Class 9 Elective History Chapter 3 শিল্প বিপ্লৱ

Class 9 Elective History Chapter 3 শিল্প বিপ্লৱ Question Answer, SEBA Class 9 Elective History Notes in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective History Chapter 3 শিল্প বিপ্লৱ Solutions and select need one.

Class 9 Elective History Chapter 3 শিল্প বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective History Chapter 3 শিল্প বিপ্লৱ Notes for All Subject, You can practice these here.

শিল্প বিপ্লৱ

Chapter – 3

ইতিহাস

১। ৰচনাত্মক প্ৰশ্ন:

(ক) শিল্প বিপ্লৱ বুলিলে কি বুজা? এই বিপ্লৱ হোৱাৰ কাৰণ কি?

উত্তৰঃ অভাৱেই আৱিষ্কাৰৰ মূল। অভাৱবোধে মানুহক সেইবোৰ আঁতৰাবলৈ উপায় উদ্ভাৱনৰ বাবে উৰদ্গনি যোগায়। প্ৰাকৃতিক দুৰ্যোগৰপৰা ৰক্ষা পাবলৈ মানুহে জুই আবাস, কৃষি, বিভিন্ন চিকাৰৰ আহিলাপাতি আদি লাহে লাহে আৱিষ্কাৰ কৰে। মানুহৰ চাহিদা মধ্যযুগলৈকে আজিৰ দৰে ব্যাপক নাছিল। লগাখিনিৰ ঘৰতে উৎপাদন কৰিব পাৰিছিল। এই উদ্যোগত পৰিয়ালৰ অন্যান্য সদস্যসকলে সহযোগ কৰিছিল। এই পদ্ধতিৰ উদ্যোগকে শিল্প বিপ্লৱ বুলি কোৱা হয়।

এই বিপ্লৱ হোৱাৰ কাৰণ হ’ল-

প্ৰথমতে, ক্ষুদ্ৰ দ্বীপবাসী ইংলেশুৰ অধিবাসীসকলৰ বাবে প্ৰয়োজনীয় দ্ৰব্য সম্ভাৰ ঠাইতে পোৱা সম্ভৱ নাছিল। সেয়েহে বেপাৰ-বাণিজ্যত বাহিৰে এই অভাৱ পূৰণৰ অন্য উপায় নাছিল। তদুপৰি জলবেষ্টিত জাতি হিচাপে ইংৰাজসকলে নৌ-বিদ্যত পাৰদৰ্শী আছিল। গতিকে ব্যৱসায়-বাণিজ্যিত পটু ইংলেণ্ড অৰ্থোপাৰ্জনৰ লগতে বহি: বিশ্বৰ ঞ্জানো আন ইউৰোপীয় কৃষিকেন্দ্ৰীয় দেশতকৈ বেছি অর্জন কৰিছিল।

দ্বিতীয়তে, বেপাৰ-বাণিজ্যৰ পৰা লাভ কৰা অৰ্থ তেওঁলোকে অন্য দিশত পৰীক্ষা-নিৰীক্ষাৰ কামত প্ৰয়োগ কৰিব পাৰিছিল।

তৃতীয়তে, কৃষিৰ ক্ষেত্ৰত উন্নত পদ্ধতি উদ্ভাৱনৰ ফলত প্ৰান্তীয় কৃষকসকল ভূমিহীন হৈ পৰে। তেওঁলোক উপায়হীন হৈ শ্ৰমিক সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হ’বলৈ বাধ্য হয়। এইদৰে সমাজত শ্ৰমিক শ্ৰেণীৰ সৃষ্টি হয়। আনহাতে, এই শ্ৰম শক্তিক নিয়োগ কৰাটোও এটা গুৰুত্বপূৰ্ণ সমস্যা আছিল।

চতুৰ্থতে, স্পেইন আৰু পৰ্তুগালে আমেৰিকা, ভাৰত আদিৰ দৰে নতুন দেশ আৱিষ্কাৰ আগৰণুৱা আছিল যদিও সেই দেশবোৰৰ লগত বাণিজ্যক সুবিধা তথা উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ইংলেণ্ডৰ সাফল্যহে অধিক আছিল।

পঞ্চমতে, কল-কাৰখানাৰ বাবে অতি আপুৰুগীয়া বস্তু কয়লা আৰু লোৰ যোগানো ইংলেণ্ডত তেতিয়া যথেষ্ট আছিল আৰু সেইবোৰ নিচেই ওচৰা-ওচৰিকৈ থকাত ব্যৱহাৰৰ বাবে সূচল আছিল।

ষষ্ঠতে, কেঁচামাল আৰু উৎপন্ন বস্তুৰ পৰিবহন আছিল এটা ডাঙৰ সমস্যা। এই ক্ষেত্ৰত ইউৰোপীয় দেশবোৰৰ ভিতৰত নৌ-বিদ্যত সৰ্বশ্ৰেষ্ঠ ইংলেণ্ড অন্য দেশৰ তুলনাত বহুখিনি আগবাঢ়ি আছিল। গতিকে উদ্ভাৱনী প্ৰতিভা সম্পন্ন সক্ৰিয় উদ্যমী ইংৰাজসকলে মূলধন, শ্ৰমিক, কেঁচামাল আৰু বজাৰৰ লগতে পৰিবহণৰ সুবিধা পাই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

(খ) আন ঠাইত নহৈ প্ৰথমে ব্ৰিটেইনতে কিয় শিল্প বিপ্লৱ হ’বলৈ পালে?

