Gender And Education Unit 4 Laws, Articles And Policies To Bring Gender Equality

Join Telegram channel

Gender And Education Unit 4 Laws, Articles And Policies To Bring Gender Equality Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Gender And Education 4 Laws, Articles And Policies To Bring Gender Equality Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Gender And Education 4 Laws, Articles And Policies To Bring Gender Equality can be of great value to excel in the examination.

Gender And Education 4 Laws, Articles And Policies To Bring Gender Equality

Gender And Education Unit 4 Laws, Articles And Policies To Bring Gender Equality Notes cover all the exercise questions in UGC Syllabus. The Gender And Education Unit 4 Laws, Articles And Policies To Bring Gender Equality provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Laws, Articles And Policies To Bring Gender Equality

EDUCATION

GENDER AND EDUCATION

লিংগ আৰু শিক্ষা

1. How the economic system affect the life of the Women?

উত্তৰঃ অর্থনীতি নাৰী নিৰ্যাতনৰ বিষয়টোৱে এক বিশেষ তাৎপর্যপূর্ণ স্থান গ্রহণ কৰিছে। সমগ্ৰ বিশ্বৰ মুঠ শ্রমিক শক্তিৰ আধা অংশই হৈছে মহিলা, কিন্তু তৎসত্ত্বেও মহিলা সমগ্র বিশ্ব ব্যাপি বিভিন্ন ধৰণৰ সমস্যাৰাজিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হয়। সাধাৰণতে ৰাষ্ট্ৰ এখনৰ পুৰুষ মহিলা উভয়ৰে অৰ্থনৈতিক সহযোগিতাৰ জৰিয়তেহে ৰাষ্ট্ৰখন প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাতো সম্ভৱপৰ৷ দৈহিক শক্তিৰে মহিলা সকল পুৰুষৰ সমকক্ষ নহ’লেও কেতবোৰ কাম-কাজ নিষ্ঠা সহকাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ কৰ্মকুশলতা, অধ্যৱসায় নিপুণতা পুৰুষৰ তুলনাত কোনোপধ্যেই কম নহয়। যদিহে পুৰুষকলৰ দৰে মহিলাসকলকো কৰ্ম কৰাৰ সম সুযোগ সুবিধা প্ৰদান কৰিব পৰা যায় তেন্তে অৰ্থনীতিৰ ক্ষেত্ৰখন সমৃদ্ধিশালী কৰাৰ জৰিয়তে মহিলাসকলে যে পুৰুষৰ সমান্তৰালভাৱে ৰাষ্ট্ৰ তথা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হ’ব পাৰিব সেয়া নিশ্চিত। 

সাধাৰণতে মহিলাসকলে কর্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈষম্যৰ মুখামুখি হ’বলগহীয়া হয় যাৰ পৰিপ্ৰেক্ষিতত পুৰুষৰ তুলনাত তেওঁলোক বহু পৰিমাণে অনগ্ৰসৰ হৈ আছে। পুৰুষ আৰু মহিলাৰ মাজৰ কৰ্মৰ পৰিধিৰ মাজত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ত যি বিভাজন সেই বিভাজনৰ ফলশ্ৰুতিতো মহিলাসকলে আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে। ঔদ্যোগিক বিপ্লৱৰ আগলৈকে এনে কোনোধৰণৰ ৰাজহুৱা ব্যক্তিগত পৰ্যায়ৰ বিভাজন নাছিল। সকলো ধৰণৰ উৎপাদন আৰু পুনঃ উৎপাদন কাৰ্যৰ প্ৰধান কেন্দ্ৰস্থল আছিল পৰিয়াল। পুৰুষ আৰু মহিলা উভয়েই সহযোগিতা আৰু বুজাপৰাৰ মনোভাবেৰে নিজ নিজ সামৰ্থ, দক্ষতাৰ ভিত্তি ভিন্ন কার্য সম্পাদন কৰিছিল। আন কথাত ক’বলৈ হ’লে শ্ৰমৰ উৎপাদনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলা এজন আনজনৰ পৰিপূৰক আছিল। মুনাফা আহৰণৰ পৰিৱৰ্তে জীৱন ধাৰণৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থতহে সকলো ধৰণৰ উৎপাদনী কার্য সম্পাদন কৰা হৈছিল। 

মহিলাসকলৰ পুনঃ উপাদনী কার্য অর্থাৎ সন্তান জন্ম দিয়া প্রতিপালন কৰাক উচ্চ মর্যাদা আৰু স্বীকৃতি প্ৰদান কৰা হৈছিল ৷ শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ উপস্থিতি নাছিল। পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত মহিলাসকলে পুৰুষৰ তুলনাত অধিক সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল।

মহিলাসকলে উৎপাদন আৰু পুনঃ উৎপাদনী কার্যত গ্রহণ কৰা সক্রিয় ভূমিকাক যথোচিত স্বীকৃতি দি গার্হস্থ্য মহিলা ধাৰণাটিৰ প্ৰচলন কৰা হৈছিল। ইয়াৰ পৰাই সেই সময়ত যে মহিলাকেন্দ্রিক পৰিয়ালৰ উপস্থিতি আছিল সেয়া সহজতে অনুমান কৰিব পাৰি। গতিকে ক’ব পাৰি যে ঔদ্যোগিক বিপ্লৱৰ পূৰ্বে যিহেতু ৰাজহুৱা আৰু ব্যক্তিগত পৰিধিৰ মাজত কোনোধৰণৰ বিভাজন নাছিল সেয়ে মহিলাসকলে কৰ্ম (অর্থনীতি) ক্ষেত্ৰত বিশেষ কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল। কিন্তু মন কৰিবলগীয়া যে ঔদ্যোগিক বিপ্লৱৰ ফলস্বৰূপে উৎপাদনী কাৰ্য বজাৰকেন্দ্ৰিক অৰ্থাৎ জীৱন ধাৰণৰ লগতে মুনাফা আহৰণৰ বাবেও আৰম্ভ কৰাৰ লগে লগে উৎপাদনী কাৰ্যত পুৰুষসকলক নিয়োজিত কৰা হ’ল। 

তেতিয়াৰে পৰাই অৰ্থনীতিত নাৰী নিৰ্যাতনৰ সূত্ৰপাত হোৱা বুলিব পাৰি। পূৰ্বতে ব্যক্তিগত (পৰিয়াল) পৰ্যায়ত জীৱন ধাৰণৰ বাবে সম্পাদন কৰা আৱশ্যকীয় উৎপাদন কাৰ্যৰ পৰিধিৰ বাহিৰত গৈ পুৰুষসকলে ৰাজহুৱা পৰ্যায়ত উৎপাদনমুখী কাম-কাজৰ লগত নিয়োজিত হৈ পৰিছিল। এনেদৰে ৰাজহুৱা কাম-কাজত পুৰুষসকলৰ নিয়োজিত কৰণে পুৰুষসকলক অর্থনৈতিক মূল্য প্ৰদান কৰাৰ লগতে মহিলাসকলৰ তুলনাত পুৰুষসকল উচ্চ মর্যাদা সম্পন্ন বুলি স্বীকৃতি প্ৰদান কৰিলে।

ইয়াৰ পৰিৱৰ্তে মহিলাসকলে ব্যক্তিগত পৰিধিৰ কাম-কাজৰ মাজতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল অর্থাৎ পুৰুষসকলে ৰাজহুৱা পৰিধিৰ কাম-কাজসমূহত নিয়োজিত হ’বলগীয়া হোৱাৰ লগে লগে মহিলাসকলে এককভাৱে পাৰিবাৰিক কাম-কাজ সমূহ সম্পাদন কৰিবলগীয়া হৈছিল। এনেদৰে ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ বিভাজনে সমাজত পুৰুষ আৰু মহিলাৰ মাজত সমতা বৃদ্ধি কৰে আৰু পুৰুষ আধিপত্যৰ সম্ভাৱনা অধিক প্ৰকট কৰি তোলে।

পিতৃতান্ত্রিক অর্থনৈতিক ব্যৱস্থাত অর্থনৈতিক অনুষ্ঠানসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত, পুৰুষে অধিক সম্পত্তি আহৰণ কৰে। অর্থনৈতিক কাম-কাজসমূহ পৰিচালনা কৰাৰ উপৰিও পুৰুষে বিভিন্ন উৎপাদনকৃত সামগ্ৰী ৰাজিৰ মূল্য নিৰ্ধাৰণ কৰে। অধিকাংশ উৎপাদন কাৰ্য মহিলাৰ দ্বাৰা সম্পাদন কৰা হয় যদিও এইক্ষেত্ৰত মহিলাসকলক কোনো স্বীকৃতি নাইবা যুক্তিসংগত মজুৰি আদায় দিয়া নহয়। তেওঁলোকৰ ৰাহী জমাৰ ক্ষেত্ৰত থকা অৰিহণা যিটোক নেকি মাৰিয়া মাইচে “ছাঁয়া কৰ্ম” বুলি অভিহিত, সেয়া গণ্য কৰা নহয় আৰু কোনো ক্ষেত্ৰতে মহিলা সকলৰ ঘৰুৱা কাম-কাজৰ মূল্য নিৰ্ণয় কৰা নহয়। তাৰোপৰি মহিলা সকলৰ উৎপাদক আৰু শিশুৰ প্রতি পালনকাৰী হিচাপে গ্ৰহণ কৰা ভূমিকা আৰু শ্রমশক্তিক অর্থনৈতিক অৰিহণা হিচাপে কোনো ক্ষেত্ৰত বিবেচনা কৰা পৰিলক্ষিত নহয়।

উল্লেখনীয় যে মহিলাসকলৰ অৰ্থনৈতিক দুৰাৱস্থাই তেওঁলোকৰ ওপৰত নির্যাতন চলোৱাৰ পথ অতিকৈ সুগম কৰি তুলিছে। অর্থনৈতিক অভাৱৰ কাৰণৱশতঃ মহিলাসকলে মানৱীয় প্ৰমূল্যৰাজি হেৰুৱাবলগীয়াৰ উপক্ৰম হৈছে। এই প্ৰসংগতে অৰ্থনীতিৰ ক্ষেত্ৰখনত মহিলাসকলে নিৰ্যাতনৰ সন্মুখীন হোৱা বিভিন্ন দিশসমূহ তলত আলোচনা কৰা হ’ল—

১) সম্পত্তিৰ প্ৰাপ্য অধিকাৰৰ পৰা মহিলাসকলক বঞ্চিতকৰণঃ সাধাৰণতে দেখা যায় যে মহিলাসকলৰ সম্পত্তিৰ অধিকাৰ নিজেই সীমিত। পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে। আন কথাত, সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়। আনকি য’ত মহিলাসকলৰ তেনেবোৰ সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্র শৃংখলিত প্রথাগত নিয়ম, আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে হ্ৰাসহে কৰে। সকলো ক্ষেত্ৰতে তেওঁলোক পিচ পৰা অৱস্থাতে থাকে।

২) কৰ্মস্থলীত মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন : কর্মস্থলীত পুৰুষে মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন বা হায়ৰাণিক মহিলাৰ জীৱনৰ এক বাস্তৱ নিয়মিত ঘটনা বুলিব পাৰি। সংগঠিত বা অসংগঠিত খণ্ড যিকোনো কর্মক্ষেত্ৰত মহিলাসকলে শাৰীৰিক আৰু মানসিক নির্যাতনৰ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয়। কৰ্মৰত মহিলাসকলে কর্মক্ষেত্ৰত বিভিন্ন সময়ত যৌন নির্যাতন, শাৰীৰিক আতিশয্য, অপমান আদি নীৰৱে সহ্য কৰিবলগীয়া হয় । কৰ্মস্থলীত যৌন আতিশয্য চলোৱাতো মহিলাৰ মৰ্যাদা আৰু সন্মানৰ বাবে অপমানসূচক কাৰ্য আৰু এই অপকর্ম ত্যাগ কৰা উচিত।

কৰ্মস্থানত মহিলাসকলৰ ক্ষেত্ৰত যিকোনো নির্যাতন বা শ্লীলতাহীনতাই মানসিক, সামাজিক আনকি অর্থনৈতিক ক্ষেত্ৰত গুৰুতৰভাৱে প্ৰভাৱ পেলায়। এইটোৱে মহিলা কর্মসকলক হয়তু নতুন কাম বিচাৰি কাৰ্যক্ষেত্র ত্যাগ কৰিবলৈ বাধ্য কৰায় নতুবা সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ বাধ্য কৰায়; যিটোৱে একে সময়তে কর্মস্থলীত পুৰুষ আধিপত্যতাক অধিক সবল আৰু স্থায়ী ৰূপ দিয়াত সহায় কৰে। 

সেয়ে, কর্মস্থলীত মহিলাৰ নিৰ্যাতন সঠিকভাৱে নিঃশেষ কৰিব লাগে। অপৰাধ আইনৰ উপবন্ধত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪নং ধাৰাই তেনে ব্যক্তিৰ শাস্তিৰ বিধান কৰিছে যিজন ব্যক্তিয়ে কোনো মহিলাক আঘাত কৰে বা অপৰাধজনিত শক্তি প্রয়োগ কৰে। যদি এইটো ইচ্ছাকৃত হয় মহিলাগৰাকীৰ ভদ্রতাৰ ক্ষেত্ৰত নিষ্ঠুৰ আচৰণ হ’ব পাৰে। ভাৰতীয় দণ্ডবিধিৰ ৫০৯নং ধাৰাই মহিলাৰ মর্যাদাৰ ক্ষেত্ৰত আঘাত হানিব পৰা কোনো কার্য বা অংগী-ভংগীৰ বাবে শাস্তিৰ বিদান কৰিছে। শ্রম আইনৰ নীতি অনুযায়ী ১৯৭৬ চনৰ সমবেতন আইনৰ ৫নং উপবন্ধই নিয়োগ কর্তৃপক্ষক একে আৰু সমধর্মী কামত নিয়োগৰ ক্ষেত্ৰত আৰু নিয়োগৰ পৰৱৰ্তী পৰিস্থিতিৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি অন্যায় আচৰণ প্ৰদৰ্শন কৰাত বাধা প্ৰদান কৰিছে। নিৰীক্ষক বা তদাৰকী বিষয়াৰ দ্বাৰা মহিলাৰ যৌন বা লিংগভিত্তিক নিৰ্যাতনৰ বাবে নিয়োগকাৰী দায়ী হোৱা উচিত। 

ক্রমাগতভাৱে বাঢ়ি অহা সামাজিক ব্যাধিস্বৰূপ কর্মস্থলীত মহিলাৰ আতিশয্যৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ে কিছুমান দিক্‌দৰ্শক পৰামৰ্শ আগবঢ়াইছিল আৰু লগতে প্ৰচলিত আইনৰ সংশোধন ঘটাই সামাজিকভাৱে কাৰ্যকৰী আইন প্রণয়নৰ বাবে মহিলাৰ নিৰ্যাতনৰ নিৰ্ধাৰক হিচাপে তলত দিয়া কাৰ্যসমূহ অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল।

যৌন নির্যাতনে সাধাৰণতে তলত দিয়া ধৰণৰ কিছুমান অবাঞ্চিত যৌন সম্বন্ধীয় আচৰণক সংযুক্ত কৰে। যেনে — 

