Gender And Education Unit 3 Gender Inequality In The School Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Gender And Education 3 Gender Inequality In The School to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Gender And Education 3 Gender Inequality In The School can be of great value to excel in the examination.
Gender And Education 3 Gender Inequality In The School
Gender And Education Unit 3 Gender Inequality In The School Notes cover all the exercise questions in UGC Syllabus. The Gender And Education Unit 3 Gender Inequality In The School provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Gender Inequality In The School
EDUCATION
GENDER AND EDUCATION
লিংগ আৰু শিক্ষা
Short Notes
(a) Single Sex School.
উত্তৰঃ একক লিংগ বা একগোত্রীয় বিদ্যালয় হৈছে এনে এক শিক্ষানুষ্ঠান য’ত কেৱল ছোৱালী বা ল’ৰা শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাৰ সুবিধা লাভ কৰে। বিশ্বৰ বিভিন্ন দেশত সামাজিক পৰম্পৰা আৰু দৃষ্টিভংগী বেলেগ হোৱা বাবে শিক্ষাৰ দিশতো ভিন্ন দৃষ্টিভংগী দেখা যায়। বহুথত দেশত অভিভাৱকসকলে তেওঁলোকৰ ল’ৰাছোৱালী যৌৱনপ্ৰাপ্তিৰ পিছত সহ শিক্ষাৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাতো পছন্দ নকৰে। বিশেষকৈ ছোৱালী সন্তানৰ ক্ষেত্ৰত বহু সংখ্যক অভিভাৱকে তেওঁলোকৰ ছোৱালী কৈশোৰত ভৰি দিয়াৰ পিছত একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰিলে অধিক নিৰাপদ বুলি অনুভৱ কৰে আৰু এনে বিদ্যালয়ত তেওঁলোকৰ ছোৱালী সন্তানে ব্যক্তিত্ব বিকাশ আৰু প্ৰকাশৰ অধিক সুবিধা লাভ কৰিব বুলি আশা কৰে। সেয়েহে এই সকল অভিভাৱক তেওঁলোকৰ সন্তানক একক লিংগ বিদ্যালয়ত শিক্ষা প্রদানত অধিক গুৰুত্ব দিয়ে। একক লিংগ বিদ্যালয়সমূহ সেয়েহে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ স্তৰতহে দেখিবলৈ পোৱা যায়।
উনৈশ শতিকাৰ আগলৈকে বিশ্বৰ বিভিন্ন দেশত মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত এনেধৰণৰ একক লিংগ বিদ্যালয়ৰ সংখ্যা যথেষ্ট আছিল। কুৰি শতিকাৰ প্ৰথম দশকৰ পৰা একক লিংগ বিদ্যালয়ৰ সংখ্যা ক্রমাগত ভাৱে হাস পাবলৈ ধৰে। বৰ্তমান সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত মুঠ বিদ্যালয়ৰ মাত্ৰ একৰ পৰা দুই শতাংশ বিদ্যালয়হে একক লিংগ বিদ্যালয়ৰ অন্তৰ্ভুক্ত। অৱশ্যে বেলজিয়াম, চিলি, চিংগাপুৰ, গ্রেট ব্রিটেইন, ইংলেণ্ড, হংকং, ইজৰাইল, নিউজিলেণ্ড, অষ্টেলিয়া, দক্ষিণ-কুৰিয়া আৰু প্ৰায়বোৰ ইছলামিক দেশত একক লিংগ বিদ্যালয়ৰ সংখ্যা দহ শতাংশতকৈ বেছি। শেহতীয়াকৈ পুনৰ প্ৰায়বোৰ দেশত একক লিংগ বিদ্যালয়ৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে।
(b) Child Centred Classroom.
উত্তৰঃ শিশুবন্ধুত্বমূলক শ্রেণীকোঠাসমূহ শিশুকেন্দ্ৰিক হোৱা প্রয়োজন আৰু সেয়েহে এনেধৰণৰ শ্ৰেণীকোঠাসমূহত সকলো প্রয়োজনীয় সা-সুবিধা প্ৰদান কৰি শিশুৰ উপযোগী কৰি গঢ়ি তোলা হয়। ইয়াত শিশুৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত গুণসম্পন্ন আৰু উচ্চমান বিশিষ্ট শিক্ষা প্ৰদান কৰা হয়। এনেধৰণৰ শ্ৰেণীকোঠাত তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়।
(ক) শিকনীয় কার্যক্রমণিকা প্ৰস্তুত কৰোঁতে প্রত্যেক শিক্ষাৰ্থীৰ আগ্রহৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত প্ৰহণ কৰা হয় [Teachers think about the best interest of each child when deciding on learning activities]
(খ) শিক্ষাৰ্থীসকলৰ শিক্ষাপ্ৰহণৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এক উপযুক্ত বা মানবিশিষ্ট পাঠ্যক্ৰম যুগুত কৰিবলৈ যত্ন/চেষ্টা কৰে [Teachers try to adjust the standard curriculum to the learning needs of the students]
(গ) সকলো শিক্ষার্থীয়ে শিকিব পৰাকৈ বিভিন্ন শিক্ষাদান পদ্ধতি প্ৰয়োগ কৰে [Different teaching methods are used so that all children can learn]
(ঘ) শিক্ষাৰ্থীসকলৰ চিত্তাশক্তি, বিবেচনা শক্তি আৰু নিজৰ মতামতাসমূহ প্ৰকাশ কৰিবলৈ সুবিধা দিব পৰা সকলোধৰণৰ শিক্ষণশিকনৰ উপায় প্ৰয়োগ কৰা হয়। [Teaching learning approaches are used that invite students to think, reason and express their opinions]
(ঙ) শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সকলো শিক্ষার্থীক সমানে উদগনি যোগায় আৰু লিখা-পঢ়া আৰু অংক শাস্ত্ৰৰ প্ৰাথমিক দক্ষতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে।[All children are supported to learn and master the basic skills of reading, writing and arithmetic]
(চ) শিক্ষার্থীসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু উদ্ভাৱনীমূলক সামৰ্থসমূহ প্ৰয়োগ কৰি আৰু একগোট হৈ কাম কৰি শিকাৰ সুবিধা লাভ কৰে।
(ছ) শিক্ষাৰ্থীসকলৰ ভাব-অনুভূতিসমূহ বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰিবলৈ শিক্ষকে উদগনি যোগায়। [Teachers encourage children to express their feeling through arts and other forms]
(c) Girl Friendly Classroom.
উত্তৰঃ লিংগভেদে ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বিভিন্ন দিশত কৃতিত্ব সমন্ধে জানিবৰ বাবে বহুতো অধ্যয়ন কৰা দেখা যায়। ২০০৪ চনত ৰবিনছন আৰু গিলিব্ৰেণ্ডে কৰা অধ্যয়নত প্ৰকাশ পাইছে যে,একক লিংগ বিদ্যালয়ত [Single Sex School] অধ্যয়ন কৰা ছোৱালী শিক্ষাৰ্থীয়ে গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। জিমিনেক্স [Jimenex] আৰু লকহিডে [Lockheed] নৱম শ্ৰেণীত অধ্যয়ন কৰা মুঠ ৩,২৬৫ জন ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ অংক বিষয়ত লাভ কৰা নম্বৰ সংগ্ৰহ কৰিছিল। এই তথ্যসমূহ তেওঁলোকে সহশিক্ষাৰ শিক্ষানুষ্ঠান [Co-education Institutes] আৰু একক লিংগ বিদ্যালয়ৰ [Single Sex school] পৰা সংগ্ৰহ কৰিছিল।
সংগৃহীত তথ্যসমূহ অধ্যয়ন কৰি তেওঁলোকে দেখিবলৈ পাইছিল যে, ছোৱালী বিদ্যালয়ত [Coeducational School] অধ্যয়ন কৰা ছোৱালী শিক্ষার্থীয়ে অংক বিষয়ত ভাল নম্বৰ পাবলৈ সক্ষম হৈছিল। অন্যহাতেদি, সহ-শিক্ষাৰ বিদ্যালয়ত -[Co-educational School] অধ্যয়ন কৰা ছোৱালী শিক্ষাৰ্থীসকলে ল’ৰা শিক্ষাৰ্থীসকলৰ দৰে ভাল নম্বৰ পাবলৈ সক্ষম হোৱা নাছিল। সাধাৰণতে ছোৱালী শিক্ষাৰৰ্থীসকলে একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰিলে তেওঁলোকে শিক্ষকৰ লগত আৰু শিক্ষাৰ্থীৰ লগত দ্বিধাহীন ভাৱে মিলামিছা আৰু সহযোগিতা কৰে আৰু মনৰ ভাৱ, সমস্যা আদি মুকলিকৈ প্ৰকাশ কৰে। কিন্তু সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা
ছোৱালী শিক্ষাৰ্থীয়ে বহু ক্ষেত্ৰত মনৰ ভাৱ, সমস্যা আদি মুকলিকৈ প্ৰকাশ নকৰে আৰু ল’ৰা শিক্ষাৰ্থীৰ সন্মুখত তেওঁলোকে নিজকে দুর্বল আৰু পিছপৰা বুলি ভাবিবলৈ শিকে।
গৱেষকসকলে এই ক্ষেত্ৰত মতপোষণ কৰে যে আমাৰ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণীকোঠাসমূহ ছোৱালীবন্ধুত্বমূলক নোহোৱা বাবে এনেধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। বিশেষকৈ সহশিক্ষাৰ বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত প্ৰায়বোৰ শিক্ষকে ল’ৰা শিক্ষাৰ্থীৰ প্ৰতি বেছি মনোযোগ প্ৰদৰ্শন কৰে আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰতি অৱজ্ঞাসূচক মনোভাৱ পোষন কৰে। প্ৰকৃতিগতভাৱে ছোৱালী শিক্ষাৰ্থীসকল নম্র, অমায়িক, লাজুকীয়া আৰু অন্তমুখী [Introvert] হোৱা বাবে শ্ৰেণীকোঠাত ল’ৰা শিক্ষাৰ্থীসকলৰ দৰে আগতীয়াকৈ আৰু মুকলিভাৱে মনৰ ভাৱ প্ৰকাশ নকৰে বা প্ৰকাশ কৰিবলৈ আগবাঢ়ি নাহে। কোনো বিষয়বস্তুৰ জ্ঞান ভালদৰে থাকিলেও ল’ৰা শিক্ষাৰ্থীসকলৰ সন্মুখত আৰু শিক্ষকৰ সন্মুখত প্ৰকাশ কৰিবলৈ লাজ কৰে। কিন্তু বহু শিক্ষকে এই দিশটোৰ প্ৰতি লক্ষ্য নাৰাখি ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰতি ঋণাত্মক মনোভাৱ প্ৰকাশ কৰে আৰু তেওঁলোক সকলো দিশত ল’ৰা শিক্ষাৰ্থীৰ তুলনাত পিছপৰা বুলি ধৰি লৈ অৱজ্ঞাসূচক মনোভাৱ শ্ৰেণীকোঠাত প্ৰকাশ কৰে।
শ্ৰেণীকোঠাত ছোৱালী শিক্ষাৰ্থীসকলৰ অন্তর্নিহিত মানসিক সামৰ্থ আৰু দিক্ষতাসমূহৰ বিকাশ আৰু প্ৰকাশৰ উপযুক্ত পৰিৱেশ সৃষ্টি নকৰে। সেয়েহে আমাৰ সকলো শিক্ষানুষ্ঠানত শ্ৰেণীকোঠাসমূহ ছোৱালীবন্ধুত্বমূলক হোৱা প্ৰয়োজন। তেতিয়াহে ছোৱালী শিক্ষাৰ্থীসকলৰ সৰ্বতোমুখী বিকাশ আৰু প্ৰকাশ সম্ভৱপৰ হ’ব। শ্ৰেণীকোঠাসমূহ ছোৱালীবন্ধুত্বমূলক
কৰি গঢ়ি তুলিবলৈ হ’লে তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।
১। শিক্ষকে শ্রেণীকোঠাত এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, য’ত ছোৱালী শিক্ষার্থীসকলে সম্পূর্ণ নিৰাপত্তা অনুভৱ কৰিব পাৰে।
২। ছোৱালী শিক্ষার্থীকলে তেওঁলোকৰ মনৰ ভাৱ, আগ্রহ, অভিৰুচি আদি প্ৰকাশ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰিব লাগিব।
৩। ছোৱালী শিক্ষার্থীসকলক কোনোধৰণৰ শাৰীৰিক নাইবা মানসিক শান্তি দিব নালাগিব।
৪। শ্ৰেণীকোঠাত লগৰ ল’ৰা শিক্ষার্থী বা শিক্ষকে ছোৱালী শিক্ষার্থীসকলক অৱসজ্ঞাসূচক মন্তব্য, যৌন আতিশায্য হ’ব পৰা ৷ শব্দ বা ভাষা প্রয়োগ কৰা পৰিৱেশ থাকিব নালাগিব।
৫। শিক্ষকসকলে শ্রেণীকোঠাত লিংগভেদে সকলো শিক্ষার্থীক সমান মূল্য দিব লাগিব আৰু লিংগভেদে সম মর্যদা প্ৰদান কৰিব লাগিব৷
৬। বিদ্যালয়ত উপযুক্ত প্রশিক্ষণ প্রাপ্ত শিক্ষক নিয়োগ কৰিব গিব আৰু শ্ৰেণীকোঠাত ছোৱালী বন্ধুত্বমূলক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তিত গুৰুত্ব প্ৰদান কৰিব লাগিব। যিহেতু শ্ৰেণীকোঠাত মহিলা শিক্ষয়িত্রী থাকিলে ছোৱালী শিক্ষাৰ্থীসকলে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুবিধা লাভ কৰে।
৭। শ্রেণীকোঠাত হোৱা সকলো আলোচনা আৰু কার্যক্রমণিকাত ল’ৰা শিক্ষাৰ্থীৰ সমানে ছোৱালী শিক্ষার্থীৰো অংশগ্রহণ নিশ্চিত হ’ব লাগিব আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু অভিজ্ঞতাসমূহৰ বিষয়ে প্রকাশ কৰাৰ সুবিধা দিব লাগিব।
৮। ছোৱালী শিক্ষাৰ্থীসকলৰ কাম-কাজ আৰু কৃতকাৰ্যতাৰ শলাগ ল’ব লাগিব আৰু উপযুক্ত মর্যাদা দান কৰিব লাগিব।
৯। শিক্ষকে কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰোতে ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীক সমানে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু ছোৱালী শিক্ষাৰ্থীসকলক উত্তৰ দিবলৈ উদগনি যোগাব লাগে।
(d) Advantages of Single Sex School.
