Class 9 Elective History Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

Class 9 Elective History Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Question Answer, SEBA Class 9 Elective History Notes in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective History Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Solutions and select need one.

Class 9 Elective History Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective History Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Notes for All Subject, You can practice these here.

উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

Chapter – 6

ইতিহাস

PART – I

(ক) অতি চমু প্ৰশ্নোত্তৰ:

১। লক্ষ্মীসিংহৰ ধৰ্মগুৰু কোন?

উত্তৰঃ লক্ষ্মীসিংহৰ ধৰ্মগুৰু বংগদেশৰ জনৈক শাক্ত ধৰ্মীয় গুৰু আছিল।

২। মালৌ পথাৰত কি বন্ধোৱা হৈছিল?

উত্তৰঃ সত্ৰৰ ‘বৰভেটি’ বন্ধোৱা হৈছিল।

৩। মোৱামৰীয়াসকলৰ সৰহভাগ কোন সম্প্ৰদায়ৰ?

উত্তৰঃ মোৱামৰীয়াসকলৰ সৰহভাগ চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত সম্প্ৰদায়ৰ লগতে কিছু বৰ্ণহিন্দু সম্প্ৰদায়ৰ।

৪। নাহৰখোৱা শইকীয়াক কি শাস্তি দিয়া হৈছিল?

উত্তৰঃ নাহৰখোৱা শইকীয়াক কাণ কাটি শাস্তি দিয়া হৈছিল।

৫। মোৱামৰীয়াসকলে আহোম ৰাজবংশৰ কাক হাত কৰিছিল?

উত্তৰঃ মোৱামৰীয়াসকলে আহোম ৰাজবংশৰ মোহনমালা গোহাঁই, ৰাজেশ্বৰ সিংহৰ পুত্ৰ আৰু ৰত্নেশ্বৰক হাত কৰিছিল।

৬। মায়ামৰা সত্ৰৰ প্ৰতিস্থাতা কোন?

উত্তৰঃ অনিৰুদ্ধদেৱ।

৭। কোনজন স্বৰ্গদেউৰ দিনত শংকৰদেৱ আৰু মাধৱদেৱে আহোম ৰাজ্য এৰি কোচবিহাৰলৈ গৈছিল?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত আহোম ৰাজ্য এৰি কোচবিহাৰলৈ গৈছিল।

৮। কৃষ্ণৰাম ভট্টাচাৰ্যক কোনজন স্বৰ্গদেৱে মতাই আনিছিল?

উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্যক স্বৰ্গদেউ শিৱসিংহই মতাই আনিছিল।

৯। ‘বৰৰজা’ কোন?

উত্তৰঃ ‘বৰৰজা’ ফুলেশ্বৰী কুঁৱৰী।

১০। দিহিংসত্ৰ কোনে স্থাপন কৰিছিল?

উত্তৰঃ দিহিংসত্ৰ বৰবৰুৱা কীৰ্তিচন্দই স্থাপন কৰিছিল।

(খ) চমু টোকা:

১। পূৰ্ণানন্দ বুঢ়াগোহাঁই।

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম সাম্ৰাজ্যৰ শেষ গৰাকী শক্তিশালী ব্যক্তি আছিল। তেওঁৰ পিতৃৰ নাম আছিল ঘনশ্যাম বুঢ়াগোহাঁই। ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছত পূৰ্ণানন্দই বুঢ়াগোহাঁইৰ পদ লাভ কৰে। এই সময়তে আহোম ৰাজ্যত মোৱামৰীয়া বিদ্ৰোহে গা কৰি উঠে। চাৰিওফালে বিদ্রোহীৰ প্ৰচণ্ড আৰু শক্তিশালী আক্ৰমণৰ মাজতো পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে অসীম ধৈৰ্যৰে বিদ্রোহীসকলক বাধা দি আহিছিল। অৱশেষত তেওঁ বিফল হয় আৰু বিদ্রোহীসকলক ৰাজধানীৰ কাষ চাপি আহে। স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ যাত্ৰা কৰে। অতি কম সংখ্যক সৈন্যৰে কেইদিনমান যুঁজি থাকি অৱশেষত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়েও ৰাজধানী এৰি সাহায্য বিচাৰি ভাটিলৈ যায়। এই সময়ছোৱাত খাদ্য-সামগ্ৰীৰ অভাৱে লোকসকলক জুৰুলা কৰিছিল। আনহাতে বিদ্রোহীসকলে প্ৰায়েই ৰাতি হঠাতে আহি লোকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল। কিন্তু বুঢ়াগোহাঁইৰ অবিচল চেষ্টা, ধৈৰ্য আৰু আত্মত্যাগলৈ চাই বহুতো তেনে কৰাৰ পৰা বিৰত আছিল। তেওঁ অসীম সাহসী আৰু ধৈৰ্যশীল আছিল। বদনচন্দ বৰফুকনে ষড়যন্ত্ৰ কৰি বিদেশী মানক আনি অসম ধ্বংস কৰা কাৰ্যক তেওঁ সহ্য কৰিব পৰা নাছিল। সেই বেজাৰত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।

২। মায়ামৰা মহন্ত।

উত্তৰঃ  বৰ্ণভেদহীন একশৰণ বৈষ্ণৱ ধৰ্মত ঈশ্বৰৰ নাম কীৰ্তনক ঈশ্বৰ প্ৰাপ্তিৰ শ্ৰেষ্ঠ পথ বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱৰ শিষ্যসকলে সমগ্ৰ অসমত ঠায়ে ঠায়ে এই ধৰ্ম প্ৰচাৰৰ বাবে কেন্দ্ৰ স্থাপন কৰে। এইবোৰক সত্ৰ বুলি কোৱা হয়। সত্ৰৰ মুৰব্বীক ‘অধিকাৰ’ বা ‘মহন্ত’ বুলি কোৱা হয়। অসমত প্ৰতিষ্ঠিত হোৱা এটা বৈষ্ণৱ সত্ৰ হৈছে মোৱামৰীয়া বা মায়ামৰা সত্ৰ। এই সত্ৰৰ অধিকাৰ জনক মায়ামৰা মহন্ত বুলি কোৱা হয়। প্ৰথম মায়ামৰা মহন্ত হৈছে অনিৰুদ্ধদেৱ। এওঁ হিন্দু-সমাজৰ নিম্নবৰ্গ আৰু উপজাতীয় লোকসকলক বিশেষভাৱে আকৰ্ষণ কৰিছিল। এই শ্ৰেণীৰ লোক অসমত সৰহ হোৱাৰ বাবে এই সত্ৰৰ শিষ্যৰ সংখ্যাও সৰহ আছিল। আন সত্ৰৰ তুলনাত এই সত্ৰৰ শিষ্য সৰহ হোৱাৰ বাবে এই সত্ৰৰ শক্তি আৰু সমৃদ্ধি বৃদ্ধি পাইছিল। সেইবাবে মোৱামৰীয়া মহন্তসকলে বিশেষ। সামাজিক মৰ্যাদা লাভ কৰিছিল। ধৰ্মীয় নেতৃত্বতৰ বাদে কোনো কোনো সময়ত তেওঁলোকৰ ৰাজনৈতিক মতামতেও গুৰুত্ব লাভ কৰিছিল।

৩। কীৰ্তিচন্দ্ৰ বৰবৰুৱা।

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা অতি সাধাৰণ ঘৰৰ ল’ৰা আছিল। তেওঁ ৰজাৰ প্রিয়পাত্ৰ হৈ দোপত-দোপে উন্নতি কৰি বৰবৰুৱাৰ পদবী লাভ কৰিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰাজ্যৰ শাসনভাৰ কীৰ্তিচন্দ্ৰৰ হাতত গতাই দি নিজে লাহ-বিলাসত মত্ত হৈ পৰিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা অতি ক্ষমতাপ্রিয় আৰু অহংকাৰী আছিল।

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তৰ প্ৰতিদ্বদ্বীৰূপে দিহিং সত্ৰ স্থাপন কৰে আৰু মোৱামৰীয়া মহন্ত সম্পৰ্কে আপত্তিজনক মন্তব্য কৰি মোৱামৰীয়া শিষ্যসকলৰ বিদ্বেষভাজন হৈ পৰে।

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ চৌবিশ গৰাকী কুঁৱৰীক কীৰ্তিচন্দ্ৰই বৰকশালৈ নিৰ্বাসন দিছিল। এবাৰ বৰবৰুৱাৰ লগত স্বৰ্গদেউ নাৱেৰে ফুৰিবলৈ যাওঁতে মোৱামৰীয়া মহন্তই স্বৰ্গদেউক অভিবাদক জনালেও বৰবৰুৱাক নজনোৱাৰ বাবে তেওঁক অপমানিত কৰা হয়। বৰবৰুৱাৰ এনে কাৰ্যৰ বাবে তেওঁৰ শত্ৰু বৃদ্ধি পালে আৰু সকলোৱে তেওঁক নিন্দা কৰিলে। বৰবৰুৱাক বধ কৰিবলৈ ষড়যন্ত্ৰ চলোৱা হ’ল।

১৭৬৯ চনৰ ছেপ্টেম্বৰ মাহত মায়ামৰা সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগে কীৰ্তিচন্দ্ৰক ভাল হাতী যোগান ধৰা স্বত্বেও হাতীৰ নানা খুঁত উলিয়াই দুয়োকে গুৰুত্বৰ শাস্তি দিলে। এই শাস্তিৰ পোটক তুলিবলৈ দুয়ো মোৱামৰীয়া বিদ্রোহৰ সৃষ্টি কৰিলে।

৪। মটক ৰাজ্য।

উত্তৰঃ সুদীৰ্ঘকাল জুৰি চলা মোৱামৰীয়া বিদ্ৰোহৰ ফলত সৃষ্টি হোৱা বিশৃংখলাৰ ফলত অসমৰ মানচিত্ৰ খণ্ড-বিখণ্ড হৈ পৰে। মোৱামৰীয়াসকলৰ মাজতে নতুন নতুন সামন্তৰ সৃষ্টি হয়। ডেকামহন্ত গাগিনী, ৰামনন্দ, ৰাঘব নেওগ, পীতাম্বৰ, ভৰত সিং, সৰ্বানন্দ আদি সামন্ত নেতাৰ উদ্ভৱ হয়। বেংমৰা, মাজুলী, নগাঁও, কামৰূপ আদি সকলো ঠাইতে স্বয়ম্ভু সামন্ত নেতাৰ সৃষ্টি হয়। অৱশেষত মটক ৰাজ্যৰ সৃষ্টিৰে এই বিভাজনৰ অন্ত পৰে। বেংমৰাৰ মোৱামৰীয়াসকলে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান সেনা মাতি অনালৈ চাই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মৰাণ উপজাতিটোক সন্তুষ্ট কৰি বিদ্ৰোহৰ অন্ত পেলাবলৈ সৰ্বানন্দ সিংহৰ সৈতে চুক্তি কৰি ‘মটক ৰাজ্য’ৰ সৃষ্টি কৰে আৰু তাতে সৰ্বানন্দক কৰতলীয়া শাসক ‘বৰ সেনাপতি’ পতা হয়। এই চুক্তিমতে বেংমৰা (বৰ্তমান তিনিচুকীয়া) ক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ঠাইডোখৰ লৈ মটক ৰাজ্য গঠিত হয়। সৰ্বানন্দই মটক ৰাজ্যৰ কৰতলীয়া ৰজাৰূপে বছেৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে।

৫। পাইক প্ৰথা।

উত্তৰঃ আহোম ৰজাসকলৰ দিনত পোন্ধৰৰ পৰা পঞ্চাছ বছৰ বয়সীয়া সকলো প্ৰাপ্তবয়স্ক পুৰুষে পাল পাতি ৰজাৰ ঘৰত কাম কৰিব লাগিছিল। অন্যান্য ৰাজহুৱা কামো এওঁলোকে কৰিব লাগিছিল। ৰাজবিষয়া, পুৰোহিত আৰু সন্ত্ৰান্ত পৰিয়ালৰ লোক এই কামৰপৰা অব্যাহতি পাইছিল। ৰাজ্য বা ৰজাৰহকে কাম কৰা প্ৰজাবোৰক পাইক বোলা হৈছিল। পাইকবিলাক গোট হিচাপে গঠন কৰা হৈছিল। এক গোটত চাৰিজন পাইক আছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত উজনি অসমত তিনিজনেৰে এক গোট কৰা নিয়ম হয়। পাইকৰ প্ৰতি গোটৰ প্ৰথম তিনিজনক ক্ৰমে মূল, দোৱাল আৰু তেৱাল বোলা হৈছিল।