১) শাৰীৰিক সম্পৰ্ক আৰু যৌন কাৰ্যৰ বাবে আগবঢ়া। 

২) যৌন অনুগ্ৰহৰ কাৰণে অনুৰোধ বা দাবী কৰা।

৩) যৌনগন্ধী মন্তব্য। 

৪) অশ্লীল কিতাপ বা ফটো প্ৰদৰ্শন কৰা।

৫) অন্য ধৰণৰ অবাঞ্চিত শাৰীৰিক, মৌখিক বা ইংগিতমূলক যৌনগন্ধী প্ৰকৃতিৰ আচৰণ।

৩) শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ ক্ষেত্ৰত অসমতা : মহিলাসকলে অর্থনৈতিক ক্ষেত্ৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ অসমতাৰ বলি হোৱা পৰিলক্ষিত হয়। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে শ্ৰমৰ লিংগভিত্তিক বিভাজনে এক সামাজিক চিন্তাৰ আধাৰত পুৰুষ আৰু মহিলাৰ বাবে কিছুমান নিৰ্দিষ্ট কাম-কাজৰ পোষকতা কৰাক সূচায়। মহিলাসকলক তেওঁলোকৰ দক্ষতা, সক্ষমতা আৰু পছন্দৰ পৰিৱৰ্তে শাৰীৰিকভাৱে দুৰ্বল বুলি গণ্য কৰি উৎপাদনমূলক অর্থাৎ, অর্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাম-কাজসমূহত নিয়োজিত হোৱাৰ পৰা বঞ্চিত কৰা হয়। ইয়াৰ ফলত অর্থনৈতিক গুৰুত্ব বা উপাৰ্জনৰ স্থল থকা বিভিন্ন ধৰণৰ কল-কাৰখানা, ব্যৱসায়িক প্রতিষ্ঠান আদিত পুৰুষৰ নিয়ন্ত্ৰণ বা আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয় ৷ এনে পৰিস্থিতিত যথোপযুক্ত যোগ্যতা থকা সত্ত্বেও মহিলাসকলে এনেবিলাক উৎপাদনমুখী কার্যকলাপত নিয়োজিত হোৱাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

৪) নিযুক্তিৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ প্ৰদৰ্শন : চৰকাৰী খণ্ডতেই কিম্বা বেচৰকাৰী খণ্ডতেই হওক মহিলাসকলে নিযুক্তি লাভৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হোৱা দেখা যায়। শৈক্ষিক আৰু কাৰিকৰীগতভাৱে পুৰুষ-মহিলা উভয়েই সমানেই অৰ্হতাসম্পন্ন হোৱা সত্ত্বেও শাৰীৰিক অক্ষমতাৰ দোহাই দি মহিলাসকলক উপযুক্ত পদবীত নিযুক্তি লাভৰ পৰা সততে বঞ্চিত কৰি অহা পৰিলক্ষিত হয়। বিবাহিত মহিলাসকলৰ বেলিকা দেখা যায় যে বহু সময়ত তেওঁলোকে পৰিয়ালৰ স্বামী বা শাহুৰ অনিচ্ছাৰ কাৰণেও প্রয়োজনীয় অর্হতা থকা সত্ত্বেও উপযুক্ত পদবীত নিযুক্তি লাভ কৰিবলৈ অপাৰগ হয়। এয়েই নহয়, আনকি বহু সময়ত বিবাহিত মহিলাই নিজেও বিয়াৰ পিছত কোনো ধৰণৰ উৎপাদনমুখী কামত নিয়োজিত হ’বলৈ আগ্ৰহী নহয়।

1. Discuss the role of media for improving the lot of women.

উত্তৰঃ সাধাৰণতে জনসংযোগ, তথ্য সম্প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ লগতে মত বিনিময় কৰা শ্ৰাব্য দৃশ্যৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ আহিলা হিচাপে যিবিলাকে যোগাযোগ, আমোদপ্ৰমোদৰ পথ সূচল কৰি তুলিছে, সেইসমূহক সামগ্ৰিকভাৱে বুলি অভিহিত কৰা হয়। জ্ঞানৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই সংবাদ মাধ্যমবিলাকৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমবিলাকে জনমত গঠনৰ ক্ষেত্ৰতো এক শক্তিশালী আহিলা হিচাপে কাম কৰে। অৱশ্যে সংবাদ মাধ্যম বিলাকৰ সকাৰাত্মক ভূমিকাৰ লগতে ইবিলাকৰ অপপ্রয়োগে মহিলাৰ জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। সংবাদ মাধ্যমবিলাকে মহিলাকেন্দ্রিক ঘটনাৰাজিক অতিৰঞ্জিত কৰি শ্ৰোতা দর্শকৰ সন্মুখত উপস্থাপন কৰে। 

অনুৰূপ ধৰণে দূৰদৰ্শন, বোলছবি তথ্যচিত্র ইণ্টাৰনেট, উপগ্রহীয় চেনেল ইত্যাদিবিলাকে মহিলাসকলক ভোগৰ সামগ্ৰী হিচাপে প্ৰক্ষেপ কৰাটো এক নিত্য নৈমিত্তিক বিষয় হিচাপে পৰিগণিত হৈছে। বহু সময়ত নামী দামী ব্যৱসায়িক প্রতিষ্ঠানসমূহে সংবাদ মাধ্যমবিলাকত মহিলাসকলক বিজ্ঞান প্ৰকাশৰ আহিলাস্বৰূপ প্ৰক্ষেপ কৰে। এনেদৰে যদিওবা বহু সংখ্যক মহিলায়ো বিজ্ঞাপনৰ মাধ্যমেৰে নিজৰ শাৰীৰিক অবয়ৱ আৰু সৌন্দৰ্য প্ৰদৰ্শনৰ জৰিয়তে নিজৰ জীৱিকা আহৰণৰ বাট মুকলি কৰিছে। তৎসত্ত্বেও ইবিলাকে মহিলাসকলৰ মান-মর্যাদা স্বাভিমানক কুঠাৰাঘাত হানিছে। তাৰোপৰি বহুক্ষেত্ৰত সংবাদ মাধ্যমৰ লগত জড়িত বিভিন্ন মহিলাসকল তেওঁলোকৰ গৰাকী বা আন সহকৰ্মীৰ দ্বাৰা যৌন নির্যাতন, ধর্ষণ, শাৰীৰিক-মানসিক উৎপীড়ন আদিৰ সন্মুখীন হ’বলগীয়া হয়। 

সংবাদ মাধ্যমৰ জৰিয়তে মহিলাৰ ওপৰত নিৰ্যাতন-চলোৱাৰ নানান দিশসমূহ তলত আলোচনা কৰা হ’ল—

(১) মহিলাক বজাৰৰ পণ্য সামগ্ৰী হিচাপে উপস্থাপন : সম্প্রতি প্ৰায়বিলাক প্ৰচাৰ মাধ্যম পুঁজিপতি শ্ৰেণীৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হোৱা দেখা যায়। এই শ্রেণীটোৱে নিজৰ অৰ্থনৈতিক স্বার্থসিদ্ধিৰ উদ্দেশ্যৰে নৈতিক প্ৰমূল্যৰাজিক জলাঞ্জলি দি সস্তীয়া জনপ্রিয়তা বৃদ্ধি কৰিবলৈ মহিলা একোগৰাকীক মডেল হিচাপে ব্যৱহাৰ কৰে। মডেলগৰাকীক অতি কম বস্ত্ৰ পৰিধান কৰোৱাই বিজ্ঞাপন প্ৰকাশৰ বাবে ব্যৱহাৰ কৰে। আন কথাত, মহিলাক বজাৰৰ পণ্য সামগ্ৰী ৰূপত তুলি ধৰা হয়। যাৰ জৰিয়তে সমগ্ৰ নাৰী জাতিৰ মান-মর্যাদা, স্বাভিমানক ভূ-লুণ্ঠিত কৰাৰ উপক্ৰম হৈছে।

(২) প্ৰচাৰ মাধ্যমত প্ৰচাৰিত মহিলা বিষয়ক দৃশ্যাংশই নাৰী নিৰ্যাতনৰ মাত্রা বৃদ্ধিত অৱদান যোগায় : সাধাৰণতে এইটো ভবা হয় যে মহিলাৰ ওপৰত ঘৰুৱা আৰু সামাজিক পৰ্যায়ত চলা বিভিন্ন ধৰণৰ অপৰাধমূলক কার্য যেনে— কর্মস্থলীত যৌন উৎপীড়ন, ধর্ষণ, শাৰীৰিক-মানসিক নির্যাতন আদিক প্ৰচাৰ মাধ্যমবিলাকে সঠিক ৰূপত উপস্থাপন কৰি অপৰাধীক অভিযুক্ত কৰি ভুক্তভোগীজনক ন্যায় প্রাপ্তিৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব পাৰে। কিন্তু বহু সময়ত আমি ইয়াৰ এখন বিপৰীত ছবিহে প্ৰত্যক্ষ কৰো। প্ৰচাৰ মাধ্যমবিলাকে উপৰোক্ত ধৰণৰ মহিলাজনিত ঘটনাৰাজিক আশ্চৰ্যকৰ বিষয় হিচাপে দেখুৱাবলৈ অপ্ৰয়োজনীয়ভাৱে অতিৰঞ্জিত কৰি উপভোক্তা সদৃশ শ্রোতা দৰ্শকৰ সন্মুখত সম্প্ৰচাৰ কৰে। সেয়েহে ভুক্তভোগী মহিলাগৰাকী বা মহিলাসকলে এক ব্যাপক মানসিক চাপত ভুগিবলগীয়া হয়। 

(৩) মহিলাসকলৰ প্ৰতি প্ৰচাৰ মাধ্যমবিলাকৰ পক্ষপাতমূলক ভূমিকা : মহিলাৰ তুলনাত পুৰুষৰ শক্তি, সামর্থ্য দক্ষতা আৰু প্ৰভাৱ আদিৰ ওপৰত প্ৰচাৰ মাধ্যমবিলাকে অধিক গুৰুত্ব আৰোপ কৰে। মহিলা এগৰাকী পুৰুষৰ অমানৱীয় আচৰণৰ বলি হ’লেও বহু সময়ত প্ৰচাৰ মাধ্যমবিলাকত ভুক্তভোগী মহিলাগৰাকীৰ ওপৰতহে দোষ জাপি দিয়া পৰিলক্ষিত হয়। বহুক্ষেত্ৰত মহিলা বিষয়ক কেতবোৰ স্পর্শকাতৰ একান্ত ব্যক্তিগত বিষয়ক ৰাজহুৱা কৰাৰ ভীতি প্রদর্শনেৰে একাংশ প্ৰচাৰ মাধ্যমৰ কৰ্মীক ব্লেকমেইলিং আদিৰ দৰে অনৈতিক কাৰ্যতো লিপ্ত হোৱা দেখা যায়। এনেদৰে মহিলাসকলৰ ওপৰত প্ৰচাৰ মাধ্যমৰ জৰিয়তে মানসিকভাৱে হাৰাশাস্তি কৰাৰ পথো প্রকট হয়।

(৪) সংবাদ মাধ্যমত কৰ্মৰত মহিলা সংবাদকর্মীৰ নিৰাপত্তাহীনতাঃ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত মহিলা সংবাদ কর্মীসকলেও প্রায়েই কৰ্মস্থানত নিৰাপত্তাহীনতাত ভুগিবলগীয়াৰ উপক্রম হয়। সাধাৰণতে সংবাদ মাধ্যমত কৰ্মৰত মহিলা সংবাদকর্মীসকলে সংবাদ আহৰণ আৰু বাতৰি পৰিৱেশনৰ সময়ত গোটেই দিনে-নিশাই জড়িত হৈ থাকিবলগীয়া হয়। ইয়াৰ ফলত বহু সময়ত মহিলা সংবাদকর্মীসকলে কর্মস্থানত সংশ্লিষ্ট মাধ্যমটোৰ গৰাকী বা আন কোনো সহকৰ্মীৰ নানা আতিশয্য তথা কামনাৰ বলি হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। তাৰোপৰি সংবাদ কৰ্মীসকলে শৃংবাদ আহৰণৰ উদ্দেশ্যেৰে বিভিন্ন স্থানলৈ যাওঁতে বিভিন্ন পক্ষৰ পৰা ভীতি প্ৰদৰ্শন শাৰীৰিক মানসিক নির্যাতন, অশালীন ব্যৱহাৰৰ মুখামুখিৰ সন্মুখীন হোৱাও দেখা যায়। আনকি মহিলা সংবাদকর্মী সকল ধৰ্ষণৰ বলি হোৱাৰ লগতে সন্ত্রাসজৰ্জৰিত অঞ্চলত গৈ সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে শাৰীৰিকভাৱে বিকলাংগ হোৱাৰো উদাহৰণ ইতিহাসৰ পাতত একেবাৰে বিৰল নহয়।

গতিকে এনেদৰে চালে দেখা যায় যে পুৰুষসকলে এনেবিলাক সামাজিক সাংস্কৃতিক আনুষ্ঠানিক ভিত্তিসমূহৰ জৰিয়তে মহিলাসকলৰ ওপৰত অধিকভাৱে নিয়ন্ত্রণ চলোৱাৰ সুবিধা লাভ কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোক (নিয়ন্ত্ৰকসকল) অর্থনৈতিক আৰু বস্তুগতভাৱেও লাভান্বিত হোৱা পৰিলক্ষিত হয়।

নিৰ্যাতনৰ কাৰ্য বা ভাবুকি— ঘৰৰ ভিতৰত হওঁক বা সম্প্ৰদায়ৰ ভিতৰতে হওঁক, মহিলাসকলক ভীতিগ্ৰস্ত কৰা আৰু মহিলাৰ জীৱনৰ নিৰাপত্তাহীনতা হ’ল সমতাপ্ৰাপ্তিৰ আৰু উন্নয়ন তথা শান্তিপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্রধান অন্তৰায়স্বৰূপ। নিৰ্যাতনৰ ভয়েই হৈছে মহিলাৰ গতিশীলতাৰ স্থায়ী বাধা আৰু ই তেওঁলোকৰ জাতিটোৰ (স্ত্রী জাতি) ৰাষ্ট্ৰীয় সম্পদৰ অন্তৰ্ভুক্তি আৰু মৌলিক কার্যসমূহক সীমিত কৰে।

মহিলাৰ বিৰুদ্ধে নির্যাতনেই আছিল আন্তর্জাতিক নাৰী আন্দোলনৰ আলোচনা আৰু পৰ্যালোচনাৰ প্ৰথম মুখ্য বিষয়৷ নাৰীবাদী পণ্ডিতসকলে এই নির্যাতন বিভিন্ন ধৰণে তাত্ত্বিকতা প্ৰদান কৰিছে, যিসকলে কমেও এটা বিন্দুত সহমত প্ৰকাশ কৰিছে যে এই নির্যাতন হৈছে প্ৰণালীগত আৰু আনুষ্ঠানিক। নির্যাতনক সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰি। মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা আন সকলো ধৰণৰ হিংস্রতাতকৈ অধিক ভয়ানক, য’ত আপত্তিজনক কাম কৰোতাজন অন্য কোনো নহয়, ভুক্তভোগীজনৰ অতি চিনাকি ব্যক্তি হয়, বা পৰিয়ালৰ একেবাৰে নিজা হয়। তেনে বহুতো গোচৰ আছে যিবোৰ ভয়তে পঞ্জীয়নভুক্ত কৰা নহয়, কাৰণ ভুক্তভোগীজনে বা ভুক্তভোগীজনৰ পৰিয়ালে সমাজৰ পৰা মানসিক নির্যাতন পাব পাৰে বা সমাজৰ পৰা বহিষ্কৃত হ’ব পাৰে। মহিলাৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰি আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰভাৱৰ জৰিয়তে লিংগভিত্তিক ধাৰণাৰ পৰিৱৰ্তন কৰি তেনেবোৰ ঘটনাৰ ক্ষেত্ৰত থকা সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব পাৰি। মহিলা সংগঠনসমূহে সমাজকর্মী আৰু বেচৰকাৰী সংগঠনসমূহে তেনে নিশ্চিত পৰিৱৰ্তন আনিব পাৰে।

