Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East

Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East

Join Telegram channel

Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 4 Genesis of Feminist Movement in the East provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Genesis of Feminist Movement in the East

POLITICAL SCIENCE

FEMINISM THEORY AND PRACTICE

নাৰীবাদ : তত্ত্ব আৰু প্ৰয়োগ

1. সমাজবাদী নাৰীবাদ সম্পর্কে বিভিন্নজনৰ মতামত আলোচনা কৰি আলেকজেণ্ডাৰ কল’ণ্টাইৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ব্যক্তিবাদী নাৰীবাদত নাৰীৰ ব্যক্তি সত্তাৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে সমাজবাদী নাৰীবাদত নাৰীৰ সামাজিক সত্তাক গুৰুত্ব দিয়া হৈছে। ইউৰোপ-আমেৰিকাত মধ্যবিত্ত শ্ৰেণীৰ আধিপত্যৰ লগে লগে গঢ় লৈ উঠা ব্যক্তিবাদী নাৰীবাদ সমাজবাদী চিন্তা-চেতনা বিকাশৰ ফলত সীমাবদ্ধ হৈ পৰে। সমাজবাদী চেতনাৰে উদ্বুদ্ধ এচাম দার্শনিকে অনুধাৱন কৰিলে যে সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্বকৰণ প্ৰক্ৰিয়া আৰু অৰ্থনৈতিক শোষণ ব্যৱস্থাত নাৰীৰ পূর্ণ স্বাধীনতা অসম্ভৱ। সমাজবাদী নাৰীবাদৰ প্ৰবক্তাসকলে ভাবে যে সমাজতন্ত্রত ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন হ’ব। ব্যক্তিগত সম্পত্তি ৰাষ্ট্ৰ অধীনলৈ যোৱাৰ ফলত স্বাভাৱিকতে সন্তানৰ দায়িত্বও ৰাষ্ট্ৰই গ্ৰহণ কৰিব। ইয়াৰ ফলত নাৰীয়ে ব্যক্তিগত দায়িত্বত সন্তান প্ৰতিপালনৰ পৰা অব্যাহতি পাব। নাৰী বিকাশৰ দিশত অগ্ৰসৰ হ’ব পাৰিব।

উইলিয়াম্ থম্‌চন (১৭৮৫-১৮৩৩), কার্ল মার্ক্স (১৮১৮-১৮৮৩), মার্ক্স এংগেল্‌চ (১৮২০-১৮৯৫), অগাষ্ট বেবেল (১৮৪০-১৯১৩), চাৰৰ্ল ‘টি পাৰ্কিনচ গিলমেন (১৮৬০-১৯৩৫), আলেকজেণ্ডা কলন্টাই (১৮৭২-১৯৫২) আদি সমাজবাদী নাৰীবাদৰ প্ৰবক্তা।

সমাজবাদী নাৰীবাদীসকলে মতপোষণ কৰে যে ব্যক্তিগত সম্পত্তি বৃদ্ধিৰ বাবে সমাজত পুৰুষপ্রাধান্য গঢ়ি উঠে। নাৰীসকল হৈ পৰে পুৰুষৰ দাস। ব্যক্তিবাদী নাৰীসকলে যিদৰে এনে দুর্ভাগ্যজনক অৱস্থাৰ বাবে পুৰুষক দায়ী কৰিছে, সেইদৰে সমাজবাদী নাৰীবাদৰ সমৰ্থকসকলে পুৰুষক দোষাৰোপ কৰা নাই। তেওঁলোকে দোষাৰোপ কৰিছে ব্যক্তিগত সম্পত্তিক। তেওঁলোকে ব্যক্তিগত সম্পত্তি বিলোপ সাধনৰ পক্ষপাতী। ব্যক্তিগত সম্পত্তি বিলোপ সাধন প্রক্রিয়াই নাৰীক মুক্ত কৰাৰ সমান্তৰালভাৱে সমাজৰ গৰিষ্ঠসংখ্যক পুৰুষৰ অর্থনৈতিক স্বাৱলম্বিতা প্ৰদান কৰিব বুলি তেওঁলোকে ভাবে। তেওঁলোকৰ অভিমত নাৰী আন্দোলন পুৰুষৰ আন্দোলনৰ বিচ্ছিন্ন ৰূপ নহয়।

সমাজতহে নাৰীয়ে পুৰুষৰ দৰে অধিকাৰ লাভ কৰাটো সম্ভৱ। পৰিয়ালত মাতৃৰ কৰ্তব্য সামাজিক কর্তব্য ৰূপে পৰিগণিত হ’ব। এনে সমাজতহে পূর্ণ সমতাৰ ভিত্তিত নাৰী-পুৰুষে দাম্পত্য জীৱনত শৰীৰ আৰু মনত উচ্চক্তৰৰ আনন্দ লাভ কৰিবলৈ সক্ষম হ’ব।

থম্‌চন প্ৰমুখ্যে চিন্তাবিদে আগবঢ়াই নিয়া সমাজবাদী নাৰীবাদৰ ধাৰাটোক সমৃদ্ধ কৰে দার্শনিক কার্ল মার্ক্স আৰু এংগল্‌চে। সমাজ দার্শনিক কার্ল মার্ক্সৰ চিন্তাতেই সমাজবাদী নাৰীবাদৰ ধাৰণাৰ বিশেষ প্রকাশ দেখা যায়।” কার্ল মার্ক্সৰ যি সমাজবাদী ধাৰণা, তাৰ মতে প্ৰতিটো ব্যক্তি সত্তাই একে সময়তে সামাজিক সত্তাও।” সেই মর্মে নাৰীও এক সামাজিক সত্তা। গতিকে সামাজিক সত্তা হিচাপে নাৰীৰ ওপৰত কোনোধৰণৰ পৰম্পৰাগত বাধা-নিষেধ আৰোপ কৰা উচিত নহয়। সামাজিক সত্তা হিচাপে নাৰীৰ বিকাশ হ’বলৈ দিয়া উচিত। 

মার্ক্সৰ মতে পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰী উৎপাদনৰ আহিলালৈ পৰিৱৰ্তিত হয়। বুর্জোৱা শ্ৰেণীয়ে বনুৱা শ্ৰেণীৰ তিৰোতাৰ ওপৰত বলপূর্বক দৈহিক সম্পর্ক বজাই ৰাখে আৰু ব্যক্তিগত আৰু ৰাজহুৱা বেশ্যাবৃত্তি চলি থাকে। মাত্র সাম্যবাদী সমাজতহে নাৰী এনে অৱস্থাৰপৰা মুক্ত হয়।

মার্ক্সে কৈছে পুঁজিবাদী ব্যৱস্থাত মানুহৰ লগত মানুহৰ সম্পৰ্ক নগদ টকাৰ ব্যতিৰেকে আন একো নহয়। পৰিয়ালৰ ব্যক্তিগত সম্পর্কও আর্থিক সম্পৰ্কৰ লগত সংযুক্ত। ব্যক্তিগত সম্পত্তি বিলোপ সাধনে এনে বস্তুবাদী সম্পৰ্কৰ অৱসান ঘটাব। ফলত নাৰীয়ে হৃত মর্যাদা তথা অধিকাৰ ঘূৰাই পোৱাটো সম্ভৱ বুলি মার্ক্সে অনুভৱ কৰিছিল।

কার্ল মার্ক্সৰ সহযোগী এংগেল্‌চে আৰিজিন অৱ দা ফেমিলি, প্রাইভেট প্রপাটি এও দা ষ্টেইট্ [Origin of the Family, Private Property and the State, 1884] গ্ৰন্থত প্রথম মার্ক্সবাদী নাৰীবাদ তুলি ধৰিছে। গ্ৰন্থখনত এংগেল্‌চে উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে পৰিয়ালৰ পৰিৱৰ্তন আৰু নাৰীৰ সামাজিক অৱনতিও দেখুৱাইছে। তেওঁৰ মতে মার্ক্সীয় সমাজবাদতহে নাৰীৰ মৰ্যাদা আৰু অধিকাৰ সম্ভৱ হ’ব। এংগেল্‌চৰ মতে আদিম জনজাতীয় সমাজত যেতিয়া দলগত বিবাহৰ প্ৰচলন আছিল তেতিয়া পৰিয়ালত নাৰীৰ স্থান আছিল সর্বোচ্চ। তেওঁ কয় যে সম্প্রদায়ভিত্তিক গৃহস্থী এখনে নাৰীৰ সৰ্বোচ্চ ক্ষমতাকে নাৰী আৰু মাতৃৰ প্ৰতি উচ্চ সন্মানকে চিহ্নিত কৰে। সমাজৰ আৰম্ভণিতে নাৰী পুৰুষৰ দাস আছিল।

—এইটো ওঠৰ শতিকাৰ ‘এন্‌লাইটেনমেন্ট’ৰ যুগৰ পৰা অহা আটাইতকৈ আচহুৱা ধাৰণাসমূহৰ ভিতৰতে এটা। আদিম আৰু বৰ্বৰ যুগৰ প্ৰায় গোটেই সময়খিনি ধৰি নাৰীয়ে মাত্ৰ এখন মুক্ত নহয় উচ্চ সন্মানিত স্থানো অধিকাৰ কৰি আছিল।

এংগেল্‌চৰ মতে মানুহে পশুপালন কৰিবলৈ শিকাৰ পিছত ব্যক্তিগত সম্পত্তিৰ প্ৰৱৰ্তন হ’ল আৰু পুৰুষৰ হাতত সম্পদ গোট খোৱাৰ লগে লগে পৰিয়ালত নাৰীৰ স্থানৰ অৱনতি ঘটিল। এংগেল্‌চে ইয়াক এটা পৃথিবীজোৰা ঐতিহাসিক ঘটনা বুলি কৈছে। 

আনহাতে দাম্পত্য পৰিয়ালৰ [pairing family ] প্ৰৱৰ্তনৰ লগে লগে পিতৃৰ চিনাক্তকৰণ সম্ভৱ হ’ল আৰু সেইটোৱেও পৰিয়ালত পিতৃৰ গুৰুত্ব বঢ়ালে। মানৱ সভ্যতাৰ বিভিন্ন স্তৰত পৰিয়ালত নাৰীৰ অৱস্থানৰ বিশ্লেষণ আগবঢ়াই এংগেল্‌চে কৈছে যে আধুনিক গাইগুটীয়া পৰিয়াল নাৰীৰ সুস্পষ্ট বা ছদ্মবেশী গৃহ-দাসত্বৰ ওপৰত প্রতিষ্ঠিত। (৪৩) গাইগুটীয়া পৰিয়াল ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ সৃষ্টি হ’ল আৰু পত্নীগৰাকীও পুৰুষৰ ব্যক্তিগত সম্পত্তি হৈ পৰিল। নাৰীৰ স্বাধীনতা লোপ পালে।

এংগেল্‌চৰ মতে নাৰীৰ বৰ্তমানৰ স্থিতিৰ পৰিৱৰ্তন ঘটোৱাটো মার্ক্সবাদী সমাজতহে সম্ভৱ, য’ত ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন হ’ব। তেতিয়া ব্যক্তিগত গৃহস্থালি হৈ পৰিব ‘সামাজিক শিল্প’। শিশুৰ লালন-পালনৰ ভাৰ ৰাষ্ট্ৰই গ্ৰহণ কৰাৰ ফলত নাৰীয়ে পুৰুষৰ দৰে সামাজিক কর্মত অংশগ্ৰহণ কৰিব পাৰিব।

সমাজবাদী-নাৰীবাদী চিন্তাবিদ অ’গাষ্ট বেবেলে তেওঁৰ উইমেন্ ইন্‌ দ্য পাস্ট, প্রেজেন্ট এণ্ড ফিউচাৰ [Woman in the Past, Present and Future] গ্ৰন্থত আলোচনা কৰা মতে যুগ যুগ ধৰি নাৰীয়ে পুৰুষৰ দাসত্ব স্বীকাৰ কৰি আহিছে। ফলত পুৰুষৰ দাসত্ব স্বীকাৰ কৰাটো নাৰীৰ অভ্যাস হৈ পৰিছে। ইয়াৰ উপৰি বিবাহক নাৰীয়ে নিৰাপত্তাৰ এটা পন্থা ৰূপে গ্ৰহণ কৰিছে। সেই বাবেও নাৰী পুৰুষৰ ব্যক্তিগত সম্পত্তি হৈ পৰিল।

ইউৰোপৰ দেশসমূহত বিবাহ বিচ্ছেদৰ হাৰ দিনে দিনে বৃদ্ধি হোৱাটো পৰ্যবেক্ষণ কৰি বেবেলে মত প্ৰকাশ কৰিছে যে ধনতাত্ত্বিক সমাজ ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ ওপৰত প্ৰতিষ্ঠিত বিবাহৰ নৈতিক মানদণ্ড কেতিয়াও উন্নত হ’ব নোৱাৰে। এংগেল্‌চৰ দৰে বেবেলেও কৈছে যে প্ৰেমৰ ভিত্তিত এই বিবাহ প্রতিষ্ঠিত নহয়। ধনতান্ত্রিক সমাজত বিবাহৰ দ্বাৰা নাৰীৰ দাসত্ব প্রথাক আইনগত ৰূপ দিয়া হয়। তেওঁৰ মতে স্বাধীন প্ৰেমৰ ভিত্তিত বিবাহ কেৱল সমাজতান্ত্রিক ব্যৱস্থাতহে সম্ভৱ।

