Understanding Ambedkar Unit 4 ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Ambedkar Unit 4 ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Ambedkar Unit 4 ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী Question Answer can be of great value to excel in the examination.
Understanding Ambedkar Unit 4 ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী
Understanding Ambedkar Unit 4 ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী cover all the exercise questions in UGC Syllabus. The Understanding Ambedkar Unit 4 ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ৰাজনৈতিক দৃষ্টিভংগী আৰু অৰ্থনৈতিক দৃষ্টিভংগী
POLITICAL SCIENCE
UNDERSTANDING AMBEDKAR
আম্বেদকাৰ
১। আম্বেদকাৰৰ মতে গণতন্ত্র কি?
উত্তৰঃ ড° আম্বেদকাৰৰ মতে বিশ্বৰ আটাইতকৈ গ্ৰহণীয় চৰকাৰৰ প্ৰকাৰ সমূহৰ ভিতৰত গণতন্ত্র হ’ল অন্যতম।
২। আম্বেদকাৰে গণতন্ত্রক সমর্থন কৰিছিল? হয় নে নহয়।
উত্তৰঃ হয়।
৩। আম্বেদকাৰে কেই প্ৰকাৰৰ গণতন্ত্ৰৰ বিষয়ে কৈছিল?
উত্তৰঃ তিনি প্ৰকাৰৰ।
৪। সামাজিক গণতন্ত্র কি?
উত্তৰঃ ড° আম্বেদকাৰ, মতে, সামাজিক লোকতন্ত্র বা গণতন্ত্র মানে জীৱনৰ এটি উপায় যিয়ে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে।
৫। আম্বেদকাৰে জাতি ব্যৱস্থাক সমর্থন কৰিছিল? হয় নে নহয়?
উত্তৰঃ নহয়।
৬। আম্বেদকাৰে ভূমি ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিছিল। হয় নে নহয়।
উত্তৰঃ হয়।
৭। ৰাজনৈতিক শক্তিক আম্বেদকাৰে জনসাধাৰণৰ লগত ৰাখিছিল? হয় নে নহয়।
উত্তৰঃ হয়।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। আম্বেদকাৰৰ গণতন্ত্র ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ ড° আম্বেদকাৰৰ মতে বিশ্বৰ আটাইতকৈ গ্ৰহণীয় চৰকাৰৰ প্ৰকাৰ সমূহৰ ভিতৰত গণতন্ত্র হ’ল অন্যতম। অৱশ্যে গণতন্ত্র গঠনৰ ক্ষেত্ৰত সকলো একমত নহয়। যেতিয়া আমি উক্ত বিষয়টো বিশ্লেষণ কৰো তেতিয়া গণতন্ত্ৰৰ সম্পৰ্কত দুটা মত পোৱা যায় এটা দৃষ্টিকোণৰ মতে, গণতন্ত্র হ’ল চৰকাৰৰ এটা ৰূপ য ত চৰকাৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। য’ত চৰকাৰ এক প্ৰতিনিধিত্বমূলক চৰকাৰ হয়।এই দৃষ্টিভংগী অনুসৰি গণতন্ত্র এক প্রতিনিধিত্বমূলক চৰকাৰৰ বিকল্প ৰূপ। যাৰ অৰ্থ হ’ল প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু সামাজিক নিৰ্বাচন। দ্বিতীয় দৃষ্টিভংগী মতে গণতন্ত হ’ল চৰকাৰৰ এটা প্ৰকাৰতকৈ অধিক, ই হ’ল সমাজৰ অনুষ্ঠানসমূহৰ প্ৰকাৰ। সাধাৰণতে দুটা প্রয়োজনীয় চৰ্তই গণতান্ত্রিকভাৱে গঠিত সমাজক পোষকতা কৰে। । (ক) ব্যক্তি আৰু গোটত সমাজৰ স্থিতিকৰণৰ অভাৱ। (খ) ব্যক্তিগত আৰু গোট সমূহৰ দ্বাৰা এক সামাজিক আভাস যিয়ে ঘনাই পৰিৱৰ্তনৰ ক্ষেত্ৰত তৈয়াৰ থাকে।
গণতান্ত্রিক চৰকাৰ তেতিয়ালৈকে সফল হ’ব নোৱাৰে, যেতিয়ালৈকে সেই সমাজ নিজৰ স্বৰূপ আৰু গঠনত গণতান্ত্রিক নহয়। যিসকলে এইটো মানি চলে যে গণতন্ত্র কেৱল নিৰ্বাচনৰ কথা কোৱা প্ৰয়োজন। তেতিয়া তাত তিনিটা ভুল হয়— প্ৰথমটো ভুল হ’ল যে চৰকাৰ হ’ল এনে এটা বিষয়বস্তু যিটো সমাজৰ পৰা সম্পূর্ণ ভিন্ন আৰু পৃথক। বাস্তৱত চৰকাৰ হ’ল বিভিন্ন অনুষ্ঠানৰ এটা যিটো সমাজত পৰিৱৰ্তন হয়। আৰু যাৰ কাৰণে ইয়াক এনে কিছুমান কাৰ্য্যকি কৰিবৰ বাবে কাৰ্য্য প্ৰদান কৰা হয়৷ যিসমূহ সামূহিক সামাজিক জীৱনৰ বাবে অতি দৰকাৰী। দ্বিতীয় ভুলটো এইটো বুজি পোৱাটোত হ’ল যে চৰকাৰ শেষ লক্ষ, উদ্দেশ্য আৰু সমাজৰ ইচ্ছাসমূহ প্ৰতিফলিত কৰাৰক্ষেত্ৰত বিফল হয়। এইটো তেতিয়াহে সফল হ’ব যেতিয়া চৰকাৰ যিখন সমাজ ব্যৱস্থাৰ লগত জড়িত সেয়া লোকতান্ত্রিক হ”ব। যদি সমাজ লোকতান্ত্রিক নহয় তেতিয়া চৰকাৰৌ কেতিয়াও লোকতান্ত্রিক হ’ব নোৱাৰে। য’ত সমাজ দুটা শ্ৰেণীত বিভক্ত হয় আৰু চৰকাৰ শাসিত হৈ থাকে, তাত শাসিত বৰ্গৰ চৰকাৰহে নিশ্চিত হৈ থাকে। তৃতীয় ভুলটো হ’ল যে চৰকাৰ ভালেই হওক বা নহওক, গণতান্ত্রিক বা অ-গণতান্ত্রিক হওক এইটো নিৰ্ভৰ কৰে বিশেষকৈ লোক প্রশাসন অর্থাৎ আমোলাসকলৰ ওপৰত য’ত নীতি নিয়ম প্রণয়ন কৰিবৰ বাবে চৰকাৰে প্ৰতিটো ক্ষেত্ৰত নিৰ্ভৰ কৰিব লগা হয়। এই সমূহ সকলো সামাজিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে য’ত আমোলাসকলক নিযুক্তি দিয়া হয়। যদি সামাজিক পৰিৱেশ অগণতান্ত্রিক হয় তেন্তে চৰকাৰো অগণতান্ত্রিক হ’বলৈ বাধ্য।
আম্বেদকাৰৰ দৃষ্টিত আৰু এটা ভুল আছে সেয়া হ’ল লোকতন্ত্র কাৰ্যকৰী হোৱাটো চৰকাৰৰ লোকতাস্তৰিক স্বৰূপৰ বাবে পষণ্ডি। এই ভুলসমূহ বুজিবৰ বাবে চৰকাৰৰ ওপৰত কিছু অধ্যয়ন কৰা আৱশ্যক। সু-চৰকাৰৰ অৰ্থ ভাল আইন ‘আৰু ভাল প্রশাসনীয় ব্যবস্থা । এয়াই ভাল চৰকাৰৰ মূল আৰু ইয়াৰ বাহিৰে অন্য নাই।তেওঁ ভাৱিছিল যে ভাল চৰকাৰ কেতিয়াও হ’ব নোৱাৰে। যদিহে শাসক কতৃপক্ষই ক্ষমতা
সমূহ কেৱল নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰে। লোকতান্ত্ৰিক শাসন প্ৰণালীৰ পৰিনাম ভাল হ’বনে নহয় এইটো সমাজ গঠন কৰা ব্যক্তি সকলৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰিব। যদি ব্যক্তিসকলৰ স্বভাৱ গণতান্ত্রিক হয় তেতিয়া গণতান্ত্রিক চৰকাৰৰ পদ্ধতিয়ে ভাল চৰকাৰ গঠন কৰিব। যদি ইয়াৰ বিপৰীতে হয় তেতিয়া গণতান্ত্রিক চৰকাৰ সহজেই ভয়ংকৰ চৰকাৰৰ প্ৰকাৰ হিচাপে দেখা দিব। জনসাধাৰণৰ বাবে চৰকাৰ তেতিয়াহে সম্ভৱ যেতিয়া সকলো ব্যক্তিৰ চিন্তাধাৰা লোকতান্ত্রিক হ’ব। অথাৎ প্রত্যেক ব্যক্তিয়ে অন্য ব্যক্তিক নিজৰ সমান মানি ল’ব আৰু তেওঁ অন্য ব্যক্তিকো সিমানে স্বাধীনতা দিব লাগে, তেওঁ যিমান বিচাৰে। এই গণতান্ত্রিক চিন্তাধাৰাই গণতান্তিক সমাজত ব্যক্তিৰ সামাজিকীকৰণত সহায় কৰিব।