Long Type Question

1. Explain Oppression on Women by Religion.

উত্তৰঃ নাৰী নিৰ্যাতনৰ আহিলা হিচাপে পুৰুষ পৰিচালিত আৰু নিয়ন্ত্ৰিত সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে ধর্ম। ধর্ম এক অনুভূতি, হৃদয়ৰ বিশ্বাস। মহাজাগতিক এক চূড়ান্ত শক্তিৰ অৱস্থিতিৰ ওপৰত থকা আনুগত্যমূলক তথা সত্যৰ ওপৰত প্রতিষ্ঠিত হৃদয়ৰ শুদ্ধ বিশ্বাসেই হৈছে ধৰ্ম। আনহাতে মানৱ কল্যাণৰ লগতে সৃষ্টিৰ অন্যান্য উপাদানসমূহৰ প্ৰতি থকা মানৱীয় কাৰ্যকৰণেই হৈছে ধর্ম। আনহাতে মানৱ কল্যাণৰ লগতে সৃষ্টি অন্যান্য উপাদানসমূহৰ প্ৰতি থকা মানৱীয় কাৰ্যকৰণেই হৈছে ধৰ্ম। সমগ্ৰ বিশ্বজুৰি ধৰ্মই এহাতেদি জনগণৰ মাজত ঐক্য সংহতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰে আনহাতেদি ধৰ্ম আৰু ধৰ্মাৱলম্বী লোকসকলৰ কেতবোৰ সংকীর্ণ মনোবৃত্তিয়ে বিভিন্ন ধৰ্মাৱলম্বী লোসকলৰ মাজত সংঘাত, অসূয়া হিংসা বিদ্বেষ অপ্রীতিকৰ অপৰিৱেশৰ সূচনা কৰে। 

প্ৰাক ঐতিহাসিক কালৰে পৰাই ধৰ্মই মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত অন্যতম কাৰক ৰূপে চিহ্নিত হৈ আহিছে।

সকলোবিলাক ধৰ্মৰ ৰীতি-নীতিয়েই পুৰুষৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত কৌশলপূৰ্ণভাৱে উদ্ভাৱন কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতি বিলাকত স্বামী ভক্তিৰ দোহাই দি মহিলাসকলক পুৰুষৰ অধীনস্থ কৰি ৰখাৰ প্ৰয়াস চলোৱা হৈছে। হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান আদিকে ধৰি বিশ্বৰ মূল ধর্মসমূহে মহিলাসকলৰ ওপৰত নানা ধৰণে অৱদমন আৰু নির্যাতন চলোৱাৰ পথ প্রশস্ত কৰি ৰাখিছে। এইক্ষেত্ৰত ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে অন্যান্য ধৰ্মৰ তুলনাত হিন্দু আৰু ইছলাম ধৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ দোহাই দি নাৰীৰ ওপৰত নিৰ্যাতন  চলোৱাৰ ছবিখন অতিকৈ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। 

হিন্দু আৰু ইছলাম ধৰ্মৰ গোড়া নীতি-নিয়ম আৰু ধৰ্মীয় আচাৰ বিধিবিলাকৰ দ্বাৰা মহিলাসকল পুৰুষৰ দ্বাৰা যুগ যুগ ধৰি নিৰ্যাতিত হৈ আহিছে। হিন্দু মহিলাৰ ক্ষেত্ৰত দীঘলকৈ ওৰণি লোৱা, ডাঙৰকৈ কপালত সেন্দূৰৰ ফোঁট লোৱা, ছোৱালীয়ে কপালত ফোঁট লোৱা, ঋতুশ্ৰাৱৰ সময়ত মহিলাসকলক অশুচি বুলি গণ্য কৰা, কন্যা সন্তানক শিৱ লিংগৰ পূজা-অৰ্চনাৰ বাবে উৎসাহিত কৰা, স্বামীৰ চৰণ চুই সেৱা কৰা, পত্নীৰ জীৱন্ত কালত স্বামীৰ মৃত্যু হ’লে তেনে মহিলাক অপৱিত্ৰ বুলি বিবেচনা কৰা আদিৰ অন্তৰালত পুৰুষৰ দ্বাৰা মহিলাৰ নিৰ্যাতনৰ ধাৰণাটোৱেই অন্তর্নিহিত হৈ আছে। 

একেদৰে ইছলাম ধৰ্মৰ ৰীতি অনুসৰি মহিলাৰ নিজস্ব সত্ত্বা নাই। ইছলাম ধৰ্মত নাৰীৰ স্বকীয় সত্ত্বাক সম্পূৰ্ণৰূপে অগ্রাহ্য কৰাই নহয় বৰং নাৰীক পুৰুষৰ সম্ভোগৰ দ্ৰব্য হিচাপেহে গণ্য কৰা হয়। 

ইছলাম ধৰ্মৰ এনে ধ্যান-ধাৰণাৰ বশৱৰ্তী হৈয়েই ইছলামিক ৰাষ্ট্ৰবিলাকত মহিলাসকল পুৰুষৰ দ্বাৰা যুগ যুগ ধৰি বঞ্চিত, নির্যাতিত, শোষিত, নিষ্পেষিত হৈ অহাৰ প্ৰতিচ্ছবি এখন দেখিবলৈ পোৱা যায়। ইছলামিক সমাজত প্ৰচলিত ‘পর্দা প্রথা’ ইয়াৰ এক সুন্দৰ নিদর্শন। মুছলমান সমাজত পৰ্দা প্ৰথাৰ দোহাই দি বিবাহিতা মুছলমান মহিলাসকলক বোৰ্খা পিন্ধিহে ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ যাবলৈ বাধ্য বাধকতা আৰোপ কৰা দেখা যায়। উল্লেখযোগ্য যে পৰ্দা প্ৰথাৰ প্ৰচলন থকাৰ পৰিপ্ৰেক্ষিততেই মুছলমান মহিলাসকলে সামাজিক জীৱনত মুক্ত মনেৰে বিচৰণ কৰিব নোৱাৰে আৰু ইয়াৰ লগে লগে পাৰিবাৰিক জীৱনতো আত্মনিৰ্ধাৰণৰ অধিকাৰ উপভোগৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

অনুৰূপ ধৰণে, খ্ৰীষ্টিয়ান ধর্মইয়ো পুৰুষৰ তুলনাত মহিলাসকলৰ স্থান সমাজত বহু পৰিমাণে অৱনমিত কৰিছে। খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰধান ধর্মগ্রন্থ বাইবেলতো সন্নিৱিষ্ট ১০টা নীতিত মহিলাসকলক পুৰুষৰ নিয়ন্ত্রণাধীন কৰি ৰখাৰ লগতে মহিলাসকলক দাসী, পোহনীয়া জন্তুৰ সৈতে তুলনা কৰা হৈছে। খ্ৰীষ্টিয়ান ধৰ্মৰ বাইবেলত সন্নিৱিষ্ট উক্ত ১০টা নীতিত পুৰুষৰ আধিপত্যকে পোষকতা কৰা পৰিলক্ষিত হয়।

আধুনিক ধৰ্মৰ ধাৰণা হৈছে পিতৃতান্ত্রিক — যিয়েই পুৰুষ কর্তৃত্বক শ্রেষ্ঠ হিচাপে ব্যাখ্যা কৰে। যিসকলে পুৰুত্তন্ত্ৰক বিশ্বাস কৰে তেওঁলোকে পিতৃতান্ত্রিক শৃংখলাক অতি স্বাভাৱিকভাৱে প্রায়োগিক বুলি উত্থাপন কৰে। ক্ষমতাৰ স্ত্ৰীমতবাদ, যিটো আনুষ্টানিক ধর্মসমূহৰ বিকাশৰ আগতে চলিছিল, ক্রমাগতভাৱে সেইটো দুৰ্বল হৈছে। দেৱীৰ অস্তিত্বক স্থানান্তৰিত কৰাৰ প্ৰয়াস চলিছে। সকলো প্রধান ধর্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ বৰ্ণৰ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। 

তেওঁলোকে নৈতিকতা, আচৰণ আৰু আনকি আইন আদিৰ ব্যাখ্যা দিছে। তেওঁলোকে পুৰুষ আৰু মহিলাৰ কৰ্তব্যও নিৰ্ধাৰণ কৰি দিছে আৰু উভয়ৰ মাজত সম্পর্কও নির্ণয় কৰি দিছে। তেওঁলোকে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমাজত এক প্রধান শক্তি হিচাপে কাৰ্য কৰি আছে। দক্ষিণ এছিয়াৰ দেশসমূহত তেওঁলোকৰ ক্ষমতা আৰু অৱস্থিত সবল। উদাহৰণস্বৰূপে ভাৰতবর্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও এজন ব্যক্তিৰ বিধিগত চিনাক্তকৰণ যেনে— বিয়াৰ ক্ষেত্ৰত, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আৰু উত্তৰাধিকাৰিতা আদিৰ ক্ষেত্ৰত তেওঁৰ ধৰ্মৰ দ্বাৰা এইবোৰ নিৰ্ধাৰণ কৰা হয়। এনে ধৰণৰ যথেষ্ট ব্যাখ্যা আছে যে কেনেকৈ প্ৰতিটো ধর্মই মহিলাসকলক কনিষ্ঠ, অপবিত্র, অসন্মানীয় বুলি বিবেচনা কৰে, কেনেকৈ সেইবোৰে নৈতিকতা আৰু আচৰণৰ দৰে দুই ধৰণৰ স্থানৰ সৃষ্টি কৰে, কেনেকৈ ধৰ্মীয় আইনে প্রায়েই পথভ্রষ্ট মহিলাৰ বিৰুদ্ধে উগ্রতা প্রয়োগক ন্যায্যতা প্ৰদান কৰে ইত্যাদি। 

2. Discuss how the State violates Women’s rights in India.

উত্তৰঃ মহিলাসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰ ব্যৱস্থা বহু পৰিমাণে জগৰীয়া। প্ৰকৃতাৰ্থত ক’বলৈ হ’লে ৰাষ্ট্ৰ হৈছে সামগ্ৰিক ৰূপত পুৰুষৰ আধিপত্য বিস্তাৰৰ এক আহিলা। ৰাষ্ট্ৰৰ বিভিন্ন কার্যকলাপৰ জৰিয়তে পুৰুষৰ আধিপত্য বস্তাৰৰ পূৰ্ণ প্রতিফলন ঘটা দেখিবলৈ পোৱা যায়। প্ৰায়বিলাক ৰাষ্ট্ৰতে সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ নায়ক (Actors) বিলাকৰ জৰিয়তে নাৰীৰ অধিকাৰ আৰু স্বতন্ত্রতা উলংঘন হোৱা পৰিলক্ষিত হয়। সাধাৰণতে ৰাষ্ট্ৰই ইয়াৰ বিভিন্ন অভিকৰণ সমূহ (যেনে— আৰক্ষী, সেনাবাহিনী, ন্যায়পালিকা)ৰ ওপৰত আইন শান্তি শৃংখলা, নিৰাপত্তা বজাই ৰখাৰ লগতে জনগণৰ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব ন্যস্ত কৰা হয়। কিন্তু মন কৰিবলগীয়া দিশটো হ’ল যে এই ৰাষ্ট্ৰীয় অভিকৰণসমূহে ৰাষ্ট্ৰীয় আইন শান্তি শৃংখলা ৰক্ষা কৰাৰ দোহাই দি নাগৰিকৰ মৌলিক স্বাধীনতাসমূহ নির্মমভাৱে উলংঘন কৰা পৰিলক্ষিত হয় যাৰ ফলত পুৰুষ আৰু মহিলা উভয়ে বিভিন্ন প্ৰকাৰে আতিশয্যৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। ৰাষ্ট্ৰৰ দ্বাৰা মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত কংগো, ছোমালিয়া, ইজিপ্ত, শ্রীলংকা আৰু ইৰাক আদিৰ দেশৰ নাম বিশেষভাৱে উল্লেখনীয়। 

অৱশ্যে আমাৰ দেশ ভাৰতবৰ্ষতো ৰাষ্ট্ৰৰ দ্বাৰা নাৰী নিৰ্যাতনৰ উদাহৰণ একেবাৰে নোহোৱা নহয়। উদাহৰণস্বৰূপে, জম্মু আৰু কাশ্মীৰ, উত্তৰ পূব অঞ্চলত (মণিপুৰত) বহু দশক ধৰি ‘সশস্ত্র সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন’ ১৯৫৬ বলৱৎ কৰা হৈ আহিছে। যাৰ ফলস্বৰূপে উক্ত অঞ্চলসমূহত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ লগতে মানৱীয় অধিকাৰসমূহকো সঘনে উলংঘন কাৰ্য চলি আহিছে। মণিপুৰত বলৱৎ হৈ থকা ‘আফচপা’ বৰ্খাস্তকৰণৰ বাবে সুদীৰ্ঘ ছবছৰ ধৰি মণিপুৰৰ যুৱতী ইৰ’মচানু শৰ্মিলাই দাবী জনাই আহিছিল। ২০০৪ চনৰ ১১ জুলাই তাৰিখে সন্দেহযুক্ত ‘আছাম ৰাইফলছ’ৰ সেনাবাহিনীয়ে এগৰাকী যুৱতীক ঘৰৰ পৰা ধৰি নি ধৰ্ষণ কৰি শেষত গুলীয়াই হত্যা কৰিছিল। 

আনকি হত্যাকাৰীয়ে গোপন অংগতো গুলীয়াই ‘ধর্ষণ’ সকলো প্রমাণ নিশ্চিহ্ন কৰি থৈ গ’ল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে মণিপুৰত জুই জ্বলিল। এই আকস্মিক খবৰটোৱে ২০০৪ চনৰ ১৫ জুলাই তাৰিখে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত জোকাৰি গ’ল। মণিপুৰৰ ঐতিহাসিক ‘কাংলা ফৰ্টৰ সন্মুখত এজাক পঞ্চাশোর্ধ মহিলাই নগ্ন হৈ ‘আছামছ ৰাইফলছ’ সেনাবাহিনীৰ বিৰুদ্ধে প্রতিবাদ কৰিলে। অৱশেষত ১৯৫৮ চনৰ ১৫ আগষ্টত কার্যকৰী হোৱা আফত্পা মণিপুৰৰ পৰা উঠাই দিয়া হয়।

আৰক্ষী হেফাজত (Police Custody)ত মহিলাৰ ওপৰত নির্যাতন, বলাৎকাৰ আৰু হেফাজতত মহিলাৰ মৃত্যু ৰাষ্ট্ৰৰ দ্বাৰা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ আন এক তাৎপর্যপূর্ণ দিশ। বহুক্ষেত্ৰত দেখা যায় যে সন্ত্রাসবাদী কার্যকলাপ, হত্যা, লুণ্ঠন বা অন্য কোনো ধৰণৰ অসামাজিক কার্যকলাপত লিপ্ত থকাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক হেফাজতত ৰাখি অভিযুক্তগৰাকীৰ ওপৰত আৰক্ষীৰ লোকে শাৰীৰিক আৰু অমানৱীয় অত্যাচাৰ চলোৱা সততে দেখা যায়।

সমাজত থকা প্রায় সকলোবোৰ ৰাজনৈতিক অনুষ্ঠানৰ সকলো স্তৰতেই (একেবাৰে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সংসদ পর্যন্ত পুৰুষ শ্ৰেণীৰ নিয়ন্ত্রণ বিদ্যমান। মাত্র এমুঠিমান মহিলাহে ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ লগত জড়িত— যিসকলে নেকি আমাৰ দেশৰ ভাগ্য নিৰ্ণয়ত অৰিহণা যোগায়। 