সমাজবাদত নাৰীয়ে কেনে ধৰণৰ সুবিধা লাভ কৰিব সেই সম্পর্কে আলোকপাত কৰি বেবেলে কৈছে যে সমাজবাদত নাৰীয়ে অর্থনৈতিক মুক্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰতো নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ ভোগ কৰি শাৰীৰিক আৰু মানসিক বিকাশৰ সুযোগ লাভ কৰিব। নিজৰ যোগ্যতা, ৰুচি আৰু ইচ্ছা অনুযায়ী কাম বাচি লোৱাৰ সুবিধা নাৰীয়ে লাভ কৰিব। সামাজিক শ্রমত অংশ গ্ৰহণ কৰি নাৰী মাতৃ হৈয়ো শিক্ষাবিদ, নাৰ্চ আদি হ’ব পাৰিব। কলা-বিজ্ঞানৰ সাধনাতো নাৰীয়ে নিজক যুক্ত কৰিবলৈ সুযোগ লাভ কৰিব। সমাজবাদত নাৰী-পুৰুষৰ মিলনৰ প্ৰশ্নটো হৈ পৰিব ব্যক্তিগত— এই ক্ষেত্ৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। নাৰী পুৰুষৰ দাস হ’ব নালাগিব আৰু পুৰুষেও নাৰীক ইচ্ছা অনুযায়ী গ্রহণ বা বর্জন কৰিব নোৱাৰিব।

ডাৰউইনৰ বৈজ্ঞানিক মতবাদক ভিত্তিহিচাপে লৈ চাৰৰ্ল’টি পার্কিনচ্ গিলমেনে উইমেন এণ্ড ইকনমিক্‌চ [Woman and Economics 1898] প্রকাশ কৰে। গ্ৰন্থখনত তেওঁ কৈছে যে ব্যক্তি পৰিৱেশৰ দাস আৰু অর্থনৈতিক অৱস্থা হৈছে সামাজিক পৰিৱেশৰ উপাদান। নাৰীয়ে সামাজিক শ্রমত যোগদান কৰি উপাৰ্জন কৰিলেও তাৰ মালিক হৈ পৰে পুৰুষ; সেয়ে উৎপাদনত অংশ গ্ৰহণ কৰিও নাৰী পুৰুষৰ ওপৰত নিৰ্ভৰশীল হ’ব লগীয়া হয়। আনহাতে নাৰীক যিহেতু ঘৰুৱা কাম-কাজৰ বাবে আৰু মাতৃত্বৰ বাবে কোনো মূল্য দিয়া নহয়- সেয়ে পত্নী আৰু মাতৃ হিচাপে নাৰীয়ে পুৰুষৰ ওপৰত অর্থনৈতিকভাৱে নির্ভৰশীল হ’বলৈ বাধ্য হৈ পৰে।

গিল্‌মেনে এটা গুৰুত্বপূৰ্ণ কথা কৈছে “জন্মগতভাৱে এটা নাৰীসুলভ কোমল মনোভাব লাভ কৰা বাবে নাৰীয়ে পুৰুষৰ দাসত্ব স্বীকাৰ কৰি লয়। বেবেলে কোৱাৰ দৰে যুগ যুগ ধৰি নাৰীয়ে পুৰুষৰ দাসত্ব স্বীকাৰ কৰি অহাৰ বাবে এইটো প্ৰায় অভ্যাসত পৰিণত হয়। নাৰী হৈ পৰে যেন এটা যৌন প্ৰাণী মাত্ৰ। পুৰুষে ঘৰৰ বাহিৰত কাৰখানাত শক্তি খটোৱাৰ সুযোগ পোৱাৰ বাবে অত্যধিক যৌন শক্তি অযৌন শক্তিলৈ ৰূপান্তৰ কৰাৰ সুযোগ পায়। কিন্তু নাৰীয়ে পত্নী আৰু মাতৃ হিচাপে পৰম্পৰাগত কৰ্তব্যৰ মাজত আবদ্ধ হৈ পৰাৰ বাবে এই সুযোগ নাপায়। সেয়ে নাৰী হৈ পৰে এক প্রেমাবেগসম্পন্ন দুর্বল জীৱ।” গিলমেনৰ মতে এইখিনি পাৰ্থক্যৰ বাহিৰে নাৰী আৰু পুৰুষ হৈছে একে মানৱীয় জীৱ।

গিলমেনে এক বিবাহৰ পোষকতা কৰে আৰু কয় যে নাৰীয়ে পুৰুষৰ সমানে অর্থনৈতিক স্বাধীনতা লাভ কৰিলে সমাজত এক বিবাহ পৰম্পৰা প্ৰতিষ্ঠা হ’ব। নাৰীক পত্নী তথা মাতৃৰ কৰ্তব্যৰ দ্বাৰা বান্ধি ঘৰৰ ভিতৰতে আবদ্ধ কৰি নাৰাখি সমাজৰ কৰ্মলৈ উলিয়াই দিয়া উচিত। গিলমেনে নাৰীৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে নাৰীৰ সামাজিক ৰান্ধনিঘৰ আৰু শিশু সদন প্ৰতিষ্ঠাৰ কথা। উত্থাপন কৰিছে। শিশু সদন প্রতিষ্ঠাই শিশুক সমাজমুখী কৰি তুলিব। ‘শিশু সদন’ প্ৰতিষ্ঠাৰ কথা ব্যক্তিবাদী নাৰীবাদী ফ্রাইডেনেও ফেমিনিন্ মিষ্টিক গ্রন্থত উল্লেখ কৰিছিল। গিলমেনে এনেদৰেহে নাৰী মুক্তি সম্ভৱ বুলি ঘোষণা কৰিছে।

সমাজবাদী নাৰীবাদী আলেকজেণ্ডা কল’ণ্টাইয়ে যদিও এংগেল্‌চ-বেবেলৰ দৃষ্টিভংগীৰে নাৰীমুক্তি পোষকতা কৰিছিল,তথাপি তেওঁ তাৰ মাজতে কিছুভিন্ন মত পোষণ কৰিছিল। কল’ণ্টাইয়ে কমিউনিষ্ট পাৰ্টিৰ ভিতৰতে নাৰীৰ বাবে নিজস্ব বা সুকীয়া শাখা থকাটো প্ৰয়োজনীয় বুলি মত আগবঢ়াইছিল। তেওঁ কৈছিল নাৰী অকল শ্রমিকেই নহয়, এজনী মাতৃও। শ্রমিক আন্দোলনৰ লগত নাৰী আন্দোলনক একাকাৰ কৰাৰ কোনো যুক্তি নাই। কল’ণ্টাইৰ এই মতবাদক সেই সময়ৰ কমিউনিষ্ট পাৰ্টিৰ পুৰুষ সদস্যসকলে সহজভাবে গ্রহণ কৰিব পৰা নাছিল।

কল’ণ্টাইয়ে নাৰীৰ দাসত্বৰ শৃংখল ছিঙিবলৈ হ’লে নাৰীক সামাজিক কর্মত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া উচিত বুলি মত পোষণ কৰি প্ৰসূতি ঘৰ’ আৰু ‘শিশু সদন’ গঠনৰ পোষকতা কৰিছে। মাতৃয়ে সন্তানক ‘শিশু সদন’ত যিকোনো সময়তে দেখা কৰাৰ সুযোগ থাকিব। লগতে তেওঁ নাৰীক বিৰক্তিকৰ ঘৰুৱা কৰ্মৰপৰা ৰেহাই দিবলৈ ৰাজহুৱা ৰান্ধনিঘৰ’ আৰু ‘ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰিছে।

এংগেল্‌চৰ দৰে কল’ণ্টাইয়েও প্রেম এটা ব্যক্তিগত বিষয় বুলি কৈছে। কিন্তু যৌন সম্পৰ্কীয় মতবাদৰ ক্ষেত্ৰত তেওঁ এংগেল্‌চ বেবেলৰ মতবাদৰপৰা ফালৰি কাটি গৈ কৈছে যে যৌন আকর্ষণ সম্পূৰ্ণ দৈহিক, ইয়াৰ লগত প্ৰেমৰ কোনো সম্পৰ্ক নাই। তেওঁৰ মতে নাৰীয়ে ইচ্ছা কৰিলে শাৰীৰিক ক্ষুধাৰ পৰিতৃপ্তি সাধন কৰাৰ ক্ষেত্ৰত সঘনাই যৌন সংগীৰ পৰিৱৰ্তন কৰিব পাৰে। এনে মতবাদৰ বাবে তেওঁ লেলিন আৰু কমিউনিষ্ট পাৰ্টিৰ আন নেতাসকলৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।       

কল’ণ্টাইৰ এই মতবাদ মৌল নাৰীবাদৰ ফালে গতি কৰা যেন লাগে।

2. Discuss about the composition powers and in functions of National Commission for women.

Ans: মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰখা ভাৰত চৰকাৰে ১৯৯০ চনৰ ৩০ আগষ্ট তাৰিখে সংসদত ৰাষ্ট্ৰীয় মহিলা আয়োগ বিধেয়কখন গৃহীত কৰে, ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন আৰু মহিলাৰ বিভিন্ন সমস্যাৰাজি সমাধান কৰাই আছিল আইনখনৰ মূল উদ্দেশ্যে জম্মু আৰু কাশ্মীৰক বাদ দি সমগ্ৰ ভাৰততে এই আইনখন প্রযোজ্য হ’ব। এই আইন অনুসৰি ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ আইনৰ অনুকৰণেৰে অসম চৰকাৰে ১৯৯৩ চনৰ ২৪ নৱেম্বৰত কৌমি একতা সপ্তাহ মহিলা দিৱসৰ দিনা এক অধ্যাদেশ অসমত জাৰি কৰাৰ লগে লগে ১৯৯৪ চনৰ ২৫ জানুৱাৰীত ৰাজ্য চৰকাৰে অসম ৰাজ্যিক মহিলা আয়োগ গঠন কৰে।

গঠন প্রক্রিয়া

    ৰাষ্ট্ৰীয় মহিলা আয়োগ আইনখনৰ ৩নং ধাৰা অনুসৰি আয়োগখন নিম্নোক্ত সদস্যবর্গক লৈ গঠন কৰা হ’ব।

১) ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এগৰাকী অধ্যক্ষা সভানেত্রী থাকিব। তেওঁক কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰিব।

২) কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বাবে আন পাঁচখন সদস্যক শিক্ষা, আইন, বাণিজ্যিক সংগঠন, উদ্যোগ পৰিচালক আদি ক্ষেত্ৰত অভিজ্ঞতা থকা ব্যক্তিসকলৰ মাজৰ পৰী মনোনীত কৰিব।

৩) কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বাবে এজন সদস্য-সচিব মনোনীত কৰিব। সদস্য-সচিব মনোনীত কৰিবলৈ হ’লে তেওঁ বিভিন্ন দিশত যেনে— পৰিচালনা সাংগঠনিক দিশ বা সামাজিক আন্দোলনত অগ্রণী ব্যক্তি হ’ব লাগিব।

সেৱাৰ চৰ্তাৱলী

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা আৰু সদস্যসকলৰ বাবে আয়োগৰ ৪নং ধাৰাত কেতবোৰ সেৱা চৰ্ত নিৰূপণ কৰি দিছে।

১) ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বা সদস্য এজনে তিনি বছৰৰ ওপৰত কাৰ্যনিৰ্বাহ কৰিব নোৱাৰে।

২) আয়োগৰ অধ্যক্ষা বা সদস্য এজনে যিকোনো সময়ত পদত্যাগ কৰিব পাৰিব।

অযোগ্যতা

ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন মতে কেন্দ্ৰীয় চৰকাৰে আয়োগৰ অধ্যক্ষ আৰু সদস্যক ক্ষমতাৰ পৰা অপসাৰণ কৰিব পাৰিব যদি―

১) তেওঁ আইনৰ চকুত অপৰাধী হিচাপে শাস্তিৰ সন্মুখীন হয়।

২) যদি তেওঁ দেৱলীয়া হয়।

৩) যদি আয়োগৰ অধ্যক্ষা বা সদস্যই নিজৰ দায়িত্ব পালন কৰাত অসমৰ্থ হয়।

৪) যদি তেওঁ মানসিক ৰোগী বুলি আদালতে ঘোষণা কৰে।

৫) যদি তেওঁ আয়োগৰ বিনা অনুমতিত আয়োগৰ ক্ৰমে তিনিখন মিটিঙত অনুষ্ঠিত থাকে।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাৰ্যাৱলী

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ আইন ১৯৯০ৰ ১০নং ধাৰা মতে, ৰাষ্ট্ৰীয় মহিলা আয়োগে তলত উল্লেখ কৰা কাৰ্যসমূহ সম্পাদন কৰে।

(১) অনুসন্ধান আৰু পৰীক্ষামূলক কার্য : ১৯৫০ চনৰ ভাৰতীয় সংবিধান আৰু অন্য আইনৰ অন্তৰ্গত মহিলাৰ নিৰাপত্তা সম্পৰ্কীয় সকলো আইনৰ অন্তৰ্গত মহিলাৰ নিৰাপত্তা সম্পৰ্কীয় সকলো বিষয় অনুসন্ধান আৰু পৰীক্ষা কৰাৰ দায়িত্ব ৰাষ্ট্ৰীয় মহিলা আয়োগৰ।

(২) প্রতিবেদন দাখিলকৰণ কাৰ্য : মহিলাৰ নিৰাপত্তা সম্পৰ্কীয় বৰ্তমানৰ প্ৰতিবেদন বছৰেকীয়াভাৱে আৰু অন্য সময়তো যোগ্য বুলি বিবেচনা কৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে।

(৩) অনুমোদনমূলক কার্য : প্রতিবেদনসমূহ মহিলাৰ নিৰাপত্তা আৰু মহিলাৰ অৱস্থা উন্নীতকৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে বলবৎ কৰাৰ দৰে অনুমোদন জনাব লাগে। 

(৪) পুনৰীক্ষণ কাৰ্য : ভাৰতীয় সংবিধান ১৯৫০ আৰু মহিলা, সম্পর্কীয় আইনসমূহ সংশোধন, পুনৰীক্ষণ কৰি তাত থকা আসোৱাহসমূহ আঁতৰ কৰিবলৈ উপদেশ প্রদান কৰে।