উত্তৰঃ একক লিংগ বিদ্যালয়ৰ সুবিধাসমূহ [Advantages of Single Sex School] :
(১) সকলোৰে বাবে শিক্ষা [Education for all] : ভাৰতবৰ্ষৰ সংবিধানে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীক জাতি, ধর্ম, বর্ণ, লিংগ ভেদে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দি আহিছে। কিন্তু স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ভাৰতবৰ্ষৰ স্বাক্ষৰতাৰ হাৰ মাত্র ৭৪৪.০৪ শতাংশ। এতিয়াও ২৬ শতাংশ নাগৰিক নিৰক্ষৰ । অন্যহাতেদি মহিলাৰ স্বাক্ষৰতা হাৰ ৬৫.৪৬ শতাংশ। মহিলাৰ নিম্ন স্বাক্ষৰতা হাৰৰ এটা কাৰণ হৈছে বহু সংখ্যক অভিভাৱকে তেওঁলোকৰ ছোৱালী সন্তানক সহশিক্ষা বিদ্যালয়ত নামভৰ্ত্তি কৰাটো নিবিচাৰে। এনে ধৰণৰ অভিভাৱকৰ ছোৱালী সন্তানক শিক্ষাদানৰ ক্ষেত্ৰত একক লিংগ বিদ্যালয়ে সহায় কৰিব পাৰে
আৰু তেতিয়াহে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীক বিনামূলীয়া বাধ্যতামূলক শিক্ষা দানৰ লক্ষ্যত উপনীত হ’ব পৰা যাব।
(২) শিক্ষাগ্রহণত বাধাৰ পৰিমান হ্রাস [Decreases Distractions in Learning] : শিক্ষাবিদ আৰু গৱেষকসকলৰ অধ্যয়নত প্ৰকাশ পাইছে যে, মাধ্যমিক স্তৰৰ একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ কৃতিত্ব আৰু শিক্ষাগ্ৰহণৰ মান সহশিক্ষাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীতকৈ অধিক উন্নত মানদণ্ডৰ। শিক্ষাবিদসকলৰ মতে, সহ-শিক্ষানুষ্ঠানত অধ্যয়ন কৰা শিক্ষার্থীসকলে এই বয়সত বিপৰীত লিংগৰ প্ৰতি থকা, আকৰ্ষণৰ বাবে মানসিক অন্তদণ্ডত ভোগে আৰু শিক্ষাপ্ৰহণৰ সময়ত শ্রেণীকোঠাত সম্পূর্ণ মনোনিবেশ কৰিব নোৱাৰে। যিহেতু শ্ৰেণীকোঠাত-ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীয়ে একেলগে শিক্ষাগ্রহণ কৰে। কিন্তু একক লিংগ বিদ্যালয়ত কৌশোৰৰ এই মানসিক সমস্যা কিছু পৰিমানে কম হোৱা বাবে শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণৰ সময়ত ভালদৰে মনোনিবেশ কৰিব পাৰে। ২০০১ চনত অষ্ট্ৰেলিয়া শিক্ষা | আৰু গৱেষণা প্রতিষ্ঠানে [Australian Council for Educational Research] কৰা এটা সমীক্ষাত প্ৰকাশ পাইছে যে একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালীৰ কৃতিত্বৰ হাৰ। সহশিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালী শিক্ষার্থীতকৈ ১৫ শতাংশৰ পৰা ২২ শতাংশ পর্যন্ত উন্নত মানৰ। সেই একেটা সমীক্ষাতে প্রকাশ পাইছে যৈ একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালীৰ নৈতিক আৰু সামাজিক আচৰণ সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীতকৈ উন্নত মানদণ্ডৰ।
(৩) নিৰাপদ [Safety] : কোনো এখন দেশৰ সামাজিক আৰু ধর্মীয় পৰম্পৰাই শিক্ষা ব্যৱস্থাত প্ৰভাৱ পেলোৱা দেখা যায়। কিছুমান সমাজত আৰু ধৰ্মত এতিয়াও ল’ৰা আৰু ছোৱালী একেলগে মিলা-মিছা কৰাটো সহজ ভাৱে লোৱা নহয় ৷ এনেধৰণৰ চিন্তা, কুসংস্কাৰ, ৰীতি-নীতি প্রচলন হৈ থকা সমাজত অভিভাৱকসকলে তেওঁলোকৰ ছোৱালী সন্তানক সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰাটো সামাজিক দৃষ্টিকোণৰ পৰাও নিৰাপদ বুলি নাভাবে। ২০০১ চনত এছিয়ান ডেভেলেপমেণ্ট বেংকে দৰিদ্ৰতা নিৰূপনৰ ওপৰত কৰা এটা অধ্যয়নত প্ৰকাশ পাইছে যে, কম্বোডিয়ান অভিভাৱকসকলে তেওঁলোকৰ কিশোৰী সন্তানসকল । সহ শিক্ষাৰ বিদ্যালয়ত নিৰাপদ বুলি নাভাবে। সেয়েহে তেওঁলোকৰ ছোৱালী সন্তানক একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰাত গুৰুত্ব প্ৰদান কৰে।
(৪) শিক্ষাৰ্থীৰ আচৰণজনিত সমস্যা হ্রাস [Reduces Students Behaviour Problem] : সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কবা ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ তুলনাত একক লিংগ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থী অধিক নিয়মানুৱৰ্ত্তী, নম্ৰ, আৰু সামাজিক ভাবে গ্রহণযোগ্য আচাৰ আচৰণ কৰা পৰিলক্ষিত হয়। ইয়াৰ বিপৰীতে সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়নৰত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ মাজত অপৰাধ প্ৰৱনতাৰ মনোভাৱ পৰিলক্ষিত হয়। গতিকে একক লিংগ বিদ্যালয়ত শিক্ষার্থীসকলৰ আচৰণজনিত সমস্যাসমূহ হাস কৰাৰ সুযোগ অধিক।
(৫) নেতৃত্বদানত অধিক সুবিধা প্রদান [Provide more Leadership Opportunities] : একক লিংগ বিদ্যালয়ত ছোৱালী শিক্ষার্থীসকলে নেতৃত্বদানত অধিক সুবিধা লাভ কৰে। কিন্তু সহ শিক্ষাৰ বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ ভিতৰতেই হওক বা শ্ৰেণীকোঠাৰ বাহিৰতেই হওক, বিদ্যালয়ত আয়োজন কৰা কাম-কাজৰ নেতৃত্বদিয়াৰ সুবিধা কেতিয়াবাহে পোৱা দেখা যায়। গতিকে একক লিংগ বিদ্যালয়ে ছোৱালী শিক্ষার্থীক নেতৃত্ব প্ৰদানৰ সুবিধা দিয়ে।
(৬) শিক্ষাৰ্থীৰ মাজত আত্মসন্মান জগাই [Improves Self Esteem among Students] : বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত মাধ্যমিক স্তৰৰ পৰা আত্মসচেতনতা আৰু আত্মসন্মানবোধ বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তেওঁলোকৰ মাজত লিংগ ভিত্তিক আমি অনুভৱ জাগি উঠে আৰু এই ‘আমি’ অনুভৱক ঋণাত্মক দিশত ব্যৱহাৰ নকৰি, ধনাত্মক দিশত ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ শক্তি আৰু সামৰ্থসমূহ উপযুক্ত ভাবে শুদ্ধ দিশত প্ৰয়োগ কৰি তেওঁলোক আত্মবিকাশত সহায় কৰাৰ লগতে সামাজিক উন্নয়নত প্ৰয়োগ কৰিব পৰা যায়৷ বিশেষকৈ একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ছোৱালী শিক্ষার্থীসকলে অন্য এখন ল’ৰা একক লিংগ বিদ্যালয় বা সহ-শিক্ষাৰ বিদ্যালয়ৰ লগত সকলো দিশত প্রতিযোগিতা মূলক সামাজিকভাৱে আগবাঢ়ে আৰু ‘আমি কিয় নোৱাৰিম’ মানসিকতাৰে তেওঁলোকৰ প্ৰতিভা আৰু সামৰ্থসমূহৰ বিকাশ আৰু প্ৰকাশৰ সুবিধা লাভ কৰে।
(৭) গতিশীল বা অতুলনীয় শিক্ষাৰ প্ৰসাৰ [Address Unique Learning Styles] : লিংগ ভিত্তিক শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক শক্তি সামৰ্থৰ পাৰ্থক্য থকাৰ লগতে, তেওঁলোকৰ আগ্রহ, ৰুচি-অভিৰুচি, চিন্তা, মনোভাৱ আৰু প্রয়োজনীয়তাসমূহ বেলেগ বেলেগ সহ শিক্ষাৰ বিদ্যালয়ত লিংগভেদে সকলো শিক্ষাৰ্থীৰ মানসিক সামৰ্থ আৰু প্ৰয়োজনীয়তাসমূহৰ বিকাশ আৰু প্ৰকাশৰ সুবিধা প্ৰদান কৰাটো সম্ভৱপৰ নহয়। কিন্তু একক লিংগ বিদ্যালয়ত শিক্ষাৰ্থীৰ বাহ্যিক আৰু আভ্যন্তৰীণ মানসিক প্রয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ পাঠ্যক্ৰমৰ বিষয় বস্তু প্ৰস্তুত কৰিব পৰা যায় আৰু সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োগৰ ক্ষেত্ৰতো তেওঁলোকৰ আকাংক্ষিত স্তৰত উপনীত হোৱাকৈ সুবিধা প্রদান কৰিব পৰা যায়।
(৮) লিংগ পক্ষপাতিত্ব হ্রাস [Decreases gender Bias] : সহ-শিক্ষাৰ বিদ্যালয়ত শিক্ষাদানৰ সময়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ আন্তক্ৰিয়াত বা সমন্ধ স্থাপনত লিংগ অসমতা দেখা যায়। এনেধৰণৰ বিদ্যালয়ত শ্ৰেণীকোঠাৰ ভিতৰত আৰু শ্ৰেণীকোঠাৰ বাহিৰত সম্পাদন কৰা সকলো কাম-কাজ, শিক্ষণ-শিকন, খেলাধূলা, আলোচনা চক্র আদি সকলোতে লিংগ পক্ষপাতিত্ব হোৱা দেখা যায়। বিশেষকৈ শিক্ষকসকলে ল’ৰা শিক্ষাৰ্থীসকলক অধিক গুৰুত্ব প্ৰদান কৰে আৰু ছোৱালী শিক্ষাৰ্থীসকলক কম গুৰুত্ব বা অৱহেলা কৰা পৰিলক্ষিত হয়। কিন্তু একক লিংগ বিদ্যালয়ত এনেধৰণৰ পক্ষপাতিত্ব কৰাৰ পৰিৱেশ নাথাকে।
(৯) শিক্ষাৰ্থীৰ কৃতিত্বৰ উন্নতি [Improves Students Achievement] : বিভিন্ন অধ্যয়ন আৰু গবেষণাত প্ৰকাশ পাইছে যে সহ-শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালী দুয়োধৰণৰ শিক্ষার্থীৰে কৃতিত্বৰ হাৰ উন্নত মানদণ্ডৰ। এই ক্ষেত্ৰত শিক্ষার্থীসকলৰ কেৱল বিদ্যায়তনিক দিশতেই নহয়, অন্য সকলো দিশতে তেওঁলোকৰ কৃতিত্ব সহ-শিক্ষাৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ তুলনাত উন্নত হোৱা দেখা যায়।
(১০) অনগ্ৰসৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক [Helpful for Backward or Slow Learners] : একক লিংগ বিদ্যালয়ত ৷ বিদ্যায়তনিক দিশত অনগ্ৰসৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাসমূহ দূৰীকৰণত সুবিধা হয়। সহ-শিক্ষাৰ বিদ্যালয়ত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ মাজত কোনো কোনো অনগ্ৰসৰ শিক্ষার্থীয়ে বিদ্যায়তনিক দিশত মুখামুখি হোৱা সমস্যাসমূহ প্ৰকাশ কৰিবলৈ লাজ কৰি লুকুৱাই ৰাখে। কিন্তু একক লিংগ বিদ্যালয়ত একে লিংগৰ শিক্ষার্থী থকা বাবে আৰু শিক্ষকসকলেও সমস্যাৰ প্রকৃতি আৰু জটিলতা অনুযায়ী উপযুক্ত সমাধান সূত্র উলিয়াই ল’ব পাৰে।
(১১) যৌন আতিশয্য হ্রাস [Reduces Sexual Harassment] : সহ-শিক্ষাৰ বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীসকলে বহু সময়ত লগৰ সহপাঠী (ল’ৰা শিক্ষার্থী) আৰু কেতিয়াবা শিক্ষক আৰু অন্যান্য ব্যক্তিৰ পৰা মৌখিক [Verbal] আৰু কেতিয়াবা শাৰীৰিক আতিশয্যৰ সন্মুখীন হ’ব লগীয়া হয়। কিন্তু একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ছোৱালী শিক্ষাৰ্থয়ে এনে ধৰণৰ মানসিক আৰু শাৰীৰিক যৌন আতিশয্যৰ সন্মুখীন হোৱাৰ অৱকাশ কম।
(১২) সামাজিক আৰু নৈতিক নিৰ্দেশনাৰ সুবিধা প্ৰদান [Opportunities to provide Social and Moral Guidance] : সহ-শিক্ষাৰ বিদ্যালয়ৰ তুলনাত একক শিক্ষা বিদ্যালয়ত শিক্ষার্থীক নির্দেশনা প্রদানৰ ক্ষেত্ৰতো সুবিধাজনক স্থিতি পৰিলক্ষিত হয়। শিক্ষার্থীসকলক তেওঁলোকৰ বাঞ্চিত লক্ষ্যত উপনীত কৰিবলৈ উপযুক্ত শৈক্ষিক নির্দেশনা প্রয়োজন ৷ এনেধৰণৰ শৈক্ষিক নিৰ্দেশনা শিক্ষানুষ্ঠানত লাভ কৰা আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পিছত গুৰুত্ব কমি আহে। কিন্তু আনুষ্ঠানিক শিক্ষা সমাপ্তিৰ পিছত শিক্ষার্থীসকলে বাস্তৱ জীৱনত সমাজৰ এজন পূৰ্ণাংগ ব্যক্তি হিচাপে জীয়াই থাকিবলৈ হ’লে নৈতিক আৰু সামাজিক গুণৰাজি অর্জন কৰিব লাগিব আৰু ইয়াৰ সম্পূৰ্ণ বিকাশৰ বাবে শিক্ষানুষ্ঠানৰ পৰাই নৈতিক আৰু সামাজিক নিৰ্দেশনা প্রদান কৰা দৰকাৰ। এই ক্ষেত্ৰত দেখা যায় যে নৈতিক আৰু সামাজিক নির্দেশনা প্রদান কার্য একক লিংগ বিদ্যালয়ত অধিক ফলপ্ৰসূত ভাৱে প্ৰয়োগ কৰিব পৰা যায় ৷
ওপৰত আলোচনাৰ পৰা দেখা যায় যে, একক লিংগ বিদ্যালয়সমূহৰ সকলো দিশতে বহুখিনি সুবিধ। আছে। এই সুবিধাসমূহ উপযুক্ত ভাৱে প্ৰয়োগ কৰিব পাৰিলে শিক্ষাৰ্থীসকল যে বহু ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব
(e) Formal and Hidden Curriculum and Gender.