যেতিয়া কিছুমান মহিলা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদবীত অধিষ্ঠিত হয় যেনে— শ্ৰীমাভু বন্দনায়ক, ইন্দিৰা গান্ধী, বেনজিৰ ভুট্টো, খালেদা জিয়া, ছোনিয়া গান্ধী, মায়াৱতী, জয়াললিতা, আনোৱাৰা টাইমুৰ আদিয়ে নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ বলত এইবোৰ আহৰণ কৰে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ উচ্চতম পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰতিভা দেৱী সিং পাটিলকো এইক্ষেত্ৰত এক সবল উদাহৰণ হিচাপে ল’ব পাৰি। তেওঁলোকৰ লগত সাধাৰণতে কিছুমান সংগঠন, শক্তিশালী ৰাজনৈতিক ব্যক্তি আদি জড়িত থাকে আৰু তেওঁলোকে পুৰুষৰ দ্বাৰা প্ৰণয়ন কৰা নীতি আৰু কাৰ্য বাস্তৱত ৰূপায়িত কৰে। অৱশ্যে ভাৰতৰ তুলনাত দক্ষিণ এছিয়াৰ দেশসমূহত মহিলাৰ প্ৰতিনিধিত্ব তুলনামূলকভাৱে কম হোৱা পৰিলক্ষিত হয়।

যি কি নহওক, ৰাষ্ট্ৰৰ দ্বাৰা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত তিনিটা প্রধান দিশ পৰিলক্ষিত হয়—

১) ৰাষ্ট্ৰত সামৰিক বাহিনীৰ অভিযানৰ সময়ত ব্যাপক হাৰত নাৰীৰ ওপৰত নিৰ্যাতন সংঘটিত হয়।

২) ৰাষ্ট্ৰৰ দ্বাৰা গৃহীত আৰু বলবৎকৃত আইনসমূহৰ দ্বাৰা পুৰুষতন্ত্ৰক সবল ৰূপত প্ৰতিষ্ঠা কৰি নাৰীৰ অধিকাৰ উলংঘন কৰা পৰিলক্ষিত হয়।

৩) মহিলাৰ বাবে সকলো ক্ষেত্রতে আছুতীয়াকৈ ৰখা যি সংৰক্ষণমূলক ব্যৱস্থা সেই ব্যৱস্থা বহু সময়ত মহিলাসকলক পুৰুষসকলৰ অধীনত এক আহিলা যেনহে বোধ হয়।

3. In What ways the family can be considered as an institution of Women’s Oppression.

উত্তৰঃ পৰিয়াল হৈছে সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ, ই সমাজৰ এক মৌলিক উপাদান। কেট মিলেটৰ মতে, পৰিয়াল হৈছে পিতৃতান্ত্রিকতাৰ প্ৰধান অনুষ্ঠান, সমাজৰ ক্ষমতাৰ সংৰচনাৰ ই মূল অংশস্বৰূপ, কিন্তু ‘পৰিয়াল’ বোলা এই ব্যৱস্থাটোৱেই সম্ভৱ আটাইতকৈ বেছি পিতৃতান্ত্রিক বা পুৰুষপ্রধান চৰিত্ৰৰ। এজন পুৰুষ পৰিয়ালটোৰ বা ঘৰখনৰ মুৰব্বী হিচাপে বিবেচনা কৰা হয়। পৰিয়ালৰ ভিতৰত তেওঁ মহিলাসকলৰ যৌন জীৱন, শ্ৰম বা উৎপাদন, পুনঃউৎপাদন আৰু গতিশীলতাক নিয়ন্ত্ৰণ কৰে। পৰিয়ালত এক অধিঃক্রমিক পদ্ধতি বিৰাজমান, য’ত পুৰুষজন শ্রেষ্ঠ আৰু আধিপত্যৰ অধিকাৰী, মহিলাসকল সদায় বহতীয়া আৰু নিয়ন্ত্রিত।

নাৰীবাদীসকলৰ মতে, মহিলাসকলক তলত উল্লেখ কৰা নানান ক্ষেত্ৰসমূহত পৰিয়ালৰ ভিতৰত বিভিন্ন ৰূপত শোষণ, নির্যাতন আৰু বঞ্চনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। তলত ইবিলাক বহুলভাৱে আলোচনা কৰা হয়—

(১) মহিলাৰ উৎপাদন বা শ্রম শক্তি : পুৰুষে মহিলাৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰৰ বেতনযোগ্য কাম উভয় ক্ষেত্ৰতে শোষণ আৰু নিয়ন্ত্ৰণ চলায়। ঘৰুৱা জীৱনত মহিলাই ওৰেটো জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে সকলো ধৰণৰ সেৱা অবৈতনিকভাৱে আগবঢ়ায়, যাক চিলভিয়া ওৱাৰ্লাৰে পিতৃতান্ত্রিক উৎপাদনৰ পথ বুলি কৈছে। মহিলাৰ শ্ৰমক তেওঁলোকৰ পৰিয়ালৰ স্বামী আৰু অন্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়, যিসকলে একেলগে বাস কৰে।

(২) মহিলাৰ পুনঃউৎপাদন কার্য বা ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ : সময়ৰ বিভিন্ন স্তৰত দেখা গৈছে যে পুৰুষে মহিলাৰ পুনঃউৎপাদন ক্ষমতাক নিয়ন্ত্ৰণ কৰে। বহুতো সমাজত তেওঁলোকে কিমানজন সন্তান বিচাৰে, কেতিয়া পাব বিচাৰে, তেওঁলোকে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে নাইবা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে ইত্যাদিবোৰ সিদ্ধান্ত গ্ৰহণ কৰাত মহিলাসকলৰ কোনো স্বাধীনতা নাথাকে। ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষ সকলে নানান অনুষ্ঠান যেনে— গীৰ্জা বা ৰাষ্ট্ৰ (ধৰ্ম আৰু ৰাজনীতি) আদিতো নিয়ন্ত্রণ অথবা আধিপত্য চলায় আৰু মহিলাৰ পুনঃউৎপাদন ক্ষমতাৰ বিষয়তো নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰে। এইবোৰক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি। উদাহৰণস্বৰূপে, কেথলিক গীৰ্জাসমূহত পুৰুষ অধিক্রমিক কর্তৃত্বই সিদ্ধান্ত গ্রহণ কৰে। মহিলাই সন্তান কেতিয়া আৰু কিমানসংখ্যক সন্তান বিচাৰে বা পছন্দ কৰে সেইবোৰৰ ক্ষেত্ৰত স্বাধীনতা পোৱাৰ বাবে অৱধাৰিতভাৱে মহিলাসকলৰ দ্বাৰা যি সংগ্রাম চলি আছে তাৰ পৰাই বাস্তৱিকতে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰতেই এই পুৰুষকেন্দ্রিক নিয়ন্ত্রণ কিমান শক্তিশালী তাৰেই ইংগিত বহন কৰে।

আধুনিক কালত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল-পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্ৰণ কৰে। ৰাষ্ট্রযন্ত্ৰই দেশৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ নিৰ্ধাৰণ কৰে আৰু ফলস্বৰূপে সক্রিয়ভাৱে মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে উৎসাহিত বা নিৰুৎসাহিত কৰে। ভাৰতবৰ্ষত কঠোৰভাৱে পৰিয়ালৰ আকাৰ সীমিত কৰাৰ বাবে এক আক্রমণাত্মক জন্ম নিয়ন্ত্রণ আঁচনি আছে। মালয়েছিয়াত দেশৰ ঔদ্যোগিক উৎপাদনৰ কাৰণে এক সন্তোষজনক পৰিধিৰ ঘৰুৱা বজাৰ নিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে উদ্‌গনি দিয়া হয়। ইউৰোপত মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টি কৰি প্রলোভিত কৰা হয়। তেওঁলোকক সম্পূর্ণ প্রাপ্য আদায় দিয়া হয় আৰু অংশকালীন চাকৰিয়ালৰ কাৰণে বহু দীঘলীয়া মাতৃত্বৰ ছুটি, সন্তান পালনৰ সুবিধা আদি প্ৰদান কৰা হয়। আনহাতে আন কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটি আদিৰো নিয়ম আছে।

পিতৃ তান্ত্রিকতাই মহিলাসকলক অকল মাতৃ হ’বলৈ হেঁচা দিয়ে এনে নহয়– ই তেওঁলোকৰ মাতৃত্বৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰে। মাতৃত্বৰ এই ধাৰণাক মহিলা নিৰ্যাতনৰ এক ভিত্তি বুলি বিবেচনা কৰা হয়, কাৰণ এইটোৱে পুংলিংগ আৰু স্ত্ৰীলিংগ চৰিত্ৰৰ শ্ৰেণীৰ সৃষ্টি কৰে— যিয়েই পিতৃতান্ত্রিকতাক স্থায়ী কৰে। এইটোৱে ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজৰ প্ৰভেদক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰে। ই মহিলাৰ গতি আৰু বিকাশৰ ধাৰাক সীমিত কৰে আৰু পুৰুষৰ আধিপত্যক পুনঃস্থাপন কৰে। 

(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণঃ এইটো মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা অন্য এটা গুৰুত্বপূর্ণ বিষয়। মহিলাসকলে তেওঁলোকৰ যৌন সম্ভোগৰ ক্ষেত্ৰত নিজা নিজা পুৰুষসকলৰ প্রয়োজন আৰু ইচ্ছা অনুযায়ী যৌন সেৱা আগবঢ়াবলৈ বাধ্য থাকে। প্রত্যেক সমাজতে বিবাহৰ বাহিৰত মহিলাৰ যৌনতা প্ৰদৰ্শনত বাধা দিয়াৰ বাবে সম্পূৰ্ণ নৈতিক আৰু বিধিগত শাসন ব্যৱস্থাৰ প্ৰচলন আছে। অন্যহাতে প্রচলিত ধাৰা অনুযায়ী পুৰুষৰ অবাধ যৌন সম্বন্ধৰ ক্ষেত্ৰত এক অন্ধতা প্ৰদৰ্শন কৰা হৈছে। অন্য এটা মীৰত পুৰুষসকলে তেওঁলোকৰ ঘৈণীয়েক, জীয়েক বা অন্য মহিলাসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকক নিয়ন্ত্ৰণলৈ আনিব পাৰে। মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ বাবে তেওঁলোকৰ কাপোৰ, আচৰণ আৰু চাল-চলন আদিত সাৱধানেৰে পৰিয়াল, সামাজিক, সাংস্কৃতিক, ধর্মীয় আচৰণ বিধিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হয়।

(৪) মহিলাৰ গতিশীলতাৰ ওপৰত নিয়ন্ত্ৰণ : মহিলাৰ যৌনতা, উৎপাদন, পুনঃউৎপাদনী শক্তিক নিয়ন্ত্ৰণ কৰাৰ বাবে পুৰুষে মহিলাৰ গতিশীলতাক নিয়ন্ত্রণ কৰাৰ আৱশ্যক হয়। প্ৰথাৰ বলবৎকৰণ, ঘৰুৱা ঠাই এৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপকৰণ (পৰিয়াল) ব্যক্তিগত আৰু ৰাজহুৱাৰ (সামাজিক) মাজত বিভাজন, দুই বিপৰীত লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবোৰেই মহিলাৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত এনেদৰে নিয়ন্ত্রণ আৰোপ কৰে যে এইবোৰ তেওঁলোকৰ বাবেহে। আন কথাত এইবোৰ স্ত্ৰীলিংগ বিশেষৰহে; কাৰণ পুৰুষসকল তেনে দমন বা নিয়ন্ত্ৰণৰ অধীন নহয়।

(৫) সম্পত্তি আৰু অন্যান্য অর্থনৈতিক উৎসসমূহঃ সচৰাচৰ দেখা যায় যে-পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে। আন কথাত সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়। আনকি য’ত মহিলাসকলৰ তেনেবোৰ সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্র শৃংখলিত প্রথাগত নিয়ম, আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্রকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে হ্ৰাসহে কৰে। সকলো ক্ষেত্ৰতে তেওঁলোক পিচপৰা অৱস্থাতে থাকে।

প্রশ্নঃ মানৱ সৰবৰাহ বা শিশু সৰবৰাহৰ ধাৰণা দিয়া? শিশু মানৱ সৰবৰাহৰ কৱলত পৰা কাৰণ বিশ্লেষণ কৰা?

মানৱ সৰবৰাহ বা শিশু সৰবৰাহ সমগ্র বিশ্বত একেলগে গা কৰি উঠা গোলকীয় সমস্যা সমূহৰ ভিতৰত এটা প্রধান সমস্যা, যিটো সমস্যাই স্থানীয় পটভূমি-ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটক সামৰি এক বিশাল ব্যৱসায়িক জাল গঢ়ি উঠা দেখা গৈছে । 

বিশেষকৈ অনুন্নত দেশ সমূহ য’ত সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ প্ৰাধান্য অধিক সেই দেশ সমূহত এই সমস্যাটো অধিক গা কৰি উঠা পৰিলক্ষিত হৈছে । মানৱ সমাজক চৰম বিভিষীকা আৰু লজ্জানত কৰা মানৱ সৰবৰাহৰ দৰে এই সামাজিক ব্যাধিৰ বাবে আজি বহু যুৱক-যুৱতী, শিশু তথা পৰিয়ালৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে । য’ত মানুহ-ক পন্য সামগ্ৰীৰ ধাৰনাৰে ব্যৱহাৰ কৰি মানুহক কিনা বেচা কৰা হয় অথবা কিছুমান অনৈতিক কাৰ্যৰ জৰিয়তে তৃতীয় পক্ষ-ৰ মুনাফা লাভ কৰে । 

মানৱ সৰবৰাহ তথা শিশু সৰবৰাহ-ৰ ধাৰণাঃ সৰবৰাহ বা মানৱ সৰবৰাহ তথা শিশু সৰবৰাহ সম্পৰ্কত নবৈ দশকৰ পৰা বিভিন্ন প্রেক্ষাপটত পৰিলক্ষিত হৈ আহিছে আৰু ইয়াৰ এটি সঠিক তথা সৰ্বসন্মত ধাৰণা বা সংজ্ঞা পোৱা নাছিল । ‘সৰবৰাহ’ সম্পৰ্কত কেইটামান বহুলভাৱে প্ৰচলিত ধাৰণা তলত আলোচনা কৰা হ’ল ।

ৰাষ্ট্ৰসংঘৰ মতে সৰবৰাহঃ মানৱ সৰবৰাহ বা শিশু সৰবৰাহ কাৰ্য বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন পদ্ধতিৰে বিভিন্ন ৰূপত হৈ আহিছিল যদিও ইয়াক ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰথম বাৰৰ বাবে এক গোলকীয় সমস্যা হিচাপে কৰিছিল UN convention Against Transnational Crime -2000 শীর্ষ কর্মশালাত । এই কর্মশালাতে এই কার্য-ক আইনী প্ৰক্ৰিয়াৰে সমাধান কৰিবলৈ UN Protocol প্ৰস্তুত কৰিছিল আৰু সমগ্ৰ বিশ্বতে ইয়া বিৰূদ্ধে এক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিল । এই আলোচনাতে ‘সৰবৰাহ’ কার্যক বিশ্বব্যাপী সামঞ্জস্যতা অনাৰ প্ৰয়াসেৰে এটা সংজ্ঞাৱদ্ধ কৰিছিল । এই প্ৰট’কল-ৰ ৩ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি ‘মানৱ সৰবৰাহ’ হৈছে কোনো ব্যক্তি বা ব্যক্তি গোটে এক বা একাধিক গোটক বিভিন্ন সময়ত ঠগ, প্ৰৱঞ্চনা, মৃত্যু ভয়, বা ক্ষমতা অথবা বৃত্তিগত ভয় দেখুৱাই কোনো বৃত্তিত নিয়োজিত কৰিলে, এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ প্ৰব্ৰজিত কৰা, কোনো ঠাইলৈ নির্বাসিত রা স্থানান্তৰ কৰা, অথবা অন্য ঠাইৰ পৰা মানুহক ধৰি আনি কোনো ‘শোষণ’ কৰোৱা কাৰ্যকে মানৱ সৰবৰাহ কাৰ্য বুলি ধৰা হ’ব । এই সংজ্ঞাটো প্ৰধানকৈ তিনিটা চৰ্ত আৱদ্ধ কৰা হৈছিল –

