Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন Solutions for All Subject, You can practice these here…

পৰিয়াল আৰু স্বজন – পদ্ধতি 

প্রশ্ন ১।পৰিয়ালৰ সংজ্ঞা দিয়া । ইয়াৰ প্ৰধান বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ পৰিয়াল হ’ল সমাজৰ প্রাথমিক গােট । পৰিয়ালক কেন্দ্ৰ কৰিয়েই মানুহৰ সামাজিক জীৱন আৰম্ভ হয় । স্বামী – স্ত্রী তেওঁলােকৰ ল’ৰা – ছােৱালী আৰু আন আত্মীয় – স্বজন , যিসকলে একে ৰান্ধনীশালত স্থায়ীভাৱে খােৱা – বােৱা কৰি , একেলগে একেখন ঘৰতে বসবাস কৰে সেই জনসমষ্টিটোকে আমি সাধাৰণতে পৰিয়াল বুলি কওঁ যদিও সমাজশাস্ত্রবিদসকলে ইয়াৰ সংজ্ঞা বিভিন্ন প্রকাৰে দিছে । তলত দুটা উল্লেখযােগ্য সংজ্ঞা দিয়া হ’ল— 

সংজ্ঞা :-

১। মে আইভাৰ আৰু পেজৰ মতে , “ পৰিয়াল এনে এক নির্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গােট , যি সন্তান জন্ম দিয়া আৰু সিহঁতক লালন পালন কৰা কার্য সম্পাদন কৰে । ” ( “ The family is a group defined by a Sex relationship sufficiently precise and eduring to provide for the procreation and up – bringing of children . ” ) 

২। আগবাৰ্ণ আৰু নিৰ্কৰ মতে , “ পৰিয়াল বিবাহিত পতি – পত্নী আৰু তেওঁলােকৰ নিজৰ নাইবা আনৰ পৰা তুলি লােৱা সন্তানক , লৈ গঠিত হােৱা ব্যক্তিৰ সমষ্টি বা গাৈট । ” ( ” Family is more or less durable association of husband and wife without children or of a man or woman alone . ” ) 

মুঠতে দেখা যায় পতি – পত্নী আৰু তেওঁলােকৰ সন্তানেই হ’ল পৰিয়াল গঠনৰ মূল আধাৰ । 

পৰিয়ালৰ বৈশিষ্ট্যসমূহ ( Characteristics of Family ) :

১। সার্বজনীনতা :- পৰিয়াল এটা সার্বজনীন সংস্থা । মানৱ সমাজত প্রাচীন যুগৰে পৰা সকলাে স্তৰতে পৰিয়ালৰ স্থিতি বিভিন্ন প্রকাৰে পােৱা যায় । বিভিন্ন সময়ৰ এই পৰিয়ালবোৰত পতি – পত্নী আৰু তেওঁলােকৰ ল’ৰা – ছােৱালীক লৈ একেলগে সুখে – শান্তিৰে বসবাস কৰাটো এটা সার্বজনীন চিৰন্তন চৰিত্র । 

২। অনুভূতিৰ আধাৰ :- পৰিয়াল হ’ল মানুহৰ সকলাে প্ৰকাৰৰ মানৱীয় অনুভূতিৰ আধাৰ । মানুহৰ সুখ – দুখ , ভয় – ভক্তি , ভাল – বেয়া , হাঁহি কান্দোন , যশ – অপযশ , মৰম – চেনেহ আদি সকলাে অনুভূতিৰ আধাৰ । পৰিয়ালৰ ব্যক্তিসকল এই অনুভূতিবােৰৰ এক নিবিড় এনাজৰীৰে বান্ধ খাই থাকে । পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখ – দুখৰ সমভাগী । 

৩। সীমিত আকাৰ :- পৰিয়াল সাধাৰণতে সীমিত আকাৰৰ । পুৰুষ – মহিলাৰ বিবাহৰ দ্বাৰা পৰিয়ালৰ গঠন হলেও , তেওঁলােকৰ ল’ৰা – ছােৱালীৰ জন্ম হৈ পৰিয়ালত ব্যক্তিৰ সংখ্যা বৃদ্ধি  হয় যদিও আনহাতে মৃত্যুৰ দ্বাৰা পৰিয়ালৰ সংখ্যা কমিও যায় । বিবাহৰ দ্বাৰাও পৰিয়ালৰ ব্যক্তিৰ সংখ্যা কম – বেছি হ’ব পাৰে । মুঠতে পৰিয়াল সদায় এটা সীমিত আকাৰত থাকে । পৰিয়ালৰ ব্যক্তিৰ সংখ্যা বঢ়া – টুটা নিত্য – নৈমিত্তিক কথা । 

৪। ব্যক্তিত্ব গঠন স্থান :- ব্যক্তিৰ চৰিত্ৰ গঠনত পৰিয়ালৰ প্ৰভাৱ অপৰিসীম । পৰিয়ালতে মানুহে জন্মগ্রহণ কৰি , ডাঙৰ – দীঘল হয় । পৰিয়ালৰ লােকৰ পৰাই ৰুচি – অভিৰুচি , আচাৰ ব্যৱহাৰ , ভয় – ভক্তি , চিন্তা – চৰ্চাৰ আৰম্ভণি হয় আৰু মানুহৰ ব্যক্তিত্বই গঢ় ল’বলৈ আৰম্ভ কৰি শেষত পূর্ণ পর্যায় পায় । মুঠতে প্রত্যেক ব্যক্তিৰ ব্যক্তিত্ব গঠনত পৰিয়ালৰ অৰিহণা অসীম । 

