Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং

Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution select needs one. Assam Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution

Join Telegram channel

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams.

গছ ভালপােৱা ককাৰ খং

ক-পাঠভিত্তিক ক্রিয়া

১। কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৩। কোৱা আৰু লিখা।

(ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে?

উত্তৰঃ কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।

(খ) আমলখি গছজোপা কিয় কাটিলে?

উত্তৰঃ আমলখি গছজোপা পিছে ৰভাখন দিবলৈকে কাটিলে।

(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে?

উত্তৰঃ বোৱাৰী আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।

(ঘ) সহজতে কি বস্তু ঘূৰাই নাপাৰ বুলি ককাই কৈছে?

উত্তৰঃ সহজতে আমলখি গছজোপা ঘূৰাই নাপাৰ বুলি ককাই কৈছে।

৪। কোৱা আৰু লিখা।

(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল?

উত্তৰঃ বিয়া খাবলৈ আহি ককাই দেখিলে যে ৰঘুনাথে ৰভাখন দিবৰ বাৱে আমলখি গছজোপা কাটি দিলে সেইকাৰণে ককাৰ বৰ খং উঠিছিল।

(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে?

উত্তৰঃ আমলখি গছজোপা কটাৰ বাবে খং কৰি বিয়াঘৰত ককাই একো নাখালে।

(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল? 

উত্তৰঃ খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীর্বাদ দিব বিচাৰিছে।

৫। তলৰ কবিতা ফাকি গদ্যৰূপত লিখা-

‘আলহী-অতিথি যাব

ৰভা নাইকিয়া হ’ব 

বোৱাৰীয়ে ঘৰখন 

দিবহি পূৰাই, 

পিছে কোৱাচোন ৰঘুনাথ 

আমলখি গছজোপা 

সহজতে পাবানে ঘূৰাই?’

উত্তৰঃ আলহী – অতিথি যােৱাৰ পাছত ৰভাখন নাইকিয়া হ’ব। বােৱাৰী আহি ঘৰখন পূৰাই দিবহি। তেতিয়া ককাই কলে যে ৰঘুনাথ কোৱাচোন , সহজতে আমলখি গছজোপা আৰু ঘূৰাই পাবানে?

৬। কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ ৰঘুনাথে নিজৰ পুতেকৰ বিয়া পাতিবলৈ লৈ ৰভাপতাৰ বাবে অসুবিধাৰ হোৱাৰ কাৰণে ৰভাৰ ঠাইত থকা এটি আমলখি গছজোপা কাটি পেলালে। এই গছ কটা দেখি গছ ভালপোৱা ককাজনৰ বৰ  খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু  মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব।

৭। বাক্য ৰচনা কৰা: 

এজোলােকা, আলহী – অতিথি,  সহজতে, ৰভা। 

উত্তৰঃ (i) এজোলােকা: বিয়ালৈ গৈ কবিয়ে দৰাক এজোলােকা আশীর্বাদ দিলে। 

(ii) আলহী – অতিথি: বিয়া – সবাহত ঘৰখন আলহী – অতিথিৰে ভৰি পৰে। 

(iii) সহজতে: হেৰাই যােৱা সুবিধা সহজতে ঘূৰাই পােৱা নাযায়। 

(iv) ৰভা: বিয়া – সবাহত গাঁও অঞ্চলত একোখন ৰভা দিয়া হয়।

জানো আহা-

‘বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই,
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই’?
আকাৰান্ত ধাতুত ‘ই’ প্রত্যয় যোগ কৰি অসমাপিকা ক্রিয়া গঠন কৰা হয়। ওপৰৰ কবিতা দুশাৰীত থকা ‘পূৰাই’ আৰু ‘ঘূৰাই’ অসমাপিকা ক্রিয়া দুটিৰ গঠন চাওঁ আহা। ইয়াত ‘পূৰ’ আৰু ঘূৰ’ ধাতুত প্রথমে ‘আ’ যোগ হৈ ক্রমে ‘পূৰা’ আৰু ‘ঘূৰা’ পাচনি ধাতু গঠিত হৈছে। এই পাচনি ধাতু দুটাত ‘ই’ প্রত্যয় যোগ হৈ ক্রমে ‘পূৰাই’ আৰু ‘ঘূৰাই’ অসমাপিকা ক্রিয়া গঠিত হৈছে।