ক) ‘শোষণ’ শব্দটোৰে যৌন উত্পীড়ন, বাধ্যতামুলক সেৱা বা বলপূর্বক সেৱা কাৰ্য, দাসত্ব, বন্ধা শ্রম, মানৱ অংগৰ স্থানান্তৰকৰণ, টকাৰ বিনিময়ত যৌনাচাৰ, ভিক্ষা বৃত্তি ইত্যাদি সামৰি লোৱা হৈছে। 

খ) যদিহে ভুক্তভোগীয়ে বা শোষিত ব্যক্তিয়ে এনে কাৰ্যৰ প্ৰতি সন্মতি থকা বা নিজৰ ইচ্ছা-মতে শোষণ কাৰ্য সমূহ কৰা বুলি কয় তেতিয়া ইয়াক ‘সৰবৰাহ’ হিচাপে ধৰা নহব ।

গ) ভুক্তভোগী বা শোষিত জন শিশু হয় তেতিয়াহ’লে তেখেতৰ সন্মতি থাকিলেও এই কাৰ্যক ‘সৰবৰাহ’ হিচাপে ধৰা হ’ব। শিশু মানে ওঠৰ বা ওঠৰ বছৰ বয়সৰ তলৰ ব্যক্তিক ধৰা হ’ব।

প্ৰট’কল খনৰ সংজ্ঞা মানৱ সৰবৰাহ বা শিশু সৰবৰাহ কাৰ্য হৈছে এক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটোত তিনিটা কাৰক বা অংশৰ সমষ্টি ।

প্রথম- ই হৈছে এটা কাৰ্য [ an Action] য’ত বলপূর্বক নিয়োগ, ব্যক্তিৰ বেচা-কিনা, বাধ্যকতা মূলক কর্ম, দাস, কোনো ব্যক্তিক অন্য ঠাইৰ আমদানি বা ৰপ্তানি ইত্যাদি কার্য জড়িত থাকে।

দ্বিতীয়তে- কিছুমান মাধ্যম বা উপায় থাকে [By Means of] য’ত চলনা বা প্ৰৱঞ্চনা, ভীতি প্রদর্শন, দৈহিক শক্তি,ক্ষমতা প্রয়োগ বা বৃত্তিগত প্ৰভাৱ জড়িত থাকে ।

তৃতীয়তে- ‘শোষণ’ কৰাৰ উদ্দেশ্য । প্ৰট’কল খনত এই কথাটো স্পষ্ট কৰি দিছে যে ওপৰোক্ত তিনিওটা চৰ্ত আৰু প্ৰক্ৰিয়া কেৱল মাথোন প্রাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতহে প্রযোজ্য হ’ব: শিশু তথা ওঠৰ বয়সৰ ব্যক্তিৰ বাবে এই চৰ্ত বা প্রক্রিয়া সমূহ বিবেচনা কৰা নহয় । অৰ্থাত শিশুৰ ক্ষেত্ৰত এই ধৰণৰ যিকোনো কার্য বা প্রক্রিয়া জড়িত হোৱা প্ৰমানিত হ’লেই ইয়াক ‘শিশু সৰবৰাহ’ বুজা হ’ব ।

চার্ক সন্মিলনৰ সৰবৰাহৰ ধাৰণাঃ দক্ষিন এচীয়া মাণ্ডলিক সহযোগী ৰাষ্ট্ৰ সংগঠন-ৰ ২০০২ চনৰ সন্মিলন-ত ‘সৰবৰাহ’ৰ সম্পৰ্কত হোৱা পর্যালোচনা-ত মানৱ সৰবৰাহ-ক এই ধৰণে ব্যাখ্যা কৰিছে–“ মহিলা বা শিশুক কোনো ব্যক্তি বা ব্যক্তি গোটে তেওঁলোকৰ সন্মতি অবিহনে যদি স্থানান্তৰ কৰে, বেচা-কিনা কৰে, বা নিজৰ ঠাইতে টকাৰ বিনিময়ত বলপূর্বক কামত নিয়োগ কৰে, অন্য দেশলৈ টকা বা অন্যান্য চৰ্তৰ বাবে স্থানান্তৰ বা হস্তান্তৰ কৰে অথবা ‘সৰবৰহিত’ কৰা কাৰ্য । ‘সৰবৰহিত শব্দটোৰে ইয়াত মহিলা আৰু শিশুক ভীতি প্রদর্শন, বলপ্রয়োগ বা প্ৰৱঞ্চণাৰে অপহৰন, বাল্য বিবাহ তথা বিয়া কৰাই দেহ ব্যৱসায়ত লিপ্ত কৰা কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে।”

ভাৰতীয় পটভূমিত ‘সৰবৰাহ’ : সৰবৰাহ সম্পৰ্কত ভাৰতীয় সংবিধানৰ ২৩ নং অনুচ্ছেদ-ত উল্লেখ কৰি কৈছে যে, মানৱ সৰবৰাহ, ভিক্ষাবৃত্তিত বলপূর্বক নিয়োগ বা অন্য কোনো ধৰণৰ বলপূর্বক কৰ্ম-ত নিয়োগ কৰা সাংবিধানিক ভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে । সংবিধানত যদিও ‘মানৱ সৰবৰাহ’-ক বিশেষভাৱে আলোচনা কৰা নাই যদিও এই ‘সৰবৰাহ’ ৰ জৰিয়তে হোৱা শোষণ সমূহৰ বিষয়ে আলোচনা কৰা হৈছে । সংবিধানত সৰবৰাহ শব্দটো সাধাৰণ অৰ্থ-ত ব্যৱহাৰ কৰিছিল আৰু ইয়াক ‘যৌন্‌’ ব্যৱসায়ৰ পৰিৱৰ্তে ‘বলপূর্বক শ্ৰম’ বুজাবলৈ ব্যৱহাৰ কৰিছিল।

এচিয়া ডেভেলপমেন্ট বেংকৰ ভাৰতত চলোৱা সমীক্ষা অনুসৰি এইটো স্পষ্ট কৰিছে যে সৰবৰাহ এটা প্ৰক্ৰিয়া য’ত এক দীঘলীয় প্ৰক্ৰিয়াৰে আৰম্ভ হৈ এটা সীমাত শেষ হয় আৰু এই গোটেই প্রক্রিয়াটো-ত তৃতীয় পক্ষ এটাই পৰিচালিত কৰে আৰু ইয়াৰ জৰিয়তে লাভ আহৰণ কৰি থাকে । উদাহৰনস্বৰূপে, যৌন কর্মী বা এই ব্যৱসায়ত জড়িত লোক, সকলক সৰবৰাহিত হোৱা বুলি কোৱা সম্ভৱ নহয়, যৌন কর্মী হৈছে ‘সৰবৰাহ’ প্ৰক্ৰিয়াৰ শেষ অৱস্থা য’ত প্ৰাৰম্ভিক প্ৰক্ৰিয়াত বাল্য বিবাহ, প্ৰতাৰনা, প্রলোভন ইত্যাদি জড়িত থাকে ।

ওপৰৰ সংজ্ঞা কেইটাৰ মাজত যদিও কিছুমান পার্থক্য পৰিলক্ষিত হৈ আছে তথাপিও তিনিটা প্রধান সামঞ্জস্যতা চাৰিটা হৈছে- গতি-বিধি বা চাল চলন বা স্থানান্তৰ, প্ৰতাৰণা বা প্ৰৱঞ্চনা, জোৰ জবৰদস্তি বা যৌনতাৰ ব্যৱসায় আৰু শোষনমুলক কাম । 

মানৱ সৰবৰাহ আৰু শিশু দুর্দশাগ্রস্ততাঃ সৰবৰাহ জনিত বিভিন্ন ঘটনাৱলী আৰু ধৰণ সমূহৰ পৰা এটা কথা স্পষ্ট যে সমাজৰ যিখিনি মানুহ শাৰীৰিক, অর্থনৈতিক আৰু মানসিকভাৱে দুৰ্বল ব্যক্তি সকল সহজতে সৰবৰাহৰ কৱলত পৰে । এইবাবে শিশু সকল আটাইতকৈ বেছি আশংকাজনক হয় । শিশু এটাৰ দৈহিক, মানসিক বিকাশ কম হোৱা তেওঁলোকক সহজতে লক্ষ্য হিচাপে লয় । ইয়াৰ কাৰণ হৈছে—

(ক) শিশু সকল সহজতে প্রলোভিত হয়।

(খ)ভাল বেয়া বিচাৰ কৰিব পৰাকৈ মানসিকভাৱে বিকশিত নহয়।

(গ) ছোৱালী বিলাক বহু লিংগ বৈষম্যৰ বলি হয়।

(ঘ) শিশু বিলাক অতি মৰম আকলুৱা সৰবৰাহ বা শিশু সৰবৰাহ-ৰ কাৰণ সমূহ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপত্ৰত পর্যালোচনা কৰিলে ইয়াৰ বহু কেইটা দিশ উন্মোচিত হয় । 

শিশু সৰবৰাহ সমগ্ৰ বিশ্বতে গা কৰি উঠাৰ বাবে বিশ্বৰ সকলো ঠাইতে থকা কিছুমান সমস্যা বা কাৰকেহে এই প্ৰক্ৰিয়াত আওপকীয়াকৈ ইন্ধন যোগোৱা বুলি মন্তব্য কৰে । 

বৰ্তমান সমাজত ঘটি থকা এই সমস্যা সমূহ হ’লঃ

১. লিংগ বৈষম্য বা লিংগভিত্তিক সংঘর্ষ।

২. শিক্ষা আৰু সজাগতাৰ অভাৱ।

৩. দৰিদ্ৰত।

৪. ভগ্ন পৰিয়াল ব্যৱস্থা বা যুটীয়া পৰিয়াল ব্যৱস্থাৰ বিলোপ্তি। 

৫. ঘৰুৱা অশান্তি।

৬. নিবনুৱা সমস্যা।

৭. বানপানী বা আন প্রাকৃতিক দুর্যোগ।

৮. সামাজিক অৰাজকতা, নৈৰাজ্যবাদী ভাৱধাৰা তথা বিশ্বায়ণৰ প্ৰভাৱ।

৯. গোষ্ঠীগত সংঘর্ষ, সাম্প্রদায়িক সংঘর্ষ।

১০. সামৰিক বাহিনীৰ অত্যাচাৰ, গৃহ যুদ্ধ।

১১. সামাজিক মূল্যবোধৰ অৱক্ষয়, নৈতিক স্খলন। 

4. অনৈতিক মানৱ সৰবৰাহ নিবাৰণ আইন ১৯৫৬ সম্পর্কে কি জানা লিখা?

উত্তৰঃ সমাজত হৈ থকা অনৈতিক মানৱ সৰবৰাহ বৰ্তমান সমাজত এটা প্ৰত্যাহ্বান হৈছে। এনে সৰবৰাহ কৰা লোকৰ শাস্তি বিহাৰ লগতে এনে কাৰ্য্য বন্ধ কৰিবৰ বাবে চৰকাৰে এখন আইন প্রণয়ন কৰিছে এই আইনখনেই হ’ল ‘অনৈতিক মানৱ সৰবৰাহ নিবাৰণ আইন ১৯৫৬’।

কোন এই আইনৰ অপৰাধী হয়ঃ পতিতাবৃত্তিৰ বাবে ব্যৱহাৰ কৰা আবাস গৃহৰ গৰাকী/মালিকসকল।

পতিতা বৃত্তিত জড়িত কৰোৱা।

পতিতাবৃত্তিত জড়িত কৰিবৰ বাবে ধন লোৱাসকল। 

আনৰ পতিতাবৃত্তিৰ পৰা উপাৰ্জন লাভ কৰাসকল। 

যৌন উৎপীড়নৰ বাবে পতিতালয়লৈ নিয়া লোকসকল। 

পতিতালয়ত আবদ্ধ কৰি ৰাখোতা ।

আইনে কি শাস্তি প্রদান কৰিব

পতিতা বৃত্তিৰ বাবে ব্যৱহাৰ কৰা আবাসগৃহৰ গৰাকীক ২ বছৰৰ পৰা ৭ বছৰ পৰ্য্যন্ত সশ্রম কাৰাদণ্ড আৰু ২ লাখ টকা জৰিমনা। 

পতিতাবৃত্তিত জড়িত কৰা বা পতিতা বৃত্তিৰ বাবে লৈ যোৱা ব্যক্তি গৰাকীক ৩ বছৰৰ পৰা ৭ বছৰলৈ সশ্রম কাৰাদণ্ড আৰু ২ হাজাৰ টকা জৰিমনা।

ইচ্ছাৰ বিৰুদ্ধে এই কামত জড়িত কৰালে ৭ বছৰৰ পৰা ১৪ বছৰলৈ কাৰাদণ্ড।

এই কামত শিশু জড়িত কৰালে ৭ বছৰ সশ্রম কাৰাদণ্ডৰ লগতে যাৱজ্জীৱন কাৰাদণ্ড হ’ব।

পতিতা বৃত্তিত জড়িত কৰাই সেই উপাৰ্জনৰে দিন কটোৱা সকলক ২ বছৰ কাৰাদণ্ড আৰু ১ হাজাৰ টকা জৰিমনা ৷ 

কি এই ক্ষেত্ৰত শিশুক জড়িত কৰালে ৭ বছৰ সশ্রম কাৰাদণ্ড আৰু ১০ বছৰ পৰ্য্যন্ত কাৰাদণ্ড হ’ব।

যৌন উৎপীড়নৰ বাবে পতিতালয়লৈ যোৱা অপৰাধীসকলক ৩ মাহৰ পৰা ৬ মাহ পৰ্য্যন্ত কাৰাদণ্ড আৰু ২৫ হাজাৰ পৰা ৫০ হাজাৰ পৰ্যন্তি জৰিমনা।

(ক) যিকোনো ঘৰ বা কোঠা য’ত কোনো ব্যক্তিক যৌন উৎপীড়ন চলোৱা হয় সেই ঠাইখনেই পতিতালয়। 

(খ) ১৮ বছৰৰ তলত সকলো ল’ৰা ছোৱালীকে এই আইনখনে শিশু বুলি গণ্য কৰে।

(গ) সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰি যিবোৰ ব্যক্তিক, শিশুক মানসিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ যি ঠাইত ৰখা হয় তাকেই আশ্রয় গৃহ বোলা হয়।

(ঘ) আশয়গৃহত ব্যক্তি বা শিশুসকলক শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰা হয়।

(ঙ) ব্যৱসায়ৰ বাবে কোনে। লোকক উৎপীড়ন চলোৱাক পতিতা বৃত্তি বুলি কোৱা হয়।

(চ) ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে এনে ব্যক্তিসকলক উদ্ধাৰ কৰাৰ বাবে আৰক্ষী বিষয়াক নিয়োগ কৰে।

5. Analyse the measures adopted by the Government of India with regard to women Welfare. 

or

Short Notes Welfare programmes for victimised women. 

