Class 9 Elective History Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Class 9 Elective History Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ Question Answer, SEBA Class 9 Elective History Notes in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective History Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ Solutions and select need one.

Class 9 Elective History Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective History Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ Notes for All Subject, You can practice these here.

আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Chapter – 1

ইতিহাস

১। অতি চমু উত্তৰ দিয়া:

(ক) আমেৰিকা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ক’লম্বাছে ১৪৯২ খ্ৰীষ্টাদ্বত আমেৰিকা আৱিষ্কাৰ কৰিছিল।

(খ) ভাৰ্জিনিয়া উপনিবেশৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ভাৰ্জিনিয়া উপনিবেশৰ প্ৰতিষ্ঠাতা ছাৰ ৱাল্টৰ ৰেলেই।

(গ) আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা কোন আছিল?

উত্তৰঃ আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা তৃতীয় জৰ্জ।

(ঘ) আমেৰিকাত মুঠতে কেইখন ইংৰাজ উপনিৱেশ আছিল?

উত্তৰঃ আমেৰিকাত মুঠতে ১৩ খন ইংৰাজ উপনিৱেশ আছিল।

(ঙ) আমেৰিকা স্বাধীনতা ঘোষণাপত্ৰৰ ৰচক কোন?

উত্তৰঃ আমেৰিকা স্বাধীনতা ঘোষণাপত্ৰৰ ৰচক হ’ল আমেৰিকাৰ এখন বিখ্যাত চিন্তাবিদ আৰু গণতন্ত্ৰৰ প্ৰবক্তা থমাছ জেফাৰছন।

(চ) কোনখন যুদ্ধত আমেৰিকা আৰু ফৰাছী বাহিনীৰ যুটীয়া আক্ৰমণ ইংৰাজ সেনাপতি কৰ্ণৱালিচে পৰা পৰাজয়বৰণ কৰিছিল?

উত্তৰঃ ১৭৮৯ খ্ৰীষ্টাদ্ধত অক্টোবৰ মাহত আমেৰিকা আৰু ফৰাছী বাহিনীৰ যুটীয়া আক্ৰমণত ইয়ৰ্কটাউনৰ যুদ্ধত ইংৰাজ সেনাপতি কৰ্ণৱালিচে পৰাজয় বৰণ কৰিছিল।

(ছ) আমেৰিকাক সহায় কৰা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আমেৰিকাক সহায় কৰা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম হ’ল স্পেইন আৰু ইংলেণ্ড।

(জ) ‘কমন চেন্স’ পুস্তিকাখনৰ লেখক কোন?

উত্তৰঃ ‘কমন চেন্স’ পুস্তিকাখনৰ লেখক “থমাছ পেইন”।

(ঝ) কাৰ সভাপতিত্বত আমেৰিকাৰ সংবিধান ৰচনা কৰা হৈছিল?

উত্তৰঃ জৰ্জ ৱাশ্বিংটনৰ সভাপতিত্বত আমেৰিকাৰ সংবিধান ৰচনা কৰা হৈছিল।

(ঞ) আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটন আছিল।

(ট) আমেৰিকাৰ আদিম অধিবাসীসকল কি নামেৰে জনাজাত?

উত্তৰঃ আমেৰিকাৰ আদিম অধিবাসীসকল ৰেড ইণ্ডিয়ান নামেৰে জনাজাত।

(ঠ) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰীয়া?

উত্তৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৪ বছৰীয়া।

(ড) আমেৰিকাৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম লিখা।

উত্তৰঃ আমেৰিকাৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম হৈছে- 

(১) ডেমক্ৰেট।

(২) ৰিপাব্লিকান।

(ঢ) আমেৰিকাৰ সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল?

