Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং

Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution select needs one. Assam Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং

Join Telegram channel

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams.

নামৰ বেবেৰিবাং

Chapter – 12

ক-পাঠভিত্তিক ক্রিয়া

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে আৰু নাটকীয় ভংগীৰে পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। পাঠটো পঢ়ি কাহিনীটো চমুকৈ কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৩। পাঠটোৰ আধাৰত সংলাপখিনি ভগাই ভগাই কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৪। তলৰ শব্দসমূহৰ অর্থ কাঁড় চিন দি মিলোৱা।

শব্দঅৰ্থ
নুটুটেনদন-বদন, ধনে-জনে পৰিপূৰ্ণ
ৰৰৈয়াকোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ
ডাল-দৰিদ্ৰজঁপা, ঢাকনি থকা বাতেৰা তৈয়াৰ কৰা কাপোৰ-কানি ৰাখিব পৰা এবিধ যতন
বেজবজাইজাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি)
সুৰসুৰকৈনকমে
মৰচেৰেলাডাকি যোৱাকৈ, বিজবিজনী অনুভৱ কৰা
জকাইঅতি দুখীয়া
পেটাৰীশুকাই-ক্ষিণাই মৰাৰ নিচিনা হোৱা

উত্তৰঃ 

শব্দঅৰ্থ
নুটুটেনকমে
ৰৰৈয়ানদন-বদন, ধনে-জনে পৰিপূৰ্ণ
ডাল-দৰিদ্ৰঅতি দুখীয়া
বেজবজাইডাকি যোৱাকৈ, বিজবিজনী অনুভৱ কৰা
সুৰসুৰকৈকোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ
মৰচেৰেলাশুকাই-ক্ষিণাই মৰাৰ নিচিনা হোৱা
জকাইজাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি)
পেটাৰীজঁপা, ঢাকনি থকা বাতেৰা তৈয়াৰ কৰা কাপোৰ-কানি ৰাখিব পৰা এবিধ যতন

৫। উত্তৰ দিয়া।

(ক) নিধনীৰামৰ ঘৰ ক’ত আছিল?

উত্তৰঃ নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল।

(খ) নিধনীৰাম অভাৱী আছিল নেকি?

উত্তৰঃ নিধনীৰাম অভাৱী নাছিল।

(গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি?

উত্তৰঃ মানুহজনে কাটি থকা গছজোপাৰ নাম হ’ল – অমৰা।

(ঘ) হালোৱা মানুহজনৰ নাম কি আছিল?

উত্তৰঃ হালোৱা মানুহজনৰ নাম মৰা আছিল।

৬। কোনে, কাক কৈছিল কোৱা।

(ক) ‘এই জোপা কি গছহে ককাই?’

উত্তৰঃ উক্ত কথাষাৰ নিধনীয়ে মানুহজনক কৈছিল।

(খ) ‘পাৰোঁতোন- নিজৰা।’

উত্তৰঃ উক্ত কথাষাৰ নিধনীৰামে লৰা-ছোৱালীবোৰক সুধিছিল।

(গ) ‘মোৰ নাম মৰা।’

উত্তৰঃ উক্ত কথাষাৰ হালোৱাজনে নিধনীৰামক কৈছিল।

(ঘ) ‘বোলো কোৱা কি? তুমি দেখোন জীয়া। মৰা হ’লা কেনেকৈ?’

উত্তৰঃ উক্ত কথাষাৰ নিধনীৰামে হালুৱাজনক কৈছিল।

(ঙ) ‘জকাই বাইছোঁহে বাইছোঁ, খলিহা-পুঠী এটাও পোৱা নাই দেউতা।’

উত্তৰঃ উক্ত কথাষাৰ হালোৱাজনে নিধনীৰামক কৈছিল।

৭। নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজাইছিল লিখা।

উত্তৰঃ নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে তেওঁ ভাৱে যে গাঁওখনৰ নাম সোণাপুৰ হ’লেও তাৰ মানুহবিলাক আছিল ডাল- দৰিদ্ৰ, একমাত্ৰ নিধনীৰামৰ বাহিৰে। নামটো নিধনীৰাম হ’লেও মানুহজন আছিল দৰাচলতে ধনী। ধনে-জনে তেওঁৰ ৰৰৈয়া গৃহস্থালি গোহালিত গৰু, পুখুৰীত মাছ, ভৰালত ধান, পেটাৰিত ধন- কোনোফালেই নিধনীৰামে অভাৱৰ মুখ দেখা পোৱা নাছিল তেওঁ ভাবিছিল যে তেনে স্থলত মানুহে তেওঁক নিধনী বুলি মাতিলে বিছাই ডাকাৰ দৰে গাটো বেজবেজাই গৈছিল।

