Class 9 Elective History Chapter 2 ফৰাছী বিপ্লৱ

Class 9 Elective History Chapter 2 ফৰাছী বিপ্লৱ Question Answer, SEBA Class 9 Elective History Notes in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective History Chapter 2 ফৰাছী বিপ্লৱ Solutions and select need one.

Class 9 Elective History Chapter 2 ফৰাছী বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective History Chapter 2 ফৰাছী বিপ্লৱ Notes for All Subject, You can practice these here.

ফৰাছী বিপ্লৱ

Chapter – 2

ইতিহাস

১। অতি চমু উত্তৰ দিয়া:

(ক) ফৰাছী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট কোন আছিল?

উত্তৰঃ ষোড়শ লুই।

(খ) কেইআৰ কি?

উত্তৰঃ ১৭৮৯ চনৰ মে’ মাহৰ ৫ তাৰিখে পেৰিছৰ ওপৰতে অৱস্থিত ভাৰ্ছাই নগৰীত ষ্টেটছ জেনেৰেলৰ অধিৱেশন আৰম্ভ হয়। অধিৱেশনৰ কাৰণে ৰজাৰ ফালৰপৰা কোনো আঁচনি যুণ্ডত কৰা হোৱা নাছিল। সেই কাৰণে প্ৰথমৰেপৰা এক বিশৃংখল অৱস্থা সৃষ্টি হয়। এই প্রতিবেনবোৰক কেইআৰ বোলা হয়।

(গ) ‘দ্য ৱেলথ অব্ নেশ্বনছ’ৰ লেখক কোন?

উত্তৰঃ ‘দ্য ৱেলথ অব্ নেশ্বনছ’ৰ লেখক হ’ল- ‘আডাম স্মিথ’।

(ঘ) সম্ৰাট ষোড়শ  লুইক কোন বছৰত ফাঁচি দিয়া হৈছিল?

উত্তৰঃ সম্ৰাট ষোড়শ  লুইক ১৭৯৩ চনৰ জানুৱাৰী মাহৰ ২১ তাৰিখে ফাঁচি দিয়া হৈছিল।

(ঙ) ভিয়েনা কংগ্ৰেছ কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভিয়েনা কংগ্ৰেছ ১৮১৫ চনত অনুষ্ঠিত হৈছিল।

(চ) কোনে কৈছিল ‘ময়েই ৰাষ্ট্ৰ’ ?

উত্তৰঃ ‘ময়েই ৰাষ্ট্ৰ’ বুলি ফ্ৰান্সৰ ৰজা চতুৰ্থ লুইয়ে কৈছিল।

(ছ) কোনে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল?

উত্তৰঃ ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰা সম্ৰাট নেপোলিয়নে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল।

(জ) কোনে কৈছিল, ফ্ৰান্সে যেতিয়া হাচি মাৰে, ইউৰোপৰ পানী লাগে’ ?

উত্তৰঃ অষ্টিয়াৰ চেঞ্জেলৰ বা মন্ত্ৰী প্ৰিন্স মেটাৰনিকে কৈছিল, ফ্ৰান্সে যেতিয়া হাঁচি মাৰে, ইউৰোপৰ পানী লাগে।

(ঝ) ‘টেনিছ ক’টৰ শপত’ কাৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ‘টেনিছ ক’টৰ শপত’ বেইলি নামৰ এজন বিজ্ঞানী তথা বিপ্লৱীৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল।

(ঞ) ‘ছ’চিয়েল কণ্ট্ৰেক্ট্ৰ’ কাৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ‘ছ’চিয়েল কণ্ট্ৰেক্ট্ৰ’  ফৰাচী দাৰ্শনিক জাঁ জেক ৰুছে ৰচনা কৰিছিল।

(ট) ফ্ৰান্সত কেতিয়া প্ৰথমে গণৰাজ্য স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৭৯২ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে ফ্ৰান্সত গণৰাজ্য স্থাপন কৰা হৈছিল।

(ঠ) ১৮ ব্ৰুমেযাৰট কি ঘটনা ঘটিছিল?

উত্তৰঃ ১৭৯৯ চনৰ শেষৰ ফালে ডাইৰেক্টৰিৰ কুশাসনত ফ্ৰান্সৰ জনসাধাৰণ বিতুষ্ট হৈ পৰিছিল আৰু তেওঁৰ আগমনত সকলো উৎফুল্লিত হৈ পৰিল। নেপোলিয়নৰ বলপূৰ্বক ক্ষমতা দখলৰ কাৰ্য ১৮ ব্ৰুমেয়াৰৰ ঘটনা নামে জনাজাত। ফ্ৰান্সে গ্ৰহণ কৰা বিপ্লৱী কেলেণ্ডাৰৰ মতে ব্ৰুমেয়াৰ হৈছে ইংৰাজী কেলেণ্ডাৰৰ নৱেম্বৰ মাহ আৰু ১৮ ব্ৰুমেয়াৰ হ’ল ৯-১০ নৱেম্বৰ।

(ড) ফৰাছী বিপ্লৱৰ বাণী কি আছিল?