পাইকসকলে পুখুৰী খন্দা, ৰাস্তা বন্ধা আদি কাম কৰাৰ উপৰিও যুদ্ধৰ সময়ত ৰণুৱা হিচাপে যুদ্ধত যোগ দিব লাগিছিল। স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই পাইকবিলাকক “খেল” পাতি দিছিল। এই খেলবিলাকক কামৰ নিৰ্দেশ দিবলৈ কিছুমান বিষয়া নিয়োগ কৰা হৈছিল।

৬। মোৱামৰীয়াসকল।

উত্তৰঃ নাৰায়ণপুৰৰ মূল মায়ামৰা বৈষ্ণৱ সত্ৰখন মোৱামৰীয়া নামৰ বিল এখনৰ পাৰত অৱস্থিত আছিল। আন এক মত অনুসৰি সত্ৰত সেৱা কৰিব লাগিলে মায়াৰপৰা মুক্ত হ’ব লাগে; অৰ্থাৎ মায়া মৰিব লাগে। এই মায়া মৰা বা মচা কথাটোৰপৰাই আহোম ৰজা চুখামফা বা খোৰা ৰজাই মায়ামৰা নামটো দিছিল বুলি ‘অনিৰুদ্ধ চৰিত’ত উল্লেখ আছে। মায়ামৰা শব্দই সত্ৰখনক আৰু মায়ামৰীয়া শব্দই শিষ্যসকলক বুজায়। “মায়ামৰীয়া” আৰু “মোৱামৰীয়া”ৰ অৰ্থ একেটাই।

মায়ামৰীয়া সত্ৰৰ সৰহ সংখ্যক শিষ্য মৰাণ উপজাতিৰ লোক। অৱশ্যে শিষ্যসকলৰ মাজত যথেষ্ট সংখ্যক বৰাহী, আহোম, চুটীয়া, কৈৱৰ্ত, কছাৰী আদি সম্প্ৰদায়ৰ লোকো আছিল। অনিৰুদ্ধদেৱে ধৰ্মৰ ক্ষেত্ৰত সকলো সম্প্ৰদায়ৰ লোককে সমান অধিকাৰ দিছিল আৰু শিষ্যসকলে নিজৰ গুৰুৰ বাহিৰে আন কাৰো ওচৰত মূৰ দোৱাব নালাগিছিল। গুৰু-শিষ্যৰ কটকটীয়া বান্ধোন আৰু শিষ্যৰ অবাধ ব্যক্তি-স্বাধীনতাৰ হেতু মোৱামৰীয়া সত্ৰৰ শিষ্য দিনক দিনে বৃদ্ধি পাইছিল।

৭। ৰাঘৱ নেওগ।

উত্তৰঃ ৰাঘৱ নেওগ মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা আছিল। মোৱামৰীয়া মৰাণসকলে ৰজাঘৰলৈ বছৰি এদল হাতী দিয়াটো নিয়ম আছিল। সেই উদ্দেশ্যে বাঘৱ নেওগ আৰু নাহৰখোৱা শইকীয়াই এদল হাতী লৈ আহিছিল। তাৰে বৰবৰুৱাৰ হাতীটোৰ নানা খুত উলিয়াই কীৰ্তিচন্দ্ৰই তেওঁলোকক গালি-শপনি পৰাৰ উপৰি ৰাঘৱ নেওগক সৌকাৰে কোবায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ায়। এইদৰে অপমানিত হোৱা নেতা দুগৰাকীয়ে মোৱামৰীয়া গুৰুৰ ওচৰলৈ গৈ বিদ্ৰোহ কৰাৰ অনুমতি বিচাৰে। এইটোও মোৱামৰীয়া বিদ্রোহৰ এটা কাৰণ হিচাপে পৰিগণিত হয়।

৮। ৰজাখেদা নগঞা।

উত্তৰঃ মোৱামৰীয়াসকলৰ লগত তিষ্ঠিব নোৱাৰি স্বৰ্গদেউ গৌৰীনাথ সিংহই ইংৰাজৰ সহায় বিচাৰে। সেই উদ্দেশ্যে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি হিউ বেইলীয়ে কিছু বৰকন্দাজ সৈন্য পঠিয়ায়। কিন্তু কৃষ্ণনাৰায়ণে সেইবোৰ নিজৰ ফলীয়া কৰি লয়। গোৱালপাৰাৰ সেই সময়ৰ ইংৰাজ বিষয়া ডেনিয়েল ৰোছেও বুঢ়াগোহাঁইৰ সাহায্যৰ বাবে কিছু সৈন্য পঠিয়ায়। কিন্তু মোৱামৰীয়াৰ হাতত সেই সৈন্য মৰা পৰে। মণিপুৰৰ ৰজায়ো ৰজাৰ সাহায্যৰ বাবে সৈন্যবাহিনী লৈ আহি মোৱামৰীয়াৰ হাতত পৰাস্ত হয়। অৱশেষত স্বৰ্গদেউ গৌৰীনাথ সিংহ নগাঁৱলৈ পলাই যায়। তাতো তেওঁ তিষ্ঠিব নোৱাৰিলে। ৰজাঘৰীয়া সৈন্য আৰু বিষয়াসকলৰ অত্যাচাৰত অতিষ্ঠ হৈ নগঞাসকলে সিন্ধুৰা হাজৰিকা নামৰ এজন লোকৰ নেতৃত্বত ৰজাক আক্ৰমণ কৰে। স্বৰ্গদেউ কলং নদীয়েদি ব্ৰহ্মপুত্ৰহৈ গুৱাহাটীলৈ পলাই যায়। ৰজাক খেদি পঠোৱা বাবে সিন্ধুৰা হাজৰিকা আৰু তেওঁৰ অনুগামীসকল ‘ৰজা খেদা নগঞা’ নামে জনাজাত হয়।

(গ) ৰচনাধর্মী:

১। আহোম ৰাজপৰিয়ালত হিন্দু ধর্মৰ প্ৰৱেশ কেনেকৈ হ’ল?

উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকলে অসম দেশলৈ পর্দাপণ কৰাৰ পিছত লাহে লাহে অসমত প্ৰচলিত হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰে। আহোম ৰজাসকলে আহোম নামৰ সৈতে হিন্দু নাম গ্ৰহণৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায়। খ্ৰীষ্টীয় অষ্টাদশ শতিকাৰ মাজভাগত আহোম ৰজাসকলে বংগদেশৰ পৰা হিন্দু ধর্মৰ ধৰ্মীয় গুৰু অনাই দীক্ষা গ্ৰহণ কৰিছিল। হিন্দু ধর্মৰ প্ৰভাৱত তেওঁলোকে মৃতদেহ কৱৰ দিয়া আহোম প্ৰথা এৰি পেলাই হিন্দু ধৰ্মৰ দাহ কৰাৰ প্ৰথা গ্ৰহণ কৰা দেখা যায়। এনেদৰে এক শ্ৰেণীৰ আহোম শাসকে হিন্দু ধৰ্ম গ্ৰহণ কৰি তাক প্ৰজাসাধাৰণৰ ওপৰত জাপি দিবলৈ তৎপৰ হৈ পৰে।

আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত শাক্ত ধৰ্ম বিশেষভাৱে শক্তিশালী হৈ উঠে। স্বৰ্গদেউ বংগদেশৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্যক মতাই আনি পৰ্বতীয়া গোঁসাই বাব দি বহু মাটি-বাৰীৰে সৈতে কামাখ্যাত থাপে। এইগৰাকী গোসাঁইৰ প্ৰভাৱত ‘বৰৰজা’ ফুলেশ্বৰীয়ে অসমত শাক্ত ধৰ্মক ৰাজধৰ্ম কৰিবৰ বাবে সেই সময়ৰ অসমৰ আটাইতকৈ শক্তিশালী সত্ৰ মায়ামৰাকে আদি কৰি অন্যান্য বৈষ্ণৱ সত্ৰৰ ওপৰত আক্ৰমণ সূচনা কৰে। তেওঁ সত্ৰসমূহৰ সত্ৰাধিকাৰসমূহক মাতি আনি জোৰ কৰি দূৰ্গা পূজাৰ প্ৰসাদ খুউওৱাৰ উপৰিও বলিৰ তেজেৰে তেওঁলোকৰ কপালত ফোট দিয়াইছিল। এই কথাৰ উল্লেখ অৱশ্যে কাশীনাথ তামুলিফুকনৰ ‘অসম বুৰঞ্জী’ৰ বাদে অন্য গ্ৰন্থত পোৱা নাযায়। যি কি নহওক আহোমসকলৰ ৰাজত্বকালত হিন্দু ধৰ্মই যে অতি প্ৰাধান্য পাইছিল সেই বিষয়ে কোনো সন্দেহ নাই।

২। আহোমৰ ৰাজত্বত পাইকৰ অৱস্থা কেনে আছিল?

উত্তৰঃ আহোম শাসন ব্যৱস্থাত অৰ্থনীতিৰ ভেটি আছিল ‘পাইক’ প্ৰথা। ৰাজপৰিয়াল, বিষয়া, পুৰোহিত, উচ্চ জাতিৰ লোক আৰু তেওঁলোকৰ লশুৱাবোৰৰ বাহিৰে বাকী পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে প্ৰতিজন মুনিক প্ৰজাই ৰাজ্য আৰু ৰজাৰ হকে গা খাটি দিয়াৰ নিয়ম আছিল। এনে বনুৱাক ‘পাইক’ বোলা হৈছিল। প্ৰথমে চাৰিজন পাইকেৰে একোটা ‘গোট’ আছিল, পাছলৈ ৰাজেশ্বৰ সিংহৰ দিনত তিনিজনীয়া ‘গোট’ কৰা হৈছিল। গোটৰ ডাঙৰ সমষ্টিক ‘খেল’ বুলিছিল। অঞ্চল বা বৃত্তি অনুসৰি খেলবোৰক নাম দিয়া হৈছিল- হাতী ধৰা খেল, চামশুৰীয়া খেল ইত্যাদি। গোটৰ প্ৰথমজন পাইকক মূল, দ্বিতীয়জনক দেৱাল, তৃতীয়জনক তেৱাল বোলা হৈছিল। তেওঁলোকে পাল পাতি একো একোজনকৈ তিনি বা চাৰিমাহ ৰজাঘৰত খাটি দিছিল। এজন খাটিবলৈ গ’লে আনকেইজনে তেওঁৰ মাটি-বাৰী চোৱা-চিতা কৰিছিল। এই গা খাটি দিয়াৰ বাবদ তেওঁলোকে দুপুৰাকৈ কৰমুক্ত মাটি পাইছিল। এই ব্যৱস্থাত পাইকসকলৰ অৱস্থা যে পুতৌ লগা আছিল তাক সহজেই অনুমান কৰিব পাৰি। মৰাণ উপ-জাতিৰ সৰহভাগ মানুহেই মায়ামৰা সত্ৰৰ অধীন আছিল বাবে তেওঁলোকৰ ওপৰত ৰজাঘৰীয়া ডা-ডাঙৰীয়াৰ অত্যাচাৰো বৃদ্ধি পাইছিল। আনহাতে ৰাষ্ট্ৰৰ প্ৰয়োজনীয় বস্তুসমূহৰ যোগানৰ সৰহভাগ মৰাণ পাইকসকলেই সংগ্ৰহ কৰিব লাগিছিল বাবে তেওঁলোকৰ অবিহনে শাসনতন্ত্ৰ দুৰ্বল হৈ পৰিব বুলি তেওঁলোকে জানিছিল। সেয়েহে ৰাজশক্তিৰ এই দুৰ্বলতা মোৱামৰীয়াসকলে ভালদৰে উপলব্ধি কৰিছিল। সেয়েহে তেওঁলোকে বিদ্ৰোহ কৰিবলৈ সাহস কৰিছিল। পাইকসকলৰ বহুতেই প্ৰচলিত নিৰ্যাতনৰ পৰা মুক্তি বিচাৰিছিল।

৩। মোৱামৰীয়া বিদ্ৰোহৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱা কিমান দায়ী বুলি ভাবা?