উত্তৰঃ আমেৰিকাৰ সংবিধানখন ১৭৯১ খ্ৰীষ্টাদ্ধৰ ৪ মাৰ্চৰপৰা বলৱৎ কৰা হৈছিল।

২। চমুটোকা লিখা:

(ক) আমেৰিকা নামৰ উৎপত্তি।

উত্তৰঃ এছিয়া হৈছে ইউৰোপ মহাদেশৰ পশ্চিমে আৰু সেইফালে গতি কৰিলে অতি সোনকালে প্ৰাচ্যদেশৰ উপনীত হ’ব পৰা যায়। খ্ৰীষ্টফাৰ কলম্বাছ নামৰ জেনোৱাৰ (ইটালী) এজন নাৱিকেও তেনে ধাৰণাকে পোষণ কৰিছিল। প্ৰাচ্য দেশলৈ অহা পথৰ সন্ধানৰ বাবে তেওঁ প্ৰথমে পৰ্টুগালৰ ওচৰ চাপে। পৰ্টুগালৰ ৰজাই তেওঁক গুৰুত্ব নিদিয়াত তেওঁ স্পেইনৰ ফাৰ্ভিলেশু আৰু ইজাবেলৰ কাষ চাপিল। বহুতো কাকূতি-মিনতিৰ পাছত স্পেইনৰ ৰজা-ৰাণীয়ে তেওঁক সহায় কৰিবলৈ মান্তি হ’ল। ১৪৯২ খ্ৰীষ্টাদ্ধত ক’লম্বাছে তিনিখন জাহাজত ৮৭ জন নাৱিক লৈ পাল’ছ বন্দৰৰ পৰা আটলাণ্টিক মহাসাগৰেদি যাত্ৰা আৰম্ভ কৰে। দুমাহ জোৰা যাত্ৰাৰ অন্তত তেওঁ মাটি দেখা পাই তাতে জাহাজ ৰখায়। তেওঁ ভাবিছিল যে সেয়াই হ’ল তেওঁৰ কল্পনাৰ দেশ ‘ইণ্ডিজ’ অথবা ভাৰত। ক’লম্বাছৰ পাছত ইটালীৰ ফ্ল’ৰেন্স নগৰৰ আমেৰিগ’ ভেছপুৰী নামৰ এজন সদাগৰে সেই অঞ্চলৰ ভ্ৰমণ কৰি ইয়াৰ বিষয়ে বিশ্ববাসীৰ অধিক তথ্যৰ যোগান ধৰে। আমেৰিকাছে পৃথিৱীৰ এই ভূ-খণ্ড আৱিষ্কাৰ কৰিছিল। লেটিন ভাষাৰ আমেৰিগ’ক আমেৰিকাছ বুলি কোৱা হয়। লাহে লাহে আমেৰিকা নামটোৱেই জনপ্ৰিয় হৈ উঠিল। এইদৰে আমেৰিকা নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়।

(খ) স্বাধীনতা ঘোষণা পত্ৰ।

উত্তৰঃ ১৭৭৬ খ্ৰীষ্টাদ্ধৰ ৪ জুলাই তাৰিখে ফিলডেলফিয়াত অনুষ্ঠিত এখন মহাসভাই স্বাধীনতা ঘোষণা পত্ৰ এখন গ্ৰহণ কৰিলে। সেইখনৰ প্ৰধান ৰচক হ’ল আমেৰিকাৰ এখন বিখ্যত চিন্তাবিদ আৰু গণতন্ত্ৰৰ প্ৰবক্তা থমাছ জেফাৰছ। সেই ঘোষণা পত্ৰখন বিশ্বৰ মুক্তি প্ৰয়াসী জনগণৰ বাবে এখন স্বাধীনতাৰ চনদ বুলি ক’ব পাৰি। ইয়াত ইংলেণ্ডৰ ৰজা তৃতীয় জর্জৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপন কৰি স্বাধীনতা সংগ্ৰামৰ যুক্তি-যুক্ততা প্ৰতিপন্ন কৰিবলৈ বিচৰা হয়। 

ঘোষণা পত্ৰৰ মূল বিষয় তিনিটা হ’ল-

(১) জীৱন ধাৰণা, স্বতন্ত্ৰতা আৰু সুখৰ সন্ধান মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ।

(২) প্ৰত্যেক চৰকাৰে জনসাধাৰণৰ সন্মতি সাপেক্ষেহে দেশ শাসনৰ অধিকাৰ লাভ কৰে।

(৩) চৰকাৰে স্বেচ্ছাচাৰী হৈ পৰিলে তাক পৰিৱৰ্তন কৰিবলৈ জনসাধাৰণৰ অধিকাৰ আছে।

পত্ৰখনৰ শেষৰফালে সেই কাৰণে দৃঢ়ভাৱে কোৱা হ’ল এই সন্মিলীত উপনিৱশবোৰ স্বাভাৱিকভাৱে মুক্ত আৰু স্বাধীন ৰাষ্ট্ৰ হোৱা উচিত; সেই সকলোবোৰক ব্ৰিটিছ ৰাজমুকুটৰ সকলো দায়বদ্ধতাৰ পৰা অব্যাহতি দিয়া হ’ল আৰু গ্ৰেট ব্ৰিটেইনৰ সৈতে সকলো ৰাজনৈতিক যোগাযোগৰ অৱসান ঘটোৱা হ’ল।