উত্তৰঃ শিল্প-বিপ্লৱৰ সূচনা হয় ইংলেশুত। কিয়নো শিল্প-উদ্যেগৰ প্ৰসাৰণৰ কাৰণে যিবোৰ সুবিধাৰ দৰকাৰ, সেই আটাইবোৰে ইংলেণ্ডত আছিল।

প্ৰথমতে, কথা হ’ল ইংলেণ্ড এখন ধনী দেশ। তাত অলেখ পুঁজিপতি লোক আছে। এই লোকসকলে উদ্যেগ স্থাপনৰ বাবে প্ৰয়োজনীয় ধন বিনিয়োগ কৰিব পাৰিছিল।

দ্বিতীয়তে, ইংলেণ্ডত উদ্যেগৰ বাবে প্ৰয়োজনীয় লো, কয়লা আদি যথেষ্ট পৰিমাণে আছিল। ইয়াৰ ফলত বৃহৎ উদ্যেগ গঢ়ি তোলাটো সহজসাধ্য হৈছিল।

তৃতীয়তে, ইংলেণ্ডত ব্যক্তিগত খশুত উদ্যেগ স্থাপনত কোনো বাধা নাছিল। এনে ক্ষেত্ৰত অৰ্থনৈতিক সামৰ্থ অনুসাৰে উদ্যেগীসকলে বৃহৎ উদ্যোগ স্থাপনত আগবাঢ়ি আহিছিল  অধিক মুনাফাৰ আশাত।

চতুৰ্থতে, এসময়ত ব্ৰিটিছ উপনিৱেশসমূহ সমগ্ৰ পৃথিৱীতে বিস্তৃত হৈ আছিল। সেইবাবে শিল্পাদ্যেগত উৎপাদিত পণ্যসমূহ বিক্ৰী কৰিবলৈ এখন সু-বৃহৎ বজাৰ তেওঁলোকৰ আছিল।

পঞ্চমতে, ইংলেণ্ডৰ মানুহবোৰ উদ্যমী, ব্যৱসায়ী মনোভাৱযুক্ত আৰু সাহসী। তেওঁলোকে পৃথিৱীৰ চুকে-কোণে কেঁচামালৰ সংগ্ৰহ আৰু উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ পিছ হুহকি নাহিছিল। নানান যন্ত্ৰপাতি আৰু সুগম যাতায়ত ব্যৱস্থা তথা জলস্থল পথ আৱিষ্কাৰে এই ক্ষেত্ৰত তেওঁলোকক যথেষ্ট সহায় কৰিছিল।

ষষ্ঠতে, ইংলেণ্ডৰ জলবায়ু অতিপাত গৰম নাইবা অতিপাত ঠাণ্ডাও নহয়। এনে জলবায়ু শিল্পোদ্যেগৰ বাবে বৰ উপযোগী।

এনেবোৰ কাৰণতে প্ৰথমেই ইংলেণ্ডত শিল্প-বিপ্লৱ আৰম্ভ হৈছিল।

(গ) কৃষিৰ ক্ষেত্ৰত শিল্প বিপ্লৱৰ প্ৰভাৱ কেনেকুৱা আছিল?

উত্তৰঃ মধ্যযুগত বিশ্বৰ বেছিভাগ দেশৰে অৰ্থনীতি কৃষিভিত্তিক আছিল। ইউৰোপ মহাদেশ তথা ইংলেণ্ডও তাৰ ব্যতিক্ৰম নাছিল। মানুহৰ প্ৰয়োজনীয় খাদ্য, বস্ত্ৰ, বাসস্থান যোগান কৃষিৰপৰাই হৈছিল। সেই সময়ত জনসংখ্যা তুলনাত মাটিৰ পৰিমাণ যথেষ্ট আছিল বাবে কৃষিজ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ কথা ভাৱিবলগা হোৱা নাছিল। মাটিৰ সাৰ দিয়া প্ৰথা বা একে মাটিতে বছৰি একাধিক খেতি কৰা প্ৰথা নাছিল। এডোখৰ মাটিত এবাৰ খেতি কৰি কেইবাবছৰো চন পেলাই যোৱা হৈছিল উৰ্বৰতা বৃদ্ধিৰ বাবে। কিন্তু ক্ৰমাৎ জনসংখ্যা বৃদ্ধি অনুপাতে কৃষিজ উৎপাদন বৃদ্ধি নোহোৱাত অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন-নিৰ্বাহ কৰা কঠিন হৈ পৰিল। তদুপৰি কৃষিৰ ঠাইত ভেড়া পালনৰ পৰা আৰ্থিক লাভ বেছি হোৱালৈ চাই ভূ-স্বামীসকলে তালৈ আকৃষ্ট হোৱাত কৃষিকৰ্মীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল। তেওঁলোকে গাঁও এৰি চহৰলৈ শ্ৰমিকৰ কামৰ বাবে ধাপলি মেলিলে।