(৫) আইনসমূহ উলংঘনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ : ভাৰতীয় সংবিধান ১৯৫০ আৰু মহিলা সম্পৰ্কীয় অন্য আইনসমূহ উলংঘন হ’লে সেইবোৰৰ প্ৰতি ৰাষ্ট্ৰীয় মহিলা আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(৬) বিশেষ অধ্যয়ন আৰু অনুসন্ধান : মহিলাৰ ওপৰত বৈষম্য আৰু অত্যাচাৰ হ’লে তাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে নির্দিষ্ট পৰিস্থিতিত বিশেষ অধ্যয়ন আৰু অনুসন্ধান চলায় ইয়াৰ বাধাবোৰ চিনাক্ত কৰি সেইবোৰ আঁতৰোৱাৰ বাবে কৌশল উদ্ভাৱন কৰিব লাগে।

(৭) পদোন্নতি সম্পৰ্কীয় গৱেষণা :  ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ পদোন্নতি আৰু শৈক্ষিক গৱেষণাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে মহিলাসকলে সকলো ক্ষেত্ৰতে উপযুক্ত প্রতিনিধিত্ব লাভ কৰিব পাৰে তাৰ উপদেশ দিয়ে আৰু সেইবোৰত বাধা সৃষ্টি কৰা বিভিন্ন কাৰকসমূহ চিনাক্ত কৰে।

(৮) পৰিকল্পনাত অংশগ্ৰহণ : ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ সামাজিক, অর্থনৈতিক উন্নয়নৰ বাবে পৰিকল্পনা প্ৰণালীত অংশগ্ৰহণৰ উপদেশ দিয়ে।

(৯) মূল্যাংকন কৰা : ৰাষ্ট্ৰীয় মহিলা আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ অধীনৰ মহিলাৰ উন্নয়ন ব্যৱস্থাৰ মূল্যাংকন কৰে। 

(১০) পৰিদৰ্শন : ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ কাৰাগাৰ পৰিদৰ্শন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুদান

ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন ১৯৯০ৰ ১১ ধাৰা অনুযায়ী সংসদৰ আগতীয়া অনুমোদন সাপেক্ষে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ টকাৰ অনুদান আগবঢ়াব পাৰে। আয়োগে উক্ত টকা আইনত উল্লেখ কৰা কার্যবোৰৰ বাবে খৰচ কৰিব পাৰে।

বছৰেকীয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন ১৯৯০ৰ ১৩নং ধাৰা অনুযায়ী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কৰ্তব্য হৈছে আগৰ আৰ্থিক বছৰৰ সকলো কাৰ্যৰ মুঠ হিচাপৰ এখন প্ৰতিবেদন প্রস্তুত কৰি তাৰ এটা কপি কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে। আইনখনৰ ১৪নং ধাৰা অনুযায়ী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বছৰেকীয়া প্ৰতিবেদন আৰু হিচাপৰ প্ৰতিবেদন সংসদৰ ওচৰত দাঙি ধৰিব লাগে।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিষয়াসকল হৈছে ৰাইজৰ সেৱক

ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন ১৯৯০ৰ ১৫নং ধাৰাত ঘোষণা কৰা হৈছে যে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি, সদস্যবোৰ আৰু বিষয়াসকল ৰাইজৰ সেৱক হিচাপে গণ্য কৰা হ’ব। (ধাৰা ২১IPC, 1860)

মূল্যায়ন

ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ মৰ্যাদা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। এইক্ষেত্ৰত আয়োগে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি মহিলা সবলীকৰণৰ বাবে চেষ্টা কৰিছে। আয়োগে বিভিন্ন প্রভাৱশালী ৰাজনৈতিক নেতা আৰু চৰকাৰৰ জৰিয়তে বিভিন্ন নাৰীৰ মর্যাদা সম্পৰ্কীয় সম্মিলনৰ দ্বাৰা মহিলাৰ আর্থ-সামাজিক বিকাশৰ বাবে একমাত্র আইনগত ব্যৱস্থা হাতত লোৱা দেখা গৈছে।

ৰাষ্ট্ৰীয় মহিলা আয়োগে সমাজৰ পিছপৰা শ্ৰেণী, অনুন্নত শ্রেণী, বিধবা, বেশ্যাবৃত্তিৰ লগত জড়িত মহিলা, পৰিত্যক্ত অঞ্চলৰ মহিলাৰ স্থানত উন্নত কৰিবলৈ সক্ষম হৈছে। আয়োগে এইক্ষেত্ৰত দুখন প্রতিবেদন প্রকাশ কৰিছে। যেনে- ১) নিৰাশ্ৰয়া মহিলাৰ আশ্ৰয় আৰু ২) বলাৎকাৰৰ বিষয়ে আইনগত অধ্যয়ন (The Voice of the Voiceless and legal Study on Rape)

সমালোচনা

ৰাষ্ট্ৰীয় মহিলা আয়োগে যদিও বিভিন্ন আঁচনিৰ দ্বাৰা মহিলাৰ সবলীকৰণৰ কাৰণে চেষ্টা কৰিছে তথাপি সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন কাৰণত ই সফল হ’ব পৰা নাই। তলত কাৰণসমূহ উল্লেখ কৰা হ’ল। ৰাজনৈতিক ক্ষেত্ৰত মহিলাক অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত যদিও সংবিধানে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে তথাপি বাস্তৱ তথ্যৰ পৰা ক’ব পাৰি যে এতিয়াও মহিলাই ৰাজনৈতিক ক্ষেত্ৰত আশাব্যঞ্জকভাৱে অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱা নাই।

দ্বিতীয়তে, আয়োগৰ গঠন প্ৰক্ৰিয়াত দলীয় প্ৰৱণতা থকাৰ বাবে আয়োগে মহিলা সবলীকৰণৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিবলৈ ব্যৰ্থ হৈছে।

তৃতীয়তে, উপযুক্ত পুঁজিৰ অভাৱত আয়োগে আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ বহুক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে যদিও মহিলা আয়োগে মহিলা সবলীকৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে তথাপি ই বহুক্ষেত্ৰত সফল হোৱা দেখা গৈছে।

3. Do you think Anti Arrack movement as a Women movement? Answer briefly. 

Ans: ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আৰাকবিৰোধী আন্দোলন এক শক্তিশালী মহিলা আন্দোলনস্বৰূপে বিবেচিত হৈছে। এই আন্দোলনটোৱে গার্হস্থ্য হিংসা, যৌতুক প্রথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমর্থ হয়।

নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্রভাৱ পেলাইছিল। পুৰুষসকলৰ আৰাক নামৰ স্থানীয়ভাৱে তৈয়াৰ কৰা সুৰাৰ আসক্তিৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত মানসিক নির্যাতন চলোৱা হৈছিল। এই সুৰা সেৱনৰ অভ্যাসৰ বাবে পৰিয়ালসমূহৰ অর্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছিল। সুৰা সেৱনৰ প্ৰত্যক্ষভাৱে আৰু সবাতোকৈ বেয়া প্ৰভাৱ পৰিছিল, মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে আৰাকবিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে এই সুৰাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্রায়খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ এটা উপপতি সমাহতা আৰু ঊর্ধ্বতন কর্তৃপক্ষলৈ প্ৰেৰণ কৰে। মহিলাসকলৰ এই সবল প্ৰতিবাদৰ ফলস্বৰূপে নেল্লোৰ জিলাত সোৰবাৰকৈ আৰাকৰ নিলাম পিছুৱাই দিবলগীয়া হয়। নেল্লোৰত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্ৰপ্ৰদেশৰ সকলো অঞ্চলত বিয়পি পৰে। মহিলাসকলে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদত আৰাকৰ বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়ায়। যদিও এই আন্দোলন আৰাকৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকে সন্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। উল্লেখনীয়ভাবে আন্দোলনটোৰ জৰিয়তে গাঁও অঞ্চলৰ মহিলাসকলৰ গার্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পূৰ্বে এইধৰণৰ আলোচনা চহৰ অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীৰ মহিলাসকলৰ মাজতে আৱদ্ধ আছিল।

এইখিনিতে উল্লেখ কৰি থ’ব পাৰি যে অসমতো, বিশেষকৈ গাঁও অঞ্চলত বিভিন্ন সময়ত মহিলাসকলে সুৰা সেৱনৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অৱশ্যে এই ব্যৱস্থা অথবা পদক্ষেপসমূহ সুসংগঠিত আৰু স্থায়ীভাৱে হোৱা নাই।

অনুৰূপধৰণে, ১৯৭২ চনত মহাৰাষ্ট্ৰ ধুলিয়া জিলাৰ চাহদা জনজাতি এলেকাত বিশেষ ধৰণৰ মহিলা আন্দোলনে গা কৰি উঠিছিল। প্রথমতে, গান্ধীবাদী সর্বোদয় আৰু পিছত মাওঁবাদী কর্মীসকলে এটি আন্দোলন গঢ়ি তুলিছিল য’ত ভিল জনজাতিৰ মহিলাসকলে আগভাগ লৈছিল। এই আন্দোলনৰ যুঁজাৰু কৰ্মীবোৰে এটি মদ নিবাৰণী প্ৰচাৰ অভিযান চলাই মদ খাই তিৰোতাক অত্যাচাৰ কৰা পুৰুষসকলক ৰাজহুৱাভাৱে শাস্তি দিয়া আৰু মদৰ পাত্ৰ ভঙাৰ ব্যৱস্থা কৰিছিল। ৬০ৰ দশকৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ পাহাৰীয়া এলেকা উত্তৰাখণ্ডতো এনেধৰণৰ মহিলাৰ আন্দোলনে গা কৰি উঠিছিল। এই আন্দোলনত গান্ধীজীৰ আদর্শেৰে আগবঢ়া নেতা যেনে— বিনোৱা ভাৱে, গান্ধীজীৰ অনুসৰণকাৰীসকলে যেনে— সৰলাবেন আৰু মীৰাবেনে স্বাধীনতাৰ পিছত কুমানত এখন আশ্রমো প্রতিষ্ঠা কৰিছিল। স্থানীয় গান্ধীবাদী নেতা সুন্দৰলাল বহুগুণাই মহিলা চিপ্‌কো বিদ্ৰোহৰ বিখ্যাত নেতা হৈছিল। বহুসংখ্যক মহিলাই মদ বেচোতা আৰু বিক্ৰী কৰাৰ প্ৰতিবাদত ঘৰৰ চাৰিবেৰৰ পৰা বাহিৰ ওলাই আহিছিল। মদ নিবাৰণী আন্দোলন ভাৰতৰ বিভিন্ন অঞ্চলত গা কৰি উঠিছিল। ৯০ৰ দশকৰ মাজভাগত অন্ধ্ৰপ্ৰদেশৰ দুখীয়া গাঁৱলীয়া মহিলাসকলে মদ নিবাৰণী আইন প্রয়োগ কৰাৰ বাবে তীব্র আন্দোলন গঢ়ি তুলিছিল। ইয়ে পিচলৈ মদ বিক্ৰীৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছিল। গান্ধীজীয়ে এহিলাসকলৰ উক্ত কথাটো হৃদয়ংগম কৰি মদ বর্জন কার্যসূচী জাতীয় আন্দোলনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিছিল।

4. Examine the role of women in the freedom struggle of India.

Ans: ১৮৮৯ চনত বোম্বেত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত দহ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। গান্ধীজীয়ে স্বাধীনতা আন্দোলনত মহিলাসকলক সক্রিয়ভাবে অংশগ্ৰহণ কৰিবলৈ উদাত্ত কণ্ঠে আহ্বান জনাইছিল। তেওঁ পুৰুষ আৰু মহিলাৰ মজৰ সমতাৰ ধাৰণাৰ ওপৰত অগাধ বিশ্বাস কৰিছিল। তেওঁ এইবুলি জোৰ দিছিল যে— “I am Uncompromising in the matter of Women’s rights” তৎসত্ত্বেও, জাতীয়তাবাদী আন্দোলনটিয়ে মহিলাসকলক তেওঁলোকৰ ঘৰৰ চাৰিবেৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ এক সুকীয়া মঞ্চ প্রদান কৰিছিল। গান্ধীজীৰ মতে, সত্যাগ্রহ আন্দোলনটো কিছু পৰিমাণে নাৰীবাদী চৰিত্ৰৰ আছিল । আনকি পণ্ডিত জৱাহৰলাল নেহৰুরো উদাৰনৈতিক গণতন্ত্ৰৰ পাশ্চাত্যবাদী আন্দোলনৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছিল আৰু মহিলাৰ ভোটাধিকাৰ ব্যৱস্থাৰ এজন গোড়া সমৰ্থকৰূপে পৰিগণিত হৈছিল। তেওঁ বিশ্বাস কৰিছিল যে কেৱল শিক্ষাই মহিলাৰ মৰ্যাদাক কেতিয়াও উন্নীত কৰিব নোৱাৰে, ইয়াৰ বাবে মহিলাসকলক প্রয়োজন হয় অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক স্বতন্ত্রতাৰ। ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে পুৰুষ আৰু মহিলাৰ মাজৰ সমতা প্রতিষ্ঠা কৰাটো এক অন্যতম লক্ষ্যৰূপে গণ্য কৰিছিল। 

কুৰি শতিকাৰ প্ৰথম ভাগতে ভালেসংখ্যক নাৰীবাদী সংগঠনে প্রতিষ্ঠা লাভ কৰিছিল। ১৯১৭ চনত এগৰাকী আইৰিছ মহিলা মাৰ্গাৰেট কাজিন এগৰাকী ভাৰতীয় জাতীয়তাবাদীৰ সহযোগত “The Women’s India Association” (WIA) সংগঠনটি প্রতিষ্ঠা কৰিছিল। অনুৰূপ ধৰণে ১৯২৬ চনত The National Council of Indian Women (NCIW) আৰু ১৯২৭ চনত All India Women’s Conference (AIWC) গঠন কৰা হৈছিল। 