(গ) তীর্থযাত্রীৰ গুৰু।

উত্তৰঃ ১৫৮৫ খ্ৰীষ্টাদ্ধত উত্তৰ আমেৰিকাত ইংৰাজসকলে প্ৰথম উপনিৱেশ স্থাপন কৰে। ইংলেণ্ডৰ কুমাৰী ৰাণী এলিজাবেথৰ নামানুসৰি ইয়াক ভাৰ্জিনিয়া নামেৰে নামকৰণ কৰা হয়। ভাৰ্জিনিয়া উপনিৱেশ গা কৰি উঠাৰ পাছত আমেৰিকাৰ উপকূল ভাগত জনবসতি ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ মূল কাৰণ হৈছে আমেৰিকাৰ অপৰ্যাপ্ত পৰিমাণৰ উৰ্বৰ ভূমি আৰু আন প্ৰাকৃতিক সম্পদৰাজি। বেহা-বেপাৰৰ উপৰিও ধৰ্মীয় কাৰণতো কিছুমান মানুহে তাত বসতি স্থাপন কৰে। ইংলেণ্ডত পিউৰিটান নামৰ এটা গোড়া খ্ৰীষ্টানধৰ্মী সম্প্ৰদায়ৰ লোক আছিল। নিজ দেশত ধৰ্ম পালনৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হোৱাত তাৰ কিছুসংখ্যক পিউৰিটান ১৬২০ খ্ৰীষ্টাদ্ধত মে’ফ্লাৱাৰ নামৰ এখন জাহাজত উঠি আটলাণ্টিক মহাসাগৰ পাৰ হৈ উত্তৰ আমেৰিকাত এখন নতুন উপনিৱেশ স্থাপন কৰে। সেই উপনিৱেশখনৰ নাম হ’ল প্লাইমাউথ। প্লাইমাউথত এনেকৈ বসবাস কৰা লোকসকল “তীর্থযাত্ৰাৰ গুৰু” হিচাপে প্ৰসিদ্ধ।

(ঘ) বষ্ট’নৰ টি পাৰ্টি।

উত্তৰঃ ১৭৭০ খ্ৰীষ্টাদ্ধৰ মে’ মাহত ইংৰাজ বাহিনী আৰু বষ্ট’নৰ মানুহৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হ’ল। সেই সংঘৰ্ষত কেইবাজনো লোক নিহত হয়। এই ঘটনা বষ্ট’ন হত্যাকাণ্ড নামে জনাজাত। আমেৰিকা সংগ্ৰামৰ এয়েই প্ৰথম ৰক্তপাত। সেই সময়ৰ পৰা বষ্ট’ন বন্দৰ ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ প্ৰধান কেন্দ্ৰস্থল হৈ পৰিল। বষ্ট’ন ঘটনাৰ পাছৰপৰা আমেৰিকাৰ পৰিস্থিতি দ্রুত গতিত অৱনতি ঘটিবলৈ ধৰিলে। ১৭৭২ খ্ৰীষ্টাদ্ধত ৰ’ড আইলেশুৰ ওচৰত এখন ইংৰাজ জাহাজ জ্বলাই  ভস্মীভূত কৰা হয়। ঠায়ে ঠায়ে উপনিৱেশবোৰত সংগ্ৰাম সমিতিবোৰ গঠন কৰা হয়। ‘বষ্ট’ন টি পাৰ্টি’ নামৰ বিদ্ৰোহী দলটোৰ এই কাৰ্য-কলাপে আমেৰিকাবাসীৰ মনত বিদ্ৰোহৰ ভাৱ জাগ্ৰত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

