Gender And Education Unit 2 Gender And Society Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Gender And Education Unit 2 Gender And Society to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Gender And Education Unit 2 Gender And Society can be of great value to excel in the examination.
Gender And Education Unit 2 Gender And Society
Gender And Education Unit 2 Gender And Society Notes cover all the exercise questions in UGC Syllabus. The Gender And Education Unit 2 Gender And Society provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Gender And Society
EDUCATION
GENDER AND EDUCATION
লিংগ আৰু শিক্ষা
Short Question answer
1. What is Gender Inequality.
উত্তৰঃ একৈশ শতিকাতও আমি ভাৰতীয়সকলে ল’ৰা সন্তান জন্ম হ’লে উল্লাসিত হওঁ, কিন্তু ছোৱালী সন্তান জন্ম হ’লে বোবা 3 নিচিনা, হওঁ। তাহানি দিনৰে পৰা বৰ্তমানলৈ ল’ৰা সন্তানৰ প্ৰতি আমাৰ ইমানে মৰম যে ল’ৰাৰ প্ৰতি থকা দূৰ্বলতাৰ বাবেই ছোৱালী সন্তানক জন্মৰ পূৰ্বে বা জন্মৰ সময়ত মাৰি পেলোৱা হৈছে। যদিওবা সৌভাগ্যক্রমে জন্মৰ পূৰ্বে বা জন্মৰ সময়ত ছোৱালী সন্তানক মাৰি পেলোৱা হোৱা নাই, কিন্তু তাইক গোটেই জীৱনত বিভিন্ন বৈষম্যমূলক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ বাধ্য কৰোৱা হৈছে। ধর্মীয় বিশ্বাস মতে যদি নাৰীক দেৱী বুলি মানি লওঁ; কিন্তু আমি নাৰীক মানুহ বুলি স্বীকৃতি দিয়াত বিফল হৈছোঁ; আমি দেৱীক পূজা কৰোঁ সঁচা, কিস্তু ছোৱালীক বা নাৰীক শোষণ কৰোঁ। আমাৰ ভাবধাৰা আৰু ধর্মোপদেশ আমাৰ কৰ্মৰ পৰা পৃথক।‘Gender’ আৰু ‘Sex’ এই ইংৰাজী শব্দ দুটাৰ অসমীয়া অৰ্থ একেযেন লাগিলেও শব্দ দুটাৰ অৰ্থ কিন্তু একে, বহয়। ইহঁতৰ মাজত এক বিশেষ পার্থক্য বিৰাজমান।
Gender ৰ হৈছে এটা সামাজিক-সাংস্কৃতিক পদ যিটোৱে একোখন সমাজত পুৰুষ আৰু স্ত্ৰীক প্ৰদীন কৰা সামাজিকভাৱে সংজ্ঞাৱদ্ধ ভূমিকা আৰু আচৰণক বুজায়৷ উদাহৰণস্বৰূপে, ছোৱালী এজনীয়ে কেনেকুৱা পোছাক পিন্ধিব; ল’ৰা এটাই কেনেকুৱা পোছাক পিন্ধিব; বিবাহৰ পিছত কইনাই শিৰত সেন্দূৰ ল’ব, ওৰণি ল’ব, স্বামীক মানি চলিব আদি বিভিন্ন ৰীতি-নীতিসমূহ সামাজিকসাংস্কৃতিক প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত। সেয়ে Gender ক সামাজিক লিংগ বোলা হয়। আনহাতে Sex পদটোৱে এটা জৈৱিক আৰু শাৰীৰিক সম্বন্ধীয় পৰিঘটনা [Biological and Physiological Phenomenon] ক বুজাই যিটোৱে মতা মানুহ আৰু তিৰোতা (Man and Woman)ৰ সংজ্ঞা দিয়ে। অর্থাৎ Sex য়ে মতামাইকীৰ চিনক বুজায়। সামাজিক, ঐতিহাসিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ‘Gender’ মানে হৈছে মুনিহ আৰু তিৰোতাৰ [Men and Women] মাজৰ এক ক্ষমতা সম্বন্ধীয় সম্পর্ক, য’ত মতা মানুহক তিৰোতাতকৈ শ্ৰেষ্ঠ [Superior] বুলি বিবেচনা কৰা হয় গতিকে ‘Gender’ হৈছে এক মানৱ সৃষ্ট ধাৰণা [Man-made concept]
আনহাতে ‘Sex’ হৈছে মানুহৰ প্ৰাকৃতিক বা জৈৱিক বৈশিষ্ট্য [Natural or biological characteristic] । এই জৈৱিক বৈশিষ্ট্যই সামাজিক লিংগক [Gender] প্ৰভাৱিত কৰে। কাৰণ শিশু-এটা জন্ম হোৱাৰ ঠিক পিছতে মতা বা মাইকীৰ চিনৰ ওপৰত ভিত্তি কৰি সামাজিক-সাংস্কৃতিক ৰীতি-নীতিসমূহ শিকাবলৈ আৰম্ভ কৰা হ’ল।
একেবাৰে সৰল ভাষাত লিংগ অসমতা মানে হৈছে- মতামাইকীৰ চিনৰ ওপৰত ভিত্তি কৰি নাৰীৰ বিৰুদ্ধে কৰা বৈষম্য বা পক্ষপাতিত্ব।-পৰম্পৰাভাৱে নাৰীক সমাজৰ দূৰ্বল লিংগ বুলি বিবেচনা কৰা হয় আৰু পুৰুষৰ তলতহে নাৰীক স্থান দিয়া হয়। নাৰীক আমাৰ গৃহ আৰু সমাজত শোষণ, মৰ্যদা হানি আৰু অপবিত্ৰ কৰা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে বৈষম্যমূলক দৃষ্টিভংগী গ্রহণ কৰা হয়। নাৰীৰ বিৰুদ্ধে কৰা এই বিশেষ ধৰণৰ বৈষম্য ভাৰতবৰ্ষ আৰু সমগ্ৰ বিশ্বত সম্প্ৰতি বিৰাজমান। ভাৰতীয় সমাজত লিংগ অসমতাৰ মূল কাৰণ হৈছে পিতৃতান্তিক পদ্ধতি। এজন বিখ্যাৎ সমাজতত্ত্ববিদ চিলভিয়া ৱালবিৰ মতে, “পিতৃপ্রধান পদ্ধতি হৈছে এক সামাজিক গঠন আৰু অনুশীলন পদ্ধতি, য’ত পুৰুষে নাৰীক দমন কৰে, শোষণ কৰে আৰু অত্যাচাৰ কৰে।” ভাৰতীয় সমাজত নাৰীক শোষণ কৰাটো অতীজৰে পৰা চলি আহিছে।
লিংগ অসমতা এক সর্বজনীন প্রক্রিয়া। প্রতিখন দেশে এই অসমতাৰ সন্মুখীন হ’বলগা হৈছে। যদিও দেশভেদে লিংগ অসমতাৰ প্রকৃতি আৰু পৰিসৰ বেলেগ কিন্তু প্ৰতিখন দেশতে ইয়াৰ প্ৰভাৱ নপৰাকৈ থকা নাই।
লিংগ অসমতাৰ ভিন্নতা এখন দেশৰ জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড, শৈক্ষিক স্তৰ [Educational level], সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে। পূৰ্বতে তিৰোতাসকলে লিংগ অসমতাৰ বিপৰীতে কোনো প্রশ্ন উত্থাপন নকৰিছিল। তেওঁলোকে ইয়াক জীৱনৰ লগৰী বুলিয়ে গণ্য কৰিছিল। তেওঁলোকক বুজোৱা হৈছিল যে তিৰোতাসকল স্বাতন্ত্র্যৰ বাবে লায়ক নহয়; পুৰুষক মানি চলিবলৈয়ে তেওঁলোক জন্ম হৈছে, তেওঁলোকক সদায় পুৰুষে নিৰাপত্তা দিব; তেওঁলোকৰ কৰ্তব্য হৈছে ঘৰুৱা কাম-বন কৰা; ল’ৰা-ছোৱালী জন্ম দিয়া আৰু ডাঙৰ-দীঘল কৰা ইত্যাদি।
১৮ শতিকাৰ উদ্যোগীকৰণে [Industrialisation] সমগ্র বিশ্বতে আর্থ-সাংস্কৃতিক দিশত বহুতো পৰিৱৰ্তন আনে। আৰু নাৰীসকলৰ সামৰ্থক দমন কৰি ৰখাতো পোহৰলৈ আহে। উদ্যোগীকৰণ আক নগৰীকৰণে নাৰীসকলক শিক্ষা, অর্থনীতি, ৰাজনীতি, সামাজিক, বৈজ্ঞানিক আৰু অন্যান্য ক্ষেত্ৰত নিজকে প্রমাণ কৰাৰ সুযোগ প্ৰদান কৰিলে। তেওঁলোক অধিকাৰ আৰু সামৰ্থৰ প্ৰতি সজাগ হ’ল। সম্প্রতি লিংগ অসমতাই নাৰী আৰু পুৰুষৰ মনোযোগ সমানে আকৰ্ষণ কৰিছে।
2. Definitions of Caste? Characteristics of caste