৮। নিধনীৰামে শেষত ভবা যোজনা ফাকিৰ অর্থ লিখা।

উত্তৰঃ নিধনিৰামে শেষত ভাবিলে যে মানুহৰ নামটোৱেই আচল পৰিচয় নহয়। পৃথিৱীত থকা সকলো গছ – গছনি, জীৱ-জন্তু আৰু মানুহ সকলাে প্রাণীয়েই যিহেতু মৰে, গতিকে ইয়াৰ লগত নামৰ কোনাে গুৰুত্ব নাই। ঠিক তেনেদৰে এখন অমৰা নামৰ গছো মৰে, জীয়াই থকা মানুহৰ নাম ‘মৰা’ হলেও সি সেই সময়ত মৰি থকা নাই, নিজৰি পানী বৈ থকা কাৰণেই পানীদৰাৰ নাম নিজৰা। সেইদৰে অতি দুখীয়া মানুহৰ ছােৱালীয়ে ধন – সম্পত্তিৰ গৰাকী ‘লখিমী’ নাম আৰু অতি ধনী মানুহেও নিধনী নাম ল’ব পাৰে। লখিমী নাম ললে দুখীয়া ছােৱালীজনী ধন – সম্পত্তিৰ গৰাকী হ’ব নােৱাৰে বা নিধনী বুলিলেই ধনীলােক নিধনীৰাম দুখীয়া বা ধনহীন বুলি জনা নাযাব। 

৯। তলৰ ‘ক’-অংশৰ শব্দৰ লগত ‘খ’-অংশ মিলাই লিখা।

‘ক’ অংশ‘খ’ অংশ
গোহালিতধান
পুখুৰীততামোল-পান
ভঁৰালতমাছ
বাৰীতগৰু
শাকনিতকোমোৰা
চালতফুল
ফুলনিতশাক

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
গোহালিতগৰু
পুখুৰীতমাছ
ভঁৰালতধান
বাৰীতশাক
শাকনিততামোল-পান
চালতকোমোৰা
ফুলনিতফুল

১০। তলৰ ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি কাহিনী আকাৰে লিখা।

উত্তৰঃ ছবিখনত আমি এখন ধুনীয়া গাঁওখন দেখিবলৈ পাইছোঁ য’ত নানা ধৰনৰ গছ-গছনি আছে। তামোল-গছ, নাৰিকল-গছ, কল-গছ আদি। লগতে আইতাই কলহত পানী ভৰাই ঘৰলৈ নি আছে আৰু এজন ৰাখোৱালে গৰু-ছাগলী চৰাই আছে।

খ-ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১১। পাঠটোত মাক-বাপেক, ল’ৰা-ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক যুৰীয়া শব্দ আছে। ‘ক-অংশ’ৰ লগত ‘খ-অংশ’ৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা।

উদাহৰণ: ককা-আইতা

ক-অংশখ-অংশ
ভাইবোপাই
আইপেহী
পেহাজোঁৱাই
জীআমৈ
শাহুভনী
তাবৈশহুৰ

উত্তৰঃ 

ক-অংশখ-অংশ
ভাইভনী
আইবোপাই
পেহাপেহী
জীজোঁৱাই
শাহুশহুৰ
তাবৈআমৈ

১২। তলৰ শব্দবোৰৰ বিপৰীত অর্থ প্রকাশক শব্দ লিখা।

শব্দবিপৰীত শব্দ
ভাল
জীয়া
নিধনী
বহল
নালাগে
নুটুটে
নোৱাৰে
নামাতিলে

উত্তৰঃ 

শব্দবিপৰীত শব্দ
ভালবেয়া
জীয়ামোৰ
নিধনীধনী
বহলঠেক
নালাগেলাগে
নুটুটেটুটে
নোৱাৰেপাৰে
নামাতিলেমাতিলে

জানো আহা-

১৩। (ক) বাক্য ৰচনা কৰা।

গা বেজবেজাই যা, ডাল-দৰিদ্ৰ, ভেকাহি মাৰ, গা নচুৱাই ফুৰ

উত্তৰঃ (i) গা বেজবেজাই যা: গাঁৱৰ মানুহে নিধনীৰামক নিধনী বুলি মাতিলে তেওঁৰ গা  বেজবেজাই।

(ii) ডাল-দৰিদ্ৰ: সোণাপুৰ গাঁৱৰ মানুহবিলাক আছিল ডাল-দৰিদ্ৰ।

(iii) ভেকাহি মাৰ: 

(iv) গা নচুৱাই ফুৰ: 

(খ) ‘ধন’ শব্দটোৰ লগত ‘ঈ’ প্রত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত ‘ঈ’ প্রত্যয় যোগ হ’লে কি হয় লিখোঁ আহা-

(i) জ্ঞান + ঈ = ______।

উত্তৰঃ জ্ঞানী।

(ii) মান + ঈ = ______।

উত্তৰঃ মানী।

(iii) দান + ঈ =______।

উত্তৰঃ দানী।

(iv) সুখ + ঈ =_____।

উত্তৰঃ সুখী।

(v) গুণ + ঈ =_____।

উত্তৰঃ গুণী।

(vi) দুখ + ঈ =_____।

উত্তৰঃ দুখী।

গ-জ্ঞান সম্প্রসাৰণ

১৪। আনে তোমাৰ বিষয়ে কোবা কোনবোৰ কথাই তোমাৰ গা বেজবেজাই যায় লিখা?