উত্তৰঃ ব্ৰিটিছ শাসনৰ অন্তিম পৰ্যায়ত সূচনা হোৱা নাৰীৰ প্ৰস্থিতিৰ উচ্চাভিমুখী পৰিৱৰ্তনৰ যথাৰ্থতা প্রকাশ পায় স্বাধীনোত্তৰ কালত। স্বাধীনোত্তৰ কালত নাৰী কল্যাণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হয়। ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদত পুৰুষ আৰু নাৰীৰ সম অধিকাৰ স্বীকাৰ কৰা হৈছে যদিও ৰাজ্যিক চৰকাৰৰ প্ৰয়োজন অনুসৰি নাৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছে। মৌলিক অধিকাৰৰ লগত সংলগ্ন ১৪, ১৫ আৰু ১৬ অনুচ্ছেদচ এইদৰে উল্লেখ আছে যে পুৰুষ নাৰী নির্বিশেষে সকলো আইনৰ চকুত সমান, আইনৰ দ্বাৰা উভয়ে একেই নিৰাপত্তা পাব আৰু চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সমান সা-সুবিধা লাভ কৰিব। এই সাংবিধানিক দৃষ্টিভংগী বা ব্যৱস্থাসমূহ নাৰী সমাজৰ উন্নতিৰ ক্ষেত্ৰত অভিলেখ স্বৰূপ। যি কি নহওক নাৰীৰ সামগ্রিক উন্নতিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যেনে—

(ক) নাৰী অধিকাৰ আৰু প্ৰস্থিতই।

(খ) শিক্ষা।

(গ) স্বাস্থ্য।

(ঘ) আর্থিক স্বাধীনতা।

(ঙ) নাৰী কল্যাণ আঁচনি।

(চ) পৰিয়াল আৰু সম্প্ৰদায়ত ন্যাৰ্য অধিকাৰ।

(ছ) প্ৰতাৰিত বা সমাজৰ বলি হোৱা নাৰীসকলৰ বাবে। কল্যাণমূলক ব্যৱস্থা।

(জ) নাৰী কল্যাণ সংগঠনৰ ভূমিকা।

(ক) নাৰী অধিকাৰ আৰু প্ৰস্থিতিৰ বিকাশ সাধনঃ স্বাধীনোত্তৰ কালত নাৰীৰ সামাজিক অধিকাৰ আৰু প্ৰস্থিতিৰ সন্দৰ্ভত কেইবাখনো সামাজিক অধিনিয়ম গ্ৰহণ কৰা হয়। হিন্দু বিবাহ আইন অনুসৰি বহুবিবাহ অপৰাধ বুলি বিবেচিত হয় আৰু পুৰুষ আৰু নাৰী উভয়কে বিবাহ বিচ্ছেদৰ অনুমতি দিয়া হয়। হিন্দু উত্তৰাধিকাৰ আইন অনুসৰি স্বামীৰ মৃত্যুৰ পাছত পত্নীয়ে স্বামীৰ সম্পত্তিৰ অধিকাৰ লাভ কৰে। হিন্দু শিশু আৰু অভিভাৱকত্ব আইন মতে ৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ তত্ত্বাৱধানৰ দায়িত্ব মাকৰ হাতত তুলি দিয়া হয়। সেইদৰে হিন্দু সংপালিত আৰু প্রতিপালিত আইন অনুসৰি হিন্দু নাৰীয়ে কোনো সন্তান নিজৰ নামত তুলি লোৱাৰ অধিকাৰ লাভ কৰে আৰু যৌতুক নিবাৰণী আইন মতে যৌতুক দিয়াজনক ছমাহৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা আদায় কৰা হয়। একেই শাস্তিমূলক ব্যৱস্থা যৌতুক দাবী কৰাজনৰ ক্ষেত্ৰতো প্রযোজ্য হয়। এই অধিনিয়মখন সংশোধন কৰি ১৯৮৪ চনৰ ১০ আগষ্টত লোকসভাই Dowry Prohibition (Amendment Bill) খন প্ৰৱৰ্তন কৰে। এই একেই মাহতে ily Court Bill খনো প্ৰৱৰ্তন হয়।

(খ) নাৰী শিক্ষাৰ সম্প্ৰসাৰণঃ The Central Society Welfare Board এ দুটা প্রধান উদ্দেশ্য লৈ প্রাপ্তবয়স্ক মহিলাৰ বাবে সুষম শিক্ষাৰ পাঠ্যক্ৰম ১৯৫৮ [Condensed of Education for Adult Women, 1958] এই আঁচনি আৰম্ভ কৰে। এই আঁচনিৰ উদ্দেশ্য হ’ল অভাৱগ্ৰস্ত আৰু যোগ্য নাৰীক সংস্থাপনৰ সুবিধা দিয়া আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলত প্রশিক্ষণপ্রাপ্ত তথা সুদক্ষ কৰ্মীৰ উৎপাদনৰ বাবে ১৯৫৮ চনত প্রাপ্তবয়স্ক শিক্ষাৰ সূচনা কৰা হয়।’ইয়াত অন্তৰ্ভূক্ত হৈছে প্ৰধানকৈ প্রাথমিক স্কলৰ শিক্ষয়িত্ৰী বা সেৱিকা, নাৰ্চ, স্বাস্থ্য, পৰিদৰ্শক, পৰিচালিকা আৰু পৰিয়াল পৰিকল্পনাৰ কৰ্মচাৰী। ইয়াৰ উপৰিও এই আঁচনিৰ অধীনত ১৮ বছৰৰ ভিতৰত স্কুলৰ শিক্ষা লাভ কৰা মহিলা মহিলাসকলক দুবছৰৰ ভিতৰত মেট্ৰিক পৰীক্ষা দিয়াৰ বাবে উপযুক্ত কৰি তোলাৰ ব্যৱস্থা লোৱা হয়। ১৯৭৫-৭৬ চনৰ পৰা নতুন আনুসংগিক আঁচনি হিচাপে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাসকলৰ বাবে এবছৰীয়া vocational training course মূল আঁচনিত যোগ দিয়া হয়।

(গ) স্বাস্থ্য সেৱাঃ স্বাধীনোত্তৰ পাছত সাধাৰণ স্বাস্থ্য সম্বন্ধীয় সা-সুবিধা আগবঢ়োৱা ওপৰিও গৰ্ভৱতী মহিলাৰ বাবে বিশেষ সা-সুবিধা আগবঢ়োৱা হৈছে। এই উদ্দেশ্যে বহুতো মাতৃ আৰু শিশু কল্যাণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বৰ্তমান বহুতো চৰকাৰী বিভাগেও মহিলা আৰু শিশুসকলৰ বাবে চিকিৎসা সেৱা আগবঢ়াইছে। ৰাজ্য চৰকাৰে চাকৰিয়াল মহিলাসকলৰ বাবে Maternity benefits act প্রণয়ন কৰিছে। The employees state insurance act, 1948 প্ৰৱৰ্তনৰ দ্বাৰা কিছুমান কাৰণত মহিলাসকলৰ বাবে Central social welfare board এ পৰিচালনা কৰা Community development programme আৰু Welfare extension project ৰ অধীনত এনে সা-সুবিধা আগবঢ়োৱা হৈছে। নাৰী স্বাস্থ্যৰ লগত জড়িত আন এটা দিশ হ’ল পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা পঞ্চবার্ষিক পৰিকল্পনাৰ দ্বাৰা আৰু ভাৰতৰ বহুতো মহিলা সংগঠন আৰু পৰিয়াল পৰিকল্পনা সংস্থাই এই দিশত বহুতো ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন ঠাইত পৰিয়াল পৰিচালনা কেন্দ্ৰও স্থাপন কৰিছে।

(ঘ) আর্থিক স্বাধীনতাঃ আমাৰ সংবিধানে নিয়োগৰ ক্ষেত্ৰত পুৰুষ নাৰীৰ ভিতৰত কোনো বৈষম্য ৰখা নাই। তথাপি কিছুমান বিশেষ নিয়োগ্যতাৰ বাবে মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ আইন সংগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাকৰিয়াল মহিলাসকলৰ বাবে লোৱা পৰিকল্পনাসমূহ কেইটামান ভাগত ভাগ কৰিব পাৰি—

(ক) কাৰাখানাৰ কৰ্মী।

(খ)বাগিচা আৰু খনীৰ কৰ্মী। 

(গ) নগৰীয়া পৰিয়াল কল্যাণ আঁচনি।

(ঘ) জনকল্যাণ সম্প্ৰসাৰণ আঁচনি।

(ঙ) ৰাজ্যিক নাৰী কল্যাণ বিভাগ।

(চ) কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ। 

(ছ) পৰিয়াল আৰু শিশু কল্যাণ প্রকল্প।

(জ) প্ৰতাৰিত বা সমাজৰ বলি হোৱা নাৰী কল্যাণ আঁচনি

প্ৰতাৰিত নাৰীসকলৰ ভিতৰত পৰে নৈতিক অধঃপতন, অপৰাধী, আর্থিক ক্ষেত্ৰত পৰনিৰ্ভৰশীল, বিধৱা আৰু শাৰীৰিক আৰু মানসিকভাৱে অক্ষম।

পতিতালয়ঃ পতিতালয়ৰ জন্ম সাধাৰণতে দুটা কাৰণ হয়। 

— অবিবাহিত মহিলা সামাজিক অপবাদ বা কলংকৰ বাবে এনে বৃত্তি ল’বলৈ বাধ্য হয়।

– দৰিদ্ৰতা, যাৰ বাবে জীৱন-নিৰ্বাহৰ উপায় হিচাপে এই পথ বাচি লয়।

প্ৰতিপাদন সেৱাঃ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ওলাই অহা নিৰাশ্ৰয় মহিলাসকলক সাময়িকভাৱে আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰাটো এই আঁচনিৰ উদ্দেশ্য। মহিলাসকলৰ পুনৰসংস্থাপনৰ বাবেও এই আঁচনিয়ে ব্যৱস্থা গ্ৰহণ কৰে। পৰিত্যক্ত আৰু 

শাৰীৰিকভাৱে অক্ষম মহিলাঃ দেশৰ এনে মহিলাসকলৰ প্ৰয়োজনীয় সাহাৰ্য প্ৰদানৰ বাবে ৰাজ্যিক সমাজ কল্যাণ বিভাগ আৰু কেন্দ্রিয় সমাজ কল্যাণ বিভাগে আর্থিক সাহার্য প্ৰদান কৰিছে।

— নাৰী কল্যাণ সংগঠনৰ ভূমিকা নাৰী কল্যাণ সংগঠন প্ৰধানকৈ দুই প্ৰকাৰৰ—

(ক) ক্ষুদ্র স্থানীয় সংস্থা, যিবোৰে প্ৰত্যক্ষভাৱে জনকল্যাণ সেৱাৰ লগত জড়িত। যেনে— অনাথ আশ্ৰম আৰু বিধৱাৰ বাসস্থানৰ ব্যৱস্থা কৰা।

(খ) আন কিছুমান সংগঠন আছে যিবোৰে কল্যাণমূলক সেৱা বিস্তৃত অঞ্চলত আগবঢ়াইছে। এইবোৰে মহিলাসকলৰ ভাগ্য উন্নতিৰ বাবে প্ৰচাৰ চলায় আৰু নিজৰ শাখাৰ সহায়ত প্ৰত্যক্ষভাৱে বা স্থানীয় শাখাত আর্থিক সাহার্য দি পৰোক্ষ ভাৱে কল্যাণমূলক সেৱা আগবঢ়ায়। এনে কিছুমান মহিলা কল্যাণ সংগঠন হৈছেসদৌ ভাৰত মহিলা অধিবেশন, ভাৰতৰ জাতীয় মহিলা পৰিষদ, নৈতিক আৰু সামাজিক স্বাস্থ্যসেৱা পৰিষদ, ভাৰতৰ খ্ৰীষ্টান বালিকা মহিলা সংস্থা, কস্তৰবা গান্ধী স্মৃতি ন্যাস ইত্যাদি। 

বর্তমান সময়ত মহিলা কল্যাণ আঁচনি।

(ক) মহিলা সমৃদ্ধি যোজনাঃ

(খ) ভাৰতীয় মহিলা যোজানাঃ

(গ) গ্ৰাম্য শিশু আৰু মহিলা উন্নয়ন আঁচনিঃ

(ঘ) প্রধানমন্ত্রী সংহত নগৰীয়া মহিলাৰ দৰিদ্ৰতা দূৰীকৰণ আঁচনিঃ ইয়াৰ উপৰিও জৱাহৰ যোজনা আঁচনিৰ অধীনত মহিলাসকলৰ নিয়োগৰ বাবে ৩০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে। 

সেইদৰে চৰকাৰৰ পৃষ্ঠপোষকতাত নাৰীসকলক অর্থনৈতিক স্বাৱলম্বিতা প্ৰদানৰ উদ্দেশ্যেৰে আত্মসহায়ক গোট গঠন কৰে। এই গোটক চৰকাৰে বেংকৰ জৰিয়তে ঋণ প্রদান আৰু গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বজাৰ তৈয়াৰ কৰাটো সহায় কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰসমূহেও মহিলা কল্যাণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যেনে— পঞ্চায়তত ৩৩ আসন সংৰক্ষণ, চৰকাৰী চাকৰি, ঠিকা-ঠুকলিত ৩০ শতাংশ আসন সংৰক্ষণ, মহিলাৰ প্ৰসূতি ছুটী ৭০ দিনৰ পৰা ১৩৫ দিনলৈ বৃদ্ধি, ইন্দিৰা আৱাস যোজনা, ৰন্ধনজ্যোতি ইত্যাদি। ইয়াৰ উপৰিও প্ৰতিখন আৰক্ষী থানাত মহিলা আৰক্ষী কোষ গঠন, ৱোৱণী শিপিনীক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যেৰে প্ৰতি বিধানসভা সমষ্টিত পাঁচ হেজাৰ শিপিনীলৈ বিনামূলীয়া সূতা যোগান আদি ব্যৱস্থা গ্ৰহণ কৰিছে। 

6. যৌতুক প্রথা নিবাৰণৰ পৰামৰ্শঃ

উত্তৰঃ ১) সমাজৰ সকলো শ্ৰেণীৰ লোককে শিক্ষিত কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। শিক্ষাৰ জৰিয়তে যৌতুকৰ ফলত সৃষ্টি হোৱা সামাজিক সমস্যা সম্পর্কে সকলো ব্যক্তিকে অৱগত কৰা উচিত। নতুন চাম পুৰুষে যৌতুক প্রথাৰ বিৰুদ্ধাচৰণ কৰি সমাজত এক আদর্শ গঢ়ি তুলিব লাগে। শিক্ষিত যুৱতীসকলে যৌতুক বিচৰা যুৱকৰ সৈতে বিবাহ প্রত্যাখ্যান কৰা উচিত।

২) চৰকাৰী বা বেচৰকাৰী পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱক সংগঠনসমূহৰ জৰিয়তে যৌতুক প্রথাৰ দৰে সমাজৰ অনিষ্ট কাৰক সমস্যা এটা বিভিন্ন দিশবোৰ সকীয়াই জনমত গঠন কৰি সমাজৰ পৰা ইয়াক নিবাৰণ কৰাৰ বাবে সহায়-সহযোগত বিচাৰিব লাগে। যিহেতু জনসাধাৰণৰ সমৰ্থন, সহায়-সহযোগৰ অবিহনে কোনো আইন বাস্তৱসন্মতভাৱে কৃতকার্য হ’ব নোৱাৰে। স্বেচ্ছামূলক সংগঠনসমূহে যৌতুক প্রথাৰ অনিষ্টকৰ দিশসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কাৰ্য চলোৱা উচিত। এই সংগঠনসমূহে কোনো পৰিয়ালত যৌতুকৰ সন্দৰ্ভত বিবাদ সংঘটিত হলে তাত হস্তক্ষেপ কৰি পৰিয়ালৰ মাজত সৌহার্দ্য্যমূলক পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰিব লাগে।

৩) নাৰী শিক্ষাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ লগতে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নাৰীৰ বাবে ব্যৱস্থা কৰা উচিত। ৰাজনৈতিক দিশবিলাকত যাতে নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নাৰীৰ সমস্যাসমূহৰ বিষয়ে নিজেও নীতি নিৰ্ধাৰণ কৰাত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে লোকসভা আৰু ৰাজ্যসভাত সংৰক্ষণ ব্যৱস্থা কৰা উচিত। এইক্ষেত্ৰত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ ৩৩ শতাংশ নাৰীৰ বাবে সংৰক্ষণ ব্যৱস্থা প্রশংসনীয়।

৪) জনসংযোগ মাধ্যমসমূহ উদাহৰণস্বৰূপে দূৰদৰ্শন, ৰেডিঅ’, আলোচনী, বাতৰিকাকত, চিনেমা, ভ্রাম্যমাণ নাট্যদল ৰাজহুৱা সভা আদিবিলাকে সমাজৰ বাবে যৌতুক প্রথাৰ কু-ফলবোৰ পৰ্য্যালোচনা কৰি ইয়াৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তুলিব পাৰে। অশিক্ষিত মানুহৰ বাবে দূৰদৰ্শন ৰেডিঅ’, চিনেমা আৰু নাটক বেছি কাৰ্যকৰী হ’ব পাৰে। ভ্ৰাম্যমাণ নাটকসমূহ অন্তর্ভুক্ত এখন নাটকৰ জৰিয়তে যৌতুকৰ বিৰুদ্ধে বক্তব্য ৰখাটো বাধ্যতামূলক হোৱাটোও অযুক্তিকৰ নহয়। অৱশ্যে অন্যান্য সামাজিক সমস্যাবোৰকো নুই কৰিব পৰা নাযাব।

৫) শ্রেণীকোঠাত শিক্ষকসকলে মুকলিভাৱে যৌতুকৰ অনিষ্টাকাৰী দিশবোৰৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া উচিত। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই সমস্যাসমূহক লৈ বক্তৃতা অনুষ্ঠান কৰা উচিত। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গ্রাম্য অঞ্চললৈ গৈ যৌতুকৰ অপকাৰিতাৰ সম্পৰ্কে প্ৰচাৰ চলোৱা উচিত। 

7. লিংগৰ ধাৰণা, লিংগ বৈষম্য আৰু নাৰী সম্পর্কে এটি আলোচনা কৰা?

