Class 9 Elective History Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Class 9 Elective History Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Question Answer, SEBA Class 9 Elective History Notes in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective History Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Solutions and select need one.

Class 9 Elective History Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective History Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Notes for All Subject, You can practice these here.

১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Chapter – 5

ইতিহাস

(১) অতি চমু উত্তৰ দিয়া:

(ক) ভাৰতত ইংৰাজ কোম্পানীৰ শাসন কোন চনৰপৰা কোন চনলৈকে বৰ্তি আছিল?

উত্তৰঃ ভাৰতত ইংৰাজ কোম্পানীৰ শাসন ১৭৫৭ চনৰপৰা ১৯৪৭ চনলৈকে বৰ্তি আছিল।

(খ) ভাস্কাডাগামাই ভাৰতত প্ৰথমে কোন বন্দৰত উপস্থিত হৈছিল?

উত্তৰঃ ভাস্কাডাগামাই ভাৰতত প্ৰথমে কালিকট বন্দৰত উপস্থিত হৈছিল।

(গ) পলাশী যুদ্ধৰ সময়ত বংগৰ নৱাব কোন আছিল?

উত্তৰঃ পলাশী যুদ্ধৰ সময়ত বংগৰ নৱাব চিৰাজ-উদ-দৌলাক আছিল।

(ঘ) ভাৰতলৈ বেহা-বেপাৰ কৰিবলৈ অহা ইংৰাজ কোম্পানীটোৱে কাৰ পৰা চনদ লাভ কৰিছিল?

উত্তৰঃ ভাৰতলৈ বেহা-বেপাৰ কৰিবলৈ অহা ইংৰাজ কোম্পানীটোৱে মোগল সম্ৰাট দ্বিতীয় ছাহজাহানৰ পৰা চনদ লাভ কৰিছিল।

(ঙ) ১৮৫৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ ১৮৫৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছি আছিল।

(চ) ১৮৫৭ চনত বিদ্ৰোহীসকলে কাক হিন্দুস্তানৰ সম্ৰাট বুলি ঘোষণা কৰিছিল?

উত্তৰঃ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ ছাহক হিন্দুস্তানৰ সম্ৰাট বুলি ঘোষণা কৰিছিল।

(ছ) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰঃ মংগল পাণ্ডে আছিল।

(জ) ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰঃ লৰ্ড কেনিঙ আছিল ভাৰতৰ প্ৰথম ভাইচৰয়।

(ঝ) সম্ৰাট বাহাদুৰ ছাহৰ ক’ত মৃত্যু ঘটিছিল?

উত্তৰঃ সম্ৰাট বাহাদুৰ ছাহৰ ৰেংগুণত মৃত্যু ঘটিছিল।

(ঞ) কোনে ১৮৫৭ চনৰ বিদ্ৰোহক প্ৰথম স্বাধীনতাৰ যুদ্ধ বুলি অভিহিত কৰিছিল?

উত্তৰঃ অসমৰ খ্যতনাম সাহিত্যক আৰু বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই স্বাধীনতাৰ যুদ্ধ বুলি অভিহিত কৰিছিল।

(ট) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ নেতৃত্ব কোনে বহন কৰিছিল?

উত্তৰঃ মণিৰাম দেৱানে অসমৰ নেতৃত্ব বহন কৰিছিল।

(ঠ) মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া আনজন লোক কোন আছিল?

উত্তৰঃ মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া আনজন লোক কোন আছিল পিয়লি বৰুৱা।

(ড) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ কাক ৰজা পতাৰ সিদ্ধান্ত কৰা হৈছিল?

উত্তৰঃ চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰজা পতাৰ সিদ্ধান্ত কৰা হৈছিল।

২। চমুটোকা লিখা:

(ক) বক্সাৰ যুদ্ধ।

উত্তৰঃ ১৮৫৭ খ্ৰী:ত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ এজন প্ৰাক্তন কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে বংগৰ বিখ্যাত নৱাব চিৰাজ-উদ-দৌলাক পলাশীৰ যুদ্ধত পৰাজিত কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলে। অতি কম সময়ৰ ভিতৰতে ইংৰাজসকল ভাৰতৰ এক অপ্ৰতিদ্বন্দ্বী শক্তিৰ পৰিণত হয়। পলাশী যুদ্ধৰ পিছত বংগৰ নৱাব মিৰকাছিম,অযোধ্যৰ নৱাব চুজা-উদ-দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় ছাহ আলমে ১৭৬৪ চনৰ অক্টোবৰ মাহত সন্মিলিতভাৱে বিহাৰৰ সীমান্তৰ বক্সাৰ নামে ঠাইত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত প্ৰবৃত্ত হয়। এই যুদ্ধত এওঁলোক বিফল হয়। ইংৰাজ কোম্পানীয়ে মোগল সম্ৰাটৰপৰা বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰি ব্ৰিটিছ কোম্পানীৰ শাসন সুদৃঢ় কৰে।