লোকতান্ত্রিক চৰকাৰৰ বাবে প্রথমে লোকতান্ত্রিক সমাজ গঠনৰ প্রয়োজন। ভাল চৰকাৰৰ কাৰ্য্য সমূহ সমাজৰ ব্যক্তিসকলৰ সামাজিক আৰু নৈতিক বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। গণতন্ত্ৰ এক ৰাজনৈতিক যন্ত্ৰতকৈ অধিক হয়। ই আনকি সামাজিক ব্যৱস্থাতকৈ ওপৰত। ই মনৰ এক দৃষ্টিকোণ বা জীৱনৰ এক দর্শন হয়। আম্বেদকাৰে ভাৱিছিল যে কি সামাজিক বিভাজনে এক লোকতান্ত্রিক চৰকাৰৰ কাৰ্যক অনুমতি দিব পাৰে? এই ক্ষেত্ৰত ভিন্ন মতামত দেখা যায়। পশ্চিমীয়া ৰাষ্ট্ৰত ১৬ শ আৰু ১৭ শ দশকৰ আৰম্ভণিতে সম্পত্তিবান বৰ্গৰ লোকসকলে প্রতিনিধি চৰকাৰৰ ক্ষেত্ৰত নিৰ্বাচত হ’ব পাৰিছিল। তেওঁলোকৰ গণতন্ত্রই’ল কেৱল সমান বিচাৰধাৰা লোকৰ সমুদায়ৰ দ্বাৰা নিৰ্বাচিত কৰা। কিন্তু আম্বেদকাৰে এনে গণতন্ত্ৰক পোষকতা কৰা নাছিল।
আম্বেদকাৰে ভাৰতবৰ্ষৰ প্ৰচলিত সামাজিক স্থিতিৰ বিষয়ে বিশ্লেষণ কৰি গণতন্ত্র ধাৰণাটো আগবঢ়াইছে। ভাৰতীয় সমাজৰ ওপৰত ভিত্তি কৰি তেওঁ গণতান্ত্রিক ব্যৱস্থাৰ আকাৰ দিছিল। তেওঁ ক’ব বিচাৰে যে, ভাৰতত প্ৰাচীন কালৰ পৰা গণতন্ত্র আছে কিন্তু জাতি ব্যৱস্থাই ইয়াক ধ্বংস ‘কৰিছে আৰু সামাজিক স্বৈৰতন্ত্ৰৰ শাসন স্থাপন কৰিলে। তেওঁ আশা কৰে যে ভাৰতবৰ্ষই প্রকৃত গণতন্ত্ৰৰ ভেঁটি গঢ়ি তুলিব পাৰিব,যদিহে ই সামাজিক সংগ্রামক অনুসৰণ কৰে। সাধাৰণতে গণতন্ত্ৰৰ সংজ্ঞাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক চিন্তাবিদে আৰু সামাজিক চিন্তাবিদে মন্তব্য আগবঢ়াইছে। গণতন্ত্র সম্পর্কে Walter Bagehot আৰু Abraham Lincan য়ে দিয়া সংজ্ঞাৰ ক্ষেত্ৰত আম্বেদকাৰ সন্তোষ হোৱা নাছিল। কিন্তু আম্বেদকাৰে গণতন্ত্র সম্পর্কে পৃথক সংজ্ঞা আৰু, গভীৰভাৱে মন্তব্য আগবঢ়াইছে।
আম্বেদকাৰে গণতন্ত্ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূর্ণ মন্তব্য দিছিল। তেওঁৰ মতে, “গণতন্ত্র হ’ল চৰকাৰৰ এটা ৰূপ আৰু পদ্ধতি য’ত কোনো ধৰণৰ ৰক্তপাতৰ অবিহনে ব্যক্তি তথা জনসাধাৰণৰ আৰ্থিক আৰু সামাজিক জীৱনত সংগ্রামী পৰিবৰ্তন হ’ব”। ইয়াৰ উপৰি তেওঁ কৈছিল, “গণতন্ত্র হ’ল এক ৰাষ্ট্ৰনীতি য’ত শাসক শ্রেণী বেলেগৰ ওপৰত শাসন কৰিবৰ বাবে শক্তিসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিকাশ হৈছিল আৰু য’ত সংখ্যাগৰিষ্ঠই ৰাষ্ট্ৰৰ উদ্দেশ্যসমূহৰ শাসনৰ দায়িত্ব লয়।” [He further said that, “Democracy was a state of policy where the governing class bailed to capture powers to govern others and where the majority takes the reign of the instrumentalities of the state.”]
আম্বেদকাৰৰ মতে গণতন্ত্র কেৱল চৰকাৰৰ ৰূপ নহয়। ই প্রাথমিকভাৱে সংযুক্ত অভিজ্ঞতা আৰু সামাজিক সম্পৰ্কৰ সৈতে জড়িত জীৱন যাপনৰ এটি পদ্ধতি। ই মূলত সহকৰ্মীসকলৰ প্ৰতি শ্রদ্ধা ও শ্ৰদ্ধাৰ মনোভাৱ। তেওঁ বিশ্বাস কৰিছিল যে, গণতন্ত্র মানে কোনো দাসত্ব নহয়, কোনো বৰ্ণ নহয় আৰু কোনো জবৰদস্তি নহয়। গণতন্ত্রই চিন্তাৰ স্বাধীনতা, পচন্দ লগতে জীয়াই থকাৰ ক্ষমতা আৰু আনকো জীয়াই থাকিবলৈ দিয়াৰ ক্ষেত্ৰত উত্তম পথ মুকলি কৰে। গণতন্ত্র প্রকৃতিৰ দাস নহয়। এইটো সামাজিক জীৱন যাপনৰ এটা অভ্যাস আৰু ব্যক্তিৰ দ্বাৰা নিজৰ মুক্তি আৰু কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। আম্বেদকাৰৰ মতে এইটো সমতা ৰক্ষা চৰকাৰ যে গণতন্ত্রত অন্তিম সিদ্ধান্ত সকলো স্ব-শাসনৰ পাছত হয় আৰু ইয়াৰ অৰ্থ হ’ল সকলো বিষয়বস্তুৰ ক্ষেত্ৰত অন্তিম সিদ্ধান্ত বিশেষজ্ঞ সকলৰ পৰিৱৰ্তে নিবাচিত প্রতিনিধিৰ দ্বাৰা কৰিব লাগে। যেতিয়ালৈকে জনসাধাৰণে ৰাজনৈতিক দল আৰু তেওঁলোকৰ কার্যক্রম সমূহ যুক্তিবাদী আৰুঅভিজ্ঞতাবাদী উভয়ৰে বুজি পাই, জনসাধাৰণে বুদ্ধিমান পদ্ধতিৰে ভোটাধিকাৰ নিদিয়ে তেতিয়ালৈকে ভাৰতবৰ্ষত গণতন্ত্র সুৰক্ষিত নহয়৷ তথাপি ড° আম্বেদকাৰ গণতান্ত্রিক প্ৰণালীৰ এক উৎসাহী অনুগামী আছিল। গণতন্ত্র তেওঁ এক সামাজিক ব্যৱস্থা হিচাপে ব্যক্ত কৰি কৈছে যে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধে মূল গণতন্ত্ৰৰ ধাৰণা গঠন কৰে।
বুনিয়াদী গণতন্ত্ৰৰ স্থিতি তেতিয়াহে গঠন হ’ব যেতিয়া মানৱীয়া সমন্ধৰ যুক্তি নিৰ্ধাৰণ হ’ব। আম্বেদকাৰৰ গণতন্ত্ৰৰ ধাৰণাটোৱে সমাজৰ কোনো শ্রেণী কাঠামোৰ ওপৰত ধ্যান নিদিয়ে। কাৰণ শ্ৰেণী কাঠামোৰ অত্যাচাৰ, অহংকাৰ, লোভ, স্বার্থ নিৰাপত্তাহীনতা, অৱনতি, স্বাধীনতা, হানি, স্ব-নির্ভৰশীলতা ধ্বংস কৰে। তেওঁ এজন ৰাজনৈতিক বাস্তববাদী আছিল। সেইকাৰণে তেওঁ গণতন্ত্ৰৰ ব্যৱহাৰিক দিশৰ ওপৰত গুৰুত্ব দি জনগণৰ সামাজিক সংগঠন হিচাপে বিবেচনা কৰিছিল। সেইহে তেওঁ মন্তব্য কৰিছিল যে গণতান্ত্রিক সমাজে তাৰ প্ৰতিজন নাগৰিককে অৱসৰ আৰু সাংস্কৃতিক জীৱন যাপনৰ নিশ্চয়তা দিব পাৰে।
ড° আম্বেদকাৰৰ জীৱনৰ মূল উদ্দেশ্য হ’ল সাধাৰণ জনসাধাৰণ আৰু নিজৰ দেশৰ কল্যাণৰ বাবে গণতন্ত্রক সুৰক্ষিত কৰা। তেওঁৰ মতে, জীৱনৰ গণতান্ত্রিক সিদ্ধান্ত, স্বতন্ত্রতা আৰু সুখ সাধন মানুহৰ জীৱনৰ বাবে অপৰিহাৰ্য। তেওঁ মানৱ অধিকাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ মন্তব্য কৰিছিল যে মানৱ অধিকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ মতভেদ বা বিভেদ হ’ব নালাগে কাৰণ এইটো ৰাজনৈতিক আৰু সামাজিক গণতন্ত্র অৱহেলা কৰা হ’ব। তেওঁ জীৱনৰ বিভিন্ন বিষয়ত সংঘ বা সংগঠন গঠন কৰা স্বাধীনতাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। সেই কাৰণে তেওঁ এক সাংবিধানিক প্ৰণালীৰ সহায় লয়। কাৰণ তেওঁৰ মতে, সাংবিধানিক চৰকাৰৰ অবিহনে কোনো ধৰণৰ গণতন্ত্র সম্ভৱ নহয়। তেওঁৰ মতে এনে অনুষ্ঠান স্বতন্ত্ৰ আৰু গণতন্ত্ৰৰ আত্মা হয়।