১৯১৭ চনত মহিলাৰ ভোটাধিকাৰ বিচাৰি ভাইচৰয়ৰ ওচৰত এক দাবী উত্থাপন কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্ণ সমৰ্থনত উপৰোক্ত নাৰীবাদী সংগঠনকেইটাৰ হৈ সৰোজিনী নাইডু (Sarojini Naidu) আৰু মাৰ্গাৰেট কাজিন (Margaret Cousin) য়ে মহিলা ভোটাধিকাৰৰ দাবীটো ভাইচৰয়ৰ ওচৰত সজোৰে উত্থাপন কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছিল। এইক্ষেত্ৰত ভাৰতৰ মাদ্ৰাজেই আছিল প্ৰথমখন প্ৰদেশ য’ত নেকি মহিলাসকলক ভোটদানৰ অনুমতি দিয়া হৈছিল। ১৯২৭ চনত মাদ্ৰাজ বিধান পৰিষদলৈ প্ৰথমগৰাকী মাদ্রাজী মহিলা মুথুলক্ষ্মী ৰেড্ডী নির্বাচিত হৈছিল।

উল্লেখযোগ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিভিন্ন মহিলা সংগঠনসমূহে অতি ঘনিষ্ঠভাবে বিভিন্ন কার্যকলাপসমূহত অংশগ্রহণ কৰিছিল। আন কথাত, স্বাধীনতা আন্দোলন আৰু নাৰীবাদী আন্দোলন এটা আনটোৰ বাবে প্রতীকী স্বৰূপ আছিল। বহুতেই এইবুলি বিশ্বাস কৰিছিল যে স্বাধীনতা আন্দোলনে ইয়াৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিলেহে নাৰীবাদী আন্দোলনৰো উদ্দেশ্য সফল হ’ল।

অৱশ্যে প্ৰসংগক্রমে উল্লেখ কৰি থোৱাটো সমূচিত হ’ব যে মহিলা সকলে যে সদায় কংগ্ৰেছ দলৰ লগত মিলিত হৈ স্বাধীনতাৰ বাবে মধ্যমপন্থা আৰু সাংবিধানিক উপায়েৰেহে সংগ্ৰামত অৱতীৰ্ণ হৈছিল এনে নহয়। মহিলাসকলৰ একাংশই চমপন্থী গোটৰ লগতো অংশগ্ৰহণ কৰিছিল। তেওঁলোকে ৰাজনৈতিক কৰ্মীসকলৰ লগত সহযোগ কৰিছিল লগতে ৰাজনৈতিক বন্দী আৰু অন্যান্য নেতৃবৃন্দৰ লগত ভাব বিনিময় কৰিছিল। মহিলাসকল স্বদেশী আন্দোলনৰ সময়তে অধিক সক্রিয় আছিল, দোকান পোহাৰসমূহ বৰ্জন কৰিছিল। আৰু বিদেশী সামগ্রী সমূহ জ্বলন্ত জুইত জাপি দিছিল। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মহিলাসকলে গান্ধীজীৰ নেতৃত্বত চলা দাণ্ডী যাত্রাত যোগদান কৰিছিল। সহস্ৰাধিক মহিলাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখা হৈছিল। বহু বিদেশী মহিলাইও এইক্ষেত্ৰত ভাৰতীয় বিপ্লৱীসকলৰ লগত সহযোগ কৰিছিল। 

নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠিত ভাৰতীয় ৰাষ্ট্ৰীয় সেনানীৰ ঝান্সীৰ ৰাণী মহিলা সৈন্যদলত বহু ভাৰতীয় মহিলাই যোগদান কৰিছিল। ইয়াৰ নেতৃত্ব বহন কৰিছিল লক্ষ্মী দেহগালয়ে। এইটো নিঃসন্দেহ যে স্বাধীনতা আন্দোলনে মহিলাসকলক তেওঁলোকৰ পুৰণিকলীয়া প্ৰাচীৰ নেওচি পুৰুষৰ সৈতে মহিলাসকলৰ মৰ্যাদা প্ৰদান কৰাৰ এক সুযোগ প্রদান কৰিছিল। এইটো সকলোৰে জ্ঞাত যে ভাৰতৰ নাৰীবাদী আন্দোলনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰায় সমসাময়িক আছিল যদিও স্বাধীনতা আন্দোলনে নাৰী আন্দোলনক চেৰ পেলাইছিল। অৱশ্যে এই নাৰীবাদী আন্দোলনটোৱে সাধাৰণ জনতাৰ দাবী সম্বলিত হৈ এক পূর্ণাংগ আন্দোলনৰূপে পৰিস্ফুট হোৱা নাছিল। এই সময়ছোৱাত নাৰীবাদী আন্দোলনটো উচ্চ বৰ্ণৰ মধ্যবিত্ত শ্ৰেণীৰ নগৰীয়া মহিলাসকলৰ মাজতে কেন্দ্ৰীভূত হৈ থকা পৰিলক্ষিত হৈছিল। 

প্ৰসংগক্রমে উল্লেখ কৰি থোৱাতো সমূচিত হ’ব যে গান্ধীজীয়েই আছিল। মহিলা অধিকাৰৰ বাটকটীয়া – স্বৰূপ, যিয়েই নেকি নাৰী দমন আৰু যন্ত্ৰণাৰ সংক্ষিপ্ত সাৰ তথা উপমা হিচাপে সীতা আৰু দময়ন্তীৰ ভাবমূর্তি ‘আৰ্হি ভূমিকা ‘ৰূপে উপস্থাপন কৰিছিল। উল্লেখ্য যে জাতীয়তাবাদী আন্দোলনটো “পুৰুষ নিৰ্দেশিত” আৰু পুৰুষে কাচার্জি” কৰাৰ দৰে আছিল। আন্দোলনটোত মহিলাসকলক আহিলাস্বৰূপে ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁলোকক কোনো ধৰণৰ বিশেষ সুযোগ-সুবিধা প্রদান কৰা হোৱা নাছিল।

5. Discuss about various trends of Women’s Movement in India?

Ans: ৯০ৰ দশকৰ সময়ছোৱাত ভাৰতত মহিলাৰ সমস্যাৰাজিৰ ওপৰত যেনে— বাল্য বিবাহ, সতীদাহ প্রথা, বিধবা বিবাহ নিষেধ, পর্দা পদ্ধতি, নাৰী শিক্ষাক অস্বীকাৰ আদিৰ ওপৰত আলোচনা আগবঢ়োৱাৰ ক্ষেত্ৰত সমাজ সংস্কাৰক সকল বাটকটীয়া আছিল। তেওঁলোকে মহিলাসকলক শিক্ষিত কৰাৰ জৰিয়তে সামাজিক পৰিৱৰ্তন পোষকতা কৰিছিল আৰু মহিলাসকল যি অক্ষমতাৰ সন্মুখীন হৈ আছে সেইবোৰৰ ক্ষেত্ৰত সচেতন কৰিবলৈ। আৰু সেই অক্ষমতাবোৰক আইন প্ৰণয়নৰ জৰিয়তে নিৰ্মূলকৰণৰ বাবে চেষ্টা চলাইছিল। 

এনেধৰণৰ সামাজিক-সংস্কাৰমূলক কার্যকলাপ মহিলাসকলৰ মাজত এক জাগৰণৰ সূচনা কৰিছিল। সমাজ সংস্কাৰ আন্দোলনসমূহে প্রচলিত সমাজ ব্যৱস্থাক সম্পূৰ্ণৰূপে প্ৰত্যাহ্বান জনোৱা নাছিল, বৰং পত্নী আৰু মাকৰ ভূমিকাক মহিলাসকলৰ মৌলিক কৰ্তব্য বুলি গ্ৰহণ কৰিছিল৷ আন্দোলনটোৱে সেইবোৰ কাৰ্য পালনৰ জৰিয়তে মহিলাসকলৰ দক্ষতা বৃদ্ধিৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল।

মহিলাসকলক উৎসাহ, উদ্দীপনা যোগোৱা আন এক কাৰক আছিল ১৯২০ চনৰ পৰা আৰম্ভ কৰি আগলৈ জাতীয় আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে আগবঢ়োৱা নতুন নির্দেশনা, শক্তি আৰু অনুপ্ৰেৰণা। গান্ধীজী আছিল— মহিলাৰ অধিকাৰৰ এজন মহান সমৰ্থক আৰু প্ৰবক্তা আৰু তেওঁ মহিলাসকলক ৰাজহুৱা জীৱনত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ উদ্দীপনা যোগাইছিল। 

তেওঁ ৰাজনৈতিক সংগঠনবিলাকত যি প্রতিবাদী পদ্ধতি গ্ৰহণ কৰিছিল সেইবোৰ মহিলাসকলৰ বাবে খাপ খোৱা ধৰণৰ আছিল। যিহেতুকে জাতিৰ কাৰণে কাম কৰাটো ৰাজনৈতিক দায়িত্ব হিচাপে বিবেচনা কৰা হৈছিল, জাতীয় আন্দোলনে সকলো শ্ৰেণীৰ মহিলাসকলৰ কাৰণে সামাজিক কাম কৰা আৰু অপৰিবাৰিক কামত অংশগ্ৰহণ কৰাৰ কাৰণে বৈধ বুলি ঘোষণা কৰিছিল। সকলো শ্ৰেণীৰ, সকলো ধৰ্মাৱলী মহিলাই সকলো ধৰণৰ প্ৰতিবাদী কাৰ্যত সক্ৰিয় অংশগ্রহণ কৰিবলৈ লৈছিল। এইটোৱে তেওঁলোকক নিজৰ শক্তিৰ ক্ষেত্ৰত বিশ্বাস আৰু সজাগতা আনি দিছিল। যেনেদৰে সমাজ সংস্কাৰ আন্দোলনে মহিলাসকলৰ স্থান উন্নত কৰিবৰ কাৰণে যথোপযুক্ত পৰিৱেশৰ সৃষ্টি কৰিছিল ঠিক তেনেদৰে স্বাধীনতা আন্দোলনেও মহিলাসকলক ৰাজহুৱা জীৱনত অংশ লোৱাৰ বাবে আৰু ক্ষমতাৰ নতুন অনুভূতিৰ অভিজ্ঞতা ল’বলৈ এক সুযোগ প্রদান কৰিছিল।

কুৰি শতিকাৰ প্ৰাক্ দশকবোৰত ভাৰতীয় মহিলাসকলে তেওঁলোকৰ নিজৰ মুক্তিৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু এইক্ষেত্ৰত জাতীয় নেতা আৰু সমাজ সংস্কাৰকসকলৰ পৰা সম্পূর্ণ সমর্থন লাভ কৰিছিল। এইক্ষেত্ৰত বীণা মজুমদাৰৰ মন্তব্য প্রণিধানযোগ্য তেওঁৰ মতে, “১৯৩১ চনৰ আগছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাষ্ট্ৰ গঠনত মহিলাসকলৰ কাৰণে স্বাধীনতা, ন্যায়, মর্যাদা আৰু সমতাক খুবেই প্রয়োজন বুলি ধৰি লৈছিল।’

১৯৩২ চনত মহিলা নেত্রীসকলে তেওঁলোকৰ কাৰণে প্রাপ্তবয়স্ক ভোটাধিকাৰ দাবী কৰিছিল। কোপাস্বামী (Kupaswamy)এ মত প্ৰকাশ কৰিছে এনেদৰে— “ৰাজনৈতিক আন্দোলনত ভাৰতীয় মহিলাসকলৰ মাজত হোৱা ঘনিষ্ঠ সম্পর্কই সংঘবদ্ধ প্ৰচেষ্টাৰে তেওঁলোকৰ মৰ্যাদাৰ এক চৰম পৰিৱৰ্তন অনাত সক্ষম কৰি তুলিছিল, যিটো পুৰুষশ্রেণীৰ পৰা একেবাৰে কম বাধাপ্রাপ্ত আছিল”। 

প্রকৃতাৰ্থত সেই সময়ৰ বুদ্ধিজীৱী লোকসকলে মহিলাৰ বিষয়সমূহক সমৰ্থন কৰিছিল। গান্ধীজীয়ে মহিলাকসকলক তেওঁলোকৰ ঘৰৰ আৱেষ্টনীৰ পৰা বাহিৰলৈ ওলাই আহি ৰাজনৈতিক আন্দোলনত যোগদান কৰাৰ বাবে উৎসাহিত কৰি নাৰীবাদী আন্দোলনক আগবঢ়াই নিয়াৰ বাবে অনুপ্ৰেৰণা

যোগাইছিল। মানবসত্বা হিচাপে মহিলাসকলে পুৰুষৰ সম অধিকাৰ লাভ কৰিব লাগে বুলি যুক্তি আগবঢ়াইছিল। তেওঁ বাল্য বিবাহৰ বিৰোধিতা কৰাৰ লগতে অকাল বাল্য-বৈধব্যক তেওঁ কঠোৰভাষাৰে সমালোচনা কৰিছিল। এই প্ৰসংগত তেওঁ কৈছিল যে ঘৰুৱা কাম কাজে মহিলাৰ দৈনন্দিন সময়ৰ আটাইখিনিকে শেষ কৰাটো উচিত নহয়। মহিলাক ঘৰুৱা দাসত্বৰ জীৱনৰ পৰা মুক্তি দিয়া উচিত। মহাত্মা গান্ধীৰ মহিলাৰ সম অধিকাৰৰ ক্ষেত্ৰত থকা মৌলিক বিশ্বাস তেওঁৰ অহিংস নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। তেওঁৰ মতে “অহিংস নীতিৰ ওপৰত প্ৰতিষ্ঠিত এক জীৱন ব্যৱস্থাত পুৰুষজনে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে যিমানখিনি অধিকাৰ থাকে, তেনেকৈ মহিলাই তেওঁৰ নিজা ভাগ্য প্রতিষ্ঠা কৰাৰ বাবে সিমানখিনি অধিকাৰ থাকে।”

