Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ

Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ Question Answer can be of great value to excel in the examination.

Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ

Join Telegram channel

Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

দ্বিতীয়ক ক্রিয়াকলাপ

ECONOMIC GEOGRAPHY

অৰ্থনৈতিক ভূগোল

অতি চমু প্ৰশ্নোতৰ

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

1. তলৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে? (Which of the following industries produces raw materials for other industries?)

(i) বুনিয়াদী উদ্যোগ (Basic industry)।

(ii) লঘু উদ্যোগ (Small industry)।

(iii) পদস্খলন উদ্যোগ (The stumbling block industry)।

(iv) কুটীৰ উদ্যোগ (Cottage industry)।

উত্তৰঃ (iii) পদস্খলন উদ্যোগ।

2. তলৰ কোন প্ৰকাৰৰ অৰ্থনীতি ব্যক্তিগত উৎপাদনৰ কাৰক হয়? (Which of the following economies is a factor of private production?)

(i) সমাজবাদী (Socialist)।

(ii) পুঁজিবাদী (Capitalist)।

(iii) মিশ্র অর্থনীতি (Mixed economy)।

(iv) ওপৰৰ এটাও নহয় (none of these)।

উত্তৰঃ (ii) পুঁজিবাদী।

3. দ্বিতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া। (What is the secondary occupation? Give an example.) 

উত্তৰঃ শিল্পোৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত আর্থিক কাম-কাজকে দ্বিতীয়ক বৃত্তি বোলা হয়। যেনে উদ্যোগৰ সহায়ত ধানৰ পৰা চাউল উলিওৱা কাৰ্য বা চাউলৰ পৰা শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰা কাৰ্য উদ্যোগৰ সহায়ত কৰা হয়।

4. পদস্খলন উদ্যোগ কি? (What is the stumbling block?)

উত্তৰঃ কেঁচামাল, শক্তি, বজাৰ প্রভৃতি কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কচ্ছিন্ন হৈ একমাত্র প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰ উদ্যোগকে পদস্খলন উদ্যোগ বোলা হয়। এই শ্ৰেণীৰ উদ্যোগক “হাইটেক উদ্যোগ” বুলিও কোৱা হয়।

5. কৃষি ভিত্তিক উদ্যোগ কি? (What is agro-based industry?)

উত্তৰঃ কৃষিজাত উৎপাদিত দ্ৰৱ্যৰ পৰিশোধন, অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু-বৰ সকলোবোৰ উদ্যোগকে কৃষি ভিত্তিক উদ্যোগ বোলা হয়। যেনেঃ চেনি উদ্যোগ।

6. ‘ব্লু কুলাৰ জব’ কি? (What is Blue Collar Job?)

উত্তৰঃ দ্বিতীয়ক খণ্ডৰ বৃত্তিক ‘ব্লু কুলাৰ জব’ বুলি কোৱা হয়। সকলো প্ৰকাৰৰ ঔদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত, পৰিশোধন, ৰূপান্তৰণ আৰু ৰূপায়ণৰ লগত জড়িত কাম-কাজবোৰ ব্লু

কুলাৰ জবৰ অন্তৰ্গত।

7. অর্থনৈতিক কাম-কাজবোৰৰ উদ্দেশ্য কি? (What is the purpose of economic work?) 

উত্তৰঃ অৰ্থনৈতিক কাম-কাজবোৰৰ প্ৰধান উদ্দেশ্য হ’ল— অৰ্থ উপাৰ্জন কৰা বা আয় সৃষ্টি

কৰা আৰু তাৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা।

8. উপভোগী উদ্যোগ কি? (What is consume industry?)

উত্তৰঃ যিবোৰ উদ্যোগত মানুহৰ পোনপটীয়া অভাৱ পূৰণৰ অৰ্থে দ্রৱ্য উৎপাদন কৰা হয়, সেইবোৰ উদ্যোগকে উপভোগী উদ্যোগ বোলে।

9. প্রযুক্তিগ্রাম বুলিলে কি বুজা? (What do you mean by technology village?)

উত্তৰঃ আত্মনিৰ্ভৰশীল পৰিসৰত একোটা অঞ্চলত গঢ়ি উঠা বিশেষীকৃত দ্রৱ্য উৎপাদনকাৰী উচ্চ প্ৰযুক্তিৰ উদ্যোগপুঞ্জ একোটাক প্ৰযুক্তিগ্রাম অথবা টেকন’পলিচ বোলে।

চমু আৰু ৰচনধৰ্মী প্রশ্নোত্তৰঃ

1. দ্বিতীয় পৰ্যায়ৰ কাৰ্য কি? ইয়াৰ কেইটামান উদাহৰণ আগবঢ়োৱা। (What is the secondary stage of occupation? Give some examples of this?)

উত্তৰঃ যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰৱ্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰক্ৰিয়াৰে পৰিৱৰ্তন, পৰিবৰ্ধন, সংযোজন বা সংশোধন কৰা হয়, এনে কাৰ্যসমূহক দ্বিতীয়ক খণ্ডৰ কাৰ্য বা বৃত্তি বোলা হয়। 

দ্বিতীয়ক খণ্ডৰ কাৰ্য হৈছে শিল্পোদ্যোগ, শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ। দ্বিতীয়ক খণ্ডৰ কার্যত মূল পদার্থ বা বস্তুৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবোৰৰ মূল্যমান বৃদ্ধি পায়। শিল্পোদ্যোগে হস্তশিল্প আৰু কাৰখানাৰ উৎপাদন উভয়কে বুজায়। উদাহৰণস্বৰূপে, মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা বা ময়দা প্ৰস্তুত কৰা হয় আৰু মানুহে এই আটা বা ময়দাৰ পৰা ৰুটি বনাই খায়। গমৰ গুটি বা দানা মানুহে পোনপটীয়াকৈ নাখায়। গতিকে গমৰ উৎপাদন প্রাথমিক বৃত্তি, কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্যক দ্বিতীয়ক বৃত্তি বোলা হয়। ঠিক সেইদৰে, তীখা কাৰখানাত লোৰ আকৰিকৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰাটো দ্বিতীয়ক খণ্ডৰ বৃত্তি।

2. দ্বিতীয়ক খণ্ডৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা। (Discuss the importance of the secondary part.) 

উত্তৰঃ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা বেছিভাগ সম্পদেই আহৰণ কৰা অৱস্থাতে ব্যৱহাৰ কৰিব নোৱাৰি। সেয়েহে দ্বিতীয়ক খণ্ডৰ কাৰ্যত এনেদৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্ৰৱ্যসমূহ পৰিশোধন, ৰূপান্তৰণ আৰু ৰূপায়ণৰ যোগেদি মানুহৰ অভাৱ পূৰণৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তোলে। উদাহৰণস্বৰূপে, আকৰিক লো এবিধ প্রাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা প্ৰাথমিক খণ্ডত উৎপাদিত সম্পদ। কিন্তু এই আকৰিক লো পোনপটীয়াকৈ আমাৰ বিশেষ কামত নালাগে। 

এই যৌগত (Fe2O3) নিহিত অক্সিজেন আৰু অন্যান্য উপাদানসমূহ পৰিশোধন কৰাৰ পাছত এনে পৰিশোধিত লোহাৰৰ লগত কার্বন, নিকেল প্রভৃতি সংযোগ কৰি ইয়াক তীখালৈ ৰূপান্তৰিত কৰা হয়। তাৰ পাছত এই তীখাৰ পৰা আমাৰ ব্যৱহাৰযোগ্য বিভিন্ন সা-সৰঞ্জাম প্রস্তুত কৰা হয়। দ্বিতীয়ক খণ্ডৰ কাৰ্য হৈছে শিল্পোদ্যোগ, শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ। দ্বিতীয়ক খণ্ডৰ কাৰ্যত মূল পদার্থ বা দ্ৰৱ্যৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবোৰৰ মূল্যমান বৃদ্ধি পায়। ইয়াত সাধাৰণতে নিম্নমানবিশিষ্ট সম্পদক প্রযুক্তি কৌশল প্ৰয়োগ কৰি উচ্চ মানৰ সম্পদলৈ ৰূপান্তৰিত কৰা হয়।

3. উচ্চ প্রযুক্তি উদ্যোগৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the high-tech industry.)

উত্তৰঃ সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পৰিচালিত উদ্যোগসমূহক উচ্চ প্রযুক্তি বা হাইটেক্ উদ্যোগ বুলি কোৱা হয়। বিগত প্ৰায় দুটামান দশকৰ পৰা উচ্চ প্ৰযুক্তিৰ উদ্যোগ সমূহে সমগ্ৰ বিশ্বতে প্রাধান্যতা লাভ কৰা পৰিলক্ষিত হৈছে। অন্যান্য বৃহৎ উদ্যোগসমূহ স্থাপনৰ বাবে কেঁচা সামগ্ৰী বা শক্তিৰ উৎসৰ আৱশ্যকতা যিমান গুৰুত্বপূৰ্ণ, এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে তাতকৈ অধিক গুৰুত্বপূৰ্ণ কাৰকটো হ’ল— উচ্চ পৰ্যায়ৰ গৱেষণাহে। কম খৰচত উন্নত মানৰ দ্ৰৱ্য প্ৰস্তুত কৰাই এনে শ্ৰেণীভুক্ত উদ্যোগসমূহৰ প্রধান লক্ষণ। এনে উদ্যোগসমূহত নিয়োগ কৰা শ্ৰমিকসকল অতিকৈ সুদক্ষ হোৱাৰ লগতে অত্যাধুনিক ক্রিয়া-কৌশলসম্পন্ন হোৱাটো অতিকৈ জৰুৰী। 

এনে উদ্যোগ ক্ষেত্ৰসমূহত সম্পাদন কৰিব লগা গলন, পৰিশোধন, ৰাসায়নিক সংযোজন অথবা বিভাজন প্রভৃতি কাম-কাজসমূহ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয়। এই উদ্যোগসমূহ কেঁচামাল, শক্তি, বজাৰ প্ৰভৃতি কাৰকসমূহৰ লগত প্ৰায় সম্পৰ্ক চ্ছিন্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হয়। উল্লেখযোগ্য যে, উচ্চ প্ৰযুক্তিৰ উদ্যোগবোৰত দ্বিতীয়ক খণ্ডৰ কাম-কাজৰ তুলনাত তৃতীয়ক আৰু চতুৰ্থক খণ্ডৰ কাম-কাজৰ মাত্ৰাহে অধিক। অত্যাধুনিক প্রযুক্তি আৰু কাৰিকৰী কৌশলেৰে প্ৰতিষ্ঠিত এই উচ্চ প্রযুক্তি উদ্যোগবিলাকে সদায়ে অতি উন্নতমানৰ সামগ্ৰী যেনেঃ ঔষধ, অত্যাধুনিক যন্ত্রপাতি, ৰাসায়নিক সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী আদি উৎপাদন কৰে।

4. পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the slipping industry?)

উত্তৰঃ কেঁচামাল, শক্তি, বজাৰ প্রভৃতি কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কচ্ছিন্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে, সেইবোৰকে পদস্খলন উদ্যোগ বোলা হয়। সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ব্যাপক গৱেষণাসমূহৰ উমৈহতীয়া ফচল হিচাপে উদ্‌ঘাটন হোৱা সূত্ৰ আৰু কৌশলসমূহ দক্ষতাসহকাৰে প্রয়োগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহত উন্নত মানৰ দ্ৰৱ্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয়। সেয়েহে এনে উদ্যোগত শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্রমদানকাৰী কুশলী কৰ্মচাৰীৰ সংখ্যাহে অধিক হয়। এনেবোৰ উদ্যোগক্ষেত্ৰত সম্পাদন কৰিব লগা গলন, পৰিশোধন, ৰাসায়নিক সংযোজন অথবা বিভাজন প্রভৃতি কাম-কাজসমূহ বৈদ্যুতিক প্ৰণালীৰেই সম্পন্ন কৰা হয়।

5. বনজ উদ্যোগ সম্পর্কে চমু টোকা লিখা। (Write a short note about the forest industry.) 

