Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West

Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West

Join Telegram channel

Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 3 Genesis of Feminist Movements in the West provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Genesis of Feminist Movements in the West

POLITICAL SCIENCE

FEMINISM THEORY AND PRACTICE

নাৰীবাদ : তত্ত্ব আৰু প্ৰয়োগ

Objectives question answer :

1. Who wrote the book “Origin of the Family, Private Property and the State?

Ans: এঞ্জেলছ।

2. Who wrote the book “The Subjection of Women”?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Ans: জে. এছ. মিল।

3. Write the full form of FMCG?

Ans: Fast Moving Consumer Goods.

4. What does Second Wave Feminist Movement Mean?

Ans: চাইমন দ্য ব্যুভেৰ।

5. Who authored “The Feminine Mystique”?

Ans: বেটী ফ্রিয়েমেন।

6. Which year was declared by UN as International Women’s Year? 

Ans: ১৯৭৫ চন।

7. The Feminist movements were came into being as a result of the demand for equal status of female with male/Patriarch domain over women/equal rights.

Ans: Female with male.

8. The Feminist movements was first evolved in the western countries/Third world countries/Islamic countries.

Ans: Western countries.

9. Elimination of gender discrimination is a main objective of the feminist movements write Yes/No.

Ans: Yes.

10. ‘The objectives of the Western Feminist Movements is similar with the feminist Movements of the Third world. Write Yes/No

Ans: No.

11. The Western Feminist Movements has been categorised into 2/3/4 wave.

Ans: 4.

12. The Domestic Violence Prevention Act was passed in 2001/2005/2013.

Ans: 2001.

Short Question answer :

1. First Wave of Feminist Movement.

Ans: নাৰী আন্দোলনৰ প্ৰথমটো প্ৰৱাহৰ লগত জড়িত সাহিত্যৰ উত্তৰণ সম্পৰ্কত ক’ব পাৰি যে জে. এছ. মিলৰ [J.S. Milljৰ ১৯৬৯ চনত প্ৰকাশিত “The Subjection of Women” শীর্ষক গ্রন্থখন ফ্রান্স, জার্মান, চুইডিছ, স্পেনিচ, পলিছ আৰু ইটালীয়ান ভাষালৈ অনুবাদ কৰা হৈছিল। হেৰিক ইবচেন (Herrick Ibsen)ৰ কালজয়ী সৃষ্টি “A Dell’s House” সমগ্র বিশ্বব্যাপি বিখ্যাত হৈ পৰিছিল আৰু প্ৰায় সকলোতে অভিনীত হৈছিল। এনেদৰে বহু সময়ত আৰু বহু লেখকে নাৰীৰ অধিকাৰ সম্পৰ্কে নিজৰ নিজৰ মত পোষণ কৰিছিল আৰু এনেদৰে নাৰী অধিকাৰৰ বিষয়ক এক আন্তঃৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, এলিজাবেথ ষ্টেণ্টন (Elizabeth Stanton) আৰু চুচান, বি. এন্থনি (Susan B. Anthony) Cয় ১৮৮৮ চনত “মহিলাৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদ” (International Council of Women) প্রতিষ্ঠা কৰাৰ লগে লগে “আন্তঃৰাষ্ট্ৰীয় নাৰীবাদ” (International Feminism)য়ে এক আনুষ্ঠানিক ৰূপ লাভ কৰিছিল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মহিলা পৰিষদ সংস্থাটোলৈ সকলো ইউৰোপীয়ান ৰাষ্ট্ৰৰ প্ৰতিনিধি বৰ্গই সহায়ৰ হাত আগবঢ়াইছিল। 

অনুৰূপ ধৰণৰ অন্য এক চৰম নাৰীবাদী সংগঠন আছিল ১৯০৪ চনত বাৰ্লিনত প্ৰতিষ্ঠা কৰা “International Women’s Suffrage alliance”। অৱশ্যে আন্দোলনৰ ওপৰত প্রথম বিশ্বযুদ্ধৰ কু প্ৰভাৱ নপৰাকৈ থকা নাছিল। যদিওবা নাৰী আন্দোলনক প্ৰথমটো প্ৰৱাহ মহিলাৰ ভোটাধিকাৰ আৰু সম ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। কিন্তু প্রকৃতাৰ্থত মহিলাসকলে

১৯২০ চনতহে ভোটাধিকাৰৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে দেখা যায় যে সমতাৰ কাৰণে সংগ্রাম আছিল নাৰী আন্দোলনৰ প্ৰথম প্ৰৱাহৰ মৌলিক উদ্দেশ্য।

2. Second Wave of Feminist Movement.

Ans: নাৰী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ সময়সীমা আছিল ১৯৮০ দশকলৈ। ১৯২০ চনত নাৰীৰ মতাধিকাৰ দাবীয়ে বিজয় সাব্যস্ত কৰাৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লিংগ সমতা ৰাজনৈতিক আৰু অর্থনৈতিক সমতা আদি বিষয়ক কেন্দ্ৰ কৰি কেতবোৰ নতুন নতুন প্রশ্নৰ অৱতাৰণা হৈছিল। আচল অৰ্থত, দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছতহে কেতবোৰ নতুন ধ্যান ধাৰণাৰ উদ্রেক ঘটিছিল আৰু নাৰীবাদৰ দ্বিতীয়টো প্ৰবাহৰ সূচনা হৈছিল।

প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে সন্মিলিত ৰাষ্ট্ৰসংঘই ১৯৬৪ চনৰ ২১ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা সম্পৰ্কীয় আয়োগ গঠন কৰিছিল। এই আয়োগখন গঠন কৰাৰ প্ৰধান লক্ষ্য আছিল লিংগ সমতা আৰু মহিলাৰ অগ্ৰগতি। অৱশ্যে নাৰী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ উৎপত্তি সম্পৰ্কত দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাৰ কথাও উনুকিয়াব পাৰি যি সময়ত নেকি নাৰীসকলে বিভিন্ন ধৰণৰ সংগঠন বিলাকত দলে বলে যোগদান কৰিছিল নতুন নির্মাণ কাৰখানা, FMCG (Fast moving Consumer Goods) পৰিৱর্তনশীল ধ্যান-ধাৰণা আদিয়ে মহিলাসকলক ঔদ্যোগিক খণ্ডৰ এক অপৰিহাৰ্য অংশীদাৰ কৰি তুলিছিল। আৰু এনে মহিলাসকলে অর্থনীতিৰ ক্ষেত্ৰখনত এক সুকীয়া আসন অৰ্জন কৰিবলৈ সক্ষম হৈছিল দ্বিতীয় মহাসমৰৰ পৰিসমাপ্তিৰ সময়ৰ পৰা আৰম্ভ কৰি ১৯৬০ৰ দশকলৈকে এই সময়ছোৱাৰ মহিলাসকলে ঘৰুৱা বিষয়সমূহৰ লগতে জড়িত হৈ আছিল। কিন্তু সময়ৰ লগে লগে কেতবোৰ নতুন বিষয় যেনে— প্রসূতিকালীন ছুটী, সমহাৰত মজুৰি, যৌনতা, পৰিয়াল আদিৰ অভ্যুত্থান ঘটিছিল। উল্লেখযোগ্য যে সেই সময়ছোৱাত “The Personal in Political” শীর্ষক ধ্বনি বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল।  ”    

“নাৰীবাদী আন্দোলনৰ দ্বিতীয় প্ৰৱাহ” অভিধাটোৱেই প্রধানতঃ চৰম নাৰীবাদকেই সূচায়। যি কি নহওঁক, ১৯৮৯ চনত চিমন দি ব্রুভেৰৰ “The Second Sex” শীর্ষক গ্রন্থখনেই নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ বীজ ৰোপণ কৰিছিল। এই গ্ৰন্থখনত তেওঁ পুৰুষ-মহিলাৰ মাজৰ সম্পৰ্কত সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল। গ্ৰন্থখনি প্ৰকাশ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৫৩ চনত নাৰী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ আন এক মাইলৰ খুটি স্বৰূপ, বেটী ফ্রিয়েডানৰ “The Feminine Mystique” গ্রন্থখনি য’ত ফ্রিয়েদানে মহিলাৰ গৃহিণী হিচাপে পালন কৰা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আৰু কৈছিল যে মহিলাসকলৰ গৃহিণী হিচাপে যি কার্যকলাপ সিবিলাকে মহিলাসকলৰ বিভিন্ন ধৰণৰ উৎপাদিকা মনোভাবত বিৰূপ প্ৰভাৱ পেলাইছিল। 

উল্লেখযোগ্য যে ক্ৰিয়েদানৰ এই গ্রন্থখনেই নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ পথ প্রশস্ত কৰি তুলিছিল। আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি জন এফ কেনেডী চৰকাৰে “মহিলাৰ মৰ্যাদা” শীর্ষক এক প্রতিবেদন যুগুত কৰি উলিয়াইছিল য’ত নেকি লিংগ অসমতাৰ বিষয়ে বিস্তৃতভাবে বর্ণনা আগবঢ়োৱা হৈছিল। মহিলাসকলৰ এই আন্দোলনে অধিক জনপ্রিয়তা লাভ কৰিছিল আৰু ন্যায় বিভাগেও মহিলাসকলক তেওঁলোকৰ ন্যায্য মর্যাদা প্রদানৰ হকে অধিক সোচ্ছাৰ হৈ পৰিছিল আৰু ইয়াৰ পৰিণতিতেই আমেৰিকাত সম মজুৰি অধিনিয়ম, ১৯৬৩ গৃহীত হৈছিল আৰু ইয়াৰ লগে লগে মহিলাসকলে প্রাপ্য মর্যাদা লাভ কৰাৰ পথ প্রশস্ত হৈ পৰিছিল।

১৯৬৬ চনত বেটী ফ্রিয়েদানক নেতৃত্বত মহিলাৰ জাতীয় সংগঠন বা চমুকৈ (National Organization for Women) গঠন কৰা হৈছিল। ১৯৭০ৰ দশকলৈকে এই সময়ছোৱাৰ ভিতৰত সংগঠনটোৱে ৪০০ৰো অধিক স্থানীয় গোট খুলিবলৈ সক্ষম হৈছিল উল্লেখযোগ্য মহিলাৰ জাতীয় সংগঠনকে ধৰি আনুসংগিক আন আন সংগঠন বিলাকে গর্ভপাতৰ অধিকাৰ, মহিলাৰ বাবে সমান মজুৰি, মহিলাৰ বাবে Occupational upgradation বা কৰ্মৰ পদোন্নতি, শিক্ষাৰ আইনগত আৰু সামাজিক বান্ধোন আদিৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল। ১৯৬০ৰ দশকৰ শেষৰ ফালে ১৯৬৯ চনত প্রকাশিত কেট মিলেটৰ Sexual Politics” শীৰ্ষক গ্ৰন্থখনকে চৰম নাৰীবাদৰ ক্ষেত্ৰত এক বাটকটীয়া দলিলৰূপে অভিহিত কৰিব পাৰি, প্ৰকৃতাৰ্থত আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহে চৰম নাৰীবাদী আন্দোলনৰ অভ্যুত্থানত অৰিহণা যোগাইছিল।

১৯৬৮ আৰু ১৯৬৯ চনত মিচ আমেৰিকান সৌন্দর্য প্ৰতিযোগিতাৰ প্ৰতি বিৰোধিতা কৰাৰ লগে লগেই পাশ্চাত্যৰ নাৰীবাদী আন্দোলনটো অধিক তুংগত উঠিছিল মহিলাসকলক পণ্য সামগ্ৰী হিচাপে চিত্রায়িত কৰা সৌন্দর্য প্রতিযোগিতাৰ বিৰুদ্ধে নিউয়ৰ্ক চৰম নাৰীবাদীসকল, ৰেডষ্টকিং গোট আৰু আনুসংগিক অন্যান্য সংগঠন বিলাক সহযোগিতামূলকভাৱে অধিক প্রতিবাদমুখৰ হৈ পৰিছিল। উল্লেখযোগ্য যে এই প্রতিবাদী আন্দোলনটোৱে গণ মাধ্যমসমূহৰো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু এনেদৰে ই সমগ্ৰ বিশ্বজুৰি মহিলাৰ অধিকাৰ সম্পৰ্কে এক প্ৰকাৰৰ সজাগতাৰ সৃষ্টি কৰিছিল।

এই সময়ছোৱাত গৃহীত হোৱা কেইখনমান উল্লেখযোগ্য আইন হৈছে নাগৰিক অধিকাৰ অধিনিয়ম, ১৯৬৪ (Civil Rights Act of 1964) ৰ’ ৱেৰ্ড ক’ৰ্ট সিদ্ধান্ত (Roe vs Wade Court decision) গৰ্ভপাত বৈধকৰণ, ১৯৭২ চনৰ শিক্ষা সংশোধনী অধিনিয়ম আদি। সেই সময়ৰ আন্দোলনটিৰ বিশিষ্ট নেত্ৰীসকলৰ ভিতৰত এলিজাবেথ ষ্টেণ্টন, বেট্টি ফ্রিয়াডেন, গ্ল’ৰিয়া ষ্টেইনেন আদিৰ নাম বিশেষভাৱে উল্লেখনীয়। থোৰতে ক’বলৈ হ’লে নাৰীবাদী আন্দোলনৰ দ্বিতীয় ঢৌ সফল হৈছিল, মাথোন সম-অধিকাৰ সংশোধনী [ Equal Rights Amendment চমুকৈ ERA] খন অনুমোদিত হোৱা নাছিল। মার্গাৰেট থেট্‌ছাৰ বৃটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে নাৰীবাদী আন্দোলনে আটাইতকৈ সফলতম কৃতিত্ব অর্জন কৰিছিল। নাৰীৰ প্রয়োজনসমূহক স্বীকৃতি দি ৰাষ্ট্ৰসংঘই ১৯৭৫ চনটোক “আন্তঃৰাষ্ট্ৰীয় নাৰীবৰ্ষ” হিচাপে ঘোষণা কৰিছিল।

নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো ঢৌৰ সামৰণিয়ে নাৰীবাদী যৌনকৰ্মীৰ অভ্যুত্থানত অনবদ্য বৰঙণি যোগাইছিল। আন্দোলনৰ তৃতীয়টো টৌ আছিল বিশেষকৈ নাৰী শক্তি বিষয়ক কেন্দ্ৰ কৰি৷

3. Third Wave of Feminist Movement.

Ans: নাৰীবাদী আন্দোলনৰ তৃতীয়টো ঢৌৱে সামাজিক বিষয়সমূহ, নাৰীৰ শক্তি, আত্মবিশ্বাস গঠনৰ ব্যৱস্থা আদিৰ ওপৰত প্রশ্ন উত্থাপন কৰিছিল। ১৯৯০ চনৰ পৰা আৰম্ভ হোৱা নাৰীবাদী আন্দোলনৰ তৃতীয়টো ঢৌৰ লগত জড়িত নাৰীবাদী চিন্তাবিদ সকলৰ ভিতৰত হিল থমাছ হিয়েৰিং আৰু ফ্রীডম ৰাইডৰ নাম বিশেষভাৱে উল্লেখযোগ্য। নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো ঢৌৰ বিফলতাৰ প্ৰেক্ষাপটত তৃতীয়টো ঢৌৰ সূত্ৰপাত হৈছিল। ৰাজনৈতিক আৰু অৰ্থনৈতিক সমতা, বৃত্তিগত ক্ষেত্ৰত সম্মান পোৱাৰ পিছত এতিয়া মহিলাসকলে কিছুমান কেন্দ্রীয় সমস্যালৈ চকু দিলে। যেনে— মহিলাসকলৰ বিৰুদ্ধে ধর্মীয় অৱদমন, নাৰীৰ বিৰুদ্ধে অত্যাচাৰ, মানৱ সৰবৰাহ, দেহৰ অস্ত্রোপচাৰ অংগচ্ছেদন, পর্ণগ্রাফী, মাধ্যমসমূহত নাৰীৰ প্ৰদৰ্শন আদি।

বিশ্বায়ন অথবা নতুন অর্থনৈতিক বিকাশ তথা ক্ষতা ব্যৱস্থাৰ পুনৰ্বিতৰণৰ প্ৰভাৱত নাৰীবাদীৰ তৃতীয় টৌ বিভিন্ন বিষয়লৈ বিস্তৃত হৈছিল। আন্দোলনটো আৰম্ভ হৈছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পৃথিৱীৰ মহিলাসকলক সজাগ কৰিবলৈ ১৯৭৪ চনত CEDAW জনন অর্থাৎ মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ সন্মিলন (Convention of Elimination of All forms of Discrimination Against Women) গ্ৰহণ কৰাৰ পৰা। ইয়াৰ উপৰিও আছিল ৰাষ্ট্ৰসংঘই ১৯৭৫-১৯৮৫ দশকটো ৰাষ্ট্ৰসংঘৰ নাৰীদশকৰূপে ঘোষণা কৰাটো যিয়েই নেকি ইয়েই নাৰীবাদীসকলক নাৰীবাদৰ নতুন তত্ত্ব বিকশিত কৰিবলৈ প্ৰণোদিত কৰিলে। শিক্ষা, সমাজ, ৰাজনীতি, ধৰ্ম আদি সকলোতে লিংগক এটা নির্দিষ্ট ইছ্যু হিচাপে গণ্য কৰা হ’ল।