উত্তৰঃ অসমীয়া ভাষাত ব্যৱহৃত জাতি শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে ‘কাষ্ট’ [Caste] । এই ‘কাষ্ট’ শব্দটো পৰ্টুগীজ শব্দ ‘কাষ্টা’ [Casta] ৰ পৰা আহিছে; যাৰ অৰ্থ হৈছে [breed] বা [lineage] । অর্থাৎ, জাতি হৈছে গোষ্ঠী, বংশ বা পৰিয়ালৰ সমষ্টি। পৰ্টুগীজসকলেই ভাৰতীয় জাতি ব্যৱস্থাক বুজাবৰ বাবে প্ৰথম ‘কাষ্ট’ শব্দটো ব্যৱহাৰ কৰিছিল। এই ‘কাষ্ট’ শব্দটোৱে ‘Race’ বা ‘Kind’ক বুজায়। সংস্কৃত ভাষাত ‘কাষ্ট’ শব্দটো [Varna] বা ‘বৰণ’ [Colour] বুলিহে ব্যৱহাৰ কৰা হয়। জাতি বা বৰ্ণই হৈছে ভাৰতীয় জাতি ব্যৱস্থাৰ মূল ভিত্তি যি মানুহৰ শ্ৰম আৰু জীৱিকা নিৰ্ধাৰণ কৰে। জাতি আৰু বৰ্ণক কোনো কোনোৱে সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিলেও দুয়োটা কিন্তু ভিন্ন অৱধাৰণাহে জাতি শব্দটো আকৌ ভাৰতীয় সংস্কৃত ভাষাৰ ‘জোন’ শব্দটোৰ পৰাহে উৎপত্তি হৈছে বুলি জনা যায়। ‘জোন’ মানে ‘জন্ম লাভ কৰা’।
অৰ্থাৎ, ভাৰতীয় সমাজ ব্যৱস্থাত জন্মৰ দ্বাৰাহে মানুহৰ জাতি নিৰ্ধাৰিত হয়। জাতি ব্যৱস্থা অনুসৰি এজন ব্যক্তিৰ জাতি জন্মসূত্রেই নিৰ্ধাৰিত হয়। যি ব্যক্তি যি জাতিত জন্ম গ্ৰহণ কৰে, তেওঁ সেই জাতিৰ বুলি চিনাক্ত হয়। জাতি ব্যৱস্থা গতিশীল নহয় আৰু ইয়াক জন্মসূত্ৰৰ বাহিৰে আন উপায়েৰে গ্ৰহণ কৰিব নোৱাৰি। ভাৰতীয় হিন্দু সমাজক ‘চতুবৰ্ণ’ৰ আধাৰত স্তৰীকৰণ কৰা হৈছে। এই ‘চতুবৰ্ণ’ অনুসৰি ভাৰতীয় সমাজক ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা স্তৰত বিভক্ত কৰা হৈছে। এই জাতি ব্যৱস্থা অনুসৰি ব্ৰাহ্মণসকলক সামাজিক প্রস্থিতি বা স্থান সর্বোচ্চ আৰু শূদ্ৰসকলৰ প্ৰস্থিতি সর্বনিম্ন। এই চাৰিটা স্তৰৰ লোকসকলৰ সামাজিক প্রস্থিতি বা স্থান জন্মৰ জৰিয়তে নিৰূপিত হয়।
সমাজতত্ত্বৰ অভিধান মতে, “A caste is form of social stratification in which caste have been hierarchically organised and separated from each other by ruled of ritual purity.” । অৰ্থাৎ, জাতি ব্যৱস্থা হৈছে, সামাজিক স্তৰীকৰণৰ এটা ব্যবস্থা, যিটোৱে প্ৰচলিত বীতি-নীতিৰ আধাৰত ব্যক্তিৰ সংস্তৰণ ঘটায়। জাতি ব্যৱস্থা সম্পৰ্কত বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞাআগবঢ়াইছে।
সমাজতত্ত্বববিদ চাৰ হাৰ্বাট ৰিজলি [Sir Herbert Risley ] মতে, জাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি, যি সমষ্টিৰ লোকসকলে কোনো মানুহ বা কাল্পনিক পূৰ্বপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে, একেটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু স্বজাতীয় সম্প্রদায় বুলি অভিমত প্ৰকাশ কৰিব পাৰে।
[Caste is a collection of families or groups of families bearing a common name which is associated with specific occupation, claiming common descent from a mythical ancestor, human or divine, professing to follow the same hereditary calling and regarded by those who are competent to give an opinion as forming a single homogeneous community.]
ভি. এ. স্মিথ [V.A. Smith] ৰ মতে, “এটা জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যি বিশেষকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পৱিত্ৰতা ৰক্ষা কৰিবলৈ বিশেষ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা আভ্যস্তৰীণভাৱে বান্ধ খাই থাকে” [A Caste is a group of families internally united by peculiar rules for the observance of ceremonial purity especially in matters of diet and marriage.]। ডি. এন. মজুমদাৰ আৰু টি. এন. মদন [D. N. Majumdar and T. N. Madan] ৰ মতে, “বন্ধ শ্ৰেণী একোটাই হৈছে জাতি।” [Caste is a closed class.]
চি. এইচ. কুলে [C.H. Cooley] ৰ মতে, “যেতিয়াই এটা শ্ৰেণী কঠোৰভাৱে বংশগত হৈ পৰে, তাকে আমি জাতি বুলি ক’ব পাৰোঁ।” [When a Class is somewhat strictly hereditary, we may call it a caste:]
আর্নল্ড গ্রীনৰ মতে, “জাতি ব্যৱস্থা হৈছে সামাজিক স্তৰীকৰণৰ এটা পদ্ধতি, যিটোৱে উচ্চ-নীচ গতিশীলতা বন্ধ হয়!” তেওঁ আকৌ কৈছে যে, “জাতি প্রথা অনুযায়ী অন্ততঃ আদৰ্শগতভাৱে সামাজিক প্ৰস্থিতিৰ গতিশীলতা সম্ভৱপৰ নহয়।” [Caste is a system of stratification in which mobility up and down the status ladder, at least ideally may not occur.”] শ্রেণীবোৰৰ মাজত ৰবাৰ্ট বায়ৰষ্টেডৰ মতে, “যেতিয়া সামাজিক পাৰস্পৰিক গতিশীলতা বন্ধ হয়, তেতিয়া আমি সেই শ্রেণী সংৰচনাক জাতি বুলি কওঁ।”
লুণ্ডবাৰ্গৰ মতে, “জাতি হৈছে জন্মৰ জৰিয়তে সৃষ্টি হোৱা এটা কঠোৰ সামাজিক শ্ৰেণী ব্যৱস্থা, যিটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত চূড়ান্ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।” ই. এ. ব্লাণ্টৰ মতে, “এটা জাতি হৈছে এটা অন্তর্বিবাহী সামাজিক গোট, যি গোটৰ সদস্যসকলে বংশগত উমৈহতীয়া উপাধি গ্রহণ কৰি সামাজিক চাল-চলন কৰি থাকে। এটা জাতিৰ লোকসকলে পৰম্পৰাগত জীৱিকা গ্ৰহণ কৰে আৰু তেওঁলোকৰ উৎপত্তি একে বুলি দাবী কৰে। সাধাৰণতে স্বজাতীয় সমুদায়ৰ ৰূপত বিবেচনা কৰা হয়।”ষ্টিভেনচনৰ মতে, “প্ৰস্থিতিযুক্ত পৰিয়ালসমূহ বংশানুক্রম পদ্ধতিৰে গঠিত হৈ জাতি প্ৰথাৰ সৃষ্টি হয়। কিছুমান বিশেষ ব্যক্তিৰে গঠিত প্রত্যেক জাতিৰে একোটা নাম থাকে আৰু জাতি অনুযায়ী একো একোটা সুকীয়া জীৱনশৈলীও থাকে।”
মেক আইভাৰ আৰু পেজ [Mac Iver and Page] ৰ মতে “When status is wholly predetermined so that men are born to their lot without any hope of changing it, then the class takes the extreme form of caste.”
