Communicative Assamese Unit 2 মৌখিক যোগাযোগ

Communicative Assamese Unit 2 মৌখিক যোগাযোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Communicative Assamese Unit 2 মৌখিক যোগাযোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Communicative Assamese Unit 2 মৌখিক যোগাযোগ Question Answer can be of great value to excel in the examination.

Communicative Assamese Unit 2 মৌখিক যোগাযোগ

Join Telegram channel

Communicative Assamese Unit 2 মৌখিক যোগাযোগ Notes cover all the exercise questions in UGC Syllabus. The Communicative Assamese Unit 2 মৌখিক যোগাযোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

মৌখিক যোগাযোগ

ASSAMESE

COMMUNICATIVE ASSAMESE

যোগাযোগমূলক অসমীয়া

অতি চমু প্রশ্নোত্তৰঃ

১। বাগিন্দ্রিয় কাক বোলে? ইয়াৰ অংগসমূহ কি কি? 

উত্তৰঃ শৰীৰৰ যি অংগৰ সহায়ত আমি আমাৰ মনোভাৱ আন এজনৰ আগত ভাষাৰ মাধ্যমেৰে ব্যক্ত কৰিব পাৰোঁ সেই অংগৰ নামেই হ’ল বাগিন্দ্রিয়। অর্থাৎ ভাষাত বাগ্ ধ্বনি বিলাক উচ্চাৰিত হোৱা যন্ত্ৰটোৱেই বাগিন্দ্রিয়। বাগ্ ধ্বনি উচ্চাৰণ কৰোঁতে বাগিন্দ্ৰিয়ৰ অন্তৰ্গত বিভিন্ন অংগবিলাক সঞ্চালন হয়। ইয়াৰ অংগবিলাকৰ ভিতৰত প্ৰধানকৈ এইকেইটা বিবৰ থাকে। যেনে—

(ক) মুখবিবৰ।

(খ) নাসিকাবিৰৰ।

(গ) গলকোষ আক।

(ঘ) শ্বাসনলী আৰু এই শ্বাসনলীৰ অন্তৰ্গত ঘটিকা।

২। উচ্চাৰণত ওঁঠ আৰু জিভাৰ ভূমিকা কি? 

উত্তৰঃ বাগিন্দ্ৰিয় অন্তৰ্গত অংগবিলাকৰ ভিতৰত ওঁঠদুটা আৰু জিভাখন সহজতে সঞ্চালন কৰিব পাৰি। সেয়েহে এই অংগকেইটাক উচ্চাৰণকৰণ বোলা হৈছে। বাগ্ ধ্বনিৰ উৎপাদনত দুয়োটা ওঁঠেই ব্যৱহাৰ হয়। ওঁঠ দুটাৰ ভিতৰত বিশেষকৈ তলৰ ওঁঠটো বেছি সঞ্চালনক্ষম। দুয়োটা ওঁঠেৰে উচ্চাৰণ কৰা ধ্বনিত দ্বৌষ্ঠ বা ঔদ্ধ্য ধ্বনি বোলে। অসমীয়া ভাষাৰ প, ফ, ব, ভ, ম ইত্যাদি দ্বৌষ্ঠ ধ্বনি।

বাগিন্দ্ৰিয়ৰ অন্যতম অংগ জিভাখনক ধ্বনিবিজ্ঞানত উচ্চাৰণ কৰণ বুলি কোৱা হয়। কাৰণ ধ্বনিৰ উচ্চাৰণৰ সময়ত জিভাখন অধিক সঞ্চালনক্ষম হৈ থাকে। দীঘলীয়া আকৃতিৰ জিভাখনক পথালিকৈ তিনিটা ভাগ কৰা হৈছে। জিভাখনৰ সন্মুখৰ ভাগটোক আগজিভা বা জিহ্বাপ্রাপ্ত পাছৰ ফালটোক পাছজিভা বা জিহ্বামূল আৰু দুয়োটা অংশৰ মাজৰ অংশটোক মাজজিভা বা কেন্দ্র বোলে। আগজিভাখনক দীঘলে দীঘলে মাজেদি দুভাগ কৰি দুয়োটা ভাগকে জিহ্বাদল বা জিভাদল বুলি কোৱা হয়। অন্যহাতেদি জিভাখনৰ একেবাৰে আগৰ অংশটোক জিহ্বাগ্র বা জিভাৰ আগ বোলা হয়। ধ্বনিৰ উচ্চাৰণত সমগ্র জিভাখনৰে সক্ৰিয় ভুমিকা আছে।

পৃথিৱীৰ সকলো ভাষাতে জিভাৰে উচ্চাৰণ কৰা ধ্বনিয়েই বেছি। জিভাৰ আগ, আগজিভা আৰু পাছজিতা ওপৰলৈ নাও খাই উচ্চাৰণ স্থান তালুকাৰ বিভিন্ন স্থানত স্পৰ্শ কৰি, কেতিয়াবা স্পৰ্শ নকৰাকৈ হাওঁফাওঁৰ পৰা নিৰ্গত বায়ুপ্রবাহক বাধা দি ধ্বনি উচ্চাৰণ কৰা হয়। উচ্চাৰণকৰণ জিভাই উচ্চাৰণৰ স্থান তালুকাত স্পৰ্শ কৰি যিবিলাক ধ্বনি উচ্চাৰণ কৰা হয় সেই ধ্বনিবোৰক স্পর্শ ধ্বনি বোলে। স্পর্শ ধ্বনিবিলাক উচ্চাৰণ কৰোঁতে জিভাখনে কেতিয়াবা দাঁতৰ আগভাগত, দাঁতৰ মূলত আৰু কেতিয়াবা কোমল তালু বা কঠিন তালুত স্পর্শ কৰে। কেতিয়াবা আকৌ জিভাখনে তালুকাত স্পৰ্শ নকৰি দুয়োপাৰি দাঁতৰ মাজত জিহ্বাগ্ৰ উলিয়াই দিও কিছুমান ধ্বনি উচ্চাৰণ কৰা হয়। তেনেকৈ উচ্চাৰণ কৰা ধ্বনিক আন্তদন্ত্য ধ্বনি বোলে। ধ্বনিৰ উচ্চাৰণত জিভাৰ আগ, জিভাৰ মাজভাগ আৰু জিভাৰ পাছঅংশ উঠা-নমা কৰে। সাধাৰণতে স্বৰধ্বনিবোৰ উচ্চাৰণ কৰোঁতে এনে হোৱা দেখা যায়। 

জিভাৰ অৱস্থান অনুযায়ী স্বৰধ্বনিবোৰক প্ৰান্তীয়, কেন্দ্রীয় আৰু মূলীয় তিনিটা ভাগত ভাগ কৰা হয়। ধ্বনিৰ উচ্চাৰণত জিভাদলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। কোনো ধ্বনিৰ উচ্চাৰণত আগজিভাৰ দাঁতিত থকা জিহ্বাদল দুটা চেপেটা হৈ নেথাকি গোটা হয়। এনে অৱস্থাত হাওঁফাওঁৰ পৰা বাহিৰ হৈ অহা বায়ুপ্রবাহ জিভাৰ কাষেদি বাহিৰলৈ ওলাই যায়। পার্শ্বধ্বনি উচ্চাৰণত জিভাৰ অৱস্থান এনে হয়। উদাহৰণ স্বৰূপে অসমীয়া ভাষাৰ ‘ল’ ধ্বনিৰ উচ্চাৰণ পার্শ্বিক। কোনো কোনো ধ্বনিৰ উচ্চাৰণত জিভাদল দুয়োফাল ওপৰলৈ দাংখাই ওপৰৰ দাঁতৰ আলুত লাগি ধৰে। এনে অৱস্থাত জিভাৰ মাজখন অলপ তললৈ নামি যায় আৰু বহিগামী বায়ুপ্রবাহ সেই সংকীর্ণ পথেৰে ঘঁহনি খাই ওলাই আহে। এনে স্থলত উষ্ম ধ্বনিবিলাক উচ্চাৰিত হয়। 

৩। শৰীৰ ভাষাক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ কিকি? 

উত্তৰঃ “যোগাযোগ কলা “গ্ৰন্থখনত ডঃ নীরাজনা মহস্ত বেজবৰাই তিনি ধৰণৰ ভাগৰ উল্লেখ কৰিছে—

(১) শৰীৰ ভাষা সম্পর্কীয়।

(২) স্থানিক দূৰত্ব সম্পৰ্কীয়। 

(৩) বাচিক লক্ষণ।

৪। শৰীৰ ভাষা সম্পৰ্কীয় বিষয়সমূহ কি কি? 

উত্তৰঃ শৰীৰ ভাষাৰ অন্তৰ্গত বিষয় হৈছে—

(ক) ব্যক্তিগত বাহ্যিক ৰূপ।

(খ) দেহভংগী।

(গ) অংগ সংকেত।

(ঘ) মুখ ভংগী।

(ছ) চাক্ষুষ অভিব্যক্তি।

৫। মাত্ৰৰ তীব্ৰতাই যোগাযোগ কলাত কি ভূমিকা পালন কৰে?

অথবা 

কথোককথনত মাত্ৰৰ তীব্ৰতাৰ ওপৰত কি গুৰুত্ব দিব লাগে?

উত্তৰঃ মাতৰ তীব্ৰতাক সাধাৰণতে ইংৰাজীত Volume বুলিয়ে কোৱা হয়। অর্থাৎ কথা কওঁতে উচ্চতা ধৰণেও ক’ব পাৰি নতুবা নিম্ন ধৰণেও ক’ব পাৰে। কিন্তু সাধাৰণতে দুজন লোকে কথা পাতি থাকোঁতে যদি উচ্চতাত বা খৰকৈ চিঞৰি কোৱা হয়, তেতিয়া সেই বক্তব্যৰ মাধুৰ্য্যতা নাই বুলিয়ে ক’ব পাৰি। তেনেদৰে যোগাযোগত কঠোৰভাৱে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰে তেতিয়াও ব্যাঘাত জন্মিব পাৰে। সেইদৰে বাৰ্তালাপত সৰু সৰুকৈ কথা পাতিলেও, সেই কথোপকথন ভীৰুতা, আত্মবিশ্বাসহীনতা, বক্তব্য বিষয় সম্পৰ্কীয় জ্ঞানৰ অসম্পূৰ্ণতা, শংকা ভাব আদিৰ প্ৰতিফলন ঘটিব পাৰে। যোগাযোগত দুজন ব্যক্তিয়ে সদায় কথোপকথনত উচ্চ আৰু নিম্ন এই ধাৰণাৰ ওপৰত চকু দিয়া দৰকাৰ।

৬। কখন বেগৰ গুৰুত্ব বিচাৰ কৰা?

উত্তৰঃ নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমান শব্দ কোৱা হৈছে, কখনৰ বেগ নিৰ্ধাৰণ কৰে। ব্যক্তি গৰাকীয়ে নিৰ্ধাৰিত সময়ত কিমান সংখ্যক শব্দৰ ব্যৱহাৰ কৰিছে সেই সম্পর্কে পোৱা যায়। কথোপকথনত যেতিয়া বেগৰ পৰিমাণ কম হয় তেতিয়া সেই কথন আমনিদায়ক হয়। আনহাতে কখনৰ বেগ যদি বাঢ়ি যায়, তেতিয়া বুজি পোৱাত অসুবিধা হয়। গতিকে যোগাযোগ কথোপকথনত ব্যক্তি দুইগৰাকীয়ে কখনৰ বেগ অনুযায়ী বার্তালাপ কৰিব লাগে, যাতে ইজনে সিজনৰ কথা বুজি পায়।

৭। কণ্ঠস্বৰ কম্পনক ইংৰাজীত কি বুলি কোৱা হয়? বুজাই লিখা?

উত্তৰঃ যেতিয়া মাতসমূহৰ মাজত কম্পন হয় তেতিয়া এনে কার্যক ইংৰাজীত ‘পচ্চ’ (pitch) বুলি কোৱা হয়। মাতবোৰৰ মাজত কেতিয়াবা উঠা-নমা অর্থাৎ সুৰ লহৰৰ বাবে ব্যক্তিজনৰ মনত আৱেগ-অনুভূতি, আন্তৰিকতা আদিৰ উদয় হ’ব পাৰে। এনেধৰণৰ সুৰৰ সলনিৰ দ্বাৰা ব্যক্তিগৰাকীৰ হয়তো আকর্ষণীয়তা, আত্মীয়তা, প্রাণচচ্ছলতা আদিৰ মনত সঞ্চাৰ হ’ব পাৰে। কণ্ঠস্বৰৰ এই কম্পনৰ পৰিমাণ যদি সঠিক হয় তেতিয়া মাতবোৰ স্পষ্ট আৰু প্ৰভাৱশালী হয় আৰু সঠিক নহ’লে শুনি পোৱাত ব্যাঘাত জন্মিব পাৰে। যোগাযোগত সঠিক ৰূপত ব্যৱহাৰ হোৱা কন্ঠস্বৰৰ কম্পনৰ ফলত সম্পৰ্কীয় বাৰ্তালাপখিনি ফলপ্রসূ হ’ব বুলি ক’ব পাৰি।

৮। উচ্চাৰণৰ স্পষ্টতাই কথোপকথনত কেনেদৰে সহায় কৰে আলোচনা কৰা?

উত্তৰঃ কথোপকথনত বক্তা আৰু শ্ৰোতাৰ মাজত বিভিন্ন শব্দ বা বাক্যবিলাকৰ অন্তৰ্গত ধ্বনিসমূহৰ উচ্চাৰণ স্পষ্ট হ’লেহে অধিক ফলপ্রসূ হয়। আনহাতে কথোপকথনৰ মাজত যদি ধ্বনিসমূহৰ উচ্চাৰণ স্পষ্ট নহয় বা খোকোজা লাগে তেতিয়াও আনজন লোকৰ বুজাত অসুবিধা হ’লে যোগাযোগত ব্যাঘাত জন্মিব পাৰে। শব্দসমূহৰ বাৰে বাৰে ব্যৱহাৰ কৰাৰ, কথা প্ৰসংগ শব্দ, বাক্যাংশ এৰি নোযোৱা, আদি কথাবোৰ মন কৰিব লাগে।

সাধাৰণতে উচ্চাৰণ স্পষ্ট কৰিবলৈ হ’লে পাঠবোৰ ডাঙৰ ডাঙৰকৈ পঢ়াৰ অভ্যাস কৰিব লাগে। তেতিয়া অলপ হ’লেও উচ্চাৰণত স্পষ্ট হোৱাও দেখা যায়।

উচ্চাৰণৰ স্পষ্টতা আকৌ কিছু কিছু অঞ্চলক ভিত্তি কৰি ফুটি উঠাও দেখা নাযায়। যেনেদৰে উজনি অসমৰ ক্ষেত্ৰত দেখা পোৱা উদাহৰণ —

মূল বাক্য? প্ৰিয়া আৰু ভাৰতী আজি আমাৰ ঘৰলৈ আহিব।

উজনি অসমঃ

পিয়া আউ ভাৱতী আজি আমা ঘলৈ আহিবও আউ।

নামনি অসমঃ

প্ৰিয়া আৰু ভাৰতী আজি আমাৰ ঘৰক ল ‘গি আইব’।

এনেদৰে মূল ভাষাৰ বাক্যটোৰ একে ঠাইৰে অঞ্চলভেদে উচ্চাৰণৰ স্পষ্টতা বিভিন্ন হোৱা দেখা যায়। এনেধৰণৰ বিচ্ছিন্নতাই যোগাযোগত ব্যাখ্যাত জন্মাব পাৰে যদি আন গৰাকী ব্যক্তি এই বিষয়ত অজ্ঞ হয়।

৯। উচ্চাৰণৰ শুদ্ধতাৰ ওপৰত কিয় গুৰুত্ব দিব লাগে? 