৫। সমাজৰ প্রাথমিক গােট :- পৰিয়াল সমাজৰ প্রাথমিক গােট । পৰিয়াল অবিহনে সমাজ গঠন সম্ভৱ নহয় । পৰিয়ালক কেন্দ্ৰ কৰিয়ে সামাজিক সম্বন্ধবােৰ গঢ়ি উঠে , আৰু এই সামাজিক সম্বন্ধবােৰে হ’ল সমাজ গঠনৰ মূল গাঁথনি । মুঠতে সমাজ সৃষ্টিৰ মূলতে হ’ল পৰিয়াল । এইবােৰেই হ’ল পৰিয়ালৰ মূল বৈশিষ্ট্য । সময়ৰ সোঁতত পৰিয়ালৰ গঠন , কার্য বা চৰিত্ৰৰ পৰিৱর্তন ঘটিলেও এই বৈশিষ্ট্যসমূহৰ পৰিৱৰ্তন নহয় । 

প্রশ্ন ২। পৰিয়াল কেই প্ৰকাৰৰ ? প্রত্যেক প্ৰকাৰ পৰিয়ালৰ এটা চমু আভাস দিয়া । 

উত্তৰঃ পৰিয়ালক দুই প্রকাৰে ভাগ কৰিব পাৰি— 

( ১ ) সাংগঠনিক ফালৰ পৰা । আৰু 

( ২ ) পৰিয়ালৰ আকাৰৰ ফালৰ পৰা । 

১। সাংগঠনিক ফালৰ পৰা পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে । এই ভাগ দুটা সাধাৰণতে পৰিয়ালৰ মূৰব্বীৰ ভিত্তিত কৰা হয় । 

( ক ) পিতৃ প্রধান পৰিয়াল । আৰু 

( খ ) মাতৃপ্রধান পৰিয়াল । 

( ক ) পিতৃপ্রধান পৰিয়াল :- পিতৃক কেন্দ্ৰ কৰি যিবােৰ পৰিয়াল পৰিচালিত হয় তাক পিতৃপ্রধান পৰিয়াল বােলে । এই পৰিয়াল পুৰুষপ্রধান , পিতৃ বা পুৰুষজন পৰিয়ালৰ মূৰব্বী । পিতৃ বা পুৰুষজনৰ পৰাই বংশ মর্যাদা আৰু সম্পদৰ উত্তৰাধিকাৰ ব্যৱস্থা প্রচলিত হয় । প্রাচীন আধুনিক সমাজ ব্যৱস্থাত এই পুৰুষ প্রধান ব্যবস্থা প্রচলিত হােৱা দেখা যায় । পৰিয়ালৰ সকলাে কাম পুৰুষৰ অনুক্রমতে চলে ।

( খ ) মাতৃপ্রধান পৰিয়াল :- মাতৃপ্রধান পৰিয়ালত পৰিয়ালৰ মূল মাতৃগৰাকীহে পৰিয়ালৰ মূৰব্বী । এই পৰিয়াল নাৰীপ্রধান বা মাতৃপ্রধান । মাতৃপ্রধান পৰিয়ালত মাতৃ বা তেওঁৰ অবিহনে মাতৃস্থানীয় যি কোনাে তিৰােতাকে পৰিয়ালৰ মূৰব্বী হিচাপে গণ্য কৰা হয় । এইপৰিয়ালৰ কর্তৃত্ব মাতৃগৰাকীৰ ওপৰত ন্যস্ত থাকে । পুৰুষপ্রধান পৰিয়ালৰ দৰে এই পৰিয়ালতাে মাতৃগৰাকীৰ বংশানুক্রমহে পৰিয়ালত গণ্য কৰা হয় । ই পিতৃপ্রধান পৰিয়ালৰ সম্পূর্ণ বিপৰীত । মেঘালয়ৰ খাছীয়া , গাৰাে জাতিৰ পৰিয়ালত মাতৃপ্রধান পৰিয়াল দেখা যায় । 

২। পৰিয়ালৰ আকাৰৰ ফালৰ পৰা ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰি । 

( ক ) প্রাথমিক পৰিয়াল ।

( খ ) সংযুক্ত পৰিয়াল ।

( গ ) যৌগিক পৰিয়াল । 

( ক ) প্রাথমিক পৰিয়াল বা একক পৰিয়াল :- প্রাথমিক পৰিয়াল পতি – পত্নী তেওঁলােকৰ ল’ৰা – ছােৱালীনাইবা তুলি লােৱা সন্তান – সন্ততিক লৈ গঠিত হয় ; সতি – সন্তানৰ বিবাহৰ আগলৈ । ই প্রাথমিক বা একক পৰিয়াল হৈ থাকে । 

( খ ) সংযুক্ত পৰিয়াল :- একেটা পৰিয়ালতে কেবাটাও প্রাথমিক পৰিয়াল থাকিলে তেনে পৰিয়ালক সংযুক্ত পৰিয়াল বােলে । একে মাক – দেউতাকৰ সতি – সন্ততিয়ে বিয়া – বাৰু কৰাই একেটা পৰিয়ালতে থাকিলে সংযুক্ত পৰিয়াল বা যুটীয়া পৰিয়ালৰ সৃষ্টি হ’ব পাৰে । 

( গ ) যৌগিক পৰিয়াল :- বহু পতি বা বহু পত্নী বিবাহৰ জৰিয়তে বহুতাে সতি – সন্ততিক লৈ সৃষ্টি হােৱা পৰিয়ালক যৌগিক পৰিয়াল বােলা হয় । এনে পৰিয়াল এজনী নাৰীয়ে বহু পতি আৰু সন্তান – সন্ততিক লৈ নাইবা এজন পুৰুষে বহু পত্নী আৰু তেওঁলােকৰ সতি – সন্ততিক লৈ গঠিত কৰিব পাৰে । 