উত্তৰঃ বিশ্বৰ বিভিন্ন বনাঞ্চলসমূহ হৈছে বাঁহ, কাঠ, লা-ধুনা, ৰবৰ ঘাঁহ প্রভৃতি বিচিত্র, পৰিসৰৰ কেঁচামালৰ উৎস। এনেবোৰ উৎসৰ পৰা দ্ৰৱ্যসমূহ সংগ্ৰহ কৰি, সেইবোৰৰ পৰিশোধন, ৰূপায়ণ আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে সেইবোৰকে বনজ উদ্যোগ বোলা হয়। কাগজ উদ্যোগ, লা উদ্যোগ, প্লাইউদ উদ্যোগ, দিয়াচলাই উদ্যোগ আদি বনজ উদ্যোগৰ অন্তৰ্গত। ইয়াৰ উপৰিও বনজ উদ্যোগসমূহত কাঠৰ বিভিন্ন সা-সৰঞ্জাম, বাঁহ-বেতৰ আচবাব আদি প্ৰস্তুত কৰা হয়। 

এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল কেঁচামালৰ সাম্ভাৱ্যতা। যি অঞ্চলত এই বনজ সম্পদসমূহ অর্থাৎ, উদ্যোগটো স্থাপনৰ বাবে প্রয়োজনীয় কেঁচা সামগ্ৰীবিধ প্ৰচুৰ পৰিমাণে পোৱা যায় তেনে অঞ্চলত এই উদ্যোগসমূহ গঢ় লৈ উঠা দেখা যায়। উদাহৰণস্বৰূপে, অসমত প্ৰচুৰ পৰিমাণৰ বাঁহৰ গঢ় উপলব্ধতাৰ বাবে জাগীৰোড, পঞ্চগ্ৰাম আৰু আমিনগাঁৱত একোটাকৈ কাগজকল লৈ উঠা দেখা যায়। সেইদৰে, অসমত প্ৰচুৰ পৰিমাণে পোৱা শিমলু গছৰ বাবে কৰিমগঞ্জ, যোৰহাট আৰু উত্তৰ গুৱাহাটীত একোটাকৈ দিয়াচলাই উদ্যোগ গঢ় লৈ উঠা দেখা যায়।

6. আকাৰৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্ৰেণী বিভাজন কৰা। (Classifying industries based on size.)

উত্তৰঃ ঔদ্যোগিক প্রতিষ্ঠানবোৰৰ আকাৰ ভিন্ ভিন্ হোৱা দেখা যায়। বিনিয়োগকৃত মূলধন, নিযুক্তি প্রাপ্ত শ্রমিক কর্মচাৰীৰ সংখ্যাৰ লগতে উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এই উদ্যোগিক প্রতিষ্ঠানবোৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি— 

(ক) কুটীৰ শিল্পঃ সকলো ধৰণৰ কাৰিকৰী উদ্যোগৰ ভিতৰতে ক্ষুদ্ৰ পৰিসৰত গঢ়ি উঠা এই শ্ৰেণীৰ উদ্যোগত একোজন কাৰিকৰে হাততে পোৱা কেঁচামাল ব্যৱহাৰ কৰি সৰল হাতিয়াৰৰ সহায়তে নিজা বাসগৃহৰ পৰিৱেশতে কিছুমান নিত্য ব্যৱহাৰ্য আচবাব প্রস্তুত কৰিব পাৰে। খাদ্য প্ৰস্তুতকৰণ, বাঁহ-বেতৰ কাম-কাজ, ঘৰুৱা বয়ন শিল্প, কমাৰশাল, শিল অথবা মাটিৰ আচৱাব প্রস্তুত, লোৰ লঘু সামগ্ৰী প্ৰস্তুত আদিৰ দৰে প্ৰস্তুত কাৰ্য এই শ্ৰেণীৰ উদ্যোগত সংঘটিত হয়।

(খ) লঘু উদ্যোগঃ কুটীৰ শিল্পতকৈ কিছু বৃহৎ কলেবৰত কোনো একোটা চৌহদত গঢ়ি উঠা বাণিজ্যিক পৰিসৰৰ ক্ষুদ্ৰ উদ্যোগৰ গোটসমূহক লঘু উদ্যোগ খোলা হয়। ঘাইকৈ স্থানীয় কোঁচামাল, অর্থ প্রশিক্ষিত শ্রমিক আৰু শক্তিচালিত সৰু সুৰা পাতিৰ সহায়ত লঘু উদ্যোগসমূহ চলি থাকে। এই উদ্যোগসমূহ ঘাইকৈ শ্রমিকৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদিত সামগ্ৰীৰ তুলনাত নিয়োগৰ চাহিদা অতি বেছি। সেয়েহে ভাৰত আৰু চীনৰ দৰে দেশত এই শ্রেণী উদ্যোগৰ সমাদৰ অতি বেছি।

(গ) গুৰু উদ্যোগঃ বৃহৎ পৰিমাণৰ মূলধনৰ বিনিয়োগ আৰু সুসংগঠিত পৰিচালনাৰ পৰিসৰত বিস্তীৰ্ণ বজাৰৰ চাহিদা পূৰণাৰ্থে বিশাল পৰিমাণৰ কেঁচামাল, ভৌতিক শক্তিৰে পৰিচালিত প্রযুক্তি আৰু প্ৰশিক্ষিত শ্ৰমিকৰ সমন্বয়ত নিয়মিতভাৱে বিশাল পৰিমাণৰ পৰিসজ্জিত উপকৰণ প্ৰস্তুত কৰা উদ্যোগসমূহকে লঘু উদ্যোগ বোলা হয়। অষ্টাদশ শতিকাৰ ঔপনিবেশিক অৰ্থনীতি আৰু ইয়াৰ সমান্তৰাল ভাৱে যান্ত্ৰিক আৰু কাৰিকৰী প্ৰযুক্তিৰ বিকাশৰ লগে লগে বিশ্বত এই শ্ৰেণীৰ উদ্যোগৰ আৰম্ভ হয়।

7. মালিকী স্বত্ত্বৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্ৰেণী বিভাজন কৰা। (Classify industry based on ownership?) 

উত্তৰঃ মালিকীস্বত্ত্ব অনুসৰি ঔদ্যোগিক প্ৰতিষ্ঠানবোৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰা হয়।

সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হৈছে— 

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগঃ চৰকাৰ অথবা চৰকাৰৰ দ্বাৰা অনুমোদিত কোনো এক ৰাজহুৱা অনুষ্ঠানৰ মালিকানাত পৰিচালিত উদ্যোগসমূহকে ৰাজহুৱা খণ্ডৰ বা চৰকাৰী খণ্ডৰ উদ্যোগ বোলা হয়। উদাহৰণস্বৰূপে হিন্দুস্থান ষ্টীল লিমিটেড নামৰ লো-তীখা উৎপাদনকাৰী উদ্যোগটো ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এটা চৰকাৰীখণ্ডৰ উদ্যোগ। সেইদৰে, অসম চাহ নিগম হৈছে চৰকাৰৰ অনুমোদন অথবা পৃষ্ঠপোষকতাত উদ্ভৱ হোৱা একোটা অৰ্ধ চৰকাৰী পৰিচালনা কক্ষৰ দ্বাৰা পৰিচালিত ৰাজহুৱা খণ্ডৰ উদ্যোগ।

(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগঃ একোজন ব্যক্তিৰ গাইগুটীয়া প্ৰচেষ্টাত গঢ়ি উঠাৰ পাছত প্রতিষ্ঠাপক ব্যক্তিজনে নিজে অথবা আন যিকোনো ব্যক্তিৰ দায়িত্বত পৰিচালিত হোৱা উদ্যোগসমূহক ব্যক্তিগত খণ্ডৰ উদ্যোগ বোলা হয়। উদাহৰণস্বৰূপে, টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী লিমিটেড এক ব্যক্তিগত খণ্ডৰ উদ্যোগ।

(গ) যৌথ উদ্যোগঃ কেইবাজনো ব্যক্তিৰ আৰ্থিক অৱদানৰ আধাৰত গঢ় লোৱা উদ্যোগসমূহক যৌথ খণ্ডৰ উদ্যোগ বোলা হয়। কিছুমান যৌথখণ্ডৰ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্ৰায় সমান নিৰিখত চৰকাৰী খণ্ডৰ অংশও থাকে। যেনেঃ শিলঘাটৰ মৰাপাট উদ্যোগ।

8. আধুনিক অর্থনীতিত যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা সম্পর্কে এটি টোকা লিখা ৷ (Write a note on mechanization in modern economics?) 

উত্তৰঃ আধুনিক অৰ্থনীতিৰ অধিক সংখ্যক কাম যান্ত্রিক পদ্ধতিৰে সমাধান কৰা হয়। যাৰ ফলত কম সময়তে অধিক কাৰ্যসম্পন্ন কৰিব পৰা হৈছে। আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্ৰক্ৰিয়া পৰিচালনাকাৰী শ্ৰমিকসকলে উৎপাদিত দ্ৰৱ্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্ৰণ কৰা দেখা যায়। উৎপাদন গোটৰ লগত সংযুক্ত কম্পিউটাৰৰ সহায়তেই সচৰাচৰ এই কাম সমাধান কৰা হয়। উদাহৰণস্বৰূপে, কাপোৰৰ কল এটাৰ তাঁতশাল এখন চলি থকাৰ সময়ত ইয়াৰ লগত সংলগ্ন কৰি ৰখা কম্পিউটাৰৰ পৰাই তাঁতশাল পৰিচালকজনে শালত ব্যৱহৃত সূঁতাৰ গুণাগুণ, প্ৰস্তুত হৈ থকা বস্তুৰ দোষ-ত্রুটি অথবা উৎপাদন কাৰ্যৰ ক্ষিপ্ৰতাৰ সকলোবোৰ সম্ভেদ পাব পাৰে। এই উৎপাদন কার্যৰ গতিধাৰাৰ কিবা সাল- সলনি কৰিবলগা হ’লেও তেওঁৰ কম্পিউটাৰ যোগেদি অনায়াসে এই কাম সমাধা কৰিব পাৰে। অর্থাৎ, এনে যান্ত্ৰিকৰণ অথবা যান্ত্ৰিকীকৰণৰ ফলত উৎপাদন কার্যত শ্রমিকসকলে উৎপাদিত দ্ৰৱ্যৰ গুণ আৰু পৰিমাণ অটুট ৰখাৰ উদ্দেশ্যে তাৎক্ষণিক সমস্যাসমূহৰ লগত হাবাথুৰি খোৱাৰ প্ৰয়োজন নহয়। এনেক্ষেত্ৰত সেই পৰিচালক কৰ্মীজনৰ হৈ যন্ত্ৰ একোটাইহে উৎপাদন কার্যৰ সমস্যা বাছি উলিওৱাৰ লগতে এনেবোৰ সমস্যাৰ সমাধান ব্যৱস্থা কার্যক কৰে।

9. প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা। (What is the difference between the primary and secondary part of occupation?)

উত্তৰঃ প্ৰাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয়ক খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হ’ল— 

(ক) মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জন কৰে বা অর্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্রাথমিক বৃত্তি বোলা হয়। আনহাতে, যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰৱ্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে পৰিৱৰ্তন, পৰিশোধন, পৰিবৰ্ধন, সংযোজন বা সংশোধন কৰা হয়, তাকে দ্বিতীয়ক খণ্ডৰ বৃত্তি বোলা হয়।

(খ) প্রাথমিক খণ্ডৰ বৃত্তি ও দ্ৰৱ্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয়৷ আনহাতে, দ্বিতীয়ক খণ্ডৰ বৃত্তিত দ্ৰৱ্যৰ পৰিৱৰ্তন ঘটোৱা হয়।

(গ) প্রাথমিক খণ্ডৰ বৃত্তিত দ্ৰৱ্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয়ক খণ্ডৰ বৃত্তিত দ্ৰৱ্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায়।

(ঘ) প্রাথমিক খণ্ডৰ শ্ৰেণীভূক্ত আর্থিক কাম-কাজসমূহত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ প্রযত্নৰ দুয়োটা দিশ সমানেই জড়িত হৈ থাকে। আনহাতে, দ্বিতীয়ক খণ্ডৰ উদ্যোগত প্রাকৃতিক পৰিৱেশতকৈ মানুহৰ প্ৰযত্নৰ দিশটোহে অধিক গুৰুত্বপূৰ্ণ।

10. আফ্রিকা মহাদেশখন প্রাকৃতিক সম্পদ যথেষ্ট চহকী হোৱা স্বত্ত্বেও ঔদ্যোগিক ভাৱে কিয় পিছ পৰা? আলোচনা কৰা। (Why is the African continent lagging behind industrially despite being rich in natural resources? discuss.) 