জাতিৰ বৈশিষ্ট্য [Characteristics of caste] : বিভিন্ন সমাজবিদে জাতিৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰাৰ দৰে আগবঢ়াইছে।
অধ্যাপক জি. এচ. ঘোৰী এ তেওঁৰ বিখ্যাত গ্রন্থ ‘Caste and Class in India’ ত জাতিৰ বৈশিষ্ট্যবোৰ নিম্নলিখিত ধৰণৰ বুলি উল্লেখ কৰিছিল।
(১) জাতি ব্যৱস্থাই ভাৰতীয় সমাজখনক বিভিন্ন স্তৰত বিভক্ত কৰিছে। প্রত্যেক স্বৰৰ জাতিয়েই কিছুমান সু-নির্দিষ্ট প্রস্থিতি, ভূমিকা আৰু কৰ্তব্যৰ দ্বাৰা পৰিচালিত হয়।
(২) জাতিসমূহে নিজৰ জাতিৰ মাজত বৰ্তি থকা পালন কৰিবলগীয়া কৰ্তব্যসমূহ পালন নকৰিলে অর্থদণ্ড, প্রায়শ্চিত্ত, জাত্যান্তকৰণ, উধৰণি ভোজ, শাৰীৰিক শাস্তি আদিৰ সন্মুখীন হ’বলগীয়া হয়।
(৩) জাতি ব্যৱস্থাত জাতিবোৰৰ মাজত উচ্চ-নীচ সংস্তৰণ আছে আৰু প্ৰত্যেকৰে প্ৰস্থিতি বা স্থান বেলেগ বেলেগ। হিন্দু সমাজত ব্ৰাহ্মণৰ প্ৰস্থিতি সৰ্বোচ্চ, তাৰ পিছতে ক্ষত্ৰিয় আৰু বৈশ্যৰ স্থান আৰু শূদ্ৰসকলৰ স্থান সর্বনিম্ন।
(৪) জাতি ব্যৱস্থাত জাতিবোৰৰ মাজত খোৱা-লোৱা, চালচলন আদিৰ ক্ষেত্ৰত বাধা-নিষেধ আছে। ব্ৰাহ্মণসকলৰ মাজত বা অন্য জাতিৰ মাজতো কিছুমান বস্তু খোৱা-লোৱাৰ ক্ষেত্ৰত কঠোৰ আৰু অলংঘনীয় বাধা-নিষেধ আছে। ব্রাহ্মণসকলে অন্য জাতিৰ ঘৰত বা সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰিব।
(৫) জাতি অন্তর্বিবাহী। অর্থাৎ, প্রত্যেক জাতিৰ লোকে নিজৰ জাতিৰ ভিতৰতে বিবাহ সম্পন্ন কৰিবলৈ বিচাৰে; ফলত বিবাহৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান কঠোৰ বাধা-নিষেধ বা নীতিনিয়ম আছে আৰু সেইবোৰ সকলোৱে মানি চলে।
(৬) প্রত্যেক জাতিৰে একোটা নিৰ্দিষ্ট বৃত্তি থাকে। ব্রাহ্মণসকলে যাগ-যজ্ঞ, পূজা-পাতল কৰা, ক্ষত্রিয়সকলে যুদ্ধ-বিগ্ৰহ কৰা, বৈশ্যসকলে কৃষিকৰ্ম কৰা ইত্যাদি প্রত্যেকৰে একোটা নিৰ্ধাৰিত বৃত্তি আছে। জাতি’ব্যৱস্থাত নিজস্ব বৃত্তি এৰি আন বৃত্তি গ্ৰহণ কৰাটো অনুচিত বুলি ভবা হয়।
(৭) উচ্চনীচ বা স্পৃশ্য-অস্পৃশ্যৰ ধাৰণা জাতি ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। স্পৃশ্যসকলক পৱিত্ৰ আৰু অস্পৃশ্যসকলক অপৱিত্ৰ বুলি গণ্য কৰা হয়।
এন: কে. দত্ত নামৰ সমাজবিজ্ঞানীজনৰ মতে জাতিৰ বৈশিষ্ট্যবোৰ হৈছে।
(১) জাতি এক অন্তৰ্বিবাহী সমূহ। এটা জাতিৰ সদস্যসকলে নিজৰ জাতিৰ বাহিৰত বৈবাহিক সম্বন্ধ স্থাপনত বাধা-নিষেধ আছে।
(২) খোৱা-লোৱা, চাল-চলন আদিৰ ক্ষেত্ৰত এটা জাতিৰ সদস্যসকলে আন এটা জাতিৰ সদস্যসকলৰ লগত কিছুমান বাধানিষেধ মানি চলে।
(৩) প্রত্যেক জাতিৰে একোটা নিৰ্ধাৰিত জাতিগত বৃত্তি থাকে আৰু জাতিটোৰ সদস্যসকলে সেই বৃত্তিৰ দ্বাৰাই পৰিচালিত হোৱাটো বাঞ্ছা কৰে।
(৪) জাতি জন্মৰ ওপৰত আধাৰিত। যি যিটো জাতিত জন্ম হয়, তেওঁ সেই জাতিৰ বুলিয়েই পৰিচিত হয়। এটা জাতিৰ সদস্যসকল আন এটা জাতিলৈ পৰিৱৰ্তিত হ’ব নোৱাৰে।
(৫) জাতি ব্যৱস্থাত উচ্চ-নীচ সংৰণ আছে। হিন্দু সমাজত । আন সকলো জাতিতকৈ ব্ৰাহ্মণৰ স্থান উচ্চ।
(৬) সমগ্র জাতি ব্যৱস্থাটোৱেই ব্ৰাহ্মণৰ প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰশীল।
এই বৈশিষ্ট্যসমূহৰ উপৰি জাতি ব্যৱস্থাৰ আন কিছুমান বৈশিষ্ট্যও পৰিলক্ষিত হয়। সেইবোৰ হৈছে-
(১) জাতি ব্যৱস্থাই সমাজক খণ্ড-উপখণ্ডত বিভক্ত কৰে; সেয়ে জাতি ব্যৱস্থা হৈছে সমাজৰ এক খণ্ড বিভাজন ব্যৱস্থা।
(২) ই হৈছে ধৰ্মীয় আৰু সামাজিক সংস্তৰণ ব্যৱস্থা।
(৩) সামাজিক ৰীতি-নীতি, খোৱা-বোৱাৰ ক্ষেত্ৰতো সমাজৰ জাতিবোৰৰ মাজত প্ৰভেদ আছে।
(৪) জাতি অন্তর্বিবাহী সমূহ।
(৫) জাতি ব্যৱস্থাত জাতিৰ নিৰ্ধাৰিত বৃত্তিৰ বাহিৰে পৃথক বৃত্তি গ্রহণত বাধা-নিষেধ আছে।
(৬) সামাজিক আৰু ধৰ্মীয় নিৰ্ভৰযোগ্যতাৰ স্থান জাতি-ব্যৱস্থাত বিদ্যমান।
ওপৰৰ বৈশিষ্ট্যসমূহৰ পৰা ক’ব পাৰি যে, জাতি ব্যৱস্থা এক জটিল প্ৰকৃতিৰ সামাজিক ব্যৱস্থা। জাতি-ব্যৱস্থাত খাদ্যাভাস, চালচলন, বিবাহ, বৃত্তি আদিৰ লগত সম্পর্কযুক্ত। জন্মৰ দ্বাৰাই জাতিৰ সদস্যতা নিৰূপিত হয়। এটা জাতিৰ সদস্যসকলে আন জাতিৰ লগত খোৱা-লোৱা, বিয়া-বাৰু কৰোৱা আদিৰ ক্ষেত্ৰত বাধা-নিষেধ আছে। জাতিৰ সদস্যতা পৰিৱৰ্তন নহয়। ব্যক্তিয়ে যিটো জাতিত জন্ম গ্ৰহণ কৰে সেই জাতিৰে সদস্য হয়। জাতি ব্যৱস্থাত স্বজন পদ্ধতি, বিবাহ, খোৱা-লোৱা আদিত ভিন্নতা দেখা যায়।
ভাৰতৰ হিন্দু সমাজ ব্যৱস্থাৰ অনন্য সংস্তৰণ পদ্ধতিত বিভিন্ন সমূহবিলাকৰ ভিতৰত নিম্নতম ভৰত থকা লোকসকলক পৰম্পৰাগতভাৱে ‘অস্পৃশ্য জাতি’ বা ‘অনুসূচীত জাতি’ বুলি জনা যায়। এই লোকসকলক হিন্দু সংস্তৰণৰ চাৰিবৰ্ণ; যেনে— ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰৰ বাহিৰত ৰখা হৈছিল। এই লোকসকলক সাধাৰণতে পঞ্চম বৰ্ণৰ লোক হিচাপে গণ্য কৰা হৈছিল। বৈদিক যুগ তথা ৰামায়ণ, মহাভাৰতৰ যুগতো অস্পৃশ্য জাতিৰ উল্লেখ আছে। সেই সময়ত তেওঁলোকক ‘চণ্ডাল’, ‘নিষাদ’ আদি নামেৰে জনা গৈছিল।
ইংৰাজসকলে ভাৰত শাসন কৰি থকা সময়ছোৱাত সাধাৰণ অস্পৃশ্য জাতিৰ লোকসকলক ‘বাহ্য জাতি’ বা Exterior Caste বুলি অভিহিত কৰিছিল।
১৯২৮ চনৰ চাইমন আয়োগে পোন প্ৰথমবাৰৰ বাবে অস্পৃশ্য জাতি বা Untouchable Caste শব্দটো ব্যৱহাৰ কৰিছিল। এই অস্পৃশ্য জাতিৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে ১৯৩৫ চনত তেওঁলোক এক বিশেষ অনুসূচীৰ অন্তৰ্ভুক্ত কৰে৷ ১৯৫৩ চনত ভাৰতবৰ্ষৰ সংবিধানত তেওঁলোকক অনুসূচীত জাতি হিচাপে অন্তৰ্ভুক্ত কৰা হয়। কিন্তু জাতিৰ পিতা মহামানৱ মহাত্মা কৰিছিল। তেওঁৰ মতে হৰিজন [Harijan] মানে ভগৱানৰ মানুহ [The people of the God.]