উত্তৰঃ ফৰাছী বিপ্লৱৰ বাণী আছিল- সমগ্ৰ ইউৰোপতে সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ বাণী প্ৰচাৰ কৰা।

২। চমু টোকা লিখা:

(ক) ষ্টেটছ জেনেৰেল।

উত্তৰঃ ১৭৮৯ চনৰ মে’ মাহৰ ৫ তাৰিখে পেৰিছৰ ওচৰতে অৱস্থিত ভাৰ্ছাই নগৰীত ষ্টেটছ জেনেৰেলৰ অধিৱেশনৰ আৰম্ভ হয়। অধিৱেশনৰ কাৰণে ৰজাৰ ফালৰপৰা কোনো আঁচনি যুণ্ডত কৰা হোৱা নাছিল। সেই কাৰণে প্ৰথমৰেপৰা এক বিশৃংখল অৱস্থাৰ সৃষ্টি হয়। তৃতীয় সম্প্ৰদায়ৰ লোকসকলেই আছিল গৰিষ্ঠসংখ্যক। তেওঁলোকৰ ভিতৰত শিক্ষিত মধ্যবিক্ত শ্ৰেণীৰ লোকেই আছিল সৰহ, মাত্ৰ ১০ জনমান সদস্যহে নিম্নস্ত্ৰৰৰপৰা নিৰ্বাচিত হৈছিল। প্ৰতিনিধিসকলে ৰজাৰ আদেশ অনুসৰি নিজ নিজ সমষ্টিৰ পৰা অভাৱ-অভিযোগ সম্বলিত একোখনকৈ প্ৰতিবেদন লগত লৈ আহিছিল। ফৰাচী ৰজাই অধিৱেশনত কোনো সিদ্ধান্ত দিব নোৱাৰাত তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে নিজাববীয়াকৈ দেশ গঠনৰ কামত অগ্ৰসৰ হয়। ১৭৮৯ চনৰ ১৭ জুন তাৰিখে সেই সম্প্ৰদায়ৰ প্ৰতিনিধিবৰ্গই নিজকে জাতীয় সভা বুলি ঘোষণা কৰে।

(খ) বেষ্টিলৰ পতন।

উত্তৰঃ ফ্ৰান্সৰ ৰাজধানী পেৰিচৰ পূৱ প্ৰান্তৰ অৱস্থিত বেষ্টিলৰ আছিল ৰাজকীয় দুৰ্গ আৰু কাৰাগাৰ। ৰজাই জাতীয় সভাৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগ কৰাৰ কথা ভাবি ভাৰ্ছাই আৰু পেৰিছৰ আশে-পাশে সৈন্যৰ সমাবেশ ঘটায়। জাতীয় সভাই  সৈন্যবাহিনীৰ অপসাৰণৰ বাবে ৰজাক অনুৰোধ জনালে। ৰজাই সেই বিষয়টোত কোনো গুৰুত্ব নিদি জনপ্ৰিয় বিত্ত মন্ত্ৰী নেকাৰক পদচ্যুত কৰে। এইটো উল্লেখযোগ্য যে মন্ত্ৰী ব্ৰিয়েনৰ পাছত ১৭৮৮ খ্ৰীষ্টাদ্বত নেকাৰক পুনৰ নিযুক্তি দিয়া হৈছিল। সেই সময়তে এটা গুজব প্ৰচাৰিত হৈছিল যে জাতীয় সভাক দমন কৰি পেৰিছৰ বিৰুদ্ধেও সৈন্যবাহিনী প্ৰেৰম কৰা হ’ব, কিয়নো পেৰিছ ইতিমধ্যে ৰজাৰ ভতিজাক পৰিলেপৰ ডিউকৰ নেতৃত্বত ফৰাছী বিপ্লৱীসকলৰ এক প্ৰধান কেন্দ্ৰস্থলত পৰিণত হৈছে। নগৰৰ কিছুমান সৈনিকেও জনতাৰ পক্ষ গ্ৰহণ কৰিলে। ১৪ জুলাইৰ দিনা পেৰিছৰ উন্মত্ত জনতাই তাত অৱস্থিত বেষ্টিলৰ দুৰ্গ ধ্বংস কৰি সকলোবোৰ বন্দীক মুকুল কৰি দিলে। বেষ্টিল দুৰ্গ পতন ফৰাছী বিপ্লৱৰ এটা প্ৰসিদ্ধ ঘটনা। সেই দুৰ্গক বুৰবন ৰজাৰ স্বেচ্ছাচাৰিটাৰ প্ৰতীক বুলি সকলোৱে গণ্য কৰিছিল আৰু তাৰ পতনে ৰাজকীয় অত্যাচাৰৰ অৱসান ঘটালে বুলি সকলো আনন্দিত হ’ল। জাতীয় সভাই পেৰিছৰ জনতাৰ এই কাৰ্যক আদৰণি জনালে। ১৪ জুলাইৰ দিনটো জাতীয় দিৱস হিচাপে স্বীকৃতি লাভ কৰিলে। আজিও ফৰাছীসকলে এই দিনটো স্বাধীনতা দিৱস হিচাপে উদ্ যাপন কৰে।

(গ) মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা।

উত্তৰঃ জাতীয় সভাই ফ্ৰান্সৰ সংবিধান ৰচনাৰ কাম হাতত লোৱাৰেপৰা এই সভা ফৰাচী সংবিধান সভাত পৰিণত হৈছিল। এই সভাই আমেৰিকাৰ ‘স্বাধীনতা ঘোষণা পত্ৰ আৰু ইংলেণ্ডৰ ‘বিল অব ৰাইটছ’ৰ অনুকৰণত ‘মানৱ আৰু নাগৰিক অধিকাৰ ঘোষণা পত্ৰ’ গ্ৰহণ কৰে। 

এই ঘোষণাপত্ৰত উল্লেখ থকা তিনিটা বিশেষ উল্লেখযোগ্য কথা হৈছে-

(১) স্বাধীনতা মানুহৰ জন্মস্বত্ব।

(২) আইনৰ দৃষ্টিত সকলো সমান আৰু প্ৰকৃত বিচাৰ নকৰাকৈ কাকো গ্ৰেপ্তাৰ বা কাৰাৰুদ্ধ কৰিব নোৱাৰি।

