Economic Geography Unit 1 ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস,

Economic Geography Unit 1 ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 1 ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 1 ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস Question Answer can be of great value to excel in the examination.

Economic Geography Unit 1 ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস

Join Telegram channel

Economic Geography Unit 1 ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভূমিকাঃ অর্থনৈতিক ক্রিয়াকলাপৰ ধাৰণা আৰু শ্ৰেণীবিন্যাস

ECONOMIC GEOGRAPHY

অৰ্থনৈতিক ভূগোল

অতি চমু প্ৰশ্নোতৰ

1. লো- তীখা উৎপাদন_____বৃত্তিৰ উদাহৰণ। (_____occupation is the example of Iron Steel Production.)

(ক) প্রাথমিক (Primary)।

(খ) দ্বিতীয়ক (Secondary)।

(গ) তৃতীয়ক (Twetiary)।

(ঘ) এটাও নহয় (none of this)।

উত্তৰঃ (খ) দ্বিতীয়ক।

2. চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ত কৰা কামবোৰ— (The work done by government and private offices—) 

(ক) প্রাথমিক বৃত্তি (Primary occupation)।

(খ) দ্বিতীয়ক বৃত্তি (Secondary occupation)।

(গ) তৃতীয়ক বৃত্তি (Tertiary occupation)।

উত্তৰঃ (গ) তৃতীয়ক বৃত্তি।

3. চিমেন্ট কাৰখানা কিহৰ ওচৰত অৱস্থিত? (The cement factory is located in front of what?)

(ক) লো-তীখা উদ্যোগ (Iron steel industry)।

(খ) শক্তি উদ্যোগ (Energy industry)। 

(গ) কয়লা খনি (Coal mine)।

(ঘ) লাইমষ্ট’ন আৰু বক্সাইট উদ্যোগ (Limestone and bauxite industry)।

উত্তৰঃ (ঘ) লাইমষ্ট’ন আৰু বক্সাইট উদ্যোগ।

4. যিবোৰ দেশৰ মাটি জনসংখ্যাৰ তুলনাত অধিক তাত— (In countries where the soil is larger than the population—)

(ক) গহন কৃষি (Agriculture)।

(খ) বিস্তৃত কৃষি (Extensive agriculture)।

(গ) ৰোপণ কৃষি (Planting agriculture)।

(ঘ) মিশ্র কৃষি (Mixed agriculture)।

উত্তৰঃ (খ) বিস্তৃত কৃষি।

5. অর্থনৈতিক কাম-কাজ বুলিলে কি বুজা? (What do you mean by economic activities?) 

উত্তৰঃ মানুহে অৰ্থ উপাৰ্জনৰ বাবে কৰা কাম-কাজসমূহকে অর্থনৈতিক কাম-কাজ বোলে।

6. অর্থনৈতিক ভূগোল কি? (What is economic geography?)

উত্তৰঃ ভূগোল বিজ্ঞানৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত মানুহৰ কাৰ্য অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

7. উত্তৰ-পূব ভাৰতত লোকসকলৰ অৰ্থনৈতিক কার্যকলাপ মূলতঃ কিহৰ সৈতে জড়িত? (With whom is the economic activity of the people of North East India mainly involved?)

উত্তৰঃ কৃষিৰ সৈতে।

8. উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া লোকসকলে মূলতঃ কি কি প্ৰথাৰে খেতি কৰে? (What are the main types of farming in the hills of North East India?)

উত্তৰঃ ঝুম আৰু বেদিকা।

9. উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যৰ বিদ্যুত শক্তি উৎপাদনৰ সম্ভাৱ্য পৰিমান বেছি? (Which of the following states of North East India has the highest potential for power generation?)

উত্তৰঃ অৰুণাচল প্ৰদেশৰ।

10. কোনবোৰ দেশত প্ৰাথমিক বৃত্তিধাৰী লোকৰ সংখ্যা অধিক? (Which countries have the highest number of primary occupation holders?)

উত্তৰঃ অনুন্নত দেশবোৰত।

11. কোনবিলাক দেশত দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিধাৰী লোকৰ সংখ্যা অধিক? (Which countries has the second and third highest number of occupation holders?) 

উত্তৰঃ উন্নত দেশবোৰত।

12. পশুপালন, চিকাৰ কোন বৃত্তিৰ অন্তৰ্গত? (Animal husbandry belongs to which occupation?)

উত্তৰঃ প্রাথমিক বৃত্তি।

13. মহানগৰ অঞ্চলৰ কেন্দ্ৰস্থলত কোন বৃত্তিৰ অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি উঠে? (In the center of the metropolitan area, which occupational organization was formed?)

উত্তৰঃ দ্বিতীয়ক বৃত্তি।

14. পাহাৰীয়া অঞ্চলৰ লোকসকলৰ প্ৰধান বৃত্তি কোন ধৰণৰ? (What is the main type of occupation of the people in the hills?)

উত্তৰঃ প্ৰাথমিক বৃত্তি।

15. মালয়েছিয়াৰ আদিবাসীসকলৰ প্ৰধান বৃত্তি কি? (What is the main occupation of the indigenous people of Malaysia?)

উত্তৰঃ হাবিৰ ফল-মূল সংগ্ৰহ কৰা।

16. তৃতীয়ক বৃত্তিধাৰী লোকৰ সংখ্যা কিদৰে বৃদ্ধি পায়? (How does the number of third occupational people increase?)

উত্তৰঃ দ্বিতীয়ক বৃত্তিৰ অনুষ্ঠান-প্রতিষ্ঠানবোৰ অধিকতৰ গঢ়ি উঠাৰ লগে লগে তাত বাস কৰিবলৈ লোৱা তৃতীয়ক বৃত্তিধাৰী লোকৰ সংখ্যা বাঢ়ি যায়।

17. অঘৰী প্ৰজাতি কেইটামানৰ নাম লিখা? (Write the names of some of the nomadic species?)

উত্তৰঃ বেদুইন, পিগমি, বুছমেন, খিৰঘীজ।

18. মানুহৰ বৃত্তি কি? (What is human occupation?) 

উত্তৰঃ মানুহে যি কাৰ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে তাকে বৃত্তি বোলে।

19. মানুহৰ প্ৰধান বৃত্তি কেইটা আৰু কি কি? (What are the main occupations of human beings and what are they?)

উত্তৰঃ তিনিটা— (ক) প্রাথমিক বৃত্তি (খ)দ্বিতীয়ক বৃত্তি (গ) তৃতীয়ক বৃত্তি। 

20. দ্বিতীয়ক বৃত্তিৰ উদাহৰণ দিয়া। (Give an example of a secondary occupation?) 

উত্তৰঃ কৃষিৰ পৰা বিভিন্ন দ্রৱ্য উৎপন্ন কৰাটো দ্বিতীয়ক বৃত্তি।

21. তৃতীয়ক বৃত্তিধাৰী লোকসকল কোন হয়? (Who are the third occupational people?) 

উত্তৰঃ বিভিন্ন বিদ্যালয়ত বা অনুষ্ঠান আদিত কাম কৰি সেৱা কৰা লোকসকল তৃতীয়ক বৃত্তিধাৰী লোক।

22. কেইবিধমান প্রাথমিক বৃত্তিৰ উদাহৰণ দিয়া। (Give some examples of primary occupational.) 

উত্তৰঃ পশুপালন, মাছমৰা, কাঠ-কটা, চিকাৰ, কৃষি আদি।

23. কোনবোৰ বৃত্তিধাৰী লোকক ‘Red-collar Worker’ বোলে? (Which occupation holders are called ‘red-collar workers’?) 

উত্তৰঃ প্ৰাথমিক বৃত্তিধাৰী লোকসকলক।

24. ‘Blue-collar Worker’ আৰু ‘Pink-collar Worker’ কোন? (Who are ‘Blue-collar workers’ and ‘Pink-collar workers’?) 

উত্তৰঃ দ্বিতীয়ক বৃত্তিধাৰী লোকসকলক Blue-collar Worker আৰু তৃতীয়ক বৃত্তিধাৰী লোকসকলক Pink-collar Worker বোলে।

25. পৃথিৱীৰ মুখ্য পেট্রলিয়াম উৎপাদনকাৰী দেশ কেইখনমানৰ নাম লিখ? (Write the names of the world’s major petroleum producing countries?)

উত্তৰঃ ইৰাণ, ইৰাক, চৌডি আৰৱ, আমেৰিকা আদি। 

26. জীৱাশ্ম ইন্ধন সদায় একে নথকাৰ কাৰণ কি? (What is the reason that fossil fuels are not always the same?)

উত্তৰঃ এইবোৰক নতুনকে সৃষ্টি কৰিব নোৱাৰি।

27. অপৰম্পৰাগত শক্তি সম্পদৰ কেইটামান উদাহৰণ দিয়া। (Give some examples of conventional energy resources?) 

উত্তৰঃ সৌৰশক্তি, বতাহশক্তি, জোৱাৰ শক্তি, জৈৱ গেছ, ভূ-তাপীয় শক্তি।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. বৃত্তি বুলিলে কি বুজা? (What do you mean by occupation?) 

উত্তৰঃ বৃত্তি বুলি ক’লে সাধাৰণতে জীৱিকা উপাৰ্জনৰ বাবে মানুহে কৰা কাম-কাজকে বুজায় । জীৱিকা উপাৰ্জনৰ পথ বেলেগ বেলেগ হ’ব পাৰে কাৰণে বৃত্তিও বিভিন্ন ধৰণৰ হ’ব পাৰে। স্থান আৰু কাল ভেদে মানুহৰ অৰ্থনৈতিক ক্রিয়া-কলাপৰ পৰিৱৰ্তন ঘটিব পাৰে বাবে মানুহৰ বৃত্তিৰো পৰিৱৰ্তন ঘটিব পাৰে।

2. অর্থনৈতিক ভূগোল বুলিলে কি বুজা? (What do you mean by economic geography?)