উত্তৰঃ আফ্ৰিকা এখন প্ৰাকৃতিক পৰিৱেশত চহকী দেশ। বিভিন্ন আপুৰুগীয়া গছ-গছনি, জীৱ-জন্তুৰে ভৰপূৰ হোৱাৰ লগতে খনিজ সম্পদেৰেও পৰিপূৰ্ণ। ইমানবোৰ প্ৰাকৃতিক সম্পদেৰে চহকী হোৱা স্বত্বেও এই দেশ ঔদ্যোগিক দিশত একেবাৰে পিছ পৰা। ইয়াৰ হাজাৰ হাজাৰ কিল’মিটাৰ জুৰি বিস্তৃত অতব্য অৰণ্য আৰু হিংস্ৰ জন্তুৰ বাবে বসতি স্থাপনৰ বাবে বহু অঞ্চল সুবিধাজনক নহয়। মানুহৰ বসতিৰ অবিহনে উদ্যোগৰ স্থাপনো অসম্ভৱ। তদুপৰি ইয়াৰ বহু অঞ্চলত বর্তমানেও আদিম আদিবাসী থকা পৰিলক্ষিত হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো এইসকলে শিক্ষাৰ পোহৰেই দেখা পোৱা নাই। আফ্ৰিকাৰ অন্যান্য বসতি প্রধান অঞ্চলবোৰো তেনেই অনগ্ৰসৰ। ইয়াৰ প্ৰধান কাৰণ হৈছে উপযুক্ত শিক্ষাৰ অভাৱ। তাৰোপৰি এই অঞ্চল ঔদ্যোগিক ভাৱে আগবাঢ়িব নোৱাৰাৰ আন এটা প্ৰধান কাৰণ হ’ল ইয়াৰ জলবায়ু। অতি উষ্ণ জলবায়ুৰ হোৱা হেতুকে এই অঞ্চলৰ লোকসকলে অধিক শ্ৰম কৰিব নোৱাৰে আৰু সততে বিভিন্ন ৰোগত আক্ৰান্ত হয়।

ওপৰৰ আলোচনাৰ পৰা জানিব পাৰি যে, শিক্ষাৰ অনগ্ৰসৰতা আৰু উষ্ণ জলবায়ুৰ অঞ্চল হোৱা হেতুকে প্রাকৃতিক সম্পদৰ প্রাচুর্যতা থকা স্বত্বেও আফ্রিকা ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িল পৰা নাই।

11. পৃথিৱীৰ উন্নত দেশসমূহৰ ঔদ্যোগিক বিকাশৰ মূখ্য কাৰণসমূহ আলোচনা কৰা। (Discuss the main reasons for the industrial development of the developed countries of the world.) 

উত্তৰঃ বাৰ্ষিক ৰাষ্ট্ৰীয় আয়, শিক্ষা, যাতায়াত- যোগাযোগ, উদ্যোগ, স্বাস্থ্য আদি সকলো দিশৰ ওপৰত ভিত্তি কৰি দেশসমূহক উন্নত, উন্নয়নশীল আৰু দৰিদ্ৰ দেশ হিচাপে চিনাক্ত কৰা হয়। দেশ এখন উন্নতিৰ জখলাত আগুৱাবলৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে। যেনে– জলবায়ু, শিক্ষা, মানুহৰ কৰ্ম দক্ষতা, বিভিন্ন প্রাকৃতিক সম্পদ ইত্যাদি। এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰিয়ে ঔদ্যোগিক বিকাশ সম্ভৱ হয়। এনে দেশসমূহত শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিজ্ঞানৰ ন ন আৱিষ্কাৰ সম্ভৱ হৈছে। যাৰ ফলত কম খৰচত বহু পৰিমাণৰ সামগ্রী উৎপাদন কৰিব পৰা হৈছে। তাৰোপৰি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচাসামগ্রী আমদানী কৰাৰ লগতে উৎপাদিত সামগ্ৰী বিধ বিক্ৰীৰ বাবে বজাৰলৈ নিয়াতো সহায়ক হয়। এই সকলোবোৰ ব্যৱস্থা থকাৰ উপৰি উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তিৰ দৰকাৰ, তেতিয়াহে এটা উদ্যোগ স্থাপন কৰিব পাৰি আৰু পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিয়েই উদ্যোগ এটাৰ উন্নতি স্থাৱৰ কৰিব পাৰি। এই সকলো সুবিধা উন্নত দেশসমূহত উপলব্ধ হোৱা হেতুকে এনে দেশসমূহত ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে।

12. দ্বিতীয় পৰ্যায়ৰ কাৰ্য কি? ইয়াৰ কেইটামান উদাহৰণ আগবঢ়োৱা। (What is secondary activity? Give some examples.) 

উত্তৰঃ যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰৱ্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্রক্রিয়াৰে পৰিৱর্তন, পৰিবর্ধন, সংযোজন বা সংশোধন কৰা হয়, এনে কাৰ্যসমূহক দ্বিতীয়ক খণ্ডৰ কাৰ্য বা বৃত্তি বোলা হয়।

দ্বিতীয়ক খণ্ডৰ কাৰ্য হৈছে শিল্পোদ্যোগ, শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ। দ্বিতীয়ক খণ্ডৰ কার্যত মূল পদার্থ বা বস্তুৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবোৰৰ মূল্যমান বৃদ্ধি পায়। শিল্পোদ্যোগে হস্তশিল্প আৰু কাৰখানাৰ উৎপাদন উভয়কে বুজায়। উদাহৰণস্বৰূপে, মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা বা ময়দা প্ৰস্তুত কৰা হয় আৰু মানুহে এই আটা বা ময়দাৰ পৰা ৰুটি বনাই খায়। গমৰ গুটি বা দানা মানুহে পোনপটীয়াকৈ নাখায়। গতিকে গমৰ, উৎপাদন প্রাথমিক বৃত্তি, কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্যক দ্বিতীয়ক বৃত্তি বোলা হয়। ঠিক সেইদৰে তীখা কাৰখানাত লোৰ আকৰিকৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰাটো দ্বিতীয় খণ্ডৰ বৃত্তি।

13. পৃথিৱীৰ কপাহী বয়ন উদ্যোগ সম্পর্কে চমুকৈ লিখা। (Write briefly about the world’s cotton weaving industry?) 

উত্তৰঃ কপাহী বয়ন উদ্যোগ হ’ল এক কৃষি ভিত্তিক উদ্যোগ। কিয়নো এই উদ্যোগৰ বাবে প্রয়োজনীয় কপাহ কৃষিৰ জৰিয়তে উৎপাদন কৰা হয়। হস্তচালিত তাঁতশাল, যন্ত্রচালিত তাঁতশাল আৰু বৃহৎ আকাৰৰ কাপোৰৰ কল পৰ্যায়ৰ তিনিটা প্রশাখাত বয়ন উদ্যোগৰ উপ বিভাজন কৰিব পাৰি। এই তিনিটা উপশ্রেণীৰ ভিতৰত প্ৰথম দুটা অধিক মাত্ৰাত শ্ৰম নিৰ্ভৰশীল হোৱাৰ বিপৰীতে বৃহৎ কাপোৰৰ কলসমূহ ঘাইকৈ যান্ত্রিক শক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়। শ্রমকেন্দ্ৰীকৰ পৰা প্ৰযুক্তিকেন্দ্ৰীক হৈ অহাৰ লগে লগে এই উদ্যোগত বিনিয়োগ কৰা মূলধনৰ পৰিমাণ বাঢ়ি যায়। সেয়েহে, আর্থিক দিশত আপেক্ষিক ভাৱে অগ্রগণ্য অঞ্চলবোৰত প্রযুক্তিচালিত কাপোৰৰ কল প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে আর্থিক ভাৱে অনগ্ৰসৰ অঞ্চলবোৰত হস্ত তাঁতৰ প্ৰচলন অধিক হোৱা দেখা যায়।

কপাহী বয়ন উদ্যোগৰ বিকাশ বহু পৰিমাণে ইয়াৰ কেঁচামাল অর্থাৎ, উন্নতমানৰ কপাহ যোগানৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতবৰ্ষ, চীন, যুক্তৰাষ্ট্ৰ, পাকিস্তান, উজবেকিস্তান, ইজিপ্ত প্রভৃতি পৃথিবীৰ প্রধান কপাহ উৎপাদনকাৰী দেশসমূহক ধৰি পৃথিৱীৰ সৰ্বমুঠ ৪০ খন দেশত কপাহী বয়ন উদ্যোগৰ অগ্ৰগতি দেখা যায়। ইয়াৰ ভিতৰত বস্ত্ৰ সম্ভাৰৰ উৎপাদনত একাদিক্রমে যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, জাপান, জার্মানী, ফ্রান্স, ৰাছিয়া আৰু ইটালী অগ্রগণ্য। যুক্তৰাষ্ট্ৰ, জাপান আৰু প্ৰায়বোৰ ইউৰোপীয় দেশত অৱস্থিত এই উদ্যোগৰ গোটসমূহে উত্তৰ আফ্ৰিকা আৰু এছিয়াৰ পৰা কেঁচা সামগ্ৰী অৰ্থাৎ, কপাহৰ আঁহ সংগ্ৰহ কৰে। 

আন্তঃৰাষ্ট্ৰীয় বজাৰত লেনদেন ঘটা ৫০ শতাংশ কপাহৰ ক্ৰেতা হৈছে ইউৰোপ মহাদেশ। গ্ৰাহকৰ চাহিদা অনুসৰি উপযুক্ত মাত্ৰাৰ গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়ন অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ বাবেই বিশ্বযুদ্ধৰ পৰা আজিকোপতি জার্মান দেশীয় কপাহী বয়ন উদ্যোগটোৱে নিজ অগ্রগতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। চীন দেশত ১৮৯০ চনত স্থাপন হোৱা কপাহী উদ্যোগৰ অগ্ৰগতিত আন আন সা-সুবিধাৰ লগতে জনবহুল চীনৰ বৃহৎ ঘৰুৱা বজাৰখনো এক প্ৰধান কাৰক। চীনৰ বস্ত্ৰ শিল্পৰ প্ৰধান কেন্দ্ৰসমূহ ইয়াংছি উপত্যকা, হোৱাংহো উপত্যকা আৰু দক্ষিণ চীন অঞ্চলত অৱস্থিত।

আধুনিক বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ কপাহী বস্ত্ৰৰ আদৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। ১৮৫৪ চনত মুম্বাই চহৰত দেশৰ প্ৰথমটো যন্ত্ৰচালিত কাপোৰৰ কল প্রতিষ্ঠা হয়। বর্তমান ভাৰতৰ আশীখন চহৰত ১৬০০ ৰো অধিক কাপোৰৰ কল আছে। গুজৰাটৰ আহমেদাবাদত দেশৰ ভিতৰতে সৰ্বাধিক কাপোৰৰ কল আছে। এই চহৰক প্ৰাচ্যৰ মানচেষ্টাৰ বুলিও কোৱা হয় । প্ৰচুৰ কপাহ উৎপাদন, সাগৰীয় প্ৰভাৱৰ সেমেকা জলবায়ু, আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণৰ সুবিধা, শক্তি, শ্ৰম আৰু মূলধন প্রভৃতি কাৰকসমূহৰ সুবিধাজনক অৱস্থিতিৰ হেতুকে মহাৰাষ্ট্ৰ আৰু গুজৰাট দুয়োখন ৰাজ্যতে কপাহী বয়ন শিল্পৰ চমকপ্ৰদ উন্নতি ঘটিছে। সম্প্রতি, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাড়ু প্রভৃতি ৰাজ্যসমূহতো এই উদ্যোগৰ প্ৰসাৰ ঘটিছে। 