উত্তৰঃ কথোপকথন যিকোনো ভাষাতে নকৰক কিয়, উচ্চাৰণ শুদ্ধভাৱে কৰিব লাগে। উচ্চাৰণ শুদ্ধকৈ কৰিলেহে ভাষা এটা ভালকৈ জানিবলৈ বুজি পাব পাৰি। ভাষা এটাত বান্ধি দিয়া ধ্বনিসমূহৰ উচ্চাৰণ তেনেদৰে কৰিব লাগে, নহ’লে ভাষাটো ভুলকৈ শিকি থকাহে যাব। অসমীয়া ভাষাটো আমি যি ধৰণে লেখে, তেনেধৰণে উচ্চাৰণ নকৰোঁ। অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব বিশেষ জটিল নহয়। ইয়াত বিশিষ্ট স্বৰধ্বনি আঠোটা; বিশিষ্ট ব্যঞ্জন ধ্বনি একৈশটা। কিন্তু কোনো এটা শব্দৰ এটা ধ্বনিৰ হস্ব আৰু দীর্ঘ উচ্চাৰণভেদে শব্দ দুটাৰ অৰ্থত কোনো তাৰতম্য নঘটে। সংস্কৃত ধ্বনিৰ দৈর্ঘ্য্য বিশিষ্ট ৰূপ লক্ষ্য কৰা যায়। সংস্কৃত বানান অনুসৰি লেখা অসমীয়া শব্দবোৰ উচ্চাৰণ কৰোঁতে হস্ব-দীর্ঘৰ উচ্চাৰণ কৰা নহয়। সংস্কৃত ‘খ। ধ্বনিটো অসমীয়াত ‘ৰি’ ৰূপে উচ্চাৰণ কৰা হয়।

সেইদৰে ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰতো মান্য অসমীয়াত দস্ত্য আৰু মূৰ্ধনাৰ পার্থক্য নাই। লিখোঁতে দস্ত্য-মূর্ধনাৰ পাৰ্থক্য ৰাখি লেখিলেও উচ্চাৰণ কৰোঁতে ‘মাটিত বহ’ আৰু তাক ‘মাতি আন’ এই দুয়ো ক্ষেত্ৰত ‘মাটি’ আৰু ‘মাতি’ শব্দ দুটাৰ মূর্ধণ্য আৰু দস্ত্য ‘ত’ দুটা একেধৰণে উচ্চাৰিত হৈছে। কিছুমান শব্দ অসমীয়াত ‘ঢ়’ আখৰেৰে লেখা হয়। উচ্চাৰণত হ’লে সি ‘ৰ’নাইবা ‘ৰ’ আৰু হ’ক সংযুক্ত কৰি উচ্চাৰণ কৰা শুনা যায়; যেনে- ‘বুঢ়া’ শব্দটো বুবা বা বুহা হৈ উচ্চাৰিত হয়। সেইদৰে শ, ষ, স আন ব্যঞ্জনৰ লগত, যুক্ত হ’লে এই ধ্বনিকেইটা আকৌ ‘চ’ ৰূপে উচ্চাৰিত হয়। যেনে – ন্ঠ কৃষ্ণ, প্রশ্ন, বিষ্ণু, উৎসৱ আদি। অসমীয়া ভাষাত (অ) এটা বিশিষ্ট স্বৰধ্বনি। 

কোনো শব্দৰ ‘অ’ স্বৰ-ধ্বনিৰ পাছৰ অক্ষৰত ‘ই’ বা ড’স্বৰ-ধ্বনি থাকিলে সেই অ-টো (অ’) ধ্বনিলৈ ৰূপান্তৰিত হয় ? যেনে — লেখোঁতে, লেখিছোঁ, বাতৰি, ঘৰুৱা ;কিন্তু মাতোতে মাতিছো। বাত’ৰি,ঘ’ৰুৱা বুলি। অসমীয়া ভাষাত্‌ লেখোঁতে অকাৰান্ত যেন হ’লে সচৰাচৰ সেইবোৰ শব্দ বাঞ্জনিন্তৰূপেহে উচ্চাৰিত হয়, যেনে- ঘৰ, বাঘ, হাত ইত্যাদি। কিছুমান শব্দ আছে সেইবোৰক অকাৰান্তৰূপে উচ্চাৰণ কৰিব লাগে, যেনে-নাৰ, বাট, পাভ, কাছ, গাঠ, পল, পাৰ আদি। আনহাতে কিছুমান শব্দ তামোল (তামুল); তোমাৰ (তুমাৰ); ব্যক্তি (বেক্তি)) জীৱন (জীবন, জীঅন); খালো (খালু); পঢ়া (পহা); খোজ কাঢ়া (খুজ কাৰ যকাহা) সংসাৰ (চংচাৰ, সংখাৰ); স্কুল (ইস্কুল); ইত্যাদি শব্দসমূহৰ উচ্চাৰণ সৰল ৰূপ কৰা দেখা যায়।

১০। সাময়িক বিৰতি কি? সাময়িক বিৰতিয়ে বক্ত আৰু শ্রোতাক কি দৰে সহায় কৰে?

উত্তৰঃ কথোপকথনৰ সময়ত বাক্যৰ অন্তৰ্গত শব্দসমূহৰ মাজে মাজে অভ্যাসগতভাৱে অইন শব্দৰ ব্যৱহাৰ কৰা হয় তেতিয়া ইংৰাজীত ‘Pause’ বা পজ বুলি কোৱা হয়। কথোপকথনত দুগৰাকী ব্যক্তিৰ মাজত হৈ আছে তাৰে এগৰাকীয়ে বক্তব্যৰ মাজে মাজে মানে মানে আৰু আউ, ইউ আদিৰ বহুল প্রয়োগে বিৰক্তি প্ৰদান কৰিব পাৰে। এনেধৰণৰ। শব্দ প্রয়োগ কৰাৰ ফলত যোগাযোগত ব্যাঘাত জন্মিবও পাৰে।

মন কৰিবলগীয়া যে কথোপকথনৰ মাজৰ সাময়িক বিৰতিয়ে শ্রোতাৰ দৰে বক্তাৰ বাবেও সুবিধাজনক। এনেদৰে শ্ৰোতাৰ বুজাত সহায় হোৱাৰ লগতে বক্তাৰো এনেদৰে ৰৈ ৰৈ কোৱাত সহায় হয় বুলিয়ে ক’ব পাৰি।।

‘যোগাযোগ কলা’ গ্ৰন্থত ডঃ বেজবৰাই উল্লেখ কৰিছে— সাময়িক বিৰতিয়ে কখনৰ বিষয়টো শ্রোতাৰ বোধগম্য হোৱাত, অনুধাবনযোগ্য হোৱাত সহায় কৰে। এটা ভাবৰ পৰা আন এটা ভাবলৈ সহজ, মসৃণ পথেৰে গতি কৰিবলৈ যেন শ্রোতাজনে সুবিধা পায়। বাক্যৰ ভিতৰতে এনেদৰে সাময়িক বিৰাম দিয়াটো কথনৰ এটা স্বাভাৱিক প্রক্রিয়া। যথোপযুক্ত স্থানৰ এনে যথোপযুক্ত বিৰতিয়ে কখনক সুন্দৰ আভূষণৰ দৰে সজাই পৰাই তোলে। কিন্তু এই যথোপযুক্ততাৰ অভাৱে কথনত বিপৰীত প্রভাৱো পেলাব পাৰে। কক্তাই এইক্ষেত্রত বিশেষ মন কৰিবলগীয়া কথাটো হ’ল — এনে সাময়িক বিৰতি যিহেতু এক স্বাভাৱিক প্রক্রিয়া, গতিকে তাক স্বতঃস্ফূর্তভাৱে আহিবলৈ দিব লাগে। এইক্ষেত্ৰত অত্যাধিক সতর্কতা অৱলম্বনে কখন কাৰ্যটোক কৃত্ৰিম আৰু যান্ত্ৰিক ধৰণৰ কৰি তোলাৰো অৱকাশ থাকে।

১১। শৰীৰ ভাষা সম্পর্কীয় বিষয়বোৰৰ আভাস দিয়া?

উত্তৰঃ শৰীৰ ভাষা সম্পর্কীয় : এজন বক্তাই কথা কওঁতে বা আৰম্ভ কৰোঁতে কথা-বতৰা কেনেধৰণৰ হ’ব সেয়া এক ধাৰণা কৰি ল’ব পাৰি। এই শৰীৰ ভাষাৰ অন্তর্গত বিষয় হৈছে— 

(ক) ব্যক্তিগত বাহ্যিক ৰূপঃ সাধাৰণতে ব্যক্তি এগৰাকী বাহ্যিক ৰূপ যেনে – সাজ-সজ্জা, প্রসাধন, কেশ বিন্যাস আদিক চাই ধাৰণা কৰিব পাৰি। বাহ্যিক ৰূপটো চাইও কেতিয়াবা যোগাযোগ ক্ষেত্ৰত সহায়ক নে বিপৰীত দিশৰ জাননী দিব তাক জানিব পাৰি।

(খ) দেহভংগীঃ যোগাযোগ কার্যত ভিন্ন দেহ-ভংগীমাই বিশেষভাৱে কাৰ্য কৰা দেখা যায়। ব্যক্তি এগৰাকী থিয় হওঁতে, বহোঁতে, খোজকাঢ়োতে প্রকাশ পোৱা ভংগীমাই যোগাযোগত প্ৰভাৱ পেলোৱা দেখা যায়। দেহ- ভংগীত সময়ৰ কথাও জড়িত হৈ থকা দেখা যায়।

(গ) অংগ সংকেত : শৰীৰৰ অংগসমূহ ব্যৱহাৰ কৰিলে কিছুমান ভাল-বেয়া দিশ উন্মোচিত হোৱা দেখা যায়। যোগাযোগত এগৰাকী ব্যক্তিয়ে যদি ভৰি নচুৱাই থাকে, নখ কামুৰি থাকে, আঙুলি ফুটাই থাকে- এনেবোৰ কাৰ্যই হয়তো ব্যাখ্যাত জন্মাব পাৰে। কেতিয়াবা সময়, পৰিস্থিতি সাপেক্ষেও বিভিন্ন হোৱা দেখা যায়।

(ঘ) মুখ ভংগীঃ মুখখনৰ অংগী-ভংগীয়ে যোগাযোগত বিশেষভাৱে কাৰুকার্য কৰা দেখা যায়। কথা কোৱাৰ ধৰণ কেনেধৰণৰ হ’ব এইবোৰ মুখেৰে কোৱা ধৰণৰ ওপৰতে ধাৰণা কৰি ল’ব পাৰি।

(৬) চাক্ষুষ অভিব্যক্তি : যোগাযোগত বিশেষভাৱেচাক্ষুষ অভিব্যক্তিৰ দ্বাৰাও প্ৰভাৱ পৰা দেখা যায়। এগৰাকী ব্যক্তিয়ে কথা কওঁতেও চকুৰ প্ৰাধান্য যায়; সেইদৰে কথা নক’লেও চকুৱে কিছু কিছু কথা প্ৰকাশ কৰা দেখা যায়। চকুৱে বিভিন্ন ধৰণৰ যোগাযোগত ব্যাখ্যাত জন্মাব পাৰে বা ভাল দিশে। কঢ়িয়াই আনিব পাৰে।

১২। স্থানিক দূৰত্ব সম্পর্কীয় বিষয়ত এটি টোকা লিখা?

উত্তৰঃ ‘যোগাযোগ কলা’ গ্ৰন্থত নীৰাজনা মহন্ত বেজবৰাই উল্লেখ কৰিছে— যোগাযোগক ক্ষেত্ৰত স্থানিক দূৰত্বৰ উপযোগিতা সম্পর্কে অধ্যয়ন কৰা

শাখাটোক প্রশ্নেমিক্স বুলি কৰা। মুখামুখি যোগাযোগৰ ক্ষেত্ৰত প্ৰেৰক আৰু গ্ৰাহকৰ মাজৰ দূৰত্বও গুৰুত্ব সহকাৰে বিবেচনীয়। এই দুৰত্বই গ্ৰাহকৰ মনত মনোবৈজ্ঞানিক প্ৰভাৱ পেলাব পাৰে। ওচৰ চাপি গৈ কোৱা | কথাটোৱে অনেক সময়ত যেনেকৈ আত্মীয়তাৰ সৃষ্টি কৰিব পাৰে, তেনেকৈ নিজতকৈ ওপৰৱালাই অথবা কোনো বিশেষ সিদ্ধান্ত গ্ৰহণৰ বাবে আহ্বান জনাই ওচৰ চপা কাৰ্যই প্রয়োজনীয় গাম্ভীৰ্যৰ হানি কৰিবও পাৰে। ব্যক্তিগত বা পাৰিবাৰিক প্ৰসংগৰ উদাহৰণেৰে যোগাযোগৰ ক্ষেত্ৰত প্ৰেৰক গ্ৰাহকৰ মাজত দূৰত্ব কম হয় অথবা কম হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা যায় যদিও ব্যৱধানেহে যোগাযোগ কার্যক আৱশ্যকীয় সফলতা দান কৰিব পাৰে।

১৩। বাচিক লক্ষণ কি? ইয়াৰ অংগসমূহ কি কি?

উত্তৰঃ প্ৰত্যেক ব্যক্তিৰে কথোপকথনত শব্দৰ যোগ হোৱা দেখা যায়। সেইদৰে বাগিন্দ্ৰিয়ৰ যোগিদিহে মানুহে কথা কোৱা দেখা যায়। সাধাৰণতে বাগ্ ধ্বনিৰ উচ্চাৰণ এটা সহজ-সৰল কথা যেন ধাৰণা হয়। হাওফাঁওৰ পৰা বাহিৰলৈ ওলাই অহা নাইবা বাহিৰৰ পৰা মুখৰ ভিতৰলৈ। শুহি লোৱা বায়ু-প্ৰৱাহৰ সহায়ত বিভিন্ন বাগিন্দ্ৰিয় সঞ্চালনৰ দ্বাৰা নাদ সৃষ্টি কৰা হয়। এই নাদেই বাগ্ ধ্বনি বিশেষ।

তদুপৰি বায়ু প্ৰৱাহ আৰু বায়ু প্রবাহৰ পথত অৱস্থিত অঙ্গবোৰ নহ’লে বাগ্ ধ্বনিৰ উচ্চাৰণ সম্ভৱ নহয়। স্বতঃপ্রণোদিত বায়ু প্ৰৱাহৰ গমনাগমনৰ সহায়ত আৰু বিভিন্ন অঙ্গৰ সঞ্চালনাত বাগ্ ধ্বনিৰ সৃষ্টি হয়। সেই কাৰণে ঘটিকা, গলকোষ, মুখব্বিৰ আৰু এই বিবৰস্থ বিভিন্ন অঙ্গ, ওঁঠ আৰু নাসিকাবিবৰ এই সকলোবোৰ অঙ্গকে বাগিন্দ্ৰিয় (Organs of speech) বোলা হয়।

বাগিন্দ্ৰিয়বোৰৰ ভিতৰত তিনিটা প্ৰধান বিৱৰ তিনিটা এডাল শ্বাসনলী আৰু এইবোৰৰ অৱস্থিত কেইটামান অঙ্গ ধৰা হয়। সেইবোৰ বাহিৰৰ পৰা ভিতৰলৈ যথাক্রমে—

(ক) মুখবিৱৰ।

(খ) ওঁঠ দুটা।

(গ) জিভাখন।

(ঘ) তালুক।

(ঙ) নাসিকাবিৱৰ।

(চ) গলকোষ।

(ছ) শ্বাসনলীৰ ঘটিকা বা বাগযন্ত্র।

ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। শৰীৰ ভাষা বুলিলে কি বুজা? শৰীৰ ভাষাক কেই ভাগত ভগাব পাৰি। প্ৰতিটো ভাগৰে ব্যাখ্যা আগবঢ়োৱা?