(খ) ডেলহাউছিৰ ৰাজ্য বিস্তাৰ নীতি।

উত্তৰঃ লৰ্ড ডেলহাউছি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল তেওঁ ভাৰতৰ শাসন ভাৰ গ্ৰহণ কৰিয়েই ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰৰ কামত ব্ৰতী হ’ল। তেওঁ তাকে কৰিবলৈ স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰিবলৈ ধৰে। তেওঁ সেই নীতিৰ উদ্ভাৱক নাছিল; ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মকৰ্তাসকলে ১৮৩৪ চনতে তেনে এক নীতিৰ অৱতাৰণা কৰিছিল আগৰ গৱৰ্ণৰ জেনেৰেলসকলে মাজে সময়ে সুবিধা চাই তাক প্ৰয়োগ কৰিছিল, কিন্তু ডেলহাউছিয়ে জধে-মধে সেই নীতি কাৰ্যকৰী কৰিবলৈ লাগিল। তেওঁৰ মতে দেশীয় ৰাজ্যসমূহ দুই ভাগত ভগাব পাৰি। এবিধ ৰক্ষিত মিত্ৰ ৰাজ্য আৰু আনবোৰ হৈছে অধীন ৰাজ্য। অধীন ৰাজ্যবোৰ ব্ৰিটিছ চৰকাৰে সৃষ্টি কৰিছিল আৰু সেইবোৰ হৈছে চৰকাৰৰ সম্পূৰ্ণ কৰ্তৃত্বাধীন। তেওঁ দেশলৈ প্ৰত্যেগমন কৰাৰ পিছতে ভাৰতত মহাবিদ্রোহৰ সূচনা হয়।

(গ) এনফিল্ড ৰাইফল।

উত্তৰঃ ভাৰতত চিপাহী বিদ্ৰোহ হোৱাৰ এক উল্লেখযোগ্য কাৰণ হৈছে এনফিল্ড ৰাইফল আৰু তাৰ কাৰ্টিজ বা গুলীবোৰ। ইউৰোপত সংঘটিত হোৱা ক্ৰিমিয়াৰ যুদ্ধত (১৮৫৪-৫৬) এই ৰাইফল প্ৰথমে ইংৰাজ সৈনিকে ব্যৱহাৰ কৰে আৰু ১৮৫৬ চনৰ শেষৰ ফালে ইয়াক ভাৰতত প্ৰচলন কৰা হয়। ৰাইফল ব্যৱহাৰ কৰাৰ আগেয়ে ইয়াৰ গুলীবোৰ দাঁতেৰে কামুৰি কিছু অংশ এৰুৱাই বন্দুকৰ নলীত ভৰাব লগা হৈছিল। সেই সময়তে এটা বাতৰি প্ৰচাৰিত হ’ল যে সেই গুলীবোৰ এৰুৱাব লগা অংশটোত গৰু আৰু গাহৰিৰ চৰ্বি সানি থোৱা আছে। সেই খবৰটো সোনকালে বিয়পি পৰিল আৰু সকলো চিপাহীৰ মনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হ’ল। হিন্দুৰ কাৰণে গৰু আৰু মুছলমানৰ বাবে গাহৰি হ’ল অখাদ্য। গতিকে তেওঁলোকক অখাদ্য খুৱাই ব্ৰিটিছ চৰকাৰে ধৰ্ম নষ্ট কৰিবলৈ সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ভাৰতীয় চিপাহীৰ মাজত ভাব হ’ল। কোনো কোনো ঠাইত ব্ৰিটিছ বিষয়াই চিপাহীৰ অসন্তুষ্টিৰ কথা জানি আন উপায়েৰেই গুলীবোৰ মসৃণ কৰি বন্দুকৰ নলীত ভৰাবলৈ অনুমতি দিয়ে, কিন্তু গুলীবোৰত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে।

(ঘ) ৰাণী লক্ষ্মীবাঈ।

উত্তৰঃ মধ্য ভাৰতৰ বিদ্ৰোহৰ প্ৰধান নেত্ৰী হ’ল ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ। তেওঁৰ এজন প্ৰধান সহায়ক হ’ল নানা চাহেবৰ সহচৰ তাঁতীয়া টুপী ছাহজাদা ফিৰোজ ছাহ বোলা মোগল বংশৰ এজন ৰাজকোঁৱৰেও তেওঁক সহায় কৰে। বিহাৰৰ কোঁৱৰ সিঙেও তেওঁক মাজে সময়ে সহায় কৰিছিল। ৰাণী লক্ষ্মীবাঈ আছিল ঝান্সীৰ ৰজা গংগাধৰ ৰাওৰ বিধৱা পত্নী। স্বামীৰ মৃত্যুৰ পাছত লৰ্ড ডেলহাউচিয়ে তেওঁৰ তোলনীয়া পুতেকৰ অধিকাৰ অস্বীকাৰ কৰি ৰাজ্যখন ব্ৰিটিছ ৰাজ্যৰ লগত চামিল কৰাত (১৮৫৩) তেওঁ অসন্তুষ্ট হৈ পৰে। ৰাণীৰ বিদ্ৰোহী মনোভাবৰ কথা জানি ব্ৰিটিছ সেনাপতি ছাৰ হিউ ৰ’জে ১৮৫৮ চনৰ মাৰ্চ মাহত ঝান্সীৰ দুৰ্গ অৱৰোধ কৰে। ৰাণীয়ে তেওঁক অকলে মোকাবিলা কৰিব নোৱাৰি তাঁতীয়া টুপীৰ সহায় বিচাৰে। ৰাণীয়ে দুৰ্গ ৰক্ষা কৰা অসন্তুষ্ট বুলি জানি কেইজনমান সহচৰক লৈ কল্পিলৈ ৰাওনা হয়। বিদ্ৰোহীসকলৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সাহসী সমৰ নেত্ৰী বুলি অভিহিত কৰিছে।

