Class 7 Assamese Chapter – 14 বিদ্যা Solution

Class 7 Assamese Chapter – 14 বিদ্যা Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 14 বিদ্যা Solution select needs one. Assam Class 7 Assamese Chapter – 14 বিদ্যা Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 14 বিদ্যা

Join Telegram channel

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams.

বিদ্যা

Chapter – 14

ক-পাঠভিত্তিক ক্রিয়া

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা।

উত্তৰঃ কোনো এখন কাম কৰিবলৈ হলে প্ৰথমতে আমাক আহিলাপাতি অতি প্ৰয়োজনিয় কাপ নহলে লিখন কাম কৰিব নোৱাৰি, হাল নহলে কৰ্ষণ কাম কৰিব নোৱাৰি। আহিলাবোৰ নাথাকিলে কোনো এটা কাম কৰিবলৈ টান হয়। আজিকালি যিবিলাকে উদগতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে, তেওঁবিলাকলৈ চালেই এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায় যে বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নোবাৰে। বিদ্যাকে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়।

৩। উত্তৰ দিয়া।

(ক) লিখন, কর্ষণ আৰু বন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়?

উত্তৰঃ লিখন কাম কৰিবলৈ ‘কাপ’ , কর্ষণ কাম কৰিবলৈ হাল আৰু বন্ধন কাম , কৰিবলৈ চৰুৰ প্রয়ােজন হয়।

(খ) সুকলমে কাম কৰিবলৈ কিহৰ প্রয়োজন হয়?

উত্তৰঃ সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলাপাতি প্ৰয়োজন।

(গ) উদগতিৰ ঘাই আহিলা কি?

উত্তৰঃ উদগতিৰ ঘাই আহিলা হ’ল বিদ্যা।

(ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে?

উত্তৰঃ বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে।

(ঙ) কি কৰিলে সংসাৰত কর্ম কৰিবলৈ সুচল হয়?

উত্তৰঃ বিদ্যাৰে মন পােহৰাই ল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়।

(চ) পৃথিৱীত নাম উজলাবলৈ কি আয়ত্ত কৰিব লাগিব?

উত্তৰঃ পৃথিৱীত নাম উজলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব।

(ছ) কি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নোৱাৰে?

উত্তৰঃ লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নোৱাৰে।

৪। সত্য নে অসত্য লিখা।

(ক) কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি।

উত্তৰঃ সত্য।

(খ) বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে।

উত্তৰঃ অসত্য।

(গ) হাল নহ’লে কৰ্ষণ কৰিব নোৱাৰি।

উত্তৰঃ সত্য।

(ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল।

উত্তৰঃ অসত্য।

৫। খালী ঠাই পূৰ কৰা।

(ক) লাগতিয়াল ____________ যতনাই ন’ললে কোনো কাম __________ কৰিব নোৱাৰে।

উত্তৰঃ লাগতিয়াল লাগতিয়াল আহিলা পাতি যতনাই ন’ললে কোনো কাম সুকলমে কৰিব নোৱাৰে।

(খ) এইবোৰ কামৰ যেনে __________ আহিলা আছে, __________ কামৰো তেনে সুকীয়া _________ আছে।

উত্তৰঃ এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদগতি কামৰো তেনে সুকীয়া তেনে আছে।

(গ) বিদ্যাই ___________ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ___________ লগাবলৈ ঠাই দেখা নাপায়।