উত্তৰঃ যোগাযোগত বিশেষকৈ ভাষাৰ মাধ্যম শব্দৰ জৰিয়তে কৰা হয়। মৌখিক বা লিখিত এই দুয়োক্ষেত্ৰত শব্দৰ সহায়তে বার্তা আদান-প্ৰদান প্রেৰক আৰু গ্ৰাহকৰ মাজত হয়। কেতিয়াবা হাত, চকু, মুখ আদিৰ জৰিয়তে অংগী-ভংগীৰে এগৰাকী ব্যক্তিৰ ধৰণ-কৰণ, কোৱাৰ সুৰ-লহৰ, উচ্চাৰণৰ সুৰ আদি বাহ্যিক দিশেৰে কৰা কাৰ্যকে শৰীৰ ভাষা বুলি কোৱ হয়। মৌখিক যোগাযোগ সাধাৰণতে এই শৰীৰ ভাষাৰ জৰিয়তেও কৰা হয়। মৌখিক যোগাযোগত এই শৰীৰ ভাষাৰ ব্যৱহাৰ উদাহৰণ দিয়া হ’ল – যদি এগৰাকী ব্যক্তিয়ে নমস্কাৰ দিয়ে, সাধাৰণতে হাত দুখন যোৰ কৰা দেখা যায়। সেইদৰে অভিনন্দন দিলে হাতখন আগবঢ়াই সম্ভাষণ। জনোৱা দেখা যায়। আশীর্বাদ দিলে হাতখন আগবঢ়াই মূৰত থোৱা কাযই নক’লেও সকলোৱে বুজি পায়।

“যোগাযোগ কলা “গ্ৰন্থখনত ডঃ নীৰাজনা মহস্ত বেজবৰাই তিনি ধৰণৰ ভাগৰ উল্লেখ কৰিছে—

(১) শৰীৰ ভাষা সম্পৰ্কীয়।

(২) স্থানিক দূৰত্ব সম্পর্কীয়।

(৩) বাচিক লক্ষণ।

১। শৰীৰ ভাষা সম্পৰ্কীয় : এজন বক্তাই কথা কওঁতে বা আৰম্ভ কৰোঁতে কথা-বতৰা কেনেধৰণৰ হ’ব সেয়া এক ধাৰণা কৰি ল’ব পাৰি। এই শৰীৰ ভাষাৰ অন্তৰ্গত বিষয় হৈছে—

(ক) ব্যক্তিগত বাহ্যিক ৰূপঃ সাধাৰণতে ব্যক্তি এগৰাকী বাহ্যিক ৰূপ যেনে – সাজ-সজ্জা, প্রসাধন, কেশ বিন্যাস আদিক চাই ধাৰণা কৰিব পাৰি । বাহ্যিক ৰূপটো চাইও কেতিয়াবা যোগাযোগ ক্ষেত্ৰত সহায়ক নে বিপৰীত দিশৰ জাননী দিব তাক জানিব পাৰি।

(খ) দেহভংগী : যোগাযোগ কার্যত ভিন্ন দেহ-ভংগীমাই বিশেষভাৱে কাৰ্য কৰা দেখা যায়। ব্যক্তি এগৰাকী থিয় হওঁতে, বহোঁতে, খোজকাঢ়োতে প্রকাশ পোৱা ভংগীমাই যোগাযোগত প্ৰভাৱ পেলোৱা দেখা যায়। দেহ – ভংগীত সময়ৰ কথাও জড়িত হৈ থকা দেখা যায় ।

(গ) অংগ সংকেত : শৰীৰৰ অংগসমূহ ব্যৱহাৰ কৰিলে কিছুমান ভাল-বেয়া দিশ উন্মোচিত হোৱা দেখা যায়। যোগাযোগত এগৰাকী ব্যক্তিয়ে যদি ভৰি নচুৱাই থাকে, নখ কামুৰি থাকে, আঙুলি ফুটাই থাকে- এনেবোৰ কাৰ্যই হয়তো ব্যাখ্যাত জন্মাব পাৰে। কেতিয়াবা সময়, পৰিস্থিতি সাপেক্ষেও বিভিন্ন হোৱা দেখা যায়।

(ঘ) মুখ ভংগীঃ মুখখনৰ অংগী-ভংগীয়ে যোগাযোগত বিশেষভাৱে কাৰুকাৰ্য কৰা দেখা যায়। কথা কোৱাৰ ধৰণ কেনেধৰণৰ হ’ব এইবোৰ মুখেৰে কোৱা ধৰণৰ ওপৰতে ধাৰণা কৰি ল’ব পাৰি।

(৬) চাক্ষুষ অভিব্যক্তি : যোগাযোগত বিশেষভাৱেচাক্ষুষ অভিব্যক্তিৰ দ্বাৰাও প্রভাৱ পৰা দেখা যায়। এগৰাকী ব্যক্তিয়ে কথা কওঁতেও চকুৰ প্ৰাধান্য দেখা যায়; সেইদৰে কথা নক’লেও চকুৱে কিছু কিছু কথা প্ৰকাশ কৰা দেখা যায়। চকুৱে বিভিন্ন ধৰণৰ যোগাযোগত ব্যাঘ্যাত জন্মাব পাৰে বা ভাল দিশে। কঢ়িয়াই আনিব পাৰে।

২। স্থানিক দূৰত্ব সম্পৰ্কীয়।

‘যোগাযোগ কলা’ গ্ৰন্থত নীৰাজনা মহন্ত বেজবৰাই উল্লেখ কৰিছে—

যোগাযোগক ক্ষেত্ৰত স্থানিক দুৰত্বৰ উপযোগিতা সম্পৰ্কে অধ্যয়ন কৰা।

শাখাটোক প্রক্সেমিক্স বুলি কয়। মুখামুখি যোগাযোগৰ ক্ষেত্ৰত প্ৰেৰক আৰু গ্ৰাহকৰ মাজৰ দূৰত্বও গুৰুত্ব সহকাৰে বিবেচনীয়। এই দুৰত্বই গ্ৰাহকৰ মনত মনোবৈজ্ঞানিক প্ৰভাৱ পেলাব পাৰে। ওচৰ চাপি গৈ কোৱা কথাটোৱে অনেক সময়ত যেনেকৈ আত্মীয়তাৰ সৃষ্টি কৰিব পাৰে, তেনেকৈ নিজতকৈ ওপৰৱালাই অথবা কোনো বিশেষ সিদ্ধান্ত গ্ৰহণৰ বাবে আহ্বান জনাই ওচৰ চপা কাৰ্যই প্রয়োজনীয় গাম্ভীৰ্যৰ হানি কৰিবও পাৰে। ব্যক্তিগত বা পাৰিবাৰিক প্ৰসংগৰ উদাহৰণেৰে যোগাযোগৰ ক্ষেত্ৰত প্ৰেৰক গ্ৰাহকৰ মাজত দূৰত্ব কম হয় অথবা কম হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা যায় যদিও ব্যৱধানেহে যোগাযোগ কার্যক আৱশ্যকীয় সফলতা দান কৰিব পাৰে।

৩। বাচিক লক্ষণ : প্রত্যেক ব্যক্তিৰে কথোপকথনত শব্দৰ যোগ হোৱা দেখা যায়। সেইদৰে বাগিন্দ্ৰিয়ৰ যোগিদিহে মানুহে কথা কোৱা দেখা যায়। সাধাৰণতে বাগ্ ধ্বনিৰ উচ্চাৰণ এটা সহজ-সৰল কথা যেন ধাৰণা হয়। হাওফাঁওৰ পৰা বাহিৰলৈ ওলাই অহা নাইবা বাহিৰৰ পৰা মুখৰ ভিতৰলৈ শুহি লোৱা বায়ু – প্রৱাহৰ সহায়ত বিভিন্ন বাগিন্দ্ৰিয় সঞ্চালনৰ দ্বাৰা নাদ সৃষ্টি কৰা হয়। এই নাদেই বাগ্ ধ্বনি বিশেষ।

তদুপৰি বায়ু প্রৱাহ আৰু বায়ু প্রবাহৰ পথত অৱস্থিত অঙ্গবোৰ নহ’লে বাগ্ ধ্বনিৰ উচ্চাৰণ সম্ভৱ নহয়। স্বতঃপ্রণোদিত বায়ু প্ৰৱাহৰ গমনাগমনৰ সহায়ত আৰু বিভিন্ন অঙ্গৰ সঞ্চালনাত বাগ্ ধ্বনিৰ সৃষ্টি হয়। সেই কাৰণে ঘটিকা, গলকোষ, মুখব্বিৰ আৰু এই বিবৰস্থ বিভিন্ন অঙ্গ, ওঁঠ আৰু নাসিকাবিবৰ এই সকলোবোৰ অঙ্গকে বাগিন্দ্ৰিয় (Organs of speech) বোলা হয়।

বাগিন্দ্ৰিয়বোৰৰ ভিতৰত তিনিটা প্ৰধান বিৱৰ তিনিটা এডাল শ্বাসনলী আৰু এইবোৰৰ অৱস্থিত কেইটামান অঙ্গ ধৰা হয়। সেইবোৰ বাহিৰৰ পৰা ভিতৰলৈ যথাক্রমে—

(ক) মুখবিৱৰ।

(খ) ওঁঠ দুটা।

(গ) জিভাখন।

(ঘ) তালুক।

(ঙ) নাসিকাবিৱৰ।

(চ) গলকোষ।

(ছ) শ্বাসনলীৰ ঘটিকা বা বাগযন্ত্র।

২। বাচিক লক্ষণৰ অন্তর্গত বিষয়সমূহৰ এটি আলোচনা কৰা? 

উত্তৰঃ এই বাচিক লক্ষণৰ অন্তর্গত বিষয় সমূহ তলত সংক্ষেপে আলোচনা কৰা হৈছে। 

(ক) মাতৰ তীব্ৰতা : মাতৰ তীব্ৰতাক সাধাৰণতে ইংৰাজীত Vol- ume বুলিয়ে কোৱা হয়।অৰ্থাৎ কথা কওঁতে উচ্চতা ধৰণেও ক’ব পাৰি নতুন নিম্ন ধৰণেও ক’ব পাৰে। কিন্ত সাধাৰণতে দুজন লোকে কথা পাতি থাকোঁতে যদি উচ্চতাত বা খৰকৈ চিঞৰি কোৱা হয় , তেতিয়া সেই বক্তব্যৰ মাধুর্য্যতা নাই বুলিয়ে ক’ব পাৰি। তেনেদৰে যোগাযোগত কঠোৰভাৱে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰে তেতিয়াও ব্যাঘাত জন্মিব পাৰে। সেইদৰে বার্তালাপত সৰু সৰুকৈ কথা পাতিলে, সেই কথোপকথন ভীৰুতা, আত্মবিশ্বাসহীনতা, বক্তব্য বিষয় সম্পৰ্কীয় জ্ঞানৰ অসম্পূৰ্ণতা, শংকা ভাব আদিৰ প্ৰতিফলন ঘটিব পাৰে।যোগাযোগত দুজন ব্যক্তিয়ে সদায় কথোপকথনত উচ্চ আৰু নিম্ন এই ধাৰণাৰ ওপৰত চকু দিয়া দৰকাৰ।

(খ) বেগ (Pace/ Rate) : নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমান শব্দ কোৱা হৈছে, কথনৰ বেগ নিৰ্ধাৰণ কৰা। ব্যক্তি গৰাকীয়ে নিৰ্ধাৰিত সময়ত কিমান সংখ্যক শব্দৰ ব্যৱহাৰ কৰিছে সেই সম্পৰ্কে পোৱা যায়। কথোপকথনত যেতিয়া বেগৰ পৰিমাণ কম হয় তেতিয়া সেই কথন আমনিদায়ক হয়। আনহাতে কথনৰ বেগ বাঢ়ি যায়, তেতিয়া বুজি পোৱাত অসুবিধা হয়।গতিকে যোগাযোগ কথোপকথনত ব্যক্তি দুইগৰাকীয়ে কথনৰ বেগ অনুযায়ী বাৰ্তালাপ কৰিব লাগে; যাতে ইজনে সিজনৰ কথা বুজি পায়।

(গ) কণ্ঠস্বৰৰ কম্পন : যেতিয়া মাতসমূহৰ মাজত কম্পন হয় তেতিয়া এনে কাৰ্যক ইংৰাজীত ‘পচ্চ’ (pitch) বুলি কোৱা হয়। মাতবোৰৰ মাজত কেতিয়াবা উঠা-নমা অর্থাৎ সুৰ লহৰৰ বাবে ব্যক্তিজনৰ মনত আৱেগ- অনুভূতি, আন্তৰিকতা আদিৰ উদয় হ’ব পাৰে। এনেধৰণৰ সুৰৰ সলনিৰ দ্বাৰা ব্যক্তিগৰাকীৰ হয়তো আকর্ষণীয়তা, আত্মীয়তা, প্রাণচচ্ছলতা আদিৰ মনত সঞ্চাৰ হ’ব পাৰে। কণ্ঠস্বৰৰ এই কস্পনৰ পৰিমাণ যদি সঠিক হয় তেতয়া মাতবোৰ স্পষ্ট আৰু প্ৰভাৱশালী হয় আৰু সঠিক নহ’লে শুনি পোৱাত ব্যাঘাত জন্মিব পাৰে। যোগাযোগত সঠিক ৰূপত ব্যৱহাৰ হোৱা কণ্ঠস্বৰৰ কম্পনৰ ফলত সম্পৰ্কীয় বার্তালাপখিনি ফলপ্ৰসূ হ’ব বুলি ক’ব পাৰি।

(ঘ) উচ্চাৰণৰ স্পষ্টতা : কথোপকথষত বক্তা আৰু শ্ৰোতাৰ মাজত বিভিন্ন শব্দ বা বাক্যবিলাকৰ অন্তর্গত ধ্বনিসমূহৰ উচ্চাৰণ স্পষ্ট হ’লেহে কধিক ফলগ্ৰসূ হয়। আনহাতে কথোপকথনৰ মাজত যদি ধ্বনিসমূহৰ উচ্চাৰণ স্পষ্ট নহয় বা খোকোজা লাগে তেতিয়াও আনজন লোকৰ বুজাত অসুবিধা হ’লে যোগাযোগত ব্যাঘাত জন্মিব পাৰে। শব্দসমূহৰ বাৰে বাৰে ব্যৱহাৰ কৰাৰ, কথা প্ৰসংগ শব্দ, বাক্যাংশ এৰি নোযোৱা, আদি কথাবোৰ মন কৰিব লাগে।। 