(ঘ) পৰিবহণৰ ক্ষেত্ৰত শিল্প বিপ্লৱে কেনেকৈ অৰিহণা যোগাইছিল।

উত্তৰঃ শিল্প-বিপ্লৱৰ ফলত পৰিৱহন ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তনে দেখা দিয়ে। পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ বৃহৎ শিল্পোদ্যেগৰ বাবে অপৰিহাৰ্য। প্ৰকৃতপক্ষে এটাৰ অবিহনে আনটো সফল হ’ব নোৱাৰে। বৃহৎ উদ্যোগৰ বাবে কয়লা, লো, কেঁচামাল আদি বৃহৎ পৰিমাণে উদ্যোগসমূহৰ বাবে প্ৰয়োজন আছে। আকৌ কাৰখানাত নিৰ্মিত বৃহৎ পৰিমাণৰ উৎপন্ন হোৱা বস্তু বিক্ৰী কেন্দ্ৰলৈ পঠোৱাৰো প্ৰয়োজন। দুয়োক্ষেত্ৰত পৰিবহন ব্যৱস্থা যথোপযুক্ত হোৱাটো অত্যৱশ্যক। সেইবাবে শিল্পোন্নত সকলো দেশতে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাটো নিতান্তই আৱশ্যক। এইক্ষেত্ৰত স্থলপৰিবহণৰ লগতে জলপৰিবণো গুৰুত্বপূৰ্ণ। আধুনিক বিশ্বত ফৰাছী দেশেই অষ্টাদশ শতিকাৰ শেষৰফালে ব্যপকভাৱে খাল কাটি জলপথৰ বিস্তাৰ ঘটাবলৈ সক্ষম হয়। গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো গুৰুত্বপূৰ্ণ নৈ আৰু হ্ৰদৰ মাজত খাল কাটি যোগাযোগ ব্যৱস্থা সূচল কৰা হয়। স্কটলেশুৰ অধিবাসী জন মেকাডেমে বিভিন্ন স্তৰত ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰু আকাৰৰ শিল ব্যৱহাৰ কৰি আৰু তাৰ ওপৰত আলকাতাৰা প্ৰয়োগ কৰি মজবুত ৰাস্তা নিৰ্মাণৰ পদ্ধতি আৱিষ্কাৰ কৰে। এই পদ্ধতি ক্ৰমাৎ কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো জনপ্ৰিয় হৈ পৰে। এই ৰাস্তাত তেতিয়াৰ ঘোঁড়াৰ গাড়ীবোৰ ঘণ্টাত ২৩ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰত হাডছন নৈত ক্লাৰমন্ট নামেৰে এখন ভাপ নাও সৰ্বপ্ৰথমে ব্যৱসায়িক ভিত্তিত সফলতা লাভ কৰে। ইয়াৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ ৰবাৰ্ট ফুলটন। তেওঁ এই নাৱেৰে নিউয়ৰ্কৰপৰা আলুনীলৈ ২৪০ কিলোমিটাৰ জলপথ ২৩ ঘণ্টাত অতিক্ৰম কৰিছিল, অৰ্থাৎ ঘণ্টাত প্ৰায় দহ কিলোমিটাৰ বেগত গৈছিল। পাছলৈ সমুদ্ৰগামী বৃহৎ জলযানভি নিৰ্মাণ হয়। ১৮৩৮ চনত ১৮ দিনত আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰা ছিৰিয়ুছেই আছিল প্ৰথম আন্ত:সাগৰীয় জলযান। ১৮৫০ চনত পেডেল হুইলৰ ঠাইত ক্ৰু প্ৰপেলাৰ ব্যৱহাৰ কৰি জলযানৰ উন্নতি ঘটোৱা হয় আৰু ইয়াৰ আকাৰো বৃহত্তৰ কৰাৰ লগতে গতি বৃদ্ধিৰো ব্যৱস্থা কৰা হয়। ১৮২৯ চনত নিৰ্মিত তেওঁৰ ‘ৰকেট’ যানখনে ঘণ্টাত ২৩ কিলোমিটাৰ বেগেৰে ৪৮ কিলোমিটাৰ পথ অতিক্ৰম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত ১৮৩০ চনৰপৰা ১৮৭০ চনৰ ভিতৰত পূবৰপৰা পশ্চিমলৈ সাগৰ সংযুক্ত কৰি ৰেলপথ স্থাপন কৰা হয়। এইদৰে শিল্প-বিপ্লৱৰ ফলত পৰিৱহন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দ্ৰুত পৰিৱৰ্তনে দেখা দিয়ে।

