Understanding Ambedkar Unit 1 আম্বেদকাৰৰ পৰিচয় Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Ambedkar Unit 1 আম্বেদকাৰৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Ambedkar Unit 1 আম্বেদকাৰৰ পৰিচয় Question Answer can be of great value to excel in the examination.
Understanding Ambedkar Unit 1 আম্বেদকাৰৰ পৰিচয়
Understanding Ambedkar Unit 1 আম্বেদকাৰৰ পৰিচয় cover all the exercise questions in UGC Syllabus. The Understanding Ambedkar Unit 1 আম্বেদকাৰৰ পৰিচয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
আম্বেদকাৰৰ পৰিচয়
POLITICAL SCIENCE
UNDERSTANDING AMBEDKAR
আম্বেদকাৰ
১। কোন চনত আম্বেদকাৰক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল?
উত্তৰঃ ১৯৯০ চনত।
২। হিন্দু ধৰ্মৰ বৰ্ণব্যৱস্থাক সমালোচনা কৰি আম্বেদকাৰে ১৯২০ চনত বম্বেৰ পৰা প্ৰকাশ কৰা সাপ্তাহিক কাকতখনৰ নাম কি?
উত্তৰঃ মোক নায়ক।
৩। আম্বেদকাৰৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ বৰ্তমান মধ্যপ্রদেশ আৰু বৃটিছ ভাৰতৰ বৰোদাৰ সামৰিক চাউনী মহোত ১৮৯১ এপ্ৰিল মাহৰ ১৪ তাৰিখে ভীমৰাও ৰামজী আম্বেদকাৰ জন্ম হৈছিল।
৪। আম্বেদকাৰে কোনখন গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ National Dividend for India. A Historic and Analytical Study
৫। আম্বেদকাৰে নিম্নবৰ্গৰ হিন্দু সকলক কি আখ্যা দিছিল?
উত্তৰঃ হৰিজন।
৬। Thought on Pakistan গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ আম্বেদকাৰ।
৭। কিমান চনত আম্বেদকাৰে চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল।
উত্তৰঃ ১৯৩৫
৮। সংবিধান সংৰচনাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ ৰাজেন্দ্র প্রসাদ।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। আম্বেদকাৰৰ চমু জীৱন পৰিক্ৰমাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ বর্তমান মধ্যপ্রদেশ আৰু বৃটিছ ভাৰতৰ বৰোদাৰ সামৰিক চাউনী মহোত ১৮৯১ এপ্রিল মাহব ১৪ তাৰিখে ভীমৰাও ৰামজী আম্বেদকাৰ জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম আছিল ভীমবাঈ আৰু দেউতাকৰ নাম আছিল ৰামজী মালোজী শক পাল। তেওঁৰ জন্ম জিলাখনৰ নাম আছিল ৰত্নগিৰি আৰু গাওঁখনৰ নাম আম্বাদ গাওঁ। মাৰাঠী পৰম্পৰা অনুসৰি জন্ম-গাওঁ অনুসৰি উপাধি লোৱা নিয়ম আছে। সেইকাৰণে তেওঁলোকৰ পিতৃ-পুৰুষৰ উপাধিও আম্বেদকাৰ বুলি জনা যায়! আম্বেদকাৰৰ সম্পূৰ্ণ নামটো- মাক ভীমবাইটৰ পৰা ভীমৰাও, দেউতাকৰ ৰামজীলোজী শক পালৰ পৰা ৰামজী আৰু জন্মস্থান আম্বাদ গাৱৰ পৰা আম্বেদকাৰ অৰ্থাৎ ভীমৰাও ৰামজী আম্বেদকাৰ হৈছিল। তেওঁ পিতৃ-মাতৃৰ 14 তম সন্তান আছিল।
আম্বেদকাৰৰ পূর্বপুৰুষ সকল মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ আস্বাদ নামৰ ঠাইৰ পৰা আহিছিল। তেওঁ মহাৰ সম্প্ৰদায়ৰ লোক আছিল। ভাৰতৰ হিন্দু ধৰ্মৰ বৰ্ণব্যৱস্থাত তেওঁলোকক অস্পৃশ্য হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ পূৰ্বপুৰুষসকল বৃটিছ সেনাবাহিনীত চাকৰি কৰিছিল। তেওঁৰ পিতৃ ৰামজী মহোত এজন জোৱান হিচাপে কৰ্মৰত সময়ছোৱাত এইজনা ভাৰতীয় সংবিধানৰ পিতৃ-পুৰুষৰ জন্ম হৈছিল।
আম্বেদকাৰৰ দেউতাক ৰামজী চকপালে মাৰাঠী আৰু ইংৰাজীত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। কবিৰ পন্থী ৰামজী চকপালে তেওঁৰ সন্তানক হিন্দু ধৰ্মৰ ধৰ্মীয় গ্রন্থসমূহ অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। নিম্ন সম্প্ৰদায়ৰ ‘মহাৰ’ আছিল যদিও,চাকৰি সূত্ৰেই ৰামজী চকপালে নিজৰ সন্তানক সেইবাবে আনুষ্ঠানিক শিক্ষাৰ বাবে স্কুলত নামভৰ্তি কৰি দিয়াৰ সুবিধা লাভ কৰিছিল। অৱশ্যে নিম্ন সম্প্রদায়ত জন্ম হোৱা আম্বেদকাৰক শিক্ষকে শ্ৰেণীত কোনো গুৰুত্ব দিয়া নাছিল। আম্বেদকাৰৰ সতীৰ্থ সকলেও তেওঁক বেয়া ব্যৱহাৰ কৰিছিল। বিদ্যালয়ত শিক্ষকে আম্বেদকাৰদৰে নীচকুলত জন্ম হোৱা শিক্ষর্থীসকলক পৃথক কৰি শ্ৰেণীকোঠা বাহিৰত শিক্ষাদান কৰিছিল।
১৮৯৪ চনত ৰামজী চকপাল চাকৰিৰ পৰা অৱসৰ লৈ ছাত্ৰালৈ গুচি যায়। ইয়াক কিছুদিনৰ পিছত আম্বেদকাৰৰ মাতৃৰ মৃত্যু হয়। আম্বেদকাৰৰ ছয় বছৰ বয়সতে মাকৰ মৃত্যু হোৱাত মাতৃস্নেহৰ পৰাও তেওঁ বঞ্চিত হয়। ইয়াৰ পিছত বিকলাঙ্গী আইতাক মীৰাবাই আৰু পেহীয়েক মীৰাই আম্বেদকাৰক লালন-পালন কৰিবলৈ ল’লে। পেহীয়েকৰ তত্ত্বাৱধানতে ৰামজী চকালৰ তিনিটা ল’ৰা ক্ৰমে বলৰাম, আনন্দৰাম আৰু ভীমৰাও আৰু দুগৰাকী ছোৱালী মঞ্জুলা আৰু তুলছা ডাঙৰ হ’বলৈ ধৰে। অৱশ্যে আটাইকেইজনৰ ভিতৰত কেৱল ভীমৰাও আশ্বেদকাৰহে উচ্চশিক্ষাৰ দেওনা অতিক্ৰম কৰিবলৈ সক্ষম হয়।
ৰামজী চকপালৰ ১৮৯৮ চনত পুনৰ বিবাহ সম্পন্ন হয়। ইয়াৰ কিছুদিনৰ পিছত সমগ্ৰ পৰিয়ালটি বম্বেলৈ উঠি যায়। ১৯০৭ চনত সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈ বম্বেলৈ এলিফিলষ্টোণ কলেজত নামভৰ্তি কৰিলে। ১৯১২ চনত তেওঁ স্নাতক ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ এবছৰৰ পিছত আম্বেদকাৰৰ দেউতাকৰ মৃত্যু হোৱাত পুনৰ আৰ্থিক সংকটত পৰিছিল। সেই সময়তে বৰোদাৰ মহাৰাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তেওঁৰ কৃপাতেই আম্বেদকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা পায়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯১৫ চনত M.A. ডিগ্রী লাভ কৰে। 1916 চনত তেওঁ “National Dividend for India. A Historic and Analytical Study” শীৰ্ষক গৱেষণা পত্ৰৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে।
