Economic Geography Unit 5 তৃতীয়ক ক্রিয়াকলাপ

Economic Geography Unit 5 তৃতীয়ক ক্রিয়াকলাপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 5 তৃতীয়ক ক্রিয়াকলাপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 5 তৃতীয়ক ক্রিয়াকলাপ Question Answer can be of great value to excel in the examination.

Economic Geography Unit 5 তৃতীয়ক ক্রিয়াকলাপ

Join Telegram channel

Economic Geography Unit 5 তৃতীয়ক ক্রিয়াকলাপ Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

তৃতীয়ক ক্রিয়াকলাপ

ECONOMIC GEOGRAPHY

অৰ্থনৈতিক ভূগোল

অতি চমু প্ৰশ্নোতৰ

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

1. তলত দিয়া কোনবিধ তৃতীয়ক শ্ৰেণীৰ জীৱিকা? (Which of the following is a tertiary class occupation?) 

(i) কৃষিকার্য (Agricultural work)।

(ii) বয়ন কার্য (Weaving function)।

(iii) চিকাৰ (Hunting)।

(iv) বেপাৰ-বাণিজ্য (Business trade)।

উত্তৰঃ (iv) বেপাৰ-বাণিজ্য।

2. তলত দিয়া কোনবিধ দ্বিতীয়ক খণ্ডৰ কাৰ্য নহয়? (Which of the following are not secondary class activities.)

(i) লো-গলন কার্য (Throat work)।

(ii) বোৱা-কটা (Knit-cut)।

(iii) ৰেডিমেড কাপোৰ তৈয়াৰ (Making readymade garments)।

(iv) মাছ ধৰা (Fishing)।

উত্তৰঃ (iv) মাছ ধৰা।

3. তলত দিয়া কোনবিধ জীৱিকাৰ পৰা দিল্লী, মুম্বাই, ক’লকতা, চেন্নাই আদি মহানগৰবোৰত সৰ্বাধিক সুবিধা পোৱা যায়। (From which of the following occupation do you get maximum benefits in cities like Delhi, Mumbai, Kolkata, Chennai etc?)

(i) প্রাথমিক (Praimary)।

(ii) দ্বিতীয়ক (Secondary)।

(iii) চতুর্থ (fourth)।

(iv) সেৱা কাৰ্য্য (Service activities)।

উত্তৰঃ (iii) চতুৰ্থক।

4. তলত দিয়া কোনবিধ জীৱিকা চতুৰ্থক শ্ৰেণীৰ অন্তর্গত? (Which of the following occupations belongs to the fourth activity.)

(i) গৃহ নির্মাণ কর্মী (Housing workers)।

(ii) কম্পিউটাৰ নিৰ্মাণকাৰী (Computer worker)।

(iii) বিশ্ববিদ্যালয়ৰ শিক্ষক (University proffesor)।

(iv) প্রকাশক (Publishar)।

উত্তৰঃ (iii) বিশ্ব বিদ্যালয়ৰ শিক্ষক।

5. তলত দিয়া কোনবিধ জীৱিকা পঞ্চম খণ্ডৰ অন্তৰ্গত? (Which of the following occupations belongs to the fifth activity.)

(i) ৰাজমিস্ত্ৰী (Mechanic)।

(ii) খেতিয়ক (Farmer)।

(iii) শিক্ষক (Teacher)।

(iv) মুখ্য কাৰ্যবাহী বিষয়া (The main executive)।

উত্তৰঃ (iv) মুখ্য কাৰ্য্যবাহী বিষয়া।

6. তলৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে? (Which of the following industries produces raw materials for other industries?)

(i) বুনিয়াদী উদ্যোগ (Basic industry)।

(ii) লঘু উদ্যোগ (Small industry)।

(iii) পদস্খলন উদ্যোগ (The stumbling block industry)।

(iv) কুটীৰ উদ্যোগ (Cottage industries)।

উত্তৰঃ (iii) পদস্খলন উদ্যোগ।

7. তলৰ কোন প্ৰকাৰৰ অৰ্থনীতি ব্যক্তিগত উৎপাদনৰ কাৰক হয়? (Which of the following types of economy is a factor of private production?) 

(i) সমাজবাদী (Socialist)।

(ii) পুঁজিবাদী (Capitalist)।

(ii) মিশ্র অর্থনীতি (Mixed economy)।

(iv) ওপৰৰ এটাও নহয় (None of the above)।

উত্তৰঃ (ii) পুঁজিবাদী।

8. দুটা মুখ্য বাণিজ্যিক কেন্দ্ৰৰ নাম লিখা। (Write the names of the two main commercial centres.) 

উত্তৰঃ দুটা মুখ্য বাণিজ্যিক কেন্দ্ৰ হ’ল—

(ক) সমসাময়িক বাণিজ্যিক কেন্দ্ৰ (হাট-বজাৰ)।

(খ) পৌৰ বাণিজ্যিক কেন্দ্র।

9. তৃতীয়ক খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া। (Give examples of two types of activity in the tertiary part) 

উত্তৰঃ তৃতীয়ক খণ্ডৰ দুবিধ কাৰ্য হ’ল–

(ক) পৰিবহণ সেৱা।

(খ) বীমা সেৱা।

10. দুবিধ দ্বিতীয়ক খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া। (Give examples of two types of activity in the secondary part)

উত্তৰঃ দ্বিতীয়ক খণ্ডৰ দুবিধ কাৰ্য হ’ল– 

(ক) আকৰিক লোৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰা কাৰ্য।

(খ) গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য।

11. তৃতীয়ক শ্ৰেণীৰ জীৱিকাসমূহ কোনবোৰ খণ্ডৰ লগত জড়িত? (Tertiary occupation are associated with which segment?) 

উত্তৰঃ তৃতীয়ক শ্ৰেণীৰ জীৱিকাসমূহ পৰ্যটন খণ্ডৰ লগত জড়িত।

12. C.B.D. মানে কি? (What do you mean by C.B.D?)

উত্তৰঃ C.B.D. ৰ সম্পূৰ্ণ ৰূপ হ’ল– Central Business District. এইটো এটা ৰাজ্যৰ চৰকাৰী বাণিজ্যিক সংস্থা।

13. ট্ৰেন্স কানাডিয়ান হাইৱে ক’ৰ পৰা ক’লৈ প্ৰসাৰিত? (Where does the Transcanadian Railway extend from.)

উত্তৰঃ বেংকুভাৰৰ পৰা চেণ্ট জোনচ্ চিটিলৈ।

14. বিশ্ব বাণিজ্য সংস্থাৰ মূল কাৰ্যসমূহ কি কি? (What are the main functions of the WTO?)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাই গোলকীয় বাণিজ্য প্রণালীৰ নীতি-নিয়ম প্ৰস্তুত কৰাৰ লগতে এই সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভৱ হোৱা বাণিজ্যিক মতানৈক্যও মীমাংসা কৰে। তদুপৰি বেংক, দূৰসংযোগ প্রভৃতি আন্তৰাষ্ট্ৰীয় সেৱাসমূহৰ লগতে বৌদ্ধিক অধিকাৰ, প্রযুক্তি কৌশলৰ স্বত্বাধিকাৰ প্ৰভৃতিৰ বাণিজ্যিক লেনদেন প্রক্রিয়াও নিয়ন্ত্ৰণ কৰি যায়।

15. আঞ্চলিক বাণিজ্য গোট গঠনৰ পৰা পোৱা সা-সুবিধা কি? (What are the benefits of forming a regional trade group?) 

উত্তৰঃ আঞ্চলিক বাণিজ্য গোট গঠনৰ পৰা উন্নয়নশীল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে সততে মুখামুখি হৈ অহা বাণিজ্যিক সমস্যাবলী কিছু পৰিমাণে আঁতৰ হৈছে।

16. নৌ সৈনিক বন্দৰ বুলিলে কি বুজা? (What do you mean by naval port?) 

উত্তৰঃ প্ৰতিৰক্ষাৰ উদ্দেশ্যত স্থাপন কৰা বন্দৰবোৰকেই নৌ-সৈনিক বন্দৰ বোলা হয়।

17. OPEC ৰ ৰাষ্ট্ৰ বুলিলে কি বুজা? (What do you mean by OPEC country?) 

উত্তৰঃ OPEC ৰ সম্পূৰ্ণ ৰূপ হ’ল– Organisation of Petroleum Exporting Countries. অর্থাৎ, পেট্ৰ’লিয়াম ৰপ্তানি কৰা সংগঠক। OPEC দেশ বুলি পেট্রলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হৈছে। OPEC ৰ সদস্য ৰাষ্ট্ৰ কেইখন হ’ল– আলজিৰিয়া, ইণ্ডোনেছিয়া, ইৰান, ইৰাক, কোৱেইট, লিবিয়া, নাইজেৰিয়া, কাটাৰ, চৌদি আৰব, সংযুক্ত আৰব আৰু ভেনিজুৱেলা।

18. মুক্ত বাণিজ্য মানে কি বুজা? (What does free trade mean?)

উত্তৰঃ এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশত উৎপাদিত পণ্য আৰু সেৱা সম্পদৰ অবাধ পয়োভৰ ঘটাৰ অৱস্থাটোকেই সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বোলে।

19. বাণিজ্যৰ ভাৰসাম্য মানে কি? (What does the balance of trade mean?)

উত্তৰঃ এখন ৰাষ্ট্ৰই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পদৰ মূল্যৰ ঠিক সমমূল্যৰ সম্পদ আমদানি কৰা অৱস্থাটোকে ৰাষ্ট্ৰখনৰ বাণিজ্যিক ভাৰসাম্য বোলে।

20. আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমদানি আৰু ৰপ্তানী কৰা দেশ এখনৰ নাম লিখা। (Write the name of a country that imports and exports from the United States?) 

উত্তৰঃ ভাৰতবৰ্ষ।

21. বাণিজ্য মানে কি? (What does trade mean?) 

উত্তৰঃ সম্পূর্ণ ইচ্ছাধীনভাৱে দুটা পক্ষৰ মাজত পণ্য অথবা সেৱাৰ বিনিময় কার্যই বাণিজ্য। 

22. বাণিজ্য সম্ভৱ হ’বলৈ কেইটা পক্ষৰ প্ৰয়োজন? (How many parties are needed to make trade possible?) 

উত্তৰঃ বাণিজ্য সম্ভৱ হ’বলৈ দুটা পক্ষৰ প্ৰয়োজন। 

23. বাণিজ্য কোনটো খণ্ডৰ কাৰ্যৰ অন্তৰ্গত? (Which part is involved in the work of commerce?)

উত্তৰঃ বাণিজ্য তৃতীয়ক খণ্ডৰ কাৰ্যৰ অন্তৰ্গত।

24. আন্তর্জাতিক বাণিজ্য মানে কি? (What does international trade mean?) 

উত্তৰঃ দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্রতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তর্জাতিক বাণিজ্য বোলা হয়।

25. ‘হুৰাইট কুলাৰ জব’ কি? (What is a white coller job?)

উত্তৰঃ চতুৰ্থক খণ্ডৰ বৃত্তিক হুৱাইট কুলাৰ জব বুলি কোৱা হয়। জ্ঞান, বুদ্ধি আৰু অভিজ্ঞতা চতুৰ্থক খণ্ডৰ কাম-কাজবোৰৰ প্ৰধান চালিকা শক্তি। উচ্চ মানৰ, তথ্য প্ৰযুক্তিৰ জ্ঞান, কাৰিকৰী কৌশল আৰু প্ৰশাসনিক দক্ষতাজনিত কাম-কাজবোৰ হুৱাইট কুলাৰ জবৰ অন্তৰ্গত।

26. অর্থনৈতিক কাম-কাজবোৰৰ উদ্দেশ্য কি? (What is the purpose of economic work?)

উত্তৰঃ অৰ্থনৈতিক কাম-কাজবোৰৰ প্ৰধান উদ্দেশ্য হ’ল– অর্থ উপাৰ্জন কৰা বা আয় সৃষ্টি কৰা আৰু তাৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা।

27. যাতায়াতৰ মুখ্য নিয়ম কি? (What are the main rules of travel?)

উত্তৰঃ যাতায়তৰ মুখ্য নিয়ম হ’ল– যোগাযোগ স্থাপন কৰা।

28. পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ কোনটো? (Which is the longest railway in the world.)

উত্তৰঃ পৃথিৱীৰ দীৰ্ঘতম ৰেলপথটো হ’ল– টেন্সছাইবেৰিয়ান ৰেলপথ। 

29. জল পৰিবহণৰ দুবিধ প্ৰকাৰ কি কি? (What are the two types of water transport?)

উত্তৰঃ জল পৰিবহণ দুবিধ হ’ল– 

(ক) আভ্যন্তৰীণ জল পৰিবহণ।

(খ) সামুদ্রিক পৰিবহণ।

30. মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী কিহৰ ভিত্তিত হয়? (What is the basis of a high standard of living in human life?) 

উত্তৰঃ মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী পৰিবহণ আৰু যোগাযোগৰ ভিত্তিত হয়।

31. পৰিবহণ, যোগাযোগ ব্যৱস্থা আৰু বাণিজ্যই পৃথিৱীত কি পৰিবৰ্তন আনিছে? (What changes does the transport communication system and trade brought to the world?) 

উত্তৰঃ পৰিবহণ, যোগাযোগ ব্যৱস্থা আৰু বাণিজ্যই পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছে।

32. খুচুৰা বাণিজ্য সেৱা কি? (What is retail trade service?)

উত্তৰঃ খুচুৰা বাণিজ্য সেৱা হৈছে নিৰ্দিষ্ট অৱস্থানৰ একোটা বিক্ৰিকেন্দ্ৰৰ যোগেদি আগবঢ়োৱা সেৱা য’ত বিভিন্ন পণ্য সামগ্ৰীসমূহ প্ৰকৃত উপভোক্তাৰ হাতত পৰে।

33. চতুৰ্থক খণ্ডৰ জীৱিকা বুলিলে কি বুজা? (What do you mean by occupation fourth part?)

উত্তৰঃ উদ্যোক্তা, পৰিচালক, প্রশাসক প্রভৃতি পৰ্যায়ৰ কাৰ্যবাহী আৰু নীতি নিৰ্ধাৰক লক্ষণৰ আর্থিক কাম-কাজসমূহক চতুৰ্থক খণ্ডৰ জীৱিকা বোলে।

34. চিকিৎসা পর্যটন বুলিলে কি বুজা? (What do you mean by medical tourism?) 

উত্তৰঃ কিছুমান অঞ্চলত উপলব্ধ উন্নত চিকিৎসা সেৱাই বহু পৰ্যটকক আকৰ্ষিত কৰে। উন্নত চিকিৎসা গ্ৰহণৰ তাৰণাত বহু লোকৰ সেই অঞ্চললৈ আগমন ঘটে। এই ব্যৱস্থাকে চিকিৎসা পর্যটন বোলে। ভাৰতবৰ্ষৰ ভেলোৰ চিকিৎসা পৰ্যটনৰ এক আকর্ষণীয় স্থল।

চমু আৰু ৰচনধৰ্মী প্রশ্নোত্তৰঃ

1. তৃতীয়ক খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Mention the features of the tertiary occupation.)