(ঙ) বস্ত্ৰ শিল্পৰ ক্ৰমবিকাশৰ এটি চিত্ৰ দাঙি ধৰা।

উত্তৰঃ 

শিল্প বিপ্লৱৰ সূচনা সৰ্বপ্ৰথম বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। প্ৰাচীন কালৰেপৰা সূতা কটা আৰু কাপোৰ বোৱা কামটো ঘৰতে অৰ্থাৎ কুটীৰ শিল্পৰূপে চলোৱা হৈছিল। ঘৰতে উৎপাদনৰ পৰিমাণ তাকৰীয়া আছিল। ১৭৩৩ খ্ৰী:ত ইংলেণ্ডত জন কেয়ে। ‘ফ্লাইং ছাটল’ নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰি কম সময়তে অধিক কাপোৰ বোৱাটো সম্ভৱ কৰি তুলিলে। অধিক কাপোৰ বোৱাৰ বাবে অধিক সূতাৰ প্ৰয়োজন হোৱাত ১৭৬৪ খ্ৰীষ্টাদ্বাত জেমছ হাৰাগ্ৰিভছে স্পিনিং জেনি, ১৭৬৮ খ্ৰী:ত আৰ্ক ৰাইটে ৱাটাৰ ফ্ৰেম আৰু ১৭৭৯ খ্ৰীষ্টাদ্বত ক্ৰম্পটনে মিউল আৱিষ্কাৰ কৰি এইক্ষেত্ৰত উৎপাদন বৃদ্ধিত বিপ্লৱ ঘটায়। ১৭৮৫ খ্ৰীষ্টাদ্বত এডমাশু কাৰ্টৰাইটে পাওয়াৰ লুম বা যন্ত্ৰচালিত তাঁতশালৰ উদ্ভাৱন কৰি বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰে। বস্ত্ৰশিল্পৰ পৰৱৰ্তী উল্লেখযোগ্য যন্ত্ৰটো এজন আমেৰিকাৰ শিক্ষকৰ অৱদান। ১৭৯৩ খ্ৰীষ্টাদ্বত এলি হুইটনি ‘জিন’ নামে ইঞ্জিনৰ যোগেদি তুলাৰ গুটি গুচোৱা কাম কৰিব পৰা হ’ল। ১৭৯১ খ্ৰীষ্টাদ্বত আমেৰিকাত ছেমুয়েল শ্লেটাৰে কাপোৰৰ কাৰখানা স্থাপন কৰে।

(চ) খনিজ শিল্প বিকাশৰ বিৱৰণ দিয়া।

উত্তৰঃ বস্ত্ৰ-শিল্পত বিপ্লৱ ঘটাৰ সমান্তৰালভাৱে খনিজ ক্ষেত্ৰত বিশেষকৈ কয়লা আৰু ইস্পাতৰ ক্ষেত্ৰতো বৈঞ্জানিক আৱিষ্কাৰ ঘটে। ইয়াৰ বিকাশ অপৰিহাৰ্য আছিল, অন্যথায় বস্ত্ৰ-শিল্পই গা কৰি উঠিব নোৱাৰিলেহেঁতেন। প্ৰথমৰ পৰা ইন্ধন বা জ্বলনিৰ বাবে কাঠ ব্যৱহাৰ কৰা হৈছিল। কাঠ কয়লাৰ জৰিয়তে আকৰিক লো গলোৱা হৈছিল। কালক্ৰমত কাঠৰ যোগান কম হৈ অহাত কয়লাৰ ব্যৱহাৰৰ প্ৰতি চকু পৰিল। অৱশেষত আকৰিত কয়লাক ৰন্ধনযোগ্য কয়লালৈ ৰূপান্তৰিত কৰিব পৰা হ’ল। ১৭৬০ খ্ৰীষ্টাদ্বত জন স্মিটনে লো গলোৱাৰ চুল্লী বা চৌকা আৱিষ্কাৰ কৰে। ফলত আকৰিক লোৰ পৰা ব্যৱহাৰিক লো উৎপাদন কৰাটো সহজ হৈ পৰিল। ১৭৮৬ খ্ৰীষ্টাদ্বত হেনৰি কৰ্টৰ উদ্ভাৱিত পদ্ধতিৰে লোৰ বিশুদ্ধতা বহুগুণে বঢ়াই উচ্চমানৰ তীখা পাব পৰা হ’ল। ১৭৩৭ খ্ৰীষ্টাদ্বত য’ত পোন্ধৰ হাজাৰ টন লো উৎপন্ন হৈছিল, ১৮০৬ চনত এই পৰিমাণ ২.৫০ হাজাৰ টনলৈ বৃদ্ধি পোৱালৈ চাই এইক্ষেত্ৰত হোৱা বিপ্লৱৰ গতি সহজে অনুমান কৰিব পাৰি। এনে ধৰণে শিল্প-বিপ্লৱৰ ফলত কয়লা আৰু লোৰ ক্ষেত্ৰত দেখা যোৱা উন্নতিয়ে যান্ত্ৰিক উৎপাদনৰ গতি খৰতকীয়া কৰি শিল্প-বিপ্লৱৰ গতি খৰতকীয়া কৰি তোলে।

(ছ) শিল্প বিপ্লৱৰ ফলাফল আলোচনা কৰা।

উত্তৰঃ শিল্প বিপ্লৱে আধুনিক সভ্যতাৰ ভেটি ৰচনা কৰা বুলি ক’ব পাৰি। বিশ্বৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তনৰ সৃষ্টি কৰিছে এই শিল্প বিপ্লৱে। আধুনিক সভ্যতাৰ ভেটি হ’ল অৰ্থনৈতিক আৰু শিল্পোদ্যেগই হ’ল তাৰ উৎস। এই বিপ্লৱৰ ফলাফলসমূহ পৰ্যালোচন কৰিলেই আধুনিক সভ্যতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ মাত্ৰা বুজিব পৰা হ’ব।

