Class 3 Environment Chapter 15 আমি জানিবলগীয়া কথা

Class 3 Environment Chapter 15 আমি জানিবলগীয়া কথা, SEBA Chapter 15 আমি জানিবলগীয়া কথা Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমি জানিবলগীয়া কথা

Chapter – 15

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) বানপানীয়ে আমাৰ কি কি অপকাৰ কৰে? 

উত্তৰ : বানপানীয়ে আমাৰ বহুত অপকাৰ কৰে―

( i ) মানুহ আৰু জীবজন্তুৰ খাদ্য আৰু আশ্ৰয়ৰ অভাৱ হয়।

( ii ) খাদ্য আৰু খোৱাপানীৰ অভাৱ হয়।

( iii ) বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ হয়।

( iv ) পৰিৱেশ দূষিত হয়।

( v ) বাটপথ ভাগি-ছিগি যাতায়াতৰ অসুবিধা হয়।

( vi ) কেতিয়াবা মাটিৰ ওপৰত বালি জমা হৈ মাটিডৰা খেতিৰ অনুপযোগী হয়।

(খ) তোমাৰ অঞ্চলত বানপানীত ডুব যোৱা ঠাইবোৰৰ নাম লিখা।

উত্তৰ : আমাৰ অঞ্চলত বানপানীত ডুব যোৱা ঠাইবোৰ হ’ল— হাৰিভাঙ্গা, বৰপীত, ভোজকুছি, শিয়ালমাৰী, বালি আদি। 

(গ) ভূমিকম্প আহিলে ঘৰৰ ভিতৰত কিয় থাকিব নালাগে দলত আলোচনা কৰি লিখা। 

উত্তৰ : ভূমিকম্প আহিলে ঘৰৰ ভিতৰত থাকিব নালাগে। কাৰণ ভূমিকম্পৰ জোকাৰণিত ঘৰ দুৱাৰ ভাঙি বা, ঘৰৰ ওপৰত গছ গছনি উভালি পৰি ভিতৰত থকা মানুহ আৰু জীৱজদ্ভব মৃত্যু হব পাৰে।

(ঘ) খোৱাৰ পিছত পেলনীয়া বস্তুবোৰ ক’ত পেলাৰ লাগে লিখা। 

উত্তৰ : খোৱাৰ পিছত পেলনীয়া বস্তুবোৰ নিৰ্দিষ্টকৈ ৰখা জাৱৰ পেলোৱা বাকচতাহ পেলাব লাগে।

প্রশ্ন ২। শুদ্ধ উত্তৰটোত (✓) চিন দিয়া :

(ক) বানপানী হলে খোৱা বস্তু ঢাকনী দি থব লাগে/নালাগে। 

উত্তৰ : বানপানী হলে খোৱা বস্তু ঢাকনী দি থব লাগে। 

(খ) বানপানী হলে পানীলৈ নামি যাব লাগে/নালাগে। 

উত্তৰ : বানপানী হলে পানীলৈ নামি যাব নালাগে। 

(গ) বানপানী হলে ওখ নিৰাপদ ঠাইত আশ্রয় লব লাগে/নালাগে। 

উত্তৰ : বানপানী হলে ওখ নিৰাপদ ঠাইত আশ্রয় লব লাগে। 

(ঘ) বানপানী হলে প্রাণীবোৰক নিৰাপদ ঠাইলৈ নিব লাগে/নালাগে।

উত্তৰ : বানপানী হলে প্রাণীবোৰক নিৰাপদ ঠাইলৈ নিব লাগে। 

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :

(ক) ভূমিকম্প হলে ঘৰৰ ভিতৰত থাকিব ––––৷

উত্তৰ : ভূমিকম্প হ’লৈ ঘৰৰ ভিতৰত থাকিব নালাগে।

(খ) ধুমুহাৰ সময়ত গছৰ তলত থাকিব ––––৷

উত্তৰ : ধুমুহাৰ সময়ত গছৰ তলত থাকিব নালাগে। 

(গ) জুই লাগিলে তৎক্ষণাৎ ––––বাহিনীক খবৰ দিব লাগে। 

উত্তৰ : জুই লাগিলে তৎক্ষণাৎ তাগ্নিনির্বাপক বাহিনীক খবৰ দিব লাগে।

(ঘ) খোজ কাঢ়োতে সদায় নিজৰ ––––যাব লাগে।

উত্তৰ : খোজ কাঢ়োঁতে সদায় নিজৰ বাঁওহাতে যাব লাগে। 

(ঙ) যান-বাহনত ––––পাতি এজন এজনকৈ উঠিব লাগে।

উত্তৰ : যান-বাহনত শাৰী পাতি এজন এজনকৈ উঠিব লাগে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। দুৰ্যোগবোৰ কেইধৰণে ঘটে? কি কি ? 