প্রশ্ন ৪। যুটীয়া পৰিয়ালৰ অর্থ কি ? ইয়াৰ প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

( খ ) যুটীয়া পৰিয়ালৰ বৈশিষ্ট্যসমূহ হ’ল–

( ১ ) বৃহৎআকাৰ :- যুটীয়া পৰিয়ালৰ আকাৰ জনসংখ্যাৰ ক্ষেত্ৰত একক পৰিয়ালৰ তুলনাত যথেষ্ট ডাঙৰ । ইয়াত কেবা যোৰাও দম্পতীৰ ল’ৰা – ছােৱালী থাকে । 

( ২ ) সহযােগী সংগঠন :- যুটীয়া পৰিয়াল এটা সহযােগী সংগঠন । ইয়াৰ এটা মাত্র আর্থিক গােট থাকে । পৰিয়ালৰ সকলাে সদস্যৰ সহযােগত ই পৰিচালিত হয় । 

( ৩ ) উমৈহতীয়া সম্পত্তি :- যুটীয়া পৰিয়ালত সকলাে সা – সম্পত্তি সদস্যসকলৰ উমৈহতীয়া সম্পত্তি । পৰিয়ালৰ সদস্যসকলৰ সমান কতৃত্ব থাকে । 

( ৪ ) উমৈহতীয়া বাসস্থান :- যুটীয়া পৰিয়ালৰ সদস্যসকলে একেলগে একেখন ঘৰতে বাস কৰে একেলগে খােৱা – বােৱা কৰে । 

( ৫ ) উমৈহতীয়া ধর্মীয় আৰু সামাজিক কর্তব্য :- যুটীয়া পৰিয়ালৰ লােকসকলে একেখন সমাজৰ নীতি – নিয়ম মানি চলে আৰু একে ধৰ্মৰ নীতি – নিয়ম পালন কৰে । বিয়া , সবাহত সকলােৱে মিলি – জুলি কাম – কাজ চলায় ।

( ৬ ) এক উপাদনৰ গােট :- পৰিয়ালৰ সদস্যসকলে একেটা উৎপাদনৰ গােট হিচাপে কাম কৰে । আজিকালি পৰিয়ালৰ লােকসকলে বিভিন্ন প্রকাৰৰ কাম কাজ কৰে যদিও এটা আর্থিক গােট হিচাপে আয় – ব্যয়ৰ হিচাপ কৰা হয় । 

( ৭ ) সাংস্কৃতিক পৰম্পৰা :- যুটীয়া পৰিয়ালত সামাজিক ৰীতিনীতি , আচাৰ – ব্যৱহাৰ , জনৰীতি , লােকাচাৰ আদি বংশানুক্রমে পালন কৰি আহে । এই পৰিয়ালত এটা সাংস্কৃতিক অবিচ্ছিন্নতা থাকে । 

( ৮ ) আর্থিক স্থিৰতা :- আর্থিক স্থিৰতা যুটীয়া পৰিয়ালৰ এটা বিশেষ বৈশিষ্ট্য । যুটীয়া পৰিয়ালত কেবাজনাে সদস্যই উপার্জন কৰে যদিও তেওঁলােকৰ এটা উমৈহতীয়া পুঁজি থাকে । সেইবাবে পৰিয়ালৰ আর্থিক স্থিৰতা ৰক্ষা কৰাটো সম্ভৱ হয় । 

( ৯ ) পাৰম্পৰিক অধিকাৰ আৰু কর্তব্য :- যুটীয়া পৰিয়ালত এজন মুখিয়াল বা মুখ্য পৰিচালক থাকে , তেওঁ আন সদস্যতকৈ কিছুমান বিশেষ অধিকাৰ পায় । তেওঁৱেই ঘৰখন নিয়ন্ত্রণ কৰি থাকে । তেওঁৰ কথামতেই ঘৰ চলে । এইবােৰেই যুটীয়া পৰিয়ালৰ এটাৰ বৈশিষ্ট্য । 

প্রশ্ন ৫। পৰিয়ালৰ প্রধান সামাজিক কামসমূহৰ বৰ্ণনা দিয়া । নাইবা , আধুনিক পৰিয়ালৰ প্রধান কার্যাৱলী কি কি ?

উত্তৰঃ সমাজৰ প্রাথমিক গােট হিচাপে পৰিয়াল এটাৰ কিছুমান সাধাৰণ কাম থকা দেখা যায় । পৰিয়াল এটাক কেন্দ্র কৰিয়ে মানুহৰ সমাজত বিভিন্ন কার্যাবলী সম্পাদিত কৰে । মানুহৰ বিভিন্ন কার্যৱলীক পৰিয়ালে নিয়ন্ত্রিত কৰি সম্পাদন কৰে । পৰিয়ালৰ কার্যাৱলী তলত দিয়াৰ দৰে আলােচনা কৰিব পাৰি– 

১। যৌন সম্বন্ধ নিয়ন্ত্রণ :- পৰিয়ালে মানৱ সমাজত মানুহৰ যৌন কামনা – বাসনা নিয়ন্ত্রণ কৰাটো প্রথম আৰু প্রধান কাম বুলি গণ্য কৰা হয় । পৰিয়ালে মানুহৰ এই কামনা নিয়মীয়া আৰু শৃঙ্খলাবদ্ধ কৰে । 

২। সন্তান প্রজনন :- পৰিয়ালে মানুহৰ যৌন কামনা – বাসনা সমাজত নিয়ন্ত্রণ কৰাৰ উপৰি সতি – সন্ততিৰ জন্ম দি প্রতিপালন কৰাৰ দায়িত্ব বহন কৰে । ই পৰিয়ালৰ মুখ্য কাম । 