উত্তৰঃ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীয়ে জ্ঞান অৰ্জনৰ কাৰণে নিৰ্দিষ্ট বিষয়বস্তু অন্তৰ্ভূক্ত কৰি প্ৰস্তুত কৰা পাঠ্যক্ৰমক আনুষ্ঠানিক পাঠ্যক্রম বুলি অভিহিত কৰা হয়। এই পাঠ্যক্ৰমৰ যোগেদি কোনো পৰিকল্পিত উদ্দেশ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় বিষয়বস্তুৰ জ্ঞান, শিক্ষণীয় অভিজ্ঞতা আৰু বিভিন্ন শিক্ষণীয় সম্পদ বিষয়বস্তু অন্তৰ্ভুক্তি কৰাৰ উপৰিও পাঠ্যপুথি [Textbooks], শিকনীয় আহিলা [Learning aids], শিক্ষকে শিকন-শিক্ষণ প্রক্রিয়াত ব্যৱহাৰ কৰা বিভিন্ন প্রযুক্তিবিদ্যাক অন্তর্ভুক্ত কৰা হয়। বিশ্বৰ প্ৰত্যেকখন দেশে নিজৰ জাতীয় পাঠ্যক্রম শিক্ষাৰ বিভিন্ন স্তৰৰ কাৰণে নিজাবাবিয়াকৈ প্ৰস্তুত কৰি লয়। প্রস্তাৱিত পাঠ্যক্রমসমূহ পৰিকল্পিত পাঠ্যপুথি [Textbook] আৰু শিক্ষণীয় সঁজুলিসমূহৰ জৰিয়তে বাস্তৱায়িতভাৱে প্ৰয়োগ কৰা হয়।
জাতীয় পাঠ্যক্ৰমৰ সহায়ত লিংগভেদে অর্থাৎ নাৰী আৰু পুৰুষসকলোৱে ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনসমূহ উপভোগ কৰি উপযুক্ত নাগৰিক আৰু সামাজিক প্রাণী হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰিব লাগিব। পাঠ্যক্ৰমৰ জৰিয়তে আহৰণ কৰা শিকন অভিজ্ঞতাসমূহে যাতে সমাজত লিংগ অসমতাৰ মানসিকতাৰ গঢ় দিব নোৱাৰে সেই দিশৰ প্ৰতি জাতীয় পাঠ্যক্রম প্রস্তুত কৰা বিশেষজ্ঞসকল সচেতন হ’ব লাগিব।
পাঠ্যক্ৰমৰ অৰ্থ ব্যাখ্যা কৰোঁতে উল্লেখ কৰা হৈছে যে, বিদ্যালয়ৰ শ্ৰেণীকক্ষত পূর্বপৰিকল্পিতভাৱে কোনো বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিবৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ বাহ্যিক আৰু অন্তর্নিহিত গুণৰাজিৰ সৰ্বতোমুখী বিকাশ আৰু প্ৰকাশ কৰিব নোৱাৰে। এনে পাঠ্যক্রমক সংকীর্ণ অর্থত প্ৰয়োগ কৰা হয় আৰু এনে পাঠ্যক্রমে ব্যক্তি আৰু সমাজ গঠন সহায় কৰিব নোৱাৰে।
জীৱনৰ গতিপথত আগবাঢ়ি যাওঁতে প্ৰতিটো খোজত আমি বিভিন্ন অভিজ্ঞতা লাভ কৰোঁ আৰু এই অভিজ্ঞতাসমূহে আমাৰ জীৱনৰ বিভিন্ন দৃষ্টিভংগী, মনোভাব, আচাৰ-আচৰণ আদি গঢ় দিয়াত সহায়ক হয়। জীৱনৰ প্ৰতিটো দিন আৰু স্তৰত ঘটনাবসতভাৱে [Incidental] লাভ কৰা অভিজ্ঞতা আৰু শিকন যিবোৰ মাধ্যমৰ যোগেদি লাভ কৰা হয় তাক সুপ্ত বা গোপন পাঠ্যক্রম [Hidden curriculum] হিচাপে গণ্য কৰা হয়। জীৱনত প্ৰকৃত শিক্ষা অৰ্জন কৰাৰ ক্ষেত্ৰত গোপন বা সুপ্ত পাঠ্যক্ৰমৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰিলক্ষিত হয় আৰু এই বিষয়টো আমি আওকাণ কৰিব নোৱাৰোঁ। উদাহৰণ স্বৰূপে বিভিন্ন গণমাধ্যম যেনে, ৰেডিঅ’, দূৰদৰ্শন, আলোচনী, বাতৰিকাকত আৰু অন্যান্য সামাজিক মাধ্যমসমূহ (আধুনিক প্রযুক্তিবিদ্যাৰ যোগেদি প্ৰচাৰিত ফেবুক, টুইটাৰ, ৱাটছআপ আদিও অন্তর্ভূক্ত কৰিব পাৰি) বৰ্তমান সুপ্ত বা গোপন পাঠ্যক্ৰমৰ ভূমিকা গ্ৰহণ কৰিছে।
সেয়েহে গোপন পাঠ্যক্ৰমৰ ভূমিকাত অৱতীৰ্ণ হোৱা এই গণমাধ্যমসমূহে যাতে কোনোধৰণৰ লিংগ অসমতা প্রকাশ পোৱা বিষয়বস্তু প্রকাশ আৰু সম্প্ৰচাৰ নকৰে তাৰ প্ৰতি সচেতন হোৱা অতি প্রয়োজন। সুপ্ত পাঠ্যক্রম হিচাপে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা অনুষ্ঠানটো হৈছে পৰিয়াল। মহান শিক্ষাবিদসকলৰ মতে শিশুৰ বাবে ঘৰখনেই হ’ল আটাইতকৈ ভাল বিদ্যালয় আৰু মাতৃয়েই হৈছে সকলোতকৈ ভাল শিক্ষক [Home is the best school and mother is the best teacher for child.]।
শিশুৱে পৰিয়ালৰ মাজতেই ভাব-ভাষা, আচাৰ-আচৰণ, বিশ্বাস, মনোভাব, সামাজিক মূল্যবোধ আদিৰ বিকাশ সাধন কৰে। পৰিয়ালৰ সদস্যসকলৰ পৰা সাংস্কৃতিক আৰু সামাজিক পৰম্পৰা আৰু ধৰ্মীয় আচাৰ-ব্যৱহাৰ, ভাব-ভাষা আদিত যাতে কোনোধৰণৰ লিংগ অসমতাৰ মনোভাব। প্ৰকাশ নঘটে তাৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন৷ পৰিয়ালৰ মাজত থকা ল’ৰা আৰু ছোৱালী সন্তানৰ মাজত লিংগভেদে কোনো এজনক বেছি প্ৰাধান্য/গুৰুত্ব দি অন্য এজনৰ প্ৰতি অনাদৰ মনোভাব প্ৰকাশ কৰা অনুচিত। এনেধৰণৰ লিংগভিত্তিক কৰা আচাৰ-আচৰণ, ভাব-ভাষা বা কাম-কাজে অনাদৰ কৰা সন্তানটিৰ মনত বিদ্রোহী মনোভাব গঢ়ি তুলিব পাৰে আৰু অনাগত সময়ত অসামাজিক কাম-কাজত জড়িত হ’ব পাৰে নাইবা নিচাত্মিক মনোভাবৰ সৃষ্টি হৈ হতাশগ্ৰস্ত হৈ পৰিব পাৰে। মুঠৰ ওপৰত লিংগ অসমতা দূৰীকৰণত । পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
(f) Gender equality concerns in the curriculum.
উত্তৰঃ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰিৱেশত গঢ়িতোলা বা মানি চলা সামাজিক আৰু সাংস্কৃতিক মানদণ্ড আৰু অভ্যাসসমূহ অসচেতনভাৱে বা আমি গম নোপোৱাকৈয়ে মনৰ মাজত সোমায় পৰে আৰু ই সুপ্ত বা গোপন পাঠ্যক্ৰমৰ দ্বাৰা কাম কৰে। বিদ্যালয় স্তৰৰ পাঠ্যক্রমসমূহত লিংগ অসমতাৰ ছবি স্পষ্টভাৱে পৰিলক্ষিত হয় ৷ এনেধৰণৰ লিংগ অসমতাৰ কাৰকসমূহ গছৰ শিপাৰ দৰে বাঢ়ি যায় আৰু আমাৰ শিক্ষকসকলেও ক্রমাগতভাৱে একেধৰণে প্ৰয়োগ কৰা দেখা যায়। ফলস্বৰূপে লিংগ পক্ষপাতযুক্ত [Gender bias] পাঠ্যক্ৰমৰ প্ৰৱৰ্তন হয়। উদাহৰণস্বৰূপে, শাৰীৰিক শিক্ষাৰ [Physical education] পাঠ্যক্ৰমত লিংগ অসমতাৰ ছবি স্পষ্টৰূপত প্ৰকাশ পায়। আমি সকলোৱে মানি ল’ব বিছাৰোঁ যে ছাত্ৰীৰ তুলনাত ছাত্ৰই শৰীৰ চৰ্চা আৰু শাৰীৰিক ব্যাম বিষয়ৰ অভ্যাস গঠনৰ ক্ষেত্ৰত সুফল দেখুৱাব পাৰে। গতিকে এনেধৰণৰ শাৰীৰিক শিক্ষা কেৱল ছাত্ৰক প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। অন্যহাতেদি ছাত্ৰৰ তুলনাত ছাত্ৰীসকল ঘৰুৱা কাম-কাজত আগ্রহী আৰু এই দিশত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়।
সেয়েহে ছাত্রীসকলক শাৰীৰিক ব্যামৰ পৰিৱৰ্তে ঘৰুৱা কাম-কাজৰ (যেনে, চিলাই কাম, পাকঘৰৰ কাম) শিক্ষা প্ৰদান কৰিব লাগে। এনেধৰণে আমাৰ শিক্ষাব্যৱস্থাত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ লগত লিংগ সমতাৰ সম্পৰ্ক স্থাপন কৰা পৰিলক্ষিত হয়। এইখিনিতে আমেৰিকাৰ এখন বিদ্যালয়ত সংঘতিত হোৱা এটা ঘটনা উল্লেখ কৰা হ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰত বিদ্যালয় ভৰত শাৰীৰিক শিক্ষা পাঠ্যক্ৰমৰ অন্তর্ভুক্ত। উচ্চ প্রাথমিক স্তৰৰ ষষ্ঠমান শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰতি সপ্তাহত এঘণ্টা শাৰীৰিক শিক্ষাৰ বাবে অনুমোদন জনোৱা হয়ু আৰু শিক্ষার্থীদকলক মাজে মাজে খেলপথাৰলৈ পঠোৱা হয়। এদিন এখন বিদ্যালয়ৰ অধক্ষ্যই শাৰীৰিক শিক্ষাৰ শিক্ষাদানৰ সময়ত খেলপথাৰৰ ফালে খোজকাঢ়ি গৈ থাকোতে লক্ষ্য কৰে যে, শাৰীৰিক শিক্ষাদানৰ দায়িত্বত থকা শিক্ষকজনে ছাত্ৰসকলক বিভিন্ন দলত বিভক্ত কৰি শাৰীৰিক শিক্ষা প্ৰদান কৰিছে। কিন্তু ছাত্ৰীসকলে, লক্ষ্যহীনভাৱে (কিছুমানে ছাত্ৰসকলৰ কাম-কাজ লক্ষ্য কৰিছে, অন্য কিছুমান ছাত্ৰীয়ে মূল্যহীন কথাবতৰা পাতি ব্যস্ত হৈ আছে) খেলপথাৰত সময়ৰ অপচয় কৰি আছে।
অধ্যক্ষই শিক্ষকজনৰ পৰা জানিব বিচাৰিলে, কিয় ছাত্ৰীসকলক শাৰীৰিক শিক্ষাৰ কাৰ্যক্ৰমত জড়িত কৰা হোৱা নাই। প্ৰত্যুত্তৰত অধ্যক্ষক শিক্ষকজনে জনালে যে, ছাত্রীসকল শাৰীৰিকভাৱে দুৰ্বল আৰু ছাত্ৰসকলে খেলা খেলসমূহ তেওঁলোকে খেলিব নোৱাৰে। ইয়াৰ উপৰিও শিক্ষকজনে অধ্যক্ষক জনালে যে, ছাত্ৰীসকলৰ বাবে শাৰীৰিক শিক্ষাৰ বিষয়ৰ পৰিৱৰ্তে গার্হস্থ্য অর্থনীতি [Home economics] বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে যাতে ছাত্ৰীসকলে চিলাই কৰা, ৰান্ধনিশালৰ কামকাজ কৰা আদি শিকিব পাৰে।
(g) Content of instructional materials and gender.
উত্তৰঃ পাঠ্যক্ৰমত ব্যৱহৃত নির্দেশনামূলক সামগ্ৰীসমূহ উপস্থাপন কৰোঁতে লিংগ অসমতাৰ ছবি যাতে প্রতিফলিত নহয় এই দিশটোত গুৰুত্ব দিব লাগে। লগতে যিকোনো লিংগকেই উচ্চ/দৃঢ়ভাৱে নাইবা অমায়িক/নম্ৰভাৱে প্ৰকাশ হোৱাকৈ নির্দেশনামূলক সামগ্ৰীসমূহ উপস্থাপন কৰিব নালাগে। উদাহৰণস্বৰূপে, প্রাথমিক বিদ্যালয়ৰ প্ৰথম বা দ্বিতীয় শ্রেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা পাঠ্যপুথি এখনত দেউতাকৰ ধাৰণা ব্যাখ্যা কৰোঁতে এজন ব্যক্তিয়ে আলোচনী এখন পঢ়ি থকা ছবি সংলগ্ন কৰি আৰু মাকৰ ধাৰণা ব্যাখ্যা কৰোঁতে ৰান্ধনিশালত কাম কৰি থকা ছবি এখন সংলগ্ন কৰা উচিত নহয়। থিক তেনেদৰে ডাক্তৰৰ ধাৰণা দিবলৈ এজন পুৰুষৰ ছবি, নাৰ্ছৰ ধাৰণা দিবলৈ এগৰাকী মহিলাৰ ছবি, ফুটবল খেলৰ ধাৰণা দিবলৈ কেইজনমান ল’ৰাই ফুটবল খেলি থকা ছবি আদি উপস্থাপন কৰা কাৰ্যই লিংগ অসমতাৰ ছবি প্রকট কৰি তুলিব।
সকলো স্তৰৰ পাঠ্যপুথি প্ৰস্তুত কৰোঁতে ইয়াত অন্তৰ্ভুক্ত কৰা নির্দেশনাত্মক সঁজুলি বা সামগ্ৰীসমূহ ব্যৱহাৰ কৰোঁতে এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিক্ষানুষ্ঠানত শিক্ষার্থী আৰু শিক্ষকৰ মাজত সু-সম্পর্ক স্থাপন কৰাৰ ক্ষেত্ৰত লিংগ অসমতাৰ ছবিয়ে ঋণাত্মক প্ৰভাৱ পেলাব পাৰে আৰু পৰৱৰ্তীসময়ত শিক্ষাৰ্থীসকলৰ ঘৰুৱা আৰু সামাজিক জীৱনটো আউল লগাব পাৰে। পাঠ্যপুথিসমূহত ব্যৱহাৰ কৰা নির্দেশনাত্মক সামগ্ৰীসমূহৰ উপস্থাপনৰ যোগেদি নাৰী আৰু পুৰুষ, লিংগভেদে দ্বৈতগুণসম্পন্ন চৰিত্ৰ প্ৰকাশ পাব লাগে। সেয়েহে পাঠ্যপুথিয়েই হওক বা কর্ম পুথিয়েই হওক, ইয়াত প্ৰকাশ হোৱা নিৰ্দেশনাত্মক সামগ্ৰীসমূহ লিংগ নিৰপেক্ষ আৰু লিংগ সংবেদনশীল হোৱা প্ৰয়োজন ৷
উদাহৰণস্বৰূপে পঞ্চম শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়ৰ পাঠ্যপুথি এখনত পৰিয়াল সমন্ধীয় এটা পাঠ যুগুত কৰোঁতে ব্যৱহাৰ কৰা নির্দেশনামূলক সামগ্ৰী হিচাপে যদি এজন ল’ৰাৰ ছবি সংলগ্ন কৰে, তেতিয়াহ’লে একেলগে ল’ৰাজনৰ বায়েক বা ভনীয়েকৰ ফটো আৰু তেওঁলোকৰ মাক আৰু দেউতাকৰ ফটোও উপস্থাপন কৰিব পাৰিলে লিংগ অসমতা প্রকাশ নহ’ব। লগতে পাঠটোত মাক, দেউতাক আৰু দুয়োটা সন্তানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ব্যাখ্যা কৰোঁতে যাতে কোনো
লিংগ অসমতাৰ ধাৰণা প্রকাশ নাপাই এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা প্রয়োজন।
(h) Disadvantages of Single Sex School.