(৩) ব্যক্তি স্বাধীনতা, সম্পত্তি ভোগৰ স্বাধীনতা, নিজস্ব বিশ্বাস অনুসৰি ধৰ্ম পালনৰ স্বাধীনতা, অন্যায়ৰ বিৰোধিতা।

এইবোৰেই হৈছে মানুহৰ মৌলিক অধিকাৰ।

(ঘ) পেৰিছ কমিউন।

উত্তৰঃ ১৭৮৯ চনৰ ১৪ জুলাইৰ দিনা পেৰিছৰ উন্মত্ত জনতাই বেষ্টিল দুৰ্গ ধ্বংস কৰে। এই দুৰ্গ ধ্বংস হোৱাৰ পাছৰপৰা পেৰিছ ফৰাচী বিপ্লৱৰ প্ৰাণকেন্দ্ৰ হৈ পৰিল। বিপ্লৱে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিলে আৰু পেৰিছৰ ৰজাৰ শাসনৰ অৱসান ঘটিল। সেই নগৰৰ বিভিন্ন এলেকা শাসন কৰিবৰ কাৰণে ‘পেৰিছ কমিউন’ নামে এক স্বায়ত্ত শাসন অনুষ্ঠানৰ জন্ম হয়। বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে ফ্ৰান্সৰ চাৰিওফালে ব্যপক অৰাজকতাই দেখা দিলে। দেশৰ প্ৰায় সকলো ঠাইতে কমিউন গঠন কৰা হ’ল।

(ঙ) ছেপ্টেম্বৰৰ হত্যাকাণ্ড।

উত্তৰঃ ১৭৯২ চনৰ ৯-১০ আগষ্টত পেৰিছত ব্যপক আশান্তিয়ে দেখা দিয়ে। ৰজা ষোড়শ লুইৰ পতন অনিবাৰ্য হৈ পৰে। ৰজা-ৰাণীয়ে প্ৰসাদৰপৰা পলাই বিধান সভাগৃহত আশ্ৰয় ল’ব লগাত পৰে। ১০ আগষ্টৰ দিনা ৰজাক সিংশাসনচ্যুত কৰি বন্দী কৰা হয়। ইয়াতো পৰিস্থিতিৰ উপশম নঘটিল। বিপক্ষৰ বাহিনীয়ে পেৰিছ অভিমুখে আগবাঢ়ি অহাৰ সময়তে ২ ছেপ্টেম্বৰৰপৰা আৰম্ভ কৰি পাঁচদিন ধৰি পেৰিছত ব্যপক হত্যাকাণ্ড সংঘটিত হ’ল। ৰজাৰ সমৰ্থক বুলি যাকে যতে পালে তাকে নামমাত্ৰ বিচাৰ কৰি হত্য কৰা হ’ল। এই হত্যাকাণ্ডক ছেপ্টেম্বৰৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই হত্যাকাণ্ডৰ ফলত কিমান মানুহৰ মৃত্যু ঘটিছিল তাক সঠিককৈ জনা নাযায়। এই ঘটনাৰ পাছতে পোনপ্ৰথমবাৰৰ বাবে ফৰাছী বাহিনীৰ অধিনায়ক ডুমুৰিজে ভামিত অষ্ট্ৰ-এছিয়াৰ বাহিনীৰ গতিৰোধ কৰিবলৈ সক্ষম হয়। বিদেশী আক্ৰমণৰপৰা ফ্ৰান্স সাময়িকভাৱে ৰক্ষা পৰিল।

(চ) মহিলাৰ সমদল।

উত্তৰঃ বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে ফ্ৰান্সৰ চাৰিওফালে ব্যপক অৰাজকতাই দেখা দিলে। প্ৰায় সকলো ঠাইতে কমিউন আৰু জাতীয় বাহিনী গঠন কৰা হ’ল। ইফালে কৃষকসকলে জমিদাৰৰ ঘৰ-দুৱাৰবোৰ ধ্বংস কৰি মাটি-বাৰী সম্পৰ্কীয় দলিলবোৰ জুই লগাই দিলে। বহুতো ধৰ্মানুষ্ঠান আৰু যাজকৰো ঘৰ ধ্বংস কৰা হ’ল। ৰাজকৰ্মচাৰীসকলেও নিজ নিজ কার্যক্ষেত্ৰৰপৰা পলায়ন কৰিলে। প্ৰায় সৰ্বত্ৰে আগৰ শাসন ব্যৱস্থা ভাগি পৰিল। সেই সময়তে ৰজাই পুনৰ নিজৰ প্ৰাধান্য স্থাপন কৰিবলৈ চেষ্টা কৰি ভাৰ্ছাইত এক সৈন্য সমাৱেশ ঘটায়। সেই সৈন্যবাহিনীক এটা ভোজমেলৰদ্বাৰা আপ্যয়িতও কৰা হয়। (১ অক্টোবৰ, ১৭৮৯)। ভাৰ্ছাইত ভোজমেল আৰু ইফালে পেৰিছত ৰুটী এটুকুৰাৰ  বাবে হাহাকাৰ। ৰজাৰ এনে অবিবেচক কাৰ্যত পেৰিছবাসী ক্ষুদ্ধ হ’ল আৰু ৫ অক্টোবৰ তাৰিখে ৮,০০০ ক্ষুধাৰ্ত মহিলাই হাতত লাখুটি লৈ আহাৰ অৰ্থাৎ ৰুটী বিচাৰি ৰজা-ৰাণীৰ বাসস্থান ভাৰ্ছাই নগৰীলৈ যাত্ৰা কৰে। এই ঘটনা ইতিহাসত মহিলাৰ সমদল নামে জনাজাত।