উত্তৰঃ তৃতীয়ক খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–

(ক) তৃতীয়ক খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে।

(খ) তৃতীয়ক খণ্ডৰ বৃত্তিত দ্রৱ্য উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্য্যসমূহ অন্তর্গত হয়। ব্যৱসায়ী, পুলিচ, উকীল, ডাক্তৰ, গাড়ীচালক, প্রশাসক, বেংকাৰ আদি তৃতীয়ক খণ্ডৰ বৃত্তিধাৰী হয়।

(গ) প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ দৰে তৃতীয়ক খণ্ডৰ বৃত্তিত অধিক সংখ্যক কর্মী নিযুক্তি কৰাটো সম্ভৱ নহয়।

2. চতুৰ্থক খণ্ডৰ জীৱিকাৰ বৈশিষ্ট্যসমূহ লিখা। (Mention the features of the Fourth part of occupation.) 

উত্তৰঃ চতুৰ্থক খণ্ডৰ জীৱিকাৰ বৈশিষ্ট্যসমূহ হ’ল–

(ক) চতুৰ্থকখণ্ডৰ জীৱিকাধাৰীসকলে তেওঁলোকৰ কাম-কাজৰ মাজেৰে উদ্যোগ অথবা আৰ্থিক প্ৰকৰণৰ ক্ষেত্ৰ এখনৰ উত্থান-পতনৰ গতিধাৰা নিৰ্ধাৰণ কৰে।

(খ) জ্ঞান, বুদ্ধি আৰু অভিজ্ঞতা হৈছে চতুৰ্থক খণ্ডৰ আৰ্থিক কাম-কাজবোৰৰ চালিকাশক্তি। 

(গ) আর্থিক দৃষ্টিভংগীৰে গুৰুত্বপূৰ্ণ বিবেচিত তথ্যসমূহৰ উপাদান, সংগ্ৰহ আৰু সম্প্ৰসাৰণৰ লগত চতুর্থক জীৱিকা খণ্ডটো জড়িত হৈ থাকে।

(ঘ) উচ্চমানৰ তথ্য, কাৰিকৰী কৌশল আৰু প্ৰশাসনিক দক্ষতাজনিত কাম-কাজবোৰক চতুৰ্থক খণ্ডৰ ভিতৰত ধৰা হয় ।

3. পৰিবহণ আৰু যোগাযোগৰ পাৰ্থক্য লিখা। (What is the difference between transportation and communication?) 

উত্তৰঃ পৰিবহণ আৰু যোগাযোগৰ পাৰ্থক্য–

(ক) সাধাৰণ অৰ্থত কোনো ব্যক্তি বা সা-সামগ্রী কোনো উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ স্থানান্তৰ কৰা ব্যৱস্থাটোকে পৰিবহণ বোলা হয়। আনহাতে, যিকোনো ধৰণৰ অৰ্থযুক্ত ভাৱ এটা এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ, উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনো মাধ্যমত স্থানান্তৰ কৰাকে যোগাযোগ বোলে। 

(খ) যাতায়াত ব্যৱস্থাত মানুহ বা সা-সামগ্ৰীৰ সোশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ ঘটে। কিন্তু যোগাযোগ ব্যৱস্থাত কেৱল মানুহ, জীৱজন্তু অথবা দ্ৰৱ্যৰ সলনি ভাবৰহে স্থানান্তৰ ঘটে।

4. পৰিবহণ ব্যৱস্থা মানে কি? (What does transportation mean?)

উত্তৰঃ বিভিন্ন ধৰণৰ পেশীবল আৰু যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান-বাহন সহায়ত নিৰ্ধাৰিত উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী যাত্ৰী আৰু, সামগ্ৰীৰ স্থানান্তকৰণ কাৰ্যৰ সামগ্ৰিক ব্যৱস্থাটোক পৰিবহণ ব্যৱস্থা বুলি কোৱা হয়।

5. পৰিবহণৰ মাধ্যমবোৰ কি কি? (What are the means of transportation?)

উত্তৰঃ পৰিবহণৰ মাধ্যমবোৰ হ’ল–

(ক) পথ পৰিবহণ।

(খ) ৰেল পৰিবহণ।

(গ) জল পৰিবহণ।

(ঘ) বিমান পৰিবহণ।

(ঙ) নলিকা পৰিবহণ। 

(চ) ৰজ্জু পথ।

6. মানৱ শক্তি কিয় সেৱাখণ্ডৰ মূল চালিকা শক্তি? (Why the human segment is the main driving force of the service segment.)

উত্তৰঃ সাম্প্ৰতিক সময়ৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিসৰত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ধৰণৰ সেৱা কাৰ্যৰ সমাৱেশ দেখা যায়। এই সেৱাসমূহৰ কিছুমান সেৱা উদ্যোগমুখী আৰু আন কিছুমান জনমুখী সেৱা ৰূপে চিহ্নিত কৰিব পাৰি। পৰিবহণ, বেংকিং প্রভৃতি সেৱাসমূহ উদ্যোগ আৰু ব্যক্তিগত পৰ্যায়ৰ দুয়োধৰণৰ সেৱা কাৰ্যত সমানে ভাগ লয়। ইফালে পণ্য দ্ৰৱ্যৰ খুচুৰা পৰিসৰৰ বিপণন, ধুবী, নাপিত, সৰুসুৰা যন্ত্ৰপাতিৰ মেৰামতি প্রভৃতি বহু ধৰণৰ শাৰীৰিক শ্ৰম নিৰ্ভৰ সেৱা প্ৰায় সকলো ঠাইতে বিস্তৃতভাৱে পোৱা যায়। ইয়াৰ বিপৰীতে চিকিৎসক, আয়কৰৰ পৰামৰ্শদাতা, আইনজীৱি প্ৰভৃতি বৌদ্ধিক শ্ৰম নিৰ্ভৰ বৈশিষ্ট্যপূর্ণ সেৱাসমূহ সকলো ঠাইতে সমানে পোৱা নাযায়। নির্দিষ্ট লক্ষণ নির্বিশেষে এই সকলো ধৰণৰ সেৱা গ্ৰহণৰ বিনিময়ত গ্ৰহণকাৰীয়ে নিৰ্ধাৰিত সেৱা মূল্য প্ৰদান কৰিব লাগে। এই সকলো ধৰণৰ সেৱা মানুহৰ অবিহনে অসম্ভৱ। সেয়েহে মানৱ শক্তিক সেৱাখণ্ডৰ মূল চালিকা শক্তি বুলি কোৱা হয়।

7. বিকশিত অৰ্থনীতিৰ পৰিৱেশত তৃতীয়ক খণ্ডৰ স্থান কি? (What is the place of the tertiary activity in the environment of developed economy?)

উত্তৰঃ সাম্প্ৰতিক সময়ত পৃথিৱীত প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ জীৱিকাসমূহৰ তুলনাত তৃতীয়ক খণ্ডৰ জীৱিকা গ্ৰহণ কৰা মানুহৰ সংখ্যা ক্ৰমশঃ বাঢ়ি অহা দেখা যায়। উন্নয়নৰ পৰ্যায় নিৰ্বিশেষে সকলোধৰণৰ সমাজতেই সেৱাখণ্ডৰ আৱশ্যকতা এৰাই যাব পৰা নাযায়। তথাপিও মন্থৰ গতিত অগ্ৰসৰ হৈ থকা তৃতীয় বিশ্বৰ প্ৰায়বোৰ দেশতে মুঠ কৰ্মীৰ ১০ শতাংশ এইটো খণ্ডত নিযুক্তি হৈ থকাৰ বিপৰীতে উন্নত দেশসমূহত এই খণ্ডত নিযুক্তি হৈ থকা কৰ্মীৰ সংখ্যা যথেষ্ট বেছি। উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ কৰ্মীৰ ৭৫ শতাংশই তৃতীয়ক খণ্ডত নিযুক্ত হৈ আছে। পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে সামগ্রিকভাৱে প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডত নিযুক্তিপ্রাপ্ত লোকৰ সংখ্যা ক্রমে সংকোচন ঘটিছে অথবা বৃদ্ধি নেপোৱা অৱস্থাত ৰৈ গৈছে। কিন্তু এনেবোৰ দেশত তৃতীয়ক খণ্ডত নিযুক্ত লোকৰ সংখ্যা অবিৰত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

8. বাণিজ্যিক কেন্দ্ৰবোৰে কেনেদৰে কাৰ্য কৰে? (How do commercial centers work?) 

উত্তৰঃ পাইকাৰী আৰু খুচুৰা। এই দুয়ো প্ৰকাৰৰ লেনদেন অনুষ্ঠিত হোৱা অৱস্থানক বাণিজ্য কেন্দ্ৰ বোলা হয়। গ্রামাঞ্চলৰ আৰু চহৰাঞ্চল দুয়ো ঠাইতে এনে বাণিজ্য কেন্দ্ৰবোৰ বেলেগ বেলেগ ৰূপত গঢ় লয়।

গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাণিজ্য কেন্দ্রক সংশ্লিষ্ট এলেকাটোৰ বাবে উৎপাদিত সামগ্ৰীৰ সংগ্ৰহ আৰু কিছুমান প্ৰয়োজনীয় সামগ্ৰীৰ বিতৰণ কাৰ্যৰ উমৈহতীয়া ক্ষেত্ৰ বুলিব পাৰি। গ্ৰামাঞ্চল একোটাৰ অৰ্থনৈতিক কাৰ্যৰ পৰিসৰ চহৰাঞ্চলৰ তুলনাত তেনেই সীমিত। সেয়েহে প্ৰায়বোৰ গ্রামীণ বাণিজ্যিক কেন্দ্ৰত সপ্তাহৰ প্ৰতিটো দিনৰ সলনি দুটা দিনতহে বিনিময় কার্য ঘটে। কিছুমান ক্ষেত্ৰত, একোটা গ্রামীণ বাণিজ্যিক কেন্দ্ৰৰ সীমিত সংখ্যক স্থায়ী দোকানৰ মাধ্যমত অঞ্চলটোৰ বাণিজ্যিক লেনদেনৰ স্থায়ী অৱস্থা এটা প্রতিষ্ঠিত হয়।

চহৰ অঞ্চলৰ বাণিজ্যিক কেন্দ্ৰৰ পৰিসৰ অতি ব্যাপক। সেয়েহে এনে বাণিজ্য কেন্দ্ৰত অৱস্থিত লেনদেনৰ ক্ষেত্ৰ অৰ্থাৎ, দোকানসমূহত এনে জাতীয় সামগ্ৰীৰহে লেনদেন হয়। তদুপৰি, বহু সময়ত এনে কিছুমান লেনদেন স্থলীত সামগ্ৰীৰ পোনপটীয়া লেনদেনৰ সলনি কেৱল লেনদেনৰ চুক্তিহে সম্পন্ন হয়। এনে শ্ৰেণীভূক্ত বাণিজ্য কেন্দ্ৰত দ্ৰৱ্য অথবা সামগ্ৰীৰ উপৰিও চিকিৎসা, আইন, শ্রম, প্রযুক্তি কৌশল প্রভৃতি বহু ধৰণৰ সেৱা কাৰ্যসমূহৰো বাণিজ্যিক লেনদেন ঘটে।

9. পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতাৰ মাজত থকা প্ৰভেদটো কি? (What is the difference between a wholesaler and a retailer?)

উত্তৰঃ খুচুৰা বিত্তীয় সেৱাই পোনপটীয়াভাৱে গ্ৰাহকৰ লগত সংযোগ স্থাপন কৰে। বেছি সংখ্যক খুচুৰা বিত্তীয়ই কোনো ঠাইত স্থায়ীভাৱে স্থাপিত কৰা হয়। এইসমূহ সম্পূর্ণভাৱে বিক্ৰীৰ বাবে নিয়োজিত। খুচুৰা বাণিজ্য দোকানৰ মাধ্যমত সংঘটিত হয়। এনে দোকানত পাইকাৰী বাণিজ্যকেন্দ্ৰকে ধৰি আন বহুতো উৎসৰ পৰা অহা পণ্যৰ স্থানীয় চাহিদা ভিত্তিক পণ্যৰ সমাৱেশ ঘটে। ফুটপাথৰ ক্ষুদ্ৰ দোকানী, ফেৰীৱালা, ট্রাক অথবা ঠেলাত সুসজ্জিত চলমান বিক্ৰীকেন্দ্র প্রভৃতিৰ বেলিকা সংশ্লিষ্ট বিক্ৰেতাই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পাইকাৰী ভাণ্ডাৰৰ পৰা পণ্য সংগ্ৰহ কৰি গ্ৰাহকৰ সন্মুখত পোহাৰ মেলে। সাম্প্ৰতিক সময়ত চহৰ অঞ্চলত কিছুমান খুচুৰা বেপাৰীয়ে টেলিফোন, ইন্টাৰনেট আদি যোগাযোগৰ মাধ্যমত গ্ৰাহকৰ নিৰ্দেশ অনুসৰি ঘৰে ঘৰে অথবা কোনো নির্দিষ্ট স্থানত পণ্যৰ যোগান ধৰে। অৰ্থাৎ, খুচুৰা বাণিজ্যৰ পৰিসৰ স্থাৱৰ বিক্রীকেন্দ্র, চলমান বিক্ৰি কেন্দ্ৰ আৰু নিৰ্দেশমূলক যোগান— এই তিনিটা পৰিৱেশন পদ্ধতি পোৱা যায়।

পাইকাৰী বিত্তীয় সেৱা বা বাণিজ্য সেৱা হ’ল বৃহৎ আকাৰৰ গঠন প্ৰক্ৰিয়াৰ বাণিজ্য। এনে বাণিজ্যৰ ক্ষেত্ৰত বেচা-কিনাৰ লগত জড়িত টকা-পইচাৰ লেনদেন বেংক অথবা তেনে জাতীয় প্ৰতিষ্ঠানৰ মাধ্যমতহে ঘটে। এনে পৰ্যায়ৰ বজাৰৰ পণ্যসমূহ বহুসময়ত বেচা-কিনা কৰা লোকসকলে পোনপটীয়াকৈ স্পৰ্শ কৰিবলৈ নাপায়। পাইকাৰী বজাৰৰ বিক্ৰেতাসকলে বিহুক্ষেত্ৰত খুচুৰা বিক্ৰেতাক বাকী সূত্রে পণ্যৰ যোগান কৰে অথবা খুচুৰা বিক্ৰেতাৰ পৰা আগতীয়া ধন জমা লোৱাৰ বেলিকা বিশেষ ৰেহাই দৰতো বিক্ৰী কৰে।

10. পৰিবহণ সেৱাক প্ৰভাৱিত কৰা কাৰকবোৰ কি কি? (What are the factors affecting transport services?) 