উত্তৰ : দুৰ্যোগবোৰ দুই ধৰণে ঘটে — 

(ক) প্ৰকৃতিয়ে সৃষ্টি কৰা দুর্যোগ।আৰু 

(খ) মানুহে সৃষ্টি কৰা দুর্যোগ। 

প্রশ্ন ২। বানপানী কাক বোলে ?

উত্তৰ : বাৰিষাত বৰষুণ অধিক হলে নৈবোৰৰ বাঢ়নী পানীয়ে লাহে লাহে পাৰৰ সমগ্ৰ অঞ্চল বুঢ়াই পেলায়, ইয়াকে বানপানী বোলে।

প্রশ্ন ৩। দুবিধ প্রাকৃতিক দুর্যোগৰ নাম লিখা।

উত্তৰ : দুবিধ প্রাকৃতিক দুর্যোগ হ’ল ভূমিকম্প আৰু বানপানী। 

প্রশ্ন ৪। বানপানী হলে কি কৰিব লাগে ? 

উত্তৰ : ( i ) ওখ নিৰাপদ ঠাইত আশ্রয় ল’ব লাগে।

( ii ) পোহনীয়া জীৱজন্তুক ওখ নিৰাপদ ঠাইলৈ নিব লাগে।

( iii ) উদ্ধাৰকাৰীৰ সহায় লব লাগে।

( iv ) খোৱাপানী উতলাই খাব লাগে।

( v ) য’তে-ত’তে শৌচ-প্ৰস্ৰাৱ কৰিব নালাগে। 

( vi ) ঘৰব বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব লাগে।

( vii ) পানীলৈ নামি যাব নালাগে।

প্রশ্ন ৫। বানপানীৰ বাবে কি ধৰণে সজাগ হব লাগে ? 

উত্তৰ : ( i ) পাৰিলে শুকান খাদ্য, খোৱাপানী, কেবাচিন আদি মজুত কৰি থব লাগে।

( ii ) বীজাণুনাশক দ্রব্য সংৰক্ষণ কৰি থব লাগে। 

( iii ) ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগে দিয়া ঘোষণা আৰু চৰকাৰে দিয়া জাননীৰ প্ৰতি সজাগ হৈ থাকিব লাগে। 

প্রশ্ন ৬। ভূমিকম্প আহিলে কি কৰিব লাগে ?

উত্তৰ : ভূমিকম্প আহিলে ঘৰৰ ভিতৰত থাকিব নালাগে। মুকলি ঠাইলৈ ওলাই যাব লাগে। মুকলি ঠাইত থাকিলে শুই পৰিব লাগে। ঘৰৰ ভিতৰত থাকিলে মেজ বা বিছনাৰ তলত আশ্রয় ল’ব লাগে। বিদ্যালয়ত থাকিলে বেঞ্চ বা মেজৰ তলত আশ্ৰয় লৈ খুটাত ধৰি থাকিব লাগে।

প্রশ্ন ৭। ধুমুহা আহিলে কি কৰিব লাগে ?

উত্তৰ : নিৰাপদ ঠাইত আশ্রয় ল’ব লাগে। জ্বলি থকা জুই নুমুৱাই থব লাগে। গছৰ তলত আৰু বিজুলী তাঁৰৰ তলত থাকিব নালাগে। উভালি পৰা বিজুলী খুঁটাৰ তাঁৰ হাতেৰে চুব নালাগে।

প্রশ্ন ৮। আলিবাটত খোজ কঢ়াৰ চাৰিটা নিয়ম লিখা।

উত্তৰ : ( i ) খোজ কাঢ়োতে সদায় নিজৰ বাঁওহাতে যাব লাগে। 

( ii ) আলিবাট পাৰ হওঁতে সোঁৱে-বাঁওৱে চাই ল’ব লাগে।

( iii ) চলি থকা যান-বাহনৰ আগেৰে পাৰ হ’ব নালাগে। 

( iv  ) যান-বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীৰ নিৰ্দেশ মানিব লাগে।

প্রশ্ন ৯। যান-বাহনত উঠোঁতে মানি চলিবলগীয়া নিয়মবোৰ লিখা। 

উত্তৰ : ( i ) যান-বাহনত শাৰী-পাতি এজন এজনকৈ উঠিব লাগে।

( ii ) ঠেলা-হেঁচা কৰিব নালাগে।

( iii ) লাহে লাহে চলি থকা গাড়ীত জাপমাৰি উঠা-নমা কৰিব নালাগে।

( iv ) খিৰিকীৰে বাহিৰলৈ হাত-মূৰ উলিয়াব নালাগে। 

( v ) নমাৰ সময়ত গাড়ী যোৱাৰ ফালে (সন্মুখফালে) মুখ কৰি নামিব লাগে।

প্রশ্ন ১০। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) য’তে-ত’তে বস্তু পেলাব লাগে/নালাগে।