উত্তৰঃ আনে মোৰ বিষয়ে নােহােৱা কথাৰ অপবাদ বা বদনাম দিলে বা বেয়াকৈ কলে আৰু মহৎলােকৰ প্রতি কোনােবাই কুৎসা ৰটনা কৰিলে, অসন্মান কৰিলে গা বেজবেজাই যায়।

১৫। অসমৰ খাল-বিল, নৈত মাছ উভৈনদী হৈ আছে। সেইবোৰত উৎসব-পার্বণ উপলক্ষে ৰাইজে সমূহীয়াকৈ মাছ মাৰে। তুমি দেখা (নিজ চকুবে/দূবদর্শনত/তথ্যচিত্র আদিত) তেনেকুৱা মাছ ধৰা উৎসৱৰ  বিষয়ে বর্ণনা কৰা।

উত্তৰঃ নিজ চকুৰে  দেখা উৎসৱৰ গাঁৱৰ মানুহবোৰে পৰম্পৰাগত মাছ ধৰা পদ্ধতি যেনে জাল, ফান্দ, আনকি কেতিয়াবা পৰম্পৰাগত বাঁহৰ মাছ ধৰা টোপোলাও ব্যৱহাৰ কৰে। পৰিৱেশটো উৎসৱমুখৰ, পৰম্পৰাগত সংগীত, নৃত্য, স্থানীয় সুস্বাদু খাদ্যই স্পন্দনশীল আৱেগক আৰু অধিক জোৰদাৰ কৰি তুলিছে।

১৬। লখিমীৰ চুলিকোছা জাঁটলী বা অবিন্যস্ত আছিল। তোমালোকেও তেনেকৈ ৰাখা নেকি? যদি নাৰাখা, তেনেহ’লে তোমালোকে চুলি, দাঁত, ছাল আদি শৰীৰৰ অংগ-প্রত্যংগবোৰৰ কেনেধৰণে যত্ন লোবা, দলত আলোচনা কৰি লিখা?

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৭। পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হালবাই খেতি কৰিছিল। কিন্তু এতিয়া কি কি উপায়েৰে  হালবােৱা , মৰণা মৰা আদি কাম কৰে? 

উত্তৰঃ পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হালবাই খেতি কৰিছিল। কিন্তু এতিয়া সেইবোৰ সলনি হৈ নতুন – নতুন সুবিধা ওলাইছে যেনে হালবােৱাৰ সলনি ট্রেক্টৰেৰে আজিকালি হাল বাই ধান মাৰিবলৈ গৰুৰ সলনি বহলকৈ বহুত ধানৰ মুঠি পেলাই থৈ তাৰ ওপৰত ট্ৰেক্টৰ ঘূৰাই বা অন্য হাত মেচিন , পেডেল মেচিন অথবা যন্ত্রচালিত মেচিনেৰে ধান মাৰিবলৈ লৈছে। 

১৮। শ্রেণীকোঠাত তোমালোকে মুক অভিনয় কৰি দেখুওৱা-

(ক) ল’ৰাবোৰে ছোৱালীয়ে কৰা কাম।

(খ) ছোৱালীবোৰে ল’ৰাই কৰা কাম।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

প্রকল্প

১৯। (ক) আমাৰ খেতিয়ক এজনে ব্যৱহাৰ কৰা আহিলা-পাতি নাঙল, যুঁৱলি, মৈ, জবকা, দলিমাৰি, জাপি, ৰয়না (কোৰোণা), বিন্ধা আদিৰ ছবি সংগ্ৰহ কৰি এলবাম প্রস্তুত কৰা।

উত্তৰঃ

(i) 

(ii)

(iii)

(iv) 

(v) 

(vi) 

(vii) 

(খ) তলৰ ছবিত দেখা সঁজুলিবোৰৰ নামৰ লগতে তাৰ ব্যৱহাৰ সম্পর্কে লিখা-

(i) জাকৈ: জাকৈ আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ।

(ii) খালৈ: খালৈত আমি মাছ ৰাখোঁ।

(iii) প’ল: মাছ ধৰিবলৈ আমি প’ল ব্যৱহাৰ কৰোঁ

(iv) ডিঙৰা: বাৰিষা কালত  ডিঙৰা পাতি মাছ মাছ ধৰোঁ।

(গ) তোমালোকে প্রত্যেকেই নিজে গল্প, কবিতা লিখিবলৈ যত্ন কৰা আৰু বাতৰি কাকতত প্রকাশৰ বাবে মা-দেউতাৰাৰ সহায়ত পঠিয়াই দিয়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top