সাধাৰণতে উচ্চাৰণ স্পষ্ট কৰিবলৈ হ’লে পাঠবোৰ ডাঙৰ ডাঙৰকৈ পঢ়াৰ অভ্যাস কৰিব লগা। তেতিয়া অলপ হ’লেও উচ্চাৰণত স্পষ্ট হোৱাও দেখা যায়।

উচ্চাৰণৰ স্পষ্টতা আকৌ কিছু কিছু অঞ্চলক ভিত্তি কৰি ফুটি উঠাও দেখা নাযায়। যেনেদৰে উজনি অসমৰ ক্ষেত্ৰত দেখা পোৱা উদাহৰণ —

মূল বাক্য? প্ৰিয়া আৰু ভাৰতী আজি আমাৰ ঘৰলৈ আহিব।

উজনি অসম :

পিয়া আউ ভাৱতী আজি আমা ঘলৈ আহিবও আউ‌।

নামনি অসম :

প্ৰিয়া আৰু ভাৰতী আজি আমাৰ ঘৰক ল’গি আইব’।

এনেদৰে মূল ভাষাৰ বাক্যটোৰ একে ঠাইৰে অঞ্চলভেদে উচ্চাৰণৰ স্পষ্টতা বিভিন্ন হোৱা দেখা যায়। এনেধৰণৰ বিচ্ছিন্নতাই যোগাযোগত ব্যাঘ্যাত জন্মাব পাৰে যদি আন গৰাকী ব্যক্তি এই বিষয়ত অজ্ঞ হয়।

(ঘ) উচ্চাৰণৰ শুদ্ধতা : কথোপকথন যিকোনো ভাষাতে নকৰক কিয়, উচ্চাৰণ শুদ্ধভাৱে কৰিব লাগে। উচ্চাৰণ শুদ্ধকৈ কৰিলেহে ভাষা এটা ভালকৈ জানিবলৈ বুজি পাব পাৰি। ভাষা এটাত বান্ধি দিয়া ধ্বনিসমূহৰ উচ্চাৰণ তেনেদৰে লাগে, নহ’লে ভাষাটো ভুলকৈ শিকি থকাহে যাব। অসমীয়া ভাষাটো আমি যি ধৰণে লেখে, তেনেধৰণে উচ্চাৰণ নকৰোঁ। অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব বিশেষ জটিল নহয়। ইয়াত বিশিষ্ট স্বৰধ্বনি আঠোটা; বিশিষ্ট ব্যঞ্জন ধ্বনি একৈশটা। কিন্তু কোনো এটা শব্দৰ এটা ধ্বনিৰ হস্ব আৰু দীৰ্ঘ উচ্চাৰণভেদে শব্দ দুটাৰ অৰ্থত কোনো তাৰতম্য নঘটে। সংস্কৃত ধ্বনিৰ দৈৰ্ঘ্য্য বিশিষ্ট ৰূপ লক্ষ্য কৰা যায়। সংস্কৃতৰ বানান অনুসৰি লেখা অসমীয়া শব্দবোৰ উচ্চাৰণ কৰোঁতে হস্ব- দীর্ঘৰ উচ্চাৰণ কৰা নহয়। সংস্কৃতৰ ‘খ। ধ্বনিটো অসমীয়াত ‘ৰি’ ৰূপে উচ্চাৰণ কৰা হয়।

সেইদৰে ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰতো মান্য অসমীয়াত দস্ত্য আৰু মূর্ধন্যৰ পাৰ্থক্য নাই। লিখোঁতে দন্ত্য – মূর্ধন্যৰ পাৰ্থক্য ৰাখি লেখিলেও উচ্চাৰণ কৰোঁতে ‘মাটিত বহ’ আৰু তাৰ ‘মাতি আন’ এই দুয়ো ক্ষেত্ৰত ‘মাটি’ আৰু ‘মাতি’ শব্দ দুটাৰ  মূৰ্ধণ্য আৰু দস্ত্য ‘ত’ দুটা  একেধৰণে উচ্চাৰিত হৈছে। কিছুমান শব্দ অসমীয়াত ‘ঢ়’ আখৰেৰে লেখা হয়। উচ্চাৰণত হ’লে সি ’ৰ’ নাইবা ‘ৰ’ আৰু হ’ক সংযুক্ত কৰি উচ্চাৰণ কৰা শুনা যায়; যেনে- ‘বুঢ়া’ শব্দটো বুৰা বা বুহা হৈ উচ্চাৰিত হয়। সেইদৰে শ,ষ; স আন ব্যঞ্জনৰ লগত, যুক্ত হ’লে এই ধ্বনিকেইটা আকৌ ‘চ’ ৰূপে উচ্চাৰিত হয়। যেনে -ণ্ঠ কৃষ্ণ, প্ৰশ্ন, বিষ্ণু, উৎসৱ আদি। অসমীয়া ভাষাত (অ) এটা বিশিষ্ট স্বৰধ্বনি। কোনো শব্দৰ ‘অ’ স্বৰ -ধ্বনিৰ পাছৰ অক্ষৰত ‘ই’ বা ‘ড’স্বৰ- ধ্বনি থাকিলে সেই অ-টো (অ’) ধ্বনিৰ ৰূপান্তৰিত হয়? যেনে — লেখোঁতে, লেখিছোঁ, বাতৰি, ঘৰুৱা; কিন্তু মাতোতে মাতিছো বাত’ৰি, ঘ’ৰুৱা বুলি। 

অসমীয়া ভাষাত লেখোঁতে অকাৰান্ত যেন হ’লে সচৰাচৰ সেইবোৰ শব্দ ব্যঞ্জনান্তৰূপেহে উচ্চাৰিত হয়; যেনে- ঘৰ, বাঘ, হাত ইত্যাদি। কিছুমান শব্দ আছে সেইবোৰক অকাৰান্তৰূপে উচ্চাৰণ কৰিব লাগে, যেনে-নাৰ, বাট, পাভ, কাছ, গাঠ, পল, পাৰ আদি। আনহাতে কিছুমান শব্দ তামোল (তামুল); তোমাৰ (তুমাৰ); ব্যক্তি (বেক্তি)) জীৱন (জীবন, জীঅন); খালো (খালু); পঢ়া (পহা); খোজ কাঢ়া (খুজ কাৰ যকাহা) সংসাৰ (চংচাৰ, সংখাৰ); স্কুল (ইস্কুল); ইত্যাদি শব্দসমূহৰ উচ্চাৰণ সৰল ৰূপ কৰা দেখা যায়।

(চ) স্বৰ নিয়ন্ত্রণঃ বেজবৰাই স্বৰ নিয়ন্ত্রণ ‘যোগাযোগ কলা’ গ্ৰন্থত ডঃ নীৰাজনা মহন্ত বেজবৰাই স্বৰ নিয়ন্ত্রণ সম্পর্কে কৈছে – এই স্বৰ নিয়ন্ত্ৰণত মাতৰ নিয়ন্ত্ৰণ পৰিমাৰ্জন, মাতৰ তীব্ৰতা, কণ্ঠস্বৰৰ আৰোহ – অৱৰোহৰ নিয়মন আদি সামগ্ৰিক ৰূপত সমস্ত কথা সোমাই থাকে। এই সামগ্রিক স্বৰ নিয়ন্ত্রণে মাতত যি সজীৱতা আৰু নমনীয়তা প্ৰদান কৰে, তাৰ দ্বাৰা বিভিন্ন আৱেগ, অনুভৱ-অনুভূতি, বিশ্বাস-অবিশ্বাস উৎকণ্ঠা- সংশয়, আশা-নিৰাশা আদি লোক প্ৰভাৱশালী ধৰণেৰে ফুটাই তোলা সম্ভৱ হৈ উঠে। তাকে নহ’লে বক্তব্য একঘেয়ামি, নীৰস হয়; বক্তাক শ্রোতাই কানীয়া আখ্যা দিয়ে। উপযুক্ত শব্দ বা বাক্যত দিয়া বলাঘাত এ ইয়াত সোণত সুৱগা চৰায়।

উদাহৰণ : তলত দিয়া বাক্যকেইটাৰ তলত আঁচ টনা শব্দকেইটাত বাকীবিলাক শাৰীতকৈ অলপ জোৰ দি উচ্চাৰণ কৰিলে শ্রোতাৰ একঘেয়ামি কমিব, অৰ্থ অধিক স্পষ্ট আৰু প্ৰভাৱশালী হ’ব। কেৱল ভৌতিক দিশতে নহয়, মই যে কৈছোঁ, বৌদ্ধিকভাৱে সমৃদ্ধশালী এখন অসমৰ কথা মই কৈছোঁ।

(ছ) সাময়িক বিৰতি : কথোপকথনৰ সময়ত বাক্যৰ অন্তৰ্গত শব্দসমূহৰ মাজে মাজে অভ্যাসগতভাৱে অইন শব্দৰ ব্যৱহাৰ কৰা হয় তেতিয়া ইংৰাজীত ‘Pause’ বা পজ বুলি কোৱা হয়। কথোপকথনত দুগৰাকী ব্যক্তিৰ মাজত হৈ আছে তাৰে এগৰাকীয়ে বক্তব্যৰ মাজে মাজে মানে মানে আৰু আউ, ইউ আদিৰ বহুল প্রয়োগে বিৰক্তি প্ৰদান কৰিব পাৰে। এনেধৰণৰ শব্দ প্ৰয়োগ কৰাৰ ফলত যোগাযোগত ব্যাঘাত জন্মিবও পাৰে।

মন কৰিবলগীয়া যে কথোপকথনৰ মাজৰ সাময়িক বিৰতিয়ে শ্ৰোতাৰ দৰে বক্তাৰ বাবেও সুবিধাজনক। এনেদৰে শ্ৰোতাৰ বুজাত সহায় হোৱাৰ লগতে বক্তাৰো এনেদৰে ৰৈ ৰৈ কোৱাত সহায় হয় বুলিয়ে ক’ব পাৰি।

‘যোগাযোগ কলা’ গ্ৰন্থত ডঃ বেজবৰাই উল্লেখ কৰিছে— সাময়িক বিৰতিয়ে কখনৰ বিষয়টো শ্ৰোতাৰ বোধগম্য হোৱাত, অনুধাবনযোগ্য হোৱাত সহায় কৰে। এটা ভাবৰ পৰা আন এটা ভাবলৈ সহজ, মসৃণ পথেৰে গতি কৰিবলৈ যেন শ্রোতাজনে সুবিধা পায়। বাক্যৰ ভিতৰতে এনেদৰে সাময়িক বিৰাম দিয়াটো কথনৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া। যথোপযুক্ত স্থানৰ এনে যথোপযুক্ত বিৰতিয়ে কথনক সুন্দৰ আভূষণৰ দৰে সজাই পৰাই তোলে। কিন্তু এই যথোপযুক্ততাৰ অভাৱে কখনত বিপৰীত প্ৰভাৱো পেলাব পাৰে। বক্তাই এইক্ষেত্ৰত বিশেষ মন কৰিবলগীয়া কথাটো হ’ল— এনে সাময়িক বিৰতি যিহেতু এক স্বাভাৱিক প্রক্রিয়া, গতিকে তাক স্বতঃস্ফূর্তভাৱে আহিবলৈ দিব লাগে। এইক্ষেত্ৰত অত্যাধিক সতর্কতা অৱলম্বনে কখন কাৰ্যটোক কৃত্ৰিম আৰু যান্ত্ৰিক ধৰণৰ কৰি তোলাৰো অৱকাশ থাকে।

৩। অসমীয়া স্বৰধ্বনিকেইটা আৰু কি কি? পৰিচয় দি আলোচনা আগবঢ়োৱা ।

উত্তৰঃ স্বৰধ্বনি উচ্চাৰণত জিভাৰ স্থান গুৰুত্বপূৰ্ণ। আলোচনাৰ সুবিধাৰ অৰ্থে ধ্বনি বিজ্ঞানীসকলে জিভাক তিনিটা ভাগত ভগাইছে— জিভাৰ আগভাগ, মাজভাগ আৰু পিছভাগ। এই তিনিটা ভাগৰো প্ৰত্যেকৰে আকৌ দুই-তিনিটাকৈ উপবিভাগ আছে। যেনে : 

(ক) উচ্চ — উচ্চ আৰু উচ্চাভাস।

(খ) মধ্য — মধ্য মধ্যসম আৰু মধ্যাভাস।

(গ) নিম্ন— নিম্ন আৰু নিম্নাভাস।

মুখ বিবৰৰ বিস্তৃতি অনুযায়ী স্বৰধ্বনিবোৰৰ ভাগ দুটা — সংবৃত আৰু বিবৃত। ইহঁতৰো প্ৰত্যেকৰে তিনিটাকৈ উপবিভাগ। যেনে—

সংবৃত — সংবৃত, অর্ধ সংবৃত আৰু সংবৃতাভাস। 

বিবৃত — বিবৃত, অর্ধ সংবৃত আৰু বিবৃতাভাস।

স্বৰধ্বনি উচ্চাৰণত ওঁঠ দুটাৰ প্ৰয়োজনীয়তা উপেক্ষা কৰিব নোৱাৰি। স্বৰধ্বনি উচ্চাৰণৰ কালত জিভাৰ যি আকৃতি লয়, তালৈ লক্ষ্য ৰাখি স্বৰধ্বনিবোৰক দুটা ভাগত ভগোৱা হৈছে— সংবৃত আৰু বিবৃত। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হ’ল— ৮। সেইকেইটা হ’ল— ই, এ’, এ, আ, অ, অ’, ও আৰু উ। ছবিৰ সহায়ত স্বৰধ্বনিকেইটা এনেদৰে দেখুৱাব পাৰি —

অসমীয়া ভাষাত হ্ৰস্থ আৰু দীর্ঘস্বৰৰ কোনো পার্থক্য নাই। তলত বিশিষ্ট স্বৰধ্বনিকেইটাৰ চমু বিৱৰণ দিয়া হ’ল—

/ই/= ই স্বৰধ্বনিটো উচ্চাৰণ কৰোতে জিভাৰ আগভাগ ওপৰলৈ উঠে যাবে উচ্চ; জিভাৰ সমুখেৰে উচ্চাৰিত হোৱা বাবে সমুখ; মুখ বিবৰৰ স্থান কমি যোৱা বাবে অর্থ সংবৃত আৰু ওঁঠ দুটা চেপেটা হৈ থকা বাবে বিবৃত বা বিবৃতৌষ্ঠ স্বৰ। উদাহৰণ— তিল, মিল, কিল আদি।

/এ/ = এ স্বৰধ্বনিটো উচ্চাৰণ কৰোতে এ স্বৰধ্বনিৰ স্থানতকৈ কিছু তললৈ জিভাখন নামে বাবেই মধ্যাভাস বা উচ্চ-নিম্ন-মধ্য, জিকাৰ সমুখ ভাগত উচ্চাৰিত হোৱা বাবে সমুখ; জিভাখন তললৈ নামি অহা বাবে মুখ বিবৰৰ স্থান বৃদ্ধি পায়। সেইবাবে বিবৃত্তাভাস, ওঁঠ দুটাত ভালেখিনি মুকলি হয় বাবে বিবৃত বা বিবৃতৌষ্ঠ ধ্বনি। উদাহৰণ — তেল, খেল, ভেল আদি।

