Class 9 Elective History Chapter 4 ৰুছ বিপ্লৱ Question Answer, SEBA Class 9 Elective History Notes in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective History Chapter 4 ৰুছ বিপ্লৱ Solutions and select need one.
Class 9 Elective History Chapter 4 ৰুছ বিপ্লৱ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective History Chapter 4 ৰুছ বিপ্লৱ Notes for All Subject, You can practice these here.
ৰুছ বিপ্লৱ
Chapter – 4
ইতিহাস
১। চমু প্ৰশ্নোত্তৰ প্রশ্ন:
(ক) ‘মুক্তিদাতা জাৰ’ কোন?
উত্তৰঃ জাৰ দ্বিতীয় আলকজেণ্ডাৰক ‘মুক্তিদাতা জাৰ’ বুলি অভিহিত কৰিছিল।
(খ) ‘ৰক্তাক্ত দেওবাৰ’ কোন তাৰিখে ঘটে?
উত্তৰঃ ১৯০৫ চনৰ ২২ জানুৱাৰী তাৰিখে ৰক্তাক্ত দেওৱাৰ ঘটে।
(গ) প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰুছ জাৰ কোন আছিল?
উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰুছ জাৰ আছিল জাৰ দ্বিতীয় নিকোলাছ।
(ঘ) সৰ্বশেষ ৰুছ জাৰ কোন যাজকৰ আজ্ঞাধীন আছিল?
উত্তৰঃ সৰ্বশেষ ৰুছ জাৰ দ্বিতীয় নিকোলাছ যাজক বছপুটিনৰ আজ্ঞাধীন আছিল।
(ঙ) কাৰ ৰাজত্বকালক ‘অগাষ্টিয়ান যুগ’ বোলা হয়?
উত্তৰঃ জাৰ প্ৰথম নিকোলাছৰ ৰাজতকালক ‘অগাষ্টিয়ান যুগ’ বোলা হয়।
(চ) বলছেভিক দলৰ জন্ম কোন চনত হৈছিল?
উত্তৰঃ ১৯০৩ চনত বলছেভিক দলৰ জন্ম হৈছিল।
(ছ) ‘ডাছ কেপিটেল’ কাৰ ৰচনা?
উত্তৰঃ ডাছ কেপিটেল কালমাৰ্ক্সৰ ৰচনা।
(জ) ৰুছ-জাপান যুদ্ধ কোন চনত হৈছিল?
উত্তৰঃ ৰুছ-জাপান যুদ্ধ ১৯০৪-০৫ চনত হৈছিল।
(ঝ) ‘ডুমা’ কি?
উত্তৰঃ ডুমা হৈছে জাতীয় সভা।
(ঞ) ৰুছিয়াৰ ‘অস্থায়ী চৰকাৰ’ৰ নেতৃত্বত কোন আছিল?
উত্তৰঃ ৰুছিয়াৰ অস্থায়ী চৰকাৰৰ নেতৃত্বত আছিল ‘ছোভিয়েট’ নামে বিপ্লৱী প্ৰতিষ্ঠানটোৰ সদস্যসকল। ১৯৯৭ চনৰ ১৫ মাৰ্চত ডুমাই পেট্ৰ’গ্ৰডৰ ছোভিয়েটৰ সৈতে আলোচনা কৰি এই চৰকাৰ গঠন কৰিছিল।
(ট) ৰুছ অৰ্থনৈতিক উন্নয়নৰ বাবে লেনিনে কি নীতি গ্ৰহণ কৰিছিল?
উত্তৰঃ ৰুছ অৰ্থনৈতিক উন্নয়নৰ বাবে লেনিনে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল।
২। চমু প্ৰশ্নোত্তৰ প্ৰশ্ন:
(ক) মুক্তিৰ অধ্যদেশ, ১৮৬৯
উত্তৰঃ ৰাছিয়াৰ দ্বিতীয় আলেকজেণ্ডাৰ সিংহাসন অধিগ্ৰহণ কৰি ছাৰ্ফসকলৰ মুক্তিৰ কথা উপলব্ধি কৰি ১৮৬১ চনত মুক্তিৰ আধ্যদেশ জাৰি কৰিছিল। এই আধ্যদেশৰ জৰিয়তে আলেকজেণ্ডাৰে দেশৰ সকলো ছাৰ্ফক (ভূমিহীন লোক) দাসত্বৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ অধিকাৰ দিছিল। ৰাছিয়াত পূৰ্বতে ছাৰ্ফসকলে সম্ৰাট, জমিদাৰ আৰু চাৰ্ছ তথা উচ্চশ্ৰেণীৰ যাজকৰ মাটিত খেতি কৰাৰ বিনিময়ত বিনা পাৰিশ্ৰমিকে তেওঁলোকৰ ঘৰত বনুৱা হিচাপে কাম কৰিব লাগিছিল। মুক্তিৰ আধ্যদেশৰ জৰিয়তে আলকজেণ্ডাৰে ছাৰ্ফসকলৰ মাজত গাঁও পঞ্চায়তৰ যোগেদি প্ৰতিটো পৰিয়ালৰ সদস্য সংখ্যৰ জোখেৰে মাটি বিলাইছিল আৰু ছাৰ্ফসকলৰ দাসত্বৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ মৰ্যাদা দিছিল।
(খ) ৰক্তাক্ত দেওবাৰ।
উত্তৰঃ ১৯০৫ চনৰ ১৫ জানুৱাৰীত ব্যপক ধৰ্মঘট আৰম্ভ হয়। ২২ জানুৱাৰী দেওবাৰে ফাদাৰ গেপন নামে এগৰাকী ধৰ্মযাজকৰ নেতৃত্বত পেট্ৰোগ্ৰাডত ধৰ্মঘটকাৰী শ্ৰমিকসকলৰ এটি শোভাযাত্ৰাৰ ওপৰত সেনাই গুলি চলোৱাত বহু শ্ৰমিক হতাহত হয়। বিপ্লৱৰ ইতিহাসত উক্ত ঘটনাটো ‘ৰক্তাক্ত দেওবাৰ’ নামে জনাজাত। পৰিণামত সমগ্ৰ ৰুছিয়াত বিপ্লৱাত্মক হিংস্ৰ আন্দোলন আৰম্ভ হয়। জমিদাৰ শ্ৰেণীৰ সম্পত্তি, ঘৰ-দুৱাৰ ধ্বংস কৰা হ’ল, পুলিচ, চৰকাৰী কৰ্মচাৰী, গুপ্তচৰ আদিক হত্যা কৰা হ’ল। আনকি সম্ৰাটৰ খুড়াক ডিউক ছাৰ্জিয়াছকো হত্যা কৰা হ’ল। এইদৰে জাৰতন্ত্ৰৰ ভেটি কঁপি উঠাত জাৰ নিকোলাছে জাতীয় সভা আহ্বানৰ দাবী মানি ল’বলৈ বাধ্য হ’ল। ১৯০৫ চনৰ ৩ মাৰ্চ তাৰিখে জাতীয় সভা তথা ‘ডুমা’ আহ্বান কৰা হ’ল। ৰুছ-বিপ্লৱৰ ইতিহাসত এই ঘটনাটোক ‘ৰক্তাক্ত দেওৱাৰ’ বুলি জনা যায়। এই ঘটনাৰ ফলস্বৰূপে ৰাছিয়াত বিপ্লৱাত্মক হিংস্ৰ আন্দোলন আৰম্ভ হৈছিল।
(গ) মুক্তিদাতা জাৰ।