3. Socialisation and Gender Biases of Childhood in School.
উত্তৰঃ বিদ্যালয়ে ল’ৰা-ছোৱালীৰ লিংগ সামাজিকীকৰণৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰি আহিছে। সকলো সমাজতে শিক্ষাদানৰ বাবে বিদ্যালয়ৰ ব্যৱস্থা আছে। প্রাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বোৰে ল’ৰা-ছোৱালীক প্ৰথম বৰ্ণমালাৰ লগত পৰিচয় কৰি দিয়াল লগতে লিংগভিত্তিক আচৰণ কৰাত আৰোপ কৰে। বিদ্যালয়ত ল’ৰা-আৰু ছোৱালীক সুকীয়া ইউনিফর্ম দিয়া হয়। ছোৱালীৰ খেলা-ধূলাবোৰ ল’ৰাব পৰা পৃথক হয়। ছোৱালীয়ে দীঘল চুলি ৰাখিব পাৰে কিন্তু ল’ৰাক দীঘল চুলি ৰাখিবলৈ দিয়া নহয়। দীঘল চুলি ৰখা ল’ৰাক কি ছোৱালীৰ দৰে চুলি ৰাখিছ বুলিহে কোৱা হয়। ঠিক সেইদৰেই ছোৱালীয়ে উৎপাত কৰিলে কি ল’ৰাৰ দৰে উৎপাত কৰিছ বুলি ধমক দিয়া হয়। ফুটবল, ভলীবল, ক্রিকেট ইত্যাদি খেলবোৰ ল’ৰাক মুক্তভাৱে খেলিবলৈ দিয়া হয় আৰু সেইবোৰ খেল খেলিবলৈ উৎসাহ যোগোৱা হয়৷ ছোৱালীৰ পৰা নমতা, শালীনতা আদিবোৰ শিক্ষকে আশা কৰে। ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ পৰা সংঘমী আচৰণ আশা কৰে। এনেদৰেই বিদ্যালয়ত লিংগৰ স্থান সম্পৰ্কে ল’ৰাছোৱালীৰ সচেতনতা বৃদ্ধি পায়।
উদাহৰণস্বৰূপে, আমাৰ বিদ্যালয়সমূহত প্ৰায়ে শুনিবলৈ পোৱা এষাৰ মন্তব্য হ’ল “ছাত্ৰীসকল বিজ্ঞান বিষয়ৰ কাৰণে উপযুক্ত নহয়”, এই বিষয়টো কেৱল “ছাত্ৰসকলৰ বাবেহে উপযুক্ত”, “ছাত্রীসকলে বিজ্ঞান বিষয়তকৈ কলা বিষয়বোৰ যেনে, সাহিত্য বা সমাজ শাস্ত্ৰতহে বেছি পাৰ্গত” ইত্যাদি। ইয়াৰ উপৰিও ছাত্ৰীসকলৰ বিপক্ষে প্রায়ে এটা অভিযোগ অনা দেখা যায় যে তেওঁলোকে বিজ্ঞান বিষয়ত ছাত্ৰসকলতকৈ ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰে যদিওবা প্ৰকৃতাৰ্থত তেওঁলোকে ছাত্ৰসকলৰ সমানেই ভাল প্ৰদৰ্শন দাঙি ধৰে। গৱেষণা কৰি পোৱা গৈছে যে বিজ্ঞান বিষয়ৰ শিক্ষণত এগৰাকী ছাত্র বা ছাত্ৰীৰ তেনেকুৱা কোনো প্রকৃতিগত পার্থক্য নাই। তৎসত্বেও দেখা যায় যে বিজ্ঞানৰ লগত জড়িত বৃত্তিসমূহত ছাত্ৰীসকলৰ পৰিমাণ নিচেই কম। এনে হেৱাৰ এটা কাৰণ হ’ব পাৰে যে বিজ্ঞান বিষয়সমূহ যেনে, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অংকশাস্ত্ৰ, কম্পিউটাৰ বিজ্ঞান আদি বিষয়সমূহ হ’ল প্ৰকৃতিগতভাৱে বস্তুনিষ্ঠ, সেয়েহে এনে বিষয়সমূহ প্রায়ে কঠিন বিষয় বুলি গণ্য কৰা হয় আৰু কোৱা হয় যে এই বিষয়সমূহ ছাত্ৰসকলৰ বাবেহে বেছি উপযুক্ত। আনহাতে বিৱৰণাত্মক বিষয়সমূহ যেনে- সমাজগাস্ত্র, শিক্ষা, সাহিত্য আদি বিষয়সমূহ সহজ বা নৰম বিষয় বুলি গণ্য কৰা হয় আৰু ভবা হয় যে ছাত্ৰীসকলৰ বাবেহে এই বিষয়বোৰ উপযুক্ত। ইয়াৰ উপৰিও দেখা যায় যে বিজ্ঞান বিষয়ৰ পাঠ্যপুথিসমূহত সচৰাচৰ ব্যৱহাৰ কৰা উদাহৰণ, ব্যাখ্যামূলক চিত্ৰ আৰু পৰীক্ষাসমূহ প্ৰায়ে ছাত্ৰসকলৰ ৰুচি বা অভিজ্ঞতাৰ লগত সংগতি ৰাখিহে প্ৰস্তুত কৰা হয়।
‘উদাহৰণস্বৰূপে ক’ব পাৰি যে বিজ্ঞানৰ পাঠ্যপুথিসমূহত প্ৰায়ে মটৰগাড়ীৰ ইঞ্জিন বা তেনেকুৱা ধৰণৰ খেলৰ ব্যাখ্যা দিয়া থাকে যিবোৰ সাধাৰণতে ছাত্ৰসকলৰহে প্রিয় বিষয়।
বিশিষ্ট গৱেষক কেলিৰ মতে, বিজ্ঞান বিষয়সমূহৰ পুৰুষসুলভ প্ৰকৃতিয়েই হৈছে ছাত্ৰীসকলে এই বিষয়টোৰ পৰা আঁতৰত থকা একমাত্র কাৰণ। [The masculinity of science is often the prime reason that girls tend to avoid the subject at school”. 1985.]। ইয়াৰ সপক্ষে কেলিয়ে তিনিটা কাৰণ দৰ্শাইছিল। প্ৰথমটো হ’ল, ‘ছাত্ৰীৰ সংখ্যা, বিদ্যালয়সমূহত ছাত্ৰীৰ তুলনাত এক তৃতীয়াংশ ছাত্ৰই বিজ্ঞানৰ বিষয়সমূহ অধ্যয়ন কৰে, দ্বিতীয়তে, বিদ্যালয়ত বিজ্ঞান পাঠ্যক্ৰমৰ উপকৰণসমূহো ছাত্ৰসকলৰ ৰুচি বা অভিজ্ঞতাৰ উপযোগীকৈহে সজোৱা হয়। তৃতীয়তে, শ্ৰেণীকোঠাত ছাত্ৰসকলৰ উপযোগীকৈ শিক্ষাৰ আদান-প্রদানে বিজ্ঞান বিষয়টোৰ এই ধাৰণাটোক অধিক গাঢ় কৰি তুলিছে। এনেধৰণে এই লিংগ বৈষম্যমূলক ধাৰণাসমূহ যেনে, ‘বিজ্ঞান কেৱল ছাত্ৰসকলৰ বাবেহে ইত্যাদি শিক্ষাক্ষেত্ৰখনলৈও বিয়পি পৰিছে। যাৰ ফলত শিক্ষক, অভিভাৱক আৰু সমাজৰ আন ব্যক্তিসকলেও প্রত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকৰ বিভিন্ন কথা বা কামৰ মাজেৰে ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ পৰা বিৰত ৰাখিছে।