উত্তৰঃ বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গাপূজাৰ সময়ত মোৱামৰীয়া মহন্তক কৰা অপমানক মোৱামৰীয়াসকলে পাহৰিব পৰা নাছিল। লক্ষীনাথ সিংহ বুঢ়া বয়সত ৰজা হোৱা বাবে ৰাজ্যৰ সকলো কৰ্তৃত্ব কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নিজৰ হাতলৈ নিছিল। তেওঁ নিজ ইচ্ছামতে ৰাজ্য শাসন কৰি ৰাজ্যৰ পৰিস্থিতি অতি জটিল কৰি তুলিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা ভীষণ অত্যাচাৰী আৰু স্বেচ্ছাচাৰী হৈ পৰিছিল। এবাৰ ৰজা আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা ফুৰিবলৈ যাওঁতে বাটত মোৱামৰীয়া মহন্তৰ লগত দেখাদেখি হয়। মহন্তই ৰজাই যথাৰ্থ সন্মান প্ৰদৰ্শন কৰিলে কিন্তু বৰবৰুৱাক নকৰিলে। সেই বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মহন্তক নানা প্ৰকাৰৰ কটুবাক্য ব্যৱহাৰ কৰি অপমান কৰে।

আকৌ মোৱামৰীয়া মহন্তৰ শিষ্য নাহৰে হাতী ধৰিবলৈ আহি বৰবৰুৱাক প্ৰথমে দেখা নকৰাৰ অপৰাধত বৰবৰুৱাই তেওঁক বৰকৈ অপমান কৰে। মায়ামৰা সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগে ৰজাঘৰলৈ বাৰ্ষিক কৰ দিবলৈ এদল হাতী আনে। বৰবৰুৱাৰ হাতীটোৰ নানান খুত উলিয়াই কীৰ্তিচন্দ্ৰ তেওঁলোকক গালি-শপনি পৰাৰ উপৰিও ৰাঘৱ নেওগক সৌকাৰে কোৱায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়াই। কীৰ্তিচন্দ্ৰ এনে কাৰ্যৰ প্ৰতিশোধ ল’বলৈ দুয়োজনে সংকল্পবদ্ধ হয় আৰু গুৰুৰ পৰা বিদ্ৰোহ কৰাৰ অনুমতি বিচাৰিলে। মহন্তই বাৰে বাৰে কৰা অপমানৰ কথা সুৱৰি বিদ্ৰোহৰ অনুমতি দিয়ে। এনেবোৰ বিভিন্ন কাৰণৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱা মোৱামৰীয়া বিদ্ৰোহৰ ক্ষেত্ৰত অধিক জগৰীয়া বুলিব পাৰি।

৪। মোৱামৰীয়া বিদ্ৰোহৰ ধৰ্মীয় কাৰণ কি?

উত্তৰঃ আহোম ৰজাসকলে গ্ৰহণ কৰা পৰিৱৰ্তিত ধৰ্মবিশ্বাসে মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ। নিজস্ব ধৰ্ম-বিশ্বাস, শাস্ত্ৰ আৰু পুৰোহিত শ্ৰেণী থকা সত্বেও আহোমসকলে ত্ৰয়োদশ শতিকাত অসমলৈ অহাৰ পাছত লাহে লাহে অসমত প্ৰচলিত হিন্দু ধর্মৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰে। আহোম ৰজাসকলে আহোম নামৰ সৈতে হিন্দু নাম গ্ৰহণৰ পৰা তাৰ প্ৰমাণ পোৱা যায়। খৃষ্টীয় অষ্টাদশ শতিকাৰ মাজভাগত আহোম ৰজাসকলে বংগদেশৰ পৰা শাক্ত ধৰ্মীয় গুৰু অনাই দীক্ষা গ্ৰহণ কৰিছিল। আনকি মৃতদেহ কবৰ দিয়াৰ আহোম প্ৰথাও এই সময়ত এৰি পেলাই হিন্দুৰ দাহ কৰাৰ প্ৰথা গ্ৰহণ কৰা দেখা যায়। এইদৰে এক শ্ৰেণীৰ আহোম শাসকে এটা নতুন ধৰ্মমত গ্ৰহণ কৰি তাক প্ৰজাসাধাৰণৰ ওপৰত জাপি দিবলৈ তৎপৰ হয়। শাসক শ্ৰেণীৰ এই ধর্মীয় সংকীৰ্ণতাই সাধাৰণ প্ৰজাক বিক্ষুব্ধ কৰি তোলে। মোৱামৰীয়া বিদ্ৰোহত ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে লক্ষ্য কৰা যায়।

মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম সমতাৰ ভাৱধাৰৰ ওপৰত প্ৰতিষ্ঠিত আছিল। সেইবাবে সামন্তবাদী আহোম শাসকসকল প্ৰথমৰে পৰা এই ধৰ্মৰ বিৰুদ্ধে সক্ৰিয় হৈছিল। স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনতেই (১৪৯৭-১৫৩৯) ৰাজৰোষৰ বাবে শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱে আহোম ৰাজ্য এৰি কোঁচ ৰাজ্যলৈ যাব লগা হৈছিল। শংকৰদেৱৰ মৃত্যুৰ পাছতহে তেওঁৰ শিষ্য-প্ৰশিষ্যসকলে আহোম ৰাজ্যৰ নানা ঠাইত ‘সত্ৰ’ প্ৰতিষ্ঠা কৰে। তাৰ ভিতৰত মায়ামৰা সত্ৰত আছিল শংকৰদেৱৰ সমতাৰ ভাৱধাৰাৰ পূৰ্ণ প্ৰতিফলন। আনহাতে ব্ৰাহ্মণ্যবাদৰ দ্বাৰা প্ৰভাৱিত আৰু মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰাৰ পৰা কিছু পৰিমাণে আঁতৰি যোৱা ইতিমধ্যে আন ভালেমান বৈষ্ণৱ সত্ৰও স্থাপিত হয়।

৫। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল কেনে আছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল অসমৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ। মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে আহোম ৰাজবংশৰ পতন ঘটে আৰু অসম দেশ ইংৰাজৰ অধীন হ’বলগীয়া হয়। এই বিদ্ৰোহৰ ফলত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবে অসমৰ মানচিত্ৰ খণ্ড-বিখণ্ড হৈ পৰে আৰু মোৱামৰীয়াসকলৰ মাজতে নতুন নতুন সামন্তৰ সৃষ্টি হয় আৰু অৱশেষত মটক ৰাজ্য সৃষ্টিৰে এই বিভাজনৰ অন্ত পৰে। পয়ত্ৰিশ বছৰ জুৰি চলা মোৱামৰীয়া বিদ্ৰোহ আহোম ৰাজতন্ত্ৰৰ বান্ধ একেবাৰে দুৰ্বল কৰি তোলে। আহোম স্বৰ্গদেউ তথা বিষয়ববীয়াসকলৰ স্বাৰ্থপৰতা আৰু খিয়লা-খিয়লিয়ে আহোম শাসনৰ পতন চমুৱাই আনে।

মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ পৰাধীনতা নিশ্চিত হৈ পৰে। গৌৰীনাথ সিংহৰ দৰে দুৰ্বল, অযোগ্য শাসকে সিংহাসন উদ্ধাৰ কৰিবলৈ বিদেশীৰ সাহায্য বিচাৰে। ইয়াৰ ফলত অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটে আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছসকলে অসম অধিকাৰ কৰে। কাৰণ ইংৰাজ শক্তিৰ হাতত অসমৰ শক্তি অতিকৈ নগণ্য। ইংৰাজসকলে মানৰ আক্ৰমণৰ ছেলু লৈ অসমলৈ আহে আৰু পাছলৈকে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নি অসমত নিগাজীকৈ থাকিবলৈ আৰম্ভ কৰে।

PART – II

অতি চমুকৈ উত্তৰ দিয়া:

১। নংল্খৌৰ কোনজন ‘চিয়েম’ৰ নেতৃত্বত খাচী পাহাৰত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত হৈছিল?

উত্তৰঃ টিৰত সিং ‘চিয়েম’ৰ নেতৃত্বত সংগঠিত হৈছিল।

২। খাচী বিদ্ৰোহ কেতিয়াৰ পৰা কেতিয়ালৈ সংঘটিত হৈছিল?

উত্তৰঃ খাচী বিদ্ৰোহ ১৮২৮ চনৰ পৰা ১৮৩৩ চনলৈকে।

৩। মেঘালয় প্ৰদেশ বুলিলে আমি কোন কোন পাহাৰক বুজো?

উত্তৰঃ মেঘালয় প্ৰদেশ বুলিলে খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰক বুজো।

৪। খাচী ৰাজ্যত মুঠ কিমানখন ৰাজ্য আছিল?

উত্তৰঃ খাচী ৰাজ্যত মুঠ ২৫ খন সৰু সৰু ৰাজ্য আছিল।

৫। খাচী ৰাজ্যৰ মুখিয়ালসকল কি নামেৰে জনা যায়?

উত্তৰঃ খাচী ৰাজ্যৰ মুখিয়ালসকল চিয়েম, লিংডো, চৰ্দাৰ, ওহাদাৰ আদি নামেৰে জনা যায়।

৬। শ্ৰীহট্ৰ-গুৱাহাটী ৰাস্তাৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ শ্ৰীহট্ৰ-গুৱাহাটী ৰাস্তাৰ মুখ্য উদ্দেশ্য ব্ৰিটিছ সৈন্যৰ চলাচল সুচল কৰা।

৭। শ্ৰীহট্ৰ-গুৱাহাটী ৰাস্তা কোন কোন খাচী ৰাজ্যৰ মাজেৰে নিৰ্মাণৰ পৰিকল্পনা আছিল?

উত্তৰঃ শ্ৰীহট্ৰ-গুৱাহাটী ৰাস্তা প্ৰথম চোৱাচেৰা আৰু নংল্খৌ ৰাজ্য হৈ বাকী চোৱামিলিয়েম ৰাজ্যৰ মাজেৰে।

৮। কোনজন ব্ৰিটিছ বিষয়াই গুৱাহাটী-শ্ৰীহট্ৰ পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল?

উত্তৰঃ ডেভিড স্কট নামৰ ব্ৰিটিছ বিষয়াগৰাকীয়ে।

৯। ডেভিড স্কটে কাক নংল্খৌৰ ‘চিয়েম’ পাতিছিল?

উত্তৰঃ ডেভিড স্কটে টিৰত সিঙক নংল্খৌৰ ‘চিয়েম’ পাতিছিল।

১০। নংল্খৌৰ স্বাস্থ্য নিবাস আৰু বাংলো নিৰ্মাণৰ তদাৰকী দায়িত্ব লাভ কৰা ব্ৰিটিছ বিষয়া এজনৰ নাম লিখা।

উত্তৰঃ ব্ৰিটিছ বিষয়া এজনৰ নাম লেফটেনেন্ট বেডিং ফিল্ড।

১১। আহোমৰ দিনৰে পৰা ন-দুৱাৰৰ স্বত্ব কাৰ হাতত আছিল?

উত্তৰঃ আহোমৰ দিনৰে পৰা ন-দুৱাৰৰ স্বত্ব নংল্খৌৰ চিয়েমৰ হাতত আছিল।

১২। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাক ‘ডিমৰুৱা’ বা ‘দেশ-ডিমৰীয়া’ৰ কতৃত্ব ভোগ কৰিবলৈ দিছিল?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে টিৰত সিঙক দিছিল।

১৩। টিৰত সিঙক কোনে আক্ৰমণৰ ভাবুকি দিছিল?

উত্তৰঃ টিৰত সিঙক ‘দেশৰাণী’ৰ ৰজা বলোৰাম সিঙে আক্ৰমণৰ ভাবুকি দিছিল।

১৪। বঙালী চাপ্ৰাছীসকলে প্ৰচাৰ কৰা উৰা বাতৰিটো কি আছিল?

উত্তৰঃ ব্ৰিটিছসকলে গোটেই খাচী পাহাৰত খাজনা জাৰি কৰিব আৰু খাচী পাহাৰ অধিগ্ৰহ কৰিব বুলি বঙালী চাপ্ৰাছীসকলে এক উৰা বাতৰি প্ৰচাৰ কৰিছিল।

১৫। গুৱাহাটীৰ পৰা ব্ৰিটিছ সৈন্য প্ৰৱেশত বাধা দিয়াৰ দায়িত্ব কোনজন বিদ্ৰোহী নেতাই লৈছিল?