উত্তৰঃ একক লিংগ বিদ্যালয়ৰ অসুবিধাসমূহ [Disadvantages of Single Sex School] :
(১) কিছুসংখ্যক অভিভাৱকৰ বাবে খৰচী [Costly for a section of Parents] : যিসকল অভিভাৱকৰ দুটা সন্তান ভিন্ন লিংগ, সেই সকল অভিভাৱকৰ বাবে একক লিংগ বিদ্যালয় অর্থনৈতিক ভাৱে বেছি খৰচী হোৱা দেখা যায়। যিহেতু অভিভাৱকসকলে ল’ৰা সন্তানক এখন স্কুললৈ পঠোৱা আৰু ছোৱালী সন্তানক অন্য এখন বিদ্যালয়লৈ বেলেগে পঠোৱাৰ ব্যৱস্থা কৰিব লগা হোৱাত অধিক অর্থ ব্যয় কৰিব লগা হয়। গতিকে এনেধৰণৰ অভিভাৱকে একক লিংগ বিদ্যালয় অগ্ৰাধিকাৰ নিদিয়ে।
এনেধৰণৰ দুজন দুই লিংগ সন্তানৰ অভিভাৱকে ছোৱালী সন্তানক অকলশৰীয়াকৈ বিদ্যালয়লৈ পঠোৱা নাইবা অকলশৰীয়াকৈ ঘৰত এৰি যোৱাটো অসুৰক্ষিত অনুভৱ কৰে। ইয়াৰ পৰিৱৰ্ত্তে তেওঁলোকৰ ল’ৰা আৰু ছোৱালী দুই সন্তানক একেলগে সহ-শিক্ষাৰ বিদ্যালয়ত নামভৰ্ত্তি কৰিব বিচাৰে। তেতিয়া পৰস্পৰে পৰস্পৰক সুৰক্ষিত হোৱাত ৰখীয়াৰ [Escort] ভূমিকা পালন কৰিব পাৰে আৰু অভিভাৱকসকলৰ বহুখিনি পৰিশ্ৰম লাঘৱ হয়। ইয়াৰ উপৰি অভিভাৱকে দুইজন
বিদ্যালয়ত পালন কৰা ভূমিকা সমন্ধেও ইজনৰ পৰা সিজনৰ খবৰ প্ৰতিদিনে জানি ৰাখিব পাৰে।
(৩) প্রশাসনিক ব্যয়বহুলতা [Administrative Cost] : একক লিংগ বিদ্যালয় প্রতিষ্ঠাৰ কাৰণে অধিক চৰকাৰী মূলধন ব্যয় কৰিব লগা হয়। বিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত ভূমি নির্বাচন, গৃহ নির্মাণ, শিক্ষক নিযুক্তি, অনান্য কৰ্মচাৰী নিযুক্তি আৰু দৰমহা, বিদ্যালয়ৰ দৈনন্দিন পৰিচালনাৰ খৰচ আদিৰ বাবে চৰকাৰে অধিক আর্থিক বোজা বহন কৰিব লগা হয়।
(৪) গুণগত পৰিচালনাৰ সমস্যা [ Problem of Quality Management] : ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ বিদ্যালয় প্রতিষ্ঠা কৰিলে শিক্ষানুষ্ঠানসমূহৰ গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি পৰিচালনা কৰাটো অধিক কষ্টসাধ্য। যিহেতু ল’ৰা আৰু ছোৱালী দুই ধৰণৰ বিদ্যালয়ৰ বাবে ভিন্ন অভিজ্ঞতা সম্পন্ন কৰ্মচাৰী নিয়োগ কৰা প্ৰয়োজন হয় আৰু এই ক্ষেত্ৰত দুয়োটা গোটক বেলেগে বেলেগে প্রশিক্ষণ দিয়া দৰকাৰ। কিন্তু এনেধৰণৰ প্ৰশিক্ষণপ্রাপ্ত কৰ্মচাৰী প্ৰস্তুত কৰি উলিওৱাটো যথেষ্ট কষ্টসাধ্য আৰু ব্যয়বহু।
(৫) প্ৰশিক্ষণ প্রাপ্ত আৰু গুণগত শিক্ষকৰ অভাৱ [Lack of Trained and Qualified Teacher] : ছোৱালী একক লিংগ বিদ্যালয়ত নিযুক্তি দিব পৰাকৈ মহিলা প্রশিক্ষণপ্রাপ্ত আৰু গুণসম্পন্ন শিক্ষকৰ অভাৱ পৰিলক্ষিত হয়। বিশেষকৈ পাকিস্তান, ভাৰতবৰ্ষ, আদি উন্নয়নশীল দেশসমূহত এতিয়াও উপযুক্ত প্রশিক্ষণপ্রাপ্ত আৰু মানবিশিষ্ট মহিলা শিক্ষাৰ্থীৰ সংখ্যা অতি কম।
(৬) বাস্তৱ জীৱনৰ বাবে প্ৰস্তুত কৰিব নোৱাৰে [Cannot Prepare for the real life] : একক লিংগ বিদ্যালয়ত শিক্ষার্থীসকলে বিদ্যায়তনিক দিশত ভাল ফলাফল দেখুৱাব পাৰিলেও ভৱিষ্যতৰ বাস্তৱ পৰিস্থিতি আৰু পৰিৱেশৰ বাবে প্ৰস্তুত হোৱাৰ সহায় কৰিব নোৱাৰে। যিহেতু একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষার্থীসকলে বিদ্যালয়ত বিপৰীত লিংগৰ লগত মিলামিছা কৰাৰ সুবিধা নোপোৱা বাবে ভৱিষ্যতৰ সাংসাৰিক জীৱনৰ বাবে প্রয়োজনীয় গুণসমূহ যেনে-পাৰস্পৰিক বুজাবুজি আৰু এৰাধৰা কৰা গুণসমূহ আহৰণ কৰিবলৈ সুবিধা নাপায়। ফলস্বৰূপে ভৱিষ্যতে সাংসাৰিক জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু বহুতৰ সাংসাৰিক জীৱন সুখদায়ক হৈ নুঠে।
(৭) প্ৰতিযোগিতাৰ অভাৱ [Lack of Competition] : সহশিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ মাজত নিজক প্ৰকাশ আৰু প্ৰতিষ্ঠা কৰাৰ বাবে অঘোষিত প্রতিযোগিতা সদায় চলি থাকে। এই প্রতিযোগিতা বিদ্যায়তনিক বিষয়ৰ উপৰি সহপাঠ্যক্রমিক কার্যাৱলী আৰু সামাজিক বিকাশ আৰু প্ৰকাশৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। এনেধৰণৰ যোগাত্মক প্ৰতিযোগিতাই শিক্ষাৰ্থীৰ অস্তনিহিত শক্তি আৰু সামৰ্থসমূহৰ বিকাশ আৰু প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু একক লিংগ বিদ্যালয়ত এনেধৰণৰ প্ৰতিযোগিতাৰ পৰিবেশ নাথাকে বাবে শিক্ষাৰ্থীৰ অস্তনিহিত গুণ আৰু সামৰ্থৰ পুণবিকাশ হোৱাৰ সুবিধা নাপায়।
(৮) সামাজিকীকৰণ প্ৰক্ৰিয়াত বাধা [Create obstacle on Socialization Process] : শিক্ষাৰ এক বিশেষ উদেশ্য হৈছে প্রত্যেকজন শিক্ষাৰ্থীক সামাজিক ৰীতি-নীতি, সংস্কৃতি, পৰম্পৰা, মূল্যবোধ, আদিৰ জ্ঞান প্ৰদান কৰি এজন উপযুক্ত সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলা। এই ক্ষেত্ৰত বৰ্তমান শিক্ষানুষ্ঠানসমূহৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। কিন্তু একক লিংগ বিদ্যালয়সমূহত শিক্ষার্থীসকলক উপযুক্ত সামাজিক ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ যিমানবোৰ গুণৰ বিকাশ সাধনৰ প্ৰয়োজন, সিমানখিনি সম্ভৱপৰ নহয়। এনেধৰণৰ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল আত্মকেন্দ্ৰিক হোৱা দেখা যায় আৰু এই আত্মকেন্দ্রিকতাই শিক্ষার্থীৰ ভৱিষ্যত জীৱনত সামাজিকীকৰণত বাধাৰ সৃষ্টি কৰে।
ওপৰত আলোচনাৰ পৰা দেখা যায় যে একক লিংগ বিদ্যালয়সমূহত লিংগভেদে শিক্ষাৰ্থীৰ বাহ্যিক আৰু আভ্যস্তৰীণ সামৰ্থ আৰু গুণৰাজিৰসমূহৰ বিকাশ সাধন কৰাৰ যথেষ্ট সুবিধা আছে। তথাপি একক লিংগ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে দোষমুক্ত নহয় ৷ একক লিংগ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীসকলে ভৱিষ্যত জীৱনত সামাজিক সমাযোজন আৰু বাস্তৱ জীৱনত সন্মুখীন হোৱা কিছুমান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিফল হোৱাত অৱকাশ থাকে। যি কি নহওক, একক লিংগ বিদ্যালয়েই হওক নাইবা সহ-শিক্ষাৰ বিদ্যালয়েই হওক শিক্ষাৰ্থীসকলৰ সৰ্বাত্মক বিকাশ নিৰ্ভৰ কৰে তেওঁলোকৰ মানসিক সামর্থ, মনোভাব, ব্যক্তিগত প্রচেষ্টা আৰু বিদ্যালয়ত পাঠ্যক্রম, বিষয়বস্তু, প্রশাসনিক সা-সুবিধা, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু গুণবিশিষ্ট শিক্ষকৰ ওপৰত। সেয়েহে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, পাঠ্যক্রম, সহপাঠ্যক্রমিক কাৰ্যাৱলীৰ সা-সুবিধা, প্রশিক্ষণপ্রাপ্ত শিক্ষক আদি পর্যাপ্ত আৰু উপযুক্ত মানবিশিষ্ট হ’লে শিক্ষাৰ্থীৰ সৰ্বাত্মক বিকাশ সম্ভৱপৰ হ’ব।
1. Infrastructure of School.
উত্তৰঃ বিদ্যালয়ৰ আন্তঃগাঁথনি বুলিলে বিদ্যালয় গৃহ, আচবাবপত্র, শ্রেণীকোঠা, চকী-মেজ, ডেক্স-বেঞ্চ, পুথিভঁড়াল, সভাকক্ষ, কার্যলয়, পৰীক্ষাগাৰ, অধ্যক্ষৰ কোঠা, শিক্ষকসকলৰ কোঠা, সংগ্ৰহালয়, ছাত্ৰ জিৰণী কোঠা, ছাত্রী জিৰণী কোঠা, কেণ্টিন, সংগীত চৰ্চাৰ কোঠা, কলা বিষয়ৰ কোঠা, প্রেক্ষাগৃহ, প্রাথমিক চিকিৎসা কোঠা, কম্পিউটাৰ কোঠা, প্ৰস্ৰাৱাগাৰ, শৌচাগাৰ, ব্যায়ামাগাৰ, অপেক্ষা গৃহ, পুথিভঁড়ালৰ লগত সংলগ্ন অধ্যয়ন কোঠা [Reading Room] আদি ব্যৱস্থাসমূহৰ সু-পৰিকল্পিত আৰু প্রণালীবদ্ধ আয়োজন ব্যৱস্থাক বুজায়। আমাব প্ৰায়বোৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীসকলৰ প্রয়োজনীয়তাসমূহ পূব কৰিব পৰাকৈ আন্তঃগাঁথনিৰ অভাৱ পৰিলক্ষিত হয়।
বিশেষকৈ শ্ৰেণীকোঠাৰ ক্ষেত্ৰত দেখা যায় যে, সহ-শিক্ষাৰ বিদ্যালয়সমূহৰ কিছুসংখ্যক বিদ্যালয়ত চকী-মেজ আৰু ডেক্স-বেঞ্চসমূহ ছোৱালী শিক্ষাৰ্থীৰ বয়স আৰু উচ্চতা অনুযায়ী প্ৰস্তুত কৰা নহয়। যিহেতু সমবয়সৰ ল’ৰা শিক্ষাৰ্থীসকলৰ উচ্চতা ছোৱালী শিক্ষাৰ্থীসকলৰ তুলনাত বেছি। গতিকে ছোৱালী শিক্ষার্থীনকল বহিবৰ বাবে কম উচ্চতাৰ ডেক্স আৰু বেঞ্চৰ ব্যৱস্থা কৰা প্ৰয়োজন যদিও এই বিষয়টো কিছুসংখ্যক বিদ্যালয়ত উপেক্ষা কৰা দেখা যায়। প্রয়োজনীয় বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা প্ৰায়ে অভাৱ পৰিলক্ষিত হয় আৰু ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ খোৱা পানীৰ ব্যৱস্থা নথকা বাবে ছোৱালী শিক্ষাৰ্থীসকল বহুসময়ত অসুবিধাৰ সন্মুখীন হ’বলগা হয় আৰু সহপাঠী ল’ৰা শিক্ষাৰ্থীৰ পৰা আতিশয্যৰ সন্মুখীন হ’ব লগা হয়।
বিদ্যালয়ৰ পুথিভঁড়ালৰ লগত সংলগ্ন কৰি শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়ন কক্ষ বা পাঠাগাৰ থকা অতি প্রয়োজন। এই পাঠাগাৰসমূহত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ অধ্যয়নৰ ৷ বাবে বহাৰ ব্যৱস্থা নকৰিলে কেতিয়াবা কেতিয়াবা ছোৱালী শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় আৰু লিংগভেদে সকলো শিক্ষার্থীৰে অধ্যয়নত বাধাৰ সৃষ্টি হয়। কিন্তু আমাৰ ‘প্ৰায়বোৰ বিদ্যালয়তে এনেধৰণৰ পাঠাগাৰৰ অভাৱ আৰু যিবিলাক বিদ্যালয়ত এনে পাঠাগাৰৰ ব্যৱস্থা আছে সেই বিদ্যালয় সমূহতো ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সুবিধা হোৱাকৈ বেলেগ বহি অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা নহয়।
প্রত্যেক বিদ্যালয়তে আজৰি সময়ত ব্যৱহাৰ কৰিবলৈ ছাত্র আৰু ছাত্ৰী জিৰণী কোঠাৰ প্ৰয়োজন এই ছাত্রী জিৰণী কোঠাৰ পৰিষ্কাৰ আৰু সকলো সুবিধা থকা প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা অতি জৰুৰী কিন্তু আমাৰ বিদ্যালয়সমূহত উপযুক্ত ছাত্রী জিৰণীকোঠাৰ অভাৱ। এনে ছাত্রী জিৰণী কোঠাৰ লগত একো একোটা সাজ-পাৰ পৰিধান কৰিব পৰা আচুটীয়া কোঠাৰো অতি প্রয়োজন ৷
এনেধৰণৰ সুবিধাসমূহৰ অভাৱে ছোৱালী শিক্ষাৰ্থীসকলক বহুসময়ত অসুবিধাত পেলোৱা দেখা যায়। আমাৰ বিদ্যালয়সমূহত ছোৱালী শিক্ষার্থীসকল সন্মুখীন হোৱা ডাঙৰ সমস্যাটো হৈছে ! সুবিধাজনক পৰিষ্কাৰ আৰু নিৰাপদ প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ অভাৱ। বিশেষকৈ প্ৰাথমিক আৰু উচ্চ প্রাথমিক স্তৰৰ চৰকাৰী বিদ্যালয়সমূহৰ বহুতো বিদ্যালয়ত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ পৰিষ্কাৰ, নিৰাপদ আৰু সুবিধাজনক প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ অভাৱ। ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে ওচৰা-ওচৰিকৈ এই প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰসমূহ, স্থাপন কৰা বাবে ছোৱালী, শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হ’বলগা হয়।
বিশেষকৈ মাটিৰ অভাৱৰ দোহাই দি আৰু খৰচৰ পৰিমাণ কমোৱাৰ মানসিকতাৰে বিদ্যালয়সমূহৰ ওচৰা-ওচৰিকৈ ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ প্ৰস্তুত কৰা বাবে ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়। যিহেতু ছোৱালী শিক্ষার্থীসকল লাজুকীয়া হোৱা বাবে বহু সময়ত প্রয়োজন সত্বেও শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ ব্যৱহাৰ কৰিবলৈ নাযায়। ফলস্বৰূপে ছোৱালী শিক্ষাৰ্থীসকলৰ বহুতেই ভৱিষ্যত জীৱনত বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। অন্যহাতে, ছোৱালী শিক্ষাৰ্থীসকলে ব্যৱহাৰ কৰা প্ৰস্ৰাৱাগাৰ আৰু সৌচাগাৰসমূহ প্ৰৰ্যাপ্ত পৰিমাণৰ পানীৰ ব্যৱস্থা অতি প্রয়োজন, যাতে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব পাৰি।
কিন্তু আমাৰ প্ৰায়বোৰ বিদ্যালয়ত প্রয়োজনীয় পানী যোগানৰ সুবিধা নথকা বাবে প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰসমূহ অপৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত নহয় ৷ এনেধৰণে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দিশটো অধ্যয়ন কৰিলে দেখা যায় যে, ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰ ৰিব পৰাকৈ প্ৰায়বোৰ বিদ্যালয়ত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ।গতিকে বিদ্যালয় স্তৰত শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ উপযুক্ত সুবিধা দানৰ বাবে আন্তঃগাঁথনিৰ দিশত প্ৰয়োজনীয় উন্নয়ন কৰা দৰকাৰ।