উত্তৰঃ নাৰীৰ অন্য এটি ৰূপেই হৈছে মমতাময়ী। নাৰীৰ অন্য এতি ৰূপেই হৈছে সন্তানৰ হৃদয়ত ঝংকাৰ সৃষ্টি কৰা এটি পবিত্র সম্পর্ক মা। গতিকে এই নাৰীৰ বিষয়ে ক’বলৈ যোৱাৰ আগতেই লিংগৰ ওপৰত আমাৰ ধাৰণা কি এই সম্পর্কত কিছু আলোচনা কৰিব লাগিব৷ এতিয়া প্ৰশ্ন হ’ল, লিংগ কি? ই হৈছে পৰম্পৰাগত ভাৱে প্ৰাকৃতিক। কিন্তু বাস্তৱ ক্ষেত্ৰত ই হৈছে এক অপ্রাকৃতিক সৃষ্টি। যি কেৱল শ্রম বিভাজনৰ বাবেহে সমাজৰ এক মনস্তাত্বিক ধাৰণা মাত্র। 

অসমীয়াত লিংগ শব্দটো ইংৰাজীত চে’ আৰু জেণ্ডাৰ। গতিকে দুয়োটা শব্দৰ মাজত থকা পার্থক্যক একাকাৰ নকৰিব। কিয়নো ইংৰাজীত চে’ আৰু জেণ্ডাৰৰ মাজত থকা পার্থক্যক সহজে বুজাবৰ বাবেই কোনো কোনোৱে অসমীয়াত জৈবিক লিংগ আৰু কৃত্ৰিম লিংগ এই শব্দ দুটা ব্যৱহাৰ কৰিছে। অসমীয়াত চে’ অৰ্থাৎ জৈবিক যি সদায়ে প্রাকৃতিক লিংগ আৰু জেণ্ডাৰ অৰ্থাৎ কৃত্রিম যি সদায় অপ্রাকৃতিক বা পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হোৱা লিংগক বুজায়। ইফালে লিংগৰ সম্পৰ্কত Kamla Bhasin এ কৈছে, “ Gender refers to the sociocultural definition on of man and woman, the way societies distinguish man and woman assign them social roles.

আচলতে নাৰীৰ প্ৰতি যি বৈষম্য সৃষ্টি ই এক পুৰণি ইতিহাস। এই সম্পৰ্কত ফ্ৰেইডৰিক এংগেলছে তেওঁৰ বিখ্যাত গ্রন্থ “ The origin of the family private property and the state“ ত কৈছে, পৰিয়াল আৰু ব্যক্তিগত সম্পত্তিৰ ধাৰণাই হৈছে লিংগ পৃথকীকৰণৰ মূল কাৰণ”। তেওঁ এনেদৰে এই বাবেই কৈছে, কিয়নো আদিম যুগত এনে লিংগ বৈষম্য বৰ্তমানৰ দৰে উদ্ধৰ্ত নাছিল। মানুহে যেতিয়াই পৰিয়াল পাতি সমাজ ব্যৱস্থাৰে নিগাজিকৈ থাকিবলৈ ল’লে তেতিয়াৰ পৰাই ব্যক্তিগত সম্পত্তিৰ প্ৰতি মোহ উপজিল আৰু মহিলা সকলক কামৰ বিভাজনেৰে আভ্যন্তৰীণ কাম-কাজত যেনে ভাত ৰন্ধা, কাপোৰ ধোৱা, বাচন ধোৱা, ছাহ ৰুটি বনোৱা, ঘৰ-দুৱাৰ চফা কৰা, সন্তান জন্ম দি প্ৰতিপাল কৰা ইত্যাদি বিভিন্ন ভিতৰৰ কামত নিয়োগ কৰি দিলে। যাৰ বাবে এই ব্যৱস্থাই মহিলা সকলক ইমানেই ভিতৰলৈ সুমুৱাই দিলে যে, নাৰী নিজৰ ঘৰখনৰ আগফালৰ চোতাললৈ ওলোৱাটোও এক সামাজিক অপৰাধ হৈ পৰিল ৷ 

আনকি অলপ ডাঙৰকৈ হাঁহিলেও সেই নাৰীৰ স্ফভাৱ বেয়া, মুখলৈকে ঢাকি উৰণি নললে সেই নাৰীৰ চৰিত্ৰ বেয়া বুলি নাৰীক পুৰুষ তান্ত্ৰিক সমাজে স্ফীকৃতি দিব পৰা হ’ল। এটা কথা ঠিক, যে কিছুমান সামাজিক সাজে সমাজ খনক সুস্থ কৰি ৰাখে। কিন্তু কেৱল নাৰীয়ে কিয়? নাৰীৰ মুখ মণ্ডল দেখিলেই যদি পুৰুষৰ উত্তেজনা সৃষ্টি হয় তাৰ বাবে জানো দোষ সেই নাৰী গৰাকীৰ । যাৰ বাবে তেওঁ পুৰুষৰ ভয়ত গৰম কি ঠাণ্ডা, বাহিৰ কি ভিতৰ সকলোতে মুখ মণ্ডল দীঘল কাপোৰেৰে ঢাকি ৰাখিব লাগে। নে পুৰুষ সকল চিফিলিছৰ ৰোগী? পুৰুষ সকলেনো কিয় নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে? ইফালে আৰু কিছুমান মানুহ আছে যি সকলে ধৰ্মক দোহাইদি নাৰীক কেৱল চকু দুটাৰ বাহিৰে সম্পূর্ণ দেহ অপ্রয়োজনীয় ভাবে ক’লা কাপোৰেৰে ঢাকি ৰখাই। 

এয়া নাৰীক কৰা চূড়ান্ত অপমান। নাৰীৰ সাধাৰণ অংগ এটা দেখিলেও যদি পুৰুষ সকল কুকুৰ গৰু মেকুৰীৰ দৰে থাকিব নোৱাৰা হয়, তেতিয়া সেই পুৰুষ সকলেহে নিজৰ চকু দুটা কাপোৰেৰে বান্ধি থওক। যদি আপুনি চিফিলিছৰ ৰোগী হয় চিকিৎসা কৰক। যদি সুফল নাপায় পৃথিৱীৰ পৰা সোনকালেই নাইকীয়া হোৱাৰ কিবা পথ বাছি উলিয়াই লওক। অন্তত: আপোনাৰ নিচিনা পুৰুষৰ বাবে এই নাৰী সকলক কিছুমান সামাজিক নিয়মক দোহাই দি হাৰাশাস্তি নকৰিব। যদি খাদ্য ইয়াৰ বাবে জগৰীয়া হয়, তেতিয়া খাদ্য সংস্কাৰ কৰক।

লিংগ বৈষম্যক উদগনি যোগোৱা আৰু কিছুমান কাৰণ আছে। উদাহৰণ স্বৰূপে নিৰক্ষৰতা, স্বাধীন হৈও নিজেই পৰাধীন হৈ থাকিব খোজা ইত্যাদি। কিন্তু এই আটাইবোৰ বিষয়ক সামৰি বিশেষকৈ লিংগ পৃথকীকৰণৰ মূল কাৰণ কেইটাৰ ভিতৰত প্ৰথম হ’ল- পৰিয়াল। কিয়নো শিশুটি জন্ম হওঁতেই পৰিয়ালৰ ফালৰ পৰা এই লিংগ পৃথকীকৰণ প্ৰক্ৰিয়াটোৱে গজালি মেলে। 

তদুপৰি পৰিয়াল পাতি বসবাস কৰাৰ পিছতো, আনকি অর্ধাংগিনী(পতিৰ আধা) হোৱাৰ পিছতো পৰিয়ালৰ যিকোনো সিদ্ধান্ত লোৱাতো পিছৰে কথা নাৰী গৰাকীয়ে নিজে নিজৰ কোনো কামৰ সিদ্ধান্ত ল’ব পৰা ক্ষমতা কনো হেৰুৱাই পেলাই। ইফালে ভ্রূণ হত্যা আছেই। যদি শিশুটো ছোৱালী বুলি গম পায় তেতিয়া গৰ্ভতে তাক নষ্ট কৰি পেলাই। যদি নজনাকৈ জন্মও হয় তেতিয়া সেই শিশুটি পৰিয়ালৰ পৰা, মৰম আদৰৰ পৰা, শিক্ষা আদি সকলো অধিকাৰৰ পৰা অৱহেলিত তথা বঞ্চিত হয়। বর্তমানো মাজে মাজে বাল্য বিবাহ দেখা যায়। অৱশ্যে এতিয়া এটা নতুন জাগৰণৰ সৃষ্টি হৈছে। শিক্ষিত নহয়, এমুঠিতকৈ অলপ বেচি জ্ঞানী পৰিয়ালে বা সংসাৰ এখনে ল’ৰা আৰু ছোৱালীৰ মাজত কোনো পার্থক্য ৰাখিব নিবিচাৰে। তেওঁলোকক যদি দুটা সন্তান লাগে তাৰে এটা কিন্তু ছোৱালী হোৱাটো বুকুৰ পৰা কমনা কৰে। এই সকলৰে আকৌ এচামে কিন্তু বর্তমান কিছুমান ল’ৰাই সমাজত কৰা অসভ্যালী বোৰৰ বাবেহে ছোৱালীক ভাল পায় আৰু এটা ছোৱালী সন্তান কামনা কৰে । 

সেইখিনি মানুহে কিন্তু আপোনা আপুনি ছোৱালী সন্তানৰ প্ৰতি নিজা মন বিবেকেৰে আকৃষ্ট হোৱা নাই। পৰিয়ালৰ উপৰিও আন তিনিটা কাৰণ হৈছে সমাজ, ৰাজনীতি আৰু অর্থনীতি। মুঠৰ ওপৰত এইটো স্পষ্ট যে, পৰিয়াল, সমাজ, ৰাজনীতি, অর্থনীতি যিয়ে নহওক কিয় এই ব্যৱস্থাবোৰৰ মূল মানুহ পুৰুষ সকলে তেওঁলোক নিজেই বুলি ভাবে। গতিকে এক কথাত কবলৈ গ’লে পিতৃতান্ত্রিক সমাজ ব্যৱস্থাই হৈছে নাৰী জাতিৰ প্ৰধান শত্ৰু৷ ছিলভিয়া ওৱালবি নামৰ বিখ্যাত চিন্তাবিদ গৰাকীয়ে তেওঁৰ বিখ্যাত গ্রন্থ Theorizing patriarcy ত উল্লেখ কৰিছে, “পিতৃতন্ত্ৰ হৈছে সামাজিক গাঁথনিৰ এক পদ্ধতি, য’ত পুৰুষে নাৰীক দমন, উৎপীড়ন আৰু শোষণ কৰে”। 

নাৰীবাদ সম্পর্কে যদি ছোৱা হয়, ই কিন্তু ইমান নতুন বিষয় নহয় । কেইবাটাও শতিকাৰ আগৰ পৰায়ে নাৰী মুক্তি বা নাৰী স্বাধীনতাৰ বাবে কেৱল নাৰীয়ে নহয় কেইবাগৰাকী নাৰীবাদী পুৰুষেও বিখ্যাত বিখ্যাত গ্রন্থ ৰচনা কৰি এক প্ৰকাৰৰ বৌদ্ধিক আন্দোলন কৰি গৈছে। যাতে নাৰীয়ে পূর্ণ স্বাধীনতাৰে পুৰুষৰ দৰেই মুক্ত আকাশৰ তলত স্ব-বিবেকেৰে নিজৰ শক্তিৰে আগবাঢ়ি যাব পাৰে। এমুঠি মাত্ৰ নাৰী স্বাধীন হোৱা মানেই সমগ্ৰ নাৰী জাতিৰ মুক্তিক যে বুজায় এনে নহয়। দুর্ভাগ্যজনক এয়ে যে, এতিয়াও বহু সংখ্যক নাৰীয়ে নিজেই পৰাধীন হৈ থাকিব বিচাৰে। নাৰী জাতিয়ে তেতিয়াহে মুক্তি লাভ কৰিব, যেতিয়া পুৰুষৰ দমন আৰু শোষণ মূলক মগজুত উঠা বহা কৰা সেই পৰাধীন নাৰী সকলেও এটা স্বাধীন মগজুৰে চলাফুৰা কৰিব পৰা হ’ব। 

কিন্তু ইয়াত সেই স্বাধীনতা ৰ কথা কোৱা হোৱা নাই, যি স্বাধীনতা ৰ গইলা লৈ ৯৯ শতাংশ পুৰুষে পুৰুষত্ববাদৰ সংজ্ঞাক বিকৃত কৰি নাৰীক দমন আৰু শোষণ কৰি আছে। মই নিবিচাৰো পুৰুষৰ দৰে নাৰীও এই অসভ্যালী স্বাধীনতাৰ গৰাকী হওঁক। কিন্তু পুৰুষৰ এই শোষণমূলক মানসিকতা যাক পুৰুষে সেয়া পুৰুষৰ স্বাধীনতা বুলি কয় তাক দমন কৰিব পৰাকৈ বা পুৰুষৰ দৰে নাৰীও যে স্বাধীন ইয়াক প্ৰতিষ্ঠা কৰিব পৰাকৈ কিন্তু নাৰী শক্তিশালী হ’বই লাগিব। শোষণকাৰী পুৰুষ সকলেও এটা কথা বুজা উচিত যে, নাৰী আছে বাবেহে আমি নিজকে পুৰুষ বুলি ক’ব পাৰিছো।

নাৰীয়ে প্ৰতিবাদ কৰিব পাৰিব লাগিব৷ নিজৰ লগতে পুৰুষৰো কামাতুৰ, কাঁৱৰা দুবাহুৰ নিৰ্মৰমিয়াল বন্ধনৰ পৰা ওলাই আহিব পাৰিব লাগিব। পত্নীয়ে যেনেকৈ পতিক ভগৱান জ্ঞান কৰে বা সমাজে পত্নীৰ ওচৰত পতিক দেৱতা বা ঈশ্বৰ হিচাবে প্ৰতিষ্ঠা কৰিলে তেনেকৈ পত্নীক পতিৰ ওচৰত কিয় দেবী হিচাপে প্ৰতিষ্ঠা নকৰিলে ৷ পত্নীৰ কাৰণে যদি পতি দেৱতা হ’ব পাৰে পতিৰ কাৰণে পত্নী কিয় অৰ্ধাংগিনী হোৱাৰ পিছতো দেবী হ’ব নোৱাৰে?