উত্তৰঃ পৰিবহণ সেৱাক প্ৰভাৱিত কৰা কাৰক প্ৰধানতঃ দুবিধ। সেয়া হ’ল— চাহিদা আৰু নির্দিষ্ট পথ। এই দুটা কাৰকে পৰিবহণ ব্যৱস্থাৰ উন্নতিত যথেষ্ট পৰিমাণে প্ৰভাব পেলায়। 

তলত এই কাৰক দুটাৰ বিষয়ে আলোচনা কৰা হ’ল–

(ক) চাহিদাঃ কোনো এখন ঠাইৰ পৰিবহণ সেৱাৰ চাহিদা নিৰ্ভৰ কৰে সেই ঠাইখনত বাস কৰা জনসংখ্যাৰ পৰিমাণ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত। ঠাই এখনত জনসংখ্যাৰ পৰিমাণ যিমানে বাঢ়ে পৰিবহণৰ চাহিদাও সিমানে বাঢ়ে। সেইবাবে ঘন জনসংখ্যাৰ ঠাইবোৰত পৰিবহণ ব্যৱস্থা সোনকালে গঢ়ি উঠাৰ লগতে উন্নত মানবিশিষ্টও হয়। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যিমানে উন্নত হয়, পৰিবহণৰ সা-সুবিধাও সিমানে উন্নত হয়।

(খ) নির্দিষ্ট পথঃ পৰিবহণ সেৱাৰ উন্নতিৰ লগত বিশেষভাৱে জড়িত আন এবিধ কাৰক হ’ল নিৰ্দিষ্ট পথ। পৰিবহণ পথবোৰ জনসাধাৰণে আকৃষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিব লাগে যাতে পথটোৰ নগৰ চহৰ, ঔদ্যোগিক কেন্দ্ৰ, বজাৰ, প্ৰাকৃতিক সম্পদেৰে ভৰি থকা অঞ্চল আৰু কেতবোৰ বসতিপূৰ্ণ ঠাই আদিক স্পৰ্শ কৰি যায়। সাধাৰণতে তেনে পথসমূহেদি ভ্ৰমণ কৰিবলৈ পৰ্যটক সকলক আকৃষ্ট কৰে। ফলত অঞ্চলটোৰ পৰিবহণ সেৱাই আর্থি দিশত যথেষ্ট লাভৱান হয়।

11. যোগাযোগৰ সেৱাসমূহৰ ওপৰত এটি টোকা লিখা। (Write a note on the communication services.) 

উত্তৰঃ যোগাযোগ সেৱাৰ মাধ্যমত শব্দ, বার্তা, তথ্য আৰু ধাৰণা প্রভৃতি ধ্বনি, চিত্র, লিখনি অথবা আন যিকোনো ধৰণৰ সংকেত ৰূপত নিৰ্দিষ্ট লক্ষ্য অভিমূখে প্ৰেৰণ কৰা হয়। আগৰ দিনত কেৱল লিখনি অথবা চিত্ৰৰ মাধ্যমত ডাক ব্যৱস্থাৰ যোগেদি এঠাইৰ পৰা আন কোনো লক্ষ্য স্থানলৈ কিছুমান বাতৰি অথবা সম্ভেদ প্ৰেৰণ কৰা হৈছিল। সময়ৰ সোঁতত যোগাযোগ প্রযুক্তিসমূহৰ ক্ষিপ্ৰ পৰিৱৰ্তন ঘটিছে। ফলস্বৰূপে পূৰ্বতে ডাকযোগে প্ৰেৰণ কৰা সম্ভেদসমূহ সপ্তাহ অথবা মাহৰ হিচাপত প্ৰয়োজন হোৱা সময়ৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আজিৰ যোগাযোগ প্রণালীটোক টেলিফোন যোগে এক ছেকেণ্ড সময়ৰো প্ৰয়োজন নহয়। ৰেডিঅ’, দূৰদৰ্শন, ফেক্স প্রভৃতি একে পৰ্যায়ৰ আনবোৰ মাধ্যমৰ সহায়তো যথাক্রমে ধ্বনি, চিত্রসহ ধ্বনি আৰু চিত্রসহ লেখনি ৰূপত একেই গতিবেগত পৃথিৱীৰ যিকোনো দুখন স্থানৰ মাজত যোগাযোগ প্রতিষ্ঠিত হৈছে। তদুপৰি, পূৰ্বৰ শতিকাটোৰ অবিসম্বাদী পৰ্যায়ৰ যোগাযোগৰ মাধ্যম বাতৰি কাকতসমূহৰ স্থানত সাম্প্ৰতিক কালত ৰিম’ট ছেনছিঙৰ ওপৰত নিৰ্ভৰশীল আন্তঃতন্ত্র অথবা ইন্টাৰনেট ব্যৱস্থাৰে পৰিচালিত গোলকীয় যোগাযোগ ব্যৱস্থাৰ পূৰ্ণ প্ৰতিষ্ঠা ঘটিছে।

12. অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পর্কে এটি টোকা লিখা। (Write a note about the informal segment service.) 

উত্তৰঃ বহুতো সেৱা পৰিৱেশকে ব্যক্তিগত অথবা সমষ্টিগত ভাৱে নিজ নিজ সূত্ৰ অনুসৰি কিছুমান বৈশিষ্ট্যহীন অথবা বৈশিষ্ট্যপূর্ণ লক্ষণৰ অনানুষ্ঠানিক সেৱা আগবঢ়াই থকা দেখা যায়। ফেৰীৱালা, ঘৰে ঘৰে নানা প্ৰকাৰৰ গৃহস্থালি কর্মত স্থায়ী অথবা অস্থায়ীভাৱে নিযুক্তি শ্রমিকসকল, কাঠমিস্ত্রি, পকামিস্ত্ৰি প্ৰভৃতি নিৰ্মাণ আৰু মেৰামতি কাৰ্যৰ লগত জড়িত শ্রমিক শ্ৰেণী আৰু দিন হাজিৰা কৰা সকলো শ্ৰেণীৰ লোককেই এইটো শ্ৰেণীত ধৰা হয়। এই সেৱাখণ্ডত নিযুক্ত লোকসকল অদক্ষৰ পৰা অৰ্ধদক্ষ পৰ্যায়ৰ হোৱা দেখা যায়। এইসকল শ্রমিকে ভিন্ ভিন্‌ অর্থনৈতিক খণ্ডত অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে। মুঠ সংখ্যাৰ লেখেৰেও এনে লোকৰ সংখ্যা নগণ্য নহয়। উদাহৰণস্বৰূপে, অসমত বসবাস কৰা সৰ্বমুঠ কাঠমিস্ত্রি, পকামিস্ত্রি, যোগালি, ঘৰুৱা খণ্ডত বৈদ্যুতিকৰণৰ অনুজ্ঞাপত্ৰধাৰী শ্ৰমিককে ধৰি নিৰ্মাণ খণ্ডলৈ সেৱা আগবঢ়াই অহা মুঠ শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি।

13. মানুহে কি দৰে তৃতীয়ক খণ্ডৰ বৃত্তিত নিয়োজিত হৈছে তাৰ ওপৰত এটি টোকা লিখা। (Write a note on how people have been engaged in the tertiary part of occupation?)

উত্তৰঃ সাম্প্ৰতিক সময়ত বিশ্বত প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ জীৱিকাসমূহৰ তুলনাত তৃতীয়ক খণ্ডৰ জীৱিকা গ্ৰহণ কৰা মানুহৰ সংখ্যা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে। উন্নয়নৰ পৰ্যায় নির্বিশেষে সকলো ধৰণৰ সমাজতেই সেৱাখণ্ডৰ আৱশ্যকতা এৰাই যাব পৰা নাযায় যদিও তৃতীয় বিশ্বৰ দেশসমূহতকৈ উন্নত দেশসমূহত তৃতীয় খণ্ডত নিয়োজিত লোকৰ সংখ্যা অধিক হোৱা দেখা যায়। উদাহৰণস্বৰূপে, অনুন্নত দেশসমূহৰ প্ৰায়বোৰ দেশতে মুঠ কৰ্মীৰ ১০ শতাংশ এই খণ্ডত নিয়োজিত হৈ থকাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ কৰ্মীৰ ৭৫ শতাংশই এই খণ্ডত নিয়োজিত পৃথিৱীৰ সৰ্ববৃহৎ তৃতীয়ক খণ্ডৰ জীৱিকা ৰূপে চিহ্নিত পৰ্যটন উদ্যোগত সমগ্র বিশ্বতে ২৫ কোটি মানুহৰ প্ৰত্যক্ষ সংস্থাপনৰ সম্ভৱ হৈছে। 

এই উদ্যোগৰ বিশ্বব্যাপী পৰিক্ৰমাটোত ২৫ কোটি পঞ্জীকৃত কৰ্মীৰ উপৰিও, হোটেল, ভোজন, যাতায়াত, মনোৰঞ্জন, চিন্তাকৰ্ষক পণ্যৰ বিশেষ ধৰণৰ দোকান প্রভৃতি পৰ্যটনৰ আনুসাংগিক সেৱাসমূহৰ লগত জড়িত লোকৰ সংখ্যাও পঞ্জীকৃত কৰ্মীৰ তুলনাত কম বুলিব নোৱাৰি। এই পৰ্যটন উদ্যোগক আশ্রয় কৰি বহুধৰণৰ অৱস্থাপক উদ্যোগ, খুচুৰা বাণিজ্য, পৰম্পৰাবাহী পণ্যৰ উৎপাদন, বিনির্মাণ প্রভৃতি কাম-কাজৰ একোটা পৰিৱেশ গঢ় লয়। এনেদৰে তৃতীয়ক খণ্ডত সংস্থাপনৰ বাট মুকলি হৈছে আৰু উপযুক্ত জনে সংস্থাপনৰ সুযোগ গ্ৰহণ কৰিব পাৰিছে ।

14. ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে? (Why hunting has been banned in India?) 

উত্তৰঃ প্রাচীন কালত মানুহৰ আৰ্থিক কাম-কাজ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল। মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ, ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্ৰহ বোলে। বৰ্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে পোৱা যায়। ভাৰতবৰ্ষত ঘন বসতিসহ বহুমুখী আর্থিক কাম-কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃত্তি নিচেই সীমিত হৈ আহিছে। তদুপৰি, পশু-পক্ষীৰ সংখ্যাও দ্রুত গতিত হ্রাস পাই অহাৰ লগতে বহুতো প্ৰাণীৰ প্ৰজাতিয়েই বিলুপ্ত অথবা বিলুপ্তপ্রায় হৈ পৰিছে। সেয়েহে, ভাৰতবৰ্ষত চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে।

15. উচ্চ প্রযুক্তি উদ্যোগৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the high-tech industry.) 

উত্তৰঃ সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্য্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পৰিচালিত উদ্যোগসমূহক উচ্চ প্রযুক্তি বা হাইটেক উদ্যোগ বুলি কোৱা হয়। বিগত প্রায় দুটামান দশকৰ পৰা উচ্চ প্ৰযুক্তিৰ উদ্যোগসমূহে সমগ্ৰ বিশ্বতে প্রাধান্যতা লাভ কৰা পৰিলক্ষিত হৈছে। অন্যান্য বৃহৎ উদ্যোগসমূহ স্থাপনৰ বাবে কেঁচা সামগ্ৰী বা শক্তিৰ উৎসৰ আৱশ্যকতা যিমান গুৰুত্বপূৰ্ণ, এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে তাতকৈ অধিক গুৰুত্বপূৰ্ণ কাৰকটো হ’ল— উচ্চ পৰ্য্যায়ৰ গৱেষণাহে। কম খৰচত উন্নত মানৰ দ্ৰৱ্য প্ৰস্তুত কৰাই এনে শ্ৰেণীভুক্ত উদ্যোগসমূহৰ প্রধান লক্ষণ। এনে উদ্যোগসমূহত নিয়োগ কৰা শ্ৰমিকসকল অতিকৈ সুদক্ষ হোৱাৰ লগতে অত্যাধুনিক ক্রিয়া-কৌশলসম্পন্ন হোৱাটো অতিকৈ জৰুৰী। 

এনে উদ্যোগ ক্ষেত্ৰসমূহত সম্পাদন কৰিব লগা গলন, পৰিশোধন, ৰাসায়নিক সংযোজন অথবা বিভাজন প্রভৃতি কাম-কাজসমূহ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয়। এই উদ্যোগসমূহ কেঁচামাল, শক্তি, বজাৰ প্রভৃতি কাৰকসমূহৰ লগত প্ৰায় সম্পৰ্কচ্ছিন্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হয়। উল্লেখযোগ্য যে, উচ্চ প্ৰযুক্তিৰ উদ্যোগবোৰত দ্বিতীয়ক খণ্ডৰ কাম-কাজৰ তুলনাত তৃতীয়ক আৰু চতুৰ্থক খণ্ডৰ কাম-কাজৰ মাত্ৰাহে অধিক। অত্যাধুনিক প্রযুক্তি আৰু কাৰিকৰী কৌশলেৰে প্ৰতিষ্ঠিত এই উচ্চ প্রযুক্তি উদ্যোগবিলাকে সদায়ে অতি উন্নতমানৰ সামগ্ৰী যেনেঃ ঔষধ, অত্যাধুনিক যন্ত্রপাতি, ৰাসায়নিক সামগ্রী, বৈদ্যুতিক সামগ্ৰী আদি উৎপাদন কৰে।

16. পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the stumbling block industry.) 

উত্তৰঃ কেঁচামাল, শক্তি, বজাৰ প্রভৃতি কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কচ্ছিন্ন হৈ একমাত্র প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে, সেইবোৰকে পদস্খলন উদ্যোগ বোলা হয়। সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ব্যাপক গৱেষণাসমূহৰ উমৈহতীয়া ফচল হিচাপে উদ্‌ঘাটন হোৱা সূত্ৰ আৰু কৌশলসমূহ দক্ষতাসহকাৰে প্ৰয়োগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহত উন্নত মানৰ দ্ৰৱ্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয়। সেয়েহে এনে উদ্যোগত শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্রমদানকাৰী কুশলী কৰ্মচাৰীৰ সংখ্যাহে অধিক হয়। এনেবোৰ উদ্যোগক্ষেত্ৰত সম্পাদন কৰিব লগা গলন, পৰিশোধন, ৰাসায়নিক সংযোজন অথবা বিভাজন প্রভৃতি কাম-কাজসমূহ বৈদ্যুতিক প্ৰণালীৰেই সম্পন্ন কৰা হয়।

17. বনজ উদ্যোগ সম্পর্কে চমু টোকা লিখা। (Write a short note about the forest industry.) 

উত্তৰঃ বিশ্বৰ বিভিন্ন বনাঞ্চলসমূহ হৈছে বাঁহ, কাঠ, লা-ধূনা, ৰবৰ ঘাঁহ প্রভৃতি বিচিত্ৰ, পৰিসৰৰ কেঁচামালৰ উৎস। এনেবোৰ উৎসৰ পৰা দ্ৰৱ্যসমূহ সংগ্ৰহ কৰি, সেইবোৰৰ পৰিশোধন, ৰূপায়ন আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে সেইবোৰকে বনজ উদ্যোগ বোলা হয়। কাগজ উদ্যোগ, লা উদ্যোগ, প্লাইউদ উদ্যোগ, দিয়াচলাই উদ্যোগ আদি বনজ উদ্যোগৰ অন্তৰ্গত। ইয়াৰ উপৰিও বনজ উদ্যোগসমূহত কাঠৰ বিভিন্ন সাঁ-সৰঞ্জাম, বাঁহ-বেতৰ আচবাব আদি প্ৰস্তুত কৰা হয়। এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল কেঁচামালৰ সাম্ভাৱ্যতা। 

যি অঞ্চলত এই বনজ সম্পদসমূহ অর্থাৎ, উদ্যেগটো স্থাপনৰ বাবে প্রয়োজনীয় কেঁচা সামগ্ৰীবিধ প্ৰচুৰ পৰিমাণে পোৱা যায় তেনে অঞ্চলত এই উদ্যোগসমূহ গঢ় লৈ উঠা দেখা যায়। উদাহৰণস্বৰূপে, অসমত প্ৰচুৰ পৰিমাণৰ বাঁহৰ গঢ় উপলব্ধতাৰ বাবে জাগীৰোড, পঞ্চগ্ৰাম আৰু আমিনগাঁৱত একোটাকৈ কাগজকল লৈ উঠা দেখা যায়। সেইদৰে, অসমত প্ৰচুৰ পৰিমাণে পোৱা শিমলু গছৰ বাবে কৰিমগঞ্জ, যোৰহাট আৰু উত্তৰ গুৱাহাটীত একোটাকৈ দিয়াচলাই উদ্যোগ গঢ় লৈ উঠা দেখা যায়।

18. আকাৰৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্ৰেণী বিভাজন কৰা। (Classify industries based on size?)