বিদেশৰপৰা শিক্ষাগ্ৰহণ কৰি ঘূৰি অহাৰ পিছত বৰোদাৰ মহাৰজাৰ অধীনত প্ৰতিৰক্ষা বিভাগত সচিব হিচাপে নিযুক্তি লাভ কৰে। কিন্তু অস্পৃশ্য মহাৰ হিচাপে তেওঁ কর্মস্থলীতো নানা অসুবিধাৰ সন্মুখীন হৈছিল। কাৰ্য্যালয়ত উচ্চ বৰ্ণৰ পিয়ণে ফাইল তেওঁৰ টেবুলত দলিয়াইহে দিছিল। চকিদাৰবোৰেও এগিলাচ পানীও তেওঁক যোগান ধৰি দিয়া নাছিল। ল’ৰালিৰ পৰা তেওঁ লাভ কৰা এনে তিতা অভিজ্ঞতাই আম্বেদকাৰক অস্পৃশ্যসকলৰ অৱস্থা সম্পর্কে ভাৱিবলৈ বাধ্য কৰিলে। ইয়াৰ পৰা অস্পৃশ্যসকলক উদ্ধাৰ কৰিবলৈ তেওঁ এক আন্দোলনৰ প্রয়োজনীয়তা তেতিয়াই অনুভৱ কৰিছিল। লগে লগে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰি বন্বেলৈ গুচি যায় আৰু ১৯১৮ চনত চিদেনহাম কলেজত ৰাজনৈতিক অর্থনীতিৰ অধ্যাপক হিচাপে যোগদান কৰে। কিন্তু ইয়াতো তেওঁৰ প্ৰতি উচ্চবৰ্ণৰ আচৰণ সলনি নহ’ল। শেষত উপায়ন্তৰ হৈ তেওঁ বোম্বে ত্যাগ কৰে আৰু ‘আইন’ আৰু ‘অৰ্থনীতি’ অধ্যয়ন কৰাৰ মানসেৰে লণ্ডনলৈ যাত্ৰা কৰে। লণ্ডনৰ গ্ৰেজইন কলেজত নামভৰ্তি কৰে। উল্লেখযোগ্য যে,লণ্ডনত অধ্যয়নৰ বাবে প্ৰয়োজনীয় মূলধন তথা অর্থ সাহায্য কাৰোপৰা নলৈ পৰিবাৰ ৰামাবাদীয়ে তেওঁৰ অলংকাৰ বিক্ৰী কৰি উচ্চশিক্ষাৰ বাবে আম্বেদকাৰক লণ্ডনলৈ পঠাইছিল। ১৯২১ চনত তেওঁ অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰ ডিগ্ৰীও লাভ কৰি ১৯২৩ চনত ভাৰতলৈ আহি আইনজ্ঞ হিচাপে বাৰত যোগদান কৰে।
২। ড° ভীমৰাও আম্বেদকাৰে পৰিৱৰ্তিত জীৱনৰ পটভূমিত সমাজ সংস্কাৰৰ বাবে কেনেধৰণৰ ব্যৱস্থা তথা পদক্ষেপ লৈছিল আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ অন্যতম যুৱ বুদ্ধিজীৱি তথা আইনজ্ঞ হিচাপে ১৯১৯ চনৰ “ভাৰত শাসন আইন”ৰ ৰচনাৰ দ্বায়িত্বত থকা বৃটিছ ‘চাউথবার্গ কমিটি’ যে তেওঁক নিয়ন্ত্ৰণ কৰিছিল। এই সুযোগতে আম্বেদকাৰে বৃটিছ প্ৰশাসনৰ সন্মুখত ভাৰতীয় দলিত আৰু অন্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ বাবে পৃথক নির্বাচন মণ্ডলী গঠনৰ প্ৰস্তাৱ আগবঢ়াবলৈ সুযোগ লাভ কৰিছিল। ১৯২০ চনত তেওঁ বম্বেৰপৰা প্ৰকাশ হোৱা সাপ্তাহিক কাকত ‘মোক নায়ক’ত এটি প্রবন্ধ প্রকাশ কৰে য’ত হিন্দুধৰ্মৰ বর্ণব্যৱস্থাক কঠোৰ ভাষাৰে সমালোচনা কৰে। কোলাহপুৰত আম্বেদকাৰে পিছপৰা শ্ৰেণীৰ সন্মিলিত সভাত প্ৰদান কৰা ভাষণে বৃটিছ আমোলা চতুৰ্থ চাহক আকৰ্ষিত কৰিছিল। এই সন্মিলনত উচ্চবৰ্ণৰ হিন্দুসকলে আম্বেদকাৰৰ লগত একেলগে আহাৰ গ্ৰহণত অনিচ্ছা প্ৰকাশ কৰি তেওঁলোকে কৰা আচৰণ দেখি বৃটিছ আমোলাজন আচম্বিত হৈ উঠিছিল।
১৯২৭ চনত ভীমৰাও আম্বেদকাৰে অস্পৃশ্যতা বিৰোধী এক সন্তিয় আন্দোলনৰ জন্ম দিয়ে। আম্বেদকাৰে এক ৰাজহুৱা স্থানত সুৰক্ষিত আৰু অস্পৃশ্যসকলৰ বাবে অনুমতি নথকা স্থানৰ পুখুৰীৰ পানী সেৱন কৰি এই গণআন্দোলনৰ পাটনি মেলিছিল। ইয়াৰ পিছত হিন্দু মন্দিৰত অনুপ্ৰৱেশৰে এই অস্পৃশ্যতা বিৰোধী আন্দোলনক তীৰ ৰূপ প্ৰদান কৰে। উল্লেখযোগ্য যে সেইসময়ত নিম্ন হিন্দুসকলৰ বাবে বহুতো উপাস্য মন্দিৰৰ দুৱাৰ বন্ধ আছিল। আম্বেদকাৰে এই আন্দোলনৰ জৰিয়তে ‘মহাদ সত্যাগ্রহ’ৰ পাটনি মেলিছিল। এইদৰে অতি কম সময়ৰ ভিতৰতে আম্বেদকাৰ দলিতসকলৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক নেতাত পৰিগণিত হৈছিল।
জাতীয় কংগ্ৰেছকে ধৰি সেই সময়ছোৱাত ভাৰতীয়সকলৰ দ্বাৰা গঠন কৰা ৰাজনৈতিক সংগঠন সমূহক হিন্দুসমাজৰ কু-প্ৰথা অস্পৃশ্যতাৰ বিৰুদ্ধে মাত নমতাৰ বাবে আম্বেদকাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। উল্লেখযোগ্য যে বৃটিছ প্ৰশাসনৰ লগতে জাতিৰ পিতা মহাত্মাগান্ধীৰ স্থিতিকো তেওঁ সমর্থন জনোৱা নাছিল। সেই বাবে তেওঁ কংগ্ৰেছ আৰু বৃটিছ শাসন উভয়ৰে কাৰ্যপন্থাক সমালোচনা কৰিছিল। তেওঁ ১৯৩০ চনৰ ৮ আগষ্টত অনুষ্ঠিত পিছপৰা শ্ৰেণীৰ সন্মিলনত প্ৰদান কৰা ভাষণত ভাৰতৰ পিছপৰা দলিত তথা নিম্নবৰ্ণৰ হিন্দুসকলৰ সামাজিক ন্যায়ৰ বাবে বৃটিছ আৰু কংগ্ৰেছ উভয়ে গ্ৰহণ কৰা পন্থাই সামাজিক সমতা তথা সামাজিক ন্যায়ৰ উচিত সমাধান নহয় বুলি উল্লেখ কৰিছিল। জাতিৰ পিতা হিন্দু নেতা সন্তুষ্ট নাছিল যদিও তেওঁ নিজৰ মতত অটল আছিল।
১৯৩২ চনত জাতীয় কংগ্ৰেছৰ নেতা এম. চি. ৰাজাৰ সমৰ্থনত পুনৰ ভাৰতবৰ্ষত অনুসূচীত জাতিৰ বাবে পৃথক নির্বাচন মণ্ডলী গঠনৰ দাবী বৃটিছ চৰকাৰক জনাবলৈ সুযোগ লাভ কৰে। ইয়াৰ জৰিয়তে বৃটিছ সকলৰ দৃষ্টিটো তেওঁ এজন যোগ্য দলিত নেতা হিচাবে স্বীকৃতি লাভ কৰে আৰু সেইমর্মে তেখেতক দ্বিতীয় ঘূৰণীয়া মেজমেলত বৃটিছ দলিতসকলৰ প্ৰতিনিধি হিচাপে অংশ ল’বলৈ আমন্ত্রণ জনায়। উল্লেখযোগ্য যে এই দ্বিতীয় ঘূৰণীয়া মেজমেলত তেওঁ উত্থাপন কৰা। পৃথক নির্বাচন মণ্ডলীৰ দাবীৰ বাবে আম্বেদকাৰৰ সৈতে মহাত্মা গান্ধীৰ মাজত তীব্র বিতর্ক হৈছিল। মহাত্মাগান্ধীৰ মতে আম্বেদকাৰৰ এই প্রস্তাৱে হিন্দু সমাজক বিভাজিত কৰিব আৰু সেইবাবেই বৃটিছে আম্বেদকাৰৰ প্ৰস্তাৱ মানি লোৱাত মহাত্মা গান্ধীয়ে পুনৰ কেন্দ্ৰীয় কাৰাগাৰত ‘আমৰণ অনশন’ৰ আৰম্ভ কৰিছিল। গান্ধীৰ আমৰণ অনশনৰ ফলত শাৰীৰিক অৱস্থা বেছি বেয়ালৈ গতি কৰাত কংগ্ৰেছৰ নেতা মদন মোহন মালব্যৰ নেতৃত্বত বিষয়টি আলোচনা কৰিবলৈ কেন্দ্ৰীয় কাৰাগাৰতে এখন বৈঠক অনুষ্ঠিত কৰিছিল। অনশনৰ ফলত গান্ধীৰ মৃত্যু হ’লে ভবিষ্যতত সাম্প্রদায়িক সংঘৰ্ষৰ পৰিস্থিতি উদ্ভৱ হ’ব বুলি ভাবিয়েই অৱশেষত আম্বেদকাৰে পৃথক নির্বাচন মণ্ডলী গঠনৰ নিজৰ প্ৰস্তাৱ উঠাই লয় আৰু পৃথক সংৰক্ষণ ব্যৱস্থাৰে সমস্যাটো সমাধান কৰাৰ গান্ধীৰ প্ৰস্তাৱ মানি লয়। এইদৰে মহাত্মাৰ অমৰণ অনশনৰ লগতে হিন্দু সকলৰ মাজত এক সাম্প্রদায়িক সংঘর্ষ হোৱাৰ সম্ভাৱনীয়তাৰো অন্ত পৰে। আম্বেদকাৰে পিচত গান্ধীক পিছপৰা শ্ৰেণীৰ হিন্দুসকলক প্ৰাপ্য আদায়ৰ পৰা বঞ্চিত কৰাৰ বাবে ‘GIMMICK’ আখ্যা দিছিল।