2. Games and Sports.
উত্তৰঃ শিক্ষাৰ্থীৰ ব্যক্তিত্ব বিকাশত খেল-ধেমালিৰ গুৰুত্ব অপৰিসীম। বিদ্যালয়ত এনেধৰণৰ খেল-ধেমালি আয়োজন কৰিবৰ বাবে এখন খেলপথাৰ থকাতো অতি প্রয়োজন। লগতে শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰ্ণ কৰিব পৰাকৈ আৱশ্যেকীয় খেলা-ধূলাৰ সঁজুলিসমূহ যোগান ধৰা আৰু সময় সাপেক্ষে এনেবোৰ খেল-ধেমালিৰ আয়োজন কৰা দৰকাৰ। যিহেতু খেল ধেমালিত যোগদান কৰিলে শিক্ষার্থীসকলৰ শাৰীৰিক, মানসিক, সামাজিক আৰু নৈতিক বিকাশ সাধন হোৱাৰ উপৰিও শিক্ষার্থীসকলৰ অন্য কিছুমান গুণ যেনে- সহযোগিতা, ধৈর্য, সহিষ্ণুতা, সহানুভূতি, দায়িত্ববোধ, শৃংখলাবদ্ধতা, পাৰস্পৰিক বুজাপৰা, দলীয় নেতৃত্ব দানৰ সুবিধা আদি বিকাশত সহায় কৰে। ইয়াৰোপৰি খেলা-ধূলাই শিক্ষাৰ্থীসকলৰ অৱসৰ সময়ৰ উপযুক্ত সদ্ব্যৱহাৰ কৰাত সহায়ক হয়। সেয়েহে বিদ্যালয়ত অধ্যয়নৰত সকলো শিক্ষাৰ্থীৰ বাবে খেল-ধেমালি আয়োজন কৰিব পৰা সুবিধা থকা প্রয়োজন।
কিন্তু আমাৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানত খেল-ধেমালি আয়োজন কৰিব পৰাকৈ.আন্তঃগাঁথনিৰ অভাৱ দেখা যায়। যিবিলাক বিদ্যালয়ত খেলা-ধূলাৰ বাবে আংশিক আন্তঃগাঁথনি আছে, সেইবোৰ বিদ্যালয়তো ল’ৰা আৰু ছোৱালী শিক্ষার্থীসকলৰ খেলা-ধূলাৰ বাবে প্রয়োজনীয় সুবিধাৰ অভাৱ। এইধৰণৰ বিদ্যালয়সমূহত ল’ৰা শিক্ষাৰ্থীসকলৰ বাবে খেলাধূলাৰ কিছুপৰিমানৰ সুবিধা আছে যদিও ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে সুবিধাৰ অভাৱ। অৰ্থাৎ শিক্ষানুষ্ঠানৰ অন্যান্য দিশসমূহৰ দৰে খেল-ধেমালিৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰতো লিংগ:অসমতাৰ ছবিখন প্ৰকট হৈ পৰে।
আমাৰ মাধ্যমিক স্তৰৰ বিদ্যালয়স সমূহত দেখা যায় যে, খেলধেমালিৰ বাবে প্ৰয়োজনীয় আহিলা আৰু সামগ্ৰীৰ যোগান ধৰা হয়। এই সামগ্ৰীসমূহৰ বেছিভাগেই কেৱল ল’ৰা শিক্ষাৰ্থীসকলৰ বাবেহে উ’পযোগী। ছোৱালী শিক্ষাৰ্থীসকলৰ ৰুচি-অভিৰুচি, আগ্রহ আৰু প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা খেলা-ধূলাৰ সামগ্ৰী বিদ্যালয়সমূহত যোগান ধৰা নহয়। শিক্ষকসকলৰ মাজত এনে এটা দৃষ্টিভংগী সোমাই আছে যে, ল’ৰা শিক্ষাৰ্থীসকলৰহে খেলধেমালিৰ প্ৰতি আগ্রহ আছে। গতিকে খেল-ধেমালিৰ সামগ্ৰী আৰু সঁজুলিসমূহ ক্ৰয় কৰাত সময়ত কেৱল ল’ৰা শিক্ষাৰ্থয়ে ব্যৱহাৰ কৰা খেলা-ধূলাৰ সামগ্ৰীসমূহহে ক্ৰয় কৰা হয়।
প্রধান শিক্ষকেই হওক বা অন্য সহ-শিক্ষকেই হওক, তেওঁলোকে ছোৱালী শিক্ষাৰ্থীৰ বাবে খেল-ধেমালিৰ প্ৰয়োজনীয় সামগ্ৰী আৰু সঁজুলি কিনিলে ধনৰ অপব্যৱহাৰ আৰু অপচয় কৰা যেনহে অনুভৱ কৰে। কাৰণ তেওঁলোকৰ মনত এনে এটা দৃষ্টিভংগী গঢ়ি উঠিছে যে, ছোৱালী শিক্ষাৰ্থীৰ বাবে কিনা খেলা-ধূলাৰ সামগ্ৰীসমূহ ব্যৱহাৰহীন হৈ নষ্ট হোৱাৰ বাদে অন্য কোনো প্রায়োগিক মূল্য পোৱা নাযাব।
বিদ্যালয়সমূহত শাৰীৰিক শিক্ষা আৰু খেল-ধেমালিৰ বাবে প্রতি সপ্তাহত এক নিৰ্ধাৰিত সময়সূচী থকা প্রয়োজন । যিবিলাক বিদ্যালয়ত এনেধৰণৰ সময়সূচী নিৰ্ধাৰণ কৰা আছে, সেই বিদ্যালয়সমূহত দেখা যায় যে, শাৰীৰিক শিক্ষা আৰু খেল-ধেমালিৰ দায়িত্বত থকা শিক্ষকসকলে কেৱল ল’ৰা শিক্ষার্থীসকলক খেলপথাৰলৈ নি শাৰীৰিক শিক্ষা আৰু খেল-ধেমালিৰ লগত জড়িত কৰে আৰু শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু আহিলাৰ অভাৱ বুলি কৈ দায়িত্ব সামৰে।
অন্য এক শ্রেণীৰ শিক্ষকে ইয়াতকৈও বেছি অৱজ্ঞা কৰি ছোৱালী শিক্ষাৰ্থীয়ে খেলা-ধূলা কৰাৰ প্ৰয়োজন নাই বা খেলাধূলা কৰি কি লাভ হ’ব, এনেধৰণৰ মত পোষণ কৰে। এনেদৰে ছোৱালী শিক্ষাৰ্থীসকল তেওঁলোকৰ ন্যায্য প্রাপ্তিৰ পৰা বঞ্চিত হয় আৰু প্ৰতিভাসম্পন্ন ছোৱালী শিক্ষার্থী থাকিলেও তাক প্রকাশ আৰু বিকাশ কৰাৰ সুযোগ নাপায়। ছোৱালী শিক্ষার্থীসকল খেলধেমালিত যোগদান কৰাৰ পৰা বঞ্চিত হোৱাৰ অন্য এটা কাৰণ হৈছে উপযুক্ত সাঁজ-পোছাকৰ অভাৱ আৰু খেলপথাৰত ছোৱালীৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ। ছোৱালী শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ পৰিধান কৰি অহা সাজ-পোছাক খেলা-ধূলাৰ সময়ত ব্যৱহাৰ উপযোগী নহয়। শাৰীৰিক শিক্ষা আৰু খেলা-ধূলাৰ সময়ত ব্যৱহাৰৰ বাবে পৰিপূৰক সাজ-পোছাক থকা প্রয়োজন। কিন্তু এনেধৰণৰ পৰিপূৰক সাজ-পোছাকৰ অভাৱ। বিদ্যালয় কর্তৃপক্ষ নাইবা চৰকাৰীভাৱে এনেধৰণৰ কোনো সাজ-পোছাক যোগান ধৰা নহয়।
অভিভাৱকসকলে এনেধৰণৰ খেল-ধেমালিৰ বালে প্রয়োজনীয় সাজ-পোছাক যোগান ধৰিলেও বিদ্যালয়সমূহৰ খেলপথাৰৰ ওচৰত কোনো সাজ-পোছাক পৰিধান কৰিব পৰা কোঠাৰ ব্যৱস্থা নাই। গতিকে এই সকলোবোৰ দিশতেই ছোৱালী শিক্ষার্থীসকলক অৱজ্ঞা কৰা দেখা যায়। ফলস্বৰূপে কিছুমান দক্ষ আৰু প্ৰতিভাসম্পন্ন ছোৱালী শিক্ষার্থীয়েও তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভাসমূহ প্ৰকাশ আৰু বিকাশ কৰাৰ সুবিধা নাপায়।
Long Question Answer
1. Gender Inequality in the Construction and Dissemination of Knowledge.
উত্তৰঃ জ্ঞান হৈছে এনে এক শক্তি [Knowledge Power] বি ব্যক্তিৰ মানসিক দৃষ্টিভংগীৰ প্ৰসাৰ সাধন কৰে, আমাৰ দুচকু মুকলি কৰে, হৃদয় বিশাল কৰি তোলে, যুক্তিসংগতভাৱে বিচৰা আৰু বিবেচনা কৰিবলৈ শিকায়, মানৱীয় মূল্যবোধৰ প্ৰসাৰ সাধন কৰে, ব্যক্তিৰ আচাৰ-আচৰণৰ প্ৰয়োজনীয় পৰিশোধন কৰে আৰু সামাজিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰে। সেয়েহে বৈদিক যুগৰ মহান মনীষীসকলে কৈছিল যে, প্রত্যেক মানুহৰ বা ব্যক্তিৰ তিনিটা চকু থাকে। তৃতীয় চকুটো ব্যক্তিৰ অন্তৰআত্মাৰ মাজত লুকাই থাকে। জ্ঞানে এই তৃতীয় চকুটো মুকলি কৰে। জ্ঞান হৈছে এনে এক শক্তি যি ব্যক্তিক মাতৃয়ে নিজৰ সন্তানক দিয়াৰ দৰে সুৰক্ষা দিয়ে, দেউতাকৰ আহহিৰে জীৱনৰ সুগম পথ নিৰ্বাচনত সহায় কৰে আৰু জীৱনত এগৰাকী পত্নীয়ে দিয়াৰ দৰে আনন্দ দিব পাৰে।
[Knowledge protects an individual like a mother, inspires him to follow the path of good conduct as a father does, and gives the pleasure that one’s wife provides.]