ভাৰতবৰ্ষৰ নাৰীবাদ উদাৰনৈতিক প্ৰকৃতিৰ আৰু সেয়ে ই সংস্কাৰসমূলক প্ৰচেষ্টাৰ জৰিয়তে মহিলাৰ বাবে সমান অধিকাৰ লাভ কৰাৰ পোষকতা কৰিছিল। সংস্কাৰধৰ্মী নাৰীবাদৰ দ্বাৰা প্ৰদৰ্শিত ধৰণে প্ৰচলিত সমাজ ব্যৱস্থাক উচ্ছেদ কৰাৰ পক্ষপাতী নাছিল। ভাৰতীয় নাৰীবাদে লিংগ অৰিহণাৰ পাৰ্থক্যক গ্ৰহণ কৰাৰ লগতে মহিলাই ঘৰৰ তত্বাৱধান লোৱাৰ পোষকতা কৰিছিল। কিন্তু এইটোৱে উভয় লিংগৰ অৰিহণাক সম গুৰুত্বৰে বিশ্লেষণ কৰিছিল। আৰু সেয়ে ই মহিলাৰ সম সামাজিক অধিকাৰৰ কাৰণে অহৰহ চেষ্টা চলাইছিল।

সফল মহিলা ৰাজনীতি আৰু সামাজিক কল্যাণমূলক কাম কাজত ক্ৰমে সক্ৰিয় হৈ আহিছিল আৰু এনেদৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়লৈকে মহিলাৰ উন্নয়নৰ ধাৰা আগবাঢ়ি আহিছিল। কিন্তু দেশে স্বাধীনতা লাভৰ পিছতে নাৰীবাদী আন্দোলনটিয়ে বহু কাৰণত ইয়াৰ গতিশীলতা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছিল। স্বাধীনতা লাভৰ লগে লগে ভাৰতীয় সংবিধানত প্ৰদান কৰা সমঅধিকাৰৰ ব্যৱস্থাই মহিলা নেত্ৰীসকলৰ মাজত আত্মসন্তুষ্টিৰ ভাব আনিছিল। এইক্ষেত্ৰত বিশিষ্টা মহিলা নেত্রী কমলা দেৱীৰ মন্তব্য বিশেষভাবে উল্লেখনীয়। তেওঁ প্ৰাক্ স্বাধীনতা কালত কৈছিল যে— “মহিলা আন্দোলন আছিল বৃহৎ পৰিৱৰ্তনৰ কাৰণে এক মহান সামাজিক উত্থান। কিন্তু স্বাধীনোত্তৰ কালত এই মহিলা আন্দোলনৰ ক্ষেত্ৰত জাতীয় আচৰণ বহু পৰিমাণে অসন্তুষ্টিজনক আছিল।” ঠিক তেনেদৰে বীণা মজুমদাৰে স্বাধীনতাৰ পিছত মহিলা আন্দোলনৰ শিথিলতাৰ অন্য কাৰণ থকা বুলি কৈছিল। 

তেওঁৰ মতে— “স্বাধীনোত্তৰ কালত মহিলাসকলে ই পুৰণিকলীয়া পৰম্পৰা আৰু সামাজিক অসমৰ্থতাৰ সৈতে নতুন অধিকাৰসমূহ শক্তিশালী কৰিব পৰা নাছিল আৰু লগতে ক্ৰমাগত একাষৰীয়া ৰাজনৈতিক আদর্শগত সংগ্রামে মহিলা আন্দোলনক টুকুৰা-টুকুৰ কৰিছিল।”

দেশাই আৰু কৃষ্ণৰাজে মত প্ৰকাশ কৰিছে— “স্বাধীনতাৰ পিছত সামাজিক সমতা স্থাপনৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰা হৈছিল। কার্যবাহী স্বেচ্ছাসেৱী সংগঠনসমূহলৈ বিত্তীয় সাহায্য আৰু বৃত্তিমূলক পৰামৰ্শ প্ৰদানৰ জৰিয়তে চলিত কল্যাণমূলক আঁচনিসমূহৰ উন্নয়ন সাধন আৰু প্ৰসাৰ সাধনৰ বাবে ১৯৫৩ চনত এটা কেন্দ্রীয় সমাজ কল্যাণ ব’ৰ্ড (Central Social Welfare Board) গঠন কৰা হৈছিল আৰু এই অনুষ্ঠানৰ অধীনস্থতা এক সংখ্যক অন্য অনুষ্ঠান গঠন কৰা হৈছিল, যাৰ ফলস্বৰূপে মহিলা অনুষ্ঠানসমূহে সেইবোৰৰ আগৰ গতিশীলতা আৰু মহিলাৰ বিষয়বোৰৰ ক্ষেত্ৰত থকা সচেতনতাক হেৰুৱাই পেলাইছিল। ঠিক একেদৰে চৰকাৰৰ পৃষ্ঠপোষকতাত গাঁওবোৰত মহিলামণ্ডল গঠন কৰা হৈছিল, কিন্তু সেইবোৰৰ বেছিভাগেই নিষ্কর্মা, অলপ আছিল, যেনে— বহু মহিলা সংগঠনেই কাগজৰ সংগঠন অর্থাথ নামত সংগঠন হৈয়ে ৰৈছিল। সুমা চিটনিত (Suma Chitnis)-এ ইউৰোপ আৰু ভাৰতৰ ঐতিহাসিক পৰিৱেশ আৰু মূল্যায়ন পদ্ধতিবোৰৰ পাৰ্থক্যৰ ভিত্তিত এক সংখ্যাগৰিষ্ঠ ভাৰতীয় মহিলাৰ দ্বাৰা পশ্চিমীয়া আৰ্হিৰ আক্ৰমণাত্মক নাৰীবাদৰ উদ্যমহীন আদৰণিৰ বিষয়ে যুক্তিপূর্ণ বর্ণনা দিছে। তেওঁ মন্তব্য দিছে— “ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ সকলো দেশে সেইবিলাকৰ ৰাজনৈতিক দর্শনত সমতাক এক মৌলিক নীতি হিচাপে দাবী কৰিছে। 

সেইবোৰে দশক দশক ধৰি সমতাক নাতি হিচাপে ঘোষণা কৰিছে, কিন্তু মহিলাক পুৰুষৰ সমকক্ষ হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে। এনে এক পৰিস্থিতিত পশ্চিমত নাৰীবাদীসকলৰ অভিযোগ হ’ল সেইবোৰত ব্যক্তিগত স্বাধীনতা আৰু সমতাৰ যথোচিত মূল্য দিয়া হয়, অথচ মহিলাৰ ক্ষেত্ৰত সমতাক অস্বীকাৰ কৰে। কিন্তু ভাৰতৰ ক্ষেত্ৰত পৰিস্থিতি সম্পূৰ্ণৰূপে বেলেগ ধৰণৰ। ভাৰতীয় সমাজ ব্যৱস্থা হৈছে সর্বাত্মকভাৱে অধিক্রমিক। কিন্তু পৰিয়াল আৰু জাতিৰ মাজৰ এনে বিভিন্ন অধিক্রম সমূহ বয়স, লিংগৰ ক্ৰমিক স্থান, অৱস্থা বংশগত সম্পৰ্ক আদিৰ ওপৰত ভিত্তি কৰি আৰু লগতে পৰম্পৰা, ধর্মীয় বিশ্বাস আদিৰ মাধ্যমত মানি লোৱা হয়। 

সমতাৰ ধাৰণাটো ভাৰতীয় সমাজৰ বাবে অচিনাকি যেন। আমাৰ সংবিধানে যদিও ইয়াক তাত্ত্বিকভাৱে গ্ৰহণ কৰিছে তথাপি বাস্তৱক্ষেত্ৰত ই এতিয়াও সম্পূৰ্ণৰূপে ব্যৱহাৰিক দিশত গ্রহণীয় হোৱা নাই। দ্বিতীয়তে, ভাৰতীয় মহিলাসকলক দেশ স্বাধীন হোৱাৰ লগে লগে সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছিল। আন কথাত, পশ্চিমীয়া মহিলাসকলৰ নিচিনাকৈ ভাৰতীয় মহিলাসকলে সমতাৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হোৱা নাছিল। সেয়ে তেওঁলোক সিমান বিক্ষুব্ধও হোৱা নাছিল, কিন্তু তেওঁলোকৰ সমব্যৱহাৰ কৰাও হোৱা নাছিল। 

ভাৰতীয়সকলৰ ক্ষেত্ৰত ৰাজনৈতিক দৰ্শন আৰু ব্যৱহাৰিকতাৰ মাজত কোনো বিশেষ পার্থক্য নাছিল। তৃতীয়তে, পশ্চিমীয়া নাৰীবাদীসকলে গ্ৰহণ কৰাৰ দৰে ভাৰতীয় মহিলাসকলে পুৰুষৰ মূল দমনকাৰী বা অত্যাচাৰী ভূমিকাক স্বীকাৰ কৰি লোৱা নাই। ভাৰতবৰ্ষৰ ইতিহাসলৈ মন কৰিলে দেখা যায় যে বিভিন্ন সময়ত পুৰুষে মহিলাৰ বিষয়সমূহৰ উন্নতি সাধন কৰিছে আৰু লগতে মহিলাৰ শিক্ষা তথা বিকাশৰ কাৰণে অনবদ্য অৱদান যোগাইছে। দৈনন্দিন জীৱনতো সদায় পুৰুষে ভায়েক, দেউতাক আৰু পুত্ৰ হিচাপে মহিলাৰ শক্তি সাধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উৎস হিচাপে ভূমিকা পালন কৰি আহিছে। 

ভাৰতৰ সকলো ধৰ্মতে স্ত্ৰীবিলাকৰ ক্ষেত্ৰত স্বামীৰ প্ৰতি ভক্তি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰাৰ সমান্তৰালকৈ বহু স্বামীয়ে তেওঁলোকৰ পত্নীসকলক বহু কামতে সমৰ্থন কৰে। সেয়ে, পুৰুষবিৰোধী পদক্ষেপৰ ভাৰতীয় মহিলাই পোষকতা নকৰে। স্বৰূপাৰ্থত দেখা যায় যে বহুসংখ্যক ভাৰতীয় মহিলাই স্বামীৰ পৰা পৰিয়ালৰ অত্যাচাৰ শাহু আই-ননদ আদিৰ নিষ্ঠুৰ অত্যাচাৰৰ বলি হয়। পশ্চিমীয়া আৰু ভাৰতীয় মহিলাৰ মাজত অন্য এটা পার্থক্য হৈছে যে পশ্চিমীয়া নাৰীবাদীসকলে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে বিদ্ৰোহ বা কাজিয়াৰ পথ গ্ৰহণ কৰে, আনহাতে ভাৰতীয় নাৰীবাদীসকলে বুজাবুজি বা এৰা-ধৰাৰ মনোভাব গ্রহণ কৰা দেখা যায়। এইক্ষেত্ৰত সুমা ছিটনিজৰ মন্তব্য প্রণিধানযোগ্য। তেওঁৰ মতে– “ভাৰতীয় মহিলাৰ বেছিসংখ্যকে পশ্চিমীয়া প্ৰভাৱিত নাৰীবাদীসকলৰ পৰা বিভিন্ন কাৰণত আঁতৰি আছে। ভাৰতীয় মহিলাৰ প্ৰায়সংখ্যকে নাৰীবাদৰ আক্ৰমণাত্মক নীতি অনুসৰণ নকৰে। উভয় পিতৃতান্ত্ৰিকতাৰ ক্ষেত্ৰত প্ৰকাশ কৰা দ্ব্যর্থবোধক প্রতিক্রিয়া,সমতা

 আৰু স্বাধীনতাৰ দাবীবোৰৰ মাজত থকা পার্থক্য আদিৰ বাবে ভাৰতীয় নাৰীবাদে পশ্চিমীয়া নাৰীবাদীসকলৰ আক্ৰমণাত্মক পথক অনুসৰণ কৰা নাই।”

ভাৰতীয় নাৰীবাদী ব্যাখ্যাবোৰ ভাৰতীয় জাতিগত আচৰণৰ সৈতে সামঞ্জস্য খোৱা বিধৰ হোৱা উচিত৷ ভাৰতত মূল সমস্যাটো হৈছে যে মহিলাসকলে তেওঁলোকৰ বাবে থকা সকলোবোৰ সুবিধা বাস্তৱক্ষেত্ৰত উপভোগ কৰিব নোৱাৰে। সেয়ে এইক্ষেত্ৰত ভাৰতীয় মহিলাৰ নাৰীবাদে প্রচলিত অধিকাৰসমূহৰ একেবাৰে পুতৌ লগা ব্যৱহাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত আৰু পৰ্যাপ্ত ধাৰণাৰ লগতে বাধ্যবাধকতাৰ দ্বাৰা নিৰ্ধাৰিত নীতি-নিয়ম অবিহনে যে অৱস্থাৰ নিৰৰ্থক সেইটোৰ ওপৰত যথোচিত চিন্তা-চৰ্চা কৰা উচিত। 