1935 চনত আম্বেদকাৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তি লাভ কৰে। এই পদত দুবছৰ কাৰ্যনিৰ্বাহ কৰি থকা সময়ছোৱাত বোম্বেত এটা নিজা আট্টালিকা নিৰ্মাণ কৰিছিল। এই আট্টালিকাৰ এটি কোঠা 50,000 গ্ৰন্থ সংৰক্ষণৰে এটি গ্রন্থাগাৰ নিৰ্মাণ কৰিছিল। অৱশ্যে সেই বছৰতে তেওঁৰ পত্নী দীঘলীয়া অসুস্থতাৰ অন্তত মৃত্যু হয়। মৃত্যুৰ পূৰ্বে ৰামাবাঙ্য ‘পন্থাৰপোৰ’ তীৰ্থভ্ৰমণৰ ইচ্ছা কৰিছিল যদিও পত্নীৰ ইচ্ছা পূৰ্ণ কৰিব নোৱাৰিলে কাৰণ এই তীৰ্থ অস্পৃশ্যসকলৰ বাবে বৰ্জিত আছিল। গতিকে, ৰামাবাঈৰ মৃত্যুই তেওঁক অধিক ধৰ্ম বিৰোধী কৰি তুলিছিল। নাছিকৰ সন্মিলনৰ উপৰিও বহুতো ৰাজহুৱা সভাত দিয়া ধৰ্মীয় ভাষণত সেইবাবে তেওঁ অনুগামীসকলক হিন্দু ধর্ম ত্যাগ কৰি বিকল্প ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
১৯৩৬ চনত আম্বেদকাৰে স্বতন্ত্র শ্রমিক দল গঠন কৰিছিল। এই দলে কেন্দ্রীয় বিধান মণ্ডলৰ ১৯৩৭ চনৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰি 15 খন আসন লাভ কৰিছিল। একে বছৰতে তেওঁ নিউয়ৰ্কত বসবাস কালত থেচিচসমূহৰ সংকলন কৰি যুগুত কৰি ‘The Annihilation of Caste’ নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। হিন্দু ধৰ্মত প্রচলিত বৰ্ণ প্ৰথাৰ কু-প্ৰভাৱ উল্লেখ কৰি গৱেষণামূলকভাৱে লিখি উলিওৱা এই গ্ৰন্থখন যথেষ্ট চর্চা তথা জনপ্রিয়তা লাভ কৰিছিল। এই গ্ৰন্থখনত আম্বেদকাৰে নিম্নবৰ্ণৰ হিন্দুসকলক ‘হৰিজন’ ধাৰণাটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।
১৯৪১ চনৰ পৰা ১৯৪৮ চনলৈকে আম্বেদকাৰে কেইবাখনো বিতর্কিত গ্রন্থ লিখি উলিয়াইছিল। এই গ্ৰন্থসমূহৰ ভিতৰত “Thought on Pakistan” গ্ৰন্থত মুছলমানসকলে তেওঁলোকৰ বাবে কৰা পৃথক ৰাষ্ট্ৰৰ দাবীক তীব্র ভাষাৰে সমালোচনা কৰিছিল। তেওঁ ৰচনা কৰা “What Congress and Gandhi Have Done to the Untouchables” নাম গ্ৰন্থত গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক সমালোচনা কৰিছিল। আম্বেদকাৰে গঠন কৰা স্বতন্ত্র শ্রমিক দলটোৰ নাম ‘সদৌ ভাৰত অনুসূচিত জাতিৰ ফেডাৰেচন’ নামেৰে পৰিৱৰ্তন কৰে। অৱশ্যে এই দলটোৱে 1946 চনত অনুষ্ঠিত হোৱা সাংবিধানি সভাৰ নিৰ্বাচনত নিৰাশাজনক প্ৰদৰ্শন কৰিছিল। 1948 চনত আম্বেদকাৰে লিখা “Who were the Sudras” গ্রন্থত অস্পৃশ্যতাক সমালোচনা কৰিছিল ‘A Thesis on the Origin of Untouchability’ত অস্পৃশ্য ধাৰণাটোৰ গৱেষণাত্মক উৎপত্তিৰ কাৰণ ব্যাখ্যা আগবঢ়াইছিল। তেওঁৰ মতে বহুধা বিভক্ত হিন্দু সমাজত মানৱতাক উপেক্ষা কৰা হৈছে। তেওঁৰ মতে হিন্দু সমাজেই বিশ্বৰ একমাত্র সমাজ য’ত একশ্ৰেণীৰ লোকক অস্পৃশ্য গণ্য কৰি এই শ্রেণীক স্পৰ্শ কৰাটো পাপ বুলি ব্যাখ্যা কৰা হয়।
আম্বেকাৰে দক্ষিণ এছিয়াৰ ইছলাম পৰম্পৰাকো সমালোচনা কৰিছিল। তেওঁ সমালোচনা কৰি এইদৰে লিখিছিল— “Muslim Society even fuller of social evil that Hindu Society is.”
ইছলাম প্রথাত প্রচলিত আৰজল “ARZAL’ দৰে শ্ৰেণীৰ মুছলমানক বৈষ্যমৰ বলি কৰা প্ৰথাক হিন্দুৰ বৰ্ণ প্ৰথাৰ দৰেই গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰিছিল। তেওঁ হিন্দু সমাজতকৈ ইছলাম সমাজৰ পৰ্দা প্ৰথা অধিক ক্ষতিকাৰক আখ্যা দিছিল। তেওঁৰ মতে হিন্দু সমাজত পৰ্দাপ্রথা ইছলামৰ দৰে বৰ্ণ বা জাতিৰ আধাৰত নহয় বুলি উল্লেখ কৰিছিল। আম্বেদকাৰৰ মতে ভাৰতীয় মুছলমানসকল তুর্কীৰ মুছলমানৰ দৰে সংস্কাৰপন্থী নহয় বুলি উল্লেখ কৰি ভাৰতৰ হিন্দু-মুছলমান উভয়েই সামাজিক ন্যায়ৰ মূল সূতিৰ পৰা আঁতৰি আহিছে বুলি যুক্তি আগবঢ়াইছিল।
আম্বেদকাৰে মহম্মদ আলি জিন্নাক সাম্প্ৰদায়িক ভাৱধাৰৰ বাবে সমালোচনা কৰি জিন্নাৰ নেতৃত্বত মুছলিম লীগৰ ভাৰত বিভাজন প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে হিন্দু আৰু ইছলাম উভয়ে ভাৰতত বহুধা গোটত বিভক্ত হৈ পৰিছে। আম্বেদকাৰৰ মতে ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন কৰিলেও ভৱিষ্যতত নৃ-গোষ্ঠীয় বিভাজনে নতুনকৈ জন্ম হোৱা ৰাষ্ট্ৰখনত অধিক সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টিত সহায় কৰিব বুলি ভৱিষ্যত বাণী আগবঢ়াইছিল। তেওঁ ভাৰতীয় হিন্দু-মুছলমান উভয়কে তুর্কী সাম্ৰাজ্য আৰু চেক’গশ্লোভাকিয়াৰ পৰা শিক্ষা লোৱা উচিত বুলি উল্লেখ কৰিছিল। অৱশ্যে পাকিস্তান গঠনে সাম্প্রদায়িক দ্বন্দ্ব কিছু পৰিমাণে নিৰাময় কৰিব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত পাকিস্তানে নিজৰ স্থিতিক যুক্তি সহকাৰে উপস্থাপন কৰা উচিত হ’ব বুলি মতামত আগবঢ়াইছিল।
ফৰাচী আৰু বৃটিছ উভয়ৰে মাতৃভূমি কানাডাত সাম্প্রদায়িক বিভাজন থকাৰ পিছতে একে ৰাষ্ট্ৰৰ অধীনত শান্তিৰে কানাডিয়ানসকলে বসবাস কৰাৰ দৰে, ভাৰতবৰ্ষতো বিচাৰিলে হিন্দু-মুছলমানে একেখন ৰাষ্ট্ৰ অধীনত নিজৰ স্বকীয় ঐতিহ্য ৰক্ষা কৰিব পাৰিব বুলি যুক্তি আগবঢ়াইছিল। দ্বি-জাতিৰ আধাৰত হোৱা ভাৰত-পাকিস্তান বিভাজনে ভৱিষ্যতত ৰাষ্ট দুখনৰ মাজত সীমা সমস্যাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰি স্বাধীনতাৰ প্ৰাকমূহূৰ্তৰ ভাৰত-বিভাজন সিদ্ধান্তক এটা ভুল সিদ্ধান্ত বুলি উল্লেখ কৰিছিল।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত গঠন হোৱা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰত তেওঁক আইনমন্ত্রী দায়িত্ব ল’বলৈ প্ৰস্তাৱ আগবঢ়াইছিল। কংগ্ৰেছৰ এই প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁ স্বাধীন ভাৰতৰ প্রথম আইনমন্ত্রী হিচাপে দায়িত্ব পালন কৰিছিল। উক্ত বৰ্ষৰ 29 আগষ্টত আম্বেদকাৰক সংবিধান খচৰা সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰি স্বাধীন ভাৰতৰ গণতান্ত্রিক সংবিধান প্রণয়নৰ দায়িত্ব অর্পণ কৰে। সংবিধানৰ খচৰা নিৰ্মাণৰ আম্বেদকাৰৰ দক্ষতাক বিশ্বৰ বহুতো সংবিধানিক বিশেষজ্ঞই প্ৰশংসা কৰিছিল। ভাৰতীয় সংবিধানৰ দার্শনিক ভেটি নিৰ্মাণৰ বাবে বৌদ্ধিদর্শন আৰু পাশ্চাত্য উদাবাদী ভাৱধাৰাৰ সহায় লৈছিল। যদিও সংবিধানৰ আত্মাটো ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বিশুদ্ধ ৰূপত ৰচনা কৰ হৈছিল।