এফ্ৰ’-আমেৰিকান নাৰীবাদী, ৰেবেকা ৱাকাৰ (Rebecca Walker) এ প্রথম “নাৰীবাদৰ তৃতীয় টৌ” বাক্যাংশটি ব্যৱহাৰ কৰিছিল। “Ms Magazine”ত প্রকাশিত “Becoming the Third Wave’ নামৰ প্ৰবন্ধটোত তেওঁ উক্ত অভিধাটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল য’ত তেওঁ কৈছিল যে তেওঁ তৃতীয় ঢৌৰ নাৰীবাদী উত্তৰ-নাৰীবাদৰ নাৰীবাদী নহয়।

তৃতীয় ঢৌৰ নাৰীবাদী আন্দোলনে এক নতুন ধৰণৰ তাত্ত্বিক প্রেক্ষাপটৰ সৃষ্টি কৰিলে। নাৰীবাদ আৰু গতানুগতিক লিংগ প্ৰশ্নত পুনৰ সংজ্ঞায়িত কৰা হ’ল। আন্দোলনটোৱে পৃথিৱীৰ সকলো বস্তুকে লিংগৰ দৃষ্টিভংগীৰে নিৰীক্ষণ কৰা হ’ল। লিংগ পৰিৱর্তন বিষয়টোৰ ওপৰত চলা বিতর্কই এই আন্দোলনতে গতি লাভ কৰিলে। জুডিথ বাফাৰে তেওঁৰ “Gender Trouble”(1990) আৰু “Bodies that Matter” (1998) গ্ৰন্থ দুখনত লিংগ পৰিবৰ্তন, লিংগ আৰু যৌনতাৰ সংযোগ বিষয় দুটাৰ সক্রিয় আলোচনা। কৰিলে। গাঁথনি আৰু সমাজ সম্পর্কিত বিষয়ে গুৰুত্ব পালে। নাৰীবাদৰ তৃতীয় ঢৌৰ আন এক বৰঙণি ড’না হাৰাওৱে (Donna) Haraway 1987)ৰ গ্ৰন্থ Cyborg (1987/1991), যিখনে পৰৱৰ্তী সময়ত চাইবাৰ-নাৰীবাদ (Cyber feminism) শীর্ষক অৱধাৰণাটোৰ ধাৰণা সৃষ্টিত উৎসাহ-উদ্দীপনা যোগাইছিল। নাৰীবাদৰ তৃতীয় ধাৰাই মহিলাৰ পদোন্নতিত বাধা (Glass ceiling), যৌন উৎপীড়ন, একাকী মাতৃৰ সহায় আদি বিষয়বোৰ পোহৰলৈ আনিছিল।

বর্তমানেও চলি থকা এই আন্দোলনটোৰ এক বিশিষ্ট বৰঙণি হ’ল “Transversal Politics” ধাৰণাৰ সৃষ্টি। “Gender & Nation” (1979) গ্ৰন্থখনৰ লেখক ব্ৰিটিছ ইহুদী নিৰা য়ুভল ডেভিছ (Nira Yuval)এ ই অভিধাৰণাটো সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ প্ৰচাৰ কৰিব খুজিছিল যে গোটেই পৃথিৱীৰ নাৰীসকলে, (যি সম্প্রদায়, নাগৰিকৰ বৰ্ণ বা ধৰ্মৰে নহওঁক কিয়) একেলগ হৈ নিজৰ সমতা আৰু সন্মানৰ স্বাৰ্থত কাম কৰিব লাগে। এই আন্দোলনটো সাংগঠনিকতা (Structuralist)ৰ পৰা উত্তৰ সাংগঠনিকতা তত্ত্ব (Post Structuralist) লৈ হোৱা পৰিৱৰ্তনৰ এক সুন্দৰ উদাহৰণ।

সমালোচকসকলে যুক্তি দৰ্শাইছে যে নাৰীবাদী আন্দোলনৰ তৃতীয়টো প্ৰবাহত প্ৰথম আৰু দ্বিতীয় প্রবাহত থকাৰ দৰে মূল লক্ষ্য বা এক কটকটীয়া উদ্দেশ্যৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

4. Highlight the agenda of Women’s Movement.

Ans: নাৰী আন্দোলনৰ আশু লক্ষ্য আৰু চূড়ান্ত লক্ষ্যৰ কথা মনত ৰাখিয়েই আমি আমাৰ কৰ্মসূচী আৰু কৰ্মপদ্ধতি ঠিক কৰা দৰকাৰ। নাৰীসকল যে গোটেই সমাজৰ অর্ধেক অংশ, তেওঁলোকৰ অংশগ্রহণ অবিহনে যে কোনো গণ-আন্দোলন সফল হ’ব নোৱাৰে ই ধ্ৰুৱ সত্য। নাৰীসকল যিমানেই অনগ্ৰসৰ নহওক কিয়, তেওঁলোকক সংগঠিত কৰি অনাতো প্ৰতিটো গণ-আন্দোলনৰ পক্ষে বাধ্যতামূলক, আৰু প্ৰয়োজনীয় কাম। তাৰ বাবে নাৰী পুৰুষ নির্বিশেষে উভয়েই সচেতনভাৱে প্রচেষ্টা চলাই যাব লাগিব। নাৰীসকলৰ প্ৰতি পৌৰাণিক সামন্তবাদী মনোভাব ত্যাগ কৰি তেওঁলোকক আন্দোলনৰ মাজলৈ লৈ অনাৰ প্ৰয়োজনক সৰুকৈ চোৱাৰ মনোভাবক একেবাৰে জাৰি জোকাৰি পেলাব লাগিব। সামাজিক আৰু পাৰিবাৰিক জীৱনত নাৰীৰ প্ৰতি থকা পৌৰাণিক দৃষ্টিভংগী সচেতন প্ৰচেষ্টাত ত্যাগ কৰিব লাগিব। এই কথা নাৰী পুৰুষ নির্বিশেষে উভয়ৰ ক্ষেত্ৰতেই প্রযোজ্য।

বিশেষভাৱে নাৰী আন্দোলন সংগঠন কিছুমান বৈশিষ্ট্যৰ কথা আমি মনত ৰাখিব লাগিব। নাৰীসকল প্ৰথমতে সমগ্ৰ সমাজৰ

জনগণৰ অর্ধেক অংশ আৰু দ্বিগুণভাৱে শোষিত। জাতি-ধর্ম সমাজৰ বিভিন্ন স্তৰ আৰু শ্রেণী নির্বিশেষে নাৰী হিচাপে তেওঁলোকৰ এটা স্বতন্ত্র অস্তিত্ব আছে। সকলো ক্ষেত্ৰতেই শ্রেণী বিভক্ত সমাজত তেওঁলোক কম-বেছি পৰিমাণে বৈষম্যৰ চিকাৰ হৈ থাকে। তাৰ বাহিৰেও শ্রেণী-শোষণভিত্তিক সমাজত শোষিত জনগণৰ অংশ হিচাপে তেওঁলোক শোষিত হৈ থাকে। দ্বিতীয়তে, সন্তানৰ জন্মদাত্ৰী হিচাপে তেওঁলোকৰ ওপৰত অত্যন্ত গুৰুত্বপূৰ্ণ সামাজিক দায়িত্ব আছে। 

কাৰণ সমাজৰ ভৱিষ্যৎ, সন্তানসকলৰ লালন-পালন কৰা যোগ্য মানুহ হিচাপে গঢ়ি তোলাৰ প্ৰাথমিক দায়িত্বও তেওঁলোকৰ ওপৰত তৃতীয়তে, সমাজৰ সমগ্ৰ শ্ৰমজীৱী জনগণৰো তেওঁলোক অংশ। শ্রমিক, কৃষক, মধ্যবিত্ত মেহনতী জনগণৰ অংশ হিচাপে তেওঁলোকক সমাজ গঠনৰ বাবে সমাজৰ অগ্ৰগতিৰ বাবে শ্ৰম কৰে। চতুৰ্থতে, নাৰী সকলো পুৰুষৰ দৰে একেইভাৱে সমাজৰ অধিকর্তা বা নাগৰিক। দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ দায়িত্ব তেওঁলোকৰ আছে। সর্বোপৰি সমাজ পৰিৱৰ্তনৰ বৈপ্লৱিক চেতনাত উদ্বুদ্ধ সংগ্রামী জনগণৰ অংশ হিচাপে সমাজ সচেতন অগ্রণী নাৰীসকলৰ বিশেষ দায়িত্ব আছে।

সমাজত নাৰী জাতিৰ অৱস্থানৰ এই ব্যাপক পৰিধি আৰু তেওঁলোকৰ ভূমিকাৰ তাৎপৰ্য মনত ৰাখি নাৰী আন্দোলনৰ আশু কাৰ্যসূচী আৰু দীৰ্ঘম্যাদী কর্মসূচীসমূহ গ্ৰহণ কৰিব লাগিব।

এনে এক প্রেক্ষাপটত এই অধ্যায়ত পশ্চিমীয়া আৰু ভাৰতীয় নাৰী আন্দোলনৰ উৎপত্তি, বিকাশ, সমস্যাৱলী আৰু বৰ্তমানৰ অৱস্থিতিৰ সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।

5. Example the importance of Women’s Movement.

Ans: নাৰী আন্দোলন বুলিলে এনে ধাৰণা লোৱা হয় যে নাৰীৰ বাবেই এই আন্দোলন। নাৰী সংগঠনসমূহো যেন সেই উদ্দেশ্য লৈয়েই গঠন কৰা হয়। সাধাৰণতে কোৱা হয় নাৰী সমাজৰ অর্ধাংশ, তেওঁলোক সামাজিক, অর্থনৈতিকভাৱে শোষিত, বঞ্চিত আৰু এই শোষণ বঞ্চনাৰ পৰা মুক্তি পাবৰ বাবেই যেন সংগঠন কৰা প্ৰয়োজন। সমান অধিকাৰ পোৱাৰ বাবেই সমাজৰ সকলো অংশৰ শুভবুদ্ধি সম্পন্ন ৰাইজক সচেতন কৰাৰ কাৰণে এই আন্দোলনৰ প্ৰয়োজন। প্রথম অৱস্থাত মনলৈ এনে ধাৰণা আহিলেও বিষয়টো গভীৰভাৱে চালি-জাৰি চালেহে বোধগম্য হ’ব যে নাৰী আন্দোলন আচলতে সমগ্ৰ সমাজৰ বাবে সমাজৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলন আৰু তাৰ বাবে নাৰী-পুৰুষ উভয়েই একেলগে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব। সেয়ে নাৰী আন্দোলনত মুখ্য ভূমিকা নাৰীসকলৰ থাকিলেও নাৰী আন্দোলনৰ সফলতা যেনেকৈ কেৱল নাৰীৰেই সাফল্য নহয়, ঠিক তেনেকৈ নাৰী আন্দোলনৰ দুৰ্বলতাখিনিও কেৱল নাৰীসকলৰেই দুৰ্বলতা নহয় বৰং সমগ্র মানৱ সমাজৰেই দুর্বলতা বা নাৰী-পুৰুষ উভয়ৰেই দুর্বলতা।

মানৱ সমাজৰ গঠন, বিকাশ আৰু অগ্রগতি সকলো নির্ভৰ কৰে মানুহৰ শ্ৰমৰ ওপৰত। মানৱ সমাজৰ সূচনাৰ পৰাই মানুহে শ্ৰম কৰি জীৱন নিৰ্বাহ কৰিছে। কালক্ৰমত গৃহ নিৰ্মাণ কৰি বসতি স্থাপন কৰিবলৈ শিকিছে। পর্যায়ক্রমে সমাজৰ অগ্রগতি হৈছে, মানৱ সমাজৰ বস্তু উৎপাদন কৰিবলৈ শিকিছে। উৎপাদন ব্যৱস্থাৰ ৰূপান্তৰৰ লগে লগে সমাজৰ ৰূপান্তৰ হৈছে। সমাজৰ এই ৰূপান্তৰৰ ক্ষেত্ৰত নাৰী-পুৰুষ সকলোৱেই একেলগেই কাম কৰিছে। কাৰণ সমগ্র মানৱ সমাজ নাৰী-পুৰুষক লৈ গঠিত। 

নাৰীৰ বাবে মানৱ সমাজত কোনো পৃথক সংৰক্ষিত অংশ নাই, কোনো স্বতন্ত্র এলেকাও নাই। সংসাৰ, সমাজ, পৰিয়াল এই সকলো নাৰী-পুৰুষৰ যৌথ শ্ৰম আৰু সমষ্টিগত প্রয়োজনত গঢ়ি উঠিছে। কেৱল মানৱ জাতিৰ প্ৰজননৰ ক্ষেত্ৰতেই নহয়, বৰং মানৱ সমাজৰ সামগ্রিক প্রয়োজনীয় উৎপাদনৰ ক্ষেত্ৰত পুৰুষ-নাৰীৰ উভয়ৰেই মিলিত ভূমিকা আছে। সমগ্র সমাজৰ প্ৰয়োজনৰ স্বাৰ্থতেই পুৰুষ-নাৰী নির্বিশেষে সমস্ত কর্মক্ষম মানুহে সমাজৰ অগ্ৰগতিৰ স্বাৰ্থত শ্ৰম কৰিব লাগিব আৰু সেই শ্রম যাতে সংগঠিত, উৎপাদনশালী শ্রম হয় তাক চাব লাগিব। নিপীড়িত জনগণৰ শ্ৰমৰ শোষণৰ ওপৰতেই ব্যক্তিগত সম্পত্তিৰ ওপৰত প্ৰতিষ্ঠিত শ্রেণী বিভক্ত সমাজ গঢ়ি উঠে। য’ত অধিকাংশ নাৰীয়েও নিজৰ শ্ৰম সামাজিক উৎপাদনী কার্যত লগাব নোৱাৰে।

নাৰীৰ বাবে যিবোৰ আইনগত, সামাজিক বা পাৰিবাৰিক জীৱনত অধিকাৰৰ কথা আমি কৈছো, সেইবোৰ কেৱলমাত্র নাৰীসকলৰ ভালৰ বাবেই যে এনে নহয় বৰং নাৰী-পুৰুষ উভয়ৰেই আৰু সমগ্ৰ সমাজৰ ভালৰ বাবেই। নাৰীৰ কোনবিধ অধিকাৰৰ দ্বাৰা কেৱল নাৰীৰ স্বাৰ্থ সিদ্ধি হয়, বিবাহ আৰু বিচ্ছেদৰ সমান অধিকাৰ, পণ-যৌতুক প্রথা বর্জন, বিধৱা বিবাহ প্রবর্তন, বাল্য বিবাহ বৰ্জন, ইবিলাকৰ প্ৰত্যেকৰে লগত সমগ্ৰ সমাজৰ স্বাৰ্থ জড়িত হৈ আছে। ধৰা যাওক যে পণ যৌতুক এথাৰ বিৰুদ্ধে আলোড়ন সৃষ্টি হৈছে। পণ-যৌতুক প্রথা কেৱল নাৰীসকলৰ বাবেই নহয় নাৰী-পুৰুষ উভয়ৰ বাবেই অপমানজনক। পুৰুষ-নাৰীৰ বিবাহ সম্বন্ধৰ মাজত এটা বৈষয়িক বা ব্যৱসায়িক লেনদেন ব্যৱস্থাই তেওঁলোকৰ উভয়ৰেই বৈবাহিক সম্বন্ধক নিম্নগামী কৰিছে। 

এইটোও দেখা যায় যে যেতিয়ালৈকে ল’ৰা-ছোৱালী শিক্ষিত, উপার্জনক্ষম, সমাজ সচেতন নহয় বা হ’ব নোৱাৰে তেতিয়ালৈকে এই অপমানকৰ জীৱন-যাপন কৰিবলগীয়াত পৰিব। শ্রেণী বিভক্ত সমাজৰ মূল উৎসৰ পৰা সৃষ্টি হোৱা অৱক্ষয়ী ৰক্ষণশীল, অৱমাননাকৰ প্ৰথাসমূহৰ অভিশাপৰ পৰা মুক্ত হ’ব নোৱাৰে। উন্নত দাম্পত্য জীৱনো এই সমাজ ব্যৱস্থাত সম্ভৱ হ’ব নোৱাৰে। আইন কানুনৰ দ্বাৰা এই প্রথাসমূহ সাময়িকভাৱে দমাই ৰাখিব পাৰি কিন্তু সমূলাংশে নিঃশেষ কৰিব পৰা নাযায়। নাৰীৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামসমূহ বিচাৰ-বিশ্লেষণ কৰি চালে দেখা যায় যে সেই বিষয়সমূহ কেৱল বিচ্ছিন্নভাৱে নাৰীৰ স্বাৰ্থৰ বাবে নহয় আৰু তাৰ বিৰুদ্ধে সংগ্রাম আন্দোলনো কেৱল নাৰীসকলৰ কৰ্ম নহয়।