(ঙ) ষ্টাম্প এক্ট্ৰ কংগ্ৰেছ।

উত্তৰঃ সপ্তদশ শতিকামানৰ পৰাই ইংলেণ্ডে আমেৰিকাৰ উপনিৱেশসমুহৰ ওপৰত শোষণমূলক নীতি গ্ৰহণ কৰিবলৈ লৈছিল। ১৭৫৪ চনত ৭ খন উপনিৱেশ লগহৈ আলবেনিত এখন সভা পাতিছিল আৰু এই সভাৰ উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ বাণিজ্য নীতিৰ বিৰোধিতা কৰা। এয়াই আমেৰিকাৰ উপনিৱেশসমূহে ঐক্য গঢ়ি তোলাৰ প্ৰথম পদক্ষেপ। এই কংগ্ৰেছতে ১৩ খন উপনিৱেশ লগলাগাই এক যুক্তৰাষ্টীয় আৰ্হিৰ শাসন-ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ প্ৰস্তাৱ লোৱা হয়। ১৭৬৫ চনত ষ্টাম্প এক্ট্ৰৰ বিৰোধিতা কৰিবলৈ ৯ খন উপনিবেশৰ প্ৰতিনিধি নিউ ইয়ৰ্কৰ বিখ্যাত ‘ষ্টাম্প এক্ট্ৰ কংগ্ৰেছ’ত মিলিত হয়। এই সভাতে ব্ৰিটিছ উপনিৱেশিক নীতিৰ পৰ্য্যালোচনা কৰা হয় আৰু উপনিৱেশবাসীৰ স্বাৰ্থ ৰসৰ ব্যৱস্তা গ্ৰহণ কৰিবলৈ পন লোৱা হয়।

(চ) সশস্ত্ৰ নিৰপেক্ষতা।

উত্তৰঃ ১৭৭৬ খ্ৰীষ্টাদ্ধৰ ৪ জুলাই তাৰিখে ফিলডেলফিয়াত অনুষ্ঠিত এখন মহাসভাই স্বাধীনতা ঘোষণা পত্ৰ এখন গ্ৰহণ কৰিলে। কিন্তু ই আমেৰিকাৰ উত্তপ্ত পৰিস্থিতিৰ উপশম ঘটাবলৈ সক্ষম নহ’ল। তথাপিও ১৭৭৭ খ্ৰীষ্টাদ্ধ ছেৰাট’গাৰ যুদ্ধত ইংৰাজ সেনাপতি বাৰ‌গণে আমেৰিকাৰ সেনাপতি হৰেচিয়’ গেটছৰ হাতত পৰাজয় বৰণ কৰে। ইয়াৰ পিছত আমেৰিকাৰ ৰাজনীতিৰ উদীয়মান পুৰুষ বেজ্ঞামিন ফ্ৰেবেংকলিৰ প্ৰচেষ্টাত ইংলেণ্ডৰ পুৰণি শত্ৰু ফ্ৰান্সে আমেৰিকাৰ পক্ষ গ্ৰহণ কৰি ইংলেণ্ডৰ বিপক্ষে থিয় দিয়ে। ফলত ইংলেণ্ডৰ অৱস্থা শোচনীয় হৈ পৰে। তেনে নিয়মত নিৰপেক্ষ দেশসমূহ অসন্তুষ্ট হ’ল আৰু সেই দেশসমূহ সাগৰত শান্তিপূৰ্ণভাৱে বিচৰণ কৰিব পৰাৰ অধিকাৰ ৰক্ষা কৰিবলৈ সংঘ গঢ়ি তুলিলে। ইউৰোপীয় দেশমূহৰ তেনে অৱস্থান “সশস্ত্ৰ  নিৰপেক্ষতা” নামে জনাজাত।