ড° আম্বেদকাৰে অনুভৱ কৰিছিল যে ভাৰতৰ গণতন্ত্র ঐতিহাসিক পৰিস্থিতি আৰু এটা একক জাতীয় অভিজ্ঞতাৰ ফল। গণতান্ত্রিক বিকাশ বিশেষকৈ মানৱতাবাদী ধর্মীয় বিশ্বাসৰ ভিত্তিতে স্বতন্ত্র, ভাতৃত্বপূর্ণ সম্পর্ক। আৰু নৈতিকতাৰ মূল্যবোধক ৰক্ষা কৰে। তেওঁ ধৰ্ম আৰু সাংবিধানিক পৃথকীকৰণ, মৌলিক অধিকাৰ বিধান আৰু ন্যায়পালিকাৰ কাৰ্য্যাধলীৰ স্বাধীনতাক গুৰুত্ব দিছিল৷ যিটো ভাৰতীয় গণতন্ত্ৰৰ মূল। তেওঁৰ মতে আধুনিক গণতন্তৰ উদ্দেশ্য জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত হ’ব লাগে। তেওঁৰ মতে, ভাৰতীয় জনসংখ্যা প্ৰথা আৰু জাতিৰ বিভক্তিকৰ ভাৰতত প্রতিনিধিত্ব চৰকাৰৰ বাবে অনুপযোগী কৰি তুলিছে। সেয়ে ভাৰতত হিন্দু লোকসকলক স্পর্শযোগ্য হিন্দু আৰু অস্পৃশ্য হিন্দুত ভাগ কৰিছে। যিয়ে “জনসাধাৰণৰ দ্বাৰা চৰকাৰ” ধাৰণা অর্থহীন কৰি তুলিছে। এনে চৰকাৰ ব্যৱস্থাত সকলো ভূমিকা সকলোৱে দ্বাৰা মানি চলিব পৰা নাযায়।
সাধাৰণতে আমি ক’ব পাৰোঁ যে আম্বেদকাৰৰ গণতন্ত্রৰ ধাৰণা জীৱন যাত্ৰাৰ এটা ৰূপ য’ত সামাজিক অর্থনৈতিক আৰু ৰাজনৈতিক মূল্যসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিৰ অংশগ্ৰহণ নিতান্তই প্রয়োজন। যিয়ে মানুহৰ জীৱনক নিয়ন্ত্ৰিত কৰে আৰু তেওঁলোকক একেলগে বান্ধি ৰাখে। তেওঁৰ গণতন্ত্রৰ ধাৰণাটোৰ মৌলিক উপাদান হ’ল চমুকৈ স্বাধীনতা, সমতা, ভাতৃত্ববোধ, প্রাকৃতিক অধিকাৰ আৰু ন্যায়। তেওঁ বিশ্বাস কৰিছিল যে এই সকলোবিলাক প্রত্যেক ব্যক্তিৰ ব্যক্তিত্ব আৰু সম্পূর্ণ বিকাশৰ বাবে অতি প্রয়োজন। তেওঁ বিশ্বাস কৰিছিল যে গণতন্ত্রই প্রত্যেক ব্যক্তিক সংবিধানৰ সামাজিক সমতা, অর্থনৈতিক ন্যায়, ৰাজনৈতিক ন্যায় সুৰক্ষিত কৰে। সেইকাৰণে সংবিধান সভাত তেওঁ কেছিল যে, কেৱল ৰাজনৈতিক গণতন্ত্র চামিল কৰাটো পণণ্ডি নহয়। ইয়াক এক সামাজিক গণতন্ত্র আৰু অৰ্থনৈতিক সমতা প্রতিষ্ঠাৰ মাধ্যমত অনুসৰণ কৰা উচিত। তেওঁ দৃষ্টিভংগী আছিল ভাৰতবৰ্ষত সামাজিক গণতন্ত্র প্রতিষ্ঠা কৰা।
২। আম্বেদকাৰৰ গণতন্ত্রৰ শ্রেণীবিভাজন ব্যাখ্যা কৰি এটি আলোচনা কৰা।
উত্তৰঃ গণতন্ত্ৰৰ শ্ৰেণীবিভাজন : ড° আম্বেদকাৰে ভাৰতবৰ্ষত তিনি ধৰণৰ গণতন্ত্র ওপৰত পোষকতা কৰিছিল। সেয়া হ’ল—
(ক) ৰাজনৈতিক গণতন্ত্র।
(খ) সামাজিক গণতন্ত্র । আৰু
(গ) অর্থনৈতিক গণতন্ত্র।
তলত তেওঁৰ গণতন্ত্ৰৰ প্ৰকাৰসমূহ আলোচনা কৰা―
(ক) ৰাজনৈতিক গণতন্ত্র : ড° আম্বেদকাৰে ৰাজনৈতিক শক্তি জনসাধাৰণৰ লগত ৰাখিছিল। কাৰণ তেওঁ ভাবিছিল এইটো সকলো সামাজিক কল্যাণৰ মূল। তেওঁ মতে গণতন্ত্রৰ আত্মা হ’ল “এক ব্যক্তি, এক ভোট” আৰু “এক ভোট, এক মূল্য”ৰ মতবাদৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ প্ৰত্যেক তথা প্রতিজন মানুহক এক বুলি গন্য কৰা অৰ্থ কি? একতকৈ অধিক কোনো ব্যক্তি নহয়। ইয়াৰ অৰ্থ হ’ল প্ৰত্যেকখন চৰকাৰে ইয়াৰ নৈতিক কার্যৱিলী আৰু নির্দিষ্ট সময়সীমাৰ অন্তত ভোটাৰ আৰু নিৰ্বাচিত মণ্ডলীক চৰকাৰৰ দ্বাৰা সম্পাদন কৰা কাৰ্যৱলীৰ মূল্যায়ন কৰাৰ সুবিধা দিয়া হয়। আমি ৰাজনৈতিক গণতন্ত্র এইবাবেই প্রতিষ্ঠা কৰিছো কাৰণ যাতে কোনো ব্যক্তিয়ে চিৰস্থায়ী একনায়কত্ব প্রতিষ্ঠা কৰিব নোৱাৰে। ৰাজনৈতিক আলোচনাৰ স্বাধীনতাৰ অবিহনে গণতন্ত্র অবিশ্বাস্য। ভোটদানৰ অধিকাৰে এজন ব্যক্তিক প্রকৃত অৰ্থত চৰকাৰক নিয়ন্ত্ৰণৰ সুবিধা দিয়ে। তেওঁ কৈছে যে, সংসদীয় চৰকাৰ প্ৰণালীত ৰাজনৈতিক আলোচনা অধিক। এই ব্যৱস্থা বংশগত শাসনৰ বাবে নিষেধ হয়। যিসকলে শাসন কৰিব বিচাৰে তেওঁলোকক সময়ে যে সময়ে জনসাধাৰণৰ দ্বাৰ। নির্বাচিত কৰা হয় আৰু তেওঁলোকে জনসাধাৰণৰ পৰা অনুমোদন পাব লাগে সংসদীয় ব্যৱস্থাই দুটা স্তম্ভৰ দ্বাৰ ইয়াৰ কটূৱিলী সম্পাদন কৰে। সেয়া হ’ল (a) বিৰোধী আৰু (b) স্বতন্ত্র আৰু নিৰপেক্ষ নিবাৰ্চন। সংসদীয় ব্যৱস্থাৰ সফলতাৰ বাবে শক্তিশালী বিৰোধী আতি প্রয়োজন। বিৰোধী মুক্ত ৰাজনৈতিক জীৱনৰ মূল চাবিকাঠি। ইয়াৰ অবিহনে কোনো গণতন্ত্র সফল হ’ব নোৱাৰে। উচ্চ ৰাজনৈতিক উদ্দেশ্যসমূহ কল্পনা কৰি আম্বেদকাৰে কৈছে যে গণতন্ত সামাজিক লক্ষ্য সমূহৰ লগত জড়িত থাকিব লাগে। তেওঁ গণতন্ত্রক সামাজিক জীৱন যাত্ৰী আৰু ৰাজনৈতিৰ পদ্ধতি উভয় হিচাপে বিবেচনা কৰিছে। গণতন্তত প্ৰতিটো দলেই ৰাজনৈতিক শক্তিক সমালোচনা আৰু দমন কৰা অধিকাৰ আছে। ক্ষমতাত থকা দলে সদায়েই ক্ষমতা নিজৰ হাতত ৰখাৰ চেষ্টা কৰে। আম্বেদকাৰৰ হাতত থকা দলৰ পৰা অন্য ৰাজনৈতিক দললৈ যায়। ড° আম্বেদকাৰে বুজিব পাৰিছিল যে সামাজিক আৰু অর্থনৈতিক গণতন্ত্রৰ অবিহনে ৰাজনৈতিক গণতন্ত্র সফল হোৱাটো অসম্ভৱ। কাৰণ সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰৰ লগত ৰাজনৈতিক গণতন্ত্র গভীৰ ভাৱে জড়িত।
(খ) সামাজিক গণতন্ত্র : ড° আম্বেদকাৰ মতে, সামাজিক লোকতন্ত্ৰ বা গণতন্ত্র মানে জীৱনৰ এটি উপায় যিয়ে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে। এয়া পৃথক নহয়, এয়া ত্রিমূর্তিৰ মিলন হয়। আম্বেদকাৰ মত অনুসৰি, গণতন্ত চৰকাৰ এটা প্ৰকাৰতকৈ অধিক। ই সমাজৰ সংগঠনৰ এটা ৰূপ। দুটা প্রয়োজনীয় চর্ত যিয়ে গণতান্ত্রিকভাবে গঠিত সমাজক চিহ্নিত কৰে। প্ৰথমটো হ’ল সমাজক চাৰিটা শ্ৰেণীত স্তৰবিন্যাসৰ অনুপস্থিতি। দ্বিতীয়টো হ’ল ব্যক্তি আৰু গোটৰ এটি সামাজিক অভ্যাস যিস্বাৰ্থৰ স্বীকৃতি স্বৰূপ পুনৰবিন্যাসৰ প্রস্তুত। তেওঁ গণতন্ত্র সফলতাৰ বাবে প্রয়োজনীয় সামাজিক বিন্যাসক পূর্ব আৱশ্যকতাৰ ৰূপ হিচাপে বিবেচনা কৰিছে। ইয়াৰ অবিহনে গণতন্ত্রই দীর্ঘদিন কার্যাৱলী সফলভাৱে সম্পাদন কৰিব নোৱাৰে। গণতন্ত্ৰৰ আনুষ্ঠানিক