উত্তৰ : য’তে ত’তে বস্তু পেলাব নালাগে।

(খ) ঘৰত জুই লাগিলে অধৈর্য হ’ব নালাগে/লাগে। 

উত্তৰ : ঘৰত জুই লাগিলে অধৈর্য হ’ব নালাগে।

(গ) বানপানী হলে দ-ঠাইত/ওখ ঠাইত আশ্রয় লব লাগে।

উত্তৰ : বানপানী হলে ওখ ঠাইত আশ্রয় লব লাগে। 

(ঘ) বানপানীয়ে মাটিত পলস পেলায়/নেপেলায়।

উত্তৰ : বানপানীয়ে মাটিত পলস পেলায়।

(ঙ) বানপানীয়ে পৰিৱেশ দূষিত/বিশুদ্ধ কৰে।

উত্তৰ : বানপানীয়ে পৰিৱেশ দূষিত কৰে। 

(চ) ধুমুহা আহিলে জ্বলি থকা জুই নুমুৱাই থব নালাগে/লাগে।

উত্তৰ : ধুমুহা আহিলে জ্বলি থকা জুই নুমুৱাই থব লাগে।

প্রশ্ন ১১। উত্তৰ দিয়া :

(ক) টেফিক লাইটৰ ৰং কেইটাই কি বুজায় ?

উত্তৰ : ট্রেফিক লাইটৰ ৰঙা ৰঙে ৰ’বলৈ কয়। হালধীয়া ৰঙে সাজু হ’বলৈ কয়। সেউজীয়া ৰঙে যাবলৈ কয়।

(খ) জুই লগাৰ ক্ষেত্ৰত লবলগীয়া এটা সতর্কতাৰ বিষয়ে লিখা। 

উত্তৰ : ১। সম্ভৱ হ’লৈ ঘৰত জুই নুমোৱা যন্ত্ৰ ৰাখিব লাগে। 

২। অগ্নিনির্বাপক বাহিনীৰ ফোন নম্বৰ সহজে পোৱাকৈ ৰাখি থব লাগে। 

৩। অগ্নিনির্বাপক বাহিনীক জুই লগা সঠিক স্থানৰ বিষয়ে জনাব লাগে। 

(গ) গাত জুয়ে পুৰিলে কি কৰিব লাগে ? 

উত্তৰ : গাত জুয়ে পুৰিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ যাব লাগে।

(ঘ) বানপানীৰ দুটা উপকাৰ লিখা।

উত্তৰ : বানপানী খেতিপথাৰত পলস পেলাই মাটি সাৰুৱা কৰে। বানপানীয়ে লেতেৰা বস্তুবোৰ উটুৱাই নিয়ে। 

(ঙ) মানুহে সৃষ্টি কৰা এটা দুৰ্যোগৰ নাম লিখা।

উত্তৰ : মানুহে সৃষ্টি কৰা এটা দুর্যোগ হল –কৃত্রিম বানপানী। 

প্রশ্ন ১২। খালী ঠাই পূৰ কৰা : 

(ক) বানপানীয়ে মানুহৰ ঘৰ-দুৱাৰ, খেতি-পথাৰ, জীৱজন্তুৰ ––––কৰে।

উত্তৰ : বানপানীয়ে মানুহৰ ঘৰ-দুৱাৰ, খেতি পথাৰ, জীৱজন্তুৰ বিস্তৰ ক্ষতিসাধন কৰে ৷

(খ) দুৰ্যোগবোৰ ––––ধৰণে ঘটে।

উত্তৰ : দুৰ্যোগবোধ দুই ধৰণে ঘটে।

(গ) বানপানী আহিলে পানীলৈ নামি যাব––––৷

উত্তৰ : বানপানী আহিলে পানীলৈ নামি যাব নালাগে। 

(ঘ) ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিলে ––––তলত আশ্রয় লব লাগে।

উত্তৰ : ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিলে বিছনা বা মেজৰ তলত আশ্রয় লব লাগে। 

(ঙ) ধুমুহা আহিলে জ্বলি থকা জুই ––––থব লাগে।

উত্তৰ : ধুমুহা আহিলে জ্বলি থকা জুই নুমুৱাই থব লাগে।

(চ) খোজকাঢ়োতে সদায় নিজৰ ––––যাব লাগে।

উত্তৰ : খোজকাঢ়োঁতে সদায় নিজৰ বাঁওহাতে যাব লাগে।

(ছ) নগৰ-মহানগৰৰ ৰাস্তাত ––––চিন থাকে।

উত্তৰ : নগৰ-মহানগৰৰ ৰাস্তাত জেব্রা চিন থাকে।

(জ) নিয়ম নমনা চালকক যান-বাহন নিয়ন্ত্রণ আইনে ––––বুলি গণ্য কৰে।

উত্তৰ : নিয়ম নমনা চালকক যান-বাহন নিয়ন্ত্রণ আইনে দোষী বুলি গণ্য কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top