(ছ) অধিকাৰৰ বিধি।

উত্তৰঃ জৰ্জ ৱাছিংটনৰ সভাপতি হিচাপে লৈ আমেৰিকা যুক্তৰাজ্যৰ সংবিধান ৰচনা কৰা হয়। বিশ্বৰ এইখনেই হৈছে প্ৰথম লিখিত সংবিধান। সংবিধান ৰচিত হ’ল যদিও ৯ খন ৰাজ্যই তাক গ্ৰহণ কৰিলেহে সমগ্ৰ দেশত তাক বলৱৎ কৰাৰ নিয়ম কৰা হয়। প্ৰথমতে কিছুমান ৰাজ্যত যুক্তৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা লৈ মতবিৰোধ দেখা দিছিল, কিন্তু ১০ খন উপনিৱেশে সেইখন গ্ৰহণ কৰাত তাৰ কাৰ্যকৰীকৰণত আৰু কোনো বাধা নোহোৱা হয়। আন ৰাজ্যসমূহেও পাছত সংবিধানখনত অনুমোদন জনাই। অৱশেষত ১৭৯১ খ্ৰীষ্টাদ্ধৰ ৪ মাৰ্চৰ পৰা আমেৰিকা যুক্তৰাজ্যৰ সংবিধানখন বলৱৎ কৰা হয়। সেই অভাৱ পূৰণ কৰিবলৈ ১৭৯১ খ্ৰী:ৰ নৱেম্বৰ মাহত দহটা সংশোধনী অনা হয়। সেইবোৰৰদ্বাৰা আমেৰিকাৰ নাগৰিক জীৱন, অধিকাৰ, ধৰ্ম, বাক-স্বাধীনতা আৰু সংবাদপত্র স্বাধীনতা, সম্পত্তি, জুৰিৰ বিচাৰ আদিৰ ক্ষেত্ৰত নিশ্চিত অধিকাৰ প্ৰদান কৰা হয়। এইবোৰক একেলগে অধিকাৰৰ বিধি বুলি কোৱা হয়।

৩। ৰচনাধৰ্মী প্ৰশ্ন:

(ক) আমেৰিকাত ইংৰাজ উপনিৱেশ স্থাপনৰ বিষয়ে এক চমু বিৱৰণ দিয়া।

উত্তৰঃ স্পেইনৰ ৰাজনৈতিক সাহায্য লাভ কৰি জেনেভাৰ এজন সাধাৰণ নাৱিক খ্ৰীষ্ট’ফাৰ ক’লম্বাছে কেইজনমান লগৰীয়াৰ সৈতে সাগৰেৰে গৈ ১৪৯২ চনৰ ১১ অক্টোবৰত এক বিশাল অচিনাকি ভূ-খণ্ডত পর্দাপন কৰে। ১৫০৩ চনত ইটালীৰ ‘এমৰিগ’ ভেচপুচিয়েহে এই অঞ্চলক ভাৰতবৰ্ষ বা চীনদেশৰ বিপৰীতে এখন ‘নতুন পৃথিৱী’ বুলি চিহ্নিত কৰে। তেওঁৰ নামেৰেই এই বিশাল ভূ-খণ্ডৰ নাম আমেৰিকা হয়গৈ।

এই ঘটনাৰ পাছত ইংলেণ্ডে, ফ্ৰান্স, স্পেইন, চুইডেন আদি ইউৰোপীয় শক্তিসমূহে আমেৰিকাত উপনিৱেশ স্থাপন কৰিবলৈ উঠি-পৰি লাগিল।

অৱশ্যে ইংৰাজসকলে আমেৰিকাত উপনিৱেশ স্থাপন কৰাৰ অন্তৰালত আন বহুতো কাৰণ আছিল। 

থুলমূলকৈ এই কাৰণবোৰ হ’ল-

(১) অৰ্থনৈতিক কাৰণত ইংৰাজ চৰকাৰে জন-প্ৰব্ৰজনক উৎসাহিত কৰিছিল।

(২) ইংলেণ্ডৰ ষ্টাৱাৰ্ট শাসকসকলৰ ধর্মীয় অসহিষ্ণুতাৰ ফলত বহুতো লোকে মাতৃভূমি এৰি উপনিৱেশ স্থাপনত সহযোগ কৰিবলৈ গৈছিল।

(৩) পঞ্চদশ শতিকাৰ বহুতো ইংৰাজ কোম্পানী সংস্থা আদিয়ে জন-প্ৰব্ৰজনক উদগনি যোগাইছিল।

(৪) ইংৰাজসকলে তেওঁলোকৰ দু:সাহসিক স্বভাৱৰ বশৱৰ্তী হৈয়ো কঠিন পথেৰে গৈ আমেৰিকাত উপস্থিত হৈছিল।

(৫) বহুতো আকৌ অধিক ধনী হোৱাৰ আশাৰে আমেৰিকালৈ গৈছিল।

(৬) ইংলেণ্ডৰ ন্যায়ালয়লসমূহৰ দ্বাৰা দোষী সাব্যস্ত হোৱা বহুতো লোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হিচাপে আমেৰিকাৰ উপনিৱেশলৈ পঠিওৱা হৈছিল।