উত্তৰঃ জাৰ দ্বিতীয় আলকজেণ্ডাৰ ক্ৰিমিয়াৰ যুদ্ধৰ বিপৰ্যয়ৰ মাজত সিংশাসনত উঠিয়েই ছাৰ্ফসকলৰ মুক্তিৰ কথা উপলব্ধি কৰি ১৮৬১ চনৰ ‘মুক্তি-আঞ্জা’ৰ যোগেদি দেশৰ সকলো ছাৰ্ফক দাসত্বৰপৰা মুক্তি দি স্বাধীন নাগৰিকৰ অধিকাৰ দিয়ে। লগতে চৰকাৰী অৰ্থেৰে ভূ-স্বামীসকলৰ পৰা মাটি কিনি লৈ তাক মাটিহীন নাগৰিকসকলৰ মাজত ভগাই দিয়ে। অৱশ্যে তেওঁলোকক মাটিৰ মালিকী স্বত্ব দিয়া নহ’ল, ‘মিৰ’ নামে গাঁও পঞ্চায়তৰ যোগেদিহে প্ৰতিটো পৰিয়ালৰ সদস্য সংখ্যৰ জোখাৰে মাটি বিলোৱা হ’ল। এই মাটিৰ বাবে চৰকাৰে আগবঢ়োৱা ধন ৪৯ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিছিল আৰু তেতিয়ালৈকে প্ৰতিটো পৰিয়াল ‘মিৰ’ৰ ওচৰত দায়বদ্ধ আছিল। তথাপি স্বাধীন নাগৰিকত্বৰ বাবে তেওঁলোকে জাৰ দ্বিতীয় আলকজেণ্ডাৰক ‘মুক্তিদাতা জাৰ’ বুলি অভিহিত কৰিছিল।
(ঘ) বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ কাৰণ।
উত্তৰঃ বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ মুখ্য কাৰণ হৈছে তেওঁলোকৰ হৈছে তেওঁলোকৰ কাৰ্যপন্থা সম্পৰ্কে থকা মতবাদ। এই দল দুটাৰ বিভাজন আছিল আদৰ্শগত। বলছেভিক দলৰ নেতৃত্ব দিছিল বিপ্লৱৰ নেতা লেনিনে। লেনিনে তথা তেওঁৰ অনুগামীসকলে উপলব্ধি কৰিছিল যে ৰুছ দেশৰ মধ্যবিত্ত শ্ৰেণীটো সংখ্য আৰু গুণৰ ফালৰপৰা সিমান শক্তিশালি নহয়। সেইবাবে শ্ৰমিক নেতৃত্বৰে সমাজতন্ত্ৰ প্ৰতিষ্ঠিত হ’লেহে ৰুছ জনসাধাৰণৰ আশা-আকাংখা পূৰণ হ’ব। আনহাতে মেনছেভিক বা সংখ্যালঘিষ্ঠ দলৰ লোকসকলে বিশ্বাস কৰিছিল যে মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰাহে ৰাছিয়াত বিপ্লৱ সফল হ’ব। এনে আদৰ্শগত পাৰ্থক্যৰ বাবে দলদুটাৰ মাজত মতভেদ হৈছিল।
(ঙ) কমিউনিষ্ট মেনিফেষ্টো।
উত্তৰঃ সমাজবাদৰ মূল প্ৰৱক্তা কালমাৰ্ক্সে ৰুছ বিপ্লৱৰ সময়ত তেওঁৰ বিখ্যাত ‘কমিউনিষ্ট মেনিফেষ্টো’ নামেৰে ইস্তাহাৰ প্ৰকাশ কৰে। এয়েই আছিল আধুনিক সমাজবাদৰ প্ৰথম বিজ্ঞানসন্মত ব্যখ্য। ‘মেনিফেষ্টো’ৰ প্ৰথম কথাই হ’ল, ‘মানৱ সমাজৰ ইতিহাস শ্ৰেণী সংগ্ৰামৰ নামান্তৰ মাথোন।’ এই সমাজবাদক তেওঁ ‘সাম্যবাদ’ নাম দিয়ে। মেনিফেষ্টোত উল্লেখ কৰিছিল যে পুঁজিপতি মালিকসকল আৰু সৰ্বহাৰা শ্ৰমিক শ্ৰেণীৰ মাজত সংঘৰ্ষ অনিবাৰ্য আৰু তাৰ ফলস্বৰূপে এখন শ্ৰেণীহীন সমাজৰ সৃষ্টি আৱশ্যক।
(চ) ব্ৰেষ্টালিটভস্ক চুক্তি।
উত্তৰঃ ৰাছিয়াৰ বলছেভিক বিপ্লৱে স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ পতন ঘটাই শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা কৰে আৰু ১৮১৮ চনত ৰচনা কৰা সংবিধানৰ মতে ৰুছিয়াৰ ৰাষ্ট্ৰীয় গাঁথনি স্থিৰ কৰে। বলছেভিক চৰকাৰে আন্দোলনৰ আগৰ প্ৰতিশ্ৰুতি অনুসাৰে যিকোনো চৰ্ততে যুদ্ধৰ পৰা আঁতৰি আহিবলৈ ১৮১৮ চনত জাৰ্মানীৰ সৈতে এখন চুক্তি কৰে। এই চুক্তিখনক ব্ৰেষ্ট লিটভস্কি চুক্তি বোলা হয়। এই চুক্তিত থকা চৰ্ত অনুসৰি ৰাছিয়াই পোলেল্ড, কুৰলেল্ড আৰু লিঠুয়ানিয়া এৰি দিব লগা হয়। মুঠতে এই চুক্তিৰ ফলস্বৰূপে ৰুছিয়াই ৮০ লাখ কিমি ৰাজ্যক্ষেত্ৰ আৰু ৬ কোটি ৫০ লাখ মানুহ হেৰুৱাবলগীয়া হয়। বাহ্যিক দৃষ্টিত ব্ৰেষ্টালিটভস্ক চুক্তিখন অসন্মানজনক হ’লেও ৰুছিয়াক নতুনকৈ গঢ়াৰ বাবে ইয়াৰ অধিক প্ৰয়োজন আছিল।
(ছ) কেৰেস্কিৰ চৰকাৰৰ ব্যৰ্থতাৰ কাৰণ।
উত্তৰঃ আলকজেণ্ডাৰ কেৰেনস্কি আছিল ৰুছিয়াত প্ৰতিস্থা হোৱা অস্থায়ী চৰকাৰখনৰ আইন মন্ত্ৰী। তেওঁ বিচাৰিছিল নিয়মতান্ত্ৰিক পথেৰে সমাজবাদৰ প্ৰতিষ্ঠা কৰা আৰু গণতান্ত্ৰিক সংস্কাৰ সাধন কৰা। কেৰেনস্কিয়ে বিশ্বযুদ্ধৰ দুয়ো পক্ষালৈ এক প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰস্তাৱটো আছিল- কোনেও কাৰো ৰাজ্যক্ষেত্ৰ লব নোৱাৰিব আৰু কোনেও কাকো ক্ষতিপূৰণ দিব নালাগিব। কিন্তু বাস্তৱ ক্ষেত্ৰত দুয়ো পক্ষই এই প্ৰস্তাৱ প্ৰত্যেখ্যন কৰিছিল। কেৰেনস্কিয়ে কৌশলেৰে জাৰ্মানীক তেওঁৰ প্ৰস্তাৱত সন্মত কৰাবলৈ এটা নতুনকৈ সেনাদল গঠন কৰিছিল আৰু গেলিছিয়া আক্ৰমণ কৰিবলৈ পঠাইছিল কিন্তু কৃতকাৰ্য হোৱা নাছিল। কেৰেনস্কিৰ চৰকাৰৰ বিৰুদ্ধে বলছেভিকসকলে চলোৱা তীব্র প্ৰচাৰকাৰ্য আৰু চৰকাৰী সেনাৰ সৈতে বলছেভিক দলৰ সদস্যৰ মিত্ৰতাই হৈছে কেৰেনস্কিৰ চৰকাৰৰ ব্যৰ্থতাৰ মূল কাৰণ।
(জ) N. E. P.
