Class 3 Assamese Chapter 2 একতাৰ বল

Class 3 Assamese Chapter 2 একতাৰ বল, SEBA Chapter 2 একতাৰ বল Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

একতাৰ বল

Join Telegram channel

Chapter – 2

ক্রিয়া-কলাপ

ক– পাঠভিত্তিক ক্রিয়া

১। সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা।

উত্তৰঃ ওপৰত দিয়া পাঠটোৰ মূলকথা পঢ়া আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

২। উত্তৰ দিয়া—

(ক) গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল?

উত্তৰঃ গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল।

(খ) সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে?

উত্তৰঃ সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে।

(গ) খেতিয়কজনৰ কেইজন পুতেক আছিল?

উত্তৰঃ খেতিয়কজনৰ চাৰিজন পুতেক আছিল।

(ঘ) পুতেক কেইজনৰ মাজত মিল আছিলনে?

উত্তৰঃ পুতেকহঁতৰ মাজত মিল নাছিল।

(ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ কি কৰিবলৈ দিলে?

উত্তৰঃ দেউতাকে পুতেকহঁতক এডাল এডালকৈ প্ৰত্যেকক ইকৰাৰ কাঠী দি সেয়া ভাঙিবলৈ দিলে।

(চ) ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে?

উত্তৰঃ ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে।

(ছ) মিলিজুলি থাকিলে কি হয়?

উত্তৰঃ মিলিজুলি থাকিলে আন কোনেও হানি-বিঘিনি ঘটাব নোৱাৰে।

৩। থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা—

জহকালিচেষ্টা কৰি পোৱা
কাণসাৰএকতা
পাঙিলেকোনো কথালৈ মনোযোগ দিয়া
মিলা-প্ৰীতিভাবিলে
অর্জনগৰমকালি

উত্তৰঃ

জহকালিগৰমকালি
কাণসাৰকোনো কথালৈ মনোযোগ দিয়া
পাঙিলেভাবিলে
মিলা-প্ৰীতিএকতা
অর্জনচেষ্টা কৰি পোৱা

৪। তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা—

উদাহৰণ— আছিল এখন খেতিয়ক গাঁৱত এজন।

উত্তৰঃ এখন গাঁৱত এজন খেতিয়ক আছিল।

(ক) চাৰিজন আছিল খেতিয়কজনৰ পুতেক।

উত্তৰঃ খেতিয়কজনৰ পুতেক চাৰিজন আছিল।

(খ) পুতেক নাছিল মাজত কেইজনৰ মিল।

উত্তৰঃ পুতেক কেইজনৰ মাজত মিল নাছিল।

(গ) ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন।

উত্তৰঃ খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল।

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। নাওখনত থকা শব্দবোৰ পঢ়া। খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা—

স্বভাৱপোহপালসাফল্যমূল্যৱানবুদ্ধি

(ক) তেওঁৰ_______________ ভাল।

উত্তৰঃ তেওঁৰ স্বভাৱ ভাল।

(খ) অবাবত_______________ সময় নষ্ট নকৰিবা।

উত্তৰঃ অবাবত মূল্যৱান সময় নষ্ট নকৰিবা।

(গ) মিলিজুলি কাম কৰিলে সহজে______________ অর্জন কৰিব পাৰি।

উত্তৰঃ মিলিজুলি কাম কৰিলে সহজে সাফল্য অর্জন কৰিব পাৰি।

(ঘ) খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো______________ দিছিল।

উত্তৰঃ খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো পোহপাল দিছিল।

(ঙ) বলেৰে নোৱাৰিলে_________________ প্ৰয়োগ কৰিবা।

উত্তৰঃ বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা।

২। (ক) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আহা—

মূল্যৱানল্যল+য়ল-ইয়-হল্য
বাণিজ্যজ্যজ+য়জ-ইয়-হজ্য
সদস্যস্যস+য়স-ইয়-হস্য
কাম্যম্যম+য়ম-ইয়-হম্য
খাদ্যদ্যদ+য়দ-ইয়-হদ্য

(খ) যুক্তাক্ষৰ গঠন কৰোঁ আহা—

ল+য়ল-ইয়-হল্য
জ+য়জ-ইয়-হজ্য
স+য়স-ইয়-হস্য
ন+য়ন-ইয়-হন্য

জানি থোৱা— শ’, ‘য’, ‘স’ৰ লগত ‘য়’ যোগ হ’লে ধ্বনি কেইটাৰ উচ্চাৰণ ‘চ্য’ হয়। যেনে- শ্যামল, ভবিষ্যত, নমস্য।

৩। হাতেৰে আমি কি কি কৰোঁ লিখা—

খেলোঁ, খোলোঁ, ভাঙো

উত্তৰঃ (ক) খেলোঁ— হাতেৰে আমি কেৰম, লুডু, মাৰ্বল খেলোঁ।

(খ) খোলোঁ— হাতেৰে আমি খিৰিকী খোলোঁ।

(গ) ভাঙো— হাতেৰে আমি ইকৰা ভাঙো।

৪। মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা—

জ্যল্যস্য

(ক) পিতৃ-মাতৃ আমাৰ পূ ________________।

উত্তৰঃ পিতৃ-মাতৃ আমাৰ পূজ্য

(খ) সময় অমূ ________________ ধন।

উত্তৰঃ সময় অমূল্য ধন।

(গ) শিক্ষাগুৰু সকল নম_________________।

উত্তৰঃ শিক্ষাগুৰু সকল নমস্য

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top