উত্তৰঃ ভূগোলবিজ্ঞানৰ যিটো শাখাত উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলা হয়। অর্থাৎ এই পৃথিৱীত মানুহে নিজৰ বুদ্ধি-বৃত্তিৰ দ্বাৰা বেলেগ বেলেগ পৰিৱেশত নানা ধৰণৰ কাম কৰে। এই কার্যৰ বিষয়ে বিশদভাৱে কৰা অধ্যয়নে অর্থনৈতিক ভূগোলক বুজায়।

3. বর্তমান সময়ত অর্থনৈতিক ভূগোলৰ অধ্যয়নৰ গুৰুত্ব কেনে? (What is the importance of the study of economic geography at the present time?)

উত্তৰঃ বর্তমান ভূগোল বিজ্ঞানৰ বিষয়বস্তু কেৱল পৃথিৱীখনৰ বৰ্ণনাতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিসৰ যথেষ্ট বিশাল। ভূগোল বিষয়টোৱে ধৰাপৃষ্ঠত মানুহৰ দৈনন্দিন জীৱনৰ ওপৰত ভৌগোলিক পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰে। ভৌগোলিক পৰিৱেশ আৰু মানুহৰ অৰ্থনৈতিক জীৱনত ইয়াৰ প্ৰভাৱ ভূগোল বিজ্ঞানতে অধ্যয়ন কৰা হয়। পৃথিৱীৰ ভিন ভিন অঞ্চলত কি কি সামগ্রী উৎপাদন হয়। এইবোৰৰ বিতৰণ, আমদানি-ৰপ্তানি আদিৰ বিষয়ে জনাটো প্ৰত্যেকৰে বাবে নিশ্চয়কৈ প্ৰয়োজন। ইয়াৰ সমসাময়িকভাৱে মানুহৰ জীৱিকা, চাল- চলন, জীৱন ধাৰণ সকলো নিৰ্ভৰ কৰে। গতিকে এইবোৰৰ বিষয়ে বিশদভাৱে জানিবলৈ আমি অর্থনৈতিক ভূগোল অধ্যয়ন কৰিব লাগিব।

4. অর্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া। (Define economic geography) 

উত্তৰঃ ভূগোল বিজ্ঞানৰ যিটো শাখাত উৎপাদন, সম্পদৰ বিতৰণ তথা বিনিময়ৰ মতে সংযুক্ত মানুহৰ কাৰ্যকলাপসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে অর্থনৈতিক ভূগোল বোলে। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ মানুহৰ কার্যকলাপ ভিন ভিন? পৃথিৱীখনৰ প্ৰাকৃতিক পৰিৱেশৰ ভিত্তিত মানুহৰ বৃত্তিৰ ভিন্নতা দেখা যায়। মানুহৰ জীৱিকা নিৰ্বাহ প্ৰণালী, পৰিবহণ, বসতি, বিতৰণ আদিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয় অর্থনৈতিক ভূগোলত। কিছুমান বিশেষ অঞ্চলত কিয় আৰু কেনেকৈ নির্দিষ্ট অর্থনৈতিক কার্যকলাপ গঢ়ি উঠে, সেই বিষয়ে আলোচনা কৰা শাখাটোৱেই হ’ল অর্থনৈতিক ভূগোল। অর্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হ’ল– সম্পদ উৎপাদন, সম্পদৰ বিতৰণ, সম্পদৰ সংৰক্ষণ।

5. বৃত্তি প্ৰধানকৈ কেই প্ৰকাৰৰ? উদাহৰণ দি প্ৰত্যেকৰে নাম লিখা। (What are the main types of occupation? Write each name with examples?)

উত্তৰঃ বৃত্তিক প্ৰধানকৈ চৰিটা ভাগত বিভক্ত কৰিব পাৰি– (ক) প্ৰাথমিক বৃত্তি (খ) দ্বিতীয়ক বৃত্তি (গ) তৃতীয়ক বৃত্তি আৰু (ঘ) চতুৰ্থক বৃত্তি। 

(ক) প্রাথমিক বৃত্তিৰ উদাহৰণঃ কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ আদি।

(খ) দ্বিতীয়ক বৃত্তিৰ উদাহৰণঃ ধানৰ পৰা চাউল উলিয়াবলৈ বা চাউলৰ পৰা শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ উদ্যোগৰ সহায় লোৱাটো দ্বিতীয়ক বৃত্তিৰ কাৰ্য। 

(গ) তৃতীয়ক বৃত্তিৰ উদাহৰণঃ উৎপাদিত সামগ্ৰীৰ বিতৰণ ব্যৱস্থাৰ বাবে যাতায়ত পৰিবহণ, খুচুৰা বিক্ৰী, পাইকাৰী বিক্ৰী আদি সকলো ধৰণৰ ব্যৱসায়ত নিয়োজিত হৈ থকা বা স্বাস্থ্য, শিক্ষা, পর্যটন আদি সেৱাতো নিয়োজিত হৈ থকা মানুহৰ কাৰ্যকলাপ তৃতীয়ক বৃত্তিৰ অন্তৰ্গত।

(ঘ) চতুর্থক বৃত্তিঃ বেংক, বিত্তীয়, বাণিজ্য, প্ৰচাৰ মাধ্যম, জীৱন বীমা, প্রশাসন, গৱেষণা আদি চতুৰ্থক বৃত্তিৰ অন্তৰ্গত আৰু এই বৃত্তিটোৱে বাকী তিনিটা বৃত্তি বা অর্থনৈতিক কাম-কাজ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই আগবঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

6. অর্থনৈতিক ভূগোলৰ কার্যক্ষেত্ৰৰ বিষয়ে লিখা। (Write about the scope of economic geography.) 

উত্তৰঃ অর্থনৈতিক ভূগোল, ভূগোল বিজ্ঞানৰ এটা শাখা যদিও ইয়াৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰ বহল। বর্তমান অর্থনৈতিক ভূগোল বিজ্ঞানত কৃষি ভূগোল বিজ্ঞান, ঔদ্যোগিক ভূগোল বিজ্ঞান, সম্পদ ভূগোল বিজ্ঞান আদি অধ্যয়ন কৰা হয়।

পৃথিৱীৰ ভিন ভিন অঞ্চলত মানুহৰ দৈনন্দিন কাম-কাজ বেলেগ বেলেগ। কোনো অংশৰ লোকে কৃষিকাৰ্য কৰে, কোনো অংশৰ লোক শিল্পোদ্যোগ নিৰ্মাণ কৰিছে, কৰবাত ঠিকাৰ বা পশুপালন কৰে নতুবা কাৰবাত ব্যৱসায়-বাণিজ্য কৰে। ঠাই বিশেষে অর্থনৈতিক ভূগোলৰ নামাকৰণো বেলেগ বেলেগ। অর্থনৈতিক আৰু বাণিজ্যিক ভূগোলৰ বিষয়ে জানিবলৈ হ’লে অৰ্থনীতিৰ জ্ঞানৰো প্ৰয়োজন। গতিকে অর্থনৈতিক ভূগোলৰ জৰিয়তে এই বিষয়ৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। গতিকে অর্থনৈতিক ভূগোলৰ আলোচ্য বিষয়সমূহ হ’ল মানুহৰ অৰ্থনৈতিক জীৱনৰ কাম-কাজ, কৃষি, শিল্প আৰু বাণিজ্য আদিৰ ওপৰত ভৌগোলিক পৰিৱেশৰ প্ৰভাৱ। 

অর্থনৈতিক ভূগোলে মানুহৰ অৰ্থনৈতিক কার্যকলাপক প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক ভিত্তিত ভাগ কৰি অৰ্থনৈতিক জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে । মানুহৰ প্ৰয়োজন অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত নানা ধৰণৰ সা-সামগ্রী উৎপাদন কৰা হয়। অৱশ্যে সকলো অঞ্চলৰে উৎপাদন সামগ্রী বা উৎপাদন পদ্ধতি বেলেগ বেলেগ। আকৌ কিছুমান দেশে প্রয়োজনতকৈ কম আৰু কিছুমান প্রয়োজনতকৈ অধিক উৎপাদন কৰে। আকৌ সকলোৱে নিজৰ প্ৰয়োজনীয় সকলো বস্তু উৎপাদন কৰিব নোৱাৰে। অভাৱবোৰ পূৰণ কৰিবলৈ আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে বিভিন্ন দেশৰ মাজত ব্যৱসায়-বাণিজ্য বা আমদানি-ৰপ্তানিৰ বিষয়ে আলোচনা কৰিবলগীয়া হয়। এই সকলোবোৰ অৰ্থনৈতিক ভূগোলৰ আলোচ্য বিষয়বস্তু।

৭। অর্থনৈতিক উন্নয়নে বৃত্তিৰ পৰিৱৰ্তন কেনেকৈ ঘটাই লিখা। (Write how economic development changes the occupation?) 