উত্তৰঃ NEP বা নতুন অৰ্থনৈতিক নীতি মাৰ্ক্সবাদী নেতা লেনিনে প্ৰৱৰ্তন কৰিছিল। লেনিনে ৰাছিয়াত সাম্যবাদী সমাজ গঠন কৰিবলৈ নতুন অৰ্থনৈতিক নীতিৰ যোগেদি কৃষকক মাটিৰ মালিকীস্বত্ব প্ৰদান কৰিছিল আৰু খেতিয়কৰ পৰা খাজনা বা কৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছিল। নতুন অৰ্থনৈতিক নীতি অনুসাৰে- খেতিয়কৰ পৰা শস্যৰ সলনি খাজনা লোৱাৰ নিয়ম কৰা হয়, উদ্ধৃত্ত শস্য বিক্ৰী কৰাৰ অধিকাৰ খেতিয়কক দিয়া হয়; ব্যক্তিগত বাণিজ্যৰ অধিকাৰ দিয়া হয়, আৰু বাণিজ্যৰ বাবে বৈদেশিক ঋণ গ্ৰহণৰ ব্যৱস্থা কৰা হয়। এই নীতিয়ে ৰুছিয়াৰ পূৰ্বৰ ছাৰ্ফসকলক বৰকৈ উপকৃত কৰিছে।
(ঝ) নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক ‘অক্টোবৰ বিপ্লৱ’ কিয় বোলা হয়।
উত্তৰঃ ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে ৰাছিয়াত কেৰেনস্কিৰ চৰকাৰৰ পতন ঘটে আৰু এই ঘটনাক বলছেভিক বিপ্লৱ বা ‘অক্টোবৰ বিপ্লৱ’ বোলা হয়। নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক অক্টোবৰ বিপ্লৱ বোলাৰ প্ৰধান কাৰণ হৈছে- ৰুছিয়াত প্ৰচলিত গ্ৰীক অৰ্থোডস্ক গিৰ্জাৰ কেলেণ্ডাৰ ইংলেল্ডৰ গ্ৰেগৰীয়ান কেলেণ্ডাৰতকৈ ১৩ দিন পিছপৰা। ৰুছ কেলেণ্ডাৰ মতে বলছেভিক বিপ্লৱৰ তাৰিখ ২৪ অক্টোবৰ। সেয়ে এই বিপ্লৱক বোলা হয়।
(ঞ) ‘বনুৱাৰ একনায়কত্ব’ কি?
উত্তৰঃ ‘বনুৱাৰ একনায়কত্ব’ মানে হৈছে পাৰ্টিৰ একনায়কত্ব। সমাজবাদৰ মূল প্ৰৱক্তা কালমাৰ্ক্সৰ মতে পাৰ্টিয়ে হৈছে ৰাষ্ট্ৰৰ স্বত্বাধিকাৰী তথা মালিক। চৰকাৰৰ আইন আৰু কাৰ্যপন্থা পাৰ্টি বা বনুৱাই নিৰ্ধাৰণ কৰিব লাগে আৰু নিৰ্বাচন ব্যৱস্থাও পাৰ্টিয়ে কৰিব লাগে। কালমাৰ্ক্সৰ মতে বিশ্বত শ্ৰমিক ৰাষ্ট্ৰ স্থাপন হ’ব লাগে। বনুৱাৰ একনায়কত্বৰ জৰিয়তে কাৰ্লমাৰ্ক্সৰ আধুনিক সমাজবাদৰ ব্যখ্য আৰু সাম্যভাবৰ ধাৰণাটো স্পষ্টভাৱে বৰ্ণনা কৰিছে। কমিউনিষ্ট পাৰ্টিৰ যোগেদি শ্ৰমিক শ্ৰেণীক লগত লৈ কাৰ্লমাৰ্ক্সে ৰাছিয়াত সাম্যবাদী চৰকাৰ গঠনৰ প্ৰচেষ্টা চলাইছিল।
৩। ৰচনাধৰ্মী প্ৰশ্ন:
(ক) ৰুছ বিপ্লৱৰ আগতে ৰুছিয়াৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ ১৫৪৭ চনত মস্কোৰ ৰাজকুমাৰ আইভান চতুৰ্থই জাৰ বা সম্ৰাট পদত অধিস্থিত হোৱাৰ পূৰ্বে ৰাছিয়াত দাসপ্ৰথা নিৰ্ভৰ সৰু সৰু চহৰ কিছুমান গঢ়ি উঠিছিল আৰু ভূ-স্বামী বা অভিজাসকল সেই চহৰবিলাক স্বাধীনভাৱে শাসন কৰিছিল। চতুৰ্থ আইভানে ভূ-স্বামী আৰু অভিজাতসকলক দমন কৰি ঐক্যবদ্ধ ৰাছিয়া এখন সৃষ্টি কৰিছিল যদিও এই প্ৰচেষ্টা দীৰ্ঘস্থায়ী নহ’ল। অষ্টাদশ শতিকাত শক্তিশালী জাৰ পিটাৰৰ সবল নেতৃত্বত পুনৰ এখন ঐক্যৱদ্ধ ৰাছিয়া গঢ়ি উঠিছিল। ইয়াৰ পিছত কেইবাগৰাকীও জাৰৰ নেতৃত্বত ৰাছিয়াত শক্তিশালী ৰাজতন্ত্ৰই বিকাশ লাভ কৰিছিল। কিন্তু যেতিয়াই ৰাজশাসনত শিথিলতা আহিছিল, তেতিয়াই শোষণ-দমনৰ নীতিৰে ভূ-স্বামী আৰু অভিজাতসকলে মূৰ দাঙি উঠিছিল। এইবোৰে দেশখনৰ ঐক্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। সেইবাবেই জাৰসকলে স্বেচ্ছাচাৰী আৰু কঠোৰ ৰূপ ল’বলৈ বাধ্য হৈছিল আৰু এই স্বেচ্ছাচাৰিতাই কেতিয়াবা এনে ৰূপ লৈছিল যে জনসাধাৰণৰ জীৱন-নিৰ্বাহো বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হৈছিল।