উত্তৰঃ বৰমাণিক নামৰ বিদ্ৰোহী নেতাগৰাকীয়ে লৈছিল।

১৬। শ্ৰীহট্ৰৰ পৰা আহিব লগা ব্ৰিটিছ সৈন্যক কোনে বাধা দিছিল?

উত্তৰঃ টিৰত সিং আৰু মুকুন্দ সিঙে বাধা দিছিল।

১৭। কোন চনৰ কোন তাৰিখে খাচী বিদ্ৰোহীসকলে নংল্খৌৰ স্বাস্থ্য নিবাসত আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৮২৯ খ্ৰীষ্টাদ্বৰ ৪ এপ্ৰিল তাৰিখে আক্ৰমণ কৰিছিল।

১৮। বিদ্ৰোহীসকলে নংল্খৌত হত্যা কৰা ব্ৰিটিছ বিষয়া এজনৰ নাম লিখা।

উত্তৰঃ লেফটেনেন্ট বেডিং ফিল্ড।

১৯। ডেভিড স্কটে বিদ্ৰোহীসকলৰ আক্ৰমণৰ পৰা কিয় ৰক্ষা পৰিছিল?

উত্তৰঃ ডেভিড স্কটে বিদ্ৰোহীসকলৰ আক্ৰমণৰ পৰা তিনি দিন আগতে চেৰাপুঞ্জীলৈ গুছি যোৱা বাবে আক্ৰমণৰ পৰা কিয় ৰক্ষা পৰিছিল।

২০। কোনে ব্ৰিটিছ কৰ্মচাৰীৰ হাতৰ পৰা সংগ্ৰহিত খাজনা কাঢ়ি আনিছিল?

উত্তৰঃ বৰমাণিকে আনিছিল।

২১। টিৰত সিঙক ধৰি দিয়াৰ বাবদ কিমান টকাৰ পুৰস্কাৰৰ ঘোষণা কৰা হৈছিল?

উত্তৰঃ টিৰত সিঙক ধৰি দিয়াৰ বাবদ ১০০০ টকাৰ পুৰস্কাৰৰ ঘোষণা কৰা হৈছিল।

২২। টিৰত সিঙক কিমান টকাৰ মাহিলী পেঞ্চন দিয়া হৈছিল?

উত্তৰঃ টিৰত সিঙক ৬৩ টকা মাহিলী পেঞ্চন দিয়া হৈছিল।

২৩। কোনখন জেলত টিৰত সিঙক আবদ্ধ কৰি ৰখা হৈছিল?

উত্তৰঃ ঢাকা কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছিল।

২৪। টিৰত সিঙক ক’ত আৰু কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ টিৰত সিঙক ১৮৩৪ চনৰ মাৰ্চ মাহত ঢাকা কাৰাগাৰত টিৰত সিঙক মৃত্যু হৈছিল।

২৫। খাচী বিদ্ৰোহ বিফল হোৱাৰ মূল কাৰণ কি আছিল?

উত্তৰঃ খাচী বিদ্ৰোহ বিফল হোৱাৰ মূল কাৰণ আছিল- ব্ৰিটিছসকলৰ উন্নত সামৰিক কৌশল আৰু অস্ত্ৰ।

তলৰ প্রশ্নবোৰৰ চমু উত্তৰ লিখা:

১। মেঘালয় প্ৰদেশ বুলিলে কোন কোন পাহাৰৰ সমষ্টিক বুজো?

উত্তৰঃ মেঘালয় প্ৰদেশ বুলিলে- খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ সমষ্টিক বুজো।

২। খাচী দৰবাৰ কি আছিল?

উত্তৰঃ খাচী পাহাৰ বা ৰাজ্যত সৰ্বমুঠ পচিশখন সৰু সৰু খাচী ৰাজ্য আছিল। এই ৰাজ্যবোৰৰ মুখিয়াল সকলক চিয়েম, লিংডো, চৰ্দাৰ, ওহাদাৰ আদি নামেৰে জনা যায়। উল্লেখযোগ্য যে খাচী ৰাজ্যৰ শাসন কাৰ্যত ‘খাচী দৰবাৰ’ৰ বিশেষ ভূমিকা আছিল।

৩। টিৰত সিং আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা বুজাবুজিৰ দুটা চৰ্ত লিখা।

উত্তৰঃ ১৮২৬ চনৰ ৩০ নৱেম্বৰত টিৰত সিঙে ডেভিড স্কটৰ লগত এক সন্ধি-চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ চৰ্ত মৰ্মে টিৰত সিঙে ব্ৰিটিছৰ বশ্যতা স্বীকাৰ কৰে আৰু তাৰ বিনিময়ত ডেভিড স্কটে টিৰত সিঙক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কৃতজ্ঞতাৰ চিন স্বৰূপে টিৰত সিঙেও তেওঁৰ ৰাজ্যৰ মাজেৰে ব্ৰিটিছ সৈন্য চলাচল কৰিবলৈ অনুমতি দিয়ে।

৪। বৰমাণিক আৰু কোম্পানীৰ মাজত কিয় কাজিয়া লাগিছিল?

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানী শাসিত অঞ্চলৰ সীমাক লৈ কোম্পানীৰ চৰকাৰ আৰু বৰমাকিৰ মাজত কাজিয়া লাগিছিল। কোম্পানীৰ কৰ্মচাৰীয়ে খাজনা তোলা কাৰ্যক বৰমাণিকে তেওঁৰ স্বাধীন কৰ্তৃত্বৰ ওপৰত হস্তক্ষেপ কৰা বুলি গণ্য কৰিছিল আৰু খাজনা সংগ্ৰহ কৰা কাৰ্যক লৈয়ে দুয়োপক্ষৰ মাজত বিবাদ হৈছিল।

৫। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে টিৰত সিঙক কেনেধৰণেৰে বিশ্বাস ঘাতকতা কৰিছিল?

উত্তৰঃ ১৮২৮ চনৰ শেষৰফালে ‘দেশৰাণী’ৰ ৰজা বলোৰাম সিঙে টিৰত সিঙক আক্ৰমণৰ ভাবুকি দিলে। টিৰত সিঙে পূৰ্বৰ চুক্তিৰ চৰ্তমতে বলোৰামৰ বিৰুদ্ধে ব্ৰিটিছৰ সামৰিক সহায় বিচাৰিলে। কাৰণ, চুক্তিমতে টিৰত সিঙক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে কোম্পানী প্ৰতিত্ৰুতিবদ্ধ আছিল। কিন্তু চুক্তিৰ চৰ্ত অনুসৰি ব্ৰিটিছসকলে টিৰত সিঙক সহায় কৰাৰ পৰিৱৰ্তে তেওঁৰ শত্ৰু বলোৰামকহে সহায় কৰাৰ বাবে আগবাঢ়িল। স্বাধীনমনা টিৰত সিঙে ব্ৰিটিছৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।

৬। ব্ৰিটিছৰ বিৰুদ্ধে কোন কোন টিৰত সিঙৰ লগ লাগিছিল?

উত্তৰঃ ব্ৰিটিছৰ বিৰুদ্ধে টিৰত সিঙৰ সৈতে লগ লোৱা লোকসকল আছিল মিলিয়েমৰ চিয়েম বৰমাণিক, আন আন ৰাজ্যৰ চিয়েমসকল যেনে- মুকুন্দ সিং, মনকৰ সিং, যুদা সিং আদিয়েও টিৰতৰ লগ লাগে। এওঁলোক সকলোৱে ঐক্যৱদ্ধভাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।

৭। খাচী বিদ্ৰোহৰ আঁচনিখন চমুকৈ লিখা?

উত্তৰঃ খাচী বিদ্ৰোহীসকলে এক পৰিকল্পিত আৰু সুসংগঠিত বিদ্ৰোহৰ আঁচনি তৈয়াৰ কৰিছিল। এই আঁচনিৰ প্ৰধান উদ্দেশ্য আছিল ব্ৰিটিছ সৈন্য আৰু ৰচদ পাতি লৈ খাচী ৰাজ্যত প্ৰৱেশ কৰাৰ বাধা প্ৰদান কৰিছিল। সেই অনুসৰি খাচী ৰাজ্যৰ দুই প্ৰধান প্ৰৱেশ পথ শ্ৰীহট্ৰ আৰু গুৱাহাটীৰ মুখত প্ৰতিবন্ধকতা গঢ়ি তুলিছিল।

৮। খাচী বিদ্ৰোহীসকলে নংল্খৌৰ স্বাস্থ্য নিবাসত কৰা আক্ৰমণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮২৯ খৃষ্টদ্বৰ ৪ এপ্ৰিল তাৰিখে প্ৰায় ছশ মান খাচী কৃষক লগত লৈ বিদ্ৰোহীসকলে নংল্খৌৰ ব্ৰিটিছ স্বাস্থ্য নিবাসত অতৰ্কিতে আক্ৰমণ কৰিছিল। এজন অসমীয়া তহচিলদাৰসহ তিনিকুৰি চিপাহীক বিদ্ৰোহীসকলে বন্দী কৰি হত্যা কৰিছিল। লেফটেনেন্ট বেডিং ফিল্ড আৰু লেফটেনেন্ট বাৰ্লন্টনক অতি নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল।

৯। ব্ৰিটিছৰ প্ৰতি-আক্ৰমণ কেনে আছিল?

উত্তৰঃ বিদ্ৰোহীসকলৰ আক্ৰমণত ব্ৰিটিছ বিষয়াসকল হতভম্ব হৈছিল আৰু প্ৰতি আক্ৰমণ কৰিবলৈ সংকল্প লৈছিল। বিদ্ৰোহৰ বাতৰি পাই কোম্পানী চৰকাৰে খাচী বিদ্ৰোহ দমন কৰিবলৈ দুটা সৈন্য-বাহিনী নিয়োগ কৰিছিল। ব্ৰিটিছৰ সামৰিক কৌশল আৰু অস্ত্ৰশস্ত্ৰ উন্নতমানৰ আছিল। সাধাৰণ দা-কুঠাৰ আৰু ধনুকাঁড়েৰে সজ্জিত খাচী বিদ্ৰোহীসকল ব্ৰিটিছৰ সৈতে তিষ্ঠিব পৰা নাছিল। কেপ্তেইন ফ্ৰেডেৰিক লিষ্টাৰৰ নেতৃত্বত পঠিওৱা সৈন্য-বাহিনীয়ে অতি কম দিনৰ ভিতৰতে খাচী বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল।

১০। বিশেষ আদালতে টিৰতক কি শাস্তি বিহিছিল?