জাপানত কপাহৰ উৎপাদন নহয় যদিও সাগৰীয় সেমেকা জলবায়ু, সুদক্ষ শ্রমিক, উন্নত প্রযুক্তি, জলবিদ্যুৎ শক্তিৰ প্ৰাচুৰ্য, দেশ-বিদেশৰ বজাৰ প্রভৃতি কাৰকসমূহৰ বাবে এই দেশত কপাহী বয়ন শিল্পৰ বিকাশ সম্ভৱ হৈছে। বৰ্তমান জাপানেই বিশ্বৰ সৰ্বাধিক কপাহী বস্ত্ৰ ৰপ্তানীকাৰী দেশ। জাপানৰ কপাহী বয়ন উদ্যোগ কেন্দ্ৰীভূত হৈ থকা অঞ্চলসমূহ হ’ল— ওচাকা-কোবে অঞ্চল, টকিঅ’-য়াকোহামা অঞ্চল আৰু নাগয়া অঞ্চল। ছোভিয়েট ৰাছিয়াৰ বস্ত্ৰ উদ্যোগসমূহে উন্নত মানৰ কপাহী বস্ত্ৰ উৎপাদন কৰে। কয়লা, কেঁচামাল, সস্তীয়া বনূৱা, যাতায়াত, প্ৰযুক্তিৰ ব্যৱহাৰ আদিয়েই এই উদ্যোগসমূহৰ উন্নতিৰ প্ৰধান কাৰণ ৷ ৰাছিয়াত এই উদ্যোগ কেন্দ্ৰীভূত হৈ থকা অঞ্চলসমূহ হ’ল মস্কো ইভানোভা অঞ্চল, লেনিনগ্ৰেড অঞ্চল আৰু দক্ষিণ অঞ্চল।

14. আধুনিক বৃহৎ উদ্যোগৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the features of modern large scale industry.) 

উত্তৰঃ আধুনিক বৃহৎ উদ্যোগৰ বৈশিষ্ট্যসমূহ হ’লঃ

(ক) বিশিষ্ট নৈপুণ্যৰ প্ৰয়োগঃ আধুনিক যুগৰ বৃহৎ উদ্যোগসমূহত উৎপাদিত দ্রৱ্যৰ বিভিন্ন অংশসমূহ উদ্যোগটোৰ বিভিন্ন গোটত পৃথক ভাৱে প্ৰস্তুত কৰা হয় । তাৰ পাছত আন এটা গোটত এনেবোৰ অংশক সুসংঘবদ্ধ কৰি একোটা শ্ৰেণীৰ পৰিসজ্জিত দ্ৰৱ্য প্রস্তুত কৰা হয়। অর্থাৎ, এনে এক বৃহৎ উদ্যোগৰ পৰিসৰত ভালে সংখ্যক অংশীদাৰ উদ্যোগ থাকে। এনে প্ৰতিটো অংশীদাৰ উদ্যোগত বৃহৎ পৰিমাণৰ মূলধন, প্রযুক্তি আৰু তুলনামূলক ভাৱে কম পৰিমাণৰ, কিন্তু উন্নত গুণসম্পন্ন শ্রম বিনিয়োগ কৰি বৃহৎ সংখ্যক হুবহু একে লক্ষণৰ অৰ্থাৎ, সমগুণী দ্রৱ্য উৎপাদন কৰা হয়। পাছৰ পৰ্যায়ত এনোবোৰ সম্ভাৰ একত্ৰিত কৰি পৰিসজ্জিত ৰূপ দিয়া হয়।

(খ) যান্ত্ৰিকীকৰণঃ আধুনিক বৃহৎ উদ্যোগবোৰত উৎপাদন প্ৰক্ৰিয়া পৰিচালনাকাৰী শ্ৰমিকসকলে উৎপাদিত দ্ৰৱ্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্ৰিক পদ্ধতিৰেহে নিয়ম কৰা দেখা যায়।

(গ) কাৰিকৰী নতুনত্বঃ আধুনিক যুগৰ বৃহৎ উদ্যোগত উৎপাদনৰ মানদণ্ড ক্রমে উন্নত কৰি নিয়াৰ লগতে উৎপাদন ব্যয় পাৰ্যমানে হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে অহৰহ ভাৱে এলনি গৱেষণা কার্য অব্যাহত ৰখা হয়। কাৰণ বৰ্তমান বিশ্ব বজাৰত বহুসংখ্যক প্রতিযোগী প্ৰতিষ্ঠানত উৎপাদিত প্রতিদ্বন্দ্বী সম্ভাৱৰ লগত ফেৰ মাৰি গ্ৰাহকৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে কম দামত উচ্চ মানৰ দ্ৰৱ্যৰ যোগান ধৰাৰ উপৰিও এই দ্ৰৱ্যৰ প্ৰতি সাম্ভাব্য গ্রাহক শ্ৰেণীৰ হাবিয়াস বৃদ্ধিৰ প্ৰচেষ্টা উলাই কৰিব পৰা নাযায়। সেয়েহে, দ্ৰৱ্যৰ গুণগত উৎকর্ষ, উদ্যোগত উৎপাদিত অপদ্ৰৱ্যৰ পৰিমাণ নিয়ন্ত্ৰণ অথবা এনে অপদ্ৰৱ্যৰ বাণিজ্যিকৰণ, উৎপাদন ব্যয়ৰ সংকোচন আৰু গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰচাৰ, বিজ্ঞাপন, উপঢৌকন প্রভৃতি কাৰিকৰী আৰু গ্ৰাহক মনস্তত্ত্ব সম্পর্কীয় অনেক গৱেষণা কাৰ্যসমূহ আধুনিক বৃহৎ উদ্যোগসমূহৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।

(ঘ) বহুস্তৰীয় সাংগঠনিক সংৰচনাঃ আধুনিক কালৰ বৃহৎ উদ্যোগসমূহৰ বেছিভাগ কামেই জনবল অথবা পেশীবলৰ পৰিৱৰ্তে যান্ত্ৰিক বলৰ দ্বাৰা পৰিচালিত ৷ তদুপৰি অতিমাত্ৰা শ্ৰম বিভাজন ভিত্তিক শ্ৰমৰ বিশেষীকৰণ কাৰ্যৰ সহায়ত এনেবোৰ উদ্যোগত তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত সীমিত খৰচত অধিক পৰিমাণৰ উৎপাদন সম্ভৱ হয়। এনে শ্ৰেণীৰ উদ্যোগ প্রতিষ্ঠা আৰু পৰিচালনাত বৃহৎ পৰিমাণৰ যান্ত্ৰিক আৰু অৰ্থকাৰী মূলধনৰ বিনিয়োগ অপৰিহাৰ্য । এই শ্ৰেণীৰ উদ্যোগৰ সামগ্রিক পৰিক্ৰমা একোটাত প্রযুক্তি, অর্থনীতি, বাণিজ্য, যাতায়াত সঞ্চয়ন, পৰিচালনা প্রভৃতি ভালেমান প্রশাখা যুক্ত অনেক কাম-কাজৰ সমাৱেশ ঘটে।

(ঙ) বিষম ভৌগোলিক বিস্তাৰঃ পৃথিৱীৰ প্ৰায় সমুদায় বৃহৎ‍ উদ্যোগৰ ক্ষেত্ৰসমূহ মুঠ স্থল মণ্ডলৰ মাত্ৰ দহ শতাংশ এলেকাতে সীমাবদ্ধ হৈ আছে। এনে বৃহৎ ঔদ্যোগিক প্রকল্প ৰাজনৈতিক তথা অর্থনৈতিক ভাৱে শীর্ষ ৰাষ্ট্ৰসমূহতে সীমাবদ্ধ বুলিব পাৰি। সমগ্ৰ বিশ্বক খাদ্য শস্যৰ যোগান ধৰি অহা দেশ-বিদেশৰ সৰ্বমুঠ কৃষি ভূমিৰ তুলনাত পৃথিৱীৰ প্ৰতিটো অঞ্চলকে শিল্পজাত দ্ৰৱ্যৰে আগুৰা এনেবোৰ উদ্যোগৰ অধিকৃত ভূমি নিচেই নগণ্য পৰিসৰৰহে।

15. শিল্পোদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ কি কি? (What are the necessary factor for setting up an industry?) 

উত্তৰঃ শিল্পোদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ হ’ল—

(ক) কেচাঁমাল (Raw material): যিকোনো উদ্যোগ স্থাপনৰ বাবে কেচাঁমালৰ প্ৰয়োজন। সেয়ে উদ্যোগ এটা স্থাপন হোৱাৰ আগতে ঠাইখনৰ আশে-পাশে কেচাঁমালৰ প্ৰাচুৰ্যতা পৰীক্ষা কৰাতো নিতান্ত প্রয়োজনীয়। নতুবা অইন ঠাইৰ পৰা সহজে লভ্য হ’ব লাগে। ইয়াৰে আকৌ কিছুমান কেচাঁমাল গধুৰ উদ্যোগ আৰু কিছুমান উদ্যোগৰ বাবে। অশুদ্ধ কেচাঁমালবোৰৰ ওজন উদ্যেগক্ষেত্ৰলৈ অহালৈকে অহালৈকে কমি যায়। সেয়ে গধুৰ উদ্যোগৰ কেচাঁমালসমূহ উদ্যোগৰ ওচৰতে পাব পৰা হ’ব লাগে । আকৌ মাছ, ফলমূল আদি কেচাঁমাল প্রয়োজনীয় উদ্যোগবোৰ কেচাঁমাল ক্ষেত্ৰতে গঢ়ি উঠে।

(খ) শক্তি (Power): সকলো ধৰণৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় এক কাৰক হ’ল শক্তি। আধুনিক উদ্যোগবোৰ কয়লা, পানী, পেট্ৰলিয়াম, প্রাকৃতিক গেছ আৰু পাৰমাণৱিক সম্পদৰ পৰা উৎপন্ন হোৱা শক্তিৰে চলে। অধিকতৰ গধুৰ উদ্যোগৰ বাবে কয়লাই শক্তিৰ প্ৰধান উৎস হিচাপে ব্যৱহাৰ হয়। সেয়েহে এই উদ্যোগবোৰ কয়লাখনিৰ ওচৰে-পাঁজৰে অৱস্থিত। অৱশ্যে, জলবিদ্যুত শক্তি দূৰ-দূৰণিৰ উদ্যোবোৰলৈ পৰিবহণ কৰিব পাৰি ৷

(গ) বনুৱা (Labour): যিকোনো শিল্পতে বনুৱাৰ প্ৰয়োজন। বনুৱা বিশেষকৈ কৌশলী বনুৱা উদ্যোগ স্থাপনৰ এটা প্ৰধান কাৰক। অতিৰিক্ত বনুৱা থকা অঞ্চল উদ্যোগ স্থাপনৰ বাবে অনুকূল কাৰণ এনে অঞ্চলত কম পাৰিশ্রমিকতে বনুৱা পোৱা যায়। আইন ঠাইৰ পৰা বনুৱা আমদানি কৰিবলগীয়া হ’লে ব্যয় অধিক হয়। বৈদ্যুতিক সৰঞ্জাম, বাচন-বৰ্তন উদ্যোগ, কাচ উদ্যোগৰ বাবে দক্ষ বনুৱাই ইয়াৰ স্থাপনত যথেষ্ট প্রভাৱ পেলায়। অৱশ্যে কফি, চাহ আৰু ৰবৰ উদ্যোগৰ বাবে বনুৱা আমদানি কৰিবলগীয়া হয়। 