৩। সংস্কৃতিৰ বাহক :- সমাজত পৰিয়াল সংস্কৃতিৰ বাহক । সমাজৰ ৰীতি – নীতি , আচাৰ ব্যৱহাৰ , ধর্ম , শিক্ষা – দীক্ষা আদি সংস্কৃতিৰ বিভিন্ন কথা মানুহে পৰিয়ালৰ যােগেদিয়ে আয়ত্ব কৰি শিক্ষা গ্রহণ কৰে । 

৪। প্ৰস্থিতি প্রদান :- সকলাে ব্যক্তিৰে সামাজিক প্রস্থিতি একোটা থাকে । এই প্রস্থিতি পৰিয়ালৰ জৰিয়তে নির্ণায়িত হয় । উচ্চ মর্যাদাসম্পন্ন পৰিয়ালত জন্মগ্রহণ কৰা ব্যক্তিসকলে উচ্চ সামাজিক প্রস্থিতি লাভ কৰে । সেইদৰে নিম্ন সামাজিক মর্যাদাসম্পন্ন পৰিয়ালত জন্মগ্রহণ কৰা ব্যক্তিসকলে নিম্ন স্থান পায় । গতিকে পৰিয়ালেই হৈছে সামাজিক প্ৰস্থিতিৰ আধাৰ ।

৫। সামাজিক নিয়ন্ত্ৰণ :- সমাজত মানুহৰ কার্যকলাপ নিয়ন্ত্রণ কৰা অনুষ্ঠানবােৰৰ ভিতৰত পৰিয়ালৰ ভূমিকা অন্যতম । পৰিয়ালৰ কোনাে ব্যক্তিয়ে যাতে কোনাে অপৰাধমূলক বা বেয়া কামত লিপ্ত হ’ব নােৱাৰে তাৰ বাবে পৰিয়ালে বিশেষ যত্ন লয় । পৰিয়ালৰ নিয়ন্ত্রণ থকা বাবেই প্রায় সকলাে ব্যক্তিয়েই সামাজিক অপৰাধমূলক কামত লিপ্ত হ’ব নােৱাৰে । 

৬। আর্থিক কার্য :- পৰিয়ালৰ আন এটা অতি গুৰুত্বপূর্ণ কাম হ’ল পৰিয়ালৰ ব্যক্তিসকলৰ বাবে ভৰণ – পােষণৰ ব্যৱস্থা কৰা । পৰিয়ালৰ ব্যক্তিসকলৰ ভৰণ – পােষণৰ বাবে প্রতিটো পৰিয়ালেই আর্থিক উৎপাদনৰ একোটা গােট হিচাপে কাম কৰে । পৰিয়ালৰ আর্থিক সহায়ত সকলাে ব্যক্তিয়ে সমাজত নিজৰ প্ৰস্থিতি স্থাপন কৰে । 

৭। সামাজিক সম্বন্ধ নিয়ন্ত্রণ :- পৰিয়ালে বিবাহ আদিৰ নিচিনা সামাজিক অনুষ্ঠানৰ দ্বাৰা পৰিয়ালৰ ব্যক্তিসকলৰ উপৰি সমাজৰ আন পৰিয়ালৰ ব্যক্তিসকলৰ মাজত পাৰম্পৰিক সম্পর্ক গঢ়ি তােলে আৰু তাক নিয়ন্ত্রণে কৰে । 

৮। মানসিক অৱসৰ পৰিয়ালৰ ব্যক্তিসকলৰ মাজত থকা কিছুমান মানৱীয় অনুভূতিৰ দ্বাৰা অর্থাৎ প্রেম – প্রীতি , মৰম – চেনেহৰ দ্বাৰা পৰিয়ালৰ লােকসকলে স্বাভাৱিকতেই সুখ – শান্তি আধুনিক পৰিয়ালৰ কার্যাৱলীক বর্তমান সাধাৰণভাৱে দুটা মূল ভাগত ভাগ কৰিব পাৰি— 

( ক ) মুখ্য কাম আৰু

( খ ) গৌণ কাম । 

( ক ) মুখ্য কাম :- মানুহৰ দৈহিক কামনা বাসনা কার্যকী কৰা আৰু মানসিক শান্তি নিৰাপত্তাৰ বাবে এক নিৰিবিলি আৰু শান্তিপূর্ণ বাসস্থান নির্মাণ কৰাটো আধুনিক পৰিয়ালৰ মুখ্য কাম । 

( খ ) গৌণ কাম :- মানসিক আৰু শাৰীৰিক অৱসৰ বিনােদন , আর্থিক নিৰাপত্তা , সামাজিক নিয়ন্ত্রণ আদি পৰিয়ালৰ গৌণ কাম । আধুনিক যুগত পৰিয়ালৰ বহুতাে কাম সমাজৰ বিভিন্ন অনুষ্ঠান , প্রতিষ্ঠান আৰু চৰকাৰৰ বিভিন্ন বিভাগলৈ হস্তান্তৰ কৰা দেখা যায় । সেই বাবে বৈজ্ঞানিক যুগত পৰিয়ালৰ কামৰ যথেষ্ট পৰিৱর্তনাে দেখা যায় । 

প্রশ্ন ৬। আধুনিক পৰিয়ালৰ প্ৰধান সমস্যাৱলীৰ বিষয়ে চমুকৈ আলােচনা কৰা । নাইবা , আধুনিক পৰিয়ালে সম্মুখীন হােৱা যিকোনাে চাৰিটা সমস্যা ব্যাখ্যা কৰা । 