উত্তৰঃ ঔদ্যোগিক প্ৰতিষ্ঠানবোৰৰ আকাৰ ভিন্‌ ভিন্‌ হোৱা দেখা যায়। বিনিয়োগকৃত মূলধন, নিযুক্তি প্রাপ্ত শ্রমিক কৰ্মচাৰীৰ সংখ্যাৰ লগতে উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এই ঔদ্যোগিক প্রতিষ্ঠানবোৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি—

(ক) কুটীৰ শিল্পঃ সকলো ধৰণৰ কাৰিকৰী উদ্যোগৰ ভিতৰতে ক্ষুদ্ৰ পৰিসৰত গঢ়ি উঠা এই শ্ৰেণীৰ উদ্যোগত একোজন কাৰিকৰে হাততে পোৱা কেঁচামাল ব্যৱহাৰ কৰি সৰল হাথিয়াৰৰ সহায়তে নিজা বাসগৃহৰ পৰিৱেশতে কিছুমান নিত্য ব্যৱহাৰ্য আচবাব প্রস্তুত কৰিব পাৰে। খাদ্য প্ৰস্তুতকৰণ, বাঁহ-বেতৰ কাম-কাজ, ঘৰুৱা বয়ন শিল্প, কমাৰশাল, শিল অথবা মাটিৰ আচবাব প্রস্তুত, লোৰ লঘু সামগ্ৰী প্ৰস্তুত আদিৰ দৰে প্ৰস্তুত কাৰ্য এই শ্ৰেণীৰ উদ্যোগত সংঘটিত হয়।

(খ) লঘু উদ্যোগঃ কুটীৰ শিল্পতকৈ কিছু বৃহৎ কলেবৰত কোনো একোটা চৌহদত গঢ়ি উঠা বাণিজ্যিক পৰিসৰৰ ক্ষুদ্ৰ উদ্যোগৰ গোটসমূহক লঘু উদ্যোগ বোলা হয়। ঘাইকৈ স্থানীয় কেঁচামাল, অর্ধ প্রশিক্ষিত শ্রমিক আৰু শক্তিচালিত সৰু সুৰা যন্ত্ৰপাতিৰ সহায়ত লঘু উদ্যোগসমূহ চলি থাকে। এই উদ্যোগসমূহ ঘাইকৈ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদিত সামগ্ৰীৰ তুলনাত নিয়োগৰ চাহিদা অতি বেছি। সেয়েহে ভাৰত আৰু চীনৰ দৰে দেশত এই শ্রেণী উদ্যোগৰ সমাদৰ অতি বেছি।

(গ) গুৰু উদ্যোগঃ বৃহৎ পৰিমাণৰ মূলধনৰ বিনিয়োগ আৰু সুসংগঠিত পৰিচালনাৰ পৰিসৰত বিস্তীৰ্ণ বজাৰৰ চাহিদা পূৰণাৰ্থে বিশাল পৰিমাণৰ কেঁচামাল, ভৌতিক শক্তিৰে পৰিচালিত প্রযুক্তি আৰু প্ৰশিক্ষিত শ্ৰমিকৰ সমন্বয়ত নিয়মিতভাৱে বিশাল পৰিমাণৰ পৰিসজ্জিত উপকৰণ প্ৰস্তুত কৰা উদ্যোগসমূহকে লঘু উদ্যোগ বোলা হয়। অষ্টাদশ শতিকাৰ ঔপনিবেশিক অৰ্থনীতি আৰু ইয়াৰ সমান্তৰালভাৱে যান্ত্ৰিক আৰু কাৰিকৰী প্ৰযুক্তিৰ বিকাশৰ লগে লগে বিশ্বত এই শ্ৰেণীৰ উদ্যোগৰ আৰম্ভ হয়।

19. মালিকী স্বত্ত্বৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্ৰেণী বিভাজন কৰা। (Divide the industry based on ownership?) 

উত্তৰঃ মালিকীস্বত্ত্ব অনুসৰি ঔদ্যোগিক প্রতিষ্ঠানবোৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰা হয়। 

সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হৈছে–

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগঃ চৰকাৰ অথবা চৰকাৰৰ দ্বাৰা অনুমোদিত কোনো এক ৰাজহুৱা অনুষ্ঠানৰ মালিকানাত পৰিচালিত উদ্যোগসমূহকে ৰাজহুৱাখণ্ডৰ বা চৰকাৰীখণ্ডৰ

উদ্যোগ বোলা হয়। উদাহৰণস্বৰূপে হিন্দুস্থান ষ্টীল লিমিটেড নামৰ লো-তীখা উৎপাদনকাৰী উদ্যোগটো ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এটা চৰকাৰীখণ্ডৰ উদ্যোগ। সেইদৰে, অসম চাহ নিগম হৈছে চৰকাৰৰ অনুমোদন অথবা পৃষ্ঠপোষকতাত উদ্ভৱ হোৱা একোটা অৰ্ধ চৰকাৰী পৰিচালনা কক্ষৰ দ্বাৰা পৰিচালিত ৰাজহুৱা খণ্ডৰ উদ্যোগ।

(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগঃ একোজন ব্যক্তিৰ গাইগুটীয়া প্ৰচেষ্টাত গঢ়ি উঠাৰ পাছত প্রতিষ্ঠাপক ব্যক্তিজনে নিজে অথবা আন যিকোনো ব্যক্তিৰ দায়িত্বত পৰিচালিত হোৱা উদ্যোগসমূহক ব্যক্তিগত খণ্ডৰ উদ্যোগ বোলা হয়। উদাহৰণস্বৰূপে, টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী লিমিটেড এক ব্যক্তিগত খণ্ডৰ উদ্যোগ।

(গ) যৌথ উদ্যোগঃ কেইবাজনো ব্যক্তিৰ আৰ্থিক অৱদানৰ আধাৰত গঢ় লোৱা উদ্যোগসমূহক যৌথ খণ্ডৰ উদ্যোগ বোলা হয়। কিছুমান যৌথখণ্ডৰ উদ্যোগত্‌ ব্যক্তিগত খণ্ডৰ প্ৰায় সমান নিৰিখত চৰকাৰীখণ্ডৰ অংশও থাকে। যেনেঃ শিলঘাটৰ মৰাপাট উদ্যোগ।

20. পৃথিৱীৰ উন্নত দেশসমূহত ঔদ্যোগিক বিকাশৰ মূখ্য কাৰণ আলোচনা কৰা। (Discuss the main reasons for the industrial development of the developed countries of the world.) 

উত্তৰঃ বাৰ্ষিক ৰাষ্ট্ৰীয় আয়, শিক্ষা, যাতায়াত- যোগাযোগ, উদ্যোগ, স্বাস্থ্য আদি সকলো দিশৰ ওপৰত ভিত্তি কৰি দেশসমূহক উন্নত, উন্নয়নশীল আৰু দৰিদ্ৰ দেশ হিচাপে চিনাক্ত কৰা হয়। দেশ এখন উন্নতিৰ জখলাত আগুৱাবলৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে। যেনে– জলবায়ু, শিক্ষা, মানুহৰ কৰ্ম দক্ষতা, বিভিন্ন প্রাকৃতিক সম্পদ ইত্যাদি। এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰিয়ে ঔদ্যোগিক বিকাশ সম্ভৱ হয়। এনে দেশসমূহত শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিজ্ঞানৰ ন ন আৱিষ্কাৰ সম্ভৱ হৈছে। যাৰ ফলত কম খৰচত বহু পৰিমাণৰ সামগ্রী উৎপাদন কৰিব পৰা হৈছে। তাৰোপৰি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচাসামগ্ৰী আমদানী কৰাৰ লগতে উৎপাদিত সামগ্ৰীবিধ বিক্ৰীৰ বাবে বজাৰলৈ নিয়াতো সহায়ক হয়। 

এই সকলোবোৰ ব্যৱস্থা থকাৰ উপৰি উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তিৰ দৰকাৰ, তেতিয়াহে এটা উদ্যোগ স্থাপন কৰিব পাৰি আৰু পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিয়েই উদ্যোগ এটাৰ উন্নতি স্থাৱৰ কৰিব পাৰি। এই সকলো সুবিধা উন্নত দেশসমূহত উপলব্ধ হোৱা হেতুকে এনে দেশসমূহত ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে। 

21. পৃথিৱীৰ কপাহী বয়ন উদ্যোগ সম্পর্কে চমুকৈ লিখা। (Write briefly about the cotton weaving industry of the world.) 

উত্তৰঃ কপাহী বয়ন উদ্যোগ হ’ল এক কৃষি ভিত্তিক উদ্যোগ। কিয়নো এই উদ্যোগৰ বাবে প্রয়োজনীয় কপাহ কৃষিৰ জৰিয়তে উৎপাদন কৰা হয়। হস্তচালিত তাঁতশাল, যন্ত্রচালিত তাঁতশাল আৰু বৃহৎ আকাৰৰ কাপোৰৰ কল পৰ্যায়ৰ তিনিটা প্রশাখাত বয়ন উদ্যোগৰ উপ বিভাজন কৰিব পাৰি। এই তিনিটা উপশ্রেণীৰ ভিতৰত প্ৰথম দুটা অধিক মাত্ৰাত শ্ৰম নিৰ্ভৰশীল হোৱাৰ বিপৰীতে বৃহৎ কাপোৰৰ কলসমূহ ঘাইকৈ যান্ত্ৰিক শক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়। শ্রমকেন্দ্ৰীকৰ পৰা প্ৰযুক্তিকেন্দ্ৰীক হৈ অহাৰ লগে লগে এই উদ্যোগত বিনিয়োগ কৰা মূলধনৰ পৰিমাণ বাঢ়ি যায় । সেয়েহে, আর্থিক দিশত আপেক্ষিকভাৱে অগ্রগণ্য অঞ্চলবোৰত প্রযুক্তিচালিত কাপোৰৰ কল প্রতিষ্ঠা হোৱাৰ বিপৰীতে আর্থিকভাৱে অনগ্ৰসৰ অঞ্চলবোৰত হস্ত তাঁতৰ প্ৰচলন অধিক হোৱা দেখা যায়।

কপাহী বয়ন উদ্যোগৰ বিকাশ বহু পৰিমাণে ইয়াৰ কেঁচামাল অর্থাৎ, উন্নতমানৰ কপাহ যোগানৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতবৰ্ষ, চীন, যুক্তৰাষ্ট্ৰ, পাকিস্তান, উজবেকিস্তান, ইজিপ্ত প্রভৃতি পৃথিৱীৰ প্রধান কপাহ উৎপাদনকাৰী দেশসমূহক ধৰি পৃথিৱীৰ সৰ্বমুঠ ৪০ খন দেশত কপাহী বয়ন উদ্যোগৰ অগ্ৰগতি দেখা যায়। 

ইয়াৰ ভিতৰত বস্ত্ৰ সম্ভাৰৰ উৎপাদনত একাদিক্রমে যুক্তৰাষ্ট্র, চীন, ভাৰত, জাপান, জার্মানী, ফ্ৰান্স, ৰাছিয়া আৰু ইটালী অগ্রগণ্য। যুক্তৰাষ্ট্ৰ, জাপান আৰু প্ৰায়বোৰ ইউৰোপীয় দেশত অৱস্থিত এই উদ্যোগৰ গোটসমূহে উত্তৰ আফ্ৰিকা আৰু এছিয়াৰ পৰা কেঁচা সামগ্ৰী অৰ্থাৎ, কপাহৰ আঁহ সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত লেনদেন ঘটা ৫০ শতাংশ কপাহৰ ক্ৰেতা হৈছে ইউৰোপ মহাদেশ। গ্ৰাহকৰ চাহিদা অনুসৰি উপযুক্ত মাত্ৰাৰ গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়ন অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ বাবেই বিশ্বযুদ্ধৰ পৰা আজিকোপতি জার্মান দেশীয় কপাহী বয়ন উদ্যোগটোৱে নিজ অগ্রগতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। চীন দেশত ১৮৯০ চনত স্থাপন হোৱা কপাহী উদ্যোগৰ অগ্ৰগতিত আন আন সা-সুবিধাৰ লগতে জনবহুল চীনৰ বৃহৎ ঘৰুৱা বজাৰখনো এক প্ৰধান কাৰক। চীনৰ বস্ত্ৰ শিল্পৰ প্ৰধান কেন্দ্ৰসমূহ ইয়াংছি উপত্যকা, হোৱাংহো উপত্যকা আৰু দক্ষিণ চীন অঞ্চলত অৱস্থিত।

আধুনিক বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ কপাহী বস্ত্ৰৰ আদৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। ১৮৫৪ চনত মুম্বাই চহৰত দেশৰ প্ৰথমটো যন্ত্রচালিত কাপোৰৰ কল প্রতিষ্ঠা হয়। বর্তমান ভাৰতৰ আশীখন চহৰত ১৬০০ ৰো অধিক কাপোৰৰ কল আছে। গুজৰাটৰ আহমেদাবাদত দেশৰ ভিতৰতে সৰ্বাধিক কাপোৰৰ কল আছে। এই চহৰক প্ৰাচ্যৰ মানচেষ্টাৰ বুলিও কোৱা হয়। প্ৰচুৰ কপাহ উৎপাদন, সাগৰীয় প্ৰভাৱৰ সেমেকা জলবায়ু, আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণৰ সুবিধা, শক্তি, শ্ৰম আৰু মূলধন প্রভৃতি কাৰকসমূহৰ সুবিধাজনক অৱস্থিতিৰ হেতুকে মহাৰাষ্ট্ৰ আৰু গুজৰাট দুয়োখন ৰাজ্যতে কপাহী বয়ন শিল্পৰ চমকপ্ৰদ উন্নতি ঘটিছে। সম্প্রতি, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাড়ু প্রভৃতি ৰাজ্যসমূহতো এই উদ্যোগৰ প্ৰসাৰ ঘটিছে। 

জাপানত কপাহৰ উৎপাদন নহয় যদিও সাগৰীয় সেমেকা জলবায়ু, সুদক্ষ শ্রমিক, উন্নত প্রযুক্তি, জলবিদ্যুৎ শক্তিৰ প্ৰাচুৰ্য, দেশ-বিদেশৰ বজাৰ প্রভৃতি কাৰকসমূহৰ বাবে এই দেশত কপাহী বয়ন শিল্পৰ বিকাশ সম্ভৱ হৈছে। বৰ্তমান জাপানেই বিশ্বৰ সৰ্বাধিক কপাহী বস্ত্ৰ ৰপ্তানীকাৰী দেশ। জাপানৰ কপাহী বয়ন উদ্যোগ কেন্দ্ৰীভূত হৈ থকা অঞ্চলসমূহ হ’ল— ওচাকা-কোবে অঞ্চল, টকিঅ’-য়াকোহামা অঞ্চল আৰু নাগয়া অঞ্চল। ছোভিয়েট ৰাছিয়াৰ বস্ত্ৰ উদ্যোগসমূহে উন্নত মানৰ কপাহী বস্ত্ৰ উৎপাদন কৰে। কয়লা, কেঁচামাল, সস্তীয়া বনুৱা, যাতায়াত, প্ৰযুক্তিৰ ব্যৱহাৰ আদিয়েই এই উদ্যোগসমূহৰ উন্নতিৰ প্ৰধান কাৰণ । ৰাছিয়াত এই উদ্যোগ কেন্দ্ৰীভূত হৈ থকা অঞ্চলসমূহ হ’ল মস্কো ইভানোভা অঞ্চল, লেনিনগ্রেড অঞ্চল আৰু দক্ষিণ অঞ্চল। 

22. পৃথিৱীৰ লো-তীখা উদ্যোগ সম্পর্কে এটি টোকা লিখা। (Write a note about the world’s iron and steel industry.) 