আম্বেদকাৰে 1951 চনত মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে। মন্ত্রীসভাৰ অন্য সদস্যসকলকৰ সৈতে ‘Hindu Code Bill সন্দৰ্ভত হোৱা মনোমালিন্যৰ বাবেই তেওঁ পদত্যাগ কৰিছিল। উল্লেখযোগ্য যে তেওঁ এই বিধেয়কৰ জৰিয়তে হিন্দুসকলৰ লিংগ সমতাৰ ব্যৱস্থা কৰিছিল যদিও, প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ বাহিৰে সংখ্যাগৰিষ্ঠ সংসদীয় সদস্যই বিধেয়কখনৰ বিৰোধিতা কৰিছিল। 1952 চনত আম্বেদকাৰে নির্দলীয় হিচাপে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ বেয়াকৈ পৰাজিত হ’ব লগা হ’ল। আম্বেদকাৰ 1952 চনৰ মাৰ্চত উচ্চ সদন তথা ৰাজ্য সভাৰ সদস্য হিচাপে নির্বাচিত হৈছিল আৰু মৃত্যুৰ আগলৈকে ৰাজ্যসভাৰ সদস্য হিচাপেই নিষ্ঠাৰে দায়িত্ব পালন কৰি গৈছিল।
৩। আম্বেদকাৰৰ ৰাজনৈতিক দর্শন সম্পর্কে এক আলোচনা আগবঢ়োৱা। তেওঁৰ ৰাজনৈতিক দৰ্শনৰ প্রাসঙ্গিকতা কিমান আলোচনা কৰা।
উত্তৰঃ ভীমৰাও আম্বেদকাৰক আধুনিক ভাৰতৰ ‘মনু’ আখ্যা দিয়া হয়। মনুস্মৃতিক হিন্দুসকলে ধর্মীয় আইন বা ‘Code of Law’ আখ্যা দিছে। এই গ্ৰন্থখত হিন্দুধৰ্মৰ বৰ্ণপলথাৰ উল্লেখ পোৱা যায়। এই গ্রন্থখনে চতুবর্ণক সমর্থন কৰিছে। দলিতসকলৰ প্ৰাণকৰ্তা আম্বেদকাৰে মনুস্মৃতিক বিৰোধ কৰাৰ উপৰিও, ইয়াক জ্বলাই দিছিল। তেওঁ মনুস্মৃতিৰ চতুৰবৰ্ণৰ ব্যৱস্থাক কঠোৰ ভাষাৰে সমালোচনা কৰি, আধুনিক গণতান্ত্রিক ভাৰতীয় সংবিধানৰ ভেটি নির্মাণ কৰাৰ বাবেই তেখেতক আধুনিক ভাৰতৰ ‘মনু’ আখ্যা দিয়া হয়। দৰে হিন্দু ধৰ্মৰ কু-প্ৰথাৰ অভিজ্ঞতা লাভ কৰিছিল। এই অভিজ্ঞতাই আম্বেদকাৰৰ এক সুকীয়া ৰাজনৈতিক দৰ্শনৰ বিকাশত সহায় কৰিছিল।
আম্বেদকাৰ ১৮৯১ চনত জন্মলাভ কৰা বছৰতে দুটা উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল।
a. প্রথমে ‘মহাৰ’ সম্প্ৰদায়ক বৃটিছ সেনাবাহিনীত মকৰল কৰা ব্যৱস্থাটো বন্ধ কৰি দিয়া হয়। আৰু,
b. দলিতসকলৰ প্ৰতি থকা সামাজিক বৈষম্যৰ বিৰোধিতাৰ বাবে পশ্চিম ভাৰতত কেইবাটাও সামাজিক আন্দোলনৰ আৰম্ভ হৈছিল।
আম্বেদকাৰৰ জন্মৰ কিছুদিনৰ পিছত তেওঁৰ পৰিয়ালটি চাকৰীসূত্রে মহাৰাষ্ট্ৰলৈ যাব লগা হয়। সেইসময়ত ইতিমধ্যে আৰম্ভ হোৱা সংস্কাৰ আন্দোলনসমূহে গতি লাভ কৰিছিল। যিসকলৰ নেতৃত্বত এই আন্দোলনসমূহে প্ৰসাৰিত হৈছিল তেওঁলোকৰ ভিতৰত মহাদেৱ ৰাণাদেৰ ‘প্রার্থণা সমাজ’ জ্যোতিবা ফুলেৰ ‘গৌলামগিৰিত দলিতসকলৰ সামাজিক ন্যায়ৰ বাবে মাত মতা হৈছিল। ইয়াৰ কিছুদিনৰ পিছত গৌপাল বাবাৰ দ্বাৰা ‘মহাৰ’ আন্দোলনৰো সূত্রপাত ঘটিছিল। এই পৰিঘটনাসমূহে কোমল হৃদয়ৰ আম্বেদকাৰৰ চিন্তাধাৰাত গভীৰ প্রভাৱ পেলাইছিল। তেওঁৰ ৰাজনৈতিক দর্শন গঢ় দিয়াত এই ঘটনাসমূহৰ প্রভাৱ দেখিবলৈ পোৱা যায়। তেওঁ সামাজিক সমতাৰ ওপৰত প্রতিষ্ঠিত সামাজিক ন্যায়ৰ ৰাজনৈতিক দর্শনৰ আধাৰ সচা অৰ্থত এই ঘটনাসমূহৰ প্ৰভাৱতে অংকুৰিত হৈছিল।
সংবিধান সভাৰ তেওঁ অধ্যক্ষ হোৱাৰ উপৰিও আইনগত দৃষ্টিকোণৰ পৰাও তেওঁ সংবিধান সভাৰ আটাইতকৈ পৰিপক্ক ব্যক্তি আছিল। ভাৰতীয় দর্শনৰ ভিত্তিত ভাৰতীয় সংবিধানৰ আদৰ্শসমূহ অন্তর্ভুক্ত কৰাৰ ক্ষেত্ৰত আম্বেদকাৰৰ দূৰদৰ্শিতা খচৰা সংবিধানতে প্রতিফলিত হৈছিল। সংবিধানৰ প্ৰস্তাৱনাৰ দুটা মহান আদর্শ সমতা আৰু ন্যায়ৰ ক্ষেত্ৰত তেওঁ দিয়া ব্যাখ্যা অদ্বিতীয় বুলিব পাৰি। আম্বেকাৰে যুগ যুগ ধৰি চলি অহা সামাজিক বৈষম্যৰ পৰিণতি সামাজিক অসমতা দূৰ কৰিবৰ বাবে সংৰক্ষণ ব্যৱস্থা’ প্রয়োজনীয়তাক সমৰ্থন কৰিছিল যদিও ইয়াক সামাজিক অসমতা দূৰীকৰণৰ স্থায়ী সমাধান ৰূপে কেতিয়াও ভৱা নাছিল। ইয়াৰ বিপৰীতে অত্যধিক দীঘলীয়া সময়ৰ বাবে সংক্ষৰণ ব্যৱস্থা অব্যাহত থাকিলে সংৰক্ষণ এসময়ত ‘ৰাজনীতিকৰণ’ৰ আহিল। হৈ পৰিব বুলি যুক্তি আগবঢ়াইছিল। সেইবাবে ভাৰতীয় দলিতসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে দলিত সমাজত প্ৰথমে শিক্ষাৰ প্ৰসাৰৰ বাবে আম্বেদকাৰে পৰামৰ্শ আগবঢ়াইছিল। যথোপযুক্ত শিক্ষাৰে শিক্ষিত হলেও দলিতসকল সংগঠিত হ’ব বুলি উল্লেখ কৰি, সংগঠিত হোৱা দলিত সমাজেহে তেওঁলোক বিৰুদ্ধে যোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ অগ্ৰসৰ হ’ব বুলি যুক্তি আগবঢ়াইছিল।
আমি আপেপকাৰৰ ৰাজনৈতিক দর্শন ব্যাখ্যা কৰিবলৈ তেওঁৰ জীৱন আৰু কৰ্মৰাজীক তিনিটা ভাগত বিভাজন কৰি ল’ব লাগিব। যেনে—
(ক) প্রথম পৰ্য্যায় (১৮৯১-১৯২৩) : আম্বেদকাৰৰ জন্মৰপৰা 1923 চনত বিদেশত সকলো শৈক্ষিক ডিগ্ৰী লাভ কৰি পুনৰ ভাৰতবৰ্ষলৈ উভতি অহালৈকে তেওঁৰ ৰাজনৈতিক দর্শন বিস্তাৰৰ প্ৰথম স্তৰ হিচাপে বিবেচনা কৰিব পাৰি। এই সময়চোৱাত আম্বেদকাৰ মূল ৰাজনৈতিক দর্শন সমূহ আছিল—
(i) বর্ণবাদৰ বিৰুদ্ধাচৰণ।
(ii) সাম্যসমাজ প্রতিষ্ঠা।
(iii) সংস্কৃত, ব্ৰাহ্মণকৰণ আৰু পুঁজিবাদ বিৰোধিতা।
(খ) দ্বিতীয় পৰ্যায়ত (১৯২৩-১৯৫১) : আম্বেদকাৰৰ ৰাজনৈতিক দর্শন দ্বিতীয় পর্যায়ত প্ৰতিফলিত হৈছিল। কাৰণ এই সময়ছোৱাত জাতীয় কংগ্ৰেছৰ লগতে তেওঁ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰিছিল। এই সমছোৱাত তেওঁ ১৯৩০ ৰ পৰা লণ্ডনত হোৱা তিনিওখন ঘূৰণীয়া মেজমেলত অংশ গ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় আছিল। ইয়াৰে দ্বিতীয়খন মেজমেলত পৃথক নির্বাচন মণ্ডলী গঠনক লৈ জাতিৰ পিতা মহাত্মাগান্ধীৰ সৈতে হোৱা বিতৰ্ক আৰু ইয়াৰ পৰিণতিত হোৱা গান্ধী-আম্বেদকাৰৰ মাজৰ পুনা চুক্তি উল্লেখযোগ্য ঘটনা আছিল। এই সময়ছোৱাতে তেওঁ দলিত আন্দোলনসমূহৰ নেতৃত্ব দিছিল। সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষৰ দায়িত্বৰ উপৰিও ভাৰতৰ প্ৰথম আইন। মন্ত্ৰী হিচাপে তেখেতৰ-দায়িত্ব পালনৰ সময়ছোৱাৰ কাৰ্য প্ৰণালীত আম্বেদকাৰৰ ৰাজনৈতিক দর্শন প্রতিফলিত হৈছে।