জ্ঞান অন্বেষনৰ স্পৃহা ব্যক্তিভেদে বিভিন্ন আৰু সেয়েহে জ্ঞানৰ পৰিসৰো ব্যক্তি অনুসৰি বেলেগ বেলেগ। প্রত্যেক ব্যক্তিৰ ৰুচই অভিৰুচি, আগ্রহ, মনোযোগ, জন্মগতভাৱে লাভ কৰা শক্তি, সামৰ্থ বেলেগ বেলেগ হোৱা বাবে জ্ঞান অন্বেষণৰ প্ৰক্ৰিয়া আৰু প্ৰকৃতি বেলেগ হয়। মহান শিক্ষাবিদ আৰু শিক্ষামনোবিজ্ঞানীসকলে মত পোষণ কৰে যে, পুৰুষ আৰু নাৰীৰ দৈহিক গঠন আৰু আকৃতিৰ যেনেদৰে ভিন্নতা স্পষ্ট, ঠিক তেনেদৰে অন্তর্নিহিত মানসিক শক্তি, প্রকৃতি, ইচ্ছা, আগ্রহ, ৰুচি, অভিৰুচি আদিৰো ভিন্নতা আছে।
সেয়েহে, পুৰুষ আৰু নাৰীৰ সকলো বিষয়ৰ জ্ঞান অন্বেষণৰ প্ৰতি সমানে আগ্ৰহ আৰু অভিৰুচি নাথাকে। কিছুমান বিষয়বস্তুৰ জ্ঞান অন্বেষনৰ প্ৰতি পুৰুষৰ বেছি আগ্রহ থাকে, যিবোৰৰ প্ৰতি নাৰীৰ আগ্রহহীনতা পৰিলক্ষিত হয়, ঠিক তেনেদৰে অন্য কিছুমান বিষয়বস্তুৰ জ্ঞান অন্বেষণৰ প্ৰতি নাৰীৰ ৰুছিবোধ আৰু আগ্ৰহ পুৰুষতকৈ অধিক পৰিলক্ষিত হয়। সেয়েহে বিদ্যালয় স্তৰত ছাত্ৰ-ছাত্ৰীৰ লিংগ অসমতা দূৰ কৰিব পৰাকৈ জ্ঞানৰ গঠন আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দিশসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।
(১) ছাত্ৰ আৰু ছাত্ৰীৰ ব্যক্তিত্ব গঠন প্ৰক্ৰিয়াৰ মাজত প্ৰভেদ দেখা যায়। সেয়েহে লিংগভেদে ব্যক্তিত্বৰ সংলক্ষণসমূহৰ ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ আৰু ছাত্ৰীৰ ব্যক্তিত্বৰ সমবিকাশ কৰিব পৰাকৈ বিদ্যালয়ত জ্ঞানৰ সম্প্ৰসাৰণ আৰু গঠনৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগিব।
(২) ছাত্ৰ-ছাত্ৰীৰ সুষ্ঠ দৈহিক আৰু মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় জ্ঞানৰ গঠন আৰু সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যিহেতু লিংগভেদে দৈহিক আৰু মানসিক প্ৰয়োজনসমূহৰ মাজত ভিন্নতা আছে।
(৩) ছাত্ৰ-ছাত্ৰীৰ ৰুছি, অভিৰুচি, পূৰণ কৰিব পৰাকৈ জ্ঞানৰ গঠন আৰু সম্প্ৰসাৰণত গুৰুত্ব দিব লাগে।
(৪) লিংগভেদে আগ্ৰহ আৰু মনোযোগৰ বিষয় বস্তু বেলেগ হোৱা পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ গঠন আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই দুটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
(৫) জ্ঞানৰ গঠন আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমি এনেদে ধৰি ল’ব নালাগিব যে, সকলো নাৰী আৰু সকলো পুৰুষৰ প্ৰয়োজনীয়তা আৰু দৃষ্টিভংগী একে [Avoid assuming that all women or all men share the same needs and perspectives]
যিহেতু সমাজৰ বিভিন্ন স্তৰত, বিভিন্ন ধর্মত, সম্প্ৰদায়ত আৰু বয়সত নাৰী আৰু পুৰুষৰ প্ৰতি দৃষ্টিভংগীৰ পাৰ্থক্য আছে আৰু নাৰী আৰু পুৰুষৰ বাবে ভিন্ন ৰীতি-নীতি আৰু সামাজিক পৰম্পবা আছে। যিহেতু ভাৰতীয় সমাজ ব্যৱস্থাত নাৰী আৰু পুৰুষ একেজাতীয় [Homogenous] দলত অন্তর্ভুক্ত নহয়।
(৬) জ্ঞানৰ গঠন আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব যে, সমস্যা আৰু পৰিস্থিতি ভেদে নাৰী আৰু পুৰুষ অভিজ্ঞতা আৰু সমস্যা সমাধান আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ দক্ষতা প্রভেদ আছে। সমস্যাসমূহৰ প্ৰকাৰ, প্ৰকৃতি আৰু পৰিস্থিতিভেদে পুৰুষ আৰু নাৰীক সমানে দায়িত্ব অর্পণ কৰিব পৰা নাযায় ৷ কিছুমান সমস্যা সমাধানৰ ক্ষেত্ৰত নাৰীক প্রাধান্য দিব লাগিব আৰু অন্য কিছুমান সমস্যা সমাধানৰ ক্ষেত্ৰত পুৰুষক দায়িত্ব আৰু প্ৰাধান্য দিব লাগিব।
(৭) জ্ঞানৰ, গঠন আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমাৰ সামাজিক ৰীতি-নীতি, পৰম্পৰা, সামাজিক মূল্যবোধ, লোকসংস্কৃতি আদিক সম্পূৰ্ণ অৱজ্ঞা কৰিব পৰা নাযায়। যিহেতু ভাৰতবৰ্ষ এখন বিচিত্র প্ৰকৃতিৰ দেশ। ইয়াত সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ধর্মীয় আৰু সাম্প্রদায়িক বৈচিত্র্যতা অনুযায়ী নাৰী আৰু পুৰুষৰ স্থান আৰু স্থিতিৰ ভিন্নতা পৰিলক্ষিত হয়।
(৮) কিছুমান বিষয়বস্তুৰ ক্ষেত্ৰত নাৰীক অত্যধিক হেঁচা দিয়া হয় আৰু তেওঁলোকক ইয়াৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিব বিচৰা পৰিলক্ষিত হয়। এই দিশটোৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্রয়োজন আৰু নাৰী আৰু পুৰুষ সকলোৰে মাজত সমবিকাশ প্রতি গুৰুত্ব দিয়া উচিত।
2. Gender Inequality in the Development of Curriculum and Textbooks.
উত্তৰঃ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰম আৰু পাঠ্যপুঠিৰ গুৰুত্ব অপৰিসীম। পাঠ্যক্ৰম আৰু পাঠ্যপুথি অবিহনে আমাৰ শিক্ষাব্যৱস্থা লক্ষহীন আৰু পংগু হৈ পৰিব। সাধাৰণ অৰ্থত পাঠ্যপুথি বুলি ক’লে কোনো এক নিৰ্ধাৰিত সময়ত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া নির্দিষ্ট বিষয়বস্তুক সামৰি লৈ প্ৰস্তুত কৰা পাঠ্যসূচীক [Syllabus] বা অধ্যয়নৰ বিষয়বস্তুক [Course of Syllabus] সূচায়। ইয়াৰ যোগেদি নিৰ্ধাৰিত সময়ত শিক্ষার্থীক কোনো বিষয়বস্তুৰ সীমিত আৰু নিৰ্বাচিত জ্ঞান প্ৰদান কৰে। কিন্তু বহল অৰ্থত পাঠ্যক্রমে এক বিশাল পৰিসৰ সামৰি লয়। বহল অৰ্থত পাঠ্যক্ৰম বুলিলে শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু আগ্রহ অনুযায়ী বিদ্যালয়ৰ শ্ৰেণীকক্ষৰ ভিতৰত বা বাহিৰত, বিদ্যালয়ৰ নিৰ্দ্ধাৰিত সময়সূচীৰ ভিতৰত বা বাহিৰত শিক্ষার্থীয়ে বিভিন্ন কাম-কাজৰ যোগেদি লাভ কৰা সকলোধৰণৰ অভিজ্ঞতাক সামৰি লয়।
ই হৈছে শিক্ষার্থীয়ে সকলো সময়ত আৰু সকলো ঠাইত লাভ কৰা বিৰামবিহীন আৰু গতিশীল প্রক্রিয়া। পাঠ্যক্ৰমত অৰ্থ অধিক স্পষ্টভাৱে বুজিবলৈ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সংজ্ঞাটি তলত দাঙি ধৰা হ’ল—
“Curriculum does not mean only the academic subjects traditionally taught in the school, but it includes the totality of experiences that pupils receive through the manifold activities that go in the school, in the classroom, library, laboratory, workshop, playgrounds and in the numerous informal contacts between teachers and pupils. In this sense, the whole life of the school becomes the curriculum which can touch the life of the students at all points and help in the evolution of a balanced personality.’’
এই অর্থত, শিক্ষার্থীয়ে বিদ্যালয়ৰ পৰিৱেশত লাভ কৰা সমগ্ৰ অভিজ্ঞতাৰ সমষ্টিক পাঠ্যক্রমে সামৰি লয়। সমগ্ৰ শৈক্ষিক প্ৰক্ৰিয়াটোত শিক্ষাৰ্থীৰ চাৰিত্ৰ গঠন, মনোভাৱ আৰু দৃষ্টিভংগী নিৰ্ধাৰণ, আচৰণ গঠন আদিত পাঠ্যক্ৰমত অন্তভুক্ত কৰা জ্ঞানে এক বিশেষ ভূমিকা লাভ কৰে। সেয়েহে পাঠ্যক্ৰমৰ বিষয়বস্তু নির্বাচন আৰু জ্ঞানৰ উপস্থাপন সঠিক আৰু শুদ্ধ হোৱা প্ৰয়োজন৷ বিদ্যালয়ৰ পাঠ্যক্ৰমত আমাৰ সমাজত প্ৰচলিত সামাজিক মানদণ্ড [Social norms], ৰীতি, নীতি, সাংস্কৃতিক পৰম্পৰা, সামাজিক মূল্যবোধ [Values] আদি প্রতিফলিত হ’ব লাগিব।
মুঠৰ ওপৰত বিদ্যায়তনিক [Scholastic] আৰু সহ-বিদ্যায়তনিক [Co-scholastic] ক্রিয়াকলাপ আৰু অভিজ্ঞতাৰ সমষ্টিয়েই হৈছে পাঠ্যক্রম। পাঠ্যক্রমে মূল্যায়নকো আন্তর্ভুক্ত কৰে। আমাৰ দেশত বাসকৰা প্ৰতিটো জাতি, ধর্ম, সম্প্রদায় আৰু লিংগ নির্বিশেষে সকলোৰে আশা আৰু আকাংখ্যা প্রতিফলন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰা প্ৰয়োজন। শিক্ষাবিদসকলৰ একাংশৰ মাজত প্ৰায়ে আলোচনা হোৱা দেখা যায় যে, আমাৰ প্ৰচলিত বিদ্যালয়ৰ পাঠ্যক্ৰমত নাৰীৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাসমূহক উপেক্ষা কৰা হয়। বহুক্ষেত্ৰত আকৌ পাঠ্যক্ৰমত অন্তর্ভুক্ত বিষয়বস্তুসমূহে নগৰীয়া জীৱনৰ নাৰীসকলৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰিছে যদিও গাঁৱলীয়া জীৱনৰ নাৰীসকলৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাসমূহ প্রতিফলন কৰিব পৰা নাই। বিদ্যালয় স্তৰৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি বিকাশত প্ৰকৃততে লিংগ অসমতা প্রতিফলিত হৈছে নেকি? এই সম্পর্কে বিশদভাৱে জানিবলৈ হ’লে তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত আলোকপাত কৰা প্ৰয়োজন।
(ক) আনুষ্ঠানিক আৰু সুপ্ত পাঠ্যক্ৰম আৰু লিংগ [Formal and Hidden Curriculum and Gender] : শিক্ষানুষ্ঠানত শিক্ষাৰ্থীয়ে জ্ঞান অৰ্জনৰ কাৰণে নিৰ্দিষ্ট বিষয়বস্তু অন্তর্ভূক্ত কৰি প্ৰস্তুত কৰা পাঠ্যক্ৰমক আনুষ্ঠানিক পাঠ্যক্ৰম বুলি অভিহিত কৰা হয়। এই পাঠ্যক্ৰমৰ যোগেদি কোনো পৰিকল্পিত উদ্দেশ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় বিষয়বস্তুৰ জ্ঞান, শিক্ষণীয় অভিজ্ঞতা আৰু বিভিন্ন শিক্ষণীয় সম্পদৰ বিষয়বস্তু অন্তৰ্ভুক্তি কৰাৰ উপৰিও পাঠ্যপুথি [Textbooks], শিকনীয় আহিলা [Learning aids], শিক্ষকে শিকন-শিক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা বিভিন্ন প্রযুক্তিবিদ্যাক অন্তর্ভুক্ত কৰা হয়।
বিশ্বৰ প্ৰত্যেকখন দেশে নিজৰ জাতীয় পাঠ্যক্রম শিক্ষাৰ বিভিন্ন স্তৰৰ কাৰণে নিজাবাবিয়াকৈ প্ৰস্তুত কৰি লয়। প্রস্তাৱিত পাঠ্যক্রমসমূহ পৰিকল্পিত পাঠ্যপুথি [Textbook] আৰু শিক্ষণীয় সঁজুলিসমূহৰ জৰিয়তে বাস্তৱায়িতভাৱে প্ৰয়োগ কৰা হয়। জাতীয় পাঠ্যক্ৰমৰ সহায়ত লিংগভেদে অর্থাৎ নাৰী আৰু পুৰুষসকলোৱে ব্যক্তিগত আৰু সামাজিক প্রয়োজনসমূহ উপভোগ কৰি উপযুক্ত নাগৰিক আৰু সামাজিক প্রাণী হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰিব লাগিব। পাঠ্যক্ৰমৰ জৰিয়তে আহৰণ কৰা শিকন অভিজ্ঞতাসমূহে যাতে সমাজত লিংগ অসমতাৰ মানসিকতাৰ গঢ় দিব নোৱাৰে সেই দিশৰ প্ৰতি জাতীয় পাঠ্যক্ৰম প্ৰস্তুত কৰা বিশেষজ্ঞসকল সচেতন হ’ব লাগিব।
পাঠ্যক্ৰমৰ অৰ্থ ব্যাখ্যা কৰোঁতে উল্লেখ কৰা হৈছে যে,বিদ্যালয়ৰ শ্ৰেণীকক্ষত পূৰ্বপৰিকল্পিতভাৱে কোনো বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিবৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ বাহ্যিক আৰু অন্তর্নিহিত গুণৰাজিৰ সৰ্বতোমুখী বিকাশ আৰু প্ৰকাশ কৰিব নোৱাৰে। এনে পাঠ্যক্রমক সংকীর্ণ অর্থত প্ৰয়োগ কৰা হয় আৰু এনে পাঠ্যক্রমে ব্যক্তি আৰু সমাজ গঠন সহায় কৰিব নোৱাৰে। জীৱনৰ গতিপথত আগবাঢ়ি যাওঁতে প্ৰতিটো খোজত আমি বিভিন্ন অভিজ্ঞতা লাভ কৰোঁ আৰু এই অভিজ্ঞতাসমূহে আমাৰ জীৱনৰ বিভিন্ন দৃষ্টিভংগী, মনোভাব, আচাৰ-আচৰণ আদি গঢ় দিয়াত সহায়ক হয়। জীৱনৰ প্ৰতিটো দিন আৰু স্তৰত ঘটনাবসতভাৱে [Incidental] লাভ কৰা অভিজ্ঞতা আৰু শিকন যিবোৰ মাধ্যমৰ যোগেদি লাভ কৰা হয় তাক সুপ্ত বা গোপন পাঠ্যক্রম [Hidden curriculum] হিচাপে গণ্য কৰা হয়। জীৱনত প্ৰকৃত শিক্ষা অৰ্জন কৰাৰ ক্ষেত্ৰত গোপন বা সুপ্ত পাঠ্যক্ৰমৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰিলক্ষিত হয় আৰু এই বিষয়টো আমি আওকাণ কৰিব নোৱাৰোঁ।
উদাহৰণ স্বৰূপে বিভিন্ন গণমাধ্যম যেনে, ৰেডিঅ’, দূৰদৰ্শন, আলোচনী, বাতৰিকাকত আৰু অন্যান্য সামাজিক মাধ্যমসমূহ (আধুনিক প্রযুক্তিবিদ্যাৰ যোগেদি প্ৰচাৰিত ফেবুক, টুইটাৰ, ৱাটছআপ আদিও অন্তৰ্ভূক্ত কৰিব পাৰি) বৰ্তমান সুপ্ত বা গোপন পাঠ্যক্ৰমৰ ভূমিকা গ্ৰহণ কৰিছে। সেয়েহে গোপন পাঠ্যক্ৰমৰ ভূমিকাত অৱতীৰ্ণ হোৱা এই গণমাধ্যমসমূহে যাতে কোনোধৰণৰ লিংগ অসমতা প্রকাশ পোৱা বিষয়বস্তু প্রকাশ আৰু সম্প্ৰচাৰ নকৰে তাৰ প্ৰতি সচেতন হোৱা অতি প্রয়োজন। সুপ্ত পাঠ্যক্রম হিচাপে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা অনুষ্ঠানটো হৈছে পৰিয়াল। মহান শিক্ষাবিদসকলৰ মতে শিশুৰ বাবে ঘৰখনেই হ’ল আটাইতকৈ ভাল বিদ্যালয় আৰু মাতৃয়েই হৈছে সকলোতকৈ ভাল শিক্ষক [Home is the best school and mother is the best teacher for child.]