নাৰীবাদী আন্দোলনে দৰকাৰী অংগীকাৰবদ্ধতা অনাৰ বাবে যিবোৰ ধাৰণাৰ প্ৰয়োজন সেইবোৰৰ উন্নীতকৰণৰ হকে মনোযোগ দিয়া উচিত। ভাৰতীয় নাৰীবাদ এই কাৰণে সৌভাগ্যশালী যে ঊনবিংশ আৰু কুৰি শতিকাৰ বিভিন্ন ধৰণৰ সামাজিক সংস্কাৰসমূহে এইক্ষেত্ৰত মজবুত আঁচনি প্ৰস্তুত কৰিছিল। ভাৰতৰ পৰিকল্পনা আয়োগে (Planning Commission) ও ১৯৬০ দশকৰ শেষলৈকে অতি মনোযোগেৰে মহিলাৰ সমস্যাৰাজিৰ বিশেষভাৱে প্ৰচাৰ কৰা নাছিল। সেয়ে পুৰুষৰ সৈতে অধিক সংখ্যক মহিলাও মহিলাৰ অধিকাৰৰ বিষয়ত জাগ্ৰত হৈছিল আৰু তেওঁলোকে গ্রাম্য দুখীয়া, জনজাতীয় আৰু কল-কাৰখানাত নিয়োজিত কর্মীশ্ৰেণীৰ সাধাৰণ সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। এইক্ষেত্ৰত বিভূতি পেটেলৰ মন্তব্য প্রণিধানযোগ্য। তেওঁৰ মতে, ৬০ৰ দশকৰ মাজ আৰু শেষৰ ফালে শ্রমিক শ্ৰেণীৰ আন্দোলনে | সৰ্বসাধাৰণক সংস্কাৰৰ প্ৰক্ৰিয়াৰ ফালে লৈ গৈছিল। 

ভাৰতবৰ্ষত নক্সালপন্থী আন্দোলনে পশ্চিমবংগ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু কেৰেলাৰ মহিলাসকলৰ সংস্কাৰৰ উৎস হিচাপে অৰিহণা যোগাইছিল। নক্সালপন্থী আন্দোলন (১৯৬৬)ৰ সময়ছোৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু সাধাৰণ জনতাৰ মাজত হোৱা সংঘৰ্ষত সাতজনী মহিলাই মৃত্যুবৰণ কৰিছিল। বিহাৰ, মধ্যপ্ৰদেশত জনজাতীয় মহিলাই ভূ-স্বামী অর্থাৎ জমিদাৰসকলৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হৈছিল। মহাৰাষ্ট্ৰৰ দুলীয়া জিলাত ১৯৭২ চনত ভূ-স্বামী আৰু দুৰ্নীতি পৰায়ণ বিষয়াসকলৰ বিৰুদ্ধে কৰা আন্দোলনত মহিলাৰ বিষয়বোৰৰ ব্যাপক প্ৰচাৰ হৈছিল। 

গ্ৰাম্য ধনী মহাজনসকলৰ দ্বাৰা জনজাতীয় মহিলাক ধৰ্ষণ কৰাৰ | প্রতিবাদকল্পে হোৱা আন্দোলন আৰু মদাহী স্বামীয়ে ঘৈণীয়েকক মাৰপিট কৰা আদি বিষয়বোৰৰ প্ৰচাৰে শ-শ মহিলাক সমবেত কৰাত অৰিহণা যোগাইছিল। ঠিক সেইদৰে ১৯৭০ৰ দশকৰ আগভাগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোৱা আন্দোলনে মধ্যশ্ৰেণীৰ মহিলা আৰু বিভিন্ন ৰাজনৈতিক দলৰ মহিলা কৰ্মীসকলক উৎসাহিত কৰি তুলিছিল। যি সময়ত বুদ্ধিজীৱী মহিলা নেত্ৰীসকল সাংস্কৃতিক আঁচনিসমূহৰ কাম-কাজত ব্যস্ত আছিল, সেই সময়ত তৃণমূল পৰ্যায়ৰ মহিলাসকলকো ব্যাপক আন্দোলনসমূহত যোগদান কৰাৰ বাবে বাওঁপন্থী ৰাজনৈতিক দলবোৰে প্রলোভিত কৰিছিল আৰু অনবদ্য বিষয়সমূহৰ লগতে মহিলাৰ সমস্যাৰ বিষয়বোৰো ৰাজহুৱাভাৱে উত্থাপন কৰিছিল। যি পথেৰে আগবাঢ়ি তেওঁলোকে মহিলাৰ সমস্যাসমূহৰ বহনকাৰী বিষয়বোৰৰ সৈতে জড়িত হৈছিল সেইটো আছিল গোৰোৱালৰ চিপ্‌কো সংগ্রাম। এইটো আছিল নিশ্চয়কৈ নাৰীবাদী আন্দোলন, যাৰ উদ্দেশ্য আছিল নামনি হিমালয় অঞ্চলত উভয়ৰ অৱস্থাৰ সমতা স্থাপন কৰা।

ভাৰতৰ নাৰীবাদী আন্দোলনৰ বাবে ১৯৭৫ চনটো আছিল। এক তাৎপর্যপূর্ণ আৰু সংকটপূর্ণ বছৰ। কিয়নো এই বছৰতে C.S.W.L.ৰ প্ৰতিবেদনত “সমতাৰ দিশে” প্রকাশ পাইছিল যি ভাৰতীয় মহিলাৰ দুৰ্দশাগ্রস্ত অৱস্থাৰ বিষয়ক পোহৰলৈ আনিছিল। এই বৰ্ষতে ৮ মাৰ্চ তাৰিখটো পোন প্ৰথমবাৰৰ বাবে আন্তর্জাতিক মহিলা দিৱস পালন কৰা হৈছিল, যিটোক পিছত এক দশকলৈ বৃদ্ধি কৰা হয়। এই বৰ্ষটোত ভাৰত চৰকাৰে জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল আৰু মহিলা গোটসমূহে দুই বছৰৰ কাৰণে কাম কৰিবলৈ অসমৰ্থ হৈছিল। 

ইয়াৰ পিছত ভাৰতত মহিলা আন্দোলনে এক নতুন ৰূপ লৈছিল। বহুতো স্বায়ত্ত শাসিত নাৰীবাদী গোটৰ সৃষ্টি হৈছিল যিবোৰ নেকি ইউৰোপীয় মহিলা অনুষ্ঠানৰ মূল নীতিৰ পৰা বহু পৰিমাণে পৃথক আছিল। তৃণমূল পৰ্যায়ৰ মহিলাসকলৰ সৈতে এই গোটবিলাকৰ নিবিড় সম্পৰ্ক আছিল আৰু মহিলাৰ অধিকাৰ আৰু সমতাৰ কাৰণে যুঁজাত এই গোটবিলাকে অগ্রণী ভূমিকা গ্রহণ কৰিছিল। ভাৰতৰ নাৰীবাদী আন্দোলন হ’ল ৰাজনৈতিক আৰু উন্নয়নমূলক প্রক্রিয়াত সমান অংশগ্ৰহণৰ বাবে মহিলাৰ দাবীক দৃঢ়তাৰে প্ৰকাশ কৰাৰ এক প্ৰচেষ্টা, যাক সংৰক্ষণমূলক শক্তি আৰু প্ৰতিক্ৰিয়াৰ সৈতে পৰোক্ষ বিৰোধ বুলি অভিহিত কৰিব পাৰি। 

কিন্তু ১৯৮০ৰ দশকৰ মাজভাগত মহিলাৰ পুনৰ উৎপাদনৰ কার্যক একমাত্র প্রকৃতিক তথা ঐতিহাসিক বুলি গুৰুত্ব আৰোপ কৰি পৰম্পৰাৰ পূৰ্ব প্ৰসংগলৈ ঘূৰি যোৱা হ’ল- যিটোৱে তেওঁলোকৰ আনকি প্রচলিত অধিকাৰসমূহো লাভ কৰাত প্ৰধান অন্তৰায় হিচাপে দেখা দিলে। দ্বিতীয়তে, মুক্ত বজাৰ ব্যৱস্থা, পুঁজিবাদৰ দ্রুত অনুপ্ৰৱেশও পৰম্পৰাগত শোষকসকলৰ ক্ষমতা বৃদ্ধি কৰিলে আৰু মহিলাসকলক একেবাৰে একাষৰীয়া কৰিলে। 

উল্লেখযোগ্য যে ৭০ আৰু ৯০ৰ দশকৰ মাজৰ আন্দোলনৰ বিকাশৰ বিষয়ে বর্ণনা কৰি বীনা মজুমদাৰে মতপ্রকাশ কৰিছে এনেদৰে – “এইবোৰ দশক আছিল ভাৰতীয় সমাজৰ বাবে স্থান পৰিৱৰ্তনৰ যুগ আৰু এই সময়বোৰত মহিলাৰ বহুতো সমস্যা অভাৱনীয়ভাৱে উদ্ভৱ হৈছিল। মহিলাসকলে অনুধাৱন কৰিবলৈ সক্ষম হৈছিল যে কিছুমান সমস্যাই তেওঁলোকৰ জীৱন-যাত্ৰাত ব্যাঘ্যাত জন্মাইছে। বিভিন্ন দলৰ চৰকাৰেও নাৰী আন্দোলনৰ প্ৰতি উদাসীন ধাৰণা প্ৰদৰ্শন কৰিছিল। আন্দোলনে মহিলাৰ সমস্যাসমূহক ৰাজনৈতিক কাৰ্যসূচীত স্থান দিয়াৰ বাবে ৰাষ্ট্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ লৈছিল।” এই মহিলা আন্দোলনটো নিজেই বৃহৎ পৰিৱৰ্তনৰ সন্মুখীন হৈছিল আৰু বিভিন্ন দিশৰ পৰা হেঁচাৰ সন্মুখীন হোৱা সত্ত্বেও তীব্র গতিৰে বিকশিত হৈছিল। আন্দোলনৰ ভিতৰচ’ৰাতে বহু আদৰ্শগত আৰু আঞ্চলিক বিভিন্নতা আছিল। যদিও আন্দোলনটোত মহিলা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছিল। উল্লেখযোগ্য যে ১৯৭৪ চনৰ C.S.W.Lৰ প্ৰতিবেদনত সন্নিবিষ্ট বিষয়বোৰ প্ৰধানকৈ তাত বিবেচিত হৈছিল। 

প্রতিবেদন লিংগ ভূমিকাৰ ক্ষেত্ৰত থকা পাৰ্থক্যসমূহ যিবোৰ এলেকাত মহিলাসকল ব্যাপকভাৱে জড়িত সেইবোৰৰ ক্ষেত্ৰত অস্পষ্টতা আৰু মহিলাৰ কল্যাণৰ উন্নয়নৰ ক্ষেত্ৰত অ-বিস্বস্ত অৰিহণা আদিৰ ওপৰত মন্তব্য দিছিল। বাস্তৱত লিংগ অনুপাতৰ অৱনতি, জীবন প্রত্যাশাত বৃহৎ লিংগ পার্থক্য, মৰণশীলতা, অর্থনৈতিক অংশগ্রহণ আৰু বাঢ়ি অহা প্ৰব্ৰজনৰ নিৰিখ আদি বিষয়বোৰে অসুবিধা দি আহিছিল। মহিলা আন্দোলনে কিছুমান বিষয় হাতত লৈছিল যেনে— মহিলাৰ বিপক্ষে আতিশয্য (ঘৰুৱা আৰু সামাজিক), ধর্ষণ (ব্যক্তিগত আৰু দলবদ্ধ), যৌতুক (নগদ ধন আৰু মূল্যবান সামগ্ৰী) আৰু ভ্ৰণ হত্যাৰ হেতু লিংগ চিনাক্তকৰণ ইত্যাদি। ধৰ্ষণৰ বিষয়ত মথুৰা মোকদমাৰ বিৰুদ্ধে ১৯৭৯-৮০ চনত ৰাষ্ট্ৰীয় ভিত্তিত এক প্ৰচাৰ অভিযান চলোৱা হৈছিল। 

মহিলা আন্দোলনকাৰীসকলে ধৰ্ষণৰ ক্ষেত্ৰত থকা আইনৰ কিছু পৰিৱৰ্তন অনাত সফল হৈছিল। যৌতুক বিৰোধী আন্দোলনৰ বেলিকা, ১৯৮২ চনত দিল্লীৰ মহিলা সংগঠনসমূহে দেশৰ যিকোনো ঠাইত সংঘটিত যৌতুকজনিত হত্যা যেনে— আত্মহত্যা, দুর্ঘটনা, হত্যা আদিৰ হিচাপ নিৰ্ভৰযোগ্য প্ৰমাণৰ সৈতে সমাজৰ আগত দাঙি ধৰিছিল। আন্দোলনকাৰীসকলে বিভিন্ন আতিশয্য আৰু নিষ্ঠুৰতাৰ বলি হোৱা মহিলাসকলে মৃত্যুৰ আগমুহূৰ্তত দিয়া স্বীকাৰোক্তিসমূহ নথিভুক্ত কৰিছিল আৰু সেইবোৰক তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত তথ্য সহকাৰে প্রমাণ হিচাপে প্ৰয়োগ কৰিব বিচাৰিছিল। 

কিন্তু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক কর্তৃপক্ষ এইবোৰ বিষয়ত উদাসীন হৈ আছিল। আনহাতে এই যৌতুক বিৰোধিতাৰ সমৰ্থনত গঢ়ি তোলা আন্দোলনটি ব্যক্তিগত আৰু সংগঠনসমূহৰ সৈতে আন্দোলনকাৰীসকলে যৌথভাৱে কৰা এক ব্যাপক প্ৰচাৰ আছিল। এই চেতনা মঞ্চতই সৰ্বশেষত চৰকাৰৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তথা হেঁচা প্ৰয়োগ কৰিছিল। আইন আয়োগৰ লগতে সংসদৰ যুটীয়া কমিটীয়ে আইনৰ উন্নীতকৰণৰ বাবে পৰীক্ষা কৰিছিল যাতে যৌতুকৰ ভাবুকিবোৰ প্ৰতিৰোধ কৰাত সহায়ক হয়। 