ঠিক তেনেদৰে সমাজৰ কোনো অংশৰ এনে কোনো বিষয় নাই যিটো কেৱল পুৰুষৰ স্বাৰ্থৰ বাবে আৰু কেৱল পুৰুষৰ দ্বাৰা কৰণীয়। শ্রমিকৰ সমস্যাসমূহ নাৰী-পুৰুষৰ উভয়ৰেই সমস্যা, কৃষকৰ সমস্যাসমূহো নাৰী-পুৰুষৰ উভয়ৰেই সমস্যা। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক সমস্ত ক্ষেত্ৰতেই আন্দোলন-সংগ্ৰামৰ এনে সকলো বিষয়তেই নাৰী পুৰুষ উভয়ৰেই স্বার্থ জড়িত। মানুহক সমাজৰ পৰা বিচ্ছিন্ন কৰি চোৱা যেনেকৈ ভুল, নাৰী আৰু পুৰুষৰ উভয়ৰেই প্রয়োজন, অধিকাৰ আৰু সংগ্ৰামৰ ক্ষেত্ৰসমূহকো বিচ্ছিন্নকৈ চোৱাটোও ভুল। নাৰী আন্দোলনৰ সামগ্রিক সামাজিক তাৎপর্য বুজি নোপোৱাৰ ফলতেই ‘স্বতন্ত্রবাদ আৰু নাৰীবাদ’ৰ সৃষ্টি হয়। অনেক সময়ত নাৰীৰ স্বাৰ্থ পুৰুষৰ স্বাৰ্থৰ পৰিপন্থী বুলি ধৰা হয়। আকৌ অজ্ঞতাবশতঃ অনেকে ভাবি লয় যে নাৰীসকল হেয় কৰি ৰখাৰ বাবে পুৰুষসকলেই দায়ী। 

সেইবাবেই হয়তে তেওঁলোকৰ আন্দোলন পুৰুষৰ বিৰুদ্ধে যায়। এই প্রসংগতে মনস্থ ৰখা দৰকাৰ যে এই সংগ্রাম নাৰী-পুৰুষ নির্বিশেষে শ্রেণী শত্ৰুৰ বিৰুদ্ধে আৰু সমস্ত শোষিত শ্ৰেণীৰ জনতাৰ বাবে। নাৰীৰ অধিকাৰ ৰক্ষা কৰাটো যে কোনোপধ্যেই পুৰুষৰ অধিকাৰ খৰ্ব কৰা নহয়। বৰং নাৰীসকলৰ প্ৰতি সামাজিক অন্যায় অবিচাৰৰ অৱসান কৰি নাৰী-পুৰুষ উভয়ৰ বাবে সমান অধিকাৰ আৰু মৰ্যাদা প্রতিষ্ঠা কৰা, উভয়কেই সামাজিক দায়িত্ব পালন কৰাত সাহায্য কৰা।

সমাজৰ অগ্ৰগতিৰ বাবে জনগণৰ প্ৰত্যেকটো আন্দোলনৰ মাজত নাৰী আৰু পুৰুষৰ উভয়ৰেই যৌথ ভূমিকা আছে। সেই ভূমিকা পালন কৰিব নোৱাৰিলে সমাজৰ অগ্ৰগতি হ’ব নোৱাৰে। মার্ক্সীয় দৰ্শনৰ ঐতিহাসিক বস্তুবাদী বিশ্লেষণৰ মাজত দেখা গৈছে যে, শ্রেণী বিভক্ত সমাজৰ অংকুৰৰ পৰাই সমাজত নাৰীৰ অৱস্থাৰ অৱনতি হৈছে। মানৱ সমাজৰ সূচনাতে নাৰী আৰু পুৰুষৰ মাজত সামাজিক মর্যাদাৰ কোনো তাৰতম্য নাছিল। তেওঁলোকে মিলিতভাবেই কামৰ দ্বাৰা সংঘবদ্ধ জীৱন-যাপনৰ ব্যৱস্থা কৰিছিল। সমাজত ব্যক্তিগত সম্পত্তিৰ উদ্ভৱৰ পৰাই শ্রেণী শোষণৰ সূচনা হয় য’ত নাৰী জাতিৰ পৰাধীনৰ পথ প্রশস্ত হয়। 

তেওঁলোকক সাধাৰণভাৱে সামাজিক উৎপাদনমুখী কামৰ পৰা আঁতৰাই নিক্রমশঃ পাৰিবাৰিক দাসীৰ পৰ্যায়লৈ লৈ যোৱা হয়। পুৰুষসকলে ব্যক্তিগত সম্পত্তিৰ মালিক হৈ থাকে আৰু সেই ভিত্তিতেই পুৰুষক কেন্দ্ৰ কৰি ব্যক্তিগত পৰিয়ালসমূহ গঢ়ি উঠে। পুৰুষৰ অধীনত নাৰীক গৃহবন্দী কৰি ৰখা হয়। এইভাবেই শ্রেণী বিভক্ত সমাজৰ বিভিন্ন স্তৰত সমাজৰ অর্ধেক অংশ জনসমষ্টি অর্থাৎ নাৰী জাতিৰ অপৰিসীম শ্রমক গৃহ দাসত্বলৈ পৰিণত কৰা হয়। সামাজিক উৎপাদনশীল শ্ৰম কৰাৰ সুযোগৰ পৰা নাৰীসকল বঞ্চিত হয়, ই কেৱল নাৰীসকলৰেই ক্ষতি হোৱা নাই সমগ্র সমাজ তেওঁলোকৰ বিপুল সম্ভাবনাময় কর্মকাণ্ডৰ পৰা বঞ্চিত হৈছে। সমাজৰ অগ্রগতি বাধাপ্রাপ্ত হৈছে, মন্থৰ হৈছে। 

ইয়াৰ উপৰি সমাজৰ আধা অংশ লোকক অজ্ঞানতাৰ অন্ধকাৰৰ মাজত ৰাখি তেওঁলোকৰ প্ৰভু হিচাপে পুৰুষসকলৰ একপক্ষীয় দায়িত্বভার বহন কৰিবলৈ গৈ গোটেই সামাজিক আৰু পাৰিবাৰিক জীৱনো ভাৰাক্ৰান্ত হৈছে, পশ্চাদপদতালৈ গতি কৰিছে। এই অসমান বাস্তৱ পৰিস্থিতিৰ প্রতিফলনে নাৰী আৰু পুৰুষ উভয়ৰেই ভাবনা চিন্তা, ধ্যান-ধাৰণা, মানসিকতাও দিকভ্রান্ত কৰিছে। ৰক্ষণশীল ধ্যান-ধাৰণাৰ বশৱৰ্তী হৈ পুৰুষসকলে নাৰীক পিছলৈ ঠেলিছে নাৰীসকলেও পুৰুষক পিছলৈ টানিছে। নাৰী-পুৰুষৰ মাজত প্ৰভু-দাসী সম্বন্ধ, পুৰুষৰ ‘প্রভু’ মনোবৃত্তি আৰু নাৰীৰ ‘দাসী’ মনোবৃত্তিয়ে যুগ যুগ ধৰি সামাজিক আৰু পাৰিবাৰিক জীৱনক কলুষিত কৰিছে। শ্ৰেণী বিভক্ত দাস সমাজ আৰু সামন্ততান্ত্রিক সমাজত সমাজৰ পিছপৰা শোষিত জনগণৰ লগে লগে নাৰীসকল জীৱনৰ চৰম বঞ্চনাৰ সন্মুখীন হৈছে। সমাজক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত উৎপাদনশীল শ্রমত নিয়োগৰ পৰা তেওঁলোক বঞ্চিত হৈছে, নিজৰ জীৱনলৈও চম অৱমাননা, দুখ-দুর্দশা নামি আহিছে। ধনতান্ত্রিক সমাজত বৃহৎ বৃহৎ কল-কাৰখানা, ব্যাপক শিল্প গঢ়ি উঠাৰ ফলত নাৰীৰ একাংশ অর্থাৎ, অৱলা শ্ৰেণীটো সেই কল-কাৰখানাত অর্থাৎ সামাজিক উৎপাদনমূলক কামত নিযুক্ত হৈ থাকে। নিপীড়িত নাৰী জাতিৰ অর্থনৈতিক স্বাৱলম্বনৰ সূচনা হয়। এইক্ষেত্ৰত এঞ্জেলছৰ মত হ’ল— নাৰীৰ মুক্তি লাভৰ প্রথম চৰ্তই হ’ এই যে, সমগ্ৰ নাৰী সমাজক আকৌ সামাজিক উৎপাদনৰ কামৰ মাজলৈ পুনৰ প্ৰৱেশ কৰাব লাগিব।

কিন্তু দেখা যায় যে কোনো শ্রেণী বিভক্ত সমাজেই লাগিলে সি যিমানেই উন্নত সমাজেই নহওক কিয় আনকি সকলোতকৈ উন্নত ধনতান্ত্রিক সমাজতো সমগ্ৰ নাৰী সমাজক সামাজিক উৎপাদনৰ কামত নিযুক্ত কৰা সম্ভৱ নহয়। সেই কথা কেৱল নাৰীসকলৰ ক্ষেত্ৰতেই নহয় সমস্ত জনগণৰ বাবেও সত্য। সেয়ে কোনো উন্নত ধনতান্ত্রিক দেশতেই নাৰী বা পুৰুষ কাৰো নিবনুৱা সমস্যা সমাধান হ’ব নোৱাৰে। কাৰণ সেইক্ষেত্ৰত সমগ্ৰ উৎপাদন ব্যৱস্থাটোৱেই হয় ব্যক্তিগত মুনাফাৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থৰ বাবে নহয়। একমাত্র সমাজতান্ত্রিক সমাজ ব্যৱস্থাতেই অন্যান্য শোষিত জনগণৰ লগে লগে সমগ্ৰ নাৰী সমাজক সামাজিক উৎপাদনৰ কামলৈ ঘূৰাই অনাটো সম্ভৱ হয়।

তেন্তে দেখা গ’ল, নাৰী মুক্তি আন্দোলনৰ মূল সূত্ৰটো উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগত যুক্ত। সমাজক অন্যান্য শোষিত জনগণ, শ্রমিক, কৃষক মধ্যবিত্ত মেহনতী জনগণৰ মুক্তিৰ প্ৰশ্নটোও ঠিক একেইভাৱে সমাজৰ উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগত জড়িত। সেয়ে নাৰী আন্দোলন কেতিয়াও এটা বিচ্ছিন্ন বিষয় নহয়। সমাজৰ অগ্ৰগতিৰ বাবে প্ৰতিটো আন্দোলন-সংগ্ৰামৰ লগত অংগাংগীভাবে জড়িত। নাৰীসকলক প্ৰতিটো আন্দোলনৰ মাজলৈ সংগঠিতভাৱে লৈ অহাটো নাৰী-পুৰুষৰ নিৰ্বিশেষে সমাজ সচেতন জনগণৰ অপৰিহাৰ্য সামাজিক দায়িত্ব। 

ইয়াত পিছপৰি থকা শোষিত বঞ্চিত নাৰীসকলৰ প্ৰতি কোনো অনুকম্পাৰ প্ৰশ্ন নাহে, পুৰুষৰ উদাৰনৈতিক সহৃদয়তাৰ অভিজ্ঞতাৰ কথাও অবাস্তব। সমস্ত বিষয়টোক বৈজ্ঞানিক বিশ্লেষণৰ মাধ্যমেৰে ঐতিহাসিক অজ্ঞতাৰে বুজিব লাগিব। বাস্তব দৃষ্টিভংগীৰে চাব লাগিব। তেতিয়াহ’লে এই কথা স্পষ্ট হৈ উঠিব যে নাৰী আন্দোলন সংগঠিত কৰাটো অনিবার্য সামাজিক প্রয়োজন, সমগ্ৰ সমাজৰ অগ্রগতিৰ বাবে এটা মৌলিক প্রয়োজন।

নাৰী আন্দোলনৰ এই সামাজিক তাৎপর্য আমি মনত ৰাখি সেই অনুসাৰেই নাৰী আন্দোলনৰ কৰ্মধাৰা নিৰ্ধাৰণ কৰিব লাগিব।

Long Question Answer :

1. Write a note on Western Women’s Movement.

Ans: সাধাৰণতে ১৯শ শতিকাতেই নাৰী আন্দোলনৰ প্ৰথম আৰম্ভণি বুলি কোৱা হয়। যি কি নহওক, এৰিষ্টটলৰ “সকলোৰে বাবে শিক্ষা আৰু অন্যান্য অধিকাৰ” সম্পৰ্কীয় ধাৰণাই যে নাৰীৰ সম অধিকাৰৰ ধাৰণাটোৰ স্বাক্ষৰ বহন কৰিছে তাক কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি। অৱশ্যে পৰৱৰ্তী সময়ত জন ল’কৰ ৰাষ্ট্ৰৰ দ্বৈত চুক্তি, Enlightenment, আৰু লগতে ফৰাচী বিপ্লৱে সকলোৰে বাবে সম অধিকাৰৰ ধাৰণাটোৰ বাবে গৌৰৱবোধ কৰিব পাৰে, পৰৱৰ্তী পৰ্যায়ত ইংলেণ্ড আৰু জাৰ্মানীত ক্ৰমে মেৰী ওৱেলষ্টন ক্রাফটৰ ‘A Vindication of the rights of Women’ (1792) আৰু ঝাৰ্ণ  থিওডৰৰ “On the Civil improvement of Women” শীর্ষক লেখনি ৰাজি প্ৰকাশ পাইছিল। 

প্রসংগক্রমে উল্লেখ কৰি থোৱাটো সমূচিত হ’ব যে নাৰীবাদী আন্দোলন বা নাৰী আন্দোলন কিম্বা নাৰী মুক্তি প্ৰকৃতাৰ্থত নাৰীৰ ওপৰত থকা বিভিন্ন ধৰণৰ বাধা নিষেধসমূহৰ পৰা নাৰীক মুক্ত কৰা, সিবিলাকৰ সংস্কাৰ সাধন কৰাৰ পৰা অৰ্থে চলোৱা এক নিৰৱিচ্ছিন্ন প্ৰচাৰ অভিযানৰ বাহিৰে একো নহয়। যিবিলাক বিষয়ৰ ওপৰত নেকি সংস্কাৰ সাধনৰ প্ৰক্ৰিয়াৰ সূত্ৰপাত হৈছিল সিবিলাকৰ ভিতৰত নাৰীৰ ভোটাধিকাৰ বা ৰাজনৈতিক অধিকাৰ পুনঃ উৎপাদনমূলক অধিকাৰ প্ৰসূতিকালীন ছুটী পুৰুষ-মহিলা উভয়ৰে সমান কামৰ বাবে সমান মজুৰি, কাম কৰাৰ অধিকাৰ, গার্হস্থ্য হিংসাৰ বিৰুদ্ধে সুৰক্ষা ইত্যাদি। এইখিনিতে এটি প্রশ্নৰ উদ্রেক হয় যে এইবোৰৰ আৰম্ভণি পাশ্চাত্যতে হোৱাৰ কাৰণ কি? ই এনেকুৱা হোৱাৰ কাৰণ হ’ল— নাৰীসকলে পৰম্পৰাগতভাৱে আধ্যাত্মিক আৰু বৌদ্ধিক উভয় দিশতে পুৰুষসকলৰ দ্বাৰা শোষিত নিষ্পেষিত হৈ অধিকাৰৰ বাবে অহৰহ কৰি অহা দাবীৰ ফলশ্ৰুতি। ধর্মীয় ক্ষেত্ৰতেই হওক, ৰাষ্ট্ৰই হওক কিম্বা আইনগতভাৱেও প্রত্যেকে নিজে সুবিধাজনকভাৱে নিজৰ অধিকাৰ উপভোগ কৰাৰ স্বাৰ্থ আগত ৰাখি নাৰীসকলক দমন কৰি আহিছিল। নাৰীসকলে কেতিয়াও নিজৰ স্বতন্ত্রতা উপভোগ কৰিব পৰা নাছিল। সম্পত্তিৰ অধিকাৰ উপভোগৰ পৰা বঞ্চিত হৈছিল। কেৱল এয়েই নহয়, আনকি নিজৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যতে বা নিজৰ জীৱন উপভোগৰ সম্পর্কেও মুঠেও নিশ্চিত নাছিল। 