(ক) অৰ্থনৈতিক ক্ষেত্ৰত: ইতিমধ্যে উল্লেখ কৰা হৈছে যে শিল্প বিপ্লৱৰ ফলত কুটীৰ শিল্পৰ অৱনতি হোৱাত গ্ৰামীণ অৰ্থনীতিৰ অৱসান ঘটে। কাৰখানাবোৰ একোখন ঠাইত কেন্দ্ৰীভূত হৈ ডাঙৰ ডাঙৰ চহৰৰ সৃষ্টি কৰে। দেশৰ সকলো শক্তিও এই চহৰবোৰতে শ্ৰেণীভুক্ত হয়। গাঁৱৰ ধ্বংসপ্ৰাপ্ত কুটীৰ শিল্পৰ মালিক, শ্ৰমিক আৰু প্ৰান্তিয় কৃষকসকলে চহৰলৈ গৈ কাৰখানাৰ শ্ৰমিকত পৰিণত হয়।

(খ) সামাজিক ক্ষেত্ৰত: নতুন উৎপাদন ব্যৱস্থাই এমুঠি পুঁজিপতিৰ জীৱনত প্ৰাচুৰ্য আৰু বিলাস আনি দিয়াৰ বিপৰীতে এখন অসংখ্য শ্ৰমিকৰ জীৱনলৈ আনিলে সীমাহীন দুখ-দুদৰ্শা। গ্ৰামীণ অৰ্থনীতি ভাঙি যোৱাৰ ফলত প্ৰান্তীয় কৃষক আৰু শ্ৰমিক পৰিয়ালসমূহ জীৱিকা বিচাৰি কাৰখানা অধ্যুষিত চহৰলৈ ঢাপলি মেলিলে। ইংলেণ্ডৰ দক্ষিণ আৰু দক্ষিণ-পূবৰ বহু গাঁও এৰাবাৰীত পৰিণত হ’ল। আনপিনে উত্তৰ ইংলেণ্ডত ছেকিশু, বাৰ্নিংহাম, লিভাৰপুৰ, গ্লাছগো, লীডছ, মাঞ্চেষ্টাৰ আদি শিল্পনগৰীৰ সৃষ্টি হ’ল।

(গ) ৰাজনৈতিক ফল: শিল্প-বিপ্লৱৰ ফলত ৰাজনীতিত উল্লেখযোগ্য পৰিৱৰ্তন হ’ল; কাৰ্ল মাৰ্ক্সৰ লেখনীৰ দ্বাৰা বনুৱাসকল প্ৰভাৱান্বিত হ’ল। তেওঁলোকৰ দ্বাৰা ৰাজনৈতিক সচেতনতাৰ উদ্ভৱ হ’ল। যাতায়তৰ সুবিধাৰ ফলত এখন দেশৰ বনুৱাৰ মাজত আন এখন দেশৰ বনুৱাৰ সম্পৰ্ক গঢ়ি উঠিল। পৃথিৱীৰ সকলো বনুৱাই একত্ৰিত হোৱাৰ সম্ভাৱনাই দেখা দিলে।

(জ) ৰাজনৈতিক ক্ষেত্ৰত শিল্প বিপ্লৱে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল?

উত্তৰঃ শিল্প-বিপ্লৱৰ ফলত ৰাজনীতিত উল্লেখযোগ্য পৰিৱৰ্তন হ’ল; কাৰ্ল মাৰ্ক্সৰ লেখনীৰ দ্বাৰা বনুৱাসকল প্ৰভাৱাম্বিত হ’ল। তেওঁলোকৰ দ্বাৰা ৰাজনৈতিক সচেতনতাৰ উদ্ভৱ হ’ল। যাতায়তৰ সুবিধাৰ ফলত এখন দেশৰ বনুৱাই একত্ৰিত হোৱাৰ সম্ভাৱনাই দেখা দিলে। পৃথিৱীত সাম্যবাদৰ প্ৰচাৰ আৰু প্ৰতিপত্তি বঢ়াৰ উপক্ৰম হ’ল। এফালে সাম্যবাদ আৰু আনফালে পুঁজিবাদ- এই দুই ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ মাজত অৰিয়া-অৰিৰ সৃষ্টি হ’ল।