ইয়াৰ উপৰিও এখন সমাজৰ মূল্যবোধ প্রতিফলিত হয় সেই সমাজখনৰ শিশুসকলৰ মাজেৰেই, যাৰ ফলত যেতিয়া শিশুসকলে বিদ্যালয়ত প্ৰৱেশ কৰে তেতিয়া তেওঁলোকে ক’ব নোৱাৰাকৈয়ে সেই সমাজখনৰ প্ৰচলিত লিংগ বৈষম্যৰ এপাসমূহো তেওঁলোকৰ লগতেই কঢ়িয়াই লৈ আনে। আনকি শিশুসকলে বিদ্যালয়ত প্ৰৱেশ নকৰাৰ আগতেই তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ এটা গভীৰ প্ৰভাৱ তেওলোকৰ ওপৰত থাকে। আমি সকলোৱে জানো যে বিজ্ঞানীসকল সাধাৰণতে স্বাধীন, যুক্তিবাদী মনৰ আৰু অনুসন্ধিৎসু আদি গুণৰ অধিকাৰী হয়। কিন্তু আমাৰ সমাজত ছোৱালীসকলক সদায় এই গুণবোৰৰ বিপৰীত গুণবোৰ আয়ত্ব কৰিবলৈহে শিক্ষা দিয়া হয়। যেনে, পৰাধীনতা, সহনশীলতা ইত্যাদি প্রায়ে দেখা যায় যে বেছি সংখ্যক পিতৃ-মাতৃয়েই তেওঁলোকৰ ল’ৰা সন্তানক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰিবলৈ নানা ধৰণৰ বৈজ্ঞানিক খেলাৰ সামগ্রী ক্রয় কেৰি দিয়ে যিটো এগৰাকী কন্যা সন্তানৰ ক্ষেত্ৰত খুব কমেই দেখা যায়। এনেধৰণৰ প্ৰচলিত বৈষম্যমূলক ধাৰণাই শ্ৰেণীকোঠাৰ ভিতৰতো লিংগ বৈষম্যমূলক কার্যসমূহক প্রশ্রয় দিয়ে।
গৱেষণা কৰি পোৱা গৈছে যে শ্ৰেণীকোঠাৰ ভিতৰত এনেধৰণৰ লিংগ বৈষম্যমূলক কাৰ্যৰ দ্বাৰা বিজ্ঞান শিক্ষকৰ লগতে আন ব্যক্তিসকলো যথেষ্ট প্ৰভাৱিত হয় আৰু যাৰ ফলস্বৰূপে একেটা শ্রেণীতে একেখন বেঞ্চতে বহা দুগৰাকী ছাত্র-ছাত্রীয়ে সম্পূর্ণ বেলেগ বেলেগ ধৰণৰ বিজ্ঞান শিক্ষা লাভ কৰে। হাড়ছন নামৰ গৱেষক এগৰাকীয়ে চলোৱা এক অধ্যয়নত পোৱা গৈছে যে ছাত্ৰসকলে ছাত্ৰীসকলৰ তুলনাত শিক্ষকৰ পৰা অধিক মনোযোগ আৰু সময় লাভ কৰে। আনহাতে যিবোৰ শিক্ষকে ছাত্রীসকলক অধিক মনোযোগ প্রদান কৰিবলৈ চেষ্টা কৰে তেওঁলোকে প্রায়ে অস্বাচ্ছন্দ্য অনুভৱ দেখা যায়। অধ্যয়নটোত ইয়াকো পোৱা গৈছে যে এগৰাকী ছাত্ৰই সদায় শিক্ষকৰ পৰা অধিক মনোযোগ, প্রশংসা লাভ কৰাৰ উপৰিও শিক্ষকৰ উচ্চত্তৰৰ প্ৰশ্নাৱলীৰো সন্মুখীন হ’ব লগা হয়। এনেধৰণৰ কাৰ্যই ছাত্ৰীসকলৰ মাজত হীনমন্যতাবোধৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ ইচ্ছা, আশা-আকাংক্ষাৰো যথেষ্ট ক্ষতি সাধন কৰে। আন কথাত ক’বলৈ গ’লে বিজ্ঞানৰ শ্ৰেণীকোঠাত ছাত্ৰীসকলৰ প্ৰতি কৰা এনে ব্যৱহাৰে শ্ৰেণীকোঠাত লিংগ বৈষম্যমূলক আচৰণকহে উৎসাহিত কৰে।
4. Socialisation and Gender Biases of Childhood in Family.
উত্তৰঃ প্ৰতিটো সদ্যজাত শিশুৰ বাবে পৰিয়াল বিশেষকৈ অভিভাৱক, সম্পৰ্কীয় লোক অত্মীয়স্বজন আদিয়ে লিংগ বৈষম্য আৰু সামাজিকীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। বহু ঠাইত শিশুৰ জন্মৰ লগে লগে কন্যা সন্তানৰ বাবে গুলপীয়া ৰং আৰু ল’ৰা সন্তানৰ বাবে নীলা ৰং ব্যৱহাৰ কৰে। অৰ্থাৎ জন্মৰ পিছতে কন্যা সন্তানক গুলপীয়া কাপোৰেৰে আৰু পুত্ৰ সন্তানক নীলা কাপোৰেৰে মেৰিয়াই লিংগ পাৰ্থক্য সৃষ্টি কৰা হয়। বহু ঠাইত পুত্র সন্তান জন্ম হ’লে মাছ বিলোৱাৰ নিয়মো পালন কৰা হয়। শিশুৰ জন্মৰ লগে লগে পুত্র সন্তান নে কন্যা সন্তান ঘোষণা কৰা হয়। অন্য লোকসকলেও শিশু এটা জন্ম হোৱাৰ লগে লগে পুত্র নে কন্যা তাক জানিবৰ বাবে আগ্রহান্বিত হয়। এনেদৰে জন্মৰ পিছ মুহূৰ্তৰ পৰাই লিংগ পার্থক্য আৰম্ভ হয়। বহু পিতৃ-মাতৃ বা পৰিয়ালে পুত্র সন্তান জন্ম হ’লে আনন্দ প্রকাশ কৰাৰ বিপৰীতে কন্যা সন্তান – জন্ম হ’লে বেজাৰ কৰাও দেখা যায়। আনকি পুত্ৰ আৰু কন্যা সন্তানৰ লালন পালনো সুকীয়াকৈ কৰা হয়। নিচেই সৰু অৱস্থাৰ পৰাই কন্যা সন্তানক ধুনীয়া, মিহি, সৰু ইত্যাদিৰে বৰ্ণনা কৰা হয় আৰু পুত্ৰ সন্তানক শকত, মজবুত ইত্যাদি বিশেষণেৰে বৰ্ণনা কৰা হয়।
ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে ল’ৰা-ছোৱালীয়ে লিংগৰ বিষয়ে অৱগত হয় আৰু ল’ৰা-ছোৱালীৰ থাকিবলগীয়া নিৰ্ধাৰিত লক্ষণ আৰু সমাজে নিৰ্ধাৰণ কৰা গুণ তথা বৈশিষ্ট্যবোৰৰ বিষয়ে জানিব পাৰে। সমাজে, ছোৱালীৰ বাবে অনুভূতিপ্ৰৱণ, কোমল, সহজে পতিয়ন নিয়াব পৰা, ধৈৰ্যশীল, প্রতিপালন কৰা, যত্ন ল’ব পৰা গুণ আদি বৈশিষ্ট্যবোৰ নিৰ্ধাৰণ কৰে আৰু ল’ৰাৰ ক্ষেত্ৰত সবল, কম অনুভূতিপ্ৰৱণ, যুক্তি প্ৰৱল, সাহসী গুণৰ অধিকাৰী আদি বৈশিষ্ট্যবোৰ নিৰ্ধাৰণ কৰে। যেতিয়াৰ পৰা শিশোৱে কথা ক’বলৈ আৰু বুজিবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই পৰিৱেশৰ পৰা লিংগ পার্থক্যৰ বিষয়ে জানিব পাৰে আৰু লিংগ বিচিত্রতা প্রত্যক্ষ কৰিবলৈ ধৰে। পৰিৱেশৰ লগত পৰিচিত হওঁতে লিংগ বৈশিষ্ট্যবোৰ আৰু নিৰ্ধাৰিত স্থিৰ গুণৰাজি জানিবলৈ সুবিধা পায়। ল’ৰা বা ছোৱালী হিচাপে লিংগ পৰিচয় আৰু ভূমিকা কি সেই বিষয়ে পৰিয়ালৰ আত্মীয় স্বজন, লগৰীয়াৰ পৰা ধাৰণা গ্ৰহণ কৰে। পিতৃ-মাতৃ বা অভিভাৱকসকলেও ল’ৰা আৰু ছোৱালীৰ প্ৰতি পৃথক আচৰণ প্ৰদৰ্শন কৰে। ল’ৰা-ছোৱালীৰ লিংগ পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকৰ কথা কোৱাৰ ধৰণ আৰু আচৰণ কৰাৰ ধৰণো সুকীয়া হয়। ল’ৰাৰ ক্ষেত্ৰত অভিভাৱকে কিছু ৰূঢ় আৰু উচ্চস্বৰ ব্যৱহাৰ কৰে কিন্তু ছোৱালীৰ ক্ষেত্ৰত কোমল, মৰমিয়াল আৰু নিম্নস্তৰত কথা কয়।
পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকলে খেলা বস্তু, গ্ৰন্থ, দূৰদৰ্শনৰ অনুষ্ঠান, পঢ়াশালি, পুতলা আদিৰ জৰিয়তে লিংগভিত্তিক শিক্ষা প্ৰদান কৰে আৰু ল’ৰা-ছোৱালীক প্ৰভাৱিত কৰিবলৈ ধৰে। এনেদৰে ল’ৰা-ছোৱালীয়ে লাভ কৰা সামাজিক শিক্ষাই সামাজিকীকৰণ কৰি তোলাত সহায় কৰে। এনে কামবোৰ অৱচেতনভাৱেই কৰা হয় আৰু অভিভাৱকসকলে যে নিজৰ ল’ৰা-ছোৱালীক লিংগ সচেতন কৰি গঢ়ি তুলিছে গমকে নাপায়।
আমাৰ সমাজত কিছুমান কথা প্রচলিত হৈ আহিছে যে ল’ৰাবোৰে গুলপীয়া ৰং পছন্দ নকৰে বা পুতলাৰ লগত খেলি ভাল নাপায় ৷ সেয়ে সিহঁতৰ খেলা বস্তুবোৰ ছোৱালীৰ পৰা পৃথক! ছোৱালীবোৰক পুতলাৰ লগত আৰু-ল’ৰাবোৰক গাড়ী, চাইকেল আদিৰ সৈতে খেলিবলৈ দিয়া হয়। ঠিক সেইদৰে ল’ৰাবোৰক সবল নকৰিবলৈ, লেতেৰা নহ’বলৈ আৰু মহিলাসূলভ হ’বলৈ শিকোৱা হয়। এনেবোৰ কাৰ্যই লিংগ পার্থক্য আৰু লিংগ পৰিচয়ক সবল কৰি তোলে আৰু লিংগ ভিত্তিক পৰিচয়ক সমল যোগায়। সমাজৰ প্রাপ্তবয়স্ক লোকসকলে, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলে আৰু অভিভাৱকসকলে সমাজৰ বাবে লাগতিয়াল বুলি বিবেচনা কৰি ল’ৰা-ছোৱালীক লিংগৰ ভিত্তিত ভূমিকা নিৰ্ধাৰণ কৰি পৰিচালিত কৰে। এই ক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা অতি তাৎপর্যপূর্ণ। ইয়াৰ লগতে পৰিয়ালৰ ককাক-আইতাক, পেহী-মাহী, খুড়া-খুড়ী, ককায়েক-ভায়েক, অঙহী-বঙহী সকলোৱেই শক্তিশালী ভূমিকা পালন কৰে। সমাজৰ প্ৰতি পদক্ষেপতে এই লোকসকলে লিংগসচেতনতা, লিংগ পার্থক্যক সজাগ কবি সামাজিকীকৰণ প্ৰক্ৰিয়াত এক উল্লেখযোগ্য আৰু শক্তিশালী ভূমিকা পালন কৰে।
5. Socialisation and Gender Biases of Children Under Society.
উত্তৰঃ সামাজিকীকৰণ হৈছে কিছুমান গুৰুত্বপূৰ্ণ ঘটনা আৰু আৰু প্ৰক্ৰিয়াৰ অবয়ৱ, যিবোৰৰ দ্বাৰা আমি এখন বিশেষ সমাজ. আৰু আমি জন্মগ্রহণ কৰা উপদলত প্ৰচলিত বিশ্বাস আৰু আচৰণ আহৰণ কৰোঁ। সামাজিকীকৰণ শিশুৰ সংজ্ঞানাত্নক, ভাষিক কৌশলসমূহ তথা জৈৱিক আৰু পৰিবেষ্টিত পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে।
লেৰনাৰ আৰু চিয়াৰ মতে সংগ্ৰাম কৰি জীয়াই থাকিবলৈ ব্যক্তিক দলৰ প্ৰয়োজন আৰু দলকো ব্যক্তিৰ প্ৰয়োজন। সমাজ এখনত শিশুৱে জন্ম গ্ৰহণ কৰাৰ পৰাই তেওঁলোকক সামাজিক নীতি আৰু কৰ্মৰ নিৰ্দেশনা দিয়া হয়, অর্থাৎ সমাজ পৰিচালনাৰ বাবে তেওঁলোকক সামাজিকীকৰণ কৰি তোলা হয়। সামাজিকীকৰণ নিৰ্ভৰ কৰে প্ৰাসংগিকতা আৰু গঠনৰ ওপৰত। যিকোনো ব্যক্তি এজন বিভিন্ন গোটৰ সৈতে সংযুক্ত আৰু প্ৰভাৱিত হয়, যেনেপৰিয়াল, স্থানীয় সংস্কৃতি, পৰম্পৰাগত সংস্কৃতি, জাতীয় সংস্কৃতি ইত্যাদি। এই প্রত্যেক গোটবোৰেই সামাজিকীকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তাৎপর্যপূর্ণ ভূমিকা বহন কৰে। সামাজিকীকৰণ প্ৰক্ৰিয়া হ’ল যিবোৰৰ দ্বাৰা ব্যক্তিসকলে তেওঁলোকৰ সংস্কৃতি আহৰণ কৰে।
তেওঁলোকে দোহাৰে যে সামাজিকীকৰণৰ দ্বাৰা এজন ব্যক্তিয়ে আন মানুহৰ লেখিয়া সাদৃশ্য বহন কৰে আৰু এনেদৰে সি / তাই নিজৰ সমাজত স্বাভাৱিক মানদণ্ড বজাই ৰাখিবলৈ সক্ষম হয়। সমাজে প্রতিমান, মূল্য, নৈতিকতা, সংস্কৃতি আৰু ঘটনা ব্যাখ্যাৰে সংজ্ঞা দিয়ে যিবোৰ আহৰণৰ দ্বাৰা ব্যক্তিয়ে নিজৰ সমনীয়াৰ দ্বাৰা সামাজিক স্বীকৃতি লাভ কৰে। পূর্ব বাল্যকাল বা আগতীয়া বাল্যকালৰ সময়ছোৱাত শিশুৰ সামাজিকীকৰণৰ বিকাশৰ বিভিন্ন বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল।
(ক) দলানুগত্যঃ পূর্ব বাল্যকালৰ সময়ছোৱাত ল’ৰা-ছোৱালীয়ে সমনীয়াৰ লগত দল বান্ধি থাকি ভাল পায়। সেয়ে সিহঁতৰ মাজত সংগপ্রিয়তা বৃদ্ধি পায়। একেলগে খেলা-ধূলা কৰাৰ প্ৰৱণতা জাগি উঠে। এই সময়ছোৱাত তেওঁলোকৰ দলৰ মাজত কিছুমান মৌখিক নীতি-নিয়ম আৰু একোজন দলনেতা থাকে। তেওঁলোকে দলৰ সেই নীতি-নিয়ম, নেতাৰ আদেশ-নিৰ্দেশ মানি চলিবলৈ নিজে নিজে বাধ্য হয়। ইয়াক দলানুগত্য বোলা হয়। এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ দলানুগত্য ইমানেই বেছি হয় যে বহুসময়ত মাকদেউতাকৰ অবাধ্য হৈও দলৰ আনুগত্য মানি চলে।
(খ) সহযোগিতাঃ পূর্ব-বাল্যকাল বা আগতীয়া বাল্যকালৰ সময়ছোৱাত দলৰ প্ৰতি দেখুওৱা আনুগত্যৰ মাধ্যমেৰে অনুশাসন শিকে আৰু সামাজিক আনুগত্য প্রকাশ কৰে। শিশোৱে সামাজিক দায়িত্ব শিকে আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।