(ঙ) কোঁৱৰ সিং।

উত্তৰঃ ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ সময়ত বিহাৰৰ নেতৃত্ব দিছিল কোঁৱৰ সিঙে। এওঁ জগদীশপুৰৰ প্ৰাক্তন জমিদাৰ আছিল। বিহাৰৰ দানাপুৰৰ চিপাহীসকলে তেওঁৰ নেতৃত্বত বিদ্ৰোহ ঘোষণা কৰি সমবেত হয়। এওঁৰ বিশেষ সামৰিক অভিজ্ঞতা নাছিল কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যুদ্ধত নিজৰ সামৰিক প্ৰতিভাৰ পৰিচয় দিছিল। তেওঁৰ নেতৃত্বত বিহাৰৰ কিছু সংখ্যক প্ৰজায়ো বিদ্ৰোহত যোগ দিছিল। কেপ্তেইন জনবাৰৰ অধীনত এটা ব্ৰিটিছ ফৌজ কোঁৱৰ সিঙৰ বিৰুদ্ধে পঠোৱা হয়। কিন্তু কোঁৱৰ বাহিনীৰ হাতত এওঁলোক পৰাজিত হয়। পাছত ভিনছেণ্ট আয়াৰে আৰাৰ যুদ্ধত তেওঁক পৰাজিত কৰি বিহাৰৰপৰা খেদি পঠিয়ায়। তেওঁ পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিদ্ধন্ধিতাত লিপ্ত হৈ ১৮৫৮ চনত মৃত্যুমুখত পৰে।

(চ) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰস্তুতি।

উত্তৰঃ ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত অসম ৰাজ্যৰ চিপাহী বিদ্ৰোহে গা কৰি উঠিছিল যদিও সৰ্বভাৰতীয় ক্ষেত্ৰত এই বিদ্ৰোহৰ প্ৰভাৱৰ মাত্ৰা সীমিত আছিল।

ব্ৰিটিছসকল অসমলৈ অহাৰ আগতে আহোমসকলে ৰাজত্ব কৰিছিল। আহোমসকলৰ ৰাজত্বৰ অন্ত পেলাই ইয়াণ্ডাবু সন্ধিৰ স্বৰ্ত অনুযায়ী ইংৰাজসকলে অসম অধিকাৰ কৰে। ইয়াণ্ডাবু সন্ধিৰ তিনি বছৰৰ ভিতৰতে অসমত ইংৰাজসকলে অসম অধিকাৰ কৰে। ইংৰাজে অসমত শাসন কৰাত অসমীয়া মানুহবোৰ অসন্তুষ্ট হৈ পৰে।

১৮২৬ খ্ৰী: ত গোমধৰ নামে আহোম কোঁৱৰ এজনে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি নিজকে স্বাধীন বুলি ঘোষণা কৰে। ইয়াৰ পিছত ১৮২৯ আৰু ১৮৩০ চনতো দুটা বিদ্ৰোহৰ সূচনা হয়। ইয়াৰ পিছত ৰাইজক সন্তুষ্ট কৰিবলৈ ইংৰাজ চৰকাৰে পুৰন্দৰ সিংহ নামৰ এজন ৰাজবংশৰ লোকক বছৰেকত ৫০,০০০ দিয়াৰ স্বৰ্তত উজনি অসমৰ ৰজা বুলি স্বীকৃতি দিয়ে।

অসমত ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাত সকলো লোকেই কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয়। উচ্চ-নীচৰ ভেদাভেদ নোহোৱা হয়। চৰকাৰে মাটি-বাৰীৰ খাজনা বৃদ্ধি কৰে আৰু কানিৰ প্ৰচলন কৰে। ১৮৫৩ চনত অসম দেশৰ আৰ্থ-সামাজিক অৱস্থাৰ বুজ ল’বলৈ কলিকতাৰ সদৰ দেৱানী আদালতৰ বিচাৰক এন্দুজ জন মফৰ্ট মিলছ অসমলৈ আহে। ১৮৫৩ চনৰ শেষৰফালে প্ৰকাশ পোৱা মিলছৰ প্ৰতিবেদন দাখিল কৰে। ১৮৫৩ চনৰ শেষৰফালে প্ৰকাশ পোৱা মিলছৰ প্ৰতিবেদন সমকালীন অসম দেশৰ সুন্দৰ প্ৰতিচ্ছবি প্ৰকাশ পায়। অসমত এই বিদ্ৰোহৰ নেতৃত্ব লয় মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে।