শিল্প-বিপ্লৱৰ ফলত সাম্ৰাজ্যবাদৰ সৃষ্টি হয়। শিল্প-বাণিজ্যত আগবঢ়া দেশবোৰে তেওঁলোকৰ উৎপন্ন বস্তু বিক্ৰীৰ বাবে পৃথিৱীৰ আন দেশবোৰত উপনিৱেশ স্থাপন কৰিবলগা হয়। শান্তিপূৰ্ণভাৱে কাম কৰিব নোৱাৰাত তেওঁলোকে যুদ্ধৰ আশ্ৰয় লবলগা হয়। এইদৰে শিল্প-বিপ্লৱে বহুতো পৰিৱৰ্তন সাধন কৰে। শিল্প-বিপ্লৱৰ ফলত সৃষ্টি হোৱা মাৰ্ক্সীয় সমাজতন্ত্ৰবাদী ভাৱধাৰাই আদৰ্শৰ ভেটিত পৃথিৱীখনক দুভাগ কৰিলে। ব্ৰিটিছ সাম্ৰাজ্যত বেলিমাৰ নোযোৱা অৱস্থা আহি পৰিল। শিল্প-বিপ্লৱৰ ফলত পৃথিৱীত এনেদৰে ৰাজনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটিল।

(ঝ) সমবায় প্ৰথাৰ উদ্ভৱ আৰু কাৰ্যকৰিতা সম্পৰ্কে লিখা।

উত্তৰঃ শ্ৰমিক ইউনিয়ন বা সংঘ গঠনৰ মাধ্যমে সামাজিক আইন প্ৰৱৰ্তনৰ লগে লগে আৰ্থিক অৱস্থা উন্নয়নৰ দিশতো শ্ৰমিকসকলে যথেষ্ট প্রগতিবাদী চিন্তাৰ পৰিচয় দিয়ে। সমবায় প্ৰথা প্ৰৱৰ্তন তাৰেই চানেকী। ১৮৪৪ চনত ইংলেণ্ডৰ ৰকডেলত সমবায় আন্দোলন আৰম্ভ হয়। তাত এদল তাঁতীয়ে ১৪০ পাউশু গোটাই ব্যৱসায় আৰম্ভ কৰে। প্ৰথম বছৰতে তেওঁলোকে ৪,০০০ পাউশুৰ ব্যৱসায় কৰে আৰু তাৰপৰা ১৬০ পাউশু লাভ হয়। যিটো অংশীদাৰসকলৰ মাজত আনুপাতিক হাৰত ভগাই দিয়া হয়। সমবায়ে উৎপাদনকাৰীৰ পৰা পাইকাৰী হাৰত বস্তু কিনাৰ ফলত অংশীদাৰক কম দামত বেছিব পৰা হোৱাত তেওঁলোকৰ খৰছৰ মাত্ৰা কম হোৱাৰ লগতে জীৱনযাত্ৰাৰ মানো উন্নত হয়। আনকি ক্ষুদ্ৰ খেতিয়কসকলেও সমবায়ৰ যোগেদি তেওঁলোকৰ কণী, মাখন ইত্যাদি বিদেশলৈ ৰপ্তানি কৰিব পাৰিছিল।

(ঞ) শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত শিল্প বিপ্লৱৰ অৱদান কি?

উত্তৰঃ শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত শিল্প-বিপ্লৱে উল্লেখযোগ্য অৱদান আগবঢ়ায়। শিক্ষাৰ ক্ষেত্ৰত জনসাধাৰণে ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ সক্ষম হ’ল। দেশে দেশে উন্নতমানৰ শিক্ষা ব্যৱস্থা ৰূপায়িত হ’বলৈ ধৰে। ইউৰোপৰ দেশবোৰৰ সৈতে জাপান আৰু আমেৰিকাতো পাব্লিক স্কুলৰ জৰিয়তে বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ ব্যৱস্থা কৰা হয়। ডেনমাৰ্কত বয়স্ক লোকৰ বাবে নৈশ পাঠদানৰ ব্যৱস্থা কৰা হয়। ঊনবিংশ শতিকাৰ শেষৰ পিনে আমেৰিকাৰ বহু ঠাইত বিনামূলীয়া পাব্লিক লাইব্ৰেৰী স্থাপন কৰা হয়। জাপানত বাধ্যতামূলক শিক্ষা আইন প্ৰৱৰ্তন কৰা হয়। কিন্তু এইবোৰ ব্যৱস্থা কেৱল শিল্পোন্নত দেশবোৰতহে কৰা হৈছিল। ১৯১২ চনত ৰুচিয়াত মাথো সাত শতাংশ মানুহে সাক্ষৰতা লাভ কৰিছিল। লেটিন আমেৰিকাৰ চহৰীয়া ধনী মানুহৰ ল’ৰা-ছোৱালীয়েহে লিখা-পঢ়া কৰিছিল। চীন, ভাৰত আদিত আৰ্থিকভাৱে সমৃদ্ধ পৰিয়ালৰ ক্ষেত্ৰতেই শিক্ষা ব্যৱস্থা সীমিত আছিল।