উত্তৰঃ কেপ্তেইন লিষ্টাৰৰ কৌশলী আক্ৰমণ সন্মুখত টিৰত সিং অধিক দিন তিষ্ঠিব পৰা নাছিল। ব্ৰিটিছ চৰকাৰৰ বিশেষ আদালতে টিৰত সিঙক আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল আৰু মাহিলী ৬৩ টকা পেঞ্চন প্ৰদান কৰি ঢাকা কাৰাগাৰত বন্দী কৰি ৰাখিছিল।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:

১। মেঘালয় প্ৰদেশৰ এটি পৰিচয় দাঙি ধৰা।

উত্তৰঃ খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ একত্ৰিত ৰূপেই হৈছে মেঘালয় প্ৰদেশ। মেঘালয় প্ৰদেশত প্ৰধানকৈ খাচী, জয়ন্তীয়া আৰু গাৰো জনগোষ্ঠীৰ লোকে বসবাস কৰে। এই ৰাজ্যখন অসম ৰাজ্যৰ গাতে লাগি আছে। মেঘালয় প্ৰদেশখনৰ বসবাস কৰা অধিবাসী জনগোষ্ঠীকেইটাৰ নামেৰে তিনিওখন পাহাৰ জনাজাত। খাচী জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰা হৈছে খাচী পাহাৰ, গাৰো জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰা হৈছে গাৰো পাহাৰ আৰু জয়ন্তীয়া জনগোষ্ঠীৰ নামেৰে নাম দিয়া হৈছে জয়ন্তীয়া পাহাৰ। মেঘালয় প্ৰদেশৰ খাচী ৰাজ্যৰ খাচী জনজাতিসকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। মেঘালয় প্ৰদেশৰ খাচী ৰাজ্যৰ উত্তৰ দিশত আছিল কামৰূপ (অসম) আৰু দক্ষিণ দিশত আছিল শ্ৰীহট্ৰ (বাংলাদেশ), পূবপিনে আছিল জয়ন্তীয়া পাহাৰ আৰু পশ্চিম-দিশত আছিল জয়ন্তীয়া পাহাৰ। এই খাচী পাহাৰত সৰ্বমুঠ পঁচিশখন সৰু সৰু খাচী ৰাজ্য আছিল। মেঘালয় প্ৰদেশৰ অন্তৰ্গত বিভিন্ন খাচী ৰাজ্যৰ মুখিয়ালসকলক চিয়েম, লিংডো, চৰ্দাৰ, ওহাদাৰ আদি নামেৰে জনা গৈছিল।

২। ইষ্ট ইণ্ডিয়া কোম্পানীৰ খাচী ৰাজা সম্পৰ্কে নীতি বা আঁচনি সম্পৰ্কে এখন ৰচনা লিখা।

উত্তৰঃ প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ (১৮২৪-১৮২৬ খৃষ্টাদ্ব) সময়তে খাচী সকলে সৰ্বপ্ৰথম ব্ৰিটিছৰ সংস্পৰ্শলৈ আহিছিল। এই যুদ্ধত বৰ্মী বা মান সকলক পৰাস্ত কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বৰ্মী ৰজাৰ মাজত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ (২৪ ফেব্ৰুৱাৰী ১৮২৬) যোগেদি প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সমাপ্তি হৈছিল। এই চুক্তিৰ জৰিয়তে বৰ্মী ৰজাই অসমকে ধৰি কাছাৰ, মণিপুৰ আদি ৰাজ্যৰ কৰ্তৃত্ব পৰিহাৰ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমে অকল নামনি অসম অধিগ্ৰহণ কৰে আৰু ব্ৰিটিছ শাসন প্ৰতিষ্ঠা কৰে। সেইসময়ত ব্ৰিটিছ-অসমৰ শাসন আছিল মূলতঃ সামৰিক শাসন। অসমৰ সামৰিক শাসনৰ নিৰাপত্তাৰ খাতিৰতে ব্ৰিটিছৰ বাবে গুৱাহাটীৰ লগত শ্ৰীহট্ৰৰ প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰাটো জৰুৰী হৈ পৰিছিল। সন্দেহ নাই যে ব্ৰিটিছ সৈন্যৰ চলাচল সুচল কৰাটোৱে এই গুৱাহাটী শ্ৰীহট্ৰ যোগাযোগ স্থাপনৰ মূল উদ্দেশ্য আছিল। এই উদ্দেশ্য আগত ৰাখিয়ে ডেভিড স্কট (David Scott) এ ১৮২৬ খৃষ্টাদ্বত নংল্খৌৰ চিয়েম চত্তাৰ সিংৰ লগত এক বুজাবুজি কৰিছিল। ডেভিড স্কটে খাচী ৰাজ্যৰ মাজেৰে গুৱাহাটীৰ পৰা শ্ৰীহট্ৰলৈ এটি ৰাস্তা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। ১৮২৬ চনৰ ৩০ নৱেম্বৰত টিৰত সিঙে ডেভিড স্কটৰ লগত এক সন্ধি-চুক্তিত স্বাক্ষৰ কৰে। এনেদৰে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে খাচী ৰাজ্যত প্ৰৱেশ কৰি তাক অধিগ্ৰহণ কৰাৰ নানা পৰিকল্পনা কৰিছিল আৰু সফলতাও লাভ কৰিছিল।

৩। ইষ্ট ইণ্ডিয়া কোম্পানীক টিৰত সিঙে কিয় চুক্তি ভংগকাৰী বুলি অভিযোগ আনিছিল?

উত্তৰঃ কাৰণ: কোম্পানী আৰু টিৰত সিঙৰ মাজত হোৱা চুক্তি অনুসৰি টিৰত সিঙে ব্ৰিটিছৰ বশ্যতা স্বীকাৰ কৰিছিল আৰু তাৰ বিনিময়ত ডেভিড স্কটে টিৰত সিঙক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ প্ৰতিত্ৰুতি দিছিল। ১৮২৮ চনৰ শেষৰ ফালে ‘দেশৰাণী’ৰ ৰজা বলোৰাম সিঙে টিৰত সিঙক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল। কোম্পানীৰ সৈতে থকা পূৰ্বৰ চুক্তি অনুসৰি টিৰত সিঙে বলোৰামৰ বিৰুদ্ধে ব্ৰিটিছৰ সামৰিক সহায় বিচাৰিছিল। কাৰণ চুক্তিমতে টিৰত সিঙক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে কোম্পানী প্ৰতিত্ৰুতিবদ্ধ আছিল। কিন্তু চুক্তিৰ চৰ্ত অনুসৰি ইষ্ট-ইণ্ডিয়া কোম্পানীৰয়ে টিৰত সিঙক সহায় কৰাৰ পৰিৱৰ্তে তেওঁৰ শত্ৰু বলোৰামকহে সহায় কৰিবলৈ আগবাঢ়িছিল। ব্ৰিটিছসকলৰ এনে চুক্তি ভংগকাৰী কাৰ্যত টিৰত সিং বিক্ষুব্ধ হৈছিল আৰু তেওঁলোকক বিশ্বাসঘাতক আখ্যা দি তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।

৪। খাচী বিদ্ৰোহত আঁচনিৰ এটি খতিয়ান দিয়া।

উত্তৰঃ খাচী পাহাৰলৈ ব্ৰিটিছসকলৰ আগমণক কেন্দ্ৰ কৰি খাচীসকলৰ মনত এক সন্দেহ জন্মিছিল। খাচী পাহাৰত প্ৰৱেশ কৰি ব্ৰিটিছ বনিয়াসকলে চুণশিলৰ ব্যৱসায়ত হাত দিয়াত খাচী চিয়েমসকল সচকিত হৈছিল আৰু ব্ৰিটিছৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে তেওঁলোকে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। খাচী পাহাৰৰ ন-দুৱাৰ অঞ্চলৰ খাজনা আদায়ৰ স্বত্বক কেন্দ্ৰ কৰি কোম্পানী আৰু খাচী-চিয়েমৰ মাজত এক মনোমালিন্যা আৰম্ভ হৈ পিছলৈকে এক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। তাৰোপৰি কোম্পানীৰ চুক্তি ভংগকাৰী কাৰ্য আৰু বিশ্বাসঘাতকতাই খাচী বিদ্ৰোহত বিশেষ অৰিহণা যোগাইছিল।

খাচী বিদ্ৰোহীসকলে এক পৰিকল্পিত আৰু সুসংগঠিত বিদ্ৰোহৰ আঁচনি প্ৰস্তুত কৰিছিল। ব্ৰিটিছ সৈন্য আৰু ৰচদপাতি লৈ খাচী ৰাজ্যত প্ৰৱেশত বাধা দিয়াটোৱেই আছিল ইয়াৰ মূল উদ্দেশ্য। সেই অনুসৰি খাচী বিদ্ৰোহীসকলে খাচী ৰাজ্যৰ দুই প্ৰধান প্ৰৱেশ পথ শ্ৰীহট্ৰ আৰু গুৱাহাটীৰ মুখত প্ৰতিবন্ধকতা গঢ়ি তুলিছিল। বৰমাণিকে গুৱাহাটীৰ পৰা অহা ব্ৰিটিছ সৈন্য দিয়াৰ দায়িত্ব লৈছিল। আনহাতে টিৰত সিং আৰু মুকুন্দ সিঙে শ্ৰীহট্ৰৰ পৰা অহা সৈন্য আৰু ৰচদপাতিৰ প্ৰৱেশত বাধা দিয়াৰ দায়িত্ব লৈছিল। খাচী বিদ্ৰোহীসকলে শত্ৰু সৈন্য প্ৰৱেশৰ দুই প্ৰধান পথ জব্দ কৰি চেৰা ৰাজ্যত থকা ডেভিড স্কটৰ ছাউনীত আক্ৰমণ কৰাৰ লক্ষ্য থিৰাং কৰিছিল।

৫। খাচী বিদ্ৰোহত টিৰত সিঙৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ খাচী বিদ্ৰোহৰ পৰিকল্পনা আৰু নেতৃত্ব প্ৰদান কৰাত টিৰত সিঙে এক অনন্য ভূমিকা প্ৰদৰ্শন কৰিছিল। কোম্পানীয়ে তেওঁৰ সৈতে কৰা চুক্তি ভংগ কৰাত তেওঁ বিতুষ্ট হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে এক পৰিকল্পিত বিদ্ৰোহ কৰাৰ পৰিকল্পনা লৈছিল। টিৰত সিঙে নিজে শ্ৰীহট্ৰৰ পৰা অহা ব্ৰিটিছ সৈন্য আৰু ৰচদপাতি ৰাজ্যত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল। টিৰত সিঙে মনভট আৰু মনসিঙক লগত লৈ পাহাৰে পাহাৰে ঘূৰি খাচী কৃষকসকলক জাগৰিত কৰি তুলিছিল। টিৰত সিঙক নেতৃত্বত সমগ্ৰ খাচী ৰাজ্যতে ব্ৰিটিছৰ বিৰুদ্ধে এক ব্যাপক বিদ্ৰোহ চলিছিল। ব্ৰিটিছসকলে কৰা প্ৰতি আক্ৰমণত টিৰত সিঙে আত্মসমৰ্পণ নকৰি নিৰ্ভয়ে প্ৰতিৰোধ চলাইছিল। টিৰত সিঙৰ নিৰ্দেশতে শ্ৰীহট্ৰ সীমান্তত খাচী বিদ্ৰোহীসকলে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ অধীনস্থ বহুতো ঠাইত অগ্নি সংযোগ কৰি এক সন্তাস সৃষ্টি কৰিছিল। এনেদৰে টিৰত সিঙে খাচী বিদ্ৰোহত এক অনন্য পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। যদিও পাচলৈকে তেওঁক ব্ৰিটিছসকলে আজীৱন কার্ৰা কাৰাদণ্ডেৰে দণ্ডিত কৰি ঢাকা কাৰাগাৰত বন্দী কৰি ৰাখিছিল।

৬। খাচী বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্ৰিটিছৰ প্ৰতি-আক্ৰমণ কেনেকুৱা আছিল? ব্ৰিটিছৰ আক্ৰমণ তুমি ন্যায়সংগত বুলি ভাবানে?

উত্তৰঃ খাচী বিদ্ৰোহৰ সময়ছোৱাত বহুকেইদিন ধৰি শ্ৰীহট্ৰ আৰু গুৱাহাটীৰ পৰা কোম্পানীৰ প্ৰশাসন বিচ্ছিন্ন হৈ আছিল। এই বিদ্ৰোহৰ বাতৰি পাই কোম্পানী চৰকাৰে খাচী বিদ্ৰোহ দমন কৰিবলৈ দুটা সৈন্য বাহিনী নিয়োগ কৰিছিল। ব্ৰিটিছসকলৰ সামৰিক কৌশল আৰু অস্ত্ৰ-পাতি অতি উন্নতমানৰ আছিল। এনে অস্ত্ৰ-পাতিৰ সন্মুখত সাধাৰণ দা-কুঠাৰ ধনু-কাঁড়েৰে সজ্জিত খাচী বিদ্ৰোহীসকল অধিক দিন তিষ্ঠি থাকিব পৰা নাছিল। কেপ্তেইন ফ্ৰেডেৰিক লিষ্টাৰৰ নেতৃত্বত অহা ব্ৰিটিছ সৈন্য বাহিনীয়ে অতি কম দিনৰ ভিতৰতে খাচী বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিছিল। ব্ৰিটিছ সৈন্যৰ কৌশলী আক্ৰমণত খাচী বিদ্ৰোহীসকল ছেদেলি-ভেদেলি হৈ পৰিছিল।

ব্ৰিটিছসকলৰ আক্ৰমণ ন্যায়সংগত নাছিল। কাৰণ তেওঁলোকে খাচী পাহাৰ দখল কৰি কৰ-কাতল তোলাৰ লগতে চূণ-শিলৰ ব্যৱসায়ত হাত দিয়াটো তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰা মনোভাৱ আছিল। তাৰোপৰি অধিবাসী জনগোষ্ঠীয়ে লোকসকলক উন্নত সামৰিক কৌশল তথা অস্ত্ৰ প্ৰয়োগ কৰি দমন কৰাটো এক অন্যায় আছিল বুলি থিৰাং কৰিব পাৰি।