উত্তৰঃ আজিৰ এই যান্ত্রিক যুগত লো-তীখা উদ্যোগ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। যন্ত্রপাতি, কল কাৰখানা, ঘৰ-দুৱাৰ, দলং, গাড়ী, ঘৰুৱা সামগ্ৰী আদি সকলোতে লো-তীখা ব্যৱহাৰ কৰা হয়। এই শিল্প এখন দেশৰ উন্নতি আৰু সভ্যতাৰ মাপকাঠি।

আকৰিক লো আৰু চূণশিল এই উদ্যোগৰ প্ৰধান কেঁচামাল আৰু কয়লা ইয়াৰ প্ৰধান শক্তিৰ উৎস।

তলত পৃথিৱীৰ প্ৰধান লো-তীখা উৎপাদনকাৰী দেশসমূহৰ বিষয়ে বৰ্ণনা কৰা হ’ল–

ৰাছিয়া পৃথিৱীৰ সৰ্বাধিক লো-তীখা উৎপাদনকাৰী দেশ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এই দেশত লো-তীখা উদ্যোগৰ সম্প্ৰসাৰণ দ্রুত গতিত হৈছে। ইউক্রেইন আৰু ডনেটজ উপত্যকাৰ আশে-পাশে থকা ডনেৎস্ক, মেকিভ্কা, ক্রামাৰ্টস্ক, ভৰছিলভ্গ্ৰেডত লো-তীখা উদ্যোগবোৰ গঢ়ি উঠিছে। মস্কো অঞ্চলত তুলা, লিপেৎস্ক আৰু গৰ্কী প্ৰধান লো-তীখা কেন্দ্ৰ। এইবোৰ কেন্দ্ৰত ডনেৎজ উপত্যকাৰ কয়লা, স্থানীয় আকৰিক লোৰ লগতে ইউক্রেইন আৰু ইউৰাইল অঞ্চলৰ আকৰিক লো ব্যৱহৃত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ দ্বিতীয় প্রধান লো-তীখা উৎপাদনকাৰী দেশ। ইয়াত সৰ্বপ্ৰথমে আটলান্টিক মহাসাগৰীয় উপকূলৰ মেৰিলেণ্ড আৰু পেনচিলভেনিয়াত এই শিল্পৰ আৰম্ভণি হয়। পিটছবার্গ অঞ্চল লো-তীখাৰ প্ৰধান কেন্দ্ৰ। চুপিৰিয়ৰ হ্ৰদ অঞ্চলৰ মেচাবি পাহাৰৰ লো খনিৰ পৰা আহৰণ কৰা আকৰিক লোৰে এই অঞ্চলৰ লো-তীখা উদ্যোগসমূহ পৰিচালিত হয়। ইৰি হ্ৰদৰ পাৰত বাফেল’ ক্লিভলেণ্ড, মিচিগান হ্ৰদৰ দক্ষিণ পাৰত চিকাগো, গেৰি, চেন্টলুইচ আৰু চুপিৰিয়ৰ হ্ৰদৰ কাষত থকা ডুলুথ প্রধান লো-তীখাৰ কেন্দ্ৰ। কেঁচামালৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে এই অঞ্চলত যুক্তৰাষ্ট্ৰৰ শতকৰা ৩৪ ভাগ লো উৎপাদিত হয়।

গ্রেটব্ৰিটেইনৰ নৰ্থহাম্বাৰলেণ্ড আৰু ডাৰহামত লো-তীখা উৎপাদন যথেষ্ট পৰিমাণে হয়। ডাৰহামৰ কয়লা, মধ্য অংশৰ আকৰিক লো আৰু পেনাইন পর্বত চূণশিল এই তিনিটা ওচৰা ওচৰিকৈ পোৱা যায় বাবে পৰিবহণ ব্যয় কম হয়। গ্রেটব্ৰিটেইনৰ ব্লেককান্ট্ৰি অঞ্চলৰ বার্মিংহাম, ক’ভেন্ট্রি, ভাডলে, ৰেডডিছ আদি প্রধান লো-তীথা কেন্দ্র।

ইউৰোপৰ জাৰ্মানী আন এখন লো-তীখা উৎপাদনকাৰী দেশ। এই দেশৰ ৰাইনৰ উপনদী ৰুঢ় নৈৰ উপত্যকা পৃথিৱীৰ এক শ্ৰেষ্ঠ তীখা উৎপাদনকাৰী অঞ্চল। ৰুঢ় নৈৰ দুয়োপাৰে প্ৰায় ৮০ কিল’মিটাৰ ঠাই জুৰি ইচেন দুচেলডর্ফ। বচাম, ডর্টমুণ্ড, চলিনগেন, ক্রেফেল্ড, ডুইচবার্গ আদি প্রধান লো-তীখা কেন্দ্ৰবোৰ বিস্তৃত হৈ আছে। ৰুঢ় উপত্যকাত উচ্চ মান বিশিষ্ট কয়লাৰ খনি আছে, তদুপৰি জল পৰিবহণৰ আৰু ৰেল পৰিবহণৰ সুবিধায়ো এই উদ্যোগৰ অগ্ৰগতিত অৰিহণা যোগাইছে।

চীন দেশত প্ৰচুৰ আকবিক লো আৰু কয়লাৰ খনি আছে। আনপিন অঞ্চল, ছানছিৰ ইয়াংছুৱান, ইয়াংছি উপত্যকাৰ হাস্কাও ইউহান, পিকিঙৰ, টাইখুৱান চীনৰ প্ৰধান লো-তীখা কেন্দ্র।

জাপানৰ নিজা কয়লা নাই আৰু আকৰিক লোৰ পৰিমাণ কম বাবে ব্ৰাজিল, ভাৰত, ফিলিপাইন, মাঞ্চুৰিয়া আদিৰ পৰা আকৰিক লো আৰু চীন, কোৰিয়া, অষ্ট্ৰেলিয়া আদিৰ পৰা কয়লা আমদানি কৰি এই দেশে লো-তীখা উদ্যোগ স্থাপন কৰিছে। ইয়াৰ উত্তৰ কিউছুৰ য়াৱাটাত স্থাপিত লোৰ কাৰখানা প্ৰসিদ্ধ। ইয়াক প্ৰাচ্যৰ পিটছবাৰ্গ বুলিও কোৱা হয় ৷

ভাৰতবৰ্ষত লো-তীখা উদ্যোগৰ বাবে কেঁচা সামগ্ৰী আকৰিক লো যথেষ্ট পৰিমাণে পোৱা যায়। কয়লা, চূণশিল, ডল’মাইট, মেংগানিজ আদি লো-তীখা উদ্যোগৰ বাবে লাগতিয়াল সামগ্ৰীৰ উৎপাদনত ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল যদিও লো-তীখা উৎপাদনত বিশেষ আগবাঢ়িব পৰা নাই। ভাৰতৰ পূব উপকূলীয় অৱস্থানসহ দাক্ষিণাত্য মালভূমি অঞ্চলত সৰ্বমুঠ ১০টা লো-তীখা উদ্যোগৰ প্ৰধান গোট সিঁচৰিত অৱস্থাত পোৱা যায়। জামছেদপুৰ, দুর্গাপুৰ, ৰুৰকেল্লা, ভিলাই, বোকাৰো আদি প্রধান লো-তীখা কেন্দ্র।

23. পঞ্চম খণ্ডৰ জীৱিকা সম্পর্কে এটি চমু টোকা লিখা। (Write a short note about occupation in the fifth part.) 

উত্তৰঃ নীতি নিৰ্দেশনা আৰু সিদ্ধান্ত গ্রহণ বিষয়ক উচ্চ স্তৰীয় সেৱা আগবঢ়োৱা কৌশল আৰু অভিজ্ঞতাপুষ্ট শ্ৰেণীটোক পঞ্চমক খণ্ডৰ জীৱিকা আখ্যা দিয়া হয়। জীৱিকাৰ এই খণ্ডটো সম্পূৰ্ণ ৰূপে জ্ঞানৰ দ্বাৰা পৰিচালিত হয়। নিত্য নতুন ধ্যান-ধাৰণাৰ উপস্থাপন, সংস্কাৰ সাধন আৰু পৰ্যালোচনা, তথ্য বিশ্লেষণ আৰু নতুনকৈ আৱিষ্কাৰ হোৱা কলা-কৌশলসমূহৰ কাৰ্যকাৰিতাৰ মূল্যায়ন প্রভৃতি পঞ্চমক খণ্ডৰ অন্তৰ্ভুক্ত কাৰ্যসমূহৰ ঘাই পৰিসৰ। বাণিজ্য খণ্ডৰ উচ্চ বর্গীয় কাৰ্যবাহী বিষয়া, চৰকাৰী আমোলা, গৱেষক পৰ্যায়ৰ বিজ্ঞানী, বিত্ত আৰু আইন বিষয়ক সচিব পৰ্যায়ৰ বিষয়া অথবা উপদেষ্টা সকলকে ধৰি তৃতীয়ক আৰু চতুৰ্থক খণ্ডৰ অন্তৰ্গত কাৰ্যসমূহৰ নির্ণায়ক ভূমিকাত আৱৰ্ত্তীন হোৱা লোকসকলক পঞ্চমক খণ্ডৰ জীৱিকাধাৰী আখ্যা দিয়া হয়। 

এই সেৱাসমূহৰ উপৰিও একো একোটা অৰ্থবাহী খণ্ডৰ কাৰ্য পৰিসৰ অথবা অর্থনৈতিক দৃশ্যপটৰ ক্ষিপ্ৰ পৰিৱৰ্তন সাধনকাৰী কিছুমান তথ্য প্ৰযুক্তিমূলক সেৱাও পঞ্চমক খণ্ডৰ পৰিসৰত সন্নিবিষ্ট কৰা হয়। উদাহৰণস্বৰূপে, এনেধৰণৰ তথ্য প্ৰযুক্তিৰ সহায়ত ভাৰতৰ চিকিৎসা খণ্ডটোৱে বছৰি হাজাৰ হাজাৰ চিকিৎসা পৰ্যটকক দেশখনৰ অৰ্থব্যৱস্থাটোলৈ আকৰ্ষণ কৰিব পাৰিছে।

24. আধুনিক যোগাযোগ ব্যৱস্থাসমূহে কি দৰে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে– উদাহৰণ সহ বুজাই লিখা। (Explain with examples how “modern communication systems have turned the world into a globe”) 

উত্তৰঃ সাম্প্ৰতিক সময়ত যোগাযোগ ব্যৱস্থাই সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা মিনিটতে দূৰণি ঠাইৰ লগত সংযোগ স্থাপন কৰিব পৰা গৈছে, যিটো নেকি যাতায়াত ব্যৱস্থাৰ দ্বাৰা ইমান কম সময়তে সংযোগ সাধন কৰিব নোৱাৰি। ইলেক্ট্ৰ’নিক যোগাযোগৰ মাধ্যমসমূহ ইমান দ্রুত যে ইয়াক এঠাইত বুটাম টিপাৰ লগে লগেই আন ঠাইৰ লগত সংযোগ ঘটে। ইলেক্টনিক মাধ্যমৰ দ্ৰুত উন্নতিৰ ফলস্বৰূপে, কোনো এঠাইত ঘটা ঘটনাবোৰ ঘটাৰ লগে লগেই টেলিভিছনৰ দ্বাৰা আমি প্ৰত্যক্ষ কৰিব পাৰো। ইয়াৰ দ্বাৰা মানুহে দেখি নোপোৱা আৰু গৈ নোপোৱা অঞ্চলৰ বিষয়ে ঘৰত থাকিয়েই জানিব আৰু প্ৰত্যক্ষ কৰিব পাৰে। 

সমগ্র পৃথিৱীখনৰ বিষয়ে জনা আৰু দেখাটো সকলো মানুহৰ বাবে সম্ভৱ নহয়। কিন্তু এই নজনা আৰু নেদেখা অঞ্চলৰ মানুহৰ আচাৰ আচৰণ, ৰীতি-নীতি, ধ্যান-ধাৰণা, জীৱন নিৰ্বাহ পদ্ধতি আদিৰ বিষয়ে জনাত যোগাযোগ মাধ্যমে সহায় কৰে। গতিকে, ঘূৰি ফুৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে জানিব নোৱাৰিলেও ঘৰত বহিয়েই যোগাযোগ মাধ্যমৰ সহায়ত সমগ্ৰ পৃথিৱীৰ বিষয়ে জনাত সহায়ক হৈছে। সেয়েহে, ক’ব পাৰি যে যোগাযোগ ব্যৱস্থাই পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে।

25. পৃথিৱীত অর্থনৈতিক উন্নয়নত সেৱা কাৰ্যৰ গুৰুত্ব সম্পর্কে উদাহৰণসহ বুজাই লিখা। (Explain with examples the importance of service work in the economic development of the world?)