/আ/ = আ স্বৰধ্বনিটো উচ্চাৰণ কৰোতে জিভাখন মুখৰ তলত পৰি থাকে বাবে নিম্ন, জিভাৰ মাজ ভাগৰ পৰা উচ্চাৰিত হয় গুণে কেন্দ্ৰীয়, মুখ বিবৰ সম্পূৰ্ণৰূপে মুকলি হৈ থকা বাবে বিবৃত স্বৰ। উদাহৰণ — তাল, কাল, ফাল আদি।

/অ/ = অ স্বৰধ্বনিটো উচ্চাৰণ কৰোতে জিভাখনৰ পিছফালে আ ধ্বনিতকৈ কিঞ্চিৎ ওপৰলৈ উঠে বাবে নিম্নমধ্য বা নিম্নাভাস; জিভাৰ পিছ বা পশ্চাদেশত উচ্চাৰিত হোৱা বাবে পশ্চ বা মূলীয়; মুখ বিবৰ মুকলি হৈ থকা বাবে বিবৃত; ওঁঠ দুটা গোলাকাৰভাৱেই মুকলি। হৈ থকা বাবে সংবৃত বা সংস্কৃতৌষ্ঠ স্বৰ। উদাহৰণ — তল, কল, ফল আদি।

/অ’/ = অ’ স্বৰধ্বনিটো উচ্চাৰণ কৰোতে জিভাৰ পিছ ভাগ/অ/ ধ্বনিতকৈ কিছু ওপৰলৈ উঠে বাবে উচ্চ-নিম্ন-মধ্য বা মধ্যাভাস; মুখবিবৰ মুকলি হৈ থকা বাবে বিবৃত আৰু ওঁঠ দুটাও ভালেখিনি মুকলি বাবে সংবৃত বা সংস্কৃতৌষ্ঠ স্বৰ। উদহাৰণ— ক’ব, গ’ল, ল’ৰা আদি ।

/ও/ = ও স্বৰধ্বনিটো উচ্চাৰণ কৰোতে জিভাৰ পিছফালটো অ’ ধ্বনিতকৈ কিছু ওপৰলৈ উঠে বাবে উচ্চমধ্য বা মধ্যাভাস; জিভাৰ পিছফালৰ পৰা উচ্চাৰিত হোৱা গুণে পশ্চ আৰু ওঁঠ দুটা গোলাকাৰভাৱে মেলখাই থাকে বাবে বিবৃত বা বিবৃতৌষ্ঠ স্বৰ। উদাহৰণ — ভোগী, ৰোগী, যোগী আদি।

/উ/ = স্বৰধ্বনিটো উচ্চাৰণ কৰোতে জিভাৰ পিছফালটো দাংখায় বাবে উচ্চ; জিভাৰ পিছফাল দাং খাই মুখ বিবৰ মুকলি কৰা বাবে সংবৃত আৰু ওঁঠ দুটা গোলাকাৰ হৈ মেল খাই থাকে বাবে বিবৃত বা বিবৃতৌষ্ঠ ধ্বনি। উদাহৰণ — কুল, ভুল, মূল আদি অসমীয়া ভাষাত এ আৰু এ’ এই বিশিষ্ট ধ্বনি দুটা লিখিবলৈ সুকীয়া আখৰ নাই। দুয়োটা ধ্বনিকে এ আখৰেৰে লিখা হয়। এই ভাষাত স্বৰধ্বনিৰ অনুনাসিকতা বিশিষ্ট ধ্বনি। অনুনাসিকতাই অৰ্থৰ পৰিৱর্তন আনে। যেনে— শো-সোঁ, চা-ছাঁ আদি।

৪। অসমীয়া ব্যঞ্জনধ্বনিকেইটা আৰু কি কি? পৰিচয় দি আলোচনা আগবঢ়োৱা।

উত্তৰঃ অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি হ’ল— একৈশটা। সেইবোৰ হ’ল— ক, খ, গ, ঘ, ঙ, চ, জ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, স আৰু হ। অসমীয়া ভাষাত ও ধ্বনি শব্দৰ আদি স্থানত উচ্চাৰিত নহয়। ব্যঞ্জন ধ্বনিকেইটাৰ উদাহৰণ—

উচ্চাৰণৰ ধৰণ আৰু স্থান অনুযায়ী অসমীয়া বিশিষ্ট ব্যঞ্জন ধ্বনিকেইটাক বিভিন্নধৰণে ভাগ কৰি দেখুৱাব পাৰি। যেনে—

(ক) স্পর্শ ধ্বনি : হাওঁফাওঁৰ পৰা প্ৰৱাহিত বায়ুক জিভাই মুখৰ কণ্ঠ, তালু, মূর্ধা, দাঁত বা দাঁতৰ গুৰিত স্পৰ্শ কৰি অথবা ওঁঠ দুটি চুই ক্ষন্তেকৰ বাবে বন্ধ কৰি দিয়াৰ ফলত যি ব্যঞ্জন ধ্বনিৰ সৃষ্টি হয়, সেয়ে স্পর্শ ধ্বনি। এই ধ্বনিৰ আন নাম হ’ল— নিয়ত ধ্বনি বা স্ফোটনি। অসমীয়া ভাষাত ক, খ, গ, ঘ, ত, থ, দ, ধ, প, ফ, ব আৰু ভ এই বাৰটা বিশিষ্ট স্পর্শ ধ্বনি আছে। নাসিক্য অথবা অনুনাসিক ধ্বনিও স্পর্শ ধ্বনিৰ অন্তৰ্গত। অসমীয়া ভাষাত ঙ, ন, আৰু ম এই তিনিটা নাসিক্য ধ্বনি পোৱা যায়।

উচ্চাৰণৰ ধৰণ অনুযায়ী অসমীয়া ব্যঞ্জন ধ্বনিকেইটাক আকৌ দুটা ভাগত ভগাব পাৰি। 

(১) অঘোষ। আৰু 

(২) ঘোষ। 

(১) অঘোষ ধ্বনি : হাওঁফাওঁৰ পৰা ওলাই অহা প্ৰৱাহ মুখ অথবা নাকেদি ওলাই যায়। এনেদৰে বায়ু ওলাই যাওঁতে সি পোনপ্রথমে ঘটিকা বা কণ্ঠ নালত বাধা পায়। উক্ত ঘটিকাটোৰ ভিতৰত দুচটা মাংসপেশী আছে। ইয়াক স্বতন্ত্ৰী কোৱা হয়। স্বতন্ত্ৰীৰ মাজৰ ঠাইকলৰ নাম স্বতন্ত্ৰী বিবৰ। উশাহ-নিশাহ লওঁতে কেতিয়াবা উক্ত স্বতন্ত্রী মেল খায় আৰু কেতিয়াবা জাপ খাই পৰে। স্বৰতন্ত্ৰী দুচটা আঁতৰা- আঁতৰিকৈ থকা কালত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুৱে কোনো বাধা নোপোৱাকৈ ওলাই যাব পাৰে। তেনেক্ষেত্ৰত স্বৰতন্ত্ৰীৰ কোনোধৰণৰ কঁপনি নুঠে। এনে অৱস্থাত মানুহে উচ্চাৰণ কৰা ধ্বনিবোৰক কোৱা হয় অঘোষ ধ্বনি। অসমীয়া ভাষাৰ ক, খ, ত, থ, প, ফ হ’ল অঘোষ ধ্বনি। সংস্কৃত ভাষাত বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণৰ উপৰি শ, ষ আৰু স এই তেৰটা ধ্বনি অঘোষ।

(২) ঘোষ ধ্বনি : স্বৰতন্ত্ৰী দুচটা ওচৰলৈ চপাই আনিলে স্বৰতন্ত্ৰীৰ মাজৰ পথটো ঠেক হয়। তেতিয়া হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্রৱাহে স্বৰতন্ত্ৰী দুচটাত ঠেলি দিয়ে আৰু ফলত স্বৰতন্ত্ৰীত এটি কম্পনৰ সৃষ্টি হয়। এই কম্পনকে কোৱা হয় ঘোষ। এনে অৱস্থাত উচ্চাৰিত ধ্বনিবোৰ ঘোষ ধ্বনি। অসমীয়া ভাষাত গ, ঘ, দ, ধ আৰু ব, ভ, ঙ, ন, ম, ল, ৰ, ৱ, ষ আৰু হ এইকেইটা ঘোষ ধ্বনি। সংস্কৃত ভাষাৰ বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বর্ণ, য, ৰ, ল, ৱ আৰু হ হ’ল ঘোষ ধ্বনি।

(৩) অল্পপ্রাণ ধ্বনি : কিছুমান ধ্বনি উচ্চাৰণ কৰোতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্রৱাহত শ্বাস নপৰে। স্বৰতন্ত্ৰী দুখন জাপ নোখোৱাকৈয়ে বায়ু ওলাই যায়। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিৰ নাম অল্পপ্রাণ ধ্বনি। নিশ্বাস বায়ুৰ আন নাম প্ৰাণ। তাৰপৰাই উক্ত নামকৰণ। অসমীয়া ভাষাত ক, গ, ত, দ আৰু প, ব বিশিষ্ট অল্পপ্রাণ ধ্বনি। সংস্কৃত ভাষাত ক, চ, ট, ত, প, গ, জ, ড, দ, ব, ড়, ৰ, ল, শ, আৰু সে এই পোন্ধৰটা অল্পপ্রাণ ধ্বনি।

(৪) মহাপ্রাণ ধ্বনি : কোনো কোনো ধ্বনি উচ্চাৰণ কৰা কালত জোৰেৰে নিশ্বাস বায়ু এৰিব লগা হয়। উচ্চাৰণৰ কালত প্রথমে এটা বাধাৰ সৃষ্টি কৰি পিছত নিশ্বাসৰ সহায়ত তাক ভাঙি দিয়াত যি ধ্বনিৰ সৃষ্টি হয়, সেয়ে মহাপ্রাণ ধ্বনি। অসমীয়া ভাষাত খ, ঘ, থ, ধ, ফ, ভ এইকেইটা বিশিষ্ট মহাপ্রাণ ব্যঞ্জন ধ্বনি। সংস্কৃতত খ, ছ, ঠ, থ, ফ, ঘ, ঝ, ঢ, ধ আৰু ভ এই দহোটা মহাপ্রাণ ধ্বনিৰূপে স্বীকৃত।

(খ) উষ্ম ধ্বনি : কোনো কোনো বাঞ্জন ধ্বনি উচ্চাৰণ কৰোতে বায়ু নির্গমন পথ অতি সংকীৰ্ণ হৈ পৰে আৰু সেই সংকীর্ণ পথেদি বায়ু সোঁত ওলাই যাওঁতে ঘঁহনি খাই বায়ুৰ সোঁতটো উত্তপ্ত কৰি তোলে বাবে তাক উষ্ম ধ্বনি বোলে। বায়ু প্রৱাহত ঘৰ্ষণৰ সৃষ্টি হোৱা বাবে এই ধ্বনিবোৰৰ আন নাম হ’ল ঘৃষ্ট ধ্বনি। অসমীয়া ভাষাত চ, জ, স আৰু হ ঊষ্ম বা ঘৃষ্ট ধ্বনি।

(গ) নাসিক্য ধ্বনি : যি ব্যঞ্জন ধ্বনি উচ্চাৰণ কৰোতে হাওঁফাওঁৰ পৰা প্ৰৱাহিত বায়ুমুখৰ পৰিৱৰ্তে নাকেৰে ওলাই যায় তাকে কোৱা হয় নাসিক্য ধ্বনি। অসমীয়া ভাষাত ঙ, ন, আৰু ম এই তিনিটা বিশিষ্ট নাসিক্য ধ্বনি আছে।

(ঘ) কম্পিত ধ্বনি : যি যি ধ্বনি উচ্চাৰণ কৰোতে জিভাৰ আগটোত একাধিকাৰ কঁপনিৰ সৃষ্টি হয়, সেই ধ্বনিকে কম্পিত ধ্বনি বোলে। অসমীয়া ভাষাত ৰ ধ্বনিটো হ’ল কম্পিত ধ্বনি।

(ঙ) পার্শ্বিক ধ্বনি : যি ধ্বনি উচ্চাৰণত জিভাৰ আগটোৱে ওপৰ পাৰি দাঁতৰ তালু স্পৰ্শ কৰে আৰু জিভাখন কিছু পৰিমাণে কোঁচ খোৱাত বায়ু প্ৰৱাহ দাঁতিয়েদি ওলাই যায়, সেই ধ্বনিক পার্শ্বিক ধ্বনি কোৱা হয়। ল অসমীয়া ভাষাৰ একমাত্ৰ পার্শ্বিক ধ্বনি।

(চ) শ্রুতি ধ্বনি : কেতিয়াবা ওচৰা-উচৰিকৈ থকা দুটা ভিন্ন ধ্বনিৰ প্ৰথমটো উচ্চাৰণ কৰি দ্বিতীয়টো উচ্চাৰণ কৰিবলৈ যাওঁতে হঠাৎ এটা নতুন ধ্বনি উচ্চাৰিত হয়। ইয়াক কোৱা হয় শ্রুতি ধ্বনি।অসমীয়া ভাষাত ওচৰা-উচৰিকৈ থকা দুটা স্বৰধ্বনিৰ প্ৰথমটো ই বা উ হ’লে ইৰ পিছত আপোনা-আপুনি য় আৰু উৰ পিছত ৱ হয়। অসমীয়া ভাষাত য় আৰু ৱ এই দুটি বিশিষ্ট শ্ৰুতি ধ্বনি। ইয়াৰ আন নাম অর্ধস্বৰ বা অন্তঃস্থ স্বৰ।

উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া ব্যঞ্জন ধ্বনিকেইটাৰ ভাগ কৰিব পাৰি এনেদৰে—

(ক) ওঁষ্ঠ ধ্বনি : হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্রৱাহক ওঁঠ দুটা লগ লগাই ক্ষন্তেকৰ বাবে ৰোধ কৰিলে যি ধ্বনিৰ সৃষ্টি হয় তাৰ নাম ওঁষ্ঠ ধ্বনি। অসমীয়া ভাষাত প, ফ, ব, ভ, ম আৰু ৱ— এইকেইটা বিশিষ্ট ওঁষ্ঠ ধ্বনি। ওঁষ্ঠ ধ্বনি ঘোষ আৰু অঘোষ দুয়ো প্ৰকাৰৰ পোৱা যায়।

(খ) দন্তমূলীয় ধ্বনি : যি ধ্বনি উচ্চাৰণ কৰোতে জিভাৰ আগটোৱে ওপৰৰ পাৰি দাঁতৰ তালু স্পৰ্শ কৰে তাকে দন্তমুলীয় ধ্বনি বোলে। সংস্কৃতত থকা মূর্ধন্য আৰু দন্ত্য ধ্বনি অসমীয়া ভাষাত পোৱা নাযায়। তাৰ পৰিৱৰ্তে পোৱা যায় দন্তমূলীয় ধ্বনি। চ, জ, ত, থ, দ, ধ, ন, ল আৰু ৰ— এইকেইটা অসমীয়া বিশিষ্ট  দন্তমূলীয় ধ্বনি। অসমীয়া দন্তমূলীয় ধ্বনিসমূহ ঘোষ আৰু অঘোষ — এই দুই শাখাত বিভক্ত।