৭। খাচী বিদ্ৰোহক তুমি গনবিদ্ৰোহ বুলি ভাবানে? কাৰণ দৰ্শোৱা।

উত্তৰঃ খাচী বিদ্ৰোহক এক গণ-বিদ্ৰোহ আখ্য দিব পাৰি কাৰণ গণ-সমৰ্থনৰ ফালৰ পৰা খাচী বিদ্ৰোহ অধিক ব্যপক আছিল। খাচী বিদ্ৰোহত জনসাধাৰণ প্রত্যক্ষভাৱে শোষিত তথা লাঞ্ছিত হোৱাত খাচী কৃষক তথা সকলো লোকে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ব্ৰিটিছসকলে খাচী পাহাৰ অধিগ্ৰহণ কৰাৰ লগতে খাজনা জাৰি কৰাৰ বাতৰি পাই সকলো খাচী কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ সংকল্পবদ্ধ হৈছিল। টিৰত সিঙৰ নেতৃত্বত চলা খাচী বিদ্ৰোহে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি লৈছিল। টিৰত সিঙে নিজে মনভট আৰু মনচিঙ নামৰ দুজন লোকক লৈ পাহাৰে পাহাৰে ঘূৰি খাচী কৃষকসকলক জাগৰিত কৰি তুলিছিল আৰু ব্ৰিটিছ সৈন্যক খাচী পাহাৰত প্ৰবেশ কৰাত বাধা প্ৰদান কৰিছিল। খাচী বিদ্ৰোহত প্ৰধানকৈ খাচী কৃষকসকল প্রত্যক্ষভাৱে জড়িত হৈ ব্ৰিটিছ বিৰোধী সংগ্ৰাম গঢ়ি তোলা বাবে এই বিদ্ৰোহক এক গণ-বিদ্ৰোহ আখ্য দিব পাৰি।

PART – III

চমুকৈ উত্তৰ লিখা:

১। টিকেন্দ্ৰজিতৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ টিকেন্দ্ৰজিতৰ জন্ম ১৮৫৯ চনত হৈছিল।

২। দেউতাকে টিকেন্দ্ৰজিতক মৰমতে কি বুলি মাতিছিল?

উত্তৰঃ দেউতাকে টিকেন্দ্ৰজিতক মৰমতে ‘কইৰেং’ বা ‘ব্যঘ্ৰ চিকাৰী’ বুলি মাতিছিল।

৩। মাতৃভাষা মণিপুৰীৰ উপৰিও টিকেন্দ্ৰজিতে কি কি ভাষা সল-সলীয়াকৈ ক’ব পৰিছিল?

উত্তৰঃ মাতৃভাষা মণিপুৰীৰ উপৰিও তেওঁ বাংলা আৰু হিন্দী ভাষা সল-সলীয়াকৈ ক’ব পৰিছিল।

৪। চন্দ্ৰকীৰ্তি সিংহৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ চন্দ্ৰকীৰ্তি সিংহৰ মৃত্যু ১৮৮৬ খৃষ্টাদ্বত হৈছিল।

৫। চন্দ্ৰকীৰ্তি পিছত কোন মণিপুৰৰ ৰজা হৈছিল?

উত্তৰঃ চন্দ্ৰকীৰ্তি পিছত যুবৰাজ সুৰচন্দ্ৰ সিংহ মণিপুৰৰ ৰজা হৈছিল।

৬। সুৰচন্দ্ৰ ৰজা হোৱাৰ সময়ত কাক মণিপুৰৰ যুবৰাজ পাতিছিল?

উত্তৰঃ সুৰচন্দ্ৰ ৰজা হোৱাৰ সময়ত কুলচন্দ্ৰক মণিপুৰৰ যুৱৰাজ পাতিছিল।

৭। সুৰচন্দ্ৰ ৰজা হোৱাৰ সময়ত টিকেন্দ্ৰজিতক কি পদবীত নিযুক্ত কৰিছিল?

উত্তৰঃ সুৰচন্দ্ৰ ৰজা হোৱাৰ সময়ত টিকেন্দ্ৰজিতক সেনাপতি পদবীত নিযুক্ত কৰিছিল।

৮। টিকেন্দ্ৰজিতে সেনাপতি হৈ কাৰ বিদ্ৰোহ দমন কৰি খ্যতি আর্জিছিল?

উত্তৰঃ টিকেন্দ্ৰজিতে সেনাপতি হৈ সীমান্তৰ কুকিসকলৰ বিদ্ৰোহ দমন কৰি খ্যতি আর্জিছিল।

৯। মণিপুৰত নিযুক্ত ব্ৰিটিছ প’লিটিকেল এজেন্ট কোন আছিল?

উত্তৰঃ মণিপুৰত নিযুক্ত ব্ৰিটিছ প’লিটিকেল এজেন্ট গ্ৰীমউড আছিল।

১০। সুৰচন্দ্ৰই গৃহকন্দল চম্বালিব নোৱাৰি কাৰ শৰণাপন্ন হৈছিল?

উত্তৰঃ ব্ৰিটিছ পলিটিকেল এজেন্ট গ্ৰীমউডৰ শৰণাপন্ন হৈছিল।

১১। সুৰচন্দ্ৰই তীৰ্থভ্ৰমণৰ উদ্দেশ্য ক’লৈ গৈছিল?

উত্তৰঃ সুৰচন্দ্ৰই তীৰ্থভ্ৰমণৰ উদ্দেশ্য বৃন্দাবনলৈ গৈছিল।

১২। জে ডব্লিউ কুইণ্টনৰ ফৌজত কিমান সেনা আছিল?

উত্তৰঃ জে ডব্লিউ কুইণ্টনৰ ফৌজত ৬০০ গৰাকী সেনা আছিল।

১৩। দৰবাৰত কাক নেদেখি কুইণ্টনৰ কিয় খং উঠিছিল?

উত্তৰঃ প্ৰায় দুঘন্টাৰ অধীৰ অপেক্ষাৰ অন্তত ৰাজপৰিয়ালৰ সদস্যসকলক দৰবাৰৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়। কিন্তু ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত টিকেন্দ্ৰজিতক নেদেখি খং উঠিছিল।

১৪। বিদ্ৰীহীসকলে কাৰ নিৰ্দেশত কুইণ্টনৰ শিৰচ্ছেদ কৰিছিল?

উত্তৰঃ জেনেৰেল ঠেঙালৰ নিৰ্দেশত কুইণ্টনৰ শিৰচ্ছেদ কৰিছিল।

১৫। ব্ৰিটিছ বিষয়াসকলৰ কটা মুৰকেইটা বিদ্ৰোহীসকলে কি কৰিছিল?

উত্তৰঃ ব্ৰিটিছ বিষয়াসকলৰ কটা মুৰকেইটা ৰাজপ্ৰাসাদৰ পদূলিতে পুতি থৈছিল।

১৬। ব্ৰিটিছ নিবাসৰ বাসিন্দাসকলে কেনেকৈ জীৱন ৰক্ষা কৰিছিল?

উত্তৰঃ ব্ৰিটিছ নিবাসৰ বাসিন্দাসকলে ৰাতিৰ এন্ধাৰত পলাই জীৱন ৰক্ষা কৰিছিল।

১৭। বিদ্ৰোহীসকলে ব্ৰিটিছ নিবাসটো কি কৰিছিল?

উত্তৰঃ বিদ্ৰোহীসকলে ব্ৰিটিছ নিবাসটো পুৰি ভষ্মীভূত কৰিছিল।

১৮। ভাৰত চৰকাৰে মণিপুৰী বিদ্ৰোহ দমন কৰিবলৈ কাৰ নেতৃত্বত সামৰিক অভিযান পঠিয়াইছিল?

উত্তৰঃ ভাৰত চৰকাৰে মণিপুৰী বিদ্ৰোহ দমন কৰিবলৈ জেনেৰেল কলেটৰ নেতৃত্বত পঠিয়াইছিল।

১৯। ব্ৰিটিছ সামৰিক অভিযানৰ কোনে প্ৰতিৰোধ আগবঢ়াইছিল?

উত্তৰঃ ব্ৰিটিছ সামৰিক অভিযানৰ মণিপুৰৰ প্ৰজাবাসীয়ে আগবঢ়াইছিল।

২০। ব্ৰিটিছ বাহিনীয়ে কোন চনৰ কিমান তাৰিখে মণিপুৰ দখল কৰিছিল?

উত্তৰঃ ব্ৰিটিছ বাহিনীয়ে ১৮৯১ খ্ৰীষ্টাদ্বৰ ২৭ এপ্ৰিল তাৰিখে মণিপুৰ দখল কৰিছিল।

২১। ব্ৰিটিছ সামৰিক আক্ৰমণৰ বিৰুদ্ধে মণিপুৰী ৰাজপৰিয়ালৰ কোনে যুদ্ধ প্ৰস্তুতিৰ সপক্ষে যুক্তি আগবাঢ়াইছিল?

উত্তৰঃ জেনেৰেল ঠেঙাল আৰু কিছু অত্যুৎসাহী যুৱৰাজে আগবাঢ়াইছিল।

২২। ব্ৰিটিছ কতৃপক্ষই কুলচন্দ্ৰ আৰু টিকেন্দ্ৰজিতৰ মুৰৰ দাম কিমান নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ ব্ৰিটিছ কতৃপক্ষই কুলচন্দ্ৰ আৰু টিকেন্দ্ৰজিতৰ মুৰৰ দাম পাঁচ হেজাৰ টকাকৈ নিৰ্ধাৰণ কৰিছিল।

২৩। ঠেঙাল কোন আছিল?

উত্তৰঃ ঠেঙাল টিকেন্দ্ৰজিতৰ সোহাতস্বৰূপ জেনেৰেল আছিল।

২৪। বিশেষ আদালতৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ বিশেষ আদালতৰ মুখ্য উদ্দেশ্য ব্ৰিটিছ প্ৰতিহিংসা চৰিতাৰ্থ কৰাৰ লগতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰভূত্ব প্ৰতিষ্ঠা কৰা।

২৫। বিশেষ আদালতে অভিযুক্তসকলক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিছিলনে?

উত্তৰঃ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া নাছিল।

২৬। টিকেন্দ্ৰজিতৰ হকে আদালতত কোনে ওকালতি কৰিছিল?

উত্তৰঃ বেৰিষ্টাৰ মনমোহন ঘোষে ওকালতি কৰিছিল।

২৭। আদালতে টিকেন্দ্ৰজিৎ আৰু ঠেঙালক কি শাস্তি বিহিছিল?

উত্তৰঃ আদালতে টিকেন্দ্ৰজিৎ আৰু ঠেঙালক ফাঁচীৰ হুকুম দিছিল।

২৮। টিকেন্দ্ৰজিতক ক’ত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ টিকেন্দ্ৰজিতক পল’ফিল্ডত ফাঁচী দিয়া হৈছিল।

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:

১। টিকেন্দ্ৰজিতৰ যৌৱন কালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যৌৱনকালত টিকেন্দ্ৰজিত এজন দুৰ্ধৰ্ষ বাঘ চিকাৰী হিচাপে পৰিচিত আছিল। তেওঁ সৰুৰেপৰা অশ্বচালনা আৰু অস্ত্ৰ চালনাত পাকৌত আছিল। ডেকা বয়সত টিকেন্দ্ৰজিতে হাতত এখন তৰোৱাল লৈ অকলে প্ৰকাণ্ড বাঘ এটাক বশ কৰিব পাৰিছিল। টিকেন্দ্ৰজিত শাৰিৰীকভাৱে বলী আৰু পৰাক্ৰমী হোৱাৰ লগতে অতি সাহসী আছিল। যৌৱনকালত তেওঁ বাঘ চিকাৰৰ জৰিয়তে সাহস আৰু পৰাক্ৰমৰ পৰিচয় দিছিল।

২। মণিপুৰ ৰাজপৰিয়ালৰ গৃহকন্দলৰ কাৰণ কি?