কাঠামোৰ নিজস্ব মূল্য নাই আৰু সামাজিক গণতন্ত্র নাথাকিলে ই উপযুক্ত হিচাপে গঠন হ’ব নোৱাৰে। আম্বেদকাৰে গণতন্ত্ৰক জীৱন যাপনৰ এটা পদ্ধতি হিচাপে বিবেচনা কৰিছে । ইয়াত জনসাধাৰণৰ ওপৰত গুরুত্ব দিয়ে আৰু আলোচনা আৰু সন্মতি, স্বেচ্ছ সেৱামূলক, জনবিৰোধী শাসনৰ অনুপস্থিতি, সমস্ত মানৱ সম্পৰ্কৰ ক্ষেত্ৰত মৌলিক সমতা আদি জড়িত হৈ থাকে। তেওঁ উল্লেখ কৰিছে যে সমতা গণতন্ত্ৰৰ মূলনীতি, যাক সামাজিক বিপ্লৱৰ মাধ্যমে অনুসন্ধান কৰা উচিত। যদি আমাৰ সমাজ ব্যৱস্থা লোকতান্ত্রিক হিচাপে গঠন কৰিব লাগে তেতিয়া গণতন্ত্ৰৰ চেতনাবোধ লাহে লাহে আৰু শান্তিপূর্ণভাৱে আমাৰ ৰীতি নীতি আৰু প্ৰথা পৰম্পৰাত প্ৰৱৰ্তিত হোৱা উচিত। তেওঁ প্ৰকাশ কৰিছে যে ৰাজনীতিবিদসকলে ভাল চৰকাৰ বিচাৰিছিল আৰু তেওঁলোকৰ উদ্দেশ্য আছিল গণতান্ত্রিক চৰকাৰ গঠন কৰা । কিন্তু তেওঁলোকে গণতান্ত্রিক চৰকাৰৰ প্ৰকাৰ সম্ভৱ হয়নে নহয় সেয়া মন্তব্য কৰা নাছিল। চৰকাৰৰ এটি গণতান্ত্রিক ৰূপ সমাজৰ এটি গণতান্ত্রিক ৰূপক গন্য কৰে। গণতন্ত্ৰৰ আনুষ্ঠানিক কাঠামোৰ কোনো মূল্য নাই আৰু সামাজিক গণতন্ত্ৰৰ অবিহনে ই উপযোগী হিচাপে কেতিয়া গঠন হ’ব নোৱাৰে। ৰাজনীতিবিদসকলে কেতিয়াও বুজা নাছিল যে চৰকাৰৰ কোনো ৰূপ নাই, ই সমাজৰ বাবে। অনিবার্য এটা ৰূপ।
আম্বেদকাৰে গণতন্ত্রক সামাজিক আৰু ৰাজনৈতিক পদ্ধতি দুয়োটা ৰূপত মানি লয়। সামাজিক বাধাসমূহ দূৰ কৰিবৰ বাবে, জাতি ব্যৱস্থাত থকা অসমতা অৱসান ঘটাবৰ বাবে আম্বেদকাৰে ৰাজনৈতিক গণতন্ত্রকে সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল। তেওঁ মতে ৰাজনৈতিক গণতন্ত্র তেতিয়ালৈকে সম্ভৱ নহয়। যেতিয়ালৈকে এটাৰ আনটো আধাৰ হ’ব নোৱাৰে। সামাজিক গণতন্ত্রই স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধক জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে। সেইকাৰণে তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা আৰু ভাতৃত্বৰ ওপৰত গুৰুত্ব দিছে। সমাজৰ শ্রেণীবিন্যাস আৰু উপাৰ্জনৰ বিন্যাসৰ স্বীকৃতি সম্পূৰ্ণ ৰূপত অগণতান্ত্ৰিক আৰু অবাস্তৱবাদী। এই সমূহে মানৱ সমাজ তথা মানৱ সম্পৰ্কৰ ক্ষেত্ৰত হানিকাৰক হয়। সেইকাৰণে আম্বেদকাৰে জাতি ব্যৱস্থাক সম্পূর্ণ ৰূপত সমালোচনা কৰিছে, যিটোৱে গণতন্ত্ৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে।
(গ) অর্থনৈতিক গণতন্ত্র : অর্থনৈতিক গণতন্ত্র মানে হ’ল ব্যক্তিৰ আৰ্থিক প্রয়োজনীয়তা সমূহ পূৰ্ণ কৰা। গণতন্ত্রৰ “এক ব্যক্তি, এক মূল্য” সিদ্ধান্ত প্রতিষ্ঠা কৰিবলৈ কোনো ব্যক্তি খাদ্য, বস্ত্ৰ আৰু আশ্রয়ৰ অভাৱত মৃত্যু মুখত পৰিব নালাগিব। আম্বেদকাৰে উল্লেখ কৰিছে যে শ্রেণীবদ্ধ অসমতা নীতিটো অর্থনৈতিক ক্ষেত্ৰত বহল কৰা হৈছে। তেওঁৰ মতে লোকতান্ত্রিক ব্যৱস্থাই সমাজত বৰ্দ্ধিত অসমতা দূৰ কৰিব লাগে। গণতান্ত্রিক সমাজ ব্যৱস্থাত নিপীড়িত শ্ৰেণী আৰু অত্যাচাৰী শ্রেণী উভয়ে থাকিব নালাগে। কিছু ব্যক্তিৰ হাতত উৎপাদন ব্যৱস্থা নিহিত হোৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। আম্বেদকাৰে দলিত আৰু অ দলিত দুয়োধৰণৰ ব্যক্তিক আর্থিক দিশত সবল কৰি তোলাৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াইছিল যে মূলত শিল্প আৰু কৃষি নিয়ন্তণৰ বাবে ৰাষ্ট্ৰক ৰাজনৈতিক ক্ষমতা দিয়াটো উচিত। তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল যে সংসদীয় গণতন্ত্রক নিৰস্তৰ নকৰি আৰু গণতন্ত্ৰৰ ইচ্ছাক ত্যাগ নকৰি আৰ্থিক শক্তিসমূহক সংবিধানৰ ভিতৰত চামিল কৰিব লাগে।
আম্বেদকাৰ এইটো দিশত সচেতন আছিল যে পুঁজিবাদী ব্যৱস্থাই গণতন্ত্রক অর্থহীন কৰি তোলে। কাৰণ ইয়াত এটাই আনটোৰ অধিকাৰক আক্ৰমণ কৰাৰ সুবিধা আছে। ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে তেওঁ সংসদীয় গণতন্ত্ৰবজাই ৰাখিবৰ বাবে ৰাষ্ট্ৰীয় সমাজবাদৰ পোষকতা কৰিছিল। তেওঁ ব্যক্তিগত স্বতা ৰক্ষা কৰিবলৈ আৰু ইয়াৰ সুনিশ্চিতৰ বাবে একনায়কতন্ত্রক ত্যাগ কৰি গণতন্ত্র আৰু সমাজতন্ত্র উভয়কে ৰক্ষা কৰিবলৈ সংবিধানৰ বিধি বিধানৰ ওপৰত প্ৰাধান্য দিছে। “States and Minorities” নামৰ গ্ৰন্থত আম্বেদকাৰে আমাৰ সমাজৰ দৰিদ্ৰ লোকসকলৰ লাভৰ বাবে এটি নতুন উদ্যোগ হিচাপে অর্থনৈতিক ৰাজনৈতিক পদ্ধতিৰ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ সেই কাৰণে তলত উল্লেখ কৰা পৰামৰ্শসমূহ আগবঢ়াইছিল—
(১) বীমা ৰাষ্ট্ৰৰ একচেটিয়া অধিকাৰ হ’ব।
(২) কৃষিক্ষেত্র এটি ৰাষ্ট্ৰৰ শিল্প হ’ব ফল।
(৩) ভূমি ৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত হ’ব আৰু গাওঁবাসী সকলৰ ক্ষেত্ৰত কোনো ধর্ম বা জাতিৰ বাবে পার্থক্য সৃষ্টি নকৰি সকলোকে সুবিধা দিব লাগিব।
(৪) মাটিৰ গৰাকী, ভূমিহীনলোক থাকিব নালাগে।
(৫) দ্রুত শিল্পায়ন ৰাষ্ট্ৰই সম্পূৰ্ণ তদাৰকি আৰু নিয়ন্ত্রণাধীন অৰ্থনীতিৰ সূচনা কৰা উচিত।
যেতিয়া আমি ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰো, তেতিয়া আদর্শ অর্থনৈতিক গণতন্ত্র ব্যৱস্থাও কৰা উচিত। আমি কেৱল ব্যক্তিক, সত্তালৈ আহিবলৈ আৰু সত্তাক দখল কৰিবলৈ মাত্ৰ এটা ধন্ত তথা তন্ত্র বনাব বিচৰা নাই।”
আম্বেদকাৰে জনসাধাৰণক অৰ্থনৈতিক শোষণৰ পৰা সুৰক্ষা প্ৰদানৰ বাবে নির্দিষ্ট মৌলিক অধিকাৰৰ কথা ব্যক্ত কৰিছিল। খচৰা সমিতিৰ অধ্যক্ষ হিচাপে সংবিধান গঠনৰ সময়ত তেওঁ ভাৰতত অর্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠাৰ লক্ষ্য ৰাখি নিদেশাত্মক নীতিৰ প্ৰৱৰ্তন কৰিছিল। তেওঁৰ মতে নির্দেশনাত্মক নীতিৰ যথেষ্ট প্রণয়ন কৰাটো চৰকাৰৰ কৰ্তব্য। গতিকে এনেদৰে আম্বেদকাৰে অৰ্থনৈতিক গণতন্ত্ৰৰ সম্পৰ্কে নিজৰ মন্তব্য আগবঢ়াইছে।