তেওঁ নিৰ্বাচনৰ জৰিয়তে সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ প্ৰয়াস কৰিছিল যদিও তেওঁ নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিবলগীয়া হয়। দলিত নেতা হিচাপে আম্বেদকাৰে জনপ্রিয়তা লাভ কৰাৰ পিছতো নিৰ্বাচনত পৰাজিত হোৱাৰ কাৰণ তেওঁ নিজেই বিশ্লেষণ কৰিছিল। তেওঁৰ মতে জনপ্রিয়তাই নিৰ্বাচনত জয়ী হোৱাৰ যথোপযুক্ত নহয়। নিৰ্বাচনত জয়ী হ’বৰ বাবে ভোটাৰৰ দৃষ্টিত “Common Man” বা সাধাৰণ ব্যক্তিৰ প্রতিচ্ছবি হিচাপে আত্মপ্রকাশ কৰিব পাৰিব লাগিব। অৱশ্যে নিজৰ বৃত্তি আৰু ব্যক্তিত্ব ত্যাগ কৰি জনগণক মূখা পিন্ধাই তেওঁ ‘Common Man’ প্রতিচ্ছবিৰে নিৰ্বাচনত জয়ী হোৱাৰ ইচ্ছা তেখেতৰ নাছিল।
(গ) তৃতীয় পর্যায় (১৯৫১ পৰা মৃত্যু লৈকে) : ভীমৰাও আম্বেদকাৰৰ ৰাজনৈতিক দর্শনৰ তৃতীয় স্তৰ ১৯৫১ চনৰপৰা আৰম্ভ হৈছিল আৰু মৃত্যুৰ প্ৰাকমুহূৰ্তলৈকে ইয়াৰ বিকাশ আৰু প্ৰতিফলন দেখিবলৈ আৰম্ভ হৈছিল আৰু মৃত্যুৰ পৰিঘটনাসমূহ এনেধৰণৰ আছিল পোৱা যায়। এই সময়ছোৱাত হোৱা মূল পৰিঘটনাসমূহ এনেধৰণৰ আছিল―
(i) বৌদ্ধ ধৰ্মৰ প্রতি আকৃষ্ট আৰু বৌদ্ধ ধর্ম গ্রহণ।
(ii) দ্বিতীয় বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আৰু পৰাজয়।
(iii) সংসদীয় গণতন্ত্র ওপৰত অনাস্থা।
(iv) আধুনিকতাৰ ওপৰত গুৰুত্ব।
তেওঁৰ জীৱনৰ ৰাজনৈতিক দর্শনৰ বিকাশৰ উল্লেখিত তিনিটা স্তৰ দেখিবলৈ পোৱা যায়।
এই তিনিওটা স্তৰত ঘটা তেওঁৰ দার্শনিক চিন্তাধাৰাৰ বিকাশ এক মন কৰিবলগীয়া বিষয়। বৃটিছ ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক সংগঠন জাতীয় কংগ্ৰেছক আম্বেদকাৰে নিজৰ ‘What Congress and Gandhi have done to the Untouchables” সমালোচিত লিখনিত উল্লেখ কৰিহে। অৱশ্যে ব্যক্তিগত মতপার্থক্য থাকিলেও কংগ্ৰেছৰ মহাত্মাগান্ধীকে ধৰি জৱাহৰলাল নেহেৰুৰ দৰে নেতাই ভাৰতীয় ৰাজনীতিত তেওঁৰ প্ৰয়োজনীয়তা সদায় স্বীকাৰ কৰিছিল। স্বাধীন ভাৰতৰ গণতান্ত্রিক ভাৰতৰ সংবিধান ৰচনাৰ মূল দায়িত্ব এইজনা মহৰ্ষিৰ ওচৰত অৰ্পণ কৰাটো কংগ্ৰেছৰ সৰ্বসন্মত সিদ্ধান্ত আছিল । ইয়াৰ উপৰিও স্বাধীনতাৰ পাছত গঠন জৱাহৰলাল নেহৰুৰ নেতৃত্বৰ জাতীয় চৰকাৰ মন্ত্ৰীসভাত তেওঁক আহিন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ কোৱা আহ্বানে ইয়াকে প্রতিপন্ন কৰে যে, তেওঁৰ প্ৰাসংগিকতা ভাৰতীয় ৰাজনীতিত কংগ্ৰেছে ভালদৰে উপলব্ধি কৰিব পাৰিছিল। অৱশ্যে ১৯৫১ চনত হিন্দু আইনখন সংসদত গৃহীত হোৱাৰ লগে লগে তেওঁ মন্ত্রীসভাৰ পৰা। পদত্যাগ কৰিছিল আৰু কংগ্ৰেছক হিন্দুত্ববাদৰ প্ৰতি আম্বেদকাৰে নিজস্ব প্ৰতিষ্ঠাৰে গঠন কৰা কেইটামান ৰাজনৈতিক দল হৈছে―
(i) শ্রমিক দল [Labour Party]
(ii) প্রজাতান্ত্রিক দল [Republican Party]
(iii) সদৌ ভাৰত অনুন্নত শ্ৰেণীৰ দল [AIL India Depressed Class Party]
অৱশ্যে এই ৰাজনৈতিক দলকেইটা তেওঁৰ জীৱিত কালত বা পৰৱৰ্তী সময়ত নির্বাচনত বিশেষ সফলতা অর্জন কৰিবলৈ সক্ষম নহ’ল। প্ৰাৰম্ভিক অৱস্থাৰ পৰাই কংগ্ৰেছৰ সৈতে থকা তেওঁৰ মনোমালিন্যৰ বাবে দলীয় ৰাজনীতিৰ প্ৰতি তেওঁৰ আস্থা হেৰাই গৈছিল। সেইবাবেই তেওঁ স্বাধীন ভাৰতৰ বিধানমণ্ডল তথা সংসদীয় নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্ববিতা আগবঢ়াইছিল। অসমতা আৰু বৈষম্যমূলক আচৰণৰ অভিজ্ঞতাই তেওঁক প্রথমে গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি আকৃষ্ট কৰিছিল, কাৰণ গণতন্ত্র সাম্য, মৈত্ৰী আৰু স্বতন্ত্ৰতাৰ ওপৰত প্রতিষ্ঠিত বাবে গণতান্ত্রিক চৰকাৰতহে সামাজিক ন্যায় সম্ভৱ বুলি তেওঁ ধাৰণা কৰিছিল। খচৰা সংবিধানৰ অধ্যক্ষ ৰূপে দায়িত্ব পালন কৰা সময়হোৱাত সেইবাবে সংসদীয় গণতন্ত্ৰত দায়িত্বশীল চৰকাৰ আৰু যুক্তৰাজ্যিক ব্যৱস্থাক স্থায়ী ব্যৱস্থা বুলি মত পোষণ কৰিছিল। প্ৰাৰম্ভিক অৱস্থাত বৃটেইনৰ সংসদীয় গণতন্ত্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভিতৰত ভাৰতৰ বাবে অধিক উপযোগি ব্যৱস্থাটোক বাচনি কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল যদিও পৰৱৰ্তী সময়ছোৱাত সামূহিক দায়বদ্ধতাৰ বিষয়টো ভাৰতবৰ্ষৰ বাবে অধিক প্রাসংগিকতা অনুভৱ কৰিয়েই দুর্বল যুক্ত ৰাজ্যিক গাঠনিৰে শক্তিশালী সংসদীয় গণতান্ত্রিক ব্যৱস্থাক আঁকোৱালি লৈছিল। এই সিদ্ধান্ত গ্ৰহণ কৰাটেও আম্বেদকাৰে সামাজিক সমতা আৰু সামাজিক ন্যায়ৰ প্রয়োজনীয়তাক সদায় অগ্রাধিকাৰ দিছিল। অৱশ্যে গণতন্ত্র প্রতি থকা তেওঁৰ দৃষ্টিভংগী পৰৱৰ্তী সময়ত সলনি হৈছিল। ভাৰতীয় গণতান্তিৰ প্ৰাৰম্ভিক প্রতিচ্ছবি দেখি আম্বেদকাৰ সন্তুষ্ট হ’ব পৰা নাছিল। তেওঁৰ মূল উদ্দেশ্য আছিল সংখ্যালঘুসকলৰ স্বাৰ্থৰ সুৰক্ষা। ইয়াৰ বিপৰীতে ভাৰতীয় গণতন্ত্ৰত সংখ্যাগৰিষ্ঠৰ শাসনে সংখ্যালঘুৰ স্বাৰ্থক সম্পূৰ্ণৰূপে নস্যাৎ কৰাত ভৰতীয় গুণতকৈ সংখ্যাৰ ওপৰত অত্যধিক গুৰুত্ব পোৱা কথাষাৰে গণতন্ত্ৰৰ ন্ঠন্ঠ প্ৰতি থকা আম্বেদকাৰৰ বিশ্বাসত আঘাত সানিছিল। আম্বেদকাৰৰ মতে ভাৰতীয় গণতন্ত্র আটাইতকৈ নেতিবাচক দিশটো হ’ল ইয়াত প্ৰচাৰৰ জৰিয়তে জনমত সলনি কৰিব পৰ যায়।
এইদৰেই আম্বেদকাৰৰ ৰাজনৈতিক দৰ্শনৰ ভেঁটি ইমানেই সঠিক আছিল যে ই ভৱিষ্যত ভাৰতীয় ৰাজনীতিৰ গতিক বা ধাৰাক সেইসময়ত শুদ্ধভাৱে আকলন কৰিবলৈ সক্ষম হৈছিল।
৪। ইতিহাস অধ্যয়ন সম্পর্কে আম্বেদকাৰৰ দৃষ্টিভংগী বা দর্শন সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ ইতিহাস অধ্যয়ন সম্পর্কে আম্বেদকাৰৰ দৃষ্টিভংগী বা দর্শন [AMBEDKAR’s. APPROACH OR PHILOSOPHY TO STUDY HISTORY] : হিন্দু সমাজত বর্ণপ্রথাৰ কেনেদৰে বিকাশ ঘটিল ইয়াক ঐতিহাসিক দৃষ্টিভংগীৰে আম্বেদকাৰে বিশ্লেষণ কৰিছিল। হিন্দু ধৰ্মৰ খাকবেদত দায়িত্ব তথা সামাজিক কৰ্তব্যৰ আধাৰত ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ এই চাৰি বা চতুৰবৰ্ণৰ উল্লেখ পোৱা যায়। মহাৰ হিচাপে জন্মগ্রহণ কৰাৰ বাবে তেওঁ এই প্ৰথাৰ কু-প্ৰভাৱ ল’ৰালিৰ পৰাই উপলব্ধি কৰিছিল। সেইবাবে এই বৰ্ণ প্ৰথাৰ উৎপত্তিৰ কাৰণ বিচাৰি উলিয়াবলৈ আম্বেদকাৰে গৱেষণামূলক অধ্যয়ন কৰিছিল। আম্বেদকাৰে প্ৰথম মানৱ বিকাশৰ ভৌগোলিক বিস্তাৰৰ অধ্যয়ন হিচাপে নৃতত্ত্বৰ গৰ্ভত বৰ্ণপ্ৰথাৰ উৎপত্তিক অনুসন্ধান কৰিছিল। ইয়াৰ বাবে ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন স্থানৰপৰা অহা লোকৰ নৃতাত্বিক অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ পৰা আম্বেদকাৰে এই সিদ্ধান্তলৈ আহিব পাৰিছিল। যেনে—