উত্তৰঃ মণিপুৰৰ সিংহাসনৰ উত্তৰাধিকাৰৰ প্রশ্নক কেন্দ্ৰ কৰিয়েই মণিপুৰ ৰাজপৰিয়ালত গৃহকন্দলৰ সূত্ৰপাত হৈছিল। ১৮৮৬ খ্ৰীষ্টাদ্বত মণিপুৰৰ ৰজা চন্দ্ৰকীৰ্তি সিংহৰ মৃত্যুৰ পাছত যুৱৰাজ সুৰচন্দ্ৰ সিংহ মণিপুৰৰ সিংহাসনত আৰোহণ কৰিছিল। যুৱৰাজসকলৰ ভিতৰত অতি জনপ্ৰিয় আছিল টিকেন্দ্ৰজিৎ। টিকেন্দ্ৰজিতে ৰাজ্যত মুৰ দাঙি উঠা কেইবাটাও বিদ্ৰোহ দমন কৰি খ্যাতি তথা জনপ্ৰিয়তা অৰ্জন কৰাত যুবৰাজসকলৰ মাজত মণিপুৰৰ সিংহাসনৰ উত্তৰাধিকাৰ প্ৰশ্নক কেন্দ্ৰ কৰি বিবাদ সৃষ্টি হৈছিল। এই বিবাদ পাছলৈকে ভয়ানক গৃহকন্দলত পৰিণত হৈ সমগ্ৰ ৰাজপৰিয়ালটো দুটা বিৰোধী শিৱিৰত বিভক্ত হৈ পৰিছিল।

৩। গ্ৰীমউড আৰু টিকেন্দ্ৰজিতৰ সম্পৰ্ক কেনে আছিল?

উত্তৰঃ ব্ৰিটিছ পলিটিকেল এজেন্ট গ্ৰীমউড আৰু টিকেন্দ্ৰজিতৰ এক ঘনিষ্ঠ সম্পৰ্ক আছিল। টিকেন্দ্ৰজিতে গ্ৰীমউডক পল’ফিল্ডত পল’ খেলাত সংগ দিছিল। এই সম্পৰ্ক গঢ়ি উঠিছিল প্ৰধানকৈ টিকেন্দ্ৰজিতৰ অশ্বচালনাত থকা পৰাদৰ্শিতা আৰু বিভিন্ন ভাষা সম্বন্ধে থকা জ্ঞানৰ বাবে। গ্ৰীমউডে টিকেন্দ্ৰজিতৰ শক্তি, পাৰদৰ্শিতা আৰু জনপ্ৰিয়তাক সমীহ কৰিছিল আৰু সেয়ে তেওঁ ব্যক্তিগত পৰ্যায়ত টিকেন্দ্ৰজিতৰ সৈতে এক মধুৰ সম্পৰ্ক ৰক্ষা কৰিছিল।

৪। সুৰচন্দ্ৰই কলকাতাত উপস্থিত হৈ ব্ৰিটিছ কতৃপক্ষক কি বুলি খাটনি ধৰিছিল?

উত্তৰঃ সুৰচন্দ্ৰই কলকাতাত উপস্থিত হৈ মণিপুৰৰ সিংহাসন পুনৰ উদ্ধাৰৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰতে আবেদন জনাইছিল। মণিপুৰ ৰাজপৰিয়ালৰ গৃহ-কন্দল চম্ভালিব নোৱাৰি দুৰ্বলচিতীয়া মহাৰাজ সুৰচন্দ্ৰই ব্ৰিটিছ পলিটিকেল এজেন্ট গ্ৰীমউডৰ শৰণাপন্ন হৈছিল আৰু গ্ৰীমউডৰ পৰা কোনো বিশেষ সহাৰি লাভ নকৰাত তেওঁ ভ্ৰাতৃ কুলচন্দ্ৰক সিংহাসন এৰি দি নিজে কলিকতালৈ ৰাওনা হৈছিল। কলিকতাত সুৰচন্দ্ৰই ব্ৰিটিছ কৰ্তৃপক্ষক মণিপুৰৰ সিংহাসন পুনৰ উদ্ধাৰ কৰাৰ বাবে খাটনি কৰিছিল।

৫। সুৰচন্দ্ৰৰ অনুৰোধৰ বিপৰীতে ভাৰত চৰকাৰে কি সিদ্ধান্ত লৈছিল?

উত্তৰঃ সুৰচন্দ্ৰৰ অনুৰোধৰ বিপৰীতে ভাৰত চৰকাৰে চৰ্ত সাপেক্ষে কুলচন্দ্ৰকে মণিপুৰৰ ৰজা পতাৰ সিদ্ধান্ত লৈছিল। লগতে মণিপুৰ ৰাজপৰিয়ালৰ গৃহকন্দলৰ মূল নায়ক সেনাপতি টিকেন্দ্ৰজিতৰ মণিপুৰৰ পৰা বিতাৰণ কৰাৰ সিদ্ধান্ত হৈছিল। ভাৰত চৰকাৰে এই সিদ্ধান্তৰ ক্ষেত্ৰত অধিক গোপনীয়তা অৱলম্বন কৰিছিল আৰু এই সম্পৰ্কে পলিটিকেল এজেন্ট গ্ৰীমউডক বহু পলমকৈ জনাইছিল।

৬। ভাৰত চৰকাৰৰ প্ৰস্তাবত গ্ৰীমউডে কিয় অমান্তি হৈছিল?

উত্তৰঃ কাৰণ: টিকেন্দ্ৰজিতৰ সৈতে গ্ৰীমউডৰ এক ঘনিষ্ঠ সম্পৰ্ক আছিল। ব্ৰিটিছ পলিটিকেল এজেন্ট গ্ৰীমউডে টিকেন্দ্ৰজিতৰ শক্তি আৰু জনপ্ৰিয়তাক সমীহ কৰিছিল। ব্যক্তিগতভাৱে টিকেন্দ্ৰজিতৰ সৈতে গ্ৰীমউডৰ এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। সেয়ে গ্ৰীমউডে টিকেন্দ্ৰজিতৰ বন্দী আৰু বিতাৰণৰ বিৰোধী কৰিছিল।

৭। ৰাজপৰিয়ালৰ সদস্যসকলক দৰবাৰত কেনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰাজপৰিয়ালৰ সদস্যসকলক দৰবাৰত মুখ্য আয়ুক্ত মি: কুইণ্টনৰ নিৰ্দেশমতে ৰাজপৰিয়ালৰ সদস্যসকল দৰবাৰৰ পদুলিতে উপস্থিত হৈছিল। কিন্তু মি: কুইণ্টনে সদস্যসকলৰ প্ৰতি অকনো সৌজন্যতা প্ৰকাশ কৰা নাছিল। প্ৰায় দুঘন্টা সময় ৰাজপৰিয়ালৰ সদস্যসকলে দৰবাৰৰ পদুলিতে থিয় হৈ আছিল। ৰাজ পৰিয়ালৰ সদস্যসকলৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষৰ এনে ব্যৱহাৰ বৰ অপমানজনক আছিল। দৰবাৰত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত সেনাপতি টিকেন্দ্ৰজিতক নেদেখি তেওঁলোকক ব্ৰিটিছ কৰ্তৃপক্ষই এনে কু-ব্যৱহাৰ কৰিছিল।

৮। বৃটিছে পতা দৰবাৰ সম্পৰ্কে টিকেন্দ্ৰজিতৰ কেনে সন্দেহ আছিল?

উত্তৰঃ বৃটিছে পতা দৰবাৰ সম্পৰ্কে টিকেন্দ্ৰজিতক জনাইছিল। টিকেন্দ্ৰজিতক কৰায়ত্ত কৰিবলৈ ব্ৰিটিছসকলে কৰা অভিসন্ধি সম্পৰ্কে তেওঁ উমান পাইছিল। টিকেন্দ্ৰজিতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা কথাটো তেওঁ বুজিছিল কাৰণ তেওঁৰ অনুপস্থিতিৰ বাবে দুবাৰকৈ দৰবাৰ বাতিল কৰিছিল।

৯। টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰিবলৈ পৰামৰ্শ দিয়াত কুলচন্দ্ৰই কি বুলি জনাইছিল?

উত্তৰঃ টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰি ব্ৰিটিছৰ হাতত অৰ্পণ কৰিবলৈ কুলচন্দ্ৰই নিজৰ অপাৰগতা প্ৰকাশ কৰিছিল। টিকেন্দ্ৰজিতৰ অসুস্থতাৰ কথাও ৰজা কুলচন্দ্ৰই ব্ৰিটিছ কৰ্তৃপক্ষক জনাইছিল। কুলচন্দ্ৰৰ কথা গুনি গ্ৰীমউডে টিকেন্দ্ৰজিতৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱান জাৰি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

১০। ব্ৰিটিছ সৈন্যই টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰাত কিয় ব্যৰ্থ হৈছিল?

উত্তৰঃ ব্ৰিটিছ সৈন্যই টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰাত মণিপুৰত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ভৱিষ্যৎ বিপদৰ বীজ টিকেন্দ্ৰজিতক বন্দী কৰাত ব্যৰ্থ মি: কুইণ্টন ক্ষুব্ধ হৈ উঠিল। সেয়েহে তেওঁ টিকেন্দ্ৰজিতক কৰায়ত্ব কৰিবলৈ টিকেন্দ্ৰজিতৰ বাসস্থান আক্ৰমণৰ সিদ্ধান্ত লয়। ২৪ মাৰ্চ ১৮৯১ খৃ:ৰ পুৱতি নিশা লেফটেনেন্ট ব্ৰেকেনবাৰী, কেপ্তেইন বাটচাৰ আৰু লেফটেনেন্ট লুগাৰ্ডৰ নেতৃত্বত এদল ব্ৰিটিছ সৈন্যই টিকেন্দ্ৰজিতৰ ঘৰ আক্ৰমণ কৰে। কিন্তু বিপদৰ উমান পাই ঘৰ আগতে ত্যাগ কৰাত টিকেন্দ্ৰজিতক বন্দী কৰাত সেইবাৰো ব্ৰিটিছ সৈন্য ব্যৰ্থ হয়।

১১। আলোচনা কালত টিকেন্দ্ৰজিতে কি কথাত সৰ্বাধিক জোৰ দিছিল?

উত্তৰঃ আলোচনা কালত টিকেন্দ্ৰজিতে বাৰে বাৰে ব্ৰিটিছ সৈন্যৰ অস্ত্ৰ সম্বৰণত সৰ্বাধিক জোৰ দিছিল। ভাৰত চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি টিকেন্দ্ৰজিত কোনো পধ্যে সন্মত হোৱা নাছিল। মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত ব্ৰিটিছসকলৰ হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই বুলি টিকেন্দ্ৰজিতে নিৰ্ভয়ে জনাইছিল।

১২। বিশেষ আদালতে টিকেন্দ্ৰজিতক কি অভিযোগত অভিযুক্ত কৰিছিল?

উত্তৰঃ বিশেষ আদালতে টিকেন্দ্ৰজিত, ঠেঙাল, কুলচন্দ্ৰ আৰু আংশু চেনাইক যুদ্ধ আৰু হত্যাৰ অপৰাধত অভিযুক্ত কৰিছিল। নক’লেও হ’ব যে টিকেন্দ্ৰজিতৰ ওপৰতে আৰোপিত হৈছিল ঘাই অপৰাধ। তেওঁক মূলতঃ তিনিটা গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল যেনে-

(১) মহাৰাণীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা।

(২) হত্যাৰ বাবে উদ্গনি দিয়া।

(৩) হত্যাকাণ্ড সংঘটিত কৰা।

১৩। বেৰিষ্টাৰ মনোমোহন ঘোষে টিকেন্দ্ৰজিতৰ পক্ষে আদালতত কি যুক্তি আগবঢ়াইছিল?

উত্তৰঃ বেৰিষ্টাৰ মনোমোহন ঘোষে টিকেন্দ্ৰজিতৰ পক্ষে টিকেন্দ্ৰজিতৰ হকে বেৰিষ্টাৰ মনমোহন ঘোষে বিশেষ আদালতত দাখিল কৰা অভিযোগ পত্ৰত তেতিয়াই এই অভিযোগ উত্থাপিত হৈছিল। সৰ্বোপৰি মনমোহন ঘোষে যুক্তি দৰ্শাইছিল যে ব্ৰিটিছ কতৃপক্ষই স্থাপন কৰা বিশেষ আদালতৰ টিকেন্দ্ৰজিৎ আৰু কুলচন্দ্ৰৰ অপৰাধ বিচাৰ কৰাৰ কোনো এতিয়াও নাই। কাৰণ, তেওঁলোকৰ কোনোজনেই ব্ৰিটিছ শাসিত ৰাজ্যৰ প্ৰজা নাছিল।

১৪। বিশেষ আদালতে কোন কোন বিদ্ৰোহীক মৃত্যুদণ্ড দিছিল?