সেইদৰে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়ো এই বিপ্লৱৰ এটা উল্লেখযোগ্য অৱদান। ৰসায়ন আৰু পদাৰ্থবিদ্যাৰ অধ্যয়নৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিত চেতনাহীন ঔষধৰ আৱিষ্কাৰ হয়। ডাঃ যোছেফ লিষ্টাৰ আৰু ফৰাচী ৰাসায়নিক লুই পেষ্টুৰে শৰীৰৰ পচন নিৰোধক প্ৰক্ৰিয়া আৱিষ্কাৰ কৰি চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত বিপ্লৱ ঘটায়। ৰোগ প্ৰতিষেধক আৰু ৰোগ নিৰোধক জ্ঞানো মানুহে আহৰণ কৰে। এডৱাৰ্ড জেনাৰে বসন্ত চিতা প্ৰয়োগ কৰি দেখুৱায়। জাৰ্মান ডাক্তৰ ৰবাৰ্ট কোচে কলেৰা ৰোগৰ বীজাণু বেছিলাছ আৱিষ্কাৰ কৰে। জাৰ্মান বিজ্ঞানী উইলহেম ৰোয়েন্টজেনে এক্স-ৰে বা ৰজ্ঞন-ৰশ্মি আৱিষ্কাৰ কৰি মানৱ দেহৰ আভ্যন্তৰীণ ৰোগৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰে। ১৮৯৮ চনত ফৰাচী বিজ্ঞানী পিয়াৰী কুৰী আৰু তেওঁৰ পত্নী মেৰী কুৰীয়ে ৰেডিয়াম আৱিষ্কাৰ কৰে।

(২) সংক্ষিপ্ত প্রশ্ন:

(ক) শিল্প বিপ্লৱৰ আৰম্ভণিতে সূতা কটাৰ ক্ষেত্ৰত কি কি আৱিষ্কাৰ হৈছিল। সেইবোৰত কাৰ কাৰ অৰিহণা আছিল?

উত্তৰঃ শিল্প বিপ্লৱৰ আৰম্ভণিতে সূতা কটাৰ ক্ষেত্ৰত স্পিনিং জেনি, ৱাটাৰ ফ্ৰেম আৰু মিউলৰ আৱিষ্কাৰ হৈছিল।

১৭৬৪ খ্ৰীষ্টাদ্বত জেমছ হাৰাগ্ৰিভছে স্পিনিং জেনি, ১৭৬৮ খ্ৰীষ্টাদ্বত আৰ্ক ৰাইটে ৱাটাৰ ফ্ৰেম আৰু ১৭৭৯ খ্ৰীষ্টাদ্বত ক্ৰম্পটনে মিউলয়ে আৱিষ্কাৰ কৰি সূতা কটাৰ ক্ষেত্ৰত অৰিহণা আগবাঢ়য়।

(খ) কাপোৰ বোৱাৰ ক্ষেত্ৰত কোনে কি অৰিহণা আগবাঢ়াইছিল?

উত্তৰঃ কাপোৰ বোৱাৰ ক্ষেত্ৰত ১৭৩৩ খ্ৰী:ত ইংলেণ্ডত জন কেয়ে ‘ফ্লাইং ছাটল’ নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰি কম সময়তে অধিক কাপোৰ বোৱাটো সম্ভৱ কৰি তুলিলে।

(গ) শিল্প বিপ্লৱলৈ জেমছ ওৱাটৰ অৰিহণা কি আছিল?

উত্তৰঃ শিল্প বিপ্লৱলৈ জেমছ ওৱাটৰ অৰিহণা বাষ্পচালিত ইঞ্জিনৰ আৱিষ্কাৰ।

(ঘ) ৰাস্তা আৰু খাল নিৰ্মাণত শিল্প বিপ্লৱৰ অৰিহণা কি?

উত্তৰঃ ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত জন মেকাডেম কেবাটাও স্তৰত ক্ৰমে ডাঙৰ সৰু শিল দি, তাৰ ওপৰত আলকেতেৰা দি মজবুত ৰাস্তা তৈয়াৰ কৰা পদ্ধতিৰ আৱিষ্কাৰ কৰে৷ শিল্প বিপ্লৱৰ সময়তে ফ্রান্স আৰু আমেৰিকা আদি ৰাষ্ট্ৰত খাল কাটি লৈ আৰু হ্রদ আদি সংলগ্ন কৰি জলপথেৰে মালবস্তু কঢ়িওৱাৰ সুবিধা কৰাৰ উপৰিও যাত্ৰী আদি অহাযোৱা কৰাৰ ব্যৱস্থা কৰা হৈছিল।

(ঙ) সমবায় প্ৰথা কি?

উত্তৰঃ শ্ৰমিক ইউনিয়ন বা সংঘ গঠনৰ মাধ্যমে সামাজিক আইন প্ৰৱৰ্তনত গুৰুত্ব দিয়াৰ লগতে শ্ৰমিকসকলৰ আৰ্থিক উন্নয়নৰ দিশতো যথেষ্ট প্রগতিবাদী চিন্তাৰ পৰিচয় দিয়ে। এনে উদ্দেশ্য আগত ৰাখি সমবায় প্ৰথা প্ৰৱৰ্তন কৰা হয়।

(চ) শ্ৰমিক সংগঠনৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ শ্ৰমিকৰ সমস্যামূহৰ সমাধানৰ বাবে শ্ৰমিক সংগঠনৰ প্ৰয়োজন আছে। শ্ৰমিকসকলে সংঘবদ্ধভাৱে কাৰখানাৰ মালিকৰ বিৰুদ্ধে থিয় দিবলৈ বা ৰাজনৈতিক ক্ষমতাৰ দ্বাৰা তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে শ্ৰমিক সংগঠন কৰাৰ প্ৰয়োজন আছে।

(ছ) ‘ৰঞ্জন ৰশ্মিৰ’ আৱিষ্কাৰক কোন? কি কামত ইয়াৰ ব্যৱহাৰ হয়।

উত্তৰঃ ‘ৰঞ্জন ৰশ্মিৰ’ আৱিষ্কাৰক হ’ল জাৰ্মান বিজ্ঞানী উইলহেম ৰোয়েন্টজেন।

মানৱ দেহৰ আভ্যন্তৰীণ ৰোগৰ বিষয়ে বিবিধ তথ্য জানিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।

(জ) জেথ্ৰটুলৰ উপয়োগিতা কি?