উত্তৰঃ সম্পদৰ সুপৰিচালনা আৰু উৎপাদন ব্যৱস্থাৰ বিকাশে কোনো এখন দেশ বা এটা অঞ্চলক অর্থনৈতিক উন্নয়নৰ দিশত আগুৱাই নিয়ে। অর্থনৈতিক উন্নয়নে সংশ্লিষ্ট সমাজ আৰু সংস্কৃতিৰো উন্নয়ন ঘটায়। এনে ধৰণৰ উন্নয়নে দেশখন বা অঞ্চটোলৈ নানা ধৰণৰ পৰিৱৰ্তন আনে। ইয়াৰ ভিতৰত মানুহৰ বৃত্তিগত পৰিৱৰ্তন বিশেষভাৱে গুৰুত্বপূর্ণ।

মানুহৰ আৰ্থিক কাম-কাজ বা বৃত্তি যিহেতু অর্থনৈতিক অৱস্থাৰ লগত সম্পর্কিত সেয়ে অর্থনৈতিক পৰিৱৰ্তন বৃত্তিৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনে। এটা কৃষিভিত্তিক অঞ্চলত যদি কালক্ৰমত উদ্যোগ গঢ়ি উঠে, তেতিয়া কিছুসংখ্যক কৰ্মী কৃষিক্ষেত্ৰৰ পৰা উদ্যোগ ক্ষেত্ৰলৈ আহিবলৈ ইচ্ছা প্রকাশ কৰিবই। অর্থাৎ কিছুসংখ্যক প্রাথমিক বৃত্তিত নিয়োজিত হ’ব। ইয়াৰ দুটা কাৰণ হ’ব পাৰে—

(ক) কৃষিক্ষেত্ৰত কৰ্মীৰ সংখ্যা লগাতকৈ বেছি হ’ব পাৰে।

(খ) দ্বিতীয়ক বৃত্তিত আয় তুলনামূলকভাৱে বেছি হ’ব পাৰে।

ঔদ্যোগিক উৎপাদন অঞ্চলটোত ব্যৱসায়-বাণিজ্যৰ বাট মুকলি কৰিব আৰু সেয়ে কিছুসংখ্যক মানুহে ক্ৰমে তৃতীয়ক বৃত্তিত নিয়োগ লাভ কৰিব। এইদৰে অৰ্থনৈতিক উন্নয়নে বা পৰিৱৰ্তনে মানুহৰ বৃত্তিৰ পৰিৱৰ্তন ঘটাব পাৰে।

8. অৰ্থনৈতিক ভূগোলৰ গুৰুত্বৰ বিষয়ে লিখা। (Write about the importance of economic geography.)

উত্তৰঃ সাম্প্ৰতিক সময়ত অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ যথেষ্ট গুৰুত্ব আছে। অর্থনৈতিক ভূগোলৰ কাৰ্যক্ষেত্ৰ যথেষ্ট বহল। এই ধাৰাত মানুহে ভিন ভিন পৰিৱেশত কেনেদৰে নিজৰ বুদ্ধি-বৃত্তিৰ দ্বাৰা অৰ্থনৈতিক কার্যকলাপ সম্পাদন কৰে সেই বিষয়ে বিশদভাৱে আলোচনা কৰে। বৰ্তমানৰ ভূগোল বিজ্ঞান কেৱল পৃথিৱীৰ কথা বর্ণনা নকৰে। পৃথিৱীৰ লগতে পৃথিৱীত বসবাস কৰা লোকৰ জীৱন-ধাৰণৰ বিষয়েও আলোচনা কৰে। বৰ্তমান অনেক অঞ্চলত নানা ধৰণৰ গাওঁ, নগৰ, উদ্যোগ আদি গঢ়ি উঠিছে। গতিকে আজিৰ ভূগোলে ধৰাপৃষ্ঠৰ মানুহৰ দৈনন্দিন জীৱনৰ ওপৰত ভৌগোলিক পৰিৱেশৰ প্রভাৱৰ বিষয়ে বৰ্ণনা কৰে। 

অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ ভৌগোলিক পৰিৱেশ আৰু মানুহৰ অৰ্থনৈতিক জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ উৎপন্ন সা-সামগ্ৰী আৰু এইবোৰৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰি। লগতে ই বিভিন্ন জীৱিকাৰ বিষয়েও আলোচনা কৰে। পৃথিৱীৰ বিভিন্ন দেশৰ মাজত ব্যৱসায়-বাণিজ্য, আমদানি- ৰপ্তানিৰ বিষয়ে আলোচনা কৰা হয় অর্থনৈতিক ভূগোলত। উল্লেখনীয় যে মানুহৰ কাৰ্যকলাপৰ অৱস্থানৰ অন্তৰালত কিছুমান কাৰকে বা নীতিয়ে প্ৰভাৱ পেলায়। অর্থনৈতিক ভূগোলে অৱস্থানত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে আলোচনা কৰে।

9. মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত কেনেধৰণৰ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হ’ব পাৰে, তাৰ বিষয়ে লিখা। (What kind of environmental problems can be caused by human economic activity?)

উত্তৰঃ ধৰাপৃষ্ঠৰ পৰিৱেশৰ প্ৰভূত পৰিৱৰ্তন আৰু ক্ষয়ক্ষতি সাধন কৰে। সেয়ে পৰিৱেশত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্ৰযুক্তিৰ সহায়ত প্ৰাকৃতিক উপাদানবোৰৰ ওপৰত অধিকতৰ চাপ দিয়াৰ ফলত পৰিৱেশ নানা ধৰণে ক্ষতিগ্ৰস্থ হৈছে। বাসস্থান, ৰাস্তা ঘাট, শিল্পদ্যোগ, আস্থান আদিৰ অহৰহ নিৰ্মাণৰ ফলত নানা পাৰিৱেশিক সমস্যা গঢ় লৈ উঠিছে।

তলত কেইবিধমান পাৰিৱেশিক সমস্যার বিষয়ে আলোচনা কৰা হ’লঃ

(ক) ভূমি সমস্যাঃ মানুহৰ অৰ্থনৈতিক কার্যকলাপে আটাইতকৈ ক্ষতিসাধন কৰিছে ভূমি সম্পদক। ভূমি অৱক্ষয় (Land degradation), ভূমিস্খলন (Land sliding), মাটিৰ খনন (Soil erosion), গৰখহনীয়া (Bank erosion), মৰুকৰণ আদি ভূমিৰ বিভিন্ন সমস্যা। অপৰিকল্পিত কৃষি কাৰ্য, ঔদ্যোগীকৰণ, বন, বনাশন আদিৰ বাবে মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ,গাথঁনি বিনষ্ট হৈ মাটিৰ অৱক্ষয় হয়। বৰ্তমান পাহাৰৰ অঞ্চল কাটি তাত বাসগৃহ, ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ফলত নেৰানেপেৰা বৰষুণ হ’লে ভূমিস্খলন হয়। কেতিয়াবা ভূমিকম্পৰ ফলতো ভূমিস্খলন হয়। খেতিয়কসকলে অত্যাধিক মাটি চহোৱাৰ বাবে মাটিৰ খনন হয়।

নদীৰ দুয়োপাৰে গছ-গছনি কটাৰ ফলত বানপানীৰ সময়ত অত্যাধিক গৰাহনীয়া হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্রৱ্য, জলসিঞ্চন আদি প্রয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূ-তল জল নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰে। এনেদৰে মৰুভূমিৰ প্ৰসাৰ হ’ব পাৰে।

(খ) পানীৰ সমস্যাঃ সকলো কাৰ্যৰ বাবে পানী প্রয়োজনীয় যদিও এই পানীয়ে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য আদি পানীত দ্ৰৱীভূত হৈ বিভিন্ন ঠাইত পানী প্ৰদূষিত কৰিছে। উদ্যোগত অত্যাধিক পৰিমাণে পানী ব্যৱহাৰ কৰা বাবে উদ্যোগৰ দাঁতিকাষৰীয়া অঞ্চলবোৰৰ পানীৰ স্তৰ কমি গৈ আছে। খালি বহু অঞ্চলত পানীৰ নাটনি হয়। নগৰ-চহৰৰ মল-মূত্র, অন্যান্য আৱর্জনা, বিভিন্ন উদ্যোগৰ পৰা বর্জিত পদার্থসমূহ নলা, নর্দমা আৰু নৈত পেলাই দিয়াৰ ফলত পানী দুষিত হৈছে। নৈ বোৰে সাগৰৰ পানী প্ৰদূষিত কৰে।

(গ) বায়ু সমস্যাঃ সমসাময়িক সময়ত আটাইতকৈ ভয়াবহ ৰূপ লোৱা সমস্যাটো হ’ল বায়ুমণ্ডলত হোৱা সমস্যা। দৈনন্দিন জীৱনত ৰন্ধা-বঢ়া কৰা ফলত নিৰ্গত হোৱা ধোঁৱা, ছাই, বিভিন্ন কল-কাৰখানাৰ পৰা নিৰ্গত গেছীয় আৰু ক্ষুদ্রাতিক্ষুদ্ৰ গোটা পদাৰ্থবোৰে অহৰহ বায়ুমণ্ডলত ক্ৰিয়া কৰি আছে। এই পদাৰ্থসমূহে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰি কার্বন-ডাই-অক্সাইড, হাইড্ৰ’জেন ছালফাইড, ফ্লৰিন আদি বায়ু প্ৰদূষকৰ পৰিমাণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত বিশ্ব উত্তাপন, অজন স্তৰৰ বিন্ধা, এছিড বৰষুণ আদিৰ সৃষ্টি কৰিছে।

ইয়াৰোপৰি বৰ্তমান শব্দ প্ৰদূষণেও মানুহৰ জীৱন দুর্বিসহ কৰি তুলিছে। নগৰ-চহৰবোৰত কল-কাৰখানা, যানবাহন, লাউড স্পীকাৰ, ফটকা আদিৰ পৰা নিৰ্গত অত্যাধিক আৰু অহৰহ শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ফলত মানুহে নানা ধৰণৰ শাৰীৰিক আৰু মানসিক ৰোগৰ স্বীকাৰ হৈছে।

এনেধৰণৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা নানাধৰণৰ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে।

10. প্রাকৃতিক সম্পদ কি? ইয়াৰ ভাগসমূহ কি কি? (What are natural resources? What are its parts?) 