(গ) আত্ম-প্ৰতিষ্ঠাৰ শ্ৰৱণতা [Self-assertion] : পূর্ব বাল্যকালৰ সময়ছোৱাত শিশোৱে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে। এনে আত্ম-প্ৰতিষ্ঠাৰ প্ৰৱণতা তেওঁলোকৰ বিভিন্ন কাম-কাজ * আক খেলা-ধূলাৰ মাজেৰে প্ৰকাশ পায়। তেওঁলোকে নিজৰ দলৰ মাজতে প্রতিযোগিতামূলক ধাৰণাৰ সৃষ্টি কৰি লয় আৰু সকলো ক্ষেত্ৰতে পাৰ্গতালি দেখুৱাব বিচাৰে। খেলা-ধূলা, নৃত্য-গীত, বক্সিং, কুস্তি, সাজ-সজ্জা, অভিনয় আদিত অংশগ্রহণ কৰি নিজকে সমাজৰ মাজত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা চলায়।
(ঘ) অনুকৰণঃ অনুকৰণপ্রিয়তা বাল্যকালৰ বিশেষ বৈশিষ্ট্য · ডাঙৰক অনুকৰণ কৰি শিশোৱে বিভিন্ন আচাৰ-আচৰণ শিকে। অনুকবণৰ মাধ্যমেৰে শিশুৱে তেওঁলোকৰ চৰিত্ৰ গঠন কৰিবলৈ প্ৰয়াস.কৰে। পূর্ব-বাল্যকালৰ সময়ছোৱাতে শিশুৱে অনুকৰণ; মাধ্যমেৰে বীৰপূজাৰ মানসিকতাও গঢ়ি তোলে। সাধুকথা, মহৎলোকৰ জীৱনীৰ আধাৰত প্ৰকাশিত কাহিনীয়ে শিশুক শুদ্ধ পথত অগ্ৰসৰ হোৱা, শিশুৰ সৎ মন গঢ়ি উঠা আৰু আনক সন্মান জনোৱা আদি দিশৰ বিকাশত সহায় কৰে।
(ঙ) সমাযোজনঃ পূর্ব বাল্যকাল বা আগতীয়া বাল্যকালৰ সময়ছোৱাত শিশোৱে নিজৰ পৰিয়ালৰ সদস্যসকলৰ লগতে সমাজৰ ব্যক্তিসকলৰ সান্নিধ্যলৈ আহে আৰু শিশোৱে সমাজৰ লগত সমাযোজন কৰিবলৈ শিকে। অর্থাৎ এই সময়ছোৱাত শিশুৰ মনত সমাযোজনৰ ধাৰণা গঢ় লৈ উঠে।
(চ) খেলা প্রবণতাঃ এই সময়ছোৱাত ল’ৰা-ছোৱালীবিলাকে অধিক সময় খেলা-ধূলা কৰি থাকিয়েই ভাল পায়। লগৰ ল’ৰাছোৱালীৰ লগত দল বান্ধি খেলি থাকিবলৈ পালে তেওঁলোকে বিমল আনন্দ লাভ কৰে।
(ছ) বহিঃমুখিতাঃ বাল্যকালত ল’ৰা-ছোৱালী বহিঃমুখী হৈ
পৰে। তেওঁলোকে লগৰ ল’ৰা-ছোৱালীৰ লগত ঘৰৰ বাহিৰত খেলাধূলা, ফুৰা-চকা কৰি বিভিন্ন জনৰ লগত মিলামিচা কৰিহে ভাল পায়।
উত্তৰ-বাল্যকাল সময়ছোৱা ল’ৰা-ছোৱালীৰ সামাজিক চেতনা বিকাশৰ সময়। ল’ৰা-ছোৱালীয়ে এই সময়ত লগৰ লগৰীয়াৰ লগত খেলা-ধূলা কৰি আনন্দেৰে সময় অতিবাহিত কৰিবলৈ ভাল পায়। বিদ্যালয়টো লেখা-পঢ়াৰ সময়ত লগৰীয়াৰ সহায়-সহযোগিতা অনুভৱ কৰে। এনেদৰেই শিশুৰ মাজত বন্ধুত্ব, সহ্যোগিতা, প্রতিযোগিতা আদি সামাজিক গুণবোৰৰ বিকাশ সাধন হয়।
এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে দল বান্ধি খেলা-ধূল। কৰে, দল গঠন কৰে আৰু কিছুমান নীতি-নিয়ম মানি চলে। যিমান পাৰে দলৰ নিয়ম আৰু গোপনীয়তা ৰক্ষা কৰি চলিবলৈ শিকে। দল পৰিচালনাৰ বাবে দলপতি নির্বাচন কৰে। তেওঁৰ প্ৰতি আৰু দলৰ প্ৰতি আস্থা আৰু নিষ্ঠাৰ ভাব প্রকাশ কৰে। দলৰ নীতি-নিয়ম ভংগ কৰিলে দলৰ পৰা বহিষ্কাৰ কৰা হয়। নেতৃত্ব দিব নোৱৰা দলপতিক আঁতৰাই নতুন দলপতি পাতে। দলৰ প্ৰতি সকলো আনুগত্য প্রকাশ কৰে। এনে দলীয় সংগঠনৰ মনোভাৱে ল’ৰা-ছোৱালীৰ গণতান্ত্ৰিক মনোভাৱৰ বৃদ্ধি কৰে। এনেদৰে ল’ৰা-ছোৱালীয়ে সমাজৰ নীতিনিয়মৰ প্ৰতিও সচেতন হৈ উঠে আৰু তাক আনুগত্যৰ মনোভাৱেৰে পালন কৰিবলৈ শিকে। এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে আত্মপ্ৰতিষ্ঠাৰ মনোভাৱ গঢ়ি তোলে। বিভিন্ন খেলা-ধূলাৰ মাজেদি নিজক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। লগৰ লৰা-ছোৱালীৰ লগত খেলিবলৈ পালে সকলো পাহৰি যায়। দলগত খেলা-ধূলাই তেওঁলোকৰ মনোভাৱ আৰু আচৰণক সমাজমুখী কৰি তোলে। এই সময়ছোৱাত ল’ৰাই ল’ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগত খেলিহে ভাল পায়। এনেদৰেই সামাজিক মনোভাৱৰ বিকাশ হয় আৰু ল’ৰাছোৱালী সামাজিক হৈ উঠে।
ল’ৰা-ছোৱালীসকল বিদ্যালয়লৈ যোৱাৰ পূৰ্বেই সমাজত লিংগ পক্ষপাতিত্বতাৰ সন্মুখীন হ’ব লগা হয়।
ঘৰ বা পৰিয়ালত যেনেদৰে ছোৱালীতকৈ ল’ৰাক বেছি গুৰুত্ব দিয়া হয় ঠিক সেইদৰে সমাজতো ছোৱালীতকৈ ল’ৰাক বেছি প্ৰাধান্য দিয়া হয়। চম্বলপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক মিশ্ৰ আৰু বেহেৰা আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ গৱেষক বাবুৱে ৪ ৰ পৰা ১৪ বছৰ ছোৱালীৰ ওপৰত চলোৱা এক গৱেষণাত উল্লেখ কৰিছে যে পিতৃমাতৃৰ দৃষ্টিভংগ আৰু বিভিন্ন সামাজিক বাধা ছোৱালীৰ ওপৰত জাপি দিয়া হয় ল’ৰাৰ ওপৰত নহয়। ঘৰুৱা কাম-বন আৰু সৰু ল’ৰাছোৱালীৰ যতন লোৱা আদি দায়িত্ববোৰ ছোৱালীয়ে পালন কৰিব লগা হয়, ল’ৰাই নহয়। এইবোৰ হৈছে ঘৰুৱা পৰিৱেশৰ পৰা আৰম্ভ কৰি সমাজত চলি থকা কিছুমান লিংগ পক্ষপাতিত্বতা।
বিজ্ঞানীসকল সাধাৰণতে স্বাধীন, যুক্তিবাদী আৰু অনুসন্ধিৎসু আদি গুণৰ অধীকাৰী। কিন্তু আমাৰ সমাজত ছোৱালীসকলক এই গুণবোৰৰ কিছুমান বিপৰীত গুণ আয়ত্ব কৰিবলৈহে শিক্ষা দিয়া হয়। যেনে- পৰাধীনতা, সহনশীলতা, ধৈর্যশীলতা ইত্যাদি।