৮। ‘ক’-অংশৰ লগত ‘খ’-অংশৰ অৰ্থৰ মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
ৰভাদৰব
দৰাবৃক্ষ
গছবৰ
ঔষধকোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
ৰভাকোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি
দৰাবৰ
গছবৃক্ষ
ঔষধদৰব

৯। তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদবে বুজাবা কোৱা।

উত্তৰঃ আমাৰ ওচৰ চুবুৰীয়াই গছ কাটিলে এনেদৰে বুজাম গছে আমাক সকলো ধৰণৰ সুবিধা দিয়ে। গছে আমাক সকলোকে অক্সিজেন দিয়ে আৰু জুই জ্বলা বলৈ খৰি দিয়ে আৰু বস্ত্ৰ কাৰণে কপাহ দিয়ে।

১০। ‘কেৱল বৃক্ষৰোপণ কৰিলেই নহয়, তাক প্রতিপালন কৰাটোও আমাৰেই দায়িত্ব’ কথাষাৰ দলীয়ভাবে আলোচনা কৰা আৰু দলৰ এজনে বর্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১১। ‘গছ আমাৰ পৰম মিত্র’- এই বিষয়টো লৈ শ্রেণীত পতা তর্ক প্রতিযোগিতাত অংশগ্রহণ কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১২। আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা।

উত্তৰঃ আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ নাম হ’ল- 

১। শিলিখা।

২। কমলা।

৩। কঁঠাল।

৪। আম। 

৫। কল।

১৩। কিছুমান গছৰ ফল-ফুল, ডাল-পাত, গা-গছ আদি আটাইবোৰ অংশই আমাৰ বাবে অতি উপকাৰী। ‘কলগছ’ তেনে এবিধ উপকাৰী গছ। কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তলৰ তালিকাখন পূৰ কৰা।

গছৰফলফুলপাতগা-গছ
কলগছ

উত্তৰঃ 

গছৰফলফুলপাতগা-গছ
কলগছকলগছৰ ফলক কল বােলা হয়। বহু প্রকাৰৰ কল আছে। আঠিয়া বা ভীমকল কেঁচুৱাকে ধৰি সকলাে লােকৰে বৰ পুষ্টিকৰ। বাকী সকলাে কলেই মানুহকে ধৰি অন্য জন্তুৰাে পুষ্টিকৰ খাদ্য। প্রসাদ হিচাপেও কল পুজা – পার্বণ আদিত ব্যৱহাৰ কৰা হয়। কাছকল তৰকাৰী কৰিও খােৱা হয়।কলগছৰ ফুলক কলফুল তথা কলডিল বােলে। ই অতি ভিটামিনযুক্ত পাচলি৷ ইয়াক ভাজি, খাৰ কৰি আৰু অন্যভাৱেও সিদ্ধ কৰি খাব পাবি।কল গছৰ পাত আমি পূজা কৰোঁতে ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা আমি পথাৰত ভাত খোৱা সময়তো ব্যৱহাৰ কৰোঁ।কলগছ বৰ উপকাৰী। হাতীৰ ই প্রধান খাদ্য। আনহাতে পুলি কলগছ পচলা হিচাপে মানুহে ৰান্ধি খােৱাৰ উপৰি ইয়াৰ মূৰা আৰু গা – গছ ফালি ৰ’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰে। সকাম নিকামত ইয়াৰ দোনা বা পটুৱা খাদ্য খােৱাৰ আৰু শৰাই আদি আপনাত আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

১৪। সাঁথৰ ভাঙা:

(ক) খাল – বিল শুকাই গ’ল, 

গছৰ আগত পানী ৰ’ল। 

উত্তৰঃ নাৰিকল।

(খ) ৰজাৰ লাঠি 

ঘন ঘন গাঁঠি,

উত্তৰ কুঁহিয়াৰ।

১৫। যিকোনো শুভ কার্য বা অনুষ্ঠানৰ শুভাৰম্ভ এজোপা গছপুলি ৰোপণেৰে কৰিব পাৰি। তোমালোকে জন্মদিনৰ দিনাও একোটিকৈ গছপুলি ৰোপণ কৰিবা। জন্মদিনৰ বাহিৰে আৰু কি কি শুভদিনত গছ ৰোপণ কৰিব পাৰি দলত আলোচনা কৰি এখন আঁচনি (পৰিকল্পনা) প্রস্তুত কৰা।

গছপুলি ৰোপণ কৰা আঁচনি–

তাৰিখউৎসৱ/উপলক্ষ্য
জানুৱাৰীবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত

উত্তৰঃ

তাৰিখউৎসৱ/উপলক্ষ্য
২ জানুৱাৰীবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত
২১ মাৰ্চবিশ্ব বন দিৱস
২২ এপ্ৰিলধৰিত্ৰী দিৱস
৫ জুনবিশ্ব পৰিবেশ দিৱস
ঘ-প্রকল্প

১৬। তুমি থকা ঠাইখনৰ ওচৰে-পাজৰে থকা গছ-গছনিবোৰৰ নামৰ এখন তালিকা প্রস্তুত কৰা। যদি তোমালোকৰ ওচৰত গছবোৰ নাথাকিলেহেঁতেন, তেতিয়া কেনেকুৱা হ’লহেঁতেন দলত আলোচনা কৰি লিখা।

উত্তৰঃ মই থকা ওচৰ-পাজৰে থকা গছ – গছনিৰ নাম হল- আম, নাৰিকল, তামােল, কঁঠাল, কলগছ, আমলখি, শিলিখা, লেচু, মহানিম, নিম, কাজী নেমু, গােল নেমু, নাহৰ, চিৰিচ গছ, নৰসিংহ, ইত্যাদি।

যদি মই থকা ওচৰত গছবোৰ নাথাকিলেহেঁতেন, তেতিয়া বৰ বেয়া লগা মন হলে হেঁতেনে কাৰণ গছ-গছনি আমাৰ মিত্ৰ। গছে কথা পাতিব নোৱাৰিলেও আমাক নানা ধৰণৰ অসুবিধাত সহায় কৰে।

১৭। গছ সংৰক্ষণৰ বাবে পাঁচটা শ্লোগান প্রস্তুত কৰা।

উত্তৰঃ গছ সংৰক্ষণৰ বাবে ইয়াত পাঁচটা শ্লোগান হ’ল-

১। গছবোৰে জীৱন বজাই ৰাখে, সংৰক্ষণ আমাৰ কৰ্তব্য।

২। প্ৰকৃতিৰ সৌন্দৰ্য সুৰক্ষিত কৰক, গছবোৰ সংৰক্ষণ কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

৩। জীৱন সংৰক্ষণৰ বাবে গছবোৰ সংৰক্ষণ কৰক।

৪। এটা গছ, এটা জীৱন, এটা গ্ৰহ।

৫। গছৰ সংৰক্ষণ হৈছে মানৱতাৰ দায়িত্ব।

১৮। ড° ভবেন্দ্রনাথ শইকীয়াই ৰচনা কৰা শিশু-সাহিত্যসমূহ আৰু তেওঁ পৰিচালনা কৰা কথা ছবিৰ নাম সংগ্ৰহ কৰি এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ 

শিশুৰ সাহিত্য সমূহকথা ছবিৰ নাম
নন্টে ফন্টেৰ প্ৰথম অভিযান।শ্ৰীংখাল (দ্য কুইভাৰ)
জাতিংগা গল্পমণ্টু বাগিচা
মন্টু বাগিচা।
অংকীয়া নাট

2 thoughts on “Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top