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

11. আমেৰিকাৰ গুৰুত্বপূৰ্ণ কয়লাক্ষেত্ৰ কেইখনমানৰ নাম লিখা। (Write the names of some of America’s most important coal fields.)

উত্তৰঃ আমেৰিকা গুৰুত্বপূৰ্ণ কয়লাক্ষেত্ৰ কেইখনমান হ’ল—

(ক) উত্তৰ এপালেছিয়ান ক্ষেত্র।

(খ) মধ্য এপালেছিয়ান ক্ষেত্র।

(গ) দক্ষিণ এপালেছিয়ান ক্ষেত্র।

(ঘ) পূব অন্তৱৰ্তী ক্ষেত্র।

(ঙ) পশ্চিম অন্তৱৰ্তী ক্ষেত্র।

(চ) ৰকি পৰ্বত ক্ষেত্ৰ।

(ছ) প্ৰশান্ত উপকূলীয়া ক্ষেত্র।

১২৷ মানুহৰ বৃত্তি বুলিলে কি বুজা? ইয়াক কেইপ্ৰকাৰে ভাগ কৰিব পাৰি? উদাহৰণেৰে আলোচনা কৰা। (What do you mean by human occupation? How can it be divided? Write with examples.)

উত্তৰঃ সাধাৰণ অৰ্থত মানুহে জীৱিকা অৰ্জনৰ বাবে কৰা কাৰ্যই বৃত্তি। মানুহক জীয়াই থাকিবলৈ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন হয়। মানুহে এই প্রয়োজনসমূহ যিবোৰ কাৰ্যৰ জৰিয়তে পুৰণ কৰে, তাকে বৃত্তি বোলে। বহল অৰ্থত মানুহে নিজৰ প্ৰয়োজন আৰু আকাংক্ষা পূৰণৰ লগতে তেওঁ বাস কৰা সমাজখনৰ আৰ্থ সামাজিক দিশৰ উন্নয়নৰ বাবে কৰা কাৰ্যই বৃত্তি। মানুহৰ প্ৰয়োজন সমূহ প্রধানতঃ তিনিটা বুলি কোৱা হয় যদিও মানুহৰ প্ৰয়োজনৰ অন্ত নাই। দিনক দিনে ই প্রয়োজন বাঢ়ি গৈ আছে। গতিকে এই প্ৰয়োজন পূৰণ কৰিবলৈ মানুহ নানা ধৰণৰ বৃত্তিত নিয়োজিত হয়। খাদ্যৰ কাৰণে মানুহে কৃষি কৰে, বস্ত্ৰৰ কাৰণে সূতা তৈয়াৰ কৰি বস্ত্ৰ উৎপাদন কৰে, বাসস্থানৰ বাবে ঘৰ দুৱাৰ সাজি লয়। এইবোৰৰ উপৰিও শিক্ষা, স্বাস্থ্য, প্ৰযুক্তিবিদ্যা আদিৰো প্ৰয়োজন হয়। এনেভাৱে নানা প্রয়োজনসমূহ বিভিন্ন বৃত্তিৰ দ্বাৰা পুৰণ কৰি লোৱা হয়। মানুহৰ বৃত্তিসমূহক প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি–

(ক) প্রাথমিক বৃত্তিঃ যি বৃত্তিৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা পোনে পোনে নিজৰ প্ৰয়োজন পূৰ্ণ কৰে, তাকে প্রাথমিক বৃত্তি বোলে। মানুহৰ প্ৰথম জীৱিকা হ’ল প্ৰাথমিক বৃত্তি। খাদ্যৰ বাবে অৰণ্যৰ পৰা ফলসংগ্রহ, খেতি, জীৱ-জন্তু চিকাৰ কৰা, মাছ মৰা, কাঠ ফলা আদিত জড়িত কামবোৰ প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত। প্ৰকৃতিৰপৰা আহৰণ কৰা কিছুমান দ্রৱ্য পোনে পোনে মানুহে ব্যৱহাৰ কৰে আৰু কিছুমান উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰূপে ব্যৱহাৰ হয়। এনে বৃত্তিত জড়িত লোকসকলক ‘Red-collar worker’ বোলা হয়।

(খ) দ্বিতীয়ক বৃত্তিঃ এনে বৃত্তিৰ দ্বাৰা প্ৰকৃতিৰ পৰা পোনে পোনে আহৰণ কৰা সামগ্ৰীবোৰ সংশোধনৰ জৰিয়তে বা সেইবোৰৰ পৰা নতুন অন্য কোনো সামগ্ৰী তৈয়াৰ কৰা হয়। এই কাৰ্য বা বৃত্তিয়ে প্রাথমিক দ্ৰৱ্যৰ মূল্য বঢ়ায়। দ্বিতীয়ক বৃত্তিৰ কাৰ্য হ’ল প্ৰকৃতিৰ পৰা পোৱা দ্ৰৱ্যৰ মূল্য বর্ধিত কৰা কুঁহিয়াৰ খেতি কৰি তাৰপৰা চেনি উৎপন্ন কৰা, কপাহৰ আঁহ তৈয়াৰ কৰি বস্ত্ৰ উৎপাদন কৰা, লো আকৰিক সংশোধনৰ জৰিয়তে তীখা উৎপাদন কৰা, চামৰাৰ পৰা জোতা নিৰ্মাণ কৰা, ঘেঁহুৰ পৰা আটা উৎপাদন কৰা আদি দ্বিতীয়ক বৃত্তিৰ উদাহৰণ। কেতিয়াবা বাণিজ্যিক কৃষিকো দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত কৰা হয়। ইয়াৰ কাৰণ হ’ল বাণিজ্যিক কৃষিত খেতিয়কসকলে উচ্চ সংকৰজাতীয় বীজ আৰু আধুনিক প্রযুক্তি ব্যৱহাৰ কৰে। দ্বিতীয়ক বৃত্তিত জড়িত লোকসকলক ‘blue-collar worker’ বোলা হয়।

(গ) তৃতীয়ক বৃত্তিঃ যি বৃত্তিৰ দ্বাৰা দ্বিতীয়ক বৃত্তিৰ দ্বাৰা আহৰন কৰা সামগ্ৰীসমূহ নতুন ৰূপত তৈয়াৰ কৰা হয় সেয়ে তৃতীয়ক বৃত্তি। এই বৃত্তিৰ জৰিয়তে উপভোক্তাৰ ব্যৱহাৰৰ বাবে সামগ্ৰীসমূহ তেওঁলোকৰ কাষলৈ নিয়া হয়। সকলোধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ সতে জড়িত লোকসকল তৃতীয়ক বৃত্তিৰ মতে জড়িত লোক। এনেধৰণৰ বৃত্তিৰ লোক উন্নত অঞ্চলত অধিকতৰ দেখা যায়। এনে বৃত্তিত জড়িত লোকক ‘Pink-collar Worker’ বোলে।

কিছুসংখ্যকে বৃত্তিৰ আৰু এটা ভাগ কৰিছে- সেৱা খণ্ডৰ বৃত্তি। বৃত্তীয় কার্যকলাপ, স্বাস্থ্যসেৱা, তথ্যপ্রযুক্তি, মনোৰঞ্জন সেৱা আদিত জড়িত লোকসকলক চতুৰ্থক বৃত্তিধাৰী বা সেৱাখণ্ডৰ মতে জড়িত বৃত্তিধাৰী বুলিব পাৰি। এনে বৃত্তিত জড়িত সকলক ‘White-coller Worker’ বোলে।

13. পার্বত্য অঞ্চলৰ মানুহ আৰু সমভূমি অঞ্চলৰ মানুহৰ জীৱিকাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the occupation of the people of the highlands and the people of the plains.)