ৰাছিয়াৰ জনসাধাৰণ বিপ্লৱমুখী হোৱাৰ ক্ষেত্ৰত কেনে ধৰণৰ ৰাজনৈতিক পৰিৱেশ দায়ী হয়, সেই বিষয়ে আলোচনা কৰা হ’ল:
প্ৰথমতে, জাৰসকল আছিল একনায়কত্ববাদী। এওঁলোকৰ নিয়ন্ত্ৰণত থকা একোখন চিনেটে এওঁলোকক ৰাজকাৰ্যত সহায় কৰিছিল।
দ্বিতীয়তে, জাৰৰ সমৰ্থন লাভ কৰা এচাম ভূ-স্বামী আৰু অভিজাতে সমগ্ৰ ৰাছিয়াতে কৃষকসকলৰ ওপৰত প্ৰচশু সামন্ততান্ত্ৰিক শোষণ চলাইছিল। আকৌ, ঊনবিংশ শতিকাৰ শেষফালে ৰাছিয়াত কল-কাৰখানাৰ বিকাশ ঘটিছিল। জাৰসকলে ইয়াৰ শ্ৰমিকসকলৰ অৱস্থাৰ প্ৰতি অকণো গুৰুত্ব দিয়া নাছিল; বৰং কাৰখানাৰ মালিকসকলৰ অধিক লাভৰ প্ৰতিহে গুৰুত্ব দিছিল। তৃতীয়তে, ফৰাচী বিপ্লৱৰ পাছত ইউৰোপত যি ৰাজনৈতিক পৰিৱৰ্তন আহিছিল, সেই পৰিৱৰ্তনৰ সুফল ৰাছিয়াৰ জনসাধাৰণে লাভ কৰা নাছিল; কিয়নো জাৰসকল ৰক্ষণশীল স্বভাৱৰ আছিল। চতুৰ্থতে, ৰাছিয়া এখন বহুজাতিক দেশ। এই দেশ বহু জনগোষ্ঠী আৰু বহু সাংস্কৃতিক গোষ্ঠীৰ মিলনভূমি। কিন্তু জাৰসকলে এই বিবিধতা আৰু বৈশিষ্ট্যৰ মৰ্যাদা অস্বীকাৰ কৰি জোৰ-জুলুমেৰে আটাইতকৈ ৰুছ জাতিৰ লগত চামিল কৰিছিল। ইয়ে বহু জাতিৰ মৰ্যাদা ক্ষুণ্ণ কৰি ক্ষোভৰ সৃষ্টি কৰিছিল।
(খ) ১৯০৫ চনৰপৰা বলছেভিক বিপ্লৱলৈকে ৰুছিয়াৰ আভ্যন্তৰীণ অৱস্থা বৰ্ণনা কৰা।
উত্তৰঃ ১৯০৫ চনত বিপ্লৱীসকলে জাৰৰ অবাধ স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাক নিয়মতান্ত্ৰিক শৃংখলাৰে আবদ্ধ কৰিব বিচাৰিছিল আৰু নিৰুপায় সম্ৰাটে তাত সন্মতিও দিছিল। ফলত নিয়মতান্ত্ৰিক আন্দোলনৰ নেতাসকল ব্যৰ্থ হ’ল আৰু সন্তাসবাদী বলছেভিক নেতাসকলে আন্দোলনৰ গুৰি ধৰে। এনেতে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় আৰু সকলো ক্ষেত্ৰত ৰুছ সৈন্য বিপৰ্যস্ত হোৱাত ১৯১৭ চনত অক্টোবৰ বিপ্লৱৰ জৰিয়তে দ্বিতীয় নিকোলাছক সিংহাসনৰ পৰা আঁতৰাই বন্দী কৰা হয় আৰু বলছেভিকসকলে ক্ষমতা দখল কৰে। এইটো আছিল বিপ্লৱৰ দ্বিতীয় পৰ্যায়। দ্বিতীয় নিকোলাছৰ ৰাজত্বকালত ১৯০৪-০৫ চনত জাপানৰ সৈতে ৰাছিয়াৰ যুদ্ধ আৰম্ভ হৈছিল আৰু এই যুদ্ধত ৰুছিয়াৰ অভাৱনীয় পৰাজয় ঘটিছিল। কাৰণ বুলি ভাবি ৰজাৰ বিৰুদ্ধে দেশজুৰি ব্যপক আন্দোলন আৰম্ভ কৰিছিল।
দ্বিতীয় নিকোলাছৰ ৰাজত্বকালত এহাতে যেতিয়া প্ৰজাসাধাৰণৰ ওপৰত চৰকাৰী নিৰ্যাতনৰ মাত্ৰা চূড়ান্ত পৰ্যায় পাইছিলগৈ আৰু শিল্পপতি ব্যৱসায়ীসকলৰ লগত শ্ৰমিক সংগঠনসমূহেও নিৰ্যাতনৰ ওৰ পেলাবলৈ ক্ষমতাৰ হস্তান্তৰৰ বাবে উদগ্ৰীব হৈ পৰিছিল, ঠিক তেনেতে ১৯০৪ চনত জাপানৰ সৈতে ৰুছিয়াৰ যুদ্ধ আৰম্ভ হ’ল। ক্ষুদ্ৰ শক্তি জাপানৰ হাতত সু-বৃহৎ ৰুছিয়াৰ অভাৱনীয় পৰাজয় ঘটিল। তাৰ বাবে ৰুছ চৰকাৰে পাঁচ হেজাৰ মানুহক বিনা বিচাৰে নিৰ্বাসিত বা বন্দী কৰে। এনেবোৰ কাৰণতে দেশব্যপী তীব্ৰ আন্দোলন আৰম্ভ হয়। দেশৰ বিভিন্ন অংশৰ জেমছ-ভোবোৰ সন্মিলিতভাৱে চৰকাৰৰ ওচৰত ১১ দফীয়া দাবী প্ৰেৰণ কৰে।