উত্তৰঃ  সমস্যাৱলী :- আধুনিক পৰিয়ালবােৰৰ প্রধান চৰিত্ৰ হৈছে পিতৃয়াত্মক । যিবিলাক মাতৃয়াত্মক পৰিয়াল আছিল সেই বিলাকতো পিতৃবংশীয় পদ্ধতিলৈ পৰিৱৰ্তন হােৱাৰ উপক্রম দেখা গৈছে । নতুন অর্থনৈতিক পৰিৱর্তন , শিল্পপ্রধান সভ্যতা , গণতান্ত্রিক আদৰ্শৰ প্রতি মানুহৰ আগ্রহ , অভিনয় সাংস্কৃতিক পৰিৱেশ আদিৰ প্ৰভাৱে পিতৃয়াত্মক পৰিয়াল পদ্ধতিতে ঘূণে ধৰাত বৰঙণি যােগাইছে । পৰিয়ালৰ কর্তাসকলৰ কর্তৃত্ব আৰু দায়িত্ব যথেষ্ট হ্রাস পােৱা দেখা গৈছে । সামাজিক , অর্থনৈতিক , ধর্মীয় আদি বহুতাে কার্য পৰিয়ালৰ পৰিবর্তে অন্যান্য অনুষ্ঠানসমূহলৈ হস্তান্তৰিত হৈছে । সাম্প্রতিককালত পৰিয়াল ব্যৱস্থাৰ প্রধান পৰিৱর্তনসমূহ তলত উল্লেখ কৰা হৈছে ।

( ক ) পৰিয়ালৰ অস্থায়িত্ব :- আধুনিক পৰিয়ালসমূহ তুলনামূলকভাৱে কম স্থায়ী । বিশেষকৈ পশ্চিমীয়া দেশসমূহত ই এটা ডাঙৰ সামাজিক ব্যাধি হিচাপে দেখা দিছে । অৱশ্যে ভাৰতবৰ্ষত অন্যান্য দেশৰ তুলনাত কম । ইয়াৰ প্ৰধান কাৰণ হৈছে বিবাহ – বিচ্ছেদ , পৰিয়াল ত্যাগ ইত্যাদি । নতুন মূল্যবােধ আদৰ্শৰ সংঘাত আধুনিক শিক্ষা , ৰাজনৈতিক পৰিৱেশ , অর্থনৈতিক অৱস্থা ইত্যাদিক এই ক্ষেত্ৰত জগৰীয়া কৰিব পাৰি । 

( খ ) নাৰীৰ স্বাধীনতা :- আধুনিক যুগত নাৰীয়ে শিক্ষাৰ যােগেদি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সুবিধা পাইছে । পুৰুষ – প্রধান সমাজত আগতে যেনেদৰে পাৰিবাৰিক জীৱন যাপন কৰিব লাগিছিল আজিকালি নাৰীয়ে তেনেদৰে পুৰুষৰ অধীন হৈ থাকিবলৈ নিবিচাৰে । নিজৰ অভিৰুচি মতে স্বাধীন জীৱন যাপন কৰিবলৈ যাওঁতে পৰিয়াল ব্যৱস্থাত পৰিৱর্তনে দেখা দিছে । 

( গ ) সীমিত পাৰিবাৰিক কার্য :- আজিকালি পৰিয়ালবিলাকৰ বহুতাে আর্থিক কার্য নানা অনুষ্ঠানলৈ হস্তান্তৰিত কৰা হৈছে । যিবিলাক কাম আগৰ সমাজত পৰিয়ালৰ ভিতৰতে সমাধা কৰা হৈছিল সেইবিলাক অন্য অনুষ্ঠানে গ্ৰহণ কৰাত পৰিয়াল পদ্ধতিত পৰিৱর্তনে দেখা দিছে । উদাহৰণ হিচাপে কৃষিজীৱী পৰিয়ালত কৃষিকার্য কৰিবলৈ সৰহসংখ্যক মানুহৰ প্ৰয়ােজন আছিল । আধুনিক যন্ত্রপাতি কলা – কৌশল আৱিষ্কাৰৰ পৰিণাম স্বৰূপে কম ব্যক্তিৰ দ্বাৰাই বৃহৎ কার্য সম্পন্ন কৰিব পৰা হৈছে । তদুপৰি শিক্ষা – দীক্ষা দিয়া আদিৰ কাম আধুনিক স্কুল ইত্যাদিয়ে গ্রহণ  কৰিছে । নাৰীয়ে অর্থনৈতিক দিশত স্বাৱলম্বী হ’ব পাৰিছে । পৰমুখাপেক্ষী নহৈ নিজে উপার্জন কৰি পুৰুষৰ বহতীয়া হৈ থাকিবলৈ আধুনিক নাৰীয়ে ইচ্ছান কৰে । ই এক ডাঙৰ সমস্যাস্বৰুপ । 

( ঘ ) যৌন জীবন যাপন :- আধুনিক কালত নগৰ – চহৰৰ জন্মই ব্যক্তিক পৰিয়াল নােহােৱাকৈও যৌনকার্য চৰিতাৰ্থ কৰিবলৈ সুযােগ – সুবিধা প্রদান কৰিছে । পৰিণামত বহুতাে ব্যক্তিয়েই পৰিয়ালৰ বাহিত যৌন সম্পর্ক ৰক্ষা কৰাত বিবাহ বিচ্ছেদ ইত্যাদিৰ সংখ্যা বাঢ়িছে । 