শিশুৱে পৰিয়ালৰ মাজতেই ভাব-ভাষা, আচাৰ-আচৰণ, বিশ্বাস, মনোভাব, সামাজিক মূল্যবোধ আদিৰ বিকাশ সাধন কৰে। পৰিয়ালৰ সদস্যসকলৰ পৰা সাংস্কৃতিক আৰু সামাজিক পৰম্পৰা আৰু ধৰ্মীয় আচাৰ-ব্যৱহাৰ, ভাব-ভাষা আদিত যাতে কোনোধৰণৰ লিংগ অসমতাৰ মনোভাব প্ৰকাশ নঘটে তাৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন৷ পৰিয়ালৰ মাজত থকা ল’ৰা আৰু ছোৱালী সন্তানৰ মাজত লিংগভেদে কোনো এজনক বেছি প্ৰাধান্য/গুৰুত্ব দি অন্য এজনৰ প্ৰতি অনাদৰ মনোভাব প্ৰকাশ কৰা অনুচিত। এনেধৰণৰ লিংগভিত্তিক কৰা আচাৰ-আচৰণ, ভাব-ভাষা বা কাম-কাজে অনাদৰ কৰা সন্তানটিৰ মনত বিদ্রোহী মনোভাব গঢ়ি তুলিব পাৰে আৰু অনাগত সময়ত অসামাজিক কাম-কাজত জড়িত হ’ব পাৰে নাইবা নিচাত্মিক মনোভাবৰ সৃষ্টি হৈ হতাশগ্ৰস্ত হৈ পৰিব পাৰে। মুঠৰ ওপৰত লিংগ অসমতা দূৰীকৰণত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
(খ) পাঠ্যক্ৰমত লিংগ সমতাৰ সম্পর্ক স্থাপন [Gender equality concerns in the curriculum ] : আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰিৱেশত গঢ়িতোলা বা মানি চলা সামাজিক আৰু সাংস্কৃতিক মানদণ্ড আৰু অভ্যাসসমূহ অসচেতনভাৱে বা আমি গম নোপোৱাকৈয়ে মনৰ মাজত সোমায় পৰে আৰু ই সুপ্ত বা গোপন পাঠ্যক্ৰমৰ দ্বাৰা কাম কৰে। বিদ্যালয় স্তৰৰ পাঠ্যক্রমসমূহত লিংগ অসমতাৰ ছবি স্পষ্টভাৱে পৰিলক্ষিত হয়। এনেধৰণৰ লিংগ অসমতাৰ কাৰকসমূহ গছৰ শিপাৰ দৰে বাঢ়ি যায় আৰু আমাৰ শিক্ষকসকলেও ক্রমাগতভাৱে একেধৰণে প্ৰয়োগ কৰা দেখা যায়। ফলস্বৰূপে লিংগ পক্ষপাতযুক্ত [Gender bias] পাঠ্যক্ৰমৰ প্ৰৱৰ্তন হয়। উদাহৰণস্বৰূপে, শাৰীৰিক শিক্ষাৰ [Physical education] পাঠ্যক্ৰমত লিংগ অসমতাৰ ছবি স্পষ্টৰূপত প্ৰকাশ পায়।
আমি সকলোৱে মানি ল’ব বিছাৰোঁ যে ছাত্ৰীৰ তুলনাত ছাত্ৰই শৰীৰ চৰ্চা আৰু শাৰীৰিক ব্যাম বিষয়ৰ অভ্যাস গঠনৰ ক্ষেত্ৰত সুফল দেখুৱাব পাৰে। গতিকে এনেধৰণৰ শাৰীৰিক শিক্ষা কেৱল ছাত্ৰক প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। অন্যহাতেদি ছাত্ৰৰ তুলনাত ছাত্ৰীসকল ঘৰুৱা কাম-কাজত আগ্রহী আৰু এই দিশত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। সেয়েহে ছাত্ৰীসকলক শাৰীৰিক ব্যামৰ পৰিৱৰ্তে ঘৰুৱা কাম-কাজৰ (যেনে, চিলাই কাম, পাকঘৰৰ কাম) শিক্ষা প্ৰদান কৰিব লাগে। এনেধৰণে আমাৰ শিক্ষাব্যৱস্থাত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ লগত লিংগ সমতাৰ সম্পৰ্ক স্থাপন কৰা পৰিলক্ষিত হয় ।
এইখিনিতে আমেৰিকাৰ এখন বিদ্যালয়ত সংঘতিত হোৱা এটা ঘটনা উল্লেখ কৰা হ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰত বিদ্যালয় ভৰত শাৰীৰিক শিক্ষা পাঠ্যক্ৰমৰ অন্তর্ভুক্ত। উচ্চ প্রাথমিক স্তৰৰ ষষ্ঠমান শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰতি সপ্তাহত এঘণ্টা শাৰীৰিক শিক্ষাৰ বাবে অনুমোদন জনোৱা হয়ু আৰু শিক্ষার্থীদকলক মাজে মাজে খেলপথাৰলৈ পঠোৱা হয়। এদিন এখন বিদ্যালয়ৰ অধক্ষ্যই শাৰীৰিক শিক্ষাৰ শিক্ষাদানৰ সময়ত খেলপথাৰৰ ফালে খোজকাঢ়ি গৈ থাকোতে লক্ষ্য কৰে যে, শাৰীৰিক শিক্ষাদানৰ দায়িত্বত থকা শিক্ষকজনে ছাত্ৰসকলক বিভিন্ন দলত বিভক্ত কৰি শাৰীৰিক শিক্ষা প্ৰদান কৰিছে। কিন্তু ছাত্ৰীসকলে,লক্ষ্যহীনভাৱে (কিছুমানে ছাত্ৰসকলৰ কাম-কাজ লক্ষ্য কৰিছে, অন্য কিছুমান ছাত্ৰীয়ে মূল্যহীন কথাবতৰা পাতি ব্যস্ত হৈ আছে) খেলপথাৰত সময়ৰ অপচয় কৰি আছে।
অধ্যক্ষই শিক্ষকজনৰ পৰা জানিব বিচাৰিলে, কিয় ছাত্ৰীসকলক শাৰীৰিক শিক্ষাৰ কাৰ্যক্ৰমত জড়িত কৰা হোৱা নাই। প্ৰত্যুত্তৰত অধ্যক্ষক শিক্ষকজনে জনালে যে, ছাত্রীসকল শাৰীৰিকভাৱে দুৰ্বল আৰু ছাত্ৰসকলে খেলা খেলসমূহ তেওঁলোকে খেলিব নোৱাৰে। ইয়াৰ উপৰিও শিক্ষকজনে অধ্যক্ষক জনালে যে, ছাত্ৰীসকলৰ বাবে শাৰীৰিক শিক্ষাৰ বিষয়ৰ পৰিৱৰ্তে গার্হস্থ্য অর্থনীতি [Home economics] বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে যাতে ছাত্ৰীসকলে চিলাই কৰা, ৰান্ধনিশালৰ কামকাজ কৰা আদি শিকিব পাৰে।
(গ) পাঠ্যক্ৰমৰ ভাষা আৰু লিংগ [curriculum language and gender] : পাঠ্যক্ৰমত ব্যৱহৃত ভাষাই ইয়াৰ মূল ভেটিটো গঢ়ি তোলে ৷ কিছুমান পাঠ্যক্ৰমত ব্যৱহৃত ভাষা লিংগ পক্ষপাতমূলক হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা কেতিয়াবা ব্যৱহৃত ভাষাত পুৰুষ বা মহিলাৰ সামাজিক মর্যদা প্রকাশ পায় আৰু সাধাৰণতে পুৰুষক দৃঢ়ভাৱে উচ্চ স্থানত আৰু মহিলাক নিম্ন স্থানত অংকিত কৰে। এনেধৰণৰ লিংগ পক্ষপাতমূলক ভাষাৰ ব্যৱহাৰে লিংগ অসমতাৰ ছবিখন বেছি প্ৰকট কৰি তোলে।
(ঘ) পাঠ্যক্ৰমৰ গঠন আৰু লিংগ [Curriculum structure and gender] : ভাৰতবৰ্ষৰ পাঠ্যক্ৰমৰ গঠন প্ৰক্ৰিয়া অধ্যয়ন কৰিলে দেখা যায় যে পাঠ্যক্ৰমত লিংগ সংবেদনশীলতাৰ দিশটো উপেক্ষা কৰা হৈছে। এইক্ষেত্ৰত পাঠ্যক্ৰম প্ৰস্তুত কৰা বিশেষজ্ঞসকল উদাহীন। সাধাৰণ পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি, কাৰিকৰী, বৃত্তিমূলক, চিকিৎসাবিজ্ঞান আদি সকলোতে লিংগ অসমতাৰ দিশটো পৰিস্ফুত হয়। সেয়েহে সকলো স্তৰৰ পাঠ্যক্রমসমূহ সংস্কাৰ সাধন কৰা প্রয়োজন হৈ পৰিছে আৰু এই দিশত থকা ভুল-ত্রুটিসমূহ অতিসোনকালে দূৰীকৰণৰ ব্যৱস্থা লোৱা উচিত।
(ঙ) নিদের্শনামূলক সামগ্ৰীৰ বিষয়বস্তু আৰু লিংগ [Content of instructional materials and gender] : পাঠ্যক্ৰমত ব্যৱহৃত নির্দেশনামূলক সামগ্রীসমূহ উপস্থাপন কৰোঁতে লিংগ অসমতাৰ ছবি যাতে প্রতিফলিত নহয় এই দিশটোত গুৰুত্ব দিব লাগে। লগতে যিকোনো লিংগকেই উচ্চ/দৃঢ়ভাৱে নাইবা অমায়িক/নম্ৰভাৱে প্ৰকাশ হোৱাকৈ নির্দেশনামূলক সামগ্রীসমূহ উপস্থাপন কৰিব নালাগে। উদাহৰণস্বৰূপে, প্রাথমিক বিদ্যালয়ৰ প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা পাঠ্যপুথি এখনত দেউতাকৰ ধাৰণা ব্যাখ্যা কৰোঁতে এজন ব্যক্তিয়ে আলোচনী এখন পঢ়ি থকা ছবি সংলগ্ন কৰি আৰু মাকৰ ধাৰণা ব্যাখ্যা কৰোঁতে ৰান্ধনিশালত কাম কৰি থকা ছবি এখন সংলগ্ন কৰা উচিত নহয়। থিক তেনেদৰে ডাক্তৰৰ ধাৰণা দিবলৈ এজন পুৰুষৰ ছবি, নাৰ্ছৰ ধাৰণা দিবলৈ এগৰাকী মহিলাৰ ছবি, ফুটবল খেলৰ ধাৰণা দিবলৈ কেইজনমান ল’ৰাই ফুটবল খেলি থকা ছবি আদি উপস্থাপন কৰা কাৰ্যই লিংগ অসমতাৰ ছবি প্রকট কৰি তুলিব। সকলো স্তৰৰ পাঠ্যপুথি প্ৰস্তুত কৰোঁতে ইয়াত অন্তৰ্ভুক্ত কৰা নিৰ্দেশনাত্মক সঁজুলি বা সামগ্ৰীসমূহ ব্যৱহাৰ কৰোঁতে এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিক্ষানুষ্ঠানত শিক্ষার্থী আৰু শিক্ষকৰ মাজত সু-সম্পর্ক স্থাপন কৰাৰ ক্ষেত্ৰত লিংগ অসমতাৰ ছবিয়ে ঋণাত্মক প্রভাৱ পেলাব পাৰে আৰু পৰৱৰ্তীসময়ত শিক্ষাৰ্থীসকলৰ ঘৰুৱা আৰু সামাজিক জীৱনটো আউল লগাব পাৰে ৷
পাঠ্যপুথিসমূহত ব্যৱহাৰ কৰা নির্দেশনাত্মক সামগ্ৰীসমূহৰ উপস্থাপনৰ যোগেদি নাৰী আৰু পুৰুষ, লিংগভেদে দ্বৈতগুণসম্পন্ন চৰিত্ৰ প্ৰকাশ পাব লাগে। সেয়েহে পাঠ্যপুথিয়েই হওক বা কর্ম পুথিয়েই হওক, ইয়াত প্ৰকাশ হোৱা নিৰ্দেশনাত্মক সামগ্ৰীসমূহ লিংগ নিৰপেক্ষ আৰু লিংগ সংবেদনশীল হোৱা প্ৰয়োজন৷ উদাহৰণস্বৰূপে পঞ্চম শ্রেণীৰ সমাজ অধ্যয়ন বিষয়ৰ পাঠ্যপুথি এখনত পৰিয়াল । সমন্ধীয় এটা পাঠ ‘যুগুত কৰোঁতে ব্যৱহাৰ কৰা নির্দেশনামূলক সামগ্ৰী হিচাপে যদি এজন ল’ৰাৰ ছবি সংলগ্ন কৰে, তেতিয়াহ’লে একেলগে ল’ৰাজনৰ বায়েক বা ভনীয়েকৰ ফটো আৰু তেওঁলোকৰ মাক আৰু দেউতাকৰ ফটোও উপস্থাপন কৰিব পাৰিলে লিংগ অসমতা প্রকাশ নহ’ব। লগতে পাঠটোত মাক, দেউতাক আৰু দুয়োটা সন্তানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ব্যাখ্যা কৰোঁতে যাতে কোনো লিংগ অসমতাৰ ধাৰণা প্রকাশ নাপাই এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।
(চ) মূল্যায়ন আৰু লিংগ (Evaluation / Assessment and Gender) : আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত মূল্যায়ন ব্যৱস্থাৰ যোগেদি পাঠ্যক্ৰমৰ উপযুক্ততা সম্পর্কে ধাৰণা গঠন কৰিব পাৰি। এই মূল্যায়ন ব্যৱস্থাই বিভিন্ন ধৰণৰ বিষয়বস্তু যেনে—সময়, ফৰ্মা, স্থান, পৰিৱেশ আদি সামৰি লয়। মূল্যায়ন সম্পর্কে হোৱা বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, মূল্যায়নৰ প্ৰকৃতি অনুযায়ী লিংগ অসমতাৰ ছবি বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, মূল্যায়ন ব্যৱস্থাত বহুবিকল্প বাছনি প্রশ্ন অন্তৰ্ভুক্ত কৰিলে ছাত্ৰীতকৈ ছাত্ৰই ভাল ফলাফল দেখুৱায় আৰু ৰচনাত্মক প্রশ্ন অন্তর্ভুক্তি কৰিলে ছাত্ৰৰতকৈ ছাত্ৰীয়ে বেছিভাল ফলাফল প্রদৰ্শন কৰে। অৱশ্যে এইক্ষেত্ৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে। যিকি নহওক, মূল্যায়ন ব্যৱস্থাত যাতে লিংগ অসমতাৰ ছবি প্রতিফলিত হ’ব নোৱাৰে তাৰ প্ৰতি শিক্ষক আৰু শিক্ষাবিদসকল সচেতন হোৱা প্ৰয়োজন আৰু লিংগ সমতা স্থাপন কৰিব পৰা মূল্যায়ন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা আৱশ্যক। এই ক্ষেত্ৰত আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োধৰণৰ মূল্যায়ন ব্যৱস্থাৰ পৰিৱৰ্তন কৰা প্ৰয়োজন।
যিকি নহওক, বর্তমান আমাৰ বিদ্যালয় পৰ্যায়ৰ প্ৰচলিত পাঠ্যক্ৰম আৰু পাঠ্যপুথিসমূহত কিছু কিছু দিশত লিংগ অসমতাৰ ছবি প্ৰতিফলিত হোৱা দেখা যায়। প্রকৃততে এখন গুণগত আৰু উচ্চ মানদণ্ডৰ পাঠ্যপুথি পাবলৈ হ’লে, ই লিংগ সমতাযুক্ত হোৱা অতি প্রয়োজন। সামাজিক লিংগৰ ধাৰণাটো যিহেতু প্রকৃতি পদত্ত নহয়, ই আমাৰ সমাজ ব্যৱস্থাই সৃষ্টি কৰা এক প্রক্রিয়া যাৰ যোগেদি কোনো কোনো বিষয়ত পুৰুষক মুখ্য হিচাপে আৰু নাৰীক গৌণ হিচাপে অংকন কৰাৰ চেষ্টা কৰা হয় আৰু অন্য কিছুমান বিষয়ত নাৰীক মুখ্য আৰু পুৰুষক গৌণ হিচাপে অংকন কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয়। বিদ্যালয়ৰ পাঠ্যক্ৰম বাছনি আৰু পাঠ্যপুথি প্ৰস্তুত কৰোঁতে লিংগ সমতা স্থাপন কৰাত গুৰুত্ব আৰোপ কৰাটো বৰ্তমান সময়ৰ আহ্বান হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত শিক্ষক সমাজ আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা বিশেষজ্ঞসকলৰ গধুৰ দায়িত্ব আহি পৰিছে।