উত্তৰঃ বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়।

(ঘ) ____________ ন’ইলে লিখন কাম কৰিব নোৱাৰি।

উত্তৰঃ কাপ ন’ইলে লিখন কাম কৰিব নোৱাৰি।

(ঙ) বিদ্যাবে মন ___________ নল’লে সংসাৰত __________ কৰিবলৈ সুচল নহয়।

উত্তৰঃ বিদ্যাবে মন পোহৰাই নল’লে সংসাৰত  কৰিবলৈ সুচল নহয়।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি
চৰু নহ’লে ৰান্ধন কাম কৰিব নোৱাৰি। 
ওপৰত উল্লেখ কৰা বাক্য দুটাত থকা ‘লিখন’ আৰু ‘ৰান্ধন’ শব্দ দুটাই কোনো কাৰ্যৰ বিষয়ে বুজাইছে। এইদৰে যি পদে ক্ৰিয়াৰ কাৰ্য বুজায় তাক ক্রিয়াবাচক বিশেষ্য বোলে। ‘ৰান্ধন’, ‘লিখন’ শব্দ দুটাৰ দৰে, ‘খাৱন’, ‘শোৱন’, ‘পঠন’ আদি ক্রিয়াবাচক বিশেষ্য।

৬। তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্রিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা।

পোহৰাই, খোৱা, ৰান্ধন, কথন, লিখন, শোৱা, দাৱন, পঢ়ন

উত্তৰঃ প্রশ্নত দিয়া শব্দবােৰৰ ভিতৰত ৰান্ধন, কথন, লিখন, দাৱন, পঢ়ন — এই শব্দকেইটা ক্রিয়া বিশেষ্য শব্দ।

তোমালোকে পাঠটোত থকা ‘খ্যাতিমন্ত’ আৰু ‘বিদ্যারন্ত’ শব্দ দুটালৈ মন কৰিবছানে? খ্যাতি মন্ত, বিদ্যা বন্ত। এই ‘-মন্ত’ আৰু ‘-বন্ত’ প্রত্যায়ন্ত শব্দবোৰ ‘এওঁৰ এইটো আছে’ অর্থত ব্যৱহাৰ হয়। অসমীয়া ভাষাৰ তেনে কেইটামান শব্দ হ’ল- ধনৱন্ত, শ্রীমন্ত, জ্ঞাৱন্ত ইত্যাদি।

৭। উদাহৰণত দিয়াৰ দবে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অর্থ অভিধানত চাই লিখা।

উত্তৰঃ 

শ্ৰী + মন্ত = শ্ৰীমন্ত।সুশ্রীলােক।
শক্তি + মন্ত = শক্তিমন্ত।শক্তি থকা ব্যক্তি।
খ্যাতি + মন্ত = খ্যাতিমন্ত।সুনাম বা খ্যাতি থকা ব্যক্তি।
ৰূপ + ৱন্ত = ৰূপৱন্ত।ৰূপ থকা ব্যক্তি।
আঢ্য + ৱন্ত = আঢ্যৱন্ত।ধনী ব্যক্তি।
গুণ + ৱন্ত = গুণৱন্ত।গুণী ব্যক্তি।

৮। সমার্থক শব্দবোৰ আঁচ টানি মিলোৱা।

সুকলমেনিষ্ফল
সুকীয়াপৰিষ্কাৰ
বৃথাপ্ৰয়োজনীয়
ফৰকালঅনায়াসে
পোহৰপৃথক
লাগতিয়ালআলোক

উত্তৰঃ

সুকলমেঅনায়াসে
সুকীয়াপৃথক
বৃথানিষ্ফল
ফৰকালপৰিষ্কাৰ
পোহৰআলোক
লাগতিয়ালপ্ৰয়োজনীয়

৯। বাঁওফালৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাবৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা।

শব্দবিপৰীত অৰ্থ বুজোৱা শব্দশব্দ সম্ভাৰ
লাগতিয়ালপ্ৰয়োজনীয়, অলাগতিয়াল, দৰকাৰী।
উদ্‌গতিউৎপত্তি, উন্নতি, অধোগতি।
বিদ্যাহীনঅবিদ্যা, বিদ্যাৱন্ত, বিধ্যলায়।
আন্ধাৰতিমিৰ, অমানিশা, পোহৰ।