সেয়েহে এনে এক প্রেক্ষাপটতে ওৱেলষ্টন ক্রাফটৰ লেখনিৰ লগে লগে পুৰুষৰ সৈতে নাৰীৰ সম-অধিকাৰৰ দাবী উত্থাপিত হৈছিল। এনেদৰেই নাৰী আন্দোলন প্রধানতঃ পাশ্চাত্যৰ একাংশত এলেকাত সূত্রপাত হৈছিল আৰু পৰৱৰ্তী সময়ত বিশ্বৰ অন্যান্য প্রান্তলৈ বিয়পি পৰিছিল। এই আন্দোলন মুখ্যতঃ সূত্রপাত হৈছিল পশ্চিম ইউৰোপত বিশেষকৈ ফ্রান্স, গ্রেট বৃটেইন, ফ্রান্স আৰু জাৰ্মানত আৰু পিছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, অস্ট্রেলিয়া, নিউজিলেণ্ড আৰু স্কেণ্ডিনেভিয়ান ৰাষ্ট্ৰবোৰলৈ সম্প্ৰসাৰিত হৈছিল। এইটো কোৱা বাহুল্য যে উপৰোক্ত সমাজবোৰে এংলো চেক্সন প্রটেষ্টান্ট আদিৰ দৰে কেতবোৰ মৌলিক বৈশিষ্ট্য আপেক্ষিকভাবে উদাৰ সংসদীয় ৰাজনৈতিক পদ্ধতিৰ লগত সংযুক্ত কৰাত সমভাগ কৰিছিল যিয়েই নেকি নাৰীসকলক উদাৰ হ’বলৈ আৰু অর্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ দাবী সাব্যস্ত কৰিবলৈ প্রভাবান্বিত কৰিছিল।

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আমেৰিকা যুক্তৰাষ্ট্ৰত দাসত্বই নাৰীৰ অধিকাৰৰ দাবীৰ দৃষ্টিভংগী প্রয়োজনীয় বুলি প্ৰমাণ কৰিছিল, ইয়াক মূলতঃ কাৰণ আছিল ১৮৪০ চনত লণ্ডনত অনুষ্ঠিত দাসত্ব বিৰোধী সমাৱৰ্তনৰ আলোচনা চক্ৰত আমেৰিকাৰ মহিলা প্রতিনিধিদ্বয় ক্রমে Elizabeth Stanton আৰু Lucretia Mattক আসন গ্রহণ কৰিবলৈ দিয়া হোৱা নাছিল। এই অসমতাই তেওঁলোকক ক্রোধান্বিত কৰি তুলিছিল আৰু পুৰুষ আৰু মহিলাৰ মাজত সম অধিকাৰৰ দাবীত তীব্র সংগ্ৰাম আৰম্ভ হৈছিল। এনেকৈয়ে নাৰীৰ ওপৰত জাপি দিয়া অসমতাক লৈ নাৰীসকলৰ মাজত দাসত্ব মোচনৰ হকে সংগ্রাম গঢ়ি উঠিছিল।

এনেকৈয়ে নাৰীৰ ওপৰত জাপি দিয়া অসমতাক লৈয়ে সিহঁতৰ মাজত দাসত্ব মোচনৰ সংগ্ৰামৰ গঢ়ি উঠিছিল।

আন্দোলনৰ আৰম্ভণি: প্ৰথমটো প্ৰৱাহ

উত্তৰ আমেৰিকাত আদামছ আৰু মাৰ্চি ৱাৰেণে সংবিধানত মহিলাৰ দাসত্ব মোচনৰ বাবে জোৰ দিছিল। যিয়েই নহওক নাৰীবাদী আন্দোলন আমেৰিকাত প্ৰকৃততে আৰম্ভ হৈছিল ১৯৪০ চনৰ পৰা যেতিয়া এলিজাবেথ, লুক্রেচিয়া আৰু আন আনসকলে নিউইয়াৰ্কছিতে “চেনেকা ফলচে নাৰীৰ কাৰণে স্বাধীনতাৰ ঘোষণা” নাৰীৰ সমাৱৰ্তনত উত্থাপন কৰিছিল। এই ঘোষণা পত্রত তেওঁলোকে আইনগত সমতা, শিক্ষা আৰু ব্যৱসায়ত সমান সুযোগ সুবিধা, সমান ক্ষতিপুৰণ, মজুৰী গ্ৰহণৰ অধিকাৰ আৰু ভোটাধিকাৰ আদিৰ দাবী জনাইছিল। এই আন্দোলন অতি সোনকালে তীব্র গতিত ইউৰোপলৈকে বিয়পি পৰিছিল। সেই সময়ত ব্রিটেইনত বহুতো প্রভাৱ গোষ্ঠী সংগঠন গঢ়ি উঠা দেখা গৈছিল। এনেকুৱা গোষ্ঠীবিলাকৰ ভিতৰত প্ৰথমটো আছিল ১৮৮৫ চনৰ “The hadees of hingham”ৰ প্ৰতিষ্ঠাপন বাৰবাৰা লেই স্মিথৰ নেতৃত্বত গঢ় লৈ উঠা গোষ্ঠীটো ঠিক একেদৰে ১৮৭১ চনত ডেনমার্কৰ “মহিলা সংস্থা” ১৮৭৩ চনৰ চুইডেনৰ বিবাহত মহিলাৰ সংস্থা আৰু ১৮৮৪ চনৰ নৰৱেৰ স্বাৰ্থৰ উন্নতিৰ সংস্থা আদি সংস্থাবোৰৰ জন্ম হৈছিল।

এনেকুৱা মহিলা সংস্থাবোৰৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল―

(ক) এনেকুৱা সংস্থাবোৰৰ বেছিভাগেই গঢ়ি তুলিছিল মধ্যবিত্ত শ্ৰেণীৰ মহিলাই।

(খ) সংস্থাবোৰত পুৰুষৰ অন্তৰ্ভুক্তিও বাদ পৰা নাছিল। দৰাচলতে বৃটেইনৰ মহিলাৰ মতাধিকাৰত জাতীয় সমাজে সংসদ আবেদন দাঙি ধৰাৰ বাবে আৰু সিহঁতৰ মতাধিকাৰৰ বিধেয়ক নিয়মিত উত্থাপনৰ বাবে জে. এছ. মিল, জেকব ব্রাইট আৰু অন্যান্য সংসদীয় সদস্যসকলক নিয়োগ কৰিছিল।

(গ) বেছিভাগ দেশতে চৰম উদাৰ আৰু সমাজবাদী ৰাজনৈতিক সকল নাৰীবাদী সকলৰ লগত জড়িত। সাম্যবাদী সকলেও কিছু পৰিমাণে নাৰীৰ মুক্তিৰ ধাৰণাটো বিশ্বাস কৰিছিল। নাৰীৰ বঞ্চিতকৰণৰ উৎসসমূহৰ বিষয়ে বুজি উঠাৰ লগতে আৰু ইবিলাকৰ কেনেদৰে অতিক্ৰম কৰিব পৰা যাব সেই সন্দৰ্ভত ফ্রেডৰিচ্চ এঞ্জেলছৰ ১৮৮৪ চনত প্ৰকাশিত “Origin of the Family private property and the state” শীর্ষক গ্রন্থখনে অনবদ্য অৱদান আগবঢ়াইছিল, এঞ্জেলছৰ উক্ত গ্রন্থখনে মহিলাসকলৰ বাবে সম-মর্যাদা, সম-আচৰণ, সমান মজুৰি আৰু নিযুক্তিৰ অধিকাৰৰ দাবীৰ মুহূর্তত বিশেষভাৱে নাৰীসকলক অনুপ্রেৰণা যোগাইছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে ফিনলেণ্ড আৰু নৰওৱে নাৰীক ভোটাধিকাৰ দিয়াৰ লগে লগে নাৰীৰ মতাধিকাৰৰ আলোচনাটো তুংগত উঠিছিল। ১৮৯৩ চনত নিউজিলেণ্ড, ১৯০২ চনত অষ্ট্ৰেলিয়াৰ চৰকাৰে মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰতো মহিলাৰ মতাধিকাৰক ১৮৬৯ চনত স্বীকৃতি প্ৰদান কৰা হৈছিল। যদিও বা কুৰি শতিকাৰ প্ৰথম ভাগত সকলোৱে ইয়াক গ্ৰহণ কৰা নাছিল তথাপি ই সর্বজনবিদিত যে নাৰীৰ ভোটাধিকাৰ সেই সময়তেই দৃশ্যমান হৈ উঠিছিল। অৱশ্যে তেনে পৰিস্থিতিতো কিন্তু ফ্রান্সত নাৰীৰ ভোটাধিকাৰৰ দাবীৰ পোহৰ নিচেই ক্ষীণ আছিল যদিও অৱশেষত ১৯৪৫ চনত ফৰাচী নাৰীয়ে নিজৰ ভোটাধিকাৰৰ সুবিধা উপভোগ কৰিবলৈ সক্ষম হৈছিল।

অন্যহাতেদি, জার্মানত সাংস্কৃতিক কাৰকসমূহ, নাৰী আন্দোলনৰ অনুকূলে আছিল যদিও দমনমূলক ৰাজনৈতিক ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত Weimer republicৰ অৱসান নোহোৱালৈকে তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছিল। যি কি নহওক, সমাজবাদী গণতান্ত্রিক নেতৃত্বৰ প্ৰচেষ্টাত ১৮৯১ চনৰ পৰা ১৮৯৬ চনলৈ এই সময়ছোৱাৰ ভিতৰত নাৰীৰ মতাধিকাৰ বা সম অধিকাৰ আহি বিষয়বিলাকে সমাজ আলোচনাৰ বিষয়ৰূপে স্থান পাইছিল। কিন্তু বাস্তৱক্ষেত্ৰত সকলো প্রচেষ্টা অসাৰ প্ৰতিপন্ন হৈছিল।

নাৰী আন্দোলনৰ প্ৰথমটো প্ৰৱাহৰ লগত জড়িত সাহিত্যৰ উত্তৰণ সম্পৰ্কত ক’ব পাৰি যে, জে. এছ. মিলৰ ১৮৬৯ চনত প্রকাশিত “The subjection of Women” শীর্ষক গ্ৰন্থখন ফ্রান্স, জার্মান, চুইডিছ, স্পেনিচ, পলিছ আৰু ইটালীয়ান ভাষালৈ অনুবাদ কৰা হৈছিল। হেৰিক ইবচেনৰ কালজয়ী সৃষ্টি ‘A Doll’s House” সমগ্র বিশ্বব্যাপি বিখ্যাত হৈ পৰিছিল আৰু প্ৰায় সকলোতে অভিনীত হৈছিল। এনেদৰে বহু সময়ত আৰু বহু লেখকে নাৰীৰ অধিকাৰ সম্পৰ্কে নিজৰ নিজৰ মত পোষণ কৰিছিল আৰু এনেদৰে নাৰী অধিকাৰৰ বিষয়ক এক আন্তঃৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, এলিজাবেথ ষ্টেণ্টন আৰু চুচান বি. এন্থনিয়ে ১৮৮৮ চনত “মহিলাৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদ” প্রতিষ্ঠা কৰাৰ লগে লগে “আন্তঃৰাষ্ট্ৰীয় নাৰীবাদ”য়ে এক আনুষ্ঠানিক ৰূপ লাভ কৰিছিল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মহিলা পৰিষদ সংস্থাটোলৈ সকলো ইউৰোপীয়ান ৰাষ্ট্ৰৰ প্রতিনিধি বৰ্গই সহায়ৰ হাত আগবঢ়াইছিল। অনুৰূপ ধৰণৰ অন্য এক চৰম নাৰীবাদী সংগঠন আছিল ১৯০৪ চনত বাৰ্লিনত প্ৰতিষ্ঠা কৰা “International Women’s Suffrage alliance”। 

অৱশ্যে আন্দোলনৰ ওপৰত প্রথম বিশ্বযুদ্ধৰ কু-প্ৰভাৱ নপৰাকৈ থকা নাছিল। যদিওবা নাৰী আন্দোলনক প্রথমটো প্ৰৱাহ মহিলাৰ ‘ভোটাধিকাৰ আৰু সম ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰ বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। কিন্তু প্ৰকৃতাৰ্থত মহিলাসকলে ১৯২০ চনতহে ভোটাধিকাৰৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে দেখা যায় যে সমতাৰ কাৰণে সংগ্ৰাম আছিল নাৰী আন্দোলনৰ প্রথম প্রবাহৰ মৌলিক উদ্দেশ্য। 

নাৰী আন্দোলনৰ দ্বিতীয় প্রবাহ :

নাৰী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ সময়সীমা আছিল ১৯৮০ দশকলৈ। ১৯২০ চনত নাৰীৰ মতাধিকাৰ দাবীয়ে বিজয় সাব্যস্ত কৰাৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লিংগ সমতা ৰাজনৈতিক আৰু অর্থনৈতিক সমতা আদি বিষয়ক কেন্দ্ৰ কৰি কেতবোৰ নতুন নতুন প্রশ্নৰ অৱতাৰণা হৈছিল। আচল অৰ্থত, দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছতহে কেতবোৰ নতুন ধ্যান ধাৰণাৰ উদ্রেক ঘটিছিল আৰু নাৰীবাদৰ দ্বিতীয়টো প্ৰবাহৰ সূচনা হৈছিল।

প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে সন্মিলিত ৰাষ্ট্ৰসংঘই ১৯৬৪ চনৰ ২১ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা সম্পৰ্কীয় আয়োগ (UN Commission on the Status of women) গঠন কৰিছিল। এই আয়োগখন গঠন কৰাৰ প্ৰধান লক্ষ্য আছিল লিংগ সমতা আৰু মহিলাৰ অগ্ৰগতি। অৱশ্যে নাৰী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ উৎপত্তি সম্পৰ্কত দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাৰ কথাও উনুকিয়াব পাৰি যি সময়ত নেকি নাৰীসকলে বিভিন্ন ধৰণৰ সংগঠন বিলাকত দলে বলে যোগদান কৰিছিল নতুন নির্মাণ কাৰখানা, FMCG (Fast moving Consumer Goods) পৰিৱর্তনশীল ধ্যান-ধাৰণা আদিয়ে মহিলাসকলক ঔদ্যোগিক খণ্ডৰ এক অপৰিহাৰ্য অংশীদাৰ কৰি তুলিছিল। আৰু এনে মহিলাসকলে অর্থনীতিৰ ক্ষেত্ৰখনত এক সুকীয়া আসন অৰ্জন কৰিবলৈ সক্ষম হৈছিল দ্বিতীয় মহাসমৰৰ পৰিসমাপ্তিৰ সময়ৰ পৰা আৰম্ভ কৰি

১৯৬০ৰ দশকলৈকে এই সময়ছোৱাৰ মহিলাসকলে ঘৰুৱা বিষয়সমূহৰ লগতে জড়িত হৈ আছিল। কিন্তু সময়ৰ লগে লগে কেতবোৰ নতুন বিষয় যেনে— প্রসূতিকালীন ছুটী, সমহাৰত মজুৰি, যৌনতা, পৰিয়াল আদিৰ অভ্যুত্থান ঘটিছিল। উল্লেখযোগ্য যে সেই সময়ছোৱাত “The Personal in Political” শীর্ষক ধ্বনি বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল।  ”    

“নাৰীবাদী আন্দোলনৰ দ্বিতীয় প্ৰৱাহ” অভিধাটোৱেই প্রধানতঃ চৰম নাৰীবাদকেই সূচায়। যি কি নহওঁক, ১৯৮৯ চনত চিমন দি ব্রুভেৰৰ “The Second Sex” শীর্ষক গ্রন্থখনেই নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ বীজ ৰোপণ কৰিছিল। এই গ্ৰন্থখনত তেওঁ পুৰুষ-মহিলাৰ মাজৰ সম্পৰ্কত সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল। গ্ৰন্থখনি প্ৰকাশ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৫৩ চনত নাৰী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ আন এক মাইলৰ খুটি স্বৰূপ, বেটী ফ্রিয়েডানৰ “The Feminine Mystique” গ্রন্থখনি য’ত ফ্রিয়েদানে মহিলাৰ গৃহিণী হিচাপে পালন কৰা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আৰু কৈছিল যে মহিলাসকলৰ গৃহিণী হিচাপে যি কার্যকলাপ সিবিলাকে মহিলাসকলৰ বিভিন্ন ধৰণৰ উৎপাদিকা মনোভাবত বিৰূপ প্ৰভাৱ পেলাইছিল। উল্লেখযোগ্য যে ক্ৰিয়েদানৰ এই গ্রন্থখনেই নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহৰ পথ প্রশস্ত কৰি তুলিছিল। আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি জন এফ কেনেডী চৰকাৰে “মহিলাৰ মৰ্যাদা” শীর্ষক এক প্রতিবেদন যুগুত কৰি উলিয়াইছিল য’ত নেকি লিংগ অসমতাৰ বিষয়ে বিস্তৃতভাবে বর্ণনা আগবঢ়োৱা হৈছিল। মহিলাসকলৰ এই আন্দোলনে অধিক জনপ্রিয়তা লাভ কৰিছিল আৰু ন্যায় বিভাগেও মহিলাসকলক তেওঁলোকৰ ন্যায্য মর্যাদা প্রদানৰ হকে অধিক সোচ্ছাৰ হৈ পৰিছিল আৰু ইয়াৰ পৰিণতিতেই আমেৰিকাত সম মজুৰি অধিনিয়ম, ১৯৬৩ গৃহীত হৈছিল আৰু ইয়াৰ লগে লগে মহিলাসকলে প্রাপ্য মর্যাদা লাভ কৰাৰ পথ প্রশস্ত হৈ পৰিছিল।