উত্তৰঃ বিশেষ আদালতে বিচাৰ কৰি টিকেন্দ্ৰজিৎ আৰু ঠেঙালৰ ফাঁচীৰ হুকুম দিছিল। লগতে মহাৰাজ কুলচন্দ্ৰ আৰু যুবৰাজ আংশু চেনাইক যাৱজ্জীৱন নিৰ্বাসন দণ্ডেৰে দণ্ডিত কৰা হৈছিল। ১৩ আগষ্ট, ১৮৯১ খৃ:ত পল’ফিল্ডত দিনৰ পোহৰত ক্ৰন্দনৰত হেজাৰ হেজাৰ মণিপুৰী নৰ-নাৰীৰ সমূখত টিকেন্দ্ৰজিৎ আৰু ঠেঙালক ফাঁচী দি হত্যা কৰা হৈছিল।

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:

১। সেনাপতি টিকেন্দ্ৰজিতৰ ল’ৰালি আৰু যৌৱনকালৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ মণিপুৰৰ মহাৰাজ চন্দ্ৰকীৰ্তি সিংহৰ পুত্ৰ টিকেন্দ্ৰজিতৰ জন্ম হৈছিল ১৮৫৯ খৃষ্টাদ্বত। সৰুতে পৰা তেওঁৰ নানা খেলা-ধূলাৰ উপৰিও অশ্ব আৰু অস্ত্ৰ চালনাৰ প্ৰতি অসীম ৰাপ আছিল। যৌবনকালত টিকেন্দ্ৰজিৎ এজন দুৰ্ধৰ্ষ বাঘচিকৰী হিচাপে জনাজাত আছিল। কথিত আছে যে হাতত এখন তৰোৱাল লৈ অকলে তেওঁ একোটা প্ৰকাণ্ড বাঘকো বশ কৰিব পাৰিছিল। বাঘ চিকাৰৰ প্ৰতি থকা তেওঁৰ তীব্ৰ আকৰ্ষণ দেখিয়ে তেওঁৰ পিতৃ চন্দ্ৰকীৰ্তি সিংহই তেওঁক ‘কইৰেং’ বা ব্যঘ্ৰ চিকাৰী’ বুলি মাতিছিল। টিকেন্দ্ৰজিৎ শাৰীৰিকভাবে যিদৰে আছিল বলী আৰু পৰাক্ৰমী; বুদ্ধিমত্তাৰ ক্ষেত্ৰতো আছিল প্ৰখৰ। মাতৃভাষা মণিপুৰীৰ উপৰিও তেওঁ বাংলা আৰু হিন্দী ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। ইংৰাজী ভাষাও তেওঁ শিকিছিল। মাতৃভাষা মণিপুৰীৰ উপৰিও বাংলা, হিন্দী আৰু ইংৰাজী ভাষা সম্পৰ্কে থকা জ্ঞান আৰু খেলা-ধূলা বিশেষকৈ অশ্ব চালনাত থকা পাৰদৰ্শিতাৰ বাবে ব্ৰিটিছ প’লটিকেল এজেন্ট গ্ৰীম উডক পল’ফিল্ডত তেওঁ পল’ খেলাত সংগ দিছিল। ভিন্ন ক্ষেত্ৰত থকা তেওঁৰ পাৰদৰ্শিতাৰ বাবে ব্ৰিটিছ পলিটিকেল এজেন্ট গ্ৰীমউডৰ সৈতে টিকেন্দ্ৰজিতৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল।

২। মণিপুৰী ৰাজপৰিয়ালৰ গৃহকন্দলত মহাৰাজ সুৰচন্দ্ৰই কি ভূমিকা লৈছিল?

উত্তৰঃ ১৮৮৬ খৃ:ত মহাৰাজ চন্দ্ৰকীৰ্তি সিংহৰ মৃত্যুৰ পিছত যুৱৰাজ সুৰচন্দ্ৰ সিংহ মণিপুৰৰ সিংহাসনত আৰোহণ কৰে। সেই একেসময়তে কুলচন্দ্ৰক যুবৰাজ আৰু টিকেন্দ্ৰজিতক সেনাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। যুবৰাজসকলৰ ভিতৰত টিকেন্দ্ৰজিৎ আছিল আটাইতকৈ জনপ্ৰিয়। এই বিবাদ ক্ৰমে ভয়ানক গৃহ-কন্দলত পৰিণত হয় আৰু গোটেই ৰাজপৰিয়ালটোৱে দুটা পৰস্পৰ বিৰোধী শিৱিৰত বিভক্ত হৈ পৰে। মহাৰাজ সুৰচন্দ্ৰই গৃহ-কন্দল চম্ভালিব নোৱাৰি ব্ৰিটিছ পলিটিকেল এজেন্ট গ্ৰীমউডৰ শৰণাপন্ন হয় যদিও গ্ৰীমউডে ৰাজপৰিয়ালৰ গৃহ-কন্দলত সোমাবলৈ অস্বীকাৰ কৰে। গ্ৰীমউডৰ পৰা কোনো যোগাত্মক সহাৰি নাপাই মহাৰাজা সুৰচন্দ্ৰই ভাতৃ কুলচন্দ্ৰক সিংহাসন এৰি দি নিজে বৃন্দাবনলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। এই ক্ষেত্ৰত সেনাপতি টিকেন্দ্ৰজিত আৰু গ্ৰীমউডে মহাৰাজৰ প্ৰস্থানৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু মহাৰাজ সুৰচন্দ্ৰই কলিকতাত উপস্থিত হৈয়ে মণিপুৰৰ সিংহাসন পুনৰ নিজৰ দখললৈ অনাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায়। ইয়াৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে চৰ্ত সাপেক্ষে কুলচন্দ্ৰকে মণিপুৰৰ ৰজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

৩। জেনেৰেল কলেটৰ নেতৃত্বত ব্ৰিটিছ প্ৰতি আক্ৰমণৰ বিষয়ে লিখা।

উত্তৰঃ জেনেৰেল কলেটৰ নেতৃত্বত ব্ৰিটিছসকলে মণিপুৰী বিদ্ৰোহীসকলৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল। জেনেৰেল কলেটে প্ৰায় আঠ হাজাৰ সৈন্যৰে সজ্জিত এটা বিৰাট ফৌজ লৈ মণিপুৰ আক্ৰমণ কৰিবলৈ আগবাঢ়িছিল। এই অভিযানত জেনেৰেল কলেটে মণিপুৰী প্ৰজাসকলৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ বাহিৰে কোনো উল্লেখনীয় বাধা পোৱা নাছিল। মণিপুৰ অভিমুখে ব্ৰিটিছ অভিযানৰ বাতৰিয়ে সমগ্ৰ মণিপুৰতে এক ভয় আৰু সন্তাসৰ পৰিৱেশ সৃষ্টি কৰিছিল। ব্ৰিটিছ সৈন্যৰ আক্ৰমণত সাধাৰণ প্ৰজাই ঘৰ-বাৰী এৰি হাবি-জংঘলত আশ্ৰয় লৈছিল। ৰাজপ্ৰাসাদৰ পৰাও ব্ৰিটিছ সৈন্য বাহিনীক ৰুধিবলৈ কোনো নেতা ওলাই অহা নাছিল, বৰং সেনাপতি টিকেন্দ্ৰজিত আৰু মহাৰাজ কুলচন্দ্ৰই সন্মুখ সমৰত অৱতীৰ্ণ হোৱাৰ বিৰোধিতা কৰি আত্মগোপন কৰিছিল। মণিপুৰী বিদ্ৰোহীসকলে আত্মগোপন কৰাত ব্ৰিটিছ বাহিনীয়ে আচৰিত হৈছিল। অতি কম দিনৰ ভিতৰতে ব্ৰিটিছসকলে মণিপুৰী বিদ্ৰোহীসকলক বন্দী কৰিবলৈ সক্ষম হৈছিল আৰু বিদ্ৰোহৰ সমাপ্তি ঘটাইছিল।

৪। মণিপুৰী গণ-বিদ্ৰোহত টিকেন্দ্ৰজিতৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ মণিপুৰী গণ-বিদ্ৰোহত সেনাপতি টিকেন্দ্ৰজিতে ব্ৰিটিছসকলৰ বিৰুদ্ধে এক উল্লেখনীয় ভূমিকা লৈছিল। সেনাপতি টিকেন্দ্ৰজিতৰ নেতৃত্বত মণিপুৰীসকলে ব্ৰিটিছ সাম্ৰাজ্যবাদ বিস্তাৰৰ বিৰুদ্ধে এক প্ৰৱল প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল। পৰাক্ৰমী ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অবাঞ্ছিত হস্তক্ষেপক টিকেন্দ্ৰজিতে প্ৰত্যাহ্বান জনাইছিল আৰু মণিপুৰৰ স্বতন্ত্ৰতা তথা স্বকীয়তা ৰক্ষাৰ বাবে বীৰত্বৰে যুজঁ দিছিল। মাতৃভূমিৰ প্ৰতি থকা অসীম শ্ৰদ্ধা আৰু চানেকিৰে টিকেন্দ্ৰজিতে এই গণ-বিদ্ৰোহ সফল কৰাৰ স্বাৰ্থত বীৰৰ দৰে মৃত্যুবৰণ কৰিছিল।

সেনাপতি টিকেন্দ্ৰজিতে ব্ৰিটিছ চৰকাৰৰ সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰিছিল। মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত ব্ৰিটিছসকলৰ হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই টিকেন্দ্ৰজিতে নিৰ্ভয়ে জনাইছিল। টিকেন্দ্ৰজিতক বন্দী কৰাৰ ব্ৰিটিছ অভিসন্ধিৰ কথা জানিব পাৰি মণিপুৰীসকলে ক্ষোভত জ্বলি উঠিছিল আৰু ব্ৰিটিছসকলৰ বিৰুদ্ধে সংগ্ৰাম তীব্রতৰ কৰি তুলিছিল। শেষত টিকেন্দ্ৰজিতে বীৰৰ দৰে স্বেচ্ছই ব্ৰিটিছ সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু ৰাজ্য ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল।

৫। বিশেষ আদালতৰ বিচাৰৰ বিষয়ে লিখা। এই বিচাৰ ন্যায় সংগত আছিল বুলি ভাবানে?

উত্তৰঃ বিশেষ আদালতৰ বিচাৰৰ মূল উদ্দেশ্যে আছিল ব্ৰিটিছ প্ৰতিহিংসা চৰিতাৰ্থ কৰাৰ লগতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰভূত্ব প্ৰতিষ্ঠা কৰা। এই আদালতৰ বিচাৰত ন্যায় প্ৰতিষ্ঠা কৰাটো লক্ষ্য নাছিল। বিশেষ আদালতৰ বিচাৰত অভিযুক্তসকলক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া নহৈছিল। বিশেষ আদালতে টিকেন্দ্ৰজিৎ, জেনেৰেল ঠেঙাল, কুলচন্দ্ৰ আৰু আংগু চেনাইক যুদ্ধ আৰু হত্যাৰ অপৰাধত অভিযুক্ত কৰিছিল। এই আদালতত বিচাৰৰ নামত এক ভোকোভাওনাহে পতা হৈছিল। বিশেষ আদালতে বিচাৰ কৰি টিকেন্দ্ৰজিত আৰু ঠেঙালৰ ফাঁচীৰ হুকুম দিছিল। মহাৰাজ কুলচন্দ্ৰ আৰু যুৱৰাজ আংগু চেনাইক যাবজ্জীৱন নিৰ্বাসন দণ্ড দিয়াৰ হুকুমো এই বিশেষ আদালতে দিছিল।

এই বিচাৰ ন্যায়সংগত নাছিল। কাৰণ এই বিচাৰত অভিযুক্তসকলক আত্মপক্ষ সমৰ্থনৰ পূৰ্ণ সুযোগ দিয়া হোৱা নাছিল। তাৰোপৰি ব্ৰিটিছ বিচাৰপতিসকল প্ৰতিশোধপৰায়ণ মনোবৃত্তিৰ আছিল বাবে বিচাৰৰ ফল সদায় তেওঁলোকৰ পক্ষত আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top