১৯০৫ চনৰ ১৫ জানুৱাৰীত ব্যপক ধৰ্মঘট আৰম্ভ হয়। ২২ জানুৱাৰী দেওবাৰে ফাদাৰ গেপন নামে এগৰাকী ধৰ্মযাজকৰ নেতৃত্বত পেট্ৰোগ্ৰাডত ধৰ্মঘটকাৰী শ্ৰমিকসকলৰ এটি শোভাযাত্ৰাৰ ওপৰত সেনাই গুলি চলোৱাত বহু শ্ৰমিক হতাহত হয়। বিপ্লৱৰ ইতিহাসত উক্ত ঘটনাটো ‘ৰক্তাক্ত দেওবাৰ’ নামে জনাজাত। পৰিনামত সমগ্ৰ ৰুছিয়াত বিপ্লৱাত্মক হিংস্ৰ আন্দোলন আৰম্ভ হয়। জমিদাৰ শ্ৰেণীৰ সম্পত্তি, ঘৰ-দুৱাৰ ধ্বংস কৰা হ’ল, পুলিচ, চৰকাৰী কৰ্মচাৰী, গুপ্তচৰ আদিক হত্যা কৰা হ’ল। আনকি সম্ৰাটৰ খুড়াক ডিউক লয়াছকো হত্যা কৰা হ’ল। ১৯০৫ চনৰ ৩ মাৰ্চ তাৰিখে জাতীয় সভা তথা ‘ডুমা’ আহ্বান কৰা হ’ল। দুমাহ পাছত ‘বুলিঘিন শাসনতন্ত্ৰ অনুসাৰে জাতীয় সভাৰ ঠাইত এখন ‘ইম্পিৰিয়েল ডুমা’ স্থাপন কৰা হ’ল। আন্দোলনকাৰীসকলে এই সংবিধান অগ্ৰাহ্য কৰি ব্যপক ৰাজনৈতিক ধৰ্মঘট আৰম্ভ কৰে। অৱশেষত ১৯০৫ চনৰ ৩০ অক্টোবৰত নিকোলাছে এটি ঘোষণাৰ দ্বাৰা ডুমাক আইন প্ৰণয়নৰ সম্পূৰ্ণ ক্ষমতা দিয়ে আৰু কৃষক-শ্ৰমিক নিৰ্বিশেষে সকলো ৰুছিয়াবাসীক ভোটাধিকাৰ দিয়ে। ১৯০৫ চনৰ ২৪ ডিচেম্বৰত এটি চৰকাৰী আদেশৰ জৰিয়তে এই ঘোষণা কাৰ্যকৰী কৰা হয়।
(গ) ১৯১৭ চনত ৰুছ বিপ্লৱৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ ১৯১৭ চনত ৰুছ বিপ্লৱৰ কাৰণবোৰ হ’ল-
(১) ফৰাছী বিপ্লৱৰ প্ৰভাৱ: যুগ যুগ ধৰি অকলশৰীয়া হৈ থকা ৰুছিয়াই পশ্চিমীয়া ইউৰোপীয় সভ্যতা-সংস্কৃতিৰপৰা আঁতৰত থাকি আধুনিক ভাবধাৰাৰ সৈতে পৰিচিত হ’ব পৰা নাছিল। নেপোলিয়ন বোনাপাৰ্টৰ সৈতে হোৱা যুদ্ধত ৰুছ সেনা-কৰ্মচাৰী কিছুমানে ভালেখিনি দিন ফ্ৰান্সত থকাৰ সময়ত উদাৰনৈতিক, ভাবধাৰাৰ সৈতে পৰিচিত হয়। কিন্তু এইবোৰ মুষ্টিমেয় আদৰ্শবাদীয়ে ৰুছিয়াৰ বিপুল জনসংখ্যাৰ কু-সংস্কাৰচ্ছন্ন অশিক্ষিত সমাজৰ ওচৰত কোনো প্ৰভাৱ জগাব নোৱাৰিলে।
(২) ৰুছিয়াৰ মধ্যযুগীয়া স্বৈৰতান্ত্ৰিক শাসন: এই বিপ্লৱৰ অন্যতম ঘাই কাৰণ। ৰজাৰ ইচ্ছাই আছিল দেশৰ আইন। সৰহভাগ সম্ৰাটেই আছিল প্ৰতিক্ৰিয়াশীল। স্বেচ্ছাচাৰিটা অক্ষুন্ন ৰাখিবলৈ তেওঁলোকে গুপ্তচৰ, বাতৰি কাকতৰ কন্ঠৰোধ, নিৰ্বাসন, শিক্ষা-ব্যৱস্থা নিয়ন্ত্ৰণ আদি উপায়সমূহ গ্ৰহণ কৰিছিল।
(৩) দুৰ্নীতিপৰায়ণ আমোলাতন্ত্ৰই জনসাধাৰণৰ দুৰ্ভাগ কুলায়-পাচিয়ে নধৰা কৰিছিল। চাকৰি কিনিবলগীয়া হোৱাত কৰ্মচাৰীসকল খোলাখুলিভাৱে দুৰ্নীতিত লিপ্ত আছিল।
(৪) ৰুছিয়াৰ ভূমি ব্যৱস্থা সভ্য জগতৰ বৰ্হিভূত আছিল। জনসংখ্যাৰ সৰহভাগেই আছিল ভূমিহীন চাৰ্ফ বা ভূমিদাস। সম্ৰাট, অভিজাত আৰু যাজক শ্ৰেণীৰ অধীনত তেওঁলোকে খেতি কৰিছিল।
(৫) শিল্প বিপ্লৱ ৰুছিয়াত পলমকৈ আৰম্ভ হ’লেও জাৰ দ্বিতীয় আলোকজেণ্ডাৰৰ দিনৰপৰা দ্বিতীয় নিকোলাছৰ ৰাজত্বকালৰ ভিতৰত অতি দ্ৰুত গতিত আগবাঢ়ে। বিদেশী মূলধন আৰু প্ৰযুক্তিৰে ৰুছিয়াৰ বিপুল পৰিমাণৰ প্ৰাকৃতিক সম্পদ কামত লগোৱাত শিল্প বিপ্লৱে ব্যপকভাৱে দেখা দিয়ে।
(৬) ফৰাছী বিপ্লৱৰ দৰে ৰুছ বিপ্লৱতো লেখকসকলৰ যথেষ্ট অৰিহনা আছিল। জাৰ প্ৰথম নিকোলাছে অতি কঠোৰ প্ৰতিক্ৰিয়াশীল শাসন চলাওঁতে প্ৰজাসাধাৰণৰ দৃষ্টি আনপিনে আকৰ্ষিত কৰিবলৈ স্থানীয় লেখকসকললৈ উদাৰ পৃষ্ঠপোষকতা আগবঢ়ায়।
(৭) স্বৈৰতান্ত্ৰিক সামৰিক বাহিনীৰ কান্ধত ভেজা দিহে তিষ্ঠি থাকে। ১৯০৫ চনত জাপানৰ হাতত পৰাজয়ৰ পিছত এই সেনাৰ দুৰ্বলতা প্ৰকাশ হৈ পৰে।
(৮) আধুনিক বিশ্বত ৰাজনৈতিক দলৰ যোগেদিহে যিকোনো আন্দোলন আগবাঢ়ে। ৰুছিয়াত ১৮৮৩ চনৰ পৰাহে ৰাজনৈতিক দলৰ উদ্ভৱ হয়। ভালেমান ৰাজনৈতিক দল একগোট হৈ ১৮৯৮ চনত কাৰ্ল মাৰ্ক্সৰ সমাজবাদৰ আৰ্হিত ‘ৰুছিয়ান ছোচিয়েলিষ্ট ডেমোক্ৰেটিক লেবাৰ পাৰ্টি’ গঠন কৰে।