(ক) প্ৰকৃততে, হিন্দুসমাজত প্ৰাৰম্ভিক অৱস্থাত বেদ অনুসৰি তিনিটা বৰ্ণৰহে অৱস্থিতিক স্বীকাৰ কৰা হৈছিল। এই বৰ্ণ তিনিটা আছিল ব্রাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য। এসময়ত অজ্ঞাত এক বিষয়ক কেন্দ্ৰ কৰি ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত বিবাদ আৰম্ভ হয়। ক্রমাৎ এই বিবাদৰ ফলত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ ব্ৰাহ্মাণসকলে কৌশলেৰে ক্ষত্ৰিয়সকলক প্রতিশোধ পৰায়ণ মনোভাৱেৰে সমাজত তেওঁলোকৰ বিবাদ মান ক্ষত্রিয় শ্রেণীক সমাজৰ ‘Polluted’ কলুষিত ভাগ হিচাপে ঘোষণা কৰে আৰু তেওঁলোকক শূদ্র নাম দি সমাজৰ মূল গাঁঠনিৰ পৰা বাহিৰ কৰি দিয়ে। গতিকে হিন্দু ধৰ্মত চতুৰ্থটো বৰ্ণ শূদ্র সংৰচনাত তথা চতুবৰ্ণৰ সৃষ্টিৰ অন্তৰালত বাহ্মণসকলৰ কু-বুদ্ধিৰ মুখ্য ভূমিকা আছিল বুলি আম্বেদকাৰে যুক্তি আগবঢ়াইছিল ৷ আম্বেদকাৰে তেওঁৰ এই যুক্তিৰ সমৰ্থনত উল্লেখ কৰিছিল যে ঋকবেদত শূদ্ৰৰ উল্লেখ আছে যদিও ইয়াক এক পৃথক বৰ্ণ বুলি উল্লেখ কৰা হোৱা নাই। ঋকবেদত অবর্ণ নামৰ এটা গোটৰ উল্লেখ আছে আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ অন্তৰ্ভুক্ত নোহোৱা হিন্দু ধর্মৰ লোকসকলক ‘অবর্ণ’ আখ্যা দিয়া হৈছিল। আম্বেদকাৰৰ মতে এই ‘অবর্ণ’ সকলক সনাতনৰূপী হিন্দু ধৰ্মত কেতিয়াও শূদ্র আৰু অস্পৃশ্য আখ্যা দিয়া হোৱা নাই। সেইবাবে বেদ অনুসৰি শূদ্রক এক স্বতন্ত্র বর্ণ বা হিন্দুসকলৰ শ্ৰেণী বুলি ধৰি ল’লে ইতিহাসক ভুল ব্যাখ্যা কৰা হ’ব বুলি আম্বেদকাৰে উল্লেখ কৰিছিল। এই দৃষ্টিভংগীৰ পৰা অস্পৃশ্য বা শূদ্ৰসকলৰক এটা নাম দিছিল— Broken Men’ অর্থাৎ শোষিত লোক।
(খ) আম্বেদকাৰে অন্য এক অধ্যয়নৰ পৰা এই সিদ্ধান্তলৈ আহিছিল যে হিন্দুসমাজত অস্পৃশ্য হিচাবে গণ্য কৰা লোকসকল প্ৰকৃততে এসময়ত হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰকৰণ হোৱা লোক আছিল। এই লোকসকলে হিন্দু ধর্ম ত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত তেওঁ এইদৰে লিখিছিল— “Only by leaving Hinduism, it is possible for Untouchables to live a dignity life.”
গতিকে অস্পৃশ্যসকলে মর্যাদাপূর্ণ জীৱনৰ অনুসন্ধানতে হিন্দু ধর্ম ত্যাগ কৰিছিল বুলি উল্লেখ কৰিছিল। আম্বেদকাৰৰ বৌদ্ধ ধৰ্ম গ্ৰহণৰ অন্তৰালটো এই কাৰণটোকে আমি বিচাৰি পাওঁ। হিন্দু ধর্মৰ বেদ আৰু মনুস্মৃতিৰ প্ৰতি তেওঁ নিজৰ ক্ষোভ প্রকাশ কৰি বেদ আৰু মনুস্মৃতিক, ডিনামাইট অর্থাৎ বোমাৰে নষ্ট কৰি দিয়া উচিত বুলি মত আগবঢ়াইছিল। তেওঁ বহুতো নিজৰ লিখনি আৰু, ভাষণত হিন্দু ধৰ্মক বিশ্বৰ আটাইতকৈ বেছি গোড়া পৰম্পৰা থকাৰ বাবে সমালোচনা কৰিছিল আৰু হিন্দু ধৰ্মই সংস্কাৰৰ পথ বাচি নল’লে এসময়ত ই বিশ্বত মৃত্যুৰ দিশলৈ অগ্ৰসৰ এক অপ্রাসংগিক ধর্ম হৈ পৰিব বুলি উল্লেখ কৰিছিল। 1956 চনৰ 14 নবেম্বৰত তেওঁ বেছি বৌদ্ধ ধৰ্ম গ্ৰহণৰ প্ৰাক ক্ষণত হিন্দু ধর্মক এইদৰে সমালোচনা কৰিছিল— I reject Hinduism. I reject the religion which discriminated between Man and Man and which treat me inferior” হিন্দু ধৰ্মক আৰু অধিক কঠোৰ সমালোচনাৰে তেওঁ এইদৰে মন্তব্য আগবঢ়াইছিল— Religion which force some one to remain poor, force illiterate to remain illiterate, which allows human to touch cow-dung but not to touch fellow human, being is not a religion but a madness”
(গ) আম্বেদকাৰে “Hinduism” হিন্দুত্ববাদক এক বিদেশী শব্দৰঅপভ্রংশ বস বুলিয়ো যুক্তি আগবঢ়াইছিল ইয়াৰ বাবে তেওঁ হিন্দু (Hindu) আৰু হিন্ধুৰ মাজৰ প্ৰভেদ উল্লেখ কৰিছিল। তেওঁ হিন্দু বাদক ব্রাহ্মণবাদ আখ্য। দিছে। ইয়াৰ জৰিয়তে হিন্দুধর্মত থকা ব্রাহ্মণসিকলৰ আধিপত্যক ইংগিত দিছিল। তেওঁৰ মতে এই আধিপত্য হিন্দু ধৰ্মৰ বাবে ক্ষতিকাৰক কাৰণ এই ব্যৱস্থাই হিন্দুসকলৰ ব্ৰাহ্মণৰ বাবে এই পৃথিৱীখন স্বৰ্গ আৰু শূদ্ৰসকলৰ বাবে নৰক কৰি তুলিছে বুলি মতামত আগবঢ়াইছিল। এই ব্রাহ্মণবাদক ভুল বুলি প্ৰমাণিত কৰিবলৈ ইয়াৰ আধাৰ স্বৰূপ দুটা নীতিৰ ব্যাখ্যা আৰু এই নীতি দুটাৰ অন্তঃর্নিহিত প্রাপ্ত ধাৰণাক উল্লেখ কৰিছিল — এই নীতি দুটা হ’ল –
(i) অন্তঃবিবাহ।
(ii) বিশুদ্ধতা আৰু অবিশুদ্ধতা।
একে বর্ণৰ মাজত সম্পন্ন বিবাহক সাধাৰণ অর্থ অন্তঃবিবাহ আখ্যা দিয়া হয়। হিন্দু সমাজত এই ব্যবস্থাই আম্বেদকাৰৰ মতে বিভিন্ন গোটত শ্ৰেণী বা বৰ্ণ সংস্কৰণত বিভাজন কৰি হিন্দু সমাজৰ প্ৰচলিত ভাতৃত্ববোধ ভাৱধাৰাত বাধাৰহে সৃষ্টি কৰিলে। অন্তঃবিবাহ সমালোচনা কৰি তেওঁ লিখিছিল যে ভাৰতত এতিয়া কোনেও, সম্পর্ক ‘বিশুদ্ধ তেজ’ৰ অধিকাৰী বুলি দাবী কৰিব নোৱাৰে। “বিশুদ্ধ তেজ’ৰ অধিকাৰী হ’বলৈ একে বৰ্ণৰ পিতৃ-মাতৃ বা পূৰ্বপুৰুষৰ সৃস্তান হ’ব লাগিব। অন্তঃবিবাহৰ মূল উদ্দেশ্য আছিল যদি একে গোত্র বা বৰ্ণৰ মাজত প্ৰচলিত বিবাহ পৰম্পৰাই আমাৰ তেজক নির্ভেজাল কৰি ৰাখিছিল। আম্বেদকাৰে এই ধাৰণাটে। –৭জ্ঞানিক আখ্যা দিয়াৰ উপৰিও অবাস্তব বুলি আখ্যা দি এইদৰে যুক্তি আগবঢ়াইছে— “In India no one claim to be pure blood Inter-mixing has already taken Place even before the origin of cast system” অধ্যয়নৰ পৰা এই সিদ্ধান্তলৈ আহিছিল যে, অন্তঃবিবাহৰ পৰম্পৰা নিশেষ নকৰিলে বর্ণপ্ৰথাক নির্মূল কৰাটো অসম্ভৱ। গতিকে আমি হিন্দুত্ববাদক ধ্বংস কৰিলেহে বর্ণপ্রথা তথা অস্পৃশ্যতাক প্রকৃত অৰ্থত নিৰ্মূল কৰি ব্ৰাহ্মণবাদৰ আধিপত্যৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হ’ম।