উত্তৰঃ শিল্প-বিপ্লৱৰ ফলত কৃষিৰ ক্ষেত্ৰত প্ৰথমে নতুনত্বৰ জোৱাৰ অহা দেখা যায়। এই ক্ষেত্ৰত জেথ্ৰটুলৰ নাম উল্লেখযোগ্য। ইয়াৰদ্বাৰা নিৰ্দিষ্ট দূৰত্বত নলা কাটি বীজ সিঁচাৰ ব্যৱস্থা কৰিলে অধিক ফচল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা যায়।

(ঝ) আধুনিক ৰাস্তা বনোৱাৰ নিৰ্মাণ কৌশল কি? আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰঃ আধুনিক ৰাস্তা বনোৱাৰ নিৰ্মাণ কৌশল হৈছে সৰু আকাৰৰ শিল ব্যৱহাৰ কৰি তাৰ ওপৰত আলকাতাৰা প্ৰয়োগ কৰা।

স্কটলেশুৰ অধিবাসী জেন মেকাডেমে ইয়াক আৱিষ্কাৰ কৰিছিল।

(ঞ) টাউনছেশুৰ অৱদান কি?

উত্তৰঃ কৃষিৰ ক্ষেত্ৰত টাউনছেশুৰ অৱদান হৈছে খেতি-পথাৰৰ উৰ্বৰতাৰ বাবে মাটি চন পেলোৱাৰ পৰিৱৰ্তে সলনা-সলনিকৈ বছৰত চাৰিটা খেতি কৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হোৱাৰ লগতে পশুখাদ্যও সুলভ হোৱাৰ কথাটো প্ৰমাণ কৰে।

৩। অতি সংক্ষিপ্ত প্ৰশ্নোত্তৰ:

(ক) কৃষি ক্ষেত্ৰত প্ৰথম আৱিষ্কাৰটো কি?

উত্তৰঃ কৃষি ক্ষেত্ৰত প্ৰথম আৱিষ্কাৰটো হৈছে জেথ্ৰটুল।

(খ) ‘ৰেডিয়ামৰ’ আৱিষ্কাৰক কোন?

উত্তৰঃ ৰেডিয়ামৰ’ আৱিষ্কাৰক হ’ল ফৰাচী বিজ্ঞানী পিয়াৰি কুৰী আৰু তেওঁৰ পত্নী মেৰী কুৰী।

(গ) ‘নিৰাপদ চাকি’ কাৰ আৱিষ্কাৰ?

উত্তৰঃ নিৰাপদ চাকি হাম্ফে ডেভিয়ে আৱিষ্কাৰ কৰে।

(ঘ) ‘শিল্প বিপ্লৱ’ আখ্যাটো কোনে দিয়ে।

উত্তৰঃ ‘শিল্প বিপ্লৱ’ আখ্যাটো দিয়ে বিখ্যাত ঐতিহাসিক আৰ্নল্ড টয়নৰিয়ে।

(ঙ) ‘ডাছ কেপিটেল’ কাৰ ৰচনা?

উত্তৰঃ ১৮৬৭ চনত কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডেৰিক এঙ্গেলছে তেওঁলোকৰ বিখ্যাত ‘ডাছ কেপিটেল’ গ্ৰন্থ প্ৰকাশ কৰে।

(চ) ৰিচাৰ্ড আৰ্কৰাইট কোন?

উত্তৰঃ ৰিচাৰ্ড আৰ্কৰাইট ৱাটাৰ ফ্ৰেমৰ আৱিষ্কাৰক।

(ছ) চালৰ্ছ গুড ইয়াৰে কি আৱিষ্কাৰ কৰে?

উত্তৰঃ চালৰ্ছ গুড ইয়াৰে ৰবৰক গন্ধকৰ সৈতে মিহলাই কঠিনতৰ কৰা প্ৰক্ৰিয়া আৱিষ্কাৰ কৰে।

(জ) ‘স্পিনিং জেনি’ কাৰ আৱিষ্কাৰ?

উত্তৰঃ ‘স্পিনিং জেনি’ জেমছ হাৰগ্ৰিভছৰ আৱিষ্কাৰ।

(ঝ) ‘ওৱাটাৰ ফ্ৰেম’ৰ আৱিষ্কাৰক কোন?

উত্তৰঃ ‘ওৱাটাৰ ফ্ৰেম’ৰ আৱিষ্কাৰক ৰিচাৰ্ড আৰ্কৰাইট।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top