(৯) ৰুছ বিপ্লৱৰ তৎকালীন কাৰণ আছিল প্ৰথম বিশ্বযুদ্ধ। ১ কোটি ৫০ লাখ সেনাৰ বিশ্বৰ সৰ্ববৃহৎ সৈন্যদলৰ ৰুছিয়াই অতি দম্ভেৰে বিশ্বযুদ্ধত লিপ্ত হয়। কিন্তু প্ৰস্তুতিৰ অভাৱ আৰু খাদ্যভাৱৰ ফলত প্ৰথম বছৰতে ১০ লাখ ৰুছ সৈন্যৰ মৃত্যু হয় আৰু ১ লাখ ৫০ হেজাৰ বন্দী হয়।
(১০) প্ৰথম বিশ্বযুদ্ধই আন প্ৰকাৰেও বিপ্লৱলৈ বৰঙণি যোগায়। চৰকাৰে ডেকাসকলক বলপূৰ্বক সৈন্যবাহিনীত যোগ দিবলৈ বাধ্য কৰাত কৃষিকাৰ্য আৰু শিল্পক্ষেত্ৰত তাৰ প্ৰভাৱ পৰে। খাদ্যৰ উৎপাদন কমি যোৱাত সমগ্র জাতিটো খাদ্যভাৱত ভুগিবলগীয়া হয়।
(১১) লেনিন, ট্ৰটস্কি আৰু ষ্টেলিনৰ দৰে নেতাৰ অসামান্য নেতৃত্বও বিপ্লৱৰ সাফল্যলৈ প্ৰভুত অৰিহণা যোগাইছিল।
(ঘ) বিপ্লৱৰ আম্ভণিতে গঠিত অস্থায়ী চৰকাৰৰ কাৰ্যকালৰ এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ ১৯১৭ চনত সংঘটিত হোৱা মাৰ্চৰ বিপ্লৱে ৰুছ জাৰতন্ত্ৰৰ পতন ঘটাইছিল যদিও দেশৰ শাসন-ব্যৱস্থা জনসাধাৰণৰ হাতলৈ অহা নাছিল। ১৯১৭ চনৰ ১৫ মাৰ্চত জাৰ নিকোলাছৰ পদত্যাগৰ পাছতেই ডুমাই পেট্ৰোগ্ৰাডৰ ছোভিয়েটৰ সৈতে আলোচনা কৰি এখন অস্থায়ী চৰকাৰ গঠন কৰিছিল। অস্থায়ী চৰকাৰখনৰ প্ৰধানমন্ত্ৰী আছিল প্ৰিন্স জৰ্জ ল্বব, বৈদেশিক মন্ত্ৰী আছিল মিশু্যকভ, যুদ্ধমন্ত্ৰী আছিল গুচকভ আৰু চৰকাৰখনৰ আইন মন্ত্ৰী আছিল আলকজেণ্ডাৰ কেৰেনস্কি।
অস্থায়ী চৰকাৰ গঠন কৰিয়েই তেওঁলোকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত গঠন কৰা সংবিধান সভাই ভৱিষ্যৎ চৰকাৰৰ কৰ্ম নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগতে সংগঠনৰ স্বাধীনতা, বাতৰি, কাকত আৰু মুকলিকৈ মত প্ৰকাশৰ স্বাধীনতা তথা ধৰ্মীয় স্বাধীনতা প্ৰদানৰ ঘোষণা চৰকাৰে কৰিছিল। অস্থায়ী চৰকাৰৰ সদস্যসকলে দেশ গঠনৰ কাৰ্যসূচীত একমত হ’ব নোৱাৰাৰ বাবে ১৯১৭ চনৰ এপ্ৰিল মাহত বিদেশমন্ত্ৰী আৰু যুদ্ধমন্ত্ৰীয়ে পদত্যাগ কৰে। দেশৰ বিভিন্ন ঠাইত শ্ৰমিক আৰু কৃষকৰ অসংখ্য ছোভিয়েট গঠিত হৈ দেশত আমূল সংস্কাৰৰ দাবী কৰিলে। দেশত শান্তি, খাদ্য আৰু মাটিৰ দাবীত জনতা পুনৰ উত্ৰাৱল হোৱাত অস্থায়ী চৰকাৰ বিমোৰত পৰি উপায়হীন হৈ ১৯১৭ চনৰ আগষ্ট মাহত প্ৰধান মন্ত্ৰী প্ৰিন্স ল্ববে পদত্যাগ কৰিলে।
১৯১৭ চনত বহা ৰুছ ছোভিয়েট কংগ্ৰেছৰ জৰিয়তে ৰুছ ছোভিয়েটবোৰ একত্ৰিত হ’ল আৰু লেনিনে এই সংগঠনটোৰ গুৰি ধৰিলে। লেনিনে ছোভিয়েটৰ নেতৃত্ব গ্ৰহণ কৰি সকলো ক্ষমতা ছোভিয়েটৰ হস্তগত হ’ব লাগে বুলি ঘোষণা কৰিলে। আনফালে ট্ৰাটাস্কি নামে আন এগৰাকী বিপ্লৱী নেতাই বলছেভিক-সকলৰ নেতৃত্বত প্ৰলেটেৰিয়টৰ একনায়কত্ব প্ৰতিষ্ঠিত হ’ব লাগে বুলি ঘোষণা কৰাত সৈনিকসকল বলছেভিক দলৰ সমৰ্থকত পৰিণত হ’ল।
এনেদৰে অস্থায়ী চৰকাৰে কাৰ্যকাল চলাই বলছেভিকসকলক সন্মত কৰাবপৰা নাছিল। বলছেভিকসকলে অস্থায়ী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰকাৰ্য চলাইছিল আৰু চৰকাৰী সেনা পক্ষ বলছেভিকৰ লগ লগাত তেওঁলোকে অস্থায়ী চৰকাৰৰ কাৰ্যালয় “শীত প্ৰাসাদ” অবৰোধ কৰিছিল আৰু সকলো মন্ত্ৰীক বন্দী কৰিছিল। এনে অৱস্থাত ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে অস্থায়ী চৰকাৰৰ পতন হৈছিল আৰু লেনিনে বলছেভিক দলৰ নেতৃত্বত ৰুছিয়াত চৰকাৰ গঠন কৰিছিল।