৩। আম্বেদকাৰৰ নাগৰিকত্বৰ ধাৰণা সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ আম্বেদকাৰৰ নাগৰিকত্বৰ ধাৰণা : আম্বেদকাৰৰ ৰাজনৈতিক দর্শনসমূহৰ ভিতৰত নাগৰিকত্বৰ ধাৰণা অন্যতম। নাগৰিকত্ব হ’ল এখন সমাজৰ সদস্য হিচাপে কোনো ব্যক্তিক দিয়া মর্যাদা। এই শব্দটো লেটিন শব্দ “Civitas” ৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হ’ল নগৰ। কেৱল নাগৰিকত্বক চৰকাৰী কাৰ্যৱলী সমূহত অংশগ্ৰহণৰ সুবিধা দিয়ে। সেয়ে ভোটদান তদাৰকী আইন প্রণয়নত অংশগ্রহণ আদি প্রাচীন কালৰে পৰা এই নাগৰিকত্ব ধাৰণাটোৰ সম্পর্কে বিভিন্ন ৰাজনৈতিক চিন্তাবিদে নিজৰ মন্তব্য আগবঢ়াইছে। এই নাগৰিকত্ব ধাৰণাৰ সম্পৰ্কত আম্বেদকাৰেও নিজৰ মন্তব্য আগবঢ়াইছিল। ভাৰতীয় পেক্ষাপটত নাগৰিকত্বৰ ধাৰণাটো বুজিবৰ বাবে আম্বেদকাৰ উন্নতাবাদী নাগৰিক প্ৰজাতন্ত্ৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত হৈছিল। উদাৰতাবাদী দৃষ্টিভংগীৰ পৰা তেওঁ জাতি বৰ্ণ লিংগৰ অপ্সধাৰত সকলো ধৰ্ম বৈষম্যৰ বাবে মানব মৰ্যাদাৰ অধিকাৰক আত্মসাৎ কৰাৰ চেষ্টা কৰিছিল। দ্বিতীয়তে নাগৰিক গণতন্ত্রৰ দৃষ্টিকোণৰ পৰা তেওঁ এক গণতান্ত্রিক ৰাজ্য আৰু মুক্ত নাগৰিকত্বৰ মাজত সুস্থ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল।
আম্বেদকাৰৰ নাগৰিকত্বৰ ধাৰণাটো ব্যক্তিৰ ক্ষেত্ৰতে সিঁচৰতি হৈছিল। তেওঁৰ মতে ব্যক্তি স্বার্থবাদী আৰু প্ৰকৃতিত বিচ্ছিন্ন আছিল কিন্তু সামাজিকভাৱে সকলো অন্তর্নিহিত হৈ আছিল। তেওঁৰ মতে জন্মসূত্রে এজন ব্যক্তিক সমাজৰ এটি গোষ্ঠী আৰু বৰ্ণৰ অধীনত শ্রেণীবদ্ধ কৰা হৈছে। শ্রেণী ব্যৱস্থা পচন্দৰ ওপৰত আধাৰিত নহয়। সেই কাৰণে দলিত লোকসকলক বাকী জাতি তথা বর্ণ- ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্যৰ পৰা পৃথক কৰি ৰাখিছিল দলিত সকলক শোষণ কৰা হৈছিল আৰু তথা বর্ণ ব্যৱস্থাক সমৰ্থন কৰা নাছিল। তেওঁৰ মতে সমাজৰ প্রতিজন ব্যক্তি তথা প্রত্যেক বর্ণৰ ব্যক্তিয়ে এখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব পাৰে। তেওঁ মতে সমাজ তথা ৰাষ্ট্ৰত ব্যক্তি তথা বর্ণক কেন্দ্র ক বৈষম্য থাকিলে নাগৰিকত্ব ধাৰণা সফল ৰূপায়ণ সম্ভৱ নহয়।
Partha Chattergee ৰ মতে আম্বেদকাৰে কেৱল নাগৰিকসকলৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়া নাছিল, ইয়াৰ উপৰি নাগৰিক আৰু সমাজৰ মাজৰ সম্পর্ককো গুৰুত্ব দিছিল। তেওঁ মতে সমাজ নাগৰিক সকলৰ দ্বাৰা গঠিত এটা সংঘ তথা গোট হয়। যাৰ নাগৰিক সকলৰ মাজত সামাজিক বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ দক্ষতা আছে। ই নাগৰিক, ৰাজনৈতিক আৰু সামাজিক অধিকাৰ ৰক্ষা কৰিব পাৰে।
আম্বেদকাৰৰ নাগৰিকত্বৰ ধাৰণাটো “এক ব্যক্তি, এক ভোট” (One man, One vote) সিদ্ধান্তৰ আধাৰিত হয়। তেওঁ জাতি বর্ণ ধর্ম লিংগ নির্বিশেষে সর্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ অধীনত প্ৰতিজন নাগৰিকে তেওঁলোকৰ প্ৰতিনিধিক ভোট দিয়াৰ অধিকাৰক পোষকতা কৰিছে। প্রত্যেকৰ ভোটৰ মূল্য সমান তথা একে। চৰকাৰ গঠনৰ ক্ষেত্ৰত নাগৰিকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যিহেতু সকলো নাগৰিক ৰাষ্ট্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ, সেইকাৰণে আম্বেদকাৰে শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল৷ কাৰণ শিক্ষাইহে প্ৰকৃত নাগৰিক গঠন কৰিব পৰা যায়। সেয়েহে তেওঁ মানৱতাক বন্ধনৰ পৰা মুক্ত কৰিবলৈ “শিক্ষিত আন্দোলন আৰু সংগঠিত” ধ্বনি আগবঢ়াইছিল। তেওঁ বিশ্বাস কৰিছিল যে মনৰ সাধনাই যিকোনো শোষণৰ পৰা মুক্ত দিব পাৰিব। আৰু মানৱতাক প্ৰভাৱিত কৰিব। যদি এখন সমাজত সামাজিক সচেতনতাৰ অভাৱ ঘটে তেতিয়া মৌলিক অধিকাৰসমূহ গণতন্ত্র কেৱল অংশ হৈ ৰব। গতিকে শিক্ষাৰ মাধ্যমেৰে নাগৰিকৰ সামাজিক সচেতনতা আৰু ভাবধাৰা বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছিল।
আম্বেদকাৰ সংবিধানৰ খচৰা কমিটিৰ অংশ হিচাপে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা আৰু ধৰ্মীয় সংখ্যালঘুকে ধৰি সকলো ভাবতীয় নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে গুৰুত্ব দিছিল। তেওঁ বিশ্বাস কৰিছিল যে জাতিগত তথা বর্ণ বৈষম্য অধিক থকা সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত মুক্ত নহয়। Rabindranath Tagoreৰেও মানৱ বিকাশ সাধনৰ বাবে সমাজ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে সমাজ হ’ল এটা ব্যৱস্থা বা উপায় য’ত নাগৰিক সকলে সহযোগিতাৰে বাস কৰিব পাৰে। অন্য আধুনিক ভাৰতীয় চিন্তাবিদ সকলৰ দৰে আম্বেদকাৰেও সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ কথা কৈছিল যাতে প্রকৃত অৰ্থত নাগৰিকত্বক স্বীকৃতি দিব পাৰে।
সমাজ হ’ল মৌলিক কিন্তু ৰাষ্ট্ৰ হ’ল প্রয়োজনীয় অনুষ্ঠান, আম্বেদকাৰৰ মতে ৰাষ্ট হ’ল এটা উপায় এটা তথা পদ্ধতি যাৰ দ্বাৰা সকলো নাগৰিকৰ কল্যাণ সম্ভব। অর্থাৎ নাগৰিকৰ কল্যাণ তথা বিকাশৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিছিল। তেওঁ এজন উদাৰবাদী গণতান্ত্রিক চিন্তাবিদ আছিল। তেওঁ বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰ শক্তিৰ এটি বাস্তৱবাদী ধাৰণা হয়। সংবিধানৰ দ্বাৰা নাগৰিকৰ প্ৰয়োজন সমূহ পূৰ্ণ কৰিব লাগে। ফৰাচী বিপ্লৱ দ্বাৰা প্ৰভাৱিত হে আম্বেদকাৰে গণতান্ত্রিক সমাজবাদৰ ভিত্তিত নাগৰিকৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ পুনৰ গঠনৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ এনে এক চৰকাৰৰ কামনা কৰিছিল য’ত স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ কাঠামোৰ মাজত নাগৰিকৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক ন্যায় একত্ৰিকৰণ হৈ থাকে। তেওঁ গণতন্ত্ৰক চৰকাৰৰ সবোতিমৰূপ হিচাপে গণ্য কৰিছে, য’ত নিজৰ নাগৰিকৰ অধিকাৰ সমূহে সৰ্বোত্তম ৰূপ পায়।