৩। ৰচনাধৰ্মী প্ৰশ্ন:

(ক) ১৮৫৭ চনৰ বিদ্ৰোহক স্বাধীনতা যুদ্ধ বুলি ক’ব পাৰিনে তোমাৰ নিজৰ মতামত ব্যক্ত কৰা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ ভাৰতীয়সকলৰ বিদ্ৰোহ ইতিহাসৰ এক প্ৰসিদ্ধ ঘটনা। ভাৰতীয় লোকসকলে ব্ৰিটিছ শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ বিৰুদ্ধে অস্ৰধাৰণ কৰি এওঁলোকৰ ভেটি কঁপাই তুলিছিল। সেইবাবে এই বিদ্ৰোহক স্বাধীনতা যুদ্ধৰ আৰম্ভণি বুলি ক’ব পাৰি।

পাশ্চাত্যৰপৰা ভাৰতলৈ আহিবলগা পোনপটীয়া জলপথ আৱিষ্কাৰৰ পিছত ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ ইংৰাজ বনিকসকলে বেপাৰ- বাণিজ্য কৰিবলৈ ভাৰতলৈ আহে। ভাৰতীয় ৰজাসকলৰ মাজত কোনোধৰণৰ একতা নাছিল। তাৰে সুবিধা গ্ৰহণ কৰি ইংৰাজ কোম্পানীটোৱে ভাৰতত ৰাজনৈতিক প্ৰাধান্য স্থাপনৰ চেষ্টাত ব্ৰতী হ’ল। ১৭৫৭ খ্ৰীষ্টাদ্বত কোম্পানীৰ এজন প্ৰাক্তন কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে ছল-চতুৰিৰে বংগদেশৰ বিখ্যাত নৱাব চিৰাজ-উদ-দৌলাক পলাশীৰ যুদ্ধত পৰাজিত কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিলে। লাহে লাহে সমগ্ৰ ভাৰততে ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা হ’ল। প্ৰথম অৱস্থাত তেওঁলোকৰ কাৰ্যকলাপ চকুত পৰা ধৰণৰ নাছিল যদিও ঊনবিংশ শতিকাৰ দ্বিতীয় দশক মানৰপৰা তেওঁলোকে ভাৰতৰ শাসনৰ ক্ষেত্ৰত নিজৰ কৰ্তৃত্ব স্থাপনৰ প্ৰচেষ্টা চলায়। ১৮৩৫ খ্ৰীষ্টাদ্বত কোম্পানীৰ মুদ্ৰাৰপৰা মোগল সম্ৰাটৰ নামটো বাদ দিয়া হ’ল। সেই এক বছৰতে পাৰ্ছী ভাষাৰ সলনি ইংৰাজী ভাষা প্ৰচলন কৰা হয়। লৰ্ড ডেলহাউছিৰ সময়ৰপৰা ভাৰতৰ পৰিস্থিতি অধিক জটিল হৈ পৰিল। ভাৰতৰ প্ৰকৃত শাসক যে ইংৰাজসকল, ভাৰতীয় ৰজা নহয়, সেই কথা লাহে লাহে সকলোৱে উপলব্ধি কৰিলে, সেই উপলদ্ধিয়ে ১৮৫৭ চনৰ মহা বিদ্ৰোহৰ পথ মুকলি কৰিলে।

(খ) ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ কাৰণবোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়। এই বিদ্ৰোহৰ কাৰণবোৰ হ’ল- ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক আৰু সামৰিক।

১। ৰাজনৈতিক কাৰণ: ৰাজনৈতিক কাৰণৰ ভিতৰত কোম্পানী চৰকাৰৰ ৰাজ্য বিস্তাৰ নীতিয়ে হ’ল বিশেষভাৱে উল্লেখযোগ্য। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনীয় ব্যৱস্থা মতে কোম্পানীৰ মুখ্য বিষয়াজনক প্ৰথমতে গৱৰ্ণৰ আৰু পিছত গৱৰ্ণৰ জেনেৰেল বুলি কোৱা হৈছিল।

২। সামাজিক কাৰণ: ৰজা-মহাৰজা আৰু তেওঁলোকৰ বিষয়াবৰ্গৰ ওপৰতে নিৰ্ভৰ কৰি ভাৰতীয় সমাজৰ বিভিন্ন স্তৰৰ মানুহে জীৱন-নিৰ্বাহ কৰিছিল। ৰাজ্য, ধন, পদ-মৰ্যাদা আদি সকলো হেৰুৱাই সকলো পৰ্যায়ৰ মানুহ একাকাৰ হৈ পৰিল। সমাজৰ উচ্চ-নীচৰ পাৰ্থক্য নোহোৱা হ’ল আৰু সাধাৰণ মানুহৰ দৰে জীৱন কটাব লগা হোৱাত তেওঁলোক ব্ৰিটিছ শাসনৰ ওপৰত ৰুষ্ট হৈ পৰিল। ভাৰতৰ আন ঠাইৰ দৰে অসমতো তেনে এক অৱস্থাৰ সৃষ্টি হ’ল।