উত্তৰঃ বিত্তীয় সেৱাই সমগ্র বিশ্বকে আর্থিক ভাৱে আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰে। অর্থনৈতিক বিকাশত বিত্তীয় প্রতিষ্ঠানসমূহে বিত্তীয় সেৱাৰ যোগান ধৰে। উদাহৰণস্বৰূপে, কোনো এটা উদ্যোগে লোকচানৰ সন্মুখীন হোৱাত উৎপাদনৰ হাৰ কমি গৈছে, তেনে ক্ষেত্ৰত উদ্যোগটোক সহায় কৰিবৰ বাবে বিত্তীয় প্রতিষ্ঠানসমূহ আগবাঢ়ি যায় আৰু বিত্তীয় সাহায্য আগবঢ়ায়। যেতিয়া উদ্যোগটোৱে উৎপাদন বৃদ্ধি কৰি লাভ পায়, তাৰ পৰাই বিত্তীয় প্ৰতিষ্ঠানত ধাৰ মাৰে। বিত্তীয় সেৱা অবিহনে অর্থনৈতিক বিকাশ সম্ভৱ নহয়। বর্তমান বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ উদ্ভৱ হৈছে। এই প্ৰতিষ্ঠানৰ প্ৰগতিৰ ফলস্বৰূপে মানৱ সমাজ যথেষ্ট উপকৃত হৈছে। বিত্তীয় সেৱাৰ অংশ স্বৰূপে উদ্যোগেও যথেষ্ট সহায় কৰিছে। 

এই উদ্যোগসমূহৰ বিকাশৰ ফলস্বৰূপে, পুৰণি কুটীৰ শিল্পৰ পৰিৱৰ্তে বয়ন উদ্যোগ স্থাপন হ’ল। ফলত আগৰ তুলনাত উৎপাদনৰ পৰিমাণ বৃদ্ধি পালে। এই উৎপাদিত সামগ্ৰীৰ প্ৰয়োজনীয়খিনি ব্যৱহাৰ কৰি অতিৰিক্ত উৎপাদিত দ্রৱ্যসমূহ বিদেশলৈ ৰপ্তানি কৰা হয়। ফলত উৎপাদিত সামগ্ৰীসমূহো লোকচান নহয় আৰু বিদেশৰ পৰাও যথেষ্ট পৰিমাণে বিদেশী মুদ্ৰাও অৰ্জন কৰিব পৰা যায় আৰু ইয়াৰ দ্বাৰা আন দেশৰ পৰা প্ৰয়োজনীয় সামগ্রী আমদানি কৰিব পৰা যায়। এনেদৰে, আমদানি ৰপ্তানিৰ দ্বাৰা দেশীয় অভাৱ পূৰণ কৰিব পৰা যায় আৰু এই সকলোবোৰ সম্ভৱ হয় বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগিতাৰ দ্বাৰাহে।

26. পর্যটন যে এটা অতি গুৰুত্বপূৰ্ণ সেৱা কাৰ্য্য বৰ্ণনা কৰা। (Describe why the function of the tourism service is very important.)

উত্তৰঃ অৱসৰ বিনোদনৰ বাবে সম্পাদন কৰা ভ্ৰমণক পৰ্যটন বোলা হয়। ইয়াৰ ভিত্তিত কিছুমান সেৱাও গা কৰি উঠিছে যাৰ ভিত্তিত গঢ় লৈ উঠিছে পর্যটন উদ্যোগে। সাম্প্রতিক সময়ত সমগ্র বিশ্বৰ প্ৰতিটো কোণতে এই পর্যটন উদ্যোগে গা কৰি উঠিছে। এই উদ্যোগত যথেষ্ট সংখ্যক লোকে সংস্থাপনৰ বাট মুকলি কৰিব পাৰিছে। পর্যটন খণ্ডত নিয়োজিত লোকসকলে পৰ্যটকক থকাৰ লগতে আহাৰৰ সু-ব্যৱস্থা দিয়াৰ লগতে তেওঁলোকৰ বাবে পৰিবহণ আৰু অন্যান্য আমোদৰ ব্যৱস্থা কৰিব লাগে। 

পর্যটনস্থলসমূহ চোৱা-চিতা কৰাৰ ভিত্তিতেই এডোখৰ ঠাইত পর্যটন উদ্যোগ একোটা গঢ় লৈ উঠে। পর্যটকসকলে কোনো বন্ধৰ দিনত ভাল জলবায়ুৰ ঠাই নাইবা কোনো আকর্ষণীয় সম্পদসমূহ চাবলৈ সকলো সময়ত পর্যটকসকলৰ আগমন ঘটে। ফলস্বৰূপে, এই উদ্যোগে দেশ এখনৰ অৰ্থনৈতিক দিশত যথেষ্ট প্ৰভাৱ পেলায় আৰু দেশখনে যথেষ্ট লাভৱান হ’ব পাৰে। সেয়েহে বর্তমান সময়তে পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশেই পর্যটন উদ্যোগৰ সম্প্ৰসাৰণ আৰু পৰ্যটকক আকৰ্ষণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ছুইজাৰলেণ্ড, গ্ৰীচ আদিৰ দৰে দেশে দেশৰ মুঠ আয়ৰ অধিকাংশ পৰ্যটন উদ্যোগৰ জৰিয়তেই আহৰণ কৰে।

27. পর্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ কি কি উল্লেখ কৰা। (Mention the factors that can attract tourists.) 

উত্তৰঃ পৰ্যটন উদ্যোগৰ বিকাশ নিৰ্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত। অর্থাৎ, এখন দেশলৈ অহা পৰ্যটকৰ সংখ্যা যিমানে বাঢ়ে সিমানে এই বিভাগো লাভৱান হয় আৰু লগতে বিকাশো হয়। দেশ এখনৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ হ’লে দেশ এখনত পৰ্যটকক আকৃষ্ট কৰিব পৰা নানা সা-সুবিধা থকাটো নিতান্তই আৱশ্যক।

পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ হ’ল–

(ক) মনোৰম জলবায়ুঃ মনোৰম তথা স্বাস্হ্যকৰ জলবায়ুয়েহে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে। কাৰণ, ব্যস্ততাৰ পৰা আঁতৰি সকলোৱে নিৰিবিলি স্বাস্থ্যকৰ পৰিৱেশত অৱসৰৰ সময়খিনি কটাব বিচাৰে।

(খ) মোহনীয় ভূ-প্রকৃতিঃ সকলো ধৰণৰ ভ্ৰমণকাৰীক আকৰ্ষণ কৰিব পৰা নানা প্ৰকাৰৰ মোহনীয় প্রাকৃতিক দৃশ্যাৱলীৰে পৰিপূৰ্ণ ভূ-প্রকৃতিয়েও পৰ্যটকক আকৰ্ষিত কৰিব পাৰে।

(গ) ঐতিহাসিক সমলঃ ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূৰ্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানান্বেষী পৰ্যটকৰ লগতে আন বহুতো সাধাৰণ শ্ৰেণীৰ পৰ্যটকৰো আকৰ্ষণস্থলী হ’ব পাৰে। সেয়েহে দূৰ্গ, ৰাজপ্ৰসাদ, ধর্মস্থান প্রভৃতি অৱয়বপূর্ণ স্থানসমূহলৈ পৰ্যটকৰ নিয়মীয়া সোঁত বয়।

উপৰুক্ত কাৰকসমূহৰ উপৰিও পর্যটনস্থলী সমূহৰ কৃষ্টি সংস্কৃতিও পৰ্যটকৰ অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পর্যটকক আকৰ্ষিত কৰিব পাৰে। উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত পর্যটনস্থলীসমূহ কম খৰচী। গতিকে এই দুখন ৰাজ্য পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱাৰ ইয়ো এটা অন্যতম কাৰণ বুলি ক’ব পাৰি।

28. সীমান্ত পথ কি? ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What is a border crossing? Discuss its main features.) 

উত্তৰঃ দুখন দেশৰ মাজৰ ব্যৱধানক ৰাষ্ট্ৰীয়ভাৱে যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নিৰ্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বোলে।

সীমান্ত অঞ্চলসমূহক দেশৰ মূলসূঁতিৰ লগত ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ভাৱে সংযোগ কৰাৰ বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম। তদুপৰি এনেবোৰ পথক সীমান্তৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ হয়। সীমান্ত পথে দেশৰ সীমাক চিনাক্ত কৰে। এখন দেশে যাতে আন এখন দেশৰ ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে এনে অঞ্চলত সীমান্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। সীমান্ত অঞ্চল চোৱাচিতা কৰাৰ কাৰণে সীমান্ত পথবোৰ যথেষ্ট উন্নতমানৰ হয় এনে সীমান্ত পথ নাথাকিলে নিৰাপত্তা ব্যৱস্থাত ব্যাঘাত জন্মিলহেঁতেন। অবৈধ প্ৰব্ৰজনৰ আৰু অবৈধ ভূমি দখলৰ লগতে বিদেশী ৰাষ্ট্ৰই আক্ৰমণৰ সুযোগ পায় ।

29. জল পৰিবহণ ব্যৱস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল? (How the water transport system costs more than other transportation systems.)

উত্তৰঃ জল পৰিবহণ ব্যৱস্থাটো আটাইতকৈ কম ব্যয়বহুল হোৱাৰ কাৰণসমূহ হ’ল–

(ক) জলপৃষ্ঠৰ ওপৰেৰে নাও-জাহাজ চলাচলৰ উদ্দেশ্যে ৰাস্তা-ঘাট নির্মাণ অথবা মেৰামতি কৰাৰ প্ৰয়োজন নাই।

(খ) বিভিন্ন মহাদেশৰ মাজত বিস্তৃত সাগৰ-মহাসাগৰসমূহ সৰু-ডাঙৰ জাহাজ চলাচলৰ বাবে উপযুক্ত পৃথিৱীব্যাপী পৰিসৰৰ এটা প্ৰাকৃতিক পৰিবহণ পথতন্ত্ৰৰ দৰেই। 

(গ) জলপৃষ্ঠৰ ওপৰত যাতায়াত সম্পাদনৰ উদ্দেশ্যে প্রয়োজন হোৱা ইন্ধনৰ পৰিমাণ অন্যান্য যাতায়াত ব্যৱস্থাৰ তুলনাত যথেষ্ট কম।

(ঘ) জলপৃষ্ঠত যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে।

30. নলিকা পৰিবহণ ব্যৱস্থাটো কেনেকৈ বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয় আলোচনা কৰা।(Discuss how the Drain transport system is used for different purposes.)

উত্তৰঃ নলিকা পৰিবহণৰ সহায়ত ব্যাপকভাৱে তৰল পদাৰ্থ আৰু গেছীয় পদার্থসমূহ স্থানান্তৰিত কৰা হয়। ইয়াৰ ভিতৰত খনিজ তেল আৰু প্ৰাকৃতিক গেছ আদিয়েই প্ৰধানকৈ এই পৰিবহণৰ মাধ্যমত স্থানান্তৰিত কৰা হয়। আমি ৰন্ধা-বঢ়া কৰিবলৈ যি গেছ (লিপিজি) ব্যৱহাৰ কৰো, সেই গেছো নলিকা পৰিবহণৰ দ্বাৰাই বিভিন্ন ঠাইলৈ যোগান ধৰা হয়। কিছু কিছু অঞ্চলত মানুহে গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তে এনে নলিকা পৰিবহণ দ্বাৰা ঘৰত ৰন্ধন গেছৰ ব্যৱহাৰ কৰে। নলিকা পৰিবহণৰ দ্বাৰাই কোনো অঞ্চলৰ পৰা খনিজ তেল সংগ্ৰহ কৰি আকৌ এই পৰিবহণৰ মাধ্যমতে সংশোধনৰ বাবে পঠোৱা হয় আৰু পুনৰ এই নলিকা পৰিবহণৰ দ্বাৰাই ব্যৱহাৰৰ বাবে যোগান ধৰা হয়।

31. ট্ৰেন্স ছাইবেৰিয়ান ৰেলপথৰ মুখ্য বৈশিষ্ট্যসমূহ কি? (What are the main features of the Trans- Siberian Railway?) 

উত্তৰঃ ট্ৰেন্স ছাইবেৰিয়ান পথৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল–

(ক) ট্ৰেন্স ছাইবেৰিয়ান ৰেলপথটো হৈছে পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ। এই ৰেলপথৰ দৈৰ্ঘ্য হ’ল ৯,৩৩২ কিলোমিটাৰ।

(খ) এই ৰেলপথটোৰ সমগ্ৰ দৈৰ্ঘ্যই যুটীয়া বৈদ্যুতিকৃত।

(গ) ইউক্রেইনৰ ওডেছা, কাস্পিয়ান উপকূলৰ বাকু, উজবেকিস্তানৰ টাছাখণ্ড, মংগোলিয়াৰ উলন বাটোৰ, মুকদেনৰ শ্যেন্যাং আৰু চীনৰ বেইজিং প্রভৃতি চুবুৰীয়া কেইবাখনো দেশৰ গুৰুত্বপূৰ্ণ চহৰলৈকে এই ৰেলপথৰ শাখা-প্রশাখা আগবাঢ়ি গৈছে। 

(ঘ) এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ কেঁচামাল আৰু ইউৰোপীয় ৰাছিয়াৰ উদ্যোগখণ্ডক এই ট্রেন্স ছাইবেৰিয়ান ৰেলপথটোৱে সংযোগ ঘটাইছে। 

32. ট্রেন্স কানাডিয়ান ৰেলপথৰ মুখ্য বৈশিষ্টসমূহ কি কি? (What are the main features of the Trans-Canadian Railroad?)

উত্তৰঃ ট্ৰেন্স কানাডিয়ান ৰেলপথৰ বৈশিষ্ট্যসমূহ হ’ল–

(ক) সর্বমুঠ ৭০৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ট্ৰেন্স কানাডিয়ান ৰেলপথটো ১৮৮৬ চনত নিৰ্মাণ কৰা হয়। 

(খ) কানাডাৰ প্রেইৰী অঞ্চলৰ ঘেঁহু, সৰলবৰ্গীয় অৰণ্য বলয়ৰ কাঠ আৰু মন্ট্রিল কুইবেক ঔদ্যোগিক বলয়ৰ শিল্পজাত দ্রৱ্যসমূহ এইটো ৰেলপথেৰে সৰবৰাহ কৰা হয়। 

(গ) কানাডাৰ অর্থনৈতিক ধমনী সদৃশ এই ট্রেন্স কানাডিয়ান পথটোৰে ঘেঁহু আৰু মাংস ৰপ্তানি কৰা হয়।

(ঘ) এই ৰেলপথটোৱে কানাডাৰ পূব উপকূলৰ হালিফেক্স বন্দৰৰ পৰা কুইবেক, মন্ট্রিল, উট্তাৱা, উইনিপেগ আৰু কেলগেৰি প্ৰভৃতি চহৰসমূহৰ মাজেৰে পশ্চিমমুৱা হৈ প্ৰশান্ত উপকূলৰ ৱেংকভাৰলৈকে বিস্তৃত হৈ আছে।

33. পৰিবহণৰ মাধ্যম হিচাপে সামুদ্রিক পৰিবহণৰ বিষয়ে এটি টোকা লিখা। (Write a note about the maritime transport as a means of transportation.) 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় তিনি চতুর্থাংশই সমুদ্রপৃষ্ঠ আৰু স্থলাবয়বসমূহ এই মহাসাগৰীয় পৃষ্ঠত কিছুমান সৰু ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে। সেয়েহে, আন্তঃমহাদেশীয় পৰিসৰৰ পৃষ্ঠ-পৰিবহণ ঘাইকৈ সমুদ্রপৃষ্ঠৰ ওপৰেদিহে সম্ভৱ হয়। সামুদ্রিক পথসমূহ বিশ্বৰ সকলো দেশে ব্যৱহাৰ কৰিব পাৰে। এই পথ পৰিবহণত যাতায়াতৰ খৰচ অতি কম। এই পৰিবহণ ব্যৱস্থাত যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমুখী জাহাজ এখনে সমুদ্রপৃষ্ঠত চমু পথ অনুসৰণ কৰিব পাৰে। বিশ্বৰ প্ৰধান সমুদ্র পথসমূহ হ’ল— উত্তৰ আটলান্টিক পথ, চুৱেজ খাল, অন্তৰীপ পথ, দক্ষিণ আটলান্টিক পথ, উত্তৰ প্ৰশান্ত পথ আৰু দক্ষিণ প্রশান্ত পথ।

34. উপকূলীয় নৌ-পৰিবহণৰ প্ৰকৃতি বৰ্ণনা কৰা। (Describe the nature of coastal shipping.) 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় অথবা পাৰ-মহাদেশীয় সমুদ্র পথৰ উপৰিও সচৰাচৰ একোখন ৰাষ্ট্ৰৰ পৰিসৰত উপকূলীয় সাগৰ পৃষ্ঠত উপকূলীয় নৌ-পৰিবহণ নামৰ আন এক শ্ৰেণীৰ সমুদ্ৰ পৰিবহণ প্ৰণালী গঢ় লয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত প্রভৃতি দীঘলীয় উপকূল ভূমিৰ জনবহুল দেশসমূহত উপকূলীয়া তৰাং জলৰাশিক পৰিবহণ কাৰ্যৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ভাৰতত মুম্বাই-গোৱা, গোৱা-কোচিন, বিশাখাপট্টনম-চেন্নাই প্রভৃতি উপকূলীয় সামুদ্রিক পথসমূহ পৰ্যটন আৰু সামগ্ৰী পৰিবহণৰ আকৰ্ষণীয় পথৰূপে বিবেচিত হৈছে। উপযুক্ত পৰিচালনা সম্ভৱপৰ হ’লে এনেবোৰ উপকূলীয় নৌ-পৰিবহণ পথ ব্যৱহাৰ কৰি স্থল পৰিবহণ খণ্ডৰ ওপৰত যাতায়াতৰ হেঁচা বহু পৰিমাণে লাঘৱ কৰিব পাৰি।

35. চুৱেজ খাল সম্পর্কে এটি টোকা লিখা। (Write a note about the Suez Canal?)