(খ) মূলধন (Capital): আধুনিক উদ্যোগৰ বাবে যথেষ্ট পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয়। উদ্যোগস্থাপনৰ বাবে প্রয়োজনীয় ভূমি, গৃহ, যন্ত্রপাতি, শক্তি, বনুৱা আদি বস্তুৰ বাবে মূলধনৰ দৰকাৰ হয়। সেয়ে বহুতো দেশ সম্পদত চহকী, প্রয়োজনীয় বনুৱা থকা স্বত্বেও মূলধনৰ অভাৱৰ বাবে উদ্যোগ স্থাপন কৰিব নোৱাৰে বা পৰা নাই। গতিকে মূলধন উদ্যোগ স্থাপনৰ বাবে এক অপৰিহাৰ্য কাৰক।

(গ) বজাৰ (Market): কেচাঁ সামগ্ৰীতকৈ উৎপাদিত বস্তুৰ পৰিবহণ ব্যয় বেছি। উদ্যোগৰ আশে-পাশে অৱস্থিত বজাৰে এই পৰিবহণ ব্যয় হ্ৰাস কৰাত সহায় কৰে। সমান্তৰালভাৱে বস্তুৰ মূল্যও কিছু কম হোৱাত সহায়ক হয়। বজাৰৰ অৱস্থিতিৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল উৎপাদিত বস্তুটোৰ ম্যাদ । উদাহৰণস্বৰূপে বাতৰি কাকত প্ৰকাশন। এদিন পাৰ হৈ যোৱা বাতৰি কাকতখন কোনেও নাচায়। সেয়ে কাকত উদ্যোগবোৰ মুখ্য বজাৰৰ ওচৰতে অৱস্থিত হোৱা লক্ষ্য কৰা যায়।

(চ) পৰিবহণ (Transport): পৰিবহণ হ’ল শিল্পকেন্দ্ৰ স্থাপনৰ বাবে অতি প্ৰয়োজনীয় কাৰক বা আন্তঃগাথনি। ইয়াৰ অবিহনে উদ্যোগে প্ৰসাৰ আৰু উন্নতি লাভ কৰাতো অসম্ভৱ। কেচাঁমাল সংগ্রহ তথা উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াৰ বাবে পৰিবহণ ব্যৱস্থা জৰুৰী। সেয়ে কম ব্যয় সম্পন্ন আৰু সূচল পৰিবহণে উদ্যোগস্থাপনত গুৰুত্বপূৰ্ণ কাৰকৰ ভূমিকা লয়। উদাহৰণস্বৰূপে আমেৰিকাৰ গ্ৰেট লেক অঞ্চলত উদ্যোগৰ অৱস্থিতিৰ এটা প্ৰধান কাৰণ হ’ল সমব্যয়বহুল আৰু সূচল জলপৰিবহণ। তেনেদৰে পশ্চিম বংগৰ হুগলী নদীৰ পাৰত মৰাপাট উদ্যোগ গঢ়ি উঠাৰ এটা প্ৰধান কাৰণ হ’ল কমখৰছী জলপৰিবহণ।

এইবোৰৰ ওপৰিও উদ্যোগ স্থাপনত প্ৰভাৱিত কৰা আন কিছুমান কাৰক আছে। সেইবোৰ হ’ল জলবায়ু পৰিচালন ব্যৱস্থা, চৰকাৰৰ শিল্পনীতি, পানীৰ যোগান, চাহিদা, পৰম্পৰা আদি। শিল্পদ্যোগ স্থাপনৰ বাবে অনুকূল জলবায়ু যথেষ্ট গুৰুত্বপূর্ণ। প্রতিকূল জলবায়ুৰ বাবে সময়ত কিছুমান উদ্যোগ বন্ধ হৈ পৰে। শিল্পজাত দ্ৰৱ্যৰ চাহিদা অবিহনে উদ্যোগৰ পৰা লোকচান হোৱা অনিবার্য। সেয়ে দ্ৰৱ্যৰ চাহিদা অনুপাতে উদ্যোগ স্থাপন হয়। চৰকাৰৰ অনুকূল শিল্পনীতিয়ে উদ্যোগৰ প্ৰসাৰ আৰু উন্নয়নত সহায় কৰে।

16. লো-তীখা উদ্যোগস্থাপনৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ কি কি? (What are the factor required for setting up an iron and steel industry?)

উত্তৰঃ লো-তীখা উদ্যোগ পৃথিৱীৰ পুৰণি উদ্যোগ। লো-তীখা উদ্যোগক মল উদ্যোগ বোলা হয়। কাৰণ বহু উদ্যোগৰ ভিত্তি হ’ল লো-তীখা উদ্যোগ। ৰেল ইঞ্জিন নির্মাণ, জাহাজ নির্মাণ, যন্ত্রপাতি নির্মাণ আদি উদ্যোগ লো-তীখা উদ্যোগৰ সতে জড়িত।

লো-তীখা উদ্যোগৰ স্থাপনৰ বাবে তলত দিয়া কাৰকসমূহৰ প্ৰয়োজনঃ

(ক) কেচাঁমালঃ লো-তীখা উদ্যোগ স্থাপন বাবে কেচাঁমালৰ প্ৰাচুৰ্যতাৰ প্ৰয়োজন। এই উদ্যোগৰ বাবে আকৰিক লো, কয়লা, মেংগানিজ, চূণশিল, ড’ল’মাইট আৰু বিভিন্ন মিশ্ৰণৰ প্রয়োজন। তাৰ ভিতৰত কয়লা আৰু আকৰিক প্ৰধান কেচাঁমাল। আন সংক্ষেপতে এক টন তীখা উৎপাদনৰ বাবে দুই টন কয়লাৰ প্ৰয়োজন; প্রায় শতাংশ। সেয়ে লো-তীখা উদ্যোগবোৰ কেচাঁমালস্থিত অঞ্চলৰ আশে-পাশে স্থাপন হয়। উদাহৰণস্বৰূপে আমেৰিকাৰ অধিকতৰ লো-তীখা উদ্যোগ উত্তৰ-পূৱ অংশত অৱস্থিত। কাৰণ এই অংশত উত্তৰ এপালিছিয়ন কয়লা ক্ষেত্র অৱস্থিত। তেনেদৰে ভাৰতৰ ছয়টা বৃহৎ তীখা কেন্দ্ৰ পশ্চিম বংগ, দক্ষিণ বিহাৰ, উত্তৰ উৰিষ্যা আৰু পূব মধ্য প্ৰদেশৰ খনিজ বলয় অঞ্চলত অৱস্থিত।

(খ) পৰিবহণঃ লো-তীখা উদ্যোগ যিহেতু গধুৰ উদ্যোগ; গতিকে উদ্যোগৰ অৱস্থিতি অঞ্চলৰ পৰিবহণ যথেষ্ট সুচল আৰু কম খৰছী হোৱাতো বাঞ্চনীয়। লো-তীখা উদ্যোগৰ বাবে প্রয়োজনীয় কেচাঁমাল উদ্যোগ ক্ষেত্ৰলৈ অনাৰ বাবে আৰু উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ নিবৰ বাবে পৰিবহণ ব্যৱস্থা যথেষ্ট সূচল হোৱাতা বাঞ্চনীয়। উদ্যোগৰ বাবে প্ৰয়োজনীয় কয়লা আৰু আকৰিক লো একে ঠাইতে পোৱাতো সম্ভৱ নহ’বও পাৰে। তেনেক্ষেত্ৰত কয়লা আৰু আকৰিক লো কেন্দ্ৰৰ মাজত আন্তসংযোগী পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। ভাৰতৰ আচনচল, আমেৰিকাৰ পিটচবার্গ, ৱেলিং আৰু য়ংগচটাউন, পশ্মিম জাৰ্মানীৰ ৰুৰ উপত্যকাৰ লো-তীখা উদ্যোগ আদি কয়লা ক্ষেত্র বা তাৰ ওচৰে-পাজঁৰে অৱস্থিত লো-তীখা উদ্যোগৰ উদাহৰণ। কাৰণ সেই স্থানত পৰিবহণ ব্যয় কম আৰু সূচল।

(গ) বজাৰঃ প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে বজাৰৰ গুৰুত্ব বৃদ্ধি পাইছে। লো-তীখা উদ্যোগত উৎপাদিত সামগ্ৰী সাধাৰণতে গধুৰ হয়। আনহাতে অনুমান কৰা হৈছে যে কয়লা আৰু আকৰিক লোৰ পৰিবহণ ব্যয়তকৈ তীখা জাতীয় সামগ্ৰীৰ পৰিবহণ ব্যয় তিনিগুণ বেছি। সেয়ে উদ্যোগৰ ওচৰে-পাঁজৰে বজাৰৰ সুবিধা থাকিলে উৎপাদিত সামগ্রী কম পৰিবহণ ব্যয়তে বজাৰলৈ নিব পৰা যায়। গতিকে উদ্যোগৰ স্থাপনত বজাৰৰ গুৰুত্ব আছে। উদাহৰণস্বৰূপে আমেৰিকাৰ লেক উপত্যকা আৰু আটলান্টিক সাগৰীয় সীমান্তত অৱস্থিত লো-তীখা উদ্যোগসমূহৰ বাবে স্থানীয় বজাৰৰ লগতে বৈদেশিক বজাৰৰ সুবিধাও আছে।

(খ) শক্তিৰ যোগানঃ কম ব্যয়সম্পন্ন শক্তিৰদ্বাৰা আকৰ্ষিত হৈ বহুতো উদ্যোগৰ লগতে লো-তীখা উদ্যোগো জলবিদ্যুত কেন্দ্ৰৰ আশে-পাশে স্থাপন হ’বলৈ লৈছে। তাৰোপৰি বৈদ্যুতিক তীখা ফাননিচ (electric steel furnees) বোৰো উৎকৃষ্টমানৰ তীখা উৎপাদনৰ ববে দৰকাৰী। সেয়ে লো-তীখা উদ্যোগবোৰ জলবিদ্যুত কেন্দ্ৰৰ ওচৰলৈ আকৰ্ষিত হৈছে। 

এইবোৰত উপৰিত্ত লো-তীখা উদ্যোগ স্থাপনত আৰু বহুতো কাৰকে প্রভাৱিত কৰে। যেনে ভৌগোলিক কাৰক, মূলধন, কৌশলী বনুৱা, বস্তুৰ চাহিদা, চৰকাৰৰ শিল্পনীতি আদি।

17. ৰাসায়নিক উদ্যোগৰ শাখা কেইটা আৰু কি কি? অৱস্থানৰ প্ৰকাৰৰ বিষয়ে লিখা। (How many branches of chemical industry and what are they? Write about the types of location.) 