( ঙ ) বিবাহৰ প্ৰতি ধাৰণা :- আধুনিক কালত মানুহৰ বিবাহৰ প্রতি দৃষ্টিভংগী বেলেগ হােৱা দেখা গৈছে । উদাহৰণস্বৰূপে হিন্দু সমাজত যেনেকৈ বিবাহক ‘ ধর্মীয় সংস্কাৰ বুলি গণ্য কৰা হৈছিল এতিয়া তেনে ধ্যান – ধাৰণাৰ পৰিৱৰ্তন ঘটিছে । ইযাৰ পৰিৱর্তে বিবাহক বহুতেই ‘ চুক্তি হিচাপে গণ্য কৰিবলৈ লােৱা দেখা গৈছে । আধুনিক যুগৰ এনে দৃষ্টিভংগী পৰিয়ালৰ সমস্যাৰূপে দেখা দিছে । 

( চ ) আধুনিক পৰিয়ালৰ প্রতি আকর্ষণ :- বর্তমান সমাজত যৌথ পৰিয়ালৰ পৰিৱর্তে আধুনিক পৰিয়ালৰ প্রতি আকর্ষণ বৃদ্ধি পােৱা দেখা গৈছে । কিয়নাে সীমিত আয়ৰ দ্বাৰা এটা বৃহৎ পৰিয়াল পৰিচালনা কৰাটো অতি কঠিন । তাৰোপৰি ব্যক্তিবিলাকৰ ক্ষেত্ৰত আধুনিক পৰিয়াল যৌথ পৰিয়াল ব্যৱস্থাতকৈ অনুকুল । যৌথ পৰিয়ালসমূহৰ কাৰণে ই এটা ডাঙৰ সমস্যা । 

( ছ ) বৃদ্ধ-বিধৱা লােকৰ অসহায় অবস্থা :- আধুনিক কালত পৰিয়ালৰ ব্যক্তিসকলে বিবাহ কৰাৰ পিছতে মূল পৰিয়ালৰ পৰা আঁতৰি যােৱা দেখা যায় । পৰিণামত বৃদ্ধ লােকসকল , বিধৱালােক , নাবালক বিলাক প্রায় আশ্রয়হীন অৱস্থাত পৰিব লগাত পৰে । এই ব্যক্তিসকলে  নিবাশ্ৰয় হৈ অশেষ দুখ – কষ্টত দিন কটাবলগা হয় ।

ওপৰােক্ত আলােচনাৰ পৰা দেখা গ’ল যে আধুনিক পৰিয়ালবিলাক ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । পৰিয়ালত বিঘটনে দেখা দিছে । এই বিঘটনসমূহ পৰিয়াল নিয়ন্ত্রণ , নিৰাপত্তা , পাৰিবাৰিক ঐক্যত স্বামী – স্ত্রীৰ সম্পর্ক , শিথিল বৈবাহিক সম্বন্ধত পর্যবসিত হৈছে । বিবাহ বিচ্ছেদ , আত্মহত্যাৰ পৰিমাণ বৃদ্ধি পাইছে । বহুতেই ক’ব বিচাৰে সময়ত পৰিয়াল নিশ্চিহ্ন হৈ যাব । কিন্তু ই সত্য নহয় । আধুনিক পৰিয়াল বহুতাে সমস্যাৰ সন্মুখীন হ’ব পাৰে , তথাপি যিহেতু পৰিয়াল হৈছে মুখ্য সামাজিক গােট , সামাজিক প্রাণী হিচাপে জীয়াই থাকিবলৈ পৰিয়ালৰ আৱশ্যক , গতিকে পৰিয়াল পদ্ধতিৰ বিলুপ্তি সাধন হােৱাৰ শঙ্কা অমূলক । 

প্রশ্ন ৭। আধুনিক পৰিয়ালৰ চাৰিত্রিক বৈশিষ্ট্য আৰু ইয়াৰ কামৰ পৰিৱৰ্তন সম্পর্কে লিখা । নাইবা , যুটীয়া পৰিয়াল ব্যৱস্থাৰ পৰিবৰ্তনৰ কাৰণসমূহ আলােচনা কৰা 

উত্তৰঃ আধুনিক পৰিয়ালৰ চাৰিত্রিক বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ হ’লে ইয়াৰ গঠন , প্রকৃতি আৰু ক্ৰিয়াৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে সেইটোৰ বিষয়ে আলােচনা কৰা প্রয়ােজন । পাৰিসাংখ্যিক দৃষ্টিকোণৰ পৰা আধুনিক পৰিয়ালবিলাকৰ সদস্য সংখ্যা যথেষ্ট হ্রাস পাইছে । এনে পৰিয়াল পতি – পত্নী আৰু তেওঁলােকৰ অবিবাহিত সন্তানক লৈ গঠিত । তদুপৰি আধুনিক পৰিয়ালবিলাকত সন্তানৰ সংখ্যা বহুখিনি সীমিত হৈ পৰিছে । “ সৰু পৰিয়ালেই সুখী পৰিয়াল ” ইয়েই হৈছে আধুনিক পৰিয়ালৰ আদর্শ । এতিয়া পৰিয়ালৰ চাৰিত্রিক বৈশিষ্ট্যৰ পৰিৱর্তন হােৱাত কিহে বিশেষভাৱে সহায় কৰিছে সেই সম্পর্কে থুলমূলকৈ আলােচনা কৰা হ’ল । 

( ক ) চাৰিত্রিক বৈশিষ্ট্যবােৰৰ পৰিৱর্তনৰ কাৰণ :