উত্তৰঃ ভূমধ্য সাগৰীয় প’ৰ্ট চৈয়দ বন্দৰক লোহিত সাগৰৰ উত্তৰ সীমান্তৰ চুৱেজ বন্দৰৰ লগত সংযোগ কৰি ১৮৬৯ চনত চুৱেজ খাল খন্দা হয়। আটলান্টিক আৰু ভাৰত মহাসাগৰক এই পথেৰে সংযোগ কৰাৰ ফলত পশ্চিম ইউৰোপ আৰু শ্ৰীলংকাৰ মাজৰ দূৰত্ব প্রায় ৩,৫০০ কিলোমিটাৰ হ্ৰাস পায়। প্রায় ১৬০ কিলোমিটাৰ দীঘল চুৱেজ খালৰ গভীৰতা ১০-১৫ মিটাৰ পৰ্যন্ত আৰু ইয়াৰ জলপৃষ্ঠ সমুদ্রপৃষ্ঠৰ উচ্চতাত থাকে। দৈনিক প্রায় ১০০ খন জাহাজে এই খাল অতিক্ৰম কৰে।

36. উপগ্রহ যোগাযোগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া। (Give a detailed description of the satellite communication system above.)

উত্তৰঃ পৃথিৱীৰ প্ৰায় ১০০ কোটি লোকেই বর্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইন্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। আকাশত নিক্ষেপ কৰা উপগ্রহসমূহত তথ্যৰ গ্ৰাহক আৰু প্ৰতিফলক যন্ত্ৰ সংস্থাপন কৰি এই কাম অতি কম খৰচত সহজে সমাধা কৰা হয়। যোগাযোগ সেৱাৰ উদ্দেশ্যে উপগ্রহ ব্যৱস্থাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ। ভাৰতৰ এনেধৰণৰ কৃত্রিম উপগ্রহসমূহৰ ভিতৰত আর্যভট্ট, ভাস্কৰ-১, ৰোহিণী, ইনছেট – ১খ প্রভৃতি উল্লেখযোগ্য। এই ভিন্ন শ্ৰেণীৰ উপগ্রহসমূহে দূৰদূৰণিৰ পৰিসৰত ব্যক্তিগত পৰ্যায়ৰ যোগাযোগকে ধৰি অনাতাঁৰ, দূৰদৰ্শন, ৰেল আৰু বিমান চলাচল, প্ৰতিৰক্ষা, প্রাকৃতিক দুর্যোগ প্রভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যোগাযোগ প্রণালী পৰিচালনা কৰে।

37. পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ মুখ্য সুবিধা আৰু অসুবিধাসমূহ কি কি? (What are the main advantages and disadvantages of road transport system and rail transport system?) 

উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হ’ল–

(ক) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম-কাজৰ এলেকাকে চুই গৈছে।

(খ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী।

(গ) পথৰ ওপৰত চলাচল কৰা ট্ৰাক, বাছ, ৰিক্সা, চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনো আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে। 

(ঘ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে।

পথ পৰিবহণ ব্যৱস্থাৰ অসুবিধাসমূহ–

(ক) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্রী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰোতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায়।

(খ) একেটা পথত বিভিন্ন আকৃতি-প্রকৃতিৰ অসংখ্য গাড়ী-মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দূৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে।

ৰেল পৰিবহণৰ সুবিধাসমূহ–

(ক) পথসমূহৰ তুলনাত ৰেলপথসমূহ অধিক সুপ্রতিষ্ঠিত আৰু স্থায়ী। 

(খ) বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী কম খৰচত তীব্ৰবেগে দূৰদূৰণিলৈ পৰিবহণ কৰাৰ উপযোগী।

(গ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণত ইন্ধনৰ খৰচ ১৫-২০ শতাংশ মাত্র।

(ঘ) ৰেল পৰিবহণ এবিধ দূৰগামী সুবিধা প্রদানকাৰী পৰিবহণ ব্যৱস্থা। অর্থাৎ, যাতায়াত কৰিব লগা যাত্ৰী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে প্রতি কিলোমিটাৰ দূৰত্বৰ বাবদ প্রতিজন যাত্রী অথবা প্রতি টন সামগ্ৰীৰ ৰেলভাড়া কমি গৈ থাকে।

পথ পৰিবহণৰ অসুবিধাসমূহ–

(ক) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণৰ প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী।

(খ) পথ পৰিবহণৰ দৰে ৰেলপথসমূহে পাৰ্বত্যভূমি আৰু অত্যন্ত এটা বেঁকা পথত ইয়াৰ পৰিবহণ ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে। 

38. আকাশী পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ মূখ্য বৈশিষ্ট্যসমূহ কি কি? (What are the main features of air transport and communication system?)

উত্তৰঃ অসাধাৰণ ক্ষিপ্ৰ গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহণ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আকাশী পৰিবহণৰ তুলনা নাই। এই পৰিবহণ অত্যন্ত খৰচী হোৱাৰ লগতে বৃহৎ পৰিমাণৰ গধুৰ সামগ্ৰী কঢ়িওৱাৰ বাবে উপযুক্ত নহয়। স্থল পৰিবহণে সহজে ঢুকি নোপোৱা দুৰ্গম অঞ্চললৈ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্থল-পৰিবহণ প্রকাৰ্য বিধস্ত হোৱাৰ সময়ত উদ্ধাৰ আৰু সাহাজ্য অভিযানৰ বেলিকা এই পৰিবহণ সেৱা অতি গুৰুত্বপূৰ্ণ হৈ উঠে। আকাশীযান অর্থাৎ বিমানসমূহৰ নিৰ্মাণ আৰু পৰিচালন প্ৰক্ৰিয়াটো অতিশয় সূক্ষ্ম প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল তথা ব্যয়বহুল। সেয়েহে, বিশ্বৰ আগশাৰীৰ উদ্যোগ সমৃদ্ধ আৰু অৱস্থাপন্ন ৰাস্তাসমূহেই এই পৰিবহণ খণ্ডত আগভাগ লৈ অহা দেখা যায়।

39. আকাশী পৰিবহণ ব্যৱস্থাৰ পৰা হোৱা মূখ্য লাভসমূহ কি কি? (What are the main benefits of reading the air transport system?) 

উত্তৰঃ আকাশী পৰিবহণত অতি ক্ষিপ্ৰ গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহণ সেৱা আগবঢ়াব পাৰি, যিটো আন কোনো পৰিবহণ মাধ্যমতে সম্ভৱ নহয়। আন্তঃমহাদেশীয় অথবা আন্তঃৰাষ্ট্ৰীয় দূৰত্বৰ যাত্ৰী আৰু জৰুৰী তথা মূল্যবান সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত এই পৰিবহণ মাধ্যমেই আটাইতকৈ সুবিধাজনক। স্থল পৰিবহণে সহজে ঢুকি নোপোৱা দুৰ্গম স্থানলৈ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্থল-পৰিবহণ প্ৰকাৰ্য বিধ্বস্ত হোৱাৰ সময়ত উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানৰ বেলিকা এই পৰিবহণ সেৱা তে গুৰুত্বপূৰ্ণ হয়। আকাশী পৰিবহণ ব্যৱস্থাত পথ নিৰ্মাণ আৰু পথ মেৰামতিৰ আদিৰ সমস্যাৰ সম্মুখীন হ’ব লগা নহয়, সেয়ে পৰিবহণ ব্যৱস্থাটোও কোনো সমস্যাৰ সৃষ্টি নহয়।

40. পথ পৰিবহণ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা। (Write the features of the road transport system.)

উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হ’ল–

(ক) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম-কাজৰ এলেকাকে চুই গৈছে।

(খ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী। 

(গ) পথৰ ওপৰত চলাচল কৰা ট্রাক, বাছ, ৰিক্সা, চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনো আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে। 

(ঘ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে।

পথ সচ পৰিবহণ ব্যৱস্থাৰ অসুবিধাসমূহ–

(ক) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্রী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰোতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায়।

(খ) একেটা পথত বিভিন্ন আকৃতি-প্রকৃতিৰ অসংখ্য গাড়ী-মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দুৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে। 

41. পৃথিৱীৰ ৰেল পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা। (Write a note on the world’s rail transport system.) 

উত্তৰঃ মহাদেশীয় পৰিসৰত মাটিকালি অনুপাতে ইউৰোপ মহাদেশতেই অধিক ৰেলপথ আছে। মহাদেশ খনৰ সৰ্বমুঠ ৰেলপথৰ দৈৰ্ঘ্য ৪.৪ লাখ কিলোমিটাৰ। বেলজিয়ামকে ধৰি মহাদেশখনৰ ভালেমান অঞ্চলত ৰেলপথৰ ঘনত্বও প্রতি এশ বৰ্গ কিলোমিটাৰ ভূমিৰ বিপৰীতে ১৫.৩৮ কিলোমিটাৰ পৰ্যন্ত হোৱা দেখা যায়। সমগ্ৰ ইউৰোপ মহাদেশতে ৰেল পৰিবহণ ব্যৱস্থাত সামগ্ৰী সৰবৰাহৰ তুলনাত যাত্ৰী সৰবৰাহৰ প্ৰতি অধিক মনোনিৱেশ কৰা দেখা যায়। ইউৰোপৰ আনবোৰ দেশৰ লগত ব্যতিক্রমী বুলিব পৰাকৈ ৰাছিয়াৰ ৰেলপথসমূহৰ ওপৰত যাত্ৰী পৰিবহণৰ সমান্তৰাল ভাৱেই বৃহৎ পৰিমাণৰ দূৰগামী পণ্য সামগ্ৰীৰ পৰিবহণ কাৰ্যত অগ্ৰাধিকাৰ দিয়া হয়। এই দেশত লৌহ, আকৰ, খাদ্য-শস্য, কাঠ আৰু যন্ত্রপাতি প্ৰভৃতি দ্ৰৱ্যসমূহৰ সৰবৰাহ কার্য প্রধানভাৱে ৰেলকেন্দ্ৰিক।

উত্তৰ আমেৰিকা মহাদেশৰ ৰেল পৰিবহণ পৰিক্ৰমাটো অধিক মাত্ৰাত মাল পৰিবহণকেন্দ্ৰীক। ইয়াৰে কানাডাত মহাদেশখনৰ ভিতৰতে ৰেলপথৰ ঘনত্ব সর্বাধিক। কানাডাৰ ৰেল পৰিবহণ পৰিক্ৰমাটো ভাৰতৰ অনুৰূপ ৰাজহুৱা খণ্ডৰ উদ্যোগ। ঘাইকৈ দেশখনৰ বিৰল বসতিৰ এলেকাসমূহৰ মাজেৰে আগুৱাই যোৱা এইসমূহ বেলপথেৰে কয়লা আৰু ঘেঁহু সৰবৰাহ কৰা হয়। দক্ষিণ আমেৰিকা মহাদেশৰ পাম্পাছ অঞ্চলৰ লগতে ব্রাজিলৰ কফি খেতিৰ অঞ্চলসমূহৰ মাজত মহাদেশখনৰ ৪০ শতাংশ ৰেলপথ সিঁচৰিত হৈ আছে।

পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাদেশ আফ্ৰিকাত সৰ্বমুঠ ৪০,০০০ কিলোমিটাৰ ৰেলপথহে পোৱা যায়। ইয়াৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ সোণ, হীৰা, আৰু তামৰ খনিসমূহক সংযোগ কৰা ৰেলপথৰ মুঠ দৈৰ্ঘ্যই হৈছে ১৮,০০০ কিলোমিটাৰ।

এছিয়া মহাদেশৰ চীন, জাপান, ভাৰত, বাংলাদেশ প্রভৃতি দেশসমূহত ৰেলপথৰ ঘন জালিকা পোৱা যায়। পাকিস্তান, ম্যানমাৰ, আফগানিস্তান, শ্রীলংকা, মধ্য প্ৰাচ্যৰ দেশসমূহ আৰু মহাদেশীয় দক্ষিণ-পূৱ এছিয়া আৰু এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ ভূ-ভাগত কম-বেছি পৰিমাণে ৰেল পৰিবহণৰ প্রচলন দেখা যায়। এই সমূহ দেশৰ ভিতৰত চীন আৰু ভাৰতৰ বাবে ৰেল পৰিবহণ হৈছে একেধাৰে যাত্ৰী, সামগ্ৰী আৰু সামৰিক পৰিবহণৰ মাধ্যম। জাপানৰ অতি বেগী ৰেলসমূহ যাত্ৰী পৰিবহণৰ শক্তিশালী মাধ্যম। বাংলাদেশ, শ্রীলংকা, ম্যানমাৰ আৰু পাকিস্তানৰ ৰেল পৰিবহণ প্ৰণালীসমূহ আশানুৰূপ সবল অথবা আধুনিক নহয় যদিও কম-বেছি পৰিমাণে ভাৰতীয় আৰ্হিপুষ্ট।

42. পৃথিৱীৰ বিভিন্ন সাগৰীয় পথ সমূহৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the main features of the various sea routes of the world.)