উত্তৰঃ ৰাসায়নিক উদ্যোগক তিনিটা শাখাত বিভক্ত কৰিব পাৰি —

(ক) গধুৰ ৰাসায়নিক উদ্যোগঃ এই উদ্যোগৰ ভিতৰত চ’ডা, চ’ডা এচ (Soda ash) আৰু ক্লৰিণ উৎপাদন উদ্যোগ অন্তর্গত।

(খ) কয়েল-টাৰ (Coal-tar): কয়েল-টাৰ হ’ল কয়লাৰ পৰা উৎপন্ন হোৱা এবিধ জলীয়। ইয়াক ঔষধ আৰু ৰাসায়নিক দ্ৰৱ্য উৎপন্ন কৰিবলৈ বৱহাৰ কৰা হয়। এই উদ্যোগবোৰ কয়লা গেছে প্রস্তুতকাৰী উদ্যোগসমূহৰ ওচৰত স্থাপন হয়।

(গ) ডেৰাইভড ৰাসায়নিক (Darived Chemical): এই উদ্যোগত বিভিন্ন কেচাঁমালৰ পৰা উৎপাদিত বস্তুৰ সংমিশ্ৰণত উৎপন্ন হোৱা বস্তু অন্তর্ভুক্ত। যেনে— গ্লাচ, কাগজ, চিমেন্ট, প্লাষ্টিক, চিন্থেটিক ৰবৰ আদি।

ৰাসায়নিক উদ্যোগৰ অৱস্থানৰ বিষয়ে জানিবলৈ আমি এই উদ্যোগৰ বিশেষ বৈশিষ্ট্য কিছুমানৰ বিষয়ে জানিব লাগিব—

(ক) ৰাসায়নিক উদ্যোগত উৎপাদন প্রক্রিয়া মেচিনৰদ্বাৰ সম্পাদন কৰা হয়। দ্ৰৱ্যবোৰ পাইপৰ সহায়ত ইঠাইৰ পৰা সিঠাইলৈ নিয়া হয়। প্রশিক্ষিত বনুৱাৰ প্ৰয়োজন হয়। বনুৱাবোৰ গতিশীল।

(খ) অধিক পৰিমাণে ব্যৱহৃত দ্ৰৱ্যবোৰ হ’ল পানী আৰু বায়ু। এইবোৰ সৰ্বব্যাপী।

(গ) শক্তি অপৰিহাৰ্য যদিও অধিক পৰিমাণত প্ৰয়োজন নহয়।

(খ) ৰাসায়নিক উদ্যোগত এবিধ উৎপাদিত সামগ্রী আন এবিধৰ কেচাঁ সামগ্রীও হয়। সেয়ে এটা ৰাসায়নিক উদ্যোগৰ সতে কেইবাটাও সম্পর্কিত আন উদ্যোগ গঢ়ি উঠা দেখা যায়।

(ঙ) কিছুমান ৰাসায়নিক উৎপাদক যেনে ছালফিউৰিক এছিড উৎপাদন কৰিবলৈ বিভিন্ন কেচাঁমাল বিভিন্ন প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়।

উপৰোক্ত বৰ্ণনাৰ পৰা বুজা যায় যে ৰাসায়নিক উদ্যোগৰ স্থাপনৰ বাবে বনুৱা নাইবা শক্তিকেন্দ্রিক নহয়। সাধাৰণতে এই উদ্যোগ কেচাঁমাল বা বজাৰৰ ভিত্তিত গঢ়ি উঠে। উদাহৰণস্বৰূপে এলকালি গোটৰ কেচাঁ সামগ্ৰীবোৰ সাধাৰণতে নিমখ আৰু লাইযষ্ঠনত পোৱা যায়। এই ৰাসায়নিক দ্ৰৱ্যবোৰ অধিক মাত্ৰাত উৎপাদন কৰিবলৈ অধিক পৰিমাণৰ কেচাঁসামগ্ৰীৰ প্রয়োজন হয়। এইবোৰ গধুৰ যদিও ইহঁতৰ পৰিবহণ ব্যয় উৎপাদনৰ আগতে বহু কম। সেয়ে এই উদ্যোগবোৰ কেচাঁমালৰ কাষত স্থাপন হয়।

আকৌ কিছুমান ৰাসায়নিক উদ্যোগ যেনে ছালফিউৰক এছিডৰ বাবে প্ৰয়োজনীয় কেচাঁসামগ্রী হ’ল নেটিভ ছালফাৰ (native sulpher) বা পাইৰাইটচ্ (pyrites) এছিড অধিকসময় পৰিবহন কৰাতো বিপদজনক। সেয়ে পৰিবহন ব্যয় বেছি হয়। তাৰোপৰি এক টন নেটিভ ছালফাৰে তিনি টন ছালফিউৰিক এছিড উৎপাদন কৰে। সেয়ে ছালফিউৰিক এছিড উদ্যোগসমূহ বজাৰৰ কাষতে গঢ়ি উঠে।

গতিকে ৰাসায়নিক উদ্যোগৰ অৱস্থানত বজাৰ আৰু কেচাঁমালে বিশেষ প্ৰভাৱ পেলায়। 

18. কপাহী বয়ন উদ্যোগ স্থাপনৰ বাবে প্ৰধানকৈ কি কি কাৰকৰ প্ৰয়োজন হয়? ভাৰতবৰ্ষত ইয়াৰ স্থিতি কেনে ধৰণৰ। (What are the main requirements for setting up a cotton weaving industry?)

উত্তৰঃ কপাহী বয়ন পৃথিৱীৰ এক পুৰণি উদ্যোগ। ইয়াৰ আৰম্ভণি ভাৰততে হোৱা বুলি ধাৰণা কৰা হয়। অৱশ্যে ১৮ শ শতাব্দীৰ পিছৰ কপাহী বয়ন উদ্যোগৰ দ্রুত বৃদ্ধি হয়। কপাহ উদ্যোগৰ বাবে প্রয়োজনীয় কেচাঁমাল হ’ল কেচাঁ কপাহ বা কপাহৰ আঁহ। এইবোৰ শুদ্ধ (Pure) কেচাঁমাল। কাৰণ ১ টন কাপহে ১ টন আঁহ (Yarn) উৎপাদন কৰে আৰু ১ টন আঁহৰ পৰা ১ টন কাপোৰ উৎপাদন কৰিব পাৰি। কেচাঁমালৰ লগতে কপাহী বয়ন উদ্যোগৰ বাবে বজাৰৰ প্ৰয়োজন হয়। উৎপাদিত সামগ্রী বা কাপোৰসমূহ বিক্ৰীৰ বাবে এখন বজাৰৰ নিতান্ত দৰকাৰ হয়। বজাৰৰ আশে-পাশে উদ্যোগ স্থাপন হ’লে উৎপাদিত সামগ্ৰীৰ এখন ভাল বজাৰ পাব পাৰি আৰু মানুহৰ ফেশ্বনৰ (Fashion) পৰিৱৰ্তনৰ বিষয়ে সহজে জানিব পাৰি। 

কপাহী বয়ন উদ্যোগক প্রভাৱিত কৰা অন্যান্য কাৰক বোৰ হ’ল জলবায়ু, বনুৱা, শক্তিৰ প্ৰাচুৰ্যতা। কপাহী বয়ন উদ্যোগৰ বাবে জলবায়ু সেমেকা হোৱা দৰকাৰ। কাৰণ সেমেকা জলবায়ুত সূতাবোৰ সহজে নিচিগে। কপাহী-বয়ন উদ্যোগৰ বাবে যথেষ্ট পৰিমাণৰ বনুৱাৰ প্ৰয়োজন হয়। ইয়াৰ লগতে শক্তি সম্পদৰো দৰকাৰ। কাৰণ উদ্যোগ এটা চলি থাকিবলৈ যথেষ্ট শক্তিৰ প্রয়োজন হয়। আধুনিক প্ৰায়বোৰ উদ্যোগতে জলবিদ্যুত শক্তি ব্যৱহাৰ হয়। গতিকে জলবিদ্যুতৰ যোগান উদ্যোগিক অঞ্চললৈ থাকে।

কপাহী রয়ন উদ্যোগৰ বাবে বজাৰ আৰু উৎপাদন স্থলীৰ আৰু কেচাঁমাল সংগ্ৰহ স্থানৰ মাজত পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন যদিও উদ্যোগৰ অৱস্থানত ই যথেষ্ট প্রভাৱ নেপেলায় বুলি ক’ব পাৰি। কাৰণ বয়ন উদ্যোগ বজাৰৰ আশে-পাশে বা কপাহ উৎপাদনস্থলীত স্থাপন হ’লেও, দুয়োটাৰে মাজত পৰিবহণ ব্যয়ৰ পাৰ্থক্য অত্যাধিক নহয়।

উপৰোক্ত সকলোবোৰ কাৰকৰ প্ৰয়োজনীয়তা আছে যদিও বর্তমান উন্নত প্রযুক্তি অৱস্থানৰ ক্ষেত্ৰত কমি আহিছে। উদাহৰণস্বৰূপে যোগাযোগ আৰু যাতায়ত ব্যবস্থা ইমান উন্নত হৈছে যে বিদেশত উৎপদিত বস্তু এটা আমি ঘৰৰ পৰা কিনিব (Order) পাৰো। সেয়ে উদ্যোগৰ কাষতেই যে বজাৰ থাকিব লাগিব, তেনে বাধ্যবাধকতাৰ প্ৰয়োজন হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে কেচাঁমালৰ যোগানে গুৰুত্ব পাইছে। অধিকতৰ বয়ন উদ্যোগ কপাহ উৎপাদনকাৰী অঞ্চলত স্থাপন হৈছে। উদাহৰণস্বৰূপে দক্ষিণ শক্তি সম্পদ উন্নয়নৰ লগে লগে কপাহ উৎপাদন অঞ্চললৈ গতি কৰিছে। গতিকে কেচাঁমাল কপাহী বয়ন উদ্যোগৰ বাবে এটা গুৰুত্বপূৰ্ণ কাৰক।

ভাৰতৰ কপাহী বয়ন উদ্যোগৰ এক উজ্জ্বল ইতিহাস আছে। এসময়ত উৎপাদিত সামগ্ৰীয়ে সমগ্ৰ পৃথিৱীৰ সমাদৰ লাভ কৰিছিল। বৃটিছৰ শাসন কালত এই উদ্যোগে কিছু চাপৰ সন্মুখীন হৈছিল যদিও ইয়াক গাপ দি ৰাখিব পৰা নাছিল; কাৰণ ই ভাৰতৰ কৃষি অর্থনীতিৰ এক অবিচ্ছেদ্য অংগ। ভাৰতত ১৮১৮ চনত কলিকতাত প্ৰথম কাপোৰ বোৱা ক’ল স্থাপন হৈছিল। বৰ্তমান দেশৰ বিভিন্ন অংশত প্রায় ৭০০ মান কল আছে।

লক্ষনীয় যে ভাৰতৰ কপাহী বয়ন উদ্যোগবোৰ প্রায় ৮০ খন চহৰত সিঁচৰিত হৈ আছে। কিন্তু অধিকতৰ উদ্যোগ মহাৰাষ্ট্ৰ, গুজৰাট, পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু তামিলনাডুত অৱস্থিত। 

ভাৰতৰ কপাহী বয়ন উদ্যোগৰ বিকাশৰ দুটা ধাৰা লক্ষণীয়—

(ক) প্ৰথমাৰ্ধত কলবোৰ বোম্বেৰ বন্দৰৰ কাষৰীয়া অঞ্চলত আৰু কিছু পৰিমাণে আহমেদাবাদত বিস্তৃত আছিল। 

(খ) প্ৰথম বিশ্বযুদ্ধৰ পিছত উদ্যোগৰ বহুল প্ৰসাৰ ঘটিবলৈ লয়। কলসমূহ বহু অন্তৱৰ্তী অঞ্চলবোৰতো গঢ়ি উঠিবলৈ লয়।

সাম্প্ৰতিক সময়ত মুম্বাই আৰু আহমেদাবাদৰ উপৰিও কপাহ উৎপাদিত অঞ্চলৰ পৰা দূৰৈত অৱস্থিত অঞ্চলতো বয়ন উদ্যোগ গঢ়ি উঠিছে।

19. ভাৰতৰ কপাহ কলসমূহ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ হোৱাৰ কাৰণ কি? (What is the reason for the spread of cotton mill in India?)