(ঙ) বলছেভিক বিপ্লৱৰ ফলাফলসমূহ আলোচনা কৰা।
উত্তৰঃ বলছেভিক বিপ্লৱৰ ফলাফলসমূহ হ’ল-
(ক) ৰাজনৈতিক ফলাফল: ১৯১৭ চনৰ সফলতাৰ পাছত ১৯১৮ চনত এখন নতুন সংবিধান ৰচনা কৰি আগৰ ‘কমিচাৰৰ কাউন্সিল’ৰ ঠাইত ছোভিয়েট ৰিপাব্লিক প্ৰতিষ্ঠা কৰা হ’ল। নতুন চৰকাৰে সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিলে। কল-কাৰখানা, ৰেলসেৱা, বেংক, বাণিজ্য আদি জাতীয়কৰণ কৰা হ’ল।
(খ) সামাজিক ফলাফল: সমাজতান্ত্ৰিক বিপ্লৱে ৰাছিয়াত এখন শোষণযুক্ত সমাজ গঢ়ি তুলিলে। সংখ্যাগৰিষ্ঠ জনগণৰ আৰ্থিক স্বাধীনতাৰ মাজেৰে জনতাৰ অভাৱ, দুৰ্ভিক্ষ সকলো আঁতৰি গ’ল। কৃষকসকলে ১৫ কোটি হেক্ট্ৰৰতকৈও অধিক নিষ্কৰ মাটি পালে। উদ্যোগ প্ৰতিষ্ঠানৰ জাতীয়কৰণৰ যোগেদি শ্ৰমিকসকলেও শোষণৰপৰা মুক্তি লাভ কৰিলে।
(গ) অৰ্থনৈতিক ফলাফল: গৃহযুদ্ধৰ সময়ত ৰুছ দেশৰ জাতীয় আয় আশা কৰা মতে নাবাঢ়িল। বিদেশী শত্ৰুৱেও পাৰে মানে লুট কৰিলে। ১৯২০ চনৰ খৰাং বতৰেও ৰুছ অৰ্থনীতিত মাধমাৰ শোধালে। কাৰণ ইতিমধ্যে জাতীয়কৰণৰ যোগেদি বৃহৎ উদ্যোগ কাৰখানা আৰু খেতি-মাটি ৰাজহুৱা কৰা হৈছিল। কালক্ৰমত ৰাছিয়া এখন সুস্থিৰ ধনী দেশত পৰিণত হ’ল।
(চ) বলছেভিক বিপ্লৱত লেনিনৰ ভূমিকাৰ বিৱৰণ দিয়া।
উত্তৰঃ লেনিন আছিল বলছেভিক বিপ্লৱৰ প্ৰধান গুৰি ধৰোতা। ছাত্ৰ অৱস্থাৰ পৰাই লেনিনে মাৰ্ক্সবাদী আদৰ্শৰ প্ৰতি আকৰ্ষিত হয়। ১৯১৭ চনত লেনিনে চুইজাৰলেশুৰ পৰা নিজ দেশলৈ উভতি আহে আৰু নৱেম্বৰ মাহত বলছেভিক বিপ্লৱত অংশগ্ৰহণ কৰি তেওঁ জাৰ্মানীৰ সৈতে যুদ্ধ বন্ধ কৰে আৰু ১৯১৮ চনত স্থায়ী সন্ধিত চহী কৰে।
লেনিনে চুইজাৰলেশুত নিৰ্বাসিত জীৱনৰপৰাই ৰুছিয়াৰ বলছেভিক আন্দোলন চলাই গৈছিল। মাৰ্চ মাহত হোৱা বিপ্লৱৰ সুযোগ লৈ জাৰ্মানীৰ সহায়ত লেনিনে ছদ্মবেশে ছুইডেন আৰু ফিনলেশু হৈ পেট্ৰোগ্ৰাডত উপস্থিত হয় আৰু ছোভিয়েটৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে কেৰেনস্কিৰ চৰকাৰ পতন হোৱাৰ লগে লগে পেট্ৰোগ্ৰাড ছোভিয়েটে ক্ষমতা দখল কৰি চৰকাৰলৈ ৰূপান্তৰিত হয়।
তেওঁ সকলো ব্যক্তিগত সম্পত্তি চৰকাৰৰ আয়ত্বলৈ আনি খেতিয়কক প্ৰয়োজনৰ জোখাৰে খেতি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। খেতিয়কসকলে উদ্বৃত্ত উৎপাদন চৰকাৰক সোধাবলগীয়াটো বাধ্যতামূলক কৰিছিল আৰু সকলো লোকে শ্ৰম কৰাটো বাধ্যতামূলক কৰাত দেশত কৃষি উৎপাদন তথা ব্যৱসায়-বাণিজ্যত বিৰূপ প্ৰভাৱ পৰিছিল। লেনিনে দেশৰ উন্নতিৰ অৰ্থে চূড়ান্ত ক্ষতি স্বীকাৰ কৰিও জাৰ্মানীৰ সৈতে ব্ৰেষ্ট-লিটভস্ক চুক্তি কৰিছিল আৰু দেশত শান্তি স্থাপন কৰিছিল।
বলছেভিক বিপ্লৱক সফল কৰাৰ অৰ্থে লেনিনে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু কেইবাবাৰো নিৰ্বাসিত হ’বলগীয়া হৈছিল।
(ছ) কাৰ্লমাৰ্ক্সৰ জীৱন আৰু মতবাদৰ চমু আলোচনা কৰা।
উত্তৰঃ জাৰ্মানীৰ এক মধ্যবিত্ত পৰিয়ালত ১৮১৮ চনত কাৰ্লমাৰ্ক্সৰ জন্ম হয়। জাৰ্মানীৰ বন আৰু বাৰ্লিন বিশ্ববিদ্যালয়ত তেওঁ আইন অধ্যয়ন কৰে। কিন্তু ইতিহাস আৰু হেগেলৰ দৰ্শনহে তেওঁৰ অধিক প্রিয় আছিল। শিক্ষা লাভৰ পাছত তেওঁ সমাজতন্ত্ৰী হৈ উঠে। জাৰ্মানীৰ অভিজাত বংশৰ জেনি-ভন-ওয়েষ্টফেলিনক তেওঁ বিয়া কৰায়। ২৪ বছৰ বয়সতে তেওঁ এখন উগ্ৰপন্থী বাতৰি কাকত সম্পাদনা কৰে। কিন্তু তেওঁৰ মতবাদত অসন্তুষ্ট প্ৰুছিয়ান চৰকাৰে তেওঁক নিৰ্বাসিত কৰে।