১। প্রথমতে , পৰিয়ালবৰ্গত অর্থনৈতিক পৰিৱৰ্তন দৈখা দিয়াৰ কাৰণ হৈছে উদ্যোগীকৰণ , নগৰীকৰণৰ প্ৰভাৱ । এই দুই ব্যৱস্থাৰ ফলত আধুনিক সমাজৰ মানুহে ব্যক্তিগত আৰু স্বতন্ত্রভাৱে জীৱিকা অৱলম্বন কৰিব পৰা হৈছে । গতিকে জনসংখ্যা বৃদ্ধি আৰু নগৰমুখী সভ্যতাৰ লগে লগে মানুহ ক্ষুদ্র আকৃতিৰ পৰিয়ালৰ প্রতি আকৃষ্ট হােৱা দেখা হৈছে । এইয়েই হ’ল একক  পৰিয়াল সৃষ্টিৰ মূল কাৰণ ।

২। দ্বিতীয়তে , আধুনিক শিক্ষাই মানুহৰ দৃষ্টিভংগী , চিন্তাধাৰা , ৰুচি – অভিৰুচি , সামাজিক মূল্যবােধ ইত্যাদিৰ পৰিৱৰ্তন আনিছে । মানুহ বেছি ব্যক্তিকেন্দ্ৰিক আৰু আত্মনিৰ্ভৰশীল হ’বলৈ উপক্ৰম কৰিছে । শিক্ষিত আৰু কৰ্মী ব্যক্তিয়ে শ্ৰম আৰু সামর্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ৰুচি অনুযায়ী স্বতন্ত্র পৰিয়াল গঠনৰ প্রতি আগ্রহান্বিত হােৱা দেখা গৈছে । 

৩।তৃতীয়তে , ৰাজনৈতিক সচেতনতাই ৰাজনীতিৰ আদৰ্শৰে অনুপ্রাণিত হৈ মুনিহ – তিৰােতা উভয়কেই স্বতন্ত্রভাৱে পাৰিবাৰিক জীৱন – যাপন কৰিবলৈ উদ্‌গণি দিয়ে । ডাঙৰ বা যুটীয়া পৰিয়ালৰ অসুবিধাবােৰৰ প্রতি এই সচেতনতাই বিশেষকৈ তিৰােতাসকলক সজাগ কৰি তুলিছে । মুনিহ – তিৰােতাৰ সমান ৰাজনৈতিক স্বাধীনতাইও ইয়াত যথেষ্ট অৰিহণা যােগাইছে । 

৪। চতুর্থতে , সামাজিক প্ৰস্থিতিৰ প্রতি মানুহৰ সচেতনতা বৃদ্ধি পােৱাত আচাৰ – ব্যৱহাৰ , চলন – ফুৰণ , পিন্ধন – উৰণ , থকা – মেলা ইত্যাদিত পৰিৱর্তনে দেখা দিছে । উচ্চ প্ৰস্থিতিৰ ৰক্ষার্থে আর্থিক স্বচ্ছলতাৰ পৰিৱৰ্তন হােৱাত ডাঙৰ পৰিয়ালৰ প্ৰতি থকা পৰম্পৰাগত মােহ নাইকিয়া হৈছে । 

( খ ) আধুনিক পৰিয়ালৰ কামৰ পৰিৱৰ্তন :- আধুনিক পৰিয়ালৰ গঠন পদ্ধতি আৰু আকৃতিৰ পৰিৱৰ্নৰ লগত ইয়াৰ ক্ৰিয়াৰ পৰিৱৰ্তন ঘটিছে । পৰিয়ালৰ কামৰ পৰিৱর্তনৰ বিষয়ে আলােচনা কৰিবলৈ যাওঁতে পৰিয়ালৰ কামবােৰ দুটা ভাগত ভাগ কৰি ল’ব পাৰি । 

( ক ) মুখ্য কাম :- জৈৱিক কামনা – বাসনা পূৰণার্থে নাৰী – পুৰুষৰ ভিতৰত স্থায়ী আৰু নিয়মীয়া সম্বন্ধ স্থাপন , সন্তান জন্মধাৰণ , লালন – পালন , আৰু পৰিয়ালৰ বাবে এটা নির্দিষ্ট বাসস্থান নির্মাণেই পৰিয়ালৰ মুখ্য কামৰ ভিতৰত পৰে । 

আধুনিক সমাজত যৌন ক্ষুধা নিবৃত্তিকৰণৰ সুবিধা যথেষ্ট আছে যদিও পৰিয়ালৰ পৰা এই কার্য আঁতৰাই আনিব পৰা নাই । যৌন সম্বন্ধৰ লগত আবেগিক আত্মিয়তাৰ কথাও অন্তর্নিহিত হৈ আছে । নিয়মীয়া আৰু সুশৃঙ্খল যৌন মিলনৰ বাবে প্রয়ােজনীয় আবেগিক আত্মীয়তা , মানসিক প্রস্তুতি , স্থায়িত্ব আৰু অন্যান্য যাৱতীয় পৰিৱেশৰ প্রয়ােজন পৰিয়ালৰ বাহিৰে আন ক’তােৱেই সম্ভৱ নহয় । 

তদুপৰি পৰিয়ালৰ বাহিৰত সন্তান জন্ম দিব পৰাৰ ব্যৱস্থা থাকিলেও কোনাে সমাজেই তেনে সন্তানক নীতিগতভাৱে গ্ৰহণ কৰিবলৈ বাধ্য নহয় । গতিকে জন্ম দিয়া আৰু লালন পালন কৰাৰ দায়িত্ব পৰিয়ালেই এতিয়াও বহন কৰি আছে । মে আইভাৰ আৰু পেজৰ মতে , আধুনিক পৰিয়ালবােৰে এই দায়িত্ব অধিক দক্ষতাৰে পালন কৰিব পৰা হৈছে । 