জাতিৰ পিতা মহাত্মা গান্ধী আৰু আম্বেদকাৰৰ মাজত হিন্দুধৰ্মৰ এই বৰ্ণ ব্যৱস্থাৰ ধাৰণাক কেন্দ্ৰ কৰিয়েই বিতৰ্কৰ সূত্ৰপাত হৈছিল। আম্বেদকাৰে নিম্নবৰ্ণৰ হিন্দুসকলক ‘হৰিজন’ [Child of God] আখ্যা দিয়া যুক্তিক আম্বেদকাৰে তীব্ৰ বিৰোধ কৰিছিল। অস্পৃশ্যতা দূৰীকৰণৰ ক্ষেত্ৰত গান্ধীৰ ধাৰণাক আম্বেদকাৰে প্রত্যাখ্যান কৰিছিল। মহাত্মা গান্ধীয়ে সামাজিক সমতাৰ বাবে বৈষম্যৰ বিৰোধিতা কৰাৰ পাছতো বৰ্ণ প্ৰথাক সমৰ্থন কৰিছিল। গান্ধীয়ে বর্ণব্যৱস্থাৰ ওপৰত আগবঢ়োৱা মতামত আছিল এনে ধৰণৰ―
“Verna System is division of labour and every society has some principles for functional specialization”
অর্থাৎ গান্ধীৰ মতে বর্ণপ্রথা হিন্দু সমাজৰ শ্রমবিভাজনৰ ব্যৱস্থা যাৰ জৰিয়তে প্রতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব অনুসৰি শ্ৰম বা কর্ম কৰাৰ সুযোগ লাভ কৰে।
গান্ধীৰ এই মনস্তব্যক সমালোচনা কৰি আম্বেদকাৰে কৈছিল যে বর্ণব্যৱস্থা বৈষ্যম নীতি আৰু অস্পৃশ্যতাৰ ওপৰত প্রতিষ্ঠিত। আম্বেদকাৰে পুনৰ যুক্তি আগবঢ়াইছিল যে হিন্দুধর্মত অস্পৃশ্য বুলি কোৱা বর্ণ বা জাতিৰ উল্লেখ পোৱা নাযায়। তেওঁৰ মতে এই ব্যবস্থাই সমাজত শ্ৰেণীবিভাজনৰ সৃষ্টি কৰি একশ্রেণী লোকৰ শোষণৰ পথ মুকলি কৰি দিয়ে। তেওঁ ইয়াক গান্ধীৰ দৰে শ্রমবিভাজন আখ্যা নিদি শ্ৰমিকৰ বিভাজন আখ্যা দিছিল।
আম্বেদকাৰৰ মতে বৰ্ণপ্ৰথাটো সম্পদৰ ওপৰত নিৰ্ভৰশীল যেন লাগিলেও প্ৰকৃততে ই জন্মৰ ভিত্তিত নিৰ্ণয় হয়। এই ব্যৱস্থাত জন্মৰ ভিত্তিত এজন ব্যক্তিৰ সামাজিক স্থান নির্ণয় কৰা হয়। আম্বেদকাৰৰ মতে এই বর্ণব্যবস্থাটো বৰ্তমান জাতি ব্যৱস্থালৈ পৰিৱৰ্তন হৈ ভাৰতীয় সমাজ ব্যৱস্থাক অধিক ক্ষতি কৰিছে বুলি প্ৰধানত পাঠ্যপুথিগত ব্যবস্থা হৈ ৰব যদিও জাতি ব্যৱস্থা ভাৰতীয় সমাজ আৰু ৰাজনীতিত প্রচলিত ব্যৱস্থা হৈ পৰিব।
আম্বেদকাৰে গান্ধীৰ ‘হৰিজন’ শব্দৰ সলনি ‘দলিত’ শব্দটো অস্পৃশ্যসকলৰ বাবে ব্যৱহাৰ কৰাটো বিচাৰিছিল। আম্বেদকাৰে গান্ধীৰ ‘হৰিজন সেৱক সংঘ’ৰ বিৰদ্ধাচৰণ কৰি এই দৰে মন্তব্য আগবঢ়াইছিল―
“Non-profit Organization, to eradicate untouchability in Indi working for Harijan or dalit people upliftment of back-ward Clasy of India”
উল্লেখযোগ্য যে মহাত্মা গান্ধীয়ে হৰিজন সেৱক সংঘৰ মুখ্য উদ্দেশ্য নিম্ন তথা শোধিত হিন্দু সকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কাম কৰা বুলি উল্লেখ কৰিছিল। আম্বেদকাৰে প্ৰথম অৱস্থাত গান্ধীৰ এই উদ্দেশ্যক সন্মান জনাইছিল। কিন্তু, যেতিয়া তেওঁ এই সংঘৰ পৰিচালনাৰ কথা দলিতসকলক প্ৰদান কৰিবলৈ গীন্ধীক অনুৰোধ কৰিছিল। আম্বেদকাৰে তেতিয়াই ইয়াৰ অন্তৰালত এক অভিসমৃদ্ধিৰ উমান পাইছিল। তেওঁ লগে লগে হৰিজন সেৱক সংঘ দলিত হিন্দুসকলক বিভ্রান্ত কৰি প্ৰৱঞ্চনা কৰাৰ পৰিকল্পনা বুলি ঘোষণা কৰিছিল। কংগ্ৰেছে আম্বেদাৰৰ পৃথক নির্বাচন মণ্ডলীৰ দাবী প্রত্যাখ্যান কৰাৰ লগে লগে নিজৰ অনুমানৰ যথার্থতা প্রমাণিত হৈছিল।
এইদৰে এতিহাসিক দৃষ্টি ভংগীৰে আম্বেদকাৰে বর্ণপ্রথাক বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি ইয়াৰ উৎপত্তিৰ কাৰণ আৰু পৰিণাম ব্যাখ্যা কৰিছিল।
৫। ভাৰতবৰ্ষৰ অর্থনৈতিক উন্নয়নৰ বাবে আম্বেদকাৰে কেনেধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰিছিল তেওঁৰ অৰ্থনৈতিক বিকাশৰ ধাৰণাৰ বৰ্তমান প্রাসঙ্গিকতা আলোচনা কৰা।
উত্তৰঃ অর্থনীতি অধ্যয়নৰ আম্বেদকাৰৰ অৰ্থনৈতিক দৃষ্টিভংগী বা দৰ্শন অধ্যয়ন কৰিবলৈ হ’লে তেওঁ লিখা গৱেষণা গ্ৰন্থ, অর্থনীতি সম্পৰ্কীয় প্ৰবন্ধসমূহৰ ব্যাখ্যাৰ প্ৰয়োজনীয়তা আছে। ভাৰতীয় সমাজত সংবিধানিক পিতৃ হিচাপে খ্যাত আম্বেদকাৰ বিদেশত অর্থনীতিত Ph.D. ডিগ্ৰী লাভ কৰা প্ৰথম ভাৰতীয় আছিল। দক্ষিণ এছিয়াৰ অৰ্থনীতিত দুটা Ph.D ডিগ্ৰী লাভ কৰা প্রথম ব্যক্তি আছিল। অর্থনীতিত এনে বিশাল অভিজ্ঞতা থকা পিছতে অতি কম সংখ্যক লোকেহে তেওঁৰ অৰ্থনীতিৰ ক্ষেত্ৰত থকা অৰিহণা বা দর্শনক উপলব্ধি কৰিব বা জানিবলৈ সক্ষম হৈছে। অৰ্থনীতিৰ তেওঁৰ মূল গৱেষণা গ্রন্থসমূহ আছিল— ‘The Present Problem in Indian Currency,” “The Problems of Rupee. Its Origin and its solution, “Ancient India commerce,” “Administration and Finance. of the East India Company,” “Small Holding in India and their Remedies” আদি। আম্বেদকাৰৰ অৰ্থনৈতিক দর্শন অধ্যয়ন কৰিবলৈ আমি তেওঁৰ অৰ্থনৈতিক ধাৰণা আৰু অৰিহণাসমূহ চমু আলোচনাৰ প্ৰয়োজন তেওঁৰ অৰ্থনৈতিক অৰিহণা সমূহ তলত উল্লেখ কৰা দৰে আলোচনা কৰিব পাৰি—
(ক) ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ প্ৰাচীৰ বৰ্ণ ব্যৱস্থা [Cast System as major Hurdle in Economic development in India]
তেখেতৰ বিখ্যাত তথা বহু চৰ্চিত গ্রন্থ “Annihilation of Cast” ত বর্ণ ব্যৱস্থাক শ্রমবিভাজন [Division of labour] হিচাপে চিহ্নিত কৰাতকৈ শ্রমিকৰ মাজত বিভাজন [Division of labourer] আখ্যা দিছে। বৰ্ণ ব্যৱস্থাই ভাৰতীয়সকলক নিজৰ যোগ্যতাৰ ভিত্তিত শ্রমদান কৰাৰ স্থানত জন্ম অনুসৰি শ্ৰমদান নির্ণয়ৰ ব্যৱস্থা কৰিছে বাবে কর্মসংস্থাপন সীমিত পৰিসৰত সীমাবদ্ধতা হৈ অর্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰিছে।
মহাৰ সম্প্ৰদায়ক জমিদাৰৰ শোষণৰ পৰা মুক্ত কৰিবলৈ ‘Mahar Watan’ বিধেয়কখন 1937 বস্বে প্রাদেশিক কাউন্সিলত উত্থাপন কৰিছিল। সেইসময়ত মহাৰ সকলক খেতি কৰিবলৈ সামান্য ভূমি প্ৰদানৰ নামত চুইপাৰ, জীৱ-জন্তু ৰখীয়া আদিৰ দৰে কামত নিয়োগ কৰিছিল।