৬ অক্টোবৰৰ দিনা তেওঁলোক সকলোৱে ৰজা-ৰাণী আৰু ৰাজকোঁৱৰক লগত লৈ পেৰিছলৈ প্ৰত্যেগমন কৰিলে। লগত তেওঁলোকে কিছু আটা আৰু বাৰ্লিৰ বস্থাও লৈ আহে। গোটেই পথছোৱাত উশৃংখল জনতাই চিঞৰি আহিল। আমাৰ মাজত ৰুটীৱালা, তেওঁৰ পৰিবাৰ আৰু সৰু ৰান্ধনি ল’ৰাটো আছে। আমি এতিয়া ৰুটী খাবলৈ পাম।

(ছ) সন্তাসৰ ৰাজত্ব।

উত্তৰঃ ফৰাছী বিপ্লৱীসকলে সমগ্ৰ ইউৰোপতে সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ বাণী প্ৰচাৰ কৰিবলৈ বদ্ধপৰিকৰ হ’ল। তেওঁলোকে বিভিন্ন দেশৰ জনসাধাৰণক ৰাজতন্ত্ৰৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনালে। এনে কাৰ্যৰ ফলত ইউৰোপত এক প্ৰবল আলোড়নৰ সৃষ্টি হ’ল। ফ্ৰান্সৰ  যুদ্ধংদেহী মনোভাৱত ইউৰোপৰ ৰজাসকল সন্ত্ৰস্ত হৈ পৰিল। ফলত অষ্ট্ৰিয়া আৰু ৰুছিয়াৰ লগতে ইংলেণ্ড, হলেণ্ড, স্পেইন আদি দেশো ফ্ৰান্স বিৰোধী হৈ পৰিল আৰু ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধত নামি পৰে। সমগ্ৰ ইউৰোপৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ বাবে ফ্ৰান্সৰ কোনো সামৰ্থ নাছিল আৰু সেই কাৰণে ফৰাছী বাহিনীয়ে বিপক্ষ বাহিনীৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত পৰাজয় বৰণ কৰিবলৈ বাধ্য হয়। ফলত দেশৰ গণৰাজ্যখনৰ অস্তিত্বই বিপদাপন্ন হৈ পৰিল। ঘৰুৱা শত্ৰুৱে বিদেশী শক্তিক সাহাৰ্য কৰা বুলি বিপ্লৱীসকলৰ মাজত এক ধাৰণাৰ সৃষ্টি হ’ল। এনে অৱস্থাৰপৰা পৰিত্ৰাণ পাবলৈকে ফ্ৰান্সত সন্তাসৰ ৰাজত্বৰ সূচনা হ’ল।

(জ) জেকবিন ক্লাব।

উত্তৰঃ বিপ্লৱ আৰম্ভ হোৱাৰপৰাই ফ্ৰান্সত নানান ক্লাৱ গঢ়ি উঠিছিল। এই ক্লাৱবোৰৰ ভিতৰত জেকবিন ক্লাৱো অন্যাতম। জেকবিন ক্লাৱৰ সদস্যসকল উগ্ৰ প্ৰজাতন্ত্ৰী আছিল। এওঁলোকে ৰজা আৰু ৰাজতন্ত্ৰৰ সমৰ্থকসকলক বিপ্লৱী আৰু দেশৰ প্ৰধান শত্ৰু বুলি গণ্য কৰিছিল। এওঁলোকৰ মতে জনতাই হ’ল দেশৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী। এই মতবাদে সমগ্ৰ দেশতে প্ৰৱল জনপ্রিয়তা লাভ কৰে। জেকবিনৰ প্ৰধান কেন্দ্ৰ আছিল পেৰিছত। এই ক্লাৱৰ সদস্যসকলৰ ভিতৰত মিৰাবো, মাৰা আৰু ৰ’বছপিয়েৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

(ঝ) কনছুলেট।

উত্তৰঃ কনছুলেট এক প্ৰকাৰৰ শাসন ব্যৱস্থা। ফ্ৰান্সত প্ৰচলিত হৈ থকা ডাইৰেক্টৰি শাসন বিফল হোৱাত ফ্ৰান্সত একনায়কত্ববাদী শাসনৰ পথ প্ৰগস্ত হৈ পৰে। ব্ৰুমেয়াৰৰ ঘটনাৰ পাছত এখন নতুন সংবিধান প্ৰৱৰ্তন কৰা হয়। এই সংবিধানখন অষ্টম বছৰৰ সংবিধান বুলি কোৱা হয়, কিয়নো ইয়াক গণৰাজ্য প্ৰতিষ্ঠিত হোৱাৰ অষ্টম বছৰত ৰচনা হৈছিল। নেপোলিয়ন হ’ল প্ৰথম কনছাল আৰু লাহে লাহে তেওঁৰ ক্ষমতা বৃদ্ধি পাই যোৱাত ১৮০৪ চনত ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰি সম্ৰাট নেপোলিয়ন হিচাপে প্ৰসিদ্ধ হ’ল। এই সংবিধানখনৰ মতে দেশৰ সৰ্বোচ্চ ক্ষমতা তিনিজন কনছালৰ হাতত অৰ্পণ কৰা হয়। এই কনছালসকলৰ ভিতৰত নেপোলিয়ন আছিল প্ৰথম গৰাকী কনছাল। এওঁ প্ৰৱৰ্তন কৰা শাসন ব্যৱস্থাক কনছুলেট বুলি কোৱা হয়।

৩। ৰচনাধৰ্মী প্ৰশ্ন:

(ক) ফৰাছী বিপ্লৱৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ফৰাছী বিপ্লৱৰ কাৰণবোৰ হ’ল-

(১) সামাজিক কাৰণ: ফৰাছী বিপ্লৱৰ এটা প্ৰধান কাৰণ হ’ল সমাজৰ বিভিন্ন শ্রেণীৰ মাজত থকা  বৈষম্য সমূহ। ফৰাছী সমাজ আছিল তিনিটা সম্প্ৰদায়ক লৈ গঠিত আৰু প্ৰত্যেক সম্প্ৰদায়কে বা স্তৰকে এষ্টেট বোলা হৈছিল। প্ৰথম সম্প্ৰদায়ত আছিল উচ্চ পৰ্যায়ৰ যাজকসকল, দ্বিতীয় সম্প্ৰদায়ত বংশ গৌৰৱৰ অধিকাৰী অভিজাত ডা-ডাঙৰীয়াসকল আৰু তৃতীয় সম্প্ৰদায়ত আছিল আন সকলো লোক যেনে- কৃষক, বুৰ্জোৱা  আৰু শ্ৰমজীৱী লোকসকল। প্ৰথম দুটা সম্প্ৰদায়ৰ লোক আছিল বিভিন্ন সুবিধাভোগী শ্ৰেণীৰ লোক। তেওঁলোকে ৰাজ্যৰ সকলো ৰাজনৈতিক আৰু আৰ্থিক সুবিধাবোৰ ভোগ কৰিছিল। এটা হিচাপ মতে সেই সময়ত ফ্ৰান্সত প্ৰায় আঢ়ৈ কোটি মানুহৰ ভিতৰত ১,৩০,০০০ জন যাজক আৰু ১,৫০,০০০ জন অভিজাত সম্প্ৰদায়ৰ লোক আছিল।

(২) অৰ্থনৈতিক কাৰণ: ফৰাচী বিপ্লৱৰ সময়ত ৰাজকোষ প্ৰায় উদং হৈ পৰিছিল। চতুৰ্দশ লুইয়ে কেইবাখনো যুদ্ধত লিপ্ত হৈ ৰাজভঁৰাল খালী কৰি পেলাইছিল। তেওঁৰ পিছৰ পঞ্চদশ লুইয়ে আকৌ কোনো ধৰণৰ নিয়ন্ত্ৰণ নৰখাকৈ ৰাজকোষৰ ধন ব্যয় কৰিছিল। সেই সময়ৰ কৰ সোধা বিষয়া সকলেও সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাইছিল। যাজকসকলে স্বেচ্ছাই কৰ দিব লাগিছিল যদিও, তেওঁলোকে কৰ ফাঁকি দি স্বেচ্ছাই কৰ দানৰপৰা বিৰত আছিল আৰু ভুৱা হিচাপ দাখিল কৰিছিল।

(৩) ফৰাচী দাৰ্শনিকসকলৰ লেখনীৰ প্ৰভাৱ: নৱজাগৰণৰ পৰাই ফৰাচী দেশত এক প্ৰৱল যুক্তিবাদৰ সৃষ্টি হৈছিল। মন্টেস্কু, ভল্টেয়াৰ, ৰুছো আদি ফৰাচী দাৰ্শনিকসকলৰ লেখনীত সততে জনসাধাৰণৰ কল্যাণৰ উপায় চৰ্চিত হৈছিল। এওঁলোকে ক্ষমতালোভী, সুবিধাভোগী লোকসকলৰ দুৰ্নীতি সম্পৰ্কে জনসাধাৰণক এক প্ৰকাৰ জাগ্ৰত কৰি তুলিছিল।

(৪) অন্যান্যা বিপ্লৱৰ প্ৰভাৱ: ১৬৮৮ খ্ৰীষ্টাদ্বৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ আৰু ১৭৭৬ খ্ৰীষ্টাদ্বৰ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ সফলতায়ো ফৰাচী বিপ্লৱীসকলক উৎসাহিত কৰিছিল।

(৫) ৰাজনৈতিক কাৰণ: ৰজাৰ স্বেচ্ছাচাৰিতা ফৰাচী বিপ্লৱৰ এটা মুখ্য কাৰণ। তেওঁলোকে ভগৱান প্ৰদত্ত ক্ষমতাৰ বিশ্বাস কৰিছিল। চতুৰ্দশ লুইয়ে সগৌৰৱে ‘ময়েই ৰাষ্ট্ৰ’ বুলি ঘোষণা কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত দুৰ্বল আৰু অকামিল ৰজা পঞ্চদশ লুইয়ে ৰাজকাৰ্য্যতকৈ আমোদ-প্ৰমোদতহে অধিক গুৰুত্ব দিছিল। ১৭৭৪ চনত ফ্ৰান্সৰ সিংহাসনৰ অধিকাৰী হোৱা ষোড়শ লুই নামতহে ৰজা আছিল; তেওঁৰ পত্নী ৰাজনৈতিক জ্ঞানশূন্যা মেৰিয়ে ৰাজকাৰ্য্যত হস্তক্ষেপ কৰি ৰাজ্যশাসনৰ মৰ্য্যদা ক্ষুন্ন কৰিছিল। অঞ্চলভেদে বেলেগ বেলেগ আইন প্ৰচলিত হৈছিল আৰু প্ৰতিপত্তিশীল লোকসকলে যাকে ইচ্ছা তাকে গ্ৰেপ্তাৰ কৰিব পাৰিছিল।

(খ) ৰজাৰ স্বেচ্ছাচাৰিতা আৰু দাৰ্শনিক -বৃদ্ধিজীৱীসকলৰ লেখনীয়ে কেনেকৈ ফৰাছী বিপ্লৱীসকলক প্ৰভাৱিত কৰিছিল,আলোচনা কৰা।