৩। ধৰ্মীয় কাৰণ: ব্ৰিটিছৰ শাসনকালত ধৰ্মৰ ক্ষেত্ৰতো এক ব্যপক পৰিৱৰ্তন আহি পৰে। ধৰ্ম হৈছে এক স্পৰ্শকাতৰ বিষয় আৰু ইয়াৰ ওপৰত আনৰ হস্তক্ষেপ মানুহে সহ্য কৰিবলৈ টান পাইছিল। সেই সময়ত ভাৰতীয় সমাজ কু-সংস্কাৰেৰে পৰিপূৰ্ণ আছিল আৰু ধৰ্মৰ নামত সতীদাহ, শিশুবধ, নৰবলি আদি কিছুমান আমানৱীয় কাৰ্যৰ প্ৰচলন আছিল। পাশ্চাত্য সভ্যতাৰ পোহৰত কিছু সংখ্যক প্ৰগতিশীল ভাৰতীয়ই তেনে কাৰ্যকলাপৰ বিৰোধিতা কৰাত লৰ্ড বেন্টিংকৰ নিচিনা গৱৰ্ণৰ জেনেৰেলসকলে সেই প্ৰথাবোৰ তুলি দিয়ে।

৪। অৰ্থনৈতিক কাৰণ: ১৮৫৭ চনৰ বিদ্ৰোহৰ আন এটা প্ৰধান কাৰণ হ’ল অৰ্থনৈতিক। ভাৰতত ব্ৰিটিছ শাসন ক্ৰমাগতভাৱে বাঢ়ি যোৱাৰ লগে লগে দেশৰ বহুসংখ্যক লোক কৰ্মহীন হৈ পৰিছিল, বেপাৰ-বাণিজ্যও বিদেশীৰ হাতলৈ গ’ল আৰু বিদেশী পণ্যদ্ৰব্যৰ প্ৰতিযোগিতাত ভাৰতীয় শিল্পবোৰৰ মৃত্যু ঘটিল। দেশীয় ৰজা আৰু ডা-ডাঙৰীয়াৰ কথা আগতে উল্লেখ কৰি অহা হৈছে। কোম্পানী চৰকাৰৰ ভূমি ৰাজহ নীতিয়েও বহুতৰে অৱস্থা শোচনীয় কৰি তুলিলে।

৫। সামৰিক কাৰণ: বিদ্ৰোহৰ আন এক উল্লেখযোগ্য কাৰণ হ’ল ভাৰতীয় চিপাহীসকলৰ অসন্তুষ্টি। দৰাচলতে এই চিপাহীসকলেই হ’ল ১৮৫৭ চনৰ বিদ্ৰোহৰ মূল স্ৰষ্টা। তেওঁলোকৰ সহায়তে ব্ৰিটিছসকলে ভাৰতত এখন সাম্ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁলোকৰ জীৱনৰ মানদণ্ডৰ কোনো সময়তে পৰিৱৰ্তন নহ’ল। এজন সাধাৰণ ইংৰাজ সৈনিকে যি ৰাজকীয় পৰিৱেশত জীৱন-নিৰ্বাহ কৰিছিল, তাৰ বিপৰীতে ভাৰতীয় চিপাহীয়ে সাধাৰণভাৱে হ’লেও জীৱন-ধাৰণ কৰা কঠিন হৈছিল। সীতাৰাম নামৰ এজন চিপাহীয়ে নি:স্বাৰ্থভাৱে কোম্পানীক সেৱা কৰিও চুবেদাৰ পদ লাভ কৰিবলৈ আঠ চল্লিশ বছৰ সময় লাগিছিল।

(গ) সাতাৱন চনৰ বিদ্ৰোহত বেগম হজৰত মহল আৰু ৰাণী লক্ষ্মীবাঈয়ে কি ভূমিকা গ্ৰহণ কৰিছিল, সেই বিষয়ে আলোচনা কৰা।