এনেদৰে বিভিন্ন কাৰণত ইংলেণ্ডৰপৰা গৈ আমেৰিকাত বসতি স্থাপন কৰা লোকৰ দ্বাৰা গঠিত ১৩খন উপনিৱেশক ব্ৰিটিছ পাৰ্লামেণ্ট স্বীকৃতি প্ৰদান কৰে। 

এই উপৱেশসমূহ হ’ল-

(১) নিউ হাম্পছায়াৰ।

(২) মেছাছুছেট্।

(৩) কাণেকটিকাট।

(৪) ৰোড দ্বীপ।

(৫) নিউইয়ৰ্ক।

(৬) নিউজাৰ্চি।

(৭) পেনছিলভেনিয়া।

(৮) ডেলোৱাৰ।

(৯) মেৰীলেণ্ড।

(১০) ভাৰ্জিনিয়া।

(১১) উত্তৰ কেৰ’লিনা।

(১২) দক্ষিণ কেৰ’লিনা।

(১৩) জৰ্জিয়া।

এনেবোৰ কাৰণতে ব্ৰিটিছ চৰকাৰৰ বৈষ্যমমূলক নীতিৰ বিৰুদ্ধে নিৰ্ভয়ে মুক্ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰু ইংলেণ্ডৰ শাসন-শোষণৰপৰা আঁতৰাই আমেৰিকাক স্বাধীন কৰিবলৈ আমেৰিকাবাসী সফল হৈছিল।

(খ) আমেৰিকাৰ স্বাধীনতা যুঁজৰ কাৰণবোৰ চমুকৈ লিখা।

উত্তৰঃ আমেৰিকাত উপনিৱেশ স্থাপন কৰা ইংৰাজসকলে নতুন জীৱনৰ সোৱাদ লাভ কৰি প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছিল। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আমেৰিকাবাসীৰ সশস্ত্ৰ সংগ্ৰামেই হৈছে আমেৰিকাৰ স্বাধীনতা যুদ্ধ।

আমেৰিকাৰ স্বাধীনতা যুঁজৰ কাৰণবোৰ হ’ল-

(১) অৰ্থনৈতিক কাৰণ: ব্ৰিটিছ চৰকাৰে নানা আইন প্ৰণয়ন কৰি আৰু বাণিজ্যক নীতি গ্ৰহণ কৰি আমেৰিকাৰ লগতে ব্ৰিটিছৰ সকলো উপনিৱেশৰ ওপৰতে অৰ্থনৈতিক শোষণ চলাইছিল। ৰজা তৃতীয় জর্জৰ দিনত এই আইনসমূহ কঠোৰভাৱে পালন কৰাৰ দিহা কৰা হৈছিল।

ইয়াৰ উপৰিও ১৭৬৩ চনত সমাপ্ত হোৱা সাতবছৰীয়া ৰণত ফলত ব্ৰিটেইনত উদ্ভৱ হোৱা অৰ্থনৈতিক নাটনিৰ জোৰা মাৰিবলৈ ব্ৰিটিছ চৰকাৰে দেশবাসীক ৰেহাই দি উপনিৱেশবাসীৰ ওপৰত নানা ধৰণৰ কৰ-কাটলৰ বোজা জাপি দিছিল।

(২) ধৰ্মীয় কাৰণ: ইংলেণ্ডৰ ষ্টুৱাৰ্ট শাসকসকলৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হৈয়ে বহুতো লোক আমেৰিকালৈ গৈ বসতি স্থাপন কৰিছিল। আমেৰিকাত মত প্ৰকাশৰ স্বাধীনতা লাভ কৰি এচাম পিউৰিটান ধৰ্মীয় সংস্কাৰকে সপ্তদশ শতিকাৰ প্ৰথমভাগৰ পৰাই ইংলেণ্ডৰ ধৰ্মীয় নীতিৰ বিৰুদ্ধে জনমত গঠন কৰিছিল।

(৩) ভূমি সংৰক্ষণ সম্পৰ্কীয় কাৰণ: ব্ৰিটিছ চৰকাৰে ৰেড ইণ্ডিয়ানসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মিচিচিপি নৈৰ পাৰৰ এটি বৃহৎ সাৰুৱা অঞ্চল এই থলুৱা লোকসকলৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে। ফলত এচাম উপনিৱেশবাসী লোকৰ ভৱিষ্যতে খেতিমাটি সম্প্ৰসাৰণ কৰাৰ বাট মৰিল। ইও ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আমেৰিকাৰ উপনিৱেশবাসীৰ অসন্তষ্টিৰ এটা প্ৰধান কাৰণ।