উত্তৰঃ ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকলে নিজকে ঈশ্বৰৰ প্ৰেৰিত দূত বুলি বিবেচনা কৰি নিজ অভিৰুচি অনুসৰি দেশ শাসনত প্ৰবৃত্ত হৈছিল। তেওঁলোকে সকলো ক্ষমতা ঈশ্বৰৰপৰা লাভ কৰিছিল বুলি ভাৱিছিল আৰু সেইবাবে দেশ শাসনৰ ক্ষেত্ৰত জনসাধাৰণৰ ওচৰত জগৰীয়া নহয় বুলি বিবেচনা কৰিছিল। এনে ধাৰণাৰ ফলতে ফ্ৰান্সত স্বেচ্ছাচাৰী শাসন ব্যৱস্থা গা কৰি উঠিছিল। সেই শাসনৰ প্ৰধান উদ্যেত্তা আছিল ফ্ৰান্সৰ মহান ৰজা বুলি প্ৰসিদ্ধ চতুৰ্থ লুই (১৬৪৩-১৭১৫)। চালুকীয়া অৱস্থাতে তেওঁ ৰাজপদত অধিষ্ঠিত  হৈছিল যদিও ১৬৬১ চনৰপৰাহে দেশৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে। সপ্তদশ শতিকাৰ শেষ অষ্টাদশ শতিকাৰ আৰম্ভণিত ফ্ৰান্সত কেইবাগৰাকীও বিশ্ববিশ্ৰুত দাৰ্শনিকৰ আর্ৱিভাব হৈছিল। এই প্ৰথম শ্ৰেণীৰ দাৰ্শনিকসকলৰ ভিতৰত মণ্টেস্কু, ভল্টেয়াৰ, ৰুচো, ভেনিছ, ডিডেৰ, জন এলেমবাৰ্ট, বেৰন হ’লবাক আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

মন্টেস্কু (১৬৮৯ খ্ৰী:-১৭৫৫ খ্ৰী:): বিশ্ববিখ্যাত গ্ৰন্থ ‘দ্য স্পিৰিট অৱ দ্য লজ’ৰ প্ৰণেতা মন্টেস্কুৱে ফ্ৰান্সত সীমিত ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ পোষকতা কৰিছিল। তেওঁৰ মতে দেশৰ পৰিস্থিতিৰ লগত খাপ খুৱাই চৰকাৰ গঠিত হ’লেহে দেশবাসীৰ কল্যাণ সম্ভৱপৰ। তেওঁ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ওপৰত জোৰ দিছিল। তেওঁৰ মতে চৰকাৰত কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়াপালিকা- এই তিনিটা বিভাগে পৃথকে পৃথকে কাৰ্য্য কৰা উচিত।

ভল্টেয়াৰ (১৬৯৪ খ্ৰী:-১৭৭৮ খ্ৰী:): অষ্টাদশ শতিকাৰ  ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ লেখনীয়ে ফ্ৰান্সৰ উপৰিও ইউৰোপৰ বহুত দেশৰ জনতাৰ অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছিল। তেওঁ প্ৰচলিত ধৰ্ম ব্যৱস্থা তথা যাজকসকলৰ দুৰ্নীতিৰ কঠোৰ সমালোচনা কৰিছিল। তেওঁ প্ৰজাহিতৈষী ৰজাৰ শাসনেই উত্তম শাসন বুলি মত পোষণ কৰিছিল।

ৰুচো: জিয়েন জেকুইন ৰুচোক ফৰাচী বিপ্লৱৰ জন্মদাতা বুলি কোৱা হয়। তেওঁ আছিল বিপ্লৱকালত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা দাৰ্শনিক। তেওঁৰ ‘কনট্টাষ্ট ছচিয়েল’ বা ‘ছচিয়েল কনট্টেষ্ট’ নামৰ গ্ৰন্থত ফ্ৰান্স তথা ইউৰোপৰ অন্যান্য দেশতো প্ৰৱল আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল যে দেশৰ সৰ্বাধিক সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হৈছে দেশৰ জনসাধাৰণ আৰু জনসাধাৰণৰ মতৰ বিৰুদ্ধে কাম কৰা ৰজাক জনতায়ে পদচ্যুত কৰিব পাৰে।

ডিডেৰ’ আৰু এলেমবাৰ্ট: ডিডেৰ’ আৰু এলেমবাৰ্ট এখন বিশ্বকোষ প্ৰণয়ন কৰিছিল। এই বিশ্বকোষত তেওঁলোকৰ উপৰিও বিভিন্ন লেখকৰ শক্তিশালী প্ৰৱদ্ধ প্ৰকাশিত হৈছিল। এই লেখনীবিলাকত ফ্ৰান্স আৰু অন্যান্য ইউৰোপীয় দেশৰ তদানীন্তন ধৰ্মীয়, সামাজিক, ৰাষ্ট্ৰীয় দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। এইবোৰেও ফৰাচী বিপ্লৱৰ পটভূমি ৰচনাত বিশেষভাৱে অৰিহণা আগবঢ়াইছিল।