নাৰীয়ে নিজেই নাৰীক মুক্ত কৰিবলৈ প্ৰতিজ্ঞা বদ্ধ হ’ব লাগিব । নহলে এই পুৰুষে নাৰীক কেতিয়াও মুক্ত বুলি ঘোষণা নকৰে। গতিকে নিজে নাৰী হৈ নাৰীৰ দেহ প্ৰদৰ্শন কৰি ছবি অকা বা নাৰীয়ে নিজা লেখা মেলাত পুৰুষৰ ওচৰত নাৰীক কামুকী হিচাপে বা পুৰুষৰ কামুক দৃষ্টিৰে আকৰ্ষণ কৰোৱা সহজ লভ্য সাহিত্য সৃষ্টি কৰা ত্যাগ কৰিব লাগিব। পুৰুষক অনুকৰণ নকৰাকৈ নিজা প্ৰতিভাৰে বা নিজা সৃষ্টিৰে নাৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। পুৰুষৰ চকুত লগাকৈ পুৰুষৰ ভোগ্য সামগ্ৰী হিচাপে নিজক তৈয়াৰ কৰাৰ কিছু সংখ্যক নাৰীৰ যি ব্যস্ততা সেয়া ত্যাগ কৰিব পাৰিব লাগিব। অৱশ্যে সৌন্দর্যতাত সকলো ক্ষেত্ৰতে পুৰুষক আকৰ্ষণ কৰোৱাৰ উদ্দেশ্য নাথাকিবও পাৰে। এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো। আজিও কিন্তু পুৰুষ বা নাৰী চিত্ৰকৰে নাৰীৰ দেহ অকাৰ দৰে কোনো পুৰুষ চিত্ৰকৰে পুৰুষক অকা নাই। অতিজলেও যদি লক্ষ্য কৰা যায় এইটো স্পষ্ট যে, পুৰণি মঠ-মন্দিৰ, ৰাজ আট্টালিকাৰ দেৱাল বোৰত শিল কাটি নাৰীৰ ৰূপত এনেকুৱা কৈ কিছুমান পজত ছবি বা মূর্তি বনাই থৈছে সেয়া দেখিলে এনেকুৱা লাগে যেন দেৱালৰ ভিতৰৰ ফালে নাৰীৰ উত্তেজিত অংগ প্ৰদৰ্শনৰ মেলাহে বহিছিল। পুৰুষ আৰু প্ৰকৃতি দুয়ো দুয়োৰে পৰিপূৰক। হোলী গীতটো কোৱা হৈছে এনেদৰে—

প্ৰকৃতি পুৰুষ 

দুয়োৰে নিয়ন্তা মাধব হে

হে কৃষ্ণ তযু পাৱে 

পশিলো শৰণ ।। 

গতিকে নাৰীৰ প্ৰতি পুৰুষ আৰু পুৰুষৰ প্ৰতি নাৰী এনেও দুর্বল। সেয়ে কোনো নাৰীয়ে চিফিলিছত ভোগা পুৰুষ সকলৰ লগতে বাকী সকল পুৰুষকো পুৰুষৰ প্ৰতি থকা দুৰ্বলতাক ইমান সহজকৈ দেখুৱাৰ কোনো প্রয়োজন নাই। আনহাতে যি সকল পুৰুষ চিত্র শিল্পীয়ে কেৱল নাৰীৰ খলা বমা দেহ আকি ভাল পায় তেওঁলোকেও সেই সহজ লভ্য মানসিকতা অচিৰেই ত্যাগ কৰা উচিত। সেই গৰাকী নাৰীক আকক যি গৰাকী নাৰীয়ে দহ গৰাকী নাৰীৰ বাবে, দেশৰ বাবে ভাষা সংস্কৃতিৰ বাবে কিবা এটা কৰি গৈছে।

বর্তমান আইনগত ভাৱে সকলোৰে বাবেই শিক্ষা হোৱাৰ বাবে ছোৱালী সকলেও ল’ৰাৰ দৰে শিক্ষাৰ অধিকাৰ লাভ কৰিছে । তথাপিও এতিয়াও কিছুমান ঠাইত ছোৱালীয়ে পঢ়িনো কি দাল ফালিব এই মানসিকতাৰে নিজৰ মগজু পুটি থোৱা অভিভাৱক নথকা নহয়। এতিয়াও ছোৱালী সন্তান জন্ম হোৱাৰ বাবেই শিশু মাতৃ দুয়োকে : অত্যাচাৰ কৰি হত্যা কৰা অসুৰ নথকা নহয়৷ তাৰ প্ৰমাণ টি ভি টোৰ সন্মুখত বহিলেই, বাতৰি কাকত খন পঢ়িলেই পোৱা যায়। স্বামী বিবেকা নন্দই কৈছে,“কোনো দেশত বা জাতিয়ে যদি নাৰীক সন্মান প্ৰদৰ্শণ নকৰে, তেন্তে তেনে দেশ বা জাতি কেতিয়াও মহান নহয় আৰু ভবিষ্যতেও হ’ব নোৱাৰে। আনহাতে সংস্কৃতত শ্লোক আছে এনেদৰে—

যাময়ো যাতি গোহানি শপ্যন্ত প্রতিপূজিতা: ।

তাতি কৃতাহতানিব বিনশ্যন্তি সমস্তত:।।

অৰ্থাৎ- যি ঘৰত নাৰীক সন্মান কৰা নহয়, যি ঘৰত নাৰীয়ে চকুপানী টুকি থাকিব লগা হয়, সেই ঘৰক নাৰীয়ে অভিশাপ দিয়ে। ভবিষ্যতেও সেই ঘৰে উন্নতি সাধন কৰিব নোৱাৰে আৰু অৱশেষত সেই ঘৰ আৰু বংশৰ বিনাশ সাধন হয়।

শাস্ত্ৰটো কৈছে য’ত নাৰীৰ পূজা হয়, তাত দেৱতা সকলো সন্তুষ্ট হয় আৰু য’ত নাৰীয়ে পূজা নাপায় তাত সকলো যজ্ঞ- কর্ম নিষ্ফল হয়। কিন্তু এইযে পূজা শব্দটো উল্লেখ কৰা হ’ল, ইয়াৰ অৰ্থ কি? নাৰীৰ মূৰ্তি সাজি মন্দিৰত প্ৰতিষ্ঠা কৰি ধূপ, চাকি, ফুলৰ থালি ঘূৰাই মন্ত্ৰ মাতি সেৱা কৰা?

নাৰীক যে কাপোৰ বা বৰজাপিৰ আঁৰতহে থোৱা হৈছিল কেৱল সেয়াই জানো? কেনেকুৱা কিছুমান যে কোনো অন্ধকূপৰ মকৰাৰ জালত উলমি থকা সংস্কাৰৰ কথা দোহাই দি নাৰীক পিতৃতান্ত্ৰিক সমাজখনে শোষণ কৰি আহিছিল সেয়া আজিৰ যি সকল নাৰীয়ে জানিও নুবুজাৰ দৰে হৈ পুৰুষৰ পিঠিৰ ফালে থাকি সকলো ক্ষেত্ৰতে পুৰুষৰ কমৰত ধৰি উঠা বহা কৰি ফুৰিছে, সেইসকল নাৰীৰ বাবেই নাৰীজাতিয়ে কোনোদিন পুৰুষৰ দমন আৰু শোষণৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিব। পুৰুষক বাদ দি নাৰীৰ নিজাকৈ কি একো নাই নেকি? সকলো নাৰীয়ে আত্মমর্যদাৰ বাবে যুঁজ দিবলৈ কেতিয়া শিকিব? অৱশ্যে নাৰীৰ হকে মাত মাতি অহা নাৰীৰ মুক্তিৰ বাবে কাম কৰি অহা এমুঠিমান পুৰুষো নথকা নহয়। 

উদাহৰণ স্বৰূপে লেখাটোত ইতিমধ্যেই কেইবাগৰাকী পুৰুষৰ নাম উল্লেখ কৰা হৈছেই। এই সকলৰ উপৰিও আছিল ৰাজা ৰাম মনোহৰ লোহিয়া, ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ পৰা আৰম্ভ কৰি জ্যোতি প্ৰসাদ আগৰৱলা (“ জ্যোতি প্ৰসাদ আগৰৱলা আৰু নাৰীবাদ” এই সম্পর্কে অন্য এটা লেখাত আলোচনা কৰা হ’ব), ইয়াৰ উপৰিও কেইবাগৰাকীও ৰাজ শাসিত ৰজাও আছিল আৰু বৰ্তমানো এনে পুৰুষৰ উদাহৰণ নথকা নহয়। তছলিমা নাছৰিন এগৰাকী নাৰীবাদী লেখিকা। দু: সাহসী, স্পষ্টবাদী তথা প্ৰতিবাদী নাছৰিনে পুৰুষ শাসিত সমাজত নাৰীৰ দুর্ভোগ দুর্দশা আৰু অৱমূল্যায়নৰ কথা কৈ সমগ্ৰ নাৰীক উত্তৰণৰ ইংগিত দিছে। নাৰীক ইন্ধন যোগাইছে নাছৰিনে। আনহাতে নাৰীক সমালোচনাও কৰিছে। তাকো গঠনমূলক। যাতে নাৰীয়ে নিজৰ ভুল বোৰ দেখি শুনি জানি বুজি নিজক শুধৰাব পাৰে।

আজিৰ শোষিত নাৰীয়ে পুৰুষৰ কান ঘোলা হোৱাকৈ ‘পুৰুষত্ববাদ’ প্ৰকৃততে কি এই কথা চিঞৰি চিঞৰি সুধিব পাৰিব লাগিব ৷ পুৰুষত্ববাদৰ সংজ্ঞাক বিকৃত কৰা পুৰুষক চিধা কৰিব পৰাকৈ নাৰীয়ে দুৰ্গাৰ ৰূপো ধাৰণ কৰিব লাগিব। বৈদিক যুগত নাৰী আছিল মুক্ত। কিন্তু মনোস্মৃতিয়েহে নাৰীক সজাত বন্দী কৰি পেলালে। অৱশ্যে মনুৱে উল্লেখ কৰিছে যে, মনুস্মৃতিত তেওঁ সেই সময়ৰ সমাজ ব্যৱস্থাটোকহে অধ্যয়ণ কৰি নিজা কৌশলেৰে তুলি ধৰিছে। এইটো সত্য, তেওঁ মনোস্মৃতি খন মানি চলিবই লাগিব বুলিও ক’তো উল্লেখ কৰা নাই। কিন্তু স্বীকাৰ কৰিবই লাগিব যে সেই সময়ৰ পৰা বৰ্তমানলৈকে এই গ্রন্থ খনে ভাৰতীয় সমাজত নাৰী জাতিটোক সজাত বন্দী কৰাই পেলালে।

দেখা যায় হিন্দু ধৰ্মৰ পূজ্য দেৱতা ভগৱান শ্ৰী ৰাম চন্দ্ৰয়ো নাৰীক সন্মান কৰিব জনা নাছিল। যাৰ বাবে কিছুমান নিকৃষ্ট মানসিকতাৰ প্ৰজাৰ ওচৰত নিজকে শ্রেষ্ঠ শুদ্ধ সত্য ৰজা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ গৈ বছৰ বছৰ ধৰি সহবাস কৰি অহাৰ পিছতো, সেই দুটি সন্তানৰ পিতৃ তেওঁ নিজেই বুলি জানিও, পৰ স্ত্ৰীৰ ওপৰত চকু দিলে ৰৱনৰ কি অৱস্থা হ’ব সেই কথা জনাৰ পিছতো নিজৰ পত্নী সীতা দেৱীক বাৰে বাৰে ভয়ংকৰ অগ্নী পৰীক্ষা লৈছিল। আনকি সেই পৰীক্ষাত পাছ কৰাৰ পিছতো দেৱী সীতাক তেওঁ গ্ৰহণ নকৰাৰ বাবেই কথিতই হওক বা লৌকিক ভৌতিক যিয়ে নহওক দেৱী সীতাই আজিৰ ভাষাত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। গতিকে ছাবলৈ গ’লে নাৰী তেতিয়াও ঠিক সুৰক্ষিত নাছিল।

দৰিদ্ৰতাৰ বাবেই হওক বা ভোগ বিলাসৰ বাবেই হওক একাংশ নাৰীয়ে কৰি অহা বেশ্যা বিত্তি এৰিব লাগিব। অৱশ্যে ই কোনো নতুন যুগৰ নতুন বিষয় নহয়। এয়াও সেই ৩৩ কোটি দেৱতাৰ দিনৰেই। কিয়নো স্বৰ্গৰ দেৱতা হিচাবে খ্যাত হোৱাৰ পিছতো বহু দেৱতাৰে ভোগ্য নাৰী দেহ আছিল দেবী হৈও মেনকা। যিয়ে নহওক বেশ্যা বিত্তিৰে দৰিদ্ৰতা বা অন্য কিবা কাৰণতেই হওঁক সঙ্গীয়া টকা উপাৰ্জনেৰে ভোগ বিলাস কৰাতকৈ বা দৰিদ্ৰতাৰ পৰা মুক্তি বিচৰাতকৈ সেই নাৰীয়ে টকা উপাৰ্জনৰ অন্য পথ বিচাৰি লওঁক।

বহু সময়ত দেখা যায় নাৰীৰ অধিকাৰক লৈ যথেষ্ট আলোচনা হোৱাৰ লগতে ই বিভিন্ন বিতৰ্কৰ মাজতো সোমাই পৰিছে। এই বিষয়ক লৈ বিতর্ক সৃষ্টি কৰা পুৰুষৰ সংখ্যাও কম নহয়। তেওঁলোকে কয় চৰকাৰী ভাৱে, সাংবিধানিক ভাৱে নাৰীকেই সকলো দিয়া হৈছে। গতিকে নাৰীক আৰু কি স্বাধীনতা লাগে? হয়, ঠিকেই। শেহতীয়াকৈ নাৰীৰ অধিকাৰৰ কথালৈ যদি ছোৱা যায় সাংবিধানিক ভাৱে নাৰীক যথেষ্ট স্বাধীনতা প্রদান কৰিছে। ইখনৰ পিছত সিখন চুক্তি কৰিছে, আইন বনাইছে। অর্থাৎ নাৰীক সম্পূর্ণ অধিকাৰ অৰ্পণ কৰিছে। কিন্তু এই ৰক্ষনশীল সমাজ খন এক? পিতৃতান্ত্রিক সমাজ খন একা? মনু স্মৃতিৰ যুক্তিৰে মগজু পুটি থোৱা সকল একা? এই সকলৰ পৰা জানো এগৰাকী নাৰীয়ে সাংবিধানিক সকলো স্বাধীনতা সকলো অধিকাৰ ভোগ কৰিব পাৰিছে? সকলো ধৰণৰ সামাজিক অধিকাৰ জানো তেওঁলোকে পাইছে?

অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে, এখন দেশৰ উন্নতি সাধনত নাৰীৰ ভূমিকা কিমান সেয়া বিচাৰ কৰি ছাব লাগিব। কিয়নো বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই নাৰী। গতিকে এই আধা সংখ্যক জনসংখ্যাৰ উন্নতি সাধনৰ অবিহনে সম্পূৰ্ণ অৰ্থত মানৱ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। গতিকে এখন ৰাষ্ট্ৰৰ উন্নয়ন সাধন হ’বলৈ প্রথমেই লিংগ উন্নয়ন কৰিবই লাগিব। কিন্তু, লিংগ উন্নয়ন মানে বা কি? এই সম্পর্কে বিভিন্ন জনৰ মতে- লিংগ উন্নয়ন বুলিলে লিংগৰ সমতা আৰু নাৰীৰ মৰ্যদা বৃদ্ধিৰ জড়িয়তে নাৰীৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰাক বুজায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top