১৯৬৬ চনত বেটী ফ্রিয়েদানক নেতৃত্বত মহিলাৰ জাতীয় সংগঠন বা চমুকৈ (National Organization for Women) গঠন কৰা হৈছিল। ১৯৭০ৰ দশকলৈকে এই সময়ছোৱাৰ ভিতৰত সংগঠনটোৱে ৪০০ৰো অধিক স্থানীয় গোট খুলিবলৈ সক্ষম হৈছিল উল্লেখযোগ্য মহিলাৰ জাতীয় সংগঠনকে ধৰি আনুসংগিক আন আন সংগঠন বিলাকে গর্ভপাতৰ অধিকাৰ, মহিলাৰ বাবে সমান মজুৰি, মহিলাৰ বাবে Occupational upgradation বা কৰ্মৰ পদোন্নতি, শিক্ষাৰ আইনগত আৰু সামাজিক বান্ধোন আদিৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল। ১৯৬০ৰ দশকৰ শেষৰ ফালে ১৯৬৯ চনত প্রকাশিত কেট মিলেটৰ Sexual Politics” শীৰ্ষক গ্ৰন্থখনকে চৰম নাৰীবাদৰ ক্ষেত্ৰত এক বাটকটীয়া দলিলৰূপে অভিহিত কৰিব পাৰি, প্ৰকৃতাৰ্থত আন্দোলনৰ দ্বিতীয়টো প্ৰৱাহে চৰম নাৰীবাদী আন্দোলনৰ অভ্যুত্থানত অৰিহণা যোগাইছিল।

১৯৬৮ আৰু ১৯৬৯ চনত মিচ আমেৰিকান সৌন্দর্য প্ৰতিযোগিতাৰ প্ৰতি বিৰোধিতা কৰাৰ লগে লগেই পাশ্চাত্যৰ নাৰীবাদী আন্দোলনটো অধিক তুংগত উঠিছিল মহিলাসকলক পণ্য সামগ্ৰী হিচাপে চিত্রায়িত কৰা সৌন্দর্য প্রতিযোগিতাৰ বিৰুদ্ধে নিউয়ৰ্ক চৰম নাৰীবাদীসকল, ৰেডষ্টকিং গোট আৰু আনুসংগিক অন্যান্য সংগঠন বিলাক সহযোগিতামূলকভাৱে অধিক প্রতিবাদমুখৰ হৈ পৰিছিল। উল্লেখযোগ্য যে এই প্রতিবাদী আন্দোলনটোৱে গণ মাধ্যমসমূহৰো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু এনেদৰে ই সমগ্ৰ বিশ্বজুৰি মহিলাৰ অধিকাৰ সম্পৰ্কে এক প্ৰকাৰৰ সজাগতাৰ সৃষ্টি কৰিছিল।

এই সময়ছোৱাত গৃহীত হোৱা কেইখনমান উল্লেখযোগ্য আইন হৈছে নাগৰিক অধিকাৰ অধিনিয়ম, ১৯৬৪ৰ’ ৱেৰ্ড ক’ৰ্ট সিদ্ধান্ত গৰ্ভপাত বৈধকৰণ, ১৯৭২ চনৰ শিক্ষা সংশোধনী অধিনিয়ম আদি। সেই সময়ৰ আন্দোলনটিৰ বিশিষ্ট নেত্ৰীসকলৰ ভিতৰত এলিজাবেথ ষ্টেণ্টন, বেট্টি ফ্রিয়াডেন, গ্ল’ৰিয়া ষ্টেইনেন আদিৰ নাম বিশেষভাৱে উল্লেখনীয়। থোৰতে ক’বলৈ হ’লে নাৰীবাদী আন্দোলনৰ দ্বিতীয় ঢৌ সফল হৈছিল, মাথোন সম-অধিকাৰ সংশোধনীখন অনুমোদিত হোৱা নাছিল। মার্গাৰেট থেট্‌ছাৰ বৃটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে নাৰীবাদী আন্দোলনে আটাইতকৈ সফলতম কৃতিত্ব অর্জন কৰিছিল। নাৰীৰ প্রয়োজনসমূহক স্বীকৃতি দি ৰাষ্ট্ৰসংঘই ১৯৭৫ চনটোক “আন্তঃৰাষ্ট্ৰীয় নাৰীবৰ্ষ” হিচাপে ঘোষণা কৰিছিল।

নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো ঢৌৰ সামৰণিয়ে নাৰীবাদী যৌনকৰ্মীৰ অভ্যুত্থানত অনবদ্য বৰঙণি যোগাইছিল।

নাৰী আন্দোলনৰ তৃতীয় প্ৰবাহ : 

আন্দোলনৰ তৃতীয়টো ঢৌ আছিল বিশেষকৈ নাৰী শক্তি বিষয়ক কেন্দ্ৰ কৰি। নাৰীবাদী আন্দোলনৰ তৃতীয়টো ঢৌৱে সামাজিক বিষয়সমূহ, নাৰীৰ শক্তি, আত্মবিশ্বাস গঠনৰ ব্যৱস্থা আদিৰ ওপৰত প্রশ্ন উত্থাপন কৰিছিল। ১৯৯০ চনৰ পৰা আৰম্ভ হোৱা নাৰীবাদী আন্দোলনৰ তৃতীয়টো ঢৌৰ লগত জড়িত নাৰীবাদী চিন্তাবিদ সকলৰ ভিতৰত হিল থমাছ হিয়েৰিং আৰু ফ্রীডম ৰাইডৰ নাম বিশেষভাৱে উল্লেখযোগ্য। নাৰীবাদী আন্দোলনৰ দ্বিতীয়টো ঢৌৰ বিফলতাৰ প্ৰেক্ষাপটত তৃতীয়টো ঢৌৰ সূত্ৰপাত হৈছিল। ৰাজনৈতিক আৰু অৰ্থনৈতিক সমতা, বৃত্তিগত ক্ষেত্ৰত সম্মান পোৱাৰ পিছত এতিয়া মহিলাসকলে কিছুমান কেন্দ্রীয় সমস্যালৈ চকু দিলে। যেনে— মহিলাসকলৰ বিৰুদ্ধে ধর্মীয় অৱদমন, নাৰীৰ বিৰুদ্ধে অত্যাচাৰ, মানৱ সৰবৰাহ, দেহৰ অস্ত্রোপচাৰ অংগচ্ছেদন, পর্ণগ্রাফী, মাধ্যমসমূহত নাৰীৰ প্ৰদৰ্শন আদি।

বিশ্বায়ন অথবা নতুন অর্থনৈতিক বিকাশ তথা ক্ষতা ব্যৱস্থাৰ পুনৰ্বিতৰণৰ প্ৰভাৱত নাৰীবাদীৰ তৃতীয় ঢৌ বিভিন্ন বিষয়লৈ বিস্তৃত হৈছিল। আন্দোলনটো আৰম্ভ হৈছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পৃথিৱীৰ মহিলাসকলক সজাগ কৰিবলৈ ১৯৭৪ চনত CEDAW (Convention of Elimination of All forms of Discrimination Against Women) গ্ৰহণ কৰাৰ পৰা। ইয়াৰ উপৰিও আছিল ৰাষ্ট্ৰসংঘই ১৯৭৫-১৯৮৫ দশকটো ৰাষ্ট্ৰসংঘৰ নাৰীদশকৰূপে ঘোষণা কৰাটো যিয়েই নেকি ইয়েই নাৰীবাদীসকলক নাৰীবাদৰ নতুন তত্ত্ব বিকশিত কৰিবলৈ প্ৰণোদিত কৰিলে। শিক্ষা, সমাজ, ৰাজনীতি, ধৰ্ম আদি সকলোতে লিংগক এটা নির্দিষ্ট ইছ্যু হিচাপে গণ্য কৰা হ’ল।

এফ্ৰ’-আমেৰিকান নাৰীবাদী, ৰেবেকা ৱাকাৰ (Rebecca Walker) এ প্রথম “নাৰীবাদৰ তৃতীয় টৌ” বাক্যাংশটি ব্যৱহাৰ কৰিছিল। “Ms Magazine”ত প্রকাশিত “Becoming the Third Wave’ নামৰ প্ৰবন্ধটোত তেওঁ উক্ত অভিধাটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল য’ত তেওঁ কৈছিল যে তেওঁ তৃতীয় ঢৌৰ নাৰীবাদী উত্তৰ-নাৰীবাদৰ নাৰীবাদী নহয়।

তৃতীয় ঢৌৰ নাৰীবাদী আন্দোলনে এক নতুন ধৰণৰ তাত্ত্বিক প্রেক্ষাপটৰ সৃষ্টি কৰিলে। নাৰীবাদ আৰু গতানুগতিক লিংগ প্ৰশ্নত পুনৰ সংজ্ঞায়িত কৰা হ’ল। আন্দোলনটোৱে পৃথিৱীৰ সকলো বস্তুকে লিংগৰ দৃষ্টিভংগীৰে নিৰীক্ষণ কৰা হ’ল। লিংগ পৰিৱর্তন বিষয়টোৰ ওপৰত চলা বিতর্কই এই আন্দোলনতে গতি লাভ কৰিলে। জুডিথ বাফাৰে তেওঁৰ “Gender Trouble”(1990) আৰু “Bodies that Matter” (1998) গ্ৰন্থ দুখনত লিংগ পৰিবৰ্তন, লিংগ আৰু যৌনতাৰ সংযোগ বিষয় দুটাৰ সক্রিয় আলোচনা। কৰিলে। গাঁথনি আৰু সমাজ সম্পর্কিত বিষয়ে গুৰুত্ব পালে। নাৰীবাদৰ তৃতীয় ঢৌৰ আন এক বৰঙণি ড’না হাৰাওৱে (Donna Hardaway 1987)ৰ গ্ৰন্থ Cyborg (1987/1991), যিখনে পৰৱৰ্তী সময়ত চাইবাৰ-নাৰীবাদ (Cyber feminism) শীর্ষক অৱধাৰণাটোৰ ধাৰণা সৃষ্টিত উৎসাহ-উদ্দীপনা যোগাইছিল। নাৰীবাদৰ তৃতীয় ধাৰাই মহিলাৰ পদোন্নতিত বাধা (Glass ceiling), যৌন উৎপীড়ন, একাকী মাতৃৰ সহায় আদি বিষয়বোৰ পোহৰলৈ আনিছিল।

বর্তমানেও চলি থকা এই আন্দোলনটোৰ এক বিশিষ্ট বৰঙণি হ’ল “Transversal Politics” ধাৰণাৰ সৃষ্টি। “Gender & Nation” (1979) গ্ৰন্থখনৰ লেখক ব্ৰিটিছ ইহুদী নিৰা য়ুভল ডেভিছ (Nira Yuval)এ ই অভিধাৰণাটো সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ প্ৰচাৰ কৰিব খুজিছিল যে গোটেই পৃথিৱীৰ নাৰীসকলে, (যি সম্প্রদায়, নাগৰিকৰ বৰ্ণ বা ধৰ্মৰে নহওঁক কিয়) একেলগ হৈ নিজৰ সমতা আৰু সন্মানৰ স্বাৰ্থত কাম কৰিব লাগে। এই আন্দোলনটো সাংগঠনিকতা (Structuralist)ৰ পৰা উত্তৰ সাংগঠনিকতা তত্ত্ব (Post Structuralist) লৈ হোৱা পৰিৱৰ্তনৰ এক সুন্দৰ উদাহৰণ।

সমালোচকসকলে যুক্তি দৰ্শাইছে যে নাৰীবাদী আন্দোলনৰ তৃতীয়টো প্ৰবাহত প্ৰথম আৰু দ্বিতীয় প্রবাহত থকাৰ দৰে মূল লক্ষ্য বা এক কটকটীয়া উদ্দেশ্যৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

2. Discuss the origin and growth of western women’s movement.

Ans: নাৰীবাদী চিন্তাধাৰাৰ আত্মপ্রকাশ তথা বিকাশ হয় পাশ্চাত্যৰ দেশবোৰত। সেয়ে নাৰী অন্দোলনৰ আৰম্ভও হৈছিল পাশ্চাত্যৰ দেশবোৰতে। নাৰীবাদী চিন্তাধাৰাৰ সমৰ্থকসকলৰ মতে ঊনবিংশ শতিকাত মহিলাৰ ভোটাধিকাৰ, সম্পত্তিৰ অধিকাৰ আদিৰ সপক্ষে যি আন্দোলন আৰম্ভ হৈছিল সেই আন্দোলনেই আছিল নাৰী আন্দোলন। অৱশ্যে উনবিংশ শতিকাতহে প্ৰথমবাৰৰ বাবে নাৰীবাদী আন্দোলন আৰম্ভ হৈছিল বুলিব পৰা নাযায়। এলেইন হফমেন বাৰুছৰ [Elaine Hoffman Bharuch] মতে প্লেটোৱে সমাজত মহিলাৰ গুৰুত্ব আছে বুলি স্বীকাৰ কৰিছিল। খ্ৰীষ্টিয়ান দি পিযানে [Christine de Pizan] ১৫ শতিকাত মহিলাৰ প্ৰতি থকা হেয় ভাব দূৰ কৰাৰ কথা কৈছিল। ১৬ শতিকাত হেইনৰিছ কমেলিয়াছ এগ্রিপা [Heinrich Comenius Agrippa] আৰু মদেস্তা দি ফৰ্যি [Modesta de Pizan] আৰু ১৭ শতিকাত হান্নাহ ওলি [Hannah Woolley]। জুআনা ক্রুজ [Juana Cruz] এনি ব্রেডস্থিত [Anne Bradstreet] মাৰ্গাৰ্টে চেভেনদিছ [Margaret Cavendish] আৰু ফেঙ্কচ [Francois Barre] আদিয়ে নাৰীৰ অধিকাৰৰ সপক্ষে মাত মাতিছিল। 

কিন্তু আধুনিক প্ৰাৰম্ভিক নাৰীবাদী [Proto Feminist] বুলিহে আখ্যা দিয়ে। গতিকে নাৰী আন্দোলনৰ উৎপত্তি ঊনবিংশ শতিকাৰ আগৰে বুলি কিছু চিন্তাবিদে ক’ব বিচাৰে। আনহাতে আধুনিক নাৰীবাদীসকলে উনবিংশ শতিকাতহে নাৰী আন্দোলনৰ উৎপত্তি হৈছিল বুলি কয়। আন বহু চিন্তাবিদে আকৌ কয় যে ঊনবিংশ শতিকাত নাৰী আন্দোলনৰ আৰম্ভ হয় আৰু এই নাৰী আন্দোলনেহে নাৰীবাদৰ বিকাশ সাধন কৰে। আমি এই যুক্তিসমূহৰ ভিত্তিত ক’ব পাৰোঁ যে মহিলাৰ প্ৰতি ন্যায় স্থাপনৰ প্ৰচেষ্টা ঊনবিংশ শতিকাৰ বহু আগতেই আৰম্ভ হৈছিল যদিও ই সংঘবদ্ধ ৰূপ লাভ কৰা নাছিল। ঊনবিংশ শতিকাৰ মাজ ভাগৰ পৰা ই সংঘবদ্ধ ৰূপ লাভ কৰে। অৰ্থাৎ পাশ্চাত্য দেশসমূহত ঊনবিংশ শতিকাতৰ মাজভাগত পূর্ণাংগ ৰূপত নাৰী আন্দোলনৰ উৎপত্তি হয়। পৰৱৰ্তী পৰ্যায়ত ই বিভিন্ন দেশ আৰু সমাজলৈ বিয়পি পৰে।

পাশ্চাত্য নাৰী অন্দোলনৰ ইতিহাস আৰু বিকাশ [History and Growth of Western Women’s Movement] :

পাশ্চাত্য নাৰী আন্দোলনৰ ইতিহাস আৰু বিকাশৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে উনবিংশ শতিকাৰ আগৰননাৰীবাদী ধ্যান-ধাৰণাসমূহক আধুনিক নাৰীবাদে নাৰী আন্দোলনৰ আখ্যা নিদিলেও সেই ধ্যান-ধাৰণাসমূহৰ গুৰুত্ব আছে। ১৮ শতিকাৰ ফৰাচী বিপ্লৱত স্ফতন্ত্রতা সমতা, ভ্রাতৃত্ববোধৰ কথা কোৱা হৈছিল। সেই সময়ছোৱাতে মেৰি ওলস্তনক্রাফটৰ ‘A Vindication of the Rights of Women’ [1792] নামত গ্ৰন্থত আৰু গটলেইব ভন হিপ্পেলৰ [Civil Improvement of Women [1794] নামৰ গ্ৰন্থত নাৰীবাদী চিন্তাৰ প্ৰতিফলন হয়। 