আম্বেদকাৰে নাগৰিক সকলক মৌলিক অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। তেওঁৰ মতে মৌলিক অধিকাৰ সমূহ নাগৰিকৰ অবিচ্ছেদ্য অংগ হ’ব লাগে। সকলোকে আইনৰ দৃষ্টি সমান আৰু সমান আইনী সুৰক্ষা প্ৰদান কৰি তেওঁ মহিলা, অনুসূচিত জাতি, অনুসূচিত-জনজাতি আৰু অন্যান্য সংখ্যালু’ সকলক সমাজৰ মূল ব্যৱস্থাত সংযুক্ত কৰাৰ পোষকতা কৰিছিল। কেন্দ্ৰীয়, ৰাজ্য আৰু স্থানীয় প্যয়িত সংৰক্ষণৰ ব্যৱস্থা কৰি সকলো নাগৰিকৰ ন্যায় প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব দিছিল। সেইবাবে তেওঁ সংবিধানৰ খচৰা প্ৰস্তুত কৰা সময়ত দলিত, অনুসূচিত জাতি-জনজাতি লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ বাবে মন্তব্য।
আম্বেদকাৰে সকলো নাগৰিকক সমান সুবিধাৰ ওপৰত গুৰুত্ব দিছিল আৰু সকলোকে সমান হিচাপে বিবেচনা কৰিছিল। সেইহে তেওঁ হিন্দু ধৰ্মৰ বৰ্ণ ব্যৱস্থাক কঠোৰভাৱে সমালোচনা কৰি কৰ্মশীল এখন সমাজ গঠনৰ ক্ষেত্ৰত মত পোষণ কৰিছিল। তেওঁ সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত স্বেচ্ছাচাৰীক অপসাৰণ কৰাৰ চেষ্টা কৰিছিল। গতিকে এনেদৰেই আম্বেদকাৰে হিন্দু ব্যৱস্থা সমালোচনা কৰি বৰ্ণ বিহীন সমাজ প্রতিষ্ঠা কৰি সকলো লোককে জাতি বা ধর্ম লিংগ নিৰ্বিশেষে সকলোকে ৰাষ্ট্ৰত সমানভাৱে অংশগ্রহণৰ ওপৰত গুৰুত্ব দিছিল। গতিকে আম্বেদকাৰে এনেদৰেই বৰ্ণবিহীন সমাজ, মহিলা সৱলীকৰণ, সমমৌলিক অধিকাৰ প্ৰদান আদিৰ ভিত্তিত নাগৰিকত্বৰ ধাৰণাটো প্ৰদান কৰিছে।
৪। গণতন্ত্র সফল ৰূপায়নৰ বাবে আম্বেদকাৰে আগবঢ়োৱা চৰ্তসমূহ আলোচনা কৰা।
উত্তৰঃ গণতন্ত্ৰৰ সফল ৰূপায়নৰ চৰ্ত : ড° আম্বেদকাৰৰ মতে গণতন্ত্ৰ হ’ল চৰকাৰৰ বিভিন্ন প্ৰকাৰ সমূহৰ ভিতৰত অন্যতম। গণতন্ত্র হ’ল এটা পদ্ধতি যত জনসাধাৰণে প্ৰশাসনিক কাৰ্যাৱলী আৰু আইন প্রণয়ন প্রক্রিয়াত আংশগ্ৰহণ কৰিব পাৰে। আম্বেদকাৰৰ মতে গণতান্ত্রিক শাসন ব্যৱস্থাইহে জনসাধাৰণৰ সৰ্বোত্তম উন্নয়ন সাধন কৰিব পাৰে। অৱশ্যে তেওঁৰ মতে গণতান্ত্রিক শাসন ব্যৱস্থা’ তেতিয়ালৈকে সফল হ’ব নোৱাৰে যেতিয়ালৈকে সেই সমাজ নিজৰ স্বৰূপ আৰু গঠন গণতান্ত্রিক নহয়। আম্বেদকাৰে গণতন্ত্র সফল ৰূপায়নৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। তলত আম্বেদকাৰে গণতন্ত্ৰৰ সফল কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা চৰ্তসমূহ আগবঢ়োৱা হ’ল―
(১) আম্বেদকাৰৰ মতে গণতন্ত্রৰ সফল ৰূপায়নৰ প্ৰয়োজনীয় প্ৰথমটো চৰ্ত হ’ল কোনো সমাজ ব্যৱস্থাত অসমতা [Inequality] থাকিব নালাগে। সমাজত কোনো ধৰণৰ উচ্চ বৰ্গ বা দমনমূলক শ্ৰেণী থকাটো উচিত নহয়। সমাজত এনে ধৰণৰ শ্ৰেণীত বিভক্ত হোৱাটো উচিত নহয় যিয়ে সকলোধৰণৰ সুযোগ সুবিধা লাভ কৰে বা অন্য শ্ৰেণীয়ে অন্যায়ৰ বোজা কঢ়িয়াব লগা হয়। গণতন্ত্রত সকলো লোকেই সমতাৰ ভিত্তিত অর্থনৈতিক ৰাজনৈতিক আর্থিক আদি দিশত অধিকাৰ লাভ কৰিব লাগিব। আম্বেদকাৰৰ মতে, সমতাৰ অবিহনে গণতন্ত্ৰৰ সফল ৰূপায়ন কেতিয়াও সম্ভৱ নহয়। গতিকে তেওঁ সমতাক সফল ৰূপায়নৰ এটা চৰ্ত হিচাপে অভিহিত কৰিছে।
(২) আম্বেদকাৰৰ মতে, গণতন্ত্র সফল ৰূপায়ন আৰু পৰিচালনাৰ আন এটা চৰ্ত হ’ল বিৰোধী পক্ষৰ অস্তিত্ব। গণতন্ত্র বংশগত কর্তৃপক্ষ বা স্বৈৰাচাৰী কৰ্তৃত্বৰ বিৰোধী। গণতন্ত্ৰত জনসাধাৰণৰ দ্বাৰা প্ৰতিনিধিৰ মাধ্যমেৰে চৰকাৰ গঠন কৰে আৰু ৰাষ্ট্ৰ পৰিচালনাৰ সুবিধা দিয়ে। চৰকাৰে যাতে গণতন্ত জনসাধাৰণৰ বিৰোধী কার্য সম্পাদন কৰিব নোৱাৰে তাৰ বাবে বিৰোধী পক্ষ শক্তিশালী হ’ব লাগে। বিৰোধী পক্ষ শক্তিশালী নহ’লে চৰকাৰে স্বেচ্ছাচাৰী শাসন কৰাৰ সুবিধা থাকে। আম্বেদকাৰৰ মতে বিৰোধী পক্ষই চৰকাৰক সদায়ে কার্যাৱলীৰ ক্ষেত্ৰত সচেতন কৰি ৰাখে আৰু জন বিৰোধী কার্য সম্পাদনত বাধা প্ৰদান কৰিব পাৰে। গতিকে আম্বেদকাৰৰ মতে বিৰোধী পক্ষৰ অস্তিত্বও গণতন্ত্র সফল ৰূপায়নৰ বাবে প্রয়োজন।
(৩) আম্বেদকাৰৰ মতে গণতন্ত্র সফল ৰূপায়নৰ তৃতীয় চৰ্তটো হ’ল আইন আৰু প্ৰশাসনৰ সক্ষমতা। আইন আৰু প্ৰশাসনৰ সক্ষমতা বুলি কলে প্রতিজন জনসাধাৰণক আইন আৰু প্ৰশাসনৰ দৃষ্টিত সমান আচৰণ কৰাটোক বুজায়। সাধাৰণতে চৰকাৰে নিৰপেক্ষ আইন আৰু প্ৰশাসনীয় ব্যৱস্থা অনুসৰি সকলো জনসাধাৰণৰ উন্নয়নৰ বাবে কাৰ্য্যাৱলী সম্পাদন কৰা উচিত। তেওঁ মতে যদিহে কোনো প্রশাসনীয় ব্যৱস্থাই নিজৰ দলীয় স্বার্থ তথা বিশেষ শ্রেণীৰ উন্নয়নৰ বাবে কাৰ্য্য সম্পাদন কৰে তেতিয়া গণতন্ত্র সফল ৰূপত কেতিয়াও প্রতিষ্ঠা হ’ব নোৱাৰে। সেইহে আম্বেদকাৰে আইন আৰু প্ৰশাসনৰ সমান ক্ষমতাও গণতন্ত্ৰৰ এটা চৰ্ত হিচাপে অভিহিত কৰিছে।
(৪) আম্বেদকাৰৰ মতে গণতন্ত্র সফল ৰূপায়নৰ চতুৰ্থ চৰ্তটো হ’ল সাংবিধানিক মৌলিকতাক পালন কৰা। সংবিধানৰ ক্ষেত্ৰত বহু ব্যক্তি সচেতন নহয় আৰু সংবিধান মানি লোৱাৰ ক্ষেত্ৰত আগ্রহী নহয়। কিন্তু আমি পাহৰি যোৱা উচিত নহয় যে সংবিধান ক্রমগত কিছুমান নীতি নিয়ম অন্তর্ভুক্ত হৈ থাকে যিয়ে ৰাষ্ট্ৰ পৰিচালনা কৰে আৰু নাগৰিকৰ অধিকাৰসমূহ সুৰক্ষিত কৰিব পাৰে। গতিকে আম্বেদকাৰৰ মতে সংবিধানৰ মৌলিকতা পালন কৰাটোও গণতন্ত্ৰৰ বাবে নিতান্ত্ৰৰ প্ৰয়োজন।
(৫) আম্বেদকাৰৰ মতে গণতন্ত্ৰসফল ৰূপায়নৰ আন এটা কাৰক হ’ল যে গণতন্ত্ৰৰ নামত সংখ্যাগৰিষ্ঠ সকলে সংখ্যালঘুৰ ওপৰত শাসন কৰাটো উচিত নহয়৷ চৰকাৰ সাধাৰণতে সংখ্যা গৰিষ্টৰ দ্বাৰা গঠিত হয় যদিও সংখ্যালঘু সকলে সুৰক্ষিত অনুভৱ কৰিব লাগে। গণতন্ত্রত সংখ্যালঘু সকলৰ অধিকাৰসমূহ সুৰক্ষিত নহ’লৈ ইয়াৰ সফল ৰূপায়ন সম্ভৱ নহয়৷ গতিকে ড° আম্বেদকাৰৰ মতে গণতান্ত্রিক শাসন ব্যৱস্থা সফল ৰূপায়নৰ বাবে সংখ্যাগৰিষ্ঠৰ দ্বাৰা সংখ্যালথিষ্ঠসকলৰ ওপৰত শাসন চলোৱাটো উচিত নহয়।