(খ) মুদ্ৰাক লৈ হোৱা সমস্যা : 1835 চনৰ পূৰ্বে ভাৰতৰ বিভিন্ন স্থানত বিবিধ মুদ্ৰাৰ প্ৰচলন আছিল। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই সমস্যাটি সমাধান কৰিবলৈ ভাৰতত সোণ-ৰূপৰ এক ধাতুৰ একক মুগ্ধ প্রচলনৰ বাবে এখন আইন প্রণয়ন কৰে। কিন্তু সোণ আৰু ৰূপৰ উৎপাদন আৰু চাহিদাক লৈ বিভিন্ন সময়ত সমস্যা সৃষ্টি হোৱাত কাগজী মুদ্ৰাৰ প্ৰচলনৰ বাবে পুনৰ 1861 চনত এখন নতুন আইন প্রণয়ন কৰে। কিন্তু 1873 চনত ৰূপৰ মূল্য সোণৰ তুলনাত অত্যধিক হাস পোৱত কাগজী আৰু ৰূপৰ মুদ্ৰাৰ ছপাক লৈ এক সমস্যাৰ পুনৰ উদ্ভৱ হয়। 1898 চনৰ পৰা 1916 চনলৈকে সোণৰ উৎপাদনৰ সৈতে মুদ্ৰা ছপাৰ পৰিমাণৰ মাপকাঠি নিৰ্ণয় কৰা হৈছিল যদিও সমস্যাটোৰ স্থায়ী সমাধান নহ’ল। আম্বেদকাৰে এই পৰিস্থিতিটো গভীৰ ভাৱে অধ্যয়ন কৰি সোণৰ এক নিৰ্ধাৰিত আৰু চাহিদাৰ তথা ‘Standard’ মানদণ্ডক লৈ সোণৰ বিনিময়ত মুদ্ৰাৰ মানদ:- আঁতৰি থাকিব পাৰিলে ভাৰতৰ অৰ্থনীতিয়ে বিকাশৰ পথত গতি কৰিবলৈ সক্ষম হ’ব। তেওঁ মুদ্ৰাৰ চাহিদাতকৈ সামগ্ৰী আৰু সেৱা কাম্যৰ উন্নয়নত হোৱা উচিত বুলি মত আগবঢ়াইছিল। তেওঁ বৃটিছৰ মুদ্ৰা ছপা ব্যৱস্থাটোক সমালোচনা কৰাৰ উপৰিও সোণৰ চাহিদাৰ জৰিয়তে মুদ্ৰা ছপাৰ ধাৰণাটোৰ এক সংস্কাৰ বিচাৰিছিল।
(গ) ৰাজহুৱা ব্যবস্থালৈ অৰিহণা : বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত প্ৰাদেশিক ৰাজহ ব্যৱস্থাত তেওঁ গুৰুত্বপূৰ্ণ অৰিহণা।আগবঢ়াইছিল। 1926 চনত প্ৰকাশ কৰা “The Evolution of Provincial Finance in British India” নামত গ্ৰন্থত প্রাদেশিক ৰাজহৰ উৎপত্তি, বিকাশ, পৰিচালনা আৰু প্রয়োজনীয়তা সম্পর্কে বিশদভাৱে আলোচনা কৰা হৈছে। গ্ৰন্থখনে 1833 চনৰ পৰা 1921 চনলৈকে বৃটিছ ৰাজহ ব্যৱস্থাটোৰ পৰ্য্যালোচনা কৰি ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ দায়িত্ব কেৱল কেন্দ্রীয় কর্তৃপক্ষক প্রদান নকৰি কিছু কৰ্তৃত্ব প্ৰদেশসমূহক প্ৰদান কৰিবলৈ পৰামৰ্শ দিছিল। সমগ্ৰ ব্যৱস্থাটোক তিনিটা স্তৰতে বিভক্ত কৰি প্ৰতিটো স্তৰৰে মূল্যাকংন কৰিছে। দীঘলীয়া 38 বছৰৰ ৰাজহ ব্যৱস্থাক গৱেষণামূলক অধ্যয়ন কৰা এই গ্রন্থখনৰ প্ৰাসংগিকতা বর্তমান ভাৰত যুক্তৰাষ্ট্ৰ কেন্দ্ৰ-ৰাজ্যৰ মাজত সম্পর্ক নির্ণয়ৰ এক দিক নির্ণায়ক গ্রন্থ হিচাবে চিহ্নিত হৈছে। ভাৰতৰ প্ৰতিখন বিত্ত আয়োগে ৰাষ্ট্ৰ বিত্তীয় নীতি বা আঁচনি প্রণয়নত আয়োগে ৰাষ্ট্ৰৰ বিস্তৃতীয় নীতি বা আঁচনি প্রণয়নত আজিকালিয়ো এই গ্ৰন্থখনক সহায়ক গ্রন্থ হিচাপে স্বীকাৰ কৰা কথাষাৰে গ্ৰন্থখনৰ গুৰুত্ব তথা প্রাসংগিকতাকে প্রমাণ কৰে।
(ঘ) খোটি ব্যৱস্থাৰ নিষিদ্ধকৰণ : আম্বেদকাৰে ত্রুটিপূর্ণ ভূমি ৰাজহ সংগ্ৰহৰ খোটি ব্যৱস্থাৰ খাপন কৰিছিল। এই ব্যৱস্থা অনুসৰি বৃটিছ প্রশাসনে কিছুমান প্রভাৱশালী ‘খোট’ক কৰ সংগ্ৰহৰ কামত নিয়োগ কৰিছিল। তেওঁলোক একপ্ৰকাৰৰ চৰকাৰ আৰু কৰদাতাসকলৰ মধ্যস্থতাকাৰী আছিল। স্বাভাৱিকতেই নিজৰ ব্যক্তিগত লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি খোটসকলে অত্যধিক কৰৰ বোজা আৰোপ কৰি দৰিদ্ৰ কৃষক সকলক শোষণ কৰিছিল। এই ব্যৱস্থাটো ৰত্নগিৰি, কুলাক আৰু থান। জিলাত অধিক দৃঢ়ভাৱে বলবৎ কৰা হৈছিল। আম্বেদকাৰে এই বিধেয়কখনৰ জৰিয়তে সম্পূর্ণ বম্বে প্ৰদেশৰ পৰা খোট ব্যৱস্থাটোক নিষিদ্ধ বা ৰোধকৰণৰ বাবে আইন প্রণয়ন কৰিছিল।
(ঙ) আম্বেদকাৰৰ ৰাজহুৱা ব্যয় : ১৯৪৫ চনত ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষকৰ কাৰ্য্যাৱলীক উল্লেখ কৰি কৈছিল যে, জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা চৰকাৰী ৰাজহ ব্যয়ৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ হোৱা উচিত। জনসাধাৰণৰ চৰকাৰৰ ওপৰত অগাধ বিশ্বাস থাকে। সেইবাবে চৰকাৰে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা পুঁজি জনসাধাৰণৰ বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ কামত সঠিক ৰূপত ব্যয় কৰিবলৈ লাগে বুলি তেওঁ মতামত আগবঢ়াইছিল।
(চ) কৃষি অর্থনীতিলৈ অৰিহণা : নিম্ন উৎপাদন ভাৰতীয় কৃষিখণ্ডৰ মূল সমস্যা বুলি তেওঁ গণ্য কৰিছিল। ইয়াৰ অন্যতম কাৰণ কৃষকৰ সীমিত কৃষি ভূমি বুলি আম্বেদকাৰে উল্লেখ কৰিছিল। বৰোদাৰ ক্ষুদ্ৰ কৃষক সমস্যা অধ্যয়ন কৰিবৰ বাবে বৃটিছ চৰকাৰে ১৯১৭ চনত এখন কমিটি গঠন কৰি দিছিল। এই কমিটিয়ে এজন ক্ষুদ্ৰ কৃষকে কৃষিৰ বাবে প্রয়োজনীয় নির্দিষ্ট পৰিমাণৰ ভূমিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক কিছুমান পৰামৰ্শ দিছিল৷ আম্বেদকাৰে বিভিন্ন ভূমিপতি যেনে মালিক,মহাজন আদিক উচিত মূল প্ৰদান কৰি তেওঁলোকৰ পৰা ভূমি সংগ্ৰহৰ জৰিয়তে চৰকাৰী কৃষিভূমিক জাতি, বর্ণ, ধর্ম নির্বিশেষে ক্ষুদ্ৰ খেতিয়কসকলৰ মাজত ন্যায়সংগত ভাৱে বিতৰণ কৰাৰ বাবে বৃটিছ চৰকাৰক পৰামৰ্শ আগবঢ়োইছিল। আম্বেদকাৰে ছদ্মবেশী নিবনুৱা সমস্যাৰ সমাধান আৰু কৃষিখণ্ড উৎপাদনশীলতা বৃদ্ধিৰ বাবে এই নীতি চৰকাৰে গ্ৰহণ কৰাটো বাঞ্চনীয় বুলি যুক্তি দৰ্শাইছিল যে, ভূমি উৎপাদনৰ কেৱলমাত্র উপাদান নহয়। গতিকে মূলধন আৰু শ্রম বা অমিক উন্নয়নৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছিল। সীমিত পুঁজি, উদ্ধত শ্রমিক আৰু অনুন্নত জলসিঞ্চন ব্যৱস্থাৰে ভাৰতীয় কৃষিখণ্ডৰ উন্নয়ন অসম্ভৱ বুলি আম্বেদকাৰে মতামত আগবঢ়াইছিল। আম্বেদকাৰে “Small Holdings in India and their Remedies”[1918] লিখা প্রবন্ধটিত কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল। যেনে—
(ক) সন্মিলিত কৃষি কর্মক বিকাশ।
(খ) বজাৰ ব্যৱস্থাৰ সংস্কাৰ আদি তেওঁৰ মতে সন্মিলিত কৃষিকৰ্মই কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিত সহায় কৰাৰ উপৰিও উৎপাদন ব্যয় নিম্নগামী হোৱাত সহায় কৰিব।
আম্বেদকাৰে দেশত বাঢ়ি অহা নিবনুৱা সমস্যা সমাধানৰ বাবে ব্ৰিটিছ চৰকাৰক উদ্যোগ খণ্ডৰ বিকাশক বিকল্প হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। ছদ্মবেশী নিবনুৱাসকলক উদ্যোগখণ্ডত নিয়োজিত কৰিব পাৰিলে ভাৰতৰ বৰ্দ্ধিত দৰিদ্ৰতা আৰু সামাজিক অসমতাক বহুপৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি তেওঁ মতামত আগবঢ়াইছিল। ১৯৫০ চনত নবেল বঁটা বিজয়ী অধ্যাপক অৰ্থাৰ লুইচৰ অৰ্থনৈতিক দৃষ্টিভংগীৰ লগত আম্বেদকাৰৰ দৃষ্টিভংগীৰ এই ক্ষেত্ৰত বহু পৰিমাণে সাদৃশ্য থকা দেখিবলৈ পোৱা যায়।