(৪) প্ৰশাসনীয় কাৰণ: আৰম্ভণিৰেপৰাই আমেৰিকাৰ উপনিৱেশবোৰৰ স্থানীয় নিবাসীৰ গঠিত বিধানসভাসমূহৰ মতামতক ব্ৰিটিছ চৰকাৰে উপেক্ষা কৰিছিল। কৰ তথা দৰমহা নীতিক লৈ দুয়োটা পক্ষৰ মাজত বহুদিন ধৰি একপ্ৰকাৰ শীতল যুদ্ধ চলি আছিল।

(৫) পৰিৱেশিক কাৰণ: আমেৰিকালৈ গৈ মুক্ত জীৱনৰ সোৱাদ লাভ কৰা উপনিৱেশবাসী সকলৰ মাজত এক নতুন সমাজ-ব্যৱস্থা আৰু সামাজিক পৰিৱেশ গঢ় লৈ উঠিছিল।

(৬) তৃতীয় জর্জৰ উপনিৱেশ বিৰোধী স্থিতি: ইংলেণ্ডৰ সিংহাসনত আৰোহণ কৰিয়েই তৃতীয় জৰ্জে (১৭৬০-১৮২০) উপনিৱেশসমূহৰ ওপৰত ইংলেণ্ডৰ ৰাজসিংহাসনৰ প্ৰভূত্ব প্ৰকাশৰ বাবে নানান নীতি গ্ৰহণ কৰিবলৈ ধৰিলে।

(৭) নতুন আন্ত:ৰাষ্ট্ৰীয় পৰিস্থিতি: আমেৰিকাৰ ১৩খন উপনিৱেশৰ লোকে কানাডাৰ ফৰাচী উপনিৱেশৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি সততে ভয় কৰি চলিছিল। নিৰাপত্তাৰ স্বাৰ্থতে আমেৰিকা বাসীয়ে ব্ৰিটিছ চৰকাৰৰ বহুতো অন্যায় নীতি নীৰৱে সহ্য কৰি আহিছিল। কিন্তু সাতবছৰীয়া ৰণত ইংলেণ্ডে কানাডা অধিকাৰ কৰাত কানাডাই আমেৰিকাৰ ওপৰত কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা নাইকিয়া হ’ল আৰু ব্ৰিটিছ চৰকাৰৰ দমন-নীতিৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিবলৈ সাহস লাভ কৰিলে।

(গ) আমেৰিকা যুদ্ধত ইংৰাজসকলৰ পৰাজয়ৰ কাৰণবোৰ লিখা।

উত্তৰঃ শক্তি আৰু কৌশলত আগত থাকিও ইংৰাজসকল আমেৰিকাৰ হাতত পৰাস্ত হৈছিল।

ইয়াৰ মুখ্য কাৰণসমূহ হ’ল-

(১) ইংলেণ্ডে আৰু আমেৰিকাৰ মাজত থকা ভৌগোলিক ব্যৱধান। দুয়োখন ঠাইৰ যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল জাহাজ। এনে অৱস্থাত দূৰ দেশলৈ সময়মতে সৈন্যবাহিনী আৰু ৰচদ পাতি পঠোৱাত নানা অসুবিধাই দেখা দিছিল।

(২) আমেৰিকাৰ উপনিৱেশবিলাকে যুদ্ধ কৰিছিল নিজৰ স্বাধীনতাৰ কাৰণে আৰু সেই স্বাধীনতাৰ কথা তাৰ লোকসকলে মাতৃভূমি ইংলেণ্ডৰ পৰাই শিকিছিল।

(৩) ইংৰাজ চৰকাৰে আমেৰিকাবাসীক দুৰ্বল বুলি ভাবিছিল আৰু তেওঁলোকৰ ৰণদক্ষতাৰ ওপৰত সন্দেহ আছিল। সেই কাৰণে তাকৰীয়া সৈন্যৰ সহায়েৰে বিদ্ৰোহ দমন কৰিব পৰা যাব বুলি বিশেষ সামৰিক প্ৰস্তুতি কৰা নাছিল।