(৬) আম্বেদকাৰৰ মতে গণতন্ত্ৰৰ আন এটা সাফল্যৰ চৰ্ত হ’ল শাসনব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ।। ৰাষ্ট্ৰ ক্ষমতা কেন্দ্ৰীয়কৰণ হ’লৈ উচ্চ কর্তৃপক্ষ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ব্রাইচে কৈছিল “গণতন্ত্ৰৰ ভেঁটি স্থানীয় স্বায়ত্ব শাসনৰ আৱশ্যক”। প্ৰশাসনীয় শাসনৰ বিকেন্দ্ৰীকৰণে জনসাধাৰণৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ দিয়ে। যাৰ ফলত নিজৰ অধিকাৰ আৰু সা-সুবিধা সমূহৰ বিষয়ত জনসাধাৰণ সচেতন হ’ব পাৰিব। গতিকে আম্বেদকাৰে বিকেন্দ্রীকৰণ গণতন্ত্র সফলতাৰ এটা চৰ্ত হিচাপে বিবেচনা কৰিছিল।
(৭) আম্বেদকাৰৰ মতে গণতন্ত্র সাফল্যৰ আন এটা চৰ্ত হ’ল শিক্ষাৰ ব্যাপক বিস্তাৰ। শিক্ষাই ব্যক্তিক তেওঁলোকৰ অধিকাৰ, সা সুবিধাসমূহৰ ক্ষেত্ৰত সচেতন কৰি তুলিব পাৰে আৰু ভোগ কৰিবলৈ উপযুক্ত কৰি তুলিব পাৰে। J.S. Mill ৰ মতে “সর্বজনীন ভোটাধিকাৰৰ স্বীকৃতিৰ পূর্বে সর্বজনীন শিক্ষাৰ ব্যৱস্থা আৱশ্যক।” [Universal teaching must precede universal enfranchisement”] শিক্ষাইহে গণতন্ত্রক সুস্থ সবল কৰি তুলিব পাৰে। শিক্ষা ব্যৱস্থাৰ অভাৱে গণতন্ত্রক নিকৃষ্ট আৰু স্বৈৰাতন্ত্ৰত পৰিণত কৰিব। গতিকে আম্বেদকাৰে শিক্ষাৰ ব্যাপক প্রসাৰকো গণতন্ত্র সফল ৰূপায়নৰ চৰ্ত হিচাপে বিবেচনা কৰিছে।
(৮) আম্বেদকাৰৰ মতে গণতন্ত্র শক্তিশালী কৰাৰ আন এটা চৰ্ত হ’ল সুস্থ, সবল আৰু সদাজাগ্ৰত জনমত জনসাধাৰণে সবল জনমত গঠন কৰিব নোৱাৰিলে গণতান্ত্রিক শাসন ব্যৱস্থাক দৃঢ় কৰি তুলিব নোৱাৰে। যাৰ ফলত সাধাৰণ জনসাধাৰণৰ উন্নয়ন সম্ভৱপৰ নহয়। সেয়েহে আম্বেদকাৰে শক্তিশালী জনমতক গণতন্ত্র অন্যতম চৰ্ত হিচাপে অভিহিত কৰিছে।
ড° আম্বেদকাৰে সকলো চৰকাৰৰ প্ৰকাৰৰ ভিতৰত গণতন্ত্রক শক্তিশালী হিচাপে বিবেচনা কৰিছিল। তেওঁৰ মতে গণতন্ত্রত হে সাধাৰণ জনসাধাৰণ, সংখ্যালঘু, ভূমিহীন শ্রমিক, দলিত শ্রেণী লোকৰ উন্নয়ন সম্ভব। কিন্তু গণতন্ত্র সুস্থ সফল নহলে উন্নয়ন সম্ভৱ নহয়। গতিকে ড আম্বেদকাৰে গণতন্ত্রৰ সফল ৰূপায়নৰ ক্ষেত্ৰত বহু গুৰুত্বপূর্ণ চৰ্ত প্রদান কৰিছিল। তেওঁৰ মতে উপৰিউক্ত চৰ্তসমূহ পূৰণ হ’লেহে গণতন্ত্র শক্তিশালী হ’ব আৰু সংখ্যালঘু আৰু সাধাৰণ জনসাধাৰণৰ উন্নয়ন সম্ভৱপৰ হ’ব।
৫। চমু টোকা লিখা।
(ক) ৰাজনৈতিক গণতন্ত্র।
উত্তৰঃ ড° আম্বেদকাৰে ৰাজনৈতিক শক্তি জনসাধাৰণৰ লগত ৰাখিছিল। কাৰণ তেওঁ ভাবিছিল এইটো সকলো সামাজিক কল্যাণৰ মূল। তেওঁ মতে গণতন্ত্ৰৰ আত্মা হ’ল “এক ব্যক্তি, এক ভোট” আৰু “এক ভোট, এক মূল্য” ৰ মতবাদৰ ওপৰত প্রতিষ্ঠিত। তেওঁ প্ৰত্যেক তথা প্রতিজন মানুহক এক বুলি গন্য কৰা অর্থ কি? একতকৈ অধিক কোনো ব্যক্তি নহয়। ইয়াৰ অৰ্থ হ’ল প্ৰত্যেকখন চৰকাৰে ইয়াৰ নৈতিক কাযৱিলী আৰু নিৰ্দিষ্ট সময়সীমাৰ অন্তত ভোটাৰ আৰু নিৰ্বাচন মণ্ডলীক চৰকাৰৰ দ্বাৰা সম্পাদন কৰা কাৰ্যৰিলীৰ মূল্যায়ন কৰাৰ সুবিধা দিয়া হয়। আমি ৰাজনৈতিক গণতন্ত্র এইবাবেই প্রতিষ্ঠা কৰিছো কাৰণ যাতে কোনো ব্যক্তিয়ে চিৰস্থায়ী একনায়কত্ব প্রতিষ্ঠা কৰিব নোৱাৰে। ৰাজনৈতিক আলোচনাৰ স্বাধীনতাৰ অবিহনে গণতন্ত্র অবিশ্বাস্য। ভোটদানৰ অধিকাৰে এজন ব্যক্তিক প্রকৃত অৰ্থত চৰকাৰক নিয়ন্ত্ৰণৰ সুবিধা দিয়ে। তেওঁ কৈছে যে, সংসদীয় চৰকাৰ প্ৰণালীত ৰাজনৈতিক আলোচনা অধিক। এই ব্যৱস্থা বংশগত শাসনৰ বাবে নিষেধ হয়। যিসকলে শাসন কৰিব বিচাৰে তেওঁলোকক সময়ে যে সময়ে জনসাধাৰণৰ দ্বাৰ। নির্বাচিত কৰা হয় আৰু তেওঁলোকে জনসাধাৰণৰ পৰা অনুমোদন পাব লাগে সংসদীয় ব্যৱস্থাই দুটা স্তম্ভৰ দ্বাৰ ইয়াৰ কাৱিলী সম্পাদন কৰে। সেয়া হ’ল (a) বিৰোধী আৰু (b) স্বতন্ত্ৰ আৰু নিৰপেক্ষ নিবাৰ্চন। সংসদীয় ব্যৱস্থাৰ সফলতাৰ বাবে শক্তিশালী বিৰোধী আতি প্রয়োজন। বিৰোধী মুক্ত ৰাজনৈতিক জীৱনৰ মূল চাবিকাঠি। ইয়াৰ অবিহনে কোনো গণতন্ত্র সফল হ’ব নোৱাৰে। উচ্চ ৰাজনৈতিক উদ্দেশ্যসমূহ কল্পনা কৰি আম্বেদকাৰে কৈছে যে গণতন্ত সামাজিক লক্ষ্য সমূহৰ লগত জড়িত থাকিব লাগে। তেওঁ গণতন্ত্রক সামাজিক জীৱন যাত্ৰী আৰু ৰাজনৈতিৰ পদ্ধতি উভয় হিচাপে বিবেচনা কৰিছে। গণতস্তত প্ৰতিটো দলেই ৰাজনৈতিক শক্তিক সমালোচনা আৰু দমন কৰা অধিকাৰ আছে। ক্ষমতাত থকা দলে সদায়েই ক্ষমতা নিজৰ হাতত ৰখাৰ চেষ্টা কৰে। আম্বেদকাৰৰ হাতত থকা দলৰ পৰা অন্য ৰাজনৈতিক দললৈ যায়। ড° আম্বেদকাৰে বুজিব পাৰিছিল যে সামাজিক আৰু অর্থনৈতিক গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক গণতন্ত্র সফল হোৱাটো অসম্ভৱ। কাৰণ সামাজিক আৰু অর্থনৈতিক গণতন্ত্রৰ লগত ৰাজনৈতিক গণতন্ত্ৰ গভীৰ ভাৱে জড়িত।
(খ) সামাজিক গণতন্ত্র।