কিন্তু ১৭৯২ চনৰ ফ্ৰান্সৰ সংবিধানত মহিলাক সামাজিক জীৱনৰ পৰা বঞ্চিৰ কৰা হয়। ১৮০৪ চনৰ নেপোলিয়নৰ নাগৰিক নীতিয়ে মহিলাক বিবাহ বিচ্ছেদৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদিৰপৰা বঞ্চিত কৰি মহিলাক কেৱল ঘৰুৱা কামতে সীমিত কৰি ৰাখিছিল। এনেবোৰ কাৰণতে উনবিংশ শতিকাত মহিলা আন্দোলন উত্থান হয়।

প্ৰথম অৱস্থাত সংগঠিতভাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, নিউজিলেণ্ড, বিটেইন দেশসমূহত মহিলা আন্দোলনৰ উত্থান হৈছিল। ইয়াৰ প্ৰধান কাৰণ আছিল এই দেশসমূহৰ উদাৰবাদী ভাবধাৰা, সংসদীয় ৰাজনৈতিক ব্যৱস্থা, প্রটেষ্টাণ্ট সংস্কৃতি ইত্যাদি। অৱশ্যে নাৰী আন্দোলনৰ বাবে এনে সুবিধাজনক পৰিৱেশ থকাৰ পাছতো মহিলাই প্ৰথম অৱস্থাত প্ৰত্যক্ষভাবে নিজৰ অধিকাৰৰ বাবে মাত মাতিব পৰা নাছিল। দাসবেহা বন্ধ কৰা, সুৰাৰ প্ৰতিবাদ, নানান খ্ৰীষ্টধর্মী কর্ম আদিৰ মাধ্যমেৰেহে মহিলাই প্রথমে নাৰী আন্দোলন আৰম্ভ কৰে। সেই বাবেই মাধ্যমেৰেহে মহিলাইপ্রথমে ১৮৪০ চনত লণ্ডনৰ বিশ্ব-দাসত্ব বিৰোধী সমাৰোহ | [World Anti-slavery Convention] ত মহিলাক অংশগ্ৰহণৰপৰা বঞ্চিত কৰা হৈছিল। সমাৰোহৰ এনে আচৰণত অসন্তুষ্ট হৈ ১৮৪৮ চনত মহিলাসকলে অনুভূতিৰ ঘোষণাপত্র [Declaration of Sentiments] গ্রহণ কৰিছিল। ইয়াৰ পাছত ব্রিটেইনত বহুতো প্রভাৱ গোষ্ঠীৰ জন্ম হয়। ১৮৫৮-৫৯ চনত বি.এল স্মিথ [Barbara Leigh Smith] আৰু বি. আৰ. পার্ক্স [Bessie Rayner Parkes] ৰ নেতৃত্বত The Ladies of Langham Place” নামৰ এটা প্ৰভাৱ গোষ্ঠীৰ জন্ম হয়। ১৮৭১ চনত ডেনমার্ক, ১৮৭৩ চনত ছুইডেন, ১৮৮৪ চনত নৰৱে’ আৰু ফিনলেণ্ডত মহিলা সংগঠনৰ জন্ম হয় আৰু নাৰী আন্দোলনক গতিশীল কৰে। এই মহিলা সংগঠনসমূহে প্রথম অৱস্থাত মধ্যবিত্ত মহিলাসকলৰ সমৰ্থন লাভ কৰিছিল। 

পিছলৈ এই সংগঠনসমূহে পুৰুষৰো সমর্থন লাভ কৰে। বিটেইত National Society for Women’s Suffrage নামৰ নাৰী সংগঠন এটাই মহিলা ভোটাধিকাৰৰ বাবে জন ষ্টুৱাৰ্ট মিল, জেকব ব্রাইট আৰু আন কিছু সাংসদৰ সহায় লৈছিল। বহুতো ৰাষ্ট্ৰত উদাৰবাদী আৰু সমাজবাদী চিন্তাধাৰাত বিশ্বাসী ৰাজনীতিবিদসকলে নাৰী আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল। উদাহৰণস্বৰূপে ডেনমার্ক আৰু নৰৱে’ত উদাৰবাদী আৰু শ্রমিক দলে নাৰীৰ ভোটাধিকাৰ আন্দোলনৰ সফলতাত সহায় কৰে। ঠিক সেইদৰে, ফিনলেণ্ডৰ আত্ম নিৰ্ধাৰণ আন্দোলনে নাৰী আন্দোলনৰ প্রসাৰত সহায় কৰে। ১৮৯৭ চনত যেতিয়া ফিনলেণ্ড ৰাছিয়াৰ অধীন আছিল তেতিয়া চৰকাৰে মহিলা ভোটাধিকাৰ দিয়া নাছিল। পৰবৰ্তী সময়ত ফিনলেণ্ড ৰাছিয়াৰপৰা পৃথক হ’ল আৰু পৃথক ফিনলেণ্ডত মহিলাক ভোটাধিকাৰ দিয়া হয়।

অন্যহাতে, ব্ৰিটেইনৰ আভ্যন্তৰীণ ৰাজনীতিৰ বাবে ইংৰাজ মহিলাই পলমকৈ ভোটাধিকাৰ লাভ কৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল চৰম উদাৰবাদী আৰু সংৰক্ষণশীল চিন্তাধাৰাৰ সমৰ্থকসকলৰ মাজৰ বিবাদ। প্রথম অৱস্থাত মহিলাৰ ভোটাধিকাৰ দাবী কৰাসকলে চৰম উদাৰবাদীসকলৰ সমৰ্থন কৰিছিল। সেইসময়ত সংৰক্ষণশীলসকলৰ প্রাধান্য আছিল। পৰৱৰ্তী সময়ত সংৰক্ষণশীসকলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। কিন্তু তেনে পৰিৱৰ্তনে চৰম উদাৰবাদীসকলৰ মনত সন্দেহৰ সৃষ্টি কৰে। এনে সন্দেহ আৰু বিবাদে ব্রিটেইনত মহিলা ভোটাধিকাৰ প্ৰদানত পলম কৰাইছিল।

অথাৎ ঊনবিংশ শতিকাত পাশ্চাত্য দেশসমূহত মহিলাৰ ভোটাধিকাৰ দাবীৰ মাধ্যমেৰে নাৰী আন্দোলনৰ সূত্ৰপাত হয় আৰু পৰিৱৰ্তী সময়ত নানান বিষয় তথা নানান দেশলৈ ই বিয়পি পৰে।

পাশ্চাত্য দেশসমূহত নাৰী আন্দোলনৰ প্ৰসাৰ অধ্যয়ন কৰিলে বিভিন্ন সময়ত বিভিন্ন ৰূপত ইয়াৰ বিকাশ হোৱা দেখা পোৱা যায়।। তলত নাৰী আন্দোলনৰ প্ৰসাৰৰ বিষয়ে উল্লেখ কৰা হ’ল—

১) ইংলেণ্ডত ১৮৬৭ চনত ‘The London Society for Women’s Suffrage’ নামৰ সংগঠন গঠন কৰা হয়। ‘The London Society for Women’s Suffrage’ ৰ উদ্দেশ্য আছিল মহিলাৰ ভোটাধিকাৰ সুনিশ্চিত কৰা।

২) ঊনবিংশ শতিকাৰ মাজভাগত পাশ্চাত্য দেশসমূহত বিবাহিত মহিলাক সম্পত্তিৰ অধিকাৰৰ প্ৰদান কৰাৰ দাবীত আন্দোলন আৰম্ভ হৈছিল। সেই সময়ৰ আইন অনুসৰি বিবাহৰ পাছত মহিলাৰ সকলো সা-সম্পত্তি স্বামীৰ অধীন হয়। এনে আইনৰ ফলত বিবাহ বিচ্ছেদত পুৰুষ লাভান্বিত হয়। সেয়ে এনে আইনৰ বিৰুদ্ধে মহিলাই মাত মাতিছিল। ইয়াৰ ফলস্বৰূপে ১৮৭০ The Married Women’s Property Act নামৰ আইনখন বলবৎ কৰা হয়।

৩) এলাইচ একলেণ্ড আৰু মেৰি লৰেন্সনে ১৮৮৩ চনত [The Co Operative Women’s Guild] নামৰ এটা সংগঠন জন্ম দিয়ে। সমবায়ে কেনেদৰে মহিলাক সহায় কৰিব পাৰে তাৰ প্ৰচাৰ কৰা আৰু মহিলাৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যেৰে The Cooperative Women’s Guild ৰ গঠন কৰা হৈছিল। The Cooperative Women’s Guild ৰ নেতৃত্বত হোৱা আন্দোলনৰ প্ৰচাৰ বাণী আছিল “Cooperation in poor neighborhoods”

৪) ঊনবিংশ শতিকাৰ মাজ ভাগত পাশ্চাত্য দেশসমূহত আন এটা মহিলা আন্দোলনে গা কৰি উঠিছিল। সেয়া আছিল সম মজুৰিৰ দাবীত আন্দোলন। [Bryant & May] নামৰ জুইশলা কাৰখানা এটাৰ প্ৰায় ১৪০০ মহিলা শ্রমিকে ধর্ণা, বিৰোধ আৰু আন্দোলন কৰি কম মজুৰি আৰু কৰ্মস্থলীৰ বিপদজনক অৱস্থাৰ বিপক্ষে মাত মাতিছিল। ইয়াৰ ফলস্বৰূপেই ১৮৮৮ চনত Women’s Trade Union League ৰ সচিব ক্লিমেস্তিনা গ্লেকে সম মজুৰিৰ প্ৰস্তাৱনা গৃহীত কৰোৱাত সক্ষম হয়।

১৯০০-১৯৬০

১) এই সময়ছোৱাত ইংলেণ্ডত মহিলা ভোটাধিকাৰৰ দাবী প্ৰৱল হৈ পৰে। ১৯০২ চনত উত্তৰ ইংলেণ্ডৰ শ্ৰমিকৰ এটা দলে। ৩৭০০০ সমৰ্থকৰ স্বাক্ষৰ থকা এখন আবেদন সংসদত দাখিল কৰে। এই আবেদনত মহিলাৰ বাবে ভোটাধিকাৰ বিচৰা হৈছিল। এমেলিন পেনখুষ্ট, খ্রীষ্টাবেল পেনখুইষ্ট চিলভিয়া, পেনখুষ্ট আৰু এনি কেৰনেই ১৯০৩ চনত The Women’s Social and Political Union নামৰ সংগঠনৰ জন্ম দিয়ে। পৰবৰ্তী সময়ত খ্রীষ্টাবেল পেনখুষ্ট আৰু কেনেয়ে মহিলাৰ ভোটাধিকাৰ বিচাৰি আন্দোলন কৰে। এনে আন্দোলন বাধা দিবৰ বাবেই তেওঁলোকক কাৰাদণ্ড বিহা হয়। এই কাৰাদণ্ডই মহিলাৰ ভোটাধিকাৰ আন্দোলনক অধিক শক্তিশালী কৰি তোলে।

২) ১৯০৬ চনত The National Federation of Women Workers নামৰ এটা সংগঠন গঠিত হয়। এই সংগঠনৰ সৃষ্টি কৰ্তা আছিল মেৰি আৰ্থাৰ। ১৯০৯ চনত The National Federation of Women Workers এ আন বহুতো মহিলা সংগঠনৰ সৈতে মিলি বাণিজ্য ক্ষেত্ৰত মহিলাৰ শোষণৰ বিৰোধ কৰে। তেওঁলোকৰ এই কার্যহ Trade Boards Act কৰাত বিশেষ অবদান যোগায় এই আইনে।

৩) মহিলা ভোটাধিকাৰৰ প্ৰৱল দাবীত ১৯০৭ চনত Qualification of Women Act বলবৎ কৰা হয়। এই আইনে মহিলাক নগৰপালিকা [Mayor] আৰু আঞ্চলিক সদস্য (Borough and County Councils) হিচাপে নিৰচিন কৰাৰ ব্যৱস্থা কৰে।

৪) ১৯০৮ চনত লণ্ডনৰ হাইদ পার্ক নামৰ ঠাইত প্রায় ২৫০ হাজাৰ সমৰ্থক মহিলা ভোটাধিকাৰৰ দাবীত একত্রিত হয়। ১৯১৩ চনত পুনৰ হাইদ পাৰ্কত মহিলা ভোটাধিকাৰৰ দাবীত এখন সভা আযোজন কৰা হৈছিল।

৫) ব্ৰিটিছ নাৰীবাদী লেখিকা এথেল স্মিথে ১৯১১ চনত March of Woman নামেৰে নাৰীবাদী সঙ্গীতৰ ৰচনা কৰে।

৬) ১৯১২-১৩ চনত ব্ৰিটেইনত The Cat and Mouse আইনখন বলবৎ কৰা হয়। ব্ৰিটেইনত মহিলা ভোটাধিকাৰৰ দাবীত সমর্থকসকলে অনশন কৰি প্ৰতিবাদ কৰিছিল। তাৰ ফলত প্রতিবাদীসকল ৰোগীয়া হৈ পৰিছিল। এই আইনে কাৰাবন্দী প্রতিবাদীসকল অনশন কৰি ৰোগীয়া হৈ পৰিলে পুনৰ সুস্থ হৈ নুঠা লৈকে মুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল।

৭) প্রথম বিশ্বযুদ্ধৰ সময়ত হাজাৰ হাজাৰ মহিলাই গ্লাচগ্ন”ত একত্ৰিত হৈছিল। মালিকে অধিক ভাড়া বিচাৰিছিল। মহিলাসকলে ইয়াৰ প্ৰতিবাদ কৰি প্লাচন’ত মিলিত হৈছিল। এই পদক্ষেপে [Rent Restriction Act] গৃহীত কৰাইছিল।

৮) ১৯১৬ চনত মেৰি বাৰব’ৰ নামৰ এগৰাকী মহিলা Women’s Peace Crusade নামৰ সংগঠন গঠন কৰিছিল। এই সংগঠনৰ মতে যুদ্ধৰ প্ৰভাৱ পৰিয়াল, ঘৰ, চাকৰি আদিত পৰে। আৰু সেয়ে Women’s Peace Crusade এ যুদ্ধৰ বিৰোধ কৰিছিল।

৯) ১৯১৮ চনত বিটেইনত ৩০ বছৰ বয়সৰ ওপৰৰ আৰু এক নিৰ্দিষ্ট পৰিমাণৰ সম্পত্তিৰ অধিকাৰী মহিলাক ভোটাধিকাৰ প্ৰদান কৰা হয়। কিন্তু ব্ৰিটিছ মহিলা এই সীমিত ভোটাধিকাৰ লাভ কৰি সন্তুষ্ট নাথাকে। মহিলাৰ ভোটাধিকাৰৰ সপক্ষে আন্দোলন তাৰ পিছতো হৈ থাকে। সর্বশেষত ১৯২৮ চনত বিটেইনত পুৰুষ-মহিলা উভয়কে সম-ভোটাধিকাৰ প্ৰদান কৰা হয়। এই কালছোৱাত মহিলাৰ অর্থনৈতিক আৰু আন সামাজিক অধিকাৰৰ সপক্ষেও নানান আন্দোলন হৈ থাকে।

১০) ব্ৰিটেইনৰ মহিলাক ভোটাধিকাৰ প্ৰদানৰ পাছত ১৯৩০-৪০ ৰ দশকত নাৰী আন্দোলন কিছু পৰিমাণে কমে। অৱশ্যে আন্দোলন স্থবিৰ হৈ পৰা নাছিল। এই সময়ছোৱাত ১৯১৯ চনত গঠিত হোৱা The Federation Business and Professional Women’s (BPW) ৰ নেতৃত্বত মহিলাৰ অধিকাৰৰ সপক্ষে অন্দোলন চলে। এই সংগঠনে পুৰুষ-মহিলাৰ সম-অধিকাৰৰ বাবে “সম অধিকাৰ সংশোধন Equal Rights Amendment নামেৰে সাংবিধানিক সংশোধনৰ দাবী কৰে।

১১) পাশ্চাত্য দেশসমূহত ১৯৩০-৪০ ৰ দশকত মহিলাৰ সংস্থাপন আৰু পুৰুষৰ বাবে হোৱাৰ পৰিৱৰ্তে মহিলায়ো পাব লাগে বুলি আন্দোলন কৰিছিল। তাৰে ফল হিচাপে ১৯৪৮ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা [National Health Service] ৰূপায়ণ হৈছিল।

১২) নাৰী আন্দোলনৰ প্ৰথমটো পৰ্যায়ৰ শেষৰটো দশকত মহিলাসকলে সম-মজুৰি, যৌন অপৰাধৰ বিৰোধ, ৰাজনৈতিক অংশগ্রহণ আদিৰ দাবী কৰিছিল। অর্থাৎ‍ নাৰী আন্দোলনে এই দশকটোত ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ ওপৰত গুৰুত্ব দিছিল।

১৯৬০-১৯৮০

১) ১৯৬০ চনৰ পাছৰপৰা নাৰী আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভ হয়। নাৰী আন্দোলনৰ দ্বিতীয় পৰ্যায়ত মহিলাৰ অধিকাৰৰ বহুতো নতুন দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