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশে বা ঠাই এখনৰ ভূ-প্রকৃতিয়ে মানুহৰ জীৱন-ধাৰণৰ প্ৰণালীত যথেষ্ট প্রাধান্যতা বিস্তাৰ কৰে। এইক্ষেত্ৰত পাৰ্বত্য অঞ্চলত বসবাস কৰা লোকৰ আৰু সমভূমিত বসবাস কৰা লোকৰ জীৱিকা নিৰ্বাহ প্ৰণালীৰ পৰা আমি ভালকৈ বুজিব পাৰোঁ। ভূ-প্রকৃতিৰ ফালৰ পৰা এই দুই পৰিৱেশৰ মাজত যিদৰে পাৰ্থক্য আছে, তেনেদৰে মানুহে অৱলম্বন কৰা জীৱিকা-নিৰ্বাহ প্ৰণালীৰ মাজতো পাৰ্থক্য আছে। পাৰ্বত্য অঞ্চল অসমান, শিলাময় ভূ-ভাগেৰে গঠিত হোৱা বাবে খেতি-বাতিৰ উপযোগী নহয়। নদ-নদীবোৰ খৰস্ৰোতা, ৰাস্তা-ঘাট নির্মাণ কৰিবলৈ কষ্টকৰ আৰু ব্যয়বহুল। ফলত বেপাৰ-বাণিজ্য, শিল্পোদ্যোগ আদিৰ বাবেও সুবিধা নাই। আনহাতে, জলবায়ু মনোৰম আৰু স্বাস্থ্যকৰ আৰু বনজ সম্পদক চহকী হোৱা বাবে পার্বত্য অঞ্চলৰ মানুহে কাঠ সংগ্রহ, চিকাৰ আৰু পশুপালন আদি জীৱিকাৰে জীৱন-নিৰ্বাহ কৰে। 

মনোৰম জলবায়ুৰ বাবে পার্বত্য অঞ্চলত স্বাস্থ্যনিবাস আৰু পৰ্যটন স্থানৰ উপযোগী হোৱা বাবে হোটেল ব্যৱসায়ত এইবোৰ উন্নত। ঠাই অনুসৰি পৰ্বতৰ ঢালত কিছু পৰিমাণে বেদিকা কৃষি আৰু ৰোপণ কৃষিৰেও জীৱিকা নিৰ্বাহ কৰা দেখা যায়। সমভূমিবোৰ বিস্তৃত সমান ঠাইৰে আগুৰাৰ বাবে এইবোৰ ঠাই কৃষি, বেপাৰ-বাণিজ্য, শিল্পোদ্যোগ আদি সকলোবিলাক কামৰ উপযোগী। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭০ ভাগ মানুহ বাস কৰে সমভূমিত। সেইবাবে সমভূমি অঞ্চলৰ মানুহৰ মুখ্য জীৱিকা হ’ল কৃষিকাৰ্য, বেপাৰ-বাণিজ্য, শিল্পোদ্যোগ আৰু অন্যান্য দ্বিতীয়ক আৰু তৃতীয়ক শ্ৰেণীৰ বৃত্তি। অৱশ্যে সমভূমিৰো যিবোৰত অস্বাস্থ্যকৰ জলবায়ু, শীত-তাপৰ কঠোৰতা, অনুৰ্বৰ মাটিৰে গঠিত ঠাইবোৰত নানা প্ৰকাৰৰ অঘৰী লোক দেখা যায়।

14. উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য অঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ভিত্তি কি? (What is the basis of economic activity of the people of the North East Hill Tracts?) 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য অঞ্চলৰ প্ৰধান অর্থনৈতিক কার্যকলাপৰ ভিত্তি কৃষি।তেওঁলোকে মূলতঃ ঝুম আৰু বেদিকা পদ্ধতিৰে কৃষিকাৰ্য সমাধা কৰে। ঝুম পদ্ধতিৰে তেওঁলোকে এডোখৰ মাটিত হাবি-জংঘল চাফাই কৰি তাত কোৰেৰে চহাই তাতে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰে। যেনে ধান, যৱ, কুঁহিয়াৰ, আনাৰস, আলু, শাক-পাচলি আদিৰ খেতি। উত্তৰ-পূব ভাৰতৰ সকলো কেইখন ৰাজ্যৰে পাহাৰীয়া অঞ্চলত ঝুম পদ্ধতিৰে শস্যৰ উৎপাদন কৰা হয়। বেদিকা পথাৰবোৰতো ধান আৰু অন্যান্য পাচলিৰ উৎপাদন কৰা হয় উৎপাদিত সামগ্ৰীবোৰ সমতল অঞ্চল বা অন্যান্য অঞ্চললৈ ৰপ্তানি কৰা হয়। পার্বত্য অঞ্চলৰ লোকসকলৰ মাজত মহিলাসকলে অধিকতৰ অৰ্থনৈতিক কার্যকলাপত জড়িত। ইয়াৰোপৰি কিছু সংখ্যক ক্ষুদ্র উদ্যোগো বর্তমান গঢ়ি উঠিছে।

15. উত্তৰ-পূব ভাৰতৰ সমতল অঞ্চলৰ অৰ্থনৈতিক কার্যকলাপৰ বিষয়ে লিখা। (Write about the activities in the plains of North East India.) 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে ইয়াৰ অর্থনৈতিক কার্যকলাপ মূলতঃ কৃষিজ সম্পদৰ ওপৰতে নিৰ্ভৰশীল। অৱশ্যে কিছু পৰিমাণে ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছে যদিও অঞ্চলটোত বর্তমানেও কোনো ধৰণৰ বৃহৎ উদ্যোগ স্থাপন হোৱা নাই। সেয়ে ব্যৱসায় বাণিজ্যৰ সুবিধাও অঞ্চলটোত সীমিত। ইয়াত খাৰিফ শস্য, ৰবি শস্য, জায়েদ শস্য হিচাপে কৃষিসমূহক বিভিন্ন সময়ত উৎপাদন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমে সর্বাধিক পৰিমাণৰ ধান উৎপাদন কৰে। সমতল অঞ্চলৰ আন এবিধ প্ৰধান বাণিজ্যিক শস্য হ’ল চাহ। বর্তমান বহুলোকে ঘৰতে নিজাকৈ চাহৰ বাগিছা খুলি স্বাৱলম্বী হোৱা পৰিলক্ষিত হয়।

সাতখন ৰাজ্যৰ ভিতৰত তুলণামূলকভাৱে অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। প্রধান উদ্যোগসমূহৰ ভিতৰত হ’ল তেল শোধনাগাৰ, গেছ, ক্ৰেজ্ঞাৰ, পাট মুগা শিল্প, চেনি উদ্যোগ আদি।

16. বৰ্তমান যুগত অপৰম্পৰাগত শক্তি সম্পদৰ গুৰুত্ব কেনে ধৰণৰ? (What is the importance of conventional energy resources in the present age?) 

উত্তৰঃ পৰম্পৰাগত শক্তি সম্পদ যেনে কয়লা, পেট্রলিয়াম আদি যি ধৰণে ব্যৱহৃত হৈ আছে, তেনেদৰে ব্যৱহাৰ হৈ থাকিলে এইবোৰ শেষ হৈ যাবলৈ বেছি বছৰ নালাগে । আনহাতে এই সম্পদবোৰ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। সেয়ে এই সম্পদসমূহ শেষ হোৱাৰ আগতে মানুহে আন বিকল্প ব্যৱস্থা উলিওয়াটো নিতান্ত প্রয়োজন হৈ পৰিছে । পৰম্পৰাগত শক্তি ইয়াৰ উৎকৃষ্ট বিকল্প। এই শক্তিৰ উৎস যেনে সৌৰশক্তি, বতাহ, জোৱাৰ আদি নবীকৰণযোগ্য শক্তিৰ ওপৰত ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বহুতো সুবিধা যেনে এইবোৰৰ অক্ষয় সম্পদ, প্রদূষনযুক্ত, উৎপাদন ব্যয় কম, নিৰাপদ, মদা উপলব্ধ আদি আছে। সেয়ে বৰ্তমান যুগত ইয়াৰ গুৰুত্ব বহু আছে।

১৭। কি কি প্ৰকাৰৰ কয়লা পোৱা যায়? (What types of coal are available?) 

উত্তৰঃ কয়লাৰ গুণাগুণ নিৰ্ভৰ কৰে কাৰ্বন আৰু জলীয়বাষ্পই। ইয়াৰ ভিত্তিত কয়লাক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি—

(ক) পিত্ত (Peat): কয়লাৰ গঠনে এটা দীঘলীয়া সময় লয়। প্রথম স্তৰটোক পিত বোলে। ইয়াত অশুদ্ধি আৰু জলীয়বাষ্প অধিক পৰিমাণে থাকে। এনে কয়লা ঘৰুৱা কার্যত ব্যৱহাৰ হয়।

(খ) লিগনাইট (Lignite): দ্বিতীয় স্তৰৰ কালাক লিগনাইট কয়লা বোলে। ইয়াত কাৰ্কাৰ পৰিমাণ ৫০ শতাংশতকৈ কম।

(গ) বিটুমিনাচ (Bituminous): এই কয়লা উদ্যোগ আৰু পৰিবহণত ব্যৱহৃত হয়। ইয়াত ৭০ ৰ পৰা ৮৫ শতাংশ কার্বন থাকে। ইয়াৰ ৰং ক’লা।

(ঘ) এনথ্ৰেচাইট (Anthracite): এনে ধৰণৰ কয়লা উত্তম প্ৰকৃতিৰ। ইয়াত ১০ শতাংশতকৈ অধিক কার্বন থাকে। ই লাহে লাহে জ্বলে আৰু অত্যাধিক তাপ দিয়ে।

(ঙ) গ্রেফাইট (Graphite): ইয়াত ১৯ শতাংশ কার্বন থাকে আৰু শেষস্তৰৰ কয়লা। ই দহক (fuel) হিচাপে ব্যৱহাৰ নহয়। অন্যান্য সামগ্রী উৎপাদনত ব্যৱহাৰ হয়।

18. প্ৰাকৃতিক সম্পদৰ অৰ্থনৈতিক গুৰুত্ব আছেনে? প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাজন কৰি সেইবোৰৰ বিষয়ে লিখা। (Do natural resources have economic significance? Divide natural resources into categories and write about them?) 