উত্তৰঃ ড° আম্বেদকাৰ মতে, সামাজিক লোকতন্ত্র বা গণতন্ত্র মানে জীৱনৰ এটি উপায় যিয়ে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে। এয়া পৃথক নহয়, এয়া ত্রিমূর্তিৰ মিলন হয়। আম্বেদকাৰ মত অনুসৰি, গণতন্ত চৰকাৰ এটা প্ৰকাৰতকৈ অধিক। ই সমাজৰ সংগঠনৰ এটা ৰূপ৷ দুটা প্রয়োজনীয় চর্ত যিয়ে গণতান্ত্রিকভাৱে গঠিত সমাজক চিহ্নিত কৰে। প্ৰথমটো হ’ল সমাজক চাৰিটা শ্ৰেণীত স্তৰবিন্যাসৰ অনুপস্থিতি। দ্বিতীয়টো হ’ল ব্যক্তি আৰু গোটৰ এটি সামাজিক অভ্যাস যিস্বাৰ্থৰ স্বীকৃতি স্বৰূপ পুনৰবিন্যাসৰ প্রস্তুত। তেওঁ গণতন্ত্র সফলতাৰ বাবে প্ৰয়োজনীয় সামাজিক বিন্যাসক পূৰ্ব আৱশ্যকতাৰ ৰূপ হিচাপে বিবেচনা কৰিছে। ইয়াৰ অবিহনে গণতন্ত্রই দীর্ঘদিন কার্যাবলী সফলভাৱে সম্পাদন কৰিব নোৱাৰে। গণতন্ত্ৰৰ আনুষ্ঠানিক কাঠামোৰ নিজস্ব মূল্য নাই আৰু সামাজিক গণতন্ত্র নাথাকিলে ই উপযুক্ত হিচাপে গঠন হ’ব নোৱাৰে। আম্বেদকাৰে গণতন্ত্ৰক জীৱন যাপনৰ এটা পদ্ধতি হিচাপে বিবেচনা কৰিছে। ইয়াত জনসাধাৰণৰ ওপৰত গুৰুত্ব দিয়ে আৰু আলোচনা আৰু সম্মতি, স্বেচ্ছ সেৱামূলক, জনবিৰোধী শাসনৰ অনুপস্থিতি, সমস্ত মানৱ সম্পৰ্কৰ ক্ষেত্ৰত মৌলিক সমতা আদি জড়িত হৈ থাকে। তেওঁ উল্লেখ কৰিছে যে সমতা গণতন্ত্ৰৰ মূলনীতি, যাক সামাজিক বিপ্লৱৰ মাধ্যমে অনুসন্ধান কৰা উচিত। যদি মামাৰ সমাজ ব্যৱস্থা লোকতান্ত্ৰিক হিচাপে গঠন কৰিব লাগে তেতিয়া গণতন্ত্ৰৰ চেতনাবোধ লাহে লাহে আৰু শান্তিপূর্ণভাৱে আমাৰ ৰীতি নীতি আৰু প্ৰথা পৰম্পৰাত প্ৰৱৰ্তিত হোৱা উচিত। তেওঁ প্ৰকাশ কৰিছে যে ৰাজনীতিবিদসকলে ভাল চৰকাৰ বিচাৰিছিল আৰু তেওঁলোকৰ উদ্দেশ্য আছিল গণতান্ত্রিক চৰকাৰ গঠন কৰা । কিন্তু তেওঁলোকে গণতান্ত্রিক চৰকাৰৰ প্ৰকাৰ সম্ভব হয়নে নহয় সেয়া মন্তব্য কৰা নাছিল। চৰকাৰৰ এটি গণতান্ত্রিক ৰূপ সমাজৰ এটি গণতান্ত্রিক ৰূপক গন্য কৰে। গণতন্ত্ৰৰ আনুষ্ঠানিক কাঠামোৰ কোনো মূল্য নাই আৰু সামাজিক গণতন্ত্ৰৰ অবিহনে ই উপযোগী হিচাপে কেতিয়া গঠন হ’ব নোৱাৰে। ৰাজনীতিবিদসকলে কেতিয়াও বুজা নাছিল যে চৰকাৰৰ কোনো ৰূপ নাই, ই সমাজৰ বাবে অনিবার্য এটা ৰূপ।
আম্বেদকাৰে গণতন্ত্রক সামাজিক আৰু ৰাজনৈতিক পদ্ধতি দুয়োটা ৰূপত মানি লয়। সামাজিক বাধাসমূহ দূৰ কৰিবৰ বাবে, জাতি ব্যৱস্থাত থকা অসমতা অৱসান ঘটাবৰ বাবে আম্বেদকাৰে ৰাজনৈতিক গণতন্ত্রকে সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোব দিছিল। তেওঁ মতে ৰাজনৈতিক গণতন্ত্র তেতিয়ালৈকে সম্ভৱ নহয় যেতিয়ালৈকে এটাৰ আনটো আধাৰ হ’ব নোৱাৰে। সামাজিক গণতন্ত্রই স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধক জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে। সেইকাৰণে তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা আৰু ভাতৃত্বৰ ওপৰত গুৰুত্ব দিছে। সমাজব শ্রেণীবিন্যাস আৰু উপাৰ্জনৰ বিন্যাসৰ স্বীকৃতি সম্পূৰ্ণ ৰূপত অগণতান্ত্রিক আৰু অবাস্তৱবাদী। এই সমূহে মানৱ সমাজ তথা মানৱ সম্পৰ্কৰ ক্ষেত্ৰত হানিকাৰক হয়। সেইকাৰণে আম্বেদকাৰে জাতি ব্যৱস্থাক সম্পূর্ণ ৰূপত সমালোচনা কৰিছে, যিটোৱে গণতন্ত্ৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে।
(গ) অর্থনৈতিক গণতন্ত্র।
উত্তৰঃ অর্থনৈতিক গণতন্ত্র মানে হ’ল ব্যক্তিৰ আর্থিক প্রয়োজনীয়তা সমূহ পূৰ্ণ কৰা। গণতন্ত্রৰ “এক ব্যক্তি, এক মূল্য” সিদ্ধান্ত প্রতিষ্ঠা কৰিবলৈ কোনো ব্যক্তি খাদ্য, বস্তু আৰু আশ্রয়ৰ অভাৱত মৃত্যু মুখত পৰিব নালাগিব। আম্বেদকাৰে উল্লেখ কৰিছে যে শ্রেণীবদ্ধ অসমতা নীতিটো অর্থনৈতিক ক্ষেত্ৰত বহল কৰা হৈছে। তেওঁৰ মতে লোকতান্ত্রিক ব্যবস্থাই সমাজত বৰ্দ্ধিত অসমতা দূৰ কৰিব লাগে। গণতান্ত্রিক সমাজ ব্যৱস্থাত নিপীড়িত শ্ৰেণী আৰু অত্যাচাৰী শ্রেণী উভয়ে থাকিব নালাগে। কিছু ব্যক্তিৰ হাতত উৎপাদন ব্যবস্থা নিহিত হোৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। আম্বেদকাৰে দলিত আৰু অ-দলিত দুয়োধৰণৰ ব্যক্তিক আর্থিক দিশত সবল কৰি তোলাৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াইছিল যে মূলত শিল্প আৰু কৃষি নিয়ন্তণৰ বাবে ৰাষ্ট্ৰক ৰাজনৈতিক ক্ষমতা, দিয়াটো উচিত। তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল যে সংসদীয় গণতন্ত্রক নিৰস্তৰ নকৰি আৰু গণতন্ত্ৰৰ ইচ্ছাক ত্যাগ নকৰি আৰ্থিক শক্তিসমূহক সংবিধানৰ ভিতৰত চামিল কৰিব লাগে।
আম্বেদকাৰ এইটো দিশত সচেতন আছিল যে পুঁজিবাদী ব্যৱস্থাই গণতন্ত্রক অর্থহীন কৰি তোলে। কাৰণ ইয়াত এটাই আনটোৰ অধিকাৰক আক্ৰমণ কৰাৰ সুবিধা আছে। ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে তেওঁ সংসদীয় গণতন্ত্ৰবজাই ৰাখিবৰ বাবে ৰাষ্ট্ৰীয় সমাজবাদৰ পোষকতা কৰিছিল। তেওঁ ব্যক্তিগত স্বততা ৰক্ষা কবিবলৈ আৰু ইয়াৰ সুনিশ্চিতৰ বাবে একনায়কতন্ত্রক ত্যাগ কৰি গণতন্ত্র আৰু সমাজতন্ত্র উভয়কে ৰক্ষা কৰিবলৈ সংবিধানৰ বিধি বিধানৰ ওপৰত প্ৰাধান্য দিছে। “States and Minorities” নামৰ গ্ৰন্থত আম্বেদকাৰে আমাৰ সমাজৰ দৰিদ্ৰ লোকসকলৰ লাভৰ বাবে এটি নতুন উদ্যোগ হিচাপে অর্থনৈতিক ৰাজনৈতিক পদ্ধতিৰ ৰূপান্তৰ কৰাৰ প্রস্তাৱ আগবঢ়াইছিল। তেওঁ সেই কাৰণে তলত উল্লেখ কৰা পৰামৰ্শসমূহ আগবঢ়াইছিল—
(১) বীমা ৰাষ্ট্ৰৰ একচেটিয়া অধিকাৰ হ’ব।
(২) কৃষিক্ষেত্ৰ এটি ৰাষ্ট্ৰৰ শিল্প হ’ব ফল।
(৩) ভূমি ৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত হ’ব আৰু গাওঁবাসী সকলৰ ক্ষেত্ৰত কোনো ধর্ম বা জাতিৰ বাবে পার্থক্য সৃষ্টি নকৰি সকলোকে সুবিধা দিব লাগিব।
(৪) মাটিৰ গৰাকী, ভূমিহীনলোক থাকিব নালাগে।
(৫) দ্রুত শিল্পায়ন ৰাষ্ট্ৰই সম্পূর্ণ তদাৰকি আৰু নিয়ন্ত্রণাধীন অৰ্থনীতিৰ সূচনা কৰা উচিত।
যেতিয়া আমি ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰো, তেতিয়া আদর্শ অর্থনৈতিক গণতন্ত্র ব্যৱস্থাও কৰা উচিত। আমি কেবল ব্যক্তিক, সত্তালৈ আহিবলৈ আৰু সত্তাক দখল কৰিবলৈ মাত্র এটা ধন্ত তথা তন্ত্র বনাব বিচৰা নাই।”
আম্বেদকাৰে জনসাধাৰণক অর্থনৈতিক শোষণৰ পৰা সুৰক্ষা প্ৰদানৰ বাবে নির্দিষ্ট মৌলিক অধিকাৰৰ কথা ব্যক্ত কৰিছিল। খচৰা সমিতিৰ অধ্যক্ষ হিচাপে সংবিধান গঠনৰ সময়ত তেওঁ ভাৰতত অর্থনৈতিক গণতন্ত্র প্রতিষ্ঠাৰ লক্ষ্য ৰাখি নিৰ্দেশাত্মক নীতিৰ প্ৰৱৰ্তন কৰিছিল। তেওঁৰ মতে নির্দেশনাত্মক নীতিৰ যথেষ্ট প্রণয়ন কৰাটো চৰকাৰৰ কৰ্তব্য। গতিকে এনেদৰে ড আম্বেদকাৰে অৰ্থনৈতিক গণতন্ত্ৰৰ সম্পৰ্কে নিজৰ মন্তব্য আগবঢ়াইছে।