(গ) তালব্য ধ্বনি : মানুহৰ মুখবিবৰৰ তালুখন তিনিটা অংশত বিভাজিত আগতালু, মাজতালু বা কঠিন তালু আৰু পিছ তালু বা কোমল তালু। আগ জিভাই কঠিন ভালু স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা প্রৱাহিত বায়ুৰ পথ সংকীৰ্ণ কৰি পেলোৱাত যি ধ্বনিৰ সৃষ্টি হয়, সেয়ে তালব্য ধ্বনি। সংস্কৃত ভাষাৰ চ, ছ, জ, ঝ, ঞ, শ আদি তালব্য ধ্বনি। অসমীয়াত একমাত্র য় টোহে তালব্য ধ্বনিৰূপে পোৱা যায়।

(ঘ) পশ্চ-তালব্য ধ্বনি : যি ধ্বনি উচ্চাৰণ কৰোতে জিভাৰ পিছ অংশই পিছ তালু বা কোমল তালুত বতাহৰ গতিক ৰুদ্ধ কৰে তাকে পশ্চ-তালব্য ধ্বনি বোলে। পশ্চ- তালব্য ধ্বনিক সংস্কৃত বৈয়াকৰণসকলে কণ্ঠধ্বনি আখ্যা দিছিল। এইবোৰো ঘোষ আৰু অঘোষ উভয়ে হ’ব পাৰে। 

(ঙ) কণ্ঠ্য বা কণ্ঠনালীয় ধ্বনি : হাওঁফাওঁৰ পৰা প্ৰৱাহিত বায়ুৱে স্বৰতন্ত্ৰীত বাধাপ্রাপ্ত হৈ যি শ্বাসৰ সৃষ্টি কৰে, সেয়ে কণ্ঠ্য বা কণ্ঠনালীয় ধ্বনি। হ অসমীয়া ভাষাৰ একমাত্র কন্ঠ নালীয় ধ্বনি। চিত্ৰৰ সহায়ত অসমীয়া ব্যঞ্জন-ধ্বনিকেইটা এনেদৰে তালিকাভুক্ত কৰিব পাৰি —

৫। কবিতা এটা আবৃত্তি কৰি সফলতা লাভৰ প্ৰাথমিক চৰ্ত কি কি? 

উত্তৰঃ কবিতা এটা আবৃত্তি কৰি সফলতা লাভ কৰিবৰ বাবে প্রয়োজনীয় প্রাথমিক চৰ্তসমূহ হৈছে—

(১) কবিতাটোৰ ভাৱ আৰু অৰ্থ হৃদয়ংগম কৰি কবিতাটো মুখস্থ কৰাটো কবিতা এটা আবৃত্তিৰ প্ৰথম চৰ্ত। কাৰণ কবিতাটো মুখস্থ নাথাকিলে আবৃত্তিকাৰে মঞ্চৰ পৰা শ্ৰুতা-দৰ্শকৰ লগত প্ৰত্যক্ষ দৃষ্টি সংযোগ কৰাত ব্যর্থ হয় ।

(২) শব্দৰ শুদ্ধ উচ্চাৰণ কবিতা এটা আবৃত্তিৰ সফলতাৰ মূল উপজীব্য । প্ৰতিটো শব্দৰ ধ্বনিয়ে শ্রুতাৰ কাণত অনুৰণিত কৰিব পাৰিব লাগিব।

(৩) যতি-বিৰাম, দাড়ি, কমা, প্ৰশ্নবোধক চিহ্নসমূহৰ সফল ৰূপত প্রয়োগ কৰা । 

(৪) ধ্বনি, আৱেগ, অনুভূতি আদি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব । অন্যথা শ্ৰুতা-দর্শকে বিৰক্তি পোৱাটোহে স্বাভাৱিক ।

(৫) কবিতা আবৃত্তিৰ বাবে আন এটা গুৰুত্বপূৰ্ণ চৰ্ত হ’ল আবৃত্তিকাৰে কণ্ঠৰ উত্থান-পতনেৰে বিষয়ভিত্তিক চিত্ৰকল্পক প্রাণৱন্ত কৰি তোলা ।

(৬) মঞ্চত কবিতা আবৃত্তিৰ এটা অন্যতম চৰ্ত হ’ল- মৌখিক অভিব্যক্তি প্ৰকাশ কৰিবলৈ যাওঁতে সাৱলিলভাৱে ডিঙি আৰু মুখমণ্ডল সঞ্চালন কৰাৰ বাহিৰে হাত-ভৰি জোকাৰি বা নৃত্য কৰি কবিতা আবৃত্তি কৰাটো একেবাৰে নিষিদ্ধ ।

বহুক্ষেত্ৰত দেখা পাওঁ কিছু অভিভাৱক, শিক্ষক-শিক্ষয়িত্রীয়ে অজ্ঞতাৰ বাবে নিজৰ সন্তান বা ছাত্র-ছাত্রীক কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ মঞ্চলৈ হাত-ভৰি জোকাৰি কবিতা আবৃত্তি কৰিবলৈ শিকাই পঠিয়াই যাৰ ফলত পুৰস্কাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হবলগীয়া হয়। অৱশ্যে বিচাৰকেও কেতিয়াবা তেনে প্রতিযোগিক পুৰস্কাৰৰ বাবে বাছনি কৰা দেখা পাওঁ ।

ই আচলতে বিচাৰকৰ কবিতা আবৃত্তিৰ সম্পৰ্কে থকা জ্ঞানশূন্যতাৰ পৰিচয়ৰ বাহিৰে আন একো নহয় । 

মূলতঃ আবৃত্তি হৈছে ভাষা শিক্ষাৰ এক উৎকৃষ্ট আহিলা । গতিকে শিশুসকলে কবিতা আবৃত্তি কৰিবলৈ শিকাব মনোনিৱেশ কৰিব লাগে । প্ৰয়োজনত অভিজ্ঞজনৰ দিহা-পৰামৰ্শ লোৱা উচিত ।

৬। ধ্বনিবিজ্ঞান কাক বোলে? ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ সম্পৰ্ক আৰু পাৰ্থক্য বিচাৰ কৰি এটি টোকা যুগুত কৰা।

উত্তৰঃ হাওঁফাওঁৰপৰা বতাহ বাহিৰলৈ উলিয়াই আনি অতবা হাওঁফাওঁলৈ মুখেৰে বতাহ শুহি লৈ বাগিন্দ্ৰিয়ৰ সহায়ত যি নাদ উচ্চাৰণ কৰা হয় সেয়ে বাগধ্বনি। বাগধ্বনি বা ধ্বনি হ’ল ভাষাৰ মৌলিক সামগ্রী। ভাষাবিজ্ঞানৰ এক বিশেষ ভাগ হৈছে ধ্বনিবিজ্ঞান। ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়। বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতং বিৱৰণ ধ্বনিবিজ্ঞানৰ বিষয়বস্তু। ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰিয়, উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ আৰু গুণ, ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসম্মত সূক্ষ্ম আলোচনা ধ্বনিবিক্ষানত কৰা হয়। মানুহে বিভিন্ন বাগযন্ত্ৰৰ সহায়ত কেনেকৈ ধ্বনি উৎপন্ন কৰে, ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে, ধ্বনিয়ে কেনেকৈ এজনৰ মুখৰপৰা গৈ আনজনৰ শ্ৰৱণেন্দ্ৰিয়ত প্ৰতিক্ৰিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানৰ আলোচ্য বিষয়। ধ্বনিৰ প্ৰকাৰ ভেদ, ধ্বনিৰ হ্লস্ব-দীর্ঘ, অনুনাসিকতা; যুগ্মতা আদি বিষয় ধ্বনিবিজ্ঞানে খৰচি মাৰি আলোচনা কৰে। ধ্বনিবিজ্ঞানৰ অধ্যয়নত এই দুই দিশত গুৰুত্ব দিয়ে—

(ক) বাগযন্ত্ৰৰ জৰিয়তে উচ্চাৰিত ধ্বনিসমূহৰ তাত্ত্বিক আৰু প্রায়োগিক দিশৰ অধ্যয়ন কৰা। ধ্বনিসমূহৰ উচ্চাৰণৰ বিশেষত্ব অনুসৰি ধ্বনিৰ প্ৰকাৰ নিৰ্ণয় আৰু পৰিভাষা নিৰ্ণয় কৰা। পৃথিীৰ সকলো ভাষাতে উচ্চাৰিত ধ্বনিসমূহৰ বিচাৰ- বিশ্লেষণ কৰা।

(খ) বাগযন্ত্রই অর্থাৎ ওঁঠ, দাঁত, জিভা, নাসিকাবিবৰ, তালুকা, গলকোষ, স্বৰতন্ত্ৰী, ঘটিকা আনিয়ে ধ্বনিয়ে ধ্বনিসমূহ উৎপাদন কৰোঁতে কেনেদৰে কাম কৰে এই সম্পর্কেও ধ্বনিবিজ্ঞানত আলোচনা কৰা হয়। 

ধ্বনিবিজ্ঞানৰ অধ্যয়নৰ প্ৰকৃতি বা স্বৰূপলৈ লক্ষ্য ৰাখি তিনিটা শাখাত ভাগ কৰা হৈছে—

(ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান।

(খ) ধ্বন্যাত্মক বা শ্রুতি ধ্বনিবিজ্ঞান।

(গ) শ্রৱণাত্মক ধ্বনিবিজ্ঞান।

(ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান।

ধ্বনিবিজ্ঞানৰ যিটো শাখাত ধ্বনিৰ উচ্চাৰণ, বাগযন্ত্ৰৰ বৰ্ণনা, ধ্বনি উচ্চাৰণৰ স্থান, প্ৰকাৰ আৰু কৌশল অনুসৰি ধ্বনিৰ শ্ৰেণীবিভাগ আদি সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহ সাধাৰণ ভাষাবিজ্ঞানত বিশ্লেষণৰ বাবে উচ্চাৰণাত্মক ধ্বনিবিজ্ঞানেই প্রধান অপৰিহাৰ্য।

(খ) ধ্বন্যাত্মক ধ্বনিবিজ্ঞান : ধ্বনিবোৰ শুনাৰ পাছত সিবোৰৰ সংযোগত শ্রোতাই পূৰ্বজ্ঞানৰ আধাৰত অৰ্থ বুজি পায়। পূর্বজ্ঞান নাথাকিলে বা সঞ্চিত জ্ঞান নাথাকিলে শ্রোতাই ধ্বনিসংযোগত সৃষ্টি হোৱা কথাবোৰৰ অৰ্থ বুজি নাপায়। সেয়ে অচিনাকী ভাষা এটা শুনিলে শ্রোতাই একো অৰ্থ পাব নোৱাৰে। কাণেৰে শুনা বা নুশুনা কথাটো আকৌ মনোযোগৰ ওপৰতহে নিৰ্ভৰ কৰে। মনোযোগ নাথাকিলে শুনা নাযায়। উদাহৰণস্বৰূপে — আমি আনৰ লগত কথা – বতৰা পাতোতে কথাখিনিত মনোযোগ দিয়াৰ বাবে বক্তাৰ কথাখিনিহে শুনো। একে সময়তে আঁতৰৰপৰা আহি কাণত পৰা চৰাই-চিৰিকতিৰ মাত, গাড়ীৰ মাত আদি শুনা নাযায়। অর্থাৎ কৰ্ণকুহৰত ধ্বনি এটাই খুন্দা মৰাৰ পাছত স্নায়ুৰ মাধ্যমেদি বাৰ্তাটি মগজুলৈ প্ৰেৰিত হয় আৰু তেতিয়াহে সঞ্চিত জ্ঞান থাকিলে অর্থ পোৱা যায় আৰু নাথাকিলে অর্থ পোৱা নাযায়। গতিকে শুনা আৰু বুজাৰ মাজত আৰু এটা প্ৰক্ৰিয়া আছে। শ্ৰৱণতত্ত্বৰ লগত জড়িত ধ্বনিবিজ্ঞানৰ এই শাখাটোক ধ্বন্যাত্মক ধ্বনিবিজ্ঞান বা শ্রুতি ধ্বনিবিজ্ঞান বোলা হয়। ধ্বন্যাত্মক ধ্বনিবিজ্ঞানত বাগ্ ধ্বনিসমূহৰ ভৌতিক গুণ সম্পৰ্কে অধ্যয়ন কৰা হয়। উচ্চাৰিত বাগ্ ধ্বনিসমূহে শ্ৰৱণকেন্দ্ৰত ঠেকা খাই মগজুত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, এই সম্পর্কে ধ্বন্যাত্মক ধ্বনিবিজ্ঞানত অধ্যয়ন কৰা হয়। ইয়াত ধ্বনিৰ বিভিন্ন গুণ সম্পর্কে অধ্যয়ন কৰোঁতে নানাবিধ যন্ত্ৰপাতিৰ সহায় লোৱা হয়। পেলেটোগ্রাফ, কাইমোগ্রাফ, স্পেক্টোগ্রাফ আদিৰ সহায়ত কোনো এটা ভাষাৰ সুৰ, দৈর্ঘ্য, অনুনাসিকতা, ঘোষত্ব আদিৰ সম্পৰ্কেও বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰা হয়। ধ্বনিবিজ্ঞানৰ এই শাখাক প্রায়োগিক বা যান্ত্রিক ধ্বনিবিজ্ঞান আদি নামেৰেও অভিহিত কৰিব পাৰি।

(গ) শ্রৱণাত্মক ধ্বনিবিজ্ঞান : ধ্বনিবিজ্ঞানে বক্তা আৰু শ্ৰোতাৰ মাজত থকা বায়ুৰ অংশটোকো এৰি দিয়া নাই। শ্রৱণাত্মক ধ্বনিবিজ্ঞানত বাগধ্বনিৰ শাৰীৰিক গুণ সম্পর্কে অধ্যয়ন কৰা হয়। বক্তাই ধ্বনি উচ্চাৰণ কৰোঁতে সন্মুখৰ বায়ুত কিছুমান তৰঙ্গৰ সৃষ্টি হয়। সেই তৰঙ্গবোৰেই গৈ কৰ্ণকুহৰত খুন্দা মাৰে আৰু তেতিয়া শ্ৰৱণকেন্দ্ৰ অর্থাৎ স্নায়ুকোষত উঠে আৰু ইয়াৰ পাছতে মগজুৱে সংবাদ গ্রহণ কৰে। বক্তাৰ মুখৰপৰা নিৰ্গত হোৱা ধ্বনিসমূহে বায়ুমণ্ডলৰ মাজেদি গৈ শ্ৰোতাৰ কৰ্ণকুহৰত স্পৰ্শ কৰাৰ পাছত সংবাদ গ্ৰহণলৈকে হোৱা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই শ্ৰৱণাত্মক যন্ত্ৰপাতিৰ সহায়ত গৱেষণাগাৰত বাগধ্বনিৰ কম্পন বিশ্লেষণ কৰে। শ্ৰৱণাত্মক ধ্বনিবিজ্ঞানৰ সূচনা হয় দ্বিতীয় মহাযুদ্ধৰ পাছৰপৰা। এই শাখাৰ ধ্বনিবিজ্ঞানে ধ্বনি অধ্যয়নৰ নিৰ্ভুল আৰু সুক্ষ্মাতিসূক্ষ্ম বিৱৰণ দাঙি ধৰিব পাৰে বুলি ভৱা হয় যদিও ভাষাবিজ্ঞানীসকল বৰ আগ্ৰহী নহয় ।