(গ) ফ্ৰান্সৰ জাতীয় সভাৰ কাৰ্যৱলীৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ ফ্ৰান্সত অৰাজকতা চলি থকা অৱস্থাত তৃতীয় সম্প্ৰদায়ৰ নেতৃত্বত জাতীয় সভা গঠন কৰা হয়। ফ্ৰান্সত সামন্তবাদৰ অন্ত পৰে আৰু উচ্চ সম্প্ৰদায়ক দিব লগা কৰৰ বোজাৰপৰা তৃতীয় সম্প্ৰদায়ৰ লোকসকল মুক্ত হ’ল। ফ্ৰান্সত পুৰণি শাসন ব্যৱস্থাৰ অন্ত পৰে আৰু প্ৰথমবাৰৰ বাবে সমতা স্থাপন হয়। জাতীয় সভাৰ এক গুৰুত্বপূৰ্ণ কাম হ’ল জনসাধাৰণৰ মৌলিক অধিকাৰ সম্পৰ্কীয় এখন ঘোষণা পত্ৰ গ্ৰহণ। আমেৰিকাৰ বিপ্লৱীসকলৰ আৰ্হিত ৰচিত এই ঘোষণা পত্ৰখন ‘মানৱ আৰু নাগৰিক অধিকাৰ ঘোষণা’ বুলি কোৱা হয়। 

পুৰণি শাসন-ব্যৱস্থা তুলি দি তাৰ ঠাইত প্ৰায় সমান সমানকৈ সমগ্ৰ ফ্ৰান্সক ৮৩টা ‘ডিপাৰ্টমেন্ট বা প্ৰদেশত ভাগ কৰা হয়। প্ৰত্যেক ডিপাৰ্টমেন্ট বা  প্ৰদেশত কিছুমান ‘কেন্টন’ বা জিলাত আৰু জিলাবোৰক ‘কমিউন’ত ভাগ কৰা হয়। জাতীয় সভাৰ আন এক উল্লেখনীয় কাম হৈছে আৰ্থিক সংস্কাৰ। আৰ্থিক দুৰৱস্থাই আছিল ফৰাচী বিপ্লৱৰ এটা প্ৰধান কাৰণ। এই আৰ্থিক দুৰৱস্থা আঁতৰাবলৈ বিপ্লৱী সদস্যসকলে গীৰ্জাৰ বিপুল সা-সম্পত্তি বাজেয়াপ্ত কৰি তাৰ ঠাইত এছাইনেট নামৰ এবিধ কাগজী মুদ্ৰাৰ প্ৰচলন কৰে। ইয়াৰ পাছত সভাই ধৰ্মসহিষুতা নীতি গ্ৰহণ কৰি কেথলিক গীৰ্জাৰ পূৰ্বৰ মৰ্যাদা বিনষ্ট কৰিলে।

জাতীয় সভাৰ সৰ্বশেষ কাৰ্য হ’ল সংবিধান ৰচনা। ১৭৯১ চনত ৰচিত হোৱা সংবিধানখনেই হৈছে ইউৰোপ মহাদেশৰ প্ৰথম লিখিত সংবিধান। এই সংবিধানখন মন্টেস্কু’ৰ ক্ষমতা বিভাজন মতবাদৰ ওপৰত প্ৰতিষ্ঠিত। সেই মতে, বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকা- এই তিনিটা পৃথক কৰা হয়। কাৰ্যপালিকাৰ ক্ষমতা বুৰবন ৰজাৰ হাততে অৰ্পণ কৰা হ’ল আৰু তেওঁৰ ক্ষমতা সীমিত কৰা হ’ল।

১৭৮৯ চনৰপৰা ১৭৯১ চনলৈ এই দুবছৰৰ ভিতৰত জাতীয় সভাৰ সদস্যসকলে ফ্ৰান্সত আমূল পৰিৱৰ্তন সাধন কৰে। এওঁলোকৰ কাৰ্যাৱলীত খুঁত আছিল যদিও অভিজ্ঞ লোকৰদ্বাৰা অতি কম সময়ৰ ভিতৰত এখন নতুন ফ্ৰান্স গঠন কৰিব পৰাটো তেওঁলোকৰ মহান কৃতিত্ব বুলি ক’ব পাৰি।

(ঘ) ফৰাছী বিপ্লৱৰ ফলাফলবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৭৮৯ চনৰ ‘ফৰাচী বিপ্লৱে বহুতো পৰিৱৰ্তন সূচনা কৰিছিল।

(১) এই বিপ্লৱে স্বেচ্ছাচাৰী ৰাজতান্ত্ৰিক ব্যৱস্থাৰ অৱসান ঘটালে। ৰজাৰ ঈশ্বৰ প্ৰদত্ত ক্ষমতাৰ ধাৰণা বিলুপ্ত হ’ল।

(২) ফৰাচী বিপ্লৱে ফ্ৰান্সৰ শ্ৰেণী-বৈষম্য আতঁৰালে। ৰুচোৰ আদৰ্শেৰে উদ্ধুদ্ধ হৈ ফ্ৰান্সবাসীয়ে সম্পত্তিৰ ভেটিত সৃষ্টি হোৱা প্ৰভেদ নাইকিয়া কৰিবলৈ উঠি পৰি লাগিল। নতুন সংবিধানে  মানুহক নিজা সম্পত্তিৰপৰা বঞ্চিত কৰাটো ৰোধ কৰিলে। অভিজাত আৰু যাজকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰি দুখীয়া শ্রেণীৰ উছৰ্গা কৰা হ’ল।

(৩) ফৰাচী বিপ্লৱে ফ্ৰান্সত সামন্তবাদৰ অৱসান ঘটালে। কৃষকসকলে নিজৰ ৰুচি আৰু সামৰ্থ অনুসৰি খেতি কৰিবলৈ সক্ষম হ’ল। তেওঁলোকে তিনি তৰপীয়া কৰ প্ৰদানৰপৰা মুক্ত হ’ল।