উত্তৰঃ প্ৰাকৃতিক সম্পদৰ যথেষ্ট অর্থানৈতিক গুৰুত্ব আছে। প্রাকৃতিক সম্পদেই অর্থনৈতিক উন্নয়নৰ মূল। সকলো ধৰণৰ কাৰ্যকলাপ প্রাকৃতিক সম্পদক লৈয়েই আৰম্ভ হয়। মানুহে প্রাকৃতিক সম্পদক প্রত্যক্ষভাৱে মূলধনৰ সহায়ত ব্যৱহাৰ কৰি দ্ৰব্য উৎপাদন কৰিবলৈ লয়। প্রাকৃতিক সম্পদে জনসাধাৰণক খাদ্য, উদ্যোগসমূহক কেচামাল আদিৰ যোগান ধৰে। প্ৰাকৃতিক সম্পদে অর্থনৈতিক বিকাশ ঘটোৱাৰ ওপৰিও গাঁথনিও নিৰূপণ কৰে। কোনো এখন দেশৰ কোনো অঞ্চলত কোনধৰণৰ, কিমান পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে, তাৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগ স্থাপনৰ সিদ্ধান্ত লোৱা হয়। যিমান প্রাকৃতিক সম্পদ থাকিব, যিমানেই অর্থনৈতিক উন্নয়ন ক্ষিপ্ৰতৰ হোৱাৰ থল থাকে। অৱশ্যে কিছুমান দেশত ইয়াৰ বিপৰীত চিত্র দেখা যায়। যদিও প্রাকৃতিক সম্পদৰ গুৰুত্ব অর্থনৈতিক উন্নয়নত নুই কৰিব নোৱাৰি।

প্রাকৃতিক সম্পাদক প্রধানতঃ দুই ভাগত ভগাব পাৰি—

অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ। যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰিও শেষ কৰিব নোৱাৰে তাক অক্ষয় সম্পদ বোলে। যেনে- বৰষুণ, বতাহ, বায়ু আদি। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে শেষ হৈ যায় তাকে ক্ষয়িষ্ণু সম্পদ বোলা হয়। যেনে- কয়লা, খাৰুৱা তেল আদি ।

ক্ষয়িষ্ণু সম্পদক দুই ভাগত ভগব পাৰি—

(ক) নবীকৰণক্ষম সম্পদ।

(খ) অনবীকৰণক্ষম সম্পদ।

যিবোৰ সম্পদ বিশেষ সময়ৰ ভিতৰত প্ৰাকৃতিকভাৱে স্থানান্তৰণ, পৰিৱৰ্তন আৰু পুনৰ উৎপাদনৰ জৰিয়তে সম্পদসমূহ নবীকৰণ কৰিব পাৰি, তাক নবীকৰণযোগ্য সম্পদ বোলে। যেনে মাটিৰ উৰ্বৰতা, অৰণ্য, বন্যপ্রাণী আদি। অৱশ্যে মনকৰিবলগীয়া কথাটো যদি আমি এই সম্পদসমূহ পুনৰ সৃষ্টি হোৱাৰ পৰিমাণতকৈ অধিক হাৰত ব্যৱহাৰ কৰোঁ, নবীকৰণক্ষম সম্পদসমূহ সময়ত অ-নবীকৰণক্ষম সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে।

আকৌ উৎসৰ ভিত্তিত প্ৰাকৃতিক সম্পদক জৈৱিক (biotic) আৰু অজৈৱিক (abiotic) সম্পদ হিচাপে ভাগ কৰিব পাৰি। জীৱজগতৰ পৰা পোৱা সম্পদক জৈৱিক সম্পদ বোলে। যেনে– উদ্ভিদৰ পৰা বিভিন্ন সামগ্ৰী, জন্তুৰ পৰা পোৱা বিভিন্ন দ্রৱ্য। 

জীৱহীন সম্পদসমূহক অজৈৱিক সম্পদ বোলে।

যেনে– শিল মাটি, খনিজ দ্ৰৱ্য আদি।

বিতৰণৰ ভিত্তিত সম্পদক সর্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ হিচাপে ভাগ কৰিব পাৰি। সকলোতে পোৱা সম্পাদক সর্বব্যাপী সম্পদ বোলে। যেনে– বায়ু।

আকৌ যিবোৰ সম্পদ কেৱল নিৰ্দিষ্ট পৰিৱেশত আৰু নিৰ্দিষ্ট স্থানত পোৱা যায়, তাক স্থানভিত্তিক সম্পদ বোলে।

যেনে– কয়লা, তাম আদি।

উন্নয়ন আৰু ব্যৱহাৰৰ ভিত্তিত সম্পদক প্রকৃত সম্পদ আৰু সম্ভাৱনা সম্পৰূপে ভাগ কৰিব পাৰি। মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে আহৰণ কৰা সম্পদবোৰকে প্রকৃত সম্পদ বোলে। কয়লা, পেট্রলিয়াম আদি এনে সম্পদ। যিবোৰ সম্পদ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু বৰ্তমানত ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰ উমান দিছে, তাক সম্ভারপূর্ণ সম্পন্ন বোলে। এই শ্ৰেণীৰ সম্পদ মজুত থকাৰ পৰিমাণ নিশ্চিতকৈ জনাৰ সম্ভৱ নহ’ব পাৰে; কিন্তু অর্থনৈতিক ক্ষেত্ৰত এনে সম্পদ অতি গুৰুত্বপূর্ণ। যেনেঃ বনৌষধি জাতীয় উদ্ভিদ।

19. প্রাথমিক দ্বিতীয়ক আৰু তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ উদাহৰণসহ আলোচনা কৰা। (Discuss the main features of the occupation of the primary, secondary and tertiary with examples?) 

উত্তৰঃ প্ৰাথমিক খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ–

(ক) প্ৰাথমিক খণ্ডৰ বৃত্তিত প্ৰাকৃতিক পৰিৱেশত নিহিত থকা সম্ভাৱনাসমূহক আধাৰ হিচাপে লৈ তেনেবোৰ আধাৰৰ পৰা সম্পদ আহৰণ কৰা হয়। ঘাইকৈ পানী, অৰণ্য আৰু ভূ-ত্বকৰ অগভীৰ স্তৰসমূহৰ পৰা সম্পদসমূহ আহৰণ কাৰ্যৰ লগত জড়িত এই শ্ৰেণীৰ চিকাৰ আৰু সংগ্রহ, পশুপালন, মাছ ধৰা, কাজ সম্পন্ন আহৰণ, খনিজ সম্পদ আহৰণ কৃষিকাৰ্য আদিয়েই প্রধান। উদাহৰণ স্বৰূপে, নৈ, বিল আদিৰ পৰা মাছ সংগ্ৰহ কৰা হয়, ভূ-ত্বকৰ অগভীৰ স্তৰসমূহৰ বিভিন্ন খনিজ প্রত্যসমূহ যেনে— কয়লা, লো, খনিজ তেল আদি আহৰণ কৰা হয়।

(খ) প্রাকৃতিৰ পৰিৱেশৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰশীল হৈ থকা প্ৰাথমিক খণ্ডৰ কাম-কাজবোৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে মূৰ দাঙি উঠে। কাৰণ, মানুহে ইচ্ছা কৰিলেই এনেবোৰ কাৰ্য যিকোনো ঠাইৰ যিকোনো পৰিৱেশত সম্পাদন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, সমুদ্র তীৰৰ প্ৰাকৃতিক পৰিৱেশতহে মাছ ধৰিব পাৰি। ঠিক সেইদৰে বিস্তীর্ণ নদী উপত্যকা অঞ্চলতহে কৃষিকার্য সফলতাৰে সম্পাদন কৰা হয়। কিন্তু, মৰুভূমি অথবা অটব্য অৰণ্যত ইয়াৰ এটাও কাৰ্য সম্পাদন কৰিব নোৱাৰি।

দ্বিতীয় খণ্ডৰ প্ৰধান বৈশিষ্ট্যসমূহ–

যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা প্ৰৱ্যসমূহ যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰক্ৰিয়াৰে পৰিৱর্তন, পৰিৱৰ্ধিত, সংযোজন বা সংশোধন কৰা হয়। তেনেকুৱা কাৰ্যকে দ্বিতীয়ক খণ্ডৰ বৃত্তি বোলা হয়। শিল্প উদ্যোগ, শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ আদি এই শ্ৰেণী বৃত্তিৰ অন্তৰ্গত। দ্বিতীয়ক খণ্ডৰ বৃত্তিত মূল পদার্থ বা প্ৰৱ্যবিধ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবোৰৰ মূল্যমান বৃদ্ধি পায়। উদাহৰণস্বৰূপে, মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা আৰু ময়দা উৎপাদন কৰা হয় আৰু মানুহে এই আটা আৰু ময়দাৰ পৰা ৰুটি বনাই খায়। গমৰ গুটি বা দানা মানুহে পোনপটীয়াকৈ খাদ্য হিচাপে নাখায়। সেয়েহে গম উৎপাদন প্রাথমিক বৃত্তি, কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্যক দ্বিতীয়ক খণ্ডৰ বৃত্তি বোলে। ঠিক সেইদৰে তীখাৰ কাৰখানাত লোৰ আকৰিকৰ পৰা অধিক উপযোগী তীৰা উৎপাদন কৰা হয়।

তৃতীয়ক খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্য–

তৃতীয়ক খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা কোনো বস্তু আহৰণ নকৰে, নাইবা ৰূপ পৰিৱৰ্তন কৰি বস্তুবোৰৰ মূল্যও বৃদ্ধি নকৰে। দ্ৰৱ্য উৎপাদনৰ সলনি বিভিন্ন সেৱা কাৰ্যসমূহ এই শ্রেণী বৃত্তিৰ অন্তৰ্গত। উদাহৰণস্বৰূপে, শিক্ষকে শিক্ষা দান কৰা কাৰ্য, গাড়ীচালক, ব্যৱসায়ী, আইনজীৱী আদি তৃতীয়ক খণ্ডৰ বৃত্তিৰ অন্তৰ্গত।

তৃতীয়ক খণ্ডৰ কাৰ্য্য যেনে– ব্যৱসায়, ব্যক্তিগত সেৱা কাৰ্য্য, চৰকাৰী কাম-কাজ, শিক্ষা আদি কাম-কাজ প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ উৎপাদনত উচ্চ পৰ্য্যায়ৰ দক্ষতাৰ সৃষ্টি কৰিবৰ বাবে আবশ্যক হয়। উদাহৰণস্বৰূপে, শিক্ষা দান কাৰ্য্যৰ জৰিয়তে প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ বৃত্তিত নিয়োজিত হৈ থকা কৰ্মীসকলৰ দক্ষতা বৃদ্ধি কৰে। ফলত, এই খণ্ডৰ বৃত্তিসমূহত উৎপাদনো বৃদ্ধি পায় ।

20. পার্বত্য ভূ-প্রকৃতিয়ে মানুহৰ কাম-কাজত কিদৰে প্ৰভাৱ পেলায় আলোচনা কৰা। (Discuss how mountainous terrain affects human activity.) 