উত্তৰঃ

শব্দবিপৰীত অৰ্থ বুজোৱা শব্দশব্দ সম্ভাৰ
লাগতিয়ালঅলাগতিয়ালপ্ৰয়োজনীয়, অলাগতিয়াল, দৰকাৰী।
উদ্‌গতিঅধোগতি।উৎপত্তি, উন্নতি, অধোগতি।
বিদ্যাহীনবিদ্যাৱন্তঅবিদ্যা, বিদ্যাৱন্ত, বিধ্যলায়।
আন্ধাৰপোহৰতিমিৰ, অমানিশা, পোহৰ।

১০। বাক্য ৰচনা কৰা।

খ্যাতিমন্ত, উদ্‌গতি, পৃথিৱী, খনিকৰ, বৃথা।

উত্তৰঃ (i) খ্যাতিমন্ত: আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল। 

(ii) উদগতি: জীৱনত যি উদ্‌গতি  কৰিব খােজে তেওঁ বিদ্যা অর্জন কৰিবই লাগিব। 

(iii) পৃথিৱী: বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ দৰা। 

(iv) খনিকৰ: লিখনি থাকিলেও খনিকৰে আন্ধাৰ চিত্র আঁকিব নােৱাৰে। 

(v) বৃথা: বিদ্যাহীন জীৱন বৃথা বুলি সকলােৱে স্বীকাৰ কৰে।

১১। দলত আলোচনা কৰি লিখা।

‘ৰান্ধন’ শব্দটোৰ পৰা ৰান্ধনি, ৰান্ধনী, ৰান্ধনিশাল, ৰান্ধনি-বেলি আদি অনেক শব্দ সাজিব পাৰি। ‘বিদ্যা’ শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা।

উত্তৰঃ বিদ্যা’ শব্দটোৰ পৰা এনেবােৰ শব্দ সাজিব পাৰি – বিদ্যাৱন্ত, বিদ্যাৱতী, বিদ্যালয়, বিদ্বান, বিদূষী – ইত্যাদি।

১২। তলৰ শব্দবােৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা— (অভিধানৰ ক্ৰমত )। 

যশস্যা, সকাম, সুচল, কর্ষণ, আলম, লিখনি, ৰশ্মি, বৃথা, চৰু, গভীৰ, খনিকৰ, ধন। 

উত্তৰঃ আলম, কর্ষণ, খনিকৰ, গভীৰ, চক, বৃথা, যশস্যা, ৰশ্মি, লিখনি, সকাম, সুচল।

গ জ্ঞান সম্প্ৰসাৰণ

১৩। তুমি পড়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৪। আগৰ দিনত ৰন্ধনৰ কাৰণে ‘চৰু’ ব্যৱহাৰ কৰিছিল। বর্তমান সময়ত আমি ‘চৰু’ ৰ  উপৰি আন কি কি আহিলাৰে ৰন্ধা-বঢ়া কৰোঁ, লিখা।

উত্তৰঃ বর্তমান ‘চৰু’ৰ উপৰি কেৰাহী, কুকাৰ, পিতলৰ, টৌ, কৰচ, হেতা ইত্যাদি।

১৫। খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধো সঁজুলিৰ প্রয়োজন, ঠিক সেইদৰে লিখা- পঢ়া কৰিবলৈ প্রয়োজন হোৱা সামগ্ৰীবোৰ কি কি?

উত্তৰঃ পঢ়া কৰিবলৈ প্রয়োজন হোৱা সামগ্ৰীবোৰ হ’ল – ফলি, পেঞ্চিল, কাগজ, কাঠ – পেঞ্চিল, ৰবৰ স্কেল, কিতাপ আদি।

১৬। তোমাৰ আৰু শ্ৰেণীৰ লগৰীয়াসকলৰ স্ব-ৰচিত কবিতা, চিত্রাংকন সংগ্ৰহ কৰি বিদ্যালয়ৰ বাবে এখন প্রাচীৰ পত্রিকা যুণ্ডত কৰা আৰু সেইখন তোমাৰ বিদ্যালয়ৰ সুবিধাজনক ঠাইত আৰি থোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top