উত্তৰঃ সাতাৱন চনৰ বিদ্ৰোহত বেগম হজৰত মহল আৰু ৰাণী লক্ষ্মীবাঈয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। বেগম হজৰত মহল অযোধ্যৰ নৱাব ৱাজিদ আলিৰ পত্নী আছিল। হজৰত মহলে নিজৰ নুমলীয়া পুতেক ব্ৰিজছ কাদিৰক নৱাব হিচাপে প্ৰতিষ্ঠা কৰি তেওঁৰ হৈ ৰাজকাৰ্য পৰিচালনা কৰিবলৈ ধৰে। ইতিমধ্যে অযোধ্যৰ ৰাজধানী লক্ষৌ বিদ্ৰোহৰ ঘাটিৰূপে পৰিগণিত হয়। ইতিমধ্যে ইউৰোপীয় লোকসকলে নিৰাপত্তাৰ বাবে লক্ষৌ ৰেচিডেন্সিত আশ্ৰয় লবলগীয়া হয়। বেগম হজৰত মহলে ইংৰাজৰ হাতৰপৰা ৰেচিডেন্সি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি বিফল হয়। এই ক্ষেত্ৰত ফৈজাবাদৰ মৌলৱী আহমদ উল্লাশ্বাহে বেগমলৈ সহায়ৰ হাত আগবঢ়ায়। ১৮৫৮ চনৰ জুন মাহত মৌলবী গৰাকীৰ মৃত্যু হোৱাত বেগম হজৰত মহল অকলশৰীয়া হৈ পৰে। অৱশেষত হজৰত মহলে উপায়হীন হৈ নেপালত আশ্ৰয় ল’ব লগাত পৰে।

মধ্য ভাৰতৰ আন এগৰাকী বিদ্ৰোহী নেত্ৰী হৈছে ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ এই ঝান্সীৰ ৰজা গংগাধৰ ৰাওৰ বিধৱা পত্নী আছিল। স্বামীৰ মৃত্যুৰ পাছত লৰ্ড ডেলহাউছিয়ে তেওঁৰ তোলনীয়া পুতেকৰ অধিকাৰ অস্বীকাৰ কৰি ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যত চামিল কৰে। এই কথাত অসন্তুষ্ট হৈ ৰাণীয়ে বিদ্ৰোহ আৰম্ভ কৰে। ৰাণীৰ বিদ্ৰোহী মনোভাৱৰ বিষয়ে জানিব পাৰি ব্ৰিটিছ সেনাপতি ছাৰ হিউৰ’জে ১৮৫৭ চনৰ মাৰ্চ মাহত ঝান্সীৰ দুৰ্গ অৱৰোধ কৰে। ৰাণীয়ে দুৰ্গ ৰক্ষা কৰা অসম্ভৱ বুলি জানিব পাৰি কেইজনমান সহচৰৰ সৈতে কল্পিলৈ ৰাওনা হয়। কল্পিত তাঁতীয় টোপী, ৰাও চাহেব আৰু বান্দৰ নৱাবৰ সৈতে সহযোগ কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধত সন্মিলিত ভাৰতীয় বাহিনী পৰাজিত হয়। ইয়াৰ পিছত পুনৰ সিন্ধিয়াৰ এক বাহিনী হস্তগত কৰি পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়ে। এওঁৰ মৃত্যুত বিদ্ৰোহীসকলৰ মনোবল ভাঙি পৰে। এই বিদ্ৰোহ নিষ্ফল হয় যদিও ইতিহাসৰ পাতত ৰাণী লক্ষ্মীবাঈৰ নাম চিৰযুগমীয়া হৈ ৰব।

(ঘ) মণিৰাম দেৱানে ১৮৫৭ চনৰ বিদ্ৰোহত অসমত কি ভূমিকা গ্ৰহণ কৰিছিল, তাৰ এক চমু বিৱৰণ দিয়া।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ অসমলৈ প্ৰসাৰিত কৰাত মুখ্য ভূমিকা পালন কৰা প্ৰধান নেতা আছিল মণিৰাম দেৱান।

মণিৰাম দেৱানৰ ঘৰ আছিল শিৱসাগৰৰ চাৰিঙত। দেউতাক ৰামদত্তই আহোম ৰজাৰ আমোলত দোলা কাষৰীয়া বৰুৱাৰ পদ গুৱনি কৰিছিল। অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ কালত মণিৰাম দেৱান প্ৰথমে আছিল আৰু পাছলৈ যোৰহাটৰ চিৰস্তাদাৰ হৈছিল। ১৮৩৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পতাত মনিৰামে বৰভাণ্ডাৰ বৰুৱা অৰ্থাৎ বিত্তমন্ত্ৰীৰ পাইছিল। তেওঁ পুৰন্দৰ সিংহৰ ৰাজপৰিয়ালৰ উপদেষ্টা স্বৰূপ আছিল।

মণিৰাম দেৱান এজন বিচক্ষণ অসমীয়া লোক আছিল। মণিৰাম দেৱানক ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগভগৰ এজন আগৰণুৱা বুলি ক’ব পাৰি। তেওঁ দেশৰ বাবে জীৱন আহুতি দিছিল।