কাৰণ এইটো স্পষ্ট যে অর্থনৈতিক স্থান, উন্নয়নৰ কাৰণে সম্পত্তি আৰু সামগ্ৰী পুঞ্জীভূত কৰা যৌতুক এই দুয়োটা বিষয়ৰ মাজত সম্পর্ক আছে। যৌতুক নিবাৰণৰ আইনখন সংশোধন কৰা হৈছিল। কিন্তু উল্লেখনীয় যে ব্যাপক প্রচাৰ অভিযান আৰু বিধিগত ব্যৱস্থা আদি গ্রহণ কৰা সত্ত্বেও যৌতুক এক বিপদৰ ভাবুকি হিচাপে এনেদৰে শিপাইছে যে বৰ্তমান আমাৰ সামাজিক ব্যৱস্থাত ইয়াক নাইকিয়া কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

মহিলা আন্দোলনে মৌলবাদী আৰু প্রতিক্রিয়াশীল মতাদৰ্শৰ বিৰুদ্ধেও সংগ্রামত অৱতীৰ্ণ হ’ব লগা হৈছিল, যিবোৰে নেকি মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত এক সমস্যাৰ সৃষ্টি কৰিছে আৰু সাম্প্রতিক কালত ই মহিলাৰ সংগ্ৰামতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। সেয়ে এই আন্দোলনে মহিলাৰ মাজত সাম্প্ৰদায়িক উদ্দেশ্যধর্মী বিশ্বাসৰ বিৰোধী মনোভাব আনিবলৈ যত্ন কৰিছে। মৌলবাদীসকলে ধর্মীয় অনুষ্ঠানসমূহক তেওঁলোকৰ ফালে ধাবিত কৰাই মহিলাসকলৰ ধৰ্মীয় অনুভূতিক শোষণ কৰে। যোৱা কিছু আগৰ বছৰ পূৰ্বে মহিলাসকলে সাম্প্রদায়িক সংঘর্ষবিলাকতো সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু মহিলা সংগঠনসমূহে ইয়াৰ বাবে সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিব পৰা নাছিল। অভিজ্ঞতাৰ ফালৰ পৰা দেখা গৈছে যে মহিলা আন্দোলনে নতুন বহু নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা আছে আৰু সেই কাৰণে সংগ্ৰামৰ আভ্যন্তৰীণ স্থিতি আৰু ধাৰণাক পূৰ্ণ ব্যাখ্যা কৰিব লাগিব। অৱশ্যে মহিলা আন্দোলনৰো অন্যান্য সামাজিক আন্দোলনৰ আভ্যন্তৰীণ অংশ হিচাপে আনবোৰ আন্দোলনত থকাৰ নিচিনাকৈ মহিলা আন্দোলনটোৰো কিছু আদৰ্শগত বিৰোধৰ স্থল দেখা পোৱা যায়।

অর্থনৈতিক দিশত চালে দেখা যায় যে মহিলা আন্দোলনে সদায় স্পষ্ট ভূমি সংস্কাৰ নীতিক কাৰ্যকৰী কৰিবলৈ আৰু উৎপাদনী। কাৰ্যসমূহত মহিলাৰ অধিকাৰ আদিৰ বাবে দাবী কৰি আহিছে। ১৯৮০ চনত মহিলা সংগঠনসমূহে ৬ষ্ঠ পঞ্চবার্ষিক পৰিকল্পনাত “মহিলাৰ বাধ্যতামূলক উন্নয়নৰ প্ৰয়োজনীয়তা” বিষয়ৰ অন্তৰ্ভুক্তিৰ কাৰণে এক স্পষ্ট নীতিৰ দাবী কৰিছিল। মহিলা কৰ্মীসকলৰ লগতে সাংসদসকলৰ হেঁচাত ষষ্ঠ পৰিকল্পনাই মহিলা আৰু উন্নয়নৰ ওপৰত এটা দফা অন্তৰ্ভুক্ত কৰিছিল। 

পৰিকল্পনাই সম্পদ বিতৰণৰ ক্ষেত্ৰত স্বামী আৰু স্ত্ৰীৰ যুটীয়া নামকৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি দিছিল। ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত নতুন কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে মহিলাই আগতকৈ অধিক পৰিমাণে অগ্ৰাধিকাৰ লাভ কৰিব আৰু মহিলা তথা উন্নয়নক ভিত্তি হিচাপে লৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ (NAM)ৰ দ্বিতীয় অধিৱেশন আহ্বান কৰিছিল। য’ত স্ব-নিৰ্ভৰশীল, স্ব-নিয়োজিত মহিলা আৰু অনানুষ্ঠানিক ক্ষেত্ৰতম হিলাৰ ওপৰত ৰাষ্ট্ৰীয় আয়োগৰ প্রতিবেদনখনে মহিলা আন্দোলন আৰু মহিলাৰ ওপৰত অধ্যয়ন কৰা বিশেষজ্ঞৰ ইচ্ছাৰ কিছু পৰিমাণে প্ৰতিনিধিত্ব কৰিছিল। ২০০০ চনলৈকে মহিলাৰ কাৰণে থকা ৰাষ্ট্ৰীয় প্রত্যাশ্যা আঁচনিখন মহিলা নেত্ৰীসকলৰ সৈতে কোনো ধৰণৰ আলোচনা-বিলোচনা নকৰাকৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কাৰণে এটা পৰামৰ্শকাৰী দলৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। বহুতো বিষয়ত দুয়ো পক্ষৰ মতানৈক্য আছিল। 

মহিলা সংগঠনসমূহে মহিলাসকলক বিকাশৰ মূল স্তৰলৈ অনাৰ বাবে NPP-ৰ পৰামৰ্শৱলীৰ ফালে আঙুলিয়াইছিল। এইটো এই কাৰণে বিচৰা হৈছিল যে বাস্তৱত মহিলাসকলক উন্নয়নৰ মূল স্তৰৰ পৰা একাষৰীয়া কৰি ৰখা হৈছিল আৰু অন্যান্য পৰামৰ্শাৱলীয়েও মহিলা কৰ্মীসকলৰ সৈতে একো ভাল কৰা নাছিল আৰু সেইবোৰক নাকচ কৰিছিল। এইবোৰৰ বিপৰীত কিছুমান দাবী কৰিছিল যেনে— মহিলাসকলৰ কাৰণে আছুতীয়া আয়োগ গঠন কৰা আৰু মহিলাৰ বিপক্ষে থকা আতিশয্য বোধ কৰাৰ বাবে থকা আন্তৰ্জাতিক চুক্তিৰ কাৰ্যকাৰিতা নিশ্চিত কৰা আদি। 

মহিলা আন্দোলনে প্ৰসাৰিত নীতিসমূহক সমৰ্থন নকৰে কাৰণ এইবোৰে মানুহৰ মাজত ব্যৱধান বঢ়ায়, এইবোৰে অনানুষ্ঠানিক ক্ষেত্ৰত অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি থকা, সংখ্যাগৰিষ্ঠ মহিলাৰ অৱস্থাক অধিক স্পৰ্শকাতৰ কৰিব আৰু সেইবোৰে সামাজিক বিশৃংখলতাৰ আঁৰত হিংসা আদিত অৰিহণা যোগাব আৰু ফলশ্ৰুতিত বাবে মহিলা আৰু শিশু অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব। চৰকাৰৰ বিভিন্ন নীতিয়ে বিশেষকৈ— সাংগঠনিক সমিলকৰণ আঁচনিয়ে মহিলা কর্মীসকলক ভীতিগ্রস্ত কৰিব আৰু মহিলাসকলক অতিৰিক্তভাৱে একাষৰীয়া কৰিব। এনেবোৰ ভয়ৰ ধাৰণাই তেওঁলোক সকলোকে একগোট হোৱাত অনুপ্ৰেৰণা যোগাইছে। এই মহিলা আন্দোলন এনেদৰে বিকশিত হৈছে আৰু ইয়াৰ প্ৰচাৰো ব্যাপক হৈছে। মহিলাৰ সমস্যাসমূহৰ বিষয়ত আৰু এইবোৰৰ সৈতে তেওঁলোকে কিদৰে মোকাবিলা কৰিব সেইবোৰ বিষয়ত অৱশ্যে আন্দোলনৰ মাজতে বিভিন্ন মতামত আছে। তৃণমূল পৰ্যায়ৰ মহিলাসকলৰ দ্বাৰা স্পষ্ট বিশ্বাসৰ বৃদ্ধিকৰণ, শিক্ষাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু গ্ৰাম্য তথা নগৰৰ স্থানীয় নিকায়সমূহত মহিলাৰ ৫০ শতাংশ আসন সংৰক্ষণ আদি সকলো কাৰকে মহিলা আন্দোলনক শক্তিশালী কৰিব ।

Short type questions 

1. Anti Arrack Movement.

Ans: ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আৰাকবিৰোধী আন্দোলন এক শক্তিশালী মহিলা আন্দোলনস্বৰূপে বিবেচিত হৈছে। এই আন্দোলনটোৱে গার্হস্থ্য হিংসা, যৌতুক প্রথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমর্থ হয়।

নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্রভাৱ পেলাইছিল। পুৰুষসকলৰ আৰাক নামৰ স্থানীয়ভাৱে তৈয়াৰ কৰা সুৰাৰ আসক্তিৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত মানসিক নির্যাতন চলোৱা হৈছিল। এই সুৰা সেৱনৰ অভ্যাসৰ বাবে পৰিয়ালসমূহৰ অর্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছিল। সুৰা সেৱনৰ প্ৰত্যক্ষভাৱে আৰু সবাতোকৈ বেয়া প্ৰভাৱ পৰিছিল, মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে আৰাকবিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে এই সুৰাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্রায়খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ এটা উপপতি সমাহতা আৰু ঊর্ধ্বতন কর্তৃপক্ষলৈ প্ৰেৰণ কৰে। মহিলাসকলৰ এই সবল প্ৰতিবাদৰ ফলস্বৰূপে নেল্লোৰ জিলাত সোৰবাৰকৈ আৰাকৰ নিলাম পিছুৱাই দিবলগীয়া হয়। 

নেল্লোৰত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্ৰপ্ৰদেশৰ সকলো অঞ্চলত বিয়পি পৰে। মহিলাসকলে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদত আৰাকৰ বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়ায়। যদিও এই আন্দোলন আৰাকৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকে সন্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। উল্লেখনীয়ভাবে আন্দোলনটোৰ জৰিয়তে গাঁও অঞ্চলৰ মহিলাসকলৰ গার্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পূৰ্বে এইধৰণৰ আলোচনা চহৰ অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীৰ মহিলাসকলৰ মাজতে আৱদ্ধ আছিল।

এইখিনিতে উল্লেখ কৰি থ’ব পাৰি যে অসমতো, বিশেষকৈ গাঁও অঞ্চলত বিভিন্ন সময়ত মহিলাসকলে সুৰা সেৱনৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অৱশ্যে এই ব্যৱস্থা অথবা পদক্ষেপসমূহ সুসংগঠিত আৰু স্থায়ীভাৱে হোৱা নাই।

অনুৰূপধৰণে, ১৯৭২ চনত মহাৰাষ্ট্ৰ ধুলিয়া জিলাৰ চাহদা জনজাতি এলেকাত বিশেষ ধৰণৰ মহিলা আন্দোলনে গা কৰি উঠিছিল। প্রথমতে, গান্ধীবাদী সর্বোদয় আৰু পিছত মাওঁবাদী কর্মীসকলে এটি আন্দোলন গঢ়ি তুলিছিল য’ত ভিল জনজাতিৰ মহিলাসকলে আগভাগ লৈছিল। এই আন্দোলনৰ যুঁজাৰু কৰ্মীবোৰে এটি মদ নিবাৰণী প্ৰচাৰ অভিযান চলাই মদ খাই তিৰোতাক অত্যাচাৰ কৰা পুৰুষসকলক ৰাজহুৱাভাৱে শাস্তি দিয়া আৰু মদৰ পাত্ৰ ভঙাৰ ব্যৱস্থা কৰিছিল। 

৬০ৰ দশকৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ পাহাৰীয়া এলেকা উত্তৰাখণ্ডতো এনেধৰণৰ মহিলাৰ আন্দোলনে গা কৰি উঠিছিল। এই আন্দোলনত গান্ধীজীৰ আদর্শেৰে আগবঢ়া নেতা যেনে— বিনোৱা ভাৱে, গান্ধীজীৰ অনুসৰণকাৰীসকলে যেনে— সৰলাবেন আৰু মীৰাবেনে স্বাধীনতাৰ পিছত কুমানত এখন আশ্রমো প্রতিষ্ঠা কৰিছিল। স্থানীয় গান্ধীবাদী নেতা সুন্দৰলাল বহুগুণাই মহিলা চিপ্‌কো বিদ্ৰোহৰ বিখ্যাত নেতা হৈছিল। বহুসংখ্যক মহিলাই মদ বেচোতা আৰু বিক্ৰী কৰাৰ প্ৰতিবাদত ঘৰৰ চাৰিবেৰৰ পৰা বাহিৰ ওলাই আহিছিল। 

মদ নিবাৰণী আন্দোলন ভাৰতৰ বিভিন্ন অঞ্চলত গা কৰি উঠিছিল। ৯০ৰ দশকৰ মাজভাগত অন্ধ্ৰপ্ৰদেশৰ দুখীয়া গাঁৱলীয়া মহিলাসকলে মদ নিবাৰণী আইন প্রয়োগ কৰাৰ বাবে তীব্র আন্দোলন গঢ়ি তুলিছিল। ইয়ে পিচলৈ মদ বিক্ৰীৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছিল। গান্ধীজীয়ে এহিলাসকলৰ উক্ত কথাটো হৃদয়ংগম কৰি মদ বর্জন কার্যসূচী জাতীয় আন্দোলনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিছিল।

2. Objectives of National Policy for Women Empowerment 2001.

Ans: ভাৰতৰ পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাত মহিলাসকলে সন্মুখীন হৈ থকা বিভিন্ন ধৰণৰ আৰ্থ-সামাজিক, আৰু ৰাজনৈতিক সমস্যাসমূহৰ প্ৰতি ন্যায় সংগত বিচাৰ কৰাৰ উদ্দেশ্য ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি (National Policy for Women Empowerment) ২০০১ চনত প্ৰণয়ন কৰে। এই নীতিৰ কেতবোৰ উদ্দেশ্য হ’ল—