উত্তৰঃ পোনপ্ৰথম কপাহ কলসমূহ মুম্বাই আৰু আহমেদাবাদ অঞ্চলতে থুপীকৃত হৈ আছিল যদিও পিছত দেশৰ অন্তৱৰ্তী স্থানলৈ সম্প্ৰসাৰিত হয়।

ইয়ৰ প্ৰধান কাৰণসমূহ হ’ল—

(ক) যাতায়তৰ উন্নয়নঃ উদ্যোগ সম্প্ৰসাৰনৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা প্ৰধান কাৰক এটা হ’ল পৰিবহণ। কিছুমান অঞ্চল কেচাঁমাল আৰু বজাৰৰ ওচৰতে অৱস্থিত যদিও পৰিবহন ব্যৱস্থাৰ অভাৱৰ বাবে তাত কপাহ কল বা উদ্যোগ গঢ়ি উঠা নাছিল। কাৰণ কেচাঁমাল সংগ্রহ আৰু উৎপাদিত সামগ্ৰীসমূহ বিতৰণৰ ব্যৱস্থা কৰিব পৰা নহৈছিল। কিন্তু বর্তমান সেই অসুবিধা নোহোৱা বাবে যিকোনো ঠাইতে উদ্যোগ স্থাপন হ’ব পাৰে। নাগপুৰ, ইন্দোৰ, কইম্ব’টোৰ, চোলাপুৰ আদি উল্লেখনীয় কেন্দ্ৰ ইয়াৰ উদাহৰণ।

(খ) জলবিদ্যুত সম্পদ উন্নয়নঃ দেশৰ জলবিদ্যুত সম্পদৰ উন্নয়নে উদ্যোগ সম্প্ৰসাৰণত যথেষ্ট সহায় কৰিছে। নাইকাৰা, মেটোৰ আৰু পাপানাচাম প্রকল্পই কইম্ব’টোৰ, মাদুৰাই, মেটোৰ, চালেম আদি স্থানত সূতাকাটা উদ্যোগ স্থাপনত গুৰুত্বপূর্ণ ভূমিকা লৈছে।

(গ) কম মজুৰীঃ বনুৱাৰ কম মজুৰীয়েও কাপহ কলবোৰক বহুতো অন্তর্দেশীয় অঞ্চললৈ আকৰ্ষিত কৰিছে। মুম্বাই আৰু আহমেদাবাদৰ তুলনাত আন আন ভিতৰুৱা অঞ্চলবোৰৰ বনুৱাবোৰৰ মজুৰী কম। উদাহৰণস্বৰূপে চোলাপুৰ, বাগপুৰ, ঢুলীয়া, কইম্ব’টোৰ আদি ঠাইত বনুৱাৰ মজুৰী মুম্বাই, আহমেদাবাদ আদিতকৈ কম।

(ঘ) অন্যান্য সুবিধাঃ চহৰতকৈ আন অঞ্চলত ঠাই বেছি, ভাড়া, কৰ আদি সৰু অঞ্চলত কম। স্থানীয় বজাৰৰ সুবিধাও এটা উদ্যোগ স্থাপনৰ কাৰক।

এনেদৰে কপাহী বয়ন উদ্যোগ ভাৰতৰ বিভিন্ন অংশলৈ সম্প্ৰসাৰিত হৈছে। 

20. ভাৰতীয় অৰ্থনীতিত উদ্যোগখণ্ডৰ ভূমিকা কেনেধৰণৰ? (What is the role of industry in Indian economy?) 

উত্তৰঃ উদ্যোগখণ্ডৰ প্ৰভাৱ অৰ্থনীতিত যথেষ্ট গুৰুত্বপূর্ণ। 

উদ্যোগকৰণে দ্রুত অর্থনৈতিক উন্নয়নত বিভিন্ন ধৰণে অৰিহণা যোগায়—

(ক) উদ্যোগীকৰণৰ ফলত জনমূৰি আয় বৃদ্ধি হয়।

(খ) উদ্যোগীকৰণে অন্যান্য খণ্ডত হোৱা নিবনুৱাক সংস্থাপন দিয়ে।

(গ) উদ্যোগীকৰণে অৰ্থনৈতিক গতিশীলতা জনৰ লগতে প্ৰগতিশীল সমাজ গঠনত অৰিহণা যোগায়।

ভাৰতৰ উদ্যোগখণ্ডইয়ো উপৰোক্ত ক্ষেত্ৰবোৰত যথেষ্ট অৰিহণা যোগাইছে। এই খণ্ডই কৌশলী আৰু অন্য কৌশলী শ্রমিকক নিযুক্তি দিছে, কাৰিকৰি কৌশল উদ্ভাৱন, মূলধনজাত দ্ৰৱ্য উৎপাদনত সহায় কৰিছে আৰু ঘৰুৱা উৎপাদনলৈ অৰিহণা যোগাইছে। উদ্যোগজাত সামগ্ৰীৰ আমদানিৰ পৰিমাণো হ্ৰাস পাইছে।

ভাৰতত থকা পুৰণি আৰু বৃহৎ উদ্যোগ যেনে লো-তীখা, মৰাপাট, কপাহ বস্ত্ৰ, চিমেন্ট উদ্যোগখণ্ডই বহু লোকক সংস্থাপন দিছে। গ্ৰাম্য সম্পদৰ সঞ্চালন, নিয়োগ আৰু উচ্চ পৰ্যায়ৰ আয় আহৰণ, পৰিবহণ আৰু যোগাযোগৰ সুবিধা আগবঢ়াই এই উদ্যোগ গ্ৰাম্য অঞ্চলৰ আর্থ সামাজিক উন্নয়নত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

ভাৰতীয় অর্থনীতিত ক্ষুদ্র উদ্যোগে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। খাদী, গ্রাম্য উদ্যোগ, হস্তশিল্প, ৰেচম, হস্ততাঁত আহ ক্ষুদ্ৰ পৰ্যায়ৰ উদ্যোগ, বিদ্যুতচালিত তাঁতশাল আদি ক্ষুদ্র বা কুটীৰ শিল্পৰ অন্তৰ্গত। মুঠ উৎপাদনৰ প্ৰায় ৪০ শতাংশ এই উদ্যোগৰ পৰা উৎপাদন হয়; স্থানীয়ভাৱে প্ৰাপ্ত সম্পদ সঞ্চালন আৰু বিনিয়োগ কৰে। অতি কম আয় কৰা লোকেও এনে উদ্যোগ স্থাপন কৰিব পাৰে। জনসাধাৰণৰ দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু জীৱনধাৰণৰ মানদণ্ড উন্নত কাৰত ই যথেষ্ট অৰিহণা যোগায়।

21. পৃথিৱীৰ কপাৰ আৰু এলুমিনিয়ামৰ বিতৰণ আৰু উৎপাদনৰ বিষয়ে লিখা। (Write about the distribution and production of earth cotton and aluminum.) 

উত্তৰঃ পৃথিৱীৰ প্ৰধান কপাৰ উৎপাদনকাৰী দেশবোৰ আমেৰিকা, চিলি, পেৰু, কানাডা, কংগো, ইণ্ডোনেচিয়া, ৰাছিয়া আদি। আমেৰিকা প্ৰধান কপাৰ উৎপাদনকাৰী অঞ্চবোৰ হ’ল এৰিজনা, ওটাহ, মন্টানা, নিউ মেক্সিকো আৰু নেভাদা।

চিলিৰ খনিবোৰ অধিকসংখ্যক এণ্ডিচৰ পশ্চিমত। কাটাংগা আৰু ৰ’ডেছিয়া জিলা দুখন আগশাৰীৰ কপাৰ উৎপাদনকাৰী অঞ্চলৰ ভিতৰত অন্যতম।

ভাৰতত সংৰক্ষিত আকৰিক কপাৰৰ পৰিমাণ ৪০ কোটি টন। ভাৰতৰ প্ৰধান বলয়বোৰ সিংভূম আৰু হাজাৰিবাগত অৱস্থিত। খনিবোৰ ম’চাবানি, ঘাটশিলা, থ’বানি, বাদিয়া, বিহাৰৰ

হাজাৰিবাগ, ৰাজস্থানৰ ক্ষেত্ৰী আৰু দাৰিবা অঞ্চল আৰু অন্ধ্ৰপ্ৰদেশৰ অগ্নিগুন্দালাত অৱস্থিত। হিমালয়ৰ পাদদেশ, কৰ্ণাটক, ছিক্কিম আৰু গুজৰাটতো কপাৰ পোৱা যায়। কৰ্ণাটৰ মুখ্য কপাৰ বহনকাৰী অঞ্চল হ’ল চিত্রদুর্গা, কালায়াদী আৰু থিনথুনি। ২০০৬ চনত ভাৰতৰ মুঠ কপাৰ উৎপাদন আছিল ৩৪.৮৩ লাখ মেট্রিক টন। পৃথিৱীৰ মুঠ কপাৰ উৎপাদন হৈছিল ৩৫০ মিলিয়ন মেট্রিক টন (২০০৬ চনত)। তাৰ ভিতৰত আমেৰিকাই উৎপাদন কৰিছিল ২৮ মিলিয়ন মেট্রিক টন। চিলি ২৩.৫৫ মিলিয়ন মেট্রিক টন, পেক ২৪.১৫ মিলিয়ন মেট্রিক টন, কানাডা ১৪ মিলিয়ন মেট্রিক টন, কংগো ৩১.৫০ মিলিয়ন মেট্রিক টন কপাৰ উৎপাদন কৰিছিল।

তালিকাঃ ২০১১ চনৰ পৃথিৱীৰ কেইখনমান দেশৰ কপাৰ উৎপাদন। এলুমিনিয়াম চাৰিটা উপাদানেৰে গঠিত ক্রাইয়লাইট, ক’ৰুনডাম, কেৱলিন, বক্সাইট।

ক্রাইয়লাইট গ্রীণলেণ্ডৰ পশ্চিম উপকূলত যথেষ্ট পৰিমাণে পোৱা যায়। বক্সাইট মুখ্যতঃ ক্রান্তীয় জলবায়ুত পোৱা যায়। ভাৰতত চাৰিটা নিৰ্দিষ্ট অঞ্চলত বক্সাইট পোৱা যায়। সেইবোৰ হ’ল দাক্ষিণ্যতাৰ ‘ডেক্কান ট্ৰেপ’ অঞ্চল। এই অঞ্চলটোত মহাৰাষ্ট্ৰ আৰু সৌৰাষ্ট্ৰৰ কলহাপুৰ, হালাৰ, খৈৰা, খানা, ৰত্নগিৰি জিলা, তামিলনাডুৰ ছালেম জিলা, কৰ্ণাটকৰ বাবাবুদান পাহাৰ আৰু বেলগাওঁ অন্তর্ভুক্ত। দ্বিতীয়টো বিহাৰৰ ৰাঁচী আৰু পালামু জিলাৰ মালভূমি অঞ্চল। এই অঞ্চলৰ লোহাৰদাগা, উৰিষ্যাৰ চম্বলপুৰ আৰু কালাহান্দিত বক্সাইট পোৱা যায়। মধ্যপ্ৰদেশৰ জব্বলপুৰ, কাশ্মীৰৰ পুঞ্চ আৰু ৰিয়াচি অঞ্চলত বাক্সাইট পোৱা যায়। ভাৰতত প্ৰায় ২৫০ নিযুত টন বক্সাইট সঞ্চিত হৈ আছে।

আমেৰিকা, কানাডা, জাৰ্মানী, জাপান, নৰৱে, ব্ৰিটেইন আদি দেশে শীর্ষস্থানীয় এলুমিনিয়াম উৎপাদনকাৰী দেশ।

তলত কেইখনমান এলুমিনিয়াম উৎপাদনকাৰী দেশৰ উৎপাদন দেখুওৱা হ’ল—

22. ভাৰতৰ কপাহী বয়ন উদ্যোগসমূহৰ বিতৰণৰ বিষয়ে লিখা। (Write about the cotton weaving industry in India.)

উত্তৰঃ ভাৰতৰ কপাহী বস্ত্ৰশিল্প বা বয়ন শিল্প বহু পুৰণি। অতীতৰ পৰা এই শিল্প চলি আহিছে। কপাহী বয়ন শিল্পৰ বাবে প্রয়োজনীয় কেঁচামাল হ’ল কপাহ। কপাহ খেতিৰ মাটিৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। ভাৰতত তিনিও প্ৰকাৰৰ কপাহৰ খেতি কৰা হয়। বস্তু উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় তাৰোপৰি এই বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্র-পাতি, ৰং, ৰাসায়নিক দ্ৰৱ্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকা বাবে মহাৰাষ্ট্ৰ আৰু গুজৰাট অঞ্চলতেই আধিকতৰ কপাহী বয়ন উদ্যোগ গঢ়ি উঠিছে। বর্তমান ভাৰতৰ প্রধান কপাহী বয়ন উদ্যোগ থকা প্রধান কেন্দ্ৰসমূহ হ’ল— আহমেদাবাদ, ভিৱাণ্ডী, চোলাপুৰ, কোলহাপুৰ, নাগপুৰ, ইন্দোৰ আৰু উঞ্জয়িনী। ভাৰতে দেশৰ আভ্যন্তৰীণ কল-কাৰখানাৰ বাবে কেঁচা কপাহৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে কেঁচা কপাহৰ ৰপ্তানি বন্ধ কৰিছে। সৰু সুৰাকৈ দেশৰ বিভিন্ন স্থানত কপাহী বয়ন উদ্যোগ গঢ়ি উঠিছে।

23. ভাৰতৰ লো-তীখা উদ্যোগৰ বিষয়ে লিখা। (Write about the iron and steel industry in India.)