(৪) ফৰাচী বিপ্লৱে ফ্ৰান্সৰ ধৰ্মীয় চৰিত্ৰ সলনি কৰি পেলালে। যাজকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ফলত তেওঁলোকৰ প্ৰতিপত্তি নাইকিয়া হ’ল।

(৫) এই বিপ্লৱে ফ্ৰান্সৰ উপৰিও ইউৰোপৰ অন্যান্য দেশৰ জনসাধাৰণকো মুক্তিৰ আদৰ্শ দেখুৱালে। এইবোৰ দেশৰ জনসাধাৰণ সচেতন হৈ উঠাত ৰজাসকলে জনতাৰ কাৰণে কল্যাণকৰ কাৰ্য হাতত ল’বলৈ বাধ্য হ’ল।

(৬) ফৰাচী বিপ্লৱে এজন সৰ্বকালৰ অন্যতম মহান নেতাৰ জন্ম দিলে এইজন হ’ল নেপোলিয়ন বোনাপাৰ্ট। বিপ্লৱৰ পাছত ফ্ৰান্সত বহুতো খেলিমেলি উদ্ভৱ হৈছিল বাবে জনসাধাৰণে এজন শক্তিশালী নেতাৰ অভাৱ অনুভৱ কৰিছিল।

(ঙ) নেপোলিয়নে কেনেকৈ ফ্ৰান্সত ক্ষমতা হস্তগত কৰিছিল সেই বিষয়ে চমু আভাস দিয়া।

উত্তৰঃ ফ্ৰান্স দেশৰ এগৰাকী প্ৰতিভাশালী পুৰুষ হৈছে নেপোলিয়ন বোনাপাৰ্ট। এওঁৰ নেতৃত্বত ফৰাচী বিপ্লৱৰ গতিপথ সলনি হৈছিল। নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হয় ভূমধ্যসাগৰৰ কৰ্ছিকা নামৰ এটা সৰু দ্বীপত। বাল্যকালত তেওঁৰ স্বপ্ন আছিল নিজ মাতৃভূমিক বিদেশী ফৰাচী শাসনৰপৰা মুক্ত কৰা, কিন্তু ফৰাচী বিপ্লৱ আৰম্ভ হোৱাৰ পৰা তেওঁৰ দৃষ্টি সুদূৰপ্ৰসাৰী হৈ পৰিল। শিক্ষা সাং কৰি নেপোলিয়নে ফৰাচী সৈন্যবাহিনীত যোগদান কৰে আৰু নিজৰ সাহস আৰু দক্ষতাৰ পৰিচয় দাঙি ধৰে। তেওঁ ইংৰাজ বাহিনী, পেৰিছ কমিউন আদিৰ লগত যুদ্ধ কৰি নিজৰ সামৰিক প্ৰতিভাৰ পৰিচয় দিয়ে। ইয়াৰ পিছত ইটালী, অষ্ট্ৰিয়া, আদিত সামৰিক সফলতা লাভ কৰি ইংৰাজ বাহিনী উচ্ছেদ কৰিবলৈ ইজিপ্তলৈ যায় আৰু ইংৰাজ সেনাপতি লৰ্ড নেলচনৰ হাতত নীল নদৰ যুদ্ধত পৰাস্ত হৈ বহুত দিন সন্ধানহীন হয়। ১৭৯৯ চনৰ শেষৰফালে তেওঁ পুনৰ দেশলৈ উভতি আহে আৰু ফ্ৰান্সৰ ডাইৰেক্টৰিৰ কুশাসনৰ অন্ত পেলাই কনছুলেট নামৰ এক নতুন শাসন-ব্যৱস্থা প্ৰৱৰ্তন কৰে। নেপোলিয়নৰ বলপূৰ্বক ক্ষমতা দখলৰ কার্য ১৮ ব্ৰুমেয়াৰৰ ঘটনা নামে জনাজাত।

ডাইৰেক্টৰি শাসনৰ বিফলতাই ফ্ৰান্সত একনায়কত্ববাদী শাসনৰ পথ প্ৰগস্ত হয়। ব্ৰুমেয়াৰৰ ঘটনাৰ পাছত এখন নতুন সংবিধান প্ৰৱৰ্তন কৰা হয়। সংবিধানখনৰ মতে তিনিজন কনছালৰ হাতত দেশৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। নেপোলিয়ন হ’ল প্ৰথম কনছাল আৰু লাহে লাহে তেওঁৰ ক্ষমতা বৃদ্ধি পাই যোৱাত ১৮০৪ চনত ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰি সম্ৰাট নেপোলিয়ন নামে প্ৰসিদ্ধ হয়। তেওঁ নিজকে ‘বিপ্লৱৰ সন্তান’ হিচাপে ঘোষণা কৰে যদিও ব্যক্তি স্বাধীনতা দিয়া নাছিল। নিজ প্ৰতিভাৰ বলতে তেওঁ ক্ষমতা লাভ কৰিছিল আৰু আনৰ প্ৰতিভাকো স্বীকৃতি দিছিল। ফ্ৰান্সৰ আইন সংশোধন কৰি সামাজিক ক্ষেত্ৰত ন্যায়প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। ইংলেণ্ডৰ নেতৃত্বত সমগ্ৰ ইউৰোপৰ দেশসমূহ একত্ৰিত হৈ নেপোলিয়নৰ বিপক্ষে থিয় দিয়ে। তেওঁ ইংৰাজৰ হাতত আত্মসমৰ্পণ কৰে। ১৮২১ চনৰ ৫ মে’ তাৰিখে বন্দী কৰি থয়। ১৮২১ চনৰ ৫ মে’ তাৰিখে বন্দী অৱস্থাতে নেপোলিয়নে মৃত্যুবৰণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top