বর্ণবিজ্ঞান : ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা অন্যতম ভাগ হ’ল বর্ণবিজ্ঞান। পৃথিৱীৰ ভাষাবিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ প্ৰকৃতি আৰু প্ৰয়োগ বিশ্লেষণৰ এৰ প্ৰণালীবদ্ধ প্ৰক্ৰিয়াই হৈছে বর্ণবিজ্ঞান। বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হোৱা ধ্বনিসমূহ প্রত্যেক ভাষাত বেলেগ বেলেগ ধৰণে প্ৰয়োগ হয়। অর্থাৎ উচ্চাৰিত সকলো ধ্বনিৰ প্ৰকৃতি আৰু প্রায়োগিক বৈশিষ্ট্য সুকীয়া। ইয়াৰে কিছুমান ধ্বনিৰ উচ্চাৰণ অতি স্পষ্ট। আনহাতে আকৌ কিছুমান ধ্বনিৰ অস্তিত্ব সেই ভাষা- ভাষী লোকসকলে উপলব্ধি কৰিব নোৱাৰে। ভাষাত উচ্চাৰিত স্পষ্ট আৰু সমগোত্রীয় ধ্বনিবিলাকৰ প্রয়োগ বিশ্লেষণ কৰি বৰ্ণ নিৰ্ণয় কৰা হয়।

কোনো ভাষা বিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহ বিভিন্ন পৰিৱেশত প্রতীপ আৰু প্ৰয়োগৰ দ্বাৰা বিশ্লেষিত হৈ বৰ্ণ, উপধ্বনি আদি নিৰ্ণয় কৰাৰ লগতে ভাষাটোৰ সামগ্রিক বর্ণতাত্ত্বিক আলোচনা য’ত কৰা হয় তাকে বর্ণবিজ্ঞান বোলে। বর্ণবিজ্ঞানৰ সহায়ত ধ্বনিৰ পৰিবেশ, প্রয়োগ, প্রকৃতি, গুণ ইত্যাদি বিচাৰ কৰি প্ৰণালীবদ্ধভাৱে বৰ্ণ। আৰু উপধ্বনি নিৰ্ণয় কৰাৰ পাছত ভাষাবিশেষৰ বৰ্ণলিপিও নিৰ্ধাৰণ। কৰা হয়। বৰ্ণৰ অন্তৰ্নিহিত হৈ থকা উপধ্বনিবোৰৰ ভিতৰত যিটো উপধ্বনিৰ বহুল ব্যৱহাৰ হয় সেই উপধ্বনিৰ চিহ্নকে বৰ্ণটোৰ লিপি হিচাপে লোৱা হয়।

ধ্বনিতত্ত্ব : ভাষাবিজ্ঞানৰ এটা বিশেষ ভাগ হৈছে ধ্বনিতত্ব। কোনো এটা । ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ প্ৰণালীবদ্ধ আলোচনাই সেই ভাষাৰ ধ্বনিতত্ত্ব। ভাষা এটাৰ ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞানৰ সামগ্রিক আলোচনা য’ত থাকে সেয়াই ধ্বনিতত্ত্ব। ধ্বনিতত্ত্বত ধ্বনি কি? ধ্বনি কেনেকৈ, ক’ত উৎপত্তি হয়? কাণৰ সহায়ত ধ্বনিক কেনেকৈ গ্ৰহণ কৰা হয়? এটা ধ্বনিৰ লগত অন্য এটা ধ্বনিৰ উচ্চাৰণৰ পাৰ্থক্য কিয় আৰু কেনেকৈ হয়? — আদি দিশবোৰ আলোচনা কৰা হয়। বিশেষকৈ ভাষা বিশেষত উচ্চাৰিত ধ্বনিৰ উৎপাদন আৰু ধ্বনিৰ গুণ আৰু প্ৰকৃতি সম্পৰ্কেহে ইয়াত সুক্ষ্মভাৱে বিচাৰ কৰা হয়। ব্লুমফিল্ডৰ মতে বাগধ্বনিৰ প্ৰণালীবদ্ধ আলোচনাই হৈছে ধ্বনিতত্ত্ব বা কাৰ্যকৰী ধ্বনিবিজ্ঞানৰ ধাৰা। ধ্বনিবিজ্ঞানী কে. এল পাইকৰ মতে ধ্বনিবিজ্ঞানে ভাষাৰ কেঁচা সামগ্ৰী গোটায় আৰু বর্ণবিজ্ঞানে এই সামগ্ৰীসমূহ ৰন্ধন কৰে। অর্থাৎ ধ্বনিতত্ত্বৰ আলোচনাত কোনো এটা ভাষাৰ ধ্বনিগত কেঁচা সামগ্ৰী গোটোৱাৰ পৰা বৰ্ণতাত্ত্বিক বিশ্লেষণলৈকে সমস্ত প্রক্রিয়াটো পোৱা যায়।

ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ সম্পৰ্ক : ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্ব — ভাষাবিজ্ঞানৰ এই দুয়োটা শাখাতে বাগধ্বনি সম্পর্কে বিজ্ঞানসম্মতবাৱে বিচাৰ-বিশ্লেষণ কৰা হয়। গতিকে ধ্বনিৰ অধ্যয়নৰ লগত থকা সম্পৰ্কৰ ফালৰপৰা দুয়োটাৰে মাজত দুয়োটাৰে মাজত পাৰস্পৰিক মিল থকা স্বাভাৱিক। গবেষক এজনে কোনো ভাষাৰ বাগধ্বনিৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ কৰিবলৈ যাওঁতে তেওঁৰ ধ্বনিবিজ্ঞানৰ প্রাথমিক জ্ঞানৰ আৱশ্যক। যিহেতু ধ্বনিবিজ্ঞান বাগধ্বনি অধ্যয়নৰ প্রাথমিক দিশ। ইয়াত কেৱল পৃথিৱীৰ ভাষাসমূহত উচ্চাৰিত হোৱা বাগধ্বনিসমূহৰ সাধাৰণভাৱে চিনাক্ত কৰা হয়। কিন্তু বিশ্বৰ বেলেগ বেলেগ ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ উচ্চাৰণ আৰু প্ৰয়োগ বেলেগ।

ভাষা অনুসৰিও ধ্বনিৰ উচ্চাৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। বৈশিষ্ট্যসম্পন্ন ভাষা বিশেষৰ ধ্বনি সম্পর্কে অধ্যয়ন কৰিবলৈ লওঁতে ধ্বনি অধ্যয়ন প্রণালী অর্থাৎ ধ্বনিতত্ত্বৰ আবশ্যক। ধ্বনিবিজ্ঞানে ভাষাটোৰ প্রাথমিক সামগ্ৰী গোটাই দিয়ে, বর্ণবিজ্ঞানে ভাষা বিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ ধ্বনিতত্ত্বৰ সহায়ত ধ্বনিৰ প্ৰকৃতি আৰু প্রায়োগিক বৈশিষ্ট্য নির্ণয় কৰি বৰ্ণ আৰু উপধ্বনি বিচাৰ কৰে অৰ্থাৎ ধ্বনিৰ বিশ্লেষণ আৰু প্ৰকৃতি বিচাৰ কৰে। ধ্বনি যেনেদৰে এটা ভাষাৰ মূল ভেঁটি, ধ্বনিবিজ্ঞানো ভাষাবিজ্ঞানৰ মূল ভেঁটি, ধ্বনিবিজ্ঞানে ভাষাটোৰ মূল ভেঁটি। ধ্বনিবিজ্ঞানে ধ্বনিতত্ত্বক প্রাথমিক সামগ্ৰীৰ যোগান ধৰে। ধ্বনিবিজ্ঞানত পৃথিৱীৰ ভাষাসমূহৰ ধ্বনিৰ উচ্চাৰণ, প্রকৃতি বা স্বৰূপ সম্পর্কে আভাস পোৱা যায় আৰু ধ্বনিতত্ত্বত কোনো এক বিশেষ ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ গুণ, প্রকৃতি সম্পর্কে জানিব পাৰি।

ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ পাৰ্থক্য : ভাষাবিজ্ঞানত বাগ্ ধ্বনিৰ অধ্যয়নত ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্বৰ ভূমিকা আছে যদিও

প্রত্যেকৰ স্বকীয় বৈশিষ্ট্য অনুসৰি পাৰ্থক্য পৰিলক্ষিত হয়। যিহেতু ধ্বনিবিজ্ঞান হ’ল উচ্চাৰিত ধ্বনিৰ বিজ্ঞান। ইয়াত পৃথিৱীৰ সকলো ভাষাৰ ধ্বনিসমূহৰ উৎপাদন, উচ্চাৰিত ধ্বনিসমূহ বক্তাৰ মুখৰপৰা শ্রোতালৈ প্ৰেৰণ আৰু ধ্বনিসমূহৰ গ্ৰহণ সম্পর্কে সূক্ষ্মভাৱে আলোচনা কৰা হয়। এই আলোচনাত ধ্বনি প্রাথমিক আৰু সাধাৰণ আলোচনা কৰা হয়।

ধ্বনিতত্ত্বত কোনো এটা ভাষাত উচ্চাৰিত বাগ্ ধ্বনি আৰু ধ্বনিসমূহৰ পৰিবৰ্তন, বৰ্ণ আৰু উপধ্বনি সম্পর্কে সূক্ষ্মভাৱে আলোচনা কৰা হয়। যদি ধ্বনিবিজ্ঞানক এখন পৃথিৱী বুলি কোৱা হয়, তেনেহ’লে ধ্বনিতত্ত্বক এখন দেশ বুলি ক’ব লাগিব।কাৰণ ধ্বনিতত্ত্বই সমগ্ৰ পৃথিৱীৰ বাগ্ ধ্বনিৰ অধ্যয়ন কৰে আনহাতে ধ্বনিতত্ত্বই কোনো এটা ভাষাৰহে অধ্যয়ন কৰে।

ধ্বনিতত্ত্ব আৰু ধ্বনিবিজ্ঞানৰ পাৰ্থক্য সম্পৰ্কে জনচ্‌ লিয়নচে কৈছে যে ধ্বনি বিজ্ঞানত উচ্চাৰিত ধ্বনিসমূহৰ ক্ৰমবন্ধ বৈপৰীত্য আৰু সহবদ্ধ সংযোগ স্বাধীনভাৱে বিচাৰ বিবেচনা কৰা হয়, আনহাতে ধ্বনিতত্ত্বত ভাষাবিজ্ঞানীয়ে এটা বিশেষ ভাষাৰ ধ্বনি সম্পৰ্কেহে বৰ্ণনা কৰে। ধ্বনিতত্ত্বৰ বিষয় হৈছে— ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ সাধাৰণ ধ্বনি প্ৰণালীৰ বিষয়ে আলোচনা কৰা। ধ্বনিবিজ্ঞানৰ পৰা ধ্বনিতত্ত্বই নির্বাচিত কিছুমান ধ্বনি সামগ্রী লৈ কোনো বিশেষ ভাষাৰ অধ্যয়ন চলায়। সাধাৰণতে পৃথিৱীৰ বিভিন্ন ভাষাত বাগিন্দ্ৰিয়ৰ সহায়ত মানুহে ভিন্ন ধৰণৰ বাগধ্বনি উচ্চাৰণ কৰা দেখা যায়। কিন্তু বিশেষ ভাষিকগোষ্ঠীয়ে ব্যৱহাৰ কৰা বিশেষ ভাষাত উচ্চাৰণ হোৱা ধ্বনিৰ সংখ্যা সীমাবদ্ধ। প্রত্যেক ভাষাত উচ্চাৰিত হোৱা বাগধ্বনিৰ উচ্চাৰণৰ প্ৰকৃতি আৰু গুণ বিশেষত্বপূর্ণ। মুঠতে ধ্বনিতত্ত্বত ধ্বনিৰ নিৰ্বাচন আৰু এই ধ্বনিসমূহৰ প্ৰয়োগ বিশ্লেষণেই অধ্যয়নৰ মূল বিষয়।

ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ পাৰ্থক্য সম্পৰ্কে ৰবিন্সে কৈছে যে ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বত ধ্বনিৰ উচ্চাৰণ সম্পৰ্কে আলোচনা কৰা হয় যদিও দুয়োটাৰে দৃষ্টিভংগী সুকীয়া। ধ্বনিবিজ্ঞান হৈছে, সাধাৰণকৃত, বর্ণনামূলক আৰু বৰ্গীকৃত। আনহাতে ধ্বনিতত্ত্ব হৈছে, নিৰ্দিষ্ট আৰু কাৰ্যকৰী। কাৰণ ধ্বনিতত্ত্বই কোনো এটা বিশেষ ভাষাৰ উচ্চাৰিত বাগধ্বনিৰ প্ৰায়োগিক দিশ সম্পর্কে আলোচনা আগবঢ়ায়। চমুকৈ ক’বলৈ হ’লে ধ্বনিতত্ত্ব হ’ল কাৰ্যকৰী ধ্বনিবিজ্ঞান।

ধ্বনিবিজ্ঞানত বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত সকলো ধ্বনিকেই গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ইয়াত বাগিন্দ্ৰিয়সমূহৰ বিষয়েও আলোচনা কৰা হয়। কিন্তু বর্ণবিজ্ঞান আৰু ধ্বনিতত্ত্বত ভাষাবিশেষত উচ্চাৰিত সকলো ধ্বনিকে গুৰুত্বপূৰ্ণ বুলি ধৰা নহয়। যিবোৰ ধ্বনি অর্থভেদক সেই ধ্বনিবোৰকহে বিশিষ্ট ধ্বনি বা বর্ণ হিচাপে চিনাক্ত কৰি ধ্বনিৰ প্রকৃতি, গুণ আৰু প্ৰয়োগ বিশ্লেষণ কৰা হয়। ইয়াত বাগিন্দ্রিয় সম্পর্কে কোনো আলোচনা কৰা নহয়।

ধ্বনিবিজ্ঞানে ভাষাৰ প্ৰাথমিক-সামগ্রী গোটাই দিয়াৰ পাছত ধ্বনিতত্ত্বৰ সহায়ত ধ্বনিসামগ্ৰীক ভাষাবিজ্ঞানৰ অধ্যয়ন প্ৰণালীৰ সূত্ৰ খটুৱাই ধ্বনিৰ উচ্চাৰণৰ প্ৰকৃতি অনুসৰি শ্ৰেণীবিভাগ কৰে আৰু বর্ণবিজ্ঞানে ধ্বনিবোৰৰ পৰিৱেশজনিত প্রয়োগ বিশ্লেষণৰ দ্বাৰা বৰ্ণ আৰু উপধ্বনি নিৰ্ণয় কৰে। কে. এল. পাইকৰ ভাষাত — ধ্বনিবিজ্ঞানে ভাষাৰ কেঁচামাল গোটায়, বর্ণবিজ্ঞানে এই মালবোৰকে লৈ চালি-জাৰি ৰন্ধন কৰে।

৭। বাগিন্দ্রিয় কাক বোলে? বাগিন্দ্ৰিয়ৰ বিভিন্ন অংগবোৰ পৰিচয় দিয়া?

