, বিশ্ব শাস্তি প্রতিষ্ঠা, পৰিৱেশ সুৰক্ষা আদিৰ আন্তৰ্জাতিক ব্যৱস্থাৰ প্ৰয়োজন হয়।

8. Don’t you think that globalization affect the Human Rights?

Ans. ৰাষ্ট্ৰই অন্যান্য অধিকাৰৰ লগতে অর্থনৈতিক অধিকাৰ সুৰক্ষা দিয়াত অগ্ৰাধিকাৰ দিব লাগে, কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰ ব্যৱস্থাই গোলকীকৰণৰ নামত মানৱ অধিকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে এনে অধিকাৰ খৰ্ব কৰাতহে লিপ্ত হৈছে। ভাৰত চৰকাৰে ১৯৯১ চনৰে পৰা বজাৰ ভিত্তিক গোলকীকৰণ ব্যৱস্থা গ্ৰহণ কৰি অৰ্থনৈতিক সংস্কাৰৰ নামত শ্রমিক-কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ অধিকাৰ খৰ্ব কৰাত আগভাগ লৈছে। ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে বিশ্ব বেংক (World Bank) আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (International Monetary Fund) পৰা বৃহৎ পৰিমাণৰ আৰ্থিক ঋণ গ্রহণ কৰিছে। এই ঋণ গ্ৰহণ কৰোঁতে চৰকাৰে কিছুমান চৰ্ত মানি ল’ব লাগে ৷ এই চৰ্তসমূহে কিন্তু দৰিদ্ৰ শ্রমিক, বেতনভোগী কৰ্মচাৰী, জনসাধাৰণ সকলোৰে সামগ্ৰিক জীৱন প্ৰভাৱিত কৰিছে। এই নীতিৰ ফলত এক শ্ৰেণী পুঁজিপতি বিত্তবান হৈছে আৰু বৃহৎ সংখ্যক লোক চৰম দৰিদ্ৰতাৰ ফালে আগবাঢ়ি গৈছে।

উদাৰীকৰণৰ ফলত সমাজৰ বৃহৎ সংখ্যক লোক অধিকাৰৰ পৰা বঞ্চিত হৈছে। আধুনিক প্রযুক্তি আৰু উদ্যোগীকৰণৰ ফলত উদ্যোগবোৰত বহু সংখ্যক শ্রমিক কর্মবিহীন আৰু নিবনুৱা হৈ পৰিছে। মুদ্রাস্ফীতি প্ৰায় ১২ শতাংশ হৈছে। এনে পৰিপ্ৰেক্ষিতত বেতনভোগী কৰ্মচাৰীক দিয়া মৰগীয়া বানচ মূল্যহীন হৈ পৰিছে। মূল্যবৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। সাধাৰণ লোকে প্রয়োজনীয় সামগ্রী যোগাৰ কৰি ল’ব পৰা নাই। বহু চৰকাৰী বিভাগ বেচৰকাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে শ্রমিক কৰ্মচাৰীৰ অধিকাৰ পুঁজিপতি শ্ৰেণীৰ বহতীয়া কৰি তোলা হৈছে।

বজাৰ ভিত্তিক অর্থনীতি গ্ৰহণ কৰাৰ ফলস্বৰূপে খালী পদসমূহত নিয়োগৰ ব্যৱস্থা বন্ধ কৰা হৈছে। তাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। ঠিকাভিত্তিক নিয়োগৰ ব্যৱস্থাক প্রাধান্য দিয়া হৈছে। চৰকাৰী বিভাগবোৰৰ কাম-কাজ Qutsourcingৰ যোগেদি কৰাৰ বাবে স্থায়ী পদবোৰ বিলুপ্তি হোৱাৰ পথ প্রশস্ত হৈছে।

শ্রমিক সংগঠনবোৰে ট্রেড ইউনিয়ন কৰাৰ অধিকাৰ আছে। কিন্তু গোলকীকৰণৰ নামত শ্ৰমিকসকলৰ এই অধিকাৰ খৰ্ব কৰিবলৈ লোৱা হৈছে। শ্রমিকক উপযুক্ত মজুৰি দিয়া ব্যৱস্থাৰ পৰিৱৰ্তে উদ্যোগ খণ্ড বেচৰকাৰী কৰি বেতনৰ তাৰতম্য বৃদ্ধি কৰা হৈছে। পশ্চিমীয়া দেশৰ দৰে উচ্চ বৰ্গৰ বিষয়াক অধিক বেতন দি নিম্নবৰ্গৰ শ্ৰমিকক কম বেতন ধার্যৰ ব্যৱস্থা কৰা হৈছে। বেতনৰ ক্ষেত্ৰত এনে বৃহৎ বৈষম্য মানৱ অধিকাৰ, ধাৰণাৰ পৰিপন্থী। গতিকে প্রশ্ন হয় গোলকীকৰণ কৰাৰ বাবে? মানৱ অধিকাৰ কৰা যাব?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top