২) বিংশ শতিকাৰ মাজভাগত নাৰীবাদীসকলে গৰ্ভপাতৰ অধিকাৰ বিচাৰি আন্দোলন কৰিছিল। সেই সময়ত গর্ভপাতক বে আইনী বুলি গণ্য কৰা হৈছিল। ১৯৩৮ চনত এলেক্স বউম নামৰ এজন ডাক্তৰ এই আইন উলংঘা কৰি ১৪ বছৰীয়া এজনী ধৰ্ষিতা ছোৱালীৰ গৰ্ভপাত কৰিছিল ।ইয়াৰ বাবে তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱা হৈছিল। অৱশ্যে আদালতে ডাক্তৰ ব’উমৰ সপক্ষে ৰায়দান কৰে। এনে ঘটনাই গৰ্ভপাতৰ অধিকাৰৰ আন্দোলন অধিক তীৰ কৰি তুলিছিল। গর্ভপাত আৰু গৰ্ভনিৰোধক ব্যৱহাৰৰ দাবীত মহিলাই আন্দোলন কৰি গৈছিল। এই আন্দোলনৰ বাবেই ১৯৬৭ চনত গৰ্ভপাত আইন সংশোধন বিধেয়ক | Abortion Law Reform Bill] উত্থাপন কৰা হৈছিল। এই সংশোধিত আইন মতে, বিপদজনক পৰিস্থিতিত কোনো মহিলাই গৰ্ভপাত পৰিলে সেই গর্ভপাত বে আইনী নহয়।

৩) ১৯৬৮ চনত ইংলেণ্ডৰ দেগেনহামৰ ফ’ৰ্ড গাড়ীৰ কাৰখানাত পুৰুষ-মহিলাৰ মাজত মজুৰিৰ পৃথক হোৱা বাবে মহিলাই আন্দোলন কৰিছিল।

৪) ১৯৭০ চনত চাকৰিয়াল মহিলাসকলক ঋণ দিয়াৰ ব্যৱস্থা কৰা নাছিল। তেওঁলোকে নিজে কোনো বস্তু বন্ধকত ৰাখিব পৰা নাছিল। তাৰ বাবে মহিলা গৰাকীৰ স্বামীৰ চহী আৱশ্যক আছিল। মহিলাসকলে এনে নিয়মৰ বিৰোধিতা কৰিছিল।

৫) ১৯৭০ ত ব্ৰিটেইনৰ প্ৰথমখন জাতীয় মহিলা মুক্তিৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। এই অধিবেশনত ব্ৰিটেইনৰ বিভিন্ন ঠাইৰপৰা আহি মহিলাই অংশগ্ৰহণ কৰিছিল। এই অধিবেশনে ১৯৭০ ৰ দশকটোত প্ৰভাৱ পেলাইছিল।

৬) এই সময়ছোৱাত বিশ্ব সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ বিৰেদ্ধে নাৰীবাদীসকলে মাত মাতিছিল। তেওঁলোকৰ মতে এনে প্রতিযোগিতা জীৱ-জন্তুৰ বজাৰৰ দৰে।

৭) ১৯৭৫ চনত The Sex Discrimination Act খন গৃহীত কৰা হৈছিল। এই আইন মতে কার্যালয়, শিক্ষানুষ্ঠান আদিত মহিলাৰ প্রতি বৈষম্য ৰাখিব নোৱাৰিব। এই আইনো সেই সময়ৰ নাৰী আন্দোলনৰ প্রভাৱ।

৮) মহিলাৰ ওপৰত হোৱা ঘৰুৱা হিংসাৰ প্ৰতি নাৰীবাদীসকল সচেতন আছিল। সেয়ে তেওঁলোকে ঘৰুৱা হিংসাৰ প্ৰতিবাদ কৰিছিল। ১৯৭৮ চনত ঘৰুৱা হিংসাৰ প্ৰতিবাদত ‘The Women’s Aid Federation of Northern Ireland নামৰ সংগঠন এটা গঠন কৰা হৈছিল। উত্তৰ আয়াৰলেণ্ডত ঘৰুৱা হিংসাৰ প্ৰতিবাদত এই সংগঠনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

১৯৮০-২০০০ চনৰ নাৰী আন্দোলন :

১) ১৯৮০ চনত ইংলেণ্ডৰ কমন্স সভাত মহিলাৰ সম প্রতিনিধিত্বৰ দাবী কৰি মহিলাসকলে আন্দোলন কৰিছিল।

২) ১৯৮১ চনত ‘The Welsh Group Women for Life on Earth নামৰ সংগঠনটোৱে পাৰমাণৱিক বোমা কেন্দ্ৰটো প্রতিষ্ঠা কৰাৰ প্ৰতিবাদ কৰিছিল। তেওঁলোকে আপত্তি কৰিছিল যে এই কেন্দ্ৰই মহিলা আৰু শিশুৰ অপকাৰ কৰিব। সেয়ে তেওঁলোকৈ কাৰদিফৰ পৰ গ্ৰীণহামৰ শান্তি ছাউনি [Greenham Common Peace Camp] প্রায় ৩০,০০০ মহিলা। একগোট হৈ এই কেন্দ্র প্ৰতিষ্ঠাৰ বিৰোধ কৰিছিল।

৩) ১৯৮৪ চনত The Nation Black Feminist Conference নামেৰে কৃষ্ণবর্ণী মহিলাৰ অধিবেশন অনুষ্ঠিত কৰা হয়।

৪) ১৯৮৪-৮৫ চনত খাদত কাম কৰা কৰ্মীসকলে আন্দোলন কৰিছিল। এই আন্দোলনত আন্দোলনকাৰীসকলৰ পত্নীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথম তেওঁলোকে আন্দোলনকাৰীসকলৰ বাবে খাদ্যৰ যোগান ধৰিছিল। পিছত তেওঁলোকে অনুভৱ কৰিলে যে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিজে আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ এই আন্দোলনত অংশগ্রহণে শ্রমিক মহিলাৰ আন্দোলনৰ ৰূপ লয়।

৫) ১৯৮৫ চনত বিটেইনত প্ৰথম কৃষ্ণবণী সমকামী মহিলাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। আফ্ৰিকা আৰু এছিয়াৰ ২০০ মহিলাই এই অধিবেশনত অংশগ্ৰহণ কৰিছিল।

৬) ১৯৮৬ চনত The Sex Discrimination [Amendment ] Act গৃহীত হয়। পুৰুষ মহিলাৰ অৱসৰ গ্ৰহণৰ বয়স একে কৰিবৰ বাবে মহিলাই কৰা আন্দোলন আৰু মহিলাক ৰাতি কাম কৰা অধিকাৰ দাবীৰ আন্দোলনৰ ফলতে এই আইন গৃহীত হয়।

৭) ১৯৮৬ চনত মহিলাৰ ওপৰত ঘৰুৱা হিংসাৰ প্ৰতিবাদত মহিলাসকলে প্রতিবাদ কৰিছিল।

৮) সমকামিতাৰ প্ৰচাৰ আইন বর্হিভূত আছিল। সেয়ে ১৯৮৮ চনত মহিলাই এনে আইনৰ প্ৰতিবাদ কৰিছিল ৷

৯) ১৯৯৩ চনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাৰীয়ে মহিলাৰ বিৰুদ্ধে অন্ত পেলাবলৈ ব্যৱস্থা ল’বৰ বাবে ৰাষ্ট্ৰসংঘক হেঁচা প্ৰয়োগ কৰে। এনেদৰেই নাৰী আন্দোলনৰ বিকাশ হৈছিল।

3. What are the major issues of western women’s movement?

Ans: সমাজত পুৰুষ আৰু মহিলাৰ মাজৰ ক্ষমতাৰ সম্পৰ্ক, মর্যাদা, পৰিচয়, অধিকাৰ, জন্ম নিয়ন্ত্রণ, গর্ভপাত, পৰিয়াল পৰিকল্পনা আদি সকলোতে নাৰী অন্যায়ৰ বলি হোৱা দেখা যায়। এনে অন্যায়ৰ বাবেই বিভিন্ন সময়ত বিভিন্ন নাৰী আন্দোলনে গা কৰি উঠিছিল। এই নাৰী আন্দোলনসমূহে বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত নাৰীৰ অধিকাৰৰ সপক্ষে মাত মতা দেখা যায়। এনে বিষয় কিছুমান তলত উল্লেখ কৰা হ’ল–

(১) মহিলা ভোটাধিকাৰৰ আন্দোলন: নাৰী আন্দোলনৰ আটাইতকৈ প্রাচীন বিষয়সমূহৰ অন্যতম হ’ল মহিলাৰ ভোটাধিকাৰ আৰু অর্থনৈতিক অধিকাৰৰ দাবী। ১৮৪০ চনত লণ্ডনত বিশ্ব-দাসত্ব বিৰোধী সমাৰোহ [ World Anti-Slavery Convention] ত মহিলাসকলৰ মুক্তিক আওকাণ কৰাৰ বাবেই নাৰী আন্দোলনৰ নেত্রী লুক্রেইতিয়া মই আৰু এলিজাবেথ কেদি স্টেনটনে ১৮৪৮ চনত Declaration of Principles অর্থাৎ‍ নামেৰে এখন ঘোষণাপত্র গ্ৰহণ কৰে। এই ঘোষণাপত্ৰতে মহিলাৰ বাবে ভোটাধিকাৰৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল।

(২) কৃষ্ণাংগ সকলৰ ভোটাধিকাৰৰ বাবে মহিলাৰ আন্দোলন: আমেৰিকাৰ গৃহযুদ্ধ ১৮৬১-১৮৬৫ চনলৈ চলিছিল। গৃহযুদ্ধ অন্ত পৰাৰ পাছতে ১৮৬৯ চনত মহিলা অধিকাৰৰ আন্দোলন দুটা ভাগত বিভক্ত হৈ পৰে। ইয়াৰ American Woman Suffrage Association [AWSA] নামৰ এটা ভাগে কৃষ্ণাংগসকলৰ বাবে ভোটাধিকাৰৰ দাবী কৰে। অৰ্থাৎ‍ মহিলা আন্দোলনে কেৱল মহিলাৰ বাবেহে আন্দোলন কৰিছিল এনে নহয়। মহিলা আন্দোলনে কৃষ্ণাংগ সকলৰ অধিকাৰৰ ওপৰতো গুৰুত্ব দিছিল।

(৩) মহিলাৰ মৰ্যাদা: মহিলা আন্দোলনৰ এটা গুৰুত্বপূর্ণ বিষয় হ’ল মহিলাৰ মৰ্যাদা সুনিশ্চিত কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পুৰুষসকলে কাৰখানাৰ কাম এৰি যুদ্ধত অংশগ্ৰহণ কৰিবলৈ যাব লগা হৈছিল। সেয়েহে মহিলাসকলক কাৰখানাৰ কামত নিয়োগ কৰা হৈছিল। এই নীতিক দেশপ্ৰেমৰ Rosie of Riveter বুলি জনা যায়। 

যুদ্ধ শেষ হোৱাৰ পাছত মহিলাই কাৰখানাৰ কাম এৰি ঘৰুৱা কাম-কাজ কৰিব বুলি আশা কৰিছিল। কিন্তু শেষ হোৱাৰ পাছতো মহিলাই কাম কৰা এৰা নাছিল। মহিলাসকলে বিভিন্ন অফিচ-কাছাৰী, শিক্ষকতা, নাৰ্ছ আদি কাম কৰিবলৈ ধৰে। সমসাময়িকভাৱে, মহিলাসকল উচ্চ শিক্ষিত হোৱাত পৰম্পৰাগত কাম-কাজতে মহিলাসকল সীমাবদ্ধ নাথাকি অ-পৰম্পৰাগত কাম কাজো কৰিবলৈ ধৰিলে। লগতে বিজ্ঞান-প্রযুক্তিবিদ্যাৰ প্ৰসাৰে জন্ম নিয়ন্ত্রণ সহজ কৰি তুলিছিল। কিন্তু এনে ঘটনাই মহিলাৰ মৰ্যাদা উন্নত কৰিবৰ বাবে বাবে বিভিন্ন দাবী উত্থাপিত হ’ব ধৰিছিল। মহিলাৰ মৰ্যদাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ মহিলাসকলে ৰাষ্ট্ৰপতি কেনেডিৰ ওচৰত President’s Commission on the Status of Women স্থাপন কৰিবৰ বাবে দাবী কৰিছিল। এলিয়েনৰ ৰুচভেল্ট [Eleanor Roosevelt) ৰ সভানেত্রিত্বত President’s Commission on the Status of Women স্থাপন কৰা হৈছিল। ১৯৬৩ চনত President’s Commission on the Status of Women নামৰ প্ৰতিবেদন এখন দাখিল কৰিছিল। এই প্রতিবেদনত মহিলাৰ মৰ্যাদা উন্নত কৰিবৰ বাবে পৰামর্শ দিয়ে। গতিকে বিংশ শতিকাত মহিলাৰ মৰ্যাদা নাৰী আন্দোলনৰ এটা গুৰুত্বপূর্ণ বিষয় আছিল।

(৪) সম-মজুৰিৰ দাবী: পাশ্চাত্য নাৰী আন্দোলনত বিভিন্ন সময়ত সম-মজুৰিৰ দাবী উত্থাপিত হৈ আহিছে। ১৯৬৮ চনত ইংলেণ্ডৰ দেগেনহামৰ ফৰ্ড গাড়ীৰ কাৰাখানাত পুৰুষ-মহিলাৰ মাজত মজুৰিৰ পৃথক হোৱা বাবে মহিলাই আন্দোলন কৰিছিল। ইয়াৰ উপৰি বিভিন্ন সময়ত একে কামৰ বাবে পুৰুষ-মহিলা উভয়ে একে মজুৰি লাভ কৰাৰ দাবী কৰি আহিছিল। সেয়ে সম-মজুৰিৰ দাবী পাশ্চাত্য নাৰী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ বিষয় বুলি গণ্য কৰা হয়।

(৫) পাশ্চাত্য সমাজৰ পৰিবৰ্তন: পাশ্চাত্য নাৰী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল সমাজ ব্যৱস্থাৰ পৰিবর্তন। নাৰী আন্দোলনে জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিৰ ব্যৱহাৰ,মহিলাৰ উচ্চ শিক্ষা, সম-মজুৰি, বিবাহ-বিচ্ছেদৰ প্ৰস্তাৱ দিয়া আদিৰে মহিলাক সবল কৰিব বিচাৰিছিল। লগতে নাৰী আন্দোলনে পুৰুষকেন্দ্ৰিক সমাজ ব্যৱস্থাৰো অন্ত পেলাব বিচাৰিছিল। নাৰীবাদীসকলে পুৰুষকেন্দ্ৰিক সমাজৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ কাৰণ বুলি ভাবিছিল। সেয়ে পাশ্চাত্য নাৰী আন্দোলনে পুৰুষকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ জৰিয়তে মহিলাক পুৰুষৰ অন্যায় আৰু অত্যাচাৰৰ পৰা মুক্তিৰ দাবী কৰিছিল। অর্থাৎ‍ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন পাশ্চাত্য নাৰী আন্দোলনৰ এটা গুৰুত্বপূর্ণ বিষয়।

(৬) সম-অধিকাৰৰ দাবী: পাশ্চাত্য দেশসমূহত, বিশেষকৈ আমেৰিকাত সম-অধিকাৰৰ দাবীত মহিলাসকলে আন্দোলন কৰিছিল। ১৯৪০ ৰ দশকটোত আমেৰিকাৰ বিভিন্ন দল সংগঠনে ‘সম-অধিকাৰৰ দাবী সমর্থন কৰিছিল। ১৯৪০ চনৰ পৰা আমেৰিকাৰ ৰিপাব্লিকান দলে আৰু ১৯৪৪ চনৰেপৰা ডেমক্রেটিক দৰে Equal Right Amendment নামৰ এখন সংশোধনী বিল গৃহীত হয়। এই সংশোধনীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত লিংগৰ ভিত্তিত পুৰুষ-মহিলাৰ মাজত বৈষম্য নথকাৰ ব্যৱস্থা কৰে। এই সংশোধনী মহিলাৰ সম-অধিকাৰৰ দাবীৰ হোৱা নানান আন্দোলনৰ ফল।

(৭) ভাষা: পাশ্চাত্য নাৰী আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল লিংগ বৈষম্যমূলক ভাষাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰি আহিছে। সেয়েহে তেওঁলোকে এনে কিছুমান শব্দৰ ব্যৱহাৰৰ সমৰ্থন কৰে যিসমূহ অ-লিংগ বৈষম্যমূলক [non-sexist language]। উদাহৰণস্বৰূপে বিবাহিত আৰু অ-বিবাহিত সকলো মহিলাকে MS বুলি সম্বোধন কৰা History শব্দৰ পৰিবৰ্তে History শব্দ, mankind শব্দৰ পৰিবৰ্তে humanity শব্দ, he ৰ পৰিবৰ্তে he or she প্রয়োগ আদি। নাৰীবাদীসকলে দুটা কাৰণত লিংগ নিৰপেক্ষ শব্দ বা ভাষাই দুয়োটাত লিংগৰ ব্যক্তিকে সামৰি লয়। তাদুপৰি, ভাষাৰ ক্ষেত্ৰত লিংগৰ আৱশ্যকতা নাই। সেয়েহে নাৰীবাদীসকলে শব্দ বা ভাষা লিংগ বৈষম্যতাহীন কৰিবৰ বাবে আন্দোলন কৰিছিল।