উত্তৰঃ পার্বত্য ভূ-প্রকৃতিয়ে মানুহৰ ওপৰত পেলোৱা প্ৰভাৱঃ ভূ-প্রকৃতি, প্রাকৃতিক পৰিৱেশৰ সবাতোকৈ গুৰুত্বপূর্ণ উপাদান। ধৰাপৃষ্ঠৰ বন্ধুৰতাই মানুহৰ সামাজিক তথা অর্থনৈতিক উন্নতিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ধৰাপৃষ্ঠৰ ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য অনুসৰি ইয়াক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি। এই ভাগ তিনিটা হ’ল— পার্বত্য অঞ্চল (mountainous region), মালভূমি অঞ্চল (Plateau region) আৰু সমভূমি অঞ্চল (Plain region। এই তিনি প্রকাৰৰ ভূ-প্রকৃতিৰ ভিতৰত পাৰ্বত্য ভূ-প্রকৃতিয়ে মানুহৰ দৈনন্দিন কাম-কাজৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম। তলত পার্বত্য ভূ-প্রকৃতিয়ে মানুহৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলায় তাৰ ওপৰত চমু আলোচনা কৰা হ’ল।

পার্বত্য অঞ্চল বুলিলে আমি পৃথিৱীপৃষ্ঠৰ যিবোৰ ঠাই অসমান; থিয় ঢালযুক্ত উচ্চ ভূমি আৰু এইবোৰৰ মাজে মাজে গভীৰ থিয় উপত্যকা আৰু বহুদূৰ বিয়পী থাকে তাকেই বুজো। অর্থাৎ পার্বত্য অঞ্চলত সমান ঠাইৰ অভাৱ। অধিকাংশ ঠায়েই শিলাময় আৰু অনুৰ্বৰ। সেইবাবে পার্বত্য অঞ্চল কৃষিকার্যৰ বাবে সুবিধাজনক নহয়। নদ-নদীবোৰ ঠেক, অকোঁৱা-পকোঁৱা আৰু খৰস্ৰোতা। সেইবাবে নৌ-যাতায়তৰ বাবে অনুপযোগী। আনহাতে সমগ্র ভূ-ভাগেই অখোৱা- মখোৱা আৰু থিয় ঢালযুক্ত হোৱা বাবে ৰেলপথ আৰু স্থলপথ নির্মাণ অতিকৈ কষ্টকৰ আৰু ব্যয়বহুল হোৱা হেতুকে পার্বত্য অঞ্চলৰ পৰিবহন ব্যৱস্থা একেবাৰে অনুন্নত। যিহেতু যাতায়ত পৰিবহনৰ ক্ষেত্ৰত অনুন্নত সেইবাবে পেবাৰ-বাণিজ্য, শিল্পদ্যোগ আদিৰ ক্ষেত্ৰটো এই অঞ্চলবোৰ দুৰ্বল হোৱা পৰিলক্ষিত হয়। এনেকুৱা প্ৰতিকূল পৰিৱেশৰ বাবে পার্বত্য ভূ-ভাগবোৰত মানুহৰ বসতি যথেষ্ট পৰিমাণে পাতল হোৱা দেখা যায়। সামগ্রীকভাৱে পার্বত্য অঞ্চল আর্থ-সামাজিক অৱস্থাৰ ক্ষেত্ৰত তেনেই অনুন্নত অৱস্থাত থকা দেখা পাও।

ওপৰত উল্লিখিত অৱস্থাৰবোৰৰ ক্ষেত্ৰত পাৰ্বত্য অঞ্চল যদিও অনুন্নত তথাপিও দেশ এখনৰ আৰ্থ-সামাজিক উন্নতিৰ ক্ষেত্ৰত পাৰ্বত্য অঞ্চলৰ অৱদান সুদূৰ প্ৰসাৰী। পার্বত্য অঞ্চল উচ্চভূমিৰে আগুৱা বাবে ইয়াৰ জলবায়ু তুলনামূলকভাৱে মৃদু। সৰহভাগ পার্বত্য অঞ্চলত বৃষ্টিপাতৰ পৰিমাণো কিছু বেছি। আনহাতে এনেকুৱা উচ্চভূমিৰ অৱস্থানৰ বাবে অঞ্চলভেদে যথেষ্ট বৰষুণ যিদৰে হয় তেনেদৰে উচ্চভূমিয়ে মেৰুৰ পৰা বোৱা চেচা বতাহক বাধা দিব পৰা ক্ষমতাও আছে। আমাৰ হিমালয় পর্বতেই তাৰ জলন্ত উদাহৰণ। পার্বত্য অঞ্চলবোৰ হিমবাহ আৰু নদ-নদীৰ উৎপত্তি স্থানো। সু-উচ্চ বৰফাবৃত পার্বত অঞ্চলৰ পৰা প্ৰবাহিত হোৱা নদ-নদীবোৰে সেইবোৰৰ উপত্যকাবোৰত কিমান সহায় কৰিছে এই কথা সকলোৰে বোধগম্য। আকৌ পার্বত্য অঞ্চলৰ ওপৰেৰে প্ৰবাহমান নৈবোৰৰ পৰা জলবিদ্যুৎ উৎপাদন কৰাও হয়। ভাৰতবৰ্ষতে এনেকুৱা কিমান যে জলবিদ্যুৎ কেন্দ্ৰ স্থাপন হৈছে তাৰ হিচাপ ৰখাটো তেনেই কষ্টকৰ। এইদৰে উৎপাদন কৰা জলবিদ্যুতে দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতিত সহায় কৰে।

পার্বত্য অঞ্চলবোৰ তুলনামূলকভাৱে বনজ সম্পদৰ ক্ষেত্ৰত চহকী। এইবোৰৰ পৰা নানা প্ৰকাৰৰ গছ-গছনি আৰু জীৱ-জন্তু আমদানি-ৰপ্তানিৰ মাধ্যমেৰে দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাত সহায় হৈছে। বনজ সম্পদৰ দৰে খনিজ সম্পদৰ ভিতৰতো পার্বত্য অঞ্চলবোৰ চহকী। এই খনিজ সম্পদবোৰ উদ্ঘাটন কৰি দেশৰ অর্থনৈতিক অৱস্থা উন্নত কৰাত যথেষ্ট সহায় হয় বাবে তেনেকুৱা পৰ্বত অঞ্চলৰ গুৰুত্ব অধিক। এনেকুৱা অঞ্চলবোৰ জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰটো বিশেষ স্থান লাভ কৰিবলৈ সক্ষম। এনেকুৱা অঞ্চলবোৰৰ ভূ-প্রকৃতি মানুহৰ বসতিৰ বাবে অনুকূল নহয় যদিও উদ্যোগ আদিৰ ক্ষেত্ৰত আগভাগ লবলৈ সক্ষম হয়।

পার্বত্য অঞ্চলৰ আন এক বিশেষত্ব হ’ল পাহাৰ-পৰ্বতৰ ঢালবোৰত বেদিকা কৃষি প্রচলন যথেষ্ট। সেইদৰে পশুপালন, ফলমূলৰ বাগিছা স্থাপন আদিৰ ক্ষেত্ৰটো পাৰ্বত্য অঞ্চলত সুবিধা যথেষ্ট। পর্বত-পাহাৰৰ ঢালবোৰত খাপ কৰি যি বেদিকা কৃষিৰ প্ৰচলন কৰা হৈছে সেই কাৰ্যই ঠাইবোৰৰ যথেষ্ট পৰিৱৰ্তন ঘটাবলৈ সক্ষম হৈছে। উত্তৰ বংগ, চিকিম, পশ্চিম হিমালয়, শ্রীলংকা, জাপান আদি ঠাইত বেদিকা কৃষিয়ে বিশেষ প্রাধান্যতা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা সকলোৱে জানে। আনহাতে অষ্ট্ৰেলিয়াৰ গ্ৰেটডিভাইদিং বেঞ্জ, ভাৰতৰ টাই বনাঞ্চল, ৰাছিয়াৰ টিয়ানচান পার্বত্য অঞ্চলত পশুপালনে বিশেষ ভূমিকা লাভ কৰিবলৈও সক্ষম হৈছে। তেনেদৰে পৃথিৱীৰ বহুতো পার্বত্য অঞ্চলেই ফলমূলৰ খেতিৰ ক্ষেত্ৰত আগস্থান লাভ কৰিছে।

