🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Assamese Chapter 1 আমাৰ গাওঁ

Class 3 Assamese Chapter 1 আমাৰ গাওঁ, SEBA Chapter 1 আমাৰ গাওঁ Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

আমাৰ গাওঁ

Chapter – 1

ক্রিয়া-কলাপ

১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা—

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

২। কওঁ আহা—

(ক) পদূলিমুখত কি ফুল ফুলে?

উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে।

(খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?

উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে।

(গ) পথাৰখন দেখিবলৈ কেনেকুৱা?

উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া।

(ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?

উত্তৰঃ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে।

(ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভবি আছে?

উত্তৰঃ গাওঁখন ভৰি থকা শুৱনি বস্তুবোৰ হ’ল–ঘৰবাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল-পানৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু,পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আৰু সহজ-সৰল জীৱনযাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্রীতি।

(চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?

উত্তৰঃ পদ্যটিত একেটি থুপিৰে ফুল গাঁৱৰ ভাই-ভনী ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনাক কোৱা হৈছে।

২। ‘আমাৰ গাঁও’ পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা—

উত্তৰঃ আমাৰ গাওঁখন বৰ ধুনীয়া, আমাৰ ঘৰ আৰু পদূলিমুখত ফুলি থকা গধূলিগোপাল ফুলজোপাও বৰ মনোহৰ। বহুত গছ-গছনিৰে ভৰি থকা বাৰীখনত থকা তামোল-পাণ আৰু পকা ধানেৰে উপচি থকা সোণালী পথাৰখনো বৰ ধুনীয়া।

৩। পদ্যটি পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা। সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা—

উত্তৰঃ

শব্দঅৰ্থ
ভৰাপূৰ্ণ, ভৰ্তি হৈ থকা।
শুৱনিমনোমোহা, দেখিবলৈ ধুনীয়া।
চৰেবিচৰণ কৰে।
সোণালীসোন বৰণীয়া।
ৰচকীউৎসাহী, চঞ্চলা।
সুৱদিশুনিবলৈ ভাল।
হাটবজাৰ।
গঞালোকগাওঁলিয়া মানুহ।
নামঘৰপ্ৰাৰ্থনা গৃহ।

৪। লিখা—

(ক) পদ্যটোত থকা মানুহৰ নাম লিখা?

উত্তৰঃ পদ্যটোত থকা মানুহৰ নাম হৈছে – ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনা।

(খ) পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম লিখা?

উত্তৰঃ গাওঁখন, ঘৰখন, গধূলিগোপাল ফুল, ভৰা বাৰীখন, তামোল-পাণ, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ফুল, পথিলা, গৰু-গাইবোৰ, নদীৰ ঘাট, সৰু নামঘৰ, ভাই-ভনী, গঞালোক।

(গ) পদ্যটোত বিচাৰি উলিয়াই লিখা—

‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ‘ৰ’ আখৰটো মাজত থকা শব্দ‘ৰ’ আখৰটো শেষত থকা শব্দ

উত্তৰঃ

‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ‘ৰ’ আখৰটো মাজত থকা শব্দ‘ৰ’ আখৰটো শেষৰ থকা শব্দ
ৰাজহাঁহবাৰীখনিআমাৰ, ভৰা।
ৰহিমবাটৰুৱামনোহৰ, পথাৰ।
ৰচকীমৰমৰগছৰ, গাওঁৰ, পুখুৰী, চৰে, নামঘৰ, বকুলৰ, থুপিৰ, মুখৰ।
খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। তলৰ স্বৰচিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা—

যেনে— 

উত্তৰঃ 

শূ ⇒ গু ⇒ শিশু, শুৱনি।
ৰু ⇒ ৰু ⇒ গৰু, সৰু।
ৰূ ⇒ ৰূ ⇒ ৰূপ, ৰূপম।
হূ ⇒ হু ⇒ হুকুম, বিহু।
গু ⇒ গু ⇒ গুৱাহাটী, আগুৰি।

২। তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা—

শুৱনি, মনোহৰ, ৰচকী, মিলিজুলি।

উদাহৰণঃ  শুৱনিঃ (i) আমাৰ গাঁওখন অতি শুৱনি।

(ii) হৰিণাৰ চকুযুৰি শুৱনি।

উত্তৰঃ মনোহৰঃ (i) আমাৰ বাগিচাখন বৰ মনোহৰ।

(ii) অসমৰ মনোহৰ প্ৰাকৃতিক ৰূপে মানুহক মুগ্ধ কৰে।

ৰচকীঃ (i) গায়ত্ৰী এগৰাকী ৰচকী ছোৱালী।

(ii) আমাৰ গাৱঁৰ নাচনীজনী অতি ৰচকী।

মিলিজুলিঃ (i) আমি সকলোৱে মিলিজুলি থাকিব লাগে।

(ii) গাঁৱৰ মানুহে একে লগে মিলিজুলি থাকে।

৩। তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা—

উদাহৰণঃ সৰু নামঘৰ বৰ নামঘৰ।

(ক) ভৰা বাৰীখনি ___________ বাৰীখনি।

উত্তৰঃ খালি।

(খ) পকা ধান_______________ ধান।

উত্তৰঃ কেঁচা।

(গ) তলেদি বাট________________ বাট।

উত্তৰঃ ওপৰেদি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top