3. Gender Inequality in the Classroom.
উত্তৰঃ অনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত জ্ঞানৰ আদান-প্রদানৰ মুখ্য স্থান হৈছে শ্রেণীকোঠা। সেয়েহে শ্ৰেণীকোঠাত এক উপযুক্ত অনুকূল পৰিৱেশ সৃষ্টি কৰিব পাৰিলেহে শিক্ষার্থীয়ে জ্ঞান অর্জন কৰাটো সম্ভৱপৰ হয়। শ্ৰেণীকোঠাত শিক্ষার্থীয়ে মানসিক প্রশান্তি লাভ কৰিলে আৰু আনন্দমুখ পৰিৱেশ পালে সুৰক্ষিত অনুভৱ কৰে আৰু তেতিয়াহে জ্ঞান আহৰণৰ প্ৰতি আকৃষ্ট হয়। প্ৰতিটো শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ (যেনে— জাতি, ধর্ম, বর্ণ, লিংগ, উচ্চ মেধাসম্পন্ন, সাধাৰণ মেধাসম্পন্ন, অনগ্ৰসৰ আৰু অতি পিছপৰা) শিক্ষার্থী থাকে। শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যক্তিভেদৰ প্ৰতি লক্ষ্য ৰাখি শ্রেণীকক্ষত উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ নিৰপেক্ষভাৱে শিক্ষাদান কৰা প্ৰয়োজন।
কোনো শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকে অধিক মনযোগ বা অন্য কাৰোবাৰ প্ৰতি অৱজ্ঞাসূচক মনোভাব প্রকাশ কৰা অনুচিত। ইয়াৰোপৰি লিংগ ভিত্তিক কোনো শিক্ষাৰ্থীৰ প্ৰতি অৱস্থাসূচক আৰু অত্যধিক গুৰুত্ব প্ৰদান কৰাটো উচিত নহয়। মুঠৰ ওপৰত শ্ৰেণীকোঠাত প্ৰতিজন শিক্ষক লিংগ নিৰপেক্ষ [Gender neutral] আৰু সংবেদনশীল বা লিংগ স্পর্শকাতৰ [Gender Sensitive] হোৱা অতি প্রয়োজন। সাধাৰণতে আমাৰ দেশৰ সাথমিক আৰু মাধ্যমিক স্তৰত দুই ধৰণৰ শিক্ষানুষ্ঠান দেখা যায়। ল’ৰা আৰু ছোৱালীয়ে একেলগে অধ্যয়ন কৰা সহ-শিক্ষাৰ অনুষ্ঠান বা সহ-শিক্ষানুষ্ঠান [co-education Institute] আৰু কেৱল ল’ৰা বা ছোৱালীয়ে অধ্যয়ন কৰা একগোত্রীয় শিক্ষানুষ্ঠান বা একক লিংগ বিদ্যালয় [ Singe Sex ! School]
সহ-শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণীকোঠাত দুয়োটা লিংগৰ শিক্ষার্থীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। এনেধৰণৰ বিদ্যালয়ত শিক্ষাদান কৰোঁতে শিক্ষকসকল অধিক লিংগ সচেতন [Gender consciousness], লিংগ নিৰপেক্ষ [Gender Neutral] আৰু লিংগ সংবেদনশীল [Gender Sensitive] হোৱা প্ৰয়োজন।
লিংগ ভেদে শিক্ষার্থীনকলৰ মানসিক গুণৰাজি আৰু দক্ষতা যেনে-সংজ্ঞানাত্মক সামর্থ [Cognitive abilities], বিভিন্ন সামাজিক সামর্থ [Social abilities] আদি আৰু, বিভিন্ন সাম্প্রদায়িক [Racial], সাংস্কৃতিক গোটৰ পৰা অহা শিক্ষাৰ্থীসকলৰ লিংগ অনুযায়ী জ্ঞান আহৰণৰ দক্ষতাৰ [Skill] মাজত প্ৰভেদ আছে নেকি আদি দিশসমূহক সামৰি লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন গৱেষণা সম্পাদন কৰা হৈছে। এই গৱেষণাসমূহৰ পৰা জানিব পৰা গৈছে যে, সজ্ঞানাত্মক সামৰ্থৰ ক্ষেত্ৰত লিংগভিত্তিক কোনোধৰণৰ বিশেষ পার্থক্য পৰিলক্ষিত হোৱা নাই। অৱশ্যে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিক্ষাৰ্থীসকলৰ মাজত লিংগভেদে কিছুমান বিশেষ বিষয়ৰ জ্ঞান অৰ্জন, বিশেষ আৰু প্ৰকাশৰ ক্ষেত্ৰত সামান্য লিংগ পার্থক্য পৰিলক্ষিত হৈছে। শ্রেণীকক্ষত শিক্ষাদানৰ সময়ত শিক্ষকসকলৰ আচৰণ কেনে হোৱা উচিত আৰু শিক্ষার্থীসকলৰ লিংগভেদে শ্রেণীকক্ষত শিক্ষকে তেওঁলোকক কেনে ধৰণৰ আচৰণ কৰাটো বিচাৰে আদি ৱিভিন্ন দিশত বিভিন্ন গৱেষণাকার্য সম্পাদন কৰা হৈছে।
এই অধ্যয়নসমূহৰ পৰা ক’ব পাৰি যে, শ্রেণীকক্ষত সকলো শিক্ষকৰ শিক্ষাদানৰ সময়ত কৰা আচৰণ লিংগ নিৰপেক্ষ আৰু লিংগ সংবেদনশীল নহয়। শিক্ষাদানৰ সময়ত শ্ৰেণীকক্ষত কিছুমান শিক্ষকে (সকলো নহয়) বিভিন্ন দিশত যেনে- শ্ৰেণী ব্যৱস্থাপনা, শিক্ষাৰ্থীৰ লগত স্থাপন কৰা সহযোগিতা, শিক্ষাদান পদ্ধতি প্রয়োগ, কর্ম সম্পাদন বিতৰণ, মূল্যায়ন, শিক্ষাৰ্থীৰ মাজত নেতৃত্বৰ দায়িত্ব বিতৰণ আদিত লিংগ অসমতা প্রদর্শন কৰা অভিযোগ মাজে মাজে শুনা যায়। এনে ধৰণৰ অভিযোগ উপস্থাপন হোৱাটো শিক্ষক সমাজৰ বাবে দুর্ভাগ্যজনক। প্রতিজন শিক্ষক এই দিশসমূহৰ প্ৰতি সজাগ আৰু সচেতন হোৱাৰ উপৰি লিংগ গতিশীল [Gender dynamic] হোৱা প্রয়োজন। শিক্ষকসকলৰ দৃষ্টি, মনোভাৱ, আচৰণৰ বহিঃপ্রকাশ লিংগভেদে সকলো শিক্ষাৰ্থীৰ প্ৰতি সচেতন, নীতিশীল আৰু সামাজিকভাৱে গ্রহণযোগ্য হোৱা প্রয়োজন। শ্রেণীকক্ষত শিক্ষকসকলৰ আচৰণ আৰু কাযকলাপৰ ওপৰত ভিত্তি কৰি গ্ৰেছ আৰু গ্রেভষ্টোকে [Grace and Gravestock-2009] কৰা অধ্যয়নত প্ৰকাশ পাইছে যে শ্রেণীকক্ষত একাংশ শিক্ষক লিংগ নিৰপেক্ষ আৰু লিংগ সংবেদনশীল নহয় আৰু তেওঁলোকে শ্ৰেণীকোঠাত তলত উল্লেখ কৰা আচৰণসমূহ প্ৰদৰ্শন কৰে।
১। কিছুসংখ্যক শিক্ষকে সকলো সময়তে ল’ৰা বা ছাত্র শিক্ষার্থীক অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁলোকৰ নাম সঘনাই উল্লেখ কৰে।
২। এই সকল শিক্ষকে শিক্ষাৰ্থীৰ পৰা কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰোঁতে ছাত্ৰীতকৈ ছাত্ৰসকলক প্রাধান্য দিয়ে আৰু উত্তৰ দিবৰ বাবে ছাত্ৰীক কম সময় দিয়ে। কিন্তু ছাত্রক বেছি সময় দিয়া দেখা যায়।
৩। প্রশ্ন সোধোতে কেৱল ছাত্ৰসকলৰ প্ৰতি চাক্ষুক সংযোগ [Eye contact] কৰে আৰু ছাত্ৰীসকলক অৱজ্ঞা কৰে।
৪। শ্ৰেণীৰ ছাত্ৰসকলৰ নামসমূহ মনত ৰাখে, কিন্তু ছাত্ৰীসকলৰ | নাম মনত নাথাকে।
৫। শ্রেণীকোঠাত ছাত্ৰসকলক নাম ধৰি মাতে; কিন্তু ৷ ছাত্ৰীসকলক নাম ধৰি নামাতে।
৬। বিষয়বস্তুৰ আলোচনাৰ সময়ত ছাত্ৰসকলক সঘনাই প্রশংসা কৰে, কিন্তু ছাত্ৰীসকলক কম প্রশংসা কৰে।
৭। কোনো এটা প্ৰশ্নৰ উত্তৰ ছাত্ৰীয়ে দিব বিচাৰোঁতে মাজতে হস্তক্ষেপ কৰে।
৮। একাংশ শিক্ষকে জটিল প্রশ্নসমূহৰ উত্তৰ ছাত্ৰৰ পৰা বিচাৰে আৰু সহজ প্ৰশ্নসমূহৰ উত্তৰহে ছাত্ৰীৰ পৰা বিচাৰে।
৯। অন্য একাংশ শিক্ষকে ছাত্ৰতকৈ ছাত্ৰীৰ প্ৰতি বেছি মনোযোগ নিক্ষেপ কৰে।
১০। এনে ধৰণৰ একাংশ শিক্ষকে ছাত্ৰীক শান্ত স্ফভাৱৰ, নিয়মানুৱতী আদিৰ বাবে প্ৰশংসা কৰে আৰু ছাত্ৰক সঘনাই সমালোচনা কৰে।
এনে ধৰণৰ গৱেষণা আৰু অধ্যয়নসমূহে শ্রেণীকোঠাত একাংশ শিক্ষকে প্ৰদৰ্শন কৰা লিংগ অসমতাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকাশ কৰে। বেছি সংখ্যক শিক্ষকেই শ্রেণীকোঠাত ছাত্ৰীসকলৰ প্ৰতি অৱজ্ঞাসূচক আচৰণ কৰা পৰিলক্ষিত হয় আৰু বিভিন্ন দিশত ছাত্ৰসকলক অগ্ৰাধিকাৰ দিয়া দেখা যায়। শিক্ষকসকলৰ এনেধৰণৰ লিংগ অসমতাৰ আচৰণে শ্ৰেণীকোঠাত ছাত্ৰীসকলক হতাশ আৰু মানসিক আঘাত দিয়া দেখিবলৈ পোৱা যায়। সেয়েহে শ্রেণীকোঠাত শিক্ষকব কাম-কাজ, ভাব-ভাষা আৰু আচাৰ-আচৰণ লিংগ নিৰপেক্ষ, লিংগ সচেতন আৰু লিংগ সংবেদনশীল হোৱা অতি প্রয়োজন। লিংগভেদে সকলো শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ দৃষ্টিভংগী, মনোভাব, আৰত আচাৰ-ব্যৱহাৰ সামসঞ্জ্য থকা অতি প্রয়োজন। আমাৰ বিদ্যালয়সমূহত দেখা যায় যে শ্রেণীকক্ষত শিক্ষকসকলৰ বেছি সংখ্যকেই ছাত্ৰসকলক দৃঢ়মনৰ, দক্ষতাসম্পন্ন, মেধাৱী, সক্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী হিচাপে অংকিত কৰে আৰু ইয়াৰ বিপৰীতে ছাত্ৰীসকলক দুৰ্বল মনৰ, নম্ৰ, অমায়িক, কম মেধাসম্পন্ন, আবেগিক আদি দৃষ্টিভংগীৰে অংকন কৰিব বিচাৰে। শ্ৰেণীকোঠাত শিক্ষকসকলে লিংগভিত্তিক পোষণ কৰা এনেধৰণৰ গতানুগতিক মনোভাব দূৰ কৰা প্রয়োজন।