১৮৫৩ খ্ৰীষ্টাদ্বত কলিকতাৰ সদৰ দেৱানী আদালতৰ বিচাৰক মি: মোফাট মিলচ্ চাহাব অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱান অসমত ইংৰাজ শাসনৰ কুফলবিলাকৰ বিৱৰণ দি অসমৰ শাসনভাৰ পুনৰ এজন আহোম কোঁৱৰক দিবলৈ আবেদন কৰিছিল। আবেদনত তেওঁ নিজস্ব অভাৱ-অভিযোগ আৰু যু’বৰাজ কন্দৰ্পেশ্বৰ সিংহৰ স্বপক্ষে সহানুভূতি বিচাৰিছিল; কিন্তু মিলচ চাহাবে মণিৰাম দেৱানৰ আবেদনত কোনো গুৰুত্ব নিদিলে। তেতিয়া মণিৰাম দেৱানে ইষ্ট-ইণ্ডিয়া কোম্পানী কৰ্তৃপক্ষৰ লগ ধৰিবলৈ কলিকতালৈ যায়। মণিৰাম দেৱানৰ সেই চেষ্টাও বিফল হয়। সেই সময়তে ভাৰতত ১৮৫৭ খ্ৰীষ্টাদ্বত চিপাহী বিদ্ৰোহ আৰম্ভ হয়। বিদ্ৰোহীসকলে মোগল ৰাজবংশৰ দ্বিতীয় বাহাদুৰ চাহক ভাৰতৰ সম্ৰাট স্বীকাৰ কৰা বুলি জানি মনিৰামে অসমত তেনে বিদ্ৰোহ কৰিবলৈ ঠিক কৰে। তেওঁৰ উদ্দেশ্য আছিল ইংৰাজক খেদি কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰজা পাতে।

চিপাহীবিলাকৰ লগত কেইজনমান ব্যক্তিয়ে কথা-বতৰা চলাই একেলগে বিদ্ৰোহ কৰি কন্দৰ্পেশ্বৰক ৰজা পাতিবলৈ পৰিকল্পনা কৰিছিল। পিয়লী বৰুৱা, মড়ঙ্গী খোৱা গোহাঁই, মায়াৰাম নাজিৰ, দুতিৰাম বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, ছেৰ ফৰমুদ আলি আৰু মণিৰাম দেৱানে কলিকতাৰপৰা পঠোৱা মধু মল্লিক আদিয়ে কন্দৰ্পেশ্বৰ সিংহৰ ঘৰত গোপনে আলোচনা কৰিছিল। মনিৰামে যথাসময়ত তেওঁলোকৰ লগত যোগ দি আঁচনি কাৰ্যকৰী কৰাৰ কথা আছিল; কিন্তু এই ষড়যন্ত্ৰৰ কথা প্ৰচাৰ হৈ পৰাত শিৱসাগৰ জিলাৰ গৰাকী, কেপ্তেইন হলৰইড চাহাবে কন্দৰ্পেশ্বৰক বন্দী কৰে আৰু বিদ্ৰোহৰ লগত জড়িত আন ব্যক্তিসকলক আটক কৰে। ১৮৫৮ খ্ৰীষ্টাদ্বত ২৬ ফেব্ৰুৱাৰী তাৰিখে মণিৰাম আৰু পিয়লিক যোৰহাটত ফাঁচী দিয়া হৈছিল।

(ঙ) ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবোৰ হ’ল-

(১) বিদ্ৰোহীসকলৰ কোনো সমূহীয়া উদ্দেশ্য নাছিল। ফলত তেওঁলোক একগোট হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিব পৰা নাছিল।

(২) চিপাহীসকলে আধুনিক বিজ্ঞানৰ ওপৰত অলপো গুৰুত্ব আৰোপ কৰা নাছিল; কিন্তু ইংৰাজসকলে ডাক-তাঁৰ আদিৰ সুবিধা গ্ৰহণ কৰিছিল।

(৩) ইংৰাজে কিছুমান সামন্ত নেতাৰ সহায় পাইছিল। গতিকে তেওঁলোকে কোনো অসুবিধা সন্মুখীন হ’বলগীয়া নহৈছিল।

(৪) চিপাহী বিদ্ৰোহ সমগ্ৰ ভাৰতবৰ্ষ জুৰি হোৱা নাছিল, সেইবাবে ইংৰাজসকলে বিদ্ৰোহৰ ক্ষেত্ৰবোৰত দৰকাৰমতে মনোযোগ দিব পাৰিছিল।

(৫) বিদ্ৰোহীসকলে সমূহ ভাৰতীয় লোকৰপৰা সহায়-সহযোগিতা পোৱা নাছিল। আনকি বহুতে ইংৰাজকহে সমৰ্থন কৰিছিল।

(৬) বিদ্ৰোহীসকলক উপযুক্ত নেতৃত্ব দিব পৰা লোক সেই সময়ত নাছিল। ঝান্সিৰ ৰাণী লক্ষ্মীবাঈৰ বাহিৰে আনবোৰ নেতাৰ ইংৰাজৰ লগত যুদ্ধ কৰিব পৰা যোগ্যতা নাছিল।

(৭) কেনিঙৰ সৈমান কৰোৱা নীতিৰ ফলত অনেক চিপাহী তেতিয়া ইংৰাজৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আছিল।