পার্বত্য অঞ্চলৰ আন এক গুৰুত্বপূর্ণ অৱদান হ’ল স্বাস্থ্যনিবাস আৰু পৰ্যটন কেন্দ্র স্থাপন। মৃদু জলবায়ু, মনোৰম প্রাকৃতিক দৃশ্যৰে অপূৰ্ব ৰূপৰ ভৰাল হোৱা হেতুকে পৃথিৱীৰ ভালেমান পার্বত্য অঞ্চলত প্ৰাকৃতিৰ প্ৰতিকূল পৰিৱেশকো নেওচি বৃহৎ বৃহৎ একো একোখন পর্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এনেকুৱা পর্যটন কেন্দ্ৰবোৰ কিমান যে জনবহুল ভাবিলে আচৰিত লাগে। এনেকুৱা কেন্দ্ৰবোৰলৈ প্ৰতিদিনে দেশ-বিদেশৰ পৰা ভ্ৰমণকাৰীয়ে লানী নিছিগা স্রোত বোৱাইছে। ভ্ৰমণকাৰীৰ আগমনৰ বাবে হোটেল ব্যবসায়ককে কেন্দ্ৰ কৰি বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত বিশেষ উন্নতি কৰিবলৈও সক্ষম হৈছে। আমাৰ দেশৰে কাশ্মীৰ, চিমলা, মিচৌৰী, নাইনিটাল, মনালি, দার্জিলিং, ছিলং আদি পর্যটন কেন্দ্ৰবোৰেই ইয়াৰ সাক্ষী। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ মুঠ জাতীয় আয়ৰ অংশ আহৰণ কৰে এনেকুৱা হোটেল ব্যৱসায়ৰ পৰা। গতিকে পার্বত্য অঞ্চলৰ এই পর্যটনকেন্দ্ৰবোৰ সচাকৈয়ে দেশবোৰৰ এক অমূল্য সম্পদ।

21. সমভূমিয়ে মানুহৰ কাম-কাজত কিদৰে প্ৰভাৱ পেলায় আলোচনা কৰা। (Discuss how plains affects people’s work?) 

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ নিয়ন্ত্ৰীত কৰা উপাদানবোৰৰ ভিতৰত সমভূমিৰে গুৰুত্বপূর্ণ ভূমিকা লয়। সমভূমি বুলিলে সাধাৰণতে ধৰাপৃষ্ঠৰ যিবোৰ ঠাই সমান, সু-বৃত্তিত আৰু সমুদ্রপৃষ্ঠৰ পৰা কম উচ্চতাত অৱস্থিত সেইবোৰ ঠাইকে বুজায়। উল্লেখযোগ্য যে সমগ্ৰ পৃথিৱীৰ স্থলভাগৰ শতকৰা ৫০ ভাগ ঠাই সমভূমিয়ে আগুৰি ৰাখিছে। তাতোকৈ আচৰিত কথা যে এই সমভূমিবিলাকে পৃথিৱীৰ সৰ্ব মুঠ জনসংখ্যাৰ প্ৰায় ১০ শতাংশৰ বাসস্থান হিচাপে পৰিগণিত হৈছে। গতিকে এই তথ্যৰ পৰা অনুমান কৰিব পাৰি মানুহৰ দৈনন্দিন কাম-কাজত সমভূমিৰ ভূমিকা কিমান গুৰুত্বপূর্ণ।

পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন পৰিৱেশত সমভূমিবোৰ অৱস্থিত। সেইবাবে উৎপত্তিৰ ধৰণ, অৱস্থান অনুসৰি সমভূমিবোৰক কেইবাটাও ভাগত শ্ৰেণীবিভাজনো কৰা হৈছে। এইবোৰৰ ভিতৰত নদী উপত্যকা সমভূমি, সমুদ্র উপকূলীয় সমভূমি, ব-দ্বীপীয় সমভূমি, হিমানী সমভূমি, হুদীয় সমভূমি, মৰুময় সমভূমি, ক্ষয়প্রাপ্ত সমভূমি আদি অন্যতম। ধৰাপৃষ্ঠৰ ভূ-প্রকৃতি বুজোৱা তিনি প্ৰকাৰৰ অবয়বৰ ভিতৰত (পর্বত, মালভূমি, সমভূমি) সমভূমিৰ প্ৰাধান্যতা সর্বাধিক। সমভূমিবোৰ হ’ল সমান আৰু বিস্তৃত ভূ-ভাগ। মানুহৰ অতিব প্রয়োজন হ’ল খাদ্য আৰু বাসস্থান। ধৰাপৃষ্ঠৰ যিবোৰ অঞ্চলত এই দুয়োবিধ সামগ্রী সহজে আহৰণ কৰাৰ সুবিধা পায় তাতেই মানুহে বাসস্থান পাতিবলৈ ইচ্ছা কৰে। দেখা যায় যে ধাপৃষ্ঠৰ সমভূমি অঞ্চলতে মানুহে অতি সহজে খাদ্য-সামগ্রী উৎপাদনৰ সুবিধা পায়। আনহাতে সমভূমিবোৰ যিদৰে সমান তেনেদৰে মাটিবোৰও সাৰুৱা। 

আকৌ বাসস্থান, যাতায়ত ব্যৱস্থা, বেহা-বেপাৰ, শিল্প উদ্যোগ স্থাপন আদিৰ ক্ষেত্ৰতো সমভূমিতেই সর্বাধিক সুবিধা। বিশেষকৈ নৈ উপত্যকাত অৱস্থিত সমভূমিবোৰৰ মাটি নদীৰ পলসেৰে গঠিত হোৱা হেতুকে কৃষিকার্যৰ বাবে এইবোৰ অঞ্চল পৃথিৱীত বিখ্যাত। নদীৰ পানী উপত্যকা অঞ্চলৰ খেতি-বাতিত জলসিঞ্চন ৰূপেও ব্যৱহাৰ কৰিব পৰা যায়। মুঠতে ওপৰত উল্লেখ কৰা সা-সুবিধাবোৰ সমভূমিবোৰত সহজলভ্য হোৱা হেতুকে মানুহে সমভূমিবোৰকে বসবাসৰ বাবে উপযুক্ত ঠাই বুলি বিবেচনা কৰে। সমভূমিৰ প্ৰতি মানুহৰ এনেকুৱা দুৰ্বলতাৰ পৰিপ্ৰেক্ষিততে ধৰাপৃষ্ঠৰ সকলোবিলাক সমভূমি বিশেষকৈ নদী উপত্যকাবোৰ অতিকৈ জনবহুল অঞ্চলত পৰিণত হোৱা দেখা যায়।

পৃথিৱীৰ জনসংখ্যাৰ আধাৰো অধিকক আশ্ৰয়ৰ সুবিধা দিছে সমভূমিবোৰে। ধৰাৰ বুকুত এনেকুৱা বসবাসৰ উপযোগী হোৱা হেতুকে গংগা-ব্রহ্মপুত্ৰ উপত্যাকাকে আদি কৰি ইউৰোপৰ বাইন নদীৰ উপত্যকা, ডন নদীৰ উপত্যকা, ডানিয়ুব উপত্যকা, নিপাৰ উপত্যকা, ভৱা উপত্যকা, এছিয়ান ইয়াংজিকিয়াং উপত্যকা, হোৱাংহো উপত্যকা, ইৰাৱতী উপত্যকা, ইউফ্রেতিচ-তাইগ্ৰীচ উপত্যকা; আমেৰিকাৰ মিচিচিপি উপত্যকা, আফ্ৰিকাৰ নীলনদী উপত্যকাসমূহ পৃথিৱীৰ ঘনবসতি অঞ্চলৰূপে চিনাক্তকৰণ কৰা হৈছে। কৃষিকে আদি কৰি যাতায়ত, বেপাৰ-বাণিজ্য, শিল্পউদ্যোগ আদিৰ প্ৰচুৰ সুবিধা থকা বাবেই নদীৰ উপত্যাকাৰ সমভূমিতে প্রাচীন সভ্যতাৰ কেন্দ্ৰ স্বৰূপেও চিহ্নিত হৈছিল। গতিকে দেখা যায় প্রাচীন কালৰে পৰা আজিৰ প্ৰযুক্তি বিদ্যাৰ যুগলৈকে বসবাস বা জীৱিকা নিৰ্বাহৰ বাবে সহজসাধ্য অনুকূল পৰিৱেশ হিচাপে সমভূমিবিলাকে সকলো মানুহৰে মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে আৰু আগলৈকেই ইয়াৰ অন্যথা নহয়।

এইখিনিতে এটা কথা উল্লেখ কৰা অতিব প্রয়োজন আছে যে সমভূমি মাত্রেই যে লোকবসতি বা জীৱিকা নিৰ্বাহৰ বাবে সুচল হয় তেনেকুৱা নহয়। অস্বাস্থ্যকৰ জলবায়ু, শীত-তাপৰ চৰম অৱস্থা, অনুৰ্বৰ মাটি, যাতায়ত তথা পৰিবহনৰ কোনো প্ৰকাৰৰ সুবিধা নথকা বাবে ধৰাৰ বুকুৰ বহুতো সমভূমিৰ প্ৰাকৃতিক পৰিৱেশকো বসবাসৰ বাবে প্রতিকূল অৱস্থা দেখুৱায়। সেইবাবেই ভাৰতবৰ্ষৰ থৰ মৰুমভূমিৰ নিচিনা চাহাৰাৰ শুকান বালিময় সমভূমি, আব্বৰ মৰুভূমি, আমাজান অৱবাহিকা, চাইবেৰিয়াৰ সমভূমি অঞ্চলত মানুহৰ বসতি যিদৰে অতিকৈ পাতল তেনেদৰে অন্যান্য ক্ষেত্ৰটো আজিও অনুন্নত অৱস্থাতে থাকিবলগীয়া হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top