(৮) অর্থনৈতিক অধিকাৰ: মহিলাসকলে সম্পত্তিৰ অধিকাৰ বা তেনে অর্থনৈতিক অধিকাৰসমূহ লাভ কৰিবৰ বাবেও আন্দোলন কৰিবলগা হৈছিল। ঊনবিংশ শতিকাত মহিলাই পাশ্চাত্য দেশসমূহত বিবাহিত মহিলাক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিবৰ বাবে আন্দোলন আৰম্ভ কৰিছিল। ঠিক সেইদৰে সম-মজুৰি, ঋণ নীতি, কর্মস্থলীত মহিলাৰ প্ৰতি সন্মান আদি অর্থনৈতিক বিষয়সমূহত আন্দোলন কৰিছিল। মার্ক্সবাদী নাৰীবাদীসকলে মহিলাক পণ্যৰ দৰে গণ্য কৰা হয় বুলি পুঁজিবাদী অর্থ ব্যৱস্থাৰ সমালোচনা কৰিছিল। এনেদৰেই নাৰী আন্দোলনে মহিলাৰ অৰ্থনৈতিক দিশসমূহৰ ওপৰত গুৰুত্ব দিছিল।

(৯) শ্ৰমৰ বিভাজন: পাশ্চাত্য মহিলা আন্দোলনে লিংগ ভিত্তিত শ্ৰমৰ বিভাজনৰ বিৰোধ কৰিছিল। নাৰীবাদীসকলৰ মতে সমাজত লিংগ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজত শ্ৰমৰ বিভাজন আছে। এনে শ্রম বিভাজন অযুক্তিকৰ। মহিলাক ঘৰুৱা কাম-কাজ, কেচুৱা লালন-পালন আদিতে সীমাবদ্ধ কৰি ৰখা হয়। আনহাতে পুৰুষ শ্রেণীয়ে এনে কামসমূহ মহিলাৰ কাম বুলি ভাবি নকৰে। মহিলাক বেশ্যা বিত্তিত নিয়োগ কৰা হয়। পাশ্চাত্য নাৰী আন্দোলনে এনেবোৰ চিন্তাধাৰাৰ সমালোচনা কৰে।

(১০) পৰম্পৰা আৰু ধর্মীয় নীতি: পাশ্চাত্য মহিলা আন্দোলনে বহু সময়ত মহিলা পৰিপন্থী পৰম্পৰা আৰু ধৰ্মীয় নীতিৰ সমালোচনা কৰি আহিছে। গর্ভপাত, সামাজিক অনুষ্ঠানত মহিলাৰ ভূমিকা, আন্দোলনে মাত মতা দেখা গৈছে। পাশ্চাত্য পৰম্পৰা আৰু বিভিন্ন ধর্মীয় নীতিসমূহত কিছুমান ক্ষেত্ৰত মহিলাৰ প্ৰতি অন্যায় কৰা হৈছিল। ধৰ্ম আৰু পৰম্পৰাৰ নামত মহিলাক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। মহিলাসকলে এনে অন্যায়ৰ বিপক্ষে আন্দোলন কৰিছিল।

4. Write a note on present status of western women’s movement.

Ans: বিংশ শতিকাৰ শেষ ভাগত আৰু একবিংশ শতিকাৰ প্ৰথম বৰ্ষতকেইটা নাৰী আন্দোলনে নানান বিষয়ত মহিলাৰ উন্নয়নৰ হকে মাত মাতিছে। মহিলা আন্দোলনসমূহে এই সময়ছোৱাত কেৱল ব্যক্তিকেন্দ্রিক অধিকাৰৰ দাবী উত্থাপনতে সীমাবদ্ধ নাথাকি সামাজিক অধিকাৰ আৰু ন্যায় প্ৰতিষ্ঠাৰ দাবী কৰা দেখা যায়। ঠিক সেইদৰে মহিলা আন্দোলনসমূহ এখন দেশৰ পৰিসীমাত আৱদ্ধ নাথাকি ই বিশ্বব্যাপি মহিলা শৰণাৰ্থী,সমকামী মহিলা, লিংগভিত্তিত সংখ্যালঘু আদিসকলৰ অধিকাৰৰ সপক্ষে দাবী জনায়। তলত পাশ্চাত্য মহিলা আন্দোলনৰ বৰ্তমানৰ কিছুমান কাৰ্যসুচীৰ বিষয়ে উল্লেখ কৰা হ’ল―

(১) মহিলা শৰণাৰ্থীসকলৰ অধিকাৰ: বিংশ শতিকাৰ মাজভাগৰ পৰাই মহিলা শৰণাৰ্থীসকলৰ অধিকাৰৰ দাবী কৰি অহা হৈছে। গ্রেট ব্ৰিটেইনৰ মহিলা শৰণাৰ্থীসকলে বিটেইনত সুৰক্ষিতভাৱে মহিলাই শৰন লবৰ বাবে ব্যৱস্থা থকাটো বিচাৰিছিল। তেওঁলোকে মহিলা শৰণাৰ্থীসকলৰ বাবে কিছুমান নির্দিষ্ট নীতি-নির্দেশনা থকাটো বিচাৰিছিল। মহিলাসকলে কৈছিল যে সেই সময়ৰ শৰণাৰ্থী আইনে পুৰুষ শৰণাৰ্থীকহে অধিক সুবিধা দিছিল। শৰণাৰ্থী মর্যাদা প্রদান কৰাৰ ক্ষেত্ৰত আবেদনকাৰীৰ লিংগক গুৰুত্ব নিদিয়াতো বিচাৰিছিল। এই আন্দোলন ভেটিতে ২০০০ চনত ব্ৰিটেইনৰ অনুপ্রৰৱেশকাৰী কর্তৃপক্ষ [Immigration Appellate Authority the immigration and asylum tribunal] ই Asylum Gender Guidelines নতুন শৰণাৰ্থী নীতি প্ৰস্তুত কৰে।

(২) ২০০১ চনৰ পূর্বে লেচবিয়ান আৰু গে সকলৰ মাজত বিবাহ বা তেনে সম্পর্ক অসংবিধানিক আছিল। ইংলেণ্ডৰ আইনে তেনে সম্পর্ক বে-আইনী বুলি কৈছিল। সেয়ে সমকামী মহিলাসকলে তাৰ বিৰোধিতা কৰিছিল। সেয়ে ২০০১ চনত লণ্ডনৰ নগৰপালিকাই লেচবিয়ান আৰু গে সকলৰ বিবাহ পঞ্জীয়নক আইনীগত মর্যদা দিছিল। ইয়াৰ পাছতে ২০০২ চনত ব্ৰিটেইনৰ সংসদে লেচরিয়ানসকলক শিশু তুলি লোৱাৰ অধিকাৰ প্ৰদান কৰিছিল।

(৩) লণ্ডনত ব্যক্তি এগৰাকী পুৰুষ নে মহিলাৰ প্ৰতি আকৃষ্ট তাৰ ভিত্তিত ভেদ ভাব ৰখা হৈছিল। যদিয়ে এগৰাকী মহিলা আন কোনো মহিলাৰ প্ৰতি আকৃষ্ট অর্থাৎ লেচবিয়ান তেন্তে নিয়োগৰ ক্ষেত্ৰত আৰু কৰ্মস্থানত ভেদ-ভাব কৰা হৈছিল। এনে ভেদ-ভাব নীতি মহিলাসকলে সমালোচনা কৰিছিল। ২০০৩ চনত মহিলাৰ এনে ভেদ-ভাব দূৰ কৰিবৰ বাবে কৰা আন্দোলনৰ ফলত The Employment Equality [Sexual Orientation] Regulations নামৰ আইন প্ৰস্তুত কৰা হয়।

(৪) ২০০৪ চনত প’বলিন কেম্পবেল নামৰ এগৰাকী স্কটলেণ্ডৰ অভিনেত্ৰীয়ে কাৰাগাৰত বহু মহিলাই মৃত্যুবৰণ কৰা বিষয়তো জনসাধাৰণৰ ওচৰত অৱগত কৰিছিল। কেম্পবেলে মহিলা কয়দীৰ অৱস্থা বিটেইনৰ কাৰাগাৰত বেয়া বুলি কৈছিল আৰু তাৰ প্ৰতিবাদ কৰি সেই অৱস্থাৰ অৱসান ঘটাবৰ বাবে দাবী কৰিছিল।

(৫) নাৰীবাদীসকলে মহিলাৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া বুলি কৈছিল আৰু এই বেয়া অর্থনৈতিক অৱস্থাৰ উন্নতি কৰিবৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাটো বিচাৰিছিল। মহিলাসকলৰ মতে প্ৰতি চতুৰ্থগৰাকী অৱসৰপ্ৰাপ্ত মহিলা দৰিদ্ৰ। মহিলাৰ এনে দুখলগা অর্থনৈতিক অৱস্থা সংশোধনৰ দাবীত নাৰীবাদীসকলে ব্ৰিটিছ সংসদৰ ওচৰত প্ৰতিবাদ কৰিছিল।

(৬) ২০০৪ বৰ্ষত শাৰীৰিক ভাবে অক্ষম মহিলাৰ বাবে উত্থাপন তকৰা খচৰা বিধেয়কখন অক্ষম মহিলাসকলে সমালোচনা কৰিছিল।

(৭) উত্তৰ আয়াৰলেণ্ডৰ মহিলাই পুঁজিৰ অভাৱত থাকে বুলি সামাজিক বিকাশ বিভাগৰ মুখ্য কাৰ্যালয়লৈ যাত্ৰা কৰি কাৰ্যালয়ত প্রতিবাদী পত্ৰ দিছিল। বিশেষকৈ উত্তৰ আয়াৰলেণ্ডৰ স্বেচ্ছসেবী আৰু সামুহিক বিকাশৰ লগত জড়িত সংগঠনসমূহে এই অৱস্থাৰ প্রতিবাদত এনে পদক্ষেপ হাতত লৈছিল।

এনেদৰে বিংশ শতিকাৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ যোৱা বছৰ কেইটাত পাশ্চাত্য দেশসমূহত মহিলাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিকাশৰ বাবে নানান আন্দোলন হৈছিল। বৰ্তমান সময়ছোৱাত মহিলা আন্দোলনে মহিলাৰ ব্যক্তিগত আৰু সামাজিক দুয়োটা দিশতে ন্যায় প্রতিষ্ঠাৰ বাবে আন্দোলন কৰিছে। গতিকে ক’ব পাৰি যে বর্তমানো মহিলা আন্দোলনে মহিলাৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

5. Write the factors responsible for Growth of western women’s Movement.

Ans: মহিলাৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ স্বাৰ্থত বিভিন্ন ব্যক্তি আৰু সংগঠনসমূহে বিভিন্ন সময়ত আন্দোলন কৰিছিল। মহিলাৰ অধিকাৰৰ সপক্ষে এই আন্দোলনসমূহ গা কৰি উঠাৰ বিভিন্ন কাৰণ আছে। সেইসমূহ হ’ল—

(ক) শিক্ষাৰ প্ৰসাৰ: শিক্ষাৰ প্ৰসাৰে মহিলা আন্দোলনৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। বিংশ শতিকাৰ মাজভাগত মহিলাসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল। ফলত মহিলাসকল কেৱল পৰম্পৰাগত কাম-কাজতে সীমাবদ্ধ নাথাকি অ-পৰম্পৰাগত কাম-কাজো কৰিব ধৰিছিল। ইয়াৰ প্ৰভাৱ মহিলা আন্দোলনৰ ওপৰত পৰে। শিক্ষাৰ প্ৰসাৰে মহিলাসকলক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰি তোলে আৰু সেয়ে মহিলা আন্দোলনৰ উত্থান হয়।

(খ) বিভিন্ন মানৱ অধিকাৰ আন্দোলনৰ প্রভাৱ: পাশ্চাত্য দেশসমূহত মানৱ অধিকাৰৰ প্রতি সচেতনতা হবচ, লক আদিৰ দিনত বৃদ্ধি পাইছিল। অৱশ্যে সেইসময়ত মানৱ অধিকাৰত মহিলাৰ অধিকাৰক গুৰুত্ব দিয়া হোৱা নাছিল। পৰৱৰ্তী সময়ত ঊনবিংশ আৰু বিংশ শতিকাত মানৱ অধিকাৰ বিষয়টোৱে মহিলাৰ অধিকাৰকো সমানে গুৰুত্ব দিবলৈ ধৰিলে। জে এছ মিলৰ দৰে চিন্তাবিদসকলে অধিকাৰ আৰু স্বতন্ত্রতা মহিলাৰো প্ৰাপ্য আখ্যা দিব ধৰিলে। এনে পৰিবৰ্তনে মহিলা আন্দোলনৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(গ) উদ্যোগিক বিপ্লৱ: ১৮ আৰু ১৯ শতিকাত পাশ্চাত্য দেশবোৰত, বিশেষকৈ ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱৰ সময়ত মহিলা আন্দোলনৰ বিকাশ হয়। উদ্যোগিক বিপ্লৱে জীৱন ধাৰণৰ মর্যাদা, খাদ্য আৰু পুষ্টি আদিৰ দিশত পৰিৱৰ্তন আনে। সমসাময়িকভাৱে ঔদ্যোগিক বিপ্লৱে মহিলাৰ বাবেও খাদ্য আৰু পুষ্টি তথা জীৱন ধাৰণৰ মর্যাদা উন্নত কৰিছিল। এনে পৰিবৰ্তনে মহিলাক সচেতন আৰু সক্ৰিয় কৰি তুলিছিল। গতিকে মহিলা আন্দোলন উত্থানত ঔদ্যোগিক বিপ্লৱৰ ভূমিকা মন কৰিবলগীয়া।

(ঘ) সজাগতা বৃদ্ধি: শিক্ষাৰ প্ৰচাৰ, সংবাদ মাধ্যমৰ ভূমিকা আৰু আন বিভিন্ন কাৰণত বিংশ শতিকাত মহিলাসকলৰ মাজত অধিকাৰক লৈ সজাগতা বৃদ্ধি পাবলৈ ধৰিছিল। মহিলাৰ নিজৰ অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিয়ে মহিলা আন্দোলনৰ উত্থানত অৰিহণা যোগাইছিল।

(ঙ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সংগঠনৰ প্ৰভাৱ: বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনেও পাশ্চাত্য দেশসমূহত নাৰী আন্দোলনৰ বিকাশত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰসংঘ, ৰেড ক্ৰছ আদিৰ দৰে সংগঠনসমূহে বিংশ শতিকাত মহিলৰ অধিকাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। এনে সংগঠনসমূহে মহিলাৰ শিক্ষা, যুদ্ধত মহিলাৰ মৰ্যাদা আদিৰ সপক্ষে মাত মাতিছিল।

(চ) প্ৰচাৰ মাধ্যমৰ ভূমিকা: বাতৰি কাকত, ৰেডিঅ’ আদিৰ দৰে প্ৰচাৰ মাধ্যমসমূহে পুৰুষ আৰু মহিলাৰ মাজত মহিলা অধিকাৰৰ বিষয়সমূহ প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিভিন্ন প্ৰচাৰ মাধ্যমসমূহে বিশ্বৰ বিভিন্ন প্রান্ত মহিলা অধিকাৰৰ সপক্ষে হোৱা নানান ঘটনাসমূহৰ বিষয়ে প্ৰচাৰ কৰি আন প্ৰান্তৰ ব্যক্তিসমূহৰ মাজত সজাগতাৰ সৃষ্টি কৰিলে।

(ছ) বিভিন্ন চিন্তাবিদসকলৰ অৱদান: মহিলা আন্দোলনৰ উত্থানত মেৰি ওলস্তনক্ৰাফত, জন ষ্টুৱাৰ্ট মিল, হেৰিয়ট টেইলৰ, নেত্ৰী লুব্ৰেইতিয়া আৰু এলিজাবেথ কেদি ষ্টেনটনে বিভিন্ন কাৰ্যসূচী চিন্তাধাৰাৰে পাশ্চাত্য দেশসমূহত মহিলা আন্দোলনৰ উত্থানত অৱদান যোগাইছিল।

(জ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ: বিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে জন্ম নিয়ন্ত্রণ সহজ কৰি তুলিছিল। ই মহিলাসকলক সন্তান প্রতিপালৰ দায়িত্ব কমাইছিল। ফলত মহিলাসকলে নিজৰ বাবে আজৰি সময় পাইছিল। নিজৰ ইচ্ছা অনিচ্ছাৰ কথা চিন্তা কৰিব পৰা হৈছিল। এই আজৰি সময়ে মহিলা আন্দোলনৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top