উত্তৰঃ লো-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। পুৰণিকালৰ পৰা লো তৈয়াৰ কৰা উদ্যোগ চলি আছে। ভাৰতবৰ্ষত প্ৰথম তীখা উদ্যোগ ১৮৭০ চনত পশ্চিমবংগৰ কুলটিত স্থাপন কৰা হৈছিল। লো-তীখা উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামাল হ’ল আকৰিক লো, চূণশিল, ড’ল’মাইট, মেংগানিজ আৰু পোৰামাটি। বেছি ওজন আৰু আয়তনযুক্ত কেঁচামালৰ প্রয়োজন হয় বাবে এই উদ্যোগ লোৰ খনিৰ ওচৰতে গঢ়ি উঠে। তদুপৰি উৎপাদিত গধুৰ সামগ্ৰী পৰিবহনৰ বাবে সুচল যাতায়তৰো প্ৰয়োজন হয়। ১৯০৭ চনত জামছেদপুৰত লো আৰু তীখা কোম্পানী আৰু ১৯১৯ চনত বাৰ্ণপুৰত ভাৰতীয় লো আৰু তীখা কোম্পানী স্থাপন হোৱাৰ পিছত দেশত এই উদ্যোগ নতুন গতি লাভ কৰে। ভাৰতবৰ্ষৰ প্ৰধান লো তীখা উদ্যোগবোৰ হ’ল— জামছেদপুৰৰ টাটা লো-তীখা উদ্যোগ, বার্ণপুৰ লো-তীখা উদ্যোগ, ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগ, ৰুৰকেল্লা তীখা উদ্যোগ, ভিলাই তীখা উদ্যোগ দুর্গাপুৰ তীখা উদ্যোগ, বিজয়নগৰ তীখা উদ্যোগ, বিশাখাপট্টনম তীখা উদ্যোগ আদি। উৎপাদনত হোৱা অত্যাধিক ব্যয়, ইন্ধনৰ নাটনি, দক্ষ কৰ শ্ৰমিক আৰু অন্যান্য আন্তঃগাথনিক দুৰ্বলতাৰ যাবে লো-তীখা উদ্যোগে বর্তমানেও আশানুৰূপ ফল দেখুৱাব পৰা নাই।

24. আহমেদাবাদত কপাহী বয়ন শিল্প গঢ়ি উঠাৰ কাৰণসমূহ উল্লেখ কৰা। (Discuss the reasons for the development of cotton weaving industry in Ahmedabad.) 

উত্তৰঃ আহমেদাবাদত কপাহী বয়ন শিল্প গঢ়ি উঠাৰ কাৰণসমূহ হ’ল—

(ক) স্থানীয় তাঁতীসকলৰ পুৰুষানুক্ৰমে চলি অহা দক্ষতা ৷

(খ) গুজৰাটী পুঁজিপাতি ব্যৱসায়ীসকলৰ আগ্ৰহ আৰু পৃষ্ঠপোষকতা।

(গ) স্থানীয়ভাৱে পোৱা কেঁচা কপাহ।

(ঘ) এই অঞ্চলৰ আৰ্দ্ৰ জলবায়ুৱে উন্নত সূঁতা উৎপাদনত সহায় কৰে।

(ঙ) ইজিপ্ত আৰু চুডানৰ পৰা কেঁচা কপাহ মুম্বাই বন্দৰেদি আমদানি কৰাৰ সুবিধা।

(চ) দেশৰ ভিতৰুৱা অঞ্চলসমূহৰ লগত যাতায়াত আৰু যোগাযোগৰ সুব্যৱস্থা।

25. ভাৰতত কপাহী বয়ন উদ্যোগৰ ভৌগোলিক বিস্তৃতি আৰু দেশৰ অৰ্থনীতিত এই উদ্যোগৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। (Discuss the expansion of India’s cotton weaving industry and the importance of this industry in the country’s economy.) 

উত্তৰঃ ১৮৫৪ চনত মুম্বাই চহৰত ভাৰতৰ প্ৰথমটো যন্ত্রচালিত কাপোৰৰ কল প্রতিষ্ঠা হয়। বৰ্তমান ভাৰতৰ প্ৰায় আশীখনমান চহৰত কপাহী কাপোৰ অথবা কপাহী সূঁতা প্ৰস্তুত কৰা যন্ত্রচালিত কলসমূহ সিঁচৰিত হৈ থকা দেখা যায়। দেশৰ কপাহ খেতিৰ প্ৰধান অঞ্চল দুটাত, অর্থাৎ উত্তৰ-পশ্চিম ভাৰত আৰু গুজৰাটৰ পৰা তামিলনাড়ু পর্যন্ত বিস্তৃত বলয়টোত দেশৰ ৪০ শতাংশ কাপোৰৰ কল কেন্দ্ৰীভূত হোৱা দেখা যায়। মহাৰাষ্ট্ৰৰ মুঠ ১২৫ টা কলৰ ভিতৰত ৬৩ টা মুম্বাই চহৰত অৱস্থিত। কোলহাপুৰ, সাতাৰা, ৱৰ্ধা, নাগৰুক, আকোলা, শোলাপুৰ, পুনে, অমৰাৱতী, জলগাঁও প্রভৃতি চহৰসমূহত বাকীসমূহ কল সিঁচৰিত হৈ আছে। গুজৰাটৰ ১১৮ টা কলৰ ভিতৰত আহমেদাবাদত ৭৩ টা আৰু বাকী ৪৫ টা কল বড়োদৰা, ৰাজকোট, ভৱনগৰ, পোৰবন্দৰ প্ৰভৃতি স্থানত অৱস্থিত। 

তামিলনাডুৰ ৪৪০ টা বয়ন শিল্প প্ৰতিষ্ঠানৰ ২০০ টা কইম্বাটোৰত অৱস্থিত। চেন্নাই, মাদুৰাই, তিৰুচিৰাপল্লী, তিৰুনেলৱেল্লী, চালেম, টুটিকোৰিণ প্ৰভৃতি চহৰসমূহত বাকীবোৰ প্ৰতিষ্ঠান সিঁচৰিত হৈ আছে। ভাৰতৰ বিকেন্দ্ৰীকৃত বয়ন উদ্যোগসমূহৰ উত্তৰ প্ৰদেশত ৫২ টা, পশ্চিমবংগত ৩৮ টা, কৰ্ণাটকত ৩২ টা, কেৰেলাত ২৬ টা, ৰাজস্থানত ১৮ টা আৰু মধ্যপ্ৰদেশত ২৪ টা কল আছে। কৰ্ণাটকৰ কপাহ কলসমূহ ঘাইকৈ ৰাজ্যখনৰ উত্তৰ-পূব অৱস্থানৰ কপাহ খেতিৰ অঞ্চলটোত গঢ়ি উঠা দেখা যায়। দেৱানগিৰি, হুবলী, বেলাড়ি, মহীশূৰ আৰু বাংগালুডু প্রভৃতি চহৰসমূহ ৰাজ্যখনৰ কপাহী বয়ন উদ্যোগৰ প্ৰধান কেন্দ্ৰ। 

অন্ধ্ৰপ্ৰদেশৰ তেলেংগানাৰ অন্তৰ্গত কপাহ খেতিৰ বলয় অৱস্থানত ইয়াৰ সৰ্বাধিক সম্প্ৰসাৰণ ঘটা দেখা যায়। হায়দৰাবাদ, চিকান্দ্ৰবাদ, কাজীপেট আৰু গুন্টুৰ প্রভৃতি চহৰবোৰত এই উদ্যোগ অধিক ঘনীভূত ৰূপত পোৱা যায়। উত্তৰ প্ৰদেশৰ মোদীনগৰ, চৰহানপুৰ, হাথৰস্‌, আগ্রা, লক্ষ্ণৌ আৰু কানপুৰ চহৰত ভালেমান কাপোৰৰ কল দেখা যায় পশ্চিমবংগত মহানগৰমুখী প্ৰৱণতা আৰু প্ৰাক্ বৃটিছ যুগৰ মুৰ্চীদাবাদকেন্দ্ৰীক বয়ন উদ্যোগ পৰম্পৰাৰ যৌথ আকৰ্ষণৰ ফলস্বৰূপে কলকতা মহানগৰীৰ উপৰি হুগলী নদীৰ পাৰে হাওৰা, শ্ৰীৰামপুৰ, শ্যামনগৰ প্ৰভৃতি ঠাইত কপাহী বয়ন উদ্যোগে গা কৰি উঠি দেখা যায়। 

ভাৰতীয় অর্থনীতিত কপাহী বয়ন উদ্যোগৰ গুৰুত্বঃ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দেশৰ পাছতেই। কপাহী কাপোৰ ৰপ্তানিৰ ক্ষেত্ৰতো

ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। তদুপৰি এই উদ্যোগ শ্রমকেন্দ্রীক হোৱাৰ বাবে দেশৰ আন যিকোনো উদ্যোগ খণ্ডতকৈ অধিক সংখ্যক শ্রমিক নিয়োগৰ সুবিধাও লাভ কৰিছে। ভাৰতত এই উদ্যোগৰ সামগ্রিক উন্নয়নৰ প্ৰতিচ্ছবিখন তলৰ তালিকাখনৰ পৰা জানিব পাৰি—

26. মুম্বাইত কপাহী বয়ন শিল্প গঢ়ি উঠাৰ কাৰণসমূহ আলোচনা কৰা। (Discuss the reasons behind the development of cotton weaving industry in Mumbai.)

উত্তৰঃ মুম্বাইত কপাহী বয়ন শিল্প গঢ়ি উঠাৰ কাৰণসমূহ হ’ল—

(ক) দক্ষিণ ভাৰতৰ লাভাযুক্ত ক’লা মাটিত কপাহৰ খেতি ভাল হয়। মুম্বাই কপাহ ৰপ্তানিৰ কেন্দ্র হোৱা বাবে সকলো ঠাইৰ পৰা কপাহ আহি ইয়াত জমা হয় আৰু সেইবাবে কলবোৰৰ কেঁচা কপাহ পোৱাত অসুবিধা নাই।

(খ) এই অঞ্চলৰ মৃদু সেমেকা জলবায়ু মিহি সূঁতা উৎপাদনৰ বাবে বিশেষ উপযোগী।

(গ) প্ৰথম অৱস্থাত ইয়াৰ কলবোৰ চলাবৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰবানৰ পৰা কয়লা সস্তীয়া জলপথেৰে আমদানী কৰি অনা হৈছিল। পিছত পশ্চিমঘাট পর্বতৰ নৈসমূহত উৎপাদিত জলবিদ্যুৎ এই কলবোৰে সহজে পাব পৰা হ’ল।

(খ) এই অঞ্চলটোত স্থানীয় বনুৱাও সৰহ। কনকান, ছাতাৰা, ৰত্নগিৰি আদি উপকূলীয় জিলাসমূহ আৰু দাক্ষিণাত্যৰ অন্যান্য অঞ্চলসমূহৰ পৰা বনুৱাৰ যোগান ধৰা হয়। 

(ঙ) মুম্বাই বন্দৰেদি এই অঞ্চললৈ বিদেশী সুদক্ষ কাৰিকৰ, যন্ত্রপাতি আদি আমদানি কৰা আৰু উৎপাদন কৰা সূঁতা আৰু কাপোৰ ৰপ্তানি কৰা সহজ।

(চ) মুম্বাই প্রধান জংচন বাবে ই ভিতৰুৱা কেঁচামাল উৎপাদনকাৰী অঞ্চল আৰু উৎপাদিত সামগ্ৰীৰ বজাৰসমূহৰ মাজত ভাল যাতায়াত ব্যৱস্থা আছে। 

(ছ) স্থানীয় চাহিদা প্রচুৰ বাবে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে এখন ভাল বজাৰ পোৱা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top