6. Gender Inequality in Educational Context by Caste specific to North-East.
উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ সাধাৰণ জাতিৰ লিংগ অসমতাৰ কেইটামান মুখ্য কাৰণ তলত উল্লেখ কৰা হ’ল।
(১) উত্তৰ-পূবৰ সাধাৰণ জাতিৰ পৰিয়ালসমূহ পিতৃপ্রধান হোৱা বাবে নাৰীক উচ্চ স্থানত ৰাখিবলৈ বা উচ্চ ক্ষমতাশালী কৰি তুলিবলৈ ইচ্ছা নকৰাৰ বাবে নাৰীয়ে পুৰুষৰ সমানে সমানে উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত বহুতো পৰিয়ালে সদিচ্ছা প্ৰকাশ নকৰে।
(২) বিয়া-বাৰুৰ ক্ষেত্ৰত নাৰী যদি বেছি শিক্ষিতা হয় তেন্তে বিয়া দিয়াটো এক সমস্যা হৈ পৰে। কন্যাতকৈ দৰা কম শিক্ষিত হ’লে ভৱিষ্যতে হ’ব পৰা অৰিয়া-অৰিক আশাংকা কৰি বিয়া ভাঙি যায়। সেয়ে স্ৰায়সকল সাধাৰণ জাতিৰ পিতৃ-মাতৃয়ে কন্যাসন্তানক উচ্চ ডিগ্ৰীধাৰী হোৱাটো পোষকতা নকৰে।
(৩) সাধাৰণ জাতিৰ যিবোৰ পৰিয়ালত সন্তান-সন্ততিৰ সংখ্যা বেছি কিন্তু উপার্জন কম তেনেবোৰ পৰিয়ালত পিতৃ-মাতৃয়ে ছোৱালীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বিপৰীতে সোনকালে বিয়া দি পৰিয়ালৰ বোজা হ্ৰাস কৰিব বিচাৰে নতুবা ক’ৰবাত বন কৰা ছোৱালী হিচাপে দি দিয়ে যাৰ ফলত তেওঁলোক শিক্ষাৰ পৰা বঞ্চিত হয়।
(৪) সাধাৰণ জাতিৰ কিছুমান পৰিয়ালত বর্তমানেও বৰ্তি থকা সংৰক্ষণশীল মনোভাৱ যেনে, ল’ৰায়েহে ভৱিষ্যতে পিতৃ-মাতৃক লালন-পালন কৰে, ভৰণ-পোষণ দিয়ে; ছোৱালীয়ে নকৰে ইত্যাদিৰ বাবেও তেওঁলোকে ল’ৰাৰ শিক্ষা আৰু সংস্থাপনৰ প্ৰতিহে বেছি গুৰুত্ব প্ৰদান কৰে।
(৫) উত্তৰ-পূবৰ যিবোৰ সাধাৰণ জাতিৰ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে তেওঁলোকে আর্থিক দৈন্যতাক দোহাই দি ছোৱালীক শিক্ষা লাভৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে ল’ৰাক কম পৰিমাণে হ’লেও শিক্ষিত কৰি তুলিবলৈ ইচ্ছা কৰে।
(৬) সম্প্ৰতি উচ্চ শিক্ষাৰ বৰ্ধিত ব্যয়েও বহুতো পিতৃ-মাতৃক আৰ্থিকভাৱে কোঙা কৰি পেলাইছে। সেয়ে কিছুমান পিতৃ-মাতৃয়ে ছোৱালীৰ উচ্চ শিক্ষাৰ বিপৰীতে ল’ৰাৰ উচ্চ শিক্ষাক অগ্ৰাধিকাৰ দিয়া দেখা যায়। পিতৃ-মাতৃৰ এনে দৃষ্টিভংগীয়ে ল’ৰাৰ প্ৰতি থকা দুর্বলতাকে সূচায়।
(৭) অঞ্চল বিশেষে উত্তৰ-পূবৰ বিভিন্ন ঠাইত সাধাৰণ জাতিৰ | বর্তমানেও অব্যাহত থকা যৌতুক প্রথাৰ বাবে অভিভাৱকে যৌতুকৰ ব্যয়বহুল বোজা মূৰ পাতি ল’বলৈ টান পোৱাৰ পৰিপ্ৰেক্ষিতত ছোৱালীক সামাজিক আৰু অৰ্থনৈতিক বোজা হিচাপে গণ্য কৰে। যৌতুকত খৰচ কৰিবলগা খা-খৰচৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন বিত্ত সাধাৰণ জাতিৰ পৰিয়ালে ছোৱালীয়ে বেছি পঢ়া-শুনা কৰি টকা-পইচা খৰচ কৰাটো নিবিচাৰে। ইও এক লিংগ অসমতাৰে উদাহৰণ।
শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অন্যান্য পিছপৰা জাতিৰ লিংগ অসমতাৰ কেইটামান মুখ্য কাৰণ তলত উল্লেখ কৰা হ’ল—
(১) অন্যান্য পিছপৰা জাতিৰ পৰিয়ালসমূহ পিতৃ বা পুৰুষপ্ৰধান ৷ সেয়ে তেওঁলোকে নাৰীসকল তেওঁলোকৰ সমকক্ষ হোৱাতো নিবিচাৰে। পৰম্পৰাগতভাৱে চলি অহা এনে সংৰক্ষণশীল মনোভাবৰ বাবে ছোৱালী বা নাৰীসকল তুলনামূলকভাৱে পুৰুষতকৈ কম শিক্ষিতা হোৱাতো পুৰুষে কামনা কৰো, যাৰ বাবে বহুতো ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা পাবলগা প্রয়োজনীয় সমৰ্থন লাভ নকৰে।
(২) বিবাহজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো অন্য’ন্য পিছপৰা জাতিৰ পিতৃ-মাতৃয়ে ছোৱালী বেছি শিক্ষিতা হোৱাতো পছন্দ নকৰে। ছোৱালী বেছি শিক্ষিতা হ’লে উপযুক্ত পাত্ৰ পোৱাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীয়ে বেছি পঢ়া-শুনা কৰাটো-সমৰ্থন নকৰে। ইয়াৰ ফলত ছোৱালীবোৰ উচ্চ ডিগ্ৰীলোৱাৰ পৰা বঞ্চিত হ’বলগা হয়।
(৩) যিবোৰ নিম্নবিত্ত অন্যান্য পিছপৰা জাতিৰ পৰিয়ালত সন্তান-সন্ততিৰ সংখ্যা কৰিব নোৱাৰাৰ বাবে ছোৱালী সন্তানক সৰু শিশুৰ যতন লোৱা, ঘৰুৱা কাম-বন কৰি মাকক সহায় কৰা ইত্যাদি কামত নিয়োগ কৰে, যাৰ ফলত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হয়।
(৪) অতীজৰ পৰা চলি অহা ল’ৰাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেও কিছুমান পিছপৰা জাতিৰ পৰিয়ালত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হয়।
(৫) সম্প্ৰতি উচ্চ শিক্ষাৰ বৰ্ধিত ব্যয়ৰ বাবেও বহুতো নিম্ন বিত্ত অন্যান্য পিছপৰা জাতিৰ অভিভাৱকে ছোৱালীৰ উচ্চ শিক্ষাৰ বিপৰীতে ল’বাৰ উচ্চ শিক্ষাক অগ্রাধিকাৰ দিয়ে।
(৬) প্রামাঞ্চলৰ বহুতো অন্যান্য পিছপৰা জাতিৰ পিতৃ-মাতৃয়ে ভাবে যে ছোৱালীবোৰ পঢ়াই-শুনাইনো কি লাভ হ’ব। বিয়াৰ পিছত অন্য ঘৰলৈ গুচি যাব, ইত্যাদি। এনে সংকীর্ণ দৃষ্টিভংগীৰ বাবেও ছোৱালী শিক্ষাই তেওঁলোকৰ ওচৰত গুৰুত্ব লাভ নকৰে।
(৭) নিৰক্ষৰ আৰু আত্ম-সজাগতাহীন অন্যান্য জাতিৰ অভিভাৱকে ছোৱালীৰ শিক্ষাক একেবাৰে আওকাণ কৰে।
(৮) পঢ়াতকৈ বিয়া দিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা একাংশ অন্যান্য জাতিৰ অভিভাৱকে ছোৱালীৰ শিক্ষাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰে।
(খ) শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ জনজাতিৰ মীজত থকা লিংগ অসমতা