উত্তৰঃ বিশ্বৰ প্ৰধান সাগৰীয় পথসমূহৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল– 

(ক) উত্তৰ আটলান্টিক সমুদ্র পথঃ এই সমুদ্র পথটো বিশ্বৰ ভিতৰতে ব্যস্ততম বাণিজ্যিক পথ ৰূপে বিবেচিত। কাৰণ, এইটো সমুদ্রপথে পশ্চিম ইউৰোপৰ উদ্যোগ প্রধান দেশসমূহত অৱস্থিত গ্লাচগ’, লিভাৰপুল, মানচেষ্টাৰ, ছাউথাম্পটন, লণ্ডন, লিচবন, লেনিনগ্রেড, হামবার্গ, আমষ্টাৰডাম, ব্রাডেক্স প্রভৃতি বন্দৰসমূহক উত্তৰ আমেৰিকাৰ ছেন্টজ’ন। হালিফক্স, ব’ষ্টন, নিউৰ্য়ক, ব্লাটিমোৰ, উইলিংটন প্রভৃতি কৃষিজাত, খনিজাত আৰু শিল্পজাত দ্ৰৱ্যৰে সমৃদ্ধ পশ্চাদভূমিৰ বহুসংখ্যক বন্দৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিছে।

(খ) ভূমধ্য সাগৰীয় চুৱেজ এছিয়াগামী পথঃ বিশ্বৰ প্ৰায় আশী শতাংশ লোকৰ বাসভূমি তথা প্রাগ্ ঐতিহাসিক যুগৰ পৰা নিৰৱিছিন্ন ভাৱে প্ৰৱাহিত মানৱ সভ্যতাৰ বাহক দেশসমূহক এই সমুদ্র পথটোৱে সংযোগ কৰিছে। এথেন্স, আলেকজেন্দ্রিয়া, এডেন, কৰাচী, মুম্বাই, কলম্বো, ছিংগাপুৰ, হংকং, চাংহাই, য়াকোহামা আৰু ব্লাডিভষ্টক এই ভূমধ্য সাগৰীয় চুৱেজ এছিয়াগামী পথৰ উল্লেখযোগ্য বন্দৰ। পাশ্চাত্য আৰু সুদূৰ প্ৰাচ্য সংযোগী এইটো সমুদ্র পথে সমগ্ৰ পুৰণি পৃথিৱীক এক অবিচ্ছেদ্য আর্থ-সামাজিক মণ্ডলৰূপে বান্ধি ৰাখিছে।

(গ) অন্তৰীপ পথঃ চুৱেজ খাল মুকলি হোৱাৰ আগলৈকে এই উত্তৰমাশা অন্তৰীপ পথেই প্রাচ্য-পাশ্চাত্য সংযোগী একমাত্র সমুদ্রপথ আছিল। অষ্ট্ৰেলিয়াৰ ছিডনি, মেলবর্ণ প্রভৃতি বন্দৰসমূহৰ লগত নিউজিলেণ্ড উপকূল আৰু ইউৰোপীয় দেশসমূহৰ মাজৰ বাণিজ্যিক পৰিবহণৰ উদ্দেশ্যে এতিয়াও চুৱেজখাল পথতকৈ অধিক সুবিধাজনক বিবেচিত হৈ আছে। অষ্ট্ৰেলিয়া, সুদূৰ প্ৰাচ্য অথবা ভাৰত উপমহাদেশ আৰু পশ্চিম ইউৰোপৰ মাজত যাতায়াত কৰা বৃহৎ পৰিমাণৰ বোজাবাহী ডাঙৰ জাহাজবোৰ সংকীৰ্ণ খাল পথেৰে অহা যোৱা কৰা সম্ভৱ নহয়। সেয়েহে এনে ক্ষেত্ৰত এই অন্তৰীপ পথেই সুবিধাজনক হয় ।

(ঘ) দক্ষিণ আটলান্টিক পথঃ এই পথে সংযোগ কৰা আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ কোনোটো ভূখণ্ডই জলবহুল অথবা উল্লেখযোগ্যভাৱে সম্পদ সমৃদ্ধ নোহোৱা বাবে এই সমুদ্র পথত যাতায়াতৰ পৰিমাণ নিচেই সীমিত।

(ঙ) উত্তৰ প্ৰশান্ত মহাসাগৰীয় পথঃ এই পথে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত অৱস্থিত ৱেংকুৱাৰ, চিট’ল, প’ৰ্টলেণ্ড, ছাঁ-ফ্ৰান্সিক্স’, লছ এঞ্জেলচ প্রভৃতি বন্দৰসমূহক পূৱ এছিয়াৰ য়াকোহামা, কোবে, ছাংহাই, হংকং, মেনিলা, ছিংগাপুৰ প্ৰভৃতি বন্দৰ সমূহৰ লগত সংযোগ কৰে।

(চ) দক্ষিণ প্রশান্ত মহাসাগৰীয় পথঃ এই পথতন্ত্ৰত পানামা খালৰ মাজেৰে উত্তৰ আমেৰিকাৰ পূব উপকূল আৰু পশ্চিম ইউৰোপৰ বন্দৰসমূহক প্ৰশান্ত মহাসাগৰৰ দক্ষিণৰ এলেকাৰে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু প্ৰশান্ত মহাসাগৰীয় সৰু সৰু দ্বীপ-দ্বীপপুঞ্জৰ লগত সংযোগ কৰিছে। হংকং, ফিলিপাইন আৰু ইণ্ডোনেছিয়াৰ লগত পানামা খালেৰে আটলান্টিক উপকূলক সংযোগ কৰাৰ ক্ষেত্ৰত এইটো পথ অন্তৰীপ পথৰ বিকল্প যেন হৈ উঠে।

43. আভ্যন্তৰীণ জল পৰিবহণৰ ওপৰত এটি টোকা লিখা। (Write a note on internal water transport.) 

উত্তৰঃ নদ-নদী, হ্রদ আদি প্রাকৃতিক জলাশয়সমূহৰ উপৰিও মানুহে খান্দি উলিওৱা খালসমূহৰ জলপৃষ্ঠ নাও, জাহাজ আদি চলাচলৰ বাবে ব্যৱহাৰ কৰা হয়। স্থলভাগৰ মাজত অৱস্থিত এনেবোৰ জলাশয়ক আশ্ৰয় কৰি গঢ়ি উঠা জল পৰিবহণ ব্যৱস্থাক আভ্যন্তৰীণ জল পৰিবহণ বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাক সামৰি লোৱা হ্রদ অঞ্চল নামে প্রখ্যাত চুপিৰিয়ৰ, মিচিগান, হিউৰন, ইৰি আৰু ওন্টেৰিও প্রভৃতি পৰস্পৰ সংযুক্ত সুবৃহৎ হ্রদসমূহক কেন্দ্ৰ কৰি উত্তৰ-পূৱে ছেন্ট লৰেন্স নদীয়েদি আটলান্টিকলৈকে আৰু দক্ষিণে ইলিনইজ খালেৰে মিছিছিপি নদীৰ নিম্ন ভাগকলৈ মেক্সিকো উপসাগৰলৈকে ধাৰাবাহিকভাৱে কিছুমান জলাশয় আছে। এই জলাশয়সমূহক আশ্ৰয় কৰি সমগ্ৰ উত্তৰ আমেৰিকা মহাদেশত মুঠতে ১৯,২০০ কিলোমিটাৰ আভ্যন্তৰীণ জলপথ সৃষ্টি হৈছে। 

এই জলপথ ব্যৱস্থাটোকে বৰ্ত্তমান পৃথিৱীৰ একমাত্র সুবিধাজনক আভ্যন্তৰীণ জল-পৰিবহণ ব্যৱস্থা বুলি ক’ব পাৰি। আমাজান, গংগা, ব্ৰহ্মপুত্ৰ নিম্নগতি অঞ্চল, ইৰাৱতী নদী প্রভৃতি নদ-নদীসমূহক কেন্দ্ৰ কৰি আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা এতিয়াও বহুতো অঞ্চলত বৰ্তি আছে যদিও দেখা যায় যে বিশ্বৰ প্ৰায় প্ৰতিটো অঞ্চলতে স্থল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগে লগে সেইবোৰ অঞ্চলত আগৰে পৰা বাহাল থকা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। অতিপাত মন্থৰ গতি। সকলো ধৰণৰ যাতায়াতৰ সম্ভাৱনা থকা ঠাইবোৰ স্পৰ্শ কৰাৰ অক্ষমতা আৰু সেৱান্তক কাম-কাজ পৰিচালনা কৰাৰ খৰচ অতি মাত্ৰা হোৱাটোৱেই এই পৰিবহণ ব্যৱস্থাৰ অনগ্ৰসৰতাৰ ঘাই কাৰণ।

44. আন্তজার্তিক বাণিজ্য কি? ইয়াৰ ভাগ দুটা কি কি? প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা। (What is international trade? What are its two parts? Write a feature of each?)

উত্তৰঃ দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্রতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তর্জাতিক বাণিজ্য বোলা হয়। 

পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদৰেই এনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱপৰ। কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত সা-সুবিধাৰ আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদৰ অভাৱ আন্তর্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিবলৈ প্ৰয়াস কৰা হয়।

আন্তর্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা হ’ল–

(ক) পোনপটীয়া অথবা দ্বিপাক্ষীক বাণিজ্য।

(খ) বহুপাক্ষীক বাণিজ্য।

পোনপটীয়া অথবা দ্বিপাক্ষীক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নির্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তিত দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয়।

বহুপাক্ষিক বাণিজ্যত একেখন দেশেই সমান্তৰালভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যায়।

45. আঞ্চলিক বাণিজ্যিক গোট বুলিলে কি বুজা? ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What do you mean by international trade team? Mention its main features.)

উত্তৰঃ পৰস্পৰ পৰিপূৰক অথবা সদৃশ্যধৰ্মী বাণিজ্যিক সম্পদৰ অধিকাৰী আৰু ভৌগোলিকভাৱে সান্নিধ্যৱৰ্তী ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণ আৰু উন্নয়নশীল তৃতীয় বিশ্বৰ দেশসমূহে সততে মুখামুখি হৈ অহা বাণিজ্যিক সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে গোলকীয় বাণিজ্যৰ পৰিসৰত কিছুমান বাণিজ্য গোট গঢ় লৈ উঠিছে। এই বাণিজ্যিক গোটসমূহকে আঞ্চলিক বাণিজ্য গোট বোলে।

আঞ্চলিক বাণিজ্য গোটৰ বৈশিষ্ট্য–

(ক) সাদৃশ্যধৰ্মী সম্পদৰ অধিকাৰী আৰু ভৌগোলিকভাৱে সান্নিধ্যৱৰ্তী ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে এনে আঞ্চলিক বাণিজ্য গোট গঢ় লৈ উঠে।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহে সন্মূখীন হৈ অহা বাণিজ্যিক সমস্যাসমূহ এনে আঞ্চলিক গোটসমূহে সমাধানৰ চেষ্টা কৰে।

(গ) আঞ্চলিক পৰিসৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উপযুক্ত সম্প্ৰসাৰণৰ বেলিকা বিশ্ব বাণিজ্য সংস্থাৰ ভূমিকা আশানুৰূপ শক্তিশালী হৈ নুঠাৰ ফলতেই আঞ্চলিক গোটসমূহ গঢ় লৈ উঠা দেখা যায়।

46. আন্তৰ্জাতিক বাণিজ্যৰ মূল আধাৰসমূহ বহলাই আলোচনা কৰা ৷ (Discuss in detail the main bases of international trade.) 

উত্তৰঃ আন্তৰ্জাতিক বাণিজ্যৰ মূল আধাৰসমূহ তলত আলোচনা কৰা হ’ল–

(ক) সম্পদজনিত বৈষম্যঃ জলবায়ু, ভূ-আকৃতি, মাটিৰ গুণাগুণ আৰু ভূ-তাত্বিক সংৰচনাৰ প্রকৃতি নিয়ন্ত্রিত আঞ্চলিক বৈষম্যৰ ফলত বিভিন্ন ৰাষ্ট্ৰৰ ভৌগালিক পৰিসৰত সৃষ্টি হোৱা সম্পদ সম্ভাৱনা একে নহয়। বন্ধুৰতা, উচ্চতা আৰু জলবায়ুভেদে সম্পদৰ সম্ভাৱনা ভিন্ ভিন্‌ হয়।

(খ) জনসংখ্যাঃ জনসংখ্যাৰ আকাৰ বিস্তৃতি আৰু সাংস্কৃতিক বৈচিত্রই এখন দেশক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যমুখী কৰাত যথেষ্ট অৰিহণা যোগায়। দুর্বল অর্থব্যৱস্থাৰ অন্তৰ্গত অধিক জনসংখ্যাৰ দেশবোৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিসৰ নিচেই সীমিত। কাৰণ, সীমিত ক্ৰয় ক্ষমতা আৰু ঘাইকৈ দেশখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ উৎপাদিত সম্পদবোৰ আভ্যন্তৰীণ পৰিসৰত লেনদেন কৰাৰ পৰম্পৰাই এনেবোৰ দেশত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পটভূমি দুর্বল কৰি ৰাখে ।

(গ) অৰ্থনৈতিক উন্নয়নৰ পৰ্যায়ঃ অর্থনৈতিক উন্নয়নৰ তৎকালীন পর্যায় অনুসৰি একেখন ৰাষ্ট্ৰৰে আন্তৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনৰ তালিকাখনৰ সালসলনি হৈ থাকে। উদাহৰণস্বৰূপে, কৃষিজাত আৰু খনিজাত সম্পদৰ উৎপাদন ভিত্তিক ভাৰতৰ পৰা ঊনবিংশ শতিকাত প্ৰচুৰ পৰিমাণে আকৰিক লো আৰু কপাহ অর্থাৎ কেঁচামালৰ ৰপ্তানি ঘটিছিল। কুৰি শতিকাৰ কালছোৱাত এই দুই প্রাথমিক খণ্ডৰ উৎপাদনৰ আধাৰতে পূৰ্বৰ কেঁচামালৰ ৰপ্তানিৰ সলনি তীখা অথবা তীখাৰ সৰঞ্জাম আৰু কপাহী কাপোৰ অৰ্থাৎ শিল্পজাত সম্পদৰ ৰপ্তানিৰ পৰম্পৰা আৰম্ভ হয়।

(ঘ) বিদেশী বিনিয়োগৰ পৰিমাণঃ অর্থনৈতিক ভাৱে অনগ্ৰসৰ সম্পদ সমৃদ্ধ ৰাষ্ট্ৰসমূহৰ বেলিকা বিদেশী পুঁজি বিনিয়োগৰ লগে লগে ৰাষ্ট্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিসৰ বৃদ্ধি পাই গৈ থাকে ৷ এনে ৰাষ্ট্ৰসমূহত বিদেশী পুঁজি বিনিয়োগৰ ফলত কৃষি, খনি অথবা অৰণ্য সম্পদৰ ঔদ্যোগিকৰণ ক্ষিপ্ৰ হয়। ফলত এনেবোৰ উদ্যোগৰ উৎপাদনসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰে ।

(ঙ) পৰিবহণঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মাত্রেই আন্তঃৰাষ্ট্ৰীয় পৰিসৰত ঘটা পণ্য অথবা প্রযুক্তি প্রভৃতি সম্পদসমূহৰ স্থানান্তৰণ অপৰিহাৰ্য। গতিকে, উপযুক্ত পৰিবহণ মাধ্যমৰ অবিহনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ধাৰণাটোৱেই অমূলক হৈ পৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top