সন্তান লাভৰ প্রতি মানুহৰ যি মােহ পৰিয়ালৰ কাৰণে স্থায়ী বাসস্থান বা ঘৰ এটা নির্মাণ কৰি লােৱাৰ প্ৰতিও সেই একেই মােহ বুলি ক’ব পাৰি । বিশেষকৈ আধুনিক সমাজত ঘৰ এখন নির্মাণ কৰি লােৱাৰ ওপৰতাে মানুহৰ সামাজিক প্রস্থিতি বহুখিনি নির্ভৰ কৰে । গতিকে স্থায়ী বাসস্থান স্থাপন কৰাৰ দায়িত্ব আৰু কৰ্তব্য আধুনিক পৰিয়ালৰ ক্ষেত্ৰটো অটুট হৈ আছে । 

( খ ) গৌণ কাম :- পৰিয়ালৰ যিবিলাক গৌণ কাম বুলি ধৰিব পাৰি সেইবিলাক হৈছে সামাজিকৰণ , মানসিক আৰু শাৰীৰিক অৱসৰ বিনােদন , সামাজিক ক্রিয়া নিয়ন্ত্রণ , অর্থনৈতিক নিৰাপত্তা ইত্যাদি । এই ক্রিয়াবিলাকৰ ক্ষেত্ৰত আধুনিক পৰিয়াল বিলাক্ত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে ।  

প্রথমতে , দেখা যায় যে এসময়ত পৰিয়ালেই আছিল ব্যক্তিৰ শিক্ষা – দীক্ষাৰ মূল কেন্দ্রস্বৰূপ ।কিন্তু আধুনিক সমাজত পৰিয়ালৰ পৰা এই দায়িত্ব বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকে গ্রহণ কৰিছে । শিক্ষানুষ্ঠানবিলাকত ব্যক্তি তথা সমাজৰ প্রয়ােজনীয় শিক্ষা দিয়া হয় । সামাজিকৰণ প্রক্রিয়াতাে আধুনিক সমাজত শিক্ষানুষ্ঠানবিলাকৰ ভূমিকাহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰে । আনকি বহুসংখ্যক দেশতেই আইন প্রৱর্তনৰ দ্বাৰা ল’ৰা – ছােৱালীৰ বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰা হৈছে । 

দ্বিতীয়তে , মানসিক আৰু শাৰীৰিক অৱসৰ বিনােদনৰ কেন্দ্ৰৰূপে অতীজৰে পৰা চলি অহা পৰিয়ালৰ যি পৰম্পৰা সেই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে । পৰিয়ালৰ বাহিৰত বােলছবি , ৰেডিঅ ’ , নাট্যশালা , খেলপথাৰ আদিৰ সহায়ত বহুতাে লােকেই অবসৰ সময় কটাবলৈ বিচাৰে । তদুপৰি কিতাপ , আলােচনী , বাতৰিকাকত ইত্যাদি পঢ়ি অৱসৰ সময় কটোৱা আধুনিক সমাজৰ এটা দৈনন্দিন ঘটনা হৈ পৰিছে । 

তৃতীয়তে , পুৰণি ব্যৱস্থাত পৰিয়ালেই আর্থিক নিৰাপত্তা ৰক্ষা কৰাৰ দায়িত্ব বহন কৰিছিল । কিন্তু বর্তমান এই ক্ষেত্ৰত ৰাষ্ট্র বা অন্যান্য সামাজিক অনুষ্ঠানসমূহেও এই দায়িত্ব গ্রহণত আগভাগ লােৱা দেখা গৈছে । অৱশ্যে পৰিয়ালৰ ভৰণ – পােষণৰ দায়িত্ব এতিয়াও পৰিয়ালৰ ওপৰতেই ন্যস্ত । আজিকালি পৰিয়ালৰ নিৰাপত্তাৰ বাৰে জীৱন বীমা , কর্মসংস্থান বীমা , সম্পত্তি বীমা আঁচনিক আইনৰ দ্বাৰা বাধ্যতামূলক কৰি পেলাইছে । চাকৰিজীৱী বিলাকৰ পেঞ্চন , গ্রেচুইটি ইত্যাদি ব্যৱস্থা থকাৰ ফলত পৰিয়ালৰ ভূমিকা যথেষ্ট হ্রাস পাইছে ।

চতুর্থতে , মানুহৰ স্বাস্থ্যৰক্ষা আৰু শাৰীৰিক নিৰাপত্তা ইত্যাদিৰ ক্ষেত্ৰতাে পৰিয়ালতকৈ ৰাষ্ট্ৰীয় আৰু সামূহিক অনুষ্ঠানবােৰে অধিক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । বর্তমান সময়ত মানুহে বিজ্ঞানসন্মতভাৱে কেনেকৈ স্বাস্থ্য ৰক্ষা কৰিব লাগে সেই সম্পর্কে বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ যােগেদি জানিব পাৰিছে । 

শেষত , আগৰে পৰা চলি অহা জন্মই নির্ধাৰণ কৰা মানুহৰ সামাজিক প্ৰস্থিতিৰ পৰিৱর্তে সাম্প্রতিক কালত শিক্ষা , অর্থসম্পদ অন্যান্য বিশেষ পাৰদৰ্শিতা অনুযায়ী সামাজিক প্রস্থিতি নির্ণয়ৰ মাপকাঠি হৈ পৰিছে । গতিকে স্বলব্ধ গুণসমূহৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক প্রস্থিতি লাভ কৰা হেতুকে আগৰ পৰিয়ালৰ ভূমিকাৰ যথেষ্ট হ্রাস পাইছে ।

See Next Page…

1 thought on “Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top