এইবোৰ কাৰণতে চিপাহী বিদ্ৰোহ বিফল হৈছিল।

(চ) ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন বুলি ভাবানে? তোমাৰ নিজৰ যুক্ত আগবঢ়োৱা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহক কোনোৱে ‘চিপাহী বিদ্ৰোহ’, কোনোৱে ‘গণ অভ্যুত্থান’ নাম দিছে। এয়া যিয়েই নহওক ১৭৫৭ চনৰ পলাশীৰ যুদ্ধত নৱাব চিৰাজ-উদ-দৌলাক পৰাজিত কৰি ইংৰাজে ভাৰতত যি ৰাজত্বৰ খোপনি পুতিছিল তাৰ ঠিক এশ বছৰৰ পিছৰ বিদ্ৰোহ এটাই ব্ৰিটিছ চৰকাৰক কঁপাহ তুলিছিল। কেবাটাও কাৰণত ১৮৫৭ চনৰ বিদ্রোহক ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন বা প্ৰথম জাতীয় বিপ্লৱ বুলি অভিহিত কৰিব পৰা যায়:

(ক) চিপাহী বিদ্ৰোহত চিপাহীসকলৰ লগত লক্ষ্মীবাঈ, নানা চাহেব, তান্তিয়া টোপী, বাহাদুৰ শ্বাহৰ দৰে ৰাজপৰিয়ালৰ লোকেও যোগদান কৰিছিল।

(খ) সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বিদ্ৰোহে গা কৰি উঠিছিল। আনকি অসমকো এই বিদ্ৰোহে চুইছিল।

(গ) চিপাহী বিদ্ৰোহত হিন্দু-মুছলমান উভয়ে সমানে যোগ দিছিল; অৰ্থাৎ কোনো সাম্প্ৰদায়িক পৰিসীমাৰ মাজত ই আৱদ্ধ নাছিল।

(ঘ) কৃষক, বনুৱা আদিৰ দৰে লোকেও বিদ্ৰোহত হাত উজান দিছিল।

(ঙ) সুসংহত নেতৃত্ব আৰু আদৰ্শৰ অভাৱত বিদ্ৰোহ বিফল হ’লেও সকলোৱে সকলো ঠাইতে ইংৰাজ শাসনৰ অৱসান বিচাৰিছিল।

(চ) চিপাহী বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষৰ শাসনভাৰ কোম্পানীৰ হাতৰপৰা ব্ৰিটিছ ৰাজমুকুট অধীনলৈ যায়।

(ছ) চিপাহী বিদ্ৰোহে ভাৰতৰ জনগণক ৰাজনৈতিকভাৱে সচতেন কৰি তুলিলে। ভাৰতত প্ৰথম জাতীয় চেতনাৰ উদ্ৰেক ঘটিল।

এনেবোৰ কাৰণতে চিপাহী বিদ্ৰোহক ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা আন্দোলন নাম দিব পাৰি।

অৱশ্যে, চিপাহী বিদ্রোহ ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা সংগ্ৰাম হয়নে নহয় এই বিষয়ে বিভিন্ন ঐতিহাসিকসকলৰ মাজত মতভেদ আছে। কিছুমানে ইয়াক ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা আন্দোলন বুলি আখ্যা দিয়ে। আন কিছুমানৰ মতে ই স্বাধীনতা সংগ্ৰাম নহয়, চিপাহীসকলৰ মাজত হোৱা বিদ্রোহহে। জৱাহৰলাল নেহৰুৰ মতে, ই হৈছে সামন্ত বিদ্রোহ। চিপাহী বিদ্ৰোহ সুসংগঠিত জাতীয় আন্দোলন নাছিল। গতিকে প্ৰকৃত অৰ্থত ইয়াক স্বাধীনতা সংগ্ৰাম আখ্যা দিব নোৱাৰি। সমগ্ৰ ভাৰতবৰ্ষতে এই বিদ্ৰোহ বিয়পি পৰা নাছিল। আনহাতে সকলোবোৰ ভাৰতীয় লোক, ৰজা আৰু জমিদাৰে এই বিদ্রোহত যোগদান কৰা নাছিল। অধিক সংখ্যক লোক, ৰজা আৰু জমিদাৰে বিদ্ৰোহীসকলৰ বিৰুদ্ধে ইংৰাজক সহায় কৰিছিল। বিদ্রোহীসকলৰ মাজৰ কোনো উমৈহতীয়া উদ্দেশ্যও নাছিল।

সেইবাবে বহুতে এই বিদ্রোহক স্বাধীনতা আন্দোলনৰ প্ৰথম পৰ্যায় বুলি ধাৰণা কৰে। এই বিদ্রোহৰ পিছৰপৰাই ইংৰাজৰ প্ৰতি ভাৰতীয় মানুহৰ বিৰূপ ভাৱৰ সৃষ্টি হয়। ভাৰতৰ প্ৰায় সকলো ঠাইতে চিপাহী বিদ্রোহৰপৰাই জন-জাগৰণ আৰু জাতীয় আন্দোলন হয়। সেইবাবে চিপাহী বিদ্রোহক কিছুমানে স্বাধীনতা সংগ্ৰামৰ আৰম্ভণি বুলি মন্তব্য কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top