(ক) মহিলাসকলৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু নাগৰিক অধিকাৰৰ আইনগত আৰু বাস্তৱিক প্ৰয়োগ কৰণ।

(খ) মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ আৰু এক কাৰ্যদক্ষ ন্যায়িক ব্যৱস্থাৰ সূচনা কৰা।

(গ) আর্থ-সামাজিক নীতিৰ জৰিয়তে এক ধনাত্মক পৰিৱেশৰ সূচনা কৰা য’ত নেকি মহিলাসকলে তেওঁলোকৰ গুণগত মান নিৰ্ধাৰণ কৰি পূৰ্ণ বিকাশ লাভ কৰিব পাৰে। | 

(ঘ) মহিলাসকলক সম পদবী, স্বাস্থ্য, নিয়োগ, সামাজিক | নিৰাপত্তা আৰু সুবিধা প্ৰদান কৰা।

3. National Commission on the Status of Women, 1974.

Ans: ভাৰতীয় মহিলাসকলে ভাৰতত নানা প্ৰকাৰেৰে শোষিত হৈ আহিছে। স্বাধীনতাৰ পূৰ্বে নানা ধৰণৰ সামাজিক প্ৰথাৰ জৰিয়তে ভাৰতীয় মহিলাসকলক শোষণ কৰা হৈছিল। যেনে— সতীদাহ প্রথা, যৌতুক প্রথা, বাল্য বিবাহ, মহিলা শিক্ষাৰ প্ৰতি গুৰুত্ব কম ইত্যাদি। স্বাধীনতাৰ পিছত সংবিধানৰ বিভিন্ন আইনৰ জৰিয়তে এই কু-প্রথাসমূহ নিবাৰণৰ বাবে চেষ্টা কৰা হৈছে যদিও সম্পূর্ণভাৱে কিছুমান কু-প্রথা আঁতৰাব পৰা হোৱা নাই। ইয়াৰ উপৰি ৰাষ্ট্ৰসংঘৰ জৰিয়তে “মানৱ অধিকাৰ সুৰক্ষা আইন” ব্যৱস্থাই প্রত্যেক দেশত সকলো ধৰণৰ লিংগ ভেদাভেদ আঁতৰাবৰ বাবে পদক্ষেপ দাঙি ধৰিবলৈ আহ্বান জনোৱা হয়। 

এই সূত্ৰে ভাৰততো ইয়াৰ গুৰুত্বৰ উপলব্ধি কৰা হয় আৰু ১৯৭৪ চনত ভাৰতত ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কমিটী নাৰীৰ পদমর্যাদা ৰক্ষাৰ হেতুকে গঠন কৰা হয়। এই কমিটীখনক “নাৰীৰ পদমর্যাদা সম্পৰ্কীয় কমিটী” (CSW) [Committee on Status of Women ] বুলি জনা যায়। এই কমিটীখনে নাৰীৰ মৰ্যাদা সম্পর্কে এইবুলি কয়— “Status refers to a position in a social system or subsystem which is distinguishable from and at the same time related to other positions through its designated right and obligations.”

মানৱ অধিকাৰ আয়োগ গঠনৰ পিছত সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতি সমৰ্থন লাভ কৰে আৰু পিছত নাৰীৰ মৰ্যাদা সম্পর্কে গভীৰ চিন্তা-আৰম্ভ হয়। ১৯৭৫ চনটোক ৰাষ্ট্ৰসংঘই “আন্তঃৰাষ্ট্ৰীয় নাৰী বর্ষ” হিচাপে ঘোষণা কৰে আৰু গোটেই বিশ্বৰ নাগৰিকক মহিলাৰ লগত জড়িত বিষয়সমূহৰ গভীৰ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘই এই ১৯৭৫ চনটোক “আন্তঃৰাষ্ট্ৰীয় নাৰীবর্ষ” (International Women Year) বুলি ঘোষণা কৰি তিনিটা কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সেইকেইটা হ’ল পুৰুষ আৰু মহিলা উভয়ৰে সমঅধিকাৰ প্ৰদান আৰু ৰক্ষণাবেক্ষণ, সকলো মহিলাকে একগোট কৰি উন্নতিৰ পথত আগুৱাই নিয়া, শান্তি প্রতিষ্ঠা ক্ষেত্ৰত মহিলাৰ ভূমিকাক অগ্ৰাধিকাৰ দিয়া।

ভাৰতত এই বৰ্ষত নাৰী সবলীকৰণৰ বাবে নানান আঁচনি লোৱা হৈছিল। বিশেষকৈ নাৰী শিক্ষাৰ বাবে ভাৰত চৰকাৰে বহু আঁচনি যুগুত কৰে আৰু কাৰ্যকৰী কৰে। ১৯৪৭ চনৰ কমিটীখনে বিশেষকৈ তিনিটা কথাৰ জৰিয়তে মর্যাদা ৰক্ষাৰ ক্ষেত্ৰত চেষ্টা কৰিছিল। 

১) নাৰীৰ ওপৰত চলা সকলো ধৰণৰ আক্ৰমণ (মাৰপিট,ধর্ষণ ইত্যাদি) বোৰ ৰোধ কৰা। 

২) নাৰীৰ কামৰ সমবিতৰণ। অর্থাৎ ৰীতি-নীতি বা সামাজিক প্রথাই নাৰীৰ যি কামৰ দিহা দাঙি ধৰি আহিছে সেইবোৰ সলনি কৰা।

৩) পুৰুষপ্রধান সামাজিক ব্যৱস্থাত নাৰীৰ সকলোধৰণৰ অধিকাৰৰ ৰক্ষণাবেক্ষণ।

কমিটীখনে উক্ত তিনিটা গুৰুত্বপূৰ্ণ দিশৰ বাদেও নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত নৱজাগৰণৰ সূত্ৰপাত কৰে। বহুলোকে নাৰীৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত এই কমিটীখনক পথ প্ৰদৰ্শক বুলি কয়। কিয়নো ১৯৪৭ চনৰ পিছৰ পৰাই বিশেষকৈ নাৰী সবলীকৰণ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে।

4. Telangana Movement.

Ans: সাম্যবাদী কৃষক বিদ্ৰোহৰ আন এক উল্লেখযোগ্য দিশ হৈছে ১৯৪৬-১৯৫০ চনত হায়দৰাবাদৰ টেলেংগানা এলেকাত হোৱা কৃষক বিদ্রোহ। এই আন্দোলনটোৰ প্ৰতিও মহিলাসকলে পূর্ণ সমর্থন আগবঢ়াইছিল। কিছুমান মহিলাই গেৰিলা বাহিনীত যোগদান কৰিব বিচাৰিছিল যদিও তেওঁলোকক গেৰিলা বাহিনীত যোগদান কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। 

কিন্তু দেখা গৈছিল যে মহিলাসকলে সন্মুখীন হোৱা নানান সমস্যাৰাজিক সঠিকভাৱে উপস্থাপন কৰা হোৱা নাছিল বৰং আন্দোলনটো মহিলাসকলৰ সন্মুখত এক বৃহৎ মোহভংগ (Disillusion) ৰূপে দেখা দিছিল। স্ত্রী সংগঠনৰ সদস্যসকলে যেতিয়া তেওঁলোকৰ ইতিহাস তথ্যায়িত (Documented) কৰিছিল, তেওঁলোকক আন্দোলনটোৰ দ্বাৰা সম্পূৰ্ণৰূপে নিঠৰুৱা কৰা যেন বোধ হৈছিল। 

তেওঁলোকৰ সকলো আশা আকাংক্ষা থানবান হৈ গৈছিল, তেওঁলোকক দবা খেলৰ সৈনিক (Pawn)ৰ দৰে ব্যৱহৃত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত দলিয়াই পেলোৱাৰ দৰে উপক্ৰম হৈছিল। আন্দোলনটোত শ্রেণী সংগ্ৰামক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু মহিলাসকল পুনৰ অৱহেলিত হৈ ৰৈছিল। তেনে পৰিস্থিতিত কিছুসংখ্যক সাম্যবাদী মহিলাই কমৰেড সকলক বিয়া কৰাই “নাৰী বাহিনী” (Women Front) ৰ হৈ কাম কৰা পৰিলক্ষিত হৈছিল।

5. Chipko Movement.

Ans: চিপকো আন্দোলনৰ শব্দগত অর্থ হ’ল ‘গছক সাবটি ধৰা আন্দোলন’। এই আন্দোলন ১৯৭২ চনত উত্তৰাখণ্ডৰ কেইখন মান গাঁৱত গাঁওবাসী আৰু কাঠৰ কুণ্ডাৰ ব্যৱসায় কৰা এজন ঠিকাদাৰৰ মাজত হোৱা সংঘাত্মক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল। উল্লেখযোগ্য যে উক্ত ঠিকাদাৰজনক ৰাজ্য চৰকাৰে গাঁৱৰ সৈতে সংলগ্ন জংঘলত গছ কটাৰ অনুমতি প্ৰদান কৰিছিল। গাঁওবাসীয়ে এই ঠিকাদাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিছিল য’ত সুন্দৰলাল বহুগুনাই নেতৃত্ব বহন কৰিছিল। আন্দোলনটোৰ দাবী আছিল বনাঞ্চল ধ্বংস কৰা কোনো ঠিকা বাহিৰৰ ব্যক্তিক দিব নোৱাৰিব আৰু স্থানীয় সম্প্ৰদায়ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ অধিকাৰ থকা উচিত। 

উল্লেখযোগ্য যে জনজাতীয় লোকসকল তেওঁলোকৰ দৈনন্দিন মৌলিক প্ৰয়োজনসমূহ আৰু জীৱন নিৰ্বাহৰ বাবে বনাঞ্চলৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। কিন্তু প্রায়ে দেখা যায় যে বন নীতি আৰু পৰিকল্পনাৰ ক্ষেত্ৰত সাধাৰণ লোকৰ প্ৰয়োজনসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা নহয়। উত্তৰাখণ্ডতো অনুৰূপ ঘটনাই সংঘটিত হৈছিল।

গাঁৱৰ লোকসকলে কৃষিকার্যৰ বাবে লাগতিয়াল আহিলা তৈয়াৰ কৰিবলৈ বনাঞ্চলৰ গছ-গছনি ব্যৱহাৰৰ বাবে বন বিভাগক আবেদন জনাইছিল। কিন্তু বন বিভাগে এই আবেদন অগ্রাহ্য কৰে আৰু ইয়াৰ বিপৰীতে বিভাগটোৱে খেলৰ সামগ্ৰী প্ৰস্তুতকৰণ ব্যৱসায়ৰ সৈতে জড়িত ঠিকাদাৰজনক ব্যৱসায়িক কাম-কাজত ব্যৱহাৰৰ বাবে ভূমিৰ আবণ্টন দিলে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্ট হৈ গাঁওবাসীয়ে এক প্রতিবাদী আন্দোলন আৰম্ভ কৰে। 

মহিলাৰ সক্রিয় অংশগ্রহণ আছিল চিপকো আন্দোলনৰ অন্যতম গুৰুত্বপূর্ণ দিশ। মহিলাসকলে ঠিকাদাৰজনৰ গছ কটাত বাধা প্রদান কৰিবলৈ আহি গছত সাৱটি ধৰিছিল। সেয়ে এই আন্দোলনটোক চিপকো আন্দোলন নামেৰে নামাকৰণ কৰা হৈছিল। এই আন্দোলনটোৱে খৰি আৰু ঘাঁহৰ বাবে গাঁৱৰ মহিলাসকলৰ অবিৰত সংগ্রামৰ সৈতে পৰিৱেশীয় অৱক্ষয়ৰ এক নিবিড় সম্পর্ক স্থাপন কৰে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে, চিপকো আন্দোলনৰ সৈতে মহিলাৰ সক্ৰিয় অংশগ্রহণ আৰু নিৰ্বননীকৰণে পাহাৰীয়া অঞ্চলৰ মহিলাসকলৰ জীৱনতো জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ বাবে আন্দোলনটোক ‘নাৰীবাদী আন্দোলন’ আখ্যাও দিয়া হয়। 

চিপকো আন্দোলনৰ সময়ত ঠিকাদাৰজনে অঞ্চলটোৰ পুৰুষসকলক সুৰাৰ যোগান ধৰি কাম সমাধা কৰাই ল’বলৈ কৌশল অৱলম্বন কৰোতে মহিলাসকলে বাধা প্রদান কৰিছিল। অৱশ্যে আন্দোলনটোৱে পিছলৈ অন্যান্য কেতবোৰ সামাজিক বিষয়ো সামৰি লয়। এই আন্দোলনটোৱে পিছলৈ অন্যান্য কেতবোৰ সামাজিক বিষয়ো সামৰি লয়। এই আন্দোলনটোক ভাৰতৰ প্ৰথম তৃণমূল পৰ্যায়ৰ পৰিৱেশ আন্দোলনসমূহৰ অন্যতম আখ্যা দিয়া হয়। এই আন্দোলনটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰে।

চিপকো আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পর্যাপ্ত পৰিমাণে গছ-গছনি নোহোৱালৈ ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰা হয়। চিপকো আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদানটো হ’ল যে এই আন্দোলনটোৱে ভাৰতৰ বিভিন্ন চিপকো আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পর্যাপ্ত পৰিমাণে গছ-গছনি নোহোৱালৈ ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰা হয়। চিপকো আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদানটো হ’ল যে এই আন্দোলনটোৱে ভাৰতৰ বিভিন্ন স্থানত সামাজিক বিষয় আৰু সমস্যাৰ সমাধানৰ উদ্দেশ্য সামাজিক আন্দোলন আৰু গণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top