(৪) ইংলেণ্ডে বিভিন্ন ক্ষেত্ৰত যুদ্ধ কৰিবলগা হোৱাত ইংৰাজসকল বহু অসুবিধাৰ সম্মুখীন হ’ল। ইফালে ডেনমাৰ্ক, ছুইডেন আদি দেশে সশস্ত্ৰ নিৰপেক্ষতা নীতি অৱলম্বন কৰি ইংৰাজ নৌ বাহিনীৰ আন দেশৰ জাহাজ থানাতালাচ কৰাত বাধা প্ৰদান কৰিবলৈ ল’লে।

(৫) আমেৰিকালৈ যুদ্ধ কৰিবলৈ যোৱা ব্ৰিটিছ সেনানায়কসকলে বহুতো ভুলক প্ৰশ্নয় দিছিল।

(ঘ) আমেৰিকাৰ স্বাধীনতা যুঁজৰ ফলাফলবোৰ এক চমু পৰ্যালোচনা কৰা।

উত্তৰঃ আমেৰিকাৰ স্বাধীনতা যুঁজৰ প্রত্যক্ষ আৰু পৰোক্ষ ফলাফলবোৰ হ’ল-

১। প্রত্যক্ষ ফলাফল: স্বাধীনতা যুদ্ধই আমেৰিকাক স্বাধীনতা দিলে আৰু নতুন ৰাজনৈতিক ব্যৱস্থাৰ বিকাশ ঘটিল। ১৭৮৭ চনত এখন লিখিত সংবিধান গ্ৰহণ কৰা হ’ল আৰু ফেদাৰেল আৰ্হিৰে ১৩খন উপনিৱেশক একত্ৰিত কৰা হ’ল। গণতান্ত্ৰিক চৰিত্ৰৰে স্বীধীন আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন্ম হ’ল। এই ব্যৱস্থাৰ দ্বাৰা মাৰ্কিন কংগ্ৰেছ, চিনেট আদি ভোটৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰে গঠিত হ’ল এজন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হ’ল আৰু দেশৰ ন্যায় ব্যৱস্থাৰ শীর্ষত থাকিল উচ্চ ন্যায়ালয়। স্বাধীন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে জৰ্জ ৱাছিংটন নিৰ্বাচিত হ’ল।

২। পৰোক্ষ ফলাফল: 

(১) আমেৰিকাৰ স্বাধীনতা যুদ্ধত পৰাজিত হৈ ইংলেণ্ডে উদাৰনৈতিক ঔপনিৱেশিক নীতি গ্ৰহণ কৰিবলৈ শিক্ষা লাভ কৰিলে।

(২) স্বাধীনতাৰ পিছত ব্ৰিটিছৰ আমেৰিকাত থকা নৌবাহিনীৰ ঘাটিবোৰ ধ্বংস কৰা হ’ল। ইংলেণ্ডৰ চৰকাৰৰ পূৰ্বৰ ক্ষমতা আৰু প্ৰতিপত্তি হ্ৰাস পালে।

(৩) আমেৰিকা-যুদ্ধৰ ফলত তৃতীয় জৰ্জৰ ব্যক্তিগত শাসনৰ ওৰ পৰিল। তেতিয়া সাংসদসকলে সংসদত তেওঁলোকৰ হেৰুৱা মৰ্যদা আৰু স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে উঠিপৰি লাগিল।

(৪) ব্ৰিটিছ বাহিনীৰ পৰাজয়ৰ লগে লগে আইৰিছসকলে আয়াৰলেণ্ডে স্বায়ত্বশাসন লাভ কৰিলে।

(৫) আমেৰিকাৰ স্বাধীনতাৰ আগতে ব্ৰিটেইনৰপৰা কিছুমান দোষী সাব্যস্ত হোৱা লোকক আমেৰিকালৈ নিৰ্বাসিত কৰা হৈছিল।

(৬) উপনিৱেশবাদী ব্ৰিটিছ চৰকাৰে আমেৰিকা হেৰুৱাৰ পাছত নতুন উপনিৱেশ বিচাৰিবলৈ ধৰিলে; ইয়াৰ ফলতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ব্ৰিটিছ উপনিৱেশ আৰম্ভ হ’ল আৰু ভাৰততো তেওঁলোকৰ খোপনি দৃঢ় কৰিবলৈ যত্নপৰ হ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top