ফৰাছী চৰকাৰেও ১৮৪৫ চনত মাৰ্ক্সক বহিষ্কাৰ কৰে। তেওঁ ব্ৰুছেলছলৈ আহি তেওঁৰ বিখ্যাত ‘কমিউনিষ্ট মেনিফেষ্টো’ নামেৰে হস্তাহাৰ প্ৰকাশ কৰে। এয়েই আছিল আধুনিক সমাজবাদৰ প্ৰথম বিজ্ঞানসন্মত ব্যখ্য। ‘মেনিফেষ্টো’ৰ প্ৰথম কথাই হ’ল, ‘মানৱ সমাজৰ ইতিহাস শ্ৰেণী সংগ্ৰামৰ নামান্তৰ মাথোন।’ এই সমাজবাদক তেওঁ ‘সাম্যবাদ’ নাম দিয়ে। ১৮৪৮ চনত তেওঁ জাৰ্মানীলৈ ঘূৰি গৈ সাম্যবাদী আন্দোলন আৰম্ভ কৰে। ফলত তেওঁ আকৌ নিৰ্বাসিত হয় আৰু লণ্ডনলৈ গৈ বাকী জীৱন তাতেই কটায়। লণ্ডনতে তেওঁৰ শ্রেষ্ঠ গ্ৰন্থ ‘ডাছ কেপিটেল’ প্ৰকাশিত হয়। ১৮৮৩ চনত তেওঁৰ মৃত্যু হয়।
মতবাদ: ঘাইকৈ কেইটামান সূত্ৰৰ ওপৰত মাৰ্ক্সীয় সমাজবাদ প্ৰতিষ্ঠিত।
প্ৰথমতে, ইতিহাসৰ ব্যখ্য কৰি তেওঁ কৈছে যে মানুহৰ জীৱনৰ মূল ভেটি হ’ল অৰ্থনৈতিক আৰু বিভিন্ন শ্রেণীৰ অৰ্থনৈতিক স্বাৰ্থ আদায়ৰ সংঘাতেই হ’ল ইতিহাস।
দ্বিতীয়তে, মাৰ্ক্সৰ মতে অৰ্থ শ্ৰমিকৰ শ্ৰমৰ ফল, সেয়ে অৰ্থৰ মাপকাঠি হ’ল শ্ৰম। গতিকে শ্ৰমৰ অনুপাতে অর্থ বণ্টন হোৱা উচিত।
তৃতীয়তে, বিশ্বত শ্ৰমিক ৰাষ্ট্ৰ স্থাপন হ’ব লাগে। আন্তৰ্জাতিক আবেদন সমাজবাদৰ অন্যতম বৈশিষ্ট্য।
(জ) কমিউনিষ্ট সংবিধানৰ বৰ্ণনাৰ কৰা।
উত্তৰঃ কমিউনিষ্ট সংবিধান বলছেভিকসকলে মাৰ্ক্সীয় আৰ্হিত প্ৰস্তুত কৰিছিল। ১৯১৮ চনত অনুষ্ঠিত হোৱা পাৰ্টি কংগ্ৰেছত বলছেভিক নামটোৰ পৰিৱৰ্তে কমিউনিষ্ট শব্দটো প্ৰয়োগ কৰা হয়। চৰকাৰৰ আইন আৰু কাৰ্যপন্থা পাৰ্টিয়ে নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হ’ল কাৰণ তেতিয়াৰ পৰা পাৰ্টিয়ে হৈছে ৰাষ্ট্ৰৰ স্বতাধিকাৰী বা মালিক।
পাৰ্টিৰ একনায়কত্ব হৈছে মাৰ্ক্সৰ নিৰ্দিষ্ট শ্ৰমিকৰ একনায়কত্ব। কমিউনিষ্ট পাৰ্টিৰ সদস্য পদৰ বাবে মাৰ্ক্স-লেনিনৰ প্ৰতি আকুণ্ঠ সমৰ্থন আৰু নিৰ্ধাৰিত সময়ৰ বাবে ‘শিকাৰ’ হিচাপে দক্ষতাৰ পৰিচয় দিয়াটো বাধ্যতামূলক কৰা হ’ল। কমিউনিষ্ট সংবিধানৰ মতে- প্ৰতিটো কাৰখানা আৰু গাঁৱত পাৰ্টিৰ একো একোটা ‘গোট’ বা ‘চেল’ থাকিব আৰু এই চেলবোৰৰ প্ৰতিনিধিৰে আঞ্চলিক কমিটি গঠন কৰা হ’ব। আকৌ আঞ্চলিক কমিটিবোৰৰ প্ৰতিনিধিসকলে “সৰ্বছোভিয়েট ছোভিয়েট ৰিপাব্লিকবোৰৰ ইউনিয়ন” বা চমুকৈ ইউ. এছ. এছ. আৰ গঠন কৰিব। এই কেন্দ্ৰীয় কমিটিয়েই হৈছে পাৰ্টিৰ বিধানমণ্ডল। কেন্দ্ৰীয় কমিটিত থকা পলিটব্যুৰোটো হৈছে সৰ্বোচ্চ কাৰ্যপালিকা। ৰুছিয়াত কমিউনিষ্ট সংবিধান কাৰ্যকৰী হোৱাৰ পাছৰে পৰা দেশখনে অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিলে আৰু জনসাধাৰণে সামূহিকভাবে আৰ্থিক নিৰাপত্তা লাভ কৰিলে। কমিউনিষ্ট সংবিধান মতে ৰুচিয়াৰ প্ৰতিখন চহৰ আৰু জিলাত একোটাকৈ শ্ৰমিক পৰিষদ বা ছোভিয়েট গঠন কৰা হয় আৰু আঞ্চলিক তথা প্ৰাদেশিক ছোভিয়েটবোৰৰ প্ৰতিনিধিবোৰেৰে নিখিল ৰুছ ছোভিয়েট বা কংগ্ৰেছ গঠিত হয় আৰু ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা এই কংগ্ৰেছৰ ওপৰত বয়সৰ ওপৰৰ সকলো নাগৰিককে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হয় আৰু তেতিয়াৰ পৰা ছোভিয়েট ৰুছিয়াৰ অন্তৰ্গত সকলো ৰাজ্যতে কমিউনিষ্ট সংবিধান প্ৰৱৰ্তন কৰা হয়।