উত্তৰঃ শৰীৰৰ যি অংগৰ সহায়ত আমি আমাৰ মনোভাৱ আন এজনৰ আগত ভাষাৰ মাধ্যমেৰে ব্যক্ত কৰিব পাৰোঁ সেই অংগৰ নামেই হ’ল বাগিন্দ্রিয়। অর্থাৎ ভাষাত বাগ্ ধ্বনি বিলাক উচ্চাৰিত হোৱা যন্ত্ৰটোৱেই বাগিন্দ্রিয়। বাগ্ ধ্বনি উচ্চাৰণ কৰোঁতে বাগিন্দ্ৰিয়ৰ অন্তৰ্গত বিভিন্ন অংগবিলাক সঞ্চালন হয়। ইয়াৰ অংগবিলাকৰ ভিতৰত প্ৰধানকৈ এইকেইটা বিবৰ থাকে। যেনে—

(ক) মুখবিবৰ।

(খ) নাসিকাবিৰৰ। 

(গ) গলকোষ আক।

(ঘ) শ্বাসনলী আৰু এই শ্বাসনলীৰ অন্তৰ্গত ঘটিকা।

মুখবিবৰৰ বিভিন্ন অংগবিলাক হ’ল ওঁঠ দুটা, জিভাখন আৰু তালুকা। এই অংগকেইটাৰ ভিতৰত ওঁঠ দুটা বিশেষকৈ তলৰ ওঁঠটো আৰু বিভাজন সহজে কৰিব পাৰি কাৰণে ইহঁতক উচ্চাৰণ কৰণ বোলে। আনহাতে মুখবিবৰৰ ওপৰত পাৰি দাঁতৰ আগৰ পৰা আলজিভাৰ আগলৈকে তালুকাখন বিস্তৃত। ধ্বনি উচ্চাৰণৰ সময়ত তালুকাখন সহজতে লৰচৰ নহয়, কিন্তু উচ্চাৰণকৰণ জিভাই তালুকাৰ বিভিন্ন স্থানত ধ্বনিৰ উচ্চাৰণ কৰে। তালুকাখন সহজতে লৰচৰ কৰিব নোৱাৰি কাৰণে ইয়াক উচ্চাৰণ স্থান বুলি কোৱা হয়। তলত বাগিন্দ্ৰিয়সমূহৰ এক চমু পৰিচয় দাঙি ধৰা হ’ল।—

উচ্চাৰণকৰণ ওঁঠ আৰু জিভা : বাগিন্দ্রিয় অন্তর্গত অংগবিলাকৰ ভিতৰত ওঁঠদুটা আৰু জিভাখন সহজতে সঞ্চালন কৰিব পাৰি। সেয়েহে এই অংগকেইটাক উচ্চাৰণ কৰণ বোলা হৈছে। বাগধ্বনিৰ উৎপাদনত দুয়োটা ওঁঠেই ব্যৱহাৰ হয়। ওঁঠ দুটাৰ ভিতৰত বিশেষকৈ তলৰ ওঁঠটো বেছি সঞ্চালনক্ষম। দুয়োটা ওঁঠেৰে উচ্চাৰণ কৰা ধ্বনিত দ্বৌষ্ঠ বা ঔদ্ধা ধ্বনি বোলে। অসমীয়া ভাষাৰ প, ফ, ব, ভ, ম ইত্যাদি দ্বৌষ্ঠ ধ্বনি।

বাগিন্দ্ৰিয়ৰ অন্যতম অংগ জিভাখনক ধ্বনিবিজ্ঞানত উচ্চাৰণ কৰণ বুলি কোৱা হয়। কাৰণ ধ্বনিৰ উচ্চাৰণৰ সময়ত জিভাখন অধিক সঞ্চালনক্ষম হৈ থাকে। দীঘলীয়া আকৃতিৰ জিভাখনক পথালিকৈ তিনিটা ভাগ কৰা হৈছে। জিভাখনৰ সন্মুখৰ ভাগটোক আগজিভা বা জিহ্বাপ্ৰান্ত পাছৰ ফালটোক পাছজিভা বা জিহ্বামূল আৰু দুয়োটা অংশৰ মাজৰ অংশটোক মাজজিভা বা কেন্দ্র বোলে। আগজিভাখনক দীঘল দীঘলে মাজেদি দুভাগ কৰি দুয়োটা ভাগকে জিহ্বাদল বা জিভাল বুলি কোৱা হয়। অন্যহাতেদি জিভাখনৰ একেবাৰে আগৰ অংশটোক জিহ্বাগ্র বা জিভাৰ আগ বোলা হয়। ধ্বনিৰ উচ্চাৰণত সমগ্ৰ জিভাখনৰে সক্ৰিয় ভূমিকা আছে।

পৃথিৱীৰ সকলো ভাষাতে জিভাৰে উচ্চাৰণ কৰা ধ্বনিয়েই বেছি। জিভাৰ আগ, আগজিভা আৰু পাছজিভা ওপৰলৈ দাঙ খাই উচ্চাৰণ স্থান তালুকাৰ বিভিন্ন স্থানত স্পৰ্শ কৰি, কেতিয়াবা স্পৰ্শ নকৰাকৈ হাওঁফাওঁৰ পৰা নিৰ্গত বায়ুপ্রবাহক বাধা দি ধ্বনি উচ্চাৰণ কৰা হয়। উচ্চাৰণকৰণ জিভাই উচ্চাৰণৰ স্থান তালুকাত স্পৰ্শ কৰি যিবিলাক ধ্বনি উচ্চাৰণ কৰা হয় সেই ধ্বনিবোৰক স্পর্শ ধ্বনি বোলে। স্পর্শ ধ্বনিবিলাক উচ্চাৰণ কৰোঁতে জিভাখনে কেতিয়াবা দাঁতৰ আগভাগত, দাঁতৰ মূলত আৰু কেতিয়াবা কোমল তালু বা কঠিন তালুত স্পর্শ কৰে। কেতিয়াবা আকৌ জিভাখনে তালুকাত স্পৰ্শ নকৰি দুয়োপাৰি দাঁতৰ মাজত জিহ্বাগ্ৰ উলিয়াই দিও কিছুমান ধ্বনি উচ্চাৰণ কৰা হয়। 

তেনেকৈ উচ্চাৰণ কৰা ধ্বনিক আন্তদন্ত্য ধ্বনি বোলে। ধ্বনিৰ উচ্চাৰণত জিভাৰ আগ, জিভাৰ মাজভাগ আৰু জিভাৰ পাছঅংশ উঠা-নমা কৰে। সাধাৰণতে স্বৰধ্বনিবোৰ উচ্চাৰণ কৰোঁতে এনে হোৱা দেখা যায়। জিভাৰ অৱস্থান অনুযায়ী স্বৰধ্বনিবোৰক প্ৰান্তীয়, কেন্দ্রীয় আৰু মুলীয় তিনিটা ভাগত ভাগ কৰা হয়। ধ্বনিৰ উচ্চাৰণত জিভাদলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। কোনো ধ্বনিৰ উচ্চাৰণত আগজিভাৰ দাঁতিত থকা জিহ্বাদল দুটা চেপেটা হৈ নেথাকি গোটা হয়। এনে অৱস্থাত হাওঁফাওঁৰ পৰা বাহিৰ হৈ অহা বায়ুপ্রবাহ জিভাৰ কাষেদি বাহিৰলৈ ওলাই যায়। পার্শ্বধ্বনি উচ্চাৰণত জিভাৰ অৱস্থান এনে হয়। উদাহৰণ স্বৰূপে অসমীয়া ভাষাৰ ‘ল’ ধ্বনিৰ উচ্চাৰণ পাশ্বিক। কোনো কোনো ধ্বনিৰ উচ্চাৰণত জিভাদল দুয়োফাল ওপৰলৈ দাংখাই ওপৰৰ দাঁতৰ আলুত লাগি ধৰে। এনে অৱস্থাত জিভাৰ মাজখন অলপ তললৈ নামি যায় আৰু বর্হিগামী বায়ুপ্রবাহ সেই সংকীর্ণ পথেৰে ঘঁহনি খাই ওলাই আহে। এনে স্থলত উষ্ম ধ্বনিবিলাক উচ্চাৰিত হয়।

উচ্চাৰণস্থান : 

তালুকা : মুখবিবৰৰ ভিতৰৰ ওপৰৰ পাৰি দাঁতৰ আগৰ পৰা পাছফালে তললৈ আলজিভাৰ আগলৈকে ওলমি থকা অংশটোৱেই তালুকা। তালুকা স্থিৰ, ধ্বনিৰ উচ্চাৰণত ই সঞ্চালিত নহয় কাৰণে তালুকাক উচ্চাৰণস্থান বুলি কোৱা হৈছে। মাত্র স্থিৰ তালুকাখনৰ বিভিন্ন অংশত জিভাৰ সহায়ত ধ্বনি উচ্চাৰিত হয়। জিভাৰ আগভাগে দাঁতত স্পৰ্শ কৰি উচ্চাৰণ হোৱা ধ্বনিক দন্ত্যধ্বনি আৰু তলৰ ওঁঠটোৰে ওপৰৰ পাৰি দাঁতৰ আগভাগত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা নিৰ্গত বায়ু প্রবাহক বাধা দি উচ্চাৰণ কৰা ধ্বনিক দন্তৌষ্ঠ্য ধ্বনি বোলে। অসমীয়া ভাষাত দন্ত্য আৰু দন্তৌষ্ঠ্য ধ্বনিৰ উচ্চাৰণ পোৱা নাযায়। আনহাতে জিভাৰ আগভাগে দাঁতৰ মূল বা দস্তমূলত স্পৰ্শ কৰি উচ্চাৰিত হোৱা ধ্বনিক দন্তমূলীয় ধ্বনি বোলে। 

অসমীয়া বাষাৰ ত, থ, দ, ধ, ন ইত্যাদিৰ উচ্চাৰণ দন্ত্যমূলীয়। দাঁতৰ মূলৰ পাছৰ অংশটো অলপ বেঁকা ভাঁজলাগি ভিতৰলৈ সোমোৱা। তালুকাখনৰ এই অংশই হ’ল আগতালু বা মূৰ্দ্ধণ্য। আগতালুত জিভাৰ আগেৰে স্পৰ্শ কৰি যি ধ্বনি উচ্চাৰণ কৰা হয় সেইবোৰক মূৰ্দ্ধণ্য ধ্বনি বোলে। আগতালুৰ পিছৰ অংশক কঠিনতালু বা তালু বোলে। জিভাৰ আগে ভাগে কঠিন তালুত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা নিৰ্গত হোৱা বায়ুপ্রবাহক বাধা দি উচ্চাৰিত হোৱা ধ্বনিক তালব্য ধ্বনি বোলে। সংস্কৃত, বঙালী আদি ভাষাৰ শ, য় আদি তালব্য ধ্বনি। কঠিন তালুৰ পাছৰ তালুকাখন কোমল আৰু তললৈ ঘোৰ খোৱা। আলজিভাৰ ওপৰৰ এই কোমল অংশই হ’ল কোমলতালু বা পাছ তালু। পাছতালুৰ একেবাৰে মূৰৰ ওলমি থকা ভাগক আলজিভা বোলে। জিভাৰ মূল বা জিহ্বামূল ওপৰলৈ উঠি পাছতালু আৰু আলজিভাত ধ্বনি উচ্চাৰণ কৰা হয়। ইয়াৰ কোমলতালুত উচ্চাৰিত ধ্বনিক পশ্চতালব্য ধ্বনি বোলে। অসমীয়া ভাষাৰ ক, খ, গ, ঘ ইত্যাদি পশ্চতালব্য ধ্বনি আৰু আৰবী ভাষাৰ ক-বর্গ ধ্বনিৰ উচ্চাৰণ আলজিহবীয়।

নাসিকাবিবৰ : নাসিকাবিবৰ হৈছে মানুহে উশাহ লওঁতে ব্যৱহাৰ হোৱা নাকৰ বিন্ধা দুটা। ধ্বনি উচ্চাৰণৰ সময়তে হাওঁফাওঁৰ পৰা নিৰ্গত হৈ অহা বায়ুপ্রবাহৰ একাংশ মুখবিবৰেদি আৰু একাংশ নাসিকাবিবৰেদি বাহিৰলৈ ওলাই আহে। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিবোৰক নাসিক্যধ্বনি বোলে। উদাহৰণস্বৰূপে সংস্কৃত ভাষাৰ ম, ন, ণ, ঙ, ঞ আৰু অসমীয়া ভাষা ম, ন, ও নাসিক্য ধ্বনি পোৱা যায়। নাসিকাবিবৰ মাত্ৰ দুটা বিবৰহে, ইয়াৰ ভিতৰত কোনো সঞ্চালিত অংগ নাই। বায়ুৰ সোংত কেতিয়াবা নাকেৰে ওলাই নগ’লেও, নাসিকাবিবৰত ইয়াৰ কেৱল প্ৰবেশ আৰু ৰোধৰ দ্বাৰাও নাসিক্য নাদৰ সৃষ্টি কৰিব পাৰি। উল্লেখযোগ্য যে অসমীয়া ভাষাৰ অনুনাসিক উপাহিত ধ্বনি চন্দ্রবিন্দুৰ উচ্চাৰণ নাসিকাৰিতে হয়।

ঘটিকা : বাগিন্দ্ৰিয়ৰ আন এটা প্ৰধান অংগ হ’ল ঘটিকা। ঘটিকা ডিঙিৰ অংশত অৱস্থিত। গলকোষৰ পাছৰ অংশত তলৰফালে ঠিক শ্বাসনলীৰ মাজতে ঘটিকা অৱস্থিত। ঘটিকাত দুখন পাতল ছালৰ দৰে আৱৰণ থাকে। এই আৱৰণ দুখন মেলি দিলে শ্বাসনলী বন্ধ হয় আৰু কোঁচাই দিলে শ্বাসনলী খোল খায়। এই পাতলীয় আৱৰণ দুখনক স্বৰতন্ত্ৰী বোলে। স্বৰতন্ত্রীৰ ওপৰত আৰু দুখন মঙহাল তন্ত্রী থাকে আৰু এই দুখন তন্ত্রীক ভুৱা স্বৰতন্ত্ৰী বোলা হয়। ঘটিকাটোক শ্বাসনলীৰ দুৱাৰ মুখ আৰু স্বৰতন্ত্ৰীদুখনক দুৱাৰৰ দুটা ফাল বুলি ক’ব পাৰি। ডিঙিৰ অংশতে উপজিহ্বা অৱস্থিত যদিও ধ্বনিৰ উচ্চাৰণত উপজিহ্বাৰ ভূমিকা বিশেষ নাই।

গলকোষ : মুখবিবৰৰ ভিতৰৰ ডিঙিৰ অংশটোত থকা গহ্বৰ বিশেষেই হ’ল গলকোষ। জিভাৰ মূল গলকোষৰ সন্মুখৰ বেৰ স্বৰূপ। জিহ্বামূল পিছফাললৈ কোঁচখাই হোঁহকি গ’লে গলকোষ কিছু ঠেক হৈ পৰে। এই গলকোষতো ধ্বনিৰ সৃষ্টি হয় আৰু এই ধ্বনিবোৰক গাল বা গলকোষীয় ধ্বনি বোলে। যেনে ‘হ’ ধ